Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

Join Telegram channel

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(ঘ) সম্প্ৰদ8লোকসকলৰ প্ৰতি সেৱা-আঁচনি (Community Service Programme) :- মূল্যবোধ শিক্ষাৰ লগত সমাজবোধ আৰু সামাজিক চেতনা বিকাশৰ ওচৰ সম্বন্ধ থাকে। সমাজ সেৱাৰ মনোভাৱ বিকাশ কৰিব পৰা সাম্প্ৰদায়িক ক্ৰিয়া আচঁনিয়ে যুৱক-যুৱতীৰ মনত নিঃস্বাৰ্থ ৰূপত সমাজৰ প্ৰতি সেৱাৰ মনোভাৱ জগাই তুলিব পাৰে।

(ঙ) সু-সংগঠিত দলগত ক্ৰিয়াৰ প্ৰশিক্ষণ (Training in Organised Group Activity) :- বিদ্যালয়ত সচৰাচৰ সুসংগঠিত দলগত ক্ৰিয়াৰ প্ৰশিক্ষণ আঁচনিৰ ব্যৱস্থা থাকে। এইবোৰ হৈছে—এন. চি. চি;এচ. এচ; স্কাউট আৰু গাইড, ৰেডক্ৰচ, ফাৰ্ষ্ট এইড প্ৰশিক্ষণ আদি। দলগতভাৱে সংগঠিত এই প্ৰশিক্ষণ আচঁনিবোৰৰ এক প্ৰধান উদ্দেশ্য হৈছে কিশোৰ-কিশোৰীসকলৰ মনত সামাজিক চেতনা, সমাজ সেৱা আৰু সামাজিক মূল্যবোধ ভাব জগাই তোলা।

(চ) সু-নাগৰিকতাৰ শিক্ষা (Training in Good Citizenship) :- আজিৰ শিক্ষাৰ্থীসকল হৈছে দেশৰ ভৱিষ্যতৰ নাগৰিক। কিন্তু তেওঁলোকক সু-নাগৰিক স্বৰূপে গঢ়ি তুলিবৰ বাবে মনত গণতান্ত্ৰিক মূল্যবোধ ভাব জগাই তোলাটো প্ৰয়োজন। বন্ধুত্ব, ভ্ৰাতৃত্ব সমতা আৰু সামাজিক ন্যায় আদি গণতান্ত্ৰিক আদৰ্শই সু-নাগৰিকত্বৰ দায়িত্ব আৰু সুস্থ-সুন্দৰ জীৱনবোধ ভাব গঢ়ি তুলিব পাৰে।

(ছ) কৰ্মমুখী শিক্ষা (Work Education) :- ক্ৰিয়াৰ প্ৰতি ভালপোৱা ভাব আৰু কৰ্মমুখী শিক্ষাই শিক্ষাৰ্থীসকলৰ মনত প্ৰকৃত মূল্যবোধ ভাব গঢ়ি তুলিব পাৰে। কৰ্মহীনতা আৰু কৰ্ম-বিমুখিতাই  তেওঁলোকৰ মনত সুস্থ মূল্যবোধ গঠনৰ দিশত ক্ষতিসাধন কৰি তুলিব পাৰে। সেইবাবেই দেশৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ মনত কৰ্ম-প্ৰৱণতা, কৰ্ম অভিজ্ঞতা আৰু কৰ্ম সংস্কৃতিৰ ভাৱ গঢ়ি তুলিব পাৰে।

(জ) অৱসৰ সময়ৰ শিক্ষা (Education for Leisure) :- শিক্ষাৰ্থীসকলৰ অৱসৰ সময় গঠণাত্মক ক্ৰিয়াৰ যোগে প্ৰয়োগকৰণে মানসিক স্বাস্থ্য ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ মনত শুদ্ধ মূল্যবোধ ভাব গঢ়ি তুলিব পাৰে। তেওঁলোকৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া সৃজনাত্মক আৰু গঠণাত্মকভাৱে প্ৰয়োগ কৰিব পাৰে। নৃত্য-গীত, সুকুমাৰ কলা-শিল্প আৰু সাহিত্যৰ দিশত সৃষ্টিশীল প্ৰৱণতা এই অৱসৰ সময়ৰ শিক্ষাইহে জগাই তুলিব পাৰে। সেইবাবে এই শিক্ষাক শিক্ষাৰ্থীৰ মনত প্ৰকৃত মূল্যবোধ গঠনৰ শিক্ষা স্বৰূপে গণ্য কৰিব পাৰি। 

প্ৰশ্ন ৭৭। মূল্যবোধ শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the relevance of value education.)

উত্তৰঃ আধুনিক সমাজ ব্যৱস্থাত ক্ৰমশঃ মানৱীয় মূল্যবোধৰ স্খলন হোৱা পৰিলক্ষিত হৈছে আৰু জনমানসত আস্থাহীনতাৰ মনোভাৱ গঢ়ি উঠা দেখা গৈছে। যাৰ ফলস্বৰূপে আমাৰ দেশত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা ১৯৮৬  চনত ঘোষিত ভাৰতবৰ্ষৰ জাতীয় শিক্ষানীতিত দৃঢ়তাৰে প্ৰতিপন্ন কৰি তোলা হৈছে। এই শিক্ষানীতিত কোৱা হৈছে যে শিক্ষাই আমাৰ দেশৰ দ্ৰুত পৰিৱৰ্তনমূখী প্ৰযুক্তিবিজ্ঞান আৰু পুৰণি সাংস্কৃতিক পৰম্পৰাৰ ধাৰাবাহিকতাৰ মাজত এক সুন্দৰ সমন্বয় গঢ় দি তুলিব পাৰিব লাগিব। শিক্ষাৰ্থীসকলৰ মনত সুন্দৰতা, সু-সামঞ্জস্যতা আৰু বিশুদ্ধতাৰ প্ৰতি সংবেদনশীলতাৰ ভাৱ সৃষ্টি কৰি তুলিব লাগিব। সামাজিক আৰু নৈতিক মূল্যবোধ ভাব বিকাশই তুলি শিক্ষা অধিক উপযুক্ত কৰি তুলিবৰ বাবে অধ্যয়নৰ পাঠ্যক্ৰম পুনৰ বিন্যাস আৰু সু-সমাযোজিত কৰি তুলিব লাগিব। মূল্যবোধ উদীয়মানকৃত কৰা এনে পাঠ্যক্রম তেওঁলোকৰ মনত সততাৰ প্ৰতি গঢ়ি উঠা অবিশ্বাসৰ ভাব, অস্পষ্টবাদিতা, ধৰ্ম প্ৰধানতা, হিংসা, আতংকবাদিতা আৰু অদৃষ্টবাদিতাৰ অসুস্থ মনোভাৱ আঁতৰ কৰিব পাৰিব লাগিব। তেওঁলোকৰ মাজত থকা অপসংস্কৃতি, অমানৱীয়তা আৰু বিভেদকামী মনোভাৱ আদি যিকোনো মূল্য দি বন্ধ কৰিব লাগিব।

শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলৰ মনত এটা সংহতি আৰু সাৰ্বজনীন তথা শাশ্বত মূল্যবোধৰ বিকাশ সাধন কৰিব লাগিব। এনে ধৰণৰ মূল্যবোধৰ শিক্ষাই ধৰ্মান্ধতা, হিংসা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদি নিৰ্মূল কৰাত সহায় কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বত সততা, সত্যনিষ্ঠা, সৎসাহস, আত্মবিশ্বাস, সহনশীলতা, দয়া, ক্ষমা, ন্যায় বিচাৰ আদি সাৰ্বজনীন প্ৰমূল্যৰ বিকাশ সাধন হ’লেহে শিক্ষাৰ্থীসকল এখন সুস্থ সমাজৰ প্ৰকৃত নাগৰিকৰূপে গঢ় লৈ উঠিব। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দাঙি ধৰা দেশৰ শিক্ষা ব্যৱস্থাত মূল্যবোধ শিক্ষা সম্বন্ধে শক্তিশালী ৰূপত মতামত আৰু দৃষ্টিকোণৰ আগবঢ়াইছে। শিক্ষাৰ লগত সংশ্লিষ্ট সকলো লোকৰ বাবেই ই এক নতুন দৃষ্টিদানকাৰী বুলিব পাৰি। এই মূল্যবোধ শিক্ষাৰ প্ৰয়োজন আৰু প্ৰাসংগিকতা আমাৰ জাতীয় শিক্ষা ব্যৱস্থাত নতুন উপলব্ধি বুলিব পাৰি।

প্ৰশ্ন ৭৮। মূল্যবোধ শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। (Discuss the importance and necessity of value education.)

উত্তৰঃ আজিৰ সামাজিক জীৱনত শিক্ষাৰ এক জলন্ত বিষয় হৈছে নিঃসন্দেহে মূল্যবোধ গঠনৰ শিক্ষা। আজিৰ নৱপ্ৰজন্মই তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক জীৱনত সন্মুখীন হোৱা গুৰুত্বৰ সমস্যা হৈছে শুদ্ধ আৰু সঠিক মূল্যবোধ ভাব গঢ়ি তোলাত দেখা দিয়া ব্যৰ্থতা। পাশ্চাত্য দেশবোৰৰ বস্তুবাদী আৰু চৰম যান্ত্রিকতাবাদী ভাবধাৰা আৰু জীৱন ব্যৱস্থাই আমাৰ যুৱক-যুৱতীসকলক প্ৰকৃত মূল্যবোধ গঢ়ি লোৱাত বিভ্ৰান্তিৰ সৃষ্টি কৰি তুলিছে। সেয়েহে মূল্যবোধৰ অৱক্ষয় ৰোধ কৰি এখন সুস্থ, সবল সমাজ গঢ় দিবৰ বাবে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছে।

ব্যক্তিৰ জীৱন প্ৰক্ৰিয়া সু-পৰিচালনাৰে আগুৱাই যাবলৈ হ’লে মূল্যবোধ শিক্ষাৰ অতি প্ৰয়োজন। ব্যক্তিৰ জীৱনৰ গতিশীলতা, পৰিৱৰ্তন আৰু মৌলিক নীতি-নিয়ম এই মূল্যবোধৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়। সমাজৰ নতুন নতুন সংকট, সভ্যতাৰ দুৰ্বল স্থিতি, অনাকাংক্ষিত দ্বন্দই বৰ্তমান এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে ক্ষেত্ৰত মূল্যবোধ হ’ল এনে এক উপাদান, যিয়ে ব্যক্তিক পৰিচালিত কৰি জীৱনৰ প্ৰতি সামাজিক বাতাবৰণ নিকা কৰে। মূল্যবোধ এনে এক অবিচ্ছেদ্য অংগ যাৰ দ্বাৰা ব্যক্তিৰ বৌদ্ধিক, আবেগিক, নৈতিক আদি দিশৰ মানৱীয় গুণৰ বিকাশ কৰিব পাৰি। মূল্যবোধ শিক্ষাই ব্যক্তিৰ জীৱনৰ গতিবিধি, জীৱনৰ আদৰ্শ, আধ্যাত্মিক মূল্যবোধ ইত্যাদি সকলো দিশৰ বিকাশ সাধন কৰে। তদুপৰি মূল্যবোধ শিক্ষাই ব্যক্তিক ব্যক্তিগত আৰু সামাজিক জীৱনত সুস্থভাৱে সমায়োজন কৰি মানৱ সভ্যতাৰ কল্যাণ সাধন কৰিব পাৰে।

শিক্ষাৰ যোগেদি সমাজৰ প্ৰতি থকা কৰ্তব্য পালন কৰিবলৈ মানুহক অধিক আগ্ৰহী কৰিব লাগিব আৰু সামাজিক, নৈতিক আৰু আধ্যাত্মিক প্ৰমূল্যসমূহৰ প্ৰতি আস্থাৱান কৰি তুলিব লাগিব। এই মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিক তেওঁৰ ব্যক্তিগত জীৱনত সন্তুষ্টি দিয়াৰ উপৰিও সামাজিক জীৱন সুন্দৰ আৰু সুসংগঠিত কৰি তোলাত সহায় কৰে। এই মূল্যবোধৰ শিক্ষাই আমাক প্ৰচলিত মূল্যবোধসমূহৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে ব্যক্তিৰ আভ্যন্তৰীণ গুণসমূহ বিকাশই তোলাত সহায় কৰে। শিক্ষাৰ্থীৰ নৈতিক আচৰণ আৰু চৰিত্ৰ গঠনৰ ক্ষেত্ৰত এই মূল্যবোধৰ শিক্ষাৰ গুৰুত্ব উল্লেখনীয়। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিতো মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত উল্লেখ কৰা ধৰণে মন্তব্য আগবঢ়াইছিল—-

(ক) সমাজত ক্ৰমান্বয়ে মৌলিক মূল্যবোধৰ স্খলন হোৱা আৰু এক আস্থাহীনতাৰ ভাব গঢ় লৈ উঠাৰ প্ৰতি দৃষ্টি ৰাখি শিক্ষাক সামাজিক আৰু নৈতিক মূল্যবোধ বিকাশৰ এক শক্তিশালী আহিলা হিচাপে গঢ়ি তুলিবলৈ পাঠ্যক্ৰমৰ পুনবিন্যাস কৰাৰ প্ৰয়োজন।

(খ) ভাৰতবৰ্ষৰ বহুমুখী সাংস্কৃতিক সমাজৰ ঐক্য আৰু সংহতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাই চিৰন্তৰ আৰু সাৰ্বজনীন মূল্যবোধৰ বিকাশ সাধন কৰিব লাগিব। এই মূল্যবোধৰ শিক্ষাই ধৰ্মান্ধতা, হিংসা, অন্ধবিশ্বাস, অদৃষ্টবাদ আদি নিৰ্মূল কৰাত সহায় কৰিব লাগিব। 

(গ) এনে প্ৰতিৰোধমূলক ভূমিকাৰ বাহিৰেও আমাৰ ঐতিহ্য, জাতীয় লক্ষ্য আৰু বিশ্বজনীন দৃষ্টিৰ ওপৰত প্ৰতিষ্ঠিত এক গভীৰ ইতিবাচক দিশো মূল্যবোধৰ শিক্ষাৰ লগত জড়িত হৈ থাকে। গতিকে মূল্যবোধৰ শিক্ষাত এই দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে।

