Educational Administration And Management Unit 3 Educational Planning

Educational Administration And Management Unit 3 Educational Planning Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 3 Educational Planning Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 3 Educational Planning can be of great value to excel in the examination.

Educational Administration And Management Unit 3 Educational Planning

Join Telegram channel

Educational Administration And Management Unit 3 Educational Planning Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 3 Educational Planning provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Q.17. Write the procedure and technique of institution planning.

Ans: আনুষ্ঠানিক পৰিকল্পনা প্ৰস্তুত কৰোতে কেইবাটাও স্তৰ অনুসৰণ কৰিব লাগে। তাৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

১) বৰ্তমান অৱস্থাৰ বিশ্লেষণ : বিদ্যালয়ৰ পৰিকল্পনা কৰাৰ আগতে শিক্ষকসকলৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান অৱস্থাৰ বিষয়ে প্ৰথমে চালি-জাৰি চাব লাগিব। তাৰ বাবে প্ৰথমে প্ৰধান শিক্ষকজনে এখন সভা পাতিব লাগে আৰু তলত দিয়া উপাদানসমূহ আছেনে নাই চাব লাগে-

ক) প্ৰয়োজনীয়তা অনুসৰি স্কুল ঘৰটো যথেষ্ট ডাঙৰ। 

খ) আহিলা পাতি আৰু আচবাব-পত্ৰ যথেষ্ট আছে। 

গ) গৱেষণাৰ আৰু গ্ৰন্থাগাৰৰ ব্যৱস্থা।

ঘ) অনুষ্ঠানটোত ইতিমধ্যে প্ৰয়োগ হৈ থকা আঁচনিসমূহৰ পৰিৱৰ্তনৰ প্রয়োজন আছে নে নাই। 

ঙ) অনুষ্ঠানটোত হোষ্টেল, শিক্ষকৰ ঘৰ, স্কুল বাছ, খেল অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে নে নাই।

চ) পৰীক্ষা পদ্ধতিৰ সংস্কাৰ। 

ছ) নামভৰ্তিকৰণ পদ্ধতি ইত্যাদি।

২) সম্পদসমূহৰ জৰীপ : বিদ্যালয়ৰ অৱস্থাসমূহৰ বিশ্লেষণৰ পিছত বিদ্যালয়ত থকা সম্পদসমূহৰ জৰীপ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, মুঠ শিক্ষক, আহিলা-পাতি, কিতাপ-পত্ৰ, পৰীক্ষাৰ ফলাফল আদিৰ জৰীপ কৰিব লাগে। সম্পদসমূহক তিনি ভাগত ভাগ কৰিব পাৰি-

ক) বিদ্যালয়ৰ সম্পদসমূহ, যেনে- স্কুলঘৰ, সা-সঁজুলি, গ্ৰন্থাগাৰ, গৱেষণাগাৰ ইত্যাদি।

খ) চৰকাৰৰ পৰা সহজে পোৱা সম্পদসমূহ।

গ) সমাজৰ সদ্যসতে পোৱা সম্পদসমূহ। যেনে- ৰাজহুৱা গ্ৰন্থাগাৰ, সংগ্ৰহালয়, চিকিৎসালয়, বেংক, ফেক্টৰী, পানীৰ ব্যৱস্থা, কাৰিকৰী অনুষ্ঠান, ৰাজ্যিক বিভাগসমূহ, ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি।

প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে এই সম্পদসমূহ ব্যৱহাৰ কৰিব লাগে। স্থানীয় শিক্ষামূলক ঠাইসমূহ ছাত্ৰ-ছাত্ৰীসমূহ দেখুৱাব লাগে। শিক্ষকসকলে ‘Parent Teacher Association’ আয়োজন কৰিব লাগে। ডাক্তৰ, অৱসৰ লোৱা অফিচাৰ, মিলিটেৰী, লোক, শিক্ষাবিদ আদিক ইয়ালৈ বক্তৃতা প্ৰদানৰ বাবে নিমন্ত্ৰণ কৰিব লাগে। বহু ঠাইত ‘Parent Teacher Association’ য়ে তলত দিয়াৰ দৰে কাৰ্যসমূহ সম্পাদন কৰে –

ক) জনসাধাৰণৰ বাবে বাছৰ যোগান।

খ) গ্ৰন্থাগাৰসমূহলৈ কিতাপ-পত্ৰৰ যোগান। 

গ) শাৰীৰিক দিশৰ বিকাশৰ বাবে ষ্টেডিয়ামৰ ব্যৱস্থা। 

ঘ) আহিলা-পাতি যোগান ইত্যাদি।

৩) বিকাশৰ আঁচনি প্ৰস্তুত : বিদ্যালয়ৰ শিক্ষকসকলৰ লগত আলোচনা কৰি বিকাশৰ আঁচনিৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে। আঁচনিসমূহক দুটা ভাগত ভাগ কৰা হৈছে-

ক) দীৰ্ঘকালীন আঁচনি। 

খ) হ্ৰস্বকালীন আঁচনি।

সকলোবিলাক আঁচনিৰে কিছুমান বিশেষ আৰু কিছুমান সাধাৰণ উদ্দেশ্য থাকে। এই উদ্দেশ্যবিলাক স্পষ্টভাৱে উল্লেখ থাকিব লাগে।বিদ্যালয়ৰ কিছুমান বিকাশৰ আঁচনিৰ তলত দিয়া হ’ল-

a) ঘৰ সম্পৰ্কীয় : ইয়াৰ ভিতৰত তলত দিয়া দিশসমূহ সাঙুৰি লোৱা হয়-

ক) অতিৰিক্ত শ্ৰেণীকোঠা সজা।

খ) বিদ্যালয়ৰ চাৰিওকাষৰ বেৰা দিয়া।

গ) মুৰব্বী শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে থকা ঘৰ সজা।

ঘ) ঘৰসমূহত লাইটৰ ব্যৱস্থা কৰা।

b) চাৰিবেৰা সম্পৰ্কীয়।

c) আহিলা-পাতি সম্পৰ্কীয়।

d) অনুষ্ঠানৰ সা-সঁজুলি সম্পৰ্কীয়।

e) ছাত্ৰ-কল্যাণ।

f) বিদ্যালয়ৰ কেলেণ্ডাৰ সম্পৰ্কীয়।

g) বিদ্যালয়ত চৌহদৰ উন্নীতকৰণ।

h) পৰীক্ষা সম্বন্ধীয়।

৪) প্ৰকল্পসমূহৰ প্ৰয়োগ : আঁচনিসমূহ প্ৰস্তুত কৰাৰ পিছত পদ্ধতিগতভাৱে সেইসমূহৰ প্ৰয়োগৰ ব্যৱস্থা হাতত ল’ব লাগে। এইক্ষেত্ৰত সকলোৰে সহায়-সহযোগ বাঞ্ছনীয়। প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, ছাত্ৰ আৰু অভিভাৱকসকলে সমানে অংশগ্ৰহণ কৰিব লাগে। প্ৰকল্পসমূহৰ সমাপ্তকৰণৰ সময়সীমা নিৰ্ধাৰণ কৰা উচিত।

৫) আঁচনিসমূহৰ মূল্যায়ণ : আঁচনিসমূহৰ সমাপ্তকৰণৰ পিছত আঁচনিৰ লগত জড়িত গোটটোৱে একেলগে আঁচনিখনৰ সম্পৰ্কত আলোচনা কৰিব লাগে। ফলাফলসমূহ গুণগত আৰু সংখ্যাগত দিশৰ পৰা বিশ্লেষণ কৰা দৰকাৰ। সম্পূৰ্ণৰূপে সমাপ্ত নোহোৱা আঁচনিসমূহ পিছত আনুষ্ঠানিক পৰিকল্পনাৰ সময়লৈ সমাপ্ত কৰাৰ সুবিধা ৰাখিব লাগে।

Q.18. Write some major point of institutional planning.

Ans: আনুষ্ঠানিক পৰিকল্পনাৰ ক্ষেত্ৰত তলত দিয়া কথাকেইটা মন কৰিবলগীয়া- 

১. আনুষ্ঠানিক পৰিকল্পনাসমূহ দীৰ্ঘম্যাদী হ’ব লাগে। পৰাপক্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু বাৰ্ষিক পৰিকল্পনাৰ লগত সংগতি ৰাখি পৰিকল্পনা কৰিব লাগে।

২. আঁচনিসমূহৰ পৰিদৰ্শনৰ ব্যৱস্থা থাকিব লাগে। পৰিদৰ্শনে আঁচনিসমূহৰ মানদণ্ড উন্নত কৰিব পাৰে।

৩. জিলা শিক্ষা বিভাগে অনুষ্ঠানসমূহলৈ আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনামা দিব লাগে। এই নিৰ্দেশনামাসমূহ আদেশসূচক হ’ব নালাগে।

৪. জিলাই জাৰি কৰা এই নিৰ্দেশনাসমূহক অনুসৰণ কৰি আঁচনি প্ৰস্তুত কৰাৰ সম্পূৰ্ণ দায়িত্ব অনুষ্ঠানটোৰ মুৰব্বীজনৰ হাতত থকা উচিত।

৫. এই ক্ষেত্ৰত পৰিদৰ্শনকাৰী বিষয়া আৰু বিদ্যালয়ৰ মুৰব্বীসকলক প্ৰশিক্ষণ দিয়াটো অতি দৰকাৰ।

৬. আঁচনিসমূহৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এইবিলাকৰ প্ৰায়োগিক দিশ। আঁচনিসমূহৰ কাগজ-কলমৰ মাজত সীমাবদ্ধ হৈ থাকিলে ইয়াৰ পৰা সুফল লাভ কৰিব নোৱাৰি।

৭. গণতান্ত্ৰিক দৃষ্টিভংগীৰে আঁচনিসমূহ প্ৰস্তুত কৰিব লাগে। ইয়াৰ লগত জড়িত সংগঠনবিলাককো গুৰুত্ব দিব লাগে। প্ৰধান শিক্ষকে সহকাৰী শিক্ষকসকলক জড়িত কৰাব লাগে।

Q.19. Explain the process of planning.

Ans: আঁচনি প্ৰস্তুতকৰণ এটা জটিল প্ৰক্ৰিয়া। যদি সমগ্ৰ আঁচনিখনক একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত ভাগ কৰা হয় আৰু প্ৰতিটো ভাগেই পদ্ধতিগত, বৈজ্ঞানিক আৰু যুক্তিসংগতভাৱে কাম কৰে, তেন্তে প্ৰক্ৰিয়াটো অধিক সহজ হ’ব।

আঁচনি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো বহুলভাৱে বিভিন্ন ভাগ কৰা হৈছে। সেইবোৰৰ বিষয়ে আলোচনা কৰা হৈছে-

(ক) তত্ত্বগত দিশ : শৈক্ষিক পৰিকল্পনাৰ তাত্ত্বিক দিশটো আদৰ্শ, আশা-আকাংক্ষা আৰু মতামতৰ ওপৰত নিৰ্ভৰ কৰে। এই দিশটোৱে সমগ্ৰ পৰিকল্পনাৰ ধাৰণা বিষয়ক গাথঁনিটোৰ সৃষ্টি কৰে। এটা পৰিকল্পনাৰ বাবে নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব, সেই লক্ষ্যত উপনীত হ’বলৈ কিছুমান পন্থা ব্যৱহাৰ কৰিব লাগিব আৰু সমগ্ৰ লক্ষ্যসমূহৰ কিছুমান আগতে সমাধান কৰিব লগা লক্ষ্য থাকে। গতিকে তাত্ত্বিক দিশটো পন্থা, লক্ষ্য আৰু প্ৰাধান্যতালৈ জড়িত।

পন্থা : সমগ্ৰ আঁচনিখনৰ লক্ষ্যসমূহ পৰিপূৰণৰ বাবে ল’ব লগা উপায়সমূহেই হৈছে পন্থা। আনবিলাক দিশৰ পৰিকল্পনাৰ লগত শিক্ষাৰ আৰু শিক্ষাৰ বিভিন্ন দিশৰ ভিতৰত সম্বন্ধ স্থাপনৰ বাবে ই অতি দৰকাৰী। শিক্ষাৰ লক্ষ্যই হৈছে আঁচনিখনৰ মূল বিষয়। শিক্ষাৰ বিভিন্ন স্তৰ আৰু ভাগ আছে। সেয়েহে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শিক্ষাৰ লক্ষ্যসমূহ সমাপন কৰিবলৈ স্তৰ আৰু ভাগটো প্ৰথমে নিৰ্বাচন কৰিব লাগিব। অৰ্থাৎ পৰিকল্পনাৰ লক্ষ্যসমূহক কাৰ্যত পৰিণত কৰিবলৈ কোনো পন্থাৰ সহায় ল’ব লাগিব।

