অসমৰ পৰিৱেশজনিত সমস্যা – Environmental Problems of Assam

অসমৰ পৰিৱেশজনিত সমস্যা – Environmental Problems of Assam are the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for অসমৰ পৰিৱেশজনিত সমস্যা – Environmental Problems of Assam.

অসমৰ পৰিৱেশজনিত সমস্যা – Environmental Problems of Assam

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET and Other Exam অসমৰ পৰিৱেশজনিত সমস্যা – Environmental Problems of Assam for All notes, You can practice these here.

অসমৰ পৰিৱেশজনিত সমস্যা

ENVIRONMENTAL STUDIES

10. অসমৰ পৰিৱেশজনিত সমস্যা (Environmental Problems of Assam):

বানপানী (flood):- বোৱতী নদীত হঠাতে বিভিন্ন কাৰণত বহন ক্ষমতাতকৈ অধিক পানী আহিলে অথবা নদীত বন্ধা মথাউৰি কোনো কোনো স্থানত পানীৰ চাপত ভাঙিলে, কম সময়ৰ ভিতৰতে বহু পৰিমাণৰ পানী বাহিৰলৈ ওলাই আহে আৰু অঞ্চল একোটা প্লাৱিত কৰে; ইয়াকে বানপানী বোলে। বানপানীয়ে মানুহক বিপদত পেলায়, খেতিবাতি নষ্ট কৰে, ঘৰ-দুৱাৰ ধ্বংস কৰে, পথ সংযোগ বিচ্ছিন্ন কৰে, মানুহ মৃত্যুমুখত পৰিবও পাৰে।

১৯৫০ চনৰ আগষ্ট মাহত হোৱা বৃহৎ ভূমিকম্পৰ ফলত অসমৰ নদীসমূহৰ স্তৰ বহু ঠাইত উঠি আহিছিল আৰু গতিপথো সলনি হৈছিল। তেতিয়াৰেপৰা ব্ৰহ্মপুত্ৰকে ধৰি আন নৈ উপনৈসমূহে নানা অঞ্চল প্লাৱিত কৰি আহিছে। প্ৰতিবছৰে বাৰিষা কালত বানপানী হয় আৰু লগে লগে বিভিন্ন ঠাইত ভূমিস্খলন, ভূমি অৱক্ষয় আদি ঘটে। বানপানীৰ ফলত অসম প্ৰতি বছৰে অৰ্থনৈতিক বিপৰ্য্যয়ৰ সন্মুখীন হয়। বানপানী প্ৰতিৰোধ কৰা আৰু বান পীড়িতক সংস্থাপন কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে বিবিধ ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু পৰিৱেশৰ স্খলনৰ কাৰণে বানপানী সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অসমৰ মুঠ মাটি কালিৰ প্ৰায় 40% ভাগ বানৰ কৱলত পৰে।

ভূমি অৱক্ষয় (Soil erosion):- ধুমুহা, বৰষুণ আদিৰ প্ৰভাৱত আৰু মানুহৰ আন বিভিন্ন ক্ৰিয়া-কলাপৰ ফলতো মাটিৰ উপৰিভাগৰ তৰপটো পাতল হৈ যায়; এই প্ৰক্ৰিয়াটোৰ নাম ভূমি অৱক্ষয়। নানা ঠাইত নদীৰ পাৰৰ মাটি খহি যায়, তাকে ভূমি স্খলন বোলে। বিভিন্ন প্ৰকাৰৰ খনন কাৰ্যৰ ফলতো ভূমি অৱক্ষয় হয়। বিশেষকৈ কয়লাৰ মুক্ত খনন কাৰ্যৰ বাবে অসমৰ কয়লাখিনি অঞ্চলত ভূ-অৱক্ষয়ৰ মাত্ৰা বহুত বেছি হৈছে। ব্ৰহ্মপুত্ৰ আৰু আন আন নদী উপনদী সমূহৰ গৰাখহনীয়াৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে। এই ক্ষেত্ৰত নিয়ন্ত্ৰণৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৱলী সফল হোৱা নাই। আধুনিক কৃষি পদ্ধতিত বিভিন্ন যন্ত্ৰৰ ব্যৱহাৰ কৰাৰ ফলতো ভূমি অৱক্ষয়ৰ মাত্ৰা বৃদ্ধি হৈছে। অসমৰ ডিব্ৰুগড়, পলাশবাৰী, মায়ং, মাজুলী আৰু আন বহুতো অঞ্চলত ভূমিস্খলনৰ কাৰণে বিস্তৰ ক্ষতি হৈ আছে।

