Educational Administration And Management Unit 2 Educational Leadership

Educational Administration And Management Unit 2 Educational Leadership Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 2 Educational Leadership Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 2 Educational Leadership can be of great value to excel in the examination.

Educational Administration And Management Unit 2 Educational Leadership

Join Telegram channel

Educational Administration And Management Unit 2 Educational Leadership Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 2 Educational Leadership provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Educational Leadership

EDUCATION

EDUCATIONAL ADMINISTRATION AND MANAGEMENT

শৈক্ষিক প্ৰশাসন আৰু ব্যৱস্থাপনা

Very Short Questions Answer

1. Recommended practice suggests that which of the following should be involved in the decision making process concerning curriculum?

I. Curriculum experts 

II. Boards of education

III. Professional staff

IV. Parents and students

(A) I and III only

(B) II and III only

(C) III and IV only

(D) II, III, and IV only

(E) I, II, III, and IV

Ans: (E) I, II, III, and IV.

2. Which of the following is the most crucial question to consider in using community resources in the classroom?

(A) Can the resources be used by several groups at the same time?

(B) Have such resources been overused?

(C) Do the resources meet the needs of the program?

(D) Would the use of these resources be controversial?

(E) What time limits have been established for the use of the resources?

Ans: (C) Do the resources meet the needs of the program?

3. The role of a school psychologist would ordinarily NOT include which of the following?

(A) Assisting teachers and administrators to develop greater understanding of the needs and behaviours of students.

(B) Determining by observation and assessment the procedures that best help students to learn.

(C) Assisting faculty in developing procedures for referring students to the school psychologist.

(D) Assisting teachers by giving demonstration lessons to troublesome groups of students.

(E) Consulting with faculty and administrators on ways to improve learning conditions in the school.

Ans: (D) Assisting teachers by giving demonstration lessons to troublesome groups of students.

4. The leader can be most con? Dent that a group is functioning well them.

(A) Most participants are enjoying the task.

(B) Interpersonal and organisational con? Icts do not occur.

(C) The reward system is more than adequate.

(D) The participants are interacting with each other on an open basis.

(E) The leader and the participants are friendly toward each other.

Ans: (D) The participants are interacting with each other on an open basis.

5. Of the following, the best argument for the inclusion of students in special education programs in activities with general education students is the probability that the special education students will.

(A) Have less need for specialised services in the school they attend.

(B) Learn more in the cognitive and psychomotor domains.

(C) Become more competitive with their peers.

(D) Receive more individualised attention for the special nature of their disabling condition.

(E) Be provided with the least restrictive environment.

Ans: (E) Be provided with the least restrictive environment.

6. The teaching techniques or methods that are generally considered to have the most direct impact on affective feelings are.

(A) Discussion and dialogue. 

(B) Recitation and independent study.

(C) Role playing and simulation.

(D) Questioning and observation

(E) Lecturing and demonstration.

Ans: (C) Role playing and simulation.

7. A group of teachers cooperatively plan the best learning situation for a particular student, discuss the plan with the student, and have the student sign the written plan. Which of the following best describes this process?

(A) Individualising unit teaching.

(B) The contract method.

(C) Unit teaching with group instruction.

(D) Programmed instruction.

(E) Team teaching, individualised instruction with the contract method.

Ans: (E) Team teaching, individualised instruction with the contract method.

8. The United States Supreme Court has justi ? Ed the use of public tax money to support the transportation of parochial school children on the basis of the.

(A) Child benefit theory.

(B) Fourteenth Amendment of the Constitution.

(C) First Amendment of the Constitution.

(D) Right to due process of law.

(E) Right of parents to determine the education of their own children.

Ans: (A) Child benefit theory.

9. PL 100-297 School Improvement Act (Hawkins-Stafford ESEAAmendments) was prima rily designed to.

(A) Improve local school systems generally.

(B) Provide services for special education students.

(C) Offer a diverse range of experiences in public schools to persons with varying talents and needs.

(D) Aid public schools in securing new curriculum materials.

(E) Help local school districts expand and improve programs to meet the needs of educationally disadvantaged children.

Ans: (E) Help local school districts expand and improve programs to meet the needs of educationally disadvantaged children.

10. The primary role of the supervising or cooperating teacher in the education of the student teacher is most appropriately described as.

(A) Setting a good example for the student teacher to follow.

(B) Helping the student teacher develop effective ways of teaching.

(C) Determining the educational philosophy to be implemented by the student teacher.

(D) Providing the student teacher with information on classroom management techniques.

(E) Facilitating the proper placement of the student teacher in his or her initial position.

Ans: (B) Helping the student teacher develop effective ways of teaching.

(১) পৰিচালনাৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ (ক) মুখ্য উদ্দেশ্য, লক্ষ্য আৰু ফলাফলৰ নিশ্চিত কৰা।

(খ) নীতি আৰু প্ৰক্ৰিয়া ঠিৰাং কৰা।

(গ) আকাৰৰ আৰু আলম্বন প্ৰক্ৰিয়াৰ ৰূপ দিয়া।

(ঘ) কাৰ্যক্ৰম বা সময়সীমাত সন্মতি প্ৰদান।

(ঙ) সমলসমূহৰ শ্ৰেণীবদ্ধভাৱে।

(চ) সংগঠন পৰিকল্পনা কৰা।

(ছ) প্ৰভুত্ব আৰু সীমাৰ নিৰ্দিষ্ট পৰ্যায় ঠিৰাং কৰা।

(জ) জ্ঞান আৰু সমাচাৰৰ পৰিচালনা।

(২) নেতৃত্বৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ (ক) আশা, পৰিকল্পনাৰ সম্বন্ধে সঞ্চাৰিত কৰা।

(খ) প্ৰশংসাপূর্ণ মূল্যবোৰক সমৰ্থন কৰা।

(গ) সুস্থ বাতাবৰণৰ সৃষ্টি কৰা।

(ঘ) আশা আৰু আশংক্ষাক পূৰ্ণ ৰূপ দিয়া।

(ঙ) মানুহবোৰক সম্পূৰ্ণ ৰূপে সংযোজন কৰা।

(চ) সম্পূৰ্ণ সাফল্যপূর্ণ নীতি প্ৰস্তুত কৰা।

(ছ) প্ৰতিভাৰ চিনাক্তকৰণ, উন্নয়ণ আৰু ব্যৱহাৰ।

(৩) নিৰ্দেশনাত্মক কাৰ্যকলাপ কি? বুজাই লিখা?

উত্তৰঃ প্ৰধান শিক্ষক/শিক্ষয়িত্ৰীগৰাকীক সকলোৱে শৈক্ষিক বিষয়ৰ পাৰদৰ্শী উৎস হিচাবে প্ৰতিপন্ন কৰে। তেওঁলোকৰ সকলোবোৰ কাৰ্যই শিক্ষণ শিকনৰ পৰিচালনা কৰাৰ গণতান্ত্ৰিক ক্ষেত্ৰত পোনপটীয়াকৈ জড়িত থাকে। বিদ্যালয়খনৰ শিক্ষকসকলক আৰু অংশগ্ৰহণকাৰী হিচাবে গঢ়ি তুলিবলৈ তেওঁলোকৰ শিক্ষণ কাৰ্য শক্তিশালী কৰি তুলিব লাগিব। এনে ধৰণৰকৈ প্ৰস্তুত কৰি শিক্ষক সমাজক বিদ্যালয় আৰু সমাজখনৰ পৰিচালনাৰ ক্ষেত্ৰত, যেনে পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰৰমিক কাৰ্যকলাপ, বাজেট সম্বন্ধীয় কাৰ্যকলাপ আদিতো সহায় কৰিব পৰা হয়।

বিদ্যালয় এখনৰ সম্পূৰ্ণ বিকাশৰ ক্ষেত্ৰত প্ৰধান শিক্ষকজনেই সকলোবোৰ সমস্যা সমাধান বা কাৰ্যকলাপ কৰিব লাগিব এনে নহয়। যিসকল শিক্ষকক যোগ্যতা সম্পন্ন কৰি গঢ়ি তুলিছে তেওঁলোককো নেতৃত্বভাৰ ল’বলৈ দিব লাগে। বিদ্যালয়ৰ নেতৃত্ব সকলোৱে মিলি বহন কৰা উচিত।

(৪) ৰূপান্তৰমূলক কাৰ্যকলাপ কি? বুজাই লিখা?

উত্তৰঃ ৰূপান্তৰমূলক কাৰ্যকলাপ সালসলনিৰ ক্ষেত্ৰত প্ৰযোজ্য সেয়েহে এই ক্ষেত্ৰত শিক্ষকসকলে বহুতো সালসলনিযুক্ত কাৰ্যকলাপ হাতত ল’ব বুলি কল্পনা কৰা হয়। শিক্ষকসকলে বিদ্যালয়ৰ পৰিসৰত আৰু সমাজৰ সদস্যসকলে একেলগ হৈ বিদ্যালয়ৰ লগতে সমাজখনৰ উন্নয়নৰ হকে কার্যপন্থা হাতত লয়।

কি কি কাৰকৰ দ্বাৰা এই সলনিবোৰ ঘটাব পাৰি? Leithwood, et. al (1999) তলৰ কাৰকবোৰ উল্লেখ কৰিছে।

– আনক উৎসাহিত কৰিব পৰা ক্ষমতা।

–  আনক আগ্ৰহাম্বিত কৰিব পৰা ক্ষমতা।

– নিজৰ ইচ্ছাৰ উপৰিও আনৰ ইচ্ছাৰ হকে কাম কৰিব পৰা ক্ষমতা।

– বিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত অন্যলোকৰ পৰামৰ্শ গ্ৰহণৰ ক্ষমতা। 

নেত্ৰী হিচাপে শিক্ষকজনৰ উপৰোক্ত গুণসমূহ থকা দৰকাৰ যাতে তেওঁ তেওঁৰ সহকৰ্মী আৰু সমাজখনৰ সদস্যৰ সহায়ত বিদ্যালয় আৰু সমাজখনৰ ৰূপান্তৰৰ ক্ষেত্ৰত কাৰ্যকলাপ হাতত ল’ব পাৰে।

(৫) নীতিবাচক কাৰ্যকলাপ কি? বুজাই লিখা?

