Educational Administration And Management Unit 3 Educational Planning

Educational Administration And Management Unit 3 Educational Planning Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 3 Educational Planning Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 3 Educational Planning can be of great value to excel in the examination.

Educational Administration And Management Unit 3 Educational Planning

Join Telegram channel

Educational Administration And Management Unit 3 Educational Planning Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 3 Educational Planning provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Educational Planning

EDUCATION

EDUCATIONAL ADMINISTRATION AND MANAGEMENT

শৈক্ষিক প্ৰশাসন আৰু ব্যৱস্থাপনা

Short Question

(1) In which year first five year planning was started?

Ans: 1928.

(2) What is planning?

Ans: পৰিকল্পনাৰ অৰ্থ বহল আৰু ঠেক দুয়োটাই হ’ব পাৰে। ঠেক অৰ্থত Blue Print প্ৰস্তুত কৰাই হ’ল পৰিকল্পনা। ইয়াত আঁচনি কাৰ্যকৰী কৰি তুলিবলৈ প্ৰয়োজন হোৱা কৌশল আৰু প্ৰণালীসমূহ বৰ্ণনা কৰা হয়।

(3) In which year the first educational planning was started?

Ans: 1961.

(4) Which of the following year was called the International Education year ?

(a) 1961 

(b) 1980 

(c) 1970 

(d) 1968

Ans: (c) 1970.

(5) What is the full form of OECD and UNESCO?

Ans: OECD (Organisation for Economic Cooperation and Development), 

UNESCO, International Institute of Educational planning.

(6) What is the another name of Human Resource Development?

Ans: Man power Resource Development Approach.

(7) What is the another name of Rate of Return Approach?

Ans: Cost-Benefit.

(8) What is the another name of fined coefficient method?

Ans: The Mediterranean Regional Project.

(9) Who introduced the fixed coefficient method ?

Ans: Parnes.

(10) In which year and where the work ‘Human Resource Development’ was used for first time?

Ans: ১৯৬৮ চনত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত পোন প্ৰথম বাৰৰ বাবে এই শব্দটো অৰ্থাৎ Human Resource Development ব্যৱহাৰ কৰা হৈছিল।

(11) The concept of H.R.D. Came to our Indian throught ____ (Fill in the blanks).

Ans: V.K.R.V.Rao.

(12) ‘The aim of all education and training should be man making”- Who said this?

Ans: Swami Vivekananda.

(13) What is the another name of grass-noat Icel planning?

Ans: Macro Planning.

(14) Write the full form of IAMR.

Ans: Institute of Applied Manpower Research.

(15) According to Kothari Commission the structure of our Education System is __ (Fill in the blanks).

Ans: 10+2=3.

(16) Write the full form of PEO and COPP.

Ans: PEO – (Programme Evaluation Organisation)

COPP – (Committee on Plan Projects)

Q.1. Discuss the meaning of educational planning.

Ans: সাধাৰণতে পৰিকল্পনা বুলিলে আঁচনিসম্ভুত কাৰ্যাৱলীকেই বুজায়। আমাৰ জীৱনত সুনিপুণভাৱে সমাধা হোৱা সকলো কামেই আঁচনিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ঘৰ বনাবলৈ লওঁতে, ছবি আঁকিবলৈ লওঁতে, কাপোৰত ফুল তুলিবলৈ লওঁতে, গল্পকাৰে গল্প লিখিবলৈ লওঁতে প্ৰথমে পৰিকল্পনা কৰাৰ প্ৰয়োজন হয়। শিক্ষাৰ যোগেদিহে কোনো এখন দেশে বিভিন্ন দিশত উন্নতি লাভ কৰিব পাৰে। দেশ এখনৰ সৰ্বাংগীন উন্নতিত বিভিন্ন দিশত পাৰদৰ্শী লোকৰ প্ৰয়োজন হয় আৰু এই লোকসকলক প্ৰস্তুত কৰিবলৈ আগৰে পৰাই পৰিকল্পনা কৰিবলগা হয়। ইয়াকে শৈক্ষিক পৰিকল্পনা বোলা হয়।

এখন দেশৰ শৈক্ষিক পৰিকল্পনাৰ প্রয়োজনীয়তা কেইবাটাও দিশৰ পৰা ব্যাখ্যা কৰিব পাৰি।

প্ৰথমতে, শিক্ষাই কেঁচা মানৱ সামগ্ৰীক মানৱ সম্পদ বা মানৱ শক্তিলৈ ৰূপান্তৰিত কৰে। শিক্ষাই জাতীয় বিকাশত অৰিহণা যোগাবলৈ হ’লে মানৱ সম্পদৰ যোগান বৃদ্ধি পাবই লাগিব। সেয়েহে শিক্ষা ব্যৱস্থা পৰিকল্পিত হোৱা উচিত। 

দ্বিতীয়তে, শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ৰ যোগেদি ফল লাভ কৰা যায়। তাৰ উপৰিও মুঠ ব্যয়ৰ এক বুজন অংশ শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰা হয়। সেয়েহে শিক্ষা ব্যৱস্থা পৰিকল্পিত হ’ব লাগে।

তৃতীয়তে, শিক্ষাত সমতা স্থাপনৰ বাবে শৈক্ষিক পৰিকল্পনাৰ প্ৰয়োজন। সমতা স্থাপন কৰাতো বৰ্তমান কল্যাণকামী ৰাষ্ট্ৰসমূহৰ মূল লক্ষ্য। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়সমূহ মানৱ সম্পদৰ বিকাশৰ উপাদান হিচাপে গণ্য কৰা হৈছে। সামাজিক কল্যাণৰ বাবে শিক্ষামূলক সুবিধাবিলাকৰ সমবিতৰণৰ বাবে শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। 

সাধাৰণতে সামাজিক চাহিদাৰ ওপৰত ভিত্তি কৰি শিক্ষা আঁচনি প্ৰস্তুত কৰা হয়। যিবিলাক শিক্ষা আহৰণৰ সামৰ্থতা আছে, সেইবিলাকৰ বাবে শিক্ষামূলক সুবিধাবিলাক প্ৰদান কৰিব লাগে। শিক্ষাক এটা উৎপাদনশীল সম্পদৰূপে গণ্য কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগৰ যোগেদি মানুহে জ্ঞান আৰু কৌশল আয়ত্ত কৰে আৰু সেই জ্ঞান আৰু কৌশলৰ  জৰিয়তে উৎপাদন কাৰ্যত সহায়ক হয়।

সংজ্ঞা-

শৈক্ষিক পৰিকল্পনা সন্দৰ্ভত ১৯৫৮ চনত আমেৰিকান চেমিনাৰত এনেদৰে সংজ্ঞা দাঙি ধৰিছে, “The overall planning of education is a continuous, systematic process, involving the application and coordination of social research methods and of principles and techniques of education, administration, economics and finance, with the participation and support of the general public in education for the people with difinite aims.” কিন্তু এই সংজ্ঞাটোত পৰিকল্পনাৰ অৰ্থ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পৰা নাই। কিন্তু বিষয়বস্তুৰ ক্ষেত্ৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰিছে।

শৈক্ষিক পৰিকল্পনা সম্পর্কত Philip H. combs য়ে কৈছে যে প্ৰয়োগ কাৰ্যৰ জৰিয়তে নির্বাচিত ফলদায়ক আৰু কাৰ্যকৰী অৰ্থ পাবৰ বাবে উদ্দেশ্য স্থিৰ কৰা প্ৰক্ৰিয়াই শৈক্ষিক পৰিকল্পনা। আকৌ Beeby (১৯৬৭) য়ে কৈছে, “Educational planning is the exercise of foresight in determining the policy, priorities and costs of an educational system, having due regard for economic and political realities, for the system potential for growth and for the needs of the country and of the pupils served by the system.” তেওঁ শৈক্ষিক পৰিকল্পনাত নীতি, প্ৰাধান্যতা আৰু শিক্ষা পদ্ধতিৰ ব্যয় নিৰ্ধাৰণৰ অনুশীলন বুলি উল্লেখ কৰিছে। পৰিকল্পনাৰ সম্পৰ্কে UNESCO য়ে মত প্ৰকাশ কৰিছে যে, “Educational planning is the application to education, it self of what real educations seek to instill in students, a rational scientific approach to problem.”

Q.2. Write the Characteristics of Education planning.

Ans: শৈক্ষিক পৰিকল্পনাৰ বৈশিষ্টসমূহ তলত উল্লেখ কৰা হ’ল-

১. শৈক্ষিক পৰিকল্পনা হৈছে আঁচনিসম্ভূত কাৰ্যাৱলী।

২. শৈক্ষিক পৰিকল্পনাই গুণগত আৰু সংখ্যাগত দুয়োটা দিশেই সামৰি লয়।

৩. শৈক্ষিক পৰিকল্পনাই পূৰ্বনিৰ্ধাৰিত উদ্দেশ্যসমূহৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক বিকাশ ঘটায়।

৪. শৈক্ষিক পৰিকল্পনা হ’ল এক আহিলা, যাৰ দ্বাৰা শিক্ষা সম্পৰ্কীয় জ্ঞান আৰু শিক্ষাৰ লগত জড়িত হৈ থকা বিষয়সমূহক এটা নিৰ্দিষ্ট গতিলৈ অনা হয়।

৫. শৈক্ষিক পৰিকল্পনাৰ লগত শিক্ষাৰ অৰ্থনৈতিক দিশটো সাঙোৰ খাই আছে।

৬. শৈক্ষিক পৰিকল্পনাৰ জৰিয়তে সমাজৰ অসমতাসমূহ দূৰ কৰিবলৈ বিচৰা হয়।

৭. শৈক্ষিক পৰিকল্পনাৰ জৰিয়তে মানুহৰ জ্ঞান আৰু কৌশলসমূহৰ বিকাশ ঘটাই মানৱ সম্পদৰ সৃষ্টি কৰা হয়।

৮. শৈক্ষিক পৰিকল্পনাসমূহ দীৰ্ঘম্যাদী হ’ব লাগে। এই দীৰ্ঘ পৰিকল্পনাসমূহক চুটি চুটি ভাগত ভাগ কৰি কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িব লাগে।

৯. শৈক্ষিক পৰিকল্পনাৰ উদ্দেশ্য হৈছে শিক্ষিতৰ হাৰ বৃদ্ধি কৰা আৰু জনসাধাৰণৰ প্ৰাপ্য সুবিধাসমূহৰ পৰিমাণ বৃদ্ধি কৰা।

১০. শৈক্ষিক পৰিকল্পনাসমূহ উদ্দেশ্য প্ৰণোদিত এক গতিশীল প্ৰক্ৰিয়া।

Q.3. Discuss the main principles of Educational planning.

Ans: শৈক্ষিক পৰিকল্পনাৰো কিছুমান নীতি আছে। সেইবিলাক তলত দিয়া হ’ল-

১. শৈক্ষিক পৰিকল্পনাত সকলো দিশেই প্ৰতিফলিত হ’ব লাগিব। পৰিকল্পনা বহল দৃষ্টিভংগীৰে প্ৰস্তুত কৰি শিক্ষা আৰু কর্ম অন্তৰ্ভুক্ত কৰিব লাগে।

২. অনাৱশ্যক খৰচ কমাবলৈ পৰিকল্পনাতে চিন্তা কৰিব লাগে। যিমান পাৰি সিমান কম খৰচৰ ভিতৰত আঁচনিসমূহৰ বাস্তৱ ৰূপায়ণৰ চেষ্টা কৰিব লাগে। সকলো স্তৰৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ যোগান ধৰাৰ পৰিকল্পনা কৰিব লাগে।

৩. সমাজলৈ উপযুক্ত বৰঙণি আগবঢ়োৱা শৈক্ষিক পৰিকল্পনাৰ মূল লক্ষ্য হ’ব লাগে। এই ক্ষেত্ৰত সমাজৰ আৰ্থ-সামাজিক বিকাশ আৰু শিক্ষাৰ বিকাশৰ মাজত ওতঃপ্ৰোত সম্বন্ধ থাকিব লাগিব। দেশৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ লগত সংগতি ৰাখিহে শৈক্ষিক পৰিকল্পনা কৰিব লাগে। এইক্ষেত্ৰত ভাৰতবৰ্ষৰ কথা ক’ব পাৰি। ভাৰতবৰ্ষ এখন অনুন্নত দেশ। ইয়াত পিছপৰা অঞ্চলৰ আৰ্থ সামাজিক অৱস্থাৰ কথা মনত ৰাখিহে শৈক্ষিক পৰিকল্পনা কৰিব লাগে। নহ’লে দেশখনৰ সৰ্বাংগীন বিকাশ সাধিত নহয়।

৪. শৈক্ষিক পৰিকল্পনাই গুণগত বিকাশৰ উপৰিও সংখ্যাগত বিকাশৰ ওপৰতো গুৰুত্ব দিব লাগিব। সকলো স্তৰতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি, যথেষ্ট সংখ্যক শিক্ষক নিযুক্তি, বিদ্যালয়ৰ ঘৰ-দুৱাৰ বৃদ্ধি আৰু শিক্ষাত বিত্তৰ যোগান বৃদ্ধিৰ ওপৰত পৰিকল্পনাত গুৰুত্ব দিব লাগিব। পৰিকল্পনাই আধ্যাত্মিক দিশৰ বিকাশৰ ওপৰতো গুৰুত্ব দিব লাগে।

৫. শৈক্ষিক পৰিকল্পনাই সদায় ভৱিষ্যতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে। তেতিয়াহে পৰিৱৰ্তনশীল সমাজৰ লগত খোজ মিলাব পাৰিব। ভাৰতবৰ্ষত কৃষি, উদ্যোগৰ ক্ষেত্ৰত যেনেদৰে বৈপ্লৱিক পৰিৱৰ্তন হৈছে ঠিক সেইদৰে শৈক্ষিক পৰিকল্পনাৰ পদ্ধতিৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে। শৈক্ষিক পৰিকল্পনাই সদায় সৃষ্টিশীলতাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব। 

৬. শৈক্ষিক পৰিকল্পনা প্ৰস্তুতকৰ্তাসকলে পৰিকল্পনা কৰাৰ পিছত কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। কৃতকাৰ্যতাৰ আশা থকা আঁচনিকহে সুস্থ আঁচনি বুলিব পাৰি।

৭. শৈক্ষিক পৰিকল্পনা প্ৰস্তুত আৰু প্ৰয়োগ কৰিলেই নহয়। কাৰ্যকৰীকৰণৰ পিছত মূল্যায়নৰ ব্যৱস্থাও কৰিব লাগিব। মূল্যায়নৰ অবিহনে আঁচনিখনৰ দোষ-ত্ৰুটি দেখা যায়, তেন্তে পিছৰ পৰিকল্পনাত এইবিলাকৰ সংশোধন ব্যৱস্থা কৰিব লাগে।

৮. পৰিকল্পনাৰ আন এটা নীতি হ’ল ইয়াত কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় সংস্থাসমূহৰ ক্ষমতাৰ সমবিতৰণ হ’ব লাগে। কিয়নো পৰিকল্পনাৰ কাৰ্যকৰীকৰণৰ বেলিকা এই সকলোবিলাকে দায়িত্ব পালন কৰে।

Q.4. Discuss the nature and scope of educational planning.

