Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা

Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা

Join Telegram channel

Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 5 বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

বৰ্তমান সামাজিক প্ৰেক্ষাপটত শিক্ষা

EDUCATION

EMERGING TRENDS IN INDIAN EDUCATION

(ভাৰতীয় শিক্ষাৰ উদীয়মান প্ৰৱণতা)

অতি চমু প্রশ্নোত্তৰঃ

১। যুৱ-উচ্ছৃংখলতা বুলিলে কি বুজা ? (What do you mean by youth unrestrained ?)

উত্তৰঃ সমগ্ৰ বিশ্বতেই শৃঙ্খলাবোধৰ অভাৱত যুৱ-মানসত কেৰোণ লাগিলেই সৃষ্টি হয় উচ্ছৃংখলতা। সহজভাৱে ক’বলৈ হ’লে যুৱ-সমাজত দেখা দিয়া শৃঙ্খলাবোধৰ অভাৱেই হ’ল যুৱ-উচ্ছৃংখলতা।

২। যুৱ-উচ্ছৃংখলতাৰ যিকোনো এটা কাৰণ উল্লেখ কৰা। (Mention any one cause of youth unrestrained.)

উত্তৰঃ যুৱ-উচ্ছৃংখলতাৰ এটা প্ৰধান কাৰণ হ’ল—অনুশাসনহীনতা। অনুশাসনহীনতাই যুৱ-সমাজত উচ্ছৃংখলতাৰ বীজ ৰোপন কৰাত ইন্ধন যোগায়।

৩। যুৱ-উচ্ছৃংখলতাৰ যিকোনো এটা প্ৰতিকাৰ উল্লেখ কৰা। (Mention any one remedy for youth unrestrained.)

উত্তৰঃ যুৱ-উচ্ছৃংখলতাৰ যিকোনো এটা প্ৰতিকাৰ হ’ল নিযুক্তিৰ সা-সুবিধা বৃদ্ধি কৰি তোলা।

৪। শান্তি কি ? (What is peace ?)

উত্তৰঃ সাধাৰণ অৰ্থত শান্তি হ’ল যুদ্ধবিহীন অৱস্থা। শান্তি বুলিলে এনে এটা বাহ্যিক আৰু মানসিক পৰিৱেশৰ কথা বুজায় য’ত মানুহ সম্পূৰ্ণ সহযোগিতাৰে, সহমৰ্মিতাৰে কাম কৰিব পাৰে।

৫। শান্তি শিক্ষা কি ? (What is peace education ?)

উত্তৰঃ প্রাকৃতি পৰিৱেশৰ সৈতে আৰু অইন ব্যক্তিৰ সৈতে তথা নিজে নিজৰ সৈতে শৃঙ্খলাবদ্ধভাৱে জীয়াই থকা তথা মূল্যবোধ, জ্ঞান আহৰণ কৰা আৰু মনোভাৱ, দক্ষতা তথা আচৰণৰ বিকাশ সাধন কৰা প্ৰক্ৰিয়াটোকে শান্তি শিক্ষাৰ সংজ্ঞা দিব পাৰি।

৬। ‘Peace’ শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে। (From which language did the word ‘peace’ originate ?)

উত্তৰঃ ‘Peace’ শব্দটো ফৰাচী ভাষাৰ পৰা উৎপত্তি হৈছে।

৭। ‘Peace’ শব্দটো ফৰাচী ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে ? (From which Persian word is the word ‘Peace’ derived ?)

উত্তৰঃ ‘Peace’ শব্দটো ফৰাচী ভাষাৰ ‘pais’ শব্দটোৰ পৰা উৎপত্তি হৈছে।

৮। UNO ৰ সম্পূৰ্ণ ৰূপটো কি ? (What is the full of UNO ?)

উত্তৰঃ UNO ৰ সম্পূৰ্ণ ৰূপটো হ’ল—”United Nations Organisation”. 

৯। “United Nations Organization” নামটো কোনে প্ৰদান কৰিছিল ? (Who provided the “United Nations Organization”?)

উত্তৰঃ মাৰ্কিন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুছভেল্টে।

১০। UNESCO ৰ সম্পূৰ্ণ ৰূপ লিখা। (Write the full form of UNESCO ?)

উত্তৰঃ The United Nations Education Scientific and Cultural Organisation (ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন)।

১১। UNESCO ৰ সদৰ কাৰ্যালয় ক’ত আছে? (Where is the UNESCO headquarters ?)

উত্তৰঃ ফ্ৰান্সৰ পেৰিচ চহৰত।

১২। কোন চনত UNESCO য়ে ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ বুলি স্বীকৃতি পায় ? (In which year was UNESCO recognized as a special body of the United Nations ?)

উত্তৰঃ ১৪ ডিচেম্বৰ, ১৯৪৬।

১৩। কিমান সদস্যৰে UNESCO গঠিত হয়? (UNESCO is formed with how many members ?)

উত্তৰঃ বৰ্তমানে ১৯৩ সদস্য ৰাষ্ট্ৰৰ উপৰি আন ১১ সহযোগী সদস্যৰে গঠিত।

১৪। UNESCO ৰ সদস্য পদ ত্যাগ কৰা এখন ডাঙৰ ৰাষ্ট্ৰৰ নাম লিখা। (Write the name of a large state that has resigned from UNESCO ?)

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়ে ২০১৮ চনৰ ৩১ ডিচেম্বৰত সদস্য পদ উঠাই লৈছিল।

১৫। UNESCO ৰ মাতৃ সংগঠন বুলি কাক কোৱা যায় ? (Who is the mother organization of UNESCO ?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদক (ECOSOC)।

১৬। UNESCO ত ৰাষ্ট্ৰসংঘৰ সদস্যৰ বাহিৰে আন দেশে ইয়াৰ সদস্য পদ পাব পাৰেনে ? (Can UNESCO get membership of any country other than the United Nations ?)

উত্তৰঃ পাৰে।

১৭। UNESCO ৰ জন্মত কোন জন ব্যক্তিৰ বৰঙণি সৰ্বাধিক ? (Who contributes the most  to UNESCO ?)

উত্তৰঃ ব্ৰিটিছ শিক্ষামন্ত্ৰী ৰাব বাটলাৰ (Rab Butler)।

১৮। UNESCO ৰ উত্তৰসুৰী সংগঠন কোনটো? (Which is the successor organization of UNESCO ?)

