Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য

Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য Question Answer can be of great value to excel in the examination.

Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য

Join Telegram channel

Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য Notes cover all the exercise questions in UGC Syllabus. Environmental Geography Unit 3 পৰিৱেশতন্ত্ৰ— ধাৰণা, গাঁথনি আৰু কাৰ্য The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৮। পৰিস্থিতি অনুক্ৰমণৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে লিখা। (Write about different types of situation hierarchy ?)

উত্তৰঃ কোনো এক পৰিৱেশতন্ত্ৰত নিহিত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সময় সাপেক্ষিক পৰিৱৰ্তনক পৰিস্থিতিক অনুক্ৰমণ বুলি কোৱা হয়। পৰিস্থিতিত অনুক্ৰমণক প্ৰাথমিক অনুক্ৰমণ আৰু গৌণ অনুক্ৰমণ এই দুটা ভাগত বিভক্ত কৰা হৈছে।

এই দুয়োটাৰ বিষয়ে তলত চমুকৈ আলোচনা হ’ল –

(ক) প্ৰাথমিক অনুক্ৰমণ: অজৈৱিক উপাদানৰ ক্ষেত্ৰত কোনো নিৰ্জীৱ অৱস্থাৰ পৰা হোৱা পৰিৱৰ্তনক প্ৰাথমিক অনুক্ৰমণ বোলা হয়। আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা, পুখুৰীৰ তলৰ মাটি প্ৰথম অৱস্থাত প্ৰাণী বা গছ-গছনিৰ বাবে বাসোপযোগী নাছিল যদিও সময়ত এই মাটিত হোৱা পৰিৱৰ্তনে ইয়াক গছ-গছনি বা জীৱ-জন্তুৰ বাসোপযোগী কৰি তোলে।

(খ) গৌণ অনুক্ৰমণ: বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে- জুই, বানপানী, জলবায়ুৰ পৰিবৰ্তন ইত্যাদিৰ বাবে কোনো এটা অঞ্চলত উদ্ভিদ বা প্ৰাণীব প্ৰজাতি সম্পূৰ্ণ বিলুপ্তি হৈ সময়ৰ সোঁতত সেই অঞ্চলটোত লুপ্তপ্ৰায় প্ৰজাতিটোৰ পুনৰ বিস্তাৰ আৰম্ভ হোৱাকে গৌণ অনুক্ৰম, বোলা হয়। বনজুই, ভূমিস্খলন, বতাহ আদি প্ৰাকৃতিক দুৰ্যোগ, জৈৱিক উপাদানবিলাকৰ মাজত সম্পাদন হোৱা আন্তঃক্ৰিয়া, জলবায়ুৰ পৰিৱৰ্তন আদিৰ ফলত পৰিস্থিতি অনুক্ৰমণৰ সৃষ্টি হয়।

৯। পৰিস্থিতিতন্ত্ৰ কি ? খাদ্য শৃংখলৰ বিষয়ে লিখা। (What is ecosystem ? Write about the food chain?) 

উত্তৰঃ পৰিৱেশতন্ত্ৰ (ecosystem) শব্দটো প্ৰথমে Tansley য়ে ১৯৫৩ চনত ব্যৱহাৰ কৰে। পৰিৱেশতন্ত্ৰক জীৱ আৰু জড়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকা বাস্তব্য বিদ্যাৰ কাৰ্যক্ষম একক হিচাপে ধৰা হয়। বিভিন্ন পৰিৱিশত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ বাস কৰে। পৰিৱিশৰ লগত জীৱৰ এৰাব নোৱাৰা সম্বন্ধ স্থাপন হয়। একোটা পৰিৱেশত থকা জৈৱিক আৰু অজৈবিক উপাদানসমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ ফলত সেই পৰিৱেশত জীৱসমূহ জীয়াই থকাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি উঠে। এই পৰিৱেশৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে। প্ৰাণীবোৰে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদবোৰে নিজে খাদ্য প্ৰস্তুত কৰে। যদিও ইয়াৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকীয় উপাদানসমূহ যেনে-পানী, খনিজ লবণ, কাৰ্বন ডাই-অক্সাইড, পোহৰ আদি পৰিৱেশৰ পৰা আহৰণ কৰে। 

উদ্ভিদে পৰিৱেশত থকা অজৈবিক প্ৰৱাৰ পৰা প্ৰস্তুত কৰা খাদ্য (জৈব দ্ৰব্য) প্ৰাণীয়ে গ্ৰহণ কৰে। প্ৰাণীয়ে ত্যাগ কৰা মল-মূত্ৰ আৰু মৃত্যুৰ পাছত উদ্ভিদ আৰু প্ৰাণীৰ দেহাৱশেষ বিভিন্ন অণুজীৱৰ (বেক্টেৰিয়া, ভেঁকুৰ ‘আদি) ক্ৰিয়াৰ ফলত গেলি-পচি জৈব দ্ৰব্যৰ পৰা আকৌ অজৈৱ প্ৰৱ্য হিচাপে মাটিলে অৰ্থাৎ পৰিৱেশলৈ ঘূৰি আহে। উদ্ভিদ, প্ৰাণী, জীবাণু আদি জৈৱ আৰু মাটি, বায়ু, পানী, পোহৰ আদি অজৈৱ কাৰকসমূহৰ সমূহীয়া পাৰস্পৰিক ক্ৰিয়াৰ ফলত এক উমৈহতীয়া পৰিৱেশ সৃষ্টি হয়।

ইয়াত উৎপাদক (সেউজীয়া উদ্ভিদ) আৰু উপভোক্তা (প্ৰাণী) ৰ মাজত পৰস্পৰ নিৰ্ভৰতা ৰক্ষা হয় আৰু প্ৰত্যেকেই শক্তি প্ৰৱাহৰ এনাজৰিৰে বান্ধ খাই থাকে। এনে পৰিবেশত অজৈৱিক আৰু জৈৱিক কাৰকসমূহে এনেভাৱে পৰস্পৰে ক্ৰিয়া কৰে যে অজৈৱিক উপাদানসমূহক জৈৱ উপাদানলৈ ৰূপান্তৰিত হৈও পাছত আকৌ অজৈব উপাদানলৈ পৰিৱৰ্তিত হয়। সেউজীয়া উদ্ভিদে সূৰ্যৰ পৰা আহৰণ কৰা সৌৰশক্তি উৎপন্ন কৰা খাদ্য দ্ৰৱ্যত নিহিত থাকে আৰু এই শক্তি খাদ্য প্ৰৱাৰ জৰিয়তে স্তৰে স্তৰে প্ৰৱাহিত হয় কিন্তু ই নিঃশেষ হৈ নাযায়। শক্তিপ্ৰবাহৰ ক্ষেত্ৰত পৰিৱেশত থকা উৎপাদক আৰু উপভোক্তাৰ মাজত সমন্বয় গঢ়ি উঠে। একোটা পৰিৱেশত অজৈবিক জৈৱিক আৰু শক্তি (সৌৰ শক্তি) এই তিনিওটাই এনেভাবে ক্ৰিয়া কৰে যে এটাই আনটোক নিয়ন্ত্ৰিত কৰি ৰাখে যাতে কোনো এটায়ো শক্তিৰ অপব্যৱহাৰ নকৰে। এনেধৰণৰ আত্মনিৰ্ভৰশীল আৰু স্বতন্ত্ৰ পৰিবেশ একোটাক পৰিৱেশতন্ত্ৰ (ecosystem) বোলা হয়। অৰ্থাৎ পৰিৱেশতন্ত্ৰ বুলিলে পৰিৱেশত থকা জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা আত্মনিৰ্ভৰশীল, স্বতন্ত্ৰ আৰু প্ৰয়োজন অনুসৰি অভিযোজন ক্ষমতা থকা একোটা পৰিৱেশক বুজায়। এয়াই পৰিস্থিতিতন্ত্ৰ। 

আকৌ সকলো জীৱই খাদ্যৰ পৰা শক্তি আহৰণ কৰে। খাদ্যৰ বাবে জীৱবোৰে বিভিন্ন সংগ্ৰাম কৰিব লগা হয়। একোটা পৰিৱেশতন্ত্ৰত বাস কৰা বিভিন্ন জীৱবোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সকলো প্ৰাণীয়ে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ফলত একোটা পৰিৱেশতন্ত্ৰত বাস কৰা বিভিন্ন জীৱৰ মাজত খাদ্যৰ জৰিয়তে শক্তি প্ৰবাহ (energy flow) চলি থাকে। গতিকে শক্তি প্ৰবাহে পৰিৱেশতন্ত্ৰত বাস কৰা জীৱৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰে অৰ্থাৎ পৰিৱেশতন্ত্ৰত থকা সকলো জীৱ শক্তি প্ৰৱাহৰ ধাৰা বান্ধ খাই পৰে। কোনো এটা পৰিৱেশতন্ত্ৰত বাস কৰা বিভিন্ন জীৱৰ মাজত স্তৰে স্তৰে বা এটা জীৱৰ পৰা আন এটা জীৱলৈ খাদ্যৰ জৰিয়তে চলি থকা শক্তি প্ৰবাহক খাদ্যৰ অনুক্ৰম বা খাদ্য শৃংখল (food chain) বোলা হয়। ইয়াৰ সূত্ৰ এনেদৰেও দিব পাৰি – ‘ as a group of organisms in which there is a transfer of food energy through a series of repeated eating and being eaten.’ 

উদাহৰণস্বৰূপে বাঘে শিয়াল খায়। শিয়ালে শহা পহু আৰু শহা পহুৱে ঘাঁহ খায়। গতিকে খাদ্যৰ জৰিয়তে বাঘে শিয়ালৰ পৰা, শিয়ালে শহা পহুৰ পৰা আৰু শহা পহুৱে ঘাঁহৰ পৰা শি আহৰণ কৰে। বাঘ মৰি গেলি-পচি যোৱাৰ পাছত শক্তিখিনি পুনৰ পৰিৱেশলৈ ঘূৰি আহে। পৰিৱেশতন্ত্ৰত বাস কৰা এই জীৱবোৰক মাজতে স্থাপন হোৱা খাদ্য শৃংখলৰ জৰিয়তে শক্তি প্ৰৱাহ চলি থাকে আৰু সিহঁতৰ মাজত পাৰস্পৰিক সম্বন্ধ গঢ়ি তোলে। বিভিন্ন পৰিৱেশতত্ত্ব। যেনে— ঘাঁহনি পৰিৱেশতন্ত্ৰ, পুখুৰী পৰিৱেশতন্ত্ৰ, সাগৰীয় পৰিৱেশতন্ত্ৰ আদিত খাদ্য শৃংখলে বিভিন্ন ধৰণৰ। 

জীৱজগতে আহৰণ কৰা শক্তিৰ প্ৰাথমিক উৎস হ’ল সূৰ্য। সেউজীয়া উদ্ভিদে প্ৰত্যক্ষভাবে সূৰ্যৰ পৰা আহৰণ কৰা সৌৰ শক্তিৰ সহায়ত খাদ্য (কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ) প্ৰস্তুত কৰে। সেইকাৰণে সেউজীয়া উদ্ভিদবোৰ উৎপাদক। তৃণভোজী প্ৰাণীবোৰ (গৰু, ম’হ, ছাগলী, শহ পহু, হৰিণা আদি) প্ৰাথমিক উপভোক্তা। কিয়নো ইহঁতে ঘাঁহ-বনৰ পৰা শক্তি আহৰণ কৰে। বাঘ, সিংহ, ভেকুলী, সাপ আদিয়ে তৃণভোজী প্ৰাণীবোৰ খাই জীয়াই থাকে। অৰ্থাৎ ইহঁতে তৃণভোজীৰ পৰা শক্তি লাভ কৰে। উৎপাদক (সেউজীয়া উদ্ভিদ) প্ৰথম স্তৰৰ উপভোক্তা (তৃণভোজী প্ৰাণী) দ্বিতীয় স্তৰৰ উপভোক্তা (মাংসভোজী প্ৰাণী) তৃতীয় স্তৰৰ উপভোক্তা (মাংসভোজী প্ৰাণী) বৰ্জিত দ্ৰব্য মাটি, পানী (পৰিবেশ) বিয়োজক (বেক্টেৰিয়া, ভেকুৰ) (উদ্ভিদ প্ৰাণীৰ দেহাবশেষ) চিত্ৰ: পৰিৱেশ তন্ত্ৰত খাদ্য শৃংখলৰ ৰেখাচিত্ৰ ইহঁতক দ্বিতীয় স্তৰৰ উপভোক্তা বুলি কোৱা হয়। বাঘ, শগুণ আদি কিছুমান প্ৰাণীক তৃতীয় স্তৰৰ উপভোক্তা বুলি কোৱা হয়, কাৰণ ইহঁতে মাংসভোজী আৰু তৃণভোজী উভয়ৰে পৰা শক্তি লাভ কৰে। 

ইহঁতক দ্বিতীয় স্তৰৰ উপভোক্তা বুলি কোৱা হয়। বাঘ, শগুণ আদি কিছুমান প্রাণীর তৃ সুৰৰ উপভোক্তা বুলি কোৱা হয়, কাৰণ ইহঁতে মাংসভোজী আৰু তৃণভোজী উভয়ৰে পৰ শক্তি লাভ কৰে। উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যুৰ পাছত বিয়োজকে (বেক্টেৰিয়া, তেঁতুৰ আদিবে) সিহঁতৰ দেহৰ পচন ঘটাই তাতে নিহিত থকা শক্তি পুনৰ পৰিৱেশলৈ ওভতাই পঠায়। এনেদৰে খাদ্য শৃংখলাৰ জৰিয়তে একেটা পৰিবেশত মত ভৰে ভৰে উৎপাদকৰ পৰা বিয়োজকলৈ শক্তিপ্রবাহ বা গতি চলি থাকে।

১০। এটা জলজ পৰিৱেশতন্ত্ৰৰ গঠন সম্পৰ্কে ব্যাখ্যা কৰা।  (Explain the structure of the aquatic ecosystem.)

উত্তৰঃ পৰিৱেশতন্ত্ৰ শব্দটো প্ৰথমে Tansley য়ে ১৯৫৩ চনত ব্যৱহাৰ কৰে। পৰিৱেশতন্ত্ৰক জীৱ আৰু জড়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকা বাস্তব্য বিদ্যাৰ কাৰ্যক্ষম একক হিচাপে ধৰা হয়। পৰিৱেশতন্ত্ৰৰ এক উল্লেখযোগ্য ভাগ হৈছে জলজ পৰিৱেশতন্ত্ৰ (aquatic ecosystem)। জলজ পৰিৱেশতন্ত্ৰত জল অৰ্থাৎ পানীত এক পৰিৱেশগত তত্ত্ব গঠিত হয়। কোনো বিল বা পুখুৰী আদি জলজ পৰিৱেশতন্ত্ৰৰ উৎস। একোটা জলজ পৰিৱেশতন্ত্ৰত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ ফলত সেই পৰিৱেশত জীৱসমূহ জীয়াই থকাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি উঠে। এই পৰিৱেশৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে। জলজ পৰিৱেশতন্ত্ৰত খাদ্যৰ বাবে জীৱবোৰে বিভিন্ন সংগ্ৰাম কৰিব লগা হয়। একোটা পৰিৱেশতন্ত্ৰত বাস কৰা বিভিন্ন জীৱবোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ইয়াতো সকলোৰে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদ বা পোক-পতংগৰ ওপৰত নিৰ্ভৰশীল। জলজ পৰিৱেশতন্ত্ৰ এটাৰ গঠন প্ৰণালী এনেধৰণৰ 

— পোক-পতংগ ← ভেকুলী / সৰু মাছ ← সাপ / ডাঙৰ মাছ ← চৰাই। 

বিল পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন উপকাৰ দেখিবলৈ পোৱা যায়। ইয়াত থকা জীৱবোৰ এক উপযুক্ত বহল পৰিৱেশ লাভ কৰে। খাদ্যৰ কাৰণে সংগ্ৰাম কৰিব লগা নহয়। ই জলজ পৰিস্থিতিতন্ত্ৰৰ উপযুক্ত পটভূমি। 

১১। সূৰ্য– ঘাঁহ— গৰু —-বাঘ খাদ্য শৃংখলটোৰ বিষয়ে লিখা। (Write about the food chain of sun- grass-cow-tiger ?)

উত্তৰঃ সূৰ্য-ঘাঁহ – গৰু – বাঘ – এইটো এটা চাৰিটা খাদ্য শিকলিৰে গঠিত শৃংখল। এই শৃংখলত সূৰ্য হ’ল শক্তিৰ উৎস। সূৰ্যৰ পৰা ঘাঁহ-বনে শক্তি লাভ কৰি পৰিপুষ্টি সাধন কৰে। গৰুৱে ঘাঁহ খাই শক্তি আহৰণ কৰে। বাঘে গৰু খাই শক্তি লাভ কৰে। ইয়াত ঘাঁহ-বন হৈছে উৎপাদক আৰু গৰু তৃণভোজী অৰ্থাৎ প্ৰাথমিক উপভোক্তা। বাঘ মাংসভোজী জীৱ অথবা গৌণ উপভোক্তা। সূৰ্যৰ পৰা সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে সৌৰশক্তি লাভ কৰে। উদ্ভিদৰ পৰা গৰুলৈ শক্তিৰ পৰিবহণ হয়। গৰুৰ মাংস খোৱা বাবে বাঘৰ দেহলৈ শক্তিৰ এটা অংশ পৰিবহণ হয়। এনেদৰে খাদ্য শৃংখলটো সম্পূৰ্ণ হৈছে। 

তেনেদৰে আন এটা খাদ্য শৃংখল হ’ল—-

 সূৰ্য-ধান – এন্দুৰ – সাপ – ঈগল চৰাই।

১২। পৰিৱেশতন্ত্ৰ এটাৰ জৈৱিক উপাদান বুলিলে কি বুজা ? (What is meant by ecology as a biotic component ?) 