Ans: শৈক্ষিক পৰিকল্পনাৰ পৰিসৰ বহুত ব্যাপক। শিক্ষাই অৰ্থনৈতিক বিকাশ আৰু প্ৰযুক্তিবিদ্যাগত বিকাশ সাধন কৰে। শিক্ষাই স্বাধীনতা, সামাজিক ন্যায় আৰু সমান সুবিধাৰ ভিত্তিত এখন নতুন সমাজ সৃষ্টি কৰে। এইক্ষেত্ৰত তলত দিয়া কথাকেইটা মন কৰিবলগীয়া।

১. শিক্ষাৰ গণতান্ত্ৰিক ধাৰণাৰ ওপৰত গুৰুত্ব দি শৈক্ষিক পৰিকল্পনা কৰিব লাগে।

২. শিক্ষাৰ জীৱনব্যাপী চলা প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

৩. সাদৃশ্যতাৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰখা।

৪. আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক অসমতা নাইকিয়া কৰি শিক্ষাৰ ক্ষেত্ৰত সম অধিকাৰ প্ৰদান কৰা।

শৈক্ষিক পৰিকল্পনাৰ পৰিসৰ দিনে দিনে বৃদ্ধি  হৈ গৈ আছে। এই সম্পৰ্কে তলত আলোচনা কৰা হ’ল-

১. শিক্ষা বিষয়ক পৰিকল্পনা : ইয়াৰ যোগেদি যিমান পাৰি সিমান কম খৰচত ছাত্ৰ আৰু বিদ্যালয়ৰ মাজত সম্বন্ধ কটকটীয়া কৰিবলৈ বিচৰা হয়। এনে কৰিবলৈ যাওঁতে কাৰ্য সিদ্ধিৰ বাবে নতুন পৰিকল্পনা হাতত ল’ব লগা হয়। ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰতো নানা সমস্যা পৰিলক্ষিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ মাজত শৈক্ষিক অসমতা, ৰাষ্ট্ৰ, ভাষাগত সমস্যা, শিক্ষাৰ ক্ষেত্ৰত নতুনত্বহীনতা, প্ৰাথমিক শিক্ষাৰ অপদ্ধতিগত বিস্তাৰ, শিক্ষাৰ ক্ষেত্ৰত ব্যয়, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱা আদি বিভিন্ন সমস্যাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত নতুন নতুন পৰিকল্পনা কৰিবলগা হয়।

২. গঠনমূলক পৰিকল্পনা : এই পৰিকল্পনাৰ যোগেদি এক নিৰ্দিষ্ট বিদ্যালয়ৰ শিক্ষা গাঁথনিটোৰ উন্নতি সাধন কৰিবলৈ বিচৰা হয়, যাৰ প্ৰভাৱ সামগ্ৰিকভাৱে সমগ্ৰ শিক্ষা পদ্ধতিটোৰ ওপৰতে পৰে।

গঠনমূলক পৰিকল্পনাৰ ক্ষেত্ৰতো বহুত অনিশ্চয়তা দেখা যায়। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে সমগ্ৰ দেশৰে শিক্ষা ব্যৱস্থা এনে কৰিবলৈ ১০+২+৩ গাঁথনিটো আগবঢ়াইছিল যদিও সকলোৱে এই গাথঁনিটো এতিয়াও ব্যৱহাৰ কৰা নাই। শিক্ষাৰ বিভিন্ন স্তৰসমূহ, যেনে-প্ৰাকপ্ৰাথমিক, প্ৰাথমিক, নিম্ন মাধ্যমিক, উচ্চ মাধ্যমিক, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ স্তৰসমূহ ৰাজ্যভেদে বেলেগ বেলেগ। এই ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ এটা উদাহৰণ দিব পাৰি। অন্ধ্ৰপ্ৰদেশত I-IV লৈ প্ৰাথমিক আৰু VI-VII লৈ উচ্চ প্ৰাথমিক স্তৰ, মিজোৰামত I-IV লৈ প্ৰাথমিক আৰু V-VII লৈ উচ্চ প্ৰাথমিক স্তৰ, মেঘালয়ত I-III লৈ প্ৰাথমিক আৰু IV-V লৈ উচ্চ প্ৰাথমিক স্তৰ।

আনুষ্ঠানিক, অনানুষ্ঠানিক, যোগাযোগ বা দূৰত্ব শিক্ষা, ব্যক্তিগত প্ৰচেষ্টা, শ্ৰমমন্ত্ৰণালয়, ITI কৰিকৰী বিদ্যালয়, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, স্বাস্থ্য মন্ত্ৰণালয়, বিশ্ববিদ্যালয়, কৃষিবিদ্যালয় ইত্যাদি বিভিন্ন অনুষ্ঠানসমূহৰ যোগেদি শিক্ষা দিয়া হয়। সেয়েহে পৰিকল্পনাসমূহো বেলেগ বেলেগ ধৰণে কৰিব লগা হয়।

ক্ৰমাগতভাৱে বৃদ্ধি হোৱা জনসংখ্যাৰ ফলস্বৰূপে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। বিভিন্ন শাখাৰ স্নাতকসকলে বিশ্ববিদ্যালয়ৰ সীমিত আসনৰ বাবে স্নাতকোত্তৰ স্তৰত ভৰ্তি হ’ব নোৱাৰে। এওঁলোকক শিক্ষা দিবৰ বাবে বেলেগ পৰিকল্পনা কৰিব লগা হৈছে। যোগাযোগ বা দূৰত্ব শিক্ষা আৰু মুক্ত বিশ্ববিদ্যালয় পৰিকল্পনাৰ এই ক্ষেত্ৰত উল্লেখযোগ্য। এইদৰে শৈক্ষিক পৰিকল্পনাৰ পৰিসৰো বৃদ্ধি পাইছে।

৩. অৰ্থনৈতিক পৰিকল্পনা : অৰ্থনৈতিক পৰিকল্পনাই শিক্ষা পদ্ধতি আৰু অৰ্থনীতিৰ মাজৰ সম্বন্ধ উন্নত কৰিবলৈ বিচাৰে। শিক্ষা পদ্ধতিৰ যোগেদি সৃষ্টি হোৱা মানৱ শক্তিয়ে দেশৰ অৰ্থনীতিত সহায় কৰিব। প্ৰকৃততে মানৱ শক্তি পৰিকল্পনাৰ উদ্দেশ্য হ’ল দেশৰ শ্ৰমশক্তিৰ গুণগত মানদণ্ড বৃদ্ধি কৰা। এই ক্ষেত্ৰত শিক্ষা মানৱশক্তি পৰিকল্পনাৰ এটা উপায় মাথোন। শিক্ষা পৰিকল্পনাৰ যোগেদি শ্ৰমশক্তিৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ বিচৰা হয়। শ্ৰমিকৰ বৃত্তিমূলক আৰু কাৰিকৰী কৌশলসমূহ আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে পৰিকল্পনাৰ আশ্ৰয় ল’ব লগা হয়। তাৰোপৰি মানৱশক্তি সৃষ্টি কৰিবলৈ ব্যয় কৰি লগা হয়। কম খৰচত মানৱশক্তি সৃষ্টি কৰিবলৈও পৰিকল্পনাৰ আৱশ্যক। ভৱিষ্যতৰ মানৱশক্তি প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মানৱশক্তি পূৰ্বানুমান কাৰ অতি দৰকাৰ।

৪. শৈক্ষিক প্ৰশাসন : শৈক্ষিক প্ৰশাসনিক কাৰ্যটো কেন্দ্ৰ, ৰাজ্য আৰু জিলাভিত্তিক সম্পন্ন হয়। শৈক্ষিক পৰিকল্পনাই এই দিশটোও সামৰি লয়। তাৰোপৰি প্ৰত্যেক শিক্ষানুষ্ঠানে নিজৰ অনুষ্ঠানটোৰ উন্নতিৰ বাবে আন আন কিছুমান আনুষ্ঠানিক পৰিকল্পনাৰ কামো হাতত লয়। সেয়েহে এনেধৰণৰ বিষয়সমূহে শৈক্ষিক পৰিকল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে।

শৈক্ষিক পৰিকল্পনাৰ প্ৰকৃতি :

শৈক্ষিক পৰিকল্পনাৰ প্ৰকৃতিসমূহ তলত বহলাই আলোচনা কৰা হ’ল-

১. শৈক্ষিক পৰিকল্পনাই সংখ্যাগত বিকাশত সহায় কৰে : শৈক্ষিক পৰিকল্পনা প্ৰস্তুতকৰ্তাসকলে প্ৰথমে এখন ‘Bule-Print’ প্ৰস্তুত কৰে, য’ত বিভিন্ন পদ্ধতি, অগ্ৰাধিকাৰ দিয়া বিষয়, মূল লক্ষ্য, বিত্তীয় ব্যৱস্থা আদি সন্নিবিষ্ট থাকে। সাধাৰণতে ইয়াক শিক্ষাৰ নক্সা বোলা হয়। এই নক্সাত অতীতৰ শৈক্ষিক পৰিকল্পনাসমূহৰ সফলতা আৰু ভৱিষ্যতে শিক্ষাৰ শিতানৰ কৰিবলগীয়া কামসমূহ সন্নিবিষ্ট কৰা থাকে। প্ৰাকৃততে নক্সাৰ বিষয়বস্তুৱে শিক্ষাৰ বিভিন্ন স্তৰত আৰু বিভিন্ন প্ৰকাৰৰ শিক্ষাৰ সংখ্যাগত বিকাশৰ কথাকে সূচায়। সংখ্যাগত বিকাশৰ যোগেদি এখন সমাজৰ সদস্যসকলক শিক্ষামূলক সুবিধাবিলাক আগবঢ়াব পাৰি।

২. শৈক্ষিক পৰিকল্পনাই সদায় গুণগত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিব লাগে : শৈক্ষিক পৰিকল্পনাই কেৱল সংখ্যাগত বিকাশৰ প্ৰতি লক্ষ্য ৰাখে বুলি ক’লে ভুল কোৱা হ’ব। ই গুণগত উন্নয়নৰ প্ৰতিও দৃষ্টি ৰাখে। উদাহৰণস্বৰূপে মুঠ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণৰ হাৰে সংখ্যাগত দিশক সূচায়; কিন্তু মুঠ ছাত্ৰ-ছাত্ৰীৰ উত্তীর্ণৰ হাৰ হ’ল গুণগত বিকাশ। শিক্ষা ব্যৱস্থা সমাজৰ আশা-আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাব পৰাকৈ কৰ্ম উপযোগী আৰু কাৰ্যকৰী হ’ব লাগে। অৰ্থাৎ এই বিকাশে সংখ্যাগত আৰু গুণগত উন্নয়নক সূচায়। শিক্ষণ কাৰ্যত ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতাৰ শিক্ষাৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োপ্ৰকাৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষা ব্যৱস্থাৰ বাহ্যিক কাৰ্যকাৰিতা এই কথাকেইটাৰ লগত জড়িত।

ক) শিক্ষাৰ উদ্দেশ্যসমূহ আৰু অৰ্থনৈতিক ব্যৱস্থাটোৰ মাজৰ সম্বন্ধ স্পষ্ট হ’ব লাগে।

খ) মানৱ শক্তি পৰিকল্পনাৰ সৈতে শৈক্ষিক পৰিকল্পনাৰ সামঞ্জস্যতা, বৃত্তিমূলক শিক্ষাৰ উন্নয়ন, সামাজিক প্ৰগতিৰ প্ৰয়োজনসমূহ, যেনে- শিক্ষিত নিবনুৱাৰ সমস্যা, গ্ৰাম্য উন্নয়নৰ সমস্যাবিলাকৰ সমাধান অৰ্থনৈতিক লাভালাভৰ লগত জড়িত।

গ) সমাজৰ সাংস্কৃতিক দিশবিলাকৰ সংস্কৰণ আৰু আনুষ্ঠানিক শিক্ষাৰ বাহিৰত জীৱনজোৰা শিক্ষা প্ৰদান টকা-পইচাৰ লগত জড়িত নথকা লাভালাভৰ লগত জড়িত।

