Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান

Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান

Join Telegram channel

Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্ন ৫৭। মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা পাঠ্যক্ৰমৰ পৰামৰ্শৱলীয়ে শিক্ষাত কেনে ধৰণৰ প্ৰভাৱ পেলায় বৰ্ণনা কৰা । (Describe the impact of the curriculum recommendation given by the Secondary education commission on education.)

উত্তৰঃ এই প্ৰসংগত প্ৰথমেই উল্লেখ কৰিব লাগিব যে, আগেয় আগবঢ়োৱা পৰামৰ্শৱলী সম্পূৰ্ণৰূপে দোষমুক্ত নতুবা সমালোচনা মুক্ত নহয়। কোৱা হয় যে আয়োগে দিয়া পৰামৰ্শৱলী বাস্তৱ ভিত্তিক অথবা বাস্তৱত কাৰ্যকৰী কৰি তুলিব পৰা নাছিল। ভাৰতীয় শিক্ষা পৰিৱেশত, বিশেষকৈ মাধ্যমিক স্কুলৰ বৈষয়িক দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত তেনে এখন উন্নতমানৰ পাঠ্যক্ৰম কাৰ্যকৰী কৰি তোলাটো সম্ভৱপৰ যে নহয়, তাক পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন আছিল। সেয়েহে দেখা যায় যে, আয়োগৰ পৰামৰ্শৱলী বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰিবলৈ যাওঁতে অধিক খেলিমেলিৰহে সৃষ্টি কৰি তোলা হয়।

পাঠ্যক্ৰমত বহুতো নতুন নতুন বিষয় আৰু বিজ্ঞান আৰু কাৰিকৰী বিষয় অন্তৰ্ভুক্ত কৰা হয়। কিন্তু এইসমূহ শিক্ষা দিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ বিশেষ অভাৱ আছিল। ফলত বিষয়সমূহ স্কুলত খুলিব পৰা নহ’ল। ছাত্ৰ-শিক্ষকসকলৰ সহায়ৰ বাবে উপযুক্ত পাঠ্যপুথি, হাতপুঠি আদিৰ বিশেষ অভাৱ অনুভৱ কৰা হয়। কাৰিকৰী বিষয়সমূহ আঞ্চলিক ভাষাত ছাত্ৰক শিক্ষা দিয়াটোও সমস্যাৰূপে দেখা দিয়ে। এই বিষয়সমূহৰ শিক্ষাৰ বাবে স্কুলত পৰীক্ষাগাৰ, প্ৰয়োগশালা অতিৰিক্ত শিক্ষক আৰু শ্ৰেণীকক্ষ আদি স্থাপন আৰু নিযুক্তিৰ প্ৰয়োজন হয়, যি বিশেকভাৱে আৰ্থিক ব্যয় সাপেক্ষে আছিল। এনে আৰ্থিক বোজা বহন কৰিব নোৱাৰাৰ বাবে বহুতো হাইস্কুল, উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰিব পৰা নগ’ল। ফলত পুৰণি দহ বছৰীয়া পাঠ্যক্ৰম ব্যৱস্থাই চলি থাকে, নতুনকৈ উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা স্কুলসমূহেও বিভিন্ন সীমাবদ্ধতাৰ বাবে আশানুৰূপ ফল লাভ কৰি উঠিব নোৱাৰিলে। 

প্ৰশ্ন ৫৮। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ১৯৮৬ চনৰ নতুন শিক্ষানীতিয়ে কেনে ধৰণৰ পৰামৰ্শ আগবঢ়াইছিল বৰ্ণনা কৰা। (Describe the new education policy of 1986 for secondary education. )

উত্তৰঃ মাধ্যমিক বিদ্যালয়ৰ :- মাধ্যমিক পৰ্যায়ৰ শিক্ষাই ছাত্ৰক মানৱীয় বিষয়, বিজ্ঞান আৰু সমাজবিজ্ঞানৰ বিষয়সমূহৰ ভূমিকাৰ লগত পৰিচয় কৰাই দিব লাগে। ইতিহাস অধ্যয়ন কৰি ছাত্ৰসকলৰ মনত জাতীয়তাবাদ আৰু সু-নাগৰিকৰ ধাৰণা আৰু কৰ্তব্যবোধৰ ভাৱ জাগৰণৰো ই হৈছে এক উপযুক্ত সময়। বিশিষ্ট শিক্ষানুষ্ঠানৰ যোগেদি এই পৰ্যায়ৰ শিক্ষা বৃত্তিমূখী অথবা সাধাৰণ পাঠ্যক্ৰম পুনৰ সংগঠন কৰি ইয়াৰ শিক্ষা অৰ্থনৈতিক বিকাশৰ বাবে সম্পদ গঢ়ি তুলিব পৰা বিধৰ কৰি তোলা হ’ব। মাধ্যমিক শিক্ষাৰ প্ৰসাৰ লাভ কৰাই ইয়াক সকলোৰে বাবে সহজসাধ্য কৰি তোলা হ’ব।

শিক্ষাৰ এই পৰ্যায়ৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ প্ৰস্তাৱকেইটা তলত উল্লেখ কৰা হ’ল—

(ক) নবোদয় বিদ্যালয় :- যিবোৰ ছাত্ৰৰ বিশেষ গুণ আৰু প্ৰতিভা থাকে তেওঁলোকৰ উন্নত শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষাৰ বিশেষ সুবিধা দিব পৰাকৈ এইবিধ স্কুল স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ যোগেদি বৌদ্ধিকভাৱে উন্নত গুণমানৰ ছাত্ৰই যাতে দৰিদ্ৰতাৰ বাবে ভাল শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা নহয়, তাৰ ওপৰত গুৰুত্ব দিয়া হয়। এনে স্কুল দেশৰ বিভিন্ন অঞ্চলত স্থাপন কৰা হ’ব আৰু ইয়াৰ মূল আদৰ্শ হ’ব চৰম উৎকৰ্ষ সাধন। এইবিধ স্কুলে বিশেষ যোগ্যতাসম্পন্ন অথচ পিছৰ পৰা অঞ্চলৰ পৰা অহা ছাত্ৰসকলক শিক্ষাৰ বিশেষ সুবিধা দান কৰিব পাৰিব ইয়াৰ যোগেদি দেশৰ জাতীয় সংহতি ভবাৰো বিকাশ সাধন হ’ব। দেশৰ বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰসকলে একেলগে থাকি আৰু শিক্ষা লাভ কৰি নিজ যোগ্যতা আৰু ক্ষমতাসমূহৰ উপযুক্ত পৰিৱেশ পাব পাৰিব।

(খ) শিক্ষা বৃত্তিমুখীকৰণ :- মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ ব্যৱস্থাই দেশৰ অৰ্থনৈতিক বিকাশৰ ওপৰত জনশক্তি বৃদ্ধি কৰি তুলিব পাৰিব। বৃত্তিমুখী শিক্ষাৰ যোগেদি ছাত্ৰসকলক ব্যৱসায়িক দিশৰ বাবে উপযুক্ত কৰি তোলা হ’ব। সাধাৰণতে ইয়াৰ পাঠ্যক্ৰম মাধ্যমিক শিক্ষা শেষ কৰাৰ পাছতহে আৰম্ভ কৰা হ’ব। কৃষি আদি বিষয়ৰ ক্ষেত্ৰতো বৃত্তীয় শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি তোলা হ’ব। ছাত্ৰসকলৰ মনোভাৱ, জ্ঞান-অভিজ্ঞতা, কৰ্ম-পটুতা, স্ব-নিয়োজন ক্ষমতা আদি বৃদ্ধি কৰি তোলাৰ চেষ্টা কৰা হ’ব। বৃত্তীয় শিক্ষানুষ্ঠান স্থাপনৰ দায়িত্ব চৰকাৰ আৰু শিল্পপতিসকলৰ যুটীয়া দায়িত্ব স্বৰূপে পৰিগণিত হ’ব। প্ৰস্তাৱ কৰা হয় যে এই বৃত্তীয় পাঠ্যক্ৰম ১৯৯০ চনৰ ভিতৰত উচ্চতৰ মাধ্যমিক স্কুলৰ শতকৰা দহ ভাগ ছাত্ৰই গ্ৰহণ কৰাটো সম্ভৱপৰ কৰি তোলা হ’ব। 

প্ৰশ্ন ৫৯। লৰ্ড কাৰ্জনে উচ্চ শিক্ষা বা বিশ্ববিদ্যালয় শিক্ষাৰ উন্নতিৰ বাবে কি কি পৰামৰ্শ আগবঢ়াইছিল ? (What suggestions did Lord Curzon make to improve higher education and university education ? )

উত্তৰঃ লৰ্ড কাৰ্জনে বিশ্ববিদ্যালয়সমূহে প্ৰকৃত উচ্চ শিক্ষা ছাত্ৰ -ছাত্ৰীক প্ৰদান কৰাতো বিচাৰিছিল। সেয়েহে তেওঁ ১৯০২ চনত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ উন্নতিৰ বাবে এখন আয়োগ গঠন কৰিছিল।

ইয়াৰ পৰামৰ্শসমূহ হ’ল :-

(ক) প্ৰতিখন বিশ্ববিদ্যালয়ে উপযুক্ত গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰিব, বিজ্ঞানাগাৰ আৰু ছাত্ৰাবাস নিৰ্মাণ কৰিব।

(খ) নিম্ন স্নাতক পৰ্যায়ৰ শিক্ষাদানৰ দায়িত্ব কলেজবোৰৰ হাতত ৰখা হ’ব আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ে নিজস্ব শিক্ষক নিয়োগ কৰিব। 

(গ) মহাবিদ্যালয়ে অনুমোদন পাবলৈ হ’লে চৰকাৰৰ কিছুমান চৰ্ত মানিব লাগিব। 

(ঘ) নিকৃষ্ট মহাবিদ্যালয়বোৰে যদি নিজৰ অৱস্থা উন্নত কৰিব নোৱাৰে তেন্তে সেইবোৰ উচ্চ স্কুলত পৰিণত কৰিব লাগিব। 

(ঙ) বিশ্ববিদ্যালয়ৰ এলেকা সীমাবদ্ধ কৰা হ’ব আৰু নতুন কোনো বিশ্ববিদ্যালয় ভাৰতত প্ৰতিষ্ঠিত নহ’ব।

(চ) কলা আৰু বিজ্ঞান বিভাগৰ উপাধি বেলেগে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব।

১৯০২ চনত বিশ্ববিদ্যালয় আয়োগে প্ৰতিবেদন দিয়াৰ পাছত ১৯০৪ চনত বিশ্ববিদ্যালয় আইনখন পাছ হ’ল। 

এই আইনৰ প্ৰধান দফাবোৰ হ’ল :-

(i) বিশ্ববিদ্যালয়ৰ কার্য আৰু দায়িত্ব বৃদ্ধি কৰা হ’ল আৰু শিক্ষাদান, গৱেষণা আৰু পৰিচালনা আদিৰ দায়িত্ব অধ্যাপকসকলৰ ওপৰত দিয়া হ’ল।

(ii)  চিনেটৰ সদস্য সংখ্যা কম কৰা হ’ল। 

(iii)  পুৰণি বিশ্ববিদ্যালয়ত বিশ জন আৰু নতুন দুখন বিশ্ববিদ্যালয়ত পোন্ধৰজনকে নিৰ্বাচিত ফেলো কৰা হ’ল। 

(iv)  কলেজসমূহ নিয়মিত পৰিদর্শনৰ ব্যৱস্থা কৰা হ’ব। 

(v)  বিশ্ববিদ্যালয়ৰ যথেষ্ট সংখ্যক শিক্ষক প্ৰতিনিধিৰ আসনৰ ব্যৱস্থা কৰা হ’ল।

(vi)  বিশ্ববিদ্যালয়ৰ যিবিলাক চৰ্ত অনুমোদনৰ বাবে মানিব লগা হ’ব সেইবোৰ বিশ্ববিদ্যালয় আইনত নির্দ্ধাৰিত কৰা হ’ল।

প্ৰশ্ন ৬০। ১৯৪৪ চনৰ জন চাৰ্জেন্টৰ প্ৰগতিমূলক আঁচনিৰ তাৎপৰ্য বিচাৰ কৰা। ইয়াৰ প্ৰধান পৰামৰ্শবিলাক কি আছিল ? (Consider the significance of John Sargent’s progressive scheme of 1944. What were its main suggestions ?)

উত্তৰঃ ভাৰত চৰকাৰে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ যুদ্ধোত্তৰ শিক্ষা ব্যৱস্থাৰ কাৰণে শিক্ষা উপদেষ্টা পৰিষদৰ সভাপতি চাৰ জন চাৰ্জেন্ট যুদ্ধোওৰ ভাৰতৰ এখন শিক্ষা পৰিকল্পনা চৰকাৰক দাখিল কৰে। চাৰ জন চাৰ্জেন্টৰ নামেৰেই যুদ্ধোওৰ কালৰ ১৯৪৪ চনৰ প্ৰগতিমূলক আচঁনিখনৰ নাম চাৰ্জেন্ট কমিটিৰ প্ৰতিবেদন ৰখা হয়।

চাৰ্জেন্ট পৰিকল্পনাখনেই আছিল জাতীয় শিক্ষা ব্যৱস্থাৰ সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ পৰিকল্পনা। ইয়াত শিক্ষাৰ একেবাৰে নিম্নস্তৰৰ পৰা উচ্চ স্তৰলৈকে বিভিন্ন পৰ্যায়ৰ শিক্ষামূলক পৰামৰ্শ দাঙি ধৰা হৈছিল। এই প্ৰতিবেদনত ইয়াৰ উদ্দেশ্য সম্পৰ্কে কোৱা হৈছিল যে, “অহা ৪০ বছৰৰ ভিতৰত শিক্ষাৰ কৃতিত্ব আৰু মানদণ্ডৰ ক্ষেত্ৰত ভাৰতবৰ্ষই ইংলেণ্ডৰ সম পৰ্যায়লৈ অনাটো হ’ব এই শিক্ষা পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য।

যুদ্ধোওৰ কালৰ ১৯৪৪ চনৰ প্ৰগতিমূলক আঁচনিৰ অৰ্থাৎ চাৰ্জেন্ট আঁচনিৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৱলী তলত উল্লেখ কৰা হ’ল।

প্ৰাথমিক শিক্ষা সম্পৰ্কত পৰামৰ্শ :-

(ক) প্ৰাথমিক শিক্ষাৰ মুখ্য উদ্দেশ্য হ’ব শিশুক জ্ঞানদান কৰাতকৈ সামাজিক আচৰণ আৰু শৃংখলাৰ শিক্ষা দান কৰা। 

(খ) উচ্চ বুনিয়াদী বিদ্যালয়সমূহত সমূহীয়া জীৱনধাৰা, শৰীৰ শিক্ষা আৰু খেলা-ধূলাৰ ব্যৱস্থা থাকিব। 

(গ) ৫ বা ৬ বছৰীয়া ল’ৰা-ছোৱালী উভয়ৰে বাবে বাধ্যতামূলক অবৈতনিক প্ৰাথমিক শিক্ষাৰ প্ৰবৰ্তন। এই প্ৰাথমিক শিক্ষাৰ দুটা স্তৰ হ’ব নিম্ন বুনিয়াদী স্তৰ আৰু উচ্চ বুনিয়াদী স্তৰ।

(ঘ) বুনিয়াদী শিক্ষাৰ শিল্প নিৰ্বাচন স্থানীয় শিল্পসকললৈ হ’ব লাগিব। 

(ঙ) শিক্ষা প্ৰদানৰ লিখা পঢ়া আৰু গণিতত অধিক গুৰুত্ব নিদি সাধাৰণ শিক্ষাৰ প্ৰতিহে চকু ৰাখিব লাগিব। 

(চ) নিম্ন আৰু উচ্চ বুনিয়াদী দুয়ো স্তৰতে শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব।

(ছ)  নিম্ন বুনিয়াদী স্তৰত ইংৰাজী শিকাব নালাগে। প্ৰাদেশিক চৰকাৰৰ মত সাপেক্ষে উচ্চ বুনিয়াদী স্তৰত ইংৰাজী হ’ব পৰা যাব। 

(জ) প্ৰাথমিক শিক্ষাৰ আগতে ৩-৪ বছৰীয়া শিশুৰ বাবে প্ৰাক্-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 

(ঝ) শিক্ষকক নিয়োগ, প্ৰশিক্ষণ আৰু চাকৰি বিধি উচ্চ মানৰ হ’ব লাগিব। 

(ঞ) প্ৰশিক্ষণপ্ৰাপ্ত মহিলা শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। 

(ট) বহিঃ পৰীক্ষাৰ ব্যৱস্থা থাকিব নালাগে ম কৃতকাৰ্য হোৱা ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা থাকিব।