উত্তৰঃ সকলোবোৰ জীৱিত উদ্ভিদ আৰু প্ৰাণী সমষ্টিক পৰিৱেশতন্ত্ৰ এটাৰ জৈৱিক উপাদান। বুলি কোৱা হয়। পৰিৱেশতন্ত্ৰত জৈৱিক উপাদান সমূহৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ তিনিটা ভাগত ভগাব পাৰি। সেইকেইটা হ’ল—

(ক) উৎপাদকঃ সৌৰ শক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্ৰাণীয়ে অজৈৱিক বস্তু আত্মীকল কবি প্ৰাকৃতিক খাদ্য প্ৰস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। সকলোবোৰ সেউজীয়া উদ্ভিদ আৰু কেইবিধমান নিম্ন শ্ৰেণীৰ প্ৰাণী এই ভাগৰ অন্তৰ্ভুক্ত।

(খ) উপভোক্তা: যিবোৰ উদ্ভিদ বা প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে উৎপাদক শ্ৰেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে, সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বোলা হয়। উপভোক্তা বিভিন্ন শ্ৰেণীৰ হ’ব পাৰে। যেনে- প্ৰাথমিক উপভোক্তা, দ্বিতীয় স্তব উপভোক্তা আৰু তৃতীয় স্তৰৰ উপভোক্তা।

(গ) বিয়োজক: বিয়োজকবোৰ ক্ষুদ্ৰ অণুজীব। বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰজাতীয় জীৱ। এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহৰ পচন ঘটায়।

১৩। পৰিস্থিতি বিজ্ঞান কাক বোলে ? চমুকৈ বুজাই লিখা।  (What is ecology? Explain briefly.) 

উত্তৰঃ পৰিস্থিতি বিজ্ঞান (Ecology), বিজ্ঞান শাস্ত্ৰৰেই এটা ভাগ। যদি বিজ্ঞান বুলিলে পদাৰ্থ বিজ্ঞান, জ্ঞান, জীব বিজ্ঞান আদিকেই মূলতঃ বুজা যায়, সাম্প্ৰতিক কালত পৰিস্থিতিক বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাবে চৰ্চিত বিষয় হৈ পৰিে যিকোনো এটা পৰিবেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিৱেশৰ বিষয়ে কৰা অধ্যয়নকে পাৰিস্থিতিক বিজ্ঞান বুলি কোৱা হয়। 

অৱশ্যে বিজ্ঞানীসকলে পাৰিস্থিতিক বিজ্ঞান বা ইক’লজি সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ১৮৬৯ চনত আৰ্নেস্ট হেকেল নামৰ জাৰ্মান বিজ্ঞানী এজনে পোন প্ৰথমবাৰৰ বাবে ইক’লজি শব্দটো ব্যৱহাৰ কৰিছিল। হেকেলে ‘জীবসমূহৰ জীয়াই থকা পৰিবেশৰ জৈৱিক অধ্যয়নকে ইক’লজী বুলি কৈছিল। ইক’ল’জী মূল গ্ৰীক ভাষাৰ ইক’ (Oikos) আৰু ঔকছ (Logos A যুগ্ম ৰূপান্তৰ। গ্ৰীক ভাষাত ঔকছৰ অৰ্থ ‘ঘ’ (Home) আৰু ‘গজৰ অৰ্থ বোধজ্ঞান । ইয়াৰ অৰ্থৰ ভিত্তিতেই হোকলে জীৱৰ ঘৰ অৰ্থাৎ জীয়াই থকা পৰিবেশন অনেক ইক’ল’জীৰ সুত্ৰৰূপে গ্ৰহণ কৰিছিল। 

আকৌ ১৯২৭ চনত এল্টন (Elton) নামৰ পাৰিস্থিতিক বিজ্ঞানী এজনে উদ্ভিদ আৰু প্ৰাণীসমূহৰ বাসস্থান আৰু আচৰণৰ বিষয়ে কৰা অধ্যয়নক ইকল’জী বা পাৰিস্থিতিক বিজ্ঞানৰ সুত্ৰ হিচাপে আগবঢ়াইছিল! সাম্প্ৰতিক কালক পাৰিস্থিতিক বিজ্ঞান এক বিশেষ তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। 

বিভিন্ন পৰিৱেশৰ জৈবিক উপাদান অৰ্থাৎ জীৱসমূহৰ অবলুপ্তি, নতুন জীৱৰ সৃষ্টি জীবসমূহৰ প্ৰকৃতিৰ বিভিন্নতা আদিৰ বিষয়ে সম্যক ধাৰণা লাভৰ বাবে পাৰিস্থিতিক বিজ্ঞানৰ অধ্যয়ন অতি তাৎপৰ্যপূৰ্ণ। বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন আবিষ্কৃত জীৱাশ্মসমূহৰ পৰা সাম্প্ৰতিক কালত দুষ্প্ৰাপ্য Sdddddddddddddddডাইনচ’ৰ আদিৰ দৰে প্ৰাণীসমূহৰ অবলুপ্তিৰ কাৰণে পাৰিস্থিতিক বিজ্ঞান অধ্যয়ন অবিহনে সম্ভৱ নহয়। বৰ্তমান কালতো, আন কিছুমান জীৱ-জন্তু লাহে লাহে বিলুপ্ত হৈ অহাটো পৰিলক্ষিত হয়। কোনো কোনো সময়ত উচ্চহাৰত সামুদ্ৰিক প্ৰাণী মৃত্যু হোৱা দেখা যায়। আজি কেইবছৰমান আগতে আমাৰ অসমতো উচ্চ হাৰত মাছৰ মৃত্যু হোৱা দেখা গৈছিল। সেইবোৰ মাছৰ কিছুমান আজিও দেখিবলৈ পোৱা নাযায়। ভৌতিক উপাদানৰ তাৰতম্যই জৈৱিক উপাদানৰ অবলুপ্তি অথবা অতিবৃদ্ধিৰ কাৰণ হ’ব পাৰে; কিন্তু পাৰিস্থিতিক বিজ্ঞানৰ সম্যক জ্ঞান অবিহনে সেইটো ঠাৱৰ কৰা সহজ নহয়। 

পাৰিস্থিতিক বিজ্ঞানৰ বিস্তৃত অধ্যয়নে জৈবিক উপাদানসমূহৰ অনুকূল পৰিৱেশ ৰচনাত বিশেষভাৱে সহায় কৰে। সেয়েহে পাৰিস্থিতিক বিজ্ঞানৰ অধ্যয়ন তাৎপৰ্যপূৰ্ণ। 

১৪। পৌষ্টিক স্তৰৰ বিষয়ে কি জানা লিখা ( Write about nutritional status ?)

উত্তৰঃ খাদ্যৰ অভ্যাস অনুযায়ী প্ৰাণী আৰু উদ্ভিদক কিছুমান পৌষ্টিক স্তৰত ভাগ কৰা হৈছে। খাদ্য শৃংখলৰ জৰিয়তে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰে। পৰিপুষ্টি সাধন কৰোতে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ শক্তিৰ পৰিবহণ হয়।

উদ্ভিদে নিজৰ খাদ্য নিজে উৎপাদন কৰে, সেয়েহে উদ্ভিদ উৎপাদক বুলি কোৱা হয়। উদ্ভিদ প্ৰাথমিক পৌষ্টিক স্তৰৰ উৎপাদক। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ খাই পৰিপুষ্টি লাভ কৰা বাবে ইহঁতক দ্বিতীয় পৌষ্টিক স্তৰত স্থান দিয়া হৈছে। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ ভক্ষণ কৰি পৰিপুষ্টি সাধন কৰা বাবে সিহঁত প্ৰাথমিক উপভোক্তা হিচাপে পৰিচিত। আকৌ মাংসভোজী জীব জন্তুৱে তৃণভোজী জীৱক খাই পৰিপুষ্টি লাভ কৰে। গতিকে মাংসভোজী জীৱ-জন্তুক তৃতীয় পৌষ্টিক ভৰত ধৰা হয়। এইবোৰ গৌণ উপভোক্তা। কিছুমান মাংসভোজী জীবই কেবল মাংসভোজী জীৱকহে খায়। সিহঁতক চতুৰ্থ বা পঞ্চম স্তৰত ধৰা হয়। পৰিস্থিতিতন্ত্ৰত কিছুমান প্ৰজাতিৰ জীৱে এটাতকৈ অধিক পৌষ্টিক স্তৰ অধিকাৰ কৰিব পাৰে, যেনে- মানুহ। মানুহে পৰিপুষ্টি সাধনৰ বাবে মাছ, মাংস, ফলমূল, শাক-পাচলি, ভাত খায়। গতিকে মানুহে মাংসভোজী হোৱাৰ উপৰিও তৃণভোজী প্ৰাণী তথা উদ্ভিদ খাই জীয়াই থাকে। এনেদৰে জীৱৰ খাদ্য অনুসৰি বেলেগে বেলেগ পৌষ্টিক ভৰত ধৰা হয়। বেক্টেৰিয়া, কাঠফুলা, ভেঁকুৰ আদিক বিয়োজক জীৱ হিচাপে গণ্য কৰা হয়। ইহঁতে মৃত প্ৰাণী বা উদ্ভিদৰ পৰা শক্তি আহৰণ কৰি জটিল জৈব পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে। 

মাটিৰ লগত অজৈব পদাৰ্থ মিহলি হোৱাৰ পিছত উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰি খাদ্য প্ৰস্তুত কৰে। এনেদৰে পোষক দ্ৰব্যবোৰ পৰিস্থিতিতন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি থাকে আৰু এই গতি অপৰিৱৰ্তনীয় হৈ থাকে। এনেদৰে বিভিন্ন প্ৰজাতিৰ জীৱ আৰু উদ্ভিদে পৰিস্থিতিতন্ত্ৰত পৰিপুষ্টি লাভ কৰি পৰিৱেশ সন্তুলিত কৰি ৰাখে। 

সকলো জীৱ-জন্তুবে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শক্তিৰ সঞ্চালন কৰে আৰু অক্সিজেনৰ সহায়ত জৈৱিক আহাৰ হজম কৰি শক্তি সঞ্চয় কৰে। এই প্ৰক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড, পানী আৰু খনিজ অপচয় বাহিৰ ওলাই আহে। জীৱ-জন্তুৰ নিঃশ্বাসত ওলোৱা এঙাৰ গেছ উদ্ভিদে বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে। পানী আৰু খনিজ অপচয় মাটিৰ লগত মিহলি হয়। উদ্ভিদে মাটিৰ পৰা পানী গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰে আৰু পৰিপুষ্টি সাধন কৰে। এনেদৰে পৰিস্থিতিতন্ত্ৰত শক্তিৰ পৰিৱৰ্তন আৰু সঞ্চালন প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলি আছে। 

১৫। পৰিৱেশতন্ত্ৰত পদাৰ্থৰ পৰিবহণ কেনেদৰে হয় ? (How is the transport of substance in the ecosystem ?) 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰত পদাৰ্থৰ পৰিবহণ এটা স্বাভাৱিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা শক্তিৰ আদান-প্ৰদান হয়। প্ৰাথমিক উৎপাদক উদ্ভিদে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি কাব হাইড্ৰেট, শ্বেতসাৰ আৰু প্ৰ’টিন উৎপাদন কৰে। তৃণভোজী জীৱই উদ্ভিদ খাই জৈৱিক পদাৰ্থসমূহ নিজৰ দেহলৈ নি অজৈৱিক পদাৰ্থসমূহ পৰিৱেশলৈ এৰি দিয়ে। বিয়োজকে মৃত উদ্ভিদ আৰু জীৱ জন্তুৰ পৰা লাগতিয়াল দ্ৰৱ্য উৎপাদন কৰি মাটিৰ লগত মিহলাই দিয়ে। মাটিৰ পৰা উদ্ভিদে আকৌ তাক গ্ৰহণ কৰি খাদ্য উৎপাদন কৰে। এনেদৰে পৰিস্থিতিতন্ত্ৰত উৎপাদক, উপভোক্তা আৰু বিয়োজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান-প্ৰদান চলি থাকে। শক্তিৰ পৰিবহন আৰু খনিজ পোষক দ্ৰৱ্যৰ আদান-প্ৰদান কোনো পোষক স্তৰত বন্ধ নহয় বৰং চক্ৰীয় গতিত চলি থাকে। এই চক্ৰক জৈৱ ভূ-ৰাসায়নিক চক্ৰ বুলি কোৱা হয়। ভূ-ৰাসায়নিক চক্ৰৰ জৈৱিক স্তৰত মৌলিক পদাৰ্থৰ ৰসায়ন জড়িত হৈ আছে। এই চক্ৰত দুটা বেলেগ বেলেগ অৱস্থাত পদাৰ্থৰ পৰিবহণ হয়। তাৰে এটা হ’ল গেছীয় আৰু আনটো গেছীয় অৱস্থা । 

কাৰ্বন, নাইট্ৰ’জেন, হাইড্ৰ’জেন আদি গেছীয় অৱস্থাত বায়ুমণ্ডলত থাকে আৰু অন্যান্য মৌলিক পদাৰ্থ ফছফৰাছ, কেলছিয়াম, ছালফাৰ আদি গেছীয় অৱস্থাত শিলাস্তৰত থাকে। বতৰৰ প্ৰভাৱত শিল ক্ষয় গৈ মৌলিক পদাৰ্থসমূহ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ মাটিৰ লগত মিহলি হৈ যায়। বৰষুণৰ পানীৰ লগত মৌলিক পদাৰ্থসমূহৰ ক্ষুদ্ৰ কণিকাসমূহ বৈ গৈ সাগৰত পৰে আৰু সাগৰতলিত জমা হয়। সেইবোৰ সাগৰীয় জীৱই গ্ৰহণ কৰাৰ ফলত শামুক, শংখ আদিত কেলছিয়াম, ফছফৰাছ আদি পোৱা যায় । এনেদৰে পদাৰ্থৰ পৰিবহণ পৰিৱেশত সূচাৰুৰূপে চলি আছে। 

১৬। পৰিৱেশতন্ত্ৰ মানে কি ? ইয়াৰ কাৰকসমূহৰ বিষয়ে চমুকৈ লিখা ৷  (What does ecosystem mean? Write briefly about its factors ? )

উত্তৰঃ পৰিৱেশতন্ত্ৰ: পৰিৱেশতন্ত্ৰ বুলিলে এনে একোটা নিৰ্দিষ্ট পৰিৱেশক বুজায় য’ত তাত থকা জৈৱ আৰু অজৈৱ কাৰকসমূহে পৰস্পৰ এনেভাৱে ক্ৰিয়া কৰে যে তাৰ ফলত সকলো জীৱৰ জীৱন-ধাৰণৰ বাবেই এটা যৌথ সম্পদ ৰূপে পৰিগণিত হয় যাক স্বয়ংচালিত প্ৰণালী বোলা হয়।

পৰিৱেশতন্ত্ৰৰ উপাদান বা কাৰক –  পৰিৱেশতন্ত্ৰৰ কাৰক প্ৰধানকৈ দুবিধ — জৈৱিক কাৰক আৰু অজৈৱিক কাৰক।

জৈৱিক কাৰকসমূহ: পৰিৱেশ সংৰক্ষণৰ কাৰণে সম্পাদন কৰা কাৰ্য অনুসৰি জৈৱিক কাৰকসমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে— 

(ক) উৎপাদক: পৰিৱেশত থকা সেউজীয়া উদ্ভিদবিলাকক উৎপাদক বোলে।

(খ) উপভোক্তাঃ সেউজীয়া উদ্ভিদবোৰৰ বাহিৰে আন কোনো জীৱই সৌৰশক্তি পোনে পোনে আহৰণ কৰি জৈৱ দ্ৰব্য প্ৰস্তুত কৰিব নোৱাৰে। সেই আটাইবোৰেই উদ্ভিদৰ শৰীৰত থকা শক্তিপূৰ্ণ দ্ৰৱ্যবোৰ ব্যৱহাৰ কৰিহে দেহ গঠন কৰে আৰু শক্তিও লাভ কৰে। সেই কাৰণে তেনে জীৱসমূহক উপভোক্তা বোলা হয়। উপভোক্তাৰ ভিতৰত পৰে সকলো প্ৰাণী, কেতবোধ ‘প্ৰটিষ্টা’ আৰু কেতবোৰ ‘মনেৰা’। 

