Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ

Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ

Join Telegram channel

Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ Notes cover all the exercise questions in UGC Syllabus. The Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Growth And Development Of Education From 1921 To 1947

EDUCATION

EDUCATION IN PRE-INDEPENDENT INDIA

প্ৰাক্ স্বাধীনতা কালৰ ভাৰতবৰ্ষৰ শিক্ষা

অতি চমু প্ৰশ্নোত্তৰ

১। কোন চনত হাৰ্টগ কমিটী গঠন কৰা হৈছিল?

(In which year the Hartog Committee was formed?) 

উত্তৰঃ ১৯২৮ চনত হাৰ্টগ কমিটী গঠন কৰা হৈছিল।

২। বুনিয়াদী শিক্ষাক অইন কি নামেৰে জনা যায়? 

(What is the another name of Basic education?) 

উত্তৰঃ নই তালিম বা অখণ্ড শিক্ষা।

৩। হার্টগ কমিটীৰ মতে ‘অপচয়’ৰ অৰ্থ কি? 

(What is the meaning of ‘Wastage’ by Hartog Committee?) 

উত্তৰঃ হার্টগ কমিটীৰ মতে অপচয়ৰ অৰ্থ হৈছে স্কুলীয়া শিক্ষা সম্পূৰ্ণ নকৰাকৈ অকালতে স্কুল এৰি দিয়া কাৰ্য। শিক্ষাৰ বাবে যি টকা-পইচা আৰু সময়ৰ প্ৰয়োগ কৰা হয় সি এক অপচয়ত পৰিণত হোৱাৰ বাহিৰে আন একো নহয়। কারণ এই ছাত্ৰ-ছাত্ৰীসকলে সাক্ষৰতা লাভ কৰি উঠিব নোৱাৰে। কমিটীয়ে লক্ষ্য কৰে যে ল’ৰাতকৈও ছোৱালীৰ অপচয়ৰ মাত্ৰা অধিক হয়।

৪। হার্টগ কমিটীৰ মতে ‘অনুন্নয়ন’ৰ অৰ্থ কি?

(What is the meaning of ‘Stagnation’ on Hartog Committee?) 

উত্তৰঃ হাৰ্টৰ্গ কমিটীৰ মতে ‘অনুন্নয়ন’ৰ অৰ্থ হৈছে এটি শিশু একেটা শ্রেণীতে এবছৰতকৈও অধিক সময় আবদ্ধ থকাটো। ইয়াক শিক্ষাৰ অকৃতকাৰ্যতা বুলি ক’ব পাৰি, যাৰ ফলত ছাত্ৰই ওপৰৰ শ্ৰেণীলৈ নিয়মীয়াভাবে উত্তীৰ্ণ হ’ব নোৱাৰে। ইয়াৰ পৰিণতি স্বৰূপে শিক্ষাত অনগ্ৰসৰতা আৰু স্থবিৰতাই দেখা দিয়ে। ছাত্ৰৰ শিক্ষা অগ্ৰগতি নিয়মীয়া হৈ উঠিব নোৱাৰাৰ ফলত অৱশেষত শিক্ষা ত্যাগ কৰে। প্ৰাথমিক শিক্ষাৰ এনে স্থবিৰতা সচৰাচৰ তলৰ শ্ৰেণীকেইটাতেই পোৱা হয় আৰু এই ক্ষেত্ৰতো ল’ৰাতকৈ ছোৱালীৰ সংখ্যাই অধিক হয়।

৫। হাটগ কমিটীয়ে বৰ্ণনা কৰা প্ৰাথমিক শিক্ষাৰ দুটা ত্রুটি উল্লেখ কৰা ৷ 

(Mention two defects of Primary education explained by Hartog Committee.)

উত্তৰঃ হাৰ্টৰ্গ কমিটীয়ে বৰ্ণনা কৰা মতে প্রাথমিক শিক্ষাৰ দুটা ত্রুটি তলত উল্লেখ কৰা হল—

(ক) শতকৰা ৬০ ভাগতে এজনীয়া শিক্ষকৰ ব্যৱস্থাহে থকা। 

(খ) স্কুল পৰিদৰ্শকৰ অভাৱত নিয়মীয়া পৰিদৰ্শন কৰা নহয় ৷

৬। প্রাথমিক শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Hartog Committee on Primary education.)

উত্তৰঃ প্রাথমিক শিক্ষা সম্বন্ধে হার্টগ কমিটীয়ে দিয়া বিভিন্ন পৰামৰ্শৰ ভিতৰত দুটা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিব লাগে যদিও ইয়াৰ বাবে কোনো খৰখেদা কৰিব নালাগে৷ বাধ্যতামূলক কৰি তোলাৰ পূৰ্বে পৰিৱেশৰ পৰিস্থিতি আৰু স্থানীয় প্রয়োজন আদি ভালদৰে অধ্যয়ন কৰিব লাগে।

(খ) এই শিক্ষাৰ সংখ্যাগত বিকাশতকৈ ইয়াৰ গুণগত বিকাশ সাধন কৰাটো অধিক প্রয়োজনীয় নীতি স্বৰূপে বিবেচিত হ’ব লাগে।

৭। হার্টগ,কমিটীয়ে বর্ণনা কৰা মাধ্যমিক শিক্ষাৰ দুটা আসোঁৱাহ উল্লেখ কৰা। 

(Mention two defects of Secondary education explained by Hartog Committee.) 

উত্তৰঃ হাৰ্টগ কমিটীয়ে বৰ্ণনা কৰা মাধ্যমিক শিক্ষাৰ দুটা আসোঁৱাহ তলত উল্লেখ কৰা হ’ল—

(ক) মাধ্যমিক শিক্ষাৰ প্ৰধান আসোঁৱাহ হৈছে যে ই পুৰণি আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। এই আদৰ্শ হৈছে ছাত্ৰসকলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা। পৰীক্ষাৰ মনোভাবৰ দ্বাৰা ই অসুস্থভাবে প্ৰভাৱিত আৰু পৰিচালিত।

(খ) পৰীক্ষাত অকৃতকাৰ্যতাৰ মাত্ৰাও হৈছে অধিক। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আৰু সময়ৰ অপচয় কৰা হৈছে। পৰীক্ষাত উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুৰ্বল নীতি আৰু ছাত্ৰক স্কুলত জধে-মধে নাম ভৰ্তি কৰাৰ বাবেই এনে হৈছে।

৮। মাধ্যমিক শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention two recommendations of Hartog Committee on Secondary education.)

উত্তৰঃ মাধ্যমিক শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ দুটা পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মাধ্যমিক পৰ্যায়ৰ (Middle Vernacular) পাঠ্যক্রম পুনৰ সংগঠন কৰিব লাগে আৰু গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনৰ লগত খাপ খুৱাই তুলিব লাগে।

(খ) শিল্প আৰু বাণিজ্যমূলক পাঠ্যক্রম হাইস্কুলত অন্তৰ্ভুক্ত কৰিব লাগে আৰু ছাত্ৰসকলক ইয়াৰ অধ্যয়নৰ বাবে উৎসাহিত কৰিব লাগে।

৯। উচ্চ শিক্ষা সম্বন্ধে হার্টগ কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Hartog Committee on higher education.)

উত্তৰ‍ঃ  উচ্চ শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল— 

(ক) উচ্চ শিক্ষাৰ বৰ্ধিত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আবাসিক বিশ্ববিদ্যালয়ৰ উপৰিও সংবদ্ধকৰণকাৰী (affiliating) বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(খ) শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে বিশ্ববিদ্যালয়ে স্বীকৃতি প্রাপ্ত কলেজবোৰৰ শিক্ষক নিযুক্তি দিব লাগে ।

১০। স্ত্রী শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Hartog Committee on Women’s education.)

