Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা

Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা Question Answer can be of great value to excel in the examination.

Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা

Join Telegram channel

Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা Notes cover all the exercise questions in UGC Syllabus. The Education In Pre-Independent India Unit 2 ব্ৰিটিছ যুগৰ শিক্ষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Education During British Period

EDUCATION

EDUCATION IN PRE-INDEPENDENT INDIA

প্ৰাক্ স্বাধীনতা কালৰ ভাৰতবৰ্ষৰ শিক্ষা

অতি চমু প্ৰশ্নোত্তৰ

১। দেশীয় শিক্ষাৰ যিকোনো এটা সবলতা উল্লেখ কৰা।

(Mention any one strength of indigenous education.) 

উত্তৰঃ ভাৰতৰ পুৰণি জাতীয় শিক্ষাই এক দেশীয় শিক্ষা ব্যৱস্থা গঢ় দি তুলি দেশৰ ঐক্যসংহতি স্থাপন কৰিব পাৰে।

২। দেশীয় শিক্ষাৰ যিকোনো এটা দুর্বলতা উল্লেখ কৰা।

(Mention any one weakness of indigenous education.) 

উত্তৰঃ দেশীয় শিক্ষাই ভাৰতৰ পুৰণি বৰ্ণবাদ আৰু জাতিবাদ প্ৰথা বিচাৰ কৰা বাবে ই অগণতান্ত্রিক মনোভাবৰ বুলিব পাৰি। হৰিজনসকলক শিক্ষাৰ পৰা ইয়াত বঞ্চিত কৰা হৈছিল৷

৩। দেশীয় শিক্ষাৰ অনগ্ৰসৰতাৰ যিকোনো এটা কাৰণ উল্লেখ কৰা। 

(Mention any one Causes of downfall of indigenous education.) 

উত্তৰঃ ১৯ শতিকাত দ্বিতীয় দশকত সৃষ্টি হোৱা প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ আৰু তাৰ পৰিণতি স্বৰূপে প্ৰস্তুত কৰা মেকলেৰ শিক্ষা প্রতিবেদনে ইংৰাজী ভাষা-সাহিত্যক দেশীয় শিক্ষাৰ ক্ষতি সাধনেৰে বিকাশৰ সুবিধা দিয়া হ’ল।

৪। প্ৰাচ্য পন্থী বুলি কাক কোৱা হয়? 

(Who were the Orientalist?) 

উত্তৰঃ জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিতি (General Committee of public Instruction) ৰ পাঁচজন সদস্যই ভাৰতীয় ভাষা সাহিত্য, বিজ্ঞানৰ সমৰ্থন কৰিছিল, যাক প্রাচ্যপন্থী (Orientalist) বুলি আখ্যা দিয়া হয়।

৫। পাশ্চাত্য পন্থী বুলি কাক কোৱা হয়? 

(Who were the anglicist?)

উত্তৰঃ জেনেৰল কমিটি অব পাব্লিক ইঞ্চট্রাকচনৰ সদস্যসকলৰ ভিতৰত ইংৰাজী সাহিত্য আৰু পশ্চিমীয়া বিজ্ঞানৰ সমৰ্থকসকলক ইংৰাজ দল বা পাশ্চাত্য পন্থী (Anglicist) আখ্যা দিয়া হয়।

৬। নিম্নমুখী পৰিশ্ৰাৱণ নীতিটো কোনে উদ্ভাৱন কৰিছিল?

(Who forwarded the ‘Downward Filtration Theory’?) 

উত্তৰঃ লৰ্ড মেকলে নিম্নমুখী পৰিশ্ৰাৱণ নীতিটো উদ্ভাৱন কৰিছিল।

৭। প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি?

(What is the name of first Assamese newspaper?) 

উত্তৰঃ‘অৰুনোদয়’ হ’ল প্ৰথম অসমীয়া বাতৰি কাকত।

৮। কোনে প্রথমতে ‘Grammar of the Assamese language’ প্রকাণ কৰিছিল? 

(Who published the first ‘Grammar of the Assamese language’?) 

উত্তৰঃ ৰবিনছন নামৰ মিছনাৰীজনে “Grammar of the Assamese language” প্রকাশ কৰিছিল।

৯। কোন চনত ‘Grammar of the Assamese language’ প্ৰকাশ কৰিছিল? 

(In which year ‘Grammar of the Assamese language’ was published?)

উত্তৰঃ ১৮৩৯ চনত।

১০। কোন চনত প্ৰথম অসমীয়া বাতৰিকাকতখন প্রকাশ পাইছিল? 

(In which year the first Assamese newspaper was published?) 

উত্তৰঃ ১৮৪৬ চনত।

১১। কোনে প্রথম অসমীয়া আৰু ইংৰাজী শব্দকোষ সংকলন কৰিছিল? 

(Who wrote the first Assamese and English Dictionary?) 

উত্তৰঃ ড° মাইলছ ব্ৰনছনে (Dr. Miles Bronson)।

১২। কোন চনত প্ৰথম অসমীয়া আৰু ইংৰাজী শব্দকোষৰ প্ৰকাশ হৈছিল? 

(In which year the first Assamese and English Dictionary was published?) 

উত্তৰঃ ১৮৬৭ চনত ।

১৩। অসমীয়া ভাষাৰ প্রথম উপন্যাসখনৰ নাম কি?

(What is the name of the first novel of Assamese language?) 

উত্তৰঃ ‘কামিনি কান্ত’।

১৪। কোনে ‘কামিনি কান্ত’ নামৰ উপন্যাসখন লিখিছিল?

(Who wrote the novel of ‘Kamini Kant’?) 

উত্তৰঃ জি. এচ. গুৰ্নী (G. S. Gürney)

১৫। কোন চনত ‘কামিনি কান্ত’ নামৰ উপন্যাসখন লিখিছিল? 

(In which year the novel ‘Kamini Kant’ was published?) 

উত্তৰঃ ১৮৭৭ চনত।

চমু প্রশ্নোত্তৰ

১। নিম্নমুখী পৰিশ্ৰাৱণ নীতিটো কি?

(What is the ‘Downward Filtration Theory’?) 

উত্তৰঃ নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ অৰ্থ হ’ল শোধন হোৱা। শোধন পাত্ৰত পানী যেনেকৈ ওপৰৰ পৰা তললৈ নিগৰি শেষত আটাইখিনি পানীয়েই শোধন হয়; ঠিক সেইদৰে মেকলেৰ এই পদ্ধতিত শিক্ষাও ওপৰ শ্ৰেণীৰ লোকৰ পৰা তলৰ শ্ৰেণীলৈ নিগৰি পৰিব আৰু এইদৰে ভাৰতৰ সকলো লোকেই এদিন শিক্ষিত হ’ব।

২। শ্ৰীৰামপুৰ ত্ৰয়ী কি?

(What is Serampore Trio?)

উত্তৰঃ কলিকতাৰ ওচৰৰ শ্ৰীৰামপুৰত তিনিজন মিছনেৰীয়ে শিক্ষা বিকাশৰ বাবে শিক্ষা কেন্দ্ৰ স্থাপন কৰিছিল ৷ ইয়াৰ ভিতৰত ড° কেৰী এজন ধর্মযাজক, ৱাৰ্ড এজন মুদ্ৰক আৰু মাৰ্ছমেন আছিল এজন শিক্ষক। এওঁলোক তিনিওজনে প্রায় ৪০ বছৰ একেলগে শিক্ষা বিকাশৰ কাম কৰিছিল যাক শ্ৰীৰামপুৰ এয়ী (Serampore Trio) নামে জনা গৈছিল।

৩। দেশীয় শিক্ষাৰ স্কুলৰ বিভিন্ন প্ৰকাৰবোৰ উল্লেখ কৰা।

(Mention the Various types of indigenous Schools.) 

উত্তৰঃদেশীয় শিক্ষাৰ স্কুলসমূহক সাধাৰণতে তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেই তিনিটা হ’ল—

(ক) প্রাচীন ভাষা শিক্ষাৰ স্কুল।

(খ) দেশীয় প্রাথমিক স্কুল।

(গ) ব্যক্তিগত অথবা পাৰিবাৰিক অনুষ্ঠান।

৪। দেশীয় শিক্ষাৰ সবলতা দুটা উল্লেখ কৰা। 

(Mention two strength of indigenous education.)

