Educational Administration And Management Unit 4 Educational Supervision

Educational Administration And Management Unit 4 Educational Supervision Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 4 Educational Supervision Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 4 Educational Supervision can be of great value to excel in the examination.

Educational Administration And Management Unit 4 Educational Supervision

Join Telegram channel

Educational Administration And Management Unit 4 Educational Supervision Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 4 Educational Supervision provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Educational Supervision

EDUCATION

EDUCATIONAL ADMINISTRATION AND MANAGEMENT

শৈক্ষিক প্ৰশাসন আৰু ব্যৱস্থাপনা

Short Question

Q.1. Discuss the meaning of educational supervision.

Ans: শৈক্ষিক পৰ্যবেক্ষণ মানে পদাধিকাৰী শৈক্ষিক বিষয়াই তলৰ পৰ্যায়ৰ শৈক্ষিক কৰ্মীৰ কাম-কাজ লক্ষ্য কৰি থকা ব্যৱস্থাকে বুজায়। শৈক্ষিক পৰ্যবেক্ষণ মানে কাম, কৰ্মচাৰী আৰু প্ৰতিষ্ঠাপক নিৰীক্ষণ আৰু পৰিচালনা কৰা। শৈক্ষিক প্ৰতিষ্ঠান এটা নিৰ্ধাৰিত লক্ষ্যত সার্থকভাৱে উপনীত হ’বৰ কাৰণে প্ৰদৰ্শন কৰা কাৰ্যসমূহ পৰিচালিত, সংগঠিত আৰু বিকশিত কৰাকে পৰ্যবেক্ষণ বোলে।

সংজ্ঞা (Definition) :

পৰ্যবেক্ষণৰ কেইটামান উল্লেখযোগ্য সংজ্ঞা তলত উল্লেখ কৰা হ’ল-

K. Wilesৰ মতে “Supervision assistance is the development of a better teaching-learning situation.” “ভাল শিক্ষণ-শিকন পৰিৱেশত বিকাশত সহায় কৰা প্ৰক্ৰিয়াই হ’ল পৰ্যবেক্ষণ।”

H.Spearsৰ “Supervision has gradually moved from the improvement of instruction to the improvement of learning.” পৰ্যবেক্ষণ মানে শিকন উন্নয়নৰ পৰা ক্ৰমশঃ শিক্ষণৰ উন্নয়নলৈ গতি কৰা।

G.G. Eye আৰু A.L. Netzer ৰ মতে, “Supervision is that phase of school administration which deals primarily with the achievement of the appropriate selected instructional expectation of educational service.”

পৰ্যবেক্ষণৰ উপৰোক্ত সংজ্ঞাবোৰ আৰু আন কিছুমান সংজ্ঞা বিশ্লেষণ কৰি চালে আমি উল্লেখ কৰিব পাৰোঁ যে পৰ্যবেক্ষণ হ’ল শিক্ষাদান কাৰ্যৰ উন্নতি সাধন কৰা, ই বৃত্তিমূলক নেতৃত্বৰ ক্ষেত্ৰত উদগনি যোগায়। পৰ্যবেক্ষণ আঁচনি আৰু নিৰ্দেশনা মতে কামবোৰ কৰা হৈছেনে নাই তাক নিশ্চিত কৰে। ই ঘাইকৈ শিক্ষক আৰু শিক্ষাৰ্থী তথা শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ মান উন্নয়নৰ লগত জড়িত। অতীতৰ পৰ্যবেক্ষণৰ ধাৰণা আৰু পৰিসৰ বৰ্তমান যথেষ্ট পৰিৱৰ্তন হৈছে। বৰ্তমান ই এক সহযোগিতামূলক গণতান্ত্ৰিক আৰু ব্যাপক কাৰ্যকলাপৰ সমষ্টি বুলি গণ্য কৰা হয়।

Q.2. Describe the nature of educational supervision.