উত্তৰঃ জাতিসংঘৰ বৌদ্ধিক সহযোগিতাৰ আন্তৰ্জাতিক কমিটি।

১৯। UNICEF ৰ সম্পূৰ্ণ ৰূপ কি ? (What is the full form of UNICEF ?)

উত্তৰঃ The United Nations International Children’s Emergency Fund (ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশু আৰু আকস্মিক নিধি)।

২০। কোন চনত (UNICEF) গঠন হৈছিল ? (In which year was UNICEF formed ?)

উত্তৰঃ ১১ ডিচেম্বৰ, ১৯৪৬। 

২১। কোন চনৰ পৰা UNICEF ৰ পৰা International আৰু Emergency শব্দ দুটা পৰিহাৰ হয় ? (In which year did UNICEF avoid the terms International and Emergency ?) 

উত্তৰঃ ১৯৫৩ চনৰ পৰা।

২২। UNICEF ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ? (Where is  the  UNICEF headqualocated ?)

উত্তৰঃ আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰত।

২৩। প্ৰতিষ্ঠা সময়ৰ UNICEF ৰ উদ্দেশ্য কি আছিল ? (What was the purpose of UNICEF at the time of its establishment ?)

উত্তৰঃ দ্বিতীয় মহাযুদ্ধত ক্ষতিৰ সন্মুখীন হোৱা শিশু আৰু মাতৃসকলক সোনকালে উদ্ধাৰ কৰা।

২৪। UNICEF ৰ বৰ্তমান লক্ষ্য কি ? (What is UNICEF’s current goal ?)

উত্তৰঃ শিশুৰ অধিকাৰ ৰক্ষা কৰা আৰু ইয়াৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰা।

২৫। শান্তিৰ ন’বেল বঁটা পোৱা ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগৰ নাম লিখা। (Write the name of special organ of the United Nations that won the Nobel Peace Prize ?)

উত্তৰঃ আন্তৰ্জাতিক শ্ৰমিক সংগঠন।

২৬। UNICEF ৰ এক বেচৰকাৰী আন্তৰ্জাতিক সংগঠনৰ নাম লিখা। (Write the name of a non – governmental international organization of UNICEF.)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি।

২৭। UNICEF ৰ কাৰ্যসূচীৰ অনুৰূপ ভাৰতৰ দুখন আঁচনিৰ নাম কি ? (Write the names of two schemes in India similar to UNICEF’s agenda ?)

উত্তৰঃ সংহত শিশু উন্নয়ন, প’লিঅ’ নিৰ্মূলকৰণ আঁচনি বা জল বিপ্লৱ।

২৮। শিশু কল্যাণৰ লগত জড়িত থকা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা। (Write the names of two Indian non-governmental organizations involved in child welfare ?)

উত্তৰঃ ১। Child Rights and You (CRY) আৰু

২। Smile Foundation.

২৯। ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি’ (United Nations Development Programme) ৰ আৰম্ভণি কেতিয়া হৈছিল ? (When was the ‘United Nations Development Programme’ launched ?)

উত্তৰঃ ২২ নৱেম্বৰ, ১৯৬৫।

৩০। ‘সহস্রাব্দবাদ বিকাশৰ লক্ষ্য’ পূৰণৰ অন্তিম সময় কিমান বছৰলৈ ধৰা হৈছিল ? (How long was the deadline for meeting the ‘Millennium Development Goals’?)

উত্তৰঃ ২০১৫ ইং।

৩১। UN Millennium Summit, 2000 ত বিশ্বৰ কিমান দেশৰ অংশগ্ৰহণ আছিল ? (What was the participation of the world’s quota countries in the UN Millennium Summit ?)

উত্তৰঃ বিশ্বৰ ১৯৩ খন দেশ আৰু ২২ টা আন্তৰ্জাতিক সংগঠনৰ অংশগ্ৰহণ আছিল।

৩২। সহস্ৰদ্ববাদ বিকাশৰ লক্ষ্যৰ পাছত কেতিয়া ৰাষ্ট্ৰসংঘই  ‘বহনক্ষম বিকাশৰ লক্ষ্য’ গ্ৰহণ কৰিছিল ? (When did the United Nations adopt the ‘sustainable development goal’ for the Millennium Development Goals ?)

উত্তৰঃ ২৫ ছেপ্টেম্বৰ, ২০১৫ ইং। 

৩৩। বিশ্ব স্বাস্থ্য সংগঠনৰ সদস্যপদ কিমান ? (What is the membership of the World Health Organization ?)

উত্তৰঃ এই সংগঠনৰ সদস্যপদ সকলো ৰাষ্ট্ৰৰ বাবে মুকলি থাকে। সেয়ে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ ইয়াৰ হোৱাৰ উপৰি আন দুই সহযোগী ৰাষ্ট্ৰ আছে। বৰ্তমান ইয়াৰ মুঠ সদস্য ১৯৩+২=১৯৫। 

৩৪। UNICEF ৰ ৰাজহ উৎস কোনবোৰ ? (What are the sources of UNICEF”s revenue ?)

উত্তৰঃ ইয়াৰ ৰাজহৰ প্ৰধান উৎসবোৰ হৈছে সদস্য ৰাষ্ট্ৰৰ বৰঙণি আৰু স্বেচ্ছামূলক বৰঙণিসমূহ। তদুপৰি বিশ্বৰ ২৬ খন উন্নত দেশত থকা ইয়াৰ জাতীয় কমিটিয়ে ব্যক্তিগত খণ্ডৰ বিভিন্ন কৰ্তৃপক্ষৰ পৰা অৰিহণা সংগ্ৰহ কৰে।

৩৫। UNICEF কেনেকৈ পৰিচালিত হয় ? (How is UNESCO managed ?)

উত্তৰঃ UNICEF ৰ কাম-কাজ পৰিচালনাৰ বাবে এখন কাৰ্যবাহী পৰিষদ (Executive Board) আছে। ই ৩৬ জন সদস্যৰে গঠিত আৰু তেওঁলোকক ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে নিৰ্বাচন কৰে। তেওঁলোকৰ মাজত এজন সভাপতি আৰু ৪ জন উপসভাপতি থাকে।

৩৬। UNESCOৰ দুবিধ কাৰ্যৰ নাম লিখা। (Write the names of two UNESCO works ?)