 মূল কথা হৈছে পন্থাৰ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ। কিন্তু শৈক্ষিক আঁচনি প্ৰস্তুতকাৰকসকলৰ বাবে ই সহজ কাৰ্য নহয়। শিক্ষাৰ দুই প্ৰকাৰৰ কাৰ্য দেখা যায়। এটা হৈছে শিক্ষাৰ ভোগকাৰ্য আৰু আনটো হৈছে উৎপাদন কাৰ্য। ভোগকাৰ্যৰ ধাৰণাটোৰ অৰ্থ হ’ল শিক্ষাৰ যোগেদি মানুহৰ জ্ঞান, কৌশল, প্ৰৱণতা, ব্যক্তিত্বৰ বিকাশ সাধন হয়।

লক্ষ্য আৰু প্ৰাধান্যতা : শৈক্ষিক পৰিকল্পনাৰ তাত্ত্বিক দিশৰ দ্বিতীয় আৰু তৃতীয় উপাদান দুটা হ’ল লক্ষ্য আৰু প্ৰাধান্যতা। প্ৰত্যেকটো শিক্ষা আঁচনিৰে কিছুমান নিৰ্দিষ্ট লক্ষ্য আছে। আঁচনিখনে নিৰ্দিষ্ট সময়ৰ ভিতৰত লক্ষ্যসমূহ পূৰণ কৰিবলৈ বিচাৰে। এই লক্ষ্যসমূহৰ কিছুমান মুখ্য আৰু কিছুমান গৌণ লক্ষ্য আছে। সেয়েহে প্ৰথমে মুখ্য লক্ষ্যসমূহক প্ৰাধান্য দিয়া হয়। গৌণ লক্ষ্যসমূহ আঁচনি প্ৰস্তুত কৰাৰ সময়ত উল্লেখ কৰা নহয়। যি কি নহওক, লক্ষ্য বা বিষয়বস্তুসমূহৰ পূৰণ প্ৰাধান্যতাৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি যধে-মধে সকলো লক্ষ্য পূৰণ কৰিবলৈ যোৱা হয়, তেন্তে প্ৰয়োজনীয় উদ্দেশ্যসমূহ থাকি যোৱাৰ অৱকাশ থাকে। লক্ষ্য সম্পৰ্কে পৰিকল্পনা আয়োগে কৈছে, “The paucity of our immediate resources makes it imperative that our programmes be selected according to a careful system of priorities that the most urgent needs may be met and the most effective use made of the money spent.”

এই তিনিটা দিশৰ উপৰি পৰিকল্পনা ৰাষ্ট্ৰীয় পৰ্যায়ত তাত্ত্বিক দিশটোৱে – প্ৰস্তাৱনা নিৰ্ধাৰণ, সম্পদৰ পৰ্যাপ্ততা নিৰ্ধাৰণ, পৰিকল্পনা ৰাষ্ট্ৰীয় পৰ্যায়ত নে ৰাজ্যিক পৰ্যায়ত নে স্থানীয় পৰ্যায়ত হ’ব তাক নিৰ্ধাৰণ, উপযুক্ত মাধ্যম নিৰ্বাচন আদি বিভিন্ন দিশবোৰ সাঙুৰি লয়।

কাৰ্যকৰণ প্ৰক্ৰিয়া : কাৰ্যকৰণ প্ৰক্ৰিয়াই পৰিকল্পনাত ব্যৱহাৰ কৰা পদ্ধতিক (methodology) বুজায়। পন্থা, বিষয়বস্তু আৰু প্ৰাধান্যতাৰ ওপৰত ভিত্তি কৰি যেতিয়া তাত্ত্বিক দিশটো সম্পূৰ্ণ হৈ উঠে, তেতিয়া আঁচনি প্ৰস্তুতকাৰকসকলে আঁচনিখনৰ কৰ্মৰত দিশটো আগবাঢ়ে। এইটো এটা জটিল কাৰ্য। কাৰ্যকৰণ প্ৰক্ৰিয়াৰ স্তৰকেইটা হ’ল- ১)পাৰিসাংখ্যিক তথ্যসমূহৰ বিশ্লেষণ (Analysis of Statistical Data)

২) নীতি সম্পৰ্কীয় প্ৰস্তাৱনাৰ গঠন (Formation of Policy Proposals)

৩) প্রক্ষেপণ, আঁচনি প্ৰস্তুতকৰণ আৰু আঁচনি বিশ্লেষণ (Projection, Programming and Project Analysis) 

৪) ব্যয় আৰু বিত্তৰ যোগান (Costing and Financing)

৫) সিদ্ধান্ত গ্ৰহণ আৰু প্ৰয়োগ (Decision and Implementation)

৬) মূল্যায়ণ আৰু পুনঃসংস্কৰণ (Evaluation and Revision)

১) প্ৰথম স্তৰ :

পাৰিসাংখ্যিক তথ্যসমূহৰ বিশ্লেষণ :

শিক্ষা পদ্ধতি আৰু ইয়াৰ লগত জড়িত আর্থ-সামাজিক উপাদানসমূহৰ বিষয়ে পাৰিসাংখ্যিক তথ্যসমূহৰ সংগ্ৰহ আৰু বিশ্লেষণ কৰাটো শিক্ষা ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে অতি জৰুৰী। তিনিটা বিশেষ দিশৰ পৰা পাৰিসাংখ্যিক তথ্যসমূহ বিশ্লেষণ কৰা হয়-

(ক) জনসংখ্যামূলক পাৰিসাংখ্যিক তথা (Demographic Statistical Data)

(খ) শ্ৰমশক্তি সম্পৰ্কে আৰু বিত্তীয় পাৰিসাংখ্যিক তথ্য (Labour force and finance statistical data)

(গ) শৈক্ষিক পাৰিসাংখ্যিক তথ্য (Educational statistical data)

Q.20. Discuss the stage of operational process.

Ans: কাৰ্যকৰণ প্ৰক্ৰিয়াই পৰিকল্পনাত ব্যৱহাৰ কৰা পদ্ধতিক (methodology) বুজায়। পন্থা, বিষয়বস্তু আৰু প্ৰাধান্যতাৰ ওপৰত ভিত্তি কৰি যেতিয়া তাত্ত্বিক দিশটো সম্পূৰ্ণ হৈ উঠে, তেতিয়া আঁচনি প্ৰস্তুতকাৰকসকলে আচঁনিখনৰ কৰ্মৰত দিশলৈ আগবাঢ়ে। এইটো এটা জটিল কাৰ্য। কাৰ্যকৰণ প্ৰক্ৰিয়াৰ স্তৰকেইটা হ’ল- ১) পাৰিসাংখ্যিক তথ্যসমূহৰ বিশ্লেষণ (Analysis of Statistical Data)

২) নীতি সম্পৰ্কীয় প্ৰস্তাৱনাৰ গঠন ( Formation of Policy Proposals)

৩) প্ৰক্ষেপণ, আঁচনি প্ৰস্তুতকৰণ আৰু আঁচনি বিশ্লেষণ (Projection, Programming and Project Analysis)

৪) ব্যয় আৰু বিত্তৰ যোগান (Costing and Financing)

৫) সিদ্ধান্ত গ্ৰহণ আৰু প্ৰয়োগ (Decision and Implementation)

৬) মূল্যায়ণ আৰু পুনঃসংস্কৰণ (Evaluation and Revision)

১) প্ৰথম স্তৰ : 

পাৰিসাংখ্যিক তথ্যসমূহৰ বিশ্লেষণ :

শিক্ষা পদ্ধতি আৰু ইয়াৰ লগত জড়িত আৰ্থ-সামাজিক উপাদানসমূহৰ বিষয়ে পাৰিসাংখ্যিক তথ্যসমূহৰ সংগ্ৰহ আৰু বিশ্লেষণ কৰাটো শিক্ষা ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে অতি জৰুৰী। তিনিটা বিশেষ দিশৰ পৰা পাৰিসাংখ্যিক তথ্যসমূহ বিশ্লেষণ কৰা হয়-

(ক) জনসংখ্যামূলক পাৰিসাংখ্যিক তথা (Demographic Statistical Data)

(খ) শ্ৰমশক্তি সম্পৰ্কে আৰু বিত্তীয় পাৰিসাংখ্যিক তথ্য (Labour force and finance statistical data) 

(গ) শৈক্ষিক পাৰিসাংখ্যিক তথ্য (Educational statistical data)

(ক) জনসংখ্যামূলক পাৰিসাংখ্যিক তথ্য : পৰিকল্পনাৰ সময়ত জনসংখ্যামূলক তথ্যসমূহৰ সংগ্ৰহ অতি দৰকাৰী। মুঠ জনসংখ্যাৰ স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু এওঁলোকৰ বয়সৰ গঠনে পৰিকল্পনাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। লোকপিয়লত এই তথ্যসমূহ পোৱা যায়। দীৰ্ঘদিনীয়া পৰিকল্পনাৰ বাবে জনসংখ্যাৰ এই তথ্যসমূহৰ প্ৰয়োজন হয়। ভাৰতবৰ্ষত জনসংখ্যাৰ পূৰ্বানুমানৰ ক্ষেত্ৰত বহুতো অধ্যয়ন কৰা হৈছে।কেইটামান উল্লেখযোগ্য অধ্যয়ন হৈছে- IAMR (Institute of Applied Manpower Research) Coale and Hoover, Expert Committee appointed by the Registrar General আৰু Semi Expert Committee Projection.

জনসংখ্যাৰ তথ্যসমূহ সংগ্ৰহ কৰোতে ছাত্ৰ-ছাত্ৰীৰ নগৰ-চহৰৰ অনুপাতৰ দিশলৈও লক্ষ্য ৰাখিব লাগিব। বৰ্তমান আঢ়ৈ বছৰ বয়সৰ পৰা শিশুবিলাক স্কুললৈ যায় যদিও চাৰি বছৰ বয়সৰ পৰা চৈধ্য আৰু চৌব্বিছ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ হিচাপেহে প্ৰয়োজন হয়। ১৫-২৪ৰ পৰা ৫৫-৫৪ বয়সৰ গোটক অৰ্থনৈতিকভাৱে সক্ৰিয় জনসমষ্টিৰ ভিতৰত ধৰা হয়। ১৯৬১ চনত এই জনসংখ্যাৰ শতকৰা হাৰ আছিল ৫৫.৭ আৰু ১৯৭১ চনত আছিল ৬২.২ আৰু বৰ্তমান ইয়াৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। এইবিলাক তথ্যৰ উপৰি গাঁও আৰু নগৰ অঞ্চলত বিয়পি থকা জনসংখ্যাৰ দিশটোও মন কৰিবলগীয়া। 

(খ) শ্ৰমশক্তি আৰু বিত্তীয় পাৰিসাংখ্যিক তথ্য : শিক্ষা ব্যৱস্থাৰ যোগেদিহে শ্ৰমিকসকলৰ সৃষ্টি হয়। পৰিকল্পনাৰ ক্ষেত্ৰত এই শ্ৰমশক্তিৰ তথ্য অতি দৰকাৰী। দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশত সহায় কৰা এই গুণসম্পন্ন মানৱশক্তি শৈক্ষিক সংগঠনৰ বাবে অতি জৰুৰী। বৰ্তমান শ্ৰমিকৰ অৱস্থা, এওঁলোকৰ অৰ্থনৈতিক বিকাশ প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু শ্ৰমিকৰ ওপৰত প্ৰভাৱ এই সকলোবিলাক তথ্য পৰিকল্পনাৰ সময়ত প্ৰয়োজন হয়। সৌভাগ্যক্ৰমে ভৱিষ্যতৰ শ্ৰমশক্তিৰ বিষয়ে বৰ্তমান যথেষ্ট তথ্য পোৱা যায়। 

শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিত্তীয় অৱস্থা, বিভিন্ন উৎস আৰু এইবিলাকৰ অৱদানৰ দিশটো মন কৰিবলগীয়া। শিক্ষাত ৰাজ্য আৰু কেন্দ্ৰৰ অংশ আৰু বিভিন্ন বছৰত মুঠ জাতীয় উৎপাদনৰ শতকৰা তথ্যই এইক্ষেত্ৰত যথেষ্ট সহায় কৰে। তাৰ উপৰি মুঠ জাতীয় আয় আৰু মুঠ জাতীয় আয়ৰ শিক্ষাৰ ক্ষেত্ৰত ব্যয়ৰ অংশ জনাৰো প্ৰয়োজন।

(গ) শিক্ষামূলক পাৰিসাংখ্যিক তথ্য : শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত শিক্ষামূলক তথ্যসমূহৰ সংগ্ৰহ অতি দৰকাৰী। কিন্তু আনবিলাক দিশৰ তুলনাত শিক্ষামূলক তথ্যসমূহ সন্তোষজনক নহয়। শুদ্ধ শৈক্ষিক তথ্য সংগ্ৰহ কৰাটো ভাৰত চৰকাৰ শিক্ষামন্ত্ৰীৰ এটা প্ৰধান দায়িত্ব। শৈক্ষিক তথ্যই তিনিটা উপাদানৰ কথা সূচায়-