Ans: শৈক্ষিক তদাৰকীকৰণৰ প্ৰকৃতি সম্পৰ্কে তলত আলোচনা কৰা হ’ল- 

(ক) অতীজত শিক্ষাৰ ক্ষেত্ৰত পৰিদৰ্শন শব্দটোৰ বেছি প্ৰচলন আছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে দেখা গ’ল যে ইয়াৰ পৰিসৰ অতি সীমিত। সেইবাবেই বৰ্তমান সময়ত তত্বাৱধান শব্দটোৰ ব্যৱহাৰ ব্যাপক হাৰত হৈছে। এইটো সকলোৱে স্বীকৃতি দিছে যে শিক্ষকসকলৰ প্ৰত্যক্ষ সম্বন্ধ থাকে ছাত্ৰ-ছাত্ৰীৰ লগত আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সম্বন্ধ থাকে তত্বাৱধান লওঁতাৰ লগত। তত্বাৱধান লওঁতাৰ বিদ্যালয়ত প্ৰচলিত ভুল নীতি-নিয়মবিলাক আঙুলিয়াই দিয়াটোৱেই যথেষ্ট নহয়। ইয়াৰ উপৰিও কি কি বাস্তৱ কাৰ্যব্যৱস্থা চলে শিক্ষানুষ্ঠানটোৰ সামগ্ৰিক উন্নতি হ’ব, সেই বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুপ্ৰাণিত কৰাটোও তেওঁৰ এটা গুৰুত্বপূৰ্ণ কৰ্তব্য।

(খ) বৰ্তমান সময়ত তদাৰককৰণত গণতান্ত্ৰিকতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। অতীতৰ দৰে কৰ্তৃত্বমূলক ভাবধাৰাৰ প্ৰয়োগ কৰা নহয়। ইয়াত স্বেচ্ছাচাৰিতা বা দমনীয়াৰ স্থান একেবাৰেই নাই। জনমতৰ ওপৰত প্ৰতিষ্ঠিত আস্থাৰ বাবে ইয়াত কামৰ মানদণ্ড উন্নত হয়। ইয়াৰ প্ৰধান লক্ষ্য হৈছে গঠনমূলক পৰামৰ্শ আৰু চিন্তাধাৰাৰ যোগেদি বিদ্যালয়ৰ উন্নতিৰ পথ মুকলি কৰা। ইয়াত প্ৰত্যেকজন শিক্ষককে তেওঁৰ নিজস্ব কামৰ বাবে পৰ্যাপ্ত স্বাধীনতা দিয়া হয়। বৰ্তমান সময়ত তদাৰককৰণত ব্যৱহৃত পদ্ধতিসমূহ হৈছে- আলোচনা, নিৰীক্ষণ, ভাল কামৰ স্বীকৃতি প্ৰদান, পৰামৰ্শকৰণ ইত্যাদি।

(গ) তদাৰককৰণ এক বিজ্ঞানসন্মত পদ্ধতি। অৰ্থাৎ প্ৰচলিত হোৱা প্ৰতিটো নিয়ম-কানুনেই পুনৰ পৰ্যালোচনা কৰাৰ অৱকাশ থাকে। গতিকে এটা শিক্ষানুষ্ঠানত প্ৰচলন হোৱা পদ্ধতিসমূহ ভাল হৈছেনে নাই তাক সকলো দিশৰ পৰাই মূল্যায়ন কৰা হয়। মূল্যায়ন কৰিব যিবিলাক নীতি-নিয়ম গঠনমূলক ভবা হয় সেইবিলাক অনুষ্ঠানৰ উন্নতিৰ অৰ্থে প্ৰয়োগ কৰা হয়।

(ঘ) তদাৰককৰণত তদাৰককর্তাক অনুষ্ঠানটোৰ সাৰ্বংগীন বিকাশৰ বাবে ক্ষমতাশীল কৰা হয় যাতে তেওঁ ইয়াৰ উন্নতিৰ বাবে বেছি দায়িত্ব গ্ৰহণ কৰিব পাৰে। গতিকে তেওঁ স্বাধীনতা, সৃজনীশীলতা আৰু নতুন নীতি-নিয়মৰ যোগসূত্ৰতাৰ মাধ্যমেৰে কাম-কাজ চলাওঁতে উৎসাহিত কৰিব পাৰে। এনেধৰণৰ গুণবোৰ আৰ্জন কৰি ল’লে তেওঁ বিদ্যালয়ত প্ৰচলিত সকলোবিলাক কামতে প্ৰগতিৰ পথ প্রদৰ্শক হ’ব পাৰে।

