গল্প: এক সন্ন্যাসীৰ কথা | Ek Honyakhir Kotha

এক সন্ন্যাসীৰ কথা | Ek Honyakhir Kotha, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, এক সন্ন্যাসী কাহিনী, সাধুকথা, অসমীয়া কাহিনী

Join Telegram channel

এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক। এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ ভাবি সেৱা শুশ্ৰূষা কৰি যত্ন কৰি ৰাখিলে। সন্ন্যাসীয়েও তেওঁৰ ধৰ্মভাব আৰু সাধু আচৰণেৰে গৃহস্থ আৰু দুইজনা ঘৰৰ ঘৈণীৰ মনত সোমাল। দুইজনা ঘৈণীয়েই সন্ন্যাসীৰ খোৱা বোৱাৰ সকলোবোৰ কাৰ্য নিতৌ নিজহাতে এহাশুধীয়াকৈ কৰিবলৈ ধৰিলে। সন্ন্যাসীয়েও সেই ঘৰত ইমান আদৰ যত্ন পাই তাতে কিছুদিন থাকিবলৈ ঠিক কৰিলে। 

কোনো কাৰ্যৰ নিমিত্তে গৃহস্থ এমাহমানলৈ বিদেশলৈ যাবলগীয়া হলত সন্ন্যাসীকে তেওঁ সেই ঘৰৰ এক প্ৰকাৰ গৰাকী পাতি, দুজনী ঘৈণীয়েকক কৈ গল, যেন সিহঁতে সন্ন্যাসীক কোনো বিষয়ত কষ্ট নিদিয়ে আৰু যেন সিহঁতে সন্ন্যাসীৰ বচন কেতিয়াও নেপেলাই। 

গৃহস্থৰ সৰুজনী ঘৈণীয়েকৰ বয়স কম আছিল আৰু দেখিবলৈকো তাই বৰ শুৱনি আছিল। সেইদেখি গুৰিৰেপৰা সন্ন্যাসীৰ চকু তাইৰ ওপৰত পৰিছিল। 

এতিয়া গিৰিয়েক ঘৰত নথকত সন্ন্যাসীয়ে সুবিধা পালে। এদিন অকলশৰীয়াকৈন তাইক সন্ন্যাসীয়ে পাই, তাৰ লগত লৈ গুচি  যাবলৈ প্ৰস্তাৱ কৰিলে। তাই সেই কথা শুনি অবাক হৈ সন্ন্যাসীৰ আগত আঁঠু লৈ কলে – “প্ৰভু আপুনি আমাৰ গুৰু ; এনেকুৱা কথা শুৱায় নে ?” 

এই কথা শুনি সন্ন্যাসীয়ে আন এটা ধৰা পৰিবৰ ভয়ত থিতাতে সুৰ সলাই পেলাই কলে, “মই তোমাৰ পৰীক্ষাহে কৰিলোঁ ; তুমি কেতিয়াও তেনে নাভাবিবা।” 

পিছদিনা সন্ন্যাসীয়ে আন এটা বুদ্ধি উলিয়াই সৰু গৃহস্থনিক কলে – “গোসাঁনী পূজালৈ মোক মৰিশালিৰ মাটি অলপ লগা হৈছে। সেই মাটি ভকতীয়া তিৰোতাই মাজ নিশা কানি কাপোৰ থৈ মৰিশালিলৈ গৈ আনিব লাগে, আনে আনিলে নচলে, এতেকে এই কাম তুমি নকৰিলে আৰু আনে কৰোঁতা নাই।” সন্ন্যাসীৰ কথা শুনি তাইৰ যদিও ভয় লাগিছিল আৰু খং উঠিছিল, তথাপি গিৰিয়েকে সন্ন্যাসীৰ হুকুম মানিবলৈ পৈ পৈকে কৈ যোৱা কথা তাই মনত পেলাই সেইদৰে মৰিশালিৰ পৰা মাটি আনিবলৈ গাত লৈ আনি দিলে। দিনৌ এইদৰে সন্ন্যাসীৰ কথামতে তাই মৰিশালিৰ মাটি আনি দি আছিল। এনেতে গিৰিয়েক উভতি আহিল।

গধূলি গিৰিয়েকৰ সৈতে সন্ন্যাসীয়ে কথা বতৰা পাতোঁতে, সন্ন্যাসীয়ে বিশ্বাসে গিৰিয়েকক কলে যে তেওঁৰ সৰুজনী ঘৈণীয়েক প্ৰেতিনি। সদায় তাই ৰাতি দুপুৰত মৰিশালিলৈ গৈ কাপোৰ কানি সোলোকাই থৈ নাচি বাগি তাত মাটি খানি থাকে। সন্ন্যাসীৰ কথা শুনি গিৰীয়েকে অতি আচৰিত মানি সুধিলে, “আপুনি এই কথা সঁচাকৈয়ে কৈছে নে ?” সন্ন্যাসীয়ে উত্তৰ দিলে, “বাৰু এতিয়া আপুনি মনে মনে থাকক, আজি ৰাতি দুপৰত মই আপোনাক দেখুৱাই দিম, আপুনি নিজ চকুৰেই দেখিব।”