অধিক সুক্ষ্মভাৱে চালে দেখা যায় যে উপভোগৰ দ্ৰৱ্যবোৰ ক’ৰ পৰা কেনেকৈ লাভ কৰিছে। তাৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তা জীৱবোৰ ইটোৰ পিছত সিটোকৈ কেইবাটাও স্তৰত অৱস্থিত হৈ থাকে। উপভোক্তাবোৰক সেইবাবে- 

(a) প্ৰাথমিক স্তৰৰ উপভোক্তা।

(b) দ্বিতীয় স্তৰৰ উপভোক্তা। আৰু 

(c) তৃতীয় স্তৰৰ উপভোক্তা ভগোৱা হয়। 

(গ) বিয়োজক: জীৱজগতত আৰু এক প্ৰকাৰৰ উপভোক্তা থাকে যিবিলাকক অনুজীৱ বোলা হয়। এইবোৰে জীৱন্ত উৎপাদক বা উপভোক্তাৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰে। সেইবোৰে মৃত প্ৰাণী বা মৃত উদ্ভিদদেহৰ পৰাহে শক্তি আহৰণ কৰে। সেইবোৰ জীৱই বিভিন্ন এন্‌ফাইমৰ সহায়েৰে মৃতজীৱ দেহৰ জৈৱ দ্ৰব্যসমূহ বিশ্লেষণ কৰি অৰ্থাৎ ৰাসায়নিকভাবে বিয়োজন কৰি তাত থকা শক্তিমুক্ত কৰি নিজে ব্যৱহাৰ কৰে। ইয়াৰ ফলত মৃতজীৱ দেহৰ গঠনকাৰী জৈৱ দ্ৰব্যসমূহ বিভিন্ন অজৈৱ বস্তুলৈ পৰিণত হয়। ইয়াৰ কেতবোৰ বিভিন্ন লৱণ হিচাপে মাটিৰ লগত মিহলি হয় আৰু কেতবোৰ গেছ হৈ বায়ুৰ লগত মিলি যায়। কাৰ্বন-ডাই অক্সাইড, নাইট্ৰ’জেন আদি গেছ বায়ুমণ্ডললৈ ঘূৰি যায়। ফছফৰাছ, পটাছিয়াম, কেলছিয়াম আদি বিভিন্ন লবণ হিচাপে মাটিত ৰৈ যায়। এইদৰে মৃত জীৱৰ দেহ ক্ৰমাত পচি নাইকিয়া হৈ যায়। ইয়াকে পচন হোৱা বোলে। এনেবোৰ পচনকাৰী অণুজীৱক বিয়োজন বোলা হয়। যেনে- ভেঁকুৰ, মনেৰা, প্ৰটিষ্টা ইত্যাদি। 

অজৈৱ কাৰক – 

(ক) পানী আৰু বায়ু: পানী জীৱকোষ গঠন আৰু ক্ৰিয়াৰ এটা প্ৰধান উপাদান। কোষপ্ৰ সত থকা 70-80% পানীয়ে দ্ৰাৱক অথবা বিক্ৰিয়ক হিচাপে কোষৰ প্ৰায় সকলো ক্ৰিয়াতে ভাগ লয়। পানীৰ অবিহনে প্ৰ’ট’প্লাজম সজীৱ নহয়। পানীৰ মাধ্যমত অজৈৱ লৱণ প্ৰাথমিক উৎপাদক উদ্ভিদ দেহৰ শৰীৰত সোমায়। জীৱদেহ গঠন আৰু বৃদ্ধিত পানীৰ ভূমিকা সৰ্বাধিক। বায়ুমণ্ডলত থকা অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আৰু নাইট্ৰ’জেন জীৱজগতৰ বাবে অপৰিহাৰ্য। 

(খ) মাটি: মাটিৰ গুণাগুণৰ ওপৰত পৰিৱেশৰ প্ৰবৃত্তি নিৰ্ভৰ কৰে। মাটি হ’ল জীৱজগতৰ প্ৰয়োজনীয় অজৈৱ লৱণসমূহৰ ভাণ্ডাৰ। পৰিৱেশৰ একমাত্ৰ উৎপাদক সেউজীয়া উদ্ভিদবোৰে দেহ গঠন আৰু জীৱন ক্ৰিয়াৰ কাৰণে প্ৰয়োজনীয় নাইট্ৰ’জেন, কেলছিয়াম, পটাছিয়াম, ছালফাৰ ফছফৰাছ, লৌহ আদি মাটিৰ পৰাই আহৰণ কৰে। 

(গ) তাপ: তাপ পৰিৱেশৰ ভৌতিক আৰু জৈবিক ক্ৰিয়াসমূহক প্ৰভাৱিত কৰে। পৰিৱেশৰ তাপমাত্ৰাৰ পৰিৱৰ্তন হ’লে জীৱসমূহৰ জৈৱিক ক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰে। স্থানৰ অক্ষাংশ, কাল, উচ্চতা, মাটিৰ ঢাল, সাগৰ বা বৃহৎ জলাশয়ৰ সান্নিধ্য আদিয়ে পৰিবেশৰ তাপমান নিয়ন্ত্ৰণ কৰে। 

(ঘ) পোহৰঃ পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ একমাত্ৰ উৎস হৈছে সূৰ্যৰ পোহৰ। এই পোহৰ শক্তি সেউজীয়া উদ্ভিদে আহৰণ কৰি আন সকলো জীৱক যোগান ধৰে।

(ঙ) বৰষুণঃ পৃথিৱীৰ বিভিন্ন ঠাইত বৰষুণৰ তাৰতম্য অনুসৰি উদ্ভিদৰ বিভিন্নতা দেখা যায়। আৰু তাৰ ফলস্বৰূপে প্ৰাণীৰো বিচিত্ৰতা আহি পৰে।

১৭। ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ বিষয়ে তুমি কি কি জানা ? এই পৰিস্থিতিতন্ত্ৰত বাস কৰা কেইটামান প্ৰাণীৰ নাম লিখা ।  (What do you know about grass ecology ? Write the names of some of the animals that live in this ecosystem.) 

উত্তৰঃ যি পৰিস্থিতিতন্ত্ৰত বিভিন্ন প্ৰজাতিৰ ঘাঁহ দেখিবলৈ পোৱা যায় তাক ঘাঁহনি পৰিস্থিতিতন্ত্ৰ বোলে। কিছুমান ঘাঁহনিৰ মাজে মাজে কিছুসংখ্যক বৃক্ষও সিঁচৰতি হৈ থাকে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে দীঘলীয়াকৈ ঘাঁহনি অঞ্চল দেখা যায়। এই ঘাঁহনি অঞ্চল তিনি প্ৰকাৰৰ – 

(ক) বিষুবীয় ঘাঁহনি: অতি উষ্ণ, অতি বেছি বৰষুণ হোৱা ঠাইত এনেধৰণৰ ঘাঁহনি দেখা যায়। এনে ঘাঁহনিত বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ উপৰি গুল্ম আৰু কম উচ্চতাৰ বৃক্ষও কম পৰিমাণে দেখা যায়। যেনে- আফ্ৰিকাৰ চাভানা। 

(খ) নাতিশীতোষ্ণ ঘাঁহনিঃ জাৰকালি ঠাণ্ডা আৰু জহকালি গৰম হোৱা ঠাইৰ এঢলীয়া বা পাহাৰৰ পাদদেশত এনেধৰণৰ ঘাঁহনি দেখা যায়। যেনে— আফ্ৰিকাৰ প্ৰেইৰী অঞ্চল আৰু এছিয়াৰ এঢলীয়া ঘাঁহনি অঞ্চল। অসমতো বেছিভাগ এনেধৰণৰ ঘাঁহনি দেখা যায়। 

(গ) মেৰুদেশীয় ঘাঁহনি: সুমেৰ অঞ্চলত জহকালি বৰফবোৰ গলি গ’লে ইয়াৰ কোনো কোনো ঠাইত এনেধৰণৰ ঘাঁহনি গজা দেখা যায়। এই ঘাঁহনিত কেৱল চাপৰ প্ৰজাতিৰ গছহে দেখা যায়।

অসমৰ ঘাঁহনিত বাস কৰা কেইটামান প্ৰাণীৰ নাম উল্লেখ কৰা হ’ল— এশিঙীয়া গঁড়, ম’হ, নল-গাহৰি, হৰিণা, খৰিয়াপহু আদি। 

১৮। অৰণ্য পৰিস্থিতিতন্ত্ৰৰ বিষয়ে চমুকৈ লিখা । (Write briefly about forest ecology ? )

উত্তৰঃ পৃথিৱীৰ সকলো দেশৰ একো একোটা অঞ্চলত হাবি বা অৰণ্য দেখিবলৈ পোৱা যায়। এই অৰণ্য বা হাবিত নানাবিধ উদ্ভিদ দেখিবলৈ পোৱা যায়। এইবোৰ হ’ল ডাঙৰ গছ-গছনি সৰু সৰু গছ-লতা, জোপোহা গছ, খেৰ, ইকৰা বিভিন্ন ওখ-চাপৰ গছ পোৱা যায়। যিবে হাবিত বৃক্ষজাতীয় ডাঙৰ ডাঙৰ গছ-গছনিৰ সংখ্যা বেছি থাকে, গছ-লতা থাকে তাকে অবণা পৰিস্থিতিতন্ত্ৰ বোলে। এনে অৰণ্যত ডাঙৰ বৃক্ষবোৰৰ পৰা ছাঁ আৰু সুৰক্ষাত্মক আৱৰণ পোৱা বাবে এই অঞ্চলটোতে বিভিন্ন প্ৰকাৰৰ সৰ-বক উদ্ভিদ গজি উঠে। এনে অৰণ্যত উদ্ভিদৰ বৈচিত্ৰ্য থকা বাবে, বিভিন্ন জাতীয় গছ-গছনিৰ বাবে খাদ্য, বাসস্থান আৰু সুৰক্ষাজনিত কাৰণ বিভিন্ন প্ৰকাৰৰ প্ৰাণী, চৰাই-চিৰিকটি, পোক-পৰুৱা আৰু কীট-পতংগ দেখিবলৈ পোৱা যায়। সাধাৰণতে অতিবৃষ্টি আৰু মধ্যমীয়া বৰষুণ হোৱা ঠাইত পৰিস্থিতিতন্ত্ৰ দেখা যায়। উষ্ণতা আৰু বৃষ্টিপাতৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি অৰণ্যবোৰ বেলেগ বেলেগ হোৱা দেখা যায়। 

(ক) বৰ্ষাৰণ্য: প্ৰচুৰ বা অতিবৃষ্টি আৰু অতি বেছি উষ্ণতা থকা ঠাইত বৰ্ষাৰণ্য দেখা যায়। এই অৰণ্য অতি ঘন গছ-গছনিৰে গঠিত, সেই কাৰণে এই অৰণ্যত অতিকায় জীৱ-জ্য বাস নকৰে, কাৰণ ইয়াৰ চলাচলত অসুবিধা হয়। এনে অৰণ্যত প্ৰাইমেট বা বান্দৰ জাতীয় জন্মৰ বসবাসহে বেছি দেখা যায়। আমাৰ অসমতো ঠায়ে ঠায়ে বৰ্ষাৰণ্য দেখিবলৈ পোৱা যায়। এনে অৰণ্যৰ তলত সূৰ্যৰ ৰশ্মি নপৰে, সেই কাৰণে দুপৰীয়াও অৰণাৰ তল অঞ্চল গধূলিৰ দৰে আন্ধাৰ দেখা যায়।

(খ) পৰ্ণপাতি অঞ্চল: যি অঞ্চলত জহকালত বৰ্ষাপাত হয় আৰু দীঘলীয়া খৰাং বতৰ হয়। তেনে ঠাইতে পৰ্ণপাতি অৰণ্য হয়। শুকান বতৰত এই অৰণ্যৰ গছৰ পাতবোৰ মৰি যায়। অসমৰ বেছিভাগ অৰণ্যত ফেব্ৰুৱাৰী মাৰ্চত গছৰ পাত সৰি যায় আৰু বাৰিষাৰ আগমনৰ লগে লগে গছবোৰত কুঁহিপাত আহিবলৈ ধৰে। পশ্চিম অসমৰ শালগছবোৰ এই জাতৰ গছৰ সঠিক উদাহৰণ। সোণাৰু, শিমলু, এজাৰ এই জাতীয় গাছ। 

(গ) তীৰৱৰ্তী অৰণ্য: এই অৰণ্য হিমালয়ৰ পাদদেশত, ডাঙৰ নদীবোৰৰ পাৰে পাৰে, ধুবুৰীৰ পৰা দৰঙলৈ দেখা যায়। এই অৰণ্যৰ প্ৰধান উদ্ভিদ হ’ল শিশু আৰু খৈৰ গছ। খোকন, শিমলু আৰু কদম এই জাতীয় গছ।

তলত তেনে চাৰিবিধ অৰণ্যৰ পৰিস্থিতিতন্ত্ৰৰ উল্লেখ কৰা হ’ল –

(১) বিষুৰীয় স্ক্ৰাব অৰণ্য: অতি কম বৰষুণ হোৱা শুকান ঠাইত বিষুবীয় স্ক্ৰাব অৰণ্য দেখা যায়। এই অঞ্চলৰ অৰণ্য সৰু পৰ্ণপাতীয় আৰু জোপোহা জাতীয় হয় ।

(২) নাতিশীতোষ্ণ বৰ্ষাৰণ্য: অতি বৃষ্টিপাত হোৱা ঠাইত এই অৰণ্য দেখা যায়। এই অঞ্চলত শংকুধাৰী আৰু বহল পাতৰ গছ-গছনি হয়।

(৩) নাতিশীতোষ্ণ পৰ্ণপাতি অৰণ্য: যিবোৰ ঠাই গৰমকালি উষ্ণতা আৰু শীতকালত শীত মধ্যমীয়া, গ্ৰীষ্মকাল দীঘলীয়া, গোটেই বছৰ জুৰি বৰষুণ হয় তেনে ঠাইতে এই প্ৰকাৰৰ অৰণ্য দেখা যায়। 

(৪) চিৰসেউজীয়া শংকুধাৰী অৰণ্য: সুমেৰৰ তুন্দ্ৰা অঞ্চলত এই প্ৰকাৰৰ অৰণ্য পোৱা যায়। এই অঞ্চলত সৰল গছ, ছিদাৰ বেছি হয়।

১৯। অক্সিজেন চক্ৰটো চিত্ৰসহ ব্যাখ্যা কৰা। (Explain the oxygen cycle with the help of diagrams.) 

উত্তৰঃ অক্সিজেন গেছ বায়ুমণ্ডলত কিদৰে চক্ৰাকাৰে ঘূৰি থাকে চিত্ৰত দেখুওৱাৰ দৰে এটি চমু আভাস দিয়া হ’ল 

বায়ুমণ্ডলত অক্সিজেন গেছ (O2) হিচাপে থাকে নাইবা ই হাইড্ৰ’জেনৰ লগত যৌগ হৈ পানী (H2,O) আকাৰে থাকে নাইবা কাৰ্বনৰ লগত যৌগ হৈ কাৰ্বন-ডাই-অক্সাইড (CO2.)কাৰ্বনেট আৰু বাইকাৰ্বনেট ৰূপত থাকে। ষ্ট্রেট’ স্ফিয়াৰত অক্সিজেন গেছ অ’জন (O3.) গেছ হিচাপে আৰু কিছু পৰিমাণে অক্সিজেন গেছ (O2,) হিচাপে থাকে। উদ্ভিদ সালোক সংশ্লেষণৰ সময়ত পানীৰ অণুবোৰ ভাঙি অক্সিজেন পৰমাণু (O) ৰূপটো ৰূপান্তৰিত হয়। এই পৰমাণু বায়ুমণ্ডললৈ গৈ আকৌ অক্সিজেন গেছৰ (O) ৰূপ লয়। সকলো জীৱই বায়ুমণ্ডলৰ অক্সিজেন উশাহত ব্যৱহাৰ কৰে। ইয়াৰ ফলতে অক্সিজেন আকৌ পানী আৰু কাৰ্বন-ডাই-অক্সাইডলৈ পৰিৱৰ্তিত হয়। পানীত থকা অক্সিজেন আকৌ বিভিন্ন ভৌতিক অৱস্থালৈ পৰিৱৰ্তিত হৈ থাকে। 

সূৰ্যৰ তাপত জলাশয়ৰ পানী বাষ্প হৈ ওপৰলৈ উৰি যায়। আকাশলৈ উৰি গৈ শীতলীকৰণৰ ফলত জলীয় বাষ্পৰ পৰা মেঘ হয়। মেঘ বতাহত বিভিন্ন ঠাইলৈ উৰি গৈ বৰষুণ, হিমপাত বা তুষাৰপাত হৈ মাটিত পৰে। মাটিত পৰা পানী গছে শিপাৰে শোষণ কৰি লয় আৰু সালোক সংশ্লেষণত ব্যৱহাৰ কৰে। প্ৰকৃতিৰ বিভিন্ন জাৰণ প্ৰক্ৰিয়াত অক্সিজেনৰ প্ৰয়োজন হয়। সূৰ্যৰ ৰশ্মিৰ অতি বেঙুনীয়া ৰশ্মি জীৱমণ্ডলৰ বাবে ক্ষতিকাৰক কিন্তু ষ্ট্ৰেট স্ফিয়াৰত থকা অ’জন গেছৰ পাতল স্তৰটোৱে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি লোৱা বাবে ই জীৱমণ্ডললৈ অহাত বাধাপ্ৰাপ্ত হয়। ফলত জীৱমণ্ডল অনিষ্টকাৰী ফলাফলৰ পৰা ৰক্ষা পৰে। 