উত্তৰঃ স্ত্রী শিক্ষা সম্বন্ধে হাৰ্টৰ্গ কমিটীৰ দুটা পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হ’ল— 

(ক) ছোৱালীৰ পাঠ্যক্ৰমত তেওঁলোকৰ প্ৰয়োজনীয় বিষয়, যেনে— গার্হস্থ্য বিজ্ঞান অন্তৰ্ভুক্ত কৰিব লাগে।

(খ) প্রাথমিক আৰু মাধ্যমিক স্তৰত ছোৱালী স্কুলৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে ৷ গ্ৰাম্য অঞ্চলত ছোৱালীৰ পৃথক স্কুল স্থাপন কৰিব লাগে।

১১। ৱাৰ্ধা শিক্ষা সন্মিলন, ১৯৩৭ৰ দুটা প্ৰস্তাৱ উল্লেখ কৰা। 

(Mention two resolution of Wardha Education Conference, 1937.)

উত্তৰঃ ৱাৰ্ধা শিক্ষা সন্মিলন, ১৯৩৭ৰ দুটা প্ৰস্তাৱ তলত উল্লেখ কৰা হ’ল—

(ক) সৰ্বভাৰতীয় ভিত্তিত ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে ৭ বছৰৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিব লাগে।

(খ) শিক্ষাদানৰ মাধ্যম মাতৃভাষা হ’ব লাগে ।

১২। বুনিয়াদী শিক্ষাৰ অৰ্থ কি?

(What is the meaning of Basic education?) 

উত্তৰঃ বুনিয়াদী শিক্ষা হৈছে সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা। ব্যক্তিত্বৰ তিনিটা বহল দিশ-দেহ, মন আৰু আত্মা, এই শিক্ষাই সামৰি লয়। ব্যক্তিৰ দেহ, মন আৰু আত্মাৰ অন্তৰ্নিহিত গুণৰাশি তাৰ স্বাভাৱিক ৰূপত উদ্ঘাটন কৰি তুলিবৰ বাবে তেওঁ গ্ৰহণ কৰা শিক্ষাৰ মাধ্যম আছিল হস্তশিল্প। এই হস্তশিল্পৰ যোগেদি শিক্ষা হৈছে এক সুচিন্তিত আৰু সুপৰিকল্পিতভাৱে কৰা সমগ্ৰ ব্যক্তিত্ব বিকাশৰ আঁচনি।

১৩। বুনিয়াদী শিক্ষাৰ দুটা প্ৰধান সাংগঠনিক বৈশিষ্ট্য উল্লেখ কৰা।

(Mention two salient features of Basic Education.) 

উত্তৰঃ তলত বুনিয়াদী শিক্ষাৰ দুটা প্রধান সাংগঠনিক বৈশিষ্ট্য উল্লেখ কৰা হ’ল— 

(ক) সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা (Education of total personality): দেহ, মন আৰু আত্মা এই তিনিটা দিশেই সমগ্ৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় অভিজ্ঞতা সামৰি লয়, বুনিয়াদী শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিত্বৰ এই তিনিওটা দিশৰ সুসামঞ্জস্য ৰূপত বিকশাই তোলা।

(খ) জ্ঞানৰ সহ-সম্বন্ধতা (Co-related aspect of Knowledge): জ্ঞান অভিন্ন আৰু অবিভাজ্য স্বৰূপে বিবেচনা কৰি অধ্যয়নৰ বিষয়সমূহৰ মাজত সহ-সম্বন্ধ স্থাপনৰ নীতি ইয়াত গ্ৰহণ কৰা হয়। অধ্যয়নৰ বিষয়সমূহৰ মাজত সমন্বয় সাধনেৰেহে শিক্ষা সাৰ্থকভাৱে দিব পৰা যায় আৰু সেই শিক্ষাহে ছাত্ৰৰ বাবে অধিক অৰ্থপূৰ্ণ হৈ উঠিব পাৰে, এনে কথাত বিশ্বাস কৰা হয়।

১৪। বুনিয়াদী শিক্ষাৰ যিকোনো দুটা প্ৰধান নীতি উল্লেখ কৰা। 

(Mention any two main principles of Basic education)

উত্তৰঃ বুনিয়াদী শিক্ষাৰ দুটা প্ৰধান নীতি তলত অতি চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) মনোবৈজ্ঞানিক নীতি (Psychological Principle): বুনিয়াদী শিক্ষা মনোবিজ্ঞানৰ সুস্থ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই শিক্ষাই গতানুগতিক শিক্ষাৰ সম্পূৰ্ণৰূপে শৈক্ষিক আৰু । তাত্ত্বিক শিক্ষাদানৰ পৰা হোৱা অত্যাচাৰৰ পৰা শিশুক মুক্ত কৰিব পাৰে।

(খ) সামাজিক নীতি (Social Principle): বুনিয়াদী শিক্ষাই এখন শ্রেণীবিহীন সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিব পাৰে। হস্ত শিল্পৰ কাৰ্যকৰী আৰু উৎপাদনশীল শিক্ষাই সমাজৰ সকলো শ্ৰেণী লোকৰ শিশুক সমানে ক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ শিকায়।

১৫৷ বুনিয়াদী শিক্ষাৰ দুটা সবলতা উল্লেখ কৰা।

(Mention two Strength of Basic Education.) 

উত্তৰঃ বুনিয়াদী শিক্ষাৰ দুটা সবলতা তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। ই শিশুৰ গঠনাত্মক প্রবৃত্তি প্ৰশিক্ষণৰ ওপৰত বিশ্বাস কৰে।

(খ) এই শিক্ষা পদ্ধতিয়ে গতানুগতিক শিক্ষা ব্যৱস্থাৰ জড়তা আৰু নিষ্ক্রিয়তা গুচাই শিশুক সক্ৰিয় আৰু ক্ৰিয়া জড়িত কৰি তুলিব পাৰে।

১৬। বুনিয়াদী শিক্ষাৰ দুটা দুৰ্বলতা উল্লেখ কৰা।

(Mention two Weakness of Basic Education.) 

উত্তৰঃ তলত বুনিয়াদী শিক্ষাৰ দুটা দুৰ্বলতা সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) এক নির্দিষ্ট হস্তশিল্পৰ যোগেদি সকলো বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা স্বাভাৱিক আৰু কাৰ্যকৰী বিধৰ হৈ উঠিব নোৱাৰে।

(খ) শিশুৱে দিনে তিনি ঘণ্টাৰো অধিক সময় হাতে কামে হস্তশিল্পৰ কাম কৰাটো বিজ্ঞানসন্মত শিক্ষানীতি বুলি বিবেচনা কৰিব নোৱাৰি।

১৭। ভাৰতবৰ্ষত বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। 

(Mention any two Causes of failure of Basic Education in India.) 

উত্তৰঃ ভাৰতবৰ্ষত বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণসমূহৰ ভিতৰত তলত দুটা অতি সংক্ষেপে উল্লেখ কৰা হ’ল— 

(ক) ভাৰতীয় মানুহৰ আন্তৰিকতাহীনতা।

(খ) ভুল মনোভাব আৰু ভুল প্ৰয়োগ ব্যৱস্থা।

১৮। জাতীয় শিক্ষা আঁচনি স্বৰূপে চার্জেণ্ট কমিটীৰ যিকোনো দুটা প্রধান প্ৰস্তাৱ উল্লেখ কৰা।

(Mention any two major proposals of Sargent Committee as a national Scheme of education.)

উত্তৰঃ জাতীয় শিক্ষা আঁচনি স্বৰূপে চার্জেণ্ট কমিটীৰ যিকোনো দুটা প্রধান প্ৰস্তাৱ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) ৩ বছৰৰ পৰা ৬ বছৰ বয়সলৈকে প্ৰাক্‌-প্রাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 

(খ) প্রাথমিক বা বুনিয়াদী শিক্ষা দুটা পৰ্যায়ত বিভক্ত কৰিব লাগে, যেনে— নিম্ন বুনিয়াদী 

(গ) (৬-১১ বছৰ) আৰু উচ্চ বুনিয়াদী (১১-১৪ বছৰ)।

১৯৷ প্ৰাক্‌-প্রাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on Preprimary education.)

