Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা

Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা

Join Telegram channel

Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্ন ১৫। সহস্ৰাব্দবাদ বিকাশৰ লক্ষ্য আৰু বহনক্ষম বিকাশৰ লক্ষ্যৰ মাজৰ পাঁচটা পাৰ্থক্য বৰ্ণনা কৰা। (Describe the five differences between the Millennium Development Goals and the Sustainable Development Goals.)

উত্তৰঃ (ক) সহস্ৰক বিকাশৰ লক্ষ্য বিশেষকৈ বিশ্বৰ উন্নয়নশীল দেশৰ সমস্যা সমাধানৰ বাবে লোৱা হৈছিল। বহনক্ষম বিকাশৰ লক্ষ্য বিশ্বৰ সকলো দেশৰ প্ৰগতিৰ বাবে লোৱা হৈছে।

(খ) সহস্ৰক বিকাশৰ লক্ষ্যৰ সংখ্যা বহনক্ষম বিকাশৰ লক্ষ্যৰ সংখ্যাতকৈ কম। 

(গ) সহস্ৰক বিকাশৰ লক্ষ্যই সমাজৰ তিনিটা বিষয়ৰ কল্যাণৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে ইয়াত পৰিৱেশ কল্যাণৰ বিষয় অন্তৰ্ভুক্ত হোৱা নাছিল। আনহাতে বহনক্ষম বিকাশৰ লক্ষ্যৰ পৰিধি যথেষ্ট বহল।

(ঘ) সহস্ৰক বিকাশৰ লক্ষ্যই সমাজৰ সমসামূহিক সমস্যা বা প্ৰত্যাহ্বান দূৰ কৰাৰ ওপৰত জোৰ দিছিল। কিন্তু বহনক্ষম বিকাশৰ লক্ষ্যই সমাজত সমস্যা বা প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ লক্ষ্য ৰাখে।

(ঙ) খৰচৰ দিশৰ পৰা সহস্ৰক বিকাশৰ লক্ষ্যতকৈ বহনক্ষম বিকাশৰ লক্ষ্যৰ ধন যথেষ্ট বেছি।

ৰাষ্ট্ৰসংঘই সহস্ৰবাদ আৰু বহনক্ষম বিকাশৰ লক্ষ্যৰ জৰিয়তে বিশ্ব শান্তি আৰু নিৰপেক্ষতাৰ নীতিক শক্তিশালী কৰি তুলিব বিচাৰিছে। 

প্ৰশ্ন ১৬। শান্তি নিৰ্মাণ আৰু সহস্ৰাব্দবাদ বিকাশৰ লক্ষ্যৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। (Determine the relationship between peace building and Millennium Development Goals.)

উত্তৰঃ শান্তি নিৰ্মাণ শান্তি প্ৰতিষ্ঠাৰ এক গুৰুত্বপূৰ্ণ কার্যব্যৱস্থা। ইয়াক শান্তি প্ৰতিষ্ঠাৰ শেষ পদ্ধতি বুলি গণ্য কৰা হয়। অশান্ত অঞ্চলত জীৱন স্বাভাৱিক হোৱাৰ বাবে যিবোৰ দায়িত্বপূৰ্ণ কাম কৰিব লগা হয় সেয়াই হৈছে শান্তি নিৰ্মাণৰ ভেঁটি। সেয়ে এই প্রক্রিয়াৰ কাম-কাজ বাৰেবৰণীয়া জটিল আৰু দীৰ্ঘম্যাদী হয়। সহস্ৰবাদ বিকাশৰ লক্ষ্য, বহনক্ষম বিকাশৰ লক্ষ্যসমূহ পূৰণৰ মাজেৰে সংঘৰ্ষ জৰ্জৰিত অঞ্চলত স্থায়ী শান্তিৰ ভেঁটি গঢ় লৈ উঠিব। শান্তি নিৰ্মাণৰ কাৰ্যৰ পৰিসৰ নিৰাপত্তা দিশৰ লগতে আৱদ্ধ নাথাকি সমাজ কল্যাণৰ সকলো দিশ (যেনে—শিক্ষা, স্বাস্থ্য, ন্যায়, যোগাযোগ, শিশু কল্যাণ, মানৱ অধিকাৰ, আইনৰ শাসন আদি) ৰ লগত জড়িত হৈ পৰে। গতিকে অঞ্চলটোৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভিন্ন আঁচনি, সংস্থা আদিয়ে সহযোগিতা আগবঢ়ায়। শান্তি নিৰ্মাণৰ বহুমুখী কার্যব্যৱস্থাই দেশৰ চৰকাৰ, অনুষ্ঠান-পাতিৰ সক্ষমতা বৃদ্ধি কৰিব পাৰিলে শান্তি নিৰ্মাণৰ প্ৰক্ৰিয়া শেষ হোৱাক বুজায়।

গতিকে শান্তি নিৰ্মাণ প্ৰক্ৰিয়াত সহস্ৰবাদ বিকাশৰ লক্ষ্যৰ বিশেষ ভূমিকা থাকে। সহস্ৰাবাদ বিকাশৰ আঠোটা লক্ষ্য সামাজিক নিৰাপত্তা, অৰ্থনৈতিক নিৰাপত্তাৰ লগত জড়িত যিবোৰ শান্তি নিৰ্মাণৰ ভেঁটিত সহায়ক হয়। আঠটা লক্ষ্যৰ ভিতৰত দুটা লক্ষ্যৰ বিশেষ গুৰুত্ব দেখা যায়। সেই দুটা হ’ল—চৰম দৰিদ্ৰতা আৰু ভোকৰ অভাৱ দূৰ কৰা আৰু লিংগ সমতা আৰু মহিলা সৱলীকৰণ ঘটোৱা। এই দুটা লক্ষ্যৰ পুৰণে শান্তি নিৰ্মাণৰ ভেঁটি সহজ কৰি তোলে।

বিশ্বৰ প্ৰায় ১০ / ১ / ২ কৌটি লোক হিংসা জৰ্জৰিত এলেকাত বসবাস কৰে। নিৰাপত্তাহীনতা, দৰিদ্ৰতা, অন্যায়, অসমতা, লিংগ বৈষম্য, মানৱ অধিকাৰ লংঘন আদি এনে অঞ্চলৰ বৈশিষ্ট্য। গতিকে বিশ্বৰ বহু অঞ্চলত বিশেষকৈ উন্নয়নশীল দেশৰ এনে যুদ্ধ সদৃশ পৰিস্থিতিয়ে বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ ভেঁটি দুৰ্বল কৰে। সেয়ে বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘই তেনে অঞ্চল (কংগো, আফগানিস্তান চাৰবিয়া, হাইটি, লেবানন, চুডান, দক্ষিণ চুডান আদি) বোৰত নিৰাপত্তাকে ধৰি স্থায়ী শান্তিৰ ভেঁটি গঢ়াৰ বাবে সহস্ৰবাদ বিকাশৰ লক্ষ্য পূৰণৰ ভালেমান আঁচনি গ্ৰহণ কৰিছে। লগতে আন কিছুমান প্ৰকল্প যেনে—সু- শাসনৰ প্ৰকল্প, পুনৰ সংস্থাপনৰ প্ৰকল্প, সু – সম্পৰ্কৰ প্ৰকল্প, পৰিৱৰ্তনশীল ন্যায়ৰ প্ৰকল্পৰ কাম চলি আছে। শান্তি নিৰ্মাণ হ’ব যদিহে মানুহৰ মাজৰ পৰা ভয়, অভাৱ নোহোৱা হয় আৰু সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক-সাংস্কৃতিক নিৰাপত্তাৰ সুবিধাসমূহ সহজলভ্য হয়। সহস্ৰবাদ বিকাশ লক্ষ্যসমূহ পূৰণ হ’লে বিবাদমান অঞ্চলৰ জনগণৰ মাজত শান্তিৰ সংস্কৃতি গঢ় লৈ উঠিব পাৰিব। সেয়ে সহস্ৰবাদ বিকাশ লক্ষ্যৰ সাফল্য নিধি (MDGAF) য়ে আঁচনিসমূহ সাফল্য হৈ উঠাৰ বাবে ভালেখিনি ধন যোগান ধৰি আহিছে। আৰু আন আন দিশৰ পৰাও ধন আহিছে।

এনেধৰণৰ কিছুমান আঁচনিৰ নাম হৈছে—

(ক) আফগানিস্তানত ন্যায়ৰ জৰিয়তে শান্তি।

(খ) বলিভিয়াত সামাজিক বিবাদৰ সংহত প্ৰতিৰোধ আৰু গঠনমূলক পৰিৱৰ্তন।

(গ) কংগোত বিবাদ প্ৰতিৰোধ আৰু সুস্থিৰতা প্ৰকল্প।

(ঘ) লেবাননত শান্তি নিৰ্মাণ আৰু বিবাদ প্ৰতিৰোধ।

(ঙ) চাৰবিয়াত শান্তি নিৰ্মাণ উন্নয়ন।

(চ) চূড়ানত বিকাশৰ বাবে স্থায়ী শান্তি ইত্যাদি। 

এনেধৰণৰ যৌথ আঁচনিসমূহৰ ফলত বিশ্বৰ সংঘৰ্ষ জড়িত অঞ্চলৰ হাজাৰ হাজাৰ লোকে ন্যায় পাব পৰিছে, সা-সুবিধাসমূহ পাব পৰিছে, ৰাজনৈতিক-অৰ্থনৈতিক বিষয়ত বিষয়ত অংশগ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে আৰু এক সুস্থিৰ জীৱন প্ৰাপ্তিৰ উপনীত হ’ব পৰিছে। অৰ্থাৎ শান্তি নিৰ্মাণৰ ভেঁটি শক্তিশালী হ’ব পৰিছে। গতিকে শান্তি নিৰ্মাণ আৰু সহস্ৰবাদ বিকাশৰ লক্ষ্যৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে।

প্ৰশ্ন ১৭। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত শান্তি শিক্ষাৰ বিষয়বস্তু সম্বন্ধে আলোচনা কৰা। (Discuss the content of peace education at national and international levels.)