১) সংগ্ৰহ, প্ৰচাৰ আৰু প্ৰয়োজনীয় তথ্যসমূহৰ বিশ্লেষণ।

২) পাৰিসাংখ্যিক অধ্যয়নসমূহৰ পৰিচালনা, বিচাৰকৰণ আৰু জৰীপ কৰা।

৩) প্রক্ষেপন আৰু ভৱিষ্যতৰ বাবে পূৰ্বানুমান।

ওপৰত উল্লেখ কৰা তিনিবিধ উপাদানৰ ভিতৰত প্রথমবিধ উপাদানতহে শিক্ষামন্ত্ৰীয়ে বেছি গুৰুত্ব দিয়া দেখা যায়। কিন্তু এই কাৰ্য ইমান লেহেমীয়া হয় যে প্ৰয়োগৰ সময়লৈকে তথ্যসমূহ অপ্ৰয়োজনীয় হৈ যায়।

শিক্ষা সম্বন্ধীয় আন কিছুমান গুৰুত্বপূৰ্ণ তথ্য হ’ল-

১) শিক্ষাৰ স্তৰ আৰু শৈক্ষিক গাঁথনি : শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোঁতে ইয়াৰ স্তৰসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। ভাৰতৰ শিক্ষাৰ স্তৰসমূহ এনেধৰণৰ-

১) প্ৰথম স্তৰ – ৬ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সলৈ ৪/৫ বছৰীয়া শিক্ষা।

২) দ্বিতীয় স্তৰ – ইয়াত ১১ৰ পৰা ১৭ বছৰ বয়সলৈকে সামৰি লোৱা হয়। এই স্তৰক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটোত ক্লাছ VI ৰ পৰা VIII লৈকে আৰু দ্বিতীয় ভাগটোত ক্লাছ IX ৰ পৰা X লৈকে অন্তৰ্ভুক্ত কৰা হৈছে।

৩) তৃতীয় স্তৰ – ১৭-২৫ উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষা এই স্তৰত অন্তৰ্ভুক্ত।

২) শৈক্ষিক গাঁথনি : যেতিয়া ১৯৫০ চনত ১৯৫০ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম আৰম্ভ হয়, তেতিয়া শৈক্ষিক গাথঁনিটো আছিল ১০+২+২। ১০ বছৰীয়া স্কুলীয়া শিক্ষাৰ পাঁচ বছৰীয়া প্ৰাথমিক, তিনিবছৰীয়া মাধ্যম আৰু দুই বছৰীয়া (৫+৩+২) মাধ্যমিক শিক্ষাৰ স্তৰ আছিল। দুবছৰীয়া ইণ্টাৰমিডিয়েট আৰু দুবছৰীয়া প্ৰথম ডিগ্ৰী আছিল। কিন্তু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি ১০+২+৩ গাঁথনি আৰম্ভ হয় আৰু এই গাঁথনি এতিয়াও চলি আছে।

৩) শিক্ষাৰ স্তৰ আৰু প্ৰকাৰ অনুসৰি অনুষ্ঠানসমূহ : স্তৰ আৰু শিক্ষাৰ প্ৰকাৰ অনুসৰি সকলোবিলাক অনুষ্ঠানৰ তথ্য পৰিকল্পনা প্ৰস্তুতকর্তাসকলৰ বাবে জৰুৰী। যদিও প্ৰাক প্ৰাথমিক স্তৰটো শিক্ষাৰ স্তৰত সামৰি লোৱা নহয় তথাপি পৰিকল্পনাৰ সময়ত ইয়াৰ অন্তৰ্ভুক্তি অতি জৰুৰী। 

৪) শিক্ষক আৰু অন্যান্য কৰ্মচাৰী : শিক্ষকৰ প্রয়োজনীয় তথ্যসমূহক তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল – 

(ক) মজুত।

(খ) প্ৰব্ৰজন। আৰু 

(গ) শিক্ষক ছাত্ৰৰ মাজৰ পৰিমাণগত সম্বন্ধ।

তাৰ উপৰি শিক্ষকৰ অৰ্হতা, বয়স, লিংগ, স্তৰ আৰু অঞ্চল আদিৰ তথ্যসমূহ আৱশ্যক। বহুসংখ্যক শিক্ষক আছে, যিবিলাকে এটা বৃত্তিত নিয়োজিত হোৱাৰ পিছত আন এটা বৃত্তিলৈ গুচি যায়। আঁচনি প্ৰস্তুত কৰিবৰ সময়ত এই তথ্যসমূহো আৱশ্যক হৈ পৰে। ছাত্ৰ-শিক্ষকৰ সংখ্যাগত সম্বন্ধ ছাত্ৰ-শিক্ষকৰ অনুপাতৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। মুঠ ছাত্ৰৰ সংখ্যাক মুঠ শিক্ষাদান কৰি থকা শিক্ষকেৰে ভাগ কৰিলে এই অনুপাত পোৱা যায়। ছাত্ৰ-শিক্ষকৰ আদৰ্শগত অনুপাত ৩০:১ হ’ব লাগে। কিন্তু গাঁও আৰু নগৰৰ ক্ষেত্ৰত ইয়াৰ ভিন্নতা থাকে। কিন্তু দুৰ্ভাগ্যক্ৰমে ভাৰতৰ শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত এই তথ্যসমূহৰ ওপৰত গুৰুত্ব দিয়া নহয়।

৫) প্ৰশাসনিক আৰু পৰিদৰ্শনকাৰী বিষয়া : ছাত্ৰ সংখ্যা আৰু শিক্ষকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশাসনিক আৰু পৰিদৰ্শনকাৰী বিষয়াসকলক নিয়োগ কৰা হয়। শিক্ষামূলক সুবিধা বৃদ্ধি আৰু শিক্ষকৰ সংখ্যা বৃদ্ধিৰ লগে লগে প্ৰশাসনিক বিষয়া আৰু পৰিদৰ্শনকাৰী বিষয়াসকলৰো চাহিদা বৃদ্ধি পায়।

৬) ছাত্ৰ সম্বন্ধে সকলোবিলাক তথ্য পৰিকল্পনাৰ ক্ষেত্ৰত দৰকাৰী। এই ক্ষেত্ৰত তিনিপ্ৰকাৰৰ তথ্যৰ প্ৰয়োজন-

(ক) শিক্ষাব্যৱস্থাৰ মুঠ জনসংখ্যাৰ লগত মুঠ ছাত্ৰৰ তুলনা।

(খ) ছাত্ৰৰ বিতৰণ।

(গ) শিক্ষা পদ্ধতিৰ পৰা মুঠ ছাত্ৰৰ উত্তীৰ্ণকৰণ।

তাৰ উপৰি মুঠ উপস্থিতি, ছাত্ৰ ফলাফল মূল্যায়ণ, বৃত্তি নিৰ্দেশনাৰ তথ্যও পৰিকল্পনাৰ সময়ত প্ৰয়োজন হয়।

৭) বিদ্যালয়ৰ ঘৰ : বিদ্যালয়ৰ ঘৰ, শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, কনফাৰেন্স ৰূম, ছাত্ৰ-ছাত্ৰীৰ জিৰণিকোঠা আদি সকলোকে সাঙুৰি লোৱা হয়। শ্ৰেণীকক্ষৰ আকাৰ, প্ৰকাৰ, মানদণ্ড আঁচনি প্ৰস্তুতকৰণৰ বাবে দৰকাৰী। স্কুলঘৰ নিৰ্মাণ কৰোতে বহুত অৰ্থৰ প্ৰয়োজন হয়। সেয়েহে নিৰ্মাণৰ মান নিৰ্ধাৰণ আৰু সম্পদসমূহৰ বিতৰণ আৱশ্যক। এইক্ষেত্ৰত ‘Asian Model’ ৰ নাম উল্লেখযোগ্য। এই মডেলৰ উল্লেখযোগ্য। এই মডেলৰ উল্লেখযোগ্য দিশকেইটা হৈছে

(ক) স্কুল নিৰ্মাণত প্ৰভাৱ পেলোৱা বিভিন্ন উপাদানসমূহৰ অধ্যয়ন।

(খ) স্কুল নিৰ্মাণৰ লগত থকা আইনৰ অধ্যয়ন।

(গ) নিৰ্মাণ এজেন্সিৰ লগত ডিজাইন, ব্যয় আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন।

(ঘ) নিয়ন্ত্ৰণ আৰু বিকাশৰ ধাৰণাৰ বিষয়ে অধ্যয়ন।

কিন্তু ভাৰতবৰ্ষত কোনো নিৰ্মাণনীতি গ্ৰহণ কৰা হোৱা নাই। সেয়েহে স্কুলঘৰ নিৰ্মাণৰ ক্ষেত্ৰত অসমতাসমূহ দেখা যায়।

২) দ্বিতীয় স্তৰ :

নীতি বিষয়ক প্ৰস্তাৱসমূহৰ গঠন :

বিভিন্ন তথ্যসমূহৰ ব্যাখ্যাৰ যোগেদি আঁচনি প্ৰস্তুত কৰোঁতাই সাম্প্ৰতিক অৱস্থাৰ বিষয়ে এটা স্পষ্ট ধাৰণা কৰিব পাৰে। ইয়াৰ যোগেদি বিভিন্ন দোষ-ত্ৰুটিসমূহ ধৰা পৰিব আৰু তাৰ পিছত আঁচনি প্ৰস্তুতকর্তাই নীতি প্ৰস্তাৱসমূহৰ প্ৰস্তুতিৰ ক্ষেত্ৰত অগ্ৰহৰ হ’ব পাৰিব। শিক্ষাবিভাগে আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট প্ৰস্তাৱনা পঠায়। প্ৰস্তাৱৰ নিৰ্দিষ্ট কিছুমান গুৰুত্বপূৰ্ণ দিশ হ’ল-

(ক) দেশৰ ব্যাপকতা আৰু সংস্কৃতিৰ বিভিন্নতাসমূহে শিক্ষা পদ্ধতি গঠনত বিশেষ সহায় কৰে। জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সমগ্ৰ দেশতে একে শিক্ষা পদ্ধতি প্ৰচলন হ’ব লাগে।

(খ) শ্ৰেণীকোঠাৰ আকাৰ, বিভিন্ন স্তৰত ছাত্ৰ-শিক্ষকৰ অনুপাত, স্কুলৰ প্ৰকাৰ আদি উপাদানবিলাকে নীতি নিৰ্ধাৰণৰ সময়ত যথেষ্ট সহায় কৰে।

(গ) নামভৰ্তিকৰন পদ্ধতি, বাধ্যতামূলক শিক্ষাৰ স্তৰ, নিৰ্দেশনা কাৰ্য, প্ৰৱণতা, বৃদ্ধি, আগ্ৰহ আদি বিভিন্ন উপাদানবিলাকে মাধ্যমিক আৰু উচ্চস্তৰৰ বহুতো সমস্যা সমাধানত সহায় কৰে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ আৰু শ্ৰেণীকৰণ নীতিও এইক্ষেত্ৰত উল্লেখযোগ্য।

(ঘ) আমি লক্ষ্য কৰিছোঁ যে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ মাচুলৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য আছে। এই পাৰ্থক্যসমূহ নিৰ্মূল কৰিবৰ বাবে সামাজিক ন্যায়ৰ ওপৰত ভিত্তি কৰি নীতি প্ৰস্তুত কৰা প্ৰয়োজন। তাকে নকৰিলে শিক্ষাৰ ক্ষেত্ৰত ধনী আৰু দুখীয়াৰ বিভেদ বাঢ়িহে যাব।

(ঙ) পৰিকল্পনা আৰু কিছুমান গুৰুত্বপূৰ্ণ দিশ হ’ল পাঠ্যপুথি আৰু বিভিন্ন সা-সঁজুলিৰ যোগানৰ নীতি। ইয়াৰ বাবে পাঠ্যপুথি প্ৰণয়ন নিগম স্থাপন কৰা হৈছে আৰু বিদ্যালয় স্তৰৰ কিছুমান কিতাপ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে। NECRT য়েও পাঠ্যপুথি প্ৰস্তুতকৰণ আৰু প্ৰশাসনৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰে।

(চ) দৈনন্দিন কৰ্ম সময় নিৰ্ধাৰণ আৰু কৰ্মৰাজিয়ে শিক্ষণ প্ৰক্ৰিয়া আৰু ছাত্ৰৰ কৃতিত্বৰ প্ৰভাৱ পেলায়। স্কুল দিনপঞ্জী, Shift system ৰ বাবে নিৰ্দেশনা প্ৰস্তাৱনাত সন্নিবিষ্ট কৰিব লাগে। শিক্ষা আয়োগে আমাৰ শিক্ষা ব্যৱস্থাৰ এই দোষটো আঙুলিয়াই দি কৈছে যে শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক সময়, কৰ্মদিন উপযুক্ত নহয়। তাৰ উপৰি বিভিন্ন কাৰণত স্কুলসমূহৰ বন্ধও বেছি। প্ৰস্তাৱনাত এই সমস্যাবিলাক উল্লেখ কৰিব লাগে।

(ছ) যিকোনো শিক্ষাব্যৱস্থাত শিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে শৈক্ষিক পৰিকল্পনাত শিক্ষকৰ বাবে চাকৰিকালীন আৰু চাকৰিৰ আগৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে। শিক্ষকৰ নিজৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ প্ৰশিক্ষণৰ দৰকাৰ। শিক্ষকে নতুন নতুন জ্ঞান আহৰণ নকৰিলে একেটা বন্ধ নাদৰ ভিতৰতে আৱদ্ধ হৈ থাকিব আৰু সেই নাদৰ পানী খাই নিজেও অসুস্থহে হ’ব। নতুন নতুন জ্ঞান আহৰণৰ দ্বাৰা তেওঁলোকে ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিয়াত সহায় কৰিব লাগে।

৩) তৃতীয় স্তৰ :

প্রক্ষেপন, আঁচনি প্ৰস্তুতকৰণ আৰু আঁচনি বিশ্লেষণ :

ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বানুমানৰ ক্ষেত্ৰত বৰ্তমানলৈকে বহুতো অধ্যয়ন সমাপ্ত কৰা হৈছে। ইয়াৰ ভিতৰত Alfred Liu- ৰ ‘Estimating Future School Enrolment in Developing Countries’, Jacoby ৰ “Enrolment Projection for New Zealand and Western Samoa”, আৰু এছিয়াৰ দেশবিলাকৰ বাবে প্ৰস্তুত কৰা UNESCO ৰ ‘Asia Model’ উল্লেখযোগ্য।

এই অধ্যয়নবিলাকৰ ফলস্বৰূপ দুটা পূৰ্বানুমান পদ্ধতিৰ সৃষ্টি হৈছে। সেই দুটা হৈছে- 

(ক) The Grade Cohort Method আৰু 

(খ) The Enrolment Method.