আকৌ শিক্ষা পদ্ধতিৰ আভ্যন্তৰীণ কাৰ্যকাৰিতাই তলত দিয়া কথাকেইটা সূচায়-

ক) অপচয় আৰু অনুন্নয়নৰ সংখ্যা হ্ৰাস কৰা।

খ) শিক্ষাৰ মূল্যায়ণ ব্যৱস্থাৰ শক্তিশালীকৰণ।

গ) ব্যক্তিগত নিৰ্দেশনা দিয়া।

ঘ) শিক্ষণ কাৰ্যত ব্যৱহাৰ কৰা সম্পদসমূহৰ বিকাশ সাধন।

ঙ) শিক্ষাৰ নতুন চিন্তাধাৰাৰ বিকাশৰ বাবে পূৰ্ব স্বত্ব নিৰ্ধাৰণ ইত্যাদি।

৩. শৈক্ষিক পৰিকল্পনা এটা অবিৰত প্ৰচেষ্টা : শৈক্ষিক পৰিকল্পনাই সদায় সমাজৰ গতিশীল দিশটোৰ প্ৰতি দৃষ্টি ৰাখি এখন সর্বাংগ সুন্দৰ সমাজ গঢ়াৰ প্ৰতি গুৰুত্ব দিব লাগে। সেয়েহে শিক্ষাৰ ক্ষেত্ৰ কর্মজগতৰ লগত জড়িত থকা উচিত। দ্ৰুতগতিত বাঢ়ি অহা শিক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰবিলাকৰ অপপ্ৰয়োগৰ বাবে সমাজত অস্থিৰতাৰ সৃষ্টি হৈছে। সেয়েহে, শিক্ষাই এই অস্থিৰতাবিলাক নিৰ্মূল কৰিবলৈ অবিৰতভাৱে চেষ্টা কৰিব লাগিব। এই ধাৰাবাহিকতাই তলত দিয়া কথাকেইটাৰ প্ৰতি দৃষ্টি ৰাখে-

ক) ই পৰিকল্পনা আৰু কাৰ্যৰ মাজত ‘সমাযোজনৰ কৌশল’ৰ কাম কৰে।

খ) ই সংস্কাৰ আৰু নতুনত্বৰ বিকাশত অৰিহণা যোগায়।

গ) ই সমাজৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পদ্ধতি কাৰ্যকৰী কৰি তোলে।

ঘ) ই শিক্ষা পদ্ধতিৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্য আৰু উদ্দেশ্যসমূহৰ মাজত ধাৰাবাহিকতা আৰু সাদৃশ্যতা ৰাখে।

৪. শৈক্ষিক পৰিকল্পনা সময় অনুসৰি পৰিৱৰ্তনশীল হোৱা উচিত : সময় পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনশীল সময়ৰ লগত খাপ খুৱাই সমাজ জীৱনলৈও পৰিৱৰ্তন আহে। সেয়েহে পৰিৱৰ্তনশীল সমাজৰ উন্নতি সাধিবলৈ হ’লে শৈক্ষিক পৰিকল্পনাসমূহ পৰিৱৰ্তনশীল হ’ব লাগিব। আনহাতে এখন সমাজৰ বিকাশ বিভিন্ন উপাদান যেনে জ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, চৰকাৰৰ আকাৰ, সমাজৰ মতাদৰ্শ, সাং‌‌স্কৃতিক দিশ, বুদ্ধি, বৃত্তিমূলক যোগ্যতা আদিৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে বিভিন্ন সমাজৰ শৈক্ষিক পৰিকল্পনাসমূহো বেলেগ বেলেগ হয় আৰু এইবিলাক পৰিৱৰ্তনশীল হোৱা বাঞ্ছনীয়।

৫. শৈক্ষিক পৰিকল্পনাই সদায় ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিব লাগে : এখন গতিশীল সমাজে সদায় সন্মুখত এটা লক্ষ্য ৰাখি আগবাঢ়িব লাগে। বৰ্তমানৰ সমাজখন হৈছে শিক্ষিতৰ সমাজ। সেয়েহে জীৱনজোৰা প্ৰক্ৰিয়া, সকলোৰে বাবে শিক্ষা আদি ধাৰণাবিলাক শিক্ষা পৰিকল্পনাৰ লগত বেছি প্ৰাসংগিক হৈ পৰিছে। সেয়েহে শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত হ্ৰস্বম্যাদী দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

৬. শৈক্ষিক পৰিকল্পনাই সকলোবিলাক দিশ সামৰি ল’ব লাগে : শৈক্ষিক পৰিকল্পনাই শিক্ষাৰ  সকলোবিলাক দিশকে সাঙুৰি লোৱা উচিত। আনুষ্ঠানিক, অনানুষ্ঠানিক, আনুষ্ঠানিকতাবিহীন, প্ৰশিক্ষণ গৱেষণা আদি সকলো দিশকে চুই যাব লাগে। তাৰ উপৰি ই শিক্ষাৰ সকলো স্তৰ যেনে, প্ৰাকপ্ৰাথমিক, প্ৰাথমিক, মাধ্যমিক, বিশ্ববিদ্যালয়, সাধাৰণ আৰু বৃত্তিমূলক আদিলৈও ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে।

৭. শৈক্ষিক পৰিকল্পনাৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ আঁচনিৰ লগত মিল থকা উচিত : শৈক্ষিক আঁচনিসমূহৰ যোগেদি সামাজিক আৰু অৰ্থনৈতিক বিকাশ সাধন হয়। সেয়েহে দুই আঁচনিৰ লগত মিল থকা উচিত। দেশৰ অৰ্থনীতিৰ বিকাশ হ’বলৈ হ’লে দেশৰ ব্যৱহাৰ নোহোৱা সম্পদসমূহক কামত লগাব লাগিব। এই কথা লক্ষ্য ৰাখি অৰ্থনৈতিক বিকাশৰ উদ্দেশ্য সাধনৰ বাবে শৈক্ষিক পৰিকল্পনা কৰিব লাগে।

5. Discuss the historical retrospective of educational planning.

Ans: শৈক্ষিক পৰিকল্পনাৰ উৎপত্তি আৰু ইয়াৰ বিকাশ এক দীঘলীয়া সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ মাজেদি পাৰ হৈ আহিছে। পূব ইউৰোপৰ সমাজবাদী দেশবিলাকত আৰু চীনত ভৱিষ্যতৰ বাবে শিক্ষাব্যৱস্থাৰ পৰিকল্পনা কৰাটো এক অপৰিহাৰ্য অংগ আছিল। তাৰ উপৰি উৎপাদনৰ সমগ্ৰ পদ্ধতি আলোচনা কৰাৰ লগতে মানৱশক্তিৰ যথোপযুক্ত সৎ ব্যৱহাৰ কৰাটোও শৈক্ষিক পৰিকল্পনাৰ লক্ষ্য আছিল। প্ৰথম অৱস্থাত শৈক্ষিক পৰিকল্পনাৰ কোনো তাত্ত্বিক দিশ নাছিল। ব্যৱহাৰিকতাৰ যোগেদিহে ইয়াৰ আৰম্ভণি হৈছিল। জ্ঞান আৰু শিক্ষণৰ এক উল্লেখযোগ্য পথ হ’ল ব্যৱহাৰ। ব্যৱহাৰৰ প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা তত্ত্ব, ধাৰণা, পন্থা আদিৰ সৃষ্টি হয়। তত্ত্বৰ বিকাশে ব্যৱহাৰিকতাৰো উন্নতি সাধন কৰে। এইদৰে শৈক্ষিক পৰিকল্পনাৰ বিকাশ সাধন হয়। 

১৯১৭ চনৰ আন্দোলনৰ পিছত ৰাছিয়াত সমাজবাদী চৰকাৰ গঠিত হয়। এই চৰকাৰখনে সমাজখনৰ পুনৰ গঠনত গুৰুত্ব দিয়ে। লেনিনে পৰিকল্পনাৰ ধাৰণাটোৰ আৰ্হি দিয়ে। ইয়াত সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে ১৯২১ চনত ‘Gosplan’ নামেৰে প্ৰথম পৰিকল্পনা সংগঠনৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ সাত বছৰৰ পিছত ১৯২৮ চনত বিশ্ব ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ছোভিয়েটত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শুভাৰম্ভণি হয়। ইয়াত শিক্ষা বিষয়টো অন্তৰ্ভুক্ত কৰি শিক্ষাক প্ৰণালীবদ্ধভাৱে পৰিকল্পনাৰ ভিতৰলৈ আনে। ছোভিয়েটৰ শৈক্ষিক পৰিকল্পনাই নতুন মানৱ সৃষ্টিৰ ওপৰত গুৰুত্ব দিছিল। এই মানুহখিনিৰ নিৰ্দিষ্ট কিছুমান গুণাৱলী থাকিব লাগিব। মহান শিক্ষাবিদ কেলিননৰ মতে এই গুণাৱলীসমূহ হ’ল – 

(ক) জনসাধাৰণৰ প্ৰতি প্ৰেম।

(খ) সাধুতা।

(গ) সাহস।

(ঘ) দলগত মনোভাৱ। আৰু 

(ঙ) কৰ্মৰ প্ৰতি স্পৃহা। 

এই গুণাৱলীসমূহ লৈ শৈক্ষিক পৰিকল্পনাই আনবিলাক পৰিকল্পনাৰ লগত সম্বন্ধ স্থাপন কৰে।

ছোভিয়েটৰ পৰিকল্পনাই অৰ্থনৈতিক বিকাশৰ বাবে শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ লগতে সামাজিক আৰু সাংস্কৃতিক দিশসমূহকো সাঙুৰি লৈছিল। ইয়াত ১৯১৭ চনৰ অক্টোবৰ বিপ্লৱক অনুসৰণ কৰি নিৰক্ষৰতা দূৰীকৰণ আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় আৰু তাৰ পিছত মাধ্যমিক শিক্ষাকো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াত শৈক্ষিক পৰিকল্পনাৰ পদ্ধতি আৰু ধাৰণাসমূহৰ বিকাশ দ্বিতীয় মহাযুদ্ধৰ পিছতহে হৈছিল। ১৯ শতিকাত কাৰ্লমাক্সৰ দ্বাৰা বিকাশ লাভ কৰা পলিটেকনিক শিক্ষাৰ পৰা এই ধাৰণাবিলাক লোৱা হৈছিল। এইদৰে ছোভিয়েট শৈক্ষিক পৰিকল্পনাৰ বিকাশ হৈছিল।

অনুন্নত দেশবিলাকত দুটা চৰ্তৰ ওপৰত নিৰ্ভৰ কৰি পৰিকল্পনাই বিকাশ লাভ কৰিছিল। 

(ক) প্ৰথমটো, অতিমাত্ৰা সম্পদৰ নাটনি। সঘনাই হৈ থকা সম্পদৰ নাটনিৰ মজুত থকা সম্পদখিনিক পদ্ধতিগতভাৱে ব্যৱহাৰ কৰিবলৈ পৰিকল্পনাৰ আশ্ৰয় ল’বলগা হয়।

(খ) দ্বিতীয়টো হৈছে আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু অনুদান আগবঢ়োৱা অনুষ্ঠানসমূহৰ প্ৰভাৱ আৰু হেঁচা। তৃতীয় বিশ্বৰ দেশবিলাকত শৈক্ষিক পৰিকল্পনাৰ বিকাশত কিছুমান সংগঠন, যেনে-বিশ্ববেংক, ৰাষ্ট্ৰসংঘ আৰু UNESCO য়ে বিশেষ ভূমিকা পালন কৰিছিল। UNESCO ই ১৯৫৬ চনত লিমাত (Lima) প্ৰাদেশিক পৰ্যায়ৰ এখন কনফাৰেন্স আহ্বান কৰিছিল। তাৰ পিছত ১৯৫৮ চনত UNESCO ৰ দ্বাৰা আহ্বান কৰা চেমিনাৰত শৈক্ষিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দি সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ লগত শৈক্ষিক পৰিকল্পনাৰ সম্বন্ধ স্থাপনৰ দেখা দিয়া সমস্যাবিলাক আলোচনা কৰা হয়। আকৌ ১৯৬০-৬২ চনত UNESCO ই এছিয়া, আৰৱ, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বাবে আঁচনি গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই আঁচনিসমূহে প্ৰতিটো অঞ্চল, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ব্যয়ক লক্ষ্য হিচাপে লৈছিল।

ৰাষ্ট্ৰসংঘৰ আন আন সংগঠন, যেনে- ILO (International Labour Organisation) য়ে মানৱ সম্পদৰ, WHO য়ে (World Health Organisation) স্বাস্থ্যৰ ক্ষেত্ৰত, UNICEF (United nations Children’s Fund) য়ে শিশু আৰু যুৱ কল্যাণৰ ক্ষেত্ৰত আৰু FAO য়ে (Food and Agricultural Organisation) কৃষি শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰে।

আফ্ৰিকাৰ দেশবিলাকত ১৯৬১ চনত Addis Ababa অত অনুষ্ঠিত কনফাৰেন্সৰ পৰাই শৈক্ষিক পৰিকল্পনা আৰম্ভণি হয়। দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ভালেমান দেশত সামাজিক আৰু অৰ্থনৈতিক জীৱনত বিশৃংখলতাৰ সৃষ্টি হয়। তেতিয়াৰ পৰাই সামাজিক আৰু অৰ্থনৈতিক জীৱনত পুনঃগঠনৰ প্ৰয়োজনীয়তা আহি পৰে আৰু পৰিকল্পনাই তাত্ত্বিক ৰূপ লয়। এইক্ষেত্ৰত ৰাজনৈতিক ব্যৱস্থাৰ পাৰ্থক্যসমূহে বাধাৰ সৃষ্টি কৰা নাছিল। অৰ্থনৈতিক ব্যৱস্থাৰ ভিন্নতাইহে সমস্যাৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই পুঁজিবাদীয়েই হওক বা সমাজবাদীয়েই হওক বা মিশ্ৰ অৰ্থনীতিৰ দেশেই হওক, সকলোৱেই পৰিকল্পনাৰ অন্তৰ্ভুক্ত হয়।