মাধ্যমিক শিক্ষা সম্পৰ্কত পৰামৰ্শ :-

(ক) প্ৰাথমিক স্তৰৰ পাছত মাধ্যমিক শিক্ষা সাতবছৰীয়া হ’ব। 

(খ) ছোৱালীৰ কাৰণে দুয়োধৰণৰ স্কুলত ঘৰুৱা বিজ্ঞান শিকোৱাৰ ব্যৱস্থা থাকিব।

(গ) ল’ৰা-ছোৱালীয়ে বিশেষ নিৰ্বাচনৰ মাজেৰে মাধ্যমিক শিক্ষা লাভ কৰিব পাৰিব। নিম্ন বুনিয়াদী বিদ্যালয়ৰ মাত্ৰ কুৰি শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মাধ্যমিক স্কুললৈ আহিব পাৰিব। 

(ঘ) মাধ্যমিক স্কুলত প্ৰৱেশ কৰা সকলো ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে ১৪ বছৰ বয়সলৈকে এনে বিদ্যালয়ত থাকিব। ১৪ বছৰ পাৰ হোৱাৰ পিছতো যাতে এনে ছাত্ৰ-ছাত্ৰীয়ে স্কুল এৰি নাযায় তালৈ চকু দিব লাগিব। 

(ঙ) কাৰিকৰী স্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক নীতি গ্ৰহণ কৰা হ’ব। দেশৰ শিল্পান্নুয়নৰ দিশলৈ লক্ষ্য ৰাখি এই স্কুল প্ৰতিষ্ঠা আৰু পৰিচালনা দুয়োটাই কৰিব লাগিব। 

(চ) অকল যোগ্যতা থকা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবেহে হাইস্কুলৰ শিক্ষা ব্যৱস্থা কৰা হ’ব। ১১-১৭ বছৰীয়া এনে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে দুই প্ৰকাৰৰ হাইস্কুল যেনে–সাধাৰণ বা শিক্ষণধৰ্মী হাইস্কুল আৰু কাৰিকৰী হাইস্কুল থাকিব। 

(ছ) মাতৃভাষাৰ শিক্ষাৰ মাধ্যম হ’ব আৰু ইংৰাজী ভাষাক দ্বিতীয় বাধ্যতামূলক ভাষা হিচাপে স্বীকৃতি দিয়া হ’ব। 

(জ) সাধাৰণ সাহিত্যধৰ্মী হাইস্কুলবোৰত কলাবিদ্যা আৰু বিজ্ঞানশিক্ষাৰ ব্যৱস্থা থাকিব। কাৰিকৰী হাইস্কুলত প্ৰয়োগ বিজ্ঞান শিক্ষাৰ আৰু শিল্প বাণিজ্য বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা থাকিব। শিক্ষাৰ পাঠ্যক্ৰমত চাৰুকলা আৰু সংগীত প্ৰয়োজনীয় বিষয় হোৱাৰ উপৰিও ছোৱালীৰ কাৰণে ঘৰুৱা বিজ্ঞান অন্তৰ্ভুক্ত কৰিব লাগে। 

(ঝ) বৃত্তি শিক্ষাৰ বাবে ট্ৰেডচ স্কুল, কাৰিকৰী উচ্চ বিদ্যালয়, উচ্চতৰ কাৰিকৰী বিদ্যালয় আৰু উচ্চতৰ কাৰিকৰী শিক্ষা বিদ্যালয়ৰ অন্তৰ্ভুক্ত হ’ব।

বিশ্ববিদ্যালয় শিক্ষা সম্পৰ্কত পৰামৰ্শ :-

(ক) বিশ্ববিদ্যালয়ৰ শিক্ষাকাল হ’ব তিনিবছৰীয়া। 

(খ) বিশ্ববিদ্যালয় অনুদান আয়োগ প্ৰতিষ্ঠা কৰিব লাগিব। 

(গ) বৰ্তমান ইণ্টাৰমেডিয়েট স্তৰৰ বিলুপ্তি ঘটাব লাগে। ইয়াৰ প্ৰধান বছৰটো হাইস্কুলৰ লগত আৰু দ্বিতীয় বছৰটো বিশ্ববিদ্যালয়ৰ লগত সাঙুৰি দিয়া হ’ব।

(ঘ) দুখীয়া ছাত্ৰ-ছাত্রীলৈ উপযুক্ত সাহায্যৰ ব্যৱস্থা কৰিব লাগিব। 

(ঙ) গৱেষণাসমূহৰ মান যাতে উচ্চখাপৰ হয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগিব। 

(চ) শিক্ষকৰ চাকৰিবিধি আৰু উন্নত বেতনৰ ব্যৱস্থা বিশ্ববিদ্যালয় আৰু কলেজসমূহত কৰিব লাগিব যাতে উপযুক্ত লোকে এই পদসমূহলৈ আকৰ্ষিত হয়।

(ছ) উচ্চ শিক্ষাৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা উচিত। 

চাৰ্জেন্ট কমিটিয়ে ভাৰতবৰ্ষৰ শিক্ষাৰ মানদণ্ড উচ্চ স্তৰৰ কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতৰ শিক্ষাৰ ইতিহাসত এই কমিটিৰ প্ৰতিবেদন সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ আছিল। স্বাধীন ভাৰতৰ শিক্ষা পৰিকল্পনাৰ উপকৰণ এই সুবৃহৎ আৰু ব্যাপক প্ৰতিবেদনৰ পৰা গ্ৰহণ কৰা হৈছিল। 

চাৰ্জেন্ট কমিটিয়ে, কামৰ মাজেৰে শিক্ষাৰ আধুনিক নীতি গ্ৰহণ কৰি বুনিয়াদী আঁচনিৰ বহুখিনি সমৰ্থন কৰিছিল। কিন্তু কামৰ মাজেৰে উৎপাদিত বস্তুৰ বিক্ৰী কেৱল মাত্ৰ কেঁচামাল আৰু আহিলাপাতি কিনাৰ ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছিল।

প্ৰশ্ন ৬১। বিভিন্ন প্ৰকাৰৰ দেশীয় শিক্ষানুষ্ঠানৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the different types of indigenous education programs ?)

উত্তৰঃ ঊনৈশ শতিকাৰ আৰম্ভণিতে ভাৰতত দেশীয় শিক্ষা দানৰ বিভিন্ন অনুষ্ঠান আছিল। এইসমূহক তাৰ শিক্ষাদানৰ বৈশিষ্ট্যৰ ফালৰ পৰা সাধাৰণভাৱে তিনিটা ভাগত বিভক্ত কৰিব পাৰি। 

এইসমূহৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ’ল—

(ক) প্ৰাচীন ভাষা শিক্ষাৰ স্কুল :- এইবিধ বিদ্যালয়ৰ ভিতৰত হিন্দুৰ পাঠশালা আৰু উচ্চ শিক্ষাৰ সংস্কৃত টোলসমূহ আৰু মুছলমানসকলৰ মক্তাৰ আৰু মাদ্ৰাছা আদি অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াত ধর্মীয় শিক্ষাৰ ব্যৱস্থা আছিল, য’ত পণ্ডিত আৰু মৌলৱীসকলে শিক্ষা পৰিচালনা কৰিছিল। শিক্ষাৰ মাধ্যম আছিল পুৰণি সংস্কৃত আৰু ফাৰ্চী ভাষা। ইয়াৰ শিক্ষকসকল আছিল একো একোজন নাম কৰা পণ্ডিত লোক আৰু শিক্ষকতা কৰাটো আছিল তেওঁলোকৰ ধর্মীয় কৰ্তব্য স্বৰূপ। এনেবিধ শিক্ষানুষ্ঠান সচৰাচৰ মন্দিৰ আৰু মছজিদৰ সংলগ্ন আছিল। অৱশ্য কেতবোৰ অনুষ্ঠানৰ নিজাকৈ স্কুল ঘৰো আছিল। ৰজা ঘৰৰ দান-বৰঙণিৰ উপৰি স্থানীয় অৱস্থাপন্ন আৰু ধাৰ্মিক লোকসকলৰ আৰ্থিক সাহায্যৰ যোগেদি ইয়াৰ শিক্ষা পৰিচালিত হৈছিল। ৰজাই এনে শিক্ষা ব্যৱস্থাত কোনো হস্তক্ষেপ কৰা নাছিল। প্ৰাচীন ভাষা শিক্ষাৰ এই স্কুলসমূহৰ শিক্ষা সেয়েহে সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনমূখী নাছিল। এইসমূহ স্কুলৰ পুৰণি ভাৱধাৰা, সংৰক্ষণশীল মনোভাৱ আৰু আওপুৰণি শিক্ষাদান পদ্ধতিৰ বাবে পৰিৱৰ্তিত সময় আৰু পৰিস্থিতিত খাপ খাই উঠিব পৰা নাছিল।

(খ) দেশীয় প্ৰাথমিক স্কুল :- এইবিধ স্কুল সৰ্বসাধাৰণ লোকৰ আৰ্থ-সামাজিক প্ৰয়োজন পূৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰি তোলা হৈছিল। ধর্মীয় অনুভূতি আৰু প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে সমাজৰ সকলো শ্ৰেণী লোকৰ ছাত্ৰই ইয়াত শিক্ষাৰ সুবিধা পাইছিল। আধুনিক ভাৰতীয় ভাষাসমূহ ইয়াৰ শিক্ষাৰ মাধ্যম আছিল আৰু লিখা-পঢ়া আৰু সংখ্যা জ্ঞান দিয়াৰ মাজতেই ইয়াৰ অভিজ্ঞতা আবদ্ধ আছিল। ইয়াৰ শিক্ষকসকল প্ৰাচীন ভাষাৰ দেশীয় স্কুলবোৰৰ দৰে নাম কৰা পণ্ডিত লোক নাছিল। শিক্ষাৰ পাৰিশ্ৰমিক অতি সামান্য হোৱা বাবে তেওঁলোকে শিক্ষকতাৰ উপৰিও আন আন ব্যৱসায় বৃত্তি কৰি জীৱন নিৰ্বাহ কৰিছিল। সমাজৰ লোকৰ ধর্মীয় প্ৰয়োজন পূৰণ কৰাটো তেওঁলোকৰ উদ্দেশ্য নাছিল। সমাজৰ ধনী আৰু অৱস্থাপন্ন লোক আৰু জমিদাৰসকলৰ দান-বৰঙণিৰে এইবিধ স্কুলৰ আৰ্থিক প্ৰয়োজন পূৰণ কৰা হৈছিল। ৰজা ঘৰে বা চৰকাৰে ইয়াৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা নাছিল। সেইবাবে ইয়াৰ শিক্ষা সা-সঁজুলিবোৰ অতি সাধাৰণ বিধৰ আছিল আৰু শিক্ষাদান অতি সামান্য আৰু অনুষ্টুপীয়া বিধৰ আছ। ইয়াতো হৰিজন ল’ৰা-ছোৱালীৰ বাবে শিক্ষা নিষিদ্ধ আছিল। উল্লেখযোগ্য যে শিক্ষকৰ অবৰ্তমানত এইবিধ স্কুলত উচ্চ শ্ৰেণীৰ ছাত্ৰই নিম্ন শ্ৰেণীৰ ছাত্ৰক শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। ইয়াৰ পৰাই বিখ্যাত মণিটৰিয়েল প্ৰথাৰ সৃষ্টি হৈছিল।

(গ) ব্যক্তিগত অথবা পাৰিবাৰিক অনুষ্ঠান :- এইবিধ শিক্ষাকেন্দ্ৰক প্ৰকৃত অৰ্থত স্কুল বুলিব নোৱাৰি। কাৰণ ইয়াৰ শিক্ষা ব্যক্তিগতভাৱে পৰিয়ালৰ মাজতেই আবদ্ধ আছিল। সমাজৰ উচ্চ শ্ৰেণীলোকৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে পিতৃ-মাতৃয়ে নিজ ঘৰতেই গৃহ শিক্ষকৰ ব্যৱস্থা কৰিছিল। এইসকল লোকৰ ভিতৰত উচ্চ পদস্থ ৰাজকীয় পৰিয়াল, জমিদাৰসকল আৰু ব্যৱসায়ী লোকসকল উল্লেখযোগ্য। এই পৰিয়ালসকলে তেওঁলোকৰ বংশ পৰম্পৰাৰে সমাজত বিশিষ্ট স্থান অধিকাৰ কৰিছিল আৰু তাৰ বংশানুক্ৰমে ৰক্ষাৰ বাবে পৰিয়ালত তাৰ প্ৰয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিছিল। সৰ্বসাধাৰণ লোকৰ ল’ৰা-ছোৱালীয়ে গ্ৰহণ কৰা স্কুলৰ সাধাৰণ শিক্ষা তেওঁলোকৰ গ্রহণযোগ্য নাছিল। উচ্চ বংশৰ পৰিয়ালৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি চলাটোৱেই  এইবিধ গৃহশিক্ষা কেন্দ্ৰৰ প্ৰধান উদ্দেশ্য আছিল।

প্ৰশ্ন ৬২। বৰ্তমান সময়ত দেশীয় শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Briefly discuss the relevance of indigenous education at present.)

উত্তৰঃ দেশৰ শিক্ষা সংস্কাৰ সাধনৰ বেলিকা আৰু প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তোলাৰ প্ৰসংগত বৰ্তমান আমাৰ পুৰণি দেশীয় শিক্ষা ব্যৱস্থাৰ প্ৰাসংগিকতাৰ প্ৰতি স্বাভাৱিকতেই দৃষ্টি নিক্ষেপ কৰা হয়। এইক্ষেত্ৰত বিভিন্ন মহলত সচেতনতা আৰু তৎপৰতা পৰিলক্ষিত হ’ব। এই কথা ক্ৰমে উপলব্ধি কৰি উঠা হৈছে যে দেশৰ শিক্ষা নীতি আৰু পদ্ধতি সৰ্বসাধাৰণ লোকৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পৰা বিচ্ছিন্ন হ’ব নালাগে। মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা আৰু ৰবীন্দ্ৰ নামৰ শান্তি নিকেতন শিক্ষা ব্যৱস্থাত তেনে প্রৱণতাৰ কার্যাকৰী ৰূপদান কৰাও হৈছিল। দেশীয় শিক্ষাৰ প্ৰৱণতা বৰ্তমান আন কেতবোৰ শিক্ষা সংগঠনতো পৰিলক্ষিত হৈছে আৰু ‘জাতীয় বিদ্যালয়’ গঠনৰ প্ৰতি তৎপৰ হৈ উঠিছে। পাশ্চাত্য শিক্ষাৰ পৰা আমদানি হোৱা উন্নত নীতি আৰু পদ্ধতিসমূহ যুক্তিহীনভাৱে অনুকৰণৰ পৰিৱৰ্তে সেইসমূহ আমাৰ দেশীয় শিক্ষাৰ পৰিৱেশত খাপ খোৱাকৈ স্বদেশীকৰণ কৰি তোলাটোহে গ্রহণযোগ্য নীতি হ’ব পাৰে।

এই প্ৰসংগত উল্লেখযোগ্য যে ইংৰাজ প্ৰশাসক লৰ্ড মেকলেই আমাৰ দেশীয় শিক্ষাৰ বিৰুদ্ধে একপক্ষীয়ভাৱে বিদ্বেষমূলক মনোভাৱেৰে প্ৰাচ্য -পাশ্চাত্যৰ বিবাদ নিষ্পত্তি কৰে। এই শিক্ষা-নীতিৰ মূল উদ্দেশ্য আছিল দেশত জন-শিক্ষা ব্যৱস্থা ৰোধ কৰি এক বিশেষ শিক্ষিত শ্ৰেণীলোক গঢ় দি তোলা, যি ইংৰাজসকলৰ আনুগত্য লাভ কৰি তেওঁলোকৰ শাসন যন্ত্ৰ পৰিচালিত হয়। এই পৰিকল্পনাই কৃতকাৰ্যতা লাভ কৰি উঠিছিল। ইংৰাজ শিক্ষাৰে শিক্ষিত মুষ্টিমেয় এক শ্ৰেণীলোক দেশৰ গ্ৰাম্য জীৱনৰ সংস্কৃতি ত্যাগ কৰি নগৰমুখী হৈ উঠিছিল। আনহাতে গ্ৰাম্য জীৱনৰ অধিক সংখ্যক সৰ্বসাধাৰণ লোক অৰ্থনৈতিক দৰিদ্ৰতা আৰু শৈক্ষিক অনগ্ৰসৰতাত ভুগিছিল। ফলত আমাৰ সামাজিক আৰু শৈক্ষিক ব্যৱস্থাত এক কৃতিমতাই দেখা দিছিল, যাৰ প্ৰভাৱ বৰ্তমানেও আতঁৰা নাই। এনে এটা অৱস্থাই ভাৰতৰ শিক্ষা অগ্ৰগতিতো বাধাৰ সৃষ্টি কৰে। এইক্ষেত্ৰত নুৰুল্লা আৰু নাইকে মত প্ৰকাশ কৰি কয় যে দেশীয় শিক্ষা ব্যৱস্থাৰ অৱহেলাৰ ফলত ১৮২১ চনতকৈ ১৯২১ চনত ভাৰতৰ শিক্ষাৰ স্থিতিৰ তেনে কোনো উন্নতি হোৱা নাছিল। 

ওপৰত কৰা বিশ্লেষণৰ পৰা এই কথা স্পষ্ট হয় যে ভাৰতীয় শিক্ষাৰ বিশেষকৈ দেশৰ জন শিক্ষাৰ অনগ্ৰসৰতা এটা প্ৰধান কাৰণ হৈছে দেশীয় শিক্ষাৰ প্ৰতি প্ৰয়োজনীয় মনোযোগৰ অভাৱ। বৰ্তমান সময়ত দেশৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তুলিবৰ বাবে আৰু নিৰক্ষৰ প্ৰাপ্ত বয়স্ক লোকসকলৰ মাজত জন-জাগৰণ সৃষ্টি কৰি তুলিবৰ বাবে পুৰণি দেশীয় শিক্ষা আমাৰ আদৰ্শস্বৰূপে হৈ উঠিব পাৰে। এই শিক্ষা পুৰণি আৰু বৰ্তমানৰ অপ্ৰাসংগিক বুলি ভবাৰ পৰিৱৰ্তে ইয়াৰ আৱশ্যকীয় সংস্কাৰ-সাধনেৰে সময়োপযোগী কৰি তোলাটোহে প্ৰয়োজন।

প্ৰশ্ন ৬৩। ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ৰ ওপৰত এটি টোকা লিখা । (Write a note on the “downward filtration policy”.)