১) The Grade Cohort Method : এই পদ্ধতিটোক Cohort Survival Method বুলিও জনা যায়। অতীতৰ আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণৰ সহজে পোৱা কিছুমান তথ্যৰ ওপৰত এই পদ্ধতি নিৰ্ভৰ কৰে। এটা শ্ৰেণীত নামভৰ্তি আৰু সকলোবিলাক ছাত্ৰ-ছাত্ৰীয়েই আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ নহয়। কিছুমান অনুত্তীৰ্ণ হয় আৰু আন কিছুমান স্কুল এৰি গুচি যায়। যিবিলাক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ গৈ থাকে, সেইবিলাক ছাত্ৰ-ছাত্ৰীকহে এই পদ্ধতিত সামৰি লোৱা হয়। এনে কৰোতে এটা শ্ৰেণীৰ জনসংখ্যাৰ অতীতৰ আৰু পূৰ্বানুমানৰ সময়ৰ বাবে (Projected Period) জনসংখ্যাৰ বৃদ্ধি হাৰ, মৃত্যু হাৰ আৰু প্ৰব্ৰজনৰ বৈশিষ্ট্যসমূহকো সামৰি লোৱা হয়।

এই পদ্ধতিটোত ছাত্ৰ-ছাত্ৰীৰ বয়স, গ্ৰেড, লিংগ, স্কুল এৰি যোৱা ছাত্ৰ-ছাত্ৰী, বাৰে বাৰে পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰী, বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ সোঁত আৰু ফলাফল আদি বিভিন্ন তথ্যসমূহৰ প্ৰয়োজন হয়। উপৰোক্ত তথ্যসমূহ সহজতে পোৱা দেশবিলাকৰ বাবে এই পদ্ধতি উপযোগী।

২) The Enrolment Ratio Method : অতীত আৰু বৰ্তমানৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু মুঠ উপস্থিতিৰ হাৰ, ছাত্ৰ-ছাত্ৰীৰ বয়স আৰু লিংগৰ অনুপাত, লোকপিয়লৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তথ্য আদিৰ ওপৰত এই পদ্ধতি নিৰ্ভৰ কৰে। যদি এই তথ্যবিলাক স্তৰ, গ্ৰেড আৰু প্ৰকাৰ অনুসৰি পাৰিসাংখ্যিক তথ্যৰ যোগেদি পোৱা যায়, তেতিয়া আঁচনি প্ৰস্তুতকাৰকসকলৰ বাবে সহজ হ’ব আৰু তাৰ দ্বাৰা পূৰ্বানুমান স্পষ্টকৈ কৰিব পাৰি।

ওপৰোক্ত পদ্ধতি দুটা ভাৰতবৰ্ষৰ জনসংখ্যাৰ পূৰ্বানুমানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়। আন তিনিটা পদ্ধতিৰ যোগেদি ভাৰতবৰ্ষৰ জনসংখ্যাৰ পূৰ্বানুমান কৰিব পাৰি-

১) ১৯৬১-৮১ বছৰৰ বাবে UNESCO ৰ পৰামৰ্শদাতা দলে কাৰ পূৰ্বানুমান।

২) ১৯৬১-৮৬ চনৰ বাবে শিক্ষা আয়োগে কৰা পূৰ্বানুমান।

৩) ১৯৬১-৮৫ চনৰ M. K. Premi এ কৰা পূৰ্বানুমান।

শৈক্ষিক পৰিকল্পনাৰ বাবে যেতিয়া পূৰ্বানুমান কৰা হয় তেতিয়া শিক্ষক, ছাত্ৰ, প্ৰশাসনিক বিষয়া, শ্রেণী, স্কুল ঘৰ আদি উপাদানবিলাকৰ প্ৰয়োজন হয়। যিহেতু ছাত্ৰই হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ কেন্দ্ৰবিন্দুস্বৰূপ। সেয়েহে পূৰ্বানুমান ছাত্ৰ-ছাত্ৰীৰ পৰাই আৰম্ভ হয়। কিন্তু ভাৰতবৰ্ষত শিক্ষা আঁচনি প্ৰস্তুত কৰোতাসকলে পদ্ধতিগতভাৱে নকৰা যেন লাগে।

আঁচনিকৰণ আৰু প্ৰকল্প বিশ্লেষণ :

লক্ষ্যসমূহ স্থিৰ কৰাৰ পিছত এই লক্ষ্যসমূহ পূৰণৰ বাবে কিছুমান পদ্ধতিৰ প্ৰয়োজন হয়। সেয়েহে এই পদ্ধতি আৰু আঁচনিবিলাক বাছি উলিয়াব লাগে আৰু প্ৰত্যেকটো আচঁনিয়েই কিছুমান কৰ্মৰত সৰু সৰু প্ৰকল্প গোটত ভাগ কৰিব লাগে। D. Colin Ewers (১৯৬৪)এ আঁচনি গ্ৰহণ আৰু প্ৰকল্প বিশ্লেষণ দুয়োটাকে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। তেওঁ কৈছে যে সাধাৰণ পৰিকল্পনাই আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰণৰ যোগেদি ইয়াৰ লক্ষ্যসমূহ সমাধান কৰিব পাৰে। তাৰ উপৰি আঁচনি প্ৰস্তুতকৰণৰ সময়ত প্ৰকল্প বিশ্লেষণৰ কথা পাহৰি ল’লে নহ’ব। যদি ১০০০ জন ডাক্তৰৰ সৃষ্টি কৰিব লাগে, তেন্তে প্ৰথমে শিক্ষানুষ্ঠান, ছাত্ৰ, শিক্ষক আৰু পাঠ্যক্ৰমৰ আঁচনি প্ৰস্তুত কৰিব লাগে। এই আঁচনিত শিক্ষানুষ্ঠান হ’ব একো একোটা প্ৰকল্প। যদি শিক্ষানুষ্ঠান নতুন হয় তেন্তে সকলো সুবিধা প্ৰদান কৰিব লাগিব আৰু যদি পুৰণা হয়, তেন্তে অতিৰিক্ত সাহায্য দিব লাগিব।

শৈক্ষিক পৰিকল্পনা প্ৰস্তুতকৰ্তাসকলে নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে কিছুমান আঁচনি বাছি উলিয়াই। পৰিকল্পনাত উল্লেখ থকা কিছুমান আঁচনি এনে ধৰণৰ- বিদ্যালয় স্থাপন কৰা, শিক্ষক প্ৰস্তুত কৰা, বিজ্ঞান শিক্ষাৰ বিকাশ, পাঠ্যক্ৰম প্ৰস্তুত ইত্যাদি। আচঁনিবিলাক যিসকলৰ দ্বাৰা প্ৰস্তুত কৰা হয়, সেইবিলাকৰ কাম-কাজসমূহ কাগজ-কলমৰ লগতহে জড়িত। তেওঁলোকে অনুষ্ঠানসমূহৰ লগত জড়িত নহয়। সেয়েহে আঁচনি প্ৰস্তুতকৰণৰ আৰু কাৰ্যকৰণৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। সেয়ে আশা কৰা মতে সফলতা লাভ কৰিব নোৱাৰে। তাৰ উপৰি আঁচনি প্ৰয়োগৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ সদায় থাকে। বিদ্যালয় স্থাপনৰ স্থান, শিক্ষণ নিযুক্তি, ধনীসকলে সুবিধা লাভ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱ দেখ দেখকৈ ধৰা পৰে। উদাহৰণস্বৰূপে ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ‘নবোদয় বিদ্যালয়’ আচঁনিখন আছিল গাঁৱৰ দৰিদ্ৰ জনসাধাৰণৰ বাবেহে। কিন্তু এই বিদ্যালয়বিলাকত ধনী লোকৰ ছাত্ৰ-ছাত্ৰীৰ পয়োভৰহে বেছি।

২) চতুৰ্থ স্তৰ :

ব্যয় আৰু বিত্তীয় ব্যৱস্থা :

শিক্ষাৰ লগত অৰ্থনৈতিক দিশটোও জড়িত হৈ আছে। শিক্ষাৰ বাবে প্ৰয়োজন হোৱা সামগ্রীবিলাক কিনিবলৈ হ’লে ব্যয় কৰিব লগা হয়। কিছুমান শিক্ষাবিদে শিক্ষাক দ্বি-পাক্ষিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰিছে। এই প্ৰক্ৰিয়াত শিক্ষক আৰু ছাত্ৰ জড়িত হৈ আছে। সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াটো শিক্ষকক কেন্দ্ৰ কৰিয়েই চলে। প্ৰয়োজনীয় অৰ্থৰ বৃহৎ পৰিমাণৰ এটা অংশ অনুষ্ঠানে। বহন কৰে। শিক্ষাৰ্থীসকলেও কিছু পৰিমাণে ব্যয় বহন কৰিব লগা হয়। ছাত্ৰ-ছাত্ৰীয়ে নিজা ব্যক্তিগত উৎসৰ পৰা এই ব্যয় কৰে।ব্যয়ৰ ব্যক্তিগত আৰু আনুষ্ঠানিক এই দুটা উৎস পৰিকল্পনাৰ বাবে গুৰুত্বপূৰ্ণ।

এই দিশৰ পৰা ব্যয়ক দুটা ভাগত ভাগ কৰা হৈছে-

১) আনুষ্ঠানিক ব্যয় (Institutional Cost)

২) ব্যক্তিগত ব্যয় Individual Cost)

১) আনুষ্ঠানিক ব্যয় : শিক্ষাদানৰ বাবে শিক্ষানুষ্ঠানে বহন কৰিবলগা ব্যয়ক আনুষ্ঠানিক ব্যয় বোলা হয়। ব্যয়ৰ প্ৰকৃতি অনুযায়ী আনুষ্ঠানিক ব্যয়ক দুটা ভাগত ভাগ কৰা হৈছে-

(a) চলিব ব্যয়।

(b) মূলধনগত ব্যয়।

A. চলিত ব্যয় : সঘনাই বাৰে বাবে কৰিবলগীয়া ব্যয়েই হৈছে চলিত ব্যয়। কেইটামান উল্লেখযোগ্য চলিত ব্যয় হ’ল-

(ক) প্ৰত্যক্ষ ব্যয় : শিক্ষকৰ দৰমহা আৰু ভাট্টা, আন আন কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা, কিতাপ আৰু আন আন সা-সঁজুলিৰ, পোহৰ, পানী, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে কৰা ব্যয়, ভাড়া, কৰ আৰু অন্যান, বৃত্তিৰ বাবদ খৰচ।

(খ) বিদ্যালয়ৰ আহাৰ : আহাৰ প্ৰস্তুতকৰণৰ খৰচ; ৰান্ধনিৰ দৰমহা।

(গ) ছাত্ৰৰ স্বাস্থ্যৰ বাবদ খৰচ : চিকিৎসক আৰু নাৰ্ছৰ দৰমহা, ভ্ৰমণ বানচ, চিকিৎসাৰ সা-সঁজুলি, প্ৰশাসনিক বিষয়া।