উত্তৰঃ শান্তি ধাৰণাটো ভাৰতবৰ্ষত অতি প্ৰাচীন। প্ৰাচীন কালৰ ঋষিমনিসকলে ভাৰতবৰ্ষত অহিংসা আৰু সহিষ্ণুতা গুণৰ বাৰ্তাকে সম্প্ৰসাৰণ কৰিছিল। অশান্ত পৰিৱেশৰ মাজত কোনো ব্যক্তিয়ে যিদৰে সুস্থ জীৱন-যাপন কৰিব নোৱাৰে; ঠিক সেইদৰে শান্তি অবিহনে ৰাষ্ট্ৰৰ প্ৰগতি তথা উন্নতি আশা কৰিব নোৱাৰি। সুস্থিৰ আৰু শান্তিৰ পৰিৱেশৰ মাজতহে ৰাষ্ট্ৰ তথা দেশ এখনৰ বাঞ্চিত দিশত বিকাশ লাভ কৰিব পাৰে। প্ৰত্যক ৰাষ্ট্ৰই নাগৰিকসকলৰ মাজত নিজস্ব সংস্কৃতি, ঐতিহ্য, জাতীয় সংহতি আদিৰ প্ৰতি সচেতনতা সৃষ্টি কৰাৰ প্ৰতি যত্নপৰ হোৱা দেখা যায়। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ যোগেদি, শান্তি শিক্ষাৰ বাবে দেশৰ বিদ্যালয়সমূহত মূল্যবোধ শিক্ষাৰ পৰিৱৰ্তন সাধনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু অইন ৰাষ্ট্ৰত এই মূল্যবোধৰ শিক্ষাক “মানৱ অধিকাৰ শিক্ষা”, “পৰিৱেশীয় শিক্ষা”, “আন্তঃৰাষ্টীয় শিক্ষা”, “সংঘৰ্ষ নিৰ্ধাৰণ শিক্ষা” হিচাপেও জনা যায়।

আমাৰ সংবিধানৰ ২৯ নং অনুচ্ছেদত শিশুৰ অধিকাৰ সম্বন্ধে এইদৰে বৰ্ণনা কৰিছে যে—শিশুসকলৰ শিক্ষা নিৰ্দেশনা মুক্ত এখনৰ বাবে দায়িত্বপূৰ্ণ জীৱন-যাপন কৰিবলৈ বোধগম্যতা শক্তিৰ বিকাশ, শান্তি, সহিষ্ণুতা, লিংগ সমতা আৰু সকলো মানুহৰ মাজত বন্ধুত্ব স্থাপন কৰা উচিত।

সেইবাবে বৰ্তমান পৰিস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি শিক্ষাৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে উপলব্ধি কৰা হৈছে। বৰ্তমান ভাৰতীয় শিক্ষা ব্যৱস্থাত শান্তিৰ সংস্কৃতি গঢ়াৰ বাবে নিজস্ব সাংস্কৃতিক পৰিচয় সকলো নাগৰিকৰ মাজতে দাঙি ধৰিবলৈ বিচৰা হৈছে। যদিহে আন্তঃৰাষ্টীয় পৰ্যায়ত সৃষ্টি হ’বই লাগিব। আন কথাত ক’বলৈ হ’লে ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি অবিহনে আন্তঃৰাষ্টীয় পৰ্যায়ত শান্তি প্ৰতিষ্ঠা কৰাটো আশা কৰিব নোৱাৰি। এখন শান্তিপূৰ্ণ আৰু সৃষ্টিশীল ৰাষ্ট্ৰ গঠন কৰিবলৈ হ’লে ইয়াৰ আন্তঃগাঁথনিৰ লগত অহিংসাৰ দক্ষতা আহৰণত উৎসাহিত কৰিব লাগিব আৰু জনসাধাৰণক সংঘৰ্ষ নিৰ্ধাৰণ দক্ষতা তথা সংঘৰ্ষৰ কাৰণ উদ্ঘাটন কৰা আৰু দেশৰ ৰাজনৈতিক ক্ষেত্ৰ তথা সামাজিক পৰিস্থিতিৰ পৰা হিংসা পৰিহাৰ কৰাৰ ক্ষেত্ৰত শান্তি শিক্ষাই একমাত্ৰ উপায়স্বৰূপ।

আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলাৰ লগতে সৰু-সৰু সম্প্ৰদায়ৰ মাজত ব্যৱধানবোৰ হ্ৰাস কৰি “বিশ্বগ্ৰাম” লৈ পৰিৱৰ্তন হৈছে। যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিশ্বখন সংক্ষিপ্ত কৰি তুলিছে তথাপি আমি আন্তৰিকতাৰে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিব পৰা নাই। শান্তি প্ৰকৃততে যুদ্ধ আৰু সংঘৰ্ষৰ অভাৱকে নুবুজায়। আন্তঃৰাষ্টীয় পৰ্যায়ত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ’লে প্ৰথমতে ব্যক্তিৰ মাজত, পৰিয়ালৰ মাজত আৰু সমাজত শান্তিৰ বাতাবৰণ সৃষ্টিৰ প্ৰচেষ্টা কৰিব লাগিব। আনৱিক শক্তি ব্যৱহাৰৰ মানসিকতা প্ৰথমতে মানুহৰ মাজৰ পৰা আঁতৰাব লাগিব।

আন্তঃৰাষ্টীয় পৰ্যায়ত শান্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে UNO ৰ General Assembly অত ১৯১৮ চনৰ ৯ জুন তাৰিখে বৈদিক শাস্ত্ৰৰ উদ্বৃতি দি কৈছিল—”সকলোৰে বাবে সুখ, আনন্দ হওক, কাৰো বাবে দুখ নহওক।” তেখেতে আন্তৰ্জাতিক শান্তি প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ বিশ্বকেই “আনৱিক মুক্ত অঞ্চল ঘোষণা কৰিব লাগে বুলিও পৰামৰ্শ দিছিল।” UNESCO ৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছিল যে—”Since war begins in the minds of the man that the defences of peace must be constructed.” অৰ্থাৎ যুদ্ধৰ বিভীষিকা যিহেতু মানুহৰ মনতে জাগ্ৰত হয়, সেইবাবে ইয়াক প্ৰতিহত কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ মানসিকতাও মানুহৰ মনতে গঠন কৰিব লাগিব।

সেইবাবে শান্তিৰ শিক্ষা ব্যক্তি, ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো প্ৰকাৰৰ হিংসা পৰিহাৰ কৰিব লাগিব। একবিংশ শতিকাত জ্ঞানৰ সম্প্ৰসাৰণ, শান্তি শিক্ষা সমগ্ৰ শিক্ষা ব্যৱস্থাটোতে অতি প্ৰয়োজন বুলি বিবেচিত হৈছে। একমাত্ৰ শিক্ষাৰ যোগেদিহে উচ্চ আন্তৰ্জাতিক সচেতনতা আৰু দৃষ্টিভংগী শক্তিশালী আৰু বিকাশ সাধন কৰিব পাৰি। এই ক্ষেত্ৰত বিদ্যালয় এটা প্ৰয়োজনীয় মাধ্যম। বিদ্যালয়ৰ শিক্ষাৰ যোগেদি বিশ্বৰ প্ৰতিজন নাগৰিকক “মানৱ জগতখন আপোন” বুলি ভাবিবলৈ শিকাব পাৰি। আমি যদি প্ৰত্যকগৰাকী নাগৰিকক বিশ্বৰ একো- একোজন নাগৰিক হিচাবে বিশ্বখনৰ বাবে কৰি গঢ়ি তুলিব পাৰো তেতিয়াহে বিশ্ব সমাজত প্ৰকৃত শান্তি প্ৰতিষ্ঠিত হ’ব। অৰ্থাৎ বিশ্বত প্ৰকৃত শান্তি প্ৰতিষ্ঠাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থাই সকলো পৰ্যায়ৰ শিক্ষাৰ্থীক যুদ্ধ আৰু হিংসা তথা সংঘৰ্ষৰ ভয়াবহতা সম্বন্ধে স্পষ্ট আভাষ দিব লাগিব আৰু তেওঁলোকে ইয়াৰ স্বৰূপ বুজি উঠি পৰস্পৰে সহযোগিতা আৰু সহমৰ্মিতাৰে বসবাস কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। এই উদ্দেশ্য আগত ৰাখি শিক্ষা ব্যৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়ৰ প্ৰাক্ -প্ৰাথমিকৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়ৰ বিশ্ববিদ্যালয় স্তৰলৈকে আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা ব্যৱস্থাৰ বিভিন্ন প্ৰকাৰত পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ জৰিয়তে শান্তিৰ শিক্ষা প্ৰদান কৰিব লাগিব।

প্ৰশ্ন ১৮। শান্তি উন্নতকৰণৰ প্ৰধান চৰ্তসমূহ আলোচনা কৰা। (Mention the main conditions for improving peace.)