(ঙ) তদাৰক কৰণে শিক্ষকসকলক তেওঁলোকৰ বৃত্তিত অধিক কৌশলী, পাৰদৰ্শী আৰু পৰিপক্ক হৈ সমাজক সেৱা আগবঢ়াবলৈ আগ্ৰহান্বিত কৰি তুলিব পাৰে। তদাৰককৰণ কিছুমান গুণ যেনে বন্ধুত্বপূৰ্ণ মনোভাব দাৰ্শনিক দৃষ্টিভংগী আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

(চ) শিক্ষাদান প্ৰক্ৰিয়াৰ সৰ্বাংগীন বিকাশৰ বাবে যুগুত কৰা এক পৰিকল্পিত পদ্ধতি। ই কেনে ধৰণৰ নীতি গ্ৰহণ কৰিলে মানৱ সম্পদ আৰু বস্তুগত সম্পদৰ সঠিক ব্যৱহাৰ হ’ব তাক নিৰ্ধাৰণ কৰি বাস্তৱত ৰূপায়িত কৰে।

(ছ) তদাৰক কৰণে শিক্ষক, কৰ্মচাৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক মানসিক শক্তি যোগায় আৰু অনুপ্ৰাণিত কৰে।

(জ) ই কোনো এখন শিক্ষানুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰি কেনেকৈ সেই লক্ষ্যত উপনীত হ’ব পাৰি তাৰ পথ আৱিষ্কাৰ কৰে।

(ঝ) ঋণাত্মক দৃষ্টিকোণৰ পৰা চালে শিক্ষানুষ্ঠানৰ আসোঁৱাহসমূহ নিৰ্ধাৰণ কৰি সেইবিলাকে যাতে কোনোধৰণৰ কু-প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি সচেতনতা আৰু সজাগতা বৃদ্ধি কৰে।

(ঞ) ধনাত্মক দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে ই অনুষ্ঠানৰ বাবে গঠনমূলক পৰামৰ্শ আগবঢ়ায় যাতে সমস্যাবিলাক সমাধান কৰাত সুচল হয়।

Q.3. What are the differences between inspection and supervision?

Ans: পৰিদৰ্শন আৰু তদাৰকীকৰণৰ লক্ষ্যৰ বিশেষ পাৰ্থক্য নাই যদিও কাৰ্যাৱলীৰ মাজত পাৰ্থক্য আছে। দুয়োক্ষেত্ৰতে লক্ষ্য হৈছে গুণগত মান উন্নতকৰণ। ইহঁতৰ মাজত থকা পাৰ্থক্য তলত দাঙি ধৰা হ’ল-

১) পৰিদৰ্শনৰ জৰিয়তে কোনো এক শিক্ষানুষ্ঠান পৰিচালনা কৰোতে উদ্ভৱ হোৱা দোষ-ত্ৰুটিবিলাক আঙুলিয়াই দিয়া হয়।

তদাৰকী কৰণৰ জৰিয়তে শিক্ষানুষ্ঠানটো পৰিচালনা কৰোঁতে উদ্ভৱ হোৱা দোষ-ত্ৰুটিবিলাক দেখুৱাই দিয়াৰ উপৰিও এইবিলাকৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়।

২) পৰিদৰ্শনৰ পৰিসৰ সীমিত।

তদাৰকী কৰণৰ পৰিসৰ যথেষ্ট বহল।

৩) পৰিদৰ্শনত এক কৰ্তৃত্বমূলক কাৰ্য।

  তদাৰকী কৰণ এক গণতান্ত্ৰিক কাৰ্যব্যৱস্থা।

 ৪) ইয়াত পৰীক্ষা-নিৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়।

৫) পৰিদৰ্শনত যিগৰাকী ব্যক্তি জড়িত হৈ থাকে তেওঁক পৰিদৰ্শক বোলো হয়।

তদাৰকী কৰণত যিগৰাকী ব্যক্তি জড়িত হৈ থাকে তেওঁক তদাৰক কর্তা বোলা হয়।

৬) পৰিদৰ্শক জনক এজন ক্ষমতাশীল ব্যক্তি হিচাপে গণ্য কৰা হয়। গতিকে শিক্ষানুষ্ঠানটোৰ উন্নতিৰ বাবে তেওঁ কিছুমান নিদেৰ্শ দিব পাৰে।