২০। পৰিস্থিতিতন্ত্ৰবোৰ কিদৰে সংৰক্ষণ কৰিব পাৰি ? (How can we protect the ecosystems ?) 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰবোৰ সংৰক্ষণ কৰিবলৈ আমি যথোচিত ব্যৱস্থা হাতত ল’ব লাগিব। বৰ্তমান আমাৰ সম্পদবোৰ শেষ হৈ আহিছে, হাবি-বননিবোৰ হেৰাই যাব ধৰিছে। মাছ, কাছ, অন্য জীব-জন্তুও কমি আহিছে, বায়ু, পানী, মাটি প্ৰদূষিত হৈ আহিছে আৰু খেতিপথাৰবোৰৰ উৎপাদন ক্ষমতা লাহে লাহে কমি আহিছে। গতিকে পৃথিৱীখন চিৰদিন বহনক্ষম কৰি ৰাখিবলৈ আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব —–

(ক) আমি গছপুলি ৰুম আৰু প্ৰতিপালন কৰিম। 

(খ)আমি অনাহকত গছ নাকাটো আৰু আনকো অনাহকত কাটিবলৈ নিদিওঁ।

(গ) আমি কোনো বন্যপ্ৰাণী হত্যা নকৰো।

(ঘ) আমি কোনো প্ৰাণীৰ আবাসভূমি, অৰণ্য বা জলাশয়ৰ মাটি দখল নকৰো।

(ঙ) আমি পাৰ্যমানে বস্তুৰ পুনৰ ব্যৱহাৰ কৰিম যাতে আমাৰ সম্পদবোৰৰ হ্ৰাস ৰোধ কৰিব পাৰো। 

(চ) আমি ব্যৱহাৰ নোহোৱা অৱস্থাত লাইট, ফেন বা অন্য বিজুলীচালিত সামগ্ৰী বন্ধ কৰি থম। (ফলত শক্তিৰ অপচয় কমিব আৰু ভবিষ্যতে কম সংখ্যক বান্ধ নিৰ্মাণৰ প্ৰয়োজন হ’ব)।

(ছ) আমি আমাৰ জ্যেষ্ঠজনক ট্ৰেফিক সংকেতত গাড়ীৰ ইঞ্জিন বন্ধ কৰিবলৈ অনুৰোধ কৰিম— যাতে ইন্ধন ৰাহি কৰিব পাৰি। 

(জ) আমি মিতব্যয়িতাৰে পানী ব্যৱহাৰ কৰিম। 

(ঝ) আমি যিমানদূৰ সম্ভৱ ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰো। আমি জৈৱিক সাৰহে ব্যৱহাৰ কৰিম আৰু আনকো এনে কৰিবলৈ অনুৰোধ কৰিম। 

(ঞ) আমি যথাসম্ভব কম সামগ্ৰীৰে চলিবলৈ যত্ন কৰিম আৰু আৱৰ্জনা ৰোধ কৰিবলৈ চেষ্টা কৰিম। 

(ট) সৰ্বসাধাৰণ ৰাইজক এইবোৰ বুজাবলৈ সজাগতা অভিযান আৰম্ভ কৰিম।

২১। খাদ্যশৃংখল বুলিলে কি বুজা চমুকৈ লিখা। (Write briefly what you mean by food chain.)

উত্তৰঃ খাদ্যশৃংখল (Food Chain): পৰিস্থিতিতন্ত্ৰ এটাত তাত থকা কাৰকসমূহে খাদ্য গ্ৰহণ কৰা বা আনক খাব দিয়াৰ ক্ৰমটোকেই খাদ্যশৃংখল বোলে। মৃত বা জীবিত প্ৰত্যেক জীৱই আন এটা জীৱৰ খাদ্য, সেয়ে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰত কোনো পেলনীয়া দ্ৰব্য নাথাকে। 

এটা ভুৰ পোকে গছৰ পাত খাই, এটা ঘনচিৰিকাই ভূৰ পোক খাই, এটা মেকুৰী বা শেন চৰায়ে ঘনচিৰিকা খায়। আৰু যেতিয়া এই সকলোবোৰ মৰি যায় তেতিয়া বেক্টেৰিয়া বা ভেকুৰে তাক খাদ্য হিচাপে ব্যৱহাৰ কৰে। এই অনুজীৱবোৰে জৈৱ পদাৰ্থ ভাঙি সৰু অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰে আৰু এইবোৰক গছে পুনৰ ব্যৱহাৰ কৰিব পাৰে।

খাদ্যশৃংখলৰ সাধাৰণ ৰণ: ঘাঁহনি → ফৰিং ভেকুলী সাপ নে চৰাই (Grassland Ecosystem) 

Phytoplanktons পানীত থকা পতংগ সৰু মাছ → Tuna (শেলুৱৈ) (পুখুৰী) 

শেলুৱৈ সৰু গছ বল্গা হৰিণ মানুহ (সুমেৰু অঞ্চল) 

গৰিস্থিতিতন্ত্ৰ এটাত প্ৰত্যেক জীৱকেই সিহঁতৰ খাদ্য গ্ৰহণৰ সমতাৰ ওপৰত ভাগ কৰি দিয়ে আৰু তাৰ লগত পুষ্টিকৰ মৰ্যাদাও উল্লেখনীয়। উদাহৰণস্বৰূপে এখন ঘাঁহনিৰ খাদ্যশৃংখলত ফৰিঙে প্ৰথম পৌষ্টিক স্তৰ, ভেকুলী, সাপ আৰু শেন চৰায়ে ক্ৰমে হয়, তৃতীয় আৰু চতুৰ্থ পৌষ্টিক স্তৰ পায়। বিয়োজকে প্ৰত্যেক স্তৰৰ মৃত পদাৰ্থসমূহ আহৰণ কৰে। সচৰাচৰ আমি দুই ধৰণৰ খাদ্যশৃংখল পাওঁ। 

২২। জৈৱ বৈচিত্ৰাতাৰ স্তৰ কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে আলোচনা কৰা। (What is the levels of biodiversity ? Discuss the different types.)

উত্তৰঃ বৈচিত্ৰ্যতাৰ স্তৰ (Levels of Biodiversity): জৈৱ বৈচিত্ৰতাৰ স্তৰ তাৰ জিনীয় স্তৰৰ পৰা জীৱটো থকা পাৰিপাৰ্শ্বিকতালৈ থাকে আৰু কেতিয়াবা ইয়াৰ বৃদ্ধি হৈ egreat diversity দিয়ে। 

(ক) জিনগত বৈচিত্ৰ্যতা (Genetic Diversity): ই বৈচিত্ৰতাৰ প্ৰাথমিক উৎস। জীৱদেহত পোৱা জিনবোৰে এক বৃহৎ সংখ্যক সংযুক্তি দিব পাৰে আৰু তাৰ ফলত কিছু পৰিৱৰ্তন পোৱা যাব পাৰে। জিনে বংশানুক্ৰমৰ লক্ষণবোৰ এটা বংশৰ পৰা আন এটালৈ কঢ়িয়াই লৈ ফুৰে। যদি কোনো এটা জিনে সেই প্ৰজাতিৰ ভিতৰতেই নতুন সংযুক্তিৰ কাৰণে বিভিন্ন বিৱৰণ দিয়ে তেন্তে তাক জিনীয় পৰিৱৰ্তনশীলতা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, ধানৰ সকলো প্ৰকাৰক oryza sativa বোলে, কিন্তু এহাজাৰতকৈও বেছি ধানৰ প্ৰকাৰ আছে যিবোৰে জিনীয় ভৰত পৰিবৰ্তন দেখুৱাই অথবা ইহঁতৰ ৰং আকাৰ, গোন্ধ বা ধানত থকা পদাৰ্থৰ পৰিমাণত পাৰ্থক্য দেখুৱায়। এইটোৱেই ধানৰ diversity.

(খ) প্ৰজাতিৰ বৈচিত্ৰ্যতা (Species Diversity): এই পৰিৱৰ্তন কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ মাজতেই পোৱা যায় অথবা কোনো সম্প্ৰদায় ভিন্‌ ভিন্‌ প্ৰজাতিৰ মাজত দেখা যায় ৷ ইয়াৰ প্ৰজাতি এটাৰ প্ৰাচুৰ্যতা বা উৰ্বৰতাৰ সম্ভেদ পোৱা যায়। সাধাৰণতে প্ৰজাতিৰ এই বৈচিত্ৰ্যতা জোখা দুটা সুচাংক (index) ব্যৱহাৰ কৰা হয়। 

(i) শেননৱেইনাৰ সূচক (Shannon wiener index)

(ii) চিমপচ্‌ন সূচক (Simpson index)

এই জৈৱ ভৰত প্ৰজাতিৰ মুঠ সংখ্যা কিমান ? পৰিসংখ্যাই প্ৰকৃতি সংখ্যা এটা পৰোক্ষ দাতা বা অসম্পূৰ্ণ তথ্যৰ বাবে দিয়াত ভুল কৰে। ১৯৯২ চনত Wilson যে মুঠ জীবিত জীৱৰ সংখ্যা ১০ মিলিয়নৰ পৰা ৫০ মিলিয়নলৈ দেখুৱাইছিল। বৰ্তমানলৈ ১.৫ মিলিয়ন জীৱিত আৰু ৩০০,০০০ জীৱাশ্মৰ নাম আৰু চিনাক্তকৰণ কৰা হৈছে। ইহঁতৰ বৈজ্ঞানিক নামাকৰণো কৰা হৈছে। এইটো প্ৰণিধানযোগ্য যে, ইয়াৰে বহু প্ৰজাতিৰ জীৱ আবিষ্কাৰ বা তালিকাভক্ত হোৱাৰ আগতেই বিলুপ্তিৰ পথত আছে।

(গ) পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যতা (Ecosystem Diversity): ইয়াত পৰিবেশ সম্পৰ্কীয় চক্ৰ আদিৰ পৰিৱৰ্তনশীলতা দেখা পোৱা যায়। এই পৰিস্থিতিতন্ত্ৰত ভৌতিক কাৰক যেনে আৰ্দ্ৰতা, তাপ, উচ্চতা, অবক্ষেপন আদিৰ পৰিৱৰ্তন দেখা যায়।

 আমি গছ-গছনিৰ প্ৰাধান্য থকা এখন অৰণ্য পৰিস্থিতিতন্ত্ৰক বিবেচনা কৰিছো। কিন্তু যদি আমি উষ্ণ অঞ্চলীয় (tropical) অৰণ্য, উষ্ণীয় খন্তেকীয়া বনাঞ্চল আৰু এখন বৰিয়েল অৰণ্য (Boreal forest) বিবেচনা কৰিলেও একেই ধৰণৰ পৰিৱৰ্তনবোৰ দেখা যায়। পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যতাৰ এক ডাঙৰ মান আছে আৰু তাক অটুট ৰখাটো দৰকাৰ। এই বৈচিত্ৰ্যতা মিলিয়ন বছৰ আগতেই ক্ৰমবিকাশ ঘটিছিল। যদি আমি এই বৈচিত্ৰ্যতা ধ্বংস কৰো তেন্তে পৰিৱেশৰ সামঞ্জস্যটো অস্থিৰ হয়। আমি কেতিয়াও এটা তন্ত্ৰ আন এটাৰে প্ৰতিষ্ঠাপিত কৰিব নালাগে । বৰিয়েল (Boreal) অৰণ্যৰ কনিফেৰাচ (Coniferous) গছ এজোপাই উষ্ণীয় খন্তেকীয় অঞ্চলত মাটিত তাৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে। এইটো দুয়োবিধ অঞ্চলৰ গছৰ ক্ষেত্ৰতে প্ৰযোজ্য। ইয়াৰ মূল কাৰণ হ’ল পৰিস্থিতিতন্ত্ৰৰ এই বৈচিত্ৰ্যতাৰ বৰ্তি থকা পৰিবেশৰ ওপৰত নিৰ্ভৰশীল আৰু ই পৰিবেশৰ লগত সাম্য অৱস্থাত থাকে।

২৩। জৈৱ বৈচিত্ৰ্যতাৰ গুৰুত্ব কি ? ইয়াৰ কেইটামান ভাগ আলোচনা কৰা । (What is the importance of biodiversity ? Discuss of its some sections.)

উত্তৰঃ জৈৱ বৈচিত্ৰ্যতাৰ বাণিজ্যিক ব্যৱহাৰ, ইক’লজিকেল (ecological) সেৱা সামাজিক প্ৰমূল্য আৰু সৌন্দৰ্যবোধ আদি বিবেচনা কৰিলে গুৰুত্ব বহু পৰিমাণে বাঢ়ি যায়। আমি অন্য জীৱৰ পৰা অসংখ্য ধৰণেৰে সহায় পাওঁ কেতিয়াবা আমি সেই জীৱবিধৰ বিলুপ্তিৰ পিছতহে তাৰ গুৰুত্ব অনুধাৱন কৰো। সৰু সৰু বিশেষত্বহীন দেখাত অন্য ব্যবহাত জীবই কেতিয়াক পৰিস্থিতিতত্বৰ সমতা ৰক্ষাত মুখ্য ভূমিকা লয় অথবা কেতবোৰ মৃত্যুমুখী বেমাৰ কণ্ঠ (Cancer), AIDS ৰ প্ৰতিষেধকৰ কাম কৰে। ১৯৯০ চনত প্ৰকাশিত McNeely et al. ত জৈৱ বৈচিত্ৰতাৰ গুৰুত্ব তলত দিয়া ধৰণে ভাগা কৰিছে—

(ক) উপভোক্তাৰ গুৰুত্ব (Consumptive use value): ইয়াত জৈৱ বৈচিত্ৰতাৰ উৎপাদনবোৰ পোনে পোনে উপভোগ কৰা বা কৃষিৰ দ্বাৰা লোৱা হয়। যেনে— ইন্ধন, খাদ্য, ঔষ, আঁহ আদি।

(১) খাদ্য (Food): বহুসংখ্যক বন উদ্ভিদ মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে। প্ৰায় ৮০,০০০ ভক্ষণীয় গছৰ প্ৰজাতি বৰ্তমান চিনাক্ত হৈছে। বৰ্তমানে ব্যৱহাৰ কৰি অহা। ৯০ শতাংশ খাদ্যশস্য বনৰীয়া tropical গছৰ পৰাই আহৰণ কৰা হৈছে। বৰ্তমান কৃষিবিজ্ঞানীবোৰ এই বনৰীয়া প্ৰজাতিবোৰ আৰু আমাৰ খাদ্যশস্যবোৰৰ পৰা এক নতুন সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কনা সম্পৰ্ক ৰক্ষা প্ৰজাতিবোৰে সচৰাচৰ সহনশীল আৰু কঠিন হয়। বহুতো বন্যপ্ৰাণীও মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে।

(২) প্ৰতিষেধক আৰু ঔষধ (Drugs and Medicine): প্ৰায় ৭৫ শতাংশ জনসংখ্যাই গছ বা গছৰ পৰা আহৰণ কৰা ঔষধৰ ওপৰত নিৰ্ভৰশীল। penicillum নামৰ fungus ৰ পৰা আঘাত পোৱাবোৰক সুশ্ৰুষা কৰিবলৈ ব্যৱহাৰ কৰা ঔষধ penicillin আহৰণ কৰে। সেইদৰে Tetracycline বেক্টেৰিয়াৰ পৰা মেলেৰীয়াৰ ঔষধ কুইনাইন চিনকোনো গছৰ বাকলিৰ পৰা, হৃদৰোগীৰ ঔষধ Digitatin foxglove (Digitales) ৰ পৰা আহৰণ কৰা হয়। বৰ্তমানে সুবিধ কেন্সাৰ ৰোগৰ প্ৰতিষেধক Vinblastine আৰু Vincristine periwinkle (Catharanthus) পৰা আহৰণ কৰা হৈছে, ইহঁত দুবিধ Anticancer alkaloid (উপক্ষাৰ), বহুসংখ্যক সাগৰীয় জীৱই গুণাগুণ, প্ৰকাৰ প্ৰমাণ পোৱা গৈছে। তথাপি ইহঁতৰ systematically আহৰণ হোৱা নাই।

(৩) ইন্ধন (Fuel): বহু পুৰণি কালৰপৰাই বনাঞ্চলৰ কাঠ, ইন্ধন হিচাপে ব্যৱহাৰ হৈ আহিছে। জীৱাষ্মৰ বৈচিত্ৰ্যতাৰ পৰা কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আহৰণ কৰা হয়। খৰি হিচাপে গাঁও অঞ্চলত ব্যবহৃত গছবোৰৰ উপভোক্তাৰ গুৰুত্ব সেয়ে পোৱা যায়। 