উত্তৰঃ প্রাক্‌-প্রাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) জাতীয় শিক্ষা আঁচনিত নাৰ্চাৰী স্কুলসমূহ অন্তৰ্ভুক্ত কৰিব লাগে। প্রচলিত ব্যৱস্থাত এই শিক্ষাৰ অৱস্থা তেনেই উপেক্ষণীয়।

(খ) ৩-৬ বছৰ বয়সৰ শিশুক এই স্কুলত ভৰ্তি কৰিব লাগে।

২০। প্রাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

Mention two recommendations of Sargent Committee on Primary education.

উত্তৰঃ তলত প্ৰাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা হ’ল— 

(ক) বুনিয়াদী স্কুলবোৰক নিম্ন আৰু উচ্চ বুনিয়াদী স্বৰূপে দুটা ভাগত বিভক্ত কৰিব লাগে।

(খ) নিম্ন বুনিয়াদী শিক্ষা ৬-১০ বছৰ বয়সৰ বাবে আৰু উচ্চ বুনিয়াদী ১১-১৪ বছৰ বয়সৰ বাবে হ’ব লাগে।

২১। মাধ্যমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on Secondary education.)

উত্তৰঃ তলত মাধ্যমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা হ’ল

(ক) যিসকল ছাত্ৰৰ উচ্চ শিক্ষাৰ বাবে বিশেষ যোগ্যতা আৰু অভিৰুচি থাকে তেনে ছাত্ৰকহে এই পৰ্যায়ৰ শিক্ষাৰ বাবে অন্তৰ্ভুক্ত কৰিব লাগে।

(খ) এই পৰ্যায়ৰ শিক্ষা ৬ বছৰীয়া হ’ব লাগে আৰু ই ছাত্ৰ-ছাত্ৰীৰ ১১-১৭ বছৰ বয়সৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে। ১১ বছৰৰ কম বয়সৰ ল’ৰা-ছোৱালীক এই শিক্ষাৰ বাবে অন্তর্ভুক্ত কৰিব নালাগে ৷

২২। বিশ্ববিদ্যালয়ৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on University education.)

উত্তৰঃ তলত বিশ্ববিদ্যালয়ৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা হ’ল—

(ক) স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম তিনি বছৰীয়া হ’ব লাগে ৷

(খ) ইণ্টাৰমিডিয়েট পর্যায় তুলি দিব লাগে। একাদশ শ্রেণী হাইস্কুলৰ লগত সংযোগ কৰিব লাগে আৰু দ্বাদশ শ্রেণী বিশ্ববিদ্যালয়ত অন্তর্ভুক্ত কৰিব লাগে।

২৩। কাৰিকৰী, বাণিজ্যিক আৰু শিল্প বিষয়ৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা।

(Mention two recommendations of Sargent Committee on technical, Commercial and Art education.)

উত্তৰঃ তলত কাৰিকৰী, বাণিজ্যিক আৰু শিল্প বিষয়ৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) কাৰিকৰী শিক্ষা সম্বন্ধে পূৰ্বৰ উড-এবট্ প্রতিবেদনৰ পৰামৰ্শাৱলীৰ প্ৰতি মনোযোগ প্ৰদান কৰিব লাগে।

(খ) দেশৰ শিল্প উদ্যোগবোৰৰ বাবে চাৰি প্ৰকাৰৰ কৰ্মচাৰীৰ প্ৰয়োজন, তেওঁলোক হৈছে মুখ্য প্রশাসক, গৌণ প্রশাসক, সুনিপুণ হস্তশিল্পী আৰু নিপুণতাহীন কৰ্মী।

২৪। প্রাপ্ত-বয়স্কৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on adult education.)

উত্তৰঃ প্ৰাপ্ত-বয়স্কৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) ১০-৪০ বছৰ বয়সৰ ভিতৰত থকা নিৰক্ষৰ লোকসকলৰ বাবে প্রাপ্তবয়স্ক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(খ) নিৰক্ষৰসকলৰ বাবে সাধাৰণ শিক্ষা আৰু কাৰিকৰী শিক্ষা দুয়োবিধকে অন্তর্ভুক্ত কৰিব লাগে।

২৫। শিক্ষক প্রশিক্ষণ সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on training of teachers.)

উত্তৰঃ শিক্ষক প্রশিক্ষণ সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বিশ্ববিদ্যালয়ত শিক্ষা বিভাগ খোলাকে আদি কৰি নতুন প্রশিক্ষণ কলেজ স্থাপন কৰিব লাগে। ইয়াৰ যোগেদি হাইস্কুলৰ বাবে প্ৰয়োজন হোৱা প্ৰায় ১ লাখ ৮০ হেজাৰ প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ সৃষ্টি কৰিব লাগে।

(খ) হাইস্কুলৰ শিক্ষাৰ শেষফালে এই উদ্দেশ্যে উপযুক্ত ছাত্র-ছাত্রীক নির্বাচন কৰিব লাগে। বিশেষকৈ মহিলা শিক্ষকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এনে কৰিব লাগে।

২৬। বাধাগ্রস্ত শিশুৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on education of the Handicapped children.) 

উত্তৰঃ বাধাগ্রস্ত শিশুৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) দৈহিক আৰু মানসিক বাধাগ্ৰস্তসকলৰ শিক্ষা জাতীয় শিক্ষা ব্যৱস্থাৰ অপৰিহাৰ্য অংশ বিশেষ হ’ব লাগে আৰু চৰকাৰৰ শিক্ষা বিভাগে ইয়াৰ দায়িত্ব ল’ব লাগে।

(খ) বাধাগ্রস্ত শিশুসকলক স্বাভাৱিকসকলৰ পৰা পৃথক কৰিব নালাগে। যেতিয়া তেওঁলোকৰ অৱস্থা গুৰুতৰ বিধৰ হয়, তেনে অৱস্থাতহে পৃথক স্কুললৈ বা অনুষ্ঠানলৈ পঠাব লাগে ৷

২৭। সমাজৰ অৱসৰ সময়ৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention two recommendations of Sargent Committee on leisure time education of the society.)

উত্তৰঃ সমাজৰ অৱসৰ সময়ৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ দুটা পৰামৰ্শ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) স্কুল কলেজৰ সাধাৰণ শিক্ষাৰ উপৰিও স্কুলত নথকা ১৪ৰ পৰা ২০ বছৰ বয়সৰ লোকসকলৰ অৱসৰৰ সময়ৰ শিক্ষাৰ প্ৰতি মনোযোগ দিব লাগে।

(খ) ইয়াৰ বাবে সৰ্বভাৰতীয় ভিত্তিত এক যুব-আন্দোলন গঢ় দি তুলিব লাগে।

২৮। চার্জেণ্ট কমিটীৰ দুটা সবলতা উল্লেখ কৰা।

(Mention two strength of Sargent Committee.) 

উত্তৰঃ তলত চার্জেণ্ট কমিটীৰ দুটা সবলতা উল্লেখ কৰা হ’ল—

(ক) ভাৰতীয় শিক্ষাত সামগ্ৰিক ৰূপত জাতীয় শিক্ষা আঁচনিৰ ধাৰণা এই কমিটীয়ে প্ৰদান কৰে। ইয়াৰ ফলত শিক্ষাৰ অ’ত-ত’ত সামান্য পৰিৱৰ্তন আৰু সংশোধন কৰাৰ পৰিৱৰ্তে এক সামূহিক শিক্ষা-দৰ্শন গঢ় দি তুলিবলৈ চেষ্টা কৰা হয়।

(খ) শিক্ষাৰ বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন দিশত কোনো পক্ষপাতমূলক মনোভাব গ্রহণ নকৰাকৈ তাক প্ৰকৃত ৰূপত অধ্যয়ন আৰু পৰামৰ্শ দান কৰে ৷ ভাৰতীয়সকলৰ মনত ইংৰাজৰ প্ৰতি কোনো সন্দেহৰ অৱকাশ ইয়াত পাব পৰা নাযায়।

২৯। চার্জেণ্ট কমিটীৰ দুটা দুৰ্বলতা উল্লেখ কৰা।

(Mention two weakness of Sargent Committee.) 