উত্তৰঃ UNESCO ৰ কার্য দুটা হ’ল—

(ক) জ্ঞানৰ গৱেষণা আৰু বিস্তাৰ সাধন কৰা।

(খ) শিক্ষাক সাৰ্বজনীন কৰি তোলা আৰু সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা।

৩৭। বিশ্ব স্বাস্থ্য সংগঠনৰ দুটা উদ্দেশ্য লিখা। (Write two objectives of the World Health Organization ?)

উত্তৰঃ সংবিধানৰ প্ৰস্তাৱনাত থকা দুটা উদ্দেশ্য এনেধৰণৰ—

(ক) জাতি, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি আৰু সামাজিক অৱস্থা নিৰ্বিশেষে সকলো মানুহ সু-স্বাস্থ্যৰ অধিকাৰী হোৱা।

(খ) স্বাস্থ্য মানে হ’ব শাৰীৰিক মানসিক আৰু সামাজিক কল্যাণৰ পূৰ্ণ অৱস্থাৰ এক প্ৰাপ্তি।

৩৮। বিশ্ব স্বাস্থ্য সম্বন্ধীয় দুটা বেচৰকাৰী আন্তৰ্জাতিক সংস্থাৰ নাম লিখা। (Write the names of two non – governmental international organizations related to the World Health Organization ?)

উত্তৰঃ (ক) IFRC – International Federation of Red Cross আৰু

(খ) CARE – Cooperative for Assistance and Relief Everywhere.

৩৯। বিশ্ব স্বাস্থ্য সংগঠনৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ নাম লিখা। (Write the names of two important programs of the World Health Organization ?)

উত্তৰঃ (ক)মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণ কৰা।

(খ) মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ যতন।

৪০। UNICEF ৰ দুটা উদ্দেশ্য উল্লেখ কৰা। (Mention two purposes of UNICEF ?)

উত্তৰঃ UNICEF ৰ দুটা উদ্দেশ্য হ’ল—-

(ক) শিশুৰ জীৱন ৰক্ষা কৰা আৰু

(খ) শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা, শিশুৰ সম্পূৰ্ণ বিকাশ সাধন কৰা।

৪১। শিশুৰ মৌলিক মানৱ অধিকাৰবোৰ কি কি ? (What are the basic human rights of a child ?)

উত্তৰঃ শিশুৰ মৌলিক মানৱ অধিকাৰবোৰ হৈছে—

(ক) খাদ্যৰ অধিকাৰ।

(খ) বস্ত্ৰৰ অধিকাৰ।

(গ) বাসস্থানৰ অধিকাৰ।

(ঘ) শিক্ষাৰ অধিকাৰ।

(ঙ) স্বাস্থ্যৰ অধিকাৰ আৰু

(চ) মনোৰঞ্জনৰ অধিকাৰ।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। যুৱ-উচ্ছৃংখলতাৰ দুটা কাৰণ উল্লেখ কৰা। (Mention two causes of youth unrestrained.)

উত্তৰঃ তলত যুৱ-উচ্ছৃংখলতাৰ দুটা কাৰণ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) সুবিধাৰ অভাৱ :- যুৱকসকলে সিহঁতৰ প্ৰতিভাৰ বিকাশৰ, আগ্ৰহৰ আৰু ব্যক্তিত্ব বিকাশৰ বাবে উপযুক্ত সুবিধা নাপায়। সেইবাবে সিহঁত বৰ অসন্তুষ্টি পায়।

(খ) যোগাযোগৰ ব্যৱধান :- যুৱ-উচ্ছৃংখলতাৰ আন এটা প্ৰধান কাৰণ হ’ল অভিভাৱক আৰু ল’ৰা-ছোৱালী, শিক্ষক আৰু ছাত্ৰৰ মাজত যোগাযোগ আৰু বুজাবুজিৰ অভাৱ। অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ আশা-আকাংক্ষাবোৰ বুজি নোপোৱাৰ বাবে বিভিন্ন সমস্যা সৃষ্টি হোৱা দেখা যায়।

প্ৰশ্ন ২। যুৱ-উচ্ছৃংখলতাৰ দুটা প্ৰতিকাৰ উল্লেখ কৰা। (Mention two remedies for youth unrestrained.)

উত্তৰঃ তলত যুৱ-উচ্ছৃংখলতাৰ দুটা প্ৰতিকাৰ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) নিয়োগৰ সুবিধা :- ল’ৰা-ছোৱালীৰ আগ্ৰহ অনুসৰি নিয়োগৰ সুবিধা প্ৰদান কৰিবৰ বাবে কৃষি, অভিযান্ত্ৰিক, ব্যৱসায় পৰিচালনা, বাণিজ্য, মেডিচিন ইত্যাদি কোৰ্চৰ সুবিধা দিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলক আত্ম-নিৰ্ভৰশীল হ’বলৈ উৎসাহিত কৰিব লাগিব আৰু ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে প্ৰেৰণা যোগাব লাগিব।

(খ) ছাত্ৰ আৰু শিক্ষকৰ মাজত উপযুক্ত যোগাযোগ ব্যৱস্থা :- শিক্ষক আৰু ছাত্ৰৰ মাজৰ যোগাযোগৰ ব্যৱধানৰ মাজত উপযুক্ত সংযোগৰ ব্যৱস্থা কৰিব লাগিব। ছাত্ৰৰ ওপৰত শিক্ষকৰ সম্পূৰ্ণ বিশ্বাস থাকিব লাগিব। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বন্ধু, পথ প্ৰদৰ্শক আৰু দাৰ্শনিক হিচাপে কার্য সম্পাদন কৰিব লাগিব।

প্ৰশ্ন ৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ যিকোনো দুখনৰ নাম লিখা। (Write the names of any two permanent members of the UN Security Council ?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত যিকোনো দুখনৰ নাম তলত উল্লেখ কৰা হ’ল—

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(খ) গ্ৰেট ব্ৰিটেইন। 

প্ৰশ্ন ৪। সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা এজেন্সিৰ নাম লিখা। (What are the names of the two agencies of the United Nations working in the social and economic fields ?)

উত্তৰঃ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা এজেন্সিৰ নাম তলত উল্লেখ কৰা হ’ল—

(ক) শিক্ষা, বৈজ্ঞানিক আৰু সাংস্কৃতিক অনুষ্ঠান (UNESCO)।

(খ) আন্তঃৰাষ্টীয় মুদ্ৰা নিধি (IME)।

প্ৰশ্ন ৫। দেশৰ সংঘৰ্ষ জৰ্জৰিত অঞ্চলসমূহৰ সন্দৰ্ভত ইউনিচেফৰ দুটা পৰামৰ্শ উল্লেখ কৰা। (Mention two UNICEF recommendation regarding conflict- affected areas of the country.)