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং ধাৰাত উল্লেখ থকা এক লাখ টকা খৰচ কৰাৰ দায়িত্ব, শিক্ষাদানৰ মাধ্যম, শিক্ষাদানৰ পদ্ধতি, শিক্ষাদানৰ উদ্দেশ্যক লৈ প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীৰ মাজত তুমুল বিবাদ সৃষ্টি হৈছিল। এই বিবাদ মীমাংসাৰ বাবে লৰ্ড মেকলেই ১৮৩৪ চনৰ ১০ জুনত ভাৰতত প্ৰদাৰ্পণ কৰে। ভাৰতীয়সকলক কিদৰে শিক্ষা দিয়া হ’ব সেই সম্বন্ধে মেকলেই নীতি নিৰ্ধাৰণ কৰে। ভাৰত এখন বিশাল দেশ হোৱা হেতুকে ইয়াৰ সকলো শিশুকে সমানে শিক্ষা দিব নোৱাৰি। তেওঁ মত প্ৰকাশ কৰে যে প্ৰাথমিক স্কুলৰ শিক্ষাৰ যোগেদি জনসাধাৰণক শিক্ষা দিয়াতকৈ উচ্চ শিক্ষানুষ্ঠানৰ যোগেদি দেশৰ উচ্চ শ্ৰেণীৰ ভাৰতীয় লোকক শিক্ষা দিয়াটো অধিক উপযুক্ত ব্যৱস্থা হ’ব। শিক্ষা বিস্তাৰৰ পদ্ধতি সম্পৰ্কত মেকলেৰ মত হ’ল ভাৰতবৰ্ষত এনে এচাম লোক সৃষ্টি কৰিব লাগিব যিসকল ব্ৰিটিছ শাসক আৰু লাখ লাখ প্ৰজাৰ মধ্যস্থতাকাৰীৰূপে অৱতীৰ্ণ হ’ব। এইসকল ভাৰতীয় তেজ মঙহৰ হ’ব কিন্তু তেওঁলোকৰ ৰুচি, মতামত নৈতিকতা আৰু বৌদ্ধিক ক্ষেত্ৰত ইংৰাজৰ লেখিয়া হ’ব । এইসকল লোকেই শিক্ষিত হৈ পশ্চিমীয়া সাহিত্যৰ দ্বাৰা নিজৰ উপভাষাসমূহক চহকী কৰি তেওঁলোকৰ বৃহত্তৰ জনগণক শিক্ষা দিয়া দায়িত্ব বহন কৰিব পাৰিব। মেকলেৰ শিক্ষাদানৰ এই পদ্ধতিটোক’ নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ (Downward Filtration Theory) বুলি জনা যায়। পৰিশ্ৰাৱণ অৰ্থ হ’ল শোধন হোৱা। শোধনপাত্ৰত পানী যেনেকৈ ওপৰৰ পৰা তললৈ নিগৰি শেষত আটাইখিনি পানীয়েই শোধন হয়, ঠিক সেইদৰে মেকলেৰ এই শিক্ষা পদ্ধতিত শিক্ষাও ওপৰ শ্ৰেণীৰ পৰা তলৰ শ্ৰেণী লোকলৈ নিগৰি পৰিব আৰু এইদৰে এদিন ভাৰতৰ সকলো লোকেই শিক্ষিত হ’ব।

প্ৰশ্ন ৬৪। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ গুৰুত্ব আলোচনা কৰা। (Discuss the importance of the Charter Act of 1813.)

উত্তৰঃ ১৫৯৯ চনত ইংলেণ্ডৰ এদল ব্যৱসায়ীয়ে ৰাণী এলিজাবেথৰ (Queen Elizabeth) ওচৰত ভাৰতত বেহা-বেপাৰ কৰিব বাবে অনুজ্ঞা পত্ৰ (Charter or licence) বিচাৰি আবেদন কৰে। মহাৰাণী এলিজাবেথ ব্যৱসায়ী দল (ইষ্ট ইণ্ডিয়া কোম্পানী) ক অনুজ্ঞা পত্ৰ প্ৰদান কৰে আৰু প্ৰতি ২০ বছৰৰ মূৰে মূৰে ইয়াৰ নবীকৰণৰ নিয়ম বান্ধি দিয়ে। প্ৰথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় লোকৰ শিক্ষাৰ দায়িত্ব ল’ব খোজা নাছিল, কিন্তু ১৮১৩ চনত কোম্পানীৰ চনদ নবীকৰণৰ সময়ত ৪৩ নং ধাৰাত শিক্ষা বিষয়ক এটা দফা লিপিবদ্ধ কৰা হয়। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত কোৱা হয় যে কোম্পানীৰ মিলিটেৰী, নাগৰিকসকল, ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠান আৰু অন্যান্য দিশৰ ধাৰৰ সুদ পৰিশোধৰ বাবে হোৱা খৰচ বহন কৰি উঠি ৰাহি হোৱা ধনৰ পৰা বছৰি কমেও এক লাখ টকা আছুতীয়াকৈ ৰখা হ’ব। এই টকা ব্ৰিটিছ অধিকৃত ভাৰতীয় অঞ্চলত সাহিত্যৰ পুনৰজীৱৰ আৰু উন্নতি সাধনৰ কাৰণে, পণ্ডিতসকলক উৎসাহিত কৰিবৰ বাবে আৰু বিজ্ঞান বিষয়ক জ্ঞানৰ আৰম্ভণি আৰু বিকাশৰ কাৰণে খৰচ কৰিব লাগিব।

১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং ধাৰাত উল্লেখ থকা কথাখিনিৰ পৰা এই স্পষ্ট যে ইয়ে ভাৰতত শিক্ষামূলক প্ৰথম চৰকাৰী পদক্ষেপ। এই আইনখনৰ ফলতেই ভাৰতৰ শিক্ষা ব্যৱস্থাই এক স্পষ্ট আধাৰ বা ভেটি লাভ কৰাটো পৰিলক্ষিত হ’ল আৰু মিছনেৰীসকলে ধৰ্মপ্ৰচাৰ আৰু শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত ভালেখিনি স্বাধীনতা লাভ কৰিছিল। 

আইনখনৰ গুৰুত্বপূৰ্ণ দিশসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল— 

(ক) ১৮১৩ চনৰ ৪৩ নং ধাৰাটো হৈছে ভাৰতীয় শিক্ষাৰ দিশত ইংৰাজ সাংসদসকলৰ প্ৰথম আৰু বলিষ্ঠ পদক্ষেপ। তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতীয় শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি উঠে আৰু আইনৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। 

(খ) ভাৰতীয় শিক্ষাৰ দুৰৱস্থা গুচাৱৰ বাবে চৰকাৰী অৰ্থ-সাহায্যৰ প্ৰয়োজন এই কথাৰ অনুভৱ এই আইনত স্পষ্ট হৈ উঠে। 

(গ) ভাৰতত কোম্পানীয়ে বেপাৰ-বাণিজ্য আৰু ৰাজহ আদি সংগ্ৰহ কৰি পোৱা ধনৰ লাভাংশ কেৱল ইংৰাজসকলৰ বাবেই নহয়, ভাৰতীয়লোকসকলৰ বাবেও, তাক সদ ব্যৱহাৰ কৰিব লাগে, এই উপলব্ধি গঢ়ি উঠা দেখা যায়। 

(ঘ) ভাৰতীয়সকলৰ শিক্ষা বিকাশৰ দায়িত্ব গ্ৰহণ কৰাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক আইন সংগত অধিকাৰ, দায়িত্ব আৰু কৰ্তব্য, এই কথা স্পষ্ট কৰি তোলা হয়। 

(ঙ) প্ৰাচ্য সাহিত্য-সংস্কৃতিৰ পুনৰ জাগৰণ আৰু বিকাশ কৰা আৰু পাশ্চাত্য জ্ঞান-বিজ্ঞানেৰে শিক্ষিত শ্ৰেণী ভাৰতীয়সকলক প্ৰভাৱিত কৰি তোলা, এই দুয়োটা উদ্দেশ্য আইনখনত অন্তৰ্ভুক্ত কৰা হয়। 

(চ) ভাৰতত পাশ্চাত্য শিক্ষা আৰু জ্ঞান-বিজ্ঞানৰ প্ৰয়োগ ইয়াৰ যোগেদি আইন সংগত কৰি তোলা হয়। পৰৱৰ্তী কালত মেকলেৰ প্ৰতিবেদনে ইয়াক সুনিশ্চিত কৰি তোলে। এনেবোৰ কথাৰ বিবেচনাই ১৮১৩ চনৰ চাৰ্টাৰ আইন ভাৰতীয় শিক্ষাৰ বাবে ঐতিহ্যপূৰ্ণ আৰু ঐতিহাসিক কৰি তুলিছে।

প্ৰশ্ন ৬৫। ১৮১৩ চনৰ চাৰ্টাৰ আইন ৪৩ নং দফাটোৰ ভাৰতীয় শিক্ষাৰ পৰৱৰ্তী সময়ৰ বিকাশত কি প্ৰভাৱ পৰিছিল ? (What was the effect of the Charter of 1813 on the development of the later period of Indian education ?) 

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোৰ ফলত ভাৰতীয় শিক্ষা ব্যৱস্থাত এক বিশেষ পৰিৱৰ্তন, সংঘটিত হৈছিল। এই আইনখনৰ ফলস্বৰূপে ভাৰতীয় শিক্ষা ব্যৱস্থাই এক সুস্পষ্ট ভেটি লাভ কৰিবলৈ সক্ষম হৈছিল।

১৮১৩ চনৰ চাৰ্টাৰ আইনৰ শিক্ষামূলক ৪৩ নং দফাটোৰ অন্তৰ্ভুক্ত কৰাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় শিক্ষা বিকাশৰ অৰ্থনৈতিক দায়িত্ব গ্ৰহণ কৰিবলৈ বাধ্য হয়।

১৮১৩ চনৰ আইনখনৰ নীতি নিৰ্দেশনাৰ অস্পষ্টতাৰ বাবে প্ৰাচ্য -পাশ্চাত্য বিবাদৰ সৃষ্টি হৈছিল আৰু তাৰ সমাধানৰ বাবে লৰ্ভ মেকলেই  ভাৰতলৈ আহিছিল। তেওঁৰ প্ৰতিবেদনে এই বিবাদ মীমাংসা কৰিছিল আৰু ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী মনোভাৱ জাগ্ৰত কৰিছিল। ইয়াৰ ফলস্বৰূপে ইংৰাজসকলে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল। 

সদৌ শেষত ক’ব পাৰি যে ১৮১৩ চনৰ চাৰ্টাৰ আইনখনে পৰৱৰ্তী সময়ত সৃষ্টি কৰা ঘটনা প্ৰবাহে ভাৰতৰ সামাজিক, ৰাজনৈতিক, শৈক্ষিক তথা প্ৰশাসনীয় দিশত নতুন যুগৰ সূচনা কৰে। চাৰ্টাৰ আইনখনে সমসাময়িক সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত কিছু বিৰূপ মনোভাৱৰ সৃষ্টি কৰিলেও, এই আইনখনৰ ফলতেই ভাৰতীয় লোকে জাতীয়বাদী আন্দোলন গঢ়ি তুলি ইংৰাজসকলৰ শাসনৰ বাঘজৰী কাঢ়ি লবলৈ সক্ষম হৈছিল। সেয়েহে এই আইনখনৰ ফল ভাৰতৰ শিক্ষা ইতিহাসৰ ক্ষেত্ৰত ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ বুলি অভিহিত কৰিব লাগিব।

প্ৰশ্ন ৬৬। ভাৰতীয় শিক্ষাৰ প্ৰতি মেকলেৰ প্ৰধান অৱদানসমূহ আলোচনা কৰা। (Discuss Macaulay’s major contributions to Indian education.)

উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষা ইতিহাসত লৰ্ড মেক’লেই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ নিস্পত্তিকৰণত তেওঁ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে বিভিন্ন চিন্তাবিদসকলে তেওঁক নানাভাৱে বৰ্ণনা কৰে। কোনো কোনোৱে মত প্ৰকাশ কৰে যে ভাৰতবৰ্ষৰ প্ৰগতিৰ পথত তেওঁ হৈছে পোহৰ বিলাওতা (Torch bearer in the path of progress)। আকৌ কোনো কোনোৱে মত প্ৰকাশ কৰে যে ভাৰতৰ জাতীয়তাবাদী আন্দোলন গঢ় দি তুলি মেক’লেই ইংৰাজ শাসনৰ পতন মাতি আনিলে। ভাৰতীয় শিক্ষাৰ কেতবোৰ জটিল সমস্যাৰো সৃষ্টিকৰ্তা হৈছে লৰ্ড মেক’লেই। সি যি কি নহওক, নিৰপেক্ষভাৱে বিচাৰ কৰিলে দেখা যায় যে আধুনিক ভাৰতৰ শিক্ষা বিকাশ আৰু সামাজিক অগ্ৰগতিৰ দিশত তেওঁৰ এক বিশেষ অৱদান আছে। বহুতেই ক’ব খোজে যে মেকলে ভাৰতীয়সকলৰ ওপৰত বলপূৰ্বকভাৱে ইংৰাজী ভাষা জাপি দিছিল। কিন্তু প্ৰকৃতপক্ষে ক’বলৈ হ’লে ভাৰতীয় শিক্ষিত শ্ৰেণীলোকৰ মনত ইংৰাজী ভাষা সাহিত্যৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ পূৰ্বৰে পৰা আছিল। ৰাজা ৰামমোহন ৰায়ৰ দৰে শিক্ষিত ভাৰতীয়লোকে সেই সময়ত ইংৰাজী ভাষা সাহিত্যৰ সপক্ষে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।

ভাৰতীয়সকলেই সেই সময়ত অনুভৱ কৰিছিল যে দেশৰ পৌৰাণিক সংস্কৃত আৰু আৰবী ভাষাই সমাজৰ আশানুৰূপ পৰিৱৰ্তন, বিকাশ সাধন আৰু আধুনিকৰণ কৰি তুলিব নোৱাৰে। আধুনিক জ্ঞান-বিজ্ঞানৰ পোহৰ লাভ কৰিবৰ বাবে ইংৰাজী ভাষা সাহিত্যহে প্ৰয়োজন। সেয়েহে ভাৰতবৰ্ষত ইংৰাজী ভাষা-সাহিত্য আৰু সংস্কৃতিৰ স্থিতি আৰু বিস্তৃতিৰ বাবে কেৱল লৰ্ড মেক’লেক আমি এক পক্ষীয়ভাৱে দোষাৰোপ কৰিব নোৱাৰো। এইক্ষেত্ৰত তেওঁ কেৱল মাথোন দ্ৰুতভাৱে সিদ্ধান্তহে গ্ৰহণ কৰিছিল। তাৰ অন্যথা প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ মীমাংসা কৰিব পৰা নহ’লহেঁতেন।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল যে ভাৰতীয় পৌৰাণিক সাহিত্যৰ ওপৰত কৰা মেক’লেৰ মন্তব্য আৰু শিক্ষা বিকাশৰ  ‘নিম্ন পৰিশ্ৰাৱণ নীতি’টো সন্তোষজনক আৰু জনহিতকৰ বুলি ক’ব নোৱাৰি। মেক’লেৰ ভাৰতীয় ভাষা-সংস্কৃতিৰ বিপৰীতমূখী আৰু জনজীৱনৰ প্ৰতিকূলমূখী শিক্ষানীতি গ্ৰহণে ইংৰাজসকলৰেই চৰম বিপর্যয় মাতি আনিছিল। দেশীয় লোকসকলৰ মনত এই নীতিয়ে আঘাত দিয়া হেতুকে জাতীয়তাবাদী আন্দোলন গঢ় লৈ উঠিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ইয়াৰেই প্ৰথম অভিব্যক্ত স্বৰূপ বুলি বুৰঞ্জীবিদসকলে অভিহিত কৰিব খোজে। 