উত্তৰঃ দেশীয় শিক্ষাৰ দুটা সবলতা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) ভাৰতৰ পুৰণি জাতীয় শিক্ষাই এক দেশীয় শিক্ষা ব্যৱস্থা গঢ় দি তুলি দেশৰ ঐক্যসংহতি স্থাপন কৰিব পাৰে।

(খ) এইবিধ শিক্ষাই সৰ্বসাধাৰণ লোকৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্রয়োজন পূৰ্ণ কৰিব পাৰে৷

৫। দেশীয় শিক্ষাৰ যিকোনো দুটা দুর্বলতা উল্লেখ কৰা।

(Mention any two weakness of indigenous education.) 

উত্তৰঃ দেশীয় শিক্ষাৰ দুটা দুর্বলতা তলত চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) দেশীয় শিক্ষাই ভাৰতৰ পুৰণি বৰ্ণবাদ আৰু জাতিভেদ প্রথা বিচাৰ কৰা বাবেই অগণতান্ত্রিক মনোভাবৰ বুলিব পাৰি। হৰিজনসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছিল। 

(খ) শিক্ষাৰ নীতি আৰু পদ্ধতিত গতিশীলতাৰ পৰিৱৰ্তে সংৰক্ষণশীলতাই অধিক প্রাধান্য লাভ কৰে, যাৰ ফলত ই সময় সাপেক্ষ হৈ উঠিব নোৱাৰে।

৬। দেশীয় শিক্ষাৰ অনগ্ৰসৰতাৰ দুটা কাৰণ উল্লেখ কৰা।

(Mention two causes of downfall of indigenous education.) 

উত্তৰঃ দেশীয় শিক্ষাৰ অনগ্ৰসৰতাৰ দুটা কাৰণ হ’ল—

(ক) ১৯ শতিকাত দ্বিতীয় দশকত সৃষ্টি হোৱা প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ আৰু তাৰ পৰিণতি স্বৰূপে প্ৰস্তুত কৰা মেকলেৰ শিক্ষা প্রতিবেদনে ইংৰাজী ভাষা-সাহিত্যক দেশীয় শিক্ষা ক্ষতি সাধনেৰে বিকাশৰ সুবিধা দিয়া হ’ল ৷

(খ) মেকলেই বিদ্বেষমূলকভাৱে মত দিয়ে যে প্ৰাচ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিব লাগে আৰু ইয়াৰ বাবে থকা চৰকাৰৰ শিক্ষামূলক বৃত্তিদান প্রথা তুলি দিব লাগে। এনে পৰামৰ্শ দেশীয় শিক্ষাৰ বাবে এক নিষ্ঠুৰ আঘাত স্বৰূপ হৈ উঠে।

৭। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটো উল্লেখ কৰা।

(Mention the No. 43 Clause of Charter Act 1813.) 

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত উল্লেখ কৰা মূল কথাখিনি হল— “এতিয়াৰে পৰা প্ৰতিবছৰে ভাৰতীয় সাহিত্যৰ পুনৰুত্থান আৰু উন্নতিৰ কাৰণে শিক্ষিত ভাৰতীয়সকলক উৎসাহিত কৰি ইংৰাজসকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ আৰু প্ৰগতিৰ বাবে এক লাখ টকা আছুতীয়াকৈ ৰখা হ’ব।”

৮। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ যিকোনো দুটা গুৰুত্ব উল্লেখ কৰা। 

(Mention any two importance of Charter Act 1813.)

উত্তৰঃ তলত ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ দুটা গুৰুত্ব চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) ১৮১৩ চনৰ ৪৩ নং ধাৰাটো হৈছে ভাৰতীয় শিক্ষাৰ দিশত ইংৰাজ সাংসদসকলৰ (Parliamentarians) প্ৰথম আৰু বলিষ্ঠ পদক্ষেপ। তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতীয় শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি উঠে আৰু আইনৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। 

(খ) ভাৰতীয় শিক্ষাৰ দুৰৱস্থা গুচাৱৰ বাবে যে চৰকাৰী অৰ্থ সাহায্যৰ প্ৰয়োজন এই কথাৰ অনুভৱ এই আইনত স্পষ্ট হৈ উঠে।

৯। প্রাচ্য-পাশ্চাত্য বিবাদৰ মূল কাৰণ কি আছিল?

(What is the main reason of Orientalist-Anglicist controversy?) 

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ নিৰ্দেশাৱলীয়ে ভাৰতত প্ৰাচ্য-পাশ্চাত্য শিক্ষাৰ সমৰ্থনকাৰীসকলৰ মাজত এক দীৰ্ঘদিনীয়া বিবাদৰ সৃষ্টি কৰে৷ এই বিবাদৰ মূল কাৰণ তিনিটা হ’ল—

(ক) সেই সময়ৰ ভাৰতীয় শিক্ষাৰ নীতি সম্বন্ধে বিতর্কমূলক পৰিস্থিতি।

(খ) আইনখনৰ নিৰ্দেশাৱলীৰ অস্পষ্টতা। 

(গ) শিক্ষাৰ বিবাদ নিষ্পত্তি কৰিব পৰা কোম্পানীৰ উপযুক্ত শিক্ষা-কৰ্তৃপক্ষৰ অভাব।

১০। প্ৰাচ্য-পাশ্চাত্যৰ বিবাদৰ মূল বিষয়সমূহ কি আছিল? 

(What is the main issues of Orientalist- Anglicist controversy?) 

উত্তৰঃ প্রাচ্য-পাশ্চাত্য শিক্ষাৰ সমৰ্থনকাৰী দল দুটাৰ মাজত কাৰ্যকৰীকৰণৰ নীতিগত দিশত বিভিন্ন মত পাৰ্থক্যৰ সৃষ্টি হয়। এইসমূহ আছিল এনে ধৰণৰ—

(ক) ভাৰতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য কি হ’ব লাগে?

(খ) শিক্ষাদানৰ মাধ্যম কি হ’ব লাগে?

(গ) শিক্ষাদানৰ কৰ্তৃত্ব কোনে গ্ৰহণ কৰিব লাগে?

(ঘ) শিক্ষাদান কেনে পদ্ধতিৰে দিব লাগে?

ৰচনাধর্মী প্রশ্নোত্তৰ 

১। দেশীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about indigenous system of education.)

উত্তৰঃ অতীতৰ শিক্ষা ব্যৱস্থাৰ ইতিহাসৰ পিনে দৃষ্টি দিলে দেখা যায় যে দেশৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দায়িত্ব নাছিল। কিছুমান বিদ্যানুৰাগী মনিষীয়ে নিজ গৃহতে ছাত্রশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। এই প্ৰথাটোক ‘গুৰুকুল’ প্ৰথা বুলি জনা যায়। এই গুৰুকুল প্ৰথাক কেন্দ্ৰ কৰিয়েই মানুহৰ জীৱনৰ লাগতিয়াল সকলো শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। গুৰুৱে শিক্ষাৰ মূলকেন্দ্ৰ আছিল। গুৰুকুল প্ৰথাৰ পিছতে ‘টোল’, ‘পাঠশালা’ নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল। ‘টোল’, ‘পাঠশালা’ত শিক্ষাৰ আনুষ্ঠানিকতা পালন কৰা হৈছিল। এই অনুষ্ঠানসমূহে শিক্ষাৰ সকলো দিশ সামৰি লৈছিল। এই দুবিধ অনুষ্ঠানৰ লগতে মুছলমান ৰাজত্বকালত ‘মক্তাব’ আৰু ‘মাদ্ৰাছা’ নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল৷ এই অনুষ্ঠানসমূহ কিন্তু সার্বজনীন হোৱা নাছিল। উচ্চ পৰ্যায়ৰ ব্যক্তিসকলৰ বংশধৰসকলকহে ইয়াত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এইদৰে ইংৰাজ আমোলৰ সময়লৈ এই শিক্ষা ব্যৱস্থাৰ প্ৰচলন হৈ আছিল।

২। বিভিন্ন প্ৰকাৰৰ দেশীয় শিক্ষানুষ্ঠানৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about Various types of indigenous educational institution.)