(ঘ) শিক্ষকৰ প্ৰশিক্ষণৰ ব্যয় : শিক্ষক আৰু আন কৰ্মচাৰীৰ, কিতাপ আৰু আন আন সা-সঁজুলি, ভাড়া, কৰ আৰু ইঞ্চুৰেন্স, পোহৰ আৰু পানী, থকা-মেলাৰ খৰচ।

(ঙ) প্ৰশাসনিক আৰু পৰিদৰ্শন ব্যয় : পৰিদৰ্শনকাৰী কৰ্মচাৰীৰ দৰমহা, মুদ্ৰণ আৰু সা-সঁজুলি, ভ্ৰমণ খৰচ, আন আন প্ৰশাসনিক বিষয়াৰ খৰচ।

(চ) যাতায়াত খৰচ : গাড়ীচালক আৰু অন্যান্যসকলৰ দৰমহা, তেল খৰচ, যান-বাহনৰ প্ৰতিপালন ব্যয়।

B. মূলধনজাত ব্যয় : যিবিলাক ব্যয় এবাৰেই কৰিব লগা হয়, সেইবিলাকেই হৈছে মূলধনজাত ব্যয়। মাটি কিনা, ঘৰ বনোৱা, গ্ৰন্থাগাৰ,কাঠৰ সামগ্ৰী আৰু আন আন যন্ত্ৰ-পাতিৰ বাবে কৰা খৰচ এই শ্ৰেণীত পৰে।

২) ব্যক্তিগত ব্যয় : কিছুমান খৰচ আৰু যিবিলাক অভিভাৱক বা ছাত্ৰ-ছাত্ৰীসকলে নিজে বহন কৰিব লগা হয়। এইবিলাক হৈছে- টিউচনৰ খৰচ, টিউচনৰ লগত জড়িত নথকা খৰচ (কিতাপ-পত্ৰ, সা-সজ্জা, ভ্ৰমণ খৰচ) আৰু সুযোগ ব্যয়।

আঁচনিসমূহৰ বিত্তীয় নিৰ্ধাৰণ :

ৰাজহৰ উৎস আৰু লুকাই থকা সম্পদসমূহৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যসমূহলৈ বিত্তৰ যোগান ধৰা হয়। ৰাজহ আৰু এইবিলাকৰ বিতৰণৰ বাবে কিছুমান ন্যায়সংগত ব্যৱস্থাৰ প্ৰয়োজন হয়। সংবিধানৰ ২৮০নং অনুচ্ছেদ অনুসৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ‘বিত্ত আয়োগ’ নিয়োগ কৰাৰ ব্যৱস্থা আছে। কিন্তু আয়োগৰ কাম হ’ল- 

(১) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিত্তৰ যোগান ধৰা। আৰু 

(২) ৰাজ্যবিলাকলৈ সহায়ক অনুদান দিয়াৰ নীতি নিৰ্ধাৰণ। এই ক্ষেত্ৰত পৰিকল্পনা আয়োগ আৰু বিত্তীয় আয়োগৰ মাজত ক্ষমতাৰ  ওপৰা-উপৰি হোৱাৰ সম্ভাৱনা থাকে।

কেন্দ্ৰ আৰু ৰাজ্যবিলাকে তেওঁলোকে খৰচ কৰিবলগীয়া টকা আয়োগৰ নিৰ্ধাৰিত টকাৰ ওপৰত নিৰ্ভৰ কৰে। নিৰ্ধাৰিত মুঠ টকাৰ কিছু অংশহে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰা হয়। উদাহৰণস্বৰূপে প্ৰথমে পৰিকল্পনাত শিক্ষাৰ শিতানত নিৰ্ধাৰিত মুঠ টকা আছিল ১৬৯ কোটি টকা। ইয়াৰ বিপৰীতে শিক্ষাৰ শিতানত ব্যয় কৰা হৈছিল ১৫২.৯ কোটি টকা। এই পৰিকল্পনাত মুঠ আঁচনিৰ ৭৯ শতাংশ শিক্ষাৰ শিতানত ব্যয় কৰা হৈছিল। আঁচনিসমূহৰ শিক্ষাৰ ক্ষেত্ৰত ধাৰ্য কৰা মুঠ ব্যয়ৰ কেন্দ্ৰ আৰু ৰাজ্যৰ অংশৰ মাজত পাৰ্থক্য দেখা যায়। তাৰ উপৰি ৰাজ্যভেদে দিয়া টকাৰ মুঠ পৰিমাণৰ ক্ষেত্ৰতো হ্ৰাস-বৃদ্ধি লক্ষ্য কৰা হয়। দ্বিতীয় পৰিকল্পনাত দিল্লীতেই আটাইতকৈ বেছি (৩৫.২ শতাংশ) টকা খৰচ কৰা হৈছিল। তৃতীয় পৰিকল্পনাত দিল্লীত ১৮.৯ শতাংশ আৰু চতুৰ্থ পৰিকল্পনাত ১৬.৪ শতাংশ খৰচ কৰিবলৈ দিয়া হৈছিল। দ্বিতীয় পৰিকল্পনাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতেই আটাইতকৈ কম (৩.৬ শতাংশ) টকা দিয়া হৈছিল। অসমৰ ক্ষেত্ৰত অতি দুখলগা। দ্বিতীয় পৰিকল্পনাত মুঠ টকা ১০.৭ শতাংশ তৃতীয় পৰিকল্পনাত ৭.৭ শতাংশ আৰু চতুৰ্থ পৰিকল্পনাত ৭.৮ শতাংশহে অসমৰ শিক্ষাৰ ক্ষেত্ৰত দিয়া হৈছিল। 

পৰিকল্পনাৰ সময়ত শিক্ষাৰ কোন শিতানত কিমান টকা খৰচ কৰা হ’ব, সেই দিশটোলৈ লক্ষ্য কৰিব লাগে।

ৰাজ্যসমূহলৈ কেন্দ্ৰীয় অনুদান :

সংবিধানৰ ৩৭৫ নং অনুচ্ছেদত উল্লেখ আছে যে ৰাজ্যবিলাকে কেন্দ্ৰৰ পৰা অনুদান বিচাৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবিলাকলৈ দুই প্ৰকাৰে অনুদান দিয়ে-

১) ৰাজ্যৰ পৰিকল্পনা আঁচনিৰ বাবে।

২) কেন্দ্ৰৰ অনুমোদিত আঁচনিৰ বাবে সহায়ক অনুদান।

১) কেন্দ্ৰৰ পৰা ৰাজ্যলৈ বিভিন্ন আঁচনিৰ বাবে দিয়া অনুদান এই শ্ৰেণীত পৰে। এই অনুদানসমূহ তলত দিয়া ধৰেণে বিতৰণ কৰা হয়-

(ক) বিশেষ উদ্দেশ্যৰ মঞ্জুৰি : প্ৰথম পৰিকল্পনাত কেন্দ্ৰীয় চৰকাৰে বিশেষ কিছুমান আঁচনিৰ বাবে ৰাজ্য চৰকাৰলৈ অনুদান দিয়াৰ ব্যৱস্থা কৰিছিল। এনে কিছুমান আঁচনি হ’ল- হিন্দী শিক্ষাৰ বাবে যুগুত কৰা বিশেষ আঁচনি, দেশীয় বিদ্যালয়ৰ উন্নীতকৰণ, বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় ইত্যাদি। এনেকুৱা মুঠ ১৬ টা আঁচনি আছে। 

(খ) ক্ষেত্ৰভিত্তিক মঞ্জুৰি : দ্বিতীয় পৰিকল্পনাত এই মঞ্জুৰি সৃষ্টি কৰা হৈছিল। এই অনুদান নিৰ্দিষ্ট কোনো ক্ষেত্ৰক লৈ দিয়া হয়।

(গ) En-bloc মঞ্জুৰি : মঞ্জুৰি ক্ষেত্ৰভিত্তিক দিয়াৰ ব্যৱস্থাটোক ৰাজ্যবিলাকে বিৰুদ্ধাচৰণ কৰে। কিয়নো ৰাজ্যবিলাকে টকা-পইচা খৰচ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা বিচাৰে আৰু ক্ষেত্ৰভিত্তিক বান্ধোনৰ মাজত থাকিবলৈ নিবিচাৰে। সেয়েহে ৰাজ্যসমূহক সহায় কৰিবৰ বাবে En-bloc মঞ্জুৰিৰ ব্যৱস্থা কৰা হয়।

২) দ্বিতীয় পৰিকল্পনাত নিৰ্দিষ্ট কিছুমান কেন্দ্ৰীয় আঁচনিৰ ব্যৱস্থা কৰা হয়। কেন্দ্ৰৰ দ্বাৰা অনুমোদিত এই আচঁনিবিলাককে কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আঁচনি বোলা হয়। এই আঁচনি গ্ৰহণ কৰা-নকৰাৰ ক্ষমতা সম্পূৰ্ণৰূপে ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰে। এই আচঁনিবিলাকৰ অনুদান পৰিমাণ বহুত বেছি আৰু ৰাজ্যবিলাকে এই অনুদানসমূহ পৰিকল্পনাৰ অনুমোদিত ধনৰ বাহিৰে ওপৰঞ্চি লাভ কৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আঁচনিসমূহ হৈছে- শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষণ মহাবিদ্যালয়, শ্ৰম আৰু সামাজিক কেম্প, খেলপথাৰ প্ৰস্তুতকৰণ, ছাত্ৰৰ ভ্ৰমণ আৰু হোষ্টেলৰ বাবে অনুদান। স্বাক্ষৰতা কাৰ্যসূচীও এই আঁচনিৰ উল্লেখযোগ্য অংশ।

৫) পঞ্চম স্তৰ : 

সিদ্ধান্ত গ্ৰহণ আৰু আঁচনি প্ৰয়োগ :

প্ৰতি বছৰৰ বিধানসভাৰ বাজেট অধিৱেশনত আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইয়াতেই পঞ্চাবাৰ্ষিক পৰিকল্পনা সমূহক বছৰেকীয়া পৰিকল্পনাত ভাগ কৰা হয়। শিক্ষামন্ত্ৰীয়ে আঁচনিভুক্ত কৰা আঁচনি বৰ্হিভূত প্ৰস্তাৱসমূহ বিত্তৰ অনুমোদনৰ বাবে উপস্থাপন কৰে। তাৰ পিছত এই প্ৰস্তাৱসমূহ আলোচনা হয়, সমালোচনা কৰা হয় আৰু সূক্ষ্ম বিচাৰ কৰা হয়। ইয়াত আগৰ বছৰবিলাকৰ সফলতা আৰু বিফলতাসমূহো বিচাৰ কৰা হয়। এইদৰে পাৰ্লিয়ামেন্ট আৰু ৰাজ্যসভাতো এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়। তাৰ পিছত বিধানসভাৰ পৰা সিদ্ধান্ত গ্ৰহণৰ পিছত আচঁনিখন গৃহীত হয় আৰু প্ৰয়োগৰ বাবে আচঁনিখন শিক্ষামন্ত্ৰীলৈ ঘূৰি যায়।

পৰামৰ্শদাতা কমিটি হিচাপে পৰিকল্পনা আয়োগ আঁচনি নাথাকে। কিন্তু আয়োগে আঞ্চলিক কেন্দ্ৰ (Regional Centre) আৰু গোট (Unit) বিলাকৰ জৰিয়তে কাৰ্যসমূহ নিৰীক্ষণ কৰে। কিছুমান পৰিদৰ্শনকাৰী বিষয়াই পৰিদৰ্শন কৰি পৰিকল্পনা আয়োগক খবৰ বাতৰি যোগায়।

কেন্দ্ৰীয় স্তৰত আঁচনি প্রয়োগ :

কেন্দ্ৰীয় স্তৰত আঁচনি প্ৰয়োগৰ ক্ষেত্ৰত ‘Central Ministry of Education and Youth Welfare’এ হ’ল মুখ্য এজেন্সি। ইয়াৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহৰ বাবে এই এজেন্সিটোৱে আঁচনি প্ৰয়োগ কৰে। ইয়াৰ মূল কাৰ্য হৈছে IIT আৰু কৃষি বিশ্ববিদ্যালয়বিলাকৰ দৰে অনুষ্ঠানবিলাকলৈ অনুদান মুকলি কৰি দিয়া। UGC আৰু NCERT এ মন্ত্ৰীসভাৰ পৰা অনুদানসমূহ লাভ কৰে। তাৰ উপৰি ৰাজ্যিক আঁচনি আৰু কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনিসমূহে কেন্দ্ৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰে। এই এজেন্সিটো এটা ডাকঘৰৰ দৰে যাৰ পৰা বিভিন্ন আঁচনিসমূহলৈ আৰ্থিক সাহায্য বিতৰণ কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী তলৰ পৰ্যায়ৰ অনুষ্ঠানসমূহৰ লগত প্রত্যক্ষভাৱে জড়িত নহয়। উচ্চ শিক্ষাৰ মানদণ্ড ৰক্ষাৰ বাবে UGC স্থাপন কৰা হৈছিল। এই আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত টকা-পইচা বিতৰণ কৰে। কেন্দ্ৰীয় স্তৰত NCERT ৰ কাৰ্যাৱলী যথাক্ৰমে বৃদ্ধি পাই আহিছে। পাঠ্যপুথি প্ৰস্তুতকৰণ, শিক্ষকৰ শিক্ষা, শিক্ষা অৰ্থনীতিৰ বাবে NCERT ৰ চাৰিখন Regional College আছে। প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ‘State Institute of Education’ স্থাপন কৰা হৈছিল।