উত্তৰঃ চার্জেণ্ট কমিটীৰ দুটা দুৰ্বলতা তলত চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) ভাৰতীয় সমালোচক সকলৰ দৃষ্টিৰে কোৱা হয় যে এই শিক্ষা প্রতিবেদন এক মৌলিক প্রতিবেদন নহয়। ইয়াত ইংৰাজসকলে ইতিপূৰ্বে প্ৰদান কৰা শিক্ষা আয়োগ আৰু শিক্ষা কমিটীবোৰৰ পৰামৰ্শাৱলীৰ এক জোৰা তাপলি মৰা ব্যৱস্থা বুলিহে ক’ব পাৰি।

(খ) ভাৰতীয় শিক্ষা বিকাশৰ বাবে ইয়াত ধার্য কৰা ৪০ বছৰ সময় যথেষ্ট অধিক। ইমান দীৰ্ঘদিনৰ বাবে শিক্ষা বিকাশ কৰিবলৈ দেশে অপেক্ষা কৰিব নোৱাৰে। আমাৰ দ্ৰুত বিকাশৰ বাবে এখন খৰতকীয়া আঁচনিৰহে প্ৰয়োজন আছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। দ্বৈত শাসন ব্যৱস্থা সম্বন্ধে চমুকৈ লিখা।

(Write briefly about the system of Dyarchy.) 

উত্তৰঃ ভাৰতৰ প্ৰশাসন সম্বন্ধীয় সচিব (Secretary of State for India) এডুইন মণ্টেগে (Edwin Montague) ১৯১৭ চনৰ ২০ আগষ্টত ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টত (House of Commons) ভাৰতীয়সকলৰ প্ৰতি প্ৰশাসনৰ এক উদাৰ নীতি ঘোষণা কৰে। এডুইন মণ্টেগৰ ঘোষিত নীতি অনুসৰি আৰু মণ্টেগ চেমচফোৰ্ড প্রতিবেদনৰ ওপৰত ভিত্তি কৰি ১৯১৯ চনত ভাৰত প্ৰশাসন আইন আৰু ইয়াৰ দ্বৈত প্রশাসন ব্যৱস্থা গ্ৰহণ কৰা হয়। এই নতুন প্ৰশাসন ব্যৱস্থা মতে কেন্দ্ৰীয় আৰু প্ৰাদেশিক চৰকাৰবোৰৰ প্ৰশাসনীয় ক্ষমতা আৰু অধিকাৰ ক্ষেত্র সুনির্দিষ্ট কৰি দিয়া হয়। পূর্বে এই সকলোবোৰ ক্ষমতা কেন্দ্ৰীয় আৰু প্ৰাদেশিক চৰকাৰবোৰৰ হৈ কেন্দ্ৰস্থভাৱে নিৰ্ধাৰণ আৰু পৰিচালনা কৰিছিল। এই নতুন ব্যৱস্থা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য নিৰ্বাহক পৰিষদ (Central Executive Council) সদস্য সংখ্যা বৃদ্ধি কৰি ৩ জন ভাৰতীয় সদস্য অন্তর্ভুক্ত কৰা হয়। এই পৰিষদে গোটেই দেশৰ বাবে আইন প্ৰস্তুতকৰণৰ ক্ষমতা দিয়া হয়।

আনহাতে প্রাদেশিক চৰকাৰবোৰৰ শাসন ক্ষমতা দুটা ভাগত বিভক্ত কৰা হয়। ই হৈছে সংৰক্ষিত আৰু স্থানান্তৰিত (Reserved and transfered)। সংৰক্ষিত বিষয়ৰ তালিকাত আইন-শৃংখলা, পুলিচ, ৰাজহ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়। স্থানান্তৰিত বিষয়ৰ তালিকাত শিক্ষা, স্বাস্থ্যৰক্ষা আৰু স্থানীয় স্বায়ত্ত শাসন আদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্য চৰকাৰবোৰত প্ৰৱৰ্তন কৰা এই প্ৰশাসনীয় ব্যৱস্থাক দ্বৈত শাসন বা ‘Diarchy’ নামে জনা যায়।

এই দ্বৈত শাসন ব্যৱস্থ্যত ৰাজ্যৰ মুখ্য প্রশাসক বা গৱৰ্ণৰসকলক অধিক ক্ষমতা দিয়া হয়। প্রাদেশিক চৰকাৰবোৰত থকা গৱৰ্ণৰৰ প্ৰশাসনীয় পৰিষদ (Governor’s Executive Council) আৰু ৰাজ্যিক বিধায়নী পৰিষদ (Provincial legislature) এই দুয়োখনেই গৱৰ্ণৰ জনৰ অধীনত ৰখা হয়৷ ৰাজ্যিক বিধায়নী পৰিষদ ভাৰতীয় লোকসকলৰ নিৰ্বাচিত প্রতিনিধিৰ দ্বাৰা গঠন কৰা হয় আৰু তেওঁলোকৰ মাজৰ পৰা গৱৰ্ণৰে মন্ত্ৰীসকলক নির্বাচন কৰে। প্ৰশাসনীয় পৰিষদে সংৰক্ষিত বিষয়সমূহ আৰু বিধায়নী পৰিষদে স্থানান্তৰিত বিষয়সমূহৰ ক্ষমতা আৰু দায়িত্ব গ্ৰহণ কৰে। ১৯১৯ চনত সেই অনুসৰি এক নতুন সংবিধান ৰচনা কৰা হয়।

২। দ্বৈত শাসনত শিক্ষা ব্যৱস্থা সম্বন্ধে চমুকৈ লিখা।

(Write briefly about education under the system of Dyarchy.) 

উত্তৰঃ দ্বৈত শাসনৰ নতুন সাংবিধানিক ব্যৱস্থা স্বৰূপে শিক্ষা বিভাগ স্থানান্তৰিত বিষয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যিক বিধায়নী পৰিষদৰ নিৰ্বাচিত শিক্ষামন্ত্ৰীসকলে ইয়াৰ দায়িত্ব গ্ৰহণ কৰে। অৱশ্যে এই প্রসংগত উল্লেখযোগ্য যে শিক্ষা বিষয় বিধায়নী পৰিষদলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত মত বিৰোধৰ সৃষ্টি নোহোৱাকৈ থকা নাছিল ৷ বিশেষকৈ ভাৰতত থকা ইউৰোপীয়ান আৰু এংগলো ইণ্ডিয়ানসকলে ইয়াৰ আপত্তি কৰিছিল এইবাবে যে প্রাদেশিক শিক্ষামন্ত্রীসকলে তেওঁলোকৰ শিক্ষাৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ নিবিচাৰিব। ইয়াৰ উপৰি প্রাদেশিক চৰকাৰসমূহেও শিক্ষা বিষয় হস্তান্তৰিত কৰাৰ ক্ষেত্ৰত ভিন্‌ ভিন্‌ মত প্রকাশ কৰিছিল। সেইবাবে শিক্ষামন্ত্ৰীলৈ কেতবোৰ চৰ্ত সাপেক্ষেহে শিক্ষাৰ হস্তান্তৰ কৰা হৈছিল ৷ এইসমূহ চৰ্ত আছিল এনেধৰণৰ—