উত্তৰঃ ঊনৈছ শতিকাৰ আৰম্ভণিতে ভাৰতত দেশীয় শিক্ষা দানৰ বিভিন্ন অনুষ্ঠান আছিল। এইসমূহক তাৰ শিক্ষাদানৰ বৈশিষ্ট্যৰ ফালৰ পৰা সাধাৰণভাৱে তিনিটা ভাগত বিভক্ত কৰিব পাৰি। এইসমূহৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ’ল— 

(ক) প্রাচীন ভাষা শিক্ষাৰ স্কুলঃ এইবিধ বিদ্যালয়ৰ ভিতৰত হিন্দুৰ পাঠশালা আৰু উচ্চ শিক্ষাৰ সংস্কৃত টোলসমূহ আৰু মুছলমানসকলৰ মক্তাব আৰু মাদ্ৰাছা আদি অন্তৰ্ভুক্ত কৰিব পাৰি।ইয়াত ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা আছিল, য’ত পণ্ডিত আৰু মৌলবীসকলে শিক্ষা পৰিচালনা কৰিছিল। শিক্ষাৰ মাধ্যম আছিল পুৰণি সংস্কৃত আৰু ফাৰ্চী ভাষা। ইয়াৰ শিক্ষকসকল আছিল একো একোজন নাম কৰা পণ্ডিত লোক আৰু শিক্ষকতা কৰাটো আছিল তেওঁলোকৰ ধৰ্মীয় কৰ্তব্য স্বৰূপ৷ এনেবিধ শিক্ষানুষ্ঠান সচৰাচৰ মন্দিৰ আৰু মছজিদৰ সংলগ্ন আছিল৷ অৱশ্যে কেতবোৰ অনুষ্ঠানৰ নিজাকৈ স্কুল ঘৰো আছিল। ৰজা ঘৰৰ দান-বৰঙণিৰ উপৰি স্থানীয় অৱস্থাপন্ন আৰু ধাৰ্মিক লোকসকলৰ আৰ্থিক সাহায্যৰ যোগেদি ইয়াৰ শিক্ষা পৰিচালিত হৈছিল। ৰজাই এনে শিক্ষা ব্যৱস্থাত কোনো হস্তক্ষেপ কৰা নাছিল। প্রাচীন ভাষা শিক্ষাৰ এই স্কুলসমূহৰ শিক্ষা সেয়েহে সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনমুখী নাছিল৷ এইসমূহ স্কুলৰ পুৰণি ভাবধাৰা, সংৰক্ষণশীল মনোভাব আৰু আওপুৰণি শিক্ষাদান পদ্ধতিৰ বাবে পৰিবৰ্তিত সময় আৰু পৰিস্থিতিত খাপ খাই উঠিব পৰা নাছিল।

(খ) দেশীয় প্রাথমিক স্কুলঃ এইবিধ স্কুল সৰ্বসাধাৰণ লোকৰ আৰ্থ-সামাজিক প্রয়োজন পূৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰি তোলা হৈছিল। ধৰ্মীয় অনুভূতি আৰু প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে সমাজৰ সকলো শ্ৰেণী লোকৰ ছাত্ৰই ইয়াত শিক্ষাৰ সুবিধা পাইছিল। আধুনিক ভাৰতীয় ভাষাসমূহ ইয়াৰ শিক্ষাৰ মাধ্যম আছিল আৰু লিখা-পঢ়া আৰু সংখ্যা জ্ঞান দিয়াৰ মাজতেই ইয়াৰ অভিজ্ঞতা আবদ্ধ আছিল। ইয়াৰ শিক্ষকসকল প্রাচীন ভাষাৰ দেশীয় স্কুলবোৰৰ দৰে নাম কৰা পণ্ডিত লোক নাছিল। শিক্ষাৰ পাৰিশ্ৰমিক অতি সামান্য হোৱা বাবে তেওঁলোকে শিক্ষকতাৰ উপৰিও আন আন ব্যৱসায় বৃত্তি কৰি জীৱন নিৰ্বাহ কৰিছিল। সমাজৰ লোকৰ ধৰ্মীয় প্রয়োজন পূৰণ কৰাটো তেওঁলোকৰ উদ্দেশ্য নাছিল। সমাজৰ ধনী আৰু অৱস্থাপন্ন লোক আৰু জমিদাৰসকলৰ দানবৰঙণিৰে এইবিধ স্কুলৰ আৰ্থিক প্রয়োজন পূৰণ কৰা হৈছিল৷ ৰজা ঘৰে বা চৰকাৰে ইয়াৰ বাবে আর্থিক সাহায্য আগবঢ়োৱা নাছিল। সেইবাবে ইয়াৰ শিক্ষা সা-সঁজুলিবোৰ অতি সাধাৰণ বিধৰ আছিল আৰু শিক্ষাদান অতি সামান্য আৰু অনুষ্টুপীয়া বিধৰ আছিল। ইয়াতো হৰিজন ল’ৰা-ছোৱালীৰ বাবে শিক্ষা নিষিদ্ধ আছিল। উল্লেখযোগ্য ‘যে শিক্ষকৰ অবৰ্তমানত এইবিধ স্কুলত উচ্চ শ্ৰেণীৰ ছাত্ৰই নিম্ন শ্ৰেণীৰ ছাত্ৰক শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। ইয়াৰ পৰাই বিখ্যাত মনিটৰিয়েল প্ৰথাৰ সৃষ্টি হৈছিল।

(গ) ব্যক্তিগত অথবা পাৰিবাৰিক অনুষ্ঠানঃ এইবিধ শিক্ষাকেন্দ্রক প্রকৃত অৰ্থত স্কুল বুলিব নোৱাৰি। কাৰণ ইয়াৰ শিক্ষা ব্যক্তিগতভাৱে পৰিয়ালৰ মাজতেই আৱদ্ধ আছিল। সমাজৰ উচ্চ শ্রেণীলোকৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে পিতৃ-মাতৃয়ে নিজ ঘৰতেই গৃহ শিক্ষকৰ ব্যৱস্থা কৰিছিল। এইসকল লোকৰ ভিতৰত উচ্চ পদস্থ ৰাজকীয় পৰিয়াল, জমিদাৰসকল আৰু ব্যৱসায়ী লোকসকল উল্লেখযোগ্য। এই পৰিয়ালসকলে তেওঁলোকৰ বংশ পৰম্পৰাৰে সমাজত বিশিষ্ট স্থান অধিকাৰ কৰিছিল আৰু তাৰ বংশানুক্ৰমে ৰক্ষাৰ বাবে পৰিয়ালত তাৰ প্ৰয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিছিল। সৰ্বসাধাৰণ লোকৰ ল’ৰা-ছোৱালীয়ে গ্ৰহণ কৰা স্কুলৰ সাধাৰণ শিক্ষা তেওঁলোকৰ গ্ৰহণযোগ্য নাছিল। উচ্চ বংশৰ পৰিয়ালৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি চলাটোৱেই এইবিধ গৃহশিক্ষা কেন্দ্ৰৰ প্ৰধান উদ্দেশ্য আছিল।

৩। দেশীয় শিক্ষাৰ সবলতাসমূহ উল্লেখ কৰা ।

(Mention the strength of indigenous education.)

উত্তৰঃ দেশীয় শিক্ষাৰ সবলতাসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল— 

(ক) ভাৰতবৰ্ষৰ পুৰণি জাতীয় শিক্ষাই এক দেশীয় শিক্ষা ব্যৱস্থা গঢ় দি তুলি দেশৰ ঐক্য সংহতি স্থাপন কৰিব পাৰে।

(খ) এইবিধ শিক্ষাই সৰ্বসাধাৰণ লোকৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে।

(গ) সৰ্বসাধাৰণ লোকৰ স্থানীয় পৰিস্থিতি আৰু প্ৰয়োজনৰ লগত খাপ খোৱাকৈ এইবিধ শিক্ষা প্রস্তুত কৰি তোলা হৈছে।

(ঘ) ইয়াৰ মনিটৰিয়েল প্ৰথাই শিক্ষা মিতব্যয়ী কৰি তুলিব পাৰে, বর্ধিত জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে আৰু এক শিক্ষকশ্ৰেণীৰ লোক গঢ় দি তুলিব পাৰে।

(ঙ) ইয়াৰ শিক্ষানীতি হৈছে প্ৰয়োজন ভিত্তিক, অগতানুগতিক আৰু সহজ-সৰল বিধৰ, যি বৰ্তমান জন-শিক্ষাৰ মাধ্যম স্বৰূপে কাম কৰিব পাৰে।

(চ) উডৰ প্ৰতিবেদন আৰুহাণ্টাৰ আয়োগেও এই দেশীয় শিক্ষাৰ ভৱিষ্যৎ সম্ভাৱনীয়তা সম্বন্ধে আশাবাদী আছিল।

৪। দেশীয় শিক্ষাৰ দুৰ্বলতাসমূহ উল্লেখ কৰা।

(Mention the weakness of indigenous education.)