ইয়াত তদাৰক কর্তাজন এজন দায়িত্বশীল ব্যক্তি হিচাপে শিক্ষানুষ্ঠানটোৰ উন্নয়নৰ বাবে পৰামৰ্শহে আগবঢ়োৱা হয়।

৭) পৰিদৰ্শন কাৰ্যত বিদ্যালয় কৰ্তৃপক্ষই অনুভৱ কৰা অসুবিধাসমূহ পৰিদৰ্শকক মুকলিভাৱে জনাবলৈ আগ্ৰহ প্ৰকাশ নকৰে।

তদাৰক কৰণত বিদ্যালয় কৰ্তৃপক্ষই অনুভৱ কৰা অসুবিধাসমূহ তদাৰক কৰ্তাৰ লগত মুকলিভাৱে আলোচনা কৰে।

৮) পৰিদৰ্শক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত ব্যৱধান বেছি থকাৰ বাবে সমস্যা সমাধান কৰোঁতে অসুবিধা হয়।

তদাৰককর্তা আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত সম্বন্ধ ওচৰৰ আৰু বন্ধুত্বপূৰ্ণ হোৱাৰ বাবে সমস্যা সমাধানৰ পথ সহজ হয়।

Q.4. State the qualities required to be a good supervisor.

Ans: এজন ভাল তদাৰককৰ্তাৰ গুণসমূহ-

(ক) শৈক্ষিক দূৰদৰ্শীতা : তদাৰককর্তাজনৰ শিক্ষাৰ উন্নয়নৰ বিষয়ে বিশেষ জ্ঞান থকাটো প্ৰয়োজন। তেওঁ শিক্ষাত প্ৰয়োগ হোৱা নতুন চিন্তাধাৰাৰ লগত পৰিচিত হ’ব লাগে। শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা যিকোনো সমস্যা সমাধানৰ পথ উলিয়াব পৰা দক্ষতা থাকিব লাগে। কোনো শিক্ষানুষ্ঠানত কেনে ধৰণৰ নিয়ম-কানুন প্ৰৱৰ্তন কৰিলে ভাল ফল পোৱা যাব সেই বিষয়ে তেওঁ জ্ঞান হোৱাটো দৰকাৰ। শিক্ষাৰ লগত জড়িত কাৰ্যৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু পৰিচালনা কৰা বিভিন্ন কাৰ্যৰ মাজত সম্বন্ধ বৰ্তাই ৰাখিব পৰা গুণৰ অধিকাৰী হ’ব লাগে।

(খ) ব্যক্তিগত গুণাৱলী : শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে তদাৰক কর্তাজন আশাবাদী, আত্মবিশ্বাসী আৰু নেৰানেপেৰা চেষ্টা চলাব পৰা হ’ব লাগে। তেওঁৰ কৌশলতা, উদ্যম, ভাবমূৰ্তি, নিষ্ঠা, সততা, ভাল শাৰীৰিক আৰু মানসিক স্বাস্থ্য আদি গুণে নিজৰ বৃত্তিত সফলতা আৰ্জন কৰাত সহায়ক হয়।

(গ) শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা : শিক্ষক হিচাপে বিদ্যালয়ত কাম কৰাৰ অভিজ্ঞতা থাকিলে বিদ্যালয়ত উদ্ভৱ হ’ব পৰা যিকোনো সমস্যাৰ বিষয়ে অনুমান কৰিবলৈ সহজ হয়। শিক্ষাৰ দৰ্শন, মনোবিজ্ঞান, শিক্ষণ প্ৰণালী সম্বন্ধে বিশেষ জ্ঞান থাকিব লাগে যাতে তেওঁৰ কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। কেৱল মাত্ৰ বিদ্যালয়খনৰ শৈক্ষিক কৃতিত্বৰ ওপৰতে তেওঁৰ দৃষ্টি থাকিলে নহ’ব। এখন বিদ্যালয়ৰ সৰ্বাংগীন বিকাশ কেনেদৰে হ’ব পাৰে সেই বিষয়ে বিশেষ জ্ঞান থাকিব লাগে।