কিন্তু এই পৰিকল্পনা সমাজবাদী ছোভিয়েটৰ পৰিকল্পনাৰ লগত যথেষ্ট পাৰ্থক্য আছিল। ৰাজনৈতিক আৰু অৰ্থনৈতিক গাঁঠনিৰ ভিন্নতাৰ বাবে দেশবিলাকে ব্যক্তিগত প্রয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি আঁচনি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। ইংলেণ্ডে ১৯৪৫ৰ পৰা ১৯৫১ চনৰ ভিতৰত নিয়োগ নীতি, অৰ্থনীতিৰ জৰীপ আৰু কল্যাণকামী ৰাষ্ট্ৰ স্থাপনৰ অৰ্থে কিছুমান আঁচনি প্ৰস্তুত কৰে। ১৯৩২ চনত ৰচভেল্ট কৃষিখণ্ডৰ উন্নতিসাধনৰ বাবে, পিছপৰা খণ্ডসমূহৰ প্রয়োজনীয় পৰিৱৰ্তনৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। এইদৰেই শৈক্ষিক পৰিকল্পনাই বিকাশ লাভ কৰি বৰ্তমানৰ ৰূপ লয়।

শৈক্ষিক পৰিকল্পনা আৰু মানৱশক্তি পূৰ্বানুমানৰ লগত ইয়াৰ সম্বন্ধ ১৯৫০ আৰু ১৯৬০ দশকত অনুন্নত দেশবিলাকত মানৱ সম্পদৰ পূৰ্বানুমান আৰু শৈক্ষিক পৰিকল্পনাৰ ধাৰণাই বিকাশ লাভ কৰে। তেতিয়াৰ পৰাহে এই দেশবিলাকে উপলব্ধি কৰিবলৈ ল’লে যে পৰিকল্পনাৰ বিকাশ সাধনত পূৰ্বানুমান পদ্ধতিৰ গুৰুত্বপূৰ্ণ স্থান আছে। ৰাছিয়াৰ বহুবিলাক দেশে মানৱ সম্পদৰ সমস্যাবিলাকক গুৰুত্ব দি অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ আঁচনি প্ৰস্তুত কৰিলে। বহুবিলাক দেশৰ আঁচনিত মানৱশক্তি আৰু নিয়োগে গুৰুত্ব লাভ কৰে আৰু আন কিছুমানত  সংখ্যাগত বিকাশে গুৰুত্ব আৰোপ কৰে। দিশবিলাকে নিয়োগৰ সুবিধাৰ বিকাশত বেছি গুৰুত্ব দিয়ে। শৈক্ষিক পৰিকল্পনাৰ আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল বিভিন্ন ক্ষেত্ৰত জাতীয় বিকাশৰ আঁচনি আৰু প্ৰকল্পসমূহ সম্পাদন কৰিবৰ বাবে কাৰিকৰী কৌশলৰ বিকাশ সাধন কৰা। এনে কৰিবলৈ যাওঁতে মানৱশক্তি পূৰ্বানুমানৰ প্রয়োজনীয়তা আহি পৰে।

Q.6. Write about the basic concepts of manpower forecasting.

Ans: শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত মানৱশক্তিৰ পূৰ্বানুমান অতি গুৰুত্বপূৰ্ণ। শৈক্ষিক পৰিকল্পনাৰ বাবে মানৱশক্তিৰ পূৰ্বানুমান কৰোতে শিক্ষাৰ ক্ষেত্ৰ আৰু নিযুক্তিৰ ক্ষেত্ৰ বিবেচনা কৰিব লাগে। নিযুক্তিৰ ক্ষেত্ৰ লক্ষ্য কৰিহে শৈক্ষিক পৰিকল্পনা কৰিব লাগে। আঁচনি প্ৰস্তুত কৰাৰ আগতে কোনো ক্ষেত্ৰত কৰ্মীৰ সংখ্যা বেছি আছে, কোন ক্ষেত্ৰত কম আছে, এই সকলোবিলাক দিশ লক্ষ্য কৰিব লাগে। শিক্ষা আৰু নিয়োগৰ বৰ্তমানৰ অৱস্থাৰ বিশ্লেষণৰ যোগেদি মানৱশক্তিৰ পূৰ্বানুমান পদ্ধতি আৰম্ভ হয়। শিক্ষণৰ উপ-পদ্ধতিৰ বাবে পূৰ্বানুমান কৰোতে তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰা হয়-নিম্নস্তৰৰ পৰা উচ্চ স্তৰলৈ উত্তীৰ্ণৰ হাৰ, শিক্ষাৰ স্তৰ আৰু ফলাফল। আনহাতে নিয়োগৰ পদ্ধতিতো নতুন নিযুক্তিবিলাকক সামৰি লোৱা হয়। পুনঃসংস্থাপন আৰু বিস্তাৰৰ বাবে নতুন নিযুক্তিবিলাকৰ প্ৰয়োজন হয়।

মানৱশক্তিৰ প্ৰয়োজনীয়তা শব্দটো মজুতৰ লগত সংগতি ৰাখি ব্যৱহাৰ কৰা হয়। মজুতৰ অৰ্থ হৈছে এখন দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজন হোৱা মুঠ শ্ৰম শক্তিৰ সংখ্যা। ক্ষেত্ৰ, বৃত্তিৰ প্ৰকাৰ আৰু কৌশলৰ স্তৰ সকলোকে ইয়াত সাঙুৰি ল’ব পাৰি। মানৱশক্তিৰ বাৰ্ষিক চাহিদা শ্ৰমশক্তিৰ সোঁতৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ বাৰ্ষিক  চাহিদা পৰিপূৰণৰ বাবে মজুত থকা শ্ৰমশক্তি কৰ্মৰ দিশত গতি কৰিব লাগিব।

বাৰ্ষিক চাহিদাক দুটা উপাদানত ভাগ কৰিব পাৰি। সেই দুটা হৈছে- (ক) পুনঃসংস্থাপন চাহিদা আৰু (খ) বিস্তাৰৰ চাহিদা। এই দুটা চাহিদা পৰিপূৰণৰ বাবে মানৱশক্তিৰ প্ৰয়োজন হয়।

অৱসৰ, মৃত্যু আৰু কৰ্মীৰ প্ৰব্ৰজনৰ বাবে হোৱা খালী ঠাইৰ চাহিদা পূৰণৰ বাবে মানৱশক্তি প্ৰয়োজন হয়। তাৰোপৰি বাৰ্ষিক চাহিদাত বিস্তাৰিত কৰ্মও সংযোগ হৈ আছে। ই উচ্চ পৰ্যায়ৰ কৰ্মৰ লগত জড়িত। কৰ্মৰ বিকাশৰ ওপৰতেই বিস্তাৰ নিৰ্ভৰ নকৰে। উৎপাদিকা শক্তি বৃদ্ধিৰ ওপৰতো ই নিৰ্ভৰ কৰে। ই নিম্ন পৰ্যায়ৰ কৰ্মৰ লগত জড়িত নহয়।

বাৰ্ষিক চাহিদাৰ পৰিমাপণ দুটা স্তৰৰ যোগেদি কৰিব পাৰি। প্ৰথমটো হৈছে মজুত থকা সামগ্ৰীৰ পৰিমাপণ আৰু দ্বিতীয়টো হৈছে মজুত থকা মানৱশক্তিক বিকাশ ঘটোৱা। প্ৰথমে কিমান পৰিমাণৰ মানৱশক্তি মজুত আছে তাক বাছি উলিয়াব লাগিব। তাৰ পিছত সেই সামগ্ৰীখিনি সামগ্রী হিচাপে ৰাখিলেই নহ’ব এইবিলাকক বিকাশ ঘটাব লাগিব। মানৱশক্তিৰ পূৰ্বানুমানৰ ক্ষেত্ৰত সেয়েহে মজুত আৰু বিকাশৰ ওতঃপ্ৰোত সম্বন্ধৰ সম্পৰ্কে জ্ঞান থাকিব লাগিব।

Q.7. How educational planning is related to manpower planning?

Ans: মানৱশক্তি পৰিকল্পনা কৰা ধৰণ প্ৰণালীকে কৌশল বোলা হয়। ইয়াৰ চাৰিটা কৌশলগত দিশ আছে-

১. সম্পদ বিশ্লেষণৰ কাম।

২. বিভিন্ন ক্ষেত্ৰত দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন সম্পৰ্কে আলোচনা কৰা।

৩. উপযুক্ত দক্ষতাসম্পন্ন ব্যক্তি যোগান ধৰা কাৰ্য।

৪. শিক্ষা, প্ৰশিক্ষণ আদিৰ বিষয়ে প্ৰস্তুত কৰা কাৰ্য।

মানৱশক্তিৰ পৰিকল্পনা আৰু শৈক্ষিক পৰিকল্পনাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। জনসাধাৰণক উপযুক্তভাৱে গঢ় দিবলৈ হ’লে শৈক্ষিক পৰিকল্পনা উপযোগী কৰি তুলিব লাগিব। এখন দেশত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অৰ্হতাপ্ৰাপ্ত লোকৰ প্ৰয়োজন হয়। দেশক কোনবিধ মানৱশক্তিৰ প্ৰয়োজন, মানৱশক্তি ক’ত অত্যধিক পৰিমাণে আছে, এই কথা দেশৰ শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোতে মন কৰিব লাগিব। অনুন্নত দেশত বৈজ্ঞানিক, ইঞ্জিনীয়াৰ, কৃষিবিজ্ঞানী, কাৰিকৰী দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰায়েই নাটনি দেখা যায়। সেয়েহে এনেবিলাক দেশত সমাজৰ প্ৰয়োজন অনুসৰি শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰি মানৱশক্তি সৃষ্টি কৰিব লাগিব। ভাৰতবৰ্ষৰ দৰে অনুন্নত দেশবিলাকত মানৱশক্তি পৰিকল্পনা আৰু শৈক্ষিক পৰিকল্পনাৰ দিশটো মন কৰিবলগীয়া। ভাৰত এখন কৃষিপ্ৰধান দেশ। কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে জনসাধাৰণক কৃষি বিষয়ক শিক্ষা দিব লাগিব। ঠিক তেনেদৰে যিবিলাক দেশত যি শিক্ষাৰ প্ৰয়োজন সেই শিক্ষা দিবলৈ শৈক্ষিক পৰিকল্পনা কৰিব লাগিব। প্ৰয়োজনভিত্তিক শৈক্ষিক পৰিকল্পনা নকৰিলে টকা-পইচা আৰু মানৱসম্পদৰ অপচয় হয়। গতিকে মানৱশক্তি পৰিকল্পনাৰ ক্ষেত্ৰত তলত দিয়া কথাকেইটাৰ ওপৰত গুৰুত্ব দিব লাগিব।

১. দেশৰ কোনখণ্ডত কোনবিধ দক্ষতাসম্পন্ন লোকৰ নাটনি আছে, তাক বিচাৰ কৰা আৰু উলিয়াই শৈক্ষিক পৰিকল্পনাৰ যোগেদি তেনেবিলাক মানৱশক্তিৰ সৃষ্টিত গুৰুত্ব দিব লাগে।

২. কোন খণ্ডত দক্ষতাসম্পন্ন লোকৰ যোগান বেছি হৈছে তাৰ বিচাৰ কৰা আৰু চাহিদা আৰু যোগানৰ মাজত সমন্বয় ৰক্ষা কৰা।

৩. দেশৰ সৰ্বাংগীণ প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি পাৰদৰ্শী মানৱ সম্পদৰ সৃষ্টি কৰা।

দেশৰ এখনৰ উন্নতিৰ বাবে মানৱশক্তি পৰিকল্পনাৰ অতি দৰকাৰ। মানৱসম্পদৰ উন্নতি সাধনৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিব লগা হয়। তাৰোপৰি স্বাস্থ্য, সেৱাকাৰ্য আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো ব্যয় কৰিব লগা হয়। বৰ্তমান অৰ্থনীতিবিদসকলে আনবোৰ ক্ষেত্ৰত কৰা ব্যয়তকৈ শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে কৰা ব্যয়ৰ ওপৰত বেছি গুৰুত্ব দিছে।

Q.8. Discuss elaborately the different approaches of manpower forecasting.