উত্তৰঃ বিশ্বৰ সংহতি আৰু বুজাপৰা ভাৱ স্থাপনৰ বাবে গঠন কৰা সংযুক্ত ৰাষ্ট্ৰৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন (UNESCO- United Nations Educational Scientific and Cultural Organization) ৰ সংবিধানত উল্লেখ কৰা হৈছে যে যিহেতু যুদ্ধৰ বিভীষিকাৰ মনোভাৱ মানুহৰ মনতেই সৃষ্টি হয়; সেই হেতুকে শান্তিৰ প্ৰতিৰক্ষাৰ ব্যৱস্থাও মানুহৰ মনতেই গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে মানৱ সমাজৰ ব্যাপক সাংস্কৃতিক প্ৰসাৰণ আৰু শিক্ষাৰ প্ৰয়োজন। এই বিশ্ব সংস্থাটোৰ মতে শান্তি বৃদ্ধিকৰণৰ বা উন্নতকৰণৰ প্ৰধান চৰ্তসমূহ তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) সন্দেহ আৰু অবিশ্বাসৰ পৰা স্বাধীনতা।

(খ) শ্ৰমৰ মৰ্যাদা, সমতা আৰু মানুহৰ মাজত পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰাৰ গণতান্ত্ৰিক নীতি গ্ৰহণ কৰা।

(গ) মানুহ আৰু সমাজৰ মাজৰ পৰা কু-সংস্কাৰ আৰু আজ্ঞতা নাইকিয়া কৰা।

(ঘ) সাংস্কৃতিক প্ৰসাৰণ ঘটোৱা।

(ঙ) ন্যায়, স্বাধীনতা আৰু শান্তিৰ বাবে শিক্ষা।

(চ) সকলো ৰাষ্ট্ৰ আৰু মাজত সহযোগিতা আৰু পৰস্পৰ সন্মান কৰাৰ মানসিকতা গঢ়ি তোলা। 

(ছ) ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিৰতা।

(জ) নিৰাপত্তা, ইত্যাদি।

প্ৰশ্ন ১৯। শান্তি সম্বন্ধে UNESCO ৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। (Write briefly about UNESCO’s relationship with peace.)

উত্তৰঃ আন্তঃৰাষ্টীয় ক্ষেত্ৰত বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা, উন্নয়নশীল দেশক বিশেষ বিদ্যাৰ যোগান ধৰা, আন্তঃৰাষ্টীয় বাণিজ্য, খাদ্য আৰু আন ক্ষেত্ৰত সামাজিক বিকাশৰ বাবে ৰাষ্ট্ৰসংঘই কেইবাটাও অনুষ্ঠান গঢ়ি তুলিছে। সেইবোৰৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন এটা বিশেষ অংগ। এই বিভাগৰ সদৰ কাৰ্যালয় ফ্ৰান্সৰ পেৰিছ চহৰত। ১৯৭৪ চনত পেৰিছত হোৱা অষ্টাদশ সাধাৰণ-সন্মিলনত আন্তঃৰাষ্টীয় বুজা-পৰাৰ বাবে শিক্ষা, সহযোগিতা আৰু শান্তি আৰু মানৱ অধিকাৰ সম্পৰ্কিত শিক্ষা আৰু মৌলিক স্বাধীনতা আদিৰ ওপৰত কেইবাটাও পৰামৰ্শ আগবঢ়ায়। সেইবোৰৰ ভিতৰত শান্তি সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাই মানৱ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে উপযুক্ত নিৰ্দেশনা দিব লাগিব আৰু মৌলিক স্বাধীনতা তথা মানৱ অধিকাৰৰ প্ৰতি সন্মান দৃঢ়কৰণ কৰিব লাগিব। শিক্ষাই সংযুক্ত ৰাষ্ট্ৰৰ শান্তিৰক্ষাৰ বাবে সকলো ৰাষ্ট্ৰৰ মাজত বোধগম্যতা, সহিষ্ণুতা আৰু বন্ধুত্বভাৱ বৃদ্ধি কৰিব লাগিব।

(খ) শিক্ষাই শান্তি ৰক্ষাৰ বাবে হিংসা-বিদ্বেষৰ ভাৱ যুদ্ধৰ উৎসসমূহ নিৰ্মূল কৰিব লাগিব। ই আন্তঃৰাষ্টীয় বুজা-পৰা আৰু বিশ্বশান্তি নিশ্চিতকৰণৰ বাবে উপযুক্ত অৰিহণা যোগাব লাগিব।

(গ) প্ৰত্যেক সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰস্তুত কৰি তাক প্ৰয়োগ কৰিব লাগিব যাতে প্ৰকৃত শান্তিৰ বিকাশ হয়; আন্তঃৰাষ্টীয় বুজা-বুজি স্থাপন হয় আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা হয়। শিক্ষাই জনসাধাৰণৰ মাজৰ পৰা কু-সংস্কাৰ, ভুল ধাৰণা, বৈষম্যতা আৰু সকলো ধৰণৰ অন্যায় আঁতৰ কৰিব লাগিব।

(ঘ) শিক্ষাই ঐতিহাসিক আৰু সমসাময়িক অৰ্থনৈতিক আৰু ৰাজনৈতিক উপাদানসমূহৰ সমালোচনাত্মক বিশ্লেষণ কৰিব লাগিব যাতে প্ৰকৃত আন্তঃৰাষ্টীয় সহযোগিতা আৰু বিশ্ব শান্তিৰ বিকাশৰ প্ৰকৃত প্ৰতিবন্দকসমূহৰ বিষয়ে বুজি উঠিব পাৰে।

(ঙ) শিক্ষা হ’ল এটা আন্তঃসম্পৰ্কিত বিষয় যিয়ে  শান্তিৰক্ষাৰ বাবে বিভিন্ন সমস্যা সমাধান কৰিব পাৰে আৰু শান্তি ৰক্ষাৰ বাবে আন্তঃৰাষ্টীয় আইনৰ গুৰুত্ব উপলব্ধিত সহায় কৰে।

(চ) বৃত্তিমূলক প্ৰশিক্ষণৰ প্ৰত্যেকটো স্তৰত এনেকুৱা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব যাতে ছাত্ৰ-ছাত্ৰীসকলো সমাজৰ বিকাশত তেওঁলোকে বৃত্তীয় ভূমিকা স্পষ্টভাৱে বুজি উঠিব পাৰে আৰু তেওঁলোকে আন্তঃৰাষ্টীয় সহযোগিতা শান্তিৰ বিকাশ আৰু ৰক্ষা যিমান সোনকালে সম্ভৱ তেওঁলোকৰ কাৰ্যকৰী ভূমিকা পালন, তাক অনুমান কৰিব পাৰে।

UNESCO প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য হ’ল মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আৰু সন্দেহৰ অনুভূতি আঁতৰাই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য আগত ৰাখি শান্তি বৃদ্ধিকৰণৰ বাবে UNESCO–ই নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

১। পৃথিৱীৰ পিছ পৰি থকা দেশ আৰু জাতিসমূহৰ মাজৰ পৰা নিৰক্ষৰতা আৰু অজ্ঞতা নিৰ্মূল কৰিব লাগিব।

২। ইউনেচকোৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত ছাত্ৰ আৰু শিক্ষকসকলৰ পাৰস্পৰিক আদান-প্ৰদান কৰিব লাগিব।

৩। শিক্ষাৰ জৰিয়তে মানৱ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন আৰু মানৱ অধিকাৰ তথা মৌলিক স্বাধীনতাক সন্মান কৰাটো নিশ্চিত কৰিব লাগিব।