(ঘ) বন্ধুত্বপূৰ্ণ সম্বন্ধ : পৰামৰ্শদাতা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ মাজত বন্ধুত্বপূৰ্ণ বুজাবুজি থাকিব লাগে। এনেধৰণৰ বুজাবুজিৰ দ্বাৰা কামৰ বিতৰণ, নিজস্ব দায়িত্ব গ্ৰহণ, সুন্দৰ বিচাৰ আদিৰে বিদ্যালয়খনক আগবঢ়াই নিব পৰা গুণ থাকিব লাগে। কোনো ক্ষেত্ৰতে তেওঁ দমনীয়া নীতি বা আচৰণ প্ৰদৰ্শন কৰিব নালাগে। সেইবাবে তেওঁ আনৰ মতামতকো প্ৰয়োজন অনুসৰি সন্মান জনাব লাগে।

(ঙ) সফল নেতৃত্ব : এখন অনুষ্ঠানক সঠিক পথৰ সন্ধান আৰু নেতৃত্ব দিব পৰা গুণ পৰামৰ্শদাতাজনৰ থাকিব লাগে। তেওঁ অনুষ্ঠানটোৰ এক বিশ্বাসযোগ্য সহায়ক আৰু পথ প্ৰদৰ্শক হোৱাটো উচিত। সেইবাবেই তেওঁ এজন বন্ধু আৰু দাৰ্শনিকৰ দৰে কাম কৰিব লাগে।

(চ) উৎসাহ আৰু উদ্দীপনা : পৰামৰ্শদাতাজনে সূক্ষ্ম আৰু মৌলিক চিন্তাধাৰাৰে বিদ্যালয়ৰ বৰ্তমান আৰু ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰাৰ লগতে কামৰ প্ৰতি মানুহক উৎসাহিত কৰিব লাগে।

(ছ) গভীৰ জ্ঞান : কোনো এক নিৰ্দিষ্ট বিষয়ত জ্ঞান থকাৰ উপৰিও বিদ্যালয়ৰ লগত জড়িত বিভিন্ন বিষয়ৰ জ্ঞান থকাটো আৱশ্যকীয়। সমসাময়িক বিভিন্ন দিশৰ প্ৰতি দৃষ্টি দিয়াৰ লগতে সেইবিলাক বিষয়ৰ পৰা জ্ঞান আহৰণ কৰিব লাগে।

(জ) নিয়মানুৱৰ্তিতা : পৰামৰ্শদাতাজনে যিহেতু আনক নিয়মীয়াকৈ পৰামৰ্শ আগবঢ়াব লাগে, সেইবাবে তেওঁ নিজে কিছুমান নীতি-নিয়মৰ মাজেদি কাম কৰিব লাগে যিবিলাক আনৰ বাবে  আদৰ্শ হৈ ৰয়।

(ঝ) সময়ানুৱৰ্তিতা : বিভাগীয় যিকোনো কামেই সময়মতে সুচাৰুৰূপে চলাই নিব পৰা দক্ষতা আৰু পাৰদৰ্শিতা পৰামৰ্শদাতাজনৰ থাকিব লাগে।

(ঞ) গঠনমূলক চিন্তা-চৰ্চা : পৰামৰ্শদাতাজনে কেৱল মাত্ৰ ভুলবিলাক আঙুলিয়াই দিয়াতেই অভ্যস্ত থাকিব নালাগে। ভুলবিলাক আঙুলিওৱাটো সহজ কাম। আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে আনৰ ভাল দিশসমূহ বা ভাল কাৰ্যসমূহ স্বীকৃতি দিয়াৰ লগতে অনুপ্ৰাণিত কৰা।

Q.5. ILLustrate the problems of supervision.