Ans: মানৱশক্তি পূৰ্বানুমানৰ ক্ষেত্ৰত বিভিন্ন পন্থাৰ সহায় লোৱা হয়। এই পন্থাসমূহ হৈছে-

১) কৰ্মচাৰীসকলৰ জৰীপ ব্যৱস্থা : মানৱশক্তি পূৰ্বানুমানৰ আটাইতকৈ সহজ পথটো হৈছে কৰ্মচাৰীসকলৰ নিজা কৰ্ম সম্পৰ্কে জোখ লোৱা। এই পন্থাত কৰ্মচাৰীসকলক তেওঁলোকৰ নিজ নিজ মানদণ্ডৰ কৰ্মৰ ভৱিষ্যৎ সম্পৰ্কে অনুমান কৰিবলৈ কোৱা হয়। সাধাৰণতে অনুন্নত দেশবিলাকত শ্ৰমিকৰ অতীতৰ ধাৰাবাহিকতাৰ সম্পৰ্কে জ্ঞান নাথাকে। সেয়েহে অনুন্নত দেশৰ চৰকাৰে পূৰ্বানুমানৰ ক্ষেত্ৰত প্ৰায়ে এই পন্থা ব্যৱহাৰ কৰে। সমগ্ৰ ৬০ ৰ দশকত নাইজেৰিয়াত এই পন্থা সম্পৰ্কে অধ্যয়ন চলোৱা হৈছিল। লাহে লাহে এই পন্থা উন্নত দেশবিলাকেও ব্যৱহাৰ কৰিবলৈ লয়। Blaug (১৯৭০) য়ে উল্লেখ কৰিছে যে বিশেষকৈ কাৰিকৰী আৰু বিজ্ঞান দিশত পাৰদৰ্শী মানৱশক্তিৰ ক্ষেত্ৰত ইংলেণ্ড, কানাডা, চুইডেন আৰু ফ্ৰান্স আদি দেশবিলাকে এই পন্থা ব্যৱহাৰ কৰিবলৈ লয়।

২) আন্তঃৰাষ্ট্ৰীয় তুলনাকৰণ পন্থা : অনুন্নত দেশবিলাকত সাধাৰণতে থলুৱা শ্ৰমিকসকলৰ বিষয়ে প্ৰয়োজনীয় তথ্যৰ অভাৱ পৰিলক্ষিত হয়। এনে ক্ষেত্ৰত মানৱশক্তি পূৰ্বানুমানত আন্তঃৰাষ্ট্ৰীয় তথ্যৰ সহায় ল’বলগা হয়। এই পন্থাত এখন দেশৰ এটা নিৰ্দিষ্ট সময়ৰ তথ্য সংগ্ৰহ কৰা হয়। এই তথ্যসমূহে সম-মৰ্যাদাৰ দেশবিলাকক প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। Blaug (১৯৭০) য়ে নিজা দেশৰ বাবে দুখন দেশৰ তথ্য ব্যৱহাৰ কৰিছিল। ঠিক সেইদৰে ইটালিৰ এটা অধ্যয়নত শ্ৰমশক্তিৰ বিতৰণত ফ্ৰান্সৰ তথ্য ব্যৱহাৰ কৰা হৈছিল।

১৯৬০ৰ পৰা ১৯৬৪ চনৰ ভিতৰত বিশেষকৈ নাইজেৰিয়াত মানৱশক্তিৰ পূৰ্বানুমান আৰু শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত এই পন্থা ব্যৱহাৰ কৰা হৈছিল। Blaug য়ে উল্লেখ কৰিছে যে তিনিখন পূব-আফ্ৰিকান আৰু সাতখন উত্তৰ এছিয়াৰ দেশেও এই পদ্ধতি ব্যৱহাৰ কৰিছিল। তাৰোপৰি মানৱশক্তিৰ গঠন আৰু অৰ্থনৈতিক বিকাশৰ স্তৰৰ মাজত সাৰ্বজনীন সম্বন্ধ নিৰ্ণয় কৰিবলৈ ভালেমান অধ্যয়ন চলোৱা হৈছিল।

৩) শ্ৰম উৎপাদনৰ হাৰ পন্থা : ওপৰত উল্লেখ কৰা শ্ৰমিক পূৰ্বানুমান আৰু আন্তঃৰাষ্ট্ৰীয় তুলনাকৰণ এই দুয়োটা পন্থাত শ্ৰমৰ ক্ষেত্ৰ আৰু দেশখনৰ শ্ৰমৰ অতীতৰ ধাৰাবাহিকতাৰ বিষয়ে কোনো তথ্যৰ প্ৰয়োজন নহয়। উন্নত দেশবিলাকতো এই তথ্যবিলাকৰ অভাৱ পৰিলক্ষিত হয়। তাৰোপৰি শিক্ষক, ইঞ্জিনিয়াৰ, ডাক্তৰ, বৈজ্ঞানিক আদিৰ দৰে উচ্চ স্তৰৰ বৃত্তিৰ মানৱশক্তিৰ পূৰ্বানুমানৰ ক্ষেত্ৰত এই পন্থা ব্যৱহাৰ কৰা হয়। ইয়াত শ্ৰমিকসকলক ক্ষেত্ৰ, বৃত্তি আৰু শিক্ষাগত অৰ্হতাত ভাগ কৰি তেওঁলোকৰ উৎপাদনৰ তথ্যসমূহ সংগ্রহ কৰা হয়। সাধাৰণ ভাষাত শ্ৰমিকসকলৰ কৰ্মৰ লগত জড়িত তথ্যসমূহ অনুমান কৰা হয়। অনুমান এনেদৰে কৰা হয় যে উৎপাদনৰ একেটা গতিয়েই বাহাল থাকিব বা একেটা পদ্ধতিকেই ব্যৱহাৰ কৰা হ’ব। এই পন্থাত মুঠ ক্ষেত্ৰভিত্তিক শ্ৰমশক্তিৰ পৰিমাণ গণনা কৰা হয়। তাৰ পিছত এই শ্ৰমশক্তিৰ ফলাফল আৰু মুঠ উৎপাদনশীলতা গণনা কৰি ভৱিষ্যতৰ বাবে মুঠ শ্ৰমশক্তিৰ আকাৰ পূৰ্বানুমান কৰা হয়।

৪) বৃত্তিমূলক হাৰৰ পন্থা : এই পদ্ধতিৰ মূল নীতি হৈছে যে এটা নিৰ্দিষ্ট ধৰণৰ জনশক্তি এটা পৰিমাণৰ জনসংখ্যালৈ ভগাই দিয়া হয়। জনসংখ্যাৰ এই পৰিমাণটো সমগ্ৰ জনসংখ্যা বা শ্ৰমশক্তিও হ’ব পাৰে, অন্যধৰণৰ কৌশলী বনুৱাও হ’ব পাৰে বা উচ্চ শিক্ষাত ভৰ্তি হোৱা মুঠ ছাত্ৰ-ছাত্ৰীও হ’ব পাৰে। এইদৰে জনশক্তিৰ এটা অনুপাত পোৱা যাব। এইদৰে পৰিমাণক ভৱিষ্যতৰ প্রয়োজনীয়তা নিৰ্ধাৰণৰ বাবে পূৰ্বানুমান কৰা হয়।

৫) স্থায়ী সম্বন্ধ পদ্ধতি : এই পদ্ধতিত বৃত্তিসমূহৰ গঠন, শ্ৰমশক্তিৰ উৎপাদনশীলতা আৰু প্ৰত্যেক শিল্প প্ৰতিষ্ঠানৰ উৎপাদন বা ফলাফলসমূহ পূৰ্বানুমান কৰা হয়। এই পদ্ধতিত বৃত্তিসমূহৰ একেজাতীয় বৈশিষ্ট্য আৰু প্ৰয়োজন হোৱা উচ্চ শিক্ষাগত অৰ্হতাসমূহো ব্যাখ্যা কৰা হয়। এই ব্যাখ্যাৰ জৰিয়তে প্ৰত্যেক বৃত্তিৰে আন কিছুমান বৃত্তিৰ লগত স্থায়ী সম্বন্ধ লক্ষ্য কৰা যাব। এই স্থায়ী সম্বন্ধৰ জৰিয়তে মানৱশক্তিৰ ক্ষেত্ৰভিত্তিক পূৰ্বানুমান কৰা হয়।

Q.9. Discuss the meaning, features and objectives of man power planning.

Ans: জনশক্তি পৰিকল্পনা হ’ল এনে এক কাৰ্যসূচী যাৰ সহায়ত ব্যক্তিক এনেদৰে নিয়োগযোগ্য কৰি তোলা হয় যাতে আনে তেওঁলোকৰ চাহিদা সৃষ্টি কৰিব পাৰে বা নিজেই নিজৰ চাহিদা সৃষ্টি কৰিব পাৰে। এনে পৰিকল্পনাৰ দ্বাৰা উপযুক্ত ব্যক্তিক উপযুক্ত সময়ত উপযুক্ত উৎপাদক-উৎপাদনৰ সহযোগত উপযুক্ত ক্ষেত্ৰত নিয়োগ কৰিবৰ কাৰণে হাতত লোৱা আগতীয়া ব্যৱস্থাৱলীক বুজায়। ভাৰতবৰ্ষত জনশক্তি পৰিকল্পনাই জনবৃদ্ধি নিয়ন্ত্ৰণ, শিক্ষা আৰু দক্ষতাৰ উন্নীতকৰণ, উপযুক্ত দিশত শ্ৰমিকৰ চলনশীলতা বঢ়োৱা ইত্যাদি দিশবোৰ সামৰি লয়। এক কথাত ক’বলৈ গ’লে ৰাষ্ট্ৰৰ নাগৰিকসকলৰ সংস্থানৰ উপযোগী কৰি তোলা আৰু কেতিয়াবা কৰ্মসংস্থাপনক নাগৰিকৰ আৰ্জিত অৰ্হতাৰ ওচৰ চপাই অনাটোৱেই জনশক্তি পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য। ব্যক্তিগত দিশৰ পৰা জনশক্তি পৰিকল্পনাই জনশক্তি সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিষয়বোৰ সামৰি লয়। শৈক্ষিক পৰিকল্পনাত জনশক্তি পৰিকল্পনাই নিম্নলিখিত দিশবোৰৰ সন্দৰ্ভত সঠিক ব্যৱস্থা গ্ৰহণত সহায় কৰে।

ব্যক্তিগত (Micro)ক্ষেত্ৰত জনশক্তি পৰিকল্পনাৰ প্ৰস্তুত কৰাত নিম্নলিখিত দিশবোৰৰ প্ৰতি মনোনিৱেশ কৰিব লগা হয়-

(ক) কৰ্মসংস্থাপনৰ ধৰণ আৰু প্ৰকৃতি নিৰ্ধাৰণ কৰা আৰু মূল্যায়ণ কৰা। 

(খ) জনশক্তি ব্যৱহাৰৰ সম্পৰ্কে অধ্যয়ন কৰা।

(গ) জনশক্তিৰ ভৱিষ্যত যোগান আৰু চাহিদাৰ সম্পৰ্কে আলোচনা কৰা।

(ঘ) কৰ্মৰত অৱস্থাত প্ৰশিক্ষণ আৰু পৰিশীলন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা।

(ঙ) উৎপাদনশীলতাৰ পৰিসীমা ঠাৱৰ কৰি সেই নিৰ্ধাৰিত পৰিসীমাত উপনীত হ’বলৈ শ্ৰমিকক উৎসাহ প্ৰদান কৰা।

(চ) অন্যান্য প্ৰতিষ্ঠানৰ জনশক্তিৰ অৱস্থান অধ্যয়ন কৰি তাৰ আৱশ্যকীয় জ্ঞান আহৰণ কৰা।

জনশক্তি পৰিকল্পনাৰ সামগ্ৰিক (Macro) ক্ষেত্ৰত মন দিবলগীয়া দিশসমূহ হ’ল-

(ক) সৰু পৰিয়ালৰ নীতি গ্ৰহণ কৰা, যাতে জন্মহাৰ হ্ৰাস পায়।

(খ) কৰ্মসংস্থাপনক গাঁৱলীয়া লোকৰ ওচৰ চপাই নিবৰ বাবে গ্ৰাম্য অঞ্চলৰ বিকাশ সাধন হ’ব পৰাকৈ পৰিকল্পনাৰ ব্যৱস্থা কৰা।

(গ) সাৰ্বজনীন শিক্ষাৰ বিস্তাৰ কৰা আৰু শিশু শ্ৰমিক ব্যৱস্থাৰ অৱসান ঘটোৱা।

(ঘ) মৃত্যুহাৰৰ লগতে কৰ্মহীন লোকৰ হাৰো কমাবলৈ উন্নত জনস্বাস্থ্যৰ ব্যৱস্থা কৰা।

(ঙ) অধিক শ্ৰমিক নিয়োগ কৰিব পৰাকৈ পৰিকল্পনাত বিনিয়োগ কৰা।

(চ) নগৰীয়া অঞ্চলৰ সম্প্ৰসাৰণ ঘটাব পৰাকৈ উদ্যোগীকৰণৰ ব্যৱস্থা কৰিব লাগে।

(ছ) শ্ৰম শক্তিৰ আকাৰ কমাবলৈ হ’লে জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিব লাগিব।

শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোঁতে আমি যি জনশক্তি পৰিকল্পনা কৰোঁ, সেই পৰিকল্পনাৰ কিছুমান বিশেষ উদ্দেশ্য আছে। সেই উদ্দেশ্যেসমূহ আমি নিম্নলিখিত ধৰণেৰে উল্লেখ কৰিব পাৰোঁ-

(ক) জনশক্তি অপ্ৰাচুৰ্য বা নাটনি হৈ থকা ক্ষেত্ৰসমূহ বিচাৰি উলিয়াই তাৰ অন্তৰালত নিহিত হৈ থকা কাৰকসমূহ বিশ্লেষণ কৰা।

(খ) জনশক্তি উদ্বুত্ত হোৱা ক্ষেত্ৰসমূহ বিচাৰি উলিয়াই তাৰ অন্তৰালতো নিহিত থকা কাৰকসমূহ ব্যাখ্যা কৰা।

(গ) আকাংক্ষিত বিকাশৰ হাৰৰ সৈতে সংগতি ৰাখি জনশক্তিৰ বিকাশ কৰা।

(ঘ) ৰাষ্ট্ৰ এখনৰ বৰ্তমান জনশক্তি সম্পৰ্কীয় বিভিন্ন সমস্যা, আন্তসম্পর্ক আদি জানিলে ৰাষ্ট্ৰখনৰ জনশক্তিৰ বৰ্তমান আৰু ভৱিষ্যতৰ গতিবিধি ফঁহিয়াই চোৱা।

Q.10. Discuss the need of manpower planning.