উত্তৰঃ মূল্যবোধৰ সমবিতৰণ এই কাৰ্যকলাপৰ মূল কথা। নেত্ৰী শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ বংশ বা সামৰ্থ্য নিৰ্বিশেষে আৰু সহকৰ্মীসকলকো কাৰ্যক্ষেত্ৰত সমভাবে ব্যৱহাৰ কৰে। নেত্ৰী শিক্ষকজন আচৰণৰ ক্ষেত্ৰত সকলোৰে বাবে চানেকি হয়। তেওঁৰ আচৰণে বিদ্যালয়ৰ পৰিসৰ আৰু সমাজৰ সদস্যসকলৰ মাজত বাঞ্চনীয় ফলাফল দিয়ে। এনে শিক্ষকে ষ্টাফৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাৰ মাজত অনুকৰণীয় দৃষ্টান্ত ডাঙি ধৰে আৰু তেওঁলোক বিদ্যালয়ৰ পদবী অনুক্ৰমে কাম সমাধা কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু দায়িত্ববোধ জগাই তোলে। তেওঁলোকে তেওঁলোকৰ লগত কাম কৰা সকলোকে, যেনে- পৰিচালনাৰ সদস্য, সমাজৰ সদস্য বা অভ্যাগত সকলোকে অনুপ্ৰাণিত কৰে।

(৬) নেতৃত্ব প্রকাৰসমূহ কি কি?

উত্তৰঃ নেতৃত্বৰ প্ৰকাৰে ৰাইজক পৰিকল্পনা কাৰ্যাম্ফিত কৰিবলৈ আৰু প্ৰেৰণা দিবলৈ কিদৰে পৰিচালনা কৰিব তাৰ সংকেট দিয়ে। সহজভাষাত ই নেতাজনৰ কাৰ্য আচৰণৰ আভাস দিয়ে। নেতৃত্বৰ প্ৰকাৰ সাধাৰণতে চাৰিবিধ :

(1) নিৰংকুশ।

(2) অবদন্ধ নীতি।

(3) আৰামতলব। 

(4) গণতান্ত্ৰিক নেতৃত্ব।

(৭) অংশগ্ৰহণকাৰী কাৰ্যকলাপ কি? বুজাই লিখা?

উত্তৰঃ সমাজখন সহযোগী হিচাবে প্ৰস্তুত কৰা প্ৰচেষ্টাই শিক্ষকজনৰ অৰ্হতা উন্নয়ন ঘটাত সহায়ক হয়। বিদ্যালয় সমাজৰ সদস্যৰ সহযোগত সমাজখনৰ শিকনৰ উন্নয়ন ঘটোৱা নেত্ৰী শিক্ষক এক প্ৰধান কৰ্তব্য। শিক্ষক জ্ঞান সমাজখনৰ শুধৰণিৰ মূল হোতা হিচাবে প্ৰদৰ্শন কৰিব পৰা যায়। নেত্ৰী শিক্ষক/শিক্ষয়িত্ৰী এগৰাকীয়ে তেওঁৰ সহশিক্ষক বা সমাজৰ সদস্যসকলক তেওঁলোকৰ দায়িত্ব সম্বন্ধে জ্ঞান দানৰ ক্ষেত্ৰত বিশিষ্ট অৰ্হতা সম্পন্ন ব্যক্তিক সঠিক অৰ্হতাৰ দায়িত্ব প্ৰদানেৰে তেওঁলোক আগুৱাই লৈ যায়।

(৮) নিৰ্ভৰশীলতামূলক কাৰ্যকলাপ কি?

উত্তৰঃ সমাজৰ আৰ্থিক পৰিবৰ্তন আৰু এই ক্ষেত্ৰত লোৱা নীতি নিৰ্ধাৰণৰ পৰিবৰ্তনৰ লগে লগে বিদ্যালয়ৰ কামকাজ আৰু ভূমিকা অবিৰতভাৱে সলনি হৈ গৈ থাকে। এনে ক্ষেত্ৰত শিক্ষকজনে অৱকাশ, বিৰাম আৰু কাৰ্য সম্পাদনা অতি কম সময়ৰ ভিতৰতে সমাধা কৰিবলগীয়া হয়। প্রয়োজনীয় দায়িত্ববোৰ যেনে- শ্ৰেণীকোঠাৰ কামবোৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনৰ মানদণ্ড উন্নয়নকৰণ আৰু শৈক্ষিক উত্থান, বিদ্যালয়ৰ সমস্যা আৰু কাৰিকৰী সংবাদ, শিকন প্ৰক্ৰিয়াৰ পৰিচালনা প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ তাক বিদ্যালয় পৰিসৰতে সমাধা কৰা, অভিভাৱক আৰু বিদ্যালয়ৰ কাষৰ সমাজৰ ব্যক্তিসকলৰ লগত অৰ্থপূৰ্ণ ব্যক্তিগত সম্পর্ক গঠন ইত্যাদি নেত্ৰী শিক্ষকজনক নতুন নতুন ধাৰণা আহৰণ কৰা আৰু কাম সমাধা কৰাত অনুকূল পৰিৱেশৰ সৃষ্টি কৰাই নেতা শিক্ষকগৰাকীয়ে শিক্ষক সমাজে ল’ব লগা প্ৰত্যাহ্বানমূলক কাম কাজ বা আশা আকাংক্ষাবোৰ বিশিষ্টভাৱে চিহ্নিত কৰি তাৰ ওপৰত কাৰ্যকলাপ কৰি যাব লাগে।

(৯) নেতৃত্ব বুলিলে কি বুজা? নেতৃত্বৰ গ্ৰহণযোগ্য সংজ্ঞা দাঙি ধৰা?

উত্তৰঃ জীৱনৰ বিভিন্ন দিশৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত নেতৃত্ববোধৰ বিশেষ ভূমিকা আছে বুলি সৰ্বজন বিদিত। যেতিয়াই আমি নেতৃত্বক কথা কওঁ, লগে লগে আমাৰ মনত মহাত্মা গান্ধী, নেতাজী সুভাষ বসু, ড° সর্বপল্লী ৰাধাকৃষ্ণণ, আবৱাহাম লিংকন আৰু নেলচন মেণ্ডেলা আদি মহান লোকসকলৰ নেতৃত্বৰ কথা মনত পৰে। যদি আপুনি এইসকলৰ কি কি সাদৃশ্য আছে তাক বিচাৰ কৰি চাই তেতিয়া এটাই উত্তৰ পাব ‘ভাল নেতৃত্ববান’ বুলি। তেন্তে সংক্ষেপে নেতৃত্ববান মানে কিনো?

Warren Bennis (১৯৭৫)ৰ মতে নেতৃত্ব প্ৰদান মানে সেই কামটো য’ত আপুনি নিজকে নিজে ভালকৈ জানিবলৈ দূৰদৰ্শী পৰিকল্পনাটো সুন্দৰকৈ সহজভাৱেৰে সকলোকে বুজাব পৰিছে, সহকর্মীসকলৰ সৈতে সবল বিশ্বাস গঢ়ি তুলিছে আৰু পৰিকল্পনা সাৰ্থক কৰিব পৰাকৈ সফল কাৰ্যপ্ৰণালী ল’ব পাৰিছে আদি। আপোনাৰ অন্তৰ্নিহিত নেতৃত্ব সম্বন্ধে সকলোকে অৱগত কৰিব পাৰিছে।’

নেতৃত্ববোধৰ অন্য গভীৰ সূত্ৰও Alen Keith কৈছে যে ‘নেতৃত্ববোধে এটা সৰ্বশ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰে যাৰ জৰিয়তে মানুহে এটা অসাধাৰণ কাৰ্য সপল ৰূপায়ণ কৰিব পৰাকৈ উদ্বুদ্ধ কৰিব পাৰে।’

আধুনিক সময়ত (২০০৩) নেতৃত্ব মানে হৈছে ‘নেত্ৰী আৰু সহকৰ্মীসকলৰ মাজত এক সক্ৰিয় সম্পৰ্ক আৰু বুজাবুজি প্ৰতিষ্ঠা কৰি সৰ্বজনীন মহৎ উদ্দেশ্যৰ হেতু এক উচ্চ পৰ্যায়ৰ প্ৰেৰণা আৰু মনোবল কাৰ্যকর্তাসকলৰ মাজত সংচাৰ কৰি এনে এক কাৰ্যপন্থা হাতত ল’বলৈ সিদ্ধান্ত কৰাব পাৰে। যিয়ে তেওঁলোকে বিচৰা পৰিবৰ্তন সঁচাসচিকৈ ৰূপায়ণ কৰাব পাৰে। এই সূত্ৰৰ পৰা নেতৃত্বৰ মুখ্য চাৰিটা দিশ উন্মোচিত হয়। সেইবোৰ ক্ৰমে : সহসম্পৰ্ক, বুজাবুজিৰ প্ৰভাৱ, সৰ্বজনীন উদ্দেশ্য, সহকৰ্মী। ইয়াত,

– সহসম্পৰ্ক মানে নেতৃত্ব আৰু সহকৰ্মীৰ মাজত থকা ওচৰ সম্পৰ্ক।

– বুজাবুজিৰ প্ৰভাৱ হৈছে নেত্ৰীবৰ্গণই সংচাৰিত কৰা উদ্দেশ্যৰ প্ৰভাৱ যিটোৱে সহকৰ্মী বা ৰাইজক প্ৰভাৱ-বিস্তাৰ কৰে।

(১০) নেতৃত্ব আৰু পৰিচালনাৰ সম্পৰ্ক বিচাৰ কৰা? Discuss the relationship between educational leadership and Educational Management.