ভূমিকম্প (Earthquake):- পৃথিৱীৰ খোলাটোৰ কোনো অংশ হঠাতে অধিক গতিশীল হোৱাৰ ফলত পৃষ্ঠভাগত যি কম্পন হয় তাকে ভূমিকম্প বোলে। ভূমিকম্প হ’ল এনে এটা প্ৰাকৃতিক দুৰ্যোগ যিটোৰ বিষয়ে শুদ্ধ আগলি বতৰা পোৱা নাযায়, অথচ যিটো দুৰ্যোগে মানুহৰ ঘৰবাৰী ভাঙি ভাঙি যাতায়ত ব্যৱস্থা ধ্বংস কৰি মুহুৰ্তৰ ভিতৰতে সৰ্বনাশী ধ্বংস মাতি আনিব পাৰে।

ভূমিকম্পৰ প্ৰথম জোকাৰণি য’ত আৰম্ভ হয় তাকে ভূমিকম্পৰ কেন্দ্ৰ (focus) বোলে আৰু সেই কেন্দ্ৰটোৰ পোনে পোনে ভূ-পৃষ্ঠত থকা অংশটোৰ নাম উপকেন্দ্ৰ (epicentre) বোলে। কেন্দ্ৰটো ভূ-পৃষ্ঠৰপৰা 20 ৰ পৰা 700 কিল’মিটাৰ গভীৰতাত থাকিব পাৰে। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত জোখা হয়। ৰিখটাৰ স্কেল আৰু ভূমিকম্পৰ ধ্বংসাত্মক ক্ষমতাৰ মাজত থকা সম্বন্ধ তলত দিয়া হ’ল-

ৰিখটাৰ স্কেলধ্বংসাত্মক ক্ষমতা
4 তকৈ কমবিশেষ প্ৰভাৱ নাই
4- 4.9সাধাৰণ
5- 5.9অনিষ্টকাৰী
6- 6.9ধ্বংসকাৰী
7- 7.9বৃহৎ
8 তকৈ বেছিঅতি বৃহৎ

অসমত সৰুসুৰা ভূমিকম্প সঘনে হৈ থাকে; কিন্তু  1897 আৰু 1950 চনত অসমত অতি বৃহৎ ভূমিকম্প হৈছিল। 1950 চনৰ ভূমিকম্পত ডিব্ৰুগড় চহৰৰ বিস্তৰ ক্ষতি হৈছিল। 1897 চনৰ ভূমিকম্পত গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলত বিস্তৰ ক্ষতি হৈছিল আৰু তেতিয়াই মাটি বহি চান্দডুবি বিলৰ জন্ম হৈছিল।

নিৰ্বনানিকৰণ (deforestation): প্ৰধানকৈ খেতিবাতি কৰিবলৈ আৰু নতুন বসতি স্থাপন কৰিবলৈ বনাঞ্চলবোৰ ধ্বংস কৰা হয়; এই প্ৰক্ৰিয়াটোক নিৰ্বনানিকৰণ বোলে। Green Peace নামৰ সংস্থা এটাৰ ৰিপ’ৰ্টত প্ৰকাশ পাইছে যে পৃথিৱীত বছৰি প্ৰায় 14.2 নিযুত হেক্টৰ বনাঞ্চল উচ্ছেদ হৈ থাকে। বনাঞ্চল উচ্ছেদৰ পৰিমাণ এচিয়াত আটাইতকৈ বেছি। অসমতো বনাঞ্চল যথেষ্ট ধ্বংস কৰা হৈছে। ভাৰতৰ বনাঞ্চল অধীনিয়ম (1988) অনুযায়ী সমতলভূমিৰ 33% আৰু পাহাৰ অঞ্চলৰ 67% ত অন্ততঃ বনাঞ্চল থাকিব। অসমত কিন্তু বনাঞ্চলৰ পৰিমাণ যথেষ্ট সংকুচিত হৈছে আৰু বৰ্তমান মুঠ মাটিকালিৰ 35% ত কম বনাঞ্চল আছে। ঝুম পদ্ধতিত খেতি কৰা, অধিক জনবিস্ফোৰণ হোৱা, সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি হোৱা আৰু আন আন সামাজিক অস্থিৰতাৰ কাৰণেও নিৰ্বনানিকৰণ বৃদ্ধি পাইছে।