(খ) উৎপাদনৰ গুৰুত্ব (Productive use value): ইয়াত ব্যৱসায়িকভাৱে উৎপাদিত সামগ্ৰী বজাৰত বেচা-কিনা হয়। এইক্ষেত্ৰত বনৰীয়া জিনবোৰ ধৰা হয় আৰু তাক বিজ্ঞানীবোৰে কিনি তাৰ পৰা নতুন শস্য বা জত্তৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। এই সামগ্ৰীবোৰৰ ভিতৰত হাতীদাঁত, হৰিণাৰ মুখা, ৰেচম সূতা, (পাতপলু), ভেড়াৰ পৰা ঊন বা অন্য জীৱৰ নোম আদি, এই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহুকেইটা উদ্যোগ, কাগজ, ফল, প্লাইউড, হাতীদাঁত চামৰা, মুকুতা আদিৰ উদ্যোগ গঢ় লৈ উঠিছে। 

আন্তৰাষ্ট্ৰীয়ভাৱে বিপন্ন জীৱৰ দেহৰ সামগ্ৰী বিক্ৰীত বাধা থকা স্বত্বেও, নোম, ছাল, দাঁত আদিব বেহা-বেপাৰ প্ৰতিবছৰে মিলিয়ন ডলাৰলৈ হৈয়েই আছে। বিকাশ হোৱা দেশ – এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা আদি য’ত Biodiversity ৰ ধনী এইবোৰ পশ্চিমীয়া ধনী দেশ, চীন, হংকং আদিত মেকুৰীৰ ছাল, সাপৰ ছাল আদিৰ সমাদৰ বহুত বেছি। 

(গ) সামাজিক গুৰুত্ব (Social value): ইয়াত এইবোৰ সামাজিক জীবন, ৰীতি-নীতি, ধৰ্ম, বা মনস্তাত্ত্বিক দিশ জড়িত হৈ আছে। বহুতো প্ৰজাতিৰ মানুহে পবিত্ৰ বুলি গণ্য কৰি আহিছে, যেনে— তুলসী, আম, পদুম, পিপল, বেল আদি। এই গছৰ পাত, ফুল আদি পূজাত ব্যৱহাৰ কৰা হয় বা ইহঁতকেই পূজা কৰা হয়। জনজাতীয় মানুহবোৰ ইয়াৰ লগত বেছিকৈ জড়িত। সিহঁতৰ সামাজিক জীবন, গীতমাত, নৃত্য, ৰীতি-নীতি আদি বন বা বন্যপ্ৰাণীৰ লগত জড়িত। বহু জীৱ যেনে— গৰু, সাপ, ষাড়, ময়ূৰ, ফেচা আদিৰ মনস্তাত্ত্বিক ধাৰণা আমাৰ মাজত আছে। গতিকে সমাজ অনুসৰি ইয়াৰ গুৰুত্ব ভিন্‌ ভিন্‌। 

(ঘ) নৈতিক গুৰুত্ব (Ethical value): ইয়াক existence value ও বোলে। “জীয়াই থাকা আৰু জীয়াই থাকিব দিয়া” বা “সকলো জীৱকে সংৰক্ষণ কৰা দৰকাৰ” আদি ধাৰণাৰ পৰা উৎপত্তি। আমি যদি মানৱজাতিক জীয়াই থকাতো বিচাৰো তেন্তে সকলো বৈচিত্ৰ্যতাকেই সংৰক্ষণ কৰা দৰকাৰ। এই ধাৰণাৰ গুৰুত্বত আমি প্ৰকৃতিৰ পৰা এক গভীৰ আনন্দ লভিব পাৰো। বৰ্তমানে passenger pigeon বা Dodo হেৰাই গৈছে। আমি প্ৰত্যক্ষভাৱে কেংগেক, জেব্ৰা বা জিৰাফৰ পৰা একো আহৰণ নকৰে। কিন্তু ইয়াৰ সৌন্দৰ্যবোধৰ কথা অনুধাৱন কৰো।

(ঙ) নন্দনতাত্ত্বিক গুৰুত্বঃ বৰ্তমানে এই গুৰুত্ব বাঢ়ি অহা বাবেই মানুহে Eco-tourism ওপৰত গুৰুত্ব দিছে। Willingness to pay চোৱাৰ বাবেই মানুহে সময় আৰু টকা খৰছ কৰে। এয়াই বছৰি ১২ বিলিয়ন ৰাজহ বৰ্তমানে সংগ্ৰহ কৰে। 

(চ) ভৱিষ্যতৰ গুৰুত্ব ( Option value): এই গুৰুত্ব হ’ল ভবিষ্যতে হ’ব লগা ধৰণৰ কেতবোৰ নজনা বৈচিত্ৰ্যতাৰ ওপৰত। AIDS দৰে ৰোগ প্ৰতিষেধক ক্ষমতা হয়তো জৈব বৈচিত্ৰ্যতাৰ আছে সেয়ে ভৱিষ্যতে ইয়াৰ গুৰুত্ব বাঢ়িব । 

২৪। (ক) আঞ্চলিক বা স্থানীয় জৈৱ বৈচিত্ৰ্যতা বুলিলে কি বুজা ? (What do you mean by regional or local biodiversity ?)

উত্তৰঃ স্থানীয় স্তৰত জৈৱ বৈচিত্ৰতাক প্ৰজাতিৰ প্ৰাচুৰ্যতাৰ ওপৰত বিভক্ত কৰিলে চাৰিটা প্ৰকাৰ পোৱা যায়। 

ইয়াক তলত দিয়া হ’ল——

(ক) স্থানভিত্তিক প্ৰাচুৰ্য (Point Richness): ইয়াত কোনো এটা স্থানৰ কোনো নিৰ্দিষ্ট বিন্দুত পোৱা প্ৰজাতিৰ সংখ্যাক বুজায়। 

(খ) (আলফা প্ৰাচুৰ্য (Alpha (a) Richness): ই কোনো এখন সমসত্ব অঞ্চলত পোৱা প্ৰজাতিৰ সংখ্যাক বুজায়।

(গ) বিটা প্ৰাচুৰ্য (Beta ((B)) Richness): প্ৰজাতিৰ গঠনৰ পৰিৱৰ্তনৰ হাৰ (বিভিন্ন আবাসস্থলত) বুজায়। 

(ঘ)গামা প্ৰাচুৰ্য (Gama (y) Richness): ই কোনো এক বৃহৎ ভূমি অঞ্চলত নতিব লগত পৰিৱৰ্তনৰ হাৰ বুজায়।

আলফা প্ৰাচুৰ্য, বৰ শক্তিশালীভাৱে ইয়াৰ পৰিৱেশৰ কাৰকৰ ওপৰত নিৰ্ভৰশীল। যেনে, ১০০ বিধ প্ৰজাতি (tunicate) ৰ সুমেৰৰ জলপৃষ্ঠত, ৪০০ বিধ নাতিশীতোষ্ণ জলপৃষ্ঠত আৰু ৬০০ বিধ গ্ৰীষ্মমণ্ডলীয় সাগৰত বিবেচনা কৰিলো। এতিয়া উষ্ণতা কাৰকে a Richness ত tunicate বোৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাই বুলি জনা গ’ল। p Richness হ’ল অসমসস্ত কেতবোৰ বাসভূমি বিবেচনা কৰিলে বৰ্ধিষ্ণু প্ৰজাতিৰ সংখ্যাটো বৃদ্ধি পায় আৰু সেয়ে B Richness। উদাহৰস্বৰূপে উত্তৰমেকত পৰৱাৰ প্ৰজাতি মাত্ৰ ১০ বিধ আৰু আমি ক্ৰমে বিষুব অঞ্চললৈ গৈ থাকিলে পৰুৱাৰ সংখ্যা ২০০ লৈ বৃদ্ধি পাব কিয়নো বাসস্থানৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাই আহিব।

২৪। (খ) জৈৱ বৈচিত্ৰতাৰ সংকট কি ? ইয়াৰ কাৰণ আলোচনা কৰা। (What is the biodiversity crisis ? Discuss the reasons for this.) 

উত্তৰঃ কোনো এবিধ জীৱ বিলুপ্ত বা নিঃশেষ হৈ যোৱাটো ক্ৰমবিকাশৰ (evolution) প্ৰাকৃতিক ঘটনা। ভৌগোলিক কালত (geological period) ত পৃথিৱীত ভৰৰ ক্ষয় ঘটিছিল। ক্ৰমবিকাশৰ লগে লগে বহু প্ৰজাতি নোহোৱা হৈছিল আৰু তাৰ ঠাইত নতুন প্ৰজাতিয়ে স্থান লৈছিল। যি কি নহওঁক, আগৰ ভৌগোলিক কালত প্ৰজাতি এটা হেৰাই যোৱাৰ হাৰ এক বৃহৎ সময়ৰ প্ৰয়োজন। হৈছিল (৪৪৪ মিলিয়ন বছৰ) কিন্তু বৰ্তমানে মানৱ সভ্যতাৰ অগ্ৰগতিয়ে বিলুপ্তিৰ প্ৰক্ৰিয়া কিছু পৰিমাণে খৰতকীয়া কৰিলে, এই শতিকাত মানুহৰ প্ৰভাৱ অন্য প্ৰজাতিৰ ওপৰত ইমান আছিল যে বাৰ্ষিক ১০০০ বিধ প্ৰজাতি আৰু প্ৰকাৰৰ জীৱৰ বিলুপ্তি হ’বলৈ ধৰিছে। প্ৰখ্যাত Ecologist EO. Wilson যে এটা সমীক্ষাত আগবঢ়াইছিল যে প্ৰতিবছৰে ১০০০ বিধ প্ৰজাতি বা প্ৰতিদিনে ২৭ বিধ প্ৰজাতি বিলুপ্ত হয়। এই সমীক্ষাই জৈৱ বৈচিত্ৰতাৰ ওপৰত গভীৰ সংকটৰ আগতীয়া বাৰ্তা কঢ়িয়াই আনিছে।

তলত কেতবোৰ গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰতাৰ ধ্বংসৰ কাৰণ আৰু ফলাফল আলোচনা কৰা। 

(ক) আবাসভূমিৰ অভাৱ / বিলুপ্তি ( Loss of Habitat): প্ৰাকৃতিক আবাসভূমিৰ ধ্বংস আৰু ক্ষয়কৰণেই প্ৰধানত জৈৱ বৈচিত্ৰতাৰ বিলুপ্তিৰ মূল কাৰণ। কেবা বিলিয়ন হেক্টৰ, বাহি, ঘাঁহনি যোৱা ১০ বছৰত, কৃষিভূমি, চৰণীয়া পথাৰ, সংস্থাপন এলেকা অথবা বিকাশ আঁচনিৰ নামত ধ্বংস কৰা হৈছে। এই হাবি বা ঘাঁহনিৰ কেইবা হাজাৰ জীৱৰ বাসস্থান আছিল আৰু ক্ৰমে এই বাসভূমিৰ অভাৱত ইহঁতৰ বিনাশ হ’ব ধৰিছে। Severe damage যে জলাশয়বোৰক ব্যৱহাৰ নোহোৱা পৰিস্থিতিতন্ত্ৰলৈ ৰূপান্তৰ কৰিছে। জৈৱ বৈচিত্ৰতাত ধনী জলাশয়, মোহনা অঞ্চল আৰু অঞ্চলবোৰ ভীষণ সংকটত পৰিছে। জলাশয়বোৰত নলা-নৰ্দমা ব্যৱস্থা, আৰু প্ৰষণৰ বাবেই এক বৃহৎ পৰিমাণৰ জৈৱ বৈচিত্ৰতা ধ্বংস হৈছে। 

কেতিয়াবা কেতিয়াবা Habitat Fragmentation ৰ বাবেও আবাসভূমিৰ ক্ষণা হৈ আহিছে। কেতবোৰ জীৱ যেনে – হৰিণা, ডাঙৰ জাতৰ মেকুৰী আদিবোৰক জীয়াই থাকিবলৈ এক বৃহৎ অঞ্চলৰ প্ৰয়োজন । সিহঁতে সৰু হাবি এখনত পোৱালী জন্ম দিবলৈ ভয় কৰে। তদুপৰি সুবালা গীত গোৱা বহুতো পক্ষীও এই Habitat Fragmentation ৰ দ্বাৰা বিলুপ্ত হৈছে। 

বৰ্তমানে আমাৰ দেশত উষ্ণীয় অৰণ্যৰ ধ্বংস বেছি হৈ আহিছে। এই হাৰ প্ৰতি বছৰে ৬ শতাংশ। এই হাৰত থাকিলে বিশ্বব্যাপী ২০-২৫ শতাংশ গছ-গছনি মাত্ৰ কেইবছৰ মানতেই নিঃশেষ হৈ যাব। সাগৰীয় (Marine) জৈৱ বৈচিত্ৰ্যতাও আজি সংকটত। 

(খ)চোৰাং চিকাৰ (Poaching): বিপন্ন বহু জীৱবোৰক হত্যা কৰি তাৰ পৰা পোৱা বস্তুৰে এখন নীতি বহিৰ্ভূত বেহা চলি আছে, ইয়াক Poaching বোলে। বৰ্তমানলৈ ইয়ো বন্যপ্ৰাণীৰ সংকটৰ কাৰণ। আন্তঃৰাষ্ট্ৰীয়ভাৱে বাধা-নিষেধ আছে যদিও চোৰাংভাৱে বন্যজীৱৰ নোম, চামৰা, শিং, দাঁত, জীবিত specimen, ঔষধীয় উৎপাদন আদিৰ বেপাৰ বৰ্তমানে চলিয়েই আছে আৰু মিলিয়ন ডলাৰৰ সম্পদ প্ৰতি বছৰে চলিয়েই আছে। এই চোৰাং বেহা, বিকাশশীল দেশ (এছিয়া, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ দেশ) বোৰত হয় কিয়নো ইয়াত জৈৱ বৈচিত্ৰ্যতাৰ ক্ষেত্ৰত সবাতোকৈ ধনী দেশ, অসংখ্য বন্যপ্ৰাণী সম্পদেৰে ভৰপুৰ । ধনী দেশ, ইউৰোপ, উত্তৰ আমেৰিকা, কেতবোৰ এছিয়াৰ ধনী দেশ যেনে জাপান, টাইৱান, আপন হংকং আদিবোৰ হ’ল এই সম্পদৰ প্ৰধান ৰপ্তানি কৰোতা দেশ। 

এই ব্যৱসায়ে চোৰং চিকাৰীবোৰক এক বৃহৎ লাভালাভ দিয়ে কিয়নো কোনো এটা বন্যপ্ৰাণী চিকাৰ কৰি আনি তাক মাফিয়াৰ দ্বাৰা অন্য দেশলৈ পঠালেই এক বৃহৎ ধন পোৱা যায়। হাতীৰ দাঁতৰ মূল্য প্ৰতি কেজিত ১০০ ডলাৰ, Leopard ৰ নোমৰ কোটত মূল্য ১০০,০০ডলাৰ (জাপানত)। আনহাতে ব্ৰাজিলৰ পৰা দেখাত ধুনীয়া বিৰল Hyacinth Macaw চৰাইবিধ ধৰি আনিলে তাৰ মূল ১০,০০০ ডলাৰ পৰ্যন্ত পোৱা যায়। আটাইতকৈ দুখলগা কথাটো হ’ল প্ৰতিটো জীৱিত জীৱ যিবোৰ বজাৰলৈ অনা হয় সিহঁতক ধৰিবলৈ অন্য ৫০ বিবিধ জীৱ ধৰা হয় বা মাৰি পেলাব লগা হয়। যদি আমি আমাৰ বিৰল প্ৰজাতিৰ গছ, মাছ, চৰাই আদিলৈ গৰ্ব কৰো, তেন্তে আজিয়েই সংকল্পবদ্ধ হোৱা দৰকাৰ যাতে আমি সেই জীৱবোৰৰ অনিষ্ট নকৰো। এই ধৰণেও আমি কিছু পৰিমাণে সেই প্ৰাণীবোৰৰ ক্ষয় ৰোধ কৰিব পাৰো। নোমৰ কোট, মোনা, অথবা ঘৰিয়ালৰ ছালেৰে তৈয়াৰী ভিন্‌ ভিন্‌ সামগ্ৰী, অজগৰৰ ছালেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী আদিবোৰ নিকিনিলেও তাৰ পৰা কিছু সংগ্ৰহ হ’ব যেন অনুমান হয়।

(গ) মানুহ-বন্যপ্ৰাণীৰ সংঘৰ্ষ (Man Wildlife Conflict): আমি এতিয়ালৈ জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণ আৰু প্ৰতিবিধৰ বিষয়ে কৈ আহিছে। কেতিয়াবা আমিও যুদ্ধকালীন অৱস্থা এটালৈ আহিব লগাত পৰে, যদিহে বন্যপ্ৰাণীয়ে immense damage অথবা danger to man, সেই সময়ত বনবিভাগে শাস্তি স্থাপনত অসুবিধাৰ সন্মুখীন হ’ব লাগে আৰু আক্ৰান্ত গাঁওবাসীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বাধা দিয়ে। 