৪। শিক্ষাই মানুহৰ মনৰ পৰা যুদ্ধ আৰু হিংসাৰ ভাৱ আঁতৰাই অহিংসা নীতিৰ সম্প্ৰসাৰণ কৰিব লাগিব।

৫। শিক্ষাৰ জৰিয়তে সামাজিক ন্যায়, সহযোগিতা, সহিষ্ণুতা আদি গুণসমূহ শিক্ষাৰ্থীৰ মাজত বিকশিত কৰিব লাগিব।

৬। সমাজৰ লগতে ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰিবৰ বাবে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰিব লাগিব।

৭। শিক্ষাৰ্থীসকলৰ মাজত বুজা-পৰা ভাৱ বৃদ্ধি কৰি তুলিবৰ বাবে বিভিন্ন দেশ ভ্ৰমণ আৰু সংহতি শিবিৰ স্থাপন কৰিব লাগিব।

৮। বিশ্ব সাহিত্যৰ মৌলিক গ্ৰন্থসমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰিব লাগিব।

৯। আন্তৰ্জাতিক দৃষ্টিভংগী আৰু বুজা-পৰাৰ ভাৱ গঢ় দি তুলিব পৰাকৈ বিশ্ব ইতিহাস পুনৰীক্ষণ কৰিব লাগিব।

১০। পৃথিৱীৰ দেশসমূহৰ উমৈহতীয়া সমস্যাবোৰ অধ্যয়ন কৰিবৰ বাবে আন্তৰ্জাতিক বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব।

১১। শিক্ষা, সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে বিশ্বৰ দেশসমূহৰ মাজত অধিক সহযোগিতা স্থাপন কৰিব লাগে।

১২। যোগাযোগ ব্যৱস্থা উন্নত কৰি আন্তৰ্জাতিক বুজা-পৰাৰ ভাৱ শক্তিশালী কৰি তুলিবলৈ জনসংযোগ মাধ্যমসমূহৰ সৎ ব্যৱহাৰ কৰিব লাগিব।

প্ৰশ্ন ২০। হিংসাই কেতিয়াবা শান্তি প্ৰতিষ্ঠা কৰিব পাৰেনে ? ব্যাখ্যা কৰা। (Can violence ever establish peace ? Explain.)

উত্তৰঃ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰায়ে এইদৰে সাব্যস্ত কৰিব বিচৰা হয় যে হিংসা, যদিও এটা অশুদ্ধ শক্তি—তথাপি কেতিয়াবা শান্তি প্ৰতিষ্ঠাৰ বাবে ই এটা প্ৰয়োজনীয় আৰম্ভণি হ’ব পাৰে। এইদৰে যুক্তি দৰ্শোৱা হয় যে কেৱল শক্তি প্ৰয়োগৰ দ্বাৰাহে অত্যাচাৰী শাসক আৰু উৎপীড়নকাৰী লোকসকলক জনসাধাৰণক অনিষ্ঠ কৰাৰ পৰা বিৰত ৰাখিব পৰা যায়। সেইদৰে নিপীড়ত লোকসকলৰ মুক্তি সংগ্ৰামত তেওঁলোকে কিছু হিংসাত্মক কার্য কৰিলেও সেয়া যুক্তিসংগত বুলি ক’ব পৰা যায়। কিন্তু ভাল উদ্দেশ্যত হিংসাৰ আশ্ৰয় লোৱা হ’লেও সেয়া আত্মঘাতী কার্য হিচাপে পৰিগণিত হ’ব পাৰে। এবাৰ প্ৰয়োগ কৰিলে ই নিয়ন্ত্ৰণহীনভাৱে আগবাঢ়ি যায় আৰু পৰিণামস্বৰূপে পিছত এৰি থৈ যায় মৃত্যু আৰু ধ্বংসৰ এক দীঘলীয়া শাৰী।

সেইবাবে শান্তিবাদীসকলে অৰ্থাৎ যিসকলে শান্তিকেই আটাইতকৈ মূল্যবান হিচাপে গণ্য কৰে, তেওঁলোকে আনকি ন্যায়সংগত উদ্দেশ্যত উপনীত হ’বলৈও হিংসাৰ আশ্ৰয় লোৱাৰ বিৰোধিতা কৰি এক নৈতিক স্থিতি গ্ৰহণ কৰে। উৎপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ পোষকতা তেওঁলোকেও কৰে। কিন্তু তেওঁলোকে প্ৰেম আৰু সত্যৰ জৰিয়তে উৎপীড়নকাৰীসকলৰ অন্তৰ আৰু মন জয় কৰাৰ ওপৰতহে গুৰুত্ব দিয়ে।

ইয়াৰ দ্বাৰা সংগ্ৰামী কিন্তু অহিংসা প্ৰতিৰোধক নিহিত হৈ থকা শক্তি অৱজ্ঞা কৰিব বিচৰা হোৱা নাই। নাগৰিকৰ দ্বাৰা চৰকাৰী নিৰ্দেশ অমান্য কৰাটো হৈছে এনে সংগ্ৰামৰ এটা প্ৰধান উপায় আৰু ইয়াক নিপীড়নৰ গাথঁনিত সাঁচ বহুৱাবলৈ অতি কৃতকাৰ্যতাৰে প্ৰয়োগ কৰা হৈছে। ইয়াৰ এটা জ্বলন্ত উদাহৰণ হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীয়ে প্ৰয়োগ কৰা সত্যাগ্ৰহ। গান্ধীয়ে ন্যায়ৰ পক্ষ লৈছিল আৰু ব্ৰিটিছ শাসকৰ বিবেকৰ প্ৰতি আৱেদন জনাইছিল।

সাধাৰণতে আমি অহিংসাক আঘাত নকৰা কার্য বুলি বুজো। অহিংসাত্মক কার্য বুলিলে এনে কাৰ্যক বুজা যায় যে যাৰ দ্বাৰা শাৰীৰিক আঘাত কৰা নহয়। গান্ধীয়ে এই অৰ্থটোক দুটা মৌলিক উপায়ৰ দ্বাৰা সলনি কৰিছিল। তেওঁৰ মতে অহিংসাই কেৱল শাৰীৰিক আঘাত বা মানসিক আঘাত বা জীৱিকা নিৰ্বাহৰ উপায় নোহোৱা কৰাকে নুবুজায়। ই আনক আঘাত বা অন্যায় কৰিব বিচৰা চিন্তাকো পৰিহাৰ কৰাক বুজায়। তেওঁৰ মতে ‘কৰা’ বুলি কওঁতে অন্যায় কাৰ্যটো কেৱল নিজে কৰা অৰ্থ বুজোৱা হোৱা নাই। গান্ধীয়ে কয় যে, “মই যদি এজন ব্যক্তিক আন এজনৰ অন্যায় কৰাত সহায় কৰো বা যদি মই কোনো অন্যায় কাৰ্যৰ দ্বাৰা সুবিধা লাভ কৰো তেতিয়াওঁ মই হিংসা কৰা বুলি দোষী সাব্যস্ত হম।” এনে অৰ্থত গান্ধীৰ হিংসাৰ ধাৰণাটো গাথঁনিগত হিংসাৰ নিচিনা। গান্ধীয়ে অহিংসাৰ ইতিবাচক অৰ্থৰ ধাৰণা দিবলৈ ইয়াৰ দ্বিতীয় প্ৰধান পৰিৱৰ্তনটো প্ৰৱৰ্তন কৰিছিল। আনক আঘাত বা অনিষ্ট নকৰাটোৱে যথেষ্ট নহয়। অহিংসাৰ বাবে সচেতন সহানুভূতিৰ উপাদানৰ প্ৰয়োজন। গান্ধী নিষ্ক্ৰিয় আধ্যাত্মিকতাৰ বিৰোধী। তেওঁৰ বাবে অহিংসাৰ অৰ্থ হৈছে কল্যাণ আৰু সাধুতাৰ ইতিবাচক আৰু সক্ৰিয় অন্বেষণ। সেইবাবে যিসকলে অহিংসাৰ অনুশীলন কৰে তেওঁলোকে অতি গুৰুতৰ প্রৰোচনাতো শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। অহিংসা হৈছে এক অতিশয় সক্ৰিয় শক্তি আৰু ইয়াত ভীৰুতা বা দুৰ্বলতাৰ স্থান নাই। প্ৰকৃততে গান্ধীয়ে আনকি এনেদৰেও কৈছে যে যদি অহিংসাৰ জৰিয়তে আত্মৰক্ষা কৰিব পৰা নাযায়, তেতিয়া হ’লে অহিংসাৰ নামত নিষ্ক্ৰিয় হৈ থকাতকৈ হিংসাৰ সহায় লোৱাই শ্ৰেয়। 

প্ৰশ্ন ২১। শান্তি প্ৰতিষ্ঠা কৰিবলৈ অৱলম্বন কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা। (Discuss the different approaches to peace.)