Ans: মানৱশক্তি পৰিকল্পনাৰ প্রয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। অনুন্নত দেশবিলাকত ইয়াৰ প্ৰয়োজন আৰু বেছি। কিয়নো এই দেশবিলাকত জনসংখ্যা বৃদ্ধিৰ আধিক্য দেখা যায়। এই দেশবিলাকত চাহিদাতকৈ যোগানৰ সংখ্যা সদায় বেছি দেখা যায়। মানৱশক্তি পৰিকল্পনাৰ প্রয়োজনীয়তাসমূহ তলত দিয়া হ’ল- 

১) মানৱ সম্পদৰ উন্নয়ন : মানৱ সম্পদৰ উন্নয়নৰ বাবে বিনিয়োগ কৰিব লগা হয়। বিনিয়োগৰ ওপৰতে মূলধনৰ বৃদ্ধি নিৰ্ভৰ কৰে। মূলধন ব্যৱহাৰৰ বাবে মানৱ সম্পদৰ উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। তাৰ বাবে মানৱশক্তি পৰিকল্পনাৰ প্ৰয়োজন।

২) আধুনিক উন্নত কৌশলৰ প্রয়োগ : পিছপৰা দেশবিলাক অৰ্থনৈতিকভাৱে পিছপৰা। উদ্যোগসমূহ পৰম্পৰাগত পদ্ধতিৰে চলি অহা। এই উদ্যোগবিলাকৰ উন্নতি কৰিবলৈ হ’লে জনসাধাৰণ শিক্ষিত হ’ব লাগিব। তেতিয়াহে জনসাধাৰণে উন্নত প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি উদ্যোগখণ্ডৰ বিকাশ সাধন কৰিব। সেয়েহে মানৱশক্তি পৰিকল্পনাৰ অতি প্ৰয়োজন।

৩) পৰিৱৰ্তন বাবে : আগৰে পৰা চলি থকা একঘেয়ামি সমাজক পৰিৱৰ্তন কৰিবলৈ মানৱশক্তি পৰিকল্পনাৰ প্ৰয়োজন হয়। অনুন্নত দেশবিলাকত আগৰে পৰা চলি থকা মন্থৰ উন্নয়ন গতিক দ্ৰুতগামী কৰিবলৈ হ’লে সমাজব্যৱস্থাৰ পৰিৱৰ্তন সাধন হ’ব লাগিব। ইয়াৰ বাবে মানৱশক্তিক অধিক দক্ষতাপূৰ্ণ কৰিবলৈ আঁচনি হাতত ল’ব লাগিব।

৪) উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে : অনুন্নত দেশবিলাকত শ্ৰমিক নিয়োজনৰ সুবিধা থকা সত্ত্বেও মানৱৰ দক্ষতাৰ অভাৱৰ বাবে মানৱ সম্পদৰ ব্যৱহাৰ নহয়, সেয়েহে মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ মানৱশক্তি পৰিকল্পনাৰ প্ৰয়োজন।

৫) সামাজিক ব্যয় হ্ৰাস : অনুন্নত দেশবিলাকত শিক্ষিত নিবনুৱাৰ আধিক্য পৰিলক্ষিত হয়। কিন্তু সংস্থাপনৰ ব্যৱস্থা নথকাৰ বাবে তেওঁলোকে হতাশাত ভুগিবলগা হয়। এই সামাজিক ব্যয় হ্ৰাস কৰিবৰ বাবে মানৱশক্তি পৰিকল্পনাৰ প্ৰয়োজন।

দেশ এখনৰ উন্নতিৰ বাবে মানৱশক্তি পৰিকল্পনাৰ অতি দৰকাৰী। মানৱসম্পদৰ উন্নতি সাধনৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিবলগা হয়। তাৰোপৰি স্বাস্থ্য, সেৱাকাৰ্য আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো ব্যয় কৰিব লগা হয়। বৰ্তমান অৰ্থনীতিবিদসকলে আনবোৰ ক্ষেত্ৰত কৰা ব্যয়তকৈ শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে কৰা ব্যয়ৰ ওপৰত বেছি গুৰুত্ব দিছে।

Q.11. Discuss the usefulness of manpower planning and limitation of manpower planning in educational planning.

Ans: শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোঁতে যি জনশক্তি পৰিকল্পনা নীতি অনুসৰণ কৰা হয়, এই পৰিকল্পনাসমূহ ত্ৰুটিমুক্ত নহয়। এই ত্ৰুটিসমূহ হ’ল-

(ক) প্ৰাসংগিক তথ্যৰ অভাৱ : শৈক্ষিক পৰিকল্পনাত অনুসৰণ কৰা জনশক্তি পৰিকল্পনাৰ এক সমস্যা হ’ল ইয়াৰ বাবে আৱশ্যকীয় উপযুক্ত তথ্যপাতিৰ অভাৱ। উল্লেখযোগ্য যে ফ্ৰান্স, বৃটেইন আদি বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহেও সু-সংহতপূৰ্ণভাৱে জনশক্তি পৰিকল্পনা ৰূপায়ণ কৰিব পৰা নাই। অনুন্নত ৰাষ্ট্ৰসমূহত জনশক্তি পৰিকল্পনা কৰাতো কিমান অসম্ভৱ সেইটো সহজেই অনুমান কৰিব পাৰিব।

(খ) প্ৰণালীতত্বৰ সমস্যাসমূহ : শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোঁতে প্ৰয়োগ কৰা জনশক্তি পৰিকল্পনাৰ এক প্ৰধান সমস্যা হ’ল প্ৰণালীতত্ব বা পদ্ধতিসম্পৰ্কীয় সমস্যা। কিয়নো এনে পৰিকল্পনাত ভৱিষ্যতে কিমান পৰিমাণৰ জনশক্তিৰ আৱশ্যক হ’ব নাইবা জীৱিকা অনুসৰি কিমান পৰিমাণৰ শ্ৰমিকৰ আৱশ্যক হ’ব, সেইটো পূৰ্বানুমান কৰাৰ সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য কোনো পদ্ধতি নাই।

(গ) অনিশ্চিত অৰ্হতা : কিছুমান বৃত্তি আছে, যাৰ কাৰণে আৱশ্যকীয় অৰ্হতা নিশ্চিতকৈ ঠাৱৰ কৰিব নোৱাৰি। সেয়ে শৈক্ষিক অৰ্হতা অনিশ্চিত হৈ থকা জীৱিকাবোৰৰ বাবে জনশক্তিৰ ভৱিষ্যতৰ আৱশ্যকীয়তাৰ সৈতে সম্পৰ্ক ৰাখি বৰ্তমানৰ শৈক্ষিক পৰিকল্পনা সন্তোলিতভাৱে যুগুত কৰিব নোৱাৰি।

(ঘ) একপক্ষীয় সংস্কাৰ : শৈক্ষিক পৰিকল্পনাৰ বেলিকা জনশক্তি পৰিকল্পনাই সন্মুখীন হোৱা আন এক সমস্যা হ’ল কেৱল শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰিলেই ভৱিষ্যতে সৃষ্টি হ’ব পৰা জনশক্তিৰ চাহিদা পূৰণ কৰাটো অসম্ভৱ।

(ঙ) অপৰিৱৰ্তিত জনশক্তিৰ চাহিদা আৰু যোগান : শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোঁতে জনশক্তি পৰিকল্পনাত থকা আন এক সীমাবদ্ধতা হ’ল অৰ্থনৈতিক উত্থান-পতনৰ লগে লগে অৰ্থনৈতিক পৰিৱৰ্তন নহয়। পৰিৱৰ্তিত এই লক্ষ্যসমূহৰ লগত সম্পৰ্ক ৰাখি জনশক্তি পৰিকল্পনাত জনশক্তিৰ চাহিদা আৰু যোগান আৰু চাহিদাৰ প্ৰকৃতি পৰিৱৰ্তন কৰিব পৰা নাযায়।

Q.12. Discuss the relationship between educational planning and manpower forecasting.

Ans: দেশ এখনৰ শিক্ষা-ব্যৱস্থাৰ প্ৰধান কৰ্তব্য হ’ল দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাই ভৱিষ্যতে সৃষ্টি কৰিব পৰা প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ মানৱশক্তিৰ উৎপাদন কৰা। তাৰ কাৰণে ভৱিষ্যতৰ জনশক্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভৱিষ্যতে বাণী কৰাতো অপৰিহাৰ্য হৈ পৰিছে। জনশক্তিৰ চাহিদা পূৰণ কৰোতে অতি দীঘলীয়া সময়ৰ আৱশ্যক হয়। কিয়নো প্ৰদত্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা জনশক্তি কৰা দিনৰে পৰা আৰম্ভ কৰি ভৱিষ্যতৰ জনশক্তিৰ প্রয়োজনীয়তা বিচাৰি উলিওৱাৰ সময়ৰ মাজত যথেষ্ট ব্যৱধান আহি পৰে। বৰ্তমান বিশ্বৰ উন্নত ৰাষ্ট্ৰবোৰত জনশক্তিৰ ভৱিষ্যত আৱশ্যকতাৰ সম্পৰ্কে পূৰ্বানুমান বা ভৱিষ্যতবাণী কৰিবলৈ অনেক আৰ্হি প্ৰস্তুত কৰা হৈছে।

যদিও ৰাষ্ট্ৰীয় জনশক্তিৰ পূৰ্বানুমান অনেক পন্থা উদ্ভাৱন তথা অনুসৰণ কৰা হৈছে, দৰাচলতে এই সকলোবোৰ অন্তৰালত এক সাধাৰণ দিশ নিৰ্হিত হৈ আছে। এই দিশ অনুসৰি শৈক্ষিক পৰিকল্পনা যদি গ্ৰহণ কৰা নহয়, তেনেহ’লে বিভিন্ন ক্ষেত্ৰত আৱশ্যক অনুসৰি যোগ্যতা সম্পন্ন শ্ৰমিকৰ নাটনি ৰাহি হয়। সেয়ে এনে এক অৱস্থা ব্যক্তি আৰু সমাজ উভয়ৰে প্ৰগতিৰ বাবে ক্ষতিকাৰক। জনশক্তি পূৰ্বানুমানৰ সন্দৰ্ভত কোনোৱে যুক্তি দৰ্শাই কয় যে ভৱিষ্যতে শ্ৰমৰ চাহিদাক সঠিকভাৱে গণনা কৰিব আৰু সময়ত উপযুক্ত যোগান নিশ্চিত কৰিব পৰা যাব জানো ? এই সম্ভাৱনীয় ভাৰসাম্যহীনতাৰ দূৰীকৰণে ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰাৰ লগতে উচ্চস্তৰীয় উপাৰ্জনৰ বৃদ্ধিৰ পথো প্ৰশস্ত কৰি তোলে। অনুন্নত ৰাষ্ট্ৰবোৰে তেওঁলোকৰ অৰ্থনৈতিক মৌলিক গাঁথনি ৰূপান্তৰৰ বাবে বিভিন্ন কৌশল আয়ত্তকৰণৰ ক্ষেত্ৰত জনশক্তিৰ অৰ্থনৈতিক পূৰ্বানুমান অতি আৱশ্যক।

সংযুক্ত ছোভিয়েট ৰাছিয়াত পোন প্ৰথমে চৰকাৰে জনশক্তিৰ পূৰ্বানুমানক শৈক্ষিক সিদ্ধান্ত গ্ৰহণত ব্যৱহাৰ কৰিছিল। ১৯২৮ চনত এনে পূৰ্বানুমানে বিশেষ বৃত্তিৰ বাবে আৱশ্যকীয় লোকৰ সৃষ্টি কৰিছিল। ইয়াৰ ৪০ বছৰ পিছত অৰ্থাৎ ১৯৬৭ চনত DEWITT এ মন্তব্য দিছিল এনেদৰে, “Soviet educational planning and soviet manpower planning are not separate undertaking.” দ্বিতীয় মহাসমৰৰ পিছত অন্যান্য ৰাষ্ট্ৰসমূহেও ক্ৰমান্বয়ে সীমাবদ্ধভাৱে কোনো বিশেষ ক্ষেত্ৰত আদি দক্ষতাসম্পন্ন ব্যক্তি গঢ় দিবৰ বাবে পূৰ্বানুমান সম্পৰ্কীয় গৱেষণা আৰম্ভ কৰিছিল। দৃষ্টান্তস্বৰূপে ১৯৪৯ চনত যুক্তৰাষ্ট্ৰত HRRIS এ ‘মহাবিদ্যালয়ৰ স্নাতকৰ ভৱিষ্যত যোগান আৰু চাহিদা’ আৰু WOLFLE ১৯৬৪ চনত ‘বিজ্ঞানীসকলৰ ভৱিষ্যত চাহিদাৰ পৰিমাপন’ৰ ক্ষেত্ৰত অধ্যয়ন চলাইছিল। তেনেদৰে সংযুক্ত ৰাজ্যত (UK) Scientific Manpower Committee এ ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈকে অবিৰতভাৱে বিজ্ঞানী আৰু অভিযন্ত্ৰাসকলৰ নাটনিৰ সন্দৰ্ভত পূৰ্বানুমান কৰিছিল। 