১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰতিবেদনত প্ৰকাশ কৰে যে পাঠ্যক্ৰমত ভাৰতীয় স্বাধীনতা আন্দোলন, সাংবিধানিক দায়িত্ব আৰু অন্যান্য জাতীয় পৰিচয়ৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। এনে বিষয়সূচীয়ে শিক্ষাৰ্থীৰ মনত কেতবোৰ গুণ যেনে—গণতান্ত্ৰিক মনোভাৱ, সম-অধিকাৰ, ঐতিহ্য পৰম্পৰাৰ সংৰক্ষণ, সমাজৰ বৈষম্য আঁতৰ কৰা, বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ  আদি।

থোৰতে আমি ক’ব পাৰো যে —

১। মূল্যবোধ শিক্ষাই ব্যক্তিৰ চৰিত্ৰ গঠন।

২। ব্যক্তিৰ জ্ঞান, ধাৰণা, অভ্যাস আদিৰ বিকাশত মূল্যবোধ শিক্ষাৰ গুৰুত্ব অধিক।

৩। ব্যক্তিৰ বৌদ্ধিক, আবেগিক, নৈতিক আদি দিশৰ মানৱীয় গুণ বিকাশত মূল্যবোধ শিক্ষাৰ প্ৰয়োজন।

৪ ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক দিশৰ বিকাশৰ বাবে মূল্যবোধ শিক্ষাই বিশেকভাৱে সহায় কৰে।

৫। পৰিৱেশৰ লগত সুস্থ সময়োজন স্থাপনৰ মূল্যবোধ শিক্ষাৰ ভূমিকা উল্লেখনীয়।

৬। শিক্ষাৰ্থীৰ মনত সততা, বন্ধুত্বভাব, সহানুভূতিশীল, দেশপ্ৰেম, নেতৃত্বৰ বিকাশ শিক্ষা, সহনশীলতা, দয়ালু, জাতীয় সংহতি, সমাজিকতা আদি গুণৰ প্ৰতিফলিত কৰিব পাৰি।

ওপৰৰ আলোচনাৰ অন্তত ক’ব পাৰি যে মূল্যবোধ শিক্ষাই এজন ব্যক্তিক প্ৰকৃত অৰ্থত মানৱ সম্পদৰূপে গঢ়ি তোলাত সহায় কৰে। ব্যক্তিৰ ব্যক্তিত্ব সুন্দৰভাৱে গঢ় দি চৰিত্ৰ বিকাশৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্ট উপযোগিতা আছে। ভাৰতবৰ্ষৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত য’ত বহু ভাষা-ভাষী, জাতি, ধৰ্মৰ মানুহে বাস কৰে, তাত মূল্যবোধ শিক্ষা এক অপৰিহাৰ্য বিষয়।

প্ৰশ্ন ৭৯। মূল্যবোধ শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the main features of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমুহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাৰ জৰিয়তে জ্ঞান আৰু সামাজিক দক্ষতাসমূহৰ এক ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা কৰা হয়।

(খ) শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ লগত মানৱীয়তা আৰু ধর্মীয় অনুভূতি সংযোজন দিশ বিবেচনা কৰা হয়।

(গ) জ্ঞান আহৰণৰ পথত পৰিমাণগত বিস্তৃতিৰ লগতে গুণগত বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। 

(ঘ) যদিও শিক্ষাৰ্থীৰ বিভিন্ন দিশৰ জ্ঞানৰ কৌশল আহৰণৰ বাবে পৰিৱেশ প্ৰদান কৰা হয়, তাৰ লগতে চৰিত্ৰ গঠনৰ ওপৰতো গুৰুত্ব দিয়া হয়।

(ঙ) দেশৰ সৰ্বাংগীন বিকাশৰ বাবে সু-নাগৰিকত্বৰ গুণ আহৰণ কৰাৰ ওপৰত জোৰ দিয়া হয়। 

(চ) ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পৰম্পৰাৰ লগতে সাংস্কৃতিক মান উন্নত কৰাৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হয়। 

(ছ) ৰাষ্ট্ৰীয় লক্ষ্য-উদ্দেশ্য পূৰণৰ পথত অগ্ৰসৰ হ’বলৈ শিকোৱা হয়।

(জ) দেশত চলি থকা অন্যায়, অবিচাৰ, কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ধর্মীয় গোড়ামী পৰিহাৰ কৰি সমভাৱাপন্ন ৰাষ্ট্ৰ গঠনৰ গুৰুত্ব দিয়া হয়। 

(ঝ) দেশৰ বিভিন্ন প্ৰান্ত আৰু ভাষা-ভাষীৰ লোকৰ মাজত থকা আঞ্চলিকতাবাদী ভাৱধাৰা পতিহাৰ কৰি শান্তিকামী ৰাষ্ট্ৰ গঠনৰ উপৰিও জোৰ দিয়া হয়। 

(ঞ) শিক্ষাৰ মূল উদ্দেশ্য ব্যক্তিৰ সৰ্বতোপ্ৰকাৰ বিকাশৰ দিশত লক্ষ্য ৰাখি মানসিকভাৱে সুস্থ সবল ব্যক্তিত্ব গঠনত গুৰুত্ব দিয়া হয়।

প্ৰশ্ন ৮০। মূল্যবোধ শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ উল্লেখ কৰা। (Mention the main objectives of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) ব্যক্তিৰ ব্যক্তিত্বৰ শাৰীৰিক, বৌদ্ধিক আৰু সৌন্দৰ্যবোধক দিশসমূহৰ উপযুক্ত বিকাশ সাধন কৰা।

(খ) শিক্ষাৰ্থীৰ মনত নিজৰ ঐতিহ্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱৰ সৃষ্টি কৰা।

(গ) উপযুক্ত বিষয়বস্তু, শিক্ষা পদ্ধতি আৰু অনুশীলনৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ অন্তৰত মূল্যবোধসমূহ জাগ্ৰত কৰা।

(ঘ) নিজস্ব ঐতিহ্য, জাতীয় আদৰ্শ, বিশ্বজনীন ভাবাদর্শৰে শিক্ষাৰ্থীক উদ্বুদ্ধ কৰি শিক্ষাৰ্থীক সংবেদনশীল আৰু দায়িত্বশীল নাগৰিক হিচাবে গঢ়ি তোলা।

(ঙ) শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী, গণতান্ত্ৰিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধসমূহ সৃষ্টি কৰা।

(চ) শিক্ষাৰ্থীৰ মনত আত্ম-অনুশাসন, আত্ম-নিৰ্ভৰশীলতা, কৰ্মসংস্কৃতি প্ৰভৃতিৰ ধনাত্মক মনোভাৱসমূহ গঢ়ি তোলা।

(ছ) শিক্ষাৰ্থীসকলৰ মনত কঠোৰ শ্ৰম আৰু শ্ৰমৰ মৰ্যাদা সম্পৰ্কে এক সুস্থ-মনোভাৱ গঢ়ি তোলাৰ যত্ন কৰা। 

(জ) শিক্ষাৰ্থীসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱৰ বিকাশ সাধন কৰা। 

(ঝ) নতুন পৰিস্থিতিৰ সার্থকভাৱে সমায়োজন স্থাপন কৰি নতুন সত্যৰ আবিষ্কাৰৰ বান শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰা। 

(ঞ) ভাল -বেয়া, সত্য-অসত্য ইত্যাদিৰ মাজত পাৰ্থক্য নিৰূপণৰ ক্ষমতাৰ বিকাশ সাধন কৰি শিক্ষাৰ্থীসকলৰ চিন্তা আৰু ক্ৰিয়াৰ ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ বিকাশ সাধন কৰা।

(ট) শিক্ষাৰ্থীৰ অন্তৰত মানৱীয় মূল্যবোধসমূহৰ সুদৃঢ় ভেটি তৈয়াৰ কৰা।

প্ৰশ্ন ৮১। প্ৰাথমিক স্তৰত মূল্যবোধ শিক্ষা কেনেকৈ প্ৰদান কৰিব পাৰি ? চমুকৈ লিখা। (How to provide value education at primary level ? Write briefly.)

উত্তৰঃ শিক্ষাৰ বিভিন্ন স্তৰত মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি। প্ৰাথমিক শিক্ষা হ’ল মানৱ শিশুৰ বুনিয়াদী স্তৰ। এই বাবে শিশুসকলৰ মাজত এই স্তৰৰ পৰা পদ্ধতিগতভাৱে মূল্যবোধ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। 

তাৰ বাবে নিম্নলিখিত ব্যৱস্থাসমূহ কাৰ্যকৰী কৰা উচিত—

(ক) পাঠ্যক্ৰমৰ পুনঃগঠন (Redesigning the Curriculum) :- মূল্যবোধ প্ৰদান কৰাৰ উদ্দেশ্য পাঠ্যক্ৰম পুনঃগঠন কৰা উচিত। প্ৰাথমিক স্তৰত আমাৰ ধর্মীয় আৰু নৈতিক দৃষ্টিকোণৰ পৰা বিভিন্ন বিষয় যেনে—সংগীত, কলা, পৌৰ জ্ঞান আদি প্ৰদান কৰা উচিত।

সেইবাবে প্ৰাথমিক বিদ্যালয় পৰ্যায়ত পাঠ্যক্ৰমত নিম্নলিখিত দিশসমূহ  অন্তৰ্ভুক্ত কৰা উচিত—

১। পাঠ্যক্ৰমত ধর্মীয় নেতা আৰু গুৰুসকলৰ জীৱনী সহজ-সৰল আৰু মনোগ্ৰাহী গল্প হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে।

২। বিদ্যালয়ৰ পাঠ্যক্ৰমত সপ্তাহত দুটা পিৰিয়দ নৈতিক শিক্ষাৰ বাবে আচুতীয়াকৈ ৰাখিব লাগিব। 

৩। শিকন-শিক্ষণ পদ্ধতিত খেলাভিত্তিক পদ্ধতি আৰু দৃশ্য-শ্ৰাব্য সঁজুলিৰ প্ৰয়োগ কৰিব লাগিব। 

(খ) সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহ :- 

১। বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে ৰাতিপুৱা ভাগত প্ৰাৰ্থনা সভা আয়োজন কৰিব লাগে। 

২। বিদ্যালয়ত বিভিন্ন ধৰ্মীয় উৎসৱসমূহ উদযাপন কৰিব লাগে আৰু শিক্ষাৰ্থীসকলক তাত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা উচিত। 

৩। বিদ্যালয়ত বিভিন্ন ৰাষ্ট্ৰৰ মহান ব্যক্তি আৰু ধর্মীয় নেতাৰ জন্মদিন পালনৰ ব্যৱস্থা কৰিব লাগে। এইক্ষেত্ৰত বুদ্ধদেৱ, মহাত্মা গান্ধী, শ্ৰীকৃষ্ণ, যীশু খ্ৰীষ্ট, হজবত মহম্মদ ইত্যাদিৰ নাম উল্লেখ কৰিব পাৰি।

৪। বিদ্যালয়ত খেলৰ লগতে সমাজ সেৱাৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে। ই ল’ৰা-ছোৱালীৰ মনত শ্ৰমৰ মৰ্যাদাৰ মনোভাৱ বৃদ্ধি কৰিব পাৰে।  

(গ) শিক্ষকৰ ভূমিকা (Role of the Teacher) :-  শিক্ষাৰ্থীসকলৰ মনত যথাৰ্থ মূল্যবোধ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষকসকলে মুখ্য ভূমিকা পালন কৰে।

সেই ভূমিকাসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

১। সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ সংগঠন :- শিক্ষাৰ্থীসকলৰ মাজত মূল্যবোধ সৃষ্টিৰ বাবে শিক্ষকসকলে বিদ্যালয়ত সহ-পাঠ্যক্ৰমিক কাৰ্যসূচী উপযুক্তভাৱে সংগঠিত কৰিব লাগিব। 

২। শিক্ষণৰ কাৰ্যকৰী পদ্ধতি :- শিক্ষাদানৰ সময়ত শিক্ষকে মূল্যবোধৰ দৃষ্টিভংগীৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। যেতিয়া সাহিত্য, ভাষা আৰু সমাজ অধ্যয়ন বিষয়সমূহৰ শিক্ষাদান কৰা হ’ব। শিক্ষকে সাংস্কৃতিক পৰম্পৰা, গণতান্ত্ৰিক নাগৰিকত্ববোধ আৰু ৰাষ্ট্ৰীয় সংগতিৰ আদৰ্শৰ ওপৰত গুৰুত্ব দিব লাগিব। 

৩। মূল্যবোধভিত্তিক দৃষ্টিভংগী :- শিক্ষকসকলৰ মূল্যবোধভিত্তিক দৃষ্টিভংগী থকা উচিত। তেতিয়াহে তেওঁলোকে শিক্ষাৰ্থীসকলক প্ৰভাৱিত কৰিব পাৰিব। শিক্ষকসকল নৈতিক চৰিত্ৰৰ অধিকাৰী হোৱাৰ উপৰিও সামাজিক, নৈতিক, ধর্মীয় আৰু অন্যান্য মূল্যবোধৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ মনোভাৱ থাকিব লাগিব। 

প্ৰশ্ন ৮২। মাধ্যমিক পৰ্যায়ত মূল্যবোধ শিক্ষা কেনেকৈ দিব পাৰি চমুকৈ লিখা। (How to provide value education at secondary level ? Write briefly.)