উত্তৰঃ সংঘৰ্ষ জৰ্জৰিত অঞ্চলসমূহৰ সন্দৰ্ভত ইউনিচেফৰ পৰামৰ্শসমূহৰ ভিতৰত দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল—

(ক) অত্যন্ত দুখীয়া আৰু যথেষ্ট অভাৱগ্ৰস্তসকলৰ বাবে শৈক্ষিক সা-সুবিধা বৃদ্ধি কৰা, বিশেষকৈ আগতীয়া বাল্যকালৰ শিক্ষা, সামাজিক নিৰাপত্তা, নমনীয় আৰু বিকল্প শিক্ষাৰ জৰিয়তে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

(খ) দুখীয়া আৰু অত্যন্ত পিছপৰা অঞ্চলত শিক্ষক নিযুক্তি, প্ৰশিক্ষণ আৰু বৃত্তিগত বিকাশ সাধনৰ লগতে শিক্ষকৰ পাৰিতোষিক আৰু কামৰ বাবে প্ৰেৰণা যোগোৱাৰ মাধ্যমেৰে শিক্ষকসকল আৰু শিক্ষাদানৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগিব।

প্ৰশ্ন ৬। সহস্ৰবাদ বিকাশৰ লক্ষ্য সাধনৰ নিধি (Millennium Development Goal Achievement Fund) মানে কি ?(What does Millennium Development Goal Achievement Fund mean ?)

উত্তৰঃ এই নিধি গঠন কৰা হয় ২০০৭ চনত। স্পেইন চৰকাৰৰ যত্নৰ বাবে ৰাষ্ট্ৰসংঘই নিধি সৃষ্টি কৰে। সহস্ৰবাদ লক্ষ্যসমূহ বাস্তৱত সাফল্য কৰি তোলাৰ উদ্দেশ্যত এই নিধিৰ ধন ব্যৱহাৰ কৰা হয়। এই নিধিয়ে সহস্ত্ৰবাদ বিকাশৰ ৮ টা লক্ষ্যৰ ১৩০ খন আঁচনিৰ সফলতাৰ বাবে ধনৰ যোগান ধৰে। এই আচঁনিবোৰে বিশ্বৰ প্ৰায় ৫০ খন দেশৰ প্ৰগতিত সহায় কৰি শান্তি সাধনত সহায় আগবঢ়াইছে।

প্ৰশ্ন ৭। ৰাষ্ট্ৰসংঘৰ বিকাশ গ্ৰুপ (UN Development Group) সম্পৰ্কে চমুকৈ লিখা। (Discuss briefly about the UM Development Group.)

উত্তৰঃ ১৯৯৭ চনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে এই গ্ৰুপ সৃষ্টি কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল দেশীয় পৰ্যায়ত ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনিৰ পাৰদৰ্শিতা বৃদ্ধি কৰা। ইয়াৰ কাম হৈছে উন্নয়নৰ কামত কাম কৰি থকা গোটসমূহৰ মাজত সমন্বয় সাধন কৰা, উন্নয়ন আঁচনিৰ বিকাশ সাধন আঁচনি ৰূপায়ণ কৌশল ৰচনা কৰা, উন্নয়নৰ ফলাফল বিচাৰ কৰা, সহস্ত্ৰবাদ বিকাশৰ লক্ষ্য সিদ্ধিত সহায় কৰা কৌশল আদি। ৩২ টা ৰাষ্ট্ৰসংঘৰ অভিকৰণে এই গ্রুপৰ সদস্য হৈ আছে আৰু উন্নয়নৰ কামত লাগি আছে।

প্ৰশ্ন ৮। যুৱ-উচ্ছৃংখলতা বা অশান্তি বুলিলে কি বুজা ? (What do you mean by youth unrestrained or unrest ?)

উত্তৰঃ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই শৃঙ্খলাবোধৰ কথা মানুহে বাৰুকৈয়ে উপলব্ধি কৰিব ধৰিছে। শৃঙ্খলাৰ অভাৱত আজি সমগ্ৰ বিশ্ব থৰহৰি কম্পমান। পাৰিবাৰিক জীৱন, সমাজ জীৱন, জাতীয় জীৱন সকলোতে কেৱল শৃংখলাবোধৰ অভাৱ। শৃঙ্খলাবোধৰ অভাৱত মানৱ জীৱন অস্থিৰ হৈ উঠিছে। আজি বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ সমাজৰ মাজতো শৃঙ্খলাবোধৰ অভাৱ পৰিলক্ষিত হৈছে। এখন দেশৰ সামগ্ৰিক উন্নতিৰ মূল চালিকা শক্তি হ’ল যুৱ সমাজ। সম্প্রতি এই যুৱ শক্তিক কেন্দ্ৰ কৰি সমাজত গা কৰি উঠা এটা প্ৰধান সমস্যা যুৱ-উচ্ছৃংখলতাই ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিছে। ঘাইকৈ ১৪ / ১৫ বছৰ বয়সৰ পৰা ২৫ / ৩০ বছৰৰ অনুৰ্দ্ধ অবিবাহিত যুৱক-যুৱতীৰে যুৱ সমাজ গঠিত। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতাত ইয়াৰে এচাম যুৱক-যুৱতীয়ে আত্মনিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলতেই সৃষ্টি হয় যুৱ-উচ্ছৃংখলতা। ক্ৰমশ ই কৰ্কট ৰোগৰ দৰে ছানি ধৰে সমাজ, সংস্কৃতি, ৰাজনীতি সকলোতে, ই হৈ পৰে এক সামাজিক ব্যাধি।

যুৱ-মানসত কেৰোণ লাগিলেই সৃষ্টি হয় উচ্ছৃংখলতা। সহজ ভাষাত ক’বলৈ হ’লে যুৱ সমাজৰ সমূহিত হতাশগ্ৰস্ততাৰ বাহ্যিক প্রকাশেই হ’ল যুৱ-উচ্ছৃংখলতা। যেতিয়া এখন দেশ ছাত্ৰ-ছাত্ৰী বা যুৱ সমাজে সাধাৰণ বিষয় যেনে—নামভৰ্তি, অধ্যয়নৰ বিষয়বস্তু, পৰীক্ষা পদ্ধতি আদিক লৈ হতাশা অনুভৱ কৰে তেতিয়া সেই ছাত্ৰ সমাজৰ প্ৰচলিত সমস্যসমূহ আমাৰ সমাজত যুৱ অশান্তি বা যুৱ-উচ্ছৃংখলতা বুলি কোৱা হয়।