উত্তৰঃ নেতৃত্ব সম্বন্ধে জ্ঞাত হোৱাৰ লগে লগে নেতৃত্ব আৰু পৰিচালনাৰ মাজত এটাৰ আনটোৰ সৈতে থকা পাৰ্থক্যসমূহ জানি লোৱাটো একান্তই প্রয়োজনীয়। বিদ্যালয় পৰিৱেশত পৰিচালনা আৰু নেতৃত্ব দুয়ো একেলগে কাৰ্য কৰা যেন লাগে। অৱশ্যে ব্যৱহাৰিক দিশৰ পৰা যদি দুয়োটাৰে কামৰ পাৰ্থক্য বিচাৰিবলৈ যাও তেন্তে নিশ্চয়কৈ দুয়োটা এটা অবিচ্ছিন্ন কাৰ্যকৰী প্ৰণালীৰ ইমূৰ-সিমূৰ। প্ৰকৃতিকভাৱে আৰু অত্যাৱশ্যকীয়ভাৱে দুয়ো দুয়োটাৰ পূৰক হিচাবে অৱস্থিতি কৰে। তলত দুয়োটাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ’ল-

পৰিকল্পনা, সাংগঠনিক কাৰ্য, সঞ্চালন আৰু শাসন আদিৰ বাবে লোৱা কাৰ্যকলাপবোৰ যিবোৰে বিদ্যালয়কনৰ মুখ্য উদ্দেশ্যবোৰ প্ৰতিষ্ঠাপিত আৰু উপনীত হোৱাত সহায় কৰে সেইসকলোবোৰে পৰিচালনাৰে অন্তৰ্ভুক্ত হয়। এই আটাইবোৰ বিদ্যালয়ৰ মুখ্য উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত লোৱা কাৰ্যপ্ৰণালীক মুখ্য কেন্দ্ৰ হিচাবে লৈ আগবাঢ়ে আৰু কাৰ্যপ্ৰণালীবোৰৰ মাজত সঠিক সমতা ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদাহৰণস্বৰূপে বিদ্যালয়ৰ প্ৰধান শিক্ষক যাৰ হাতত পৰিচালনাৰ প্ৰধান দায়িত্ব থাকে আৰু তেওঁ সেই কাৰ্যসমূহ অন্য শিক্ষকসকলৰ গুণবত্তা অনুযায়ী বিলাই দি কাৰ্যসমাধা কৰাৰ ক্ষেত্ৰত আগবাঢ়ে। অৰ্থাৎ নিৰ্দেশনা বা দায়িত্ব পূৰ্ণতা তেওঁৰ কামৰ এটা অবিচ্ছেদ্য অংগ।

ইয়াৰ বিপৰীতে নেতৃত্বই বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষকবৃন্দৰ মাজত হোৱা কাৰ্যকলাপবোৰকে বুজাই যিবোৰে বিদ্যালয় পৰিসৰৰ সমাজখনৰ মাজতে আবদ্ধ থাকি শিক্ষকসকলে লোৱা আটাইতকৈ উচ্চখাপৰ নেতৃত্ববোধৰ কাৰ্যপন্থাসমূহ নিশ্চিত কৰে। যেতিয়া পৰিচালক হিচাবে তেওঁলোকে পৰিকল্পনা, সাংগঠনিক আৰু নিৰ্দেশনামূলক কাৰ্য হাতত লয়, তেতিয়া নেত্ৰী হিচাবে কাৰ্যসমূহৰ প্ৰয়োজনীয় সলনিৰ ক্ষেত্ৰত উৎসাহ, প্ৰেৰণা, প্ৰভাৱ পেলাব পৰা কাৰ্যকলাপৰ সহায় লৈ কামত আগবাঢ়ে।

J.P. Kotter (১৯৯২) এ পৰিচালনা আৰু নেতৃত্বৰ মাজত সামঞ্জস্যতা ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। সংক্ষিপ্ত আকাৰত পৰিচালনা আৰু নেতৃত্বৰ আদৰ্শবান ফলাফলবোৰ দৃষ্টিগোচৰ কৰিবলৈ তেওঁ এটা নমুনা প্ৰস্তুত কৰিছিল।

শক্তিশালী পৰিচালনা আৰু শক্তিশালী নেতৃত্ব

শক্তিশালী পৰিচালনা আৰু দুৰ্বল নেতৃত্ব।

শক্তিশালী পৰিচালনা আৰু দুৰ্বল পৰিচালনা।

দুৰ্বল পৰিচালনা আৰু দুৰ্বল নেতৃত্ব।

উপযুক্ত সংগঠন বা প্ৰেৰণাপূৰ্ণ আৰু সফল দল

শক্তিশালী শাসনপূৰ্ণ যদিও অতি কম উৎসাহপূৰ্ণ।

উদ্যোগী আৰু প্ৰেৰণাপূৰ্ণ কিন্তু সাংগঠনিক দিশটো দুৰ্বল।

অসফল, নিষ্প্ৰাণ আৰু কেতিয়াবা নৰকাত্মক কাৰ্য পৰিৱেশ।

‘আগভাগ’ লোৱাৰ পৰা ‘পৰিচালকলৈ’ সলনি হোৱাটো এটা এজন অনুভৱী আৰু সমৰ্থবান শিক্ষক নেতৃত্বৰ এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু ইয়ে এজন সম্পূৰ্ণ পেশাদাৰী প্ৰধান শিক্ষক বা প্ৰিন্সিপাল হিচাবে কাৰ্যৰত হোৱাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাবলৈ সক্ষম হয়।

Williams (২০০৮)এ পৰিচালনা নেতৃত্বক প্ৰক্ৰিয়া দুটা এক অবিচ্ছেদ্য অংশ আৰু এটা আনটোৰ পৰিপূৰ্ণ আৰু ওপৰা-ওপৰি প্ৰকৃতিৰ বুলি প্ৰদৰ্শন কৰে। তলৰ চিত্ৰ “পৰিচালনা আৰু আগভাগ লোৱা কাৰ্যকলাপৰ ক্ষেত্ৰত পৰিপূৰক কাৰ্যকলাপৰ ভেদ আৰু প্ৰধান চাৰিত্ৰিক ভূমিকাৰ পাৰ্থক্যগত কাৰ্যবোৰ চিহ্নিত কৰি দেখুওৱা হৈছে।

মনহাৰ্ট
পৰিচালনাআগভাগ লোৱা
সংযমপ্ৰেৰণা
সমন্বয়সংঘটন
গণনা জুনুন বা উৎসাহ
পৰিকল্পনা বা নিদেৰ্শনাগতিক্ৰম আৰু দিশ
সাধনসমূহৰ পৰিচালনাপ্ৰতিভাসম্পন্ন কৰি তোলা

পৰিচালনা আৰু নেতৃত্বৰ পৰিপূৰ্ণ দিশবোৰৰ প্ৰকাৰ আৰু কাৰ্যকলাপবোৰ যদি আমি ওপৰত দিয়া অবিচ্ছেদ্যতা চিত্ৰখনৰ দুয়োটা দিশৰ পৃথক চৰিত্ৰসমূহ বহলাই লিখো তেন্তে তলত দিয়া দৰে চিত্ৰ এখন পাম-

পৰিচালনা

(ক) মুখ্য উদ্দেশ্য, লক্ষ্য আৰু ফলাফলৰ নিশ্চিত কৰা।

(খ) নীতি আৰু প্ৰক্ৰিয়া ঠিৰাং কৰা।

(গ) আকাৰৰ আৰু আলম্বন প্ৰক্ৰিয়াৰ ৰূপ দিয়া।

(ঘ) কাৰ্যক্ৰম বা সময়সীমাত সন্মতি প্ৰদান।

(ঙ) সমলসমূহৰ শ্ৰেণীবদ্ধভাৱে।

(চ) সংগঠন পৰিকল্পনা কৰা।

(ছ) প্ৰভুত্ব আৰু সীমাৰ নিৰ্দিষ্ট পৰ্যায় ঠিৰাং কৰা।

(জ) জ্ঞান আৰু সমাচাৰৰ পৰিচালনা।

নেতৃত্ব

(ক) আশা, পৰিকল্পনাৰ সম্বন্ধে সঞ্চাৰিত কৰা।

(খ) প্ৰশংসাপূৰ্ণ মূল্যবোৰক সমৰ্থন কৰা।

(গ) সুস্থ বাতাবৰণৰ সৃষ্টি কৰা।

(ঘ) আশা আৰু আকাংক্ষাক পূৰ্ণ ৰূপ দিয়া।

(ঙ) মানুহবোৰক সম্পূৰ্ণ ৰূপে সংযোজন কৰা।

(চ) সম্পূৰ্ণ সাফল্যপূৰ্ণ নীতি প্ৰস্তুত কৰা।

(ছ) প্ৰতিভাৰ চিনাক্তকৰণ, উন্নয়ণ আৰু ব্যৱহাৰ।

J. P. Kotter(১৯৯২)ৰ মতে ‘পৰিচালনা অত্যাৱশ্যকীয় কিন্তু নেতৃত্ব অনিবাৰ্য’ পৰিচালকসকল কেতিয়াবা নেতৃত্ব প্ৰদানত অকৃতকাৰ্য হয় কাৰণ তেওঁলোকে-

– কাৰিকৰী বা বাণিজ্যিক হিচাবে যিমান পাৰ্গত ভাবনাৰ ক্ষেত্ৰত সিমান পাৰ্গত নহয়।

– সমাজৰ ব্যক্তিসকলৰ মাজৰ সৃজনাত্মক সম্বন্ধ স্থাপনত অপাৰগ।

– সমাজৰ ব্যক্তিসকলৰ হাৰ্ট, মনোভাব আৰু শক্তি উচিতভাৱে কামত নলগায় আৰু তেওঁলোকৰ আভ্যন্তৰীণ প্ৰয়োজন আৰু প্ৰসংগসমূহৰ বিষয়ে নিচেই কম অবগত হয়।

– তেওঁলোকৰ মাজত থকা নিজস্বতাখিনি পৰিচালনা কৰাত ব্যৰ্থ হয় যাৰ ফলত সেই সমাজখনৰ মুখ্য উদ্দেশ্যত উপনীত হোৱাত আৰু তাৰ বাবে লোৱা কাৰ্যকলাপবোৰৰ বহুতো নহ’বলগীয়া ঘটনা ঘটে আৰু ৰাজনৈতিক বিবাদাস্পদ বিষয়ৰ উদ্ভাবন হৈ সমাজখন দূষিত হৈ পৰে।

– তেওঁলোকে আশা কৰাৰ দৰে প্রয়োজনীয় মানুহ বসবাস আৰু প্ৰতিষ্ঠাপিত কৰোৱাত ব্যৰ্থ হয়। Oliver Goldsmithe Gracy সেয়েহে কৈছে ‘আপুনি আপোনাৰ জীৱনৰ আদৰৰ্শেৰেহে এটা শুদ্ধ উপদেশ মানুহৰ মাজত বিয়পাব পাৰে কেৱল মাত্ৰ জিভাৰে সেই কাম সিমান শুদ্ধৰূপে বিয়পাব নোৱাৰে। গতিকে এতিয়া আপুনি পৰিচালনা আৰু নেতৃত্বৰ মাজত মুখ্য ব্যৱধানবোৰ নিশ্চয় বিচাৰি পালে। আপোনাৰ নিজেই গাতে লাগি থকা সহকর্মী, কাৰ্যাৱস্থা, ছাত্ৰ-ছাত্ৰী আৰু সমাজখনে নেতা এজনক এই কাৰণে অনুসৰণ কৰে কিয়নো তেওঁলোকে সেই কামখিনি মনে প্ৰাণে বিচাৰে এই কাৰণে নহয় যে তেওঁলোকে সেই কাম কৰিবলৈ বাধ্য। নেত্ৰী হিচাবে শিক্ষক এজনৰ আনুষ্ঠানিকভাৱে সমাজখনৰ নেতৃত্ব দিবলৈ কোনো অধিকাৰ নাই কিন্তু সমাজখনে শিক্ষক/শিক্ষয়িত্ৰীগৰাকীয়ে কৰা নিবেদন মৰ্মে আজ্ঞা পালন কৰিবলৈ তেওঁক অধিকাৰ দি গৈছে। সেয়েহে নেতৃত্ব এটা অতি মহত্বপূৰ্ণ সামাজিক মনোবৈজ্ঞানিক অনুষ্ঠান।

(১১) নিৰংকুশ নেতৃত্ব বিষয়ে আলোচনা কৰা?