নিৰ্বনানিকৰণৰ ফলত বনাঞ্চলৰপৰা পোৱা সম্পদৰ পৰিমাণ কমি গৈছে, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে, বৰষুণৰ পৰিমাণ আৰু সময় সলনি হৈছে, কৃষি ক্ষেত্ৰতো নানা পৰিৱৰ্তন ঘটিছে।

জনসংখ্যা বিস্ফোৰণ (Population explosion): কোনো নিৰ্দাৰিত সময়ত কোনো প্ৰজাতিৰ জনসংখ্যা কিমান বৃদ্ধি হয় আৰু কিমানৰ মৃত্যু হয় বা আন ঠাইলৈ কিমান গুছি যায় বা আন ঠাইৰপৰা সেই ঠাইলৈ কিমান আহে সেই কথাৰ দ্বাৰা মুঠ জনসংখ্যা নিৰ্ণিত হয়। জনসংখ্যাৰ আকাৰ বৃদ্ধি হোৱাৰ কাৰকসমূহ হৈছে: (ক) নৱজাতকৰ সংখ্যা (খ) মৃতকৰ সংখ্যা (গ) বসতি এৰি বাহিৰলৈ যোৱা (প্ৰব্ৰজনকাৰী) লোকৰ সংখ্যা (ঘ) বসতি স্থললৈ বাহিৰৰপৰা অহা (আগমনকাৰী) লোকৰ সংখ্যা।

অসমত জনসংখ্যা বিস্ফোৰণৰ দুটা প্ৰধান কাৰক হৈছে (ক) কিছুমান জনগোষ্ঠীৰ নাৰীৰ উচ্চ উৰ্বৰতা তথা অন্ধবিশ্বাস আৰু (খ) আগমনকাৰী লোকৰ সংখ্যা বৃদ্ধি।

২০১১ চনৰ লোক পিয়ল অনুযায়ী অসমৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৩১১.৬৯ লাখ; ২০০১ চনৰ লোক পিয়লত এই সংখ্যা আছিল প্ৰায় ২৬৬.৩৮ লাখ অৰ্থাৎ দহবছৰত জনসংখ্যা বৃদ্ধিৰ পৰিমাণ 17%। ২০১১ চনৰ পিয়লৰ তথ্য মতে অসমৰ জিলাসমূহৰ জনসংখ্যা-

জিলাজনসংখ্যা (লাখ)জিলাজনসংখ্যা (লাখ)জিলাজনসংখ্যা (লাখ)
ধুবুৰী১৯.৪৮ধেমাজি৬.৮৮কৰিমগঞ্জ১২.১৭
কোকৰাঝাৰ৮.৮৭মৰিগাঁও৯.৫৮হাইলাকান্দি৬.৫৯
বঙাইগাঁও৭.৩৩নগাঁও২৮.২৬কাছাৰ২.১৪
গোৱালপাৰা১০.০৯গোলাঘাট১০.৫৯তিনিচুকীয়া১৩.১৭
বৰপেটা১৬.৯৩যোৰহাট১০.৯১কামৰূপ (গ্ৰাম্য)১৫.১৭
নলবাৰী৭.৭০শিৱসাগৰ১১.৫৭কামৰূপ(নগৰ)১২.৬০
দৰং৯.০৮ডিব্ৰুগড়১৩.২৮চিৰাং৪.৮১
শোণিতপুৰ১৯.২৬কাৰ্বি আংলং৯.৬৫ওদালগুৰি৮.৩২
লক্ষীমপুৰ১০.৪১বাক্সা৯.৫৪ডিমা হাচাউ২.১৪