(ক) এংগলো ইণ্ডিয়ান আৰু ইউৰোপীয়ানসকলৰ শিক্ষা বিষয় সংৰক্ষিত হ’ব। 

(খ) বেনাৰস হিন্দু বিশ্ববিদ্যালয়কে ধৰি সৰ্বভাৰতীয় স্বৰূপে বিবেচিত বিশ্ববিদ্যালয়বোৰৰ দায়িত্ব হস্তান্তৰিত কৰা নহ’ব।

(গ) সৈনিক, উচ্চ পদস্থ বিষয়া আদিৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব হস্তান্তৰিত কৰা নহ’র।

(ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা অঞ্চলবোৰৰ শিক্ষা হস্তান্তৰিত কৰা নহ’ব। এনেবোৰ ব্যৱস্থাই স্বাভাৱিকতেই প্রাদেশিক শিক্ষামন্ত্ৰীসকলৰ ক্ষমতা সীমিত.আৰু নিয়ন্ত্ৰিত কৰি তুলিলে। শিক্ষাৰ ক্ষমতাৰ কেতবোৰ বিষয় কেন্দ্ৰীয় চৰকাৰৰ হাতত আৰু আনবোৰ বিষয় ৰাজ্যিক শিক্ষামন্ত্ৰীৰ হাতত প্ৰদান কৰি ক্ষমতাৰ ভাগ বিতৰণ কৰা হ’ল। প্রাদেশিক শিক্ষামন্ত্ৰীসকলৰ হাতত যাতে ইংৰাজসকলৰ স্বাৰ্থ বিনস্ত হ’ব নোৱাৰে তাক নিশ্চিত কৰা হ’ল।

৩। দ্বৈত শাসন ব্যৱস্থাত শিক্ষাৰ সমস্যা সম্বন্ধে আলোচনা কৰা।

(Discuss about the problem of education under the System of Dyarchy.)

উত্তৰঃ দ্বৈত শাসন ব্যৱস্থা অনুসৰি শিক্ষা এক স্থানান্তৰিত বিষয়স্বৰূপে শিক্ষামন্ত্ৰীসকলক দিয়া হয়। ৰাইজৰ এই নির্বাচিত প্রতিনিধিস্বৰূপে শিক্ষামন্ত্ৰীসকল দেশৰ শিক্ষা বিকাশৰ বাবে অধিক তৎপৰ হৈ উঠিল। তেওঁলোকে অনুভৱ কৰি উঠে যে শাসনৰ অধিকাৰ লাভ কৰি উঠা জনসাধাৰণ শিক্ষা বিকাশ কৰিব নোৱাৰিলে মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণৰ কোনো অর্থ থাকিব নোৱাৰে। সেই হেতুকে তেওঁলোকে নিজ নিজ ৰাজ্যত শিক্ষাৰ নতুন নতুন আঁচনি গ্ৰহণ কৰে। কিন্তু এই আঁচনি কাৰ্যকৰী কৰি তুলিবৰ বাবে প্ৰয়োজনীয় আর্থিক ক্ষমতা দিয়া নহয়। অৰ্থ আৰু ৰাজহ বিষয় সংৰক্ষিত তালিকাত ৰাখি এই ক্ষেত্ৰত হেঙাৰস্বৰূপে সৃষ্টি কৰি তোলা হয়। প্রাদেশিক গৱৰ্ণৰসকলেও শিক্ষামন্ত্ৰীয়ে প্ৰস্তুত কৰি তোলা শিক্ষা সম্বন্ধীয় বিল অগ্রাহ্য কৰাৰ ক্ষমতা দিয়া হয়। সেইবাবে দ্বৈত শাসন ব্যৱস্থাত ৰাজ্যিক মন্ত্ৰীসকলে পোৱা ক্ষমতা কার্যকীৰকৰণৰ উপায় তেওঁলোকৰ হাতত দিয়া নহয়৷ 

কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যিক চৰকাৰবোৰক অৰ্থসাহায্য দিয়াটো বন্ধ কৰি দিয়ে। ইয়াৰ উপৰি শিক্ষা বিভাগৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকল ভাৰত প্ৰশাসন সচিবৰ ওপৰতহে দায়বদ্ধ আছিল, প্রাদেশিক মন্ত্ৰীসকলৰ ওচৰত নহয়৷ এনেবোৰ প্ৰশাসনীয় পৰিস্থিতিত পৰি ৰাজ্যিক শিক্ষামন্ত্ৰীসকলে ইংৰাজসকলৰ লগত প্ৰকৃত অৰ্থত যুঁজ কৰিব লগা হৈছিল। দ্বৈত শাসনৰ যোগে বাস্তৱ ক্ষেত্ৰত তেওঁলোকক যে ক্ষমতা হস্তান্তৰ কৰা হোৱা নাই এই কথা ক্ৰমে অনুভৱ কৰি উঠিবলৈ ধৰে।

৪। চাইমন আয়োগৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about Simon Commission.)

উত্তৰঃ দ্বৈত শাসনৰ প্ৰবঞ্চনা আৰু পৰৱৰ্তী কালত প্ৰৱৰ্তন কৰা ৰাওলাট আইনে ভাৰতবৰ্ষত এক অভাবনীয় ৰাজনৈতিক সংকটৰ সৃষ্টি কৰি তোলে। ১৯২৬ চনত লৰ্ড আৰুইন (Lord Irwin) নতুন ৰাজ প্রতিনিধি স্বৰূপে নিযুক্তি হৈ ভাৰতলৈ আহে৷ তেওঁ দায়িত্ব গ্ৰহণ কৰি ভাৰতৰ অশান্ত ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখীন হয়। ১৯১৯ চনৰ ভাৰত প্ৰশাসন আইনতেই উল্লেখ আছিল যে ১০ বছৰৰ পিছত নতুন প্রশাসন ব্যৱস্থা পুনৰীক্ষণ কৰিব পাৰিব। সেই হেতুকে চাৰ জন চাইমন (Sir John Simon) ৰ নেতৃত্বত সাতজন সদস্যৰে ভাৰতৰ সমগ্ৰ সাংবিধানিক ব্যৱস্থাটো পৰীক্ষা কৰি প্ৰয়োজনীয় পৰামৰ্শ দিবলৈ এখন আয়োগ গঠন কৰে৷ এই আয়োগখনত এজনো ভাৰতীয় সদস্য অন্তৰ্ভুক্ত কৰা হোৱা নাছিল৷ এই আয়োগ সেয়েহে ভাৰতীয়সকলে বৰ্জন কৰে আৰু ইয়াৰ প্ৰতিবাদস্বৰূপে আয়োগ ভাৰতত পদার্পণ কৰাৰ দিনা হৰতাল পালন কৰা হয়।

এই আয়োগখনক বহুসংখ্যক ভাৰতীয়ই জোৰদাৰ প্ৰতিবাদ কৰিছিল। নেহেৰু, গান্ধীজী, জিন্না (পাকিস্তান), মুছলিম লীগ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এই প্রতিবাদৰ নেতৃত্ব ‘লৈছিল, কাৰণ ইয়াত অন্তৰ্ভুক্ত সদস্য সাতগৰাকী ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সদস্য আছিল । কিন্তু এগৰাকীও ভাৰতীয় সদস্য তাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ভাৰতীয় জাতীয়তাবাদী নেতা লালা লাজপট ৰায় লাহোৰত এই আয়োগৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। তাত তেওঁক পুলিচে বেয়াকৈ আঘাত কৰে যাৰ ফলস্বৰূপে ১৯২৮ চনৰ ১৭ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। আনহাতে B. R. Ambedkar আৰু Periyar E. V. Ramaswamy-এ এই আয়োগখনক আদৰণি জনায়।

চাইমন আয়োগৰ মুখ্য উদ্দেশ্য আছিল ভাৰত প্ৰশাসনৰ দিনত ৰাজনৈতিক,আৰু সাংবিধানিক দিশৰ বিস্তৃতভাৱে অধ্যয়ন কৰা। শিক্ষাৰ দিশ ইয়াৰ লগত জড়িত হৈ থকাৰ বাবে এই দিশৰ ওপৰতো অধ্যয়ন আৰু অনুসন্ধান কৰি প্ৰতিবেদন প্রস্তুত কৰিবলৈ কোৱা হয়। আয়োগৰ অধ্যয়নৰ পৰিসৰ অধিক জটিল আৰু ব্যাপক পৰিসৰৰ হোৱালৈ চাই শিক্ষা বিষয়ৰ অধ্যয়ন কৰি পৰামৰ্শ দিবলৈ এখন সহায়কাৰী কমিটী (Auxiliary Committee) গঠন কৰি দিয়ে।

৫। ১৯২৯ চনৰ হাৰ্টগ কমিটীয়ে ভাৰতৰ প্ৰাথমিক শিক্ষাত কি কি দোষ-ত্রুটি আঙুলিয়াই দিয়ে?