বৰ্তমান সময়ৰ ছাত্ৰ-ছাত্ৰীসকল কম-বেছি পৰিমাণে ৰাজনৈতিকভাৱে সচেতন হোৱা পৰিলক্ষিত হয়। ছাত্ৰ জীৱনত তেওঁলোক প্ৰধান দায়িত্ব হ’ল অধ্যয়ন। কিন্তু দেশৰ ৰাজনৈতিক আন্দোলনৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব নোৱাৰি। মুঠতে, বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ উদ্দেশ্য সাধনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰ কৰা দেখা যায়। বহু সময়ত ৰাজনৈতিক নেতাসকল সৰল আৰু সাধু হোৱা দেখা নাযায়। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক মহৎ কাৰ্যৰ বাবে উৎসাহিত নকৰে। এই সকলোবোৰ কাৰণে  একেলগে ছাত্ৰ-ছাত্ৰীসকলৰ  মনত অসন্তোষৰ ভাৱ সৃষ্টি কৰে। সেইবাবে কোৱা হয় যে বৰ্তমান উচ্ছৃংখলতা হ’ল এইবোৰ অসন্তোষৰ প্রকাশ। ইয়াৰ ফলস্বৰূপে এই ওজৰ-আপত্তিবোৰ মষিমূৰ কৰাৰ বাবে তেওঁলোকে আন্দোলনৰ পথ বাচি লয়।

প্ৰশ্ন ৯। যুৱ-উচ্ছৃংখলতাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা। (Discuss the main causes of youth disorder.)

উত্তৰঃ তলত যুৱ-উচ্ছৃংখলতাৰ প্ৰধান কাৰণসমূহ চমুকৈ আলোচনা কৰা হ’ল—

(ক) সা-সুবিধাৰ অভাৱ :- বৰ্তমান সময়ত যুৱ প্ৰজন্মই সিহঁতৰ সুপ্ত প্ৰতিভা প্ৰকাশৰ আগ্ৰহ বিকাশ আৰু ব্যক্তিত্বৰ বিকাশৰ বাবে উপযুক্ত সা-সুবিধা লাভ কৰা দেখা নাযায়। এইবোৰে সিহঁতক অসন্তোষ মনোভাৱ গঢ়ি তোলাত অৰিহণা যোগায়।

(খ) যোগাযোগৰ ব্যৱধান :- বৰ্তমান সময়ত অভিভাৱক আৰু ল’ৰা-ছোৱালী, শিক্ষক আৰু ছাত্ৰৰ মাজত বুজাবুজিৰ অভাৱ আৰু যোগাযোগৰ ব্যৱধান হৈছে যুৱ-উচ্ছৃংখলতাৰ এটি প্ৰধান কাৰণ। অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ আশা-আকাংক্ষাবোৰ বুজি নোপোৱাৰ বাবে বহু সময়ত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।

(গ) অৰ্থনৈতিক জটিলতা :- আমাৰ অৰ্থনৈতিক জটিলতা ইমান বেছি জটিলতাৰ হৈ পৰিছে যাৰ বাবে আমি আমাৰ ভৱিষ্যত অৰ্থনৈতিক অৱস্থা কেনে হ’ব তাক জানিব নোৱাৰো। আমাৰ দেশৰ অধিক সংখ্যক ল’ৰা-ছোৱালী অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা অহা। অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালে সিহঁতৰ ল’ৰা-ছোৱালীক সহজে উচ্চ শিক্ষা দিব নোৱাৰে। আমাৰ দেশৰ ৬০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে সেইবাবে হাইস্কুলৰ শিক্ষাৰ পিছত আগবাঢ়িব নোৱাৰে। বাকী থকা ২০% ছাত্ৰ-ছাত্ৰী কলেজ নাইবা বিশ্ববিদ্যালয় শিক্ষা লাভ কৰাসকল মধ্যবৃত্ত শ্ৰেণীৰ আৰু ২০% উচ্চ শ্ৰেণী পৰিয়ালৰ পৰা অহা। বৰ্তমানৰ উচ্চ শিক্ষা যথেষ্ট খৰচি হোৱা বাবে বিভিন্ন সময়ত তেওঁলোকে জটিলতাৰ সন্মুখীন হোৱা দেখা যায়। সেইবাবে ছাত্ৰ-ছাত্ৰীসকল আন্দোলনমুখী হোৱা দেখা যায়।

(ঘ) সহ-পাঠ্যক্ৰমিক আৰু সৃষ্টিশীল কাৰ্যাৱলীৰ অভাৱ :- এটা শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰধান কার্য শিক্ষাৰ্থীসকলক কেৱল মাত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাটো নহয়। শিক্ষাৰ মূল উদ্দেশ্য হ’ল এগৰাকী ব্যক্তিৰ সমগ্ৰ ব্যক্তিত্বৰ শৃংখলাবদ্ধ বিকাশ সাধন কৰা। এই বিকাশ কেৱল মাত্ৰ পাঠ্যক্ৰমিক বিষয়বস্তুৰ জৰিয়তে সম্ভৱ হৈ নুঠে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে সৃষ্টিশীল কাৰ্যাৱলী তথা সহ-পাঠ্যক্ৰমিক কাৰ্যসূচী যেনে—খেল-ধেমালি, প্ৰতিযোগিতা, নাটক, সংগীত, কুইজ, আলোচনী, সমাজসেৱা ইত্যাদি অতি প্ৰয়োজন। এই কাৰ্যসূচীবোৰৰ জৰিয়তে এগৰাকী ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ বিকাশ সাধনৰ জৰিয়তে সুস্থ ব্যক্তিত্ব গঢ়ি তুলিব পাৰি। কিন্তু আমাৰ দেশৰ বহু সংখ্যক বিদ্যালয়ত ইয়াৰ উপযুক্ত প্ৰয়োগ হোৱা দেখা নাযায়।