আমাৰ দেশত মানুহ-জন্তুৰ সংঘৰ্ষৰ ঘটনা বহুতো পোহৰলৈ আহিছে। উৰিষ্যাৰ Sambalpur ত যোৱা ৫ বছৰত ১৯৫ জন মানুহ হাতীয়ে মাৰিছে, তাৰ প্ৰতিশোধত গাঁওবাসীয়ে ৯৮ টা হাতী মাৰিছে আৰু ৩০ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। সীমান্ত অঞ্চল Kote Chamarajanagar এলেকা (Mysore)ত বহুতো তেনেকৈ হাতী হত্যা কৰা কথা গম পোৱা গৈছে। মানুহ-হাতীৰ সংঘৰ্ষ ক্ৰমে বাঢ়ি আহিছে কাৰণ হাতীয়ে খেতিয়কৰ cotton বা কুঁহিয়াৰৰ খেতিৰ বেয়াকৈ অনিষ্ট কৰে। ভুক্তভোগী গাঁও বাসীয়ে সেয়ে হাতী খেদিবলৈ বিদ্যুৎ ব্যৱহাৰ কৰে আৰু কেতিয়াবা কুঁহিয়াৰ খেতিত ধ্বংসকাৰী পদাৰ্থ লুকুৱাই থয় আৰু হাতী সোমোৱাৰ লগে লগে সেইবোৰৰ বিস্ফোৰণ ঘটে। 

আচলতে গাঁওবাসীয়ে হত্যা কৰাতকৈ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সংখ্যা বেছি। ২০০৪ চনৰ আগভাগত এটা নৰখাদক বাঘে ১৬ জন নেপালী মানুহ আৰু এটা ৪ বছৰীয়া শিশুক Royal Chitwan ৰাষ্ট্ৰীয় উদ্যানত (২৪০ কি.মি. দক্ষিণ- পশ্চিমত কাঠমাণ্ডুৰ পৰা মাৰি পেলাইছে। বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে জনাজাত এই উদ্যানত সংৰক্ষণ ব্যৱস্থাই মানুহক ভয়াবহ কৰি তুলিছে। বৰ্তমানে Corbett, Duduwa, Palamau, Ronthambore আদি ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও তেনেধৰণৰ ঘটনা ঘটাৰ বাতৰি আহিছে। ২০০৪ চনত মুম্বাইৰ Powai ত Leopard য়ে দুজন মানুহক হত্যা কৰে। মুম্বাইৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ এটা Leopard য়ে ১৪ জনক হত্যা আৰু ১৯ জনক আক্ৰান্ত কৰিছে আৰু এই ঘটনাই স্থানীয় মানুহক আতংকগ্ৰস্ত কৰিছে। 

২৫। ভাৰতৰ বিপন্ন প্ৰজাতিৰ জীৱবোৰৰ বিষয়ে আলোচনা কৰা । (Discuss endangered species in India ?) 

উত্তৰঃ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ আন্তৰাষ্ট্ৰীয় সংৰক্ষণ সংস্থাই (International Union for Conservation of Nature and Natural Resources) বিপন্ন প্ৰাণী আৰু উদ্ভিদৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে। তেওঁলোকে প্ৰকাশিত Red Data নামৰ কিতাপখনত বিৰল প্ৰজাতিৰ জীৱবোৰক চিহ্নিত কৰি উলিয়াইছে আৰু যদি সংৰক্ষণৰ ব্যৱস্থা নকৰিলে যে অদূৰ ভৱিষ্যতে বিলুপ্ত হ’ব তাকো সতৰ্ক কৰি দিছে।

ভাৰতৰ প্ৰায় ৪৫০ বিধ গছ বিপন্ন বা বিৰল হোৱাৰ উপক্ৰমত থকা বুলি চিনাক্ত কৰিছে। প্ৰায় ১৫০ বিধ চিনাক্ত জীৱ আৰু ১৫০ বিধ চৰায়ো বিপন্ন হোৱাৰ সম্ভাৱনা আছে, অন্যহাতে অজ্ঞাত পৰিমাণৰ পতংগ বিপন্ন হোৱা দেখা গৈছে। বৰ্তমানে আমাৰ দেশৰ বিপন্ন জীৱ বা উদ্ভিদৰ এখন সম্পূৰ্ণ তালিকা দিয়াত কিছু কঠিন হ’ব। তলত কেতবোৰ বিপন্ন সৰীসৃপ, চৰাই, স্তন্যপায়ী আৰু গছৰ নাম দিয়া হ’ল—

(ক) সৰীসৃপ: ঘৰিয়াল, কাছ, অজগৰ, সেউজীয়া সাগৰীয়া কাছ (green sea turtle)

(খ) চৰাই: Great Indian bustard (বগলী), ময়ূৰ, ভেলা (pelican) ৰাজধনেশ, শগুন, চাইব্ৰেৰীয়ান বগা সাৰেং। 

(গ) মাংসভোজী স্তন্যপায়: ভাৰতীয় wolf, ৰঙা শিয়াল, কলা ভালুক, ৰঙা পাণ্ডা, বাঘ, নাহৰফুটুকী বাঘ, ভাৰতীয় সিংহ, সোণালী মেকুৰী Desert cat, Dugong, Striped Hyena. 

(ঘ) Primates: হলৌ বান্দৰ, নিলগিৰি বান্দৰ, টুপীমুৰীয়া বান্দৰ, সোণালী, lion tailed Macaque. 

(ঙ) গছ-গছনি: ভিন্‌ ভিন্‌ প্ৰজাতি Orchids, ঔষধী গছ যেনে – Rauvolfia serpentina (সূৰ্যমুখী) Sandalwood tree Santalum, Cycas beddomei আদি।

ভাৰতীয় বন্যপ্ৰাণীৰ survey ত চিতাবাঘ, ৰঙচুৱা মূৰৰ হাঁহ আৰু বটা চৰাই (Mountain quail) ক্ৰমে ভাৰতৰ পৰা বিলুপ্ত হোৱাৰ পথত। 

এটা প্ৰজাতি বিলুপ্ত (extinct) বুলি কোৱা হয় যদি ই ৫০ বছৰ ধৰি দেখা নাযায়। যেনে Dodo, passenger pigeon. এটা প্ৰজাতি বিপন্ন (endangered) বুলি কোৱা হয় যদিহে সেই প্ৰজাতিটোৰ সংখ্যা ক্ৰমে কমি এক সংকটজনক স্তৰত উপনীত হৈছে। এই প্ৰজাতিৰ জীৱবোৰক যদি উপযুক্ত সংৰক্ষণ ব্যৱস্থা কৰা নাযায় অদূৰ ভৱিষ্যতে এইবোৰ বিলুপ্ত হৈ যাব। 

কোনো এটা জীৱক স্পৰ্শকাতৰ (Vulnerable) বুলি কোৱা হয় যদি তাৰ জনসংখ্যাই যদি overexploitation বা আবাসভূমি ধ্বংশ কাৰণে ক্ৰমাগতভাৱে ভাবুকিৰ সন্মুখীন হ’ব লগা হৈছে। এই ধৰণৰ প্ৰজাতিবোৰ তেতিয়াও পৰ্যাপ্ত পৰিমাণে পোৱা যায় যদিও উপযুক্ত সংৰক্ষণ বা আবাসগৃহৰ অভাৱত বা খাদ্যৰ অভাৱত এইবোৰ বিপন্ন প্ৰজাতিৰ জীৱ হ’ব। বিৰল প্ৰজাতিৰ জীৱবোৰ বিপন্ন বা স্পৰ্শকাতৰ এটাও নহয় কিন্তু এটা সংকটজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰৱল। এই ধৰণৰ জীৱবোৰ এক নিষিদ্ধ অঞ্চলতেই বসবাস কৰে। তলত কেতবোৰ বিলুপ্ত আৰু বিপন্ন জীৱৰ তালিকা দিয়া হ’ল।

স্থানীয় প্ৰজাতি (Endemic Species of India): ভাৰতৰ জৈৱ বৈচিত্ৰ্যতাৰ দুটা hot spots থকা বাবেই এক বৃহৎ সংখ্যক endemic প্ৰজাতি ই অধিগ্ৰহণ কৰি আহিছে। ৪৭,০০০ প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত ৭০০০ endemic ভাৰতৰ হিমালয়, খাছী পাহাৰ, পশ্চিম ঘাট আদিতেই প্ৰধানকৈ ৬২ শতাংশ endemic গছ পোৱা গৈছে। তেনেকুৱা endemic গছৰ ভিতৰত Orchids অথবা, Sapria Himalayana, Uvaria lurida, Nepenthes Khasiana, Pedicularis, perroter আদিয়েই প্ৰধান তেনে কেতবোৰ উদ্ভিদ দিয়া হৈছে। মুঠ ৮১,০০০ প্ৰাণীৰ ভিতৰত বৃহৎ সংখ্যকেই endemic পশ্চিম ঘাটত উভচৰ প্ৰাণী (frogs চুকভেকুলী, বেং) আৰু সৰীসৃপ (ঘৰিয়াল, জেঠী, মনকীৰা আদি) আদি বেছিকৈ পোৱা যায়। ৬২ শতাংশ উভচৰ আৰু ৫০ শতাংশ সৰীসৃপ পশ্চিম ঘাটত ভিন্‌ ভিন্‌ প্ৰজাতি Monitor Lizard (Varanus) জলপহীয়া অজগৰ ভাৰতীয় Salamander আৰু Viviparous বেং (Nectophryne) আদি কেতবোৰ দৰকাৰী endemic প্ৰজাতিৰ জীৱ। 

২৬। জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণ কেনেকৈ হয় লিখা। (Write how to conserve biodiversity ?) 

উত্তৰঃ জৈৱ বৈচিত্ৰ্যতাৰ অপৰিসীম গুৰুত্ব থকাৰ মূলতে হ’ল ইয়াৰ জিনীয়, ব্যবসায়ীক, চিকিৎসা সম্পৰ্কীয়, সুগন্ধি, ecological আৰু বিকল্পৰ গুৰুত্বই অপৰিসীম ফলত এই বৈচিত্ৰ্যতাৰ সংৰক্ষণৰ প্ৰয়োজন হৈ পৰিছে। ক্ৰমান্বয়ে আমি অনুভৱ কৰি আহিছে যে, বন্যপ্ৰাণীবোৰ কোনো চিকাৰৰ খেল নহয় এইবোৰৰ পৰা আনন্দ উপভোগ কৰিবলৈ আৰু সিহঁতৰ পৰিচৰ্যাৰ

কাৰণেই প্ৰকৃতিৰ দান। বন্যপ্ৰাণী আৰু উদ্ভিদৰ জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণৰ কাৰণে গোটেই বিশ্বব্যাপী ভিন্‌ ভিন্‌ ব্যৱস্থা হাতত লোৱা হৈছে। 

এই সংৰক্ষণৰ উপায় দুই ধৰণৰ – 

(ক) আভ্যন্তৰীণ (In situ) সংৰক্ষণ (আবাসভূমিৰ ভিতৰতেই): এই সংৰক্ষণ ব্যৱস্থাত, জিন ভাণ্ডাৰ (gene bank), বীজভাণ্ডাৰ, উদ্ভিদবিদ্যা উদ্যান, কৰ্ষন সংৰক্ষণ (culture collection) আদিবোৰ হাতত লোৱা হয়।

(খ) আভ্যন্তৰীণ (In situ Conservation) সংৰক্ষণ: বৰ্তমানে আমাৰ দেশত সাতখন সংৰক্ষিত জৈৱস্তৰ, ৮০ খন ৰাষ্ট্ৰীয় উদ্যান, ৪২০ খন বন্যপ্ৰাণী অভয়াৰণ্য আৰু ২২০ খন উদ্ভিদবিদ্যা উদ্যান আছে আৰু ইহতে ৪ শতাংশ ভৌগোলিক এলেকা আৱৰি আছে। 

সংৰক্ষিত জৈবস্তৰবোৰত কেতবোৰ প্ৰতিনিধিত্বমূলক পৰিস্থিতিতন্ত্ৰ গোট হৈ থাকে আৰু ইয়াত সংৰক্ষণ দীৰ্ঘদিনীয়া হয়। আমাৰ দেশত, উত্তৰ প্ৰদেশৰ Nanda Devi, মেঘালয়ৰ Mokrek, অসমৰ মানস, পশ্চিমবংগৰ সুন্দৰবন, কৰ্ণাটক, কেৰেলা, আৰু তামিলনাডুৰ নীলগিৰি, Great Nicobar আৰু উৰিষ্যাৰ Similipal সংৰক্ষিত জৈবস্তৰৰ উদাহৰণ। এই জৈবস্তৰ সংৰক্ষিত অঞ্চলৰ ভিতৰতেই এখন বা ততোধিক ৰাষ্ট্ৰীয় উদ্যানো থাকে। যেনে— নীলগিৰি সংৰক্ষিত জৈৱস্তৰত Bandipur আৰু Naganhole নামেৰে দুখন ৰাষ্ট্ৰীয় উদ্যান আছে। ৰাষ্ট্ৰীয় উদ্যানবোৰ হ’ল কোনো এটা অঞ্চলৰ বন্যপ্ৰাণী আৰু তাৰ পৰিবেশ সুসংৰক্ষণৰ কাৰণে উৎসৰ্গিত (dedicated) অঞ্চল। ইয়াত পৰ্যটনৰ দ্বাৰা উপভোগৰ সুবিধা আছে যদিও পৰিৱেশৰ কোনো বিনষ্ট হ’ব নোৱাৰিব। পোহনীয়া জন্তুৰ চলাচল, সকলো ব্যক্তিগত অধিকাৰ, বন বিভাগীত উদ্যোগ আদি এই ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ। সচৰাচৰ প্ৰত্যেক ৰাষ্ট্ৰীয় উদ্যানত কোনো এটা নিৰ্দিষ্ট প্ৰজাতিৰ বন্যপ্ৰাণী (অন্য কোনোৰ লগত) সংৰক্ষণেই মূল লক্ষ্য। তালিকা ৪.৫ ত ভাৰতৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান হ’ল — 

বন্যপ্ৰাণী অভয়াৰণ্যবোৰতো একেদৰেই উচ্চতম কৰ্তৃপক্ষৰ অনুমতি অবিহনে, বন্যপ্ৰাণী হত্যা কৰা, চিকাৰ কৰা, ধৰি অনা আদি কাৰ্য নিষিদ্ধ থাকে। আনহাতে ব্যক্তিগত অধিকাৰবোৰ বা বনাঞ্চলৰ উদ্যোগ আদিবোৰৰ অনুমতি নোহোৱা নহয়, যদিও বন্যপ্ৰাণীৰ ওপৰত প্ৰতিকূল প্ৰভাৱ যাতে নপৰে তাৰ প্ৰতি সতৰ্কতা ৰখা হয়। আমাৰ দেশৰ কেইখনমান প্ৰধান অভয়াৰণ্যৰ তালিকা ৪.৬ ত দিয়া হ’ল —- Citrus (Lemon গোত্ৰ) ৰ উদ্ভিদ আৰু কলচী উদ্ভিদ (Pitcher plant) (এবিধ পতংগ খোৱা গছ) ৰ বাবে উত্তৰ পূৰ্বাঞ্চলত এখনকৈ gene অভয়াৰণ্য আছে। 

কেতবোৰ বিশেষ জন্তুক সংৰক্ষণ আৰু প্ৰতিৰাধাৰ কাৰণে আমাৰ দেশত কেতবোৰ প্ৰকল্পও হাতত লৈছে, যেনে— ব্যাঘ্ৰ প্ৰকল্প, গিৰ হাবিত সিংহ প্ৰকল্প, হস্তী প্ৰকল্প, ঘৰিয়ালৰ পোনা উৎপন্ন প্ৰকল্প, Snow Leopard প্ৰকল্প আদি। 

আভ্যন্তৰীণ সংৰক্ষণ (Ex Situ Conservation): এই ধৰণৰ সংৰক্ষণ ব্যৱস্থা প্ৰধানতৈ শসা, বনৰীয়া শস্য আৰু স্থানীয় শস্যৰ ওপৰত কৰা হয় যাতে বহুদিনলৈ এই শস্যৰ প্ৰজাতিবোৰৰ মুঠ জিনীয় গুণবোৰ পৰিবৰ্তনীয় হৈ থাকে / জিনীয় পৰিবৰ্তনশীল) যাৰ ফলত শস্যৰ সংস্কৰণৰ দৰে উন্নত কথাৰ চিন্তা কৰিব পাৰি অথবা বনানিকৰণ আঁচনিবোৰৰ ৰূপায়ণ কৰিব পাৰি। ভাৰতবৰ্ষত তলত দিয়া ভাণ্ডাৰ/বীজ ভাণ্ডাৰৰ সুবিধাবোৰ আছে।

(১) ৰাষ্ট্ৰীয় উদ্ভিদৰ জিন সম্পদ সংস্থা | National Bureau of Plant Genetic Resources (NBPGR)]: ই নতুন দিল্লীত অৱস্থিত। ইয়াত কৃষিজাত আৰু উদ্যানজাত শয্য আৰু wild জড়িত শস্যবোৰ সংৰক্ষণ কৰা হয়। যি প্ৰথাৰে এই বীজৰ সংৰক্ষণ কৰা হয়। তাক Cryopreservation কৰা বোলে। এই ব্যৱস্থাত নাইট্ৰ’জেনক ১৯৬০ উষ্ণতাত ব্যৱস্থাৰ কৰা হয়। ভিন্‌ ভিন্‌ প্ৰজাতিৰ ধান, মুকাতাৰ কণী ধান, Brassica, tunnip, মুলা, বিলাহী, পিয়াজ, গাজৰ, জলকীয়া, ধপাত, আমিতা আদিৰ সংৰক্ষণ আদি বহু বছৰ ধৰি সংৰক্ষণ কৰি আহিছে আৰু বীজৰ উৎপাদিকা গুলো অক্ষুণ্ণ আছে। 

(২) ৰাষ্ট্ৰীয় বন্যপ্ৰাণীৰ জিন সম্পদ সংস্থা [National Bureau of Animal Genetic Resources (NBAGR)]: ই হাৰিয়ানাৰ Kannal ত অৱস্থিত। ইয়াত ঘৰচীয়া গৰু, মহ আদিৰ বীৰ্য সংৰক্ষণ কৰে।

৩। National Facility for Plant Tissue Culture Repository (NFPTCR): এই সংস্থাই বীজ বা গছৰ সংৰক্ষণৰ সুবিধাসমূহ কলাকৰ্ষণ (tissue culture) প্ৰথাৰে বিকাশ ঘটায়। এই সুবিধাবোৰ NGPGR ৰ ভিতৰতই উদ্ভাবিত। G-15 দেশৰ সংস্থাটোৱেও জিন ভাণ্ডাৰৰ জৰিয়তে ভিন্‌ ভিন্‌ প্ৰজাতি এৰমেটিক যৌগ থকা গাছ বা ঔষধী গছৰ সংৰক্ষণৰ বাবে এখন Network কৰিছে আৰু আমাৰ ভাৰতবৰ্ষ এই Networking ৰ সমন্বয়ক দেশ। 

২৭। খাদ্য শৃংখলৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss in details about the food chain.) 

