নিৰক্ষৰতা দূৰীকৰণ ৰচনা | Elimination of illiteracy Essay in Assamese

নিৰক্ষৰতা দূৰীকৰণ ৰচনা | Elimination of illiteracy Essay in Assamese

Join Telegram channel

নিৰক্ষৰতা দূৰীকৰণ গুৰুত্ব – আমাৰ ঘৰৰ শত্ৰু হৈছে অস্পৃশ্যতা, দেহৰ শত্ৰুৰোগ আৰু মনৰ শত্ৰু হৈছে নিৰক্ষৰতা। শেষোক্ত ৰিপুটিয়ে দেশ, জাতি তথা জগৎ সংসাৰতো বাদেই, অনেক সময়ত নিজকো জানিবলৈ নিদিয়ে। বস্তুতঃ অক্ষৰ হৈছে ব্ৰহ্মস্বৰূপ, তাকেই যদি চিনি পোৱা নাযায় তেন্তে আমাৰ অন্তৰত অৱস্থান কৰা ব্ৰহ্মক কেনেকৈ জনা যাব? তদুপৰি অক্ষৰ জ্ঞান হ’ল জ্ঞানৰ আহৰণৰ শক্তিশালী হাথিয়াৰ। বৰ্তমান যুগত নিৰক্ষৰতা মানেই ঘোৰ অভিশাপস্বৰূপ। যি দেশৰ অর্ধেক লোক নিৰক্ষৰ সেই দেশৰ সকলোবিলাক দিশৰেই যে পৰিসীমা ঠেক হ’ব সেয়া চিৰন্তন সত্য।

নিৰক্ষৰতা দূৰীকৰণ ৰচনা

নিৰক্ষৰতা দূৰীকৰণ ফলশ্ৰুতি সাম্প্রদায়িকতা, কুসংস্কাৰ

নিৰক্ষৰতাৰ বাবেই বহুসময়ত ধর্মীয় গোড়ামি তথা সাম্প্রদায়িক উন্মত্ততাৰ সৃষ্টি হোৱা দেখা যায়। কুসংস্কাৰৰ প্ৰতি অন্ধ আনুগত্য নিৰক্ষৰতাৰ আন এটি বিপজ্জনক অবদান। শিক্ষাৰ অভাৱৰ বাবে জ্ঞানৰ অভাৱ হয় আৰু এনে হ’লেই মানুহৰ মাজত সামাজিক সম্বন্ধ যথাযথভাৱে ৰক্ষিত নহয়। সাধাৰণতে দেখা যায় যে অশিক্ষিত বা নিৰক্ষৰ লোকৰ মাজত যেতিয়াই তেখিয়াই ভূতে পোৱা, প্রেতাত্মা আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। অভিশপ্ত প্রেতাত্মাৰ কবলৰ পৰা মানুহক বচাবলৈ ‘ওজা বা বেজ’ নামৰ একশ্রেণী লোকে অসুস্থ লোকক হত্যা পর্যন্ত কৰাৰ নজিৰ আমাৰ মুলুকতে আছে। ইয়াৰ উপৰি দেবতাক তুষ্ট কৰিবলৈ নৰবলি, সতীদাহ তথা ডাকিনী সজাই নিৰীহ লোকক হত্যা কৰাৰ ঘটনা নিৰক্ষৰ লোকৰ মাজতেই সর্বাধিক। ঠিক সেইদৰে পূজা-পাটল তথা যজ্ঞ কৰি গুপ্ত ধন উদ্ধাৰৰ কাহিনীও অশিক্ষিতসকলৰ মাজতেই বহুলভাৱে প্ৰচাৰ হোৱা দেখা যায়। কিন্তু ইয়াৰ বিপৰীতে শিক্ষিত সমাজখন এনেধৰণৰ কুসংস্কাৰৰ পৰা মুক্ত।