ৰাতি দুপৰৰ আগেয়েই সন্ন্যাসীয়েই গৃহস্থক লগত লৈ মৰিশালিৰ এচুকত মনে মনে লুকাই আছিল। এনেতে সৰু ঘৈণীয়েকে আগৰ দৰে তাৰপৰা মাটি খানি লৈ আহিলগৈ ; আৰু সেই কাম গিৰিয়েকে নিজ চকুৰেই দেখিলে। গিৰিয়েকে সন্ন্যাসীক কলে, “মইতো এটা আচৰিত কাণ্ড দেখিলোঁ” ; সন্ন্যাসীয়ে উত্তৰ দিলে, “এইক কাটি মাৰি পেলোৱাতকৈ এখন নাৱত তুলি এইৰ হাত ভৰি বান্ধি দি উটাই দিয়া, তাতে তাই লেকাট ভূঞ্জি মৰক। তুমি কাটিলে ৰজাৰ ঘৰৰ পৰা জগৰ লাগিব আৰু সকলোৱে তোমাক দুষীব।”

সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে তাকে কৰিবলৈ থিৰ কৰি বৰ ঘৈণীয়েকক সেই কথা কলে। সতীনীৰ সতীনি কথা ; বৰ ঘৈণীয়েকে “এতিয়াই, এতিয়াই এই অমংগলটো ঘৰৰ পৰা দূৰ কৰক আৰু মুখলৈ চাব নেলাগে, ” – বুলি গিৰিয়েকক উচটাই দিলে। 

গিৰিয়েকে সন্ন্যাসীৰ কথামতে সৰুজনী ঘৈণীয়েকক নাও এখনত তুলি, তাইৰ হাত ভৰি বান্ধি, চৈৰে ঢাকি নৈত উঠাই দিলে। তাই কত কান্দিলে, কত কাকূতি মিনতি কৰিলে, কিন্তু সেইবোৰলৈ সি কাণ নকৰি – “তই পিশাচিনি, তোৰ স্বভাৱ মই আজি নিজ চকুৰেই দেখিলো, তোক আৰু মই কি সুধিম” – এইবুলি কলে। পিছদিনা সন্ন্যাসীয়ে তীৰ্থ কৰিবলৈ যাওঁ বুলি গৃহস্থৰ পৰা বিদায় লৈ গুচি গল। সন্ন্যাসীয়ে বাট পোনাই গৈ নদীৰ ভাটিফালে দুদিনমানৰ বাটত তাৰ মঠত বাট চাই আছে যেন সেই নাও আহিলেই সি ধৰি তাইক লৈ যাব পাৰে।।

ঈশ্বৰৰ ইচ্ছাত নাওখন উটি গৈ এক ৰজাৰ ঘাটৰ ওচৰ পালেগৈ। দৈবাৎ সেইদিনা সেই সময়ত ৰজাইও মৃগয়াৰ পৰা উভতি আহি সেই ঘাট পাইছিলহি। সেইদিনা চিকাৰত ৰজাই পহু নাপাই এটা বুঢ়া ভালুক পাই ধৰি আনিছিল। ৰজাই নাওখন উটি অহা দেখি তাত কি আছে চাবলৈ বুলি ধৰাই আনি তাৰ চৈ গুচাই দেখিলে তাত দীপলিপ তিৰোতা এজনী আছে। তিৰোতাজনীৰ বান্ধ চাত মেলি দি তাইক সুধিলত, তাই সকলো বৃত্তান্ত ভাঙি ৰজাক কলে। তেতিয়া ৰজাই সন্ন্যাসীৰ ফাঁকি বুজিব পাৰি তাইক নাৱৰপৰা তুলি আনি, নাৱত সেই ভালুকটো নুমুৱাই দি আগৰ দৰে চৈৰে ঢাকি নাওখন উটাই দিলে আৰু তাইক নিজৰ ঘৰলৈ লৈ গৈ বিয়া কৰাই মৰমৰ কুঁৱৰী কৰি ৰাখিলে। 

ইফালে নাওখন উটি গৈ সন্ন্যাসীৰ মঠৰ ঘাটৰ ওচৰ পালেতে সন্ন্যাসীয়ে আনন্দত উত্ৰাৱল হৈ নাওখন ধৰি আনি হেঁপাহৰ বস্তুটি পালোঁ বুলি চৈ ভাঙিলতে তাৰ তলৰ পৰা ভালুকটো ওলাই তাক খাই পেলালে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top