মেক’লেৰ প্ৰতিবেদনেই প্ৰাচ্য আৰু পাশ্চাত্য পন্থীৰ মাজত সুদীৰ্ঘকাল জুৰি চলা বিবাদৰ অন্ত পেলালে আৰু ১৮১৩ চনৰ চাৰ্টাৰ আইনত ধার্য কৰা একলাখ টকা কামত খটুওৱাটো সম্ভৱ হ’ল। মেক’লেই ভাৰতীয়সকলৰ মাজত পশ্চিমীয়া বিজ্ঞান আৰু চিন্তাধাৰাৰ প্ৰসাৰ সাধন কৰিছিল। তেওঁৰ বাবেই ভাৰতীয়সকলে ইংৰাজী শিক্ষা গ্ৰহণ কৰি বিদেশীৰ দাসত্বৰ পৰা মুক্ত হ’বলৈ অনুপ্ৰেৰণা পালে আৰু অৱশেষত স্বাধীনতা সংগ্ৰামত বিজয়ী হৈ স্বাধীন দেশৰ নাগৰিক হিচাপে পৰিগণিত হ’ল। মুঠতে ক’ব পাৰি যে ভাৰতীয় শিক্ষালৈ মেক’লেই যি বৰঙণি আগবঢ়াই থৈ গৈছে, তাৰ বাবে তেওঁ প্ৰশংসা আৰু তিৰস্কাৰ দুয়োটাৰে পাত্ৰ হ’ব লগা হৈছিল।

প্ৰশ্ন ৬৭। বেণ্টিংকৰ শিক্ষানীতিৰ বিষয়ে আলোচনা কৰা। (Discuss Bentinck’s education policy.)

 উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল দখল কৰাৰ পিছত কোম্পানীৰ প্ৰশাসনীয় দায়িত্ব বৃদ্ধি হৈ উঠাৰ লগে লগে ইংলেণ্ডৰ প্ৰশাসনে ভাৰতত প্ৰশাসনীয় নীতিৰো পৰিৱৰ্তন সাধান কৰে । সেই অনুক্ৰনে বম্বে, মাদ্ৰাজ আৰু বংগ অঞ্চলৰ প্ৰধান প্ৰশাসন কেন্দ্ৰ কলিকতাত স্থাপন কৰা হয় আৰু এজন গৱৰ্ণৰ জেনেৰেল নিযুক্তি দিয়ে। ১৭৭৪ চনৰ পৰা ১৭৮৫ চনলৈ ৱাৰেণ্ট হেষ্টিংচে  প্ৰথম গৱৰ্ণৰ জেনেৰেল স্বৰূপে কলিকতাৰ পৰা ইংৰাজৰ প্ৰশাসন চলায়। ইয়াৰ পিছত ক্ৰমে কৰ্ণৱালিচ, ৱেলচলি, ডেলহাওচি আদিয়ে প্ৰশাসন পৰিচালনা কৰে। ১৮২৮ চনত লৰ্ড উলিয়াম বেণ্টিংকে প্ৰাচ্য-পাশ্চাত্য বিবাদৰ চৰম অৱস্থাতে কোম্পানীৰ প্ৰশাসনীয় মুৰব্বী স্বৰূপে গৱৰ্ণৰ জেনেৰেল হৈ ভাৰতলৈ আহে।

বেণ্টিংক এগৰাকী যোগ্য প্ৰশাসক, সমাজ সংস্কাৰক আৰু শিক্ষানীতিৰ নিৰ্ধাৰক আছিল। তেওঁৰ দিনতে ‘সতীদাহ প্ৰথা’ বন্ধ কৰা হয়। ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেওঁ কিছুমান স্থায়ী আৰু মৌলিক পৰিৱৰ্তন সাধন কৰিব বিচাৰিছিল। শিক্ষাৰ ক্ষেত্ৰত লৰ্ড বেণ্টিংকৰ এটা উল্লেখযোগ্য সংস্কৰ হৈছে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষাক গ্ৰহণ কৰা যিটোক তেওঁ আৰম্ভণিৰ পৰা সমৰ্থন কৰিছিল। বেণ্টিংকে প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ নিস্পত্তিকাৰণতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁ লৰ্ড মেক’লেক ১৮৩৪ চনত জেনেৰেল কমিটি অৱ পাব্লিক  ইনষ্টা‌কচনৰ অধ্যক্ষ পদত নিযুক্তি কৰে। মেক’লেৰ ১৮৩৫ চনৰ প্ৰতিবেদনৰ পৰামৰ্শৱলীও প্ৰকাশ কৰা মনোভাৱত তেওঁ সম্পূৰ্ণ একমত। কেৱল একমত প্ৰকাশ কৰাই নহয়, কোম্পানীৰ মুখ্য প্ৰশাসক স্বৰূপে পাশ্চাত্য শিক্ষাৰ সমৰ্থনত তেওঁ চৰকাৰৰ শিক্ষা-নীতিও ১৮৩৫ চনৰ ৭ মাৰ্চত ঘোষণা কৰে। বেণ্টিংকৰ শিক্ষানীতিৰ মূল প্ৰস্তাৱ কেইটা তলত উল্লেখ কৰা হ’ল—

প্ৰথম প্ৰস্তাৱ :- ভাৰতীয় লোকসকলৰ মাজত ইউৰোপীয় সাহিত্য আৰু বিজ্ঞান চৰ্চাৰ সকলো ধৰণৰ ব্যৱস্থা কৰা, চৰকাৰী নীতিৰ উদ্দেশ্য হ’ব শিক্ষাৰ বাবে ধার্য কৰা অৰ্থ কেৱল ইংৰাজী শিক্ষাৰ বাবে ব্যয় কৰা হ’ব।

দ্বিতীয় প্ৰস্তাৱ :- যেতিয়ালৈকে ভাৰতীয়সকল প্ৰাচ্যবিদ্যাৰ প্ৰতি অনুৰক্ত হৈ থাকিব তেতিয়ালৈকে প্ৰাচ্য বিদ্যাৰ অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া নহয় যদিও এই অনুষ্ঠানসমূহৰ কাৰণে কোনো অৰ্থ ব্যয় কৰা নহ’ব।

তৃতীয় প্ৰস্তাৱ :- জেনেৰেল কমিটি অৱ পাব্লিক ইনষ্টাকচনে প্ৰাচ্য ভাষাৰ কিতাপ ছপা কৰোতে যি বিপুল অৰ্থ ব্যয় কৰিছে তাক বন্ধ কৰা হ’ব।

চতুৰ্থ প্ৰস্তাৱ :- এনে শিক্ষাৰ সংস্কাৰৰ ফলত জেনেৰেল কমিটিৰ হাতত যি অৰ্থ জমা হ’ব সেই অৰ্থ ইংৰাজী ভাষাৰ মাধ্যমেৰে ইউৰোপীয় সাহিত্য আৰু জ্ঞান বিজ্ঞানৰ হৈ বিনিয়োগ হ’ব।

এই প্ৰস্তাৱসমূহ জেনেৰেল কমিটিয়ে পঠোৱা হ’ল। লৰ্ড উইলিয়াম বেণ্টিংকৰ প্ৰস্তাৱৰ ভিত্তিত মুখ্য নগৰসমূহত চৰকাৰী ‘জিলা স্কুল’সমূহ গঢ় লৈ উঠিল। এই স্কুলবোৰত ইংৰাজীৰ মাধ্যমেৰে পাশ্চাত্য সাহিত্য আৰু বিজ্ঞানৰ শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্গত হ’ল। বেণ্টিংকে এই নতুন শিক্ষা ব্যৱস্থাত ধৰ্মনিৰপেক্ষতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। নতুন ব্যৱস্থা মতে ১৮৩৫ চনত হুগলীত আৰু ১৮৪০ চনত ঢাকাত কলেজ প্ৰতিষ্ঠা কৰা হয়, কলিকতাৰ হিন্দু কলেজ চৰকাৰে নিজৰ হাতলৈ নিয়ে, ইয়েই বৰ্তমানৰ প্ৰেছডেন্সী কলেজ। 

বেণ্টিংকে যদিও ইংৰাজী ভাষাকেই শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল আৰু ভাষাৰ কিতাপ প্ৰকাশ বন্ধ কৰিছিল, তথাপি প্ৰাচ্য শিক্ষাৰ অনুষ্ঠানসমূহো আগৰ দৰেই চলাই ৰাখিছিল শিক্ষক তথা ছাত্ৰসকলেও পূৰ্বৰ দৰেই বৃত্তি লাভ কৰিছিল।

প্ৰশ্ন ৬৮। লৰ্ড মেকলেৰ মাইনুটৰ বিষয়ে আলোচনা কৰা। (Discuss Lord Macaulay minutes.)

উত্তৰঃ ১৮৩৪ চনৰ মাজ ভাগত লৰ্ড মেক’লে ভাৰতলৈ আহে। তেওঁ আছিল ভাৰতীয় ভাষা সাহিত্যৰ অভিজ্ঞতা নথকাকৈ ভাৰতলৈ অহা ইংৰাজ প্ৰশাসক, ইংৰাজী ভাষা-সাহিত্যত পাণ্ডিত্য থকাৰ উপৰি তেওঁ আছিল এজন চতুৰ আইনজ্ঞ আৰু তাৰ্কিক। তেওঁৰ যোগ্যতাৰ বাবে লৰ্ড বেণ্টিংকে মেক’লেৰ জেনেৰেল কমিটি অৱ পাব্লিক ইনষ্টাকচনৰ অধ্যক্ষ পদ প্ৰদান কৰে। প্ৰথমে কমিটিৰ অধ্যক্ষ স্বৰূপে প্ৰাচ্য-পাশ্চাত্য বিবাদৰ কোনো পক্ষ তেওঁ লোৱা নাছিল। কাৰণ তেওঁ জানিছিল যে এই বিবাদ নিষ্পত্তি কৰিবৰ বাবে অৱশেষত বিষয়টো তেওঁৰ হাততেই আহি পৰিব। সেই অনুক্ৰমে এই দায়িত্ব গ্ৰহণ কৰি ১৮৩৫ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁ বিখ্যাত প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়ায় আৰু চৰকাৰৰ হাতত দাখিল কৰে। মেক’লেৰ এই প্ৰতিবেদনে ভাৰতীয় শিক্ষা-ইতিহাসৰ পৰৱৰ্তী কালৰ গতি নিৰ্ণয় কৰে। এই প্ৰতিবেদনৰ কেতবোৰ মূল সিদ্ধান্ত তলত উল্লেখ কৰা হ’ল—

(ক) ইংৰাজী সাহিত্য সম্বন্ধে (On English literature) :- তেওঁ সিদ্ধান্ত গ্ৰহণ কৰা প্ৰথম কথাটো হৈছে চাৰ্টাৰ আইনৰ ৪৩ নং বিভাগটোত উল্লেখ কৰা ‘ literature’ৰ সম্বন্ধে যুক্তি প্ৰদৰ্শন কৰি তেওঁ কয় যে এই ‘সাহিত্য’ হৈছে ইংৰাজী সাহিত্য আৰু  “Learned native of India” ৰ অৰ্থ হৈছে সেইসকল ভাৰতীয় যি ইউৰোপৰ ল’কৰ (Locke) দৰ্শন আৰু মিলটনৰ (Milton) কবিতা জানে। ভাৰতত সাহিত্য আৰু বিজ্ঞানৰ বিকাশ কেৱল এই ইংৰাজী ভাষাৰেহে সম্ভৱ হ’ব পাৰে। 

(খ) প্ৰাচ্য ভাষা-সাহিত্য (On Oriental literature) :- মেক’লেই প্ৰাচ্য ভাষা-সাহিত্য অধ্যয়নৰ বিৰোধিতা কৰিছিল। এই সাহিত্য আৰু ইয়াৰ অধ্যয়নৰ অনুষ্ঠানসমূহ বন্ধ কৰাৰো তেওঁ পৰামৰ্শ দিছিল। তেওঁ মত প্ৰকাশ কৰিছিল যে প্ৰাচ্য ভাষাৰ শিক্ষানুষ্ঠানবোৰে কোনো উদ্দেশ্য সাধন কৰিব পৰা নাই। চৰকাৰে পুৰণি সাহিত্যৰ গ্ৰন্থসমূহ প্ৰকাশ কৰি যি খৰচ বহন কৰিব লগা হৈছে তাকো বন্ধ কৰিব লাগে। এই ধন ইয়াৰ পিছৰে পৰা কেৱল ইংৰাজী সাহিত্যৰ বাবেহে খৰচ কৰিব লাগে। তেওঁ আৰু পৰামৰ্শ দিছিল যে হিন্দু আৰু মুছলমানসকলৰ আইনৰ সাৰমৰ্মসমূহ চৰকাৰে ইংৰাজী ভাষালৈ তৰ্জমা কৰিব লাগে।

(গ) শিক্ষাদানৰ মাধ্যম সম্বন্ধে (On medium of instruction) :- সাহিত্য সম্বন্ধে তেওঁৰ মনোভাৱ স্পষ্ট কৰি তোলাৰ পিছত শিক্ষাদানৰ মাধ্যম সম্বন্ধে তেওঁ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। যুক্তি প্ৰদৰ্শন কৰি তেওঁ ভাৰতীয় প্ৰাচীন সাহিত্যতকৈ ইংৰাজী সাহিত্যৰ কাৰ্যকাৰীতা আৰু গ্রহণযোগ্যতা প্ৰতিপন্ন কৰে। তেওঁ কয় যে যিসকলে ইংৰাজী ভাষা জানে তেওঁলোকে পৃথিৱীৰ জ্ঞানী দেশসমূহে আগবঢ়োৱা ব্যাপক পৰিসৰৰ বৌদ্ধিক সম্পদ লাভ কৰি উঠিব পাৰে। শিক্ষিত ভাৰতীয়সকলেও এই ভাষা বিচাৰে, কাৰণ ইয়াৰ প্ৰকাশিত গ্ৰন্থ হাজাৰ হাজাৰ বিক্ৰী হৈ প্ৰচুৰ লাভ কৰিব পৰা হৈছে। তেওঁ আৰু কয় যে ইংৰাজী ভাষা হৈছে শাসকসকলৰ আৰু শিক্ষিত ভাৰতীয়সকলৰ ভাষা। ই দেশৰ বেপাৰ-বাণিজ্যৰো মাধ্যম। সেয়েহে এই ভাষা শিক্ষাৰ মাধ্যম হোৱাৰ শক্তিশালী ভিত্তি আছে। মেক’লেই এক কর্তৃত্বশীল দায়িত্বৰ মনোভাবেৰে কয় যে ভাৰতীয়সকলৰ বাবে যি মুখৰুচক তাক দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপযুক্ত তাৰ শিক্ষা দিয়াটোহে ইংৰাজসকলৰ কৰ্তব্য। 

(ঘ) শিক্ষাদান পদ্ধতি সম্বন্ধে (On method of education) :- ভাৰতীয়সকলক কিদৰে শিক্ষা দিয়া হ’ব সেই সম্বন্ধেও মেক’লেই নীতি নিৰ্ধাৰণ কৰে। ভাৰত এখন বিশাল দেশ হোৱা হেতুকে ইয়াৰ সকলো শিশুকে সমানে শিক্ষা দিব নোৱাৰি। সেয়েহে তেওঁ মত প্ৰকাশ কৰে যে প্ৰাথমিক স্কুলৰ যোগেদি জনসাধাৰণক শিক্ষা দিয়াতকৈ উচ্চ শিক্ষানুষ্ঠানৰ যোগেদি দেশৰ উচ্চ শ্ৰেণী ভাৰতীয় লোকক শিক্ষা দিয়াটো অধিক উপযুক্ত ব্যৱস্থা হ’ব। এনে এক শ্ৰেণীলোকক শিক্ষা দিয়া উচিত যিসকলে শাসক বৰ্গ আৰু সৰ্বসাধাৰণ লোকৰ মাজত মধ্যস্থতাকাৰী স্বৰূপে কাম কৰিব পাৰে। এই শ্ৰেণীলোকৰ তেজ আৰু গাৰ বৰণ ভাৰতীয়, কিন্তু তেওঁলোকৰ আগ্ৰহ-অভিৰুচি আৰু বুদ্ধি হ’ব ইউৰোপীয়। হিমালয় পৰ্বতৰ পৰা পানী নিগৰি পৰি নদী উপত্যকাইদি বৈ গৈ যিদৰে ভাৰত মহাসাগৰত পৰে সেইদৰে এইসকল লোক শিক্ষিত হৈ উঠি সৰ্বসাধাৰণ লোকক শিক্ষিত কৰি তুলিব। ই হৈছে শিক্ষাৰ নিম্ন পৰিশ্ৰাৱণ নীতি (Downward Filtration Theory)। 

ওপৰত উল্লেখ কৰা শক্তিশালী যুক্তি প্ৰদৰ্শনেৰে লৰ্ড মেক’লেই ভাৰতীয় শিক্ষাৰ বিতৰ্কমূলক দিশ কেইটাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ এই শিক্ষা প্ৰতিবেদন ভাৰতীয় শিক্ষাৰ ‘মাইলৰ খুটি’,’দিগ দর্শনকাৰী’,’ঐতিহাসিক’ আদি বিভিন্ন শব্দৰে বৰ্ণনা কৰা হয়।

প্ৰশ্ন ৬৯। শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মূল্যবোধ গঢ়ি তোলাৰ কেনেকৈ সহায় কৰে ? (How does education help students develop values ?)