উত্তৰঃ সূৰ্য হৈছে পৃথিৱীত শক্তিৰ চূড়ান্ত উৎস। ই সকলো উদ্ভিদ জীৱনৰ বাবে প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। উদ্ভিদবোৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে এই শক্তি ব্যৱহাৰ কৰে, যাক তেওঁলোকৰ খাদ্য সংশ্লেষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই জৈৱিক প্ৰক্ৰিয়াৰ সময়ত, পোহৰ 

শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু ক্ৰমাগত স্তৰৰ মাজেৰে প্ৰেৰণা কৰা হয়। উৎপাদকৰ পৰা গ্ৰাহকলৈ আৰু অৱশেষত এজন শীৰ্ষ চিকাৰী বা ডেট্ৰিটিভোৰলৈ শক্তিৰ, প্ৰবাহক খাদ্য শৃংখল বুলি কোৱা হয়। মৃত আৰু ক্ষয় হোৱা পদাৰ্থ, জৈৱিক আৱৰ্জনাৰ সৈতে, মেঘৰবোৰৰ দ্বাৰা ইয়াৰ উপাদানবোৰ বিভক্ত কৰা হয়। হ্ৰাসকাৰীসকলে তেতিয়া এই উপাদানবোৰ শোষণ কৰে। শক্তি প্ৰাপ্ত কৰাৰ পিছত হ্ৰাসকাৰীসকলে অণুবোৰ পৰিৱেশলৈ মুক্ত কৰে, যাক উৎপাদকসকলে পুনৰ ব্যৱহাৰ কৰিব পাৰে। জীৱৰ এটা শৃংখল য’ত প্ৰতিটো প্ৰাণীয়ে শৃংখলটোত ইয়াৰ তলৰ প্ৰাণীটো খায় আৰু ইয়াৰ ওপৰত জীৱবোৰৰ বাবে খাদ্যৰ উৎস হৈ পৰে। খাদ্য শৃংখল হৈছে যিকোনো পৰিস্থিতি তন্ত্ৰৰ মৌলিক একক, ইজনে সিজনৰ সৈতে সংযোগ কৰি পৃথিৱীত জীৱনৰ আক্ৰক্ৰিয়া কৰা খাদ্যজাল গঠন কৰে। উৎপাদকসকলে খাদ্য প্ৰস্তুত কৰে, গ্ৰাহক বা খাদ্য খোৱা জন্তুৰ সৈতে অব্যাহত থাকে আৰু শীৰ্ষ চিকাৰীৰ সৈতে শেষ হয়। 

(ক) ফৰিংটোৱে উদ্ভিদ খায়। 

(খ) ভেকুলিটোৱে ফৰিংটোক খায়। 

(গ) সাপডলে ভেকুলিটোক খায়। 

(ঘ) ঈগলটোৱে সাপডালক খায়। 

(ঙ) যেতিয়া চিকাৰী চৰাইবোৰ মৰি যায়, ভেঁকুৰে শৰীৰবোৰ ভাঙি পেলায় আৰু পুষ্টিলৈ পৰিৱৰ্তন কৰে।

(চ) সূৰ্য আৰু পানীৰ সৈতে পুষ্টিৰ ফলত ঘাঁহ বা উদ্ভিদ বৃদ্ধি হয়। 

২৮। খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্যবোৰ কি ? (What are the difference between Food Chain and Food Web ?)

উত্তৰঃ খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্থক্যবোৰ তলত উল্লেখকৰা হ’ল— 

খাদ্য শৃংখল শক্তিৰ প্ৰৱাহ দেখুওৱা এক ৰৈখিক পথ। 

উচ্চ স্তৰৰ পৌষ্টিক জীৱই নিম্ন পৌষ্টিক স্তৰৰ এক নিৰ্দিষ্ট জীৱক খাদ্য প্ৰদান প্ৰৱেশাধিকাৰ থাকে। 

জীৱৰ অভিযোজন যোগ্যতা আৰু প্ৰতিযোগিতাৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

খাদ্যজাল শক্তিৰ প্ৰৱাহ দেখুওৱা বহুতো জাল সংযোগ। 

উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱ এটাৰ নিম্ন পৌষ্টিক স্তৰৰ অধিক সদস্যৰ কৰে।

জীৱ এটাৰ অভিযোজন যোগ্যতা আৰু প্ৰতিযোগিতা উন্নত কৰাৰ এক ভূমিকা আছে।

২৯। পৰিস্থিতি বিজ্ঞজ্ঞানৰ পাঁচটা স্তৰ কি ? (What are the five levels of Ecology ?) 

উত্তৰঃ পৰিস্থিতি বিজ্ঞানৰ পাঁচটা স্তৰ হ’ল –

(ক) জীৱ (Organism): ই হৈছে সংগঠনৰ নিম্নতম স্তৰ, য’ত এককোষী আৰু বহুকোষী দুয়োটা জীৱ অন্তৰ্ভুক্ত থাকে। এই স্তনৰ সকলো জীৱিত প্ৰজাতিয়ে জীৱনৰ অস্তিত্বৰ বাবে প্ৰয়োজনীয় সকলো বৈশিষ্ট্য প্ৰদৰ্শন কৰে। সকলো জীৱক জীয়াই থাকিবৰ বাবে খাদ্য দৰকাৰ। হয় আৰু জীৱৰ দেহৰ বিকাশ হয়। 

(খ) জনসংখ্যা (Population): জনসংখ্যা হৈছে এক নিৰ্দিষ্ট ভৌগোলিক এলেকাৰ ভিতৰত একেলগে বাস কৰা এটা প্ৰজাতিৰ ্যক্তিৰ এটা গোট। তেওঁলোকে সম্পদৰ বাবে ইজনে সিজনৰ সৈতে আন্তঃপ্ৰজনন আৰু প্ৰতিযোগিতা কৰে।

(গ) সম্প্ৰদায় (Community): ই কেইবাটাও জনসংখ্যাক বুজায় যি এক উমৈহতীয়া পৰিৱেশৰ সৈতে আদান-প্ৰদান কৰে তথা বাস কৰে আৰু এয়া পাৰস্পৰিক নিৰ্ভৰশীল। এটা সম্প্ৰদায় হৈছে একে সময়তে একে ভৌগোলিক এলেকা দখল কৰা দুই বা ততোধিক পৃথক প্ৰজাতিৰ জনসংখ্যাৰ এক গোট বা সংগঠন, যাক বায়োকোনোচিছ (biocoenosis) জৈৱকোনোচিছ, জৈৱিক সম্প্ৰদায়, পাৰিপাৰ্শ্বিক সম্প্ৰদায় বা জীৱন সমাৱেশ বুলিও কোৱা হয়।

(ঘ) পৰিৱেশতন্ত্ৰ (Ecosystem): ই হৈছে এক নিৰ্দিষ্ট এলেকাত বিদ্যমান আৰু আদান প্ৰদান কৰা সকলো জীৱিত প্ৰজাতি আৰু অজৈবিক উপাদানৰ এটা সংহতি। পৰিবৱেশৰ জীৱিত আৰু অজীৱিত উপাদান দুয়োটাৰ সৈতে এক বাৰ্তালাপ হয়। পৰিৱেশতন্ত্ৰ হৈছে পৰিস্থিতি বিজ্ঞানৰ গাঁথনিগত আৰু কাৰ্যকৰী একক য’ত জীৱিত জীৱবোৰে ইজনে-সিজনৰ সৈতে আৰু চাৰিওফালৰ পৰিৱেশৰ সৈতে আদান-প্ৰদান কৰে। অৰ্থাৎ পৰিৱেশতন্ত্ৰ হৈছে জীৱ আৰু সিহঁতৰ পৰিৱেশৰ মাজত আন্তঃক্ৰিয়াৰ এক শৃংখলা।

(ঙ) জৈৱমণ্ডল (Biosphere): ই সংগঠনৰ সৰ্বোচ্চ স্তৰ। এইটো হৈছে গোলকীয় পাৰিপাৰ্শ্বিক প্ৰণালী য’ত সকলো জীৱিত জীৱ আৰু অন্যান্য কাৰক থাকে যি জীৱনক সমৰ্থন কৰে। জৈৱমণ্ডল মূলতঃ পৃথিৱীৰ ভূত্বকৰ অংশক বুজায়। জৈৱমণ্ডল, পৃথিৱীৰ পৃষ্ঠৰ তুলনামূলকভাৱে ক্ষীণ জীৱন-সহায়ক স্তৰ বায়ুমণ্ডললৈ কেই কিলোমিটাৰৰ পৰা সাগৰৰ গভীৰ সাগৰৰ ভেণ্টলৈ বিস্তৃত। জৈৱমণ্ডল হৈছে জীৱিত জীৱ আৰু অজৈৱিক কাৰকৰ দ্বাৰা গঠিত এক গোলকীয় পৰিৱেশ তন্ত্ৰ যাৰ পৰা তেওঁলোকে শক্তি আৰু পুষ্টি আহৰণ কৰে। জৈৱমণ্ডল হৈছে এক প্ৰণালী যাৰ বিশেষত্ব হৈছে পদাৰ্থৰ নিৰন্তৰ চাইকেল চলোৱা আৰু সৌৰশক্তিৰ সৈতে থকা প্ৰবাহ য’ত কিছুমান ডাঙৰ অণু আৰু কোষ স্বপুনৰ উৎপাদন কৰি আছে। 

৩০। পৰিস্থিতিতন্ত্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷ (Discuss the features of Ecosystem.)

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ হৈছে প্ৰকৃতিৰ এক একত্ৰিত প্ৰণালী য’ত পৃথিৱী আৰু মহাকাশৰ সামগ্ৰিক পৰিধি-ভৌতিক, জৈৱীয় আৰু মানৱীয় দিশ অন্তৰ্ভুক্ত থাকে আৰু ইয়াক পৃথিৱীৰ জীৱিত জীৱ আৰু জীৱিত নোহোৱা গুণাগুণৰ মাজৰ নিষ্ক্ৰিয়তাৰ স্বতন্ত্ৰ অধ্যয়ন বুলি জনা যায়। সেয়েহে, পৰিস্থিতিতন্ত্ৰই পৰিৱেশৰ বা প্ৰকৃতিৰ সকলো খণ্ডৰ মাজত আন্তঃক্ৰিয়াৰ অধ্যয়নক বুজায়। পৰিস্থিতিতন্ত্ৰৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল— 

(ক) নিৰ্দিষ্ট স্থান আৰু সময়ৰ সৈতে সম্পৰ্কিত পৰিস্থিতিতন্ত্ৰই সেই অঞ্চলত বাস বা আবাস কৰা সকলো প্ৰাকৃতিক জীৱৰ যোগফল প্ৰতিনিধিত্ব কৰে। 

(খ) পৰিৱেশতন্ত্ৰৰ সংগঠনত তিনিটা কাৰক অন্তৰ্ভুক্ত আছে— 

(i) শক্তি কাৰক।

(ii) জৈৱীয় কাৰক। আৰু 

(iii) অজৈৱীয় কাৰক। 

(গ) পৰিস্থিতিতন্ত্ৰৰ এক নিৰ্দিষ্ট স্থানিক মাত্ৰা আছে আৰু ই নিজকে এক নিৰ্দিষ্ট স্থান বা ভূমিপৃষ্ঠৰ সৈতে সম্পৰ্কিত কৰে। 

(ঘ) পৰিস্থিতিতন্ত্ৰ সময়ৰ এককৰ ক্ষেত্ৰত অধ্যয়ন কৰা যি ইয়াক লৌকিক মাত্ৰাৰ সৈতে সম্পৰ্কিত কৰে। 

(ঙ) সাংগঠনিক কাৰকবোৰৰ মাজত আন্তঃক্ৰিয়া আছে— শক্তি, জৈৱীয় আৰু অজৈৱীয়। 

(চ) পৰিস্থিতিতন্ত্ৰ হৈছে এক মুক্ত আৰু স্বয়ংক্ৰিয় প্ৰণালী য’ত পৰিৱেশৰ সকলো খণ্ডই উৎপাদক সামগ্ৰী আৰু উৎপাদনৰ বিনিয়োগ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

(ছ) সমগ্ৰ পাৰিপাৰ্শ্বিক প্ৰণালীত কোনো অব্যৱস্থা নাই। ইয়াৰ সকলো অংশই তেওঁলোকৰ সীমাৰ ভিতৰত এক সন্তুলিত উপায়েৰে কাম কৰে। 

(জ) পৰিস্থিতিতন্ত্ৰ এক প্ৰাকৃতিক উৎস ব্যবস্থাপনা আৰু এক মননিষ্টিক ধাৰণা।

(ঝ) সমগ্ৰ পৰিৱেশতন্ত্ৰটো বিভিন্ন প্ৰকাৰৰ শক্তিৰ পৰা লোৱা হয়, কিন্তু শক্তি আটাইতকৈ গুৰুত্বপূৰ্ণ। 

(ঞ) পৰিস্থিতিতন্ত্ৰবোৰ কম জটিলৰ পৰা অধিক জটিল অৱস্থালৈ গৈ পৰিপক্ক হয়। এনে উত্তৰাধিকাৰীৰ প্ৰাৰম্ভিক পৰ্যায়ত সাম্ভাব্য শক্তিৰ অত্যাধিক আৰু প্ৰতি একক বায়োমাছত তুলনামূলকভাৱে উচ্চ শক্তি প্ৰবাহ থাকে। পিছৰ পৰ্যায়ত শক্তি সংগ্ৰহ কম হয় আৰু অধিক বৈচিত্ৰ্যপূৰ্ণ উপাদানৰ মাজেৰে ইয়াৰ প্ৰবাহ হয়। 

(ট) পৰিস্থিতিতন্ত্ৰ এটাৰ গঠন ইয়াৰ প্ৰজাতি বৈচিত্ৰ্যৰ সৈতে সম্পৰ্কিত। অধিক জটিল পৰিস্থিতিতন্ত্ৰত উচ্চ প্ৰজাতিৰ বৈচিত্ৰ্য আছে।

৩১। চমুটোকা লিখা ( Short Note)

(ক) অজৈবিক উপাদান (Abiotic Components) 