উত্তৰঃ দেশীয় শিক্ষাৰ দুৰ্বলতাসমূহ অতি চমুকৈ তলত উল্লেখ কৰা হ’ল—

(ক) দেশীয় শিক্ষাই ভাৰতবৰ্ষৰ পুৰণি বৰ্ণবাদ আৰু জাতিবাদ প্ৰথা বিচাৰ কৰাৰ বাবে ই অগণতান্ত্রিক মনোভাৱৰ বুলিব পাৰি। হৰিজনসকলক শিক্ষাৰ পৰা ইয়াত বঞ্চিত কৰা হৈছিল।

(খ) শিক্ষাৰ নীতি আৰু পদ্ধতিত গতিশীলতাৰ পৰিৱৰ্তে সংৰক্ষণশীলতাই অধিক প্রাধান্য লাভ কৰে, যাৰ ফলত ই সময় সাপেক্ষ হৈ উঠিব নোৱাৰে।

(গ) শিক্ষকসকল প্রশিক্ষণ প্রাপ্ত নহয় আৰু সেয়েহে তেওঁলোক পুৰণি মনোভাবৰ। 

(ঘ) বৰ্তমানৰ উন্নত শিক্ষা পদ্ধতি আৰু অনুশাসন ব্যৱস্থা এই শিক্ষাত পাব পৰা নাযায়। 

(ঙ) পাঠ্যক্ৰমৰ ধাৰণাও অতি সংকীৰ্ণ, যি ধৰ্মীয় আৰু সাম্প্রদায়িক মনোভাবেৰে অধিক প্ৰভাৱিত।

(চ) বৰ্তমান শিক্ষাৰ ব্যয়বহুলতা আৰু উন্নত গুণমান বিশিষ্টতা এই শিক্ষাই ৰক্ষা কৰি চলিব নোৱাৰে৷

৫। দেশীয় শিক্ষাৰ অনগ্ৰসৰতাৰ কাৰণসমূহ আলোচনা কৰা৷

(Discuss the causes of downfall of indigenous education.) 

উত্তৰঃ বৰ্তমান সময়ত ভাৰতবৰ্ষত পুৰণি দেশীয় শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা নাই যদিও ই মৃত্যুমুখী বুলি ক’ব পাৰি। এনে অৱস্থাৰ বাবে বিভিন্ন কাৰণ জড়িত হৈ আছে, যিসমূহ বিচাৰ কৰি চোৱাটো প্রয়োজন। এই প্ৰসংগত নিম্নলিখিত কাৰণসমূহ আমাৰ বিবেচনাযোগ্য।

(ক) ১৯ শতিকাত দ্বিতীয় দশকত সৃষ্টি হোৱা প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ আৰু তাৰ পৰিণতি স্বৰূপে প্ৰস্তুত কৰা মেকলেৰ শিক্ষা প্রতিবেদনে ইংৰাজী ভাষা-সাহিত্যক দেশীয় শিক্ষাৰ ক্ষতি সাধনেৰে বিকাশৰ সুবিধা দিয়া হ’ল।

(খ) মেকলেই বিদ্বেষমূলকভাৱে মত দিয়ে যে প্ৰাচ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিব লাগে আৰু ইয়াৰ বাবে চৰকাৰৰ শিক্ষামূলক বৃত্তিদান প্রথা তুলি দিব লাগে। এনে পৰামৰ্শ দেশীয় শিক্ষাৰ বাবে এক নিষ্ঠুৰ আঘাত স্বৰূপ হৈ উঠে।

(গ) ঐদল ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ উঠা ভাৰতীয় লোকে দেশীয় শিক্ষাৰ বিপৰীতে ইংৰাজী শিক্ষাৰ প্ৰতি অধিক আকর্ষিত হয়।

(ঘ) ইংৰাজী শিক্ষাৰে শিক্ষিত ভাৰতীয়সকলক ইংৰাজ প্রশাসনে চাকৰি দিয়াৰ প্রলোভন দেখুওৱা হয়। ফলত এইসকল লোকে দেশীয় শিক্ষা অদৰকাৰী বুলি ভাবিবলৈ ধৰে৷ 

(ঙ) দেশীয় শিক্ষা মিতব্যয়ী বিধৰ হোৱা স্বত্বেও অত্যাধিক দৰিদ্ৰতাৰ ফলত আৰু বৰ্ণবৈষম্য ভাবৰ ফলত সৰ্বসাধাৰণ লোকে ইয়াৰ ওচৰ চাপিব নোৱাৰিছিল। আনহাতে ইংৰাজী শিক্ষাৰ প্ৰতি মিছনেৰীসকলে নানা প্রলোভন দেখুৱাইছিল।

(চ) দেশীয় শিক্ষাৰ শিক্ষকসকল অধিক সংৰক্ষণশীল মনোভাবৰ হোৱা বাবে আৰু তেওঁলোক প্রশিক্ষণ প্রাপ্ত নোহোৱা বাবে ছাত্ৰসকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা নাছিল।

(ছ) আদামৰ পৰামৰ্শ, উডৰ প্ৰতিবেদন আৰু হাণ্টাৰ আয়োগে দেশীয় শিক্ষাৰ বাবে গঠনমূলকভাৱে পৰামৰ্শ দিয়া সত্বেও ইংৰাজ প্ৰশাসনে তাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে।

৬। বর্তমান সময়ত দেশীয় শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

(Discuss the relevance of indigenous system of education at present.)

উত্তৰঃ দেশৰ শিক্ষা সংস্কাৰ সাধনৰ বেলিকা আৰু প্ৰাথমিক শিক্ষা সার্বজনীন কৰি তোলাৰ প্ৰসংগত বৰ্তমান আমাৰ পুৰণি দেশীয় শিক্ষা ব্যৱস্থাৰ প্ৰাসংগিকতাৰ প্ৰতি স্বাভাৱিকতেই দৃষ্টি নিক্ষেপ কৰা হয়। এইক্ষেত্ৰত বিভিন্ন মহলত সচেতনতা আৰু তৎপৰতা পৰিলক্ষিত হ’ব। এই কথা ক্রমে উপলব্ধি কৰি উঠা হৈছে যে দেশৰ শিক্ষা নীতি আৰু পদ্ধতি সৰ্বসাধাৰণ লোকৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক জীৱনৰ পৰা বিচ্ছিন্ন হ’ব নালাগে। মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা আৰু ৰবীন্দ্ৰ নামৰ শান্তি নিকেতন শিক্ষা ব্যৱস্থাত তেনে প্ৰৱণতাৰ কাৰ্যকৰী ৰূপদান কৰাও হৈছিল। দেশীয় শিক্ষাৰ প্ৰৱণতা বৰ্তমান আন কেতবোৰ শিক্ষা সংগঠনতো পৰিলক্ষিত হৈছে আৰু ‘জাতীয় বিদ্যালয়’ গঠনৰ প্ৰতি তৎপৰ হৈ উঠিছে।