উত্তৰঃ মাধ্যমিক পৰ্যায়ত মূল্যবোধ শিক্ষা প্ৰদানৰ বিভিন্ন দিশসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) পাঠ্যক্ৰমৰ পুনঃগঠন (Recognition of Curriculum) :- শিক্ষাৰ্থীসকলৰ  মাজত মূল্যবোধ সৃষ্টিৰ বাবে মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম পুনঃগঠন কৰিব লাগিব। 

পুনঃগঠন কৰা পাঠ্যক্ৰমত নিম্নলিখিত দিশসমূহ অন্তৰ্ভুক্ত হ’ব লাগিব–

১। পাঠ্যক্ৰমত বিভিন্ন বিষয় যেনে—কলা, সাহিত্য,বুৰঞ্জী, চাৰুকলা ইত্যাদি অন্তৰ্ভুক্ত কৰিব লাগিব। 

২। পাঠ্যক্ৰমত বিশ্বৰ মহান ধৰ্মসমূহৰ প্ৰয়োজনীয় শিক্ষাদানৰ ব্যৱস্থা থাকিব লাগিব। 

৩। পাঠ্যক্ৰমত সপ্তাহত এক ঘণ্টা নৈতিক শিক্ষাদানৰ বাবে আছুতীয়াকৈ ৰাখিব লাগিব। 

(খ) মূল্যায়ন ব্যৱস্থাৰ সংশোধন (Reforming Evaluation System) :- প্ৰচলিত মূল্যায়ন ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। বিদ্যালয়ত পাৰদৰ্শিতাৰ মূল্যায়নৰ বেলিকা গুণগত চৰিত্ৰ আৰু আচৰণক সামগ্ৰিকভাৱে নিৰ্ধাৰণ কৰিব লাগিব। 

(গ) সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহ (Co-Curriculum Activities) :- বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগত অন্তৰ্ভুক্ত বিভিন্ন সহ-পাঠ্যক্ৰমিক ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীয়ে মূল্যবোধৰ শিক্ষা আহৰণ কৰে। 

তলত সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহ উল্লেখ হ’ল—

১। বিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ পূৰ্বে ৰাতিপুৱা ভাগত প্ৰাৰ্থনা সভা আয়োজন কৰিব লাগে। আধ্যাত্মিক বিষয়ত আলোচনা আৰু প্ৰাৰ্থনাৰ সহায়ত শিক্ষাৰ্থীৰ মনত নৈতিক মূল্যবোধ জগাই তুলিব পাৰি। ধর্মীয় অনুভূতিয়ে আধ্যাত্মিক মনোভাৱৰো বিকাশ সাধন কৰিব পাৰে। 

২। বিদ্যালয়ত সামাজিক নেতা, কবি, বিভিন্ন ধৰ্মৰ ধর্মীয় গুৰু আৰু জাতীয় নায়কসকলৰ জন্মদিন পালন কৰিব লাগে।

৩। বিভিন্ন ধৰণৰ সমাজ সেৱাৰ কাৰ্যসূচী যেনে—এন.চি. চি; এন. এচ. এচ; গাৰ্ল গাইড আদিত শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ সুবিধা দিব লাগিব। 

৪। শিক্ষাৰ্থীক নাটক, আৰ্ট, খেল-ধেমালি আদিত অংশগ্ৰহণ কৰিব দিব লাগিব। 

৫। বিদ্যালয়ত নৈতিক মূল্যবোধৰ বিকাশৰ বাবে বিস্তৃত বক্তৃতাৰ আয়োজন কৰিব লাগিব। বিশেষজ্ঞ ব্যক্তিক আমন্ত্ৰণ কৰি আনি মূল্যবোধভিত্তিক শিক্ষাৰ ওপৰত বক্তৃতা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। 

৬। বিদ্যালয়ত নিয়মিতভাৱে মূল্যবোধভিত্তিক আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিব লাগিব।

ঘ। শিক্ষকৰ ভূমিকা (Role of Teacher) :- মূল্যবোধ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকে বিশেষ ভূমিকা পালন কৰে। সেইবোৰ হ’ল—-

১। সহ-পাঠ্যক্ৰমিক কাৰ্যসূচী সংগঠিত কৰা।

২। শিক্ষাদানৰ ফলপ্ৰসূ পদ্ধতিৰ প্ৰয়োগ।

৩। শিক্ষকৰ দৃষ্টিভংগী আৰু আদৰ্শ।

প্ৰশ্ন ৮৩। NCERT য়ে নিৰ্বাচন কৰি দিয়া মূল্যবোধ শিক্ষাৰ কাৰ্যসূচীসমূহ কি কি ? (What are the selected value education programs in NCERT ?)

উত্তৰঃ NCERT য়ে বিদ্যালয়ৰ পৰিৱেশৰ বাবে মূল্যবোধৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে।

এই তালিকাত সন্নিবিষ্ট বিষয়বস্তুসমূহ হ’ল—

(ক) সংবিধানত উল্লেখিত নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কে অৱগত কৰোৱা।

(খ) সমাজৰ স্থায়িত্ব আৰু বিকাশৰ বাবে নৈতিকতাৰ ওপৰত গুৰুত্ব প্ৰদান। ইয়াত আচৰণৰ ভেটিসমূহ সন্নিবিষ্ট হৈ আছে যেনে—সন্মান, বিশ্বাস, সহৃদয়তা, ক্ষমাদান, অনুশাসন, নিয়মানুৱৰ্তিতা, নীতি জ্ঞান, কৰ্ম আৰু অন্য ব্যক্তিৰ লগত ব্যৱহাৰৰ সততা, সহযোগিতা আৰু উত্তম আচৰণ।

(গ) সামাজিক দৃষ্টিভংগীৰ লগত সম্পৰ্কযুক্ত নৈতিক কাৰ্যাৱলী সম্পাদন কৰা দিশসমূহ অৱগত কৰোৱা। 

(ঘ) সাহস, সততা, সাৰ্বজনীন প্ৰেম, শাৰীৰিক শ্ৰমৰ মৰ্যাদা, সেৱা, চাফ-চিকুণতা, নিৰ্ভেজাল, সৌন্দৰ্যবোধ, শান্তি, আনন্দ আদি মূল্যবোধৰ অনুশীলন কৰোৱা। 

(ঙ) NCERT য়ে শিক্ষাৰ্থীৰ মাজত মূল্যবোধৰ ভাৱ জগাই তুলিবলৈ তলত দিয়া কাৰ্যাৱলীসমূহ উল্লেখ কৰিছে—

১। সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠান।

২। স্বাস্থ্য আৰু চাফ-চিকুণতাৰ কাৰ্যসূচী।

৩। শ্ৰেণী শিক্ষাদান।

৪। উৎপাদনমূলক শাৰীৰিক কৰ্মমূলক অনুষ্ঠান।

৫। নাগৰিকত্বৰ প্ৰশিক্ষণমূলক কাৰ্যাৱলীসমূহ, সাংস্কৃতিক আৰু আমোদজনক কাৰ্যাৱলী তথা সমাজসেৱামূলক কাৰ্যাৱলীসমূহ।

প্ৰশ্ন ৮৪। মূল্যবোধ শিক্ষাৰ উপযোগিতাৰ বিষয়ে আলোচনা কৰা। (Discuss the usefulness of value Education.)

উত্তৰঃ মূল্যবোধ শিক্ষাই মানুহৰ প্ৰবৃত্তিমূলক ভাৱ-অনুভূতিবোৰৰ উৎকৰ্ষ সাধন কৰি তাক পশু পৰ্যায়ৰ পৰা মানৱীয়তাৰ পৰ্যায়লৈ উন্নীত কৰি তুলিব পাৰে। এই শিক্ষাই মানুহক তেওঁৰ পশু প্ৰবৃত্তিমূলক পৰ্যায়ৰ পৰা তুলি ধৰি নৈতিক, সৌন্দৰ্যবোধক আৰু আধ্যাত্মিকতাৰ পৰ্যায়প্ৰাপ্ত কৰি তুলিব পাৰে। কলা-সংস্কৃতি, সৌন্দৰ্য চর্চা, সৃজনাত্মক ক্ষমতা আদিৰ বিকাশ সাধন কৰি ব্যক্তিয়ে সেই দিশত নিজৰ মৌলিক বৰঙণি যোগাব পাৰে। মূল্যবোধ শিক্ষাই শিক্ষাৰ্থীৰ সুপ্ত অন্তৰ্নিহিত শক্তি ক্ষমতা আৰু প্ৰতিভাৰ উন্মোচিত কৰি মানৱ কল্যাণ সাধনৰ দিশত নতুনৰ অৱদান যোগাব পাৰে।

তলত মূল্যবোধ শিক্ষাৰ কেতবোৰ প্ৰত্যাশিত সুফল সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ সু-সমাযোজিত ব্যক্তিত্ব (Well adjusted personality) গঠন কৰিব পাৰি।

(খ) শিক্ষাৰ্থীসকলৰ মূল্যবোধ আৰু মনোভাৱ সুস্থভাৱে গঠন কৰি সমাজৰ সু-নাগৰিকস্বৰূপে গঢ় দি তুলিব পাৰি।

(গ) স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব আৰু সামাজিক ন্যায়ৰ মূল্যবোধ ভাৱ গঠনেৰে সুনাগৰিকতাৰ চেতনা জগাই তুলিব পাৰি।

(ঘ) ব্যক্তিৰ সততা, ন্যায় পৰায়ণতা, কষ্ট সহিষ্ণুতা, প্ৰতিজ্ঞাবদ্ধতা আদি নৈতিক গুণসমূহ এই শিক্ষাৰ সুখময় পৰিণতিস্বৰূপ। 

(ঙ) শিক্ষাৰ্থীসকলৰ সুচৰিত্ৰ গঠনৰ গুণ বা সংলক্ষণবোৰ এইবিধ শিক্ষাই বিকাশাই তুলিব পাৰে। 

(চ) মূল্যবোধ শিক্ষাই ব্যক্তিৰ সংস্কৃতি পৰায়ণ মন আৰু আচৰণ গঢ় দি তুলিব পাৰে। 

(ছ) এই শিক্ষাৰ যোগেদি ব্যক্তি মনৰ নেতিবাচক মনোভাৱ, হিংসাত্মক, ধ্বংসাত্মক আৰু অসামাজিক প্ৰৱণতাবোৰ গুচাব পাৰি।

(জ) মূল্যবোধ শিক্ষাই মানুহৰ মনত উন্নত ৰুচিবোধ, মানৱীয় অনুভূতি আৰু আধ্যাত্মিকতা ভাৱ গঢ় দি তুলিব পাৰে।

প্ৰশ্ন ৮৫। মূল্যবোধ শিক্ষা প্ৰদানত শিক্ষকৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা। (Write briefly about the role of teachers in providing value education ?)

উত্তৰঃ পৰিয়ালত পিতৃ-মাতৃৰ দৰে বিদ্যালয়ত শিক্ষকে শিক্ষাৰ্থীৰ মূল্যবোধ গঠনত এক বিশেষ ভূমিকা পালন কৰে। শিক্ষকে শিক্ষাৰ্থীৰ লগত এক বিশ্বাস আৰু ভালপোৱাৰ সম্পৰ্ক গঢ়ি তুলিব লাগে। শিক্ষকে প্ৰদৰ্শন কৰা আচৰণত সামাজিক আৰু নৈতিক মূল্যবোধৰ জ্ঞান জড়িত থাকিব লাগিব যাতে শিক্ষাৰ্থীসকলে সেইবোৰ আচৰণৰ অংশ হিচাপে পালন কৰে। ভাৰতবৰ্ষৰ দৰে প্ৰগতিশীল দেশ এখনত শিক্ষাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞানৰ লগতে নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ সংযোজন থাকিলেহে প্ৰকৃত অৰ্থত সুনাগৰিকৰ সৃষ্টি হ’ব।

এইক্ষেত্ৰত শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষই তলত দিয়া বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া উচিত—

(ক) বিদ্যালয়ত শ্ৰেণী শিক্ষাদান কার্য আৰম্ভ হোৱাৰ পূৰ্বে ৰাতিপুৱা প্ৰাৰ্থনা সভা অত্যন্ত প্ৰয়োজনীয়। 

(খ) বিদ্যালয়ত বিভিন্ন কল্যাণমূলক আঁচনিৰ ৰূপায়ণ কৰাৰ চেষ্টা কৰিব লাগে। ছাত্ৰ-কল্যাণ, দুখীয়া ছাত্ৰক বৰঙণি প্ৰদান আদি কাৰ্যই মানৱীয়তা বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।

(গ) মানৱ কল্যাণৰ দিশত সংহতি ৰাখি শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন প্ৰকল্প (Project) মূলক কাৰ্যৰ বিধান থাকিব লাগে।

(ঘ) শ্ৰেণীকোঠাৰ পাঠদানত মূল্যবোধভিত্তিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে পাঠ্যক্ৰমত নৈতিক আৰু আধ্যাত্মিক শিক্ষা সংযোজন কৰিব লাগে।

(ঙ) শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ সাধন কৰিবলৈ প্ৰচেষ্টা চলাব লাগে। 

(চ) কৰ্ম অভিজ্ঞতামূলক বিষয় পাঠ্যক্ৰমৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীৰ কলাসুলভ দিশৰ বিকাশত অৰিহণা যোগাব পাৰি।

(ছ) শিক্ষাৰ্থীক বিদ্যালয়ৰ বিভিন্ন কার্য পৰিচালনাৰ ক্ষেত্ৰত অংশীদাৰ কৰি ল’ব পাৰি।

(জ) আকস্মিক বক্ততা, হাস্যসদন আদি কাৰ্যসূচী শিক্ষাৰ্থীৰ সৃজনাত্মক প্ৰতিভাৰ বিকাশৰ বাবে ব্যৱস্থা কৰিব পাৰি। 

(ঝ) বিভিন্ন দলীয় কাৰ্যসূচী আৰু সংগঠনমূলক কামত শিক্ষাৰ্থীক জড়িত কৰাব লাগে যাতে তেওঁলোকৰ মাজত সহযোগিতা আৰু দায়িত্ববোধ জ্ঞানৰ বিকাশ সাধন হয়।

(ঞ) এন. চি. চি; এচ. এচ. এচ; গাৰ্ল গাইড আদি কাৰ্যসূচীত শিক্ষাৰ্থীৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰি। 

বিদ্যালয়ত প্ৰত্যকগৰাকী শিক্ষকেই হৈছে মূল্যবোধ শিক্ষাৰ শিক্ষক। বিভিন্ন পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহৰ মাধ্যমেৰে শিক্ষকে শিক্ষাৰ্থীৰ মনত আদৰ্শ মূল্যবোধৰ সৃষ্টিৰ প্রচেষ্টা কৰিব লাগে। শিক্ষকসকলে শিক্ষাৰ্থীৰ সবলতা আৰু দুৰ্বলতাসমূহৰ লগত ব্যক্তিগতভাৱে পৰিচিত হৈ তেওঁলোকৰ সম্ভাৱনীয়তাসমূহৰ পৰিপূৰ্ণ বিকাশৰ প্ৰচেষ্টা হাতত ল’ব লাগে। শিক্ষকে শিক্ষাদানৰ সময়ত ভিন্নমূখী শিক্ষাদান পদ্ধতি যেনে—সমস্যা সমাধান, আলোচনা, প্ৰশ্নোত্তৰ, সহযোগিতা, দলীয় সংহতি, পাৰস্পৰিক সন্মানবোধ আদিৰ সহায়ত শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ সৃষ্টি কৰিব পাৰে। শিক্ষকৰ আদৰ্শ তত্ত্বৱধানে শিক্ষাৰ্থীৰ বিভিন্ন ধনাত্মক মূল্যবোধসমূহ গঢ় দি তুলিব পাৰে। সেয়েহে শিক্ষকৰ মূল্যবোধ শিক্ষাৰ “গুপ্ত পাঠ্যক্ৰম” (Hidden Curriculum) বুলি অভিহিত কৰা হয়। প্ৰকৃতপক্ষে মূল্যবোধ শিক্ষাত এজন শিক্ষকৰ ভূমিকা হৈছে সহায়ক আৰু পথ প্ৰদর্শকৰ, নিৰ্দেশকৰ নহয়। এজন সুচৰিত্ৰবান আৰু প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী শিক্ষকৰ সন্নিবিষ্ট শিক্ষাৰ্থীক আদৰ্শ মূল্যবোধৰ অধিকাৰী কৰি তোলাত সহায় কৰে।

প্ৰশ্ন ৮৬। মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা আলোচনা কৰা। (Discuss the role of family in value education.)