অসমৰ কিছুমান জিলাত জনসংখ্যা বৃদ্ধি আনবোৰৰ তুলনাত যথেষ্ট বেছি, সেইবোৰত জনবিস্ফোৰণ হোৱা বুলিও ক’ব পাৰি। নগাঁও জিলাত জনসংখ্যা সৰ্বোচ্চ আৰু জনসংখ্যা ঘনত্বও সৰ্বোচ্চ। পাৰ্বত্য জিলা কেইখনত জনসংখ্যা ঘনত্ব যথেষ্ট কম।

ঘৰুৱা আৱৰ্জনা পৰিষ্কাৰকৰণ (Disposal of Household Wastes):

পুন:চক্ৰীকৰণ (Recycling):- পেলনীয়া কিছুমান গোটা আৱৰ্জনা বিশেষ ধৰণৰ ভৌতিক তথা ৰাসায়নিক পদ্ধতিৰে পুনৰ কামত লগাব পাৰি; এইদৰে পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী তৈয়াৰ কৰা পদ্ধতিৰ নাম পুনঃ চক্ৰীকৰণ। উদাহৰণ স্বৰূপে পেলনীয়া লোহাৰ বস্তুবোৰ একলগ কৰি প্ৰথমে পৰিষ্কাৰ কৰি লৈ তাৰ পিছত গলালে পুনৰ ব্যৱহাৰযোগ্য ধাতৱিক লোহা উৎপন্ন কৰিব পাৰি। প্ৰয়োজন মতে তেনে লোহা পৰিশোধন কৰিবও পাৰি। ঠিক সেইদৰে প্লাষ্টিকৰ পেলনীয়া বস্তু সংগ্ৰহ কৰি গলাই তাৰপৰা পুনৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক পোৱা যায়। পেলনীয়া কাগজ আৰু চেলুল’জ জাতীয় বস্তুবোৰ উপযুক্তভাৱে পৰিশোধন কৰি কাগজ কাৰখানাত ব্যৱহাৰ কৰিব পাৰি। এইদৰে বিভিন্ন ধাতুৰ বস্তুৰ পুনঃ চক্ৰীকৰণ কৰি পৰিৱেশ প্ৰদূষণ লাঘৱ কৰাৰ লগতে আৰ্থিক লাভো সম্ভৱ হৈছে।

পুনৰ ব্যৱহাৰ (Reuse):- বস্তু একোটা এবাৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই নিদি বাৰে বাৰে ব্যৱহাৰ কৰাকে পুনৰ ব্যৱহাৰ কৰা বোলে। যেনে, কাপোৰ এখন নিজে ব্যৱহাৰ কৰাৰ পিছত পুৰণি হোৱা বুলি পেলাই দিয়াতকৈ আন এজন অভাৱী মানুহক দিব পাৰি। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ কাপোৰ অলপ দিন পিন্ধোৱাৰ পিছতে সলাবলগীয়া হয়; তেনেবোৰ কাপোৰ পেলাই দিয়াতকৈ আনক দিয়া বা বিক্ৰী কৰি দিয়া ভাল। ঠিক একেধৰণৰ কথা বিভিন্ন আচবাব, ইলেকট্ৰনিক সামগ্ৰী আৰু আন ভালেমান সামগ্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। এইদৰে পুনৰ ব্যৱহাৰ কৰি থাকিলে আৱৰ্জনাৰ পৰিমাণ হ্ৰাস পায়।

পৰিৱেশৰ সুৰক্ষা (Environmental protection):

সাংবিধানিক ব্যৱস্থা (Constitutional Provision) আৰু সুৰক্ষা আইন (Protection Acts):- ভাৰতীয় সংবিধানৰ ব্যৱস্থা অনুযায়ী পৰিৱেশ সংৰক্ষণ সম্পৰ্কে ভাৰত চৰকাৰে কেইবাখনো আইন গ্ৰহণ কৰিছে আৰু সেই আইনৰ ভিত্তিত বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। তেনেবোৰ আইনৰ ভিতৰত আছে:

(ক) বন্যপানী (সুৰক্ষা) আইন, 1972 :- এই আইনৰ ব্যৱস্থা অনুযায়ী বিশেষ কিছুমান সংকতাপন্ন বন্য প্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সেইমতে কিছুমান প্ৰকল্পৰ কাম হাতত লোৱা হৈছে, যেনে-

