অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য – Environmental Characteristics of Assam and North-East India

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য – Environmental Characteristics of Assam and North-East India are the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য – Environmental Characteristics of Assam and North-East India.

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য – Environmental Characteristics of Assam and North-East India

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET and Other Exam অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য – Environmental Characteristics of Assam and North-East India for All notes, You can practice these here.

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য

ENVIRONMENTAL STUDIES

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য (Environmental Characteristics of Assam and the North-East India):

(ক) অসমৰ জিলা, মহকুমা আদিৰ চমু তথ্য (ward, village, districts, autonomous কৌন্সিলছ, country):-

অসম:- মাটিকালি প্ৰায়- 78, 438 বৰ্গ কিল’মিটাৰ জনসংখ্যা- 3.11 কোটি (2011 চনৰ পিয়ল)

জিলা:- ৰাজ্য এখনৰ প্ৰশাসনৰ বৃহত্তম ভৌগোলিক গোট এটাৰ নাম হৈছে জিলা। প্ৰশাসনৰ সুবিধাৰ কাৰণে ৰাজ্য একোখন কেইবাখনো জিলাত বিভক্ত কৰা হয়। প্ৰতিখন জিলাৰে একোখন সদৰ ঠাই থাকে আৰু জিলাখনৰ এগৰাকী মূৰব্বী বিষয়া (DC) থাকে।

মহকুমা (Sub-division):– প্ৰশাসনিক সুবিধাৰ কাৰণে একোখন জিলাক দুটা বা অধিক সংখ্যক মহকুমাত বিভক্ত কৰা হয়; কোনো কোনো জিলাত এটা মহকুমাও হ’ব পাৰে। মহকুমাৰ মুখ্য প্ৰশাসনিক বিষয়া গৰাকীক মহকুমাধিপতি বোলে। মহকুমাৰ অধীনত বিভিন্ন পৰিষদ (Council), মৌজা, পঞ্চায়ত আদি থাকে। নগৰ চহৰবোৰ পৰিচালনা কৰিবলৈ আৰু নানা উন্নয়নমূলক কাম কৰিবলৈ বিভিন্ন প্ৰকাৰৰ টাউন কমিটি, ৱাৰ্ড কমিটি, পৌৰ নিগম আদি গঠন কৰা হৈছে।

অসমত ১২৫ খন নগৰ আছে; মুঠ জনসংখ্যা শতকৰা ১২.৭২ জনে নগৰত বাস কৰে।

অসমৰ মহকুমাৰ মুঠ সংখ্যা – ৫৬ টা।

ৰাজহচক্ৰ – ১৪৫, উন্নয়ন খণ্ড – ২১৯, পৌৰসভা – ২৫, গাওঁ -২৬,৩১২, গাওঁ পঞ্চায়ত – ২২০২ খন এইবোৰৰ উপৰিও অঞ্চলভেদে জনজাতীয় সংখ্যাগৰিষ্ঠ লোক বাস কৰা অঞ্চলত প্ৰয়োজনমতে স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হৈছে।

বড়ো, মিছিং, ডিমাছা, কাৰ্বি, তিৱা আদি বিভিন্ন গোষ্ঠীৰ নিজৰ নিজৰ স্বায়ত্ব পৰিষদ আছে। সেই পৰিষদবোৰলৈ সদস্য নিৰ্বাচিত কৰা হয় আৰু সেই পৰিষদে জনজাতীয় লোকৰ উন্নতিৰ হকে থকা চৰকাৰী আচনিসমূহ তদাৰক কৰে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজসমূহৰ ভৌগোলিক গঠনত বৈচিত্ৰ্য আছে আৰু এই অঞ্চলটো নদ-নদী, পৰ্বত-পাহাৰেৰে বিস্তৃত। এনেধৰণৰ গঠনৰ কাৰণে অঞ্চলটোৰ পৰিৱেশো বৈচিত্ৰ্যময়।