উত্তৰঃ নিৰংকুশ নেতৃত্ব বুলিলে কি বুজা তাক আলোচনা কৰাৰ আগতে এটা উদাহৰণৰ দ্বাৰা এই ব্যৱস্থাই কি কি কথাৰ পৃষ্ঠপোষকতা কৰে তাক আলোচনা কৰা যাওঁক-

সহৰাচৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, ছাত্ৰ-ছাত্ৰীসকল আৰু সমাজৰ লোকসকলে ভাল কাম কৰিবই লাগিব বুলি ধৰি লোৱা হয়।কিন্তু কঠোৰ নিৰ্দেশনা আৰু আদেশ নহ’লে তেওঁলোকে প্ৰায়ে তেওঁলোকৰ দায়িত্বসমূহ সুচাৰংৰূপে পালন কৰাৰ পৰা বিৰত থাকে। সেয়েহে বিদ্যালয়খনত প্ৰধান শিক্ষক, ক্লাষ্টাৰ, সমল ব্যক্তি, জিলা শিক্ষা বিষয়া আৰু শিক্ষা বিভাগৰ অন্যান্য প্ৰশাসনিক বিষয়াৰ দৰকাৰ হয় যিসকলে বলপূৰ্বকভাৱে নিৰ্দেশনাৰ যোগে তেওঁলোকৰ দায়িত্বসমূহ সোঁৱৰাই দি থাকি কাৰ্যৰত কৰাব পাৰে। এই নেতৃত্ববোধ সম্বন্ধীয় লোকজনে নিজকে সংচালন কৰ্তা হিচাবে ধৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰটো শৈক্ষিক প্ৰশাসনিক বিষয়া, শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ ওপৰত সঞ্চালকগৰাকীয়ে তেওঁৰ অনুশাসন প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। নেত্ৰী শিক্ষক আৰু শিক্ষাৰ প্ৰশাসনিক বিষয়াসকলে ক্ষমাবিহীন ভাৱে আৰু মুক্তভাৱে সত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁলোকৰ অনুশাসন নিশ্চয়কৈ প্ৰয়োগ কৰাটো প্ৰয়োজনীয়। সহকাৰীসকলে বুজা উচিত যে যদিহে তেওঁলোকে নেতৃত্ব অনুসাৰে কাম কৰে তেন্তে তাৰ বিনিময়ত তেওঁলোক পুৰস্কৃতও হ’ব আৰু বিপৰীত পৰিস্থিতিত কষ্ট বা শান্তিৰো বিধান আছে।

উক্ত উদাহৰণটোৰ পৰা নিৰংকুশ নেতৃত্ব সম্বন্ধে তলত দিয়া ধৰণেৰে ধাৰণা ল’ব পাৰো আৰু তাৰ মুখ্য চৰিত্ৰসমূহ অংকিত কৰিব পাৰো।-

নিৰংকুশ নেতৃত্ব হ’ল নেতা বা একাধিপতিজনে সকলোবোৰ সমস্যা সমাধানৰ দায়িত্ব নিজৰ মাজতে বলপূৰ্বকভাৱে সীমাবদ্ধ কৰি ৰাখে। নেতাজনে তেওঁৰ তলতীয়া কর্মকর্তাসকলৰ কোনো ধৰণৰ উদ্ভাৱনীমূলক কামৰ আগভাগ ল’বলৈ নিদিয়ে। এনেধৰণৰ নেতাসকলে তেওঁলোকৰ কৰ্মচাৰীসকলক তেওঁ কি কৰাটো বিচাৰে, কেনেকৈ কৰাটো বিচাৰে তাকেহে কয় তেওঁলোকৰ উপদেশক কোনো গুৰুত্ব নিদিয়ে তেওঁলোক কঠোৰ অনুশাসন প্রিয় প্ৰশংসাই ছাত্ৰ-ছাত্ৰীৰ স্বভাৱ নষ্টহে কৰিব বুলি বিশ্বাস কৰে। এনেধৰণৰ নেতৃত্বক ‘কোৱা আৰু কৰা’ প্ৰকাৰৰ পৰিচালনাৰ প্ৰতি সংকেত কৰে। ই একক প্ৰচেষ্টাৰে নেতৃত্ব। বিদ্যালয়ৰ মুৰব্বীজনে বিদ্যালয়খন চলাই আৰু তলতীয়া কৰ্মচাৰীৰ পৰা খুব কম উপদেশহে হোৱাতো বিচাৰে। তেওঁলোকে নিজে নিজেই সমস্যাৰ সমাধান বিচাৰি উলিয়াই আৰু অন্যসকলক যিমান পাৰে অতি কম দায়িত্বহে স্বাধীনভাৱে ল’বলৈ দিয়ে। সংযোগে একপক্ষীয় কৈয়ে ৰাখে। তেওঁলোকে ক’ব আৰু বাকীবোৰ শুনিব। নিৰংকুশ নেতৃত্বই কোনো কাৰ্যৰ বাবে লোৱা উপায়ৰ পৰিবৰ্তে তাৰ পৰিণামৰ ওপৰতহে বেছি মহত্ব প্ৰদান কৰে। পৰিণামৰ প্ৰক্ৰিয়া আৰু তাৰ লগত সাঙোৰ খাই থকা ব্যক্তিসকলক উলংঘা কৰি কেৱল ফলাফলকহে মহত্ব দিয়ে।

এনেধৰণৰ নেতৃত্বই তলতীয়া কৰ্মচাৰী আৰু কাৰ্যকৰ্তা সকলৰ কাৰ্যক্ষমতা উন্নয়নৰ ক্ষেত্ৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। সঘনে চলি থকা কঠোৰ নিৰ্দেশনা আৰু শাস্তিমূলক ব্যৱস্থাই তেওঁলোকৰ কাৰ্যক্ষমতা হাস হোৱাতহে সহায়ক হয়।

অৱশ্যে নিৰংকুশ নেতৃত্বই কেতিয়াবা অতি সোনকালে সিদ্ধান্ত লোৱাত সহায়ক হয় কিয়নো বিদ্যালয়ৰ সকলো কথাৰে সিদ্ধান্ত এজন মানুহৰ ওপৰত ন্যস্ত থাকে যেতিয়ালৈকে সেই নিৰ্দিষ্ট মানুহজনে নিজে নিজে পৰিঘটনাবোৰ অন্য ব্যক্তিসকলৰ লগত আলোচনা মৰ্মে সিদ্ধান্ত ল’বলৈ প্ৰয়োজনীয়তা অনুভৱ নকৰে। এইটো স্বীকাৰ্য যে প্ৰভুত্বধাৰী নেত্ৰী এজনে অপ্ৰীতিকৰ ভাষা প্ৰয়োগ, আলোচনাৰ মাজত হুলস্থুল, ব্যংগাত্মক ব্যৱহাৰ, ক্ষমতাৰ অপপ্ৰয়োগ কৰা ব্যক্তিক কেতিয়াও গোটত অন্তৰ্ভুক্ত নকৰে। কিয়নো এনে কৰিলে নেত্ৰীগৰাকীৰ কাৰ্যকলাপবোৰ নিন্দাপূৰ্ণ, আৰু তেওঁ এজন অদক্ষ নেতা বুলি পৰিগণিত হ’ব যিয়ে কোনো সুস্পষ্ট বা স্থিৰ নকৰাকৈয়ে কাৰ্যকলাপ চলাই যায়।

(১২) আবদ্ধ নীতি সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ এজন আবদ্ধ নীতিপ্ৰধান নেত্ৰীক তলৰ উদাহৰণটোৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰো-

বিদ্যালয়ৰ পৰিচালনাৰ ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত বহুসকল ব্যক্তি থকা বাবে তেওঁলোকৰ সমাধা কৰিব পাৰিম বুলি ভবা কাৰ্যকলাপৰ ধাৰণাও অধিক থাকে। মই মোৰ কাৰ্যক্ষমতাৰ সীমা জানো। মই জানো মই মোক অনুসৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সদস্যসকলক অনুপ্ৰাণিত কৰিব পৰাকৈ সমৰ্থবান নহয়। সঁচা কথা ক’বলৈ হ’লে সমাজখনৰ ব্যক্তিসকলে তেওঁলোকৰ নিজৰ পথ নিজে বাচি লয়। কিছুমানে ভালকৈ কাম কৰে আৰু কিছুমানে নকৰে। শিক্ষক নেত্ৰী হিচাপে মই ইয়াত বেছি একো কৰিব নোৱাৰো। মোৰ কাম হৈছে বৰ্তমান সামাজিক স্থিতি অক্ষুণ্ণ ৰখা আৰু সমাজখনৰ ব্যক্তি বিলাকে যাতে স্কুলখনত কোনো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি চকু দিয়া। স্কুলখনে দুৰ্ঘটনাবিহীনভাৱে সুন্দৰকৈ চলি থাকে। নিজকে বচাই ৰাখিবলৈ শান্ত প্ৰকৃতিৰ হৈ থাকিব লাগিব। ৰঙীণ মেজাজৰ শৈক্ষিক পৰিচালক সকল আহিব আৰু যাব, কিন্তু যিয়ে শান্ত প্ৰকৃতিৰ হৈ থাকিব পাৰে তেওঁ বহু বছৰলৈ তিষ্ঠি থাকিব পাৰে।