পাশ্চাত্য শিক্ষাৰ পৰা আমদানি হোৱা উন্নত নীতি আৰু পদ্ধতিসমূহ যুক্তিহীনভাৱে অনুকৰণৰ পৰিৱৰ্তে সেইসমূহ আমাৰ দেশীয় শিক্ষাৰ পৰিৱেশত খাপ খোৱাকৈ স্বদেশীকৰণ কৰি তোলাটোহে গ্রহণযোগ্য নীতি হ’ব পাৰে। এই প্রসংগত উল্লেখযোগ্য যে ইংৰাজ প্রশাসক লৰ্ড মেকলেই আমাৰ দেশীয় শিক্ষাৰ বিৰুদ্ধে একপক্ষীয়ভাৱে বিদ্বেষমূলক মনোভাবেৰে প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ নিষ্পত্তি কৰে। এই শিক্ষানীতিৰ মূল উদ্দেশ্য আছিল দেশত জন-শিক্ষা ব্যৱস্থা ৰোধ কৰি এক বিশেষ শিক্ষিত শ্ৰেণীলোক গঢ় দি তোলা, যি ইংৰাজসকলৰ আনুগত্য লাভ কৰি তেওঁলোকৰ শাসন যন্ত্র পৰিচালিত হয়। এই পৰিকল্পনাই কৃতকাৰ্যতা লাভ কৰি উঠিছিল। ইংৰাজ শিক্ষাৰে শিক্ষিত মুষ্টিমেয় এক শ্রেণীলোক দেশৰ গ্ৰাম্য জীৱনৰ সংস্কৃতি ত্যাগ কৰি নগৰমুখী হৈ উঠিছিল। আনহাতে গ্ৰাম্য জীৱনৰ অধিক সংখ্যক সৰ্বসাধাৰণ লোক অৰ্থনৈতিক দৰিদ্ৰতা আৰু শৈক্ষিক অনগ্ৰসৰতাত ভুগিছিল। ফলত আমাৰ সামাজিক আৰু শৈক্ষিক ব্যৱস্থাত এক কৃত্রিমতাই দেখা দিছিল, যাৰ প্ৰভাৱ বৰ্তমানেও আঁতৰা নাই। 

এনে এটা অৱস্থাই ভাৰতৰ শিক্ষা অগ্ৰগতিতো বাধাৰ সৃষ্টি কৰে। এইক্ষেত্ৰত নুৰুল্লা আৰু নাইকে মত প্ৰকাশ কৰি কয় যে দেশীয় শিক্ষা ব্যৱস্থাৰ অৱহেলাৰ ফলত ১৮২১ চনতকৈ ১৯২১ চনত ভাৰতৰ শিক্ষাৰ স্থিতিৰ তেনে কোনো উন্নতি হোৱা নাছিল।

ওপৰত কৰা বিশ্লেষণৰ পৰা এই কথা স্পষ্ট হয় যে ভাৰতীয় শিক্ষাৰ বিশেষকৈ দেশৰ জন শিক্ষাৰ অনগ্ৰসৰতাৰ এটা প্ৰধান কাৰণ হৈছে দেশীয় শিক্ষাৰ প্ৰতি প্ৰয়োজনীয় মনোযোগৰ অভাৱ৷ বৰ্তমান সময়ত দেশৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তুলিবৰ বাবে আৰু নিৰক্ষৰ প্রাপ্ত বয়স্ক লোকসকলৰ মাজত জন-জাগৰণ সৃষ্টি কৰি তুলিবৰ বাবে পুৰণি দেশীয় শিক্ষা আমাৰ আদৰ্শস্বৰূপ হৈ উঠিব পাৰে। এই শিক্ষা পুৰণি আৰু বৰ্তমানৰ অপ্ৰাসংগিক বুলি ভবাৰ পৰিৱৰ্তে ইয়াৰ আৱশ্যকীয় সংস্কাৰ-সাধনেৰে সময়োপযোগী কৰি তোলাটোহে প্রয়োজন।

৭। ভাৰতবৰ্ষত পৰ্টুগীজ মিছনেৰীসকলৰ শৈক্ষিক ক্রিয়াকলাপ চমুকৈ লিখা। 

(Write briefly about the educational activities of Portuguese Missionaries in India.)

উত্তৰঃ পোন্ধৰ শতিকাৰ শেষভাগৰ পৰাই ইউৰোপৰ ধৰ্মীয় মিছনেৰীসকলৰ ভাৰতবৰ্ষলৈ অনুপ্রৱেশ ঘটিছিল। পৰ্টুগীজসকলক অনুসৰণ কৰি লাহে লাহে ডাছ, ডেনিছ, ফৰাচী আৰু ইংৰাজসকলেও ভাৰতত প্ৰৱেশ কৰে। এওঁলোকৰ আগমনৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষত বেহা-বেপাৰ কৰা। কিন্তু সময়ত দেশৰ ৰাজনৈতিক দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে সাম্ৰাজ্য স্থাপনৰ মন মেলে আৰু এই উদ্দেশ্যে পৰস্পৰে সংঘৰ্ষত লিপ্ত হয়। অৱশেষত ইংৰাজসকলেই বৰ্তি থাকিবলৈ সক্ষম হয় আৰু ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্য স্থাপন কৰে। ইংৰাজসকলতকৈও ১০০ বছৰৰ পূৰ্বে ১৪৯৮ চনত পর্টুগীজসকলে ভাস্কো-ডা-গামাৰ নেতৃত্বত ভাৰতভূমিৰ কালিকট অঞ্চলত পদার্পণ কৰে। তেওঁলোকেই হৈছে ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় জাতি। তেওঁলোকৰ মিছনেৰীসকলে ভাৰতীয় হিন্দুসকলৰ পৰা কোনো বাধা’ নোহোৱাকৈ পৰৱৰ্তী কালত দলে দলে আহি ধৰ্ম আৰু শিক্ষা প্ৰচাৰত নামি পৰে।

পটুগীজসকলোকেই আধুনিক ভাৰতীয় শিক্ষাৰ প্ৰতিষ্ঠাপক বুলিব পাৰি। তেওঁলোকে ১৫ শতিকাত পশ্চিম উপকূলৰ গোৱা, দমন, দিউ আৰু বম্বেত ঘাটি স্থাপন কৰে। ক্রমান্বয়ে মাদ্ৰাজৰ চেনঠম (Santhome) আৰু বংগৰ হুগলী, চিট্টাগং আদিলৈকো ক্রিয়াকলাপ সম্প্ৰসাৰণ কৰে। শ্রীলংকাতো তেওঁলোকৰ ক্ষমতা সংকুচিত হৈ পৰি কেৱল গোৱা, দমন আৰু দিউতেই আবদ্ধ হৈ ৰয়। পটুগীজসকলে প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ধৰ্ম, স্থানীয় ভাষা, পাটিগণিত, শিল্প, পটুগীজ আদি বিষয়ত শিক্ষা প্ৰদান কৰিছিল। উচ্চ শিক্ষা প্ৰদানৰ অর্থে জেচুইট কলেজ স্থাপন কৰিছিল। ইয়াতে লেটিন, ধৰ্ম, তৰ্ক আৰু সংগীতৰ শিক্ষা দিয়াৰ লগতে ধর্মযাজকসকলক প্রশিক্ষণ দিয়া হৈছিল।

পৰ্টুগীজসকলৰ এজন বিখ্যাত মিছনেৰী হৈছে চেইণ্ট জেভিয়াৰ (St. Xavier)। তেওঁ ১৫৪২ চনত খোজ কাঢ়ি দূৰ দুৰণিৰ গাৱে গাৱে ঘূৰি ঘূৰি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰে আৰু পুথি বিলাই ফুৰে। ১৫৭৫ চনত বম্বেৰ বান্দ্ৰা অঞ্চলত তেওঁ ‘চেইণ্টএনি’ নামে এখন বিশ্ববিদ্যালয়ো স্থাপন কৰে। এইজনা ধৰ্ম আৰু শিক্ষা প্ৰচাৰকৰ স্মৃতিত বর্তমান বহুতো ঠাইত শিক্ষানুষ্ঠান স্থাপিত হৈ উঠিছে। পৰ্টুগীজ মিছনেৰীসকলে বহুতো প্রাথমিক স্কুল আৰু কলেজ স্থাপন কৰি ভাৰতত আধুনিক শিক্ষাৰ প্ৰথম পাতনি মেলে বুলিব পাৰি। ১৫৭৫ চনত গোৱাত প্ৰথম জেচুইট কলেজ স্থাপন কৰে, য’ত ৩০০ ছাত্ৰই অধ্যয়ন কৰিছিল। সম্রাট আকবৰেও এনে কলেজৰ পৰা অনুপ্রাণিত হৈ আগ্ৰাত এখন জেচুইট কলেজ স্থাপন কৰাৰ কথা জানিব পাৰি। চিকিৎসা বিজ্ঞানৰ দিশতো গাৰ্চিয়া-ডা-অৰটা (Garcia-da-Orta) নামৰ এজন পর্তুগীজ পণ্ডিতে প্ৰথমবাৰৰ বাবে ভাৰতৰ বনৌষধৰ ওপৰত এখন গ্ৰন্থ লিখে। 