Ans: বিদ্যালয় পৰিদৰ্শনত বহুতো সমস্যাৰ উদ্ভৱ হয়। এইবিলাক গুৰুত্ব অনুসৰি তলত উল্লেখ কৰা হৈছে।

(১) প্ৰথম কথা হ’ল আমাৰ দেশত দৈনিক নতুন নতুন শিক্ষানুষ্ঠান গঢ় লৈ আছে। শিক্ষানুষ্ঠান যি হাৰত বৃদ্ধি হৈছে সেই একে হাৰত পৰামৰ্শকৰণো বৃদ্ধি হ’ব লাগিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো হোৱা নাই। জিলা পৰ্যায়ত একোজনকৈ বিষয়া থাকে। এজন বিষয়াৰ পক্ষে সকলোবিলাক বিদ্যালয় নিয়মীয়াকৈ চোৱা-চিতা কৰাটো প্ৰকৃততেই অসম্ভৱ।

(২) পৰিদৰ্শকৰ কাৰ্যালয়ত বিভাগীয় কাম-কাজ ইমানেই বেছি যে এই কামবিলাক এৰি বিদ্যালয়লৈ দিহা-পৰামৰ্শ দিবলৈ যাবলৈ সময় নোলোয়। বেছি ভাগ সময় তেখেতলোকে কাৰ্যালয়ৰ দৈনন্দিন কাম-কাজতে ব্যস্ত থাকিব লগা হয়।

(৩) আমাৰ দেশত বহুতো পৰিদৰ্শকে নিজকে সমাজসেৱাত নিয়োগ কৰাতকৈ এজন উচ্চপদস্থ বিষয়া বুলি ভাবে। তেওঁ পৰিদৰ্শনৰ সময়ত নিজৰ ক্ষমতাৰ অপপ্ৰয়োগহে কৰে। তেওঁ স্বেচ্ছাচাৰী মনোভাবেৰে বিদ্যালয়ৰ দোষ-ত্ৰুটিবোৰ খুচৰি উলিয়াওতেই ব্যস্ত থাকে। ইয়াৰ ফলস্বৰূপে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে প্ৰয়োজনীয় অনুপ্ৰেৰণা আৰু উৎসাহ নেপায়।

(৪) পৰিদৰ্শন যদিও গণতান্ত্ৰিক হ’ব লাগে প্ৰকৃততে তেনে হোৱা দেখা নাযায়। সেইবাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে যদিও কিছুমান সমস্যাৰ ভুক্তভোগী হৈ থাকে কিন্তু এইবিলাকৰ সমাধানৰ বাবে পৰিদৰ্শকৰ লগত মুকলিকৈ আলোচনা কৰিবলৈ আপচোচ কৰে। পৰিদৰ্শকেও আলোচনাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে।

(৫) পৰিদৰ্শকসকলৰ নিযুক্তি পদ্ধতি ত্ৰুটিমুক্ত বুলি ক’ব নোৱাৰি। তেওঁলোকৰ নিযুক্তিটো ৰাজনৈতিক দলে প্ৰভাৱ বিস্তাৰ কৰে। বহুক্ষেত্ৰত উপযুক্ত অভিজ্ঞতা আৰু অৰ্হতাপূৰ্ণ ব্যক্তিয়েও পৰিদৰ্শক নামৰ পদবীটোত নিযুক্তি নাপায়। নিযুক্তি মুক্ত আৰু নিকা নোহোৱাৰ বাবে দক্ষ আৰু পাৰদৰ্শী পৰিদৰ্শকৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয়।

(৬) ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ শিক্ষক নিযুক্তি, নামভৰ্তি মাচুল, পাঠ্যক্ৰম পাঠ্যপুথি, সময়তালিকা, সহঃপাঠ্যক্ৰমৰ বিষয় আদি বিদ্যালয় পৰিচালনা সমিতিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। এইবিলাক বিদ্যালয় নিয়ন্ত্ৰণৰ বাবে পৰিদর্শকক কোনো ক্ষমতা দিয়া নাথাকে।

(৭) পৰিদৰ্শকৰ পৰিদৰ্শনৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে। কোনোবা এটা বছৰত পৰিদর্শন মাত্ৰ এবাৰ বা দুবাৰ হ’ব পাৰে বা কোনো এটা বছৰত এবাৰো নহ’ব পাৰে। সেইবাবে পৰিদৰ্শকৰ পৰিদর্শনৰ কোনো পৰিকল্পনা থকা দেখা নাযায়।

(৮) পৰিদৰ্শক আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত ঘনিষ্ঠ সম্বন্ধ থাকিলেহে পৰিদৰ্শনৰ পৰা ভাল ফল লাভ হয়। কিন্তু এনেধৰণৰ উদাহৰণ খুবউ কমেইহে পোৱা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top