(ঙ) অনুশাসনহীনতা :- অনুশাসনহীনতা যুৱ সমাজত উচ্ছৃংখলতাৰ বীজ ৰোপন কৰাত ইন্ধন যোগায়। অভিজাত পিতৃৰ ধনেৰে যেতিয়া যুৱ সমাজৰে কোনো কোনোৱে বিলাসিতাপূৰ্ণ গাড়ী, বাইকত উঠি হাতে হাতে ম’বাইল ফোন লৈ পঢ়াৰ নামত ইভটিজিং, ৰেগিং আদিৰে সহপাঠী বা অন্যান্য পথৰুৱাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰে তেতিয়া সমাজৰ কেইজন আগবাঢ়ি আহে সিও বিচাৰ্যৰ বিষয়। দেশৰ ভৱিষ্যৎ যুৱ প্ৰজন্মৰ হাতত বুলি ক’লেই নহ’ব, বৰং তেওঁলোকক সঠিক দিক্, দৰ্শন কৰাটোহে হ’ব অগ্রজসকলৰ প্ৰধান কৰ্তব্য। যোৱা দুই দশকৰ পৰা যুৱ সমাজৰ মাজত সঘনাই উচ্ছৃংখলতাই খোপনি পোতাৰ মানসিকতা গঢ়ি উঠিছে যাক লৈ বৌদ্ধিক সমাজত এক আলোড়নৰ সৃষ্টি হৈছে। আজি সমাজৰ এনে এডোখৰ নিৰাপদ ঠাই নাই য’ত এই  ‘যুৱ উচ্ছৃংখলতা’ শব্দটোৱে খোপনি পোতা নাই। শিক্ষানুষ্ঠান, সাংস্কৃতিক মঞ্চ, খেল পথাৰ, চিনেমা গৃহ আদি আমোদ-প্ৰমোদৰ ঠাই সকলোতে চকুত পৰে এচাম যুৱক-যুৱতীৰ উচ্ছৃংখল আচৰণ। এয়া সঁচাকৈয়ে উদ্বেগৰ কাৰণ।

প্ৰশ্ন ১০। যুৱ উচ্ছৃংখলতা প্ৰতিকাৰৰ বিষয়ে লিখা। (Write about youth disorder and remedies.)

উত্তৰঃ তলত যুৱ উচ্ছৃংখলতা প্ৰতিকাৰসমূহ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) নিয়োগৰ সা-সুবিধা প্ৰদান :- ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনুসৰি নিয়োগৰ সুবিধা প্ৰদানৰ বাবে কৃষি, অভিযান্ত্ৰিক, ব্যৱসায় পৰিচালনা, বাণিজ্য, মেডিচিন আদি কোৰ্চৰ সুবিধা দিব লাগিব। শিক্ষাৰ্থীসকলক আত্মনিয়োগৰ মনোভাৱ বৃদ্ধি কৰিব লাগিব আৰু তেওঁলোকৰ মাজত ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ মানসিকতাৰ উৎসাহিত কৰিব লাগিব।

(খ) অৰ্থনৈতিক জটিলতা :- “শিকাৰ সময়তে অর্জন কৰা’ (earn while you learn) এই আঁচনিৰ অতি সুন্দৰভাৱে সংগঠিত কৰিব লাগিব। দুখীয়া আৰু অভাৱগ্ৰস্ত ল’ৰা-ছোৱালীবোৰক বিভিন্ন আঁচনিৰ জৰিয়তে বা ছাত্ৰ বৃত্তিৰ জৰিয়তে আর্থিকভাৱে সহায় কৰি আৰ্থিক জটিলতা দূৰ কৰিব লাগিব যাতে তেওঁলোকে বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা আধাতে শিক্ষা শেষ কৰিব নালাগে।

(গ) ছাত্ৰ আৰু শিক্ষকৰ মাজত উপযুক্ত যোগাযোগ স্থাপন :- ছাত্ৰ আৰু শিক্ষকৰ মাজত বিৰাজ কৰা যোগাযোগৰ ব্যৱধান আঁতৰ কৰিব লাগিব। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক সন্দেহৰ চকুৰে চাব নালাগিব। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বাসত ল’ব লাগিব। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বন্ধু, পথ প্ৰদৰ্শক আৰু দাৰ্শনিক হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব।

(ঘ) নেতৃত্বৰ কাৰ্যসূচী :- মহাবিদ্যালয়সমূহত শিক্ষকৰ অধীনত বা উপযুক্ত পৰিদৰ্শন যোগে ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্বৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দক্ষ নেতৃত্বৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰা হয়। যিকোনো এখন গণতান্ত্ৰিক দেশত উপযুক্ত নেতৃত্বৰ প্ৰশিক্ষণ অতি প্ৰয়োজন।

প্ৰশ্ন ১১। জনসংখ্যা-শিক্ষা আৰু যৌন-শিক্ষাৰ মাজৰ পাৰ্থক্য বিবেচনা কৰা। (Write the difference between population education and sex education.)

উত্তৰঃ জনসংখ্যা-শিক্ষা আৰু যৌন-শিক্ষাৰ মাজত ইয়াৰ পাৰ্থক্য হ’ল—

যৌন-শিক্ষাৰ মাজত ইয়াৰ পাৰ্থক্য :-

জনসংখ্যা-শিক্ষাযৌন-শিক্ষা
(i) ইয়াৰ উদ্দেশ্য হৈছে সমাজমুখী।(i) উদ্দেশ্য হৈছে ব্যক্তিমূখী।
(ii) ইয়াৰ পৰিসৰ আপেক্ষিকভাৱে বহল।(ii) ইয়াৰ পৰিসৰ আপেক্ষিকভাৱে সীমাবদ্ধ।
(iii) ইয়াৰ অধ্যয়নৰ বিষয়বস্তু হৈছে আৰ্থ-সামাজিক আৰু পৰিসাংখ্যিক।(iii) ইয়াৰ অধ্যয়নৰ বিষয়বস্তু হৈছে জৈৱিক বিজ্ঞান ভিত্তিত।
(iv) ই সমাজ বিজ্ঞানৰ অংশ বিশেষ।(iv) ই চিকিৎসা বিজ্ঞানৰ অংশ বিশেষ।
(v) এইবিধ শিক্ষা বিকাশৰ সকলো পৰ্যায়ৰ লোককে দিব পাৰি।(v) এইবিধ শিক্ষা মানুহৰ যৌৱনপ্ৰাপ্তিৰ কালত দিব লাগে।
(vi) এই শিক্ষাত প্ৰযুক্তি বিজ্ঞানৰ প্ৰভাৱ নাথাকে।(vi) এই শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ দ্বাৰা প্ৰভাৱিত।
(vii) এই শিক্ষাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী বিধৰ হৈ উঠে।(vii) এই শিক্ষাৰ প্ৰভাৱ এজন লোকৰ মাজতেই আবদ্ধ থাকে।

প্ৰশ্ন ১২। যৌন-শিক্ষাৰ চমু টোকা লিখা। (Write a brief note on sex education.)