উত্তৰঃ শান্তি প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা হৈছে। তিনিটা প্ৰধান পদ্ধতিৰ দ্বাৰা এইবোৰৰ পৰিকল্পনা কৰা হৈছে। সেই তিনিটা পদ্ধতিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—

প্ৰথম পদ্ধতিটোৱে ৰাষ্ট্ৰক কেন্দ্ৰীয় স্থান দিয়ে, তেওঁলোকৰ সৰ্বভৌমত্বৰ সন্মান জনায় আৰু এইবোৰৰ মাজৰ প্ৰতিযোগিতাক উপযুক্তভাৱে নিয়ন্ত্ৰণত ৰখা আৰু ‘ক্ষমতাৰ ভাৰসাম্য’ৰ দৰে আন্তঃৰাষ্টীয় ব্যৱস্থাৰ দ্বাৰা সম্ভাব্য সংঘৰ্ষক বাধা প্ৰদান কৰা। এনে ধৰণৰ ভাৰসাম্য ঊনবিংশ শতিকাত প্ৰচলন কৰিছিল বুলি কোৱা হয়। সেই সময়ত প্ৰধান ইউৰোপীয় দেশসমূহে মিত্ৰগোষ্ঠী গঠন কৰি তেওঁলোকৰ ক্ষমতাৰ বাবে সংঘৰ্ষক সুসংহত কৰি সম্ভাব্য আক্ৰমণকাৰীক প্ৰতিহত কৰিছিল আৰু বৃহৎ অংশ সামৰি হ’ব পৰা যুদ্ধক বাধা প্ৰদান কৰিছিল।

দ্বিতীয় পদ্ধতিটোৱে গভীৰভাৱে শিপাই থকা আন্তঃৰাষ্টীয় শত্ৰুতাৰ কথা স্বীকাৰ কৰে। কিন্তু ই পৰস্পৰ নিৰ্ভৰশীলতাৰ ইতিবাচক উপস্থিতি আৰু সম্ভাৱনাৰ ওপৰত গুৰুত্ব দিয়ে। ই ৰাষ্ট্ৰসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পাই অহা সামাজিক আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়টো প্ৰাধান্য দিয়ে। এনে সহযোগিতাই ৰাষ্ট্ৰীয় সৰ্বভৌমত্বক সংযত কৰি আন্তঃৰাষ্টীয় বুজাবুজি বৃদ্ধি কৰিব বুলি আশা কৰা যায়। ফলস্বৰূপে বিশ্বজুৰি চলি থকা সংঘাতৰ উপশ্ৰম ঘটিব আৰু ই শান্তিক উজ্জ্বল ভৱিষ্যতলৈ পৰিচালিত কৰিব। এই পদ্ধতিটোৰ প্ৰৱক্তাসকলে প্ৰায়ে উল্লেখ কৰা এটা উদাহৰণ হৈছে দ্বিতীয় মহাযুদ্ধৰ পিছত ইউৰোপ—য’ত ক্ৰমান্বয়ে অৰ্থনৈতিক সহযোগিতাৰ পৰা ৰাজনৈতিক সমন্বয়লৈ অগ্ৰসৰ হৈ দীৰ্ঘস্থায়ী শান্তি লাভ কৰিব পৰা হৈছে। 

তৃতীয় পদ্ধতিটো প্ৰথম দুটাতকৈ কিছু বেলেগ। ই ৰাষ্ট্ৰ ব্যৱস্থাক মানৱ ইতিহাসৰ এক সাময়িক অৱস্থা হিচাপে গণ্য কৰে। ই এটা অধিৰাষ্টীয় ব্যৱস্থাৰ উদ্ভৱ হ’ব বুলি কল্পনা কৰে আৰু আশা কৰে যে এটা বিশ্ব সম্প্ৰদায়ৰ পৰিপোষণৰ দ্বাৰা শান্তিৰ স্থায়িত্বৰ নিশ্চয়তা প্ৰদান কৰিব পৰা যায়। ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ বাহিৰত বহুৰাষ্টীয় নিগমৰ দৰে বেচৰকাৰী কাৰক (Non- Governmental Factor) আৰু জনসাধাৰণৰ আন্দোলনক জড়িত কৰি বৰ্ধিত হাৰত হোৱা যোগাযোগ আৰু জোঁটবন্ধনত এনে সম্প্ৰদায়ৰ বীজ নিহিত হৈ আছে। এই পদ্ধতিৰ প্ৰৱৰ্তকসকলে যুক্তি দৰ্শায় যে চলিত গোলকীকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ ইতিমধ্যে কমি অহা গুৰুত্ব আৰু সৰ্বভৌমত্ব  অধিক হ্ৰাস কৰিব ধৰিছে আৰু এইদৰে বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে সুচল পৰিৱেশৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰসংঘ এই তিনিটা পদ্ধতিৰ উপাদান লৈ গঠিত হৈছে বুলি ক’ব পাৰি। স্থায়ী সদস্যপদ আৰু পাঁচখন আধিপত্য থকা ৰাষ্ট্ৰৰ ভেটো ক্ষমতা থকা নিৰাপত্তা পৰিষদে আন্তঃৰাষ্টীয় অধিক্ৰমক প্ৰতিফলিত কৰে। অৰ্থনৈতিক আৰু সামাজিক পৰিষদে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্টীয় সহযোগিতাৰ উৎকৰ্ষ সাধন কৰে।

প্ৰশ্ন ২২। শান্তি শিক্ষাৰ উন্নীতকৰণত ইউনেস্কোৰ ভূমিকা আলোচনা কৰা। (Discuss the role of UNESCO in promoting peace education.)

উত্তৰঃ ১৯৪৫ চনৰ ৪ নৱেম্বৰ তাৰিখে ফ্ৰান্সৰ পেৰিচ চহৰত ইউনেস্কোৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হয়। ইউনেস্কোৰ মুঠ ১৯৩ সদস্য ৰাষ্ট্ৰ আৰু ১১ সহযোগী সদস্য আছে। ইউনেস্কোই তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ মাধ্যমত এক শান্তিৰ সংস্কৃতি গঢ়ি তুলিবলৈ যত্ন কৰিছিল। ইউনেস্কোৰ উদ্দেশ্যসমূহ পাঁচটা প্ৰধান কাৰ্যসূচীৰ জৰিয়তে পূৰণ কৰাৰ চেষ্টা কৰা হয়। সেই পাঁচ ধৰণৰ প্ৰধান কাৰ্যসূচীসমূহ হ’ল শিক্ষা, প্ৰাকৃতিক বিজ্ঞান, সমাজ। মানৱ বিজ্ঞান, সংস্কৃতি আৰু তথ্য যোগাযোগ। এই বিভাগসমূহে সাক্ষৰতা, কাৰিকৰী প্ৰশিক্ষণ, বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ, সংবাদ মাধ্যমৰ স্বাধীনতা, ৰাজ্যিক আৰু সংস্কৃতিৰ ইতিহাসৰ সংৰক্ষণ আৰু সাংস্কৃতিক বৈষম্যৰ উন্নতি সাধনৰ প্ৰকল্পসমূহ অনুমোদন দিব লাগিব আৰু সম্প্ৰসাৰণ কৰিব লাগিব। বিশ্ব ঐতিহ্যৰ স্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে ইউনেস্কোই বিশ্ব সাহিত্যৰ অনুবাদ, আন্তঃৰাষ্টীয় সহযোগিতাৰ চুক্তিত সহায় কৰে আৰু সাংস্কৃতিক গুৰুত্ব, মানৱ অধিকাৰ সংৰক্ষণ আদিত গুৰুত্ব আৰোপ কৰে। ই জীৱনব্যাপী শিক্ষা প্ৰদানৰ নেতৃত্ব প্ৰদান কৰে। শান্তি শিক্ষাৰ সম্প্ৰসাৰণ তথা উন্নতি সাধনৰ বাবে ইউনেস্কোৰ প্ৰধান ভূমিকাসমূহ হ’ল—

(ক) ১৯৯৮ চনত ৰাষ্ট্ৰসংঘই বিশ্বত ২০০ – ২০১০ চনৰ আন্তঃৰাষ্টীয় দশকৰ ভিতৰত শিশুসকলৰ মাজত শান্তি সংস্কৃতি আৰু অহিংসাৰ মনোভাৱ বিকাশই তুলিব লাগিব।

(খ) প্ৰত্যেক বছৰতে ৩ মে তাৰিখটো বিশ্ব সংবাদ স্বাধীনতা দিৱস’ (World Press Freedom Day) হিচাপে পালন কৰিব লাগিব। এই দিৱসে প্ৰাথমিক মানৱ অধিকাৰ হিচাপে সংবাদৰ স্বাধীনতা আৰু প্ৰকাশৰ স্বাধীনতাৰ উন্নতি সাধন কৰিব আৰু ইয়ে সুস্থ, গণতান্ত্ৰিক আৰু মুক্ত সমাজ ব্যৱস্থা গঢ়ি তুলিব।