উত্তৰঃ পৰিয়াল হৈছে শিশু শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। এটি মানৱ শিশু পৰিয়ালত জন্ম গ্ৰহণ কৰি সেই পৰিয়ালৰ সদস্যসকলৰ আদব-কায়দা শিকি ভৱিষ্যত জীৱনত খোজ পেলায়। ব্যক্তি-নীতিৰ ওপৰত ভিত্তি কৰি। ভাল-বেয়া, উচিত-অনুচিত, ধাৰণাসমূহো শিশুৱে পৰিয়ালৰ পৰাই শিকে। পিতৃ-মাতৃৰ সফল তত্বাৱধানে ব্যক্তিৰ ইতিবাচক মূল্যবোধ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰে।

তলত মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকাসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) পিতৃ-মাতৃয়ে প্ৰাচীন মূল্যবোধসমূহৰ প্ৰতি আস্থাশীল হ’ব লাগে আৰু ল’ৰা-ছোৱালীক এই মূল্যবোধসমূহৰ লগত পৰিচয় কৰাৰ ব্যৱস্থা কৰিব লাগে।

(খ) প্ৰাচীন মূল্যবোধসমূহৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ লগতে পৰিয়ালৰ লোকসকলে পৰিৱৰ্তিত সমাজৰ মূল্যবোধসমূহৰ প্ৰতি এক নমনীয় মনোভাৱ গ্ৰহণ কৰা উচিত।

(গ) পৰিয়ালৰ সদস্যসকলৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। পৰিয়ালৰ শান্তিপূৰ্ণ আৰু আনন্দময় পৰিৱেশে যোগাত্মক মূল্যবোধৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 

(ঘ) মূল্যবোধসমূহৰ বিকাশ সাধন কৰিবলৈ যাওঁতে পিতৃ-মাতৃসকলে মূল্যবোধসমূহৰ ইতিবাচক দিশটো ল’ৰা-ছোৱালীৰ সন্মুখত যুক্তি-যুক্ততাৰে প্ৰতিপন্ন কৰিব লাগে।

(ঙ) প্ৰত্যকগৰাকী শিশুৰে নিজস্ব ক্ষমতা, সম্ভাৱনীয়তা আদিৰ ক্ষেত্ৰত নিৰ্ধাৰিত সীমাবদ্ধতা আছে। গতিকে অভিভাৱকে অহেতু তুলনা বৰ্জন কৰা উচিত।

(চ) পৰিয়ালত গঠণাত্মক পৰিৱেশ সৃষ্টি কৰি শিশুৰ আত্ম বিশ্বাস আৰু ধনাত্মক আত্ম ধাৰণা (Self-Concept) গঠনত সহায় কৰিব লাগে।

(ছ) পৰিয়ালত দমনমূলক ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে শিশুৰ সমস্যাসমূহ সহানুভূতিৰে বিচাৰ কৰি শিশুক স্বতঃস্ফূৰ্ত বিকাশৰ সুবিধা প্ৰদান কৰিব লাগে। 

(জ) বিভিন্ন সামাজিক কাম-কাজত অংশ গ্ৰহণৰ ক্ষেত্ৰত শিশুক উৎসাহ প্ৰদান কৰি সামাজিক মূল্যবোধসমূহৰ বিকাশৰ সুযোগ প্ৰদান কৰিব পৰা যায়।

(ঝ) সুকুমাৰ কলা অথবা অন্যান্য সৌন্দৰ্যবোধক কাৰ্যাৱলীৰ প্ৰতি শিশুক আগ্ৰহী কৰি তুলিবলৈ যত্ন কৰিব লাগে। এই ক্ষেত্ৰত গৃহ পৰিৱেশক মাৰ্জিত সৰুচিপূৰ্ণ আৰু কলাত্মক ৰূপত গঢ় দিয়াত গুৰুত্ব প্ৰদান কৰে। 

(ঞ) ধর্মীয় ৰক্ষণশীলতা, কু-সংস্কাৰ আদিৰ পৰা শিসুক আঁতৰাই ৰাখিব লাগিব।

মুঠতে ল’ৰা-ছোৱালীৰ গৃহ পৰিৱেশক সিহঁতে গ্ৰহণ কৰা মূল্যবোধসমূহৰ কঠিয়াতলী বুলি অভিহিত কৰা হয়। আনন্দময় গৃহ পৰিৱেশ, পিতৃ-মাতৃৰ ধনাত্মক তত্বাৱধান, পৰিয়ালৰ নৈতিক আৰু আধ্যাত্মিক পৰিৱেশ আদিয়ে শিশুৰ মূল্যবোধ গঠনত বিশেষ অৰিহণা যোগায়।

প্ৰশ্ন ৮৭। বিদ্যালয়ত মূল্যবোধ শিক্ষাৰ বিষয়ে চমুকৈ লিখা।  (Write briefly about the value Education in schools.)

উত্তৰঃ বিদ্যালয়ত মূল্যবোধ শিক্ষা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই দুই প্ৰকাৰৰে প্ৰদান কৰিব পাৰি। প্ৰত্যক্ষ পদ্ধতিৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ অংশ হিচাপে সুপৰিকল্পিতভাৱে মূল্যবোধৰ শিক্ষা বিদ্যালয়ত প্ৰদান কৰা হয়। কিন্তু পৰোক্ষ পদ্ধতিৰ ক্ষেত্ৰত বিদ্যালয়ৰ সমগ্ৰ পৰিৱেশৰ দ্বাৰাই মূল্যবোধ শিক্ষা প্ৰদান কৰিব পৰা যায়। মূল্যবোধৰ বিকাশ সাধনৰ ক্ষেত্ৰত বিদ্যালয়ৰ এক বিশেষ ভূমিকা আছে। এই উদ্দেশ্যৰে বিদ্যালয়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। 

সেইবোৰ হ’ল—

(ক) বিদ্যালয় আৰম্ভ হোৱাৰ আগতে প্ৰতিদিনে সমবেত প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰিব লাগে। সম্ভৱ হ’লে মূল্যবোধৰ লগত জড়িত দিশৰ ওপৰত বক্তৃতাৰ ব্যৱস্থাও কৰিব পৰা যায়।

(খ) বিভিন্ন কৰ্মভিত্তিক অভিজ্ঞতাৰ মাধ্যমেৰে শিক্ষাৰ্থীৰ মনত সেৱামূলক মনোভাৱ গঢ়ি তুলিবৰ বাবে বিভিন্ন সমাজ সেৱামূলক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ যোগেদি মানুহৰ সেয়াই পৰমধৰ্ম—এই ধাৰণাৰ সৃষ্টি কৰিব লাগে। 

(গ) দেশ বা জাতিৰ প্ৰতি এক আস্থাৰ মনোভাৱ গঠন কৰিবৰ বাবে বিদ্যালয়ত বিভিন্ন জাতীয় উৎসৱ বা জাতীয় দিৱস আদি পালন কৰিব লাগে। 

(ঘ) বিভিন্ন সামাজিক মূল্যবোধসমূহ গঢ় দি তুলিবৰ বাবে বিদ্যালয়ত দলগত কাম-কাজত উৎসাহিত কৰিব লাগে।

(ঙ) সুস্থ দেহ সুস্থ মনৰ আধাৰ। সেইবাবে বিদ্যালয়ত শিক্ষাৰ্থীৰ বাবে দেহ চর্চা আৰু খেলা-ধূলাৰ ব্যৱস্থা কৰিব লাগে। 

(চ) কোনো কোনো ক্ষেত্ৰত বিদ্যালয়ত প্ৰত্যক্ষভাৱে নৈতিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। 

(ছ) পাঠ্যক্ৰমৰ বিভিন্ন বিষয়সমূহৰ শিক্ষাদান কার্য পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষকে মূল্যবোধৰ শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব লাগে। পাঠ্যক্রমত মহৎ লোকসকলৰ জীৱনী অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। 

(জ) বিদ্যালয়ত বিভিন্ন সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীত শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিও তেওঁলোকৰ মাজত বিভিন্ন মূল্যবোধৰ বিকাশ সাধন কৰিব পৰা যায়। 

(ঝ) শিক্ষকৰ সৎ চৰিত্ৰ আৰু সজ আচৰণে শিক্ষাৰ্থীসকলৰ মনত মূল্যবোধ জাগ্ৰত কৰাত যথেষ্ট সহায় কৰে। শিক্ষকে উপদেশ আৰু আদৰ্শ এই দুয়োটাৰ সহায়ত শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ বিকাশৰ বাবে যত্ন কৰিব লাগে।

প্ৰশ্ন ৮৮। ল’ৰা-ছোৱালীৰ মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালে ল’ব লগা ব্যৱস্থাসমূহ কি কি ? (What are the measures taken in the family to teach the values of the son to the daughter ?)

উত্তৰঃ ল’ৰা-ছোৱালীৰ মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত গৃহ পৰিৱেশত পিতৃ-মাতৃয়ে ল’বলগীয়া ব্যৱস্থাসমূহ নিম্নলিখিতভাবে সংক্ষেপে উল্লেখ কৰিব পাৰি—-

(ক) পৰিয়ালৰ সকলো সদস্যৰ মাজত বুজা-পৰা আৰু মৰম-চেনেহৰ আন্তৰিকতাপূৰ্ণ পৰিবেশ সৃষ্টি কৰি তোলাৰ প্ৰতি সজাগ আৰু সচেতন হ’ব লাগে।

(খ) তেওঁলোকে ল’ৰা-ছোৱালীৰ সজ অভ্যাসবোৰ গঠন আৰু বদ অভ্যাসবোৰ জাগৰণৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। 

(গ) পৰিয়ালৰ প্ৰতিজন লোকৰে জন্মদিন পালন আৰু উৎসৱ-পৰ্ব আদি উদযাপনকৰি প্ৰতিজন লোকৰ ব্যক্তিত্বৰ প্ৰতি সন্মান জনাব লাগে। 

(ঘ) পৰিয়ালৰ সৰু-ডাঙৰ সকলো লোকে যথাসম্ভৱ একেলগে প্ৰতিদিনে খোৱা-বোৱা কৰা ব্যৱস্থা অভ্যাসত পৰিণত কৰিব লাগে। 

(ঙ) পৰিয়ালৰ কোনোজন লোকে যাতে আৰ্থিক দিশত ব্যক্তিগতভাৱে অভাৱ আৰু কষ্ট অনুভৱ কৰিব লগা নহয় তাৰ প্ৰতি সকলোৰে দৃষ্টি থাকিব লাগে। 

(চ) পৰিয়ালৰ কোনোজন লোকে আনজনৰ প্ৰতি হিংসা, ঈৰ্ষা আৰু আক্ৰমণাত্মক আচৰণ যাতে প্ৰদৰ্শন কৰা নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। 

(ছ) পৰিয়ালৰ নেতৃত্ব দিয়া লোকজনে অনুশাসন নামত আনজনৰ ওপৰত সঘনে দমনমূলক আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নালাগে। 

(জ) পৰিয়ালত মানসিক, অৰ্থনৈতিক অথবা পাৰিবাৰিক দিশত সমস্যাৰ সৃষ্টি হৈ উঠিলে সকলো সদস্যই সমভাগী হৈ উঠি তাৰ সমাধানৰ বাবে ইতিবাচক দৃষ্টিকোণ আৰু সহায়ৰ মনোভাৱ গ্ৰহণ কৰিব লাগে। 

(ঝ) পৰিয়ালৰ সকলো লোকে নেতৃত্ব প্ৰদানকাৰীজনৰ প্ৰতি আস্থা, নিষ্ঠা আৰু বিশ্বাসৰ মনোভাৱ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব লাগে। 

(ঞ) পৰিয়ালত জন্ম-নিয়ন্ত্ৰণৰ নীতি মানি চলিব লাগে।

এনেবোৰ বাস্তৱ আৰু সক্রিয় নীতি গ্ৰহণে পৰিয়ালৰ নৈতিক জীৱনৰ মূল্যবোধ আৰু তাৰ মানদণ্ড নিশ্চিত ৰূপত উৰ্ধগামী কৰি তুলিব পাৰে।

প্ৰশ্ন ৮৯। ল’ৰা-ছোৱালীৰ মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ে কি কি ব্যৱস্থা লোৱা উচিত ? (What steps should be taken in schools for value Education to boys and girls.)