উত্তৰঃ জীৱবিজ্ঞান আৰু পৰিস্থিতি বিজ্ঞানত অজৈৱিক উপাদান বা কাৰক হৈছে পৰিৱেশৰ অজীৱিত ৰাসায়নিক আৰু ভৌতিক অংশ যি জীৱিত জীৱ আৰু পৰিৱেশতন্ত্ৰৰ কাৰ্যপ্ৰণালী প্ৰভাবিত কৰে। অজৈৱিক কাৰক আৰু সেইবোৰৰ সৈতে সম্পৰ্কিত পৰিঘটনাবোৰে সামগ্ৰিকভাৱে জীৱবিজ্ঞানক আধাৰিত কৰে। এইবোৰে সকলো প্ৰকাৰৰ পাৰিপাৰ্শ্বিক পৰিস্থিতি যেনে— সামুদ্ৰিক বা ভূমি প্ৰাণী আদিত প্ৰজাতিৰ আধিক্য প্ৰভাৱিত কৰে। আমি মানুহে এটা প্ৰজাতিৰ পৰিৱেশত অজৈৱিক কাৰক বনাব বা সলনি কৰিব পাৰো। উদাহৰণস্বৰূপে, শাৰে শামুকৰ বাসস্থান প্ৰভাৱিত কৰিব পাৰে বা মানুহে ব্যৱহাৰ কৰা সেউজগৃহ গেছবোৰে সামুদ্ৰিক pH স্তৰ সলনি কৰিব পাৰে। অজৈবিক উপাদানবোৰৰ ভিতৰত আছে ভৌতিক স্থিতি আৰু জীবিত নোহোৱা সম্পদ যি বিকাশ, ৰক্ষণাবেক্ষণ আৰু প্ৰজননৰ ক্ষেত্ৰত জীবিত জীৱক প্ৰভাৱিত কৰে। 

সম্পদবোৰক এটা জীৱৰ দ্বাৰা প্ৰয়োজনীয় পৰিৱেশত পদাৰ্থ বা বস্ত্ৰ হিচাপে পৃথক কৰা হয় আৰু আন জীৱৰ দ্বাৰা ব্যৱহাৰৰ বাবে খোৱা বা অন্যথা উপলব্ধ নহয়। পদাৰ্থ এটাৰ উপাদান অৱক্ষয় ৰাসায়নিক বা ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা হয়, যেনে— হাইড্ৰলাইচিছ। পৰিৱেশতন্ত্ৰ এটাৰ সকলো অজীৱিত উপাদান, যেনে— বায়ুমণ্ডলীয় পৰিস্থিতি আৰু জল সম্পদ, ইয়াক অজৈৱিক উপাদান বুলি কোৱা হয়। 

জীৱবিজ্ঞানত অজৈবিক উপাদানবোৰৰ ভিতৰত থাকিব পাৰে পানী, পোহৰ, বিকিৰণ, উষ্ণতা, আৰ্দ্ৰতা, বায়ুমণ্ডল আৰু মাটি। মেক্ৰোস্কোপিক জলবায়ুয়ে প্ৰায়ে ওপৰোক্ত প্ৰতিটোক প্ৰভাৱিত কৰে। সামুদ্ৰিক বা উপ-স্থলজ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত চাপ আৰু শব্দ তৰংগৰ কথাও বিবেচনা কৰা হ’ব পাৰে। সাগৰৰ পৰিৱেশত অজৈৱিক কাৰকবোৰৰ ভিতৰত আছে আকাশী সংস্পৰ্শ, চাৰষ্টেট, পানীৰ স্পষ্টতা সৌৰশক্তি আৰু জোৱাৰ। 

৩২। জৈৱিক উপাদান আৰু অজৈৱিক উপাদানৰ মাজৰ পাৰ্থক্য লিখা । (Write the difference between Biotic Components & abiotic components.) 

উত্তৰঃ জৈৱিক উপাদান আৰু অজৈবিক উপাদানৰ মাজৰ পাৰ্থক্য হ’ল—–

 জৈবিক উপাদান 

(ক) জৈৱিক কাৰক বা উপাদানবোৰত পৰিৱেশতন্ত্ৰত থকা সকলো জীৱিত উপাদান অন্তৰ্ভুক্ত থাকে।

(খ) জৈৱিক উপাদানৰ উদাহৰণ হ’ল সকলো উদ্ভিদ আৰু প্ৰাণী অন্তৰ্ভুক্ত থাকে।

(গ) জৈৱিক উপাদানবোৰ জীয়াই থকা আৰু প্ৰজননৰ বাবে অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰে।

(ঘ) জৈবমণ্ডলৰ পৰা জৈৱীয় উপাদানৰ উৎপত্তি হয়।

(ঙ) জৈৱিক উপাদানৰ জোখ ব্যক্তিগত।

(চ) জৈৱিক কাৰকবোৰ পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে খাপ খাবলৈ সক্ষম।

(ছ) জীৱিত জীৱবোৰ পৰিৱেশতন্ত্ৰৰ আন জীৱৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে সম্পৰ্কিত হ’ব পাৰে।

(জ) জৈৱিক কাৰকে বিভিন্ন সম্পৰ্ক গঠন কৰিব পাৰে। যেনে— সহজীৱিতা, কোনো সম্পৰ্ক গঠন নহয়। পেৰাচিটিজম আৰু চিকাৰী-চিকাৰৰ সম্পৰ্ক।

(ঝ) জৈৱিক কাৰকবোৰৰ ভিতৰত আছে বিভিন্ন উদ্ভিদ, প্ৰাণী, বেক্টেৰিয়া আৰু শেলাই যিউৎপাদক, গ্ৰাহক বা পচনকাৰী হিচাপে কাম কৰে ।

(ঞ) এটা জৈৱিক কাৰকৰ পৰিৱৰ্তনৰ ফলত আন গোটবোৰত কেতিয়াবাহে পৰিবৰ্তন হয়।

অজৈৱিক উপাদান

(ক) অজৈৱিক উপাদানবোৰত সকলো জীৱিত নোহোৱা অৰ্থাৎ ভৌতিক স্থিতি আৰু ৰাসায়নিক কাৰকক বুজায় যি পৰিৱেশতন্ত্ৰক প্ৰভাৱিত কৰে। 

(খ) অজৈৱিক কাৰকৰ উদাহৰণ হ’ল সূৰ্যৰ পোহৰ, পানী, বায়ু, আৰ্দ্ৰতা, উষ্ণতা ইত্যাদি।

(গ) অজৈৱিক কাৰকবোৰ তেওঁলোকৰ অস্তিত্বৰ বাবে জৈৱিক কাৰকৰ পৰা সম্পূৰ্ণৰূপে স্বতন্ত্ৰ।

(ঘ) অজৈৱিক উপাদানবোৰ লিথোস্ফিয়াৰ জলমণ্ডল আৰু বায়ুমণ্ডলৰ পৰা উৎপ হয়। 

(ঙ) অজৈৱিক উপাদানৰ জোখ বস্তুনিষ্ঠ।

(চ) অজৈৱিক উপাদানবোৰৰ পাৰিপাৰ্শ্বিক পৰিস্থিতি অনুসৰি খাপ খোৱাৰ ক্ষমতা নাই।

(ছ) অজৈৱিক উপাদানে পৰিৱেশতন্ত্ৰত জীয়াই থকা জীৱনৰ সংখ্যা আৰু প্ৰকাৰ নিৰ্ধাৰণ কৰে। 

(জ) অজৈৱিক কাৰকৰ মাজত এনেকোনো সম্পর্ক গঠন নহয়।

(ঝ) অজৈৱিক কাৰকবোৰৰ ভিতৰত আছে মাটিৰ ভৌগোলিক অৱস্থা, জলবা আৰু পৰিৱেশতন্ত্ৰৰ প্ৰাকৃতিক বিভ্ৰান্তি।

(ঞ) যিকোনো অজৈৱিক কাৰকৰ পৰিৱৰ্তনে জৈৱীয় কাৰকবোৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। 

৩৩। খাদ্যজাল কি চমুকৈ লিখা । (Write briefly what is food web.)

উত্তৰঃ খাদ্যজাল হৈছে এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক ধাৰণা। মূলতঃ খাদ্যজালে এটা সম্প্ৰদায় ভিতৰত কঢ়িয়াই অনাটো প্ৰতিনিধিত্ব কৰে। ইয়াৰ অৰ্থ হৈছে তৃণভোজী প্ৰাণীৰ জৰিয়তে উদ্ভিদত ইয়াৰ উৎসৰ পৰা খাদ্য শক্তি মাংসভোজী প্ৰাণীলৈ স্থানান্তৰ কৰা। সাধাৰণতে খাদ্যজালৰ কেইবাটাও খাদ্যশৃংখল একেলগ হৈ জাল তৈয়াৰ হয়। প্ৰতিটো খাদ্যশৃংখল হৈছে বৰ্ণনামূল নক্সা যাৰ ভিতৰত আছে কাড়ৰ এটা শৃংখল, প্ৰতিটোৱে এটা প্ৰজাতিৰ পৰা আন এটাতে 

আঙুলিয়াই দিয়ে, যি জীৱৰ এটা খাদ্য গোটৰ পৰা আন এটালৈ খাদ্য শক্তিৰ প্ৰবাহ প্ৰতিনিধিত্ব কৰে।

কিছুসংখ্যক খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজাল সৃষ্টি হয়। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয়। গতিকে খাদ্যজাল হৈছে খাদ্য শৃংখলৰ এনে এক কৰ্মজাল য’ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত। ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে।

অনন্য বাৰ্তালাপ আৰু সম্পৰ্কত আছে যিবোৰ শক্তি পৰিবহনৰ সৈতে জড়িত। এবাৰ উৎপাদিত আৰু সংগ্ৰহ কৰা শক্তি বিভিন্ন জীবিত জীবত বিতৰণ কৰা হয়। শক্তিৰ এই স্থানান্তৰক খাদ্যজা বুলি কোৱা হয়। 

খাদ্যজালৰ ধাৰণা, যাক আগতে খাদ্যচক্ৰ বুলি জনা গৈছিল, সাধাৰণতে চাৰ্লছ এলটনক কৃতিত্ব দিয়া হয়, যিয়ে প্ৰথম ১৯২৭ চনত প্ৰকাশিত তেওঁৰ ‘Animal Ecology’ নামৰ কিতাপখনত ইয়াক প্ৰৱৰ্তন কৰিছিল। খাদ্যজালৰ অধ্যয়ন গুৰুত্বপূৰ্ণ, কিয়নো এনে জাল দেখুৱাব পাৰে যে কেনেদৰে পৰিৱেশতন্ত্ৰ এটাৰ মাজেৰে শক্তি প্ৰবাহিত হয়। ই আমাক বুজাত সহায় কৰে যে কেনেকৈ বিষাক্ত পদাৰ্থ আৰু প্ৰদূষকবোৰ এটা নিৰ্দিষ্ট পৰিস্থিতিতন্ত্ৰৰ ভিতৰত ঘনীভূত হয়। খাদ্যজাল হৈছে খাদ্য শৃংখলাৰ এক প্ৰাকৃতিক আন্তঃসংযোগ। ইয়াৰ দুটা চৰম শ্ৰেণী হৈছে অটোট্ৰফ (Autotrophs) আৰু হেটেৰোট্ৰফ (Heterotrophs)। 

খাদ্যজাল হৈছে প্ৰকৃত পৰিস্থিতিতন্ত্ৰৰ সীমিত প্ৰতিনিধিত্ব কিয়নো সেইবোৰে প্ৰয়োজনীয়ভাৱে বহুতো প্ৰজাতিক ট্ৰফিক প্ৰজাতিত একত্ৰিত কৰে, যি হৈছে প্ৰজাতিৰ কাৰ্যকৰী গোট যাব। খাদ্যজালত একে চিকাৰী আৰু চিকাৰ থাকে । পৰিস্থিতিবিদসকলে এই সৰলীকৰণবোৰ ট্ৰফিৰ বা উপভোক্তা সম্পদ প্ৰণালীৰ গতিশীলতাৰ পৰিমাণগত মডেলত ব্যৱহাৰ কৰে।

৩৪। জৈৱ বৈচিত্ৰ্যৰ বিষয়ে বহলাই লিখা। (Discuss biodiversity in detail.) 

উত্তৰঃ পৃথিৱীখনৰ জীৱমণ্ডল স্তৰত, জীৱসমূহৰ জন্ম-মৃত্যু, বৃদ্ধি, প্ৰসাৰ আদি কাৰ্য অহৰহ চলি আছে। জীৱবোৰৰ সীমা সংখ্যা নাই। দিনটোত কিমান জীৱৰ জন্ম হয় আৰু মৃত্যু হয়, তাৰ হিচাপ মানুহৰ হাতত নাই। বিচিত্ৰ জীৱৰ দ্বাৰা ভূ-মণ্ডল অৰ্থাৎ জীৱমণ্ডল ভৰি আছে। ইয়াকে জীৱ-বিচিত্ৰতা বা জৈৱ বিচিত্ৰতা বুলি কোৱা হয়। মানুহক এই জীৱসমূহৰ লগত ধৰা হোৱা নাই। প্ৰকৃততে জীৱ বিচিত্ৰতা মানে কোনো এটা প্ৰাকৃতিক পৰিৱেশত বা কোনো এটা অঞ্চলত বৰ্তি থকা সকলোধৰণৰ জীৱবোৰৰ উপস্থিতিকে তাৰ জীৱ বিচিত্ৰতা বোলে। উদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলৰ জীৱ বিচিত্ৰতা বা অঞ্চল হিচাপে উত্তৰ-পূব ভাৰতৰ জীৱ বিচিত্ৰতা আদি। বিজ্ঞানীসকলে জীৱবোৰক তিনিটা ভাগত ভগাইছে যেনে জীৱ-জন্তু (Animal life), উদ্ভিদ (Plant life) আৰু অণুজীৱ (Microorganism)। ইহঁতৰ মাজত পৰস্পৰ এৰাব নোৱাৰা প্ৰাকৃতিক সম্পৰ্ক বিদ্যমান। সেয়েহে ইহঁতৰ কোনো কাৰো শত্ৰু নহয় বৰং ইটো সিটোৰ সহায়কহে।

পৃথিৱীখন জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল হ’লেও কিছুমান অঞ্চলৰ জৈৱ বৈচিত্ৰ্য অতি কম (মৰুভূমি অঞ্চল)। আনহাতে কিছুমান অঞ্চলত ইয়াৰ প্ৰকোপ অতি বেছি (নিৰক্ষীয় অঞ্চল)। এইটো নিৰ্ভৰ কৰে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত। জৈৱ বৈচিত্ৰ্য তিনি ধৰণৰ হ’ব পাৰে। যেনে— জেনেটিক বিচিত্ৰতা (Genetic diversity), প্ৰজাতিৰ বিচিত্ৰতা (Species diversity) আৰু পৰিৱেশনিকায় (Ecosystem diversity) বিচিত্ৰতা। পৃথিৱীত কিমান প্ৰকাৰৰ আৰু কিমান সংখ্যক জীৱ আছে তাৰ হিচাপ কোনেও দিব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল জন্ম-মৃত্যুৰ গতি। এই গতি বিৰামহীনভাৱে চলি আছে আৰু অনাদি কালৰ পৰা চলি থাকিব অনন্তকাল পৰ্যন্ত। মানুহ পৃথিৱীলৈ আহিছে কিছু সময়লৈকেহে। মানুহ পৃথিৱীত আৱিৰ্ভাৱ হোৱাৰ আগতে  পৃথিৱী চলি আছিল । ই যি কি নহওক বৈজ্ঞানিকসকলে পাৰ্যমানে চেষ্টা কৰি পৃথিৱীত থকা জীৱসমূহৰ সংখ্যা কিছু পৰিমাণে হ’লেও দিব পাৰিছে। 

জৈৱ বৈচিত্ৰ্য কথাষাৰ এক বিমূৰ্ত ধাৰণা যেন লাগে। 

কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশেই চুই যায়। এই পৃথিৱীত অসংখ্য প্ৰকাৰৰ উদ্ভিদ আৰু জীৱ-জন্তু আছে। এই বৈচিত্ৰ্যই সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহৰ খাদ্য, ৰোগ নিৰাময় বস্তু বা ভেষজ, বস্ত্ৰ, আশ্ৰয়, আধ্যাত্মিক আৰু বিনোদনমূলক প্ৰয়োজনবোৰ পূৰণ কৰে। এই বৈচিত্ৰ্যই পৰিস্থিতিতন্ত্ৰত ক্ৰিয়া প্ৰক্ৰিয়া, যেনে— পৰিষ্কাৰ-পৰিচ্ছন্ন পানী যোগান পুষ্টি চক্ৰ আৰু মাটি সংৰক্ষণ আদি অব্যাহতৰখাটো সুনিশ্চিত কৰে। মুঠ জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ অৰ্থ হৈছে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি ।

 প্ৰজাতিৰ অৱলুপ্তি বা নিঃচিহ্নকৰণ হৈছে বিৱৰ্তনৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। কিন্তু শেহতীয়াকৈ অসংখ্য প্ৰজাতি নাইকিয়া হৈ যোৱা বিষয়টোক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে। 

সাধাৰণভাৱে পৰিৱেশ আৰু বিশেষকৈ জৈৱ বৈচিত্ৰ্য সম্পৰ্কে মানৱ সমাজৰ পৰিৱৰ্তনত দৃষ্টিভংগীয়ে এনে এটা পৰ্যায় পাইছেগৈ যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ এটা বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। বিভিন্ন দিশৰ পৰা জৈৱ বৈচিত্ৰ্য লৈ অহা ভাবুকিসমূহ হৈছে—

(ক) বাসস্থান ধ্বংস। 

(খ)পশুধনৰ অতিপাত বিচৰণ। 

(গ) চোৰাং চিকাৰ।

(ঘ) প্ৰাকৃতিক দুৰ্যোগ।

(ঙ) জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top