নিৰক্ষৰতা বনাম সমাজ তথা পাৰিপাৰ্শ্বিক, ৰাজনৈতিক আৰু জাতীয় সমস্যা – নিৰক্ষৰতাই আৰু বহুধৰণৰ সমস্যা সৃষ্টিত ইন্ধন যোগাব পাৰে। বিশেষকৈ নিৰক্ষৰ বা অশিক্ষিত লোকৰ বাবে সমাজ পাৰিপাৰ্শ্বিক, ৰাজিনীতি তথা জাতীয় সমস্যা সম্পর্কে ধাৰণা অস্পষ্ট হোৱাটো নিতান্তই স্বাভাৱিক। টকা-পইচাৰ হিচাপ ৰখা, ওজনৰ জ্ঞান, দূৰত্বৰ জ্ঞান, সময় সম্পর্কে সচেতনতা- এই সকলোবোৰ নিৰক্ষৰ লোকৰ পক্ষে যথাযথ নহয়। ইয়াৰ উপৰি সমাজ পাৰিপাৰ্শ্বিক তথা জগত সম্পর্কেও নিৰক্ষৰ লোকে কিছু অদ্ভুত ধাৰণা পোষণ কৰে। সংক্রামক ব্যাধিৰ কবলৰ পৰা সমাজক ৰক্ষা কৰাৰ বাবে টীকাকৰণ অভিযানত দেখিবলৈ পোৱা যায় যে নিৰক্ষৰ লোকৰ সহযোগিতা এইক্ষেত্ৰত নগণ্য হয়। তদুপৰি সমাজকল্যাণ কর্মীক কেতিয়াবা কেতিয়াবা মাৰধৰ কৰাৰ উদাহৰণো আছে। ভাৰতবৰ্ষত নিৰক্ষৰতা দূৰ নহ’লে মূলতঃ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত কেতিয়াও সফলতা লাভ কৰিব পৰা নাযাব।

Read Also: বন্যপ্রাণী সংৰক্ষণ ৰচনা | Wildlife Conservation Essay in Assamese

নিৰক্ষৰতা দূৰীকৰণৰ উপায়

ভাৰতবৰ্ষত নিৰক্ষৰতা দূৰ কৰিবলৈ হ’লে প্ৰথমে চৰকাৰ আৰু শিক্ষিতচামে অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে নিৰক্ষৰতা সম্পর্কে আমাৰ দেশত সভা-সমিতি, বক্তৃতা, আলাপ-আলোচনা, লেখা-মেলা আদি অনেক হৈছে যদিও স্বাধীনতাৰ ৫০ বছৰৰ পিছতো এইদিশত বিশেষ উন্নতি লাভ কৰা নাই আৰু ইয়াৰ মূলতে হৈছে প্ৰকৃত সদিচ্ছাৰ চূড়ান্ত অভাব। ‘ইচ ওৱান টীচ ওৱান’ এই আদর্শ আগত হৈ প্ৰতিজন শিক্ষিত ব্যক্তিয়ে যদি একোজন নিৰক্ষৰ লোকক যথাসম্ভৱ শিক্ষাদান কৰিব পাবে তেন্তে নিৰক্ষৰতাৰ সমস্যা যথেষ্ট লাঘৱ হ’ব। সন্দেহ নাই যে জাতীয় স্তৰত প্ৰকৃত গঠনমুলক পৰিকল্পনাৰ দৰকাৰ। কেৱল নিৰক্ষৰতাৰ শিতানত কেইটামান টকা খৰচ কৰিলেই এই সমস্যা দূৰ নহয় ৷