উক্ত ব্যাখ্যাৰ পৰা আবদ্ধ নীতি সম্বন্ধে কি কি ধাৰণা হ’ল আৰু ইয়াৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল-

এজন আবদ্ধ নীতি অনুসৰণ কৰা নেত্ৰীয়ে তেওঁৰ তলত কাম কৰা সকলো কৰ্মচাৰীকে তেওঁলোকৰ কাৰ্যসম্বন্ধে ল’বলগীয়া সিদ্ধান্তসমূহ নিজকে ল’বলৈ দিয়ে। তেওঁলোকক কাগজী কাৰ্যকলাপৰ মাজত ব্যস্ত কৰি ৰাখে যাতে তেওঁক দলৰ সদস্যসকলৰ পৰা আঁতৰত ৰাখিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলক বা তেওঁৰ ষ্টাফক বিদ্যালয়ৰ পৰিৱেশ নষ্ট কৰাৰ পৰা বিৰত ৰাখিব পৰাটোৱে তেওঁৰ প্ৰধান কৰ্তব্য বুলি ভাবে। নেতাজন তেওঁৰ সমাজৰ ব্যক্তিসকলৰ প্ৰতি নিৰাশাবাদী। ইয়াৰ পৰা ইয়াকে বুজা যায় যে : ‘তুমি যিহেতু মানুহবিলাকৰ কাৰ্যকলাপৰ প্ৰক্ৰিয়াটো সলনি কৰিব নোৱাৰা, তেন্তে প্ৰচেষ্টা লোৱাৰ যুক্তি কি ?’ নেতাজন পৰিবৰ্তনৰ হোটা নহয় বৰঞ্চ তেওঁৰ বিভাগটোৰ চম্ভালাৰ ক্ষেত্ৰতহে মনোনিৱেশ কৰে আৰু নিজকে সুৰক্ষিত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নেত্ৰী শিক্ষকজনে তেওঁৰ ওপৰৰ কাৰ্যকৰ্তাসকলকৰ সিদ্ধান্তসমূহ মাত্ৰ তলতীয়া কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰিয়ে সন্তুষ্ট থাকে, নিজাববীয়াকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকে। এনেধৰণৰ নেতাই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সদায় বিলম্ব কৰে। তেওঁলোকৰ মতে সিদ্ধান্ত লোৱাতকৈ সিদ্ধান্ত নোলোৱাটোৱে বেছি সুৰক্ষিত। এনে নেত্ৰীয়ে পুৰণীকলীয়া নীতি বিলাকে চলি থকাটো বিচাৰে, সঠিক পঠেৰে চেষ্টা কৰি কাম কৰাটো বিচাৰে, কাৰণ এই পথ, নতুনকৈ উদ্ভাৱন কৰা বা পৰীক্ষামূলক প্ৰচেষ্টা হাতত লোৱাতকৈ বেছি সুৰক্ষিত পথ। এনেধৰণ শিক্ষক নেতাই যদিও তেওঁৰ যোগ্যতা থাকে তথাপিও বিপত্তিৰ আংশকাত একো প্ৰচেষ্টা কৰিব নিবিচাৰে।

পৰিস্থিতি বুজি কি আৰু কেনেকৈ কাৰ্যকলাপ ল’ব পাৰিব তাৰ বিশ্লেষণ কৰিব পৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে এনেধৰণৰ নেতৃত্বৰ প্ৰকাৰ প্ৰয়োগ কৰিব পৰা যায়।

(১৩) আৰামতলব নেতৃত্ব বিষয়ে বহলাই লিখা?

উত্তৰঃ তলত দিয়া উদাহৰণৰ দ্বাৰা আৰামত ল’ব নেতা এজনে কিদৰে তেওঁৰ নেতৃত্বৰ ভূমিকা লয় সেয়া জানিব পাৰি-

“বিদ্যালয়ৰ উৎপাদন ক্ষমতা আৰু নৈতিকতাৰ মাজত এক বলিষ্ঠ সহ সম্বন্ধ আছে উচ্চ পৰ্যায়ৰ নৈতিকতা বজাই ৰাখিব পাৰিলেই উৎপাদন ক্ষমতাও বাঢ়ি যাব কিয়নো নৈতিকতাৰ মাজতে উৎপাদন ক্ষমতাৰ বৃদ্ধি ক্ষমতা লুকাই থাকে। যিহেতু শিক্ষাৰ অধিকাৰী তান্ত্ৰিক হোৱাৰ অভিমুখে গতি কৰিছে। এনে পৰিস্থিতিত সমাজৰ ব্যক্তিসকলক অবজ্ঞা কৰাৰ ভয় থাকে। এই ক্ষেত্ৰত স্নেহ, সৌহাদ্য, আত্মীয়তা, বন্ধুত্ব আৰু বুজাবুজিৰ মাজেৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজৰ সদস্যসকলৰ মনোবল এইদৰে বঢ়োৱাৰ প্ৰচেষ্টা কৰিব লাগিব যাতে তেওঁলোকেও বুজি পায় যে আমি আটায়ে মানুহ আৰু মানুহ মাত্ৰেই ভুল হয়েই। সেয়েহে শিক্ষক হিচাবে মোৰ নেতৃত্বত স্নেহ, বন্ধু ভাব, সহনশীলতা আৰু সংবেদনশীলতা ভাব থকাটো আটাইতকৈ দৰকাৰী কথা। সদস্যসকলক আঁতৰাই ৰাখি বা অবজ্ঞা কৰি আমি একো সমাধা কৰিব নোৱাৰো। বৰঞ্চ মই তেওঁলোকৰ মাজৰে এজন বুলি পৰিচিত হৈ তেওঁলোকক সুখী আৰু প্ৰতীয়মান কৰোৱাটোতহে বেছি বিশ্বাস কৰো।’

ওপৰৰ বক্তব্যৰ পৰা আৰামতলব নেতৃত্ব সম্বন্ধে আমি তলত দিয়া ধাৰণা আৰু দৃষ্টিকোণসমূহ ল’ব পাৰো।

আৰামতলব নেতৃত্ব এক বন্ধনমুক্ত আৰু অসংগঠিত প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হয়। ইয়াত প্ৰক্ৰিয়া, নীতিনিয়ম, বাধ্যবাধকতা আৰু প্ৰণালী আদি কথাবোৰৰ ব্যৱহাৰ অতি কম পৰিমাণে হয়। ইয়াৰ দৰ্শন মৰ্মে যদি বিদ্যালয় পৰিসৰৰ সদস্যসকল নিশ্চিন্ত, সুখী আৰু সন্তুষ্ট হয় তেন্তে বিদ্যালয় আৰু ইয়াৰ সমাজখনৰ কামবোৰ অসাংগঠনিক প্ৰক্ৰিয়াৰ দ্বাৰাও সমাপ্ত কৰিব পাৰি। নেতাজনৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে তেওঁ যাতে বন্ধুত্বপূৰ্ণ, সহনশীল আৰু কৰ্তব্য পৰায়ণতা ভাব জগাই কাম কৰিব পাৰে। যদি এজন ছাত্ৰ-ছাত্ৰী বা সমাজৰ ব্যক্তিয়ে কিবা ভুল কৰে তেন্তে নেতা শিক্ষকজনে কথাটো বেছি গুৰুত্ব দিয়া যেন নেদেখুৱাই শুদ্ধ পথলৈ আনিব লাগে। এই ধৰণৰ নেতৃত্ব এক উদাৰ প্ৰকৃতিৰ নেতৃত্বক ইয়াত সদস্যসকল সুখী হোৱাটোত আৰু যেতিয়ালৈকে তেওঁলোকে পাৰে তেওঁলোকৰ নিজৰ প্ৰক্ৰিয়াত কাম কৰি যাবলৈ দিয়াৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। এনেধৰণৰ নেতৃত্বত ধনাত্মক দিশৰ প্ৰতিষ্ঠিতিৰ বাবে লোৱা অতিৰিক্ত কাৰ্যকলাপৰ পৰা অতি সহজে বিৰত থকাৰ বাবে মান্তি হয়, আনকি অসন্তুষ্টিজনক কাৰ্যকলাপখিনিৰ ওপৰত কথা পাতি আলোচনা কৰাৰ পৰাও বিৰত থাকে। এই ক্ষেত্ৰত নেতাজনে ব্যক্তিসকলৰ পোনপটীয়া সম্বন্ধৰ ওপৰতহে জোৰ দিয়ে। এওঁলোকে তেওঁৰ কামত নহা কিছুমান সমস্যাৰ ওপৰত আলোচনা কৰিয়ে সময় অতিবাহিত কৰে। ৰাজনৈতিক, খেল-ধেমালি, নান্দনিক, সামাজিক আৰু সাধাৰণ কিছুমান কথাৰ ওপৰত প্ৰলাপ কৰিয়ে তেওঁলোকৰ বেছিখিনি সময় অধিকাৰ কৰি থয়।

অতি সহজতে পুৰস্কৃত কৰা আৰু প্ৰলাপত আনুপাতিকভাৱে বেছি সময় খৰচ কৰাৰ ব্যৱস্থাটোৱে সাধাৰণতে ছাত্ৰ-ছাত্ৰী, তলতীয়া শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজখনৰ সদস্যসকলক এক ভ্ৰান্ত ধাৰণালৈ লৈ যায়। তেওঁলোক সৃজনীমূলক কাম আৰু অসৃজনীমূলক কামৰ মাজত পাৰ্থক্য কৰাও অসমৰ্থ হৈ পৰে। ফলত প্রয়োজনীয় উন্নয়ন ব্যৱহাৰ যতি পৰে কেতিয়াবা কেতিয়াবা ইয়াক দমন কৰি ৰখাও দেখা যায়।