উত্তৰঃ যৌন-শিক্ষা হৈছে জনসংখ্যা-শিক্ষাৰ এক অপৰিহাৰ্য অংশ। ইয়াৰ আপেক্ষিকভাৱে সীমিত পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে জনসংখ্যা-শিক্ষাৰ এক কাৰ্যকৰী বা সক্ৰিয়া বিবেচনাৰ দিশ হৈছে যৌন-শিক্ষা। এই শিক্ষাক অস্বীকাৰ কৰি বা ইয়াক পৰিহাৰ কৰি জনসংখ্যা-শিক্ষা দিবলৈ যোৱাটো এক আত্ম- প্ৰতাৰণামূলক কার্য বুলিব পাৰি। সেয়েহে যৌন-শিক্ষাৰ আজিৰ বাস্তৱ পৰিস্থিতিৰ বিবেচনাৰে এক অপৰিহাৰ্য শিক্ষা বিষয় স্বৰূপে বিবেচনা কৰিব পাৰি। বিশেককৈ আজি এইডছৰ (AIDS) প্ৰতি সজাগতা প্ৰয়াজনৰ পৰিপ্ৰেক্ষিতত যৌন-শিক্ষাৰ প্ৰাধান্য স্বাভাৱিকতেই বৃদ্ধি পায় উঠিছে।

যৌন-শিক্ষাৰ স্বৰূপ বৰ্ণনা কৰি ক’ব পাৰি যে ব্যক্তি-মনৰ যৌন-মানসিকতা সুস্থ ৰূপত গঢ় দি তোলাৰ এক বিজ্ঞানসন্মত ব্যৱস্থা। এই শিক্ষাই ব্যক্তিৰ যৌন সম্বন্ধীয় অসুস্থ আৰু অস্বাভাৱিক মনোভাৱ আৰু আহৰণ দূৰ কৰি যৌন জীৱন সুস্থ আৰু স্বাভাৱিক ৰূপত গঢ় দি তোলা। ইয়াৰ যোগেদি বংশ ৰক্ষা আৰু জাতিৰক্ষা কৰি মানৱ সম্পদৰ সৃষ্টি কৰি তুলিব পৰা যায়। ইয়াৰ যোগেদি ভৱিষ্যৎ প্ৰজন্ম সুস্থ-সুন্দৰ আৰু সক্ষম ৰূপত গঢ় তুলিব পৰা যায়, যি হৈছে প্ৰতিজন লোকৰে কাম্য আৰু জীৱনৰো মূল জৈৱিক প্ৰয়োজন স্বৰূপ। জন্ম প্ৰক্ৰিয়া সম্বন্ধে সৃষ্টি হ’ব পৰা ভ্ৰান্তিমূলক ধাৰণা গোটোৱাত, অসুস্থ যৌন-মানসিকতাৰ পৰা সৃষ্টি হৈ উঠিব পৰা মানসিক ৰোগাগ্ৰস্ততা আৰু যৌন-অপৰাধমূলক প্ৰৱণতা আদি গোটোৱাত এই শিক্ষা অপৰিহাৰ্য।

প্ৰশ্ন ১৩। “বিশ্ব শান্তিৰ বাবে ইউনেস্কো (UNESCO) এটা বিশেষ বিষয়”—বিশ্ব শান্তি বৃদ্ধিকৰণত ইউনেস্কোৰ মুখ্য কার্য আৰু লক্ষ্যসমূহ বিতংকৈ আলোচনা কৰা। (‘UNESCO is a Special Issue for World Peace’, discuss in detail the main function and goals of UNESCO in promoting world peace.)

উত্তৰঃ আন্তঃৰাষ্টীয় পৰ্যায়ত বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা, বিভিন্ন উন্নয়নমুখী ৰাষ্ট্ৰক বিশেষ বিদ্যাৰ যোগান ধৰা, আন্তঃৰাষ্টীয় বাণিজ্য খাদ্য আৰু আন আন ক্ষেত্ৰত সামাজিক বিকাশৰ বাবে ৰাষ্ট্ৰসংঘই কেইবাটাও অনুষ্ঠান গঢ়ি তুলিছে। সেইবোৰৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক অনুষ্ঠান এটা বিশেষ অংগ। এই বিভাগৰ সদৰ কাৰ্যালয় ফ্ৰান্সৰ পেৰিচ চহৰত অনুষ্ঠিত।

বিশ্বৰ সংহতি আৰু বুজাপৰা ভাৱ স্থাপনৰ বাবে গঠন কৰা ইউনেস্কোৰ (UNESCO) সংবিধানত কোৱা হয় যে যিহেতু যুদ্ধৰ মনোভাৱ মানুহৰ মনতেই গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে মানৱ সমাজৰ ব্যাপক সাংস্কৃতিক প্ৰসাৰণ আৰু শিক্ষাৰ প্ৰয়োজন।

দুখনকৈ বিশ্বযুদ্ধৰ ধ্বংসলীলাত পীড়িত হৈ পৰি ১৯৪৫ চনত সংযুক্ত ৰাষ্ট্ৰৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন নামৰ বিশ্ব সংস্থা গঢ় দি তোলা হয়। যুদ্ধৰ বিভীষিকাৰ পৰা মুক্তি, শান্তি আৰু প্ৰগতিৰ এখন বিশ্ব গঢ়ি তোলাটো ইয়াৰ প্ৰধান উদ্দেশ্য। এই বিশ্ব সংস্থাটোৱে শান্তি বৃদ্ধিকৰণৰ বাবে নিৰ্ধাৰণ কৰা মূল অৱস্থাসমূহ হ’ল—

(ক) সন্দেহ আৰু অন্ধবিশ্বাসৰ পৰা স্বাধীনতা।

(খ) শ্ৰমৰ মৰ্যাদা, সমতা আৰু মানুহৰ মাজত পৰস্পৰ সন্মান কৰাৰ গণতান্ত্ৰিক নীতি গ্ৰহণ কৰা।