উত্তৰঃ ল’ৰা-ছোৱালীৰ মূল্যবোধ শিক্ষাৰ প্ৰসংগত সামাজিক দিশত ল’বলগীয়া প্ৰয়োজনীয় ব্যৱস্থাসমূহ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—-

(ক) স্কুলক শিশুৰ বাবে কেৱল লিখা-পঢ়া কৰা ঠাই ঘৰ বা পঢ়াশালী মাথোন বুলি গণ্য কৰিব নালাগে। ইয়াক শিশুৰ সামাজিক মূল্যবোধবোৰৰ সঠিক ৰূপত অনুভৱ আৰু তাৰ যথাৰ্থ ৰূপত বিকাশ সাধনৰ স্থল স্বৰূপেহে বিবেচনা কৰিব লাগে।

(খ) শিক্ষক কেৱল পাঠদানকাৰী ব্যক্তি (Lesson Maker) স্বৰূপে গণ্য কৰিব নালাগে। তেওঁ শিক্ষাৰ্থীসকলৰ বাবে যথাৰ্থ ৰূপত বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক  (Friend, Philosopher and Guide) স্বৰূপেহে ভূমিকা গ্ৰহণ কৰিব লাগে। 

(গ) স্কুলক কেৱল পঢ়াশালী বা শিক্ষাৰ পাঠ গ্ৰহণ আৰু প্ৰদানৰ স্থল স্বৰূপেহে বিবেচিত হ’ব নালাগে। বৃহত্তৰ সমাজৰ বুকুত স্কুলক এখন ক্ষুদ্ৰ সমাজ (Miniature Society) স্বৰূপেহে বিবেচিত আৰু সেই অনুক্ৰমে পৰিচালিত হৈ উঠিব লাগে। 

(ঘ) স্কুলৰ শিক্ষা শিশুৰ বাবে মুক্ত আৰু এক জন্মগত অধিকাৰ স্বৰূপে বিবেচিত হ’ব লাগে। ইয়াত ধনী-দুখীয়া, উচ্চ-নীচ, যোগ্য-অযোগ্য আৰু জাত-কুল-ধৰ্ম আদিৰ দিশ বিবেচিত হোৱা স্থান হ’ব নালাগে। 

(ঙ) শিশুৰ বাবে প্ৰাথমিক শিক্ষা সাৰ্বজনীন, বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিব লাগে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা পৰিচালনাৰ আৰ্থিক দায়বদ্ধতা সম্পূৰ্ণৰূপে চৰকাৰে গ্ৰহণ কৰিব লাগে। 

(চ) উচ্চ শিক্ষাৰ বাবে যোগ্য প্ৰমাণিত হোৱা ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে স্বীকৃতি প্ৰদান স্বৰূপে আৰ্থিক সাহায্য আৰু মাননি প্ৰদান কৰিব লাগে।

(ছ) শিক্ষকসকলৰ ভিন ভিন পৰ্যায়ত শৈক্ষিক গুণমান আৰু পদমৰ্যদা উন্নীত কৰি তুলিবৰ বাবেও চৰকাৰে অধিক তৎপৰতাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

(জ) এই ক্ষেত্ৰত প্ৰাক্-প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষা পৰ্যায়লৈকে শিক্ষক প্ৰশিক্ষণৰ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰি উঠিব লাগে আৰু প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিকেই শিক্ষক নিযুক্তিৰ বাবে মনোনীত কৰিব লাগে। 

এনেবোৰ কথাৰ বিবেচনাৰে ক’ব পাৰি যে শিক্ষাৰ সামাজিক দায়বদ্ধতাৰ ভিতৰত শিক্ষা কৰ্তৃপক্ষই আৰ্থিক ব্যয়ৰ দায়িত্ব গ্ৰহণ কৰা, নৈতিক-অৰ্থনৈতিক আৰু প্ৰশাসনিক দিশৰ আশানুৰূপ পৰিৱৰ্তন সাধন কৰি তোলাৰ আশা কৰা হয়।

প্ৰশ্ন ৯০। মূল্যবোধ শিক্ষাত স্কুল কৰ্তৃপক্ষই ল’ব লগা ব্যৱস্থাসমূহ কি হোৱা উচিত ?(What should be the arrangements taken by the school authorities in value education ?)

উত্তৰঃ মূল্যবোধ শিক্ষাত স্কুল কৰ্তৃপক্ষই ল’ব লগা প্ৰয়োজনীয় ব্যৱস্থাসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) শিক্ষা কৰ্তৃপক্ষই আজিৰ শিক্ষা ব্যৱস্থা উৎকৰ্ষ সাধন কৰি তুলিবৰ বাবে শিক্ষাৰ পৰিমাণ আৰু গুণমান দুয়োটাৰ দিশতেই যুক্তিসংগতভাৱে থকা প্ৰয়োজনীয় দাবীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিব লাগে, যি বাস্তৱ ক্ষেত্ৰত প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে। নিম্ন গুণমানৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ শিক্ষা সুবিধা প্ৰদানৰ নীতি গ্ৰহণ কৰিব লাগে। 

(খ) সাধাৰণ আৰু নিম্ন গুণমানৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা বা বিশিষ্ট শিক্ষা গ্ৰহণৰ প্ৰতি শিক্ষা কৰ্তৃপক্ষই উৎসাহিত কৰি তুলিব নালাগে। তেনে কৰা হ’লে অনাৱশ্যকভাৱে শিক্ষা-অপচয়ৰ সন্মুখীন হ’ব লগা হৈ উঠিব পাৰে। 

(গ) আনহাতে উচ্চ গুণমানৰ শিক্ষাৰ্থীক তেওঁলোকৰ আগ্ৰহ আৰু যোগ্যতা অনুসৰি প্ৰয়োজনীয় শিক্ষা বিষয় গ্ৰহণৰ প্ৰতি উৎসাহিত কৰি তুলিব লাগে। যোগ্যতা আৰু প্ৰতিভা কোনো ক্ষেত্ৰতেই যাতে, অৱহেলিত হৈ ৰ’ব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।

(ঘ) শিক্ষাৰ নিম্ন পৰ্যায়ত অনুসূচীত জাতি আৰু জনজাতিৰ বিবেচনাৰে বিশেষ সুবিধা প্ৰদানৰ আছুতীয়া ব্যৱস্থা কৰা হ’ব নালাগে। 

(ঙ) খেলা-ধূলা, নৃত্য-গীত আৰু আন আন কলাত্মক দিশত বিশেষ যোগ্যতা আৰু সম্ভাৱনীয়তা থকা ছাত্ৰ-ছাত্ৰীক নিজ নিজ প্ৰতিভা বিকাশৰ বাবে শিক্ষা কৰ্তৃপক্ষই যথাসম্ভৱ সা-সুবিধা আৰু আৰ্থিক সাহায্য প্ৰদানেৰে উৎসাহিত কৰি তুলিব লাগে। 

(চ) শিক্ষানুষ্ঠানৰ অধ্যক্ষ, শিক্ষা প্ৰশাসন, পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, শিক্ষা পৰিদৰ্শক আৰু শিক্ষা-উপদেষ্টা আদি কৰ্তৃত্ব আৰু দায়িত্বশীল লোকসকলে সঘনে স্কুল-প্ৰশাসন আৰু পৰিচালনা সম্বন্ধে আলোচনা-বিলোচনাত মিলিত হ’ব লাগে। 

(ছ) স্কুলৰ ছাত্ৰ-শিক্ষকসকল যাতে ধর্মীয়, সাম্প্ৰদায়িক আৰু ৰাজনৈতিক প্ৰভাৱৰ দ্বাৰা অসুস্থ আৰু নেতিবাচক দিশত প্ৰভাৱিত হৈ উঠিব নোৱাৰে তাৰ প্ৰতি শিক্ষা-কৰ্তৃপক্ষই সতৰ্ক দৃষ্টি ৰাখিব লাগে।

প্ৰশ্ন ৯১। আধুনিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ গুৰুত্ব আলোচনা কৰা। (Discuss the importance of Value Education in modern situations.)

উত্তৰঃ ব্যক্তিৰ জীৱন প্ৰক্ৰিয়া সু-পৰিচালনাৰে আগুৱাই যাবলৈ হ’লে প্ৰমূল্য শিক্ষাৰ অতি প্ৰয়োজন। ব্যক্তি জীৱনৰ গতিশীলতা, পৰিৱৰ্তন আৰু মৌলিক নীতি-নিয়ম এই প্ৰমূল্যবোধৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়। সমাজৰ নতুন নতুন সংকট, সভ্যতাৰ দুৰ্বল স্থিতি, অনাকাংক্ষিত দ্বন্দ্বই বৰ্তমান এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে ক্ষেত্ৰত মূল্যবোধ হ’ল এনে এক উপাদান, যিয়ে ব্যক্তিক পৰিচালিত কৰি জীৱনৰ প্ৰতি সামাজিক বাতাবৰণ নিকা কৰে। মূল্যবোধ অবিহনে ব্যক্তিৰ ব্যক্তিত্ব, ভাৱনা আৰু কাৰ্যৰ সুস্থ প্ৰকাশ, মূল্যবোধৰ জৰিয়তে প্ৰকাশ পায়। ব্যক্তিৰ জ্ঞানমূলক, অনুভূতিমূলক আৰু ক্ৰিয়ামূলক দিশৰ লগত জড়িত। মূল্যবোধ এনে এক অবিচ্ছেদ্য অংগ যাৰ দ্বাৰা যাৰ ব্যক্তিৰ বৌদ্ধিক, আৱেগিক, নৈতিক আদি দিশৰ মানৱীয় গুণ বিকাশ কৰিব পাৰি। মূল্যবোধ শিক্ষাই ব্যক্তিৰ জীৱনৰ গতি-বিধি, জীৱনৰ আদৰ্শ, আধ্যাত্মিক মূল্যবোধ ইত্যাদি সকলো দিশৰ বিকাশ সাধন কৰে। তদুপৰি মূল্যবোধ শিক্ষাই ব্যক্তিক ব্যক্তিগত আৰু সামাজিক জীৱনত সুস্থভাৱে সমায়োজন কৰি মানৱ সভ্যতাৰ কল্যাণ সাধন কৰিব পাৰে। সমাজৰ অশুভ শক্তি, স্বাৰ্থবাদ, যান্ত্রিকবাদ, ব্যক্তিতান্ত্রিক মনোভাৱ আদিয়ে আমাৰ আধ্যাত্মিক প্ৰমূল্য আৰু সমাজ ব্যৱস্থাৰ ভাৰসাম্যতা নষ্ট কৰাত অৰিহণা যোগাইছে। এনে পৰিস্থিতিত ব্যক্তিৰ আত্মসত্তা আৰু বহিঃসত্তাৰ মাজত এক অন্তদ্বন্দৰ সৃষ্টি কৰিছে; যাৰ ফলত ভাতৃত্ববোধ, শান্তিৰ মনোভাৱ, সহযোগিতা, সহনশীলতা আদিৰ অৱক্ষয় হৈছে। যান্ত্রিকতাই ব্যক্তিক অধিক বিশৃংখল, ব্যক্তিত্বৰ বিসংগতি আৰু অপসমায়োজন সৃষ্টিত বিশেষ অৰিহণা যোগাইছে। এনেবোৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সুস্থভাৱে ভাৰসাম্য বজাই ৰাখিবলৈ হ’লে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। আজিৰ যুৱসমাজৰ মাজত সামাজিক জীৱন শৃংখলাবদ্ধভাৱে বিকাশ কৰিবলৈ আৰু সুন্দৰভাৱে জীয়াই থাকিবলৈ সত্য, সুন্দৰ, প্ৰেম, ভালপোৱা, অহিংসা, সাধুতা, সৃষ্টিশীলতা, ভাতৃত্ববোধ আদি প্ৰমূল্যবোধৰ সৃষ্টি কৰিব লাগিব। মূল্যবোধ শিক্ষাৰ দ্বাৰা ব্যক্তিৰ জীৱন, সমাজ, সংস্কৃতি আৰু সভ্যতাৰ বিভিন্ন মূল্যবোধসমূহ উপলব্ধি কৰিব পাৰি। সমাজ ব্যৱস্থা, জীৱনৰ আদৰ্শ, নৈতিক ধাৰণা, সাংস্কৃতিক জীৱন আদিৰ সুস্থ প্ৰকাশ বিভিন্ন মূল্যবোধৰ দ্বাৰাই পৰিচালিত হয়। এখন সমাজৰ ৰীতি-নীতি, আদৰ্শ, মানদণ্ড ব্যক্তিৰ মূল্যবোধ শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সকলো স্তৰতে ব্যক্তিগত তথা সামাজিক জীৱনত মূল্যবোধৰ শিক্ষাৰ এক এৰাব নোৱাৰা অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈ আহিছে। বৰ্তমান মানৱতা বিৰোধী কাৰ্যকলাপ ৰোধ কৰিবৰ বাবেই মূল্যবোধ শিক্ষাৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। আজিৰ নিম্ন মানদণ্ডৰ ৰাজনৈতিক প্ৰতিযোগিতা আৰু অৰ্থনৈতিক বৈষম্যমূলক সমাজ ব্যৱস্থাৰ বাবে ব্যক্তিৰ জীৱন সংঘাতপূৰ্ণ আৰু নৈতিক অৱক্ষয়ৰ সৃষ্টি হয়। বিনা পৰিশ্ৰমে অৰ্থ উপাৰ্জন, বিলাপপূৰ্ণ জীৱন, যোগ্যজনক সন্মান প্ৰদৰ্শন নকৰা, ভোগ্য সামগ্ৰীৰ প্ৰতি আকৰ্ষণ আদিৰ বাবে মূল্যবোধৰ অৱক্ষয় ক্ৰমে প্ৰকট হৈ পৰিছে।

বিশ্বায়নৰ প্ৰভাৱৰ দ্বাৰা অনুপ্ৰাণীত হৈ নীতি, আদৰ্শ, মানৱতাবোধ আদি ত্যাগ কৰি ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে হত্যা, হিংসা আদি আশ্ৰয় লৈছে। এনে পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ দ্বাৰাই ব্যক্তিক সংজ্ঞাত্মক দিশৰ বিকাশ সাধন কৰাৰ উপৰিও আনুভূতিক আৰু ক্ৰিয়াত্মক দিশৰ বিকাশৰো ব্যৱস্থা কৰিব লাগে। সমূহীয়া প্ৰাৰ্থনা, মহৎ লোকৰ আত্মজীৱনীমূলক গ্ৰন্থৰ অধ্যয়ন, মহৎ লোকৰ বাণী, কবিতা আবৃত্তি, প্ৰেম-ভালপোৱাৰ মনোভাৱ সৃষ্টি, আধ্যাত্মিক বিশ্লেষণ আদি দিশৰ ওপৰত গুৰুত্ব দিব লাগে ছাত্ৰ-ছাত্ৰীৰ মাজত মূল্যবোধ শিক্ষা জাগ্ৰত কৰিব পাৰি। ১৯৮৬ চনৰ জাতীয় শিক্ষানীতিয়ে প্ৰতিবেদনত প্ৰকাশ কৰে যে পাঠ্যক্ৰমত ভাৰতীয় স্বাধীনতা আন্দোলন, সাংবিধানিক দায়িত্ব আৰু অন্যান্য জাতীয় পৰিচয়ৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। এনে বিষয়সূচীয়ে ছাত্ৰ-ছাত্ৰীৰ মনত কেতবোৰে গুণ যেনে—গণতান্ত্ৰিক মনোভাৱ, সম অধিকাৰ, ঐহিত্য পৰম্পৰাৰ সংৰক্ষণ, সমাজ বৈষম্য আঁতৰ কৰা, বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ আদি।

মুঠতে অতি সংক্ষেপে আমি ক’ব পাৰো যে—

(ক) মূল্যবোধ শিক্ষাই ব্যক্তিৰ চৰিত্ৰ গঠন। 

(খ) ব্যক্তিৰ জ্ঞান, ধাৰণা, অভ্যাস, আদিৰ বিকাশত মূল্যবোধ শিক্ষাৰ গুৰুত্ব অধিক। 

(গ) ব্যক্তিৰ বৌদ্ধিক, আৱেগিক, নৈতিক আদি দিশৰ মানৱীয় গুণ বিকাশত মূল্যবোধ শিক্ষাৰ প্ৰয়োজন। 

(ঘ) ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক দিশৰ বিকাশৰ বাবে মূল্যবোধ শিক্ষাই বিশেকভাৱে সহায় কৰে। 

(ঙ) পৰিৱেশৰ লগত সুস্থ সমায়োজন স্থাপনত মূল্যবোধ শিক্ষাৰ ভূমিকা উল্লেখনীয়। 

(চ) ছাত্ৰ-ছাত্ৰীৰ মনত সততা, বন্ধুত্বভাৱ, সহানুভূতিশীল, দেশপ্ৰেম, নেতৃত্বৰ শিক্ষা, সহনশীলতা, দয়ালু, জাতীয় সংহতি, সমাজিকতা আদি গুণৰ প্ৰতিফলিত কৰিব পাৰি। 

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিক প্ৰকৃত অৰ্থত মানৱ সম্পদৰূপে গঢ়ি তোলাত সহায় কৰে। ব্যক্তিৰ ব্যক্তিত্ব সুন্দৰভাৱে গঢ় দি চৰিত্ৰ বিকাশৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্ট উপযোগিতা আছে। ভাৰতবৰ্ষৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত য’ত বহু ভাষা-ভাষী, জাতি-ধৰ্মৰ মানুহে বসবাস কৰে, তাত মূল্যবোধভিত্তিক শিক্ষা এক অপৰিহাৰ্য বিষয়। 

প্ৰশ্ন ৯২। শান্তিৰ বাবে শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা। (Explain the concept of education for peace.)