ফ্ৰান্সৰ চৰকাৰেও জনশক্তিৰ পূৰ্বানুমান কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছিল, ১৯৫০ চনৰ পৰা এইবোৰ পৰিকল্পনা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যাপকভাৱে অনুসৰণ কৰি অহা হৈছে। ১৯৬২ চনৰ পৰা ১৯৬৫ চনলৈকে ইটালী, স্পেইন, পৰ্টুগাল, যোগোশ্লাভিয়া, গ্ৰীচ আৰু টুৰ্কী এই ছয়খন ৰাষ্ট্ৰই, আৰ্থিক বিকাশত শৈক্ষিক প্ৰয়োজনীয়তা সম্পৰ্কে অধ্যয়নত পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৭৫ চনলৈকে ‘জনশক্তি আৰু শৈক্ষিক উৎপাদনৰ আৱশ্যকীয়তা’ সম্পৰ্কে অধ্যয়নৰ বাবে এক উমৈহতীয়া প্ৰণালী তত্ত্বৰ প্ৰস্তুত কৰিছিল যাক ভূ-মধ্যস্থ আঞ্চলিক প্ৰকল্প’ (Mediterranean Regional Project-MRP) বা ‘অৰ্থনৈতিক সহযোগিতা আৰু বিকাশ সংস্থা’ (Organisation for Economic Cooperation and Development-OECD) হিচাপেও জনা যায়। ১৯৬০ চনত নাইজেৰিয়াত Ashby Commission এ উচ্চ আৰু মধ্যস্তৰৰ ভৱিষ্যতৰ ২০ বছৰীয়া জনশক্তিৰ চাহিদা পূৰ্বানুমান কৰিছিল। ১৯৭০ চনত ২০ খন আফ্ৰিকান চৰকাৰে জনশক্তি আৱশ্যকীয়তাৰ গণনা কৰিছিল। তেনেদৰে অনুৰূপ পন্থাৰে দক্ষিণ-পূব এছিয়াটো জনশক্তি পূৰ্বানুমান কৰা হৈছিল। 

১৯৬৫ চনত পেৰুত OECD এ MRP ৰ উদ্ভাৱিত প্ৰণালী তত্ত্ব লেটিন আমেৰিকান ৰাষ্ট্ৰসমূহত প্ৰয়োগ কৰাৰ সম্পর্কত এখন বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছিল। ১৯৬৮ চনত UNESCO এ এই জনশক্তি পূৰ্বানুমান পন্থাক শৈক্ষিক পৰিকল্পনাৰ কাৰ্যকৰী স্তৰতে প্ৰয়োগ কৰিছিল। মুঠ ৯১ খন ৰাষ্ট্ৰৰ ভিতৰত ৭১খনৰে শৈক্ষিক পৰিকল্পনা আছিল আৰু তাৰে ৬০ খন ৰাষ্ট্ৰই শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত ভৱিষ্যত জনশক্তি প্ৰয়োজনীয়তাৰ পূৰ্বানুমান কৰিছিল। ১৯৭০ চনত BLAUG এ মন্তব্য দিছিল এনেদৰে, “The concept of forecasting Manpower requirements is today the leading method throughout the world for integrating educational and economic planning.”।

Q.13. What is manpower planning machinery?

Ans: মানৱশক্তি পৰিকল্পনা কৰা ধৰণ প্ৰণালীকে কৌশল বোলা হয়। ইয়াৰ চাৰিটা কৌশলগত দিশ আছে-

১. সম্পদ বিশ্লেষণৰ কাম।

২. বিভিন্ন ক্ষেত্ৰত দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন সম্পৰ্কে আলোচনা কৰা।

৩. উপযুক্ত দক্ষতাসম্পন্ন ব্যক্তি যোগান ধৰা কাৰ্য।

৪. শিক্ষা, প্ৰশিক্ষণ আদিৰ বিষয়ে প্ৰস্তুত কৰা কাৰ্য।

মানৱশক্তিৰ পৰিকল্পনা আৰু শৈক্ষিক পৰিকল্পনাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। জনসাধাৰণক উপযুক্তভাৱে গঢ় দিবলৈ হ’লে শৈক্ষিক পৰিকল্পনা উপযোগী কৰি তুলিব লাগিব। এখন দেশত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অৰ্হতাপ্ৰাপ্ত লোকৰ প্ৰয়োজন হয়। দেশত কোনবিধ মানৱশক্তিৰ প্ৰয়োজন, মানৱশক্তি ক’ত অত্যধিক পৰিমাণে আছে, এই কথা দেশৰ শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰোতে মন কৰিব লাগিব। অনুন্নত দেশৰ বৈজ্ঞানিক, ইঞ্জিনিয়াৰ, কৃষি বিজ্ঞানী, কাৰিকৰী দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰায়েই নাটনি দেখা যায়। সেয়েহে এনেবিলাক দেশত সমাজৰ প্ৰয়োজন অনুসৰি শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰি মানৱ শক্তি সৃষ্টি কৰিব লাগিব। ভাৰতবৰ্ষৰ দৰে অনুন্নত দেশবিলাকত মানৱশক্তি পৰিকল্পনা আৰু শৈক্ষিক পৰিকল্পনাৰ দিশটো মন কৰিবলগীয়া। ভাৰত এখন কৃষিপ্ৰধান দেশ। কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে জনসাধাৰণক কৃষি বিষয়ক শিক্ষা দিব লাগিব। ঠিক তেনেদৰে যিবিলাক দেশত যি শিক্ষাৰ প্ৰয়োজন সেই শিক্ষা দিবলৈ শৈক্ষিক পৰিকল্পনা কৰিব লাগিব। প্ৰয়োজনভিত্তিক শৈক্ষিক পৰিকল্পনা নকৰিলে টকা-পইচা আৰু মানৱ সম্পদৰ অপচয় হ’ব। গতিকে মানৱশক্তি পৰিকল্পনাৰ ক্ষেত্ৰত তলত দিয়া কথাকেইটাৰ ওপৰত গুৰুত্ব দিব লাগিব-

১. দেশৰ কোন খণ্ডত কোনবিধ দক্ষতাসম্পন্ন লোকৰ নাটনি আছে, তাক বেছি উলিয়াই শৈক্ষিক পৰিকল্পনাৰ যোগেদি তেনেবিলাক মানৱশক্তিৰ সৃষ্টিত গুৰুত্ব দিব লাগে।

২. কোন খণ্ডত দক্ষতাসম্পন্ন লোকৰ যোগান বেছি হৈছে, তাক বিচাৰ কৰা আৰু চাহিদা আৰু যোগানৰ মাজত সমন্বয় ৰক্ষা কৰা।

৩. দেশৰ সৰ্বাংগীণ প্ৰগতিৰ লক্ষ্য ৰাখি পাৰদৰ্শী মানৱ সম্পদৰসৃষ্টি কৰা।

দেশ এখনৰ উন্নতিৰ বাবে মানৱশক্তি পৰিকল্পনাৰ অতি দৰকাৰী। মানৱসম্পদৰ উন্নতি সাধনৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিবলগা হয়। তাৰোপৰি স্বাস্থ্য, সেৱাকাৰ্য আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো ব্যয় কৰিবলগা হয়। বৰ্তমান অৰ্থনীতিবিদসকলে আনবোৰ ক্ষেত্ৰত কৰা ব্যয়তকৈ শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে কৰা ব্যয়ৰ ওপৰত বেছি গুৰুত্ব দিছে।

Q.14. Discuss the relationship between educational planning and Human Resource Development.

Ans: শৈক্ষিক পৰিকল্পনা আৰু মানৱ সম্পদৰ উন্নয়ন বা বিকাশৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক বিৰাজমান। তলত শৈক্ষিক পৰিকল্পনা আৰু মানৱ সম্পদৰ বিকাশ বা উন্নয়নৰ মাজত থকা সম্পৰ্ক নিম্নলিখিত ধৰণৰ-

(ক) শৈক্ষিক পৰিকল্পনাই মানৱ সম্পদৰ বিকাশ কৰাৰ ফলত এখন ৰাষ্ট্ৰৰ নাগৰিকৰ উৎপাদিকা শক্তি বৃদ্ধি হয়।

(খ) শৈক্ষিক পৰিকল্পনাই মানৱ সম্পদৰ বিকাশ কৰিলে পৰিয়ালৰ আকাৰ সীমিতকৰণত সহায়ক হয়।

(গ) শৈক্ষিক পৰিকল্পনাই মানৱ সম্পদৰ উন্নয়ন কৰাৰ ফলত পৰিৱেশৰ উন্নীতকৰণত সহায়ক হয়।

(ঘ) শৈক্ষিক পৰিকল্পনাই মানৱ সম্পদৰ বিকাশ কৰিলে সমাজৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰি সভ্যসমাজ গঢ়ি তোলাৰ উপৰিও গণতান্ত্ৰিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ প্রসাৰণ ঘটোৱাৰ লগতে সামাজিক সুস্থিৰতা ৰক্ষাত সহায় কৰে।

(ঙ) শৈক্ষিক পৰিকল্পনাৰ প্রভাৱত বিকশিত মানৱ সম্পদে সমাজত আইন-শৃংখলা ৰক্ষা কৰি ৰাজনৈতিক সুস্থিৰতা বৰ্তাই ৰখাত সহায় কৰে।

(চ) শৈক্ষিক পৰিকল্পনাই মানৱ সম্পদৰ বিকাশ কৰিলে বস্তুগত মূলধনক উপযুক্ত আৰু কাম্যভাৱে পৰিচালনা আৰু ব্যৱহাৰ কৰিব পাৰিব।

(ছ) শৈক্ষিক পৰিকল্পনাৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ কৰিব পাৰিলে চৰকাৰী, বেচৰকাৰী আদি কৰি সকলো বিভাগতে খালী হৈ থকা সংস্থানসমূহ পূৰণ কৰাত সহায় কৰে।

(জ) শৈক্ষিক পৰিকল্পনাই মানৱ সম্পদৰ বিকাশ কৰাৰ ফলত মানুহৰ প্ৰগতিশীল মনোভাৱ গঢ়ি উঠে।

(ঝ) শৈক্ষিক পৰিকল্পনাত স্বাস্থ্যৰ ক্ষেত্ৰত কৰা বিনিয়োগে মানৱ সম্পদৰ গুণগত মানদণ্ড বৃদ্ধি কৰি উৎপাদিকা শক্তি বৃদ্ধি হোৱাত সহায় কৰে। কিয়নো এনেক্ষেত্ৰত কৰা বিনিয়োগ জনশক্তিৰ যোগান বৃদ্ধি কৰাৰ লগতে গৱেষণাৰ দ্বাৰা চিকিৎসা সম্পৰ্কে জ্ঞান বৃদ্ধি, চিকিৎসা সেৱা উন্নত কৰা আৰু দৰিদ্ৰ শ্ৰেণীলৈ চিকিৎসা তথা স্বাস্থ্য ৰক্ষাৰ সুবিধা প্ৰদান কৰে।

(ঞ) শৈক্ষিক পৰিকল্পনাৰ জৰিয়তে মানৱ সম্পদৰ বিকাশ ঘটাই গ্ৰামাঞ্চললৈ শিক্ষা আৰু প্ৰশিক্ষণৰ সম্প্ৰসাৰণ ঘটাব পাৰি।

সেয়ে উপৰোক্ত আলোচনাৰ পৰা আমি এই কথা সুদৃঢ়ভাৱে ক’ব পাৰো যে শৈক্ষিক পৰিকল্পনা আৰু মানৱ সম্পদৰ উন্নয়নৰ মাজত এক ইতিবাচক সহসম্বন্ধ বিৰাজমান। শৈক্ষিক পৰিকল্পনাৰ অবিহনে আমি মানৱ সম্পদৰ সঠিক উন্নয়ন কৰিব নোৱাৰিম। মানৱ সম্পদৰ আৱশ্যকীয় উন্নতি নহ’লে ৰাষ্ট্ৰৰ আৰ্থসামাজিক, ৰাজনৈতিক আদি দিশত কোনো পৰিৱৰ্তন সাধন নহ’ব। এক কথাত ক’বলৈ গ’লে শৈক্ষিক পৰিকল্পনাই মানুহৰ জ্ঞানমূলক, অনুভূতিমূলক আৰু মনোপেশীয় বা সংক্ৰিয়াত্মক  এই তিনিও দিশৰে আচৰণৰ ৰূপান্তৰ ঘটাই মানৱ সম্পদ তথা মানৱ মূলধনলৈ ৰূপান্তৰ কৰিব পাৰে। শৈক্ষিক পৰিকল্পনাই মানৱ মূলধন বা মানৱ সম্পদৰ গঠনৰ জৰিয়তে এনেদৰেই অৰ্থনৈতিক উন্নয়নকে আদি কৰি সকলো দিশৰে উন্নয়নত সহায় কৰে।

Q.15. Discuss the various types of planning.