নিৰক্ষৰ লোকৰ মাজত শিক্ষাৰ বিষয়ত যথেষ্ট পৰিমাণে শিক্ষাৰ আগ্ৰহ সৃষ্টি কৰিব নোৱাৰিলে এই দিশত অগ্রগতি লাভ কৰাটো অসম্ভৱ আৰু আগ্রহ সৃষ্টিৰ গুৰুদায়িত্ব বহন কৰিব লাগিব দেশৰ শিক্ষিতচামে। প্রায়ে শুনা যায় যে, প্রাপ্তবয়স্ক শিক্ষাকেন্দ্রবিলাকত নিৰক্ষৰসকল এদিন বা দুদিন অহাৰ পিছত অহিবলৈ এবে, নৈশ বিদ্যালয়ত উপস্থিতিৰ সংখ্যাবিদ্যালয়ৰ প্রথম বর্ষ পূৰ্ণ হোৱাৰ পূৰ্বেই শূন্য হয়। সেইদৰে নিৰক্ষৰ তথা বক্তী অঞ্চলৰ প্ৰাথমিক বিদ্যালয়বিলাক সাধাৰণতে বছৰৰ সৰহখিনি সময় তলা লাগিয়েই থাকে। অৱশ্যে এই কথা সত্য যে চৰম দাৰিদ্ৰ তথা খাদ্যাভাব, অস্বাস্থ্য আৰু জীৱন সম্পর্কে হতাশা নিৰক্ষৰতাৰ মূল কাৰক অথচ এনেবোৰ সমস্যাৰ সৃষ্টিৰ আদিতেই নিহিত হৈ আছে অজ্ঞানতা। উল্লেখযোগ্য যে দেশ একোখনৰ অৰ্থনৈতিক অগ্রগতি নিৰ্ভৰ কৰে তাত বাস কৰা লোকসকলৰ জ্ঞান-বুদ্ধিৰ ওপৰত আৰু এই জ্ঞান-বুদ্ধি বৃদ্ধি কেৱল শিক্ষাৰ যোগেদিহে হয়।

Read Also: Class 11 Education Question Answer

স্ত্রী শিক্ষা

স্ত্রী শিক্ষাৰ দিশত আমাৰ দেশৰ অৱস্থা অতি দুখজনক। পুৰুষৰ তুলনাত ভাৰতবৰ্ষত নিৰক্ষৰতাৰ হাৰ নাৰী ক্ষেত্ৰত অধিক । এই ক্ষেত্ৰত অৱশ্যে প্রধানতঃ দায়ী আমাৰ ৰক্ষণশীল সমাজব্যবস্থা। নাৰীয়ে ঘৰ গৃহস্থালীৰ প্ৰতি গুৰুত্ব দিব, ল’ৰা-ছোৱালী লালন-পালন কৰিব ভাৰতবৰ্ষৰ অধিকাংশ সাধাৰণ লোকৰ ধাৰণা। শিক্ষা-দীক্ষা, আচাৰ-আচৰণকে আদি কৰি মানুহ হিচাপে জীয়াই থকাৰ পুৰুষৰ তুলনাত নাৰীৰো কম নহয়, অথচ আমাৰ সমাজত এতিয়াও নাৰী সম্পর্কে সেই এলান্ধুকলীয়া নীতিকে অগ্ৰাধিকাৰ দি থকা হৈছে। উল্লেখযোগ্য যেনাৰীকে ৰক্ষণশীলতাৰ মেৰপাকৰ পৰা মুক্ত কৰি পুৰুষৰ সৈতে সমানে শিক্ষাৰ গুৰুত্ব নিদিলে সমাজৰ উন্নতি নহ’ব; যিহেতু দেশৰ ধৰণীস্বৰূপ শিশুসকলৰ শিক্ষা তথা জ্ঞানৰ আধাৰ হৈছে প্ৰত্যেকগৰাকী মাতৃ ৷

উপসংহাৰ

নিৰক্ষৰতাৰ ক্ষেত্ৰত বৰ্তমান এই একৈশ শতিকা পর্যন্ত বিশেষ পৰিৱৰ্তন ঘটিছে বুলি একে আষাৰে ক’ব নোৱাৰি। সাক্ষৰতাৰ অভিযানৰ নামত কেৱল নিজৰ নামটো লিখিব পাৰিলেই তাক শিক্ষিতৰ হাৰ বৃদ্ধি হোৱা বুলি ক’ব নোৱাৰি। নিৰক্ষৰতাৰ দৰে গভীৰ সমস্যা দূৰ কৰাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব আৰু ই প্ৰত্যেকজন শিক্ষিত নাগৰিকৰ কেৱল দায়িত্বই নহয় কর্তব্যও।

আমি আশা কৰিছো নিৰক্ষৰতা দূৰীকৰণ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ নিৰক্ষৰতা দূৰীকৰণ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top