উত্তৰঃ বৰ্তমান যুগত শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা সন্নিবিষ্ট কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সকলোৱেই উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশ বহুতো ভাষা, ধৰ্ম, সংস্কৃতিৰে ভৰপূৰ। এই দেশে পুৰণি সভ্যতাৰ পৰা আৰম্ভ কৰি বৰ্তমান জগতত শান্তি, অহিংসা আৰু মানৱ ভাতৃত্বৰ আদৰ্শ বিলাই আহিছে। এনে এক পটভূমিৰ কথা মনত ৰাখিহে মূল্যবোধৰ উপযুক্ত শিক্ষা পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা উচিত। মূল্যবোধৰ শিক্ষাৰ উপকৰণ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিবলৈ হ’লে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াৰ বাবে প্ৰাথমিক স্তৰত বিদ্যালয় আৰম্ভ হোৱাৰ আগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষিয়িত্ৰী একেলগে হৈ সমস্বৰে প্ৰাৰ্থনা গোৱা, প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমত কণ কণ শিশুৰ অন্তৰ স্পৰ্শ কৰিব পৰা বিধৰ নৈতিক আদৰ্শ থকা বিভিন্ন গীত, কবিতা, গল্প উপকথা আদি সন্নিবিষ্ট কৰিব লাগে। মৌন প্ৰাৰ্থনা কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে জীৱনটোক বহল আৰু গভীৰ অৰ্থত উপলব্ধি কৰিব পাৰে। মাধ্যমিক স্তৰত মহৎ লোকৰ জীৱনী, গল্প কাহিনী, প্ৰখ্যাত শিক্ষক সকলৰ লগত পৰিচয় কৰোৱাব লাগে। শিক্ষাৰ সকলো স্তৰতে শিক্ষাদান পদ্ধতিৰ প্ৰতি খোজতে শিক্ষক শিক্ষিয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষা দিব লাগে।

বৰ্তমান শিক্ষাৰ্থীসকলৰ মূল্যবোধ গঢ়ি তোলাত শিক্ষাই তলত উল্লেখিত দিশসমূহৰ সহায় লোৱা দেখা যায়।

এই দিশসমূহ হ’ল—

(ক) কোনো এখন দেশৰ শিক্ষাৰ্থীসকলৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশত মূল্যবোধ গঢ়ি তোলাত শিক্ষাই সহায় কৰে। 

(খ) শিক্ষাই শিক্ষাৰ্থীসকলৰ আধ্যাত্মিক চিন্তাধাৰাৰ বিকাশত সহায় কৰে। 

(গ) শিক্ষাই জীৱনটোক বহল আৰু গভীৰভাৱে উপলব্ধি কৰাত সহায় কৰে। 

(ঘ) শিক্ষাৰ্থীসকলৰ নৈতিক চৰিত্ৰ বিকাশত বিশেষ ভাৱে সহায় কৰে। 

(ঙ) শিক্ষাৰ্থীসকলৰ অহিংসা আৰু মানৱ ভ্রাতৃত্ববোধ বিকাশত শিক্ষাই সহায় কৰে, কোনো ক্ষেত্ৰত মহৎ লোকৰ জীৱনী, গল্প, কাহিনী আদি অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰে।

(চ) ধাৰ্মিক অনুষ্ঠানসমূহৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰায়ো শিক্ষাৰ্থীসকলৰ ধাৰ্মিক মূল্যবোধ বৃদ্ধি কৰিব পাৰি। 

(ছ) কোনো কোনো ক্ষেত্ৰত গান-বাজনা, নৃত্য-গীত আদিয়েও শিক্ষাৰ্থীসকলৰ মূল্যবোধৰ বিকাশ ঘটায়। 

(জ) কোনো এখন দেশৰ শিক্ষকসকলৰ জীৱনাদৰ্শ অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰি প্ৰকৃত মূল্যবোধ গঢ়ি তোলাত শিক্ষাই সহায় কৰে। 

(ঝ) দেশৰ আন্তঃৰ্জাতিক আৰু জাতীয় অনুষ্ঠানত অংশগ্ৰহণ কৰায়ো শিক্ষাৰ্থীসকলৰ আন্তঃজাৰ্তিক মূল্যবোধ বৃদ্ধি কৰিব পাৰি। 

(ঞ) শিক্ষানুষ্ঠানত প্ৰদান কৰা বিভিন্ন খেল-ধেমালিয়ে শিক্ষাৰ্থীসকলৰ প্ৰকৃত মূল্যবোধ গঢ়ি তোলাত সহায় কৰে।

ভাৰতবৰ্ষ বহুতো ভাষা, ধৰ্ম, সংস্কৃতিৰে ভৰা এখন বিশাল দেশ। এই দেশৰ পুৰণি সভ্যতাৰ পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীকে আদি কৰি বৰ্তমান জগতত শান্তি, অহিংসা আৰু মানৱ ভাতৃত্বৰ আদৰ্শ বিলাই দিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে সকলোৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান যুগত আন কথাৰ লগতে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা সন্নিবিষ্ট কৰা উচিত। 

প্ৰশ্ন ৭০। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি ? শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ তাৎপৰ্য আলোচনা কৰা। (What is the vocational goal of education ? Discuss the significance of vocational goals in education.)

উত্তৰঃ শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ অৰ্থ হ’ল শিক্ষাৰ্থীক নিদ্দিষ্ট কিছুমান বৃত্তিৰ জৰিয়তে শিক্ষা প্ৰদান ব্যৱস্থা কৰা, যাতে তেওঁলোকে ভৱিষ্যত জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত এই বৃত্তিসমূহে  সহায় কৰিব পাৰে। আধুনিক শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে নাইবা মানুহৰ বৌদ্ধিক আৰু আধ্যাত্মিক শক্তি বিকাশৰ বাবেই মাথোন আয়ত্ব কৰা নহয়। শিক্ষাৰ এটা বাস্তৱ আৰু প্ৰত্যক্ষ প্ৰয়োজন অনুভৱ কৰা হয়। এই প্ৰয়োজন হৈছে মানুহক উৎপাদনময়ী আৰু স্বাৱলম্বী কৰি তোলা। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমানৰ এনেবিধ প্রয়োজন পূৰ কৰা শিক্ষাই হৈছে বৃত্তিমূলক শিক্ষা।

শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ সমৰ্থনকাৰী চিন্তাবিদসকলৰ মতে ব্যক্তিক উপাৰ্জনক্ষম কৰি তোলাটোৱেই শিক্ষাৰ প্ৰধান লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাৰ যোগেদি ভৱিষ্যত জীৱনৰ গ্রহণযোগ্য হোৱাটো শিক্ষাৰ্থীক বৃত্তিমুখী প্ৰশিক্ষণ দিয়া উচিত। সকলো সজগুণেৰে বিভূষিত হ’লেও এজন ব্যক্তিৰ অৰ্থ উপাৰ্জনৰ ক্ষমতা নাথাকিলে জীৱন দুৰ্বহ হোৱাটো নিশ্চিত। গতিকে শিক্ষাৰ্থীয়ে নিজৰ সামৰ্থ অনুযায়ী ভৱিষ্যৎ জীৱন নিৰ্বাহৰ কাৰণে বৃত্তি গ্ৰহণ কৰিব পৰাকৈ শিক্ষা লোৱা উচিত। গতিকে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলি কওঁতে পৰিকল্পিতভাৱে ভৱিষ্যতৰ কোনো বৃত্তিৰ বাবে উপযুক্ত কৰি তুলিবৰ বাবে শিক্ষাৰ্থীৰ শিক্ষা প্ৰদান কৰা বুজায়। হাৰ্বাট স্পেনচাৰে এই সম্পৰ্কত মন্তব্য আগবঢ়াই কৈছিল যে শিক্ষাৰ দ্বাৰা শিশুক এনে কিছুমান সামৰ্থৰ বিকাশত সহায় কৰিব লাগে যি শিক্ষাৰ্থীক ভৱিষ্যৎ জীৱিকা অর্জনত সহায় কৰিব লাগে।

শিক্ষা এনে হোৱা উচিত যে জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। শিক্ষাৰ দ্বাৰা জীৱনৰ অংগ সৌষ্ঠৱ বৃদ্ধি পালেই নহ’ব, শিক্ষাই জীৱনৰ বস্তুগত চাহিদা পূৰণতো সক্ষম হ’ব লাগিব।

তলত বৃত্তিমূলক লক্ষ্যৰ তাৎপৰ্যসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক)  বৃত্তিমূলক শিক্ষাই ব্যক্তিৰ অৰ্থনৈতিকভাৱে আত্মনির্ভৰশীল কৰি তোলা। নৈতিক শক্তি, মানসিক শক্তি, আত্ম ধাৰণা আৰু সন্তোষজনক কাৰ্যৰ বাবে আত্ম নিৰ্ভৰশীলতা হৈছে এক প্ৰধান উৎস। সামাজিক দক্ষতাৰ অন্যতম বৈশিষ্ট্য হৈছে অৰ্থনৈতিক দক্ষতা আহৰণ কৰা। 

(খ) বৃত্তিমূলক শিক্ষাই শৈক্ষিক কাৰ্যৰ উদ্দেশ্য দিয়ে। মনোবিজ্ঞানীক দৃষ্টিভংগীত যেতিয়া শিশু কোনো উদ্দেশ্যমূলক কামত জড়িত হয়, তেতিয়া অধিক দক্ষতাৰে কাম-কাজ শিকে। এনেকুৱা কাৰ্যত শিশুৱে আগ্ৰহ অভিৰুচি, অনুভূতি আদিক নিজৰ চিন্তা শক্তিৰে জাগ্ৰত কৰিব পাৰে। 

(গ) বৃত্তিমূলক শিক্ষা সকলো শিক্ষাৰ্থীৰ উপযোগী নহবও পাৰে। বৃত্তিমূলক শিক্ষা কম মেধাসম্পন্ন শিক্ষাৰ্থীৰ বাবে অধিক উপযোগী। সাধাৰণতে কিছুমান শিক্ষাৰ্থীয়ে শ্ৰেণী কোঠাৰ পাঠ্যক্ৰম সহজে বুজি পোৱাত বা আহৰণ কৰাত অক্ষম হয়। বৃত্তিমূলক শিক্ষাই কম মেধা সম্পন্ন শিক্ষাৰ্থীক সাঙুৰি উপযুক্ত শিক্ষা দিব পাৰে। 

(ঘ) বৃত্তিমূলক শিক্ষাই সমাজৰ ব্যৱধান কমাই আনিব পাৰে। ভাৰতীয় সমাজ ব্যৱস্থাত উচ্চ খাপৰ লোকসকলে কেৱল সাধাৰণ লাভৰ কাৰণে শিক্ষা আহৰণ কৰে আৰু নিম্নশ্ৰেণীৰ লোকসকলে বৃত্তিমূলক শিক্ষাত জড়িত হ’ব লাগে। মহাত্মা গান্ধীয়ে পৰীক্ষা-নিৰীক্ষা কৰি এইটো প্ৰমাণিত কৰে যে বৃত্তীয় শিক্ষাই হাতৰ কামৰ দ্বাৰাই বৌদ্ধিক বিকাশ সাধন কৰিব পাৰে। 

প্ৰশ্ন ৭১। শিক্ষাৰ উদাৰনৈতিক আৰু বৃত্তিমূলক লক্ষ্যৰ মাজত পাৰ্থক্য দেখুওৱা। (Distinguish between liberal and vocational goals of education. )

উত্তৰঃ শিক্ষাৰ উদাৰনৈতিক আৰু বৃত্তিমূলক লক্ষ্যৰ মাজত বিৰাজ কৰা পাৰ্থক্য সমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ উদাৰনৈতিক লক্ষ্য হৈছে চিন্তা প্ৰধান। আনহাতে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য হৈছে ক্ৰিয়া প্ৰধান। 

(খ) শিক্ষাৰ উদাৰনৈতিক বা মুক্তিবাদী লক্ষ্য আদৰ্শৱান দৰ্শকৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু বৃত্তিমূলক লক্ষ্য প্ৰয়োগবাদ দৰ্শকৰ ওপৰত প্ৰতিষ্ঠিত। 

(গ) শিক্ষাৰ উদাৰনৈতিক লক্ষ্যই ব্যক্তিৰ আধ্যাত্মিক দিশৰ বিকাশত জোৰ দিয়ে। আনহাতে বৃত্তিমূলক লক্ষ্যই ব্যক্তিৰ প্ৰয়োগিকতাৰ উপৰিও জোৰ দিয়ে। 

(ঘ) শিক্ষাৰ উদাৰনৈতিক লক্ষ্যই ব্যক্তিৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰয়োজন পূৰণ কৰে। আনহাতে বৃত্তিমূলক লক্ষ্যই বৰ্তমানৰ বিজ্ঞান আৰু কাৰিকৰী জীৱনৰ প্ৰয়োজন পূৰণ কৰে। 

(ঙ) শিক্ষাৰ উদাৰনৈতিক লক্ষ্যই মানুহক সংৰক্ষণশীল মনত কৰি তোলে। কিন্তু বৃত্তিমূলক লক্ষ্যই মানুহক পৰিৱৰ্তনশীল মনৰ কৰি তোলে। 

(চ) শিক্ষাৰ উদাৰনৈতিক লক্ষ্যৰ ধাৰণা পুৰণি আনহাতে বৃত্তিমূলক ধাৰণা তুলনামূলকভাৱে নতুন। 

(ছ) শিক্ষাৰ উদাৰনৈতিক লক্ষ্যই ব্যক্তিৰ মনোভাৱ আৰু কার্য সংৰক্ষণ কৰে আনহাতে বৃত্তিমূলক লক্ষ্যই ব্যক্তিৰ মনোভাৱ আৰু কাৰ্যত পৰিৱৰ্তনশীল আৰু গতিশীলতা আনি দিয়ে। 

(জ) শিক্ষাৰ উদাৰনৈতিক লক্ষ্যই ব্যক্তিৰ মন অন্যান্য লক্ষ্যৰ পৰা আঁতৰত ৰাখে আনহাতে বৃত্তিমূলক লক্ষ্যই ব্যক্তিৰ বাস্তৱিক জীৱনৰ প্ৰয়োজনীয়তা পূৰণ কৰে। 

(ঝ) শিক্ষাৰ উদাৰনৈতিক বা মুক্তিবাদী লক্ষ্যই আমাৰ অতীত জীৱনৰ সংস্কৃতি সৌন্দৰ্যবোধ আৰু বাহ্যিক দিশৰ আভাস দিব পাৰে। কিন্তু বৃত্তিমূলক লক্ষ্যই জীৱিকা উপাৰ্জনৰ বাবে কেনেকৈ আগবাঢ়িব লাগে তাৰ জ্ঞান প্ৰদান কৰে। 

(ঞ)  শিক্ষাৰ উদাৰনৈতিক লক্ষ্য বৌদ্ধিক জগতৰ তালিকা, জ্ঞানৰ ভঁৰাল আৰু ভিন ভিন ৰুচিৰ পৰিশোধনৰ লগত জড়িত। আনহাতে বৃত্তিমূলক লক্ষ্য আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত সুস্থভাৱে সমায়োজন কৰিবলৈ ব্যক্তিৰ আধুনিকীকৰণত সহায় কৰে।

প্ৰশ্ন ৭২। অপাৰেচন ব্লেকবোৰ্ড বুলিলে কি বুজা ? (What do you mean by Operation Blackboard ?)