অৱশ্যে ১৭ শতিকাত তেওঁলোকৰ ক্ৰিয়া-কলাপৰ অৱনতি হ’বলৈ ধৰে। তেওঁলোকৰ ধৰ্মীয় সহনশীলতাৰ অভাৱৰ হেতুকে ভাৰতীয়সকলক অসন্তুষ্ট কৰি তোলে৷ ইউৰোপীয়সকল তেওঁলোকৰ প্ৰতিদ্বন্দী হৈ উঠে। ইয়াৰ উপৰি আফ্ৰিকাৰ ব্ৰাজিল অঞ্চলত তেওঁলোকৰ ঔপনিবেশিক ক্রিয়া-কলাপ বৃদ্ধি কৰি তোলা বাবে ভাৰতত সম্প্ৰসাৰণৰ নীতি পৰিহাৰ কৰে। এনেবোৰ কাৰণত পৰ্টুগীজ মিছনেৰীসকলৰ শিক্ষাই ভাৰতত স্থায়ী প্ৰভাৱ পেলাব নোৱাৰিলে।

৮। ভাৰতবৰ্ষত ডাছ মিছনেৰীসকলৰ শৈক্ষিক ক্রিয়াকলাপ চমুকৈ লিখা। 

(Write briefly about the educational activities of Dutch Missionaries in India.)

উত্তৰঃ নেদাৰলেণ্ডৰ উলন্দাজ বা ডাছ (Dutch)সকলে ১৫৯৬ চনৰ পৰাই সমুদ্র যাত্রা আৰম্ভ কৰে আৰু ১৬০২ চনত তেওঁলোক ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰে। ১৬০৫ চনত পৰ্টুগীজসকলৰ ঘাটি এমবইনা (Amboyna) দখল কৰে আৰু পৰ্টুগীজসকলৰ ওপৰত ক্ৰমে নিজৰ আধিপত্য বিস্তাৰ কৰে। ভাৰতৰ উত্তৰ পশ্চিমৰ কৰ্মণ্ডল উপকূলৰ গুজৰাটত আৰু দক্ষিণ-পূবৰ বংগ, বিহাৰ, উৰিষ্যা আদি ঠাইত বেপাৰ-বাণিজ্য বিস্তাৰ কৰে। তেওঁলোকে মাদ্ৰাজৰ ওচৰৰ মুচৌলিপটমত ১৬০৫ চনত বেপাৰৰ ঘাটি স্থাপন কৰে। তেওঁলোকে সিংহল, চুমাত্রা, জাভা আদি দেশলৈকো বেপাৰ-বাণিজ্য সম্প্ৰসাৰিত কৰি তোলে। বেহা-বেপাৰৰ যোগেদি তেওঁলোকে দক্ষিণ-পূব এচিয়াৰ দ্বীপসমূহৰ লগত ভাৰতৰ যোগাযোগ স্থাপন কৰি তুলিছিল। তেওঁলোকৰ নৌ-শক্তি আছিল অতি শক্তিশালী।

উলন্দাজ বা ডাচসকলে ভাৰতত ধৰ্মপ্ৰচাৰ কৰাটো উদ্দেশ্য নাছিল। বেপাৰ-বাণিজ্যৰ স্বাৰ্থতেই তেওঁলোকৰ কোম্পানীৰ কৰ্মচাৰীসকলৰ ল’ৰা-ছোৱালীৰ বাবে এই দেশত কেতবোৰ স্কুল স্থাপন কৰিছিল। ধৰ্ম-নিৰপেক্ষ নীতি গ্ৰহণ কৰা হেতুকে এই স্কুলবোৰত ভাৰতীয় ছাত্ৰসকলোকো পঢ়াৰ সুবিধা দিছিল । ডাচসকল খ্ৰীষ্ট ধৰ্মৰ প্ৰটেষ্টাণ্ট পন্থী আছিল৷ সেইবাবে ভাৰতীয়সকলক খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰাতকৈ ৰোমান কেথলিকসকলক প্রটেষ্টান্ট পন্থী কৰাতহে আগ্রহী আছিল। ১৮ শতিকাৰ মাজভাগত ৰাজনৈতিক প্রতিষ্ঠা লাভৰ দিশত ইংৰাজসকল তেওঁলোকৰ প্ৰতিদ্বন্দী হৈ উঠে আৰু সংঘৰ্ষৰ সৃষ্টি হয়। ইংৰাজসকলে তেওঁলোকৰ বহুতো ঠাই দখল কৰে। ফলত তেওঁলোকে ভাৰতত ক্ৰিয়া-কলাপ বন্ধ কৰি সিংহল আৰু দক্ষিণ-পূব এচিয়াৰ মালয় আর্কিপেলেগুলৈ তুলি নিয়ে। সেইবাবে আন আন ইউৰোপীয়সকলৰ দৰে ভাৰতৰ শিক্ষা-ইতিহাসত তেওঁলোকৰ প্ৰভাৱ পৰিবলৈ নোৱাৰিলে।

৯। ভাৰতবৰ্ষত ডেনিছ মিছনেৰীসকলৰ শৈক্ষিক ক্রিয়াকলাপৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly the educational activities of Danish Missionaries in India.)

উত্তৰঃ ভাৰতবৰ্ষত শৈক্ষিক প্ৰচেষ্টা চলোৱা বিভিন্ন মিছনেৰী সংগঠনৰ ভিতৰত বিশেষ উল্লেখযোগ্য হৈছে ডেনিছ মিছনেৰীসকল। ১৭ শতিকাৰ আগভাগত ১৭১৭ চনত ডেনিচসকলে ডেনমাৰ্কৰ পৰা ভাৰতলৈ আহি মাদ্রাজ, টাঞ্জোৰ, ত্ৰিচিন্নাপল্লি, তিনাভেলি আৰু বংগ দেশৰ শ্ৰীৰামপুৰ অঞ্চলত ঘাটি স্থাপন কৰে। ইষ্ট কোম্পানীৰ অধিকৃত অঞ্চলত কাম কৰাৰ সৌভাগ্য লাভ কৰা তেওঁলোকেই হৈছে প্ৰথম প্ৰটেষ্টাণ্ট মিছনেৰী। ধৰ্মীয় তথা শিক্ষাক্ষেত্ৰত ডেনিছ মিছনেৰীসকলৰ অৱদান হৈছে অতিকৈ তাৎপর্যপূর্ণ। এই মিছনেৰীসকলেই আধুনিক ভাৰতীয় শিক্ষাৰ বাটকটীয়া বুলি ক’লে অত্যুক্তি কৰা নহ’ব। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা ভাৰতবৰ্ষত তেওঁলোকৰ কোনো গুৰুত্ব নাছিল বাবে তেওঁলোকে শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত ইংৰাজসকলৰ লগত সহযোগিতা কৰিছিল।

দুজন বিখ্যাত মিছনেৰী জিগেন বাগ (Ziegenbalg) আৰু প্লুষ্টসতে (Plustschou) ₹১৭০৬ চনত দাক্ষিণাত্যৰ ডেনিছ কেন্দ্ৰ ট্রাঙ্কোবাৰত তেওঁলোকে কাৰ্যাৱলী আৰম্ভ কৰে। জিগেন বাগ আৰু তেওঁৰ সতীৰ্থসকলে ১৭১০ চনত তামিল ভাষাৰ এটা প্ৰেছ স্থাপন কৰে। ১৭১৬ চনত শিক্ষকপ্রশিক্ষণ অনুষ্ঠান এটা স্থাপন কৰে। তাৰ পিছৰ বছৰত মাদ্ৰাজঁত দুখন “চেৰিটি স্কুল” (Charity School) স্থাপন কৰে; এখন পৰ্টুগীজ ল’ৰা-ছোৱালীৰ বাবে আৰু আনখন তামিল ল’ৰাছোৱালীৰ বাবে। ১৭১৯ চনত জিগেন বাগৰ মৃত্যু হয়, কিন্তু তেওঁৰ উপযোগী উত্তৰাধিকাৰী গ্ৰান্দলাৰ কায়েনন্দাৰ, স্কোৱাৰ্টজ আদিয়ে তেওঁৰ কাৰ্যাৱলী অব্যাহত ৰাখিছিল। ১৭১৭ চনত গ্ৰান্দলাৰে মাদ্ৰাজত দুখন স্কুল স্থাপন কৰে। ১৭৪২ চনত কায়েনন্দাৰে ইউৰেছীয়া আৰু ভাৰতীয়সকলৰ বাবে ছেৰিটি স্কুল স্থাপন কৰে। 