(i) সিংহ প্ৰকল্প, 1972

(ii) ব্যঘ্ৰ প্ৰকল্প, 1973

(iii) ঘৰিয়াল প্ৰজনন প্ৰকল্প, 1974

(iv) গড় সংৰক্ষণ প্ৰকল্প, 1987

(v) হাতী প্ৰকল্প ইত্যাদি।

(খ) বন (সংৰক্ষণ) নীতি, 1980 :- এই আইনমতে সকলো প্ৰকাৰৰ অৰণ্য সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে।

(গ) জল (সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন, 1974 :- এই আইনমতে পানীৰ প্ৰদূষণ ৰোধ কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আছে। আইনখন 1988 চনত সংশোধন কৰা হৈছে আৰু ইয়াৰদ্বাৰা কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (CPCB) এখন আৰু অনুৰূপ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন কৰাৰ ব্যৱস্থা গঠন কৰা হৈছে।

(ঘ) বায়ু (সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন, 1981 :- এই আইনমতে বায়ু প্ৰদূষণ ৰোধ কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আছে। 

(ঙ) পৰিৱেশ সুৰক্ষা আইন (EPA), 1986 :- এই আইনত পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ব্যক্তি, স্বয়ংসেৱী সংগঠন আৰু স্থানীয় সংস্থা সমূহৰ আৰু চৰকাৰৰ ভূমিকা (Role of individuals, Local bodies, NGOS and Government):- সুস্থ পৰিৱেশ গঢ়ি তোলা আৰু পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ কাৰণে অকল চৰকাৰী প্ৰচেষ্টাই যথেষ্ট নহয়। এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে কৰণীয় আছে; কাৰণ ব্যক্তি ভালেই সমাজ ভাল আৰু সমাজ ভালেই দেশ ভাল। ভাৰত চৰকাৰে সম্প্ৰতি বিভিন্ন সমাজ হিতকৰ কামত জড়িত স্বেচ্ছাসেৱী সংগঠনবোৰৰ (NGO) কাম কাজত উদগনি দিবলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত স্বয়ংসেৱী সংস্থাবোৰে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সেৱা আগবঢ়ায়।

পৰিৱেশৰ প্ৰতি সাধাৰণ মানুহৰ যি সজাগতা আগেৰেপৰা নানা ৰূপত আছে আৰু তাৰেই ফলস্বৰূপে কেইবাটাও উল্লেখযোগ্য আন্দোলন ভাৰতত গঢ়ি উঠিছে। সেইবোৰৰ ভিতৰত আছে-

(ক) বিঞ্চৌসকলৰ পৰিৱেশ আন্দোলন।

(খ) চিপকো আন্দোলন।

(গ) নিজম উপত্যকা আন্দোলন।

(ঘ) নৰ্মদা বচাও আন্দোলন ইত্যাদি।

বিঞ্চৌসকলৰ আন্দোলন ৰাজস্থানত, চিপকো আন্দোলন উত্তৰাঞ্চলত, নিজম উপত্যকা আন্দোলন কেৰেলাত আৰু নৰ্মদা বাচাও আন্দোলন গুজৰাটত হৈছিল। দছ’লিগ্ৰাম স্বৰাজ মণ্ডল, কল্পবৃক্ষ, কেৰেলা শাস্ত্ৰ সমাজ আদি স্বয়ংসেৱী সংস্থাবোৰ এনে আন্দোলনৰ সৈতে জড়িত।

স্বয়ংসেৱী সংস্থাসমূহে কোনো পৰিৱেশজনিত সমস্যা অধ্যয়ন কৰাত আগভাগ ল’ব পাৰে, প্ৰভাৱিত লোক আৰু চৰকাৰ উভয়কে এনে সংস্থাই বিভিন্ন দিশত কৰিবলগীয়া কাম-কাজ সম্পৰ্কে উপদেশ দিব পাৰে। স্বয়ংসেৱী সংস্থাই মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰিব পাৰে। অসমত শ্ৰী অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এনে আন্দোলন আৰম্ভ কৰিছে। এই অৰ্থত তেওঁলোকে Action Group বা কাৰ্যকৰী দল বা Pressure Group অথবা দাবীদাৰ দল হিচাবেও কাম কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top