(What are the defects of primary education in India by Hartog Committee, 1929?)

উত্তৰঃ ১৯২৯ চনৰ হাৰ্টৰ্গ কমিটীৰ মতে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ প্ৰধান অন্তৰায় হ’ল অপচয় আৰু অনুন্নয়ন। অপচয় আৰু অনুন্নয়নৰ কাৰণ স্বৰূপে হার্টগ কমিটীয়ে প্রাথমিক শিক্ষাৰ আন কেতবোৰ দোষ-ত্রুটি আঙুলিয়াই দিয়ে। এইসমূহ নিম্নলিখিত বিধৰ—

(ক) শতকৰা ৬০ ভাগ স্কুলতে এজনীয়া শিক্ষকৰ ব্যৱস্থাহে আছে।

(খ) প্রাথমিক স্কুলবোৰৰ ঘৰ-দুৱাৰ, সা-সঁজুলি, খেলা-ধেমালিৰ সৰঞ্জাম আদি অনাকর্ষণীয়।

(গ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ দেখা যায়। পৰিদৰ্শন ব্যৱস্থাও উন্নত নহয় ৷ প্ৰয়োজন অনুসৰি পৰিদৰ্শকৰ সংখ্যা সৰহ নহয়।

(ঘ) পৰিস্থিতি অনুকূল নোহোৱা বাবে মহিলা শিক্ষকে গাঁও অঞ্চলত থাকিব নোৱাৰে।

(ঙ) স্কুলৰ পাঠ্যক্ৰম ব্যৱহাৰিক জীৱনৰ লগত সম্বন্ধ নথকা বিধৰ৷

(চ) গাঁৱৰ মানুহৰ সুবিধাৰ বাবে প্ৰত্যেক গাঁৱতে প্রাথমিক স্কুল নাই। বৰষুণৰ বতৰত, শীতকালত ল’ৰা-ছোৱালীবোৰে দূৰৰ স্কুললৈ গৈ পঢ়াটো অসুবিধা।

(ছ) গাঁৱৰ মানুহবোৰ দুখীয়া হোৱা বাবে, নিৰক্ষৰ আৰু ৰক্ষণশীল হোৱা বাবে শিক্ষাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনাৰ অভাৱ দেখা যায়।

(জ) শিক্ষাদান পদ্ধতি হৈছে অনাকর্ষণীয় আৰু গতানুগতিক।

(ঝ) বাধ্যতামূলক প্রাথমিক শিক্ষা আইনো দোষমুক্ত নহয়। এই আইন অনুসৰি বাধ্যতামূলক প্রাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কর্তৃপক্ষই বহন কৰিব লাগে। কিন্তু কর্তৃপক্ষ প্ৰাথমিক শিক্ষাৰ প্রশাসনিক দিশৰ বাবে বেছি যোগ্য নহয়।

৬। প্রাথমিক শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ পৰামৰ্শাৱলী উল্লেখ কৰা। 

(Mention the recommendations of Hartog Committee on Primary Education.)

উত্তৰঃ প্রাথমিক শিক্ষা সম্বন্ধে হার্টগ কমিটীৰ পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিব লাগে যদিও ইয়াৰ বাবে কোনো খৰখেদা কৰিব নালাগে। বাধ্যতামূলক কৰি তোলাৰ পূৰ্বে পৰিৱেশৰ পৰিস্থিতি আৰু স্থানীয় প্রয়োজন আদি ভালদৰে অধ্যয়ন কৰিব লাগে।

(খ) প্ৰাথমিক শিক্ষাৰ সংখ্যাগত বিকাশতকৈ ইয়াৰ গুণগত বিকাশ সাধন কৰাটো অধিক প্ৰয়োজনীয় নীতি স্বৰূপে বিবেচিত হ’ব লাগে।

(গ) প্রাথমিক শিক্ষা জাতীয় বিকাশৰ বাবে গুৰুত্বপূৰ্ণ হোৱা হেতুকে চৰকাৰে ইয়াৰ পৰিদৰ্শন আৰু নিয়ন্ত্ৰণৰ দায়িত্ব ল’ব লাগে। স্থানীয় কর্তৃপক্ষবোৰে ভাল কাম কৰিব পৰা নাই।

(ঘ) প্রাথমিক স্কুলৰ শিক্ষাকাল কমেও ৪ বছৰ হ’ব লাগে।

(ঙ) এই পৰ্যায়ৰ নিম্ন শ্রেণীকেইটাৰ বিকাশত অধিক মনোযোগ দিব লাগে আৰু অপচয় ৰোধ কৰিব লাগে।

(চ) প্ৰাথমিক স্কুলৰ কাৰ্যসূচী আৰু সময়সূচী স্থানীয় পৰিস্থিতি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰি তুলিব লাগে।

(ছ) ইয়াৰ পাঠ্যক্ৰম উদাৰ মনোভাবৰ হ’ব লাগে আৰু ছাত্ৰৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় বিষয়বোৰ অন্তৰ্ভুক্ত কৰিব লাগে।

(জ) প্ৰাথমিক স্কুলৰ শিক্ষকৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে পুনৰুদ্দীপন পাঠ্যক্রম আৰু প্ৰশিক্ষণৰ আঁচনি প্ৰৱৰ্তন কৰিব লাগে।

(ঝ) পৰিদৰ্শনৰ যোগ্যতা বৃদ্ধি কৰি তুলিবৰ বাবে অধিক সংখ্যক পৰিদৰ্শক নিযুক্ত কৰিব লাগে।

(ঞ) প্রাথমিক স্কুলবোৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ন কেন্দ্ৰ স্বৰূপে কাম কৰিব লাগে। ইয়াৰ বাবে স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা, প্রাপ্তবয়স্ক লোকৰ শিক্ষা ব্যৱস্থা আৰু গ্ৰাম্য অঞ্চলৰ লোকৰ অৱসৰ সময় সার্থকভাৱে কটোৱাৰ আঁচনি গ্ৰহণ কৰিব লাগে।

৭। মাধ্যমিক শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ পাঁচটা পৰামৰ্শ উল্লেখ কৰা।

(Mention five recommendations of Hartog Committee on Secondary Education.)