এই কাৰ্যাৱলী ইমান জনাজাত হৈছিল যে ৰবাৰ্ট ক্লাইবে তেওঁক কলিকতালৈ মতাই নিয়ে আৰু তাত তেওঁ ১৭৫৮ চনত এখন ছেৰিটি স্কুল স্থাপন কৰে। জীৱনৰ বাকীছোৱা কাল তেওঁ বংগদেশতেই কটায় আৰু বিভিন্ন শিক্ষামূলক কামত ব্ৰতী হয়। মাদ্রাজ প্ৰদেশত শিক্ষাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লোৱা এগৰাকী বিশিষ্ট মিছনেৰী হৈছে স্কোৱাৰ্টস। মহীশূৰৰ হাইদৰ আলীয়ে উপহাৰ দিয়া ধনেৰে তেওঁ ইউৰোপীয়সকলৰ বাবে ত্রিচিনাপল্লীত এখন স্কুল আৰু ইউৰেছীয়সকলৰ বাবে তাঞ্জোৰত এখন ইংলিছ চেৰিটি স্কুল স্থাপন কৰে। ভাৰতীয় ল’ৰা-ছোৱীলবোৰক ইংৰাজী শিকোৱাৰ উদ্দেশ্যৰে তাঞ্জোৰ নিবাসী জন সুলিভানে দিয়া অর্থ সাহায্যৰে স্কোয়ার্টসে তাঞ্জোৰ, ৰমেন্দ্ৰপুৰম আৰু শিৱগংগা নামৰ ঠাইত তিনিখন স্কুল স্থাপন কৰে। ভাৰতীয় ল’ৰা-ছোৱালীক ইংৰাজী শিক্ষাদানৰ বাবে এই তিনিখনেই আছিল প্রথম স্কুল৷ ইয়াৰ বাহিৰেও তেওঁ দেশীয় ভাষাৰ বাবে দুখন স্কুল স্থাপন কৰিছিল।

পিচলৈ জন সুলিভানে দেশীয় ভাষাৰ পৰিৱৰ্তে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ কৰা নীতি অৱলম্বন কৰে আৰু শিক্ষানুষ্ঠানসমূহলৈ আর্থিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। এইক্ষেত্ৰত সম্পত্তিশালী ভাৰতীয়সকলেও অৱদান আগবঢ়াইছিল। এনে অৱস্থাৰ ফলত মাদ্ৰাজত বহুতো নতুন স্কুল স্থাপন হয়। এইদৰে ফ্ৰেডৰিক স্কোয়ার্টসৰ প্ৰচেষ্টাৰ ফলত ১৮ শতিকাৰ মাজভাগত এই প্ৰদেশৰ শিক্ষা নীতিয়ে এটা নতুন আৰ্হি লৈছিল। এয়েই আছিল ভাৰতবৰ্ষত ইংৰাজী স্কুলৰ আৰম্ভণি। এই শিক্ষানুষ্ঠানবোৰত ইংৰাজী পাটিগণিত, তামিল, হিন্দী আৰু খ্ৰীষ্টিয়ান ধৰ্মতত্ত্বৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈছিল। ডেনিছ মিছনেৰীসকলে আকৌ মুছলমানসকলৰ বাবে কেবাখনো প্রাথমিক বিদ্যালয় স্থাপন কৰিছিল আৰু স্থানীয় ভাষাত শিক্ষা প্ৰদান কৰিছিল। বাইবেলখন তেওঁলোকে তামিল ভাষালৈ অনুবাদ কৰিছিল আৰু এখন তামিল ভাষাৰ ব্যাকৰণ লিখিছিল। এই মিছনেৰীসকলে ৫০,০০০ লোকক ধৰ্মান্তৰ কৰাইছিল। ১৮৪৫ চনত ডেনিছ মিছনেৰীসকলে ভাৰতবৰ্ষ এৰি গুচি যায়।

১০। ভাৰতবৰ্ষত ফৰাচীসকলৰ শৈক্ষিক ক্রিয়া-কলাপৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the educational activities of the French in India.)

উত্তৰঃ ইউৰোপীয় দেশবোৰৰ পৰা ফৰাচীসকলেই সকলোতকৈ শেষত ভাৰতলৈ আগমন হয়। ১৬৬৪ চনত ফৰাচীসকলে ভাৰতলৈ আহে আৰু মহিয়ামন, চুৰাট, চান্দৰ নগৰ, কৰাইকল, পণ্ডিচেৰি, মছলিপটম্ আদি দক্ষিণৰ উপকূল অঞ্চলত ব্যৱসায়ৰ ঘাটি স্থাপন কৰে। চুৰাটত ১৬৬৮ চনত আৰু মছলিপটমত ১৬৬৯ চনত কাৰখানা স্থাপন কৰে। এইবোৰ ঠাইত তেওঁলোকে স্কুল স্থাপনো কৰিছিল। পণ্ডিচেৰিত তেওঁলোকে এখন মাধ্যমিক স্কুল স্থাপন কৰিছিল য’ত ফৰাচী ভাষা শিকোৱা হৈছিল। তেওঁলোকে পতা প্রাথমিক স্কুলবোৰত ভাৰতীয় শিক্ষকৰ দ্বাৰা স্থানীয় ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হৈছিল। ধৰ্ম শিক্ষাদানৰ বাবে প্ৰতিখন স্কুলতে একোজন ধর্মযাজক নিযুক্ত কৰা হৈছিল। অ-খ্ৰীষ্টিয়ান ল’ৰা- ছোৱালীবোৰো এনে স্কুলত ভৰ্তি হোৱাৰ সুবিধা পাইছিল৷ অৱশ্যে এই ল’ৰা-ছোৱালীবোৰে বিদ্যালয়ে শিক্ষাদানৰ বাবে প্ৰদান কৰা কিতাপ, কাপোৰ, খোৱা বস্তু আৰু অন্যান্য সঁজুলিৰ দ্বাৰা প্ৰলোভিত হৈহে স্কুললৈ যোৱাৰ উৎসাহ পাইছিল। ১৬৭৩ চনত ফৰাচীসকলে মুছলমান প্রশাসকৰ পৰা এখন সৰু গাঁও লাভ কৰিছিল। ই সময়ত গৈ ভাৰতত ফ্ৰান্সৰ সভ্যতা সংস্কৃতিৰ প্ৰধান কেন্দ্র পণ্ডিচেৰি চিটিত পৰিণত হয়গৈ।

১৭৪২ চনত ফৰাচীসকলে তেওঁলোকৰ বেপাৰ-বাণিজ্য আৰু ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰি তুলি ভাৰতত এক ৰাজনৈতিক শক্তিৰূপে আত্ম-প্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখিছিল। কিন্তু ইতিমধ্যে অধিক শক্তিশালী হৈ উঠা ইংৰাজ উপনিবেশীসকলৰ লগত তেওঁলোক সংঘৰ্ষৰ সন্মুখীন হয়। ইংৰাজৰ হাতত পৰাস্ত হৈ ফৰাচীসকলৰ উপনিবেশসমূহ হেৰুৱাব লগা হয়। কেৱল মাহে, য়ামেন, কৰাইকাল, চান্দৰ নগৰ আৰু পণ্ডিচেৰিতেই তেওঁলোক আবদ্ধ থাকিব লগা হয়।

১১। ভাৰতবৰ্ষত ইংৰাজসকলৰ শৈক্ষিক ক্রিয়াকলাপৰ বিষয়ে চমুকৈ লিখা। 

(Write briefly about the educational activities of the British in India.) 