(গ) আন্তঃৰাষ্টীয় সাক্ষৰতা দিৱস উৎযাপন কৰিব লাগিব।

(ঘ) শান্তি সংস্কৃতিৰ বাবে আন্তঃৰাষ্টীয় বর্ষ উৎযাপনৰ ব্যৱস্থা কৰিব লাগিব।

ৰাষ্ট্ৰসংঘৰ চনদত এইটো ঘোষণা কৰা হৈছে যে আন্তৰ্জাতিক সহযোগিতাৰ জৰিয়তে শান্তি আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিব আৰু শৈক্ষিক, বৈজ্ঞানিক তথা সাংস্কৃতিক সংস্কাৰ সাধনৰ জৰিয়তে ন্যায়, আইনৰ বিধি-বিধান, মানৱ অধিকাৰ তথা প্ৰাথমিক স্বাধীনতাৰ জৰিয়তে সাৰ্বজনীন সন্মান প্ৰদৰ্শনৰ মানসিকতা বৃদ্ধি কৰিব লাগিব। শিক্ষাই মানুহক অইনৰ প্ৰতি অধিক সহিষ্ণু হোৱাত সহায় কৰি শান্তিৰ অনুশীলন কৰিব লাগিব। সংস্কৃতিয়ে মানুহৰ উৎকৰ্ষ সাধনৰ জৰিয়তে মানৱ জীৱন সুখী হোৱাৰ লগতে শান্তিপূৰ্ণ কৰি তোলাত সহায় কৰিব লাগিব।

প্ৰশ্ন ২৩। শান্তি শিক্ষাৰ বাবে ইউনিচেফৰ ভূমিকাসমূহ আলোচনা কৰা। (Discuss the role of UNICEF in peace education.)

উত্তৰঃ ইউনিচেফে সংঘৰ্ষ জৰ্জৰিত দেশসমূহৰ ক্ষেত্ৰত প্ৰধান্যতা প্ৰদান কৰিছে আৰু কিছু কাৰ্যসূচীৰ পৰামৰ্শ দিছে। ইউনিচেফৰ চূড়ান্ত প্ৰতিবেদনত সংঘৰ্ষ জৰ্জৰিত দেশত ছয়টা দিশৰ ওপৰত প্ৰাধান্য দিছে আৰু অভিযানৰ সময়ত নিম্নলিখিত ছয়টা পৰামৰ্শ আগবঢ়াইছে (শিশু সংৰক্ষণ ২০০৮, Save the children 2008)। 

(ক) অধিক গৰীব আৰু যথেষ্ট অসুবিধাগ্ৰস্তসকলৰ বাবে শৈক্ষিক সুবিধা বৃদ্ধি কৰা বিশেষকৈ আগতীয়া বাল্যকালৰ শিক্ষা, সামাজিক নিৰাপত্তা আৰু নমনীয়তা তথা বিকল্প শিক্ষা ব্যৱস্থাৰ মাধ্যমত।

(খ) শিক্ষক আৰু শিক্ষাদানৰ গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগিব, বিশেষকৈ নিযুক্তি, প্ৰশিক্ষণ আৰু বৃত্তিগত বিকাশ লগতে অন্যান্য সুবিধা যেনে—পাৰিতোষিক আৰু অত্যাধিক গৰীব তথা পিছ পৰা অঞ্চলত কৰ্মৰ প্ৰেৰণা প্ৰদান কৰা।

(গ) শান্তিৰ সমৰ্থনৰ বাবে মূল্যবোধৰ উন্নতি সাধন আৰু বৈষম্যতাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ বাবে শিক্ষাৰ প্ৰাসংগিক পাঠ্যক্ৰম আৰু উদ্দেশ্যপূৰ্ণ প্ৰাসংগিকতাৰ বিকাশ সাধন কৰা।

(ঘ) শিক্ষণৰ অন্তৰ্ভূক্তিকৰণৰ পৰিৱেশ; শিশু অধিকাৰৰ প্ৰশিক্ষণ, শিশু সুৰক্ষা, অহিংস শিক্ষাদান পদ্ধতি আৰু নীতি-নিয়ম আদিৰ জৰিয়তে শিক্ষাক আক্ৰমণৰ সুৰক্ষা প্ৰদান কৰা যিয়ে ৰাজনৈতিক, সামৰিক আৰু মানৱতীবাদী কাৰ্যসমূহৰ মাজত প্ৰভেদ ৰক্ষা কৰিব।

(ঙ) শিক্ষাত মানৱ হিতৈষী (Humanitarian) কার্য আৰু মানৱ হিতৈষী সাহাৰ্য ৪.২ শতাংশ বৃদ্ধি কৰিব লাগিব যিয়ে শিক্ষাৰ প্ৰতি বৃদ্ধি হোৱা ভীতি প্ৰকাশত বাধা দিবলৈ সক্ষম হ’ব।

(চ) সংঘৰ্ষ জৰ্জৰিত ৰাজ্যসমূহৰ বাবে শিক্ষাৰ বাজেটত ৰাষ্ট্ৰীয় পৰ্যায়ত ২০% লৈ বৃদ্ধি কৰিব লাগিব, বিনামূলীয়া শিক্ষাত প্ৰৱেশ; পৌৰ সমাজক বাজেট প্ৰদৰ্শনত নিয়োজিত কৰা, প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বছৰেকীয়া অৰ্থ আন্তঃৰাষ্টীয় পৰ্যায়ত বৃদ্ধি কৰা আৰু দীৰ্ঘদিনীয়া সাহাৰ্যৰ ব্যৱস্থা কৰিব পাৰি।

প্ৰশ্ন ২৪। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ সৈতে ভাৰতৰ সম্পৰ্ক নিৰ্ণয় কৰা। (Determine India’s relationship with the United Nations Organization for Education, Science and Culture.)

অথবা

UNESCO ৰ সম্পৰ্কত ভাৰতবৰ্ষৰ ভূমিকা আলোচনা কৰা। (Discuss the role of India in UNESCO.)

উত্তৰঃ “Since wars begin in the minds of men; it is in the minds of men that the defences of peace must be constructed”. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত বাক্যষাৰে সংগঠনটোৰ গুৰুত্ব বাৰুকৈয়ে প্ৰকাশ কৰিছে। এনেহেন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসংঘৰ সংগঠনটোৰ সৈতে ভাৰতবৰ্ষই প্ৰাক্স্বাধীন কালৰে পৰা সু-সম্পৰ্ক বজাই ৰাখি আহিছে। ১৯৪৬ চনৰ ৪ নৱেম্বৰত ইয়াৰ সংবিধানত ভাৰতবৰ্ষই সন্মতি দিয়ে আৰু ভাৰত ইয়াৰ এজন প্ৰতিষ্ঠাপক সদস্য হয়। এই সংবিধানৰ দুই এটি আদৰ্শ স্বাধীন ভাৰতৰ সংবিধানৰ চতুৰ্থ অধ্যায়ত স্থান পায়। তদুপৰি ভাৰতৰ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ, বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ আৰু বহু ভাষা-ভাষীৰ দেশ হিচাপে UNESCO ৰ কাম-কাজত ইয়াৰ সক্ৰিয় অংশগ্ৰহণ আছে। ১৯৪৬ চনৰে পৰা UNESCO ৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য হৈ আহিছে। ইয়াৰ সাধাৰণ পৰিষদৰ (General Conference) বহুবাৰ উপসভাপতি হৈছে। ভাৰত উন্নয়নশীল দেশ হৈও ইয়াৰ বাজেটলৈ শকত পৰিমাণৰ (৫ শতাংশ) ধন আগবঢ়াব পৰিছে। ভাৰতত UNESCO ৰ দুটা প্ৰধান কাৰ্যালয় আছে। ইয়াৰ এটা হৈছে দক্ষিণ-পূৱ এছিয়াৰ ১১ খন দেশৰ বাবে আৰু আনটো হৈছে The Mahatma Gandhi Institute of Education for peace and Sustainable Development। ইয়াৰ উপৰি আন আন অঞ্চলত কেন্দ্ৰ আছে। আন এক উল্লেখযোগ্য অনুষ্ঠান হৈছে The National Commission for India’s Cooperation with UNESCO। ই  UNESCO আৰু ভাৰতৰ মাজৰ সমন্বয়ক কেন্দ্ৰ। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষই  UNESCO ৰ কাম-কাজ পৰিচালিত হয়। এই আয়োগৰ দায়িত্বত ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰী থাকে।