উত্তৰঃ শান্তি শব্দটো কেৱল মাত্ৰ যুদ্ধবিহীন অৱস্থা এটাকে নুবুজায়; ই সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ উপস্থিতিকো বুজায়। ই এনে এক বাহ্যিক আৰু মানসিক পৰিৱেশৰ কথা বুজায় য’ত মানুহ সম্পূৰ্ণ সহযোগিতাৰে, সহমৰ্মিতাৰে বসবাস কৰিব পাৰে। আন্তৰ্জাতিক সম্পৰ্কত ৰাষ্ট্ৰসমূহৰ মাজত ভৌগোলিক সীমাৰ আৰু সৰ্বভৌমত্বৰ স্বীকৃতি দি আৰু প্ৰত্যেক ৰাষ্ট্ৰৰ স্বাৰ্থ অক্ষুন্ন ৰাখি সহযোগিতা আগবঢ়োৱাকে শান্তি বুজায়। আজিৰ যুগত শান্তি মানে আন্তৰ্জাতিক পৰ্যায়ত শান্তি, মানুহৰ মাজত মানুহৰ শান্তি, জাতিৰ মাজত জাতিৰ শান্তি। পৃথিৱীত বৰ্তমান অৱস্থাত ঠেক জাতীয়তাবাদ মূল্যহীন। জাতি, বৰ্ণ, ভাষা, সম্প্ৰদায়, জাতিৰ মাজত জাতিৰ অন্তৰায় স্বৰূপ হ’ব নেলাগিব। শিক্ষাৰ মাধ্যমতহে সৰ্বস্তৰত শান্তি আনিব পৰা যায়। সেইবাবে সৰ্বস্তৰত শান্তি প্ৰতিষ্ঠাৰ বাবে শিক্ষাক এক শক্তিশালী মাধ্যম বুলি অভিহিত কৰা হয়। শান্তি শিক্ষা হৈছে এক উপযুক্ত কৌশলগত পৰিকল্পনা যাৰ জৰিয়তে অন্যায়, অসমতা আৰু মানৱ অধিকাৰ ভংগকাৰী কাৰণবোৰৰ মাধ্যমত সৃষ্টি হোৱা সংঘাত আৰু সংঘৰ্ষবোৰ আঁতৰ কৰা উপযুক্ত শিকন আৰু শিক্ষণ কৌশল। সেইবাবে শান্তি শিক্ষাক শিক্ষাৰ লক্ষ্য বুলি অভিহিত কৰা হয়। শান্তি শিক্ষাক নৈতিক বিকাশ আৰু আনৰ সৈতে শৃংখলাবদ্ধভাৱে বসবাস কৰাৰ বাবে মূল্যবোধ, মনোভাৱ আৰু দক্ষতাৰ সৃষ্টি কৰাটোকে বুজায়। ই মানৱ অধিকাৰক সন্মান কৰা, ন্যায়, সহিষ্ণুতা, সহযোগিতা, সামাজিক দায়িত্ববোধ আৰু সাংস্কৃতিক বৈষম্যৰ প্ৰতি সন্মান কৰাটোকে বুজায়। সমাজ তথা ৰাষ্ট্ৰসমূহৰ মাজত শান্তি স্থাপনৰ বাবে শিক্ষাই কেতবোৰ কার্য সমাপন কৰে।

তলত সেই কাৰ্যসমূহ চমুকৈ উল্লেখ কৰা হ’ল–

(ক) শিক্ষাই শান্তিৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰে। 

(খ) শিক্ষাৰ দ্বাৰা গণ অনুভুতিৰ পুনঃশিক্ষণৰ ব্যৱস্থা কৰা।

(গ) শিক্ষাই যুদ্ধৰ আতংকৰ স্মৃতি সতেজ কৰি ৰাখে। 

(ঘ) শিক্ষাৰ দ্বাৰা ব্যক্তিক পৰাভূত কৰাৰ নতুন দৃষ্টিভংগীৰ উদ্ভাৱন কৰে। 

(ঙ) শিক্ষাই বিদেশী মানুহৰ মনোভাৱৰ পৰিৱৰ্তন সাধন কৰে।

(চ) শিক্ষাই বিদেশী মানুহৰ প্ৰতি আমাৰ নিজস্ব মনোভাৱৰ পৰিৱৰ্তন সাধন কৰে।

(ছ) শিক্ষাই শিশুৰ আগ্ৰহৰ বিকাশ সাধন কৰে। 

(জ) শিক্ষাই সমূহিকভাৱে কাম কৰা এটা বাতাবৰণ সৃষ্টি কৰে। 

(ঝ) শিক্ষাই চাৰু কলাৰ প্ৰশিক্ষণৰ বাবে বিশেষ প্ৰস্তুতি আনি দিয়ে। 

সামগ্ৰিকভাৱে বিচাৰ-বিবেচনা কৰিলে শান্তিৰ পৰিৱেশ সুস্থিৰ আৰু শক্তিশালী কৰি তোলাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিবলৈ শিক্ষাই সকলোকে সাহস আৰু শক্তি দিয়ে। সুখ আৰু শান্তি যে কেতিয়াও উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিব পৰা নাযায় সেই বিষয়ে আত্ম প্ৰত্যয়ৰ বিকাশ সাধনত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা লয়। বিশৃংখল জীৱন প্ৰক্ৰিয়া পৰিহাৰ কৰি ধ্বংসমূখী কাৰ্যকলাপৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত শিক্ষাই সকলোকে বিশেকভাৱে সহায় কৰে। শিক্ষাই মানৱীয় মূল্যবোধৰ বিকাশ সাধনত বিশেকভাৱে সহায় কৰে।

বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে মানৱ সমাজৰ পৰা ঘৃণা আৰু সংঘৰ্ষৰ দৰে মাৰাত্মক ভাব-অনুভূতি আৰু কাৰ্যসমূহ সম্পূৰ্ণৰূপে নাইকিয়া হ’ব লাগিব। শিক্ষাই সচেতন আৰু চিন্তাশীল সামাজিক দায়বদ্ধতা সৃষ্টি কৰিব পাৰে। নে সচেতন আৰু চিন্তাশীল দায়বদ্ধতাৰ সহায়েৰে মানুহৰ সামাজিক জীৱন প্ৰক্ৰিয়াত মানৱীয় বান্ধোন আৰু যোগসূত্ৰ শান্তিপূৰ্ণ আৰু শক্তিশালী কৰি তোলা সম্ভৱ।  শিক্ষা সমাজিকৰণৰ শক্তিশালী আহিলা। সমাজ জীৱনৰ দায়িত্বশীল নাগৰিক হিচাবে সকলোৰে ব্যক্তিত্ব শক্তিশালীভাৱে গঢ় দি তোলাটো শিক্ষাৰ ঘাই কাম। মানৱ প্ৰতিভাসমূহৰ প্ৰণালীবদ্ধ বিকাশ সাধনৰ মূল হৈছে শিক্ষা। মানুহৰ সকলো উৎকৰ্ষ সাধনৰ মাজেৰে সামাজিক জীৱন প্ৰক্ৰিয়া গতিশীল আৰু শান্তিপূৰ্ণ কৰি তোলাৰ বাবে শিক্ষা এবিধ মানৱীয় আহিলা। মানৱ জীৱনৰ উৎকৰ্ষ সাধন আৰু সমাজ জীৱনৰ মঙ্গল সাধনৰ বাবে কাম কৰিবলৈ প্ৰেৰণা দিয়াটো শিক্ষাৰ বিশিষ্ট কাম। গতিকে শান্তি প্ৰতিষ্ঠাৰ বাবে শিক্ষাতকৈ আন কোনো শক্তিশালী মাধ্যম বা আহিলা থাকিব নোৱাৰে। শেষত ইয়াক ক’ব পাৰি যে শান্তি শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল সামাজিক ন্যায়। অৰ্থাৎ সামাজিক ক্ষেত্ৰত সকলো সমান; ইয়াত কোনোধৰণৰ ভেদভাৱ নাই।

প্ৰশ্ন ৯৩। শান্তিৰ বাবে শিক্ষাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। (Discuss the importance of education for peace.)

উত্তৰঃ শিক্ষাই মানুহৰ মানৱীয় ক্ষমতাসমূহৰ প্ৰণালীবদ্ধ আৰু পৰিকল্পিত বিকাশ সাধনত বিশেকভাৱে সহায় আগবঢ়ায়। শিক্ষা মানুহৰ জীৱন আৰু সভ্যতাৰ চালিকা শক্তি। সমাজ জীৱনৰ সকলো প্ৰকাৰৰ বিকাশ আৰু বিৱৰ্তনৰ শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষাই জীৱনৰ অৰ্থ উপলব্ধিত প্ৰয়োজনীয় সহায় আগবঢ়ায়। শিক্ষাৰ সহায়তে মানুহে নিজৰ সকলো প্ৰকাৰৰ মানৱীয় প্ৰতিভা সমাজ, জাতি, ৰাষ্ট্ৰ আৰু বিশ্ব সমাজৰ কামত অহা ধৰণে বিকাশপ্ৰাপ্ত কৰি ল’ব পাৰে আৰু তেনে প্ৰতিভাসমূহ চিন্তাশীলভাৱে সৰ্বাত্মক কল্যাণৰ বাবে কামত লগোৱা পৰিৱেশ সৃষ্টি কৰি ল’ব পাৰে। 

ভাৰতবৰ্ষত শান্তিৰ ধাৰণাটো অতি পুৰণি। ভাৰতবৰ্ষৰ ঋষিমুনিসকলে অহিংসা আৰু সহিষ্ণুতা গুণৰ বাৰ্তাকে প্ৰেৰণ কৰিছিল। ব্যক্তিয়ে যিদৰে শান্তি নোহোৱাকৈ সুস্থ জীৱন যাপন কৰিব নোৱাৰে, ৰাষ্ট্ৰইও সেইদৰে অশান্তিৰ মাজত প্ৰগতি অথবা বিকাশ লাভ কৰিব নোৱাৰে। দেশত সদায় সংঘৰ্ষ, বিদ্বেষ, হত্যা, লুণ্ঠন হৈ থাকিলে দেশে কেতিয়াও উন্নত কৰিব নোৱাৰে। শান্তিৰ পৰিৱেশেহে দেশ তথা ৰাষ্ট্ৰৰ বিকাশত সহায় কৰে।

দ্বিতীয় বিশ্ব মহাযুদ্ধত যেতিয়া সহযোগিতা আৰু বুজাপৰাৰ গণতান্ত্ৰিক শক্তিৰ হাতত ঠেক গণ্ডীৰ জাতীয়তাবাদৰ পৰাজয় ঘটিল, তেতিয়াৰে পৰা আন্তৰ্জাতিকতাবাদে বিশ্বৰ মানুহৰ মাজত গা কৰি উঠিল। গণতান্ত্ৰিক আদৰ্শই এই কথাত বিশ্বাস কৰে যে সৰ্বসাধাৰণ ৰাইজৰ ইচ্ছাক সদায় উচ্চ স্থান দিব লাগে। যদি আমি ইতিহাসৰ দীঘলীয়া বাটেদি ঘূৰি গৈ মানৱ ইতিহাসৰ বৰঘৰত ভুমুকি মাৰি চাও তেনেহ’লে দেখিবলৈ পাম যে সৰ্বসাধাৰণ জনগণে যুদ্ধ কোনোদিনে নিবিচাৰে; বিচাৰে শান্তি, যুগমীয়া শান্তি।

বিশ্ব শান্তিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজি দেশায়ে UNO ৰ General Assembly ত ১৯৭৮ চনৰ ৯ জুন তাৰিখে বৈদিক শাস্ত্ৰত উদ্বৃতি দি কৈছিল—”সকলোৰে বাবে সুখ, আনন্দ হওক, কাৰো বাবে দুখ নহওঁক”। তেখেতে আন্তৰ্জাতিক শান্তিৰ বাবে “সমগ্ৰ বিশ্বকেই আণৱিক মুক্ত অঞ্চল” ঘোষণা কৰিব লাগে বুলিও পৰামৰ্শ দিছিল। 

কেৱল শিক্ষাৰ যোগেদিহে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সংশোধন কৰিব পাৰি আৰু ইয়াৰ যোগেদি এটা জাতিয়ে আন এটা জাতিৰ লগত যুদ্ধৰ মনোভাৱ আঁতৰাই শান্তিৰ স্থাপনকৰিবলৈ নিজৰ মাজত থকা বিভেদসমূহ অলপ আলোচনাৰ মাজেদি সমাধা কৰিবলৈ সহযোগিতাৰ মনোভাৱেৰে আগবাঢ়ি আহিব পাৰে। একমাত্ৰ শিক্ষাৰ যোগেদিহে উচ্চ আন্তৰ্জাতিক সচেতনতা আৰু দৃষ্টিভংগী শক্তিশালী আৰু বিকাশ সাধন কৰিব পাৰি। এইক্ষেত্ৰত বিদ্যালয়ে কামে শিকা (Learning by doing) পদ্ধতি প্ৰয়োগ কৰিব পাৰে। শান্তি শিক্ষাই বিদ্যালয়ত শিক্ষাৰ পদ্ধতি নিৰ্বাচনৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তুলিব পাৰে। বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ মনত শান্তিপূৰ্ণ মনোভাৱ আৰু দক্ষতা বৃদ্ধিৰ শিক্ষা প্ৰদান কৰিব লাগিব। শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত সহযোগিতাৰ মনোভাব বৃদ্ধি আৰু গণতান্ত্ৰিক ধাৰণাৰ বিকাশত গুৰুত্ব প্ৰদান কৰিব লাগিব।