Ans: পৰিকল্পনাৰ প্ৰকাৰবোৰ তলত আলোচনা কৰা হ’ল-

(১) দীৰ্ঘম্যাদী শৈক্ষিক পৰিকল্পনা : শৈক্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত সময়ৰ ধাৰণাটোৱে গুৰুত্বপূৰ্ণ স্থান দখল কৰে। পৰিকল্পনাৰ সময়ৰ সম্পৰ্কত বিভিন্ন চিন্তাবিদে বিভিন্ন মত পোষণ কৰিছে আৰু ইয়াৰ সম্পৰ্কে বিভিন্ন চিন্তা-চৰ্চাও কৰা হৈছে। পৰিকল্পনাসমূহ হ্ৰস্বম্যাদী আৰু মধ্যকালীন হিচাপে কৰিব পাৰি। কিন্তু বৰ্তমান সময়ত দীৰ্ঘম্যাদী পৰিকল্পনাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছে।

১৯৭৩ চনত দীৰ্ঘম্যাদী পৰিকল্পনা সম্পৰ্কে ৰাষ্ট্ৰসংঘই এইদৰে প্ৰকাশ কৰিছে, “The lengthening of the temporal perspective of planning is due to the awareness that most economic, social and ecological problems have in fact a long-term dimension.” বেছিভাগ অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশজনিত সমস্যা দীৰ্ঘদিনীয়া, সেয়েহে পৰিকল্পনা সদায় দীৰ্ঘম্যাদী হ’ব লাগে। দীর্ঘম্যাদী পৰিকল্পনা এলানি চুটি পৰিকল্পনাৰ সমষ্টি নহয়। দীৰ্ঘম্যাদী পৰিকল্পনাৰ আলমতহে চুটি পৰিকল্পনাসমূহ কৰিব লাগে। সেয়েহে হ্ৰস্বম্যাদী পৰিকল্পনাৰ যোগেদিহে দীৰ্ঘম্যাদী পৰিকল্পনাই বাস্তৱ ৰূপ লয়। উদাহৰণস্বৰূপে পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহত ধাৰ্য কৰা লক্ষ্যসমূহ পূৰণ কৰিবৰ বাবে বছৰেকীয়া পৰিকল্পনা কৰা হয়।

দীৰ্ঘম্যাদী পৰিকল্পনাৰ গুৰুত্বলৈ লক্ষ্য কৰি শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসনৰ ৰাষ্ট্ৰীয় অনুষ্ঠান বা NIEPA আৰু ROEAP ৰ যুটীয়া সহযোগত দিল্লীত ১৯৮২ চনৰ ১২ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল। ইয়াত বিভিন্ন দেশৰ লোকে পৰিকল্পনাৰ সম্পৰ্কে পেপাৰ পাঠ কৰিছিল । ১১খন দেশৰ ২৭ জন লোকে দীৰ্ঘম্যাদী পৰিকল্পনা সম্পৰ্কে যুক্তি দাঙি ধৰিছিল।

(২) তৃণমূল পৰ্যায়ৰ পৰিকল্পনা : পৰিকল্পনা দুয়োফালৰ পৰা প্ৰস্তুত কৰিব পাৰি- ওপৰৰ পৰা আৰু তলৰ পৰা। ওপৰৰ পৰা প্ৰস্তুত কৰা পৰিকল্পনাক ওপৰৰ পৰিকল্পনা আৰু তলৰ পৰা প্ৰস্তুত কৰা পৰিকল্পনাক তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বোলা হয়। ওপৰৰ পৰা কৰা পৰিকল্পনা ৰাষ্ট্ৰীয় পৰ্যায়ত কৰা হয়। ইয়াৰ পৰিকল্পনা অতি ব্যাপক। এই পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হয়, যি দেশৰ সকলোতে প্ৰয়োজ্য হয়। ইয়াত জাতীয় জীৱনৰ সকলো দিশ সামৰি নাগৰিকসকলৰ ভাৰসাম্যপূৰ্ণ বিকাশৰ বাবে চেষ্টা কৰা হয়। সেয়েহে এই পৰিকল্পনাক সামগ্ৰিক পৰিকল্পনা বুলিও কোৱা হয়।

(৩) আঞ্চলিক বা ক্ষেত্ৰ পৰিকল্পনা : ক্ষেত্ৰ বা আঞ্চলিক পৰিকল্পনা হ’ল কোনো এটা অঞ্চলৰ শিক্ষাৰ বিকাশৰ বাবে কৰা পৰিকল্পনা। ভাৰতবৰ্ষৰ দৰে বৃহৎ দেশ এখনত য’ত অঞ্চলভেদে জলবায়ুৰ প্ৰকৃতি বেলেগ, প্ৰাকৃতিক সম্পদ বেলেগ, সাংস্কৃতিক বৈশিষ্ট্যসমূহ বেলেগ, জীৱন ধাৰণৰ প্ৰকৃতি বেলেগ, তেনে এখন দেশৰ বাবে আঞ্চলিক পৰিকল্পনাৰ আৱশ্যকতা বৰ বেছি। এইক্ষেত্ৰত অৰ্থনীতিবিদ Zweing এ কৈছিল যে যিবোৰ দেশ মাটিমালিৰ ফালৰ পৰা বৃহৎ আকাৰৰ, তেনেবিলাক দেশত আঞ্চলিক বিকেন্দ্ৰীভূত পৰিকল্পনাৰ অতি প্ৰয়োজন।

ক্ষেত্ৰ বা আঞ্চলিক পৰিকল্পনা তৃণমূল পৰ্যায়ৰ পৰিকল্পনাৰ এটা ৰূপ। এই পৰিকল্পনা দুই প্ৰকাৰৰ হ’ব পাৰে। 

(১) ৰাষ্ট্ৰ এখনৰ কোনো এটা অঞ্চলৰ বাবে এটা বেলেগ উন্নয়মূলক আঁচনি তৈয়াৰ কৰা। আৰু 

(২) ৰাষ্ট্ৰীয় পৰিকল্পনাৰ অংশ হিচাপেও আঞ্চলিক বা ক্ষেত্ৰ পৰিকল্পনা কৰিব পাৰি।

(৪) হ্ৰস্বম্যাদী পৰিকল্পনা : কেতিয়াবা কম বা চুটি সময়ৰ ভিতৰত ৰূপায়ণ কৰিবৰ বাবে কিছুমান সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰি পৰিকল্পনা কৰা হয়। তেনে পৰিকল্পনাকে হ্ৰস্বম্যাদী পৰিকল্পনা বোলা হয়। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে সমাজত কম সময়ৰ ভিতৰত বহু পৰিৱৰ্তন সাধিত হৈছে। সেয়ে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিলে অসুবিধাজনক পৰিস্থিতিৰহে সৃষ্টি হ’ব পাৰে। দীৰ্ঘম্যাদী পৰিকল্পনা কৰিলেও চুটি চুটি পৰিকল্পনাৰ আলমতহে দীৰ্ঘম্যাদী পৰিকল্পনাসমূহ সমাপ্ত হ’ব লাগে। সাধাৰণতে বাৰ্ষিক বা দুবছৰীয়া পৰিকল্পনা আলমত লক্ষ্যসমূহ পূৰণ কৰিব পাৰিলে ভাল।

(৫) আনুষ্ঠানিক পৰিকল্পনা : পৰিকল্পনাৰ ক্ষেত্ৰত নতুন পৰিকল্পনাৰ ক্ষেত্ৰত নতুন ভাবধাৰাৰ প্ৰভাৱৰ ফলস্বৰূপেই আনুষ্ঠানিক পৰিকল্পনাৰ সৃষ্টি হৈছে। সাধাৰণতে পৰিকল্পনাসমূহ ওপৰৰ স্তৰৰ পৰা কৰা হয়। কিন্তু আঁচনিসমূহৰ প্ৰয়োগ তলৰ পৰ্যায়তহে হয়। অনুষ্ঠানসমূহে নিজা অনুষ্ঠানটোৰ উন্নতিৰ হকে প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কিছুমান আঁচনি যুগুত কৰে। এই আঁচনিসমূহ হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী হ’ব পাৰে। এনেক্ষেত্ৰত অনুষ্ঠানসমূহে পৰিকল্পনাৰ নতুন কৌশলসমূহৰ যোগেদি গুণগত বিকাশৰ আঁচনি হাতত ল’ব পাৰে। ইয়াত শিক্ষক, ছাত্ৰ আৰু অভিভাৱকসকল জড়িত হৈ পৰে। অনুষ্ঠানৰ মুৰব্বীজনে ইয়াত প্ৰধান ভূমিকা পালন কৰে।

Q.16. Discuss the characteristics and scope of institutional planning.

Ans: আনুষ্ঠানিক পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

১. আনুষ্ঠানিক পৰিকল্পনা প্ৰয়োজনভিত্তিক। অৰ্থাৎ অনুষ্ঠানসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে আঁচনি প্ৰস্তুত কৰা হয়।

২. আনুষ্ঠানিক পৰিকল্পনাত ভৱিষ্যতৰ সম্পদখিনিতকৈ বৰ্তমানে ব্যৱহাৰ হৈ থকা বস্তুগত আৰু মানৱ সম্পদখিনিৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হয়।

৩. আনুষ্ঠানিক পৰিকল্পনা স্থানীয়ভাৱে প্ৰস্তুত কৰা হয়। প্রধান শিক্ষক, সহ শিক্ষক, ছাত্ৰ আৰু অভিভাৱকসকল ইয়াত জড়িত হৈ পৰে।

৪. আনুষ্ঠানিক পৰিকল্পনা ফলাফলকেন্দ্ৰিক (Result oriented)।

৫. প্ৰত্যেক অনুষ্ঠানৰ বৈশিষ্ট্যসমূহ বেলেগ বেলেগ। সেয়েহে পৰিকল্পনাবিলাকো বেলেগ বেলেগ হ’ব পাৰে। সকলো অনুষ্ঠানৰ বাবে এটা পৰিকল্পনা উপযুক্ত নহ’বও পাৰে।

৬. আনুষ্ঠানিক পৰিকল্পনাসমূহত টকাৰ অপচয় হোৱাৰ অৱকাশ নাথাকে।

৭. আনুষ্ঠানিক পৰিকল্পনাসমূহে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখে।

৮. আনুষ্ঠানিক পৰিকল্পনাসমূহ দৃঢ় নহয়, এইবিলাক পৰিৱৰ্তনশীল। 

আনুষ্ঠানিক পৰিকল্পনাৰ পৰিসৰ :

আনুষ্ঠানিক পৰিকল্পনাই শিক্ষানুষ্ঠানৰ সকলো দিশৰে বিকাশ সাধন কৰিবলৈ চেষ্টা কৰে। সেয়েহে আনুষ্ঠানিক পৰিকল্পনাৰ পৰিসৰ তলত দিয়াৰ দৰে বৰ্ণনা কৰিব পাৰি-

১) শিক্ষা বিষয়ক : আনুষ্ঠানিক পৰিকল্পনাৰ এইটো এটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। ইয়াৰ যোগেদি অনুষ্ঠানৰ আঁচনি আৰু পাঠ্যক্ৰমৰ উন্নতি সাধন কৰা হয়। ইয়াৰ তাৎক্ষণিক উদ্দেশ্য হ’ল বিদ্যালয়ৰ ফলাফল ভাল কৰা। তাৰ উপৰি অপচয়, অনুন্নয়ন, উপস্থিতিৰ সংখ্যা বৃদ্ধিৰ ওপৰতো চকু দিয়া হয়।

২) সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলী : আনুষ্ঠানিক পৰিকল্পনাই সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহকো সাঙুৰি লয়। তাৰ ভিতৰত বিদ্যালয়ৰ চৌহদ সুন্দৰ কৰা, শাৰীৰিক শিক্ষা, সাহিত্যৰ উন্নতি ইত্যাদিক সাঙুৰি লোৱা হয়।

৩) পৰ্যাপ্ত পৰিমাণে পোৱা সম্পদসমূহৰ উপযুক্ত ব্যৱস্থা : বহু বিদ্যালয় আছে যিবিলাকত শিক্ষণ সামগ্ৰী আৰু মানৱ সম্পদসমূহৰ ব্যৱহাৰ নোহোৱাকৈ আছে। কিছুমান বিদ্যালয়ত বহুবিলাক দামী আহিলা-পাতি আলমাৰীত আৱদ্ধ হৈ থকাও দেখা যায়। গতিকে পৰিকল্পনাই এই অব্যৱহৃত হৈ থকা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগে।

৪) বিদ্যালয়ৰ সেৱা : বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ হকে বহুধৰণৰ সেৱা আগবঢ়ায়। যেনে- গন্থাগাৰৰ সেৱা, নিৰ্দেশনা সেৱা, ক্লিনিকেল সেৱা, গৱেষণাৰ সেৱা ইত্যাদি। যদি বিদ্যালয়সমূহত এইবিলাক ব্যৱস্থা নাথাকে, তেন্তে তাৰ সুব্যৱস্থা কৰিব লাগে। তাৰ উপৰি খোৱা পানী, স্বাস্থ্য আদিৰো ব্যৱস্থা থাকিব লাগে।

৫) নিয়মানুৱৰ্তিতা : বিদ্যালয়ত নিয়ম-শৃংখলা ৰখাৰ উপায়ো আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে।

৬) শিক্ষণ শিকনৰ আহিলা : শিক্ষণ-শিকনৰ আহিলা বুলিলে শিক্ষকৰ সহায়কাৰী পুথি, প্ৰসংগ, পুথি, লাইব্ৰেৰীৰ মজুত, মেপ, আহিলা-পাতি, কাগজ, বৰ্ড, চকপেঞ্চিল, চাৰ্ট, মডেল, প্ৰজেক্টৰ, টেপ ৰেকৰ্ডাৰ আদিক বুজায়।

৭) শিক্ষকৰ বৃত্তিগত বিকাশ : আনুষ্ঠানিক পৰিকল্পনাত শিক্ষকৰ বৃত্তিমূলক যোগ্যতা আৰু কৰ্মকালীন প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে। তাৰ উপৰি পৰিশীলন পাঠ্যক্ৰম, দিকবিন্যাস, পাঠ্যক্ৰম, সভা-সমিতি আদিৰো ব্যৱস্থা আঁচনিৰ থাকিব লাগে।

৮) পৰীক্ষাৰ ব্যৱস্থা : বিদ্যালয়ৰ শিক্ষণ প্ৰক্ৰিয়াৰ উন্নতিৰ বাবে সাপ্তাহিক, মাহেকীয়া বা ইউনিট পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগে।এইবিলাকো পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top