(১৪) গণতান্ত্ৰিক নেতৃত্বৰ বিভিন্ন দিশৰ সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ গণতান্ত্ৰিক নেতৃত্বত বিশ্বাস ৰখা নেতা এজনৰ বক্তব্য তলত উল্লেখ কৰা হৈছে। তাৰ আধাৰত গণতান্ত্ৰিক নেতৃত্ব ওপৰত মনোভাৱ সুস্পষ্ট কৰাত সুবিধা হ’ব-

‘গণতান্ত্ৰিক নেতৃত্বৰ যোগেদিহে মই মোৰ ছাত্ৰ-ছাত্ৰী, তলৰ কৰ্মচাৰী, সহ শিক্ষক/শিক্ষয়িত্ৰী, বিদ্যালয়ৰ গাতে লগা সমাজখন আনকি মোৰ নিজৰো কামকাজবোৰ সফল ৰূপায়ণ কৰিব পাৰিম। তেওঁলোকে দৰাচলতে কিহত পাৰ্গত আৰু তেওঁলোকৰ কামকাজবোৰত কি কি ভাল কাম সন্নিবিষ্ট কৰি উন্নয়নৰ ব্যৱস্থাত হাত আগবঢ়াব পাৰে তাকে তেওঁলোকৰ কৰিব দিয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই ক্ষেত্ৰত মই সহযোগিতা আগবঢ়াও। মই সদায়ে মোৰ কাৰ্যকলাপবোৰ শক্তিশালী কৰিবলৈ ছাত্ৰ-ছাত্ৰী, সহকর্মী, সহ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় সমাজৰ সদস্যসকলক সমলব্যক্তি হিচাবে লৈ আগবাঢ়ো। মই মোৰ কামত অগ্ৰসৰ হ’বলৈ এওঁলোকৰ পৰা যথেষ্ট সহায় সহযোগিতা বিচাৰো। তেওঁলোকৰ ধাৰণা, ক্ষমতা আৰু অভিজ্ঞতাখিনি মোৰ পৰিপূৰক হিচাবে ব্যৱহাৰ কৰিব পাৰো। কেতিয়াবা কেতিয়াবা মই একক হিচাবে কাম কৰিবলগীয়াত পৰো কিন্তু এইটোৱে ইয়াকে নুবুজাই যে মই একেবাৰে তেওঁলোকৰ পৰা পৃথক হৈ পৰিছো। 

প্ৰায়ে মই প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লৈ সেই দিশেৰে কাম আগুৱাই দিব বিচাৰো। মই সকলোকে বিশিষ্ট ব্যক্তি হিচাবে জ্ঞান কৰোঁ। প্ৰাথমিক শিক্ষা সমাজৰ সকলোৱে লাভ কৰোৱা প্ৰচেষ্টাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, সহকর্মী আৰু তাৰ সমাজখনৰ সদস্যসকলৰ ভূমিকা অবিহনে মই কৃতকাৰ্য হ’ব নোৱাৰো এই কথা মই স্বীকাৰ কৰো। ইয়াৰ দ্বাৰা মোৰ নিজৰ কাৰ্যকলাপ উত্তৰণ ঘটে, বিদ্যালয় আৰু সমাজখনৰ যুটীয়া অংশগ্ৰহণে দুয়োকে সমৃদ্ধিবান কৰে।”

উক্ত বক্তব্যৰ পৰা আমি গণতান্ত্ৰিক নেতৃত্ব সম্বন্ধে বহুটো মুখ্য ভূমিকা সম্বন্ধে জ্ঞাত হ’ব পাৰো। তলত তাৰ আলোচনা আগবঢ়োৱা হ’ল-

নেতৃত্বৰ কাৰ্য :

বিদ্যালয়ৰ সুস্থ বাতাবৰণৰ ক্ষেত্ৰত বিদ্যালয় আৰু বিদ্যালয়ৰ কাষৰ সমাজৰ সুসম্বন্ধই যথেষ্ট অৰিহণা যোগাই এক কথা সৰ্বজন স্বীকৃত আৰু এই ক্ষেত্ৰত শিক্ষকজনৰ নেতৃত্বইহে এই কাম অৰ্থপূৰ্ণভাৱে বৰঙণি যোগাব পাৰে। শিক্ষকজনৰ তেওঁৰ ছাত্ৰ-ছাত্ৰী, সহ-শিক্ষক আৰু সেই বিদ্যালয়ৰ সমাজখনৰ পৰা যথেষ্টখিনি আশা কৰে। এই ক্ষেত্ৰত শিক্ষকজনে এই জটিল পৰিস্থিতিটো হৃদয়ংগম কৰি কাৰ্য কৰিব লাগে। এজন শিক্ষকে কি প্ৰক্ৰিয়াৰে কাম কৰিব সেইটো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, আকাংক্ষাবোৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। এইখিনিতে নেত্ৰী হিচাবে শিক্ষক-শিক্ষয়িত্ৰী এজনৰ কাৰ্যকলাপবোৰ আলোচনা কৰিব পাৰোঁ।

বিদ্যালয় আৰু বিদ্যালয় পৰিসৰৰ সমাজখনৰ মাজত থকা সম্বন্ধ আৰু এক নতুন পদ্ধতিৰ দ্বাৰা কাম কৰিব বুলি লোৱা ধাৰণা আদি কিছু জটিল পদ্ধতিৰ দ্বাৰা লাভ কৰা শিক্ষা আৰু প্ৰভাৱে এজন শিক্ষকক নেত্ৰী শিক্ষক হিচাবে পৰিগণিত কৰোৱাত অৰিহণা যোগায়। বিদ্যালয় এখনৰ নেতৃত্বৰ কাৰ্যকলাপ ক্ষেত্ৰত কৰা গৱেষণাৰ ব্যাখ্যা কৰি ।

Leithwoo আৰু Duke (1999] এ তলৰ বিভিন্ন দিশ কেইটা চিনাক্ত কৰা এজন নেতাৰ কাম হিচাবে গণ্য কৰে-

(ক) নিৰ্দেশনাত্মক (নিজৰ শৈক্ষিক অৰ্হতা বঢ়োৱা আৰু সহ শিক্ষকসকলৰ এনেদৰে সহায় কৰক যাতে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ উন্নয়নত সহায় কৰক।

(খ) ৰূপান্তৰমূলক (Transformational) (যোগ্যতা আৰু বচনবদ্ধতা দুয়ো ক্ষেত্ৰতে বিদ্যালয়ৰ আৰু অন্যান্য সকলৰ দক্ষতা বঢ়োৱা)।

(গ) নীতিবাচক (ভুল নে শুদ্ধৰ ক্ষেত্ৰত নিজৰ শুদ্ধ বিবেচনাৰ দ্বাৰা আনক উদ্বুদ্ধ কৰা)।

(ঘ) অংশগ্ৰহণৰ ক্ষেত্ৰত (বিদ্যালয়ৰ বিভিন্ন কামত বিদ্যালয়ৰ সৈতে জড়িত সমাজখনৰ সদস্যসকলকো উপযুক্তভাৱে শৈক্ষিক ক্ষেত্ৰত অংশগ্ৰহণ কৰোৱা।

(ঙ) নির্ভৰশীলতা (পৰিস্থিতিৰ লগত খাপ খুওৱাকৈ তেওঁলোকৰ আচৰণৰ উন্নয়ন ঘটোৱা)।

নিৰ্দেশনাত্মক কাৰ্যকলাপ :

প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীগৰাকীক সকলোৱে শৈক্ষিক বিষয়ৰ পাৰদৰ্শী উৎস হিচাবে প্ৰতিপন্ন কৰে। তেওঁলোকৰ সকলোবোৰ কাৰ্যই শিক্ষণ শিকনৰ পৰিচালনা কৰাৰ গণতান্ত্ৰিক ক্ষেত্ৰত পোনপটীয়াকৈ জড়িত থাকে। বিদ্যালয়খনৰ শিক্ষকসকলক আৰু অংশগ্ৰহণকাৰী হিচাবে গঢ়ি তুলিবলৈ তেওঁলোকৰ শিক্ষণ কাৰ্য শক্তিশালী কৰি তুলিব লাগিব। এনে ধৰণৰকৈ প্ৰস্তুত কৰি শিক্ষক সমাজক বিদ্যালয় আৰু সমাজখনৰ পৰিচালনাৰ ক্ষেত্ৰত, যেনে পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰৰমিক কাৰ্যকলাপ, বাজেট সম্বন্ধীয় কাৰ্যকলাপ আদিতো সহায় কৰিব পৰা হয়।

বিদ্যালয় এখনৰ সম্পূৰ্ণ বিকাশৰ ক্ষেত্ৰত প্ৰধান শিক্ষকজনেই সকলোবোৰ সমস্যা সমাধান বা কাৰ্যকলাপ কৰিব লাগিব এনে নহয়। যিসকল শিক্ষকক যোগ্যতা সম্পন্ন কৰি গঢ়ি তুলিছে তেওঁলোককো নেতৃত্বভাৰ ল’বলৈ দিব লাগে। বিদ্যালয়ৰ নেতৃত্ব সকলোৱে মিলি বহন কৰা উচিত।

ৰূপান্তৰমূলক কাৰ্যকলাপ :

ৰূপান্তৰমূলক কাৰ্যকলাপ সালসলনিৰ ক্ষেত্ৰত প্ৰযোজ্য সেয়েহে এই ক্ষেত্ৰত শিক্ষকসকলে বহুতো সালসলনিযুক্ত কাৰ্যকলাপ হাতত ল’ব বুলি কল্পনা কৰা হয়। শিক্ষকসকলে বিদ্যালয়ৰ পৰিসৰত আৰু সমাজৰ সদস্যসকলে একেলগ হৈ বিদ্যালয়ৰ লগতে সমাজখনৰ উন্নয়নৰ হকে কাৰ্যপন্থা হাতত লয়। 

কি কি কাৰকৰ দ্বাৰা এই সলনিবোৰ ঘটাব পাৰি? Leithwood, et. al (1999) তলৰ কাৰকবোৰ উল্লেখ কৰিছে।

– আনক উৎসাহিত কৰিব পৰা ক্ষমতা।

– আনক আগ্ৰহাম্বিত কৰিব পৰা ক্ষমতা।

– নিজৰ ইচ্ছাৰ উপৰিও আনৰ ইচ্ছাৰ হকে কাম কৰিব পৰা ক্ষমতা।

– বিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত অন্যলোকৰ পৰামৰ্শ গ্ৰহণৰ ক্ষমতা।