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ পূৰ্বেই ইংৰাজ মিছনেৰীসকল ভাৰতলৈ আহিছিল বুলি অনুমান কৰা যায়। ১৫৮৮ চনত স্পেনিচ আর্মাডা ধ্বংস কৰাৰ পিছত ইংৰাজ নৌ-শক্তি উৎসাহিত হৈ উঠে আৰু তেওঁলোকৰ এটা বেপাৰী দলে পূব এচিয়াৰ দেশবোৰত বেপাৰবাণিজ্যৰ বাবে ১৫৯৯ চনত ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন কৰে। ১৬০০ চনত ৩১ ডিচেম্বৰৰ দিনা ৰাণী এলিজাবেঠৰ পৰা ১৫ বছৰৰ বাবে পূব এচিয়াৰ দেশবোৰত বেপাৰৰ অনুজ্ঞা পত্ৰ লাভ কৰে। পিচলৈ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বিষয়াবৰ্গৰ আধ্যাত্মিক উন্নতি সাধনৰ বাবে যথেষ্ট সংখ্যক মিছনেৰী এই দেশলৈ আহিবলৈ ধৰে। লগতে দেশীয় মানুহৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কামত ব্যক্ত হৈ পৰে। সেইসময়ত অৰ্থাৎ ১৭ শতিকাৰ আদি ভাগত শাসক নাইবা শাসিত কোনেও শিক্ষাৰ প্ৰতি আগ্ৰহী নাছিল। সেইবাবে মিছনেৰীসকলে তেওঁলোকৰ মূল উদ্দেশ্য ধৰ্মপ্ৰচাৰৰ লগতে’জনসাধাৰণক ‘অন্ধকাৰৰ পৰা পোহৰলৈ’ নিয়াৰ লক্ষ্যও নিৰ্ধাৰণ কৰি লয়। 

এই উদ্দেশ্য সাধনৰ বাবে তেওঁলোকে স্থানীয় ভাষাসমূহ শিকি লৈছিল। বাইবেলখন স্থানীয় ভাষালৈ অনুবাদ কৰিছিল আৰু স্কুল স্থাপন কৰি মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰিছিল। এইদৰে তেওঁলোকে ভাৰতীয় মানুহৰ শিক্ষাৰ লগত জড়িত হৈ পৰিছিল। প্ৰথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীয়েও মিছনেৰীসকলক ধৰ্ম প্ৰচাৰ কাৰ্যত সম্পূৰ্ণৰূপে উৎসাহ যোগাইছিল। ১৫৫৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোর্ট অব্ ডিৰেক্টৰচে স্পষ্টভাৱে কৈছিল যে ভাৰতীয়সকলৰ মাজত সম্ভৱপৰ সকলো প্ৰকাৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা বিষয়ত তেওঁলোক আন্তৰিকভাৱে ইচ্ছুক আৰু সেইবাবে তেওঁলোকৰ জাহাজতে মিছনেৰীসকলক আহিবলৈ অনুমতি দিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা উৎসাহিত হৈ মিছনেৰীসকলে দেশৰ একেবাৰে ভিতৰুৱা অঞ্চলবোৰলৈ গৈ ভাৰতীয়সকলৰ বাবে স্কুল স্থাপন কৰিছিল আৰু তেওঁলোকে নিজেই শিক্ষাদান কৰিছিল। তেওঁলোকৰ শৈক্ষিক কাৰ্যসূচী প্ৰধানকৈ ধৰ্ম আৰু মানৱ কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত আছিল আৰু ই প্ৰাথমিক শিক্ষাতে সীমাবদ্ধ আছিল। মিছনেৰীসকলৰ উদ্যোগত মাদ্রাজত ১৬৯৮ চনত খ্ৰীষ্টীয় জ্ঞান উন্নয়ন সমিতি (Society for the promotion of Christian knowledge) গঠিত হয় আৰু এই সমিতিৰ জৰিয়তে বিভিন্ন ঠাইত ছেৰিটি স্কুল স্থাপন কৰিবলৈ ধৰে। ১৭০১ চনত অন্য এখন মিছনেৰী সমিতি ‘ধর্মমত প্ৰচাৰ সমিতি’ (Society for the promotion of the gospel) গঠন হয়। এই দুয়োখন মিছনেৰী সমিতিয়ে লগ লাগি বিভিন্ন ঠাইত শিক্ষামূলক কাৰ্য আৰম্ভ কৰে। 

১৭৮৬ চনত মাদ্ৰাজ গৱৰ্ণৰৰ পত্নী লেডী কেম্পবেলে (Lady Campbell) এখন মহিলা অনাথগৃহ (Female Orphan Asylum) আৰম্ভ কৰে। আৰৰ্কটৰ নৰাবেত এই গৃহ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়ায়। স্থানীয় লোক আৰু চৰকাৰেও কিছু আর্থিক সাহায্য আগবঢ়াইছিল। এই অনাথগৃহৰ কৃতকাৰ্যতাৰ ফলত পিছৰ বছৰত এখন পুৰুষ অনাথ গৃহ (Male Orphan Asylum) আৰম্ভ কৰা হয়। এই অনুষ্ঠানৰ প্ৰথম অধীক্ষক আছিল ড° এনভ্রু বেল (Dr. Andrew Bell) এটা সময়ত এই অনুষ্ঠানখনে আর্থিক সংকটত ভুগিছিল আৰু সেইবাবে বহুসংখ্যক প্ৰাৰ্থী ইয়াত ভৰ্তি হোৱাৰ ক্ষেত্ৰত বঞ্চিত হ’ব লগা হৈছিল। এই সংকট দূৰ কৰিবলৈকে ড° এনদ্ৰ বেলে ওপৰ শ্ৰেণীৰ ছাত্ৰসকলক তলৰ শ্ৰেণীৰ ছাত্ৰক পঢ়ুৱাৰ দায়িত্ব দিছিল। এই পদ্ধতিটোক ‘মনিটৰিয়েল প্ৰথা’ (Monitorial System) হিচাপে জনা গৈছিল।

১৮০৫ চনত লণ্ডন মিছনেৰী চোচাইটিয়ে মাদ্ৰাজত এখন স্কুল স্থাপন কৰে আৰু লগে লগে মাদ্ৰাজৰ বিভিন্ন ঠাইত কিছুসংখ্যক স্কুল গঢ়ি তোলে। ১৭৮৯ চনত কলিকতাত মিছনেৰীসকলে ইউৰোপীয় ল’ৰা-ছোৱালীবোৰক শিক্ষা দিয়াৰ উদ্দেশ্যেৰে কলিকতা বিনামূলীয়া বিদ্যালয় সমিতি (Calcutta Free school Society) স্থাপন কৰে। বংগদেশৰ গৱৰ্ণৰ জেনেৰেলেও এই অনুষ্ঠানৰ পোষকতা কৰিছিল। ১৭৯৩ চনত ব্যপ্তিষ্ট মিছনেৰী সমিতিৰ এগৰাকী প্রতিনিধি ড° ক্ৰেীয়ে (Dr. Carey) কলিকতাত এখন স্কুল স্থাপন কৰি পৰিচালনা কৰিছিল। বাইবেলৰ নিউটেষ্টামেন্ট (New Testament) বঙালী ভাষালৈ অনুবাদ কৰিছিল আৰু ধৰ্মপ্ৰচাৰ কাৰ্যত ব্ৰতী আছিল। ১৭৯৯ চনত ৱাৰ্ড (Ward) আৰু মাৰ্ছমেন (Marshman) নামৰ দুগৰাকী প্রতিনিধি তেওঁৰ লগ লাগে। তাৰ পিচত তিনিও মিলি কলিকতাৰ পৰা কিছু আঁতৰৰ শ্ৰীৰামপুৰৰ ডেনিছ কলনীত তেওঁলোকৰ ঘাটি স্থাপন কৰে। সেই সময়ত তেওঁলোক তিনিওৰে মাজত এটা সুসমন্বয় গঢ়ি উঠিছিল। কেৰী আছিল এজন ভাল প্ৰচাৰক, ৱাৰ্ড এজন মুদ্ৰক আৰু মার্চমেন আছিল এজন স্কুল শিক্ষক। এওঁলোক ‘শ্ৰীৰামপুৰ ত্ৰয়ী’ (Serampore Trio). হিচাপে প্ৰখ্যাত হৈছিল। 

তেওঁলোকে বাইবেলখন কেবাটাও