শান্তি শিক্ষাৰ কাৰ্যসূচী (Peace Education Program) য়ে সামাজিক সমস্যাৰ মূল কাৰণসমূহ চিনাক্ত কৰি তাৰ উপযুক্ত ব্যৱস্থাকৰণৰ জৰিয়তে উন্নত সামাজিক সম্পৰ্ক গঢ়ি তুলিব লাগিব। শান্তি শিক্ষাৰ কাৰ্যসূচীয়ে (P.E.P) হিংসা আৰু সংঘাতৰ বিকল্প ধাৰণাৰ বিকাশ সাধন কৰি শিক্ষাৰ্থীসকলৰ দক্ষতা উপলব্ধি কৰোৱায়। শান্তি শিক্ষাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্যসমূহ হ’ল—

(ক) বৈষম্যতাৰ মূল্যায়ন। 

(খ) গণতান্ত্ৰিক সহযোগিতাৰ বৃদ্ধিকৰণ। 

(গ) আনৰ প্ৰতি সহানুভূতিৰ বিকাশ সাধন। 

(ঘ) কাৰ্যৰ পৰিণাম বুজি উঠাত সহায় কৰা আৰু

(ঙ) শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা।

ওপৰৰ আলোচনাৰ পৰা ক’ব পাৰি যে শান্তি প্ৰতিষ্ঠাৰ বাবে শিক্ষাই বিশেষ ভূমিকা পালন কৰে। শিক্ষাৰ্থীৰ মনত স্বাধীন চিন্তাৰ অনুশীলন, দেশপ্ৰেমবোধৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। সমস্যা সমাধান পদ্ধতি, আলোচনা চক্ৰ আদিৰ জৰিয়তে শিক্ষাৰ্থীসকলক যুদ্ধৰ ভয়াবহতা আৰু মানৱ জাতিৰ ভাবুকিৰ প্ৰতি স্পষ্ট ধাৰণা জগাই তুলি সামাজিক সচেতনতা বৃদ্ধি কৰিব লাগিব। শিক্ষাৰ্থীসকলক আমি এই সত্য উপলব্ধি কৰিব দিব লাগিব যে মানুহৰ প্ৰতি প্ৰেমেই ভগৱানৰ প্ৰেম, লাগিলে সি বিশ্বৰ যি দেশৰে, যি জাতৰে মানুহ নহওক। সেয়ে, প্ৰকৃত দেশপ্ৰেমে বহল অৰ্থত সমগ্ৰ বিশ্বৰে মানৱ প্রেমকে বুজায়। জাতীয় সমাজখন যদি প্ৰতিযোগিতাৰ বিপৰীতে সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত, গণতান্ত্ৰিক নীতিৰ ওপৰত যদি সুসংগঠিত, তেনেহ’লে আন্তৰ্জাতিক শান্তি স্থাপনৰ বাবে কৰা যুদ্ধ আধা জয় কৰা হয়। সমাজৰ সকলো অনুষ্ঠান যেনে—উৎপাদনৰ বিতৰণ, সলনা-সলনি, চৰকাৰী কার্য চলোৱা উপায়সমূহ, সংস্থা, বিদ্যালয় আৰু পৰিয়ালসমূহ গণতান্ত্ৰিক মতাদৰ্শৰ ভেটিত সংগঠিত কৰিব লাগিব আৰু ইয়াৰ যোগেদি সামাজিক উগ্ৰতাৰ হ্ৰাস কৰিব লাগিব। মানৱীয় সকলো সম্বন্ধ গণতান্ত্ৰিক নীতিৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব লাগিব, তেতিয়াহে সমাজত প্ৰকৃত শান্তি প্ৰতিষ্ঠিত হ’ব। 

প্ৰশ্ন ৯৪। শান্তিৰ বাবে শিক্ষাৰ লক্ষ্যসমূহ আলোচনা কৰা।(Discuss the goals of education for peace.)

উত্তৰঃ শান্তিৰ বাবে শিক্ষাৰ লক্ষ্যসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) শান্তিৰ বাবে শিক্ষাৰ লক্ষ্য হৈছে সকলো ব্যক্তিৰ ক্ষেত্ৰত শান্তিৰ সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ বাবে এটা বিশ্বজনীন মূল্যবোধৰ অনুভূতি জগাই তোলা আৰু বিশেষ প্ৰকৃতিৰ আচৰণ বিকাশ প্ৰাপ্ত কৰি তোলা।

(খ) স্বাধীনতাৰ প্ৰতি মূল্য দিবলৈ প্ৰয়োজনীয় সামৰ্থ্যৰ বিকাশ সাধন কৰা আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে চৰকাৰী শক্তি সামৰ্থ্যৰ বিকাশত অৰিহণা যোগোৱা। শান্তিৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য। 

(গ) ব্যক্তিসকলৰ, লিংগসমূহৰ, মানুহ আৰু সংস্কৃতিৰ মাজত থকা ভিন্নতাৰ কথা চিনাক্ত কৰিবলৈ আৰু সকলো পক্ষৰ মাজত থকা মূল্যসমূহ গ্ৰহণ কৰিবলৈ প্ৰয়োজন হোৱা সামৰ্থ্যৰ বিকাশ সাধন কৰা। সকলো পক্ষৰে ভিন্নতাৰ বিশেষত্ব উপলব্ধি কৰি আনৰ সৈতে যোগসূত্ৰ বৰ্তাই ৰখা, আনক শান্তনা দিয়া আৰু আনৰ সৈতে সহযোগিতা কৰাৰ সামৰ্থ্য বিকাশ প্ৰাপ্ত কৰা শান্তিৰ বাবে শিক্ষাৰ আন এটা বিশেষ লক্ষ্য। 

(ঘ) অহিংস পন্থাৰে দ্বন্দ্ব উপশম কৰা আৰু শিক্ষাৰ্থীসকলৰ মনত তেওঁলোকে যাতে সহনশীলতা, অনুকম্পা, জগাই লোৱা, ধাৰণ কৰাৰ বাবে মনৰ আভ্যন্তৰীণ শান্তিৰ উন্নতি ঘটাব পাৰে সেই দিশত সামৰ্থ্যৰ বিকাশ সাধন কৰা শান্তিৰ বাবে শিক্ষা আন এটা লক্ষ্য। 

(ঙ) সাংস্কৃতিক পৰম্পৰাসমূহৰ প্ৰতি সন্মান জনাবলৈ নাগৰিকসকলক শিকোৱা, পাৰিপাৰ্শ্বিক অৱস্থা ৰক্ষা কৰিবলৈ শিকোৱা আৰু বৰ্তাই ৰাখিব পৰা দিশলৈ আগুৱাই নিয়া উৎপাদনৰ পদ্ধতি আৰু ভোগৰ আৰ্হিসমূহ গ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় শিক্ষা আহৰণত সহায় আগবঢ়োৱা। 

(চ) নাগৰিকসকলৰ মাজত সকলো দিশৰ পৰা সুচিন্তিত পছন্দসমূহ নিৰ্বাচনৰ সামৰ্থ্য বিকাশপ্ৰাপ্ত কৰি লোৱাত সহায় আগবঢ়োৱা শান্তিৰ বাবে শিক্ষাৰ আন এটি বিশিষ্ট লক্ষ্য। 

(ছ) জাতীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত সংহতি আৰু নিৰপেক্ষতাৰ উপলব্ধিৰ উৎকৰ্ষ সাধন কৰা শান্তিৰ বাবে শিক্ষাৰ আন এটা প্ৰধান লক্ষ্য। 

প্ৰশ্ন ৯৫। শিক্ষাৰ আন্তৰ্জাতিক সন্মিলনৰ ঘোষণা অনুসৰি শান্তিৰ বাবে শিক্ষাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা। (Discuss the methods of peace education as announced in the International Conference on Education. )

উত্তৰঃ শিক্ষাৰ আন্তৰ্জাতিক সন্মিলনৰ ঘোষণা অনুসৰি শান্তিৰ বাবে শিক্ষাৰ পদ্ধতি হিচাপে আমি তলত দিয়া কাৰ্যাৱলী বাস্তৱায়িত কৰিব লাগিব—

(ক) শিক্ষাই শিক্ষাৰ্থীসকলৰ আৰু প্ৰাপ্তবয়স্কসকলৰ ব্যক্তিত্বৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিব লাগিব। এনে বিকাশৰ দ্বাৰা সকলোৱে লগৰ মানুহৰ অথবা ব্যক্তিসকলৰ প্ৰতি সন্মানৰ মনোভাৱ পোষণ কৰা আৰু শান্তি, মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ উন্নতিৰ প্ৰতি অধিক দৃঢ়ভাৱে দায়িত্ব পালন কৰিব লাগিব। 

(খ) শিক্ষা পদ্ধতিৰ ছোৱালীসকল আৰু মহিলাসকলৰ প্ৰতি থকা বৈষম্যৰ দৃষ্টিভংগী আঁতৰ কৰাৰ প্ৰত্যক্ষ ব্যৱস্থা ল’ব লাগিব। শিক্ষা প্ৰক্ৰিয়াৰ সহায়ত ছোৱালী তথা নাৰীসকলৰ সকলো প্ৰকাৰৰ সক্ষমতাৰ পূৰ্ণ বিকাশ সাধন কৰিব লাগিব। 

(গ) শিক্ষানুষ্ঠানসমূহত আন্তৰ্জাতিক বুজা-পৰাৰ মনোভাৱৰ বিকাশ সাধনৰ উপযুক্ত পৰিৱেশ সৃষ্টিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আন্তৰ্জাতিক বুজা-পৰাৰ ভাৱ-অনুভূতি বিকাশৰ মাজেৰে শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিবলৈ শান্তি আৰু মানৱ অধিকাৰৰ প্ৰতি সহনশীলতা আৰু সন্মানৰ মনোভাৱ বিকাশ প্ৰাপ্ত কৰি তোলাৰ বাবে শিক্ষানুষ্ঠানসমূহ উপযুক্ত ঠাই হিচাপে পৰিগণিত হ’ব লাগিব।

(ঘ) পাঠ্যক্ৰমৰ নৱীকৰণ, পাঠ্যপুথিৰ বিষয়বস্তুৰ পৰিৱৰ্তন, শিক্ষাৰ অন্যান্য বস্তু সামগ্ৰীসমূহ বাস্তৱমুখী কৰি তোলা, নতুন প্ৰযুক্তিমূলক উপায় আৰু সঁজুলিসমূহৰ  ব্যৱহাৰ আদিৰ মাজেৰে জ্ঞানৰ সংস্কৃতিৰ প্ৰতি মুকলি মনোভাৱ প্ৰদৰ্শন কৰিব পৰা, স্বাধীনতাৰ মূল্যৰ প্ৰশংসা কৰিব পৰা, মানৱ মৰ্যাদাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পৰা, নানা ধৰণৰ ভিন্নতাসমূহৰ প্ৰতি যুক্তিপূৰ্ণ মনোভাৱ প্ৰকাশ কৰিব পৰা, দ্বন্দ্বসমূহ প্ৰতিহত কৰিব পৰা সকলো বিৰোধ ভাৱ শান্তিপূৰ্ণ তথা অহিংস উপায়সমূহৰ সহায়েৰে প্ৰতিহত কৰিব পৰা প্ৰক্ৰিয়াসমূহৰ প্ৰতি গভীৰ মনোযোগ দিব লাগিব। 

(ঙ) আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা প্ৰক্ৰিয়াত নিয়োজিত হৈ থকা শিক্ষাবিদসকলৰ ভূমিকা আৰু কাম কৰা অৱস্থাসমূহৰ পৰিৱৰ্তন আৰু উন্নতি সাধন কৰিব লাগিব। এনে প্ৰক্ৰিয়াৰ সহায়েৰে শিক্ষা প্ৰক্ৰিয়াত অংশীদাৰ সকলো লোক যেনে শিক্ষক, পৰিকল্পনাকাৰী, আৰ্হি প্ৰস্তুতকাৰী সকলো লোকৰ বাবে চাকৰিকালীন আৰু প্ৰাক্ চাকৰিকালীন প্ৰশিক্ষণৰ ব্যৱস্থাকৰণৰ জৰিয়তে তেওঁলোকৰ বৃত্তীয় নীতিসমূহৰ উন্নতি ঘটাব লাগিব, তেওঁলোকৰ মাজত নাগৰিক সচেতনতা বঢ়াব লাগিব; সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰতি সন্মানবোধ জগাই তুলিব লাগিব, জাতীয় আচৰণ বিধিৰ প্ৰতি সচেতন কৰি তুলিব লাগিব আৰু আন্তৰ্জাতিকভাৱে স্বীকৃত মানৱ অধিকাৰৰ প্ৰতি লগতে মৌলিক স্বাধীনতাসমূহৰ প্ৰতি সচেতন দৃষ্টিভংগীৰ বিকাশ ঘটাব লাগিব। 

(চ) মানুহৰ শান্তি, মানৱ অধিকাৰসমূহ আৰু গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ নাগৰিক হিচাবে সকলো সক্ষমতাৰ অধিকাৰী কৰি তোলাৰ নতুন কৌশলসমূহ বিকাশ সাধন কৰি লোৱা প্ৰক্ৰিয়াক উৎসাহিত কৰি তুলিব লাগিব। সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰা ধৰণে শক্তিশালী ব্যক্তিত্ব বিকাশ প্ৰাপ্ত কৰি তোলাৰ বাবে এনে কৌশলসমূহ প্ৰয়োগ কৰিব লাগিব। 

প্ৰশ্ন ৯৬। “শিক্ষাৰ্থীসকলৰ মাজত শান্তি সৃষ্টি কৰা আৰু উন্নতিকৰণত শিক্ষকে মুখ্য ভূমিকা পালন কৰে।”- শান্তি উন্নতিকৰণত শিক্ষকৰ ভূমিকা আলোচনা কৰা। (‘Teachers play a key role in creating and improving peace among students’ – Discuss the role of teachers in promoting peace. )