নেত্ৰী হিচাপে শিক্ষকজনৰ উপৰোক্ত গুনসমূহ থকা দৰকাৰ যাতে তেওঁ তেওঁৰ সহকৰ্মী আৰু সমাজখনৰ সদস্যৰ সহায়ত বিদ্যালয় আৰু সমাজখনৰ ৰূপান্তৰৰ ক্ষেত্ৰত কাৰ্যকলাপ হাতত ল’ব পাৰে।

নীতিবাচক কাৰ্যকলাপ :

মূল্যবোধৰ সমবিতৰণ এই কাৰ্যকলাপৰ মূল কথা। নেত্ৰী শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ বংশ বা সামৰ্থ্য নিৰ্বিশেষে আৰু সহকর্মীসকলকো কাৰ্যক্ষেত্ৰত সমভাৱে ব্যৱহাৰ কৰে। নেত্ৰী শিক্ষকজন আচৰণৰ ক্ষেত্ৰত সকলোৰে বাবে চানেকি হয়। তেওঁৰ আচৰণে বিদ্যালয়ৰ পৰিসৰ আৰু সমাজৰ সদস্যসকলৰ মাজত বাঞ্চনীয় ফলাফল দিয়ে। এনে শিক্ষকে ষ্টাফৰ সকলো পৰ্যায়ৰ কৰ্মকর্তাৰ মাজত অনুকৰণীয় দৃষ্টান্ত ডাঙি ধৰে আৰু তেওঁলোক বিদ্যালয়ৰ পদবী অনুক্ৰমে কাম সমাধা কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু দায়িত্ববোধ জগাই তোলে। তেওঁলোকে তেওঁলোকৰ লগত কাম কৰা সকলোকে, যেনে- পৰিচালনাৰ সদস্য, সমাজৰ সদস্য বা অভ্যাগত সকলোকে অনুপ্ৰাণিত কৰে।

অংশগ্ৰহণকাৰী কাৰ্যকলাপ :

সমাজখন সহযোগী হিচাবে প্ৰস্তুত কৰা প্ৰচেষ্টাই শিক্ষকজনৰ অৰ্হতা উন্নয়ন ঘটাৰ সহায়ক হয়। বিদ্যালয় সমাজৰ সদস্যৰ সহযোগত সমাজখনৰ শিকনৰ উন্নয়ন ঘটোৱা নেত্ৰী শিক্ষক এক প্ৰধান কৰ্তব্য। শিক্ষক জ্ঞান সমাজখনৰ শুধৰণিৰ মূল হোতা হিচাবে প্ৰদৰ্শন কৰিব পৰা যায়। নেত্ৰী শিক্ষক/ শিক্ষয়িত্ৰী এগৰাকীয়ে তেওঁৰ সহশিক্ষক বা সমাজৰ সদস্যসকলক তেওঁলোকৰ দায়িত্ব সম্বন্ধে জ্ঞান দানৰ ক্ষেত্ৰত বিশিষ্ট অৰ্হতা সম্পন্ন ব্যক্তিক সঠিক অৰ্হতাৰ দায়িত্ব প্ৰদানেৰে তেওঁলোক আগুৱাই লৈ যায়।

নির্ভৰশীলতামূলক কাৰ্যকলাপ :

সমাজৰ আৰ্থিক পৰিবৰ্তন আৰু এই ক্ষেত্ৰত লোৱা নীতি নিৰ্ধাৰণৰ পৰিবৰ্তনৰ লগে লগে বিদ্যালয়ৰ কামকাজ আৰু ভূমিকা অবিৰতভাৱে সলনি হৈ গৈ থাকে। এনে ক্ষেত্ৰত শিক্ষকজনে অৱকাশ, বিৰাম আৰু কাৰ্য সম্পাদনা অতি কম সময়ৰ ভিতৰতে সমাধা কৰিবলগীয়া হয়। প্ৰয়োজনীয় দায়িত্ববোৰ যেনে- শ্ৰেণীকোঠাৰ কামবোৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনৰ মানদণ্ড উন্নয়নকৰণ আৰু শৈক্ষিক উত্থান, বিদ্যালয়ৰ সমস্যা আৰু কাৰিকৰী সংবাদ, শিকন প্ৰক্ৰিয়াৰ পৰিচালনা প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ তাক বিদ্যালয় পৰিসৰতে সমাধা কৰা, অভিভাৱক আৰু বিদ্যালয়ৰ কাষৰ সমাজৰ ব্যক্তিসকলৰ লগত অৰ্থপূৰ্ণ ব্যক্তিগত সম্পর্ক গঠন ইত্যাদি নেত্ৰী শিক্ষকজনক নতুন নতুন ধাৰণা আহৰণ কৰা আৰু কাম সমাধা কৰাত অনুকূল পৰিৱেশৰ সৃষ্টি কৰাই নেতা শিক্ষকগৰাকীয়ে শিক্ষক সমাজে ল’ব লগা প্ৰত্যাহ্বানমূলক কাম কাজ বা আশা আকাংক্ষাবোৰ বিশিষ্টভাৱে চিহ্নিত কৰি তাৰ ওপৰত কাৰ্যকলাপ কৰি যাব লাগে।

(১৫) নেতৃত্বমূলক গুণবোৰ কি কি? আলোচনা কৰা?

উত্তৰঃ (ক) নেতৃত্ববোধে এজন নেত্ৰীৰ ব্যক্তিগত সামৰ্থ্যক কেন্দ্ৰবিন্দু হিচাবে লৈ কাৰ্য কৰাকে বুজায়। নেতৃত্ববোধে গতিশীল সম্পৰ্ক, পৰস্পৰৰ প্ৰভাৱ সাৰ্বজনিক উদ্দেশ্যৰ হকে নেত্ৰী আৰু সহযোগীসকলে একগোট হৈ একেই অভিৰোচনৰ দ্বাৰা উদ্বুদ্ধ লৈ এক প্ৰকৃত আৰু ইচ্ছাপূৰ্ণ পৰিবৰ্তন নিৰূপণ কৰে। নেত্ৰীশিক্ষক/শিক্ষয়িত্ৰীৰ কাৰ্যকলাপ আৰু আচৰণে বিদ্যালয় আৰু সমাজৰ মাজৰ সম্পৰ্কত এক উল্লেখযোগ্য ভূমিকা লয় আৰু প্ৰভাৱ বিস্তাৰ কৰে।

(খ) পৰিকল্পনাৰ কাৰ্যকলাপ, সংগঠন, নিৰ্দেশনা আৰু পৰিচালনা আদি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰক্ৰিয়াবোৰ অনুমান পাব পাৰি। ইয়াৰ পৰিবৰ্তে নেতৃত্বই বিদ্যালয়ৰ কৰ্মকর্তাসকলৰ মাজত থকা ব্যক্তিগত সহসম্বন্ধৰ লগতহে বেছি জড়িত। পৰিচালক হিচাবে তেওঁ পৰিকল্পনা, সংগঠন আৰু প্ৰশাসনৰ ওপৰত গুৰুত্ব দিয়ে পৰিবৰ্তনৰ ওপৰত জোৰ দি কাৰ্য সমাধা কৰোৱায়।

(গ) নেতৃত্বৰ প্ৰকাৰে বিদ্যালয়ক কোন দিশে আগবঢ়াই নিব তাৰ দৃষ্টিকোণ বা শৈলী সম্পৰ্কে পৰিকল্পনা কিদৰে কাৰ্যাম্বিত কৰিব আৰু ৰাইজক কিদৰে অভিৰোচন কৰিব তাৰ আভাস দিয়ে। চাৰি প্ৰকাৰৰ নেতৃত্ব আছে যেনে- নিৰংকুশ, (আবদ্ধনীতি) আৰামতলব গণতান্ত্ৰিক নেতৃত্বমূলক কাৰ্যকলাপ নেত্ৰী শিক্ষক-শিক্ষয়িত্ৰী গৰাকীৰ বিভিন্ন বিদ্যালয়ৰ পৰিসৰত শিকনৰ জটিল পৰিস্থিতিত আৰু বিদ্যালয় আৰু বিদ্যালয় সমাজৰ সম্পৰ্ক য’ত সাময়িকীকৰণৰ প্ৰতিফলন ঘটে আদি পৰিৱেশত এক অনন্য ভূমিকাৰে কৰৰ্তব্যৰত হ’ব বলি ধৰি লোৱা হয়।

(১৬) এজন নেতাৰ নেতৃত্বৰ কেনেধৰণৰ কাৰ্যাৱলীৰ মাজেৰে প্রকাশ কৰিব পাৰি বুজাই লিখা?

উত্তৰঃ বিদ্যালয়ৰ সুস্থ বাতাবৰণৰ ক্ষেত্ৰত বিদ্যালয় আৰু বিদ্যালয়ৰ কাষৰ সমাজৰ সুসম্বন্ধই যথেষ্ট অৰিহণা যোগাই এক কথা সৰ্বজন স্বীকৃত আৰু এই ক্ষেত্ৰত শিক্ষকজনৰ নেতৃত্বইহে এই কাম অৰ্থপূৰ্ণভাৱে বৰঙণি যোগাব পাৰে। শিক্ষকজনৰ তেওঁৰ ছাত্ৰ-ছাত্ৰী, সহ-শিক্ষক আৰু সেই বিদ্যালয়ৰ সমাজখনৰ পৰা যথেষ্টখিনি আশা কৰে। এই ক্ষেত্ৰত শিক্ষকজনে এই জটিল পৰিস্থিতিটো হৃদয়ংগম কৰি কাৰ্য কৰিব লাগে। এজন শিক্ষকে কি প্ৰক্ৰিয়াৰে কাম কৰিব সেইটো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, আকাংক্ষাবোৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। এইখিনিতে নেত্ৰী হিচাবে শিক্ষক-শিক্ষয়িত্ৰী এজনৰ কাৰ্যকলাপবোৰ আলোচনা কৰিব পাৰোঁ।