ৰাজ্যিক স্তৰৰ আঁচনি প্ৰয়োগ :

 ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে সচিবালয়ৰ ব্যৱস্থা আছে। কাৰিকৰী শিক্ষাৰ বাবেও পৃথক সচিবালয়ৰ ব্যৱস্থা আছে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ সচিবালয়ে শিক্ষকৰ শিক্ষাৰ দায়িত্বত থাকে। সমগ্ৰ প্ৰশাসনিক গাথঁনিটো বিভাগ (Division) আৰু জিলাত (District) ভাগ কৰা হৈছে। প্ৰাথমিক শিক্ষাৰ নিৰীক্ষণ আৰু প্ৰশাসনৰ ভাৰ জিলা বিষয়াৰ (District Officer) আৰু মাধ্যমিক শিক্ষা বিষয়াৰ (Divisional Officer) ৰ হাতত থাকে। উচ্চ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণৰূপে সচিবালয়ৰ দায়িত্বত থাকে। 

আঁচনি প্ৰস্তুতকৰণ সচিবালয় আৰু সঞ্চালকালয়ৰ প্ৰশাসনিক বিষয়াসকলৰ হাতত সীমাবদ্ধ হৈ থাকে। কিন্তু আঁচনি প্ৰয়োগকৰণত জিলা বিষয়াসকলকে ধৰি সকলো বিষয়াৰে সহযোগিতা থাকে। এই ক্ষেত্ৰত শিক্ষকসকলো জড়িত হৈ থাকে। শিক্ষকসকলে অভিভাৱকসকলৰ সহযোগত আঁচনিসমূহৰ প্ৰয়োগত সহায় কৰে। এইদৰে ৰাজ্যিক স্তৰৰ আঁচনি প্ৰয়োগ কৰা হয়।

৬) ষষ্ঠ স্তৰ :

মূল্যায়ণ :

সমগ্ৰ পৰিকল্পনা প্ৰক্ৰিয়াটোৰ শেষ স্তৰটো হৈছে মূল্যায়ন। মূল্যায়ন সম্পৰ্কত UNESCO এ এনেদৰে কৈছে, “It covers the termination of the plan and evaluation of the lesson learn, and makes it possible for the succeeding plan to the more effective comprehensive and realistic” ভাৰতৰ বিভিন্ন এজেন্সিবিলাক আঁচনিৰ মূল্যায়নৰ লগত জড়িত। তলৰ বিভিন্ন এজেন্সিবিলাকৰ কাৰ্যকলাপসমূহ আলোচনা কৰা হ’ল-

পৰিকল্পনা আয়োগ :

যদিও এই আয়োগ এক পৰামৰ্শদাতা সংস্থা, তথাপি ই সমগ্ৰ দেশতে আঁচনিসমূহৰ প্ৰয়োগৰ বিষয়েও দৃষ্টি ৰাখে আঁচনিসমূহৰ প্ৰয়োগৰ বিষয়েও দৃষ্টি ৰাখে। আঁচনিসমূহৰ প্ৰয়োগৰ মূল্যায়ণ কৰাৰ ক্ষেত্ৰত আয়োগক সহায় কৰিবলৈ দুটা পৃথক সংস্থা স্থাপন কৰা হৈছিল।সংস্থা দুটা হৈছে-

১) PEO বা আঁচনি মূল্যায়ণ সংগঠন (Programme Evaluation Organisation)

২) COPP বা আঁচনি প্ৰকল্পৰ কমিটি (Committee on Plan Project)

Q.21. Write about planning commission.

Ans: পৰিকল্পনা আয়োগ এক পৰামৰ্শদাতা সংস্থা, তথাপি ই সমগ্ৰ দেশতে আঁচনিসমূহৰ প্ৰয়োগৰ বিষয়েও দৃষ্টি ৰাখে। আঁচনিসমূহৰ প্ৰয়োগৰ মূল্যায়ন কৰাৰ ক্ষেত্ৰত আয়োগক সহায় কৰিবলৈ দুটা পৃথক সংস্থা স্থাপন কৰা হৈছিল। সংস্থা দুটা হৈছে-

১) PEO বা আঁচনি মূল্যায়ণ সংগঠন (Programme Evaluation Organisation)

২) COPP বা আঁচনি প্ৰকল্পৰ কমিটি (Committee on Plan Project)

১) PEO : এই এক স্বতন্ত্ৰ অনুষ্ঠান। এই সংগঠনটো ১৯৫২ চনত সমাজ কল্যাণমূলক আঁচনিবিলাক চোৱা-চিতা কৰিবৰ বাবে স্থাপন কৰা হৈছিল। সমগ্ৰ দেশখনৰ পাঁচটা অঞ্চলত PEO ৰ উপকাৰ্যালয় আছে। এই উপ কাৰ্যালয়বিলাকৰ তলত ৪২ টা সৰু সৰু গোট আছে যিবিলাকে আঁচনিবিলাক মূল্যায়ন কৰে। এই গোটবিলাকে কিছুমান নিৰ্বাচিত অঞ্চল পৰিদৰ্শন কৰে আৰু তেওঁলোকে যি দেখিছে তাৰ ওপৰত ৰেপোৰ্ট প্ৰস্তুত কৰে। ১৯৬২ চনত এখন ‘Evaluation Advisory’ এই সংগঠনৰ লগত সংযোগ কৰা হয়। এই বৰ্ডৰ সহযোগত PEO ৰ এক গুৰুত্বপূৰ্ণ কাম হ’ল আঁচনিবিলাকৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰা।

২) COPP : এই কমিটিখন ১৯৫৬ চনত গঠন কৰা হৈছিল। COPP ৰ মূল উদ্দেশ্য আছিল গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰকল্পসমূহ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা আৰু পৰিদৰ্শন কৰা। এই কমিটিখনে বিভিন্ন প্ৰকল্পসমূহৰ বাবে বিশেষ দল গঠন কৰিছিল। সেই প্ৰকল্পসমূহ হ’ল-

(ক) সামাজিক শিক্ষাৰ বাবে ৰিপ’ৰ্ট।

(খ) পিছপৰা শিক্ষানুষ্ঠানৰ বাবে ৰিপ’ৰ্ট।

(গ) শিক্ষক প্ৰশিক্ষণৰ ওপৰত ৰিপ’ৰ্ট।

(ঘ) বিজ্ঞানৰ পৰীক্ষাগাৰৰ ওপৰত ৰিপ’ৰ্ট।

(ঙ) দিল্লীৰ প্রাথমিক বিদ্যালয়ৰ স্কুলঘৰৰ ৰিপ’ৰ্ট।

(চ) পিছপৰা অঞ্চলৰ মাধ্যমিক শিক্ষাৰ বিদ্যালয় আৰু হোষ্টেলৰ ওপৰত ৰিপ’ৰ্ট।

ইয়াৰে কিছুমান দলৰ প্ৰতিবেদন অতি নিখুঁট আছিল। কিন্তু আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এই প্ৰতিবেদনসমূহৰ প্ৰভাৱ নপৰিল।

কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শিক্ষামন্ত্ৰীৰ প্ৰশাসনিক যন্ত্ৰৰ সহায়ত আঁচনিসমূহৰ মূল্যায়ন কৰে। আঁচনিসমূহৰ কৃতকাৰ্যতা নিৰূপণ কৰাৰ কিছুমান সূচক আছে। সেইবোৰ হৈছে- 

(ক) শিক্ষিত হাৰ।

(খ) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা।

(গ) শিক্ষানুষ্ঠানৰ সংখ্যা।

(ঘ) শিক্ষকৰ সংখ্যা ইত্যাদি। 

সকলোবিলাক শৈক্ষিক আচঁনিৰে মূল লক্ষ্য হ’ল দেশত শিক্ষিতৰ সংখ্যা বৃদ্ধি কৰা। শিক্ষিত জনসংখ্যাৰ বৃদ্ধিয়ে আঁচনিসমূহৰ সাফল্যকে সূচায়। শিক্ষণ প্ৰক্ৰিয়াত জনসংখ্যাৰ বৃদ্ধিয়ে মানৱ সম্পদৰ বিকাশকে সূচায়। আঁচনি প্ৰস্তুতকৰ্তা সকলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বিকাশকে সূচায়। আঁচনি প্ৰস্তুতকৰ্তাসকলে ছাত্ৰ-ছাত্ৰী সংখ্যা বৃদ্ধিৰ বাবে শিক্ষামূলক বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে। আমাৰ সংবিধানৰ ৪৬নং অনুচ্ছেদতো ১৪ বছৰ বয়সলৈকে বিনামূলীয়া, বাধ্যতামূলক, সাৰ্বজনীন শিক্ষা দিয়াৰ কথা ঘোষণা কৰিছে। বিভিন্ন স্তৰত শিক্ষামূলক সা-সুবিধাবিলাক প্ৰদান নকৰিলে শিক্ষাৰ প্ৰতি শিশুসকল আৰু অভিভাৱকসকল আগ্ৰহী হ’ব আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগে লগে নতুন শিক্ষানুষ্ঠানৰ প্ৰয়োজন হয়। বিভিন্ন শিক্ষানুষ্ঠানৰ ভিতৰত সাধাৰণ স্কুল, কলেজ, শিক্ষক, শিক্ষাৰ অনুষ্ঠানসমূহ অন্তৰ্ভুক্ত। আকৌ শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিক্ষকৰ সংখ্যাও বৃদ্ধি পায়। এইদৰে শিক্ষানুষ্ঠান আৰু শিক্ষকৰ সংখ্যা বৃদ্ধিয়ে আঁচনিসমূহৰ সফলতাকে বুজায়। এই চাৰিটা উৎসৰ যোগেদিও আঁচনিসমূহৰ মূল্যায়ন কৰিব পাৰি।

Q.22. Discuss the problems and deficiency in educational planning.

Ans: বিভিন্ন আয়োগ আৰু বিভিন্ন ব্যক্তিয়ে শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে শৈক্ষিক আঁচনি প্ৰস্তুত কৰিছে যদিও শিক্ষাৰ ক্ষেত্ৰত যিমানখিনি আশা হৈছিল সিমান সাফল্য লাভ কৰিব পৰা নাই। ইয়াৰ কিছুমান সমস্যা আছে। সেইবিলাক তলত আলোচনা কৰা হ’ল-

১) অসম্পূৰ্ণ কাম : সংবিধানৰ ৪৫ নং অনুচ্ছেদত এইটো নিৰ্ধাৰিত কৰি দিয়া হৈছিল যে ১৯৬০ চনৰ ভিতৰত ১৪ বছৰ বয়সৰ সকলো শিশুকেই বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব। কিন্তু এই কাৰ্যটি এতিয়াও কৃতকাৰ্য হোৱা নাই। চতুৰ্থ পৰিকল্পনাকালত ১০০ জনৰ ভিতৰত ৩১ জনে আৰু পঞ্চম পৰিকল্পনাত ১০০ জনৰ ভিতৰত ৪৩ জনেহে বিদ্যালয়ত নামভৰ্তি কৰা দেখা গ’ল। বিফলতাৰ এইটো এটা সাধাৰণ উদাহৰণহে। প্ৰত্যেক আচঁনিতে এই অকৃতকাৰ্যতাসমূহ পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ১৯৬৮ চনৰ শিক্ষানীতিৰ ‘নৱোদয় বিদ্যালয়’ নাম ল’ব পাৰি। এই শিক্ষানীতিত সমাজৰ পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে মাধ্যমিক শিক্ষা দিবৰ বাবে ‘নৱোদয় বিদ্যালয়’ৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰ্যত সমাজৰ ধনীলোকৰ লোকসকলেহে এই সুবিধা আদায় কৰা দেখা গৈছে। ইয়াৰ মূল কাৰণ হ’ল ৰাজনৈতিক প্ৰভাৱ। শিক্ষা ব্যৱস্থা যেতিয়ালৈকে ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত নহ’ব শৈক্ষিক পৰিকল্পনাই তেতিয়ালৈকে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিব।