উত্তৰঃ ১৯৮৬ চনৰ নতুন শিক্ষানীতিত ‘অপাৰেচন ব্লেকবোৰ্ড’ আঁচনি আৰম্ভ কৰা হয়। এই আঁচনি অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত অন্ততঃ নিম্নতম সা-সুবিধা প্ৰদান কৰাৰ প্ৰচেষ্টা লোৱা হয়। দেশৰ প্ৰাথমিক বিদ্যালয়সমূহক যাতে উন্নয়নৰ পথত অগ্ৰসৰ কৰিব পাৰি তাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত অন্ততঃ দুটাকৈ ডাঙৰ কোঠালি থাকিব, কেতবোৰ আৱশ্যকীয় চাৰ্ট আৰু মেপ আৰু ব্লেকবোৰ্ড থাকিব। প্ৰতিটো শ্ৰেণীৰ বাবে একোজনকৈ শিক্ষক নিযুক্তি দিয়া হ’ব।  শিক্ষকৰব প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

স্বেচ্ছাসেৱীৰ অনুষ্ঠান, প্ৰাদেশিক আৰু মিউনিচিপাল বোৰ্ড আৰু উৎসাহী যুৱক-জয়যুৱতীক এই আচঁনিত জড়িত কৰা হ’ব। যদি কোনো মাধ্যমিক বিদ্যালয়ৰ ঘৰৰ অভাৱ দেখা যায় তেতিয়া পোন প্ৰথমে সেই বিদ্যালয়ৰ বাবে ঘৰৰ যোগান ধৰা হ’ব।

প্ৰশ্ন ৭৩। জিলা প্ৰাথমিক শিক্ষা আঁচনি বুলিলে কি বুজা ? (What do you mean by district primary education scheme?.

উত্তৰঃ ১৯৯৮ চনৰ নৱেম্বৰ মাহত বিশ্ববেংক আৰু ইউৰূপীয় গোস্বামী আৰ্থিক সাহায্যৰ্থে ভাৰত চৰকাৰৰ মানৱ সংশোধন বিকাশ মন্ত্ৰণালয়ৰ তত্বাৱধানত দেশৰ প্ৰাথমিক শিক্ষা বিকাশৰ এখন নতুন আঁচনি গ্ৰহণ কৰা হয়। ইয়াক জিলা প্ৰাথমিক শিক্ষা আঁচনি বা চমুকৈ ডি.পি.ই.পি. নামেৰে জনা যায়। ই হৈছে পাঁচ বছৰীয়া সময় সাপেক্ষে প্ৰাথমিক শিক্ষা বিকাশৰ এক আঁচনি, যাৰ মূল উদ্দেশ্য হৈছে দেশৰ পিছ পৰি থকা অঞ্চলৰ লোকসকলৰ শিক্ষানুষ্ঠানত অন্তৰ্ভুক্তিৰ ক্ষমতা বঢ়োৱা, নিৰক্ষৰতা আঁতৰ কৰা আৰু প্ৰাথমিক শিক্ষাৰ অপচয় ৰোধ কৰি শিক্ষা সাৰ্বজনীন কৰি তোলা।

এই শিক্ষা আঁচনিত দেশৰ সকলোবোৰ ৰাজ্য আৰু জিলাকে অন্তৰ্ভুক্ত কৰা হোৱা নাই। যিবোৰ ৰাজ্য আৰু ইয়াৰ অন্তৰ্ভুক্ত জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বভাৰতীয় মহিলাই সাক্ষৰতাৰ হাৰৰ গড় পৰিমাণতকৈ নিম্নমানৰ, তেনেবোৰ অঞ্চলত এই আচঁনিখন কাৰ্যকৰীকৰণৰ ব্যৱস্থা অগ্ৰাধিকাৰৰ ভিত্তিত লোৱা হৈছে। ডি. পি.ই.পি. আচঁনিখনে দেশৰ নিৰক্ষৰ মহিলাসকলক, পিছপৰা অনুসূচীত জাতি আৰু জনজাতীয় লোকসকলক বিশেকভাৱে সামৰি লৈছে। এই অনুক্ৰমে ইয়াৰ প্ৰথম পৰ্যায়ত অসম, হাৰিয়ানা, কৰ্ণাটক, কেৰেলা, মহাৰাষ্ট্ৰ আৰু তামিলনাডু ৰাজ্যৰ মুঠ ২৩ খন নিৰ্বাচিত জিলাত ইয়াক কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত পশ্চিমবংগ, অন্ধ্ৰ, গুজৰাট, হিমাচল প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশকে ধৰি ১৪ খন ৰাজ্যত আচঁনিখন কাৰ্যকৰী কৰি তোলা হয়। এই আচঁনিখন সম্পূৰ্ণ হোৱাৰ পাছত মুঠ ৩৭৩ খন জিলাৰ ৭৭০ নিযুত জনসংখ্যা সামৰি ল’ব।

প্ৰশ্ন ৭৪। জিলা প্ৰাথমিক শিক্ষা আচঁনিখনৰ প্ৰধান লক্ষ্যসমূহ উল্লেখ কৰা। (Mention the main objectives of the District primary Education Scheme.)

উত্তৰঃ জিলা প্ৰাথমিক শিক্ষা আচঁনিখনৰ প্ৰধান লক্ষ্যসমূহ হ’ল—

(ক) প্ৰাথমিক শিক্ষাৰ বাবে জাতীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু জিলা পৰ্যায়ত আঁচনি প্ৰস্তুতকৰণ, পৰিচালনা, প্ৰশিক্ষণ আৰু গৱেষণা কাৰ্যৰ বিকাশ সাধন কৰা। 

(খ) পুৰুষ, মহিলা আৰু বিভিন্ন সামাজিক গোষ্ঠীৰ লোকৰ মাজত থকা স্কুলৰ নাম ভৰ্তিকৰণ, শিক্ষা অপচয় আৰু শিক্ষা গ্ৰহণৰ মাজত থকা প্ৰভেদ কমোৱা। 

(গ) স্কুল এৰি দিয়াৰ পৰিমাণ দহ শতাংশতকৈ কমোৱা। 

(ঘ) প্ৰাথমিক শিক্ষা আয়ত্বকৰণৰ গড় বিশ শতাংশলৈ বঢ়োৱা। 

(ঙ) প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো শিশুৰ প্ৰাথমিক স্কুলৰ শিক্ষা আহৰণ সম্ভৱ কৰি তোলা।

এই শিক্ষা আচঁনিখন কাৰ্যকৰীকৰণৰ বাবে উপযুক্ত সাংগঠনিক ব্যৱস্থাও গঢ় দি তোলা হয়। বিশ্ববেংক ভাৰত চৰকাৰক দিয়া অৰ্থ সাহায্য উপযুক্তভাৱে কার্যকৰীকৰণৰ বাবে কেন্দ্রয় চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰবোৰৰ প্ৰয়োজনীয় নিৰ্দেশনা দিব। ৰাজ্য চৰকাৰবোৰত ইয়াৰ বাবে কেন্দ্ৰীয় কমিটি একোখন গঠন কৰা হ’ব। জিলা পৰ্যায়টো ইয়াৰ শাখা কমিটি গঠন কৰা হ’ব। ৰাজ্য চৰকাৰৰ প্ৰাদেশীকৰণ আৰু স্কুলবোৰতহে এই আঁচনি অন্তৰ্ভুক্ত হ’ব।

প্ৰশ্ন ৭৫। জিলা প্ৰাথমিক শিক্ষা আচঁনিখনে কাৰ্যকৰীকৰণৰ বাবে গ্ৰহণ কাৰ্যসূচীসমূহৰ চমু বিৱৰণ দিয়া। (Give an overview of the program’s adopted for the implementation of the District Primary Education Scheme.)

উত্তৰঃ (ক) শিশু শিক্ষাৰ বাবে সামগ্ৰিক উৎকৰ্ষ সাধন কৰা। 

(খ) খোৱা পানীৰ সুবিধা আৰু ছোৱালীৰ বাবে প্ৰস্ৰাৱগাৰ আদিৰ বিশেষ সুবিধা প্ৰদান কৰা। 

(গ) সাম্প্ৰদায়িক লোকসকলক আচঁনিখনৰ ক্ৰিয়াকলাপত জড়িত কৰি তোলা। 

(ঘ) বিকল্প স্কুলৰ শিক্ষাব্যৱস্থা কৰি বিভিন্ন কৰ্মক্ষেত্ৰত ব্যস্ত থকা শিশুসকলৰ শিক্ষাৰ ব্যৱস্থা কৰা।

(ঙ) ৩-৬ বছৰৰ শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে এক প্ৰাক্-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা। 

(চ) শিশু -মেলা, পুতলা প্ৰদৰ্শনী, শিশু চিত্ৰ প্ৰদৰ্শনী আদি আয়োজন কৰা।

(ছ) প্ৰাক্-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাৰ মাজত সমন্বয় আৰু সহযোগিতা স্থাপন কৰা। উল্লেখিত কাৰ্যসূচীসমূহকেই প্ৰধান কাৰ্যসূচী বুলি আমি উল্লেখ কৰিব পাৰোঁ।

প্ৰশ্ন ৭৬। জিলা শিক্ষা আৰু প্ৰশিক্ষণ অনুষ্ঠানৰ (DIET) বিষয়ে চমুকৈ লিখা। (Write briefly about district education and training programs.)

উত্তৰঃ DIET হ’ল জিলা পৰ্যায়ৰ শিক্ষানুষ্ঠান য’ত প্ৰাথমিক স্কুলৰ শিক্ষকসকলৰ নিযুক্তিৰ আগত আৰু নিযুক্ত হোৱাৰ পাছত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।

১৯৮৬ চনৰ নতুন শিক্ষানীতিৰ অনুমোদন ক্ৰমে প্ৰাথমিক শিক্ষাক সাৰ্বজনীনকৰণ আৰু প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ সফল ৰূপায়ণত ৰাজ্য চৰকাৰসমূহক সহায় কৰিবলৈ জিলা শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদসমূহ স্থাপন কৰা হয়। জিলা ভিত্তিত প্ৰাথমিক আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ লক্ষ্যত উপনীত হোৱাই জিলা শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।

নতুন শিক্ষানীতিৰ অনুমোদনৰ ভিত্তিত ১৯৮৬ চনত DIET সমুহ স্থাপন কৰাৰ কাম হাতত লোৱা হয় আৰু ১৯৮৯ চনৰ অক্টোবৰ মাহলৈকে মুঠ ২১৬ খন DIET খোলাৰ বাবে আৰ্থিক মঞ্জুৰী প্ৰদান কৰা হয়।

DIET ৰ মুঠ শাখা সাতটা, যেনে—

(ক) নিযুক্তিৰ পূৰ্বে দিয়া শিক্ষক শিক্ষা। 

(খ) কৰ্ম অভিজ্ঞতা শাখা। 

(গ) প্ৰাপ্ত বয়স্ক আৰু আনুষ্ঠানিক শিক্ষাৰ বাবে জিলা সম্পদ আহৰণ গোট। 

(ঘ) কৰ্মকালীন অনুষ্ঠান, ক্ষেত্ৰভিত্তিক আলোচনা আৰু বিনিময় আৰু উদ্ভাৱন শাখা। 

(ঙ) পাঠ্যক্ৰম, বিষয়-সামগ্ৰীৰ বিকাশ সাধন আৰু মূল্যায়ন শাখা।

(চ) শিক্ষা প্ৰযুক্তি শাখা। 

(ছ) পৰিকল্পনা আৰু পৰিচালনা শাখা।

প্ৰশ্ন ৭৭। সৰ্বশিক্ষা অভিযান (SSA) বুলিলে কি বুজা ? এই অভিযানৰ প্ৰধান লক্ষ্য কি আলোচনা কৰা। (What do you mean by Sarba Siksha Abhiyan ? Discuss the main goals of this campaign ?)

উত্তৰঃ সৰ্বশিক্ষা অভিযান হ’ল এখন শিক্ষা আঁচনি। এই আচঁনিখন প্ৰস্তুত কৰা হৈছে প্ৰাথমিক শিক্ষাক সৰ্বস্তৰতে সাৰ্বজনীন কৰাৰ বাবে। সমগ্র ভাৰতত গঢ় লৈ উঠা গুণগত প্ৰাথমিক শিক্ষাৰ দাবীৰ প্ৰতিক্ৰিয়া হিচাপে এই আচঁনিখন উদ্ভৱ হৈছে। শিক্ষাৰ মাধ্যমেৰে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ লগতে উন্নীতকৰণও অৰিহণা যোগোৱা ই এটা সুবিধা। পঞ্চায়তীৰাজৰ অনুষ্ঠানসমূহ, বিদ্যালয় পৰিচালনা সমিতি, গ্ৰাম্য শিক্ষা সমিতি, চহৰৰ বস্তি অঞ্চল পৰ্যায়ৰ সমিতি, শিক্ষক, অভিভাৱক সংস্থা, শিক্ষক মাতৃ সংস্থা, জনজাতীয় স্বতন্ত্ৰ পৰিষদ ইত্যাদিবোৰক প্ৰাথমিক বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে জড়িত কৰাৰ এই অভিযান হ’ল এটা প্ৰচেষ্টা। সৰ্বশিক্ষা অভিযান হ’ল— উচ্চ পৰ্যায়ত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ এটি ৰাজনৈতিক ইচ্ছাৰ প্ৰকাশ। সৰ্বশিক্ষা অভিযান হ’ল, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা, শিক্ষাক সাৰ্বজনীন ৰূপ দিয়াৰ এক সৰল পদক্ষেপ। এই অভিযানৰ যোগেৰে ৰাজ্যসমূহে প্ৰাথমিক শিক্ষক সাৰ্বজনীন আৰু গুণগত কৰি তোলাৰ বাবে স্ব-দৃষ্টিৰ উন্নতি সাধন কৰাৰ সুবিধা লাভ কৰিব পাৰিব। সৰ্বশিক্ষা অভিযান হ’ল কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা এটা যৌথ প্ৰচেষ্টা।

সৰ্বশিক্ষা অভিযানৰ লক্ষ্য :-

সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য হ’ল ২০১০ চনৰ ভিতৰত ৬-১০ বছৰ বয়সৰ ভিতৰত সকলো শিশুকে উপযোগী আৰু যুক্তিসহ প্ৰাথমিক শিক্ষা আঞ্চলিক আৰু লিংগ বৈষম্য দূৰ কৰাৰ ব্যৱস্থা কৰা হ’ব। বিদ্যালয় পৰিচালনা কৰাত সম্প্ৰদায়সমূহক সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা। ফলদায়ক, গুণসম্পন্ন আৰু প্ৰাসংগিক শিক্ষা সম্প্ৰসাৰণ কৰিব পাৰিলেহে সমাজ তথা সাম্প্ৰদায়িক সংহতি সম্পন্ন কৰিব পৰা যায়। এই ধাৰণাৰ আগত কেইটামান আকাংক্ষিত ফল বিচৰা হৈছে।

যেনে—

(ক) সকলোবোৰ শিশুক ২০০৩ চনৰ ভিতৰত বিদ্যালয়, শিক্ষা নিশ্চিত কেন্দ্ৰ, বিকল্প বিদ্যালয়, বিদ্যালয় প্ৰত্যাৱৰ্তন শিবিৰ আদিত সামৰি লোৱা হৈছে। 

(খ) সকলোবোৰ শিশুৱে ২০০৭ চনৰ ভিতৰত আঠবছৰীয়া প্ৰাথমিক শিক্ষা সমাপ্ত কৰিব। 

(গ) সকলোবোৰ শিশুৱে ২০১০ চনৰ ভিতৰত বিদ্যালয়ত পাঁচ বছৰীয়া শিক্ষা সমাপ্ত কৰিব।

(ঘ) প্ৰাথমিক শিক্ষাক কেন্দ্ৰীভূত কৰি আৰু সন্তোষজনক, গুণসম্পন্ন কৰি জীৱনৰ বাবে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

(ঙ) প্ৰাথমিক শিক্ষাৰ স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁতৰ কৰাৰ ব্যৱস্থা কৰা হ’ব।

(চ) প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ২০১০ চনৰ ভিতৰত সাৰ্বজনীন সংৰক্ষণ নিশ্চিত কৰা হ’ব আৰু সকলো শিশুৰে শিক্ষা সম্পূৰ্ণ কৰা হ’ব।

প্ৰশ্ন ৮৭। সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা। (Mention the objective of Sarba Shiksha Abhiyan.)