এনেধৰণে UNESCO ৰ সাংগঠনিক দিশত ভাৰতৰ ওচৰ সম্পৰ্ক থকাৰ দৰে ইয়াৰ সকলো কামতো ভাৰতৰ ভূমিকা পৰিলক্ষিত হয়। এই সংগঠনে শিক্ষা-বিজ্ঞান আৰু সাংস্কৃতিক বিকাশ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ভেঁটি কটকটীয়া কৰাৰ উদ্দেশ্যেৰে যিবোৰ লক্ষ্য (যেনে—সকলোৰে বাবে গুণগত শিক্ষা, বহনক্ষম উন্নয়নৰ বাবে বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰ, সাম্প্ৰতিক সময়ৰ সামাজিক প্ৰথা নৈতিক প্ৰত্যাহ্বানৰ সৈতে পৰিচয়, সাংস্কৃতিক বিচিত্ৰতা আৰু শান্তিৰ সংস্কৃতি বজাই ৰখা, তথ্য আৰু যোগাযোগেৰে জ্ঞানলব্ধ সমাজ প্ৰতিষ্ঠা) নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰ ৰূপায়ণৰ কামত ভাৰত নানা ধৰণে জড়িত হৈ আছে। ঠিক তেনেকৈ এছিয়াৰ নেতৃত্বত থকা ভাৰতে এই অঞ্চলৰ পিছপৰা শিক্ষাক সংস্কাৰৰ বাবে, বহনক্ষম উন্নয়নৰ বাবে আৰু শান্তিৰ বাবে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে UNESCO ৰ সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদলৈ সময়ে সময়ে পৰামৰ্শ আৰু আন আন প্ৰস্তাৱ আগবঢ়াই আহিছে। UNESCO ৰ আন কিছুমান প্ৰচেষ্টা (যেনে–উত্তৰোত্তৰ ২০১৫ ৰ বিশ্বজনীন শিক্ষা কাৰ্যসূচী, শিশুৰ যতন আৰু শিক্ষা, কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা আদি) তো ভাৰতবৰ্ষই সহায়-সহযোগিতা আগবঢ়ায়। “Education is the most basic foundation for building lasting peace and sustainable development” আৰু এইক্ষেত্ৰত থকা “The Mahatma Gandhi Institute of Education for Peace and Sustainable Development” ৰ কার্যক্রমনিকা শলাগ ল’বলগীয়া।

দক্ষিণ এছিয়াৰ সন্মিলনসমূহৰ উপৰিও UNESCO ৰ আন্তৰ্জাতিক আলোচনা চক্ৰসমূহত ভাগ লৈ আছে। ভাৰত বিশ্ব ঐতিহ্য সমিতিৰ এজন সদস্য আৰু ভাৰতৰ সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ বিষয়ত ইয়ে বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতৰ ৪০ খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে UNESCO ৰ স্বীকৃতি পায়। ঠিক তেনেকৈ তথ্য প্ৰযুক্তি বিদ্যাৰ বিকাশতো ভাৰতৰ সক্ৰিয় অংশগ্ৰহণ আছে আৰু ইয়াৰ এজন সদস্য হিচাপে যোগাযোগ বিকাশৰ বিভিন্ন কাম-কাজ (যেনে–বিশ্ব ৰেডিঅ দিৱস, Community Radio Programme, South Asia Network on Community Media) ত ভাৰতে সঁহাৰি জনাইছে।

UNESCO ৰ নানান কামত ভাৰতৰ যোগদান থকাৰ উপৰিও UNESCO ৰ আন্তৰ্জাতিক পৰ্যায়ৰ পুৰষ্কাৰসমূহৰ কামত, ইয়াৰ বিভিন্ন ক্ষেত্রৰ আসনসমূহত, বা UNESOC ৰ দায়িত্বপূর্ণ বিভিন্ন কামত ভাৰতে সেৱা আগবঢ়াই আহিছে আৰু ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ উৎকৰ্ষত ইয়াৰ অশেষ অৰিহণা আছে।

এনেদৰে দেখা যায় যে UNESCO ৰ কাম-কাজৰ সংখ্যা অনেক আৰু এই দীঘলীয়া কৰ্মৰাজিৰ পৰিক্ৰমাত ভাৰতে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। শিক্ষা-বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য (বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা) বাস্তৱয়িত কৰিবলৈ UNESCO ই যি যি কাম হাতত লৈছিল সেইবোৰত ভাৰতৰ ভূমিকা নিঃসন্দেহে মন কৰিবলগীয়া। সেয়ে UNESCO আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অতুলনীয়।

প্ৰশ্ন ২৫। ভাৰতবৰ্ষত এইচ.আই. ভি.এইডচ’ৰ সমস্যাসমূহ লিখা। (Write about the problems of HIV AIDS in India.)

উত্তৰঃ বৰ্তমান ভাৰতবৰ্ষত এইচ.আই.ভি.এইডচে এক বৃহৎ আৰ্থ-সামাজিক আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষত এতিয়া আফ্ৰিকাক পিছত পেলাই পৃথিৱীৰ ভিতৰতে সৰহ সংখ্যক এইচ.আই.ভি.আক্ৰান্ত ৰোগী ধৰা পেলাইছে। HIV / AIDS প্ৰতিৰোধ কৰিবৰ বাবে ইমানবিলাক আন্তঃৰাষ্টীয়, চৰকাৰী আৰু বেচৰকাৰী সংগঠনৰ প্ৰচেষ্টা চলোৱা স্বত্তেও এই ভয়ানক ৰোগটোৰ পৰা হাত সাৰিব পৰা নাই।

ভাৰতত প্ৰথম AIDS ৰোগী ধৰা পৰে ১৯৮৬ চনত দক্ষিণ ভাৰতত। ভাৰতৰ অন্ধ্ৰপ্ৰদেশ হৈছে এনে এখন ৰাজ্য য’ত AIDS ৰোগীৰ সংখ্যা ভাৰতৰ ভিতৰতে সৰ্বাধিক। ভাৰতবৰ্ষত মুঠ প্ৰায় 5.7 নিযুত লোক HIV / AIDS ৰ দ্বাৰা আক্ৰান্ত। আমাৰ দেশৰ এই বিসদৃশ মহামাৰীটোৱে বিশেককৈ কেইখনমান ৰাজ্যতহে কেন্দ্ৰীভূত হৈ আছে—উদ্যোগিক দক্ষিণ আৰু পশ্চিম উত্তৰ-পূবত। ভাৰতবৰ্ষৰ মুঠ HIV আক্ৰান্ত ৰোগীৰ 55 শতাংশই চাৰিখন ৰাজ্যত আছে। এই ৰাজ্যকেইখন হৈছে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তামিল নাডু, পশ্চিমবঙ্গ, গুজৰাট, বিহাৰ আৰু উত্তৰ প্ৰদেশত 22 শতাংশ HIV আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে। এই মহামাৰী সদৃশ ৰোগটোৱে ভয়ঙ্কৰ ৰূপত আমাৰ সমাজখনক গ্ৰাস কৰিব ধৰিছে। ভাৰতবৰ্ষত AIDS আক্ৰান্ত ব্যক্তিসকল আহিছে বিভিন্ন সংস্কৃতি আৰু পটভূমিৰ পৰা। অধিক সংখ্যক আক্রান্তই বিভিন্ন ব্যক্তিৰ লগত স্থাপন হোৱা যৌন সম্পৰ্কৰ দ্বাৰা হয় আৰু বেছিভাগ AIDS আক্ৰান্ত ৰোগী হৈছে—যৌন কৰ্মী, চিৰিঞ্জৰ দ্বাৰা ড্ৰাগচ সেৱনকাৰী, ট্ৰাক ড্ৰাইভাৰ, ইত্যাদি। ভাৰতৰ ৰাষ্ট্ৰীয় AIDS নিয়ন্ত্ৰণ সংস্থা (National AIDS Control Organization (NACO)] ৰ মতে ভাৰতৰ এক বুজন সংখ্যক HIV আক্ৰান্ত সংঘঠিত হয় অনিয়ন্ত্ৰিত যৌন সম্পৰ্কৰ দ্বাৰা।

অসমক যদিও এতিয়াও বিপদ সীমাৰ ওপৰৰ অঞ্চল বুলি শ্ৰেণীভুক্ত কৰা নাই, এই অঞ্চলৰ AIDS আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈছে। অসম ৰাজ্যিক AIDS নিয়ন্ত্ৰণ সমাজ (Assam State AIDS Control Society) ৰ এক প্ৰতিবেদন মতে অসমত AIDS আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪,২৫১ জন। ২০০১ চনত এই সংখ্যা আছিল ৩৬৪ জন। অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ বাটচৰা, সেয়েহে বাহিৰৰ অঞ্চলৰ পৰা অহা ট্ৰাক চালকসমূহকে অসমত AIDS ৰ বীজাণু বিয়পোৱাৰ বাবে দায়ী বুলি কোৱা হয়।

প্ৰশ্ন ২৬। ভাৰতবৰ্ষত HIV বীজাণু বিয়পাৰ কাৰণসমূহ লিখা। (Write the causes of HIV infection in India .)