২) গুণগত দিশৰ ওপৰত গুৰুত্ব নিদিয়া : J.P. Naik য়ে চতুৰ্থ পৰিকল্পনাত শিক্ষাৰ ক্ষেত্ৰত কৈছে যে আগৰ তিনিটা পঞ্চবাৰ্ষিক পৰিকল্পনাত গুণগত শিক্ষাই প্ৰাধান্য পোৱা নাই। গুণগত শিক্ষাৰ ক্ষেত্ৰত পুঁজিৰ যোগানো সীমাবদ্ধ। প্ৰাথমিক শিক্ষাৰ স্তৰত এই দশম পৰিকল্পনাৰ সময়তো অপচয় আৰু  অনুন্নয়ন নিৰ্মূল হোৱা নাই। ব্যয়ৰ বিনিময়ত সংখ্যাগত বিকাশহে পৰিলক্ষিত হৈছে। তাৰ উপৰি বহু ক্ষেত্ৰত প্ৰয়োজনীয় পৰিমাণে ব্যয় কৰাও হোৱা নাই। যেনে- পাঠ্যক্ৰমৰ পুনঃসংষ্কৰণৰ ক্ষেত্ৰত, চাকৰিকালীন প্ৰশিক্ষণ, গৱেষণাৰ বিকাশ ইত্যাদি। ছাত্ৰ-ছাত্ৰীৰ গুণগত দিশৰ বিকাশ সাধনৰ বাবে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ যোগেদি প্ৰচেষ্টা চলোৱা হৈছিল, কিন্তু এই পৰিকল্পনাই ফলপ্ৰসূতা লাভ কৰিব নোৱাৰিলে। সেয়েহে ড৹ জাকিৰ হুছেইনে ইয়াক ‘FRAUD’নামেৰে আখ্যা দিছিল।

৩) দীৰ্ঘ পৰিকল্পনাৰ অভাৱ : আমাৰ পৰিকল্পনাৰ সময়সীমা কম। পাঁচ বছৰৰ ভিতৰত সকলোবিলাক আঁচনি কাৰ্যত ৰূপায়িত নহ’বও পাৰে। যদি ২০ বছৰৰ কাৰণে পৰিকল্পনা কৰা হয় আৰু ইয়াক যদি চাৰিটা ভাগত ভাগ কৰা হয় তেন্তে ই বেছি কাৰ্যকৰী হ’ব। আগৰ আচঁনিবিলাকলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে ইখন আঁচনিৰ লগত সিখনৰ সাদৃশ্য নাই। উদাহৰণস্বৰূপে- পঞ্চম পাঁচ বছৰীয়া পৰিকল্পনাখনলৈ আঙুলিয়াব পাৰি। এই পৰিকল্পনাৰ আগৰকেইখন পৰিকল্পনাৰ লগত মিল নাছিল। এনে হ’লে শিক্ষামূলক কাৰ্যসূচীসমূহ আধৰুৱা হৈ থাকিব। সেয়েহে চাজেন্টে চল্লিছ বছৰৰ বাবে শিক্ষা পৰিকল্পনা কৰাৰ মত পোষণ কৰিছিল।

৪) প্ৰস্তুত আৰু প্ৰয়োগকৰণৰ মাজত ব্যৱধান : আমাৰ শৈক্ষিক পৰিকল্পনাসমূহ দিল্লীত কৰা হয়। তাৰ পিছতহে ই তললৈ বৈ আহে। দেশৰ অভিজ্ঞ লোক আৰু পৰিদৰ্শনকাৰী বিষয়াসকলে শৈক্ষিক আঁচনিৰ ক্ষেত্ৰত একো কৰিবলৈ সুবিধা নাপায়। আনহাতে এই আঁচনিসমূহৰ শৈক্ষিক ৰূপায়ণ শ্ৰেণীকক্ষতহে হয়। কিন্তু আঁচনি প্ৰস্তুতকর্তাসকলৰ শ্ৰেণীকক্ষৰ অভিজ্ঞতা নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হয়।

৫) বিদেশী কৌশল আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰশীল : শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বিদেশী অভিজ্ঞ লোকৰ সহায় লোৱা হয়। বহুক্ষেত্ৰত বিদেশী বিত্ত সাহায্যৰ ওপৰতো নিৰ্ভৰ কৰিব লগা হয়। সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰ কৰাটো বিপজ্জনক।

৬) শৈক্ষিক পৰিকল্পনাৰ অৰ্থনৈতিক পৰিকল্পনাৰ লগত সম্পৰ্ক নাই : ভাৰতবৰ্ষত শৈক্ষিক পৰিকল্পনাৰ লগত অৰ্থনৈতিক পৰিকল্পনাৰ কোনো সম্পর্ক নাই। পৰিকল্পনা কৰাসকলে মানৱ শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব নিদিয়াকৈ পৰিকল্পনা কৰে। আঁচনি প্ৰস্তুত কৰোতে মানৱশক্তিৰ চাহিদা আৰু যোগানৰ দিশটোলৈ লক্ষ্য ৰাখিব লাগিব। ইয়াকে নকৰিলে নিবনুৱা সমস্যাই দেখা দিয়ে। 

৭) বিশ্ববিদ্যালয় ডিগ্ৰীৰ ওপৰত গুৰুত্বদান : শৈক্ষিক পৰিকল্পনাই বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী মানৱসম্পদ সৃষ্টিৰ ওপৰতহে বেছি গুৰুত্ব দিছে। আঁচনিসমূহে আনুষ্ঠানিকতাবিহীন শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া নাই।

৮) আঞ্চলিক অসমতা : আঞ্চলিক অসমতাই শৈক্ষিক আঁচনিবিলাকৰ প্ৰয়োগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। বিভিন্ন ৰাষ্ট্ৰসমূহত শিক্ষামূলক আঁচনিসমূহৰ মাজত পাৰ্থক্য থকা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে – প্ৰাথমিক শিক্ষাৰ নামভৰ্তিৰ বয়সৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰবিলাকৰ মাজত সাদৃশ্য নাই। অৱশ্যে ভাৰতীয় সংবিধানতো এই কথা উল্লেখ নাই। 

তাৰোপৰি শিক্ষামূলক সুবিধাবিলাকৰ ক্ষেত্ৰতো অসমতা দেখা যায়। প্ৰথম পৰিকল্পনাত উল্লেখ কৰা হৈছিল যে, “There are grave disparities between different states in the matter of provision of educational facilities. The expenditure on education compared to total revenue and population also various in different states.”

অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে আগবঢ়া ৰাষ্ট্ৰবিলাকত সম্পদ আৰু সাংগঠনিক প্ৰাচুৰ্যতা যথেষ্ঠ পৰিমাণে আছে। কিন্তু পিছপৰা ৰাষ্ট্ৰবিলাকত সম্পদ আৰু নেতৃত্ব দুয়োটাৰে অভাৱ। কিছুমান নীতি আৰু এইবিলাকৰ প্ৰয়োগৰ ফলত এই অসমতাবিলাক কিছু কিছু ক্ষেত্ৰত বৃদ্ধিহে পাইছে।

 শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ ক্ষেত্ৰতো এই অসমতা দেখা যায়। সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকলৰ সাধাৰণতেই উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ দেখা যায়। কিন্তু দুখীয়া শ্ৰেণীৰ লোকসকলে প্ৰাথমিক শিক্ষাৰ প্ৰতিও আগ্ৰহ নেদেখুৱায়। এই অসমতাসমূহৰ বাবে আঁচনি প্ৰয়োগকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।

৯) গুণগত অৱনতি : ভাৰতৰ শিক্ষা ব্যৱস্থা লক্ষ্য কৰিলে শিক্ষাৰ গুণগত মানদণ্ড দিনে দিনে কমি যোৱাহে পৰিলক্ষিত হয়। ইয়াৰ কাৰণ হ’ল যিধৰণে পৰিকল্পনা কৰা হৈছে, সেই ধৰণে ফলপ্ৰাপ্তি হোৱা নাই। সেয়েহে M. Blaug, P.P.G. Layard আৰু M. Woodhall য়ে তেওঁলোকৰ গ্ৰন্থ ‘The causes of Grasuate Unemployment in India’ ত উল্লেখ কৰিছে যে ‘The Quality of Indian higher education is low among the lowest in the world.’ ইয়াৰ কাৰণ হ’ল আমাৰ দেশত কেৱল ডিগ্ৰী, ডিপ্লমা আহৰণ কৰাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাবিলাকৰ বিকাশৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই। বুদ্ধিসত্তাৰ বিকাশ আৰু সুস্থ জীৱন-যাপনৰ বাবে প্ৰস্তুতকৰণ শিক্ষাৰ যোগেদি সম্ভৱ হোৱা নাই। পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ মাজত ব্যৱধান হোৱাৰ বাবে চৰকাৰী বিষয়াসকলৰ চাৰিত্ৰিক দিশটোও মন কৰিবলগীয়া।

১০) মূল্যায়নৰ অভাৱ : প্ৰত্যেকটো পৰিকল্পনা সমাপ্ত হৈছে, নতুন পৰিকল্পনাৰ আৰম্ভ হৈছে। কিন্তু আঁচনিসমূহৰ দোষ-গুণসমূহ বিশ্লেষণ কৰিবলৈ আজিকোপতি একো ব্যৱস্থা হাতত লোৱা নাই। আমি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি আৰু পুঁজিৰ ব্যৱস্থা বৃদ্ধিতেই সন্তুষ্টি লাভ কৰিছো।

১১) দৃঢ় সামাজিক গাঁথনি : বিশেষকৈ গ্ৰামাঞ্চলত জাতিভেদ প্ৰথা আৰু অন্যান্য সামাজিক কাৰকে ভাৰতীয় সমাজক পিছ পেলাই ৰাখিছে। শিক্ষামূলক সুবিধাবিলাক উচ্চ, ধনীশ্ৰেণীৰ লোকসকলে সদায়েই ভোগ কৰি আহিছে। সেয়েহে অৰ্থনৈতিক বা সামাজিকভাৱে পিছপৰা শ্ৰেণীবিলাকে বিভিন্ন পৰিকল্পনাই আগবঢ়োৱা সুবিধাবিলাক ভোগ কৰিব পৰা নাই।

তাৰ উপৰি সম্পদৰ অভাৱ, গৱেষণাগাৰ নথকা আদি কাৰণৰ বাবেও শৈক্ষিক পৰিকল্পনাই ফলপ্ৰসূতা লাভ কৰিব পৰা নাই।

Q.23. Discuss the suggestion for reforms of educational planning.

Ans: বিভিন্ন পৰিকল্পনাসমূহ অধ্যয়ন কৰিলে এইটো অনুভৱ হয় যে পৰিকল্পনাসমূহ কাৰ্যকৰী হোৱা নাই। গতিকে পৰিকল্পনাসমূহ উন্নত কৰাৰ প্ৰয়োজন আহি পৰিছে। পৰিকল্পনাসমূহ উন্নত কৰাৰ কেইটামান পৰামৰ্শ তলত দিয়া হ’ল-

১) গুণগত বিকাশত প্ৰাধান্য : পৰিকল্পনাসমূহৰ প্ৰয়োগ লক্ষ্য কৰিলে দেখা যায় যে পৰিকল্পনাসমূহে সংখ্যাহত বিকাশৰ ওপৰতহে গুৰুত্ব দিছে। সেয়েহে দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উদাহৰণস্বৰূপে অসমত বৰ্তমান নিবনুৱা সমস্যা চকুত লগা। ২০০০ চনৰ ছেপ্টেম্বৰ মাহত পঞ্জীয়নভুক্ত নিবনুৱাৰ মুঠ সংখ্যা হ’ল ১৬,৩০,৫৫৩ জন। ইয়াৰে

ক) মেট্ৰিক পাছ : ৬,৬৭,৫১৪ জন।

খ) উচ্চতম মাধ্যমিক : ৩,৯৭,৪৮৫ জন।

গ) স্নাতক : ১,৩৬,৪৬০ জন।

ঘ) স্নাতকোত্তৰ : ৬,৫৮২ জন।

ঙ) ডাক্তৰ : ১৮৯ জন।

চ) ইঞ্জিনিয়াৰ : ২,৩৪৭ জন।

সংখ্যাগত বিকাশত গুৰুত্ব দিবই লাগিব। কিন্তু সংখ্যাগত দিশত বেছি গুৰুত্ব দিলে গুণগত দিশত অৱহেলা কৰা হ’ব।

২) মেধাবী আৰু কঠোৰ পৰিশ্ৰমী কাৰ্যৰ অন্তৰ্ভুক্তি : শৈক্ষিক পৰিকল্পনাত মেধাশক্তিৰ বিকাশ আৰু কঠোৰ পৰিশ্ৰমী কাৰ্যাৱলীৰ অন্তৰ্ভুক্তি কৰিব লাগে। এনে কিছুমান কাৰ্য হ’ল-