উত্তৰঃ সৰ্বশিক্ষা আঁচনি মূল উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণৰ—

(ক) ৰাজহুৱা অনুষ্ঠান সম্পৰ্কীয় সংস্কাৰ সাধন কৰি বিদ্যালয়সমূহৰ মানদণ্ড ৰক্ষা কৰা। 

(খ) বিদ্যালয় পৰ্যায়লৈকে ফলপ্ৰসূ বিকেন্দ্ৰিকৰণৰ ব্যৱস্থা কৰা। 

(গ) শিক্ষা সম্পৰ্কীয় ধাৰণা ৰাইজৰ আগত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা। বিদ্যালয় তথা শিক্ষানুষ্ঠানবোৰ যে ৰাইজৰ তাক উপলব্ধি কৰোৱা।

(ঘ) বিদ্যালয়ৰ ওচৰৰ ৰাইজক অংশীদাৰ হিচাপে লৈ তৃণমূল পৰ্যায়ৰ পৰা পৰিকল্পনাক ৰূপদান দিয়াৰ ব্যৱস্থা কৰা।

(ঙ) শিক্ষাৰ কাৰ্যসূচী শিথিলভাৱে গ্ৰহণ কৰি তোলা। ৰাজ্যৰ বিশেকভাৱে প্ৰয়োজন থকা ব্যৱস্থাৱলীসমূহক সমৰ্থন, সহায় আগবঢ়োৱা। 

(চ) শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ জনসাধাৰণক জড়িত কৰি তোলাৰ লগতে খৰচ কম কৰি বিকাশৰ পথত অগ্ৰসৰ হ’ব পৰাৰ উপায়সমূহক উদগনি যোগোৱা। 

(ছ) শিক্ষাৰ ক্ষেত্ৰসমূহত ছোৱালীৰ ওপৰত অধিক গুৰুত্ব দি মহিলা শিক্ষাৰ ওপৰত অৰিহণা তথা উৎসাহ যোগোৱা। 

(জ) সংহত শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে বিশেষ প্ৰয়োজন থকা শিশুসকলক তথা অক্ষম শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰা। 

(ঝ) শিক্ষাব্যৱস্থাটোক জীৱনৰ লগত জড়িত কৰি জীৱন-ধাৰণৰ দক্ষতা বিকাশ সাধনৰ ব্যৱস্থা কৰা।

প্ৰশ্ন ৭৯। উচ্চ শিক্ষা বুলিলে কি বুজা ? কেইটা লক্ষ্য বা উদ্দেশ্য বৰ্ণনা কৰা। (What do you mean by higher education? Describe some of its goals and objectives.)

উত্তৰঃ মাধ্যমিক শিক্ষা বা স্কুলীয়া শিক্ষা অন্ত হোৱাৰ পিছত উচ্চ শিক্ষা লোৱাটো ব্যৱস্থা কৰা হয়। অতি প্ৰাচীন কালৰ পৰাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিখ্যাত আছিল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহে তৃতীয়-চতুৰ্থ শতিকাৰে পৰাই আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰি দেশ-বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰাৰ নিৰ্দশন আছে। তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জনপ্ৰিয়তা দশম শতিকালৈ অব্যাহত আছিল।

১৮৫৪ চনৰ উডৰ ঘোষণা পত্ৰৰ নিৰ্দেশ মতে আধুনিক ভাৰতবৰ্ষত ১৮৫৭ চনত কলিকতা, বোম্বে আৰু মাদ্ৰাজত লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত আধুনিক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ল। ১৮৮৭ চনত পাঞ্জাৱ আৰু এলাহাবাদ বিশ্ববিদ্যালয় স্থাপন হৈছিল।

ভাৰতীয় বিশ্ববিদ্যালয়সমূহলৈ সোণালী পৰিৱর্ত্তন আহিছিল ১৯০২ চনৰ লৰ্ড কাৰ্জনৰ শিক্ষানীতিয়ে। ১৯০২ চনত লৰ্ড কাৰ্জনে বিশ্ববিদ্যালয় শিক্ষা সম্বন্ধে অনুসন্ধান চলাই ১৯০৪ চনত বিশ্ববিদ্যালয় শিক্ষা আইন প্ৰৱৰ্তন কৰি প্ৰশাসনীয় আৰু পৰিচালনামূলক দিশত পৰিকল্পিত আৰু শৃংখলাবদ্ধ ব্যৱস্থা গ্ৰহণ কৰিলে। ১৯১৭ চনত ভাৰতীয় বিশ্ববিদ্যালয়বিলাকৰ ওপৰত অধ্যয়ন কৰিবলৈ চেদলাৰ আয়োগ গঠন কৰা হয়। বৰ্তমান আমাৰ দেশত থকা বিশ্ববিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাহিৰেও বিভিন্ন গৱেষণামূলক অধ্যয়ন কৰাৰ ব্যৱস্থা আছে।

উচ্চ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য :- বিশ্ববিদ্যালয় শিক্ষা বা উচ্চ শিক্ষাৰ প্ৰধান লক্ষ্যসমূহক তলত উল্লেখ কৰা হ’ল–

(ক) সামাজিক যোগ্যতা লাভ :- ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত বিশেষ পৰিৱৰ্তন সাধিত হৈছে। আমাৰ বিশ্ববিদ্যালয় বা উচ্চ শিক্ষাই সেয়েহে এনেবোৰ দিশত যোগ্য নেতৃত্ব দিব পৰা ব্যক্তি গঢ়ি তুলিব পাৰিব লাগিব।

(খ) সাংস্কৃতিক পৰম্পৰা ৰক্ষা :- উচ্চ শিক্ষাৰ আন এটা প্ৰধান উদ্দেশ্য হ’ব লাগে দেশৰ সভ্যতা, সংস্কৃতি, পৰম্পৰা কৰাটো। আধুনিক উন্নতি তথা প্ৰগতিৰ দোহাই দি দেশৰ সংস্কৃতি, সভ্যতাক বিসৰ্জন দিয়াটো অনুচিত। উচ্চ শিক্ষাই শিক্ষাৰ্থীৰ সাংস্কৃতিক আদৰ্শ গঠনত সহায়ক হ’ব লাগে।

(গ) সুপ্ত শক্তিৰ বিকাশ :- শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সুপ্ত শক্তি তথা প্ৰতিভাৰ চিনাক্তকৰণ আৰু বিকাশ সাধন কৰাটো উচ্চ শিক্ষাৰ দায়িত্ব। এনে শক্তিৰ সৈতে ভালদৰে পৰিচিত হ’ব পাৰিলেহে তেওঁলোকক উপযুক্ত শিক্ষা প্ৰদান কৰি শিক্ষা বিকাশ কৰি তোলা সম্ভৱপৰ।

(ঘ) চৰিত্ৰ গঠন :- উচ্চ শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠনত সহায়ক হ’ব লাগে। ভাৰতবৰ্ষত নতুন সভ্যতা গঢ় দি তুলিবলৈ হ’লে আমাক প্ৰয়োজন হ’ব চৰিত্ৰবান লোকৰ। ভোগ-লালসা, বস্তুবাদী মানসিকতা, পৰিহাৰ কৰি সজ চৰিত্ৰ তথা আদৰ্শৱান ব্যক্তিলৈ ৰূপান্তৰিত কৰাত উচ্চ শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

(ঙ) ৰাষ্ট্ৰীয় অনুশাসন :- উচ্চ শিক্ষিত যুৱক-যুৱতীৰ মনত ৰাষ্ট্ৰৰ প্ৰতি সন্মান, আনুগত্য তথা অনুশাসনৰ মনোভাৱ গঢ়ি তোলাটো উচ্চ শিক্ষাৰ এটা প্ৰধান কাম। দেশ তথা সমাজৰ নীতি-নিয়ম, আইন-কানুন আৰু সংবিধানৰ প্ৰতি আনুগত্যতা প্ৰদৰ্শন কৰাটো প্ৰতিজন উচ্চ শিক্ষিত ব্যক্তিৰেই দায়িত্ব।

(চ) আন্তঃৰাষ্ট্ৰীয় বুজাপৰা :- উচ্চ শিক্ষাই আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বঢ়াই তুলি বিশ্ব শান্তি স্থাপনতো বিশেষ ভূমিকা পালন কৰিব লাগে। উচ্চ শিক্ষাৰ দ্বাৰা আন্তঃৰাষ্টীয় বুজাপৰা, সদভাৱ আৰু সহযোগিতাৰ মনোভাৱ বৃদ্ধি কৰি তুলিব লাগে। অকল নিজ দেশৰ প্ৰতিয়ে সুস্থ মনোভাৱৰ জন্ম নিদি আন্তৰ্জাতিক ক্ষেত্ৰলৈ ইয়াক সম্প্ৰসাৰিত কৰিব লাগে।

প্ৰশ্ন ৮০। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শৱলী বৰ্ণনা কৰ। (Describe the recommendation of the 1986 State Education Policy.)

উত্তৰঃ বৰ্তমান সমাজে সন্মুখীন হোৱা জটিল সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, নৈতিক আৰু আধ্যাত্মিক সমস্যাসমূহৰ বিষয়ে জ্ঞান লাভ কৰাৰ সুযোগ উচ্চ শিক্ষাই দিয়ে। শিক্ষাৰ সৰ্বোচ্চ স্থানত অৱস্থিত এই উচ্চ শিক্ষাই শিক্ষক উৎপাদনৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমান জ্ঞানৰ বিস্ফোৰণৰ দিনত শিক্ষাই গতিশীলতাৰ নীতি গ্ৰহণ কৰিব লাগে আৰু জ্ঞানৰ নতুন নতুন দিশ উদ্ভাৱনৰ প্ৰতি সাজ থাকিব লাগে।

এই উচ্চ শিক্ষাৰ প্ৰসংগত নতুন শিক্ষানীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণৰ কথা তলত উল্লেখ কৰা হৈছে—

(ক) উচ্চ শিক্ষাৰ স্বায়ত্তশাসন :- সমগ্র দেশতে বৰ্তমান ১৫০ খন বিশ্ববিদ্যালয় আৰু ৫০০০ খন অধিক কলেজ অৱস্থিত। অনুষ্ঠানসমূহৰ সৰ্বাংগীন বিকাশৰ প্ৰয়োজনৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ সুদৃঢ়কৰণ আৰু বৰ্তমানৰ সা-সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব আৰু ইয়াৰ অধঃপতনৰ পৰা ৰক্ষা কৰিবৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিৰ্বাচিতভাৱে একো একোখন বিশ্ববিদ্যালয়ত আভ্যন্তৰীণভাৱে স্বায়ত্ত শাসিত বিভাগ স্থাপনৰ ব্যৱস্থা উৎসাহিত কৰা হ’ব। এনে স্বাধীনতা আৰু স্বায়ত্ত শাসন অনুভৱ কৰা শিক্ষা কৰ্তৃপক্ষক কৈফিয়ৎ তলব কৰাৰো ব্যৱস্থা থাকিব।

(খ)  শিক্ষাদান ব্যৱস্থাৰ পৰিৱৰ্তন :- উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰত শিক্ষাদান ব্যৱস্থাৰো আমূল পৰিৱৰ্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ফলত শিক্ষাদান ব্যৱস্থাৰ প্ৰয়োজনীয় দৃশ্য-শ্ৰাব্য সঁজুলি আৰু বৰ্তমানৰ ইলেকট্ৰনিক শিক্ষা সঁজুলিবোৰ ব্যাপকভাৱে প্ৰয়োগ কৰিব পাৰিব লাগে। শিক্ষকসকলৰ ভূমিকা প্ৰণালীবদ্ধভাৱে পৰিমাপ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু তেওঁলোকৰ পদবীসমূহ যোগ্যতাৰ ভিত্তিত পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ভাৰতৰ প্ৰাচীন আৰু জ্ঞান-অভিজ্ঞতাসমূহৰ বিকাশ সাধন কৰা হ’ব আৰু সেইসমূহ বৰ্তমানৰ সমসাময়িক জ্ঞান আৰু অভিজ্ঞতাৰ লগত সম্বন্ধ স্থাপন কৰি তোলা হ’ব।

(গ)  মুক্ত বিশ্ববিদ্যালয় আৰু দূৰ শিক্ষণ ব্যৱস্থা :- উচ্চ শিক্ষাত গণতান্ত্ৰিক নীতি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰা হ’ব। সমাজৰ সকলো শ্ৰেণীৰে লোকৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰাটো সম্ভৱপৰ আৰু সুবিধাজনক কৰি তুলিবৰ বাবে মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। এইবিধ বিশ্ববিদ্যালয় দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গণতান্ত্ৰিক মনোভাৱ গঢ় দি তুলিবৰ বাবে বিশেষ উপযোগী হৈ উঠিব পাৰে। সেয়ে ১৯৮৫ চনত স্থাপন কৰা ইন্দিৰা গান্ধী জাতীয় মুক্ত বিশ্ববিদ্যালয় অধিক শক্তিশালী কৰি তুলিবৰ বাবে এই নতুন শিক্ষানীতিত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(ঘ) চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণ :- নতুন শিক্ষানীতিত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে, কেতবোৰ নিৰ্বাচিত বিষয়ক বিশ্ববিদ্যালয়ৰ প্ৰদত্ত ডিগ্ৰী চাকৰিত কৰ্ম নিযুক্তিৰ বাবে অপৰিহাৰ্য স্বৰূপে বিবেচনা কৰা নহ’ব। অৱশ্য এনেবোৰ ব্যৱসায়িক বিষয়, যেনে–আভিযান্ত্রিক, চিকিৎসা, আইন আদিৰ ক্ষেত্ৰত এই নীতিৰ প্ৰয়োগ কৰা নহ’ব। বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ প্ৰয়োজন নোহোৱা চাকৰিবোৰত কৰ্ম নিযুক্তিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ জাতীয় পৰীক্ষণ সেৱা সংস্থা গঠন কৰা হ’ব।

(ঙ) গ্ৰাম্য বিশ্ববিদ্যালয় :- গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ বৈপ্লৱিক ভাৱধাৰাৰ ওপৰত ভিত্তি কৰি গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ যোগেদি গ্ৰাম্য অঞ্চলবোৰত তৃণমূল পৰ্যায়ত শিক্ষা বিকাশৰ সূক্ষ্ম আঁচনি গ্ৰহণ কৰিব পৰা যাব। ইয়াৰ বাবে বুনিয়াদী শিক্ষাৰ অনুষ্ঠান আৰু এই সম্বন্ধীয় আচঁনিবোৰক সমৰ্থন কৰা হ’ব।

প্ৰশ্ন ৮১। ১৯৮৬ চনৰ নতুন শিক্ষানীতিৰ এটা সমালোচনামূলক আলোচনা দাঙি ধৰা। (Describe the critical discussion of the new education policy of 1986.)