উত্তৰঃ HIV সংক্ৰামক ৰোগ টি. বি., কলেৰা, প্লেগ, বৰ আই, সৰু আই, বসন্ত আদিৰ দৰে একে ধৰণেৰে সংক্ৰমণ হোৱা ৰোগ নহয়। ই প্ৰধানকৈ বিয়পে যৌন সম্পৰ্কৰ দ্বাৰা আৰু ইজনে সিজনৰ লগত তেজৰ আদান -প্ৰদান কৰিলে। এইটো ক’ব পাৰি যে HIV প্ৰধানকৈ চাৰিটা উৎসৰ পৰা বিয়পিব পাৰে। সেইসমূহ হ’ল—

(ক) এজন AIDS আক্ৰান্ত ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে—বিপৰীতে লিঙ্গৰ লগত নাইবা সমকামী।

(খ) HIV আক্ৰান্ত তেজ আৰু তেনে ধৰণৰ তেজৰ অন্যান্য উপাদান সৰবৰাহ কৰিলে।

(গ) HIV বীজাণু সম্বলিত চিৰিঞ্জ বা বেজীৰে ড্ৰাগচ্ গ্ৰহণ কৰিলে।

(ঘ) HIV আক্ৰান্ত মাতৃৰ পৰা গৰ্ভত থকা সন্তানটোলৈ। এই ধৰণেৰে HIV সংক্ৰমণৰ ৩০ – ৫০ শতাংশই সম্ভাৱনা থাকে।

তলত HIV বীজাণুৰ কেইটামান উৎস উল্লেখ কৰা হ’ল। সেইসমূহ হৈছে—বেশ্যা, সমকামী, ড্ৰাগচ সেৱনকাৰী, ৰক্তদাতা ৰোগৰ গৱেষণাগাৰ আৰু HIV আক্ৰান্তৰ মাতৃৰ পৰা গৰ্ভত থকা সন্তানটোলৈ।

(ক) বেশ্যা :- মহিলা যৌনকর্মী এই লোকসকলে যৌনতাক বিক্ৰী কৰে। এইটো বিশ্বাস কৰা হয় যে ভাৰতৰ বিভিন্ন ৰেড লাইট অঞ্চলত প্ৰায় ২০ লাখ মহিলা যৌনকর্মী বিয়পি আছে। ৰেড লাইট অঞ্চলৰ সংখ্যা হৈছে ৮১৭। এই যৌনকর্মীসকলৰ অধিক সংখ্যকেই HIV / AIDS। আক্ৰান্ত আৰু তেওঁলোকৰ পৰা গ্ৰাহকসকলৰ শৰীৰত এই বীজাণু সংক্ৰমিত হয়।

(খ) সহকামী :- সমকামীতাৰ যোগেদি HIV বীজাণু বিয়পাৰ সম্ভাৱনা অতি বেছি।

(গ) ড্ৰাগচ্ সেৱনকাৰী :- ড্ৰাগচ সেৱনকাৰী যিসকলে চিৰিঞ্জৰ দ্বাৰা বা বেজীৰ দ্বাৰা ড্ৰাগচ সেৱন কৰে তেনে ক্ষেত্ৰত যদি সেই চিৰিঞ্জটোৰ বেজিটোত HIV বীজাণু থাকে তেন্তে HIV সংক্ৰমণৰ সম্ভাৱনা অধিক হয়। বৰ্তমান যথেষ্ট সংখ্যক ড্ৰাগচ সেৱনকাৰীয়ে নিজে নিজে ইনজেকচনৰ সহায়ত শৰীৰত ড্ৰাগচ সুমুৱাই লয়। কেতিয়াবা কেবাজনো ব্যক্তিয়ে একেটা চিৰিঞ্জকে ব্যৱহাৰ কৰিলে HIV বীজাণু সংক্ৰমণ হয়।

(ঘ) ৰক্ত দাতা :- ৰক্ত দাতাসকলেও HIV বীজাণু সংক্ৰমণ কৰে। কিছুমান ব্যক্তি আছে যিসকলে ৰক্তদান কৰাটো পেচা হিচাপে লয়, আৰু তেওঁলোকৰ তেজত কেতিয়াবা HIV ৰ বীজাণু থাকে। যদি তেনে ব্যক্তিৰ তেজ পৰীক্ষা নকৰাকৈ ৰোগীক প্ৰদান কৰা হয় তেন্তে সেই ৰক্ত গ্ৰহণ কৰা ৰোগীজনে AIDS ৰ বীজাণু বহন কৰিব লগা হয়।

(ঙ) HIV আক্ৰান্ত মাতৃৰ পৰা গৰ্ভস্থ সন্তানলৈ এই ৰোগৰ বীজাণু বিয়পে।

(চ) নাপিতে দাড়ি খুৰাবলৈ যিখন ব্লেড ব্যৱহাৰ কৰে সেইখন ব্লেডে যদি এজন HIV আক্ৰান্ত ব্যক্তিৰ দাড়ি কটাৰ পাছত আন এজন সুস্থ ব্যক্তিৰ দাড়ি কাটোতে ব্যৱহাৰ কৰে তেন্তে সেই সুস্থ ব্যক্তিজনৰ শৰীৰলৈ HIV সংক্ৰমণ হয়।

প্ৰশ্ন ২৭। ভাৰতবৰ্ষত HIV ৰ প্ৰভাৱ সম্পৰ্কে লিখা। (Write about the effects of HIV in India.)

উত্তৰঃ আমাৰ জীৱনকালত আৰু ভৱিষ্যতেও HIV ৰ ধ্বংসাত্মক প্ৰভাৱৰ বিষয়ে কল্পনা কৰাটোও কঠিন। আৰম্ভণিতে কেৱল কেইজনমান ব্যক্তিৰ মাজত দেখা দিয়া এই ৰোগে এটা দশকৰ ভিতৰতে পৃথিৱীৰ নিযুত সংখ্যক পুৰুষ, মহিলা আৰু শিশুৰ মাজত বিয়পি পৰে। AIDS কেৱল এক স্বাস্থ্যজনিত সমস্যাই নহয়, প্ৰকৃততে ই হৈছে এক সামাজিক সমস্যা গুৰুত্বপূৰ্ণ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশ আছে। ই ব্যক্তিগত, পাৰিবাৰিক আৰু সাম্প্ৰদায়িক স্তৰত প্ৰধান সামাজিক সংস্থাবোৰৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে।

ইয়াৰ অৰ্থনৈতিক ফলাফল সমানেই উদ্বেগজনক কিয়নো যদি HIV / AIDS ৰোগীসকলৰ চিকিৎসাৰ সম্পূৰ্ণ প্ৰয়োজনীয়তাখিনি বহন কৰিবলৈ হ’লে দেশখনৰ ৰাষ্ট্ৰীয় আয়ৰ আধা অংশ ব্যয় কৰিব লাগিব। AIDS এ মানুহক নিশ্চিতভাৱে অৰ্থনৈতিক আৰু সামাজিকভাৱে আক্ৰমণ কৰে। এই ক্ষেত্ৰত ব্যক্তিজনৰ উপৰিও যিসকলে তেওঁলোকৰ চিকিৎসাৰ খৰচ বহন কৰে তেওঁলোকৰ অধিক ক্ষতি হয়। যেতিয়া পৰিয়ালটোৰ উপাৰ্জনকাৰীজনৰ মৃত্যু ঘটে তেতিয়া পৰিয়ালৰ আন আন সদস্যৰ বাবে জীয়াই থকাৰ কোনো সম্বলেই বাচি নাথাকে। ঠিক সেইদৰে আমাৰ সমাজত AIDS আক্ৰান্ত ব্যক্তিক বৰ ভাল চকুৰে চোৱা নহয়। সমাজৰ লোকসকলে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখে। ইয়াৰ উপৰি ৰোগীজনে নিজে মানসিকভাৱে আৰু শেষলৈ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে। গতিকে দেখা গ’ল এজন ব্যক্তি AIDS ত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁক আৰু বিশেষকৈ তেওঁৰ পৰিয়ালটোৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়। AIDS আক্ৰান্ত ৰোগীজনক কৰ্মৰ পৰা অব্যাহতি দিয়া হয়। পৰিয়াল আৰু সম্প্ৰদায়ৰ পৰা অসন্মান পায়, বন্ধুবৰ্গই লগ এৰা দিয়ে, চিকিৎসকেও চিকিৎসা কৰিবলৈ এৰি দিয়ে, স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ পৰাও বাহিৰ কৰি দিয়া হয়।

ৰোগীৰ পৰিয়ালটোৱেও অৰ্থনৈতিক, মানসিক আৰু সামাজিকভাৱে বহুতো কষ্টৰ সন্মুখীন হয়। নিজৰ আত্মীয় বা আপোনজনৰ পৰা বঞ্চিত হৈ পত্নী আৰু সন্তানসকলে অতি দুখৰ জীৱন কটাবলগীয়া হয়।

ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে HIV / AIDS ৰ প্ৰভাৱ বিশেককৈ কু-প্ৰভাৱ আমাৰ সমাজত যথেষ্ট আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top