ক) আধুনিক ভাৰতীয় ভাষা সাহিত্যৰ বিকাশ।

খ) শৈক্ষিক গৱেষণা।

গ) পৰীক্ষাৰ উন্নতি।

ঘ) বিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতকৰণ।

ঙ) শিক্ষাবিভাগৰ উচ্চ স্তৰ কৰ্মচাৰী আৰু শিক্ষকসকলৰ প্ৰশিক্ষণ।

চ) পৰিদৰ্শন কৌশলৰ উন্নতিসাধন।

ছ) সমাজ আৰু পিতৃ-মাতৃৰ মাজৰ সম্বন্ধৰ উন্নতিসাধন।

৩) সঠিক মূল্যায়ন আৰু গৱেষণা : আমাৰ শিক্ষা পৰিকল্পনাৰ এটা উল্লেখযোগ্য দোষ হৈছে যে পৰিকল্পনাসমূহৰ সঠিক মূল্যায়ণ আৰু গৱেষণা নোহোৱা। যদি আঁচনিসমূহৰ সঠিক মূল্যায়ণ কৰা হয় আৰু আন আন আঁচনিসমূহৰ খৰচ কমাব পাৰি তেন্তে শিক্ষাৰ ক্ষেত্ৰত বেছি টকা ব্যয় কৰিব পৰা হ’ব। বৰ্তমান ভাৰতত মুঠ খৰচৰ মাত্ৰ ৬ ভাগহে শিক্ষাৰ শিতানত ধাৰ্য কৰা হয়। আনহাতে, বিশ্বৰ সৰু সৰু কিছুমান দেশ যেনে, কষ্টাৰিকাই ২৯%, চিলিয়ে ২০%, জাপানে ২০%, দক্ষিণ কোৰিয়াই ১৮.৫% আৰু ছিংগাপুৰে ১৯% শিক্ষাৰ শিতানত খৰচ কৰে। সেইবাবে এইবিলাক দেশত শিক্ষিতৰ হাৰো বেছি। জাপানত প্ৰায় ১০০ ভাগেই শিক্ষিত। কিন্তু ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰিবলৈ বিশেষ কোনো ব্যৱস্থা হাতত লোৱা নাই।

৪) শৈক্ষিক আঁচনিৰ প্ৰচলিত কৌশলৰ দোষ-ত্ৰুটিসমূহ নাইকিয়া কৰি নতুন কৌশলৰ প্ৰয়োগ : প্ৰচলিত শৈক্ষিক আঁচনিৰ ভালেমান দোষ-ত্ৰুটি আছে। শৈক্ষিক পৰিকল্পনাসমূহ জিলাভিত্তিত প্ৰায়ে কৰা নহয়। ‘Director of Education’ ৰ প্ৰায়বিলাক কৰ্মচাৰী প্ৰশিক্ষণপ্ৰাপ্ত নহয়। তেওঁলোকৰ কাম-কাজসমূহ অৰ্থনৈতিক আৰু প্ৰশাসনীয় কাম-কাজৰ মাজতে সীমাবদ্ধ। সেয়েহে শৈক্ষিক পৰিকল্পনাৰ পদ্ধতি সংগঠনৰ উন্নতিকৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে।

৫) প্ৰাধান্যতাৰ বিভিন্ন স্তৰ : সাধাৰণতে শিক্ষা ৰাজ্য চৰকাৰৰ দায়িত্বত থাকে। কিন্তু কেন্দ্ৰীয় স্তৰতহে সিদ্ধান্তসমূহ ল’ব লগা হয়। সেয়েহে শিক্ষা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থাকে। আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য আৰু অনুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে শিক্ষা ব্যৱস্থা বিকেন্দ্ৰীকৰণ হ’ব লাগে।

৬) কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ : আমাৰ শিক্ষাৰ প্ৰশাসনিক আৰু অৰ্থনৈতিক ব্যৱস্থা অতি দৃঢ় হোৱা বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। সেয়েহে কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থা থাকিব লাগে। 

Write short note

(i) Educational Planning and UNESCO 

Ans: UNESCO য়ে ১৯৫৬ চনত Lima ত এখন প্ৰাদেশিক পৰ্যায়ৰ কনফাৰেন্স আহ্বান কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ১৯৫৭ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰৱৰ্তন কৰা। তাৰ পিছত ১৯৫৮ চনত ৱাশ্বিংটনত OAS আৰু UNESCO ৰ যুটীয়া সহযোগত আহ্বান কৰা চেমিনাৰত শৈক্ষিক পৰিকল্পনা বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ইয়াত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ লগত শৈক্ষিক পৰিকল্পনা সম্বন্ধ স্থাপনত দেখা দিয়া বিভিন্ন সমস্যাবিলাকৰ বিষয়ে আলোচনা কৰা হয়।

এছিয়াৰ দেশবিলাকৰ ভিতৰত ভাৰতবৰ্ষই ১৯৫০ চনৰ পৰাই শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত আগভাগ লৈছিল। ১৯৫৯-৬০ চনত UNESCO ৰ কৰাছীত অনুষ্ঠিত কনফাৰেন্সত এছিয়াৰ দেশবিলাকত প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে এক কৰ্ম আঁচনি (Working Plan) প্ৰস্তুত কৰিছিল। এই কৰ্ম আঁচনিৰ মূল উদ্দেশ্য হ’ল ১৯৬০ৰ পৰা ১৯৮০ চনলৈ এই ২০ বছৰৰ ভিতৰত সাত বছৰীয়া বিনামূলীয়া, বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা। ইয়াত শিক্ষাৰ ক্ষেত্ৰত মুঠ জাতীয় আয়ৰ ৫ শতাংশ ব্যয়ৰ বাবে মত পোষণ কৰিছিল। UNESCO ৰ অভিজ্ঞ লোকসকলে এছিয়াৰ শৈক্ষিক বিকাশৰ এটা আৰ্হি প্ৰস্তুত কৰি বেংকক কনফাৰেন্স উপস্থাপন কৰিছিল।

আফ্ৰিকাৰ দেশবিলাকত ১৯৬১ চনত Addis Ababa অত অনুষ্ঠিত কনফাৰেন্সৰ পৰাই শৈক্ষিক পৰিকল্পনাৰ আৰম্ভণি হয়। ইয়াত শিক্ষাৰ সকলো দিশ সামৰি আলোচনা কৰা হৈছিল। আঁচনিসমূহৰ বিকাশৰ সম্পৰ্কে ১৯৬১ চনত পেৰিচত আৰু ১৯৬৪ চনত আবিদজানত পৰ্যালোচনা কৰা হৈছিল আৰু আগৰ আঁচনিসমূহৰ লগত প্ৰাপ্তবয়স্ক শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা সংযোগ কৰা হৈছিল। পুনৰ ১৯৬৮ চনত আঁচনিৰ প্ৰয়োগৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ আলোচনা কৰিবৰ বাবে নাইৰোবিত আন এখন কনফাৰেন্স অনুষ্ঠিত হৈছিল।

(ii) Educational Planning and National Education Policy, 1986

Ans: শৈক্ষিক পৰিকল্পনাৰ সন্দৰ্ভত শিক্ষানীতিত উল্লেখ কৰা হৈছে যে যিকোনো পৰিকল্পনাত শিক্ষাই প্ৰাধান্যতা পাব লাগে। এইক্ষেত্ৰত বিচাৰ কৰিবলগীয়া নীতিসমূহ হ’ল-

১. পৰিকল্পনা দীৰ্ঘদিনীয়া হ’ব লাগে আৰু দেশৰ বিকাশ আৰু মানৱ শক্তিৰ প্ৰয়োজনীয়তাৰ লগত পৰিকল্পনা যোগসূত্ৰ থাকিব লাগে। 

২. শিক্ষামূলক অনুষ্ঠানবিলাক বিকেন্দ্ৰীকৰণ আৰু স্বায়ত্বশাসিত হ’ব লাগে।

৩. পৰিকল্পনাত মহিলাৰ প্ৰৱেশৰ সুবিধা দিব লাগে। 

৪. বিষয়বস্তু আৰু মানদণ্ডৰ লগত সমতা ৰক্ষা কৰিব লাগে।

৫. পৰিকল্পনাত বেচৰকাৰী সংস্থা আৰু স্বতন্ত্ৰ  সংগঠনবিলাকক জড়িত কৰিব লাগে।

OECD (Organisation for Economic Cooperation and Development), UNESCO, International Institute of Educational Planning আদি সংগঠনবিলাক শৈক্ষিক আৰু এই প্ৰক্ৰিয়াত বহুতো উপাদান জড়িত হৈ আছে। এই উপাদানবিলাক হৈছে- শিক্ষাৰ বিষয়বস্তু আৰু প্ৰাধান্যতাসমূহৰ নিৰ্ধাৰণ, বৰ্তমানৰ অৱস্থা আৰু গতিধাৰা বিশ্লেষণ, সম্ভাৱ্য সাল-সলনিৰ বিবেচনা, আঁচনি প্ৰস্তুতকৰণ, আঁচনিৰ প্ৰয়োগ, আঁচনিৰ মূল্যায়ণ।

যিকোনো দেশৰেই শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত কিছুমান পন্থা ব্যৱহাৰ কৰা হয়। সেই পন্থাকেইটা হৈছে- মানৱশক্তি বা মানৱসম্পদ বিকাশৰ পন্থা, ক্ষতিপ্ৰাপ্ত বা আয় হাৰৰ পন্থা, সামাজিক চাহিদাৰ পন্থা, সামাজিক ন্যায় পন্থা।

শিক্ষানীতিত উল্লেখ কৰিছে যে এই পন্থাসমূহৰ প্ৰত্যেকৰে দোষ-গুণ আছে। বিভিন্ন স্তৰৰ বাবে শৈক্ষিক পৰিকল্পনা কৰোতে বেলেগ বেলেগ পন্থাৰ প্ৰয়োজন হয়। ভাৰতবৰ্ষত শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোতে এই পন্থাকেইটা অনুসৰণ কৰা হয়। প্ৰাথমিক স্তৰত সামাজিক ন্যায় পন্থা, মাধ্যমিক শিক্ষাৰ স্তৰত সামাজিক ন্যায় আৰু সামাজিক চাহিদাৰ পন্থা, আৰু বৃত্তিমূলক, কাৰিকৰী শিক্ষাকে ধৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত মানৱশক্তি বা ক্ষয়প্ৰাপ্তি বা আয় হাৰৰ পন্থা প্ৰয়োগ কৰাৰ বাবে নীতিত উল্লেখ কৰিছে।

কিন্তু শিক্ষাৰ বিভিন্ন স্তৰৰ আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগা হয়। বিশ্ববিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ এই সমস্যাবিলাক বেছিকৈ দেখা যায়। বিশ্ববিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত উপাচাৰ্য আৰু আন আন প্ৰশাসনিক বিষয়াসকলে সদায়ে মত পোষণ কৰি আহিছে যে উচ্চ শিক্ষাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত বাধা-নিষেধ থাকিব লাগে। ইয়াৰ ফলত ব্যয় হ্ৰাস পাব আৰু শিক্ষিত নিবনুৱাৰ সংখ্যা কমিব। তেন্তে এই ক্ষেত্ৰত সামাজিক ন্যায় পন্থাৰ অনুসৰণ কৰিব নোৱাৰি।

 (iii) Manpower planning in India.

Ans: আমাৰ দেশৰ উচ্চশিক্ষা ব্যৱস্থা বৃত্তি বা চাকৰিৰ বজাৰত অধিক গুৰুত্বপূৰ্ণ তথা দায়বদ্ধ। বিশ্ববিদ্যালয়বোৰত প্ৰযুক্তিবিদসকলক উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে আৰু বিষয়বস্তু বিশেষজ্ঞসকলক কৃষি আৰু উদ্যোগবোৰৰ অধ্যয়ন বৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। বৃত্তিকেন্দ্ৰিক ডিগ্ৰী প্ৰদানৰ প্ৰতি যিদৰে গুৰুত্ব দিয়া হৈছে, তেনেদৰে উপযোগীতাবিহীন পাঠ্যসূচীবোৰ নিৰুৎসাহী কৰা হৈছে। উচ্চতৰ মাধ্যমিক স্তৰত বৃত্তিমূলক পাঠ্যসূচীসমূহৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে আৰু ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সামৰা মাধ্যমিক বিদ্যালয়সমূহৰ পাঠ্যক্ৰম বৃত্তিমুখীকৰণত গুৰুত্ব আৰোপ কৰিছে। তেনেদৰে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়বোৰৰ সকলো শিক্ষাৰ্থীক সামাজিকভাৱে উপযোগী উৎপাদনমুখী কৰ্মৰ সম্পৰ্কে শিক্ষাদানৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। তথাপিও আমাৰ দেশত জনশক্তি প্ৰয়োজনীয়তাৰ বাবে ব্যাপকভাৱে কোনোধৰণৰ যুক্তিসংগত কৌশল গ্ৰহণ কৰা নাই। অৱশ্যে (১৯৮৫-১৯৯০চনৰ) সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাত জনশক্তি ব্যৱহাৰক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। তাৰ কাৰণে শিক্ষা, প্ৰশিক্ষণ তথা অনানুষ্ঠানিক শিক্ষাৰ দ্বাৰা আৰু চৰকাৰী প্ৰচাৰ মাধ্যমৰ দ্বাৰা এই কাৰ্যকৰীকৰণত গুৰুত্ব দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top