উত্তৰঃ বৰ্তমান শতিকাৰ শেষত দেশৰ নাগৰিকসকলে যাতে ২১ শতিকাত নতুন চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আৰু নতুন ভাৱমূৰ্তিৰে প্ৰৱেশ কৰিব পাৰে তাৰ বাবেই এই শিক্ষানীতিত শক্তিশালী বুনিয়াদ ৰচনা কৰা হয়। ২১ শতিকাৰ আধুনিক আৰু বিজ্ঞান তথা কাৰিকৰী বিজ্ঞানৰ জগতখনত আমাৰ ছাত্ৰসকলে যাতে সুস্থ সমায়োজন কৰিব পাৰে তাৰ বাবে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হয়। সমগ্ৰ দেশখনৰেই সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ আৰু মানৱ সম্পদৰ সৎব্যৱহাৰ কৰিব পৰাকৈ এক নতুন শিক্ষা দৰ্শন গঢ় দি তুলিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল।

ইয়াৰ বাবে প্ৰস্তুত কৰি তোলা এই শিক্ষানীতিৰ কেতবোৰ যোগাত্মক নীতি তলত উল্লেখ কৰা ধৰণৰ—

(ক) ভাৰতীয় শিক্ষাত সমতা আৰু সামাজিক ন্যায় স্থাপনৰ, এক সচেতন প্ৰচেষ্টা এই নতুন শিক্ষানীতিত কৰা হৈছে। 

(খ) শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী বিজ্ঞানৰ কৌশল প্ৰয়োগেৰে উন্নত গুণমানৰ শিক্ষা ব্যৱস্থা গঢ় দি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

(গ) দেশৰ লোকৰ অজ্ঞতা আৰু নিৰক্ষৰতা গুচাবৰ বাবে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তোলাৰ এক সৰ্বাত্মক প্ৰচেষ্টা চলোৱা হৈছে। 

(ঘ) মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তুলি দেশৰ জনশক্তি বৃদ্ধি কৰি তোলা আৰু উৎপাদনক্ষম কৰি তোলাৰ প্ৰয়াস কৰি তোলা হৈছে।

(ঙ) জ্ঞানৰ বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক নমনীয়তাৰ আৰু স্বায়ত্ত শাসনৰ নীতি গ্ৰহণ কৰি এক গণতান্ত্ৰিক শিক্ষানীতি গঢ় দি তোলা হৈছে। 

(চ) বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অধ্যয়নত অধিক গুৰুত্ব প্ৰদান কৰি ছাত্ৰসকলৰ গঠণাত্মক আৰু সমস্যা সমাধানৰ ক্ষমতা বিকাশ কৰি তোলাত জোৰ দিয়া হৈছে। 

(ছ) সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰ উপাদান, শিক্ষাদানৰ পদ্ধতি আৰু শিক্ষণ আহিলাবোৰৰ এক ব্যাপক পৰিৱৰ্তনৰ ইংগিত নতুন শিক্ষানীতিত দিবলৈ প্ৰয়াস কৰা হৈছে।

গতিকে ভাৰতীয় শিক্ষা আধুনিকীকৰণ কৰি তোলাত এই শিক্ষানীতিৰ অৱদান এক ইতিহাস ৰচনাকাৰী আৰু ভৱিষ্যতৰ নতুন দৃষ্টিদানকাৰী বুলি ক’ব পাৰি।

অৱশ্য সমালোচকসকলৰ হাতৰ পৰা এই শিক্ষানীতিও মুক্ত নহয়। কোৱা হয় যে, ১৯৮৬ চনৰ ভাৰতীয় শিক্ষানীতিত ভাৰতীয় শিক্ষাৰ তেনে কোনো অভাৱনীয় নতুনত্ব পোৱা নাযায়। ১৯৬৬ চনৰ কোঠাৰী আয়োগৰ ভিত্তিত গঢ় দি তোলা ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰেই ই এক সংশোধিত পুনৰ সংস্কৰণ বুলি কোনো কোনোৱে মত পোষণ কৰে।

প্ৰশ্ন ৮২। POA (Programme of Action) ৰ বিষয়ে চমুটোকা লিখা। (Write briefly about the program of action.)

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক বাস্তৱত ৰূপায়িত কৰাৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে এক কৰ্মসূচী POA প্ৰস্তুত কৰে। মুঠ ২৩ টা কাৰ্যভাৰপ্ৰাপ্ত কর্মীদল বা কৰ্মদল গঠন কৰা হয় আৰু প্ৰত্যেক দলকে ৰাষ্ট্ৰীয় শিক্ষানীতিত সন্নিবিষ্ট একো একোটা বিষয়ৰ দায়িত্ব অৰ্পণ কৰা হয়। এই কৰ্মদল বিলাকত জড়িত আছিল খ্যাতিমান শিক্ষাবিদ, দক্ষ ব্যক্তি, অভিজ্ঞ আমোলা আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ। প্ৰতিটো কৰ্মদলে কামৰ আঁচনি তৈয়াৰ কৰিছিল আৰু বহলভাৱে উপনীত হ’বলগীয়া লক্ষ্যৰ ইংগিত দিছিল। ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ শিক্ষা সচিবসকলৰ আৰু কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ একাধিক বৈঠকত কৰ্মদলবিলাকে প্ৰস্তুত কৰা প্ৰতিবেদন বিস্তৃতভাৱে আলোচনা কৰা হৈছিল।

প্ৰশ্ন ৮৩। বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) কি ? আয়োগৰ কেইটামান ক্ষমতা তথা কার্য উল্লেখ কৰা। (What is University Grants Commission? Mention some of the powers and functions of this commission.)

উত্তৰঃ ৰাধাকৃষ্ণণ আয়োগে বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰিবলৈ দিয়া পৰামৰ্শ মতে ১৯৫৩ চনৰ নৱেম্বৰ মাহত শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰে। ১৯০৬ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ মতে এই আয়োগক স্ব-শাসনৰ অধিকাৰ প্ৰদান কৰা হয়।

বিশ্ববিদ্যালয়বোৰৰ কাম কাজত সমন্বয় ৰক্ষা কৰি উপযুক্ত মানদণ্ড ৰক্ষা কৰাই এই আয়োগৰ মুখ্য কাম। আয়োগে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত গৱেষণাৰ কামত উদগনি দিয়া, পুথিভঁৰাল আৰু গৱেষণাগাৰৰ উন্নতি সাধন কৰা, শিক্ষকৰ দৰমহা নিৰ্ধাৰণ কৰা আদি বিভিন্ন দিশ সামৰি লয়। এগৰাকী সভাপতি আৰু আঠগৰাকী সদস্যৰ দ্বাৰা বিশ্ববিদ্যালয় অনুদান আয়োগ পৰিচালিত হয়।

ক্ষমতা আৰু কার্য :- বিশ্ববিদ্যালয় অনুদান আয়োগৰ কেইটামান ক্ষমতা তথা কার্য তলত উল্লেখ কৰা হ’ল—-

(ক) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশৰ অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান আগবঢ়োৱা। 

(খ) বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শসমূহ কাৰ্যকৰীকৰণত সহায় আগবঢ়োৱা।

(গ) নতুন বিশ্ববিদ্যালয় স্থাপনত পৰামৰ্শ দিয়া আৰু কোনো বিশ্ববিদ্যালয়ৰ কাৰ্যৱলী সম্প্ৰসাৰণৰ লগত জড়িত বিষয়ত পৰামৰ্শ আগবঢ়োৱা।

(ঘ) কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিশ্ববিদ্যালয় আয়োগলৈ প্ৰেৰণ কৰা বিষয়ত পৰামৰ্শ আগবঢ়োৱা।

(ঙ) ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বুলি ভবা তথা নিৰ্ধাৰণ কৰা কাৰ্যসমূহ সম্পাদন কৰা। 

(চ) বিত্ত সম্পৰ্কীয়, শৈক্ষিক আৰু পৰীক্ষা সম্পৰ্কীয় তথ্য-পাতি সংগ্ৰহ কৰা প্ৰধান কাম।

প্ৰশ্ন ৮৪। সৰ্বশিক্ষা অভিযান কি ? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ লিখা। (What is Sarva Shiksha Abhiyan ? Write down its goals and objectives ?)

উত্তৰঃ ভাৰতৰ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি দেশৰ এশ শতাংশ স্বাক্ষৰতাৰ লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰা এক অভিনৱ প্ৰচেষ্টাই হৈছে সৰ্বশিক্ষা অভিযান।

সৰ্বশিক্ষা অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে তলত উল্লেখ কৰা হ’ল :-

(ক) প্ৰাথমিক বিদ্যালয়ৰ মানদণ্ড ৰক্ষা কৰিবৰ বাবে ৰাজ্যসমূহৰ অনুষ্ঠানসমূহৰ সংস্কাৰ সাধন কৰা।

(খ) বিদ্যালয় পৰ্যায়লৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ফলপ্ৰসূ বিকেন্দ্ৰিকৰণৰ ব্যৱস্থা কৰা।

(গ) বিদ্যালয় তথা শিক্ষানুষ্ঠানবোৰ যে ৰাইজৰ বাবেহে সেই ধাৰণা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা।

(ঘ) বিদ্যালয়ৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰি এই অভিযানৰ সফল ৰূপায়ণৰ ব্যৱস্থা কৰা।

(ঙ) শিক্ষা কাৰ্যসূচীক শিথিলভাৱে ৰাজ্যৰ প্ৰয়োজন অনুসৰি গ্রহণযোগ্য কৰি তোলাৰ ব্যৱস্থা কৰা।

(চ) স্থানীয় ৰাইজক শিক্ষাৰ ক্ষেত্ৰসমূহত অংশগ্ৰহণ কৰোৱাই কম খৰচত বিকাশৰ পথত অগ্ৰসৰ হ’ব পৰাৰ উপায়সমূহক উদগনি যোগোৱা।

(ছ) বিদ্যালয় গৃহ নিৰ্মাণ আৰু মেৰামতিৰ বাবে স্থানীয় উৎসৱ ব্যৱহাৰ কৰাৰ লগতে গ্ৰাম্য নিয়োগ সুনিশ্চিত কৰা।

(জ) প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰসমূহৰ মাধ্যমেৰে শিশুসকলক সুন্দৰভাৱে পৰিচালনা কৰা। ইয়াৰোপৰি শিক্ষক প্ৰশিক্ষণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক সক্রিয় কৰি তোলা।

(ঝ) শিক্ষানুষ্ঠানত পুথিভঁৰাল, পৰিপুষ্ট, খেলা-ধূলা, স্ত্ৰীশিক্ষা সৱলীকৰণ কৰা, সাক্ষৰতাৰ হাৰ ১০০ শতাংশ কৰা।

(ঞ) শিশুসকলক হাতে-কামে শিকা পৰ্যবেক্ষণৰ মাজেৰে শিকা, আনন্দময় পৰিৱেশৰ মাজেৰে শিক্ষা আহৰণ কৰাৰ ব্যৱস্থা কৰা আৰু শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নয়নত গুৰুত্ব দিয়া।

(ট) পৰিকল্পনা আৰু পৰিচালনা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা।

(ঠ) আনুষ্ঠানিক শিক্ষাৰ প্ৰায়োগিক কৰি তোলা।

(ড) শিক্ষাৰ ক্ষেত্ৰত হোৱা আয়-ব্যয় পৰিচালনা কৰা।

(ঢ) শৈক্ষিক দিশৰ লগতে বিদ্যালয়সমূহৰো উন্নতি সাধন কৰা।

(ণ) প্ৰাথমিক শিক্ষাৰ দায়িত্ব ক্ষমতা বিকেন্দ্ৰিকৰণ পদ্ধতিৰে ৰাইজৰ হাতত অৰ্পণ কৰা। 

(ত) শিক্ষাৰ পৰিৱেশ আকৰ্ষণীয় আৰু আনন্দময় কৰি তোলা। 

(থ) পাহাৰীয়া অঞ্চল, চৰ অঞ্চল, পিছপৰা অঞ্চলত শিক্ষাৰ বিকাশত গুৰুত্ব দিয়া। 

(দ) অনুসূচীত জাতি, জনজাতি, মহিলা, শাৰীৰিকভাৱে অক্ষম শিশুসকল শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া।

(ধ) শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায়ক জড়িতকৰণৰ ব্যৱস্থা কৰা। 

(ন) শিক্ষা প্ৰশাসনৰ মূল্যায়ন কৰা, শিক্ষক নিয়োগ কৰা, পৰীক্ষা ব্যৱস্থাৰ মূল্যায়ন আৰু সংস্কাৰ সাধন কৰা, শিক্ষা আইন পুনৰীক্ষণ আৰু পুনৰ পৰ্যালোচনা কৰা ইত্যাদি কাম সৰ্বশিক্ষা অভিযানে সম্পাদন কৰে।

প্ৰশ্ন ৮৫। প্ৰাথমিক শিক্ষা কিয় সাৰ্বজনীন বা বাধ্যতামূলক কৰা উচিত ? প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ প্ৰয়োজনীয়তা আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Why should primary education be made compulsory ? Discuss the requirements and features of universalizing primary education.)

উত্তৰঃ বাধ্যতামূলক প্ৰাথমিক শিক্ষা অতি প্ৰয়োজন। এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামুলক কৰাটো ৰাষ্ট্ৰৰ অৱশ্য কৰ্তব্য। সাৰ্বজনীন শব্দৰ অৰ্থ হৈছে,  ‘সকলোৰে বাবে’  শিক্ষাৰ অবিহনে আজিৰ যুগৰ মানুহে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত নূন্যতম মানদণ্ডকণো বজাই ৰাখিব নোৱাৰে। নিৰক্ষৰতাৰ ওৰ পেলাবলৈ প্ৰাথমিক শিক্ষাক বাধ্যতামূলক তথা সাৰ্বজনীন কৰিবলৈ ব্যৱস্থা কৰা হয়। অন্যথাই বিভিন্ন কাৰণত শিক্ষা সাৰ্বজনীন কৰাটো দুৰূপ হৈ পৰিব। আমাৰ দেশত প্ৰাথমিক শিক্ষা লাভ নকৰাকৈয়ো বহুত মানুহ নিৰক্ষৰ হৈ ৰৈ গৈছে আৰু দুৰূপ আৰু এই অজ্ঞাতাৰ হেতুকে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন দিশৰ বাধা আহি পৰিছে। সেয়ে তলত উল্লেখ কৰা বিভিন্ন কাৰণত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাটো অত্যন্ত প্ৰয়োজন।

(ক) প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি তোলাৰ মূল কাৰণ হ’ল ইয়াৰ দ্বাৰা সুনাগৰিক গঢ়ি তোলাৰ ব্যৱস্থা কৰা।

(খ) দেশৰ অধিক সংখ্যক লোক নিৰক্ষৰ হ’লে এমুঠিমান শিক্ষিত লোকে সুবিধা পালেই শাসন, শোষণ আৰু পীড়ন চলোৱাৰ সম্ভাৱনা থাকে। এনে কাৰ্যই অন্যায় কাৰ্যসমূহক বাধা দিবৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি সাৰ্বজনীন কৰা নিতান্ত প্ৰয়োজন।

(গ) প্ৰাথমিক শিক্ষাৰে গণতন্ত্ৰ বৰ্তি থাকিবলৈ ভোটপত্ৰৰ জ্ঞান দিয়াৰ ব্যৱস্থা কৰা।

(ঘ) প্ৰতিজন ব্যক্তিৰ যোগ্যতাৰ বিকাশ ঘটিলেহে উৎপাদনক্ষম হৈ উঠিব। নহ’লে জনশক্তি জনসংখ্যাৰ বোজাত পৰিণত হ’ব; আৰু এনে নিৰক্ষৰ উৎপাদন ৰহিত জনসংখ্যা দেশৰ বাবে সমাধান অতীত সমস্যা হৈ উঠিব। সেয়ে জনসাধাৰণক শিক্ষাৰ যোগেদি নিজ নিজ যোগ্যতা বিকাশৰ সুবিধা কৰি দিব লাগে।

(ঙ) প্ৰাথমিক শিক্ষা দিয়াৰ জৰিয়তে জাতীয় বিকাশত সহায় কৰাৰ ব্যৱস্থা কৰা।

(চ) শিক্ষাবিহীন জনসাধাৰণ মন অজ্ঞতাৰে আন্ধাৰে আৱৰি থাকে, যাৰ বাবে তেওঁলোক হৈ উঠে অন্ধ বিশ্বাসী, কুসংস্কাৰক পূৰ্ণ আৰু  সকীর্ণমনা। তেওঁলোকৰ মনৰ অজ্ঞতা দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী গঢ়ি তুলিবলৈ হচলে শিক্ষাৰ প্ৰয়োজন।

(ছ) এই শিক্ষাৰ জৰিয়তে নাগৰিকসকলক স্বাস্থ্যৰ জ্ঞান দানৰ ব্যৱস্থা কৰা।

উক্ত প্ৰয়োজনসমূহ পূৰণৰ বাবে প্ৰাথমিক শিক্ষা সকলোকে দিব লাগিব। এই শিক্ষা মানৱ জীৱনৰ সকলো ভেটিস্বৰূপ। ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ উন্নতি তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া প্ৰত্যকজন নাগৰিকে নিজা দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ’ব। এজন নাগৰিক হিচাবে দায়িত্ব পালন কৰাটো তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ব্যক্তিজনে যোগ্যতা অনুসৰি কৰ্ম সম্পাদন কৰিব পাৰিব। এই সকলোবিলাক তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ব্যক্তিজনক শিক্ষা লাভৰ সুবিধা দিয়া হ’ব। গতিকে উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰথম স্তৰৰ শিক্ষা বাধ্যতামূলক তথা সাৰ্বজনীনকৰিবই লাগিব।

সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল বৈশিষ্ট্য সাধাৰণতে তিনিটা বুলি ক’ব পাৰি।

১। প্ৰাথমিক শিক্ষা অপৰিহাৰ্য কাৰণ এই শিক্ষা নহ’লেই নচলে।

২। প্ৰাথমিক শিক্ষা সাৰ্বজনীন কাৰণ ই সকলোৰে বাবেই প্ৰয়োজন।

৩। প্ৰাথমিক শিক্ষা সাধাৰণ ধৰ্মী কাৰণ ইয়াৰ পাঠ্যক্ৰম মৌলিক ধৰণৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top