উত্তৰঃ তলত মাধ্যমিক শিক্ষা সন্দৰ্ভত হাৰ্টৰ্গ কমিটীৰ পাঁচটা পৰামৰ্শ উল্লেখ কৰা হ’ল— 

(ক) মাধ্যমিক পৰ্যায়ৰ (Middle Vernacular) পাঠ্যক্রম পুনৰ সংগঠন কৰিব লাগে আৰু গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনৰ লগত খাপ খুৱাই তুলিব লাগে। 

(খ) শিল্প আৰু বাণিজ্যমূলক পাঠ্যক্ৰম হাইস্কুলত অন্তৰ্ভুক্ত কৰিব লাগে আৰু ছাত্ৰসকলক ইয়াৰ অধ্যয়নৰ বাবে উৎসাহিত কৰিব লাগে।

(গ) হাইস্কুলত বিকল্প পাঠ্যক্ৰম অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ যোগেদি ছাত্ৰসকলে তেওঁলোকৰ নিজ নিজ আগ্ৰহ আৰু ক্ষমতা অনুসৰি পাঠ্যক্ৰম বাচি লোৱাৰ সুবিধা দিব লাগে।

(ঘ) মজলীয়া স্কুল পর্যায় শেষ হোৱাৰ পিছত পৰীক্ষা পাতিব লাগে। এনে পৰীক্ষাই উপযুক্ত ছাত্ৰসকলক নির্বাচন কৰিব পাৰিব লাগে।

(ঙ) ছাত্ৰৰ নিজ প্রতিভা অনুসৰি বিভিন্ন দিশৰ অধ্যয়নৰ বিষয় নির্বাচন কৰিব লাগে ৷

৮। স্ত্রীশিক্ষা সম্বন্ধে হার্টগ কমিটীৰ পাঁচটা পৰামৰ্শ উল্লেখ কৰা। 

(Mention five recommendations of Hartog Committee on Women’s Education.)

উত্তৰঃ স্ত্রীশিক্ষাৰ সমস্যা সমাধানৰ দিশত হার্টগ কমিটীয়ে নিম্নলিখিত পৰামৰ্শসমূহ আগবঢ়ায়—

(ক) ছোৱালীৰ পাঠ্যক্ৰমত তেওঁলোকৰ প্ৰয়োজনীয় বিষয়, যেনে— গার্হস্থ্য বিজ্ঞান অন্তর্ভুক্ত কৰিব লাগে।

(খ) প্ৰাথমিক আৰু মাধ্যমিক স্তৰত ছোৱালী স্কুলৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে ৷ গ্ৰাম্য অঞ্চলত ছোৱালীৰ পৃথক স্কুল স্থাপন কৰিব লাগে ৷

(গ) মহিলা শিক্ষক আৰু পৰিদৰ্শকৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে ৷

(ঘ) প্ৰাথমিক শিক্ষা ক্ৰমে ছোৱালীসকলৰ বাবেও বাধ্যতামূলক কৰি তুলিব লাগে।

(ঙ) ছোৱালীসকলেই দেশৰ ভৱিষ্যত নাগৰিকসকলৰ মাতৃস্বৰূপে গঢ়ি তুলিবলৈ তেওঁলোকৰ শিক্ষাত অগ্ৰাধিকাৰ দিব লাগে।

৯। মাধ্যমিক শিক্ষা সম্বন্ধে হার্টগ কমিটীয়ে আগবঢ়োৱা দোষ-ত্রুটি আৰু পৰামৰ্শসমূহ আলোচনা কৰা।

(Discuss the defects and recommendations of Hartog Committee on Secondary Education.)

উত্তৰঃ হাৰ্টৰ্গ কমিটীয়ে মাধ্যমিক শিক্ষাৰ কেতবোৰ গুৰুতৰ বিধৰ দোষ-ত্রুটি দেখা পাইছিল আৰু তাৰ প্ৰতিকাৰৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। তলত সেইবোৰ সংক্ষেপে উল্লেখ কৰা হল— 

দোষ-ত্রুটিসমূহঃ 

(ক) ইয়াৰ প্ৰধান আসোঁৱাহ হৈছে যে ই পুৰণি আদৰ্শৰ দ্বাৰা,প্ৰভাৱিত। এই আদৰ্শ হৈছে ছাত্ৰসকলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা। পৰীক্ষাৰ মনোভাবৰ দ্বাৰা ই অসুস্থভাৱে প্ৰভাৱিত আৰু পৰিচালিত। পৰীক্ষাৰ বাহিৰে ইয়াৰ আন কোনো আদৰ্শ আৰু উদ্দেশ্য নাই।

(খ) পৰীক্ষাত অকৃতকার্যতাৰ মাত্ৰাও হৈছে অধিক। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আৰু সময়ৰ অপচয় কৰা হৈছে। পৰীক্ষাত উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুৰ্বল নীতি আৰু ছাত্ৰক স্কুলত জধেমধে নামভৰ্তি কৰাৰ বাবেই এনে হৈছে।

(গ)  ইয়াৰ পাঠ্যক্ৰমো হৈছে দোষযুক্ত। পাঠ্যক্ৰম বিভাজিত কৰণৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত ই হৈ পৰিছে সংকীৰ্ণ আৰু জীৱন বিচ্ছিন্ন। বৃত্তিমূলক বিষয়সমূহে ইয়াত স্থান পোৱা নাই ৷

পৰামৰ্শসমূহঃ

(ক) মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম পুনৰ সংগঠন কৰিব লাগে আৰু গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনৰ লগত খাপ খুৱাই তুলিব লাগে ৷

(খ) শিল্প আৰু বাণিজ্যমূলক পাঠ্যক্রম হাইস্কুলত অন্তৰ্ভুক্ত কৰিব লাগে আৰু ছাত্ৰসকলক ইয়াৰ অধ্যয়নৰ বাবে উৎসাহিত কৰিব লাগে।

(গ) হাইস্কুলত বিকল্প পাঠ্যক্ৰম অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে ৷ ইয়াৰ যোগেদি ছাত্ৰসকলে তেওঁলোকৰ নিজ নিজ আগ্ৰহ আৰু ক্ষমতা অনুসৰি পাঠ্যক্রম বাছি লোৱাৰ সুবিধা দিব লাগে।

(ঘ) মজলীয়া স্কুল পর্যায় শেষ হোৱাৰ পিছত পৰীক্ষা পাতিব লাগে। এনে পৰীক্ষাই উপযুক্ত ছাত্ৰসকলক নির্বাচন কৰিব পাৰিব লাগে।

(ঙ) ছাত্ৰৰ নিজ প্রতিভা অনুসৰি বিভিন্ন দিশৰ অধ্যয়নৰ বিষয় নির্বাচন কৰিব লাগে ৷ 

(চ) শিক্ষক প্রশিক্ষণৰ বাবে উন্নত গুণমানৰ প্ৰশিক্ষণ কলেজ স্থাপন কৰি তুলিব লাগে ৷ এই প্রশিক্ষণ কলেজে উন্নত পদ্ধতিবোৰৰ শিক্ষা দিব লাগে আৰু পুনৰুদ্দীপন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে ৷

(ছ) শিক্ষকসকলৰ দৰমহা উন্নত কৰি তুলি চাকৰিৰ নিৰাপত্তা প্ৰদান কৰিব লাগে, যাতে উপযুক্ত লোকক শিক্ষকতাৰ বাবে আকৰ্ষণ কৰিব পাৰি।

(জ) শিক্ষকসকলৰ চাকৰিৰ অৱস্থা কেৱল উন্নত কৰাই নহয়, তেওঁলোকৰ সামাজিক মানদণ্ডও উন্নত কৰি তুলিব লাগে ৷

১০। উচ্চ শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Hartog Committee on Higher Education.)