বিদ্যালয় আৰু বিদ্যালয় পৰিসৰৰ সমাজখনৰ মাজত থকা সম্বন্ধ আৰু এক নতুন পদ্ধতিৰ দ্বাৰা কাম কৰিব বুলি লোৱা ধাৰণা আদি কিছু জটিল পদ্ধতিৰ দ্বাৰা লাভ কৰা শিক্ষা আৰু প্ৰভাৱে এজন শিক্ষকক নেত্ৰী শিক্ষক হিচাবে পৰিগণিত কৰোৱাত অৰিহণা যোগায়। বিদ্যালয় এখনৰ নেতৃত্বৰ কাৰ্যকলাপ ক্ষেত্ৰত কৰা গৱেষণাৰ ব্যাখ্যা কৰি।

Leithwoo আৰু Duke (1999] এ তলৰ বিভিন্ন দিশ কেইটা চিনাক্ত কৰি সেয়া এজন নেতাৰ কাম হিচাবে গণ্য কৰিছিল-

(ক) নিৰ্দেশনাত্মক (নিজৰ শৈক্ষিক অৰ্হতা বঢ়োৱা আৰু সহ শিক্ষকসকলৰ এনেদৰে সহায় কৰক যাতে তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ উন্নয়নত সহায় কৰক।

(খ) ৰূপান্তৰমূলক (Transformational) (যোগ্যতা আৰু বচনবদ্ধতা দুয়ো ক্ষেত্ৰতে বিদ্যালয়ৰ আৰু অন্যান্যসকলৰ দক্ষতা বঢ়োৱা)। 

(গ) নীতিবাচক (ভুল নে শুদ্ধৰ ক্ষেত্ৰত নিজৰ শুদ্ধ বিবেচনাৰ দ্বাৰা আনক উদ্বুদ্ধ কৰা)।

(ঘ) অংশগ্ৰহণৰ ক্ষেত্ৰত (বিদ্যালয়ৰ বিভিন্ন কামত বিদ্যালয়ৰ সৈতে জড়িত সমাজখনৰ সদস্যসকলকো উপযুক্তভাৱে শৈক্ষিক ক্ষেত্ৰত অংশগ্ৰহণ কৰোৱা।

(ঙ) নিৰ্ভৰশীলতা (পৰিস্থিতিৰ লগত খাপ খুওৱাকৈ তেওঁলোকৰ আচৰণৰ উন্নয়ন ঘটোৱা)।

নিৰ্দেশনাত্মক কাৰ্যকলাপ :

প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীগৰাকীক সকলোৱে শৈক্ষিক বিষয়ৰ পাৰদৰ্শী উৎস হিচাবে প্ৰতিপন্ন কৰে। তেওঁলোকৰ সকলোবোৰ কাৰ্যই শিক্ষণ শিকনৰ পৰিচালনা কৰাৰ গণতান্ত্ৰিক ক্ষেত্ৰত পোনপটীয়াকৈ জড়িত থাকে। বিদ্যালয়খনৰ শিক্ষকসকলক আৰু অংশগ্ৰহণকাৰী হিচাবে গঢ়ি তুলিবলৈ তেওঁলোকৰ শিক্ষণ কাৰ্য শক্তিশালী কৰি তুলিব লাগিব। এনে ধৰণৰকৈ প্ৰস্তুত কৰি শিক্ষক সমাজক বিদ্যালয় আৰু সমাজখনৰ পৰিচালনাৰ ক্ষেত্ৰত, যেনে পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰৰমিক কাৰ্যকলাপ, বাজেট সম্বন্ধীয় কাৰ্যকলাপ আদিতো সহায় কৰিব পৰা হয়।

বিদ্যালয় এখনৰ সম্পূৰ্ণ বিকাশৰ ক্ষেত্ৰত প্ৰধান শিক্ষকজনেই সকলোবোৰ সমস্যা সমাধান বা কাৰ্যকলাপ কৰিব লাগিব এনে নহয়। যিসকল শিক্ষকক যোগ্যতা সম্পন্ন কৰি গঢ়ি তুলিছে তেওঁলোককো নেতৃত্বভাৰ ল’বলৈ দিব লাগে। বিদ্যালয়ৰ নেতৃত্ব সকলোৱে মিলি বহন কৰা উচিত।

ৰূপান্তৰমূলক কাৰ্যকলাপ :

ৰূপান্তৰমূলক কাৰ্যকলাপ সালসলনিৰ ক্ষেত্ৰত প্ৰযোজ্য সেয়েহে এই ক্ষেত্ৰত শিক্ষকসকলে বহুতো সালসলনিযুক্ত কাৰ্যকলাপ হাতত ল’ব বুলি কল্পনা কৰা হয়। শিক্ষকসকলে বিদ্যালয়ৰ পৰিসৰত আৰু সমাজৰ সদস্যসকলে একেলগ হৈ বিদ্যালয়ৰ লগতে সমাজখনৰ উন্নয়নৰ হকে কাৰ্যপন্থা হাতত লয়।

কি কি কাৰকৰ দ্বাৰা এই সলনিবোৰ ঘটাব পাৰি? Leithwood, et. al (1999) তলৰ কাৰকবোৰ উল্লেখ কৰিছে।

– আনক উৎসাহিত কৰিব পৰা ক্ষমতা।

– আনক আগ্ৰহাম্বিত কৰিব পৰা ক্ষমতা।

– নিজৰ ইচ্ছাৰ উপৰিও আনৰ ইচ্ছাৰ হকে কাম কৰিব পৰা ক্ষমতা।

– বিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত অন্যলোকৰ পৰামৰ্শ গ্ৰহণৰ ক্ষমতা।

নেত্ৰী হিচাপে শিক্ষকজনৰ উপৰোক্ত গুনসমূহ থকা দৰকাৰ যাতে তেওঁ তেওঁৰ সহকৰ্মী আৰু সমাজখনৰ সদস্যৰ সহায়ত বিদ্যালয় আৰু সমাজখনৰ ৰূপান্তৰৰ ক্ষেত্ৰত কাৰ্যকলাপ হাতত ল’ব পাৰে।

নীতিবাচক কাৰ্যকলাপ : 

মূল্যবোধৰ সমবিতৰণ এই কাৰ্যকলাপৰ মূল কথা। নেত্ৰী শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ বংশ বা সামৰ্থ্য নিৰ্বিশেষে আৰু সহকৰ্মীসকলকো কাৰ্যক্ষেত্ৰত সমভাৱে ব্যৱহাৰ কৰে। নেত্ৰী শিক্ষকজন আচৰণৰ ক্ষেত্ৰত সকলোৰে বাবে চানেকি হয়। তেওঁৰ আচৰণে বিদ্যালয়ৰ পৰিসৰ আৰু সমাজৰ সদস্যসকলৰ মাজত বাঞ্চনীয় ফলাফল দিয়ে। এনে শিক্ষকে ষ্টাফৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাৰ মাজত অনুকৰণীয় দৃষ্টান্ত ডাঙি ধৰে আৰু তেওঁলোক বিদ্যালয়ৰ পদবী অনুক্ৰমে কাম সমাধা কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু দায়িত্ববোধ জগাই তোলে। তেওঁলোকে তেওঁলোকৰ লগত কাম কৰা সকলোকে, যেনে- পৰিচালনাৰ সদস্য, সমাজৰ সদস্য বা অভ্যাগত সকলোকে অনুপ্ৰাণিত কৰে।

অংশগ্ৰহণকাৰী কাৰ্যকলাপ : 

সমাজখন সহযোগী হিচাবে প্ৰস্তুত কৰা প্ৰচেষ্টাই শিক্ষকজনৰ অৰ্হতা উন্নয়ন ঘটাব সহায়ক হয়। বিদ্যালয় সমাজৰ সদস্যৰ সহযোগত সমাজখনৰ শিকনৰ উন্নয়ন ঘটোৱা নেত্ৰী শিক্ষক এক প্ৰধান কৰ্তব্য। শিক্ষক জ্ঞান সমাজখনৰ শুধৰণিৰ মূল হোতা হিচাবে প্রদর্শন কৰিব পৰা যায়। নেত্ৰী শিক্ষক/ শিক্ষয়িত্ৰী এগৰাকীয়ে তেওঁৰ সহশিক্ষক বা সমাজৰ সদস্যসকলক তেওঁলোকৰ দায়িত্ব সম্বন্ধে জ্ঞান দানৰ ক্ষেত্ৰত বিশিষ্ট অৰ্হতা সম্পন্ন ব্যক্তিক সঠিক অৰ্হতাৰ দায়িত্ব প্ৰদানেৰে তেওঁলোক আগুৱাই লৈ যায়। 

নিৰ্ভৰশীলতামূলক কাৰ্যকলাপ :

সমাজৰ আৰ্থিক পৰিবৰ্তন আৰু এই ক্ষেত্ৰত লোৱা নীতি নিৰ্ধাৰণৰ পৰিবৰ্তনৰ লগে লগে বিদ্যালয়ৰ কামকাজ আৰু ভূমিকা অবিৰতভাৱে সলনি হৈ গৈ থাকে। এনে ক্ষেত্ৰত শিক্ষকজনে অৱকাশ, বিৰাম আৰু কাৰ্য সম্পাদনা অতি কম সময়ৰ ভিতৰতে সমাধা কৰিবলগীয়া হয়। প্রয়োজনীয় দায়িত্ববোৰ যেনে- শ্ৰেণীকোঠাৰ কামবোৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনৰ মানদণ্ড উন্নয়নকৰণ আৰু শৈক্ষিক উত্থান, বিদ্যালয়ৰ সমস্যা আৰু কাৰিকৰী সংবাদ, শিকন প্ৰক্ৰিয়াৰ পৰিচালনা প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ তাক বিদ্যালয় পৰিসৰতে সমাধা কৰা, অভিভাৱক আৰু বিদ্যালয়ৰ কাষৰ সমাজৰ ব্যক্তিসকলৰ লগত অৰ্থপূৰ্ণ ব্যক্তিগত সম্পর্ক গঠন ইত্যাদি নেত্ৰী শিক্ষকজনক নতুন নতুন ধাৰণা আহৰণ কৰা আৰু কাম সমাধা কৰাত অনুকূল পৰিৱেশৰ সৃষ্টি কৰাই নেতা শিক্ষকগৰাকীয়ে শিক্ষক সমাজে ল’ব লগা প্ৰত্যাহ্বানমূলক কাম কাজ বা আশা আকাংক্ষাবোৰ বিশিষ্টভাৱে চিহ্নিত কৰি তাৰ ওপৰত কাৰ্যকলাপ কৰি যাব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top