উত্তৰঃ বৰ্তমান পৰিস্থিতিত শান্তিৰ বাবে শিক্ষা যথেষ্ট গুৰুত্বপূৰ্ণ। শিক্ষা মানুহৰ মানৱীয় ক্ষমতাসমূহৰ প্ৰণালীবদ্ধ আৰু পৰিকল্পিত বিকাশ সাধনত বিশেকভাৱে সহায় আগবঢ়ায়। শিক্ষা মানুহৰ জীৱন আৰু সভ্যতাৰ চালিকা শক্তি। সেইবাবে শিক্ষাবিদসকলে, শিক্ষকসকলে, নাগৰিকসকলে শান্তি প্ৰতিষ্ঠাৰ বাবে মুখ্য ভূমিকা পালন কৰে। শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ মাজত শান্তিৰ উন্নতিকৰণত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষকে শিক্ষাৰ্থীৰ মাজত শান্তিৰ উন্নতিকৰণৰ বাবে কিছু কৌশল অৱলম্বন কৰে। শিক্ষকসকলে পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত শান্তিৰ উন্নতিকৰণৰ কার্য সম্পাদন কৰে। পাঠ্যক্ৰমিক কাৰ্যসূচীৰ জৰিয়তে শান্তিৰ উন্নতিকৰণত শিক্ষকে পালন কৰা ভূমিকা সম্বন্ধে তলত সংক্ষেপে আলোচনা কৰা হ’ল—

প্ৰাথমিক পৰ্য্যায়ৰ বাবে (For the Primary stage – Class I to VIII) :- 

(ক) প্ৰাথমিক পৰ্যায়ত, ব্যক্তি জীৱনৰ নৈতিক মূল্যবোধৰ সৈতে সম্পৰ্কিত সাধুকথা আৰু গল্পৰ জৰিয়তে শিক্ষকসকলে শান্তিৰ উন্নতিকৰণত সহায় কৰিব পাৰে। 

(খ) শিক্ষকসকলে বিভিন্ন ধৰ্ম, অঞ্চল আৰু সংস্কৃতিৰ গল্প ক’ব পাৰে। 

(গ) শিক্ষকে শিক্ষাৰ্থীসকলক শান্তিৰ স্পষ্ট ধাৰণাৰ শিক্ষা দিব পাৰে। 

(ঘ) তেওঁ শিক্ষাৰ্থীসকলক শান্তিৰ প্ৰয়োজন আৰু গুৰুত্ব উপলব্ধিৰ জ্ঞান দিব পাৰে। 

(ঙ) শিক্ষকে শিক্ষাৰ্থীসকলক গৃহ, সমাজ আৰু বিশ্বত শান্তিৰ প্ৰতিষ্ঠৰ অৰ্থ বুজি পোৱাত সহায় কৰিব পাৰে। 

(চ) শিক্ষকে শান্তি প্ৰতিষ্ঠাৰ বাবে UNO, UNESCO ৰ কাৰ্যবোৰৰ বিষয়ে বিতংকৈ তেওঁৰ শিক্ষাৰ্থীসকলক বুজাব পাৰে। 

(ছ) শিক্ষকে শ্ৰেণীকোঠা আৰু শ্ৰেণীকোঠাৰ বাহিৰত  শান্তিপূৰ্ণভাৱে শিক্ষা লাভ কাৰ্যৰ বিষয়ে শিক্ষাদান কৰিব পাৰে। 

(জ) শিক্ষকে শিক্ষাৰ্থীসকলক যুদ্ধ আৰু হিংসাৰ কাৰণবোৰৰ বিষয়ে বুজাব পাৰে।

(ঝ) শিক্ষকে সংঘৰ্ষৰ কৌশলবোৰৰ বিষয়ে শিকাব পাৰে। তেওঁ শ্ৰেণীকোঠাত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সংঘৰ্ষৰ সমাধানৰ উপায় সম্বন্ধে শিক্ষা দিব পাৰে। 

(ঞ) শিক্ষকে ইতিহাস, ভূগোল, সংস্কৃতি ইত্যাদিৰ শিক্ষাদানৰ জৰিয়তে বিভিন্ন পৰম্পৰাৰ প্ৰতি সন্মানৰ মনোভাৱ বৃদ্ধি কৰাত সহায় কৰে।

 উচ্চ শিক্ষাত (In Higher Education – College and University) :- 

১। শিক্ষাৰ উচ্চ পৰ্যায়ত, শিক্ষকে শিক্ষাৰ্থীসকলক বিভিন্ন দেশৰ ভিন্ন সংস্কৃতিৰ শিক্ষাদানৰ জৰিয়তে শান্তিৰ ইতিহাস আৰু সংঘৰ্ষৰ ওপৰত বিতং জ্ঞান প্ৰদানত সহায় কৰিব পাৰে। 

২। শিক্ষকৰ নিৰ্দেশনাৰ অধীনত শান্তি আৰু শান্তি শিক্ষাৰ ওপৰত গৱেষণা কার্য আৰু প্ৰকল্পৰ কাম কৰিব পাৰে। 

৩। উচ্চ শিক্ষাৰ পৰ্যায়ত, শিক্ষকে শান্তি প্ৰতিষ্ঠাৰ ব্যৱহাৰিক প্ৰয়োগ সম্বন্ধে শিক্ষা দিব পাৰে যিবোৰৰ জ্ঞান তেওঁলোকে ইতিমধ্যে আহৰণ কৰিছে। 

সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ জৰিয়তে শান্তি উন্নতিকৰণত শিক্ষকৰ ভূমিকা সম্বন্ধে তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক)  শিক্ষকে বিদ্যালয়ৰ আলোচনী, ৰচনা প্ৰতিযোগিতা, একাংকীয়া নাট প্ৰতিযোগিতা আদিৰ মূলভাবৰ জৰিয়তে শান্তি পছন্দ কৰিব পাৰে। 

(খ) তেওঁ শিক্ষাৰ্থীসকলক শান্তিৰ ওপৰত গল্প, প্ৰৱন্ধ আৰু সংগীত নিৰ্বাচনৰ প্ৰতি প্ৰত্যাহ্বান জনাব পাৰে। 

(গ) শিক্ষকে শিক্ষাৰ্থীসকলক পৰিৱেশৰ যত্ন লোৱাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰে। 

(ঘ) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত শিক্ষকে কেম্প পাতি বা সমাজ সেৱাৰ কাৰ্যসূচী হিচাপে খাদ্য, কাপোৰ-কানি যোগান ধৰিব পাৰে।

(ঙ) মাজে সময়ে শিক্ষকে শিক্ষাৰ্থীৰ মাজত শান্তি উন্নতিকৰণৰ কথাছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰে। 

(চ) শিক্ষকে শান্তিৰ সৈতে সম্পৰ্কিত বিষয়ৰ ওপৰত তৰ্ক প্ৰতিযোগিতা, চেমিনাৰ আদি অনুষ্ঠিত কৰিব পাৰে। 

(ছ)  শিক্ষকে তেওঁৰ শিখাৰ্থীসকলক ৰেডক্ৰচ, স্কাউট-গাইড, এন.চি.চি; এন এচ.এচ.আদিৰ কার্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰে; যিবোৰে শান্তি উন্নতিকৰণত সহায় কৰে।

প্ৰশ্ন ৯৭। শান্তি শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা। (Mention the goals of peace education.)

উত্তৰঃ তলত শান্তি শিক্ষাৰ প্ৰধান লক্ষ্যসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) হিংসাৰ মূল প্ৰকৃতি তথা হিংসা সৃষ্টিকাৰী আৰু তাৰ বলি হোৱাৰ ফলাফল সম্পৰ্কে বুজাই দিয়া। 

(খ) শান্তিপূৰ্ণ, সৃষ্টিশীল সমাজৰ বাবে আৰ্হি সৃষ্টি কৰে।

(গ) মানুহৰ মাজত আৰু ৰাষ্ট্ৰৰ মাজত বিৰাজ কৰা অশান্তিপূৰ্ণ অৱস্থা সম্বন্ধে সচেতনতা বৃদ্ধি কৰা।

(ঘ) সমাজৰ ৰাজনৈতিক গঠনৰ লগতে ব্যক্তিৰ সংবোধন, মূল্যবোধ আৰু মনোভাৱত অন্তৰ্নিহিত সংঘৰ্ষ আৰু হিংসাৰ কাৰণসমূহ অনুসন্ধান কৰা। 

(ঙ) সম্ভাব্য অহিংসা দক্ষতা নাইবা বিকল্পৰ অনুসন্ধানত উৎসাহ যোগোৱা। 

(চ) ল’ৰা-ছোৱালী আৰু বয়স্কসকলক ব্যক্তিগত সংঘৰ্ষ নিৰ্ধাৰণ দক্ষতা আহৰণৰ বাবে প্ৰস্তুত কৰি তোলা। 

প্ৰশ্ন ৯৮। শান্তি শিক্ষাত শিক্ষকৰ ভূমিকা আলোচনা কৰা। (Discuss the role of teachers in peace education.)

উত্তৰঃ এখন ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত শিক্ষকসকলৰ গধুৰ দায়িত্ব থকা পৰিলক্ষিত হয়। সেইবাবে কোঠাৰী আয়োগে মত প্ৰকাশ কৰিছিল যে—”শ্ৰেণীকোঠাৰ চাৰি বেৰৰ মাজতে দেশৰ ভাগ্য নিৰ্মাণ কৰা হৈছে।” (The clustering of a nation is shaped inside the four wells of the Classroom)। শিক্ষকসকল  নৱপ্ৰজন্মৰ দাপোন স্বৰূপ আৰু শান্তিপূৰ্ণ পৰিৱেশ গঠনকাৰী কাৰ্যকৰী উপাদান। এগৰাকী শিক্ষকৰ প্ৰধান দায়িত্ব হ’ল প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্রীকে একো একো গৰাকী ভাল মানুহ হোৱাত সহায় কৰা; সিহঁতৰ প্ৰকৃত সম্ভাৱলীয়তাৰ কেৱল মাত্ৰ নিজৰ সুবিধাৰ বাবে নহয় সমগ্ৰ সমাজৰ উন্নতিৰ বাবে পৰিপূৰ্ণ বিকাশৰ বাবে অভিপ্ৰেৰত কৰা। 

তলত শান্তি শিক্ষা প্ৰদানত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ আৰু জীৱন জোৰা শিক্ষণৰ আৰ্হিস্বৰূপ হোৱা। 

(খ) ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ আশা-আকাংক্ষাৰ আৰু পাঠ্যক্রম বুজি উঠা। 

(গ) ছাত্ৰ-ছাত্ৰী, অভিভাৱক, সহযোগী আৰু সমাজৰ সদস্যসকলৰ মাজত ইতিবাচক সম্পৰ্ক আৰু দৃষ্টিভংগী ৰাখিব লাগিব। 

(ঘ) শিক্ষাৰ্থীসকলক বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ ভিতৰত এটা নিৰাপত্তা আৰু সমৰ্থনযোগ্য পৰিৱেশ প্ৰদান কৰিব লাগিব। 

(ঙ) অৰ্থপূৰ্ণ নিৰ্দেশনাত্মক আৰু মূল্যায়ন কৌশলৰ আৰ্হি প্ৰস্তুত কৰিব লাগিব আৰু ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিব লাগিব। 

(চ) শিক্ষাৰ্থীসকলৰ প্ৰত্যাহ্বানসমূহ সিহঁতৰ সম্ভাৱলীয়তাৰে ঢুকি পাবলৈ আৰু স্বতন্ত্ৰতাৰ বাবে যত্নপৰ হ’ব লাগিব। 

(ছ) পৰিস্থিতি অনুসৰি অনুশাসন কটকটীয়া আৰু আশাজনক কৰি তুলিব লাগিব। 

(জ) শিক্ষাৰ্থীসকলক স্থানীয় আৰু গ্লোৱেল সম্প্ৰদায়ৰ প্ৰতি সিহঁতৰ ভূমিকা অনুমোদিত আৰু বুজি উঠাত শিক্ষকে সহায় কৰিব লাগিব। 

(ঝ) শিক্ষাদানৰ সমগ্ৰ কাৰ্যসূচীতে শান্তি আৰু হিংসাৰ সৈতে জড়িত সকলো সমস্যা শিক্ষকসকলে বুজি উঠিব লাগিব।

(ঞ) শান্তি শিক্ষাৰ লক্ষ্য আৰু মূল প্ৰকৃতি সম্বন্ধে শিক্ষকসকলৰ সামগ্ৰিক জ্ঞান থাকিব লাগিব।

(ট) শিক্ষকসকলে পৃথক সমাজত দিনক দিনে বৃদ্ধি হোৱা কুসংস্কাৰ, সংঘৰ্ষ আৰু হিংসা আদি চম্ভালিব লাগিব।

সামৰণিত আমাৰ দেশৰ ৰাষ্ট্ৰপতি A.P.J আব্দুল কালামে শান্তি সম্বন্ধে উল্লেখ কৰা মন্তব্যটো উল্লেখ কৰিব পাৰি। তেওঁ এগৰাকী বুদ্ধ ভিক্ষুকৰ পৰা লাভ কৰা বাৰ্তা এটাৰ কথা উল্লেখ কৰিছিল যে—”যদি আপুনি শান্তি বিচাৰে, ‘মই’ আৰু ‘মোৰ’ আঁতৰাব লাগিব, যেতিয়া আপুনি ‘মই’ আৰু ‘মোৰ’ আঁতৰাব, আপুনি ‘ইগো’ আঁতৰাব পৰিব। যেতিয়া আপুনি শত্ৰুতা আঁতৰাব পাৰিব আপুনি শান্তি লাভ কৰিব।” (“It you went peace, remove ‘I’ and ‘Me’ When you remove I and Me, you remove ‘Ego’, When you remove Ego, you remove hatred. When you remove hatred you have peace.”)  ১৯৯৩ চনত জেকচ ডেলৰ (Jacques Delor) নেতৃত্বত গঠিত আন্তৰ্জাতিক শিক্ষা কমিচনৰ ‘Learning: The Treasure within’ শীৰ্ষৰ প্ৰতিবেদনৰ শিক্ষাৰ উদ্দেশ্যসমূহক চাৰিটা মূল স্তম্ভটোত (Four Pillar) হিচাপে উল্লেখ কৰিছিল। তাৰ তৃতীয় স্তম্ভটোত দলবদ্ধ জীৱন যাপনৰ শিকনৰ (Learning live together) ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। তাত উল্লেখ কৰা হৈছিল যে—”একেলগে কাম কৰো, চিন্তা কৰো আৰু সফলতা লাভ কৰো আহা য’ত কোনো পাৰস্পৰিক হিংসা নাথাকিব।”

“Let us work together

Think together

Achieve together

With no hatred to each other.”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top