অসমৰ জিলা, সদৰ ঠাই, মহকুমা

জিলাসদৰ ঠাইমহকুমা
তিনিচুকীয়াতিনিচুকীয়াতিনিচুকীয়া, মাৰ্গেৰিটা, শদিয়া
ডিব্ৰুগড়ডিব্ৰুগড়ডিব্ৰুগড়
ধেমাজিধেমাজিধেমাজি, জোনাই
লক্ষীমপুৰউত্তৰ লক্ষীমপুৰউত্তৰ লক্ষীমপুৰ, ঢকুৱাখনা
শিৱসাগৰশিৱসাগৰশিৱসাগৰ, নাজিৰা, চৰাইদেউ
যোৰহাটযোৰহাটযোৰহাট, মাজুলী, তিতাবৰ
গোলাঘাটগোলাঘাটগোলাঘাট, ধনশিৰি, কোকাখাত
শোণিতপুৰতেজপুৰতেজপুৰ, গহপুৰ, বিশ্বনাথ চাৰিআলি
নগাঁওনগাঁওনগাঁও, হোজাই, কলিয়াবৰ
মৰিগাঁওমৰিগাঁওমৰিগাঁও
দৰংমঙ্গলদৈমঙ্গলদৈ, ওদালগুৰি
নলবাৰীনলবাৰীনলবাৰী
বৰপেটাবৰপেটাবৰপেটা, বজালী
গোৱালপাৰাগোৱালপাৰাগোৱালপাৰা
বঙাইগাঁওবঙাইগাঁওবঙাইগাঁও
কোকৰাঝাৰকোকৰাঝাৰকোকৰাঝাৰ, গোসাইগাও
ধুবুৰীধুবুৰীধুবুৰী, দক্ষিণশালমাৰা, বিলাসীপাৰা, হাটশিঙিমাৰী
ডিমা হাছাওহাফলংহাফলং, মাইবং, দিয়ুংব্ৰ
পূব কাৰ্বি আংলংডিফুডিফু, বোকাজান, হাওড়াঘাট
পশ্চিম কাৰ্বি আংলংহামৰেণহামৰেণ
কাছাৰশিলচৰশিলচৰ, লক্ষিপুৰ
হাইলাকান্দিহাইলাকান্দিহাইলাকান্দি
কৰিমগঞ্জকৰিমগঞ্জকৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ
বাক্সামছলপুৰমুছলপুৰ, শালবাৰী, তামোলপুৰ
চিৰাংকাজলগাওকাজলগাঁও
ওদালগুৰিওদালগুৰিওদালগুৰি, ভেৰগাঁও
কামৰূপ (নগৰ)গুৱাহাটীগুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ
কামৰূপ (গ্ৰাম্য জিলা)অমিনগাঁওকামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া
বজালীপাঠশালাবজালী
বিশ্বনাথবিশ্বনাথ চাৰিআলিবিশ্বনাথ চাৰিআলি, গহপুৰ
চৰাইদেউসোণাৰিচৰাইদেউ
হোজাইহোজাইহোজাই
মাজুলীগড়মূৰমাজুলী
দক্ষিণ শালমাৰা-মানকাচৰহাটশিঙিমাৰিহাটশিঙিমাৰি

বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ (BTAD) অধীনত পৰা জিলা কেইখন হৈছে- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি।

অসমৰ ভূ-প্ৰাকৃতিক অৱয়ৱ:- ভূ-প্ৰাকৃতিক অৱয়ৱ বুলিলে বিচ্যুতি, ভাজবিশিষ্ট পৰ্বতমালা, মালভূমি, সৰুবৰ নদী উপত্যকা, পশ্চাদভূমি, প্লাৱন ভূমি, বিচ্ছুৰিত শিলাখণ্ড আদিকে বুজোৱা হয়। অসমৰ মুঠ মাটিকালিৰ 82 শতাংশ হৈছে সমভূমি অঞ্চল আৰু 18 শতাংশ পাহাৰীয়া অঞ্চল। 

ভূ-প্ৰাকৃতিকভাৱে অসমত চাৰিটা প্ৰধান অঞ্চল আছে-

(ক) ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল।

(খ) বৰাক উপত্যকা অঞ্চল।

(গ) কাৰ্ব মালভূমি অঞ্চল। আৰু

(ঘ) উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল তথা বৰাইল পৰ্বতমালা।

(খ) উত্তৰ পূৰ্বাঞ্চলৰ কিছু কথা:- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জিলাৰ সংখ্যা, ৰাজ্যৰ ৰাজধানী, মাটিকালি, জনসংখ্যা

ৰাজ্যৰাজধানী জিলাৰ সংখ্যামাটিকালি (বৰ্গ কিমি)জনসংখ্যা (লাখ)
অৰুণাচল প্ৰদেশ- ইটানগৰ1683, 74313.82
মণিপুৰইম্ফল922, 32727.21
মেঘালয়শ্বিলং722, 42929.64
মিজোৰামআইজল829, 08110.91
নাগালেণ্ডকোহিমা1116, 57919.80
অসমদিছপুৰ2778, 438311.69
ত্ৰিপুৰাআগৰতলা810, 40636.71
ছিকিমগেংটক47,0966.10

উত্তৰ – পূৰ্বাঞ্চলৰ নদ-নদী আৰু প্ৰধান পাহাৰ (Rivers and Hills of NE Region):- নদ-নদী, বিল, হ্ৰদ আদি (Rivers and Wetlands): সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ। ইয়াৰ উপৰিও সৰু বৰ উপনদী বহুত আছে। বিশেষকৈ অসমত বহুসংখ্যক বিল আৰু জলাহভূমি, ডাঙৰ ডাঙৰ পুখুৰী আছে; হ্ৰদৰ কাৰণে মণিপুৰ বিখ্যাত। মণিপুৰৰ লোগতক হ্ৰদৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ৰাজ্যপ্ৰধান পাহাৰপ্ৰধান নদ-নদী
অসমউত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰী, জীয়াভৰালী, মানাহ,বুঢ়ীদিহিং, ধনশিৰি, কপিলী, বেকী, বৰনদী ইত্যাদি।
অৰুণাচলঅকা পাহাৰ, ডফলা পাহাৰ,মিচিমি, পাটকাই ইত্যাদিলুইট, ছিয়াং, ধনশিৰি, জীয়া ভৰালী ইত্যাদি।
নাগালেণ্ডপাটকাই পাহাৰ, নগা পাহাৰ,বৰাইল পাহাৰদয়াং, টিজু, ঝুমকি।
মণিপুৰপাটকাই পাহাৰ, মণিপুৰবৰাক, ইম্ফল, ইৰাল।
মিজোৰামমিজো পাহাৰ, আৰকান য’মা পাহাৰকালদান, চইভাই মোনাই, টলং, লংগাই।
মেঘালয়গাৰো পাহাৰ, খাছী পাহাৰ,জয়ন্তীয়া পাহাৰউমক্ৰ (ডিগাৰু), উমিয়াম (বৰাপানী), সোমেশ্বৰী (দুধনৈ)।
ছিকিমশিৱালিক পাহাৰতিস্তা, ৰঞ্জিট, ৰংপো, লাচেন, ৰেলি

উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য কিছুমান পৰ্বত শৃংগ (Hills & Plains):-

অসমসিংহাসন, ডাম্বুক্স্, লাইকেই, থেইৰ পিবুঙ্গ
অৰুণাচল প্ৰদেশকাংটে (Kangte)
নাগালেণ্ডসাৰামতি (Saramati)
মণিপুৰটেনিপু (Mt. Tenipu)
মিজোৰামফাউংপুই (Phawngpui)
মেঘালয়চিলং
ত্ৰিপুৰাবেটালংচিপ (Betalongchhip)
ছিকিমকাঞ্চনজংঘা (Kangchenjunga)

উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য ইত্যাদি (National Park, Wild Life Sanctuaries etc):- সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত; ইয়াত কিছুমান উল্লেখযোগ্য স্থানিক প্ৰজাতিও আছে।

অভয়াৰণ্যৰ সংখ্যা:-

অসম14অৰুণাচল প্ৰদেশ
মণিপুৰ3মেঘালয়2
মিজোৰাম4নাগালেণ্ড3
ত্ৰিপুৰা4

ৰাষ্ট্ৰীয় উদ্যান:-

অসম5অৰুণাচল প্ৰদেশ2
মণিপুৰ2মেঘালয়2
মিজোৰাম2নাগালেণ্ড1

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংকটাপন্ন উদ্ভিদ তথা প্ৰাণী (Endangered plants and animals):-

প্ৰাণী:- এশিঙীয়া গঁড়, নল গাহৰি, বাঘ, সোণালী বান্দৰ, হলৌ বান্দৰ, শৰ হৰিণ, বনৰৌ, মেথোন, হনুমান বান্দৰ, দেওহাহ, ধনেশ পক্ষী, বৰটোকোলা, অজগৰ, ঘৰিয়াল, গুই সাপ, জহামাল, কেটেলা পহু ইত্যাদি।

উদ্ভিদ:- কলছী গছ, কাঠ আলু, কপৌফুল, চম্পাফুল, সৰ্পগন্ধা ইত্যাদি।

মাটিৰ প্ৰকাৰ অনুযায়ী উত্তৰ-পূব অঞ্চলত নান ধৰণৰ উদ্ভিদ আছে। যেনে-

(ক) চিৰ সেউজীয়া অৰণ্যৰ উদ্ভিদ:- শাল, অৰ্জুন, চেগুণ, আজাৰ, বাহ, দীঘলতী, তৰা, ইকৰা, মাকাই, নাহৰ, হলক, বনচোম, শিলিখা, গমাৰী, আম, কঠাল, সোণাৰু ইত্যাদি।

(খ) গুল্মজাতীয় উদ্ভিদ।

(গ) ৰোপণ অৰণ্যৰ উদ্ভিদ ইত্যাদি।

ব্যঘ্ৰ প্ৰকল্প (Tiger Projects):- বাঘৰ ভিন ভিন প্ৰজাতিৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা ব্যঘ্ৰ প্ৰকল্প আচনিৰ অন্তৰ্ভুক্ত হৈছে- 

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (২০০৭ চনৰপৰা)।

(খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান (১৯৭৩ চনৰপৰা লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ কাৰণে)।

(গ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান (১৯৯৮ চনত ৰাষ্ট্ৰীয় উদ্যান ঘোষিত)।

ৰাষ্ট্ৰীয় উদ্যান:- অসম- কাজিৰঙা, মানাহ, ওৰাং, নামেৰী, ডিব্ৰু-চৈখোৱা

অৰুণাচল প্ৰদেশ- ম’লিং (আপাৰ চিয়াং), নামডাফা (টিৰাপ)

মণিপুৰ- কেইবুল লামজাও (ইম্ফল), চিৰোহি (ইম্ফল)

মেঘালয়- নকৰেক (পশ্চিম গাৰোপাহাৰ), বলপক্ৰম (পশ্চিম গাৰোপাহাৰ)

মিজোৰাম- ফাংপুই (চিমটুইপই), মুৰলেন (চামফাই)

নাগালেণ্ড- ইণ্টনংকি (ডিমাপুৰ)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top