(গ) মানুহ আৰু সমাজৰ মাজৰ পৰা কুসংস্কাৰ আৰু অজ্ঞতা নাইকিয়া কৰা।

(ঘ) সাংস্কৃতিক প্ৰসাৰণ।

(ঙ) ন্যায়, স্বাধীনতা আৰু শান্তিৰ বাবে শিক্ষা।

(চ) সকলো ৰাষ্ট্ৰৰ মাজত সহযোগিতা আৰু পৰস্পৰ সন্মান কৰাৰ মানসিকতা গঢ়ি তোলা। 

(ছ) নিৰাপত্তা ইত্যাদি।

শান্তি বৃদ্ধিকৰণৰ ক্ষেত্ৰত ইউনেস্কোৰ লক্ষ্য আৰু কাৰ্যসমূহত দলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) পৃথিৱীৰ পিছপৰি থকা দেশ আৰু জাতিসমূহৰ মাজৰ পৰা নিৰক্ষৰতা আৰু অজ্ঞতা নিৰ্মূল কৰিব লাগে।

(খ) ইউনেস্কোৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত ছাত্ৰ আৰু শিক্ষকৰ পাৰস্পৰিক আদান-প্ৰদান কৰিব লাগে।

(গ) শিক্ষাৰ জৰিয়তে মানৱ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ সাধন আৰু মানৱ অধিকাৰ তথা মৌলিক স্বাধীনতাক সন্মান কৰাৰ শক্তি বৃদ্ধি কৰিব লাগিব।

(ঘ) শিক্ষাই মানুহৰ মাজৰ পৰা যুদ্ধ আৰু হিংসাৰ ভাৱ আঁতৰাই অহিংসা নীতিৰ সম্প্ৰসাৰণ কৰিব লাগিব।

(ঙ) শিক্ষাৰ জৰিয়তে সামাজিক ন্যায়, সহযোগিতা আদি গুণসমূহ শিক্ষাৰ্থীসকলৰ মাজত বিকশিত কৰিব লাগিব।

(চ) সমাজৰ লগতে ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ বাবে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিক্ষাৰ্থীসকলক বুজাই দিব লাগিব।

(ছ) শিক্ষাৰ্থীসকলৰ মাজত বুজাপৰা ভাৱ বৃদ্ধি কৰি তুলিবৰ বাবে বিভিন্ন দেশ ভ্ৰমণ আৰু সংহতি শিবিৰ স্থাপন কৰিব লাগিব।

(জ) বিশ্ব সাহিত্যৰ মৌলিক গ্ৰন্থসমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰিব লাগিব।

(ঝ) আন্তৰ্জাতিক দৃষ্টিভংগী আৰু বুজাপৰা ভাৱ গঢ় দি তুলিব পৰাকৈ বিশ্ব ইতিহাস পুনৰীক্ষণ কৰিব লাগিব।

(ঞ) বিশ্বৰ দেশসমূহৰ উমৈহতীয়া সমস্যাবোৰ অধ্যয়ন কৰিবৰ বাবে আন্তৰ্জাতিক বিশ্ববিদ্যালয় গঠন কৰিব লাগিব।

(ট) শিক্ষা, সংস্কৃতি আৰু বিজ্ঞানৰ মাধ্যমেৰে বিশ্বৰ দেশসমূহৰ মাজত অধিক সহযোগিতা স্থাপন কৰিব লাগে।

(ঠ) যোগাযোগ ব্যৱস্থা উন্নত কৰি আন্তৰ্জাতিক বুজাপৰা শক্তিশালী কৰি তুলিবলৈ জনসংযোগ মাধ্যমসমূহৰ সৎব্যৱহাৰ কৰিব লাগে।

সামৰণিত ইয়াকে ক’ব পাৰি যে বিশ্ব শান্তি স্থাপনৰ উদ্দেশ্যৰে ইউনেস্কো গঠন কৰা হৈছিল। সেই উদ্দেশ্যে বা ইয়াৰ মূল লক্ষ্যত উপনীত হোৱাৰ এটা উপায় হ’ল আন্তৰ্জাতিক শিক্ষা।

প্ৰশ্ন ১৪। সহস্ৰাব্দবাদ বিকাশৰ লক্ষ্যসমূহ কি কি ? (What are the Millennium Development Goals ?)

উত্তৰঃ ২০০০ চনৰ চেপ্টেম্বৰত বিশ্বৰ নেতাসকল ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয়ত লগ হৈ ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দবাদ ঘোষণাত স্বাক্ষৰ কৰে আৰু ইয়াৰ লক্ষ্যসমূহ সফল কৰি তোলাৰ শেষ সময় ২০১৫ চন বুলি বান্ধি লয়। সহস্ৰবাদ বিকাশৰ মুঠ লক্ষ্য আছিল ৮ টা। সেইবোৰ হৈছে—-

(ক) দৰিদ্ৰতা আৰু দুৰ্ভিক্ষ দূৰ কৰা।

(খ) সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা।

(গ) লিংগ বৈষম্য দূৰ কৰা আৰু মহিলাৰ সবলীকৰণ শক্তিশালী কৰা।

(ঘ) শিশুৰ মৃত্যুৰ হ্ৰাস কৰা।

(ঙ) মানসিক স্বাস্থ্য উন্নতি কৰা।

(চ) AIDS / HIV ৰ ৰোগকে ধৰি মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰা।

(ছ) পৰিৱেশিক বহনক্ষমতা বৃদ্ধি কৰা আৰু

(জ) বিকাশৰ বাবে বিশ্বজনীন সহযোগিতা বৃদ্ধি কৰা।

সহস্ৰবাদ বিকাশৰ প্ৰধান লক্ষ্য হৈছে বিশ্বৰ উন্নয়নশীল দেশৰ অৱস্থাৰ উন্নয়ন ঘটোৱা। এই লক্ষ্যসমূহৰ আঁচনি সফল কৰাৰ বাবে বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰা নিধি, আফ্ৰিকান বিকাশ নিধি আদিয়ে যথেষ্ট ধনৰ যোগান ধৰিছে। এই লক্ষ্যসমূহ সফল কৰাৰ বাবে কেবাবাৰো আলোচনাত মিলিত হৈছিল। তথাপি ইয়াৰ লক্ষ্যসমূহ সম্পূৰ্ণকৈ সফল হ’ব পৰা নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top