উত্তৰঃ উচ্চ শিক্ষা সম্বন্ধে হাৰ্টগ কমিটীৰ পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) উচ্চ শিক্ষাৰ বৰ্ধিত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আবাসিক বিশ্ববিদ্যালয়ৰ উপৰিও সংবদ্ধকৰণকাৰী (affiliating) বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(খ) শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে বিশ্ববিদ্যালয়ে স্বীকৃতিপ্রাপ্ত কলেজবোৰৰ শিক্ষক নিযুক্তি দিব লাগে।

(গ) বিশ্ববিদ্যালয়ে সুসজ্জিত পুথিভঁৰালৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ যোগেদি শিক্ষকসকলক নতুন জ্ঞান আহৰণত সহায় কৰিব লাগে ৷

(ঘ) উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে মাধ্যমিক পৰ্যায়ৰ শিক্ষা উন্নত কৰি তুলিব লাগে।

(ঙ) বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণৰ নীতি কঠোৰ হ’ব লাগে আৰু প্ৰকৃত আগ্রহ অভিৰুচি আৰু মেধাশক্তি থকা ছাত্ৰকহে অধ্যয়নৰ সুবিধা দিব লাগে।

(চ) অনাৰ্চ বিষয়ক পাঠ্যক্ৰম সুসংগঠিত কৰি তুলিব লাগে আৰু যোগ্য ছাত্রকহে অধ্যয়ন কৰিবলৈ দিব লাগে।

(ছ) ছাত্ৰসকলে চাকৰিৰ প্ৰয়োজনীয় বা-বাতৰি লাভ কৰিবৰ বাবে বিশ্ববিদ্যালয়ত নিয়োগ বিভাগ (Employment bureau) স্থাপন কৰিব লাগে।

(জ) বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ উপৰিও স্নাতকসকলক প্রশাসনীয় কামকাজত নিয়োগ কৰিবৰ বাবে বিভাগীয় পৰীক্ষা (Departmental Examination) লোৱাৰ ব্যৱস্থা কৰিব লাগে। 

(ঝ) সৰ্বসাধাৰণ লোক আৰু সমাজৰ চকুত উচ্চ শিক্ষাৰ মানদণ্ড উন্নত মানৰ কৰি তুলিবৰ বাৱে স্নাতক ডিগ্রী লাভ কৰা ছাত্ৰসকলক চাকৰিৰ সুবিধা দিব লাগে।

(ঞ) জ্ঞানৰ বিকাশ সাধন কৰাটো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ প্ৰধান উদ্দেশ্য হ’ব লাগে। সৰ্বসাধাৰণ লোকৰ মনত এই শিক্ষাই ৰাজনৈতিক আৰু সামাজিক সচেতনতা জগাই তুলিব লাগে।

১১। প্রাথমিক শিক্ষা সম্বন্ধে আগবঢ়োৱা হার্টগ কমিটীৰ পৰামৰ্শৰ সমীক্ষা দিয়া। 

(Give an assessment of recommendations of Hartog Committee on Primary Education.)

উত্তৰঃ ইংৰাজৰ শাসনকালত দীৰ্ঘদিন ধৰি দেশৰ প্ৰাথমিক শিক্ষা অৱহেলিত আৰু দুৰ্দশাগ্রস্ত হৈ থকাৰ প্ৰতিচ্ছবি দেখা পাওঁ। এই দিশত হার্টগ কমিটীৰ অধ্যয়ন অধিক বাস্তৱ ভিত্তিক আৰু ইয়াৰ পৰামৰ্শাৱলী সুদূৰপ্ৰসাৰী বিধৰ হৈ উঠাটো বিশেষ মন কৰিবলগীয়া। কমিটীয়ে ভাৰতৰ গ্ৰাম্য জীৱন আৰু গ্ৰাম্য প্ৰাথমিক শিক্ষাৰ লগত ভালদৰে পৰিচিত। সেয়েহে প্রাথমিক শিক্ষাৰ সমস্যা মূলতেই গ্ৰাম্য সমস্যাস্বৰূপে অভিহিত কৰে। প্ৰাথমিক শিক্ষাৰ সমস্যাসমূহ কমিটীয়ে এক বাস্তৱ দৃষ্টিৰে অধ্যয়ন কৰা হেতুকে সেইসমূহ বৰ্তমানেও আমাৰ গ্ৰাম্য জীৱনত তাৰ জলন্ত ৰূপত আমি দেখিবলৈ পাওঁ।

কমিটীয়ে প্ৰথমবাৰৰ বাবে অতি সময়োপযোগীকৈ আমাৰ প্ৰাথমিক শিক্ষাৰ কৰ্কট ৰোগ স্বৰূপ অপচয় আৰু অনুন্নয়নৰ প্ৰতি দৃষ্টি আকর্ষণ কৰে। এই দিশত বৰ্তমান আমাৰ দেশত বহুতো উচ্চ পর্যায়ৰ অধ্যয়ন কৰা হৈছে যদিও সমস্যাৰ সমাধান কৰি উঠিবগৈ পৰা হোৱা নাই। 

কমিটীয়ে আঙুলিয়াই দিয়াৰ দৰে এজনীয়া শিক্ষকৰ ব্যৱস্থা হৈছে ইয়াৰ আন এটা প্রধান সমস্যা। এই সমস্যাই শিক্ষাৰ গুণমান নিম্ন পৰ্যায়ৰ কৰি তুলিছে আৰু অনুন্নয়নৰ প্ৰধান কাৰণ স্বৰূপ হৈ উঠিছে। ইয়াৰ উপৰি কমিটীয়ে উল্লেখ কৰা আন আনবোৰ দোষত্রুটিৰ প্রতি লক্ষ্য কৰিলে এই কথা ক’ব পাৰি যে প্রাথমিক শিক্ষাৰ সম্বন্ধে কমিটীয়ে কৰা অধ্যয়ন আছিল সঠিক আৰু নির্ভুল।

সমাধানৰ দিশত আগবঢ়োৱা বিধৰ। বিশেষকৈ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰণৰ দিশত হার্টগ কমিটীয়ে দিয়া পৰামৰ্শ আমাৰ বিবেচনা যোগ্য। প্রাথমিক শিক্ষাৰ বাধ্যতামূলক আইন প্রণয়নেই যথেষ্ট নহয়। স্থানীয় লোকৰ পৰিস্থিতি, প্রস্তুতি আৰু প্ৰয়োজনহে ইয়াৰ মূল বিবেচ্য বিষয়। প্ৰসংগক্রমে উল্লেখযোগ্য যে অসমত ১৯২৬ চনতেই প্রাথমিক শিক্ষা বাধ্যতামূলক কৰণৰ চৰকাৰী আইন প্রণয়ন কৰা হ’ল যদিও স্থানীয় লোকৰ উদাসীনতাৰ বাবে তাক কতো কাৰ্যকৰী কৰি তুলিব পৰা নহ’ল । 

কমিটীয়ে প্ৰাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তোলাৰ ওপৰত দিয়া গুৰুত্বও বৰ্তমানৰ সময়োপযোগী বিধৰ হৈ উঠিছে। আধুনিক শিক্ষা জনসাধাৰণমুখী হৈ উঠাৰ লগে লগে ইয়াৰ উন্নত মান বিশিষ্ট কৰি তুলিবৰ বাবে ব্যয়বহুল হৈ উঠাটোও আমি লক্ষ্য কৰিব পাৰো। বৰ্তমান আমাক কেৱল শিক্ষাই নহয়, উন্নত মানৰ শিক্ষাৰো প্ৰয়োজন। কমিটীৰ পৰামৰ্শবোৰৰ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে প্ৰাথমিক স্কুলবোৰক গ্ৰাম্য উন্নয়ন কেন্দ্ৰত (Community Development Centre) পৰিণত কৰি তুলিবলৈ দিয়া পৰামৰ্শ। বৰ্তমান স্কুলক এখন সমাজ বা সম্প্ৰদায়স্বৰূপে বিবেচনা কৰা হয়। স্থানীয় সমাজ বা সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়নত প্রাথমিক স্কুলবোৰৰ এক গুৰু দায়িত্ব থকাৰ কথা অনুভৱ কৰা হয়। উল্লেখযোগ্য যে হার্টগ কমিটীৰ এই পৰামৰ্শ ১৯৬৬ চনৰ কোঠাৰী আয়োগে প্রাথমিক শিক্ষাৰ বাবে দিয়া পৰামৰ্শত এই কথাৰ পুনৰাবৃত্তি কৰে। ভাৰতৰ দৰে আৰ্থ-সামাজিক দিশত পিচ পৰা এখন দেশত প্রাথমিক স্কুলবোৰে গ্ৰাম্য উন্নয়ন কেন্দ্ৰৰ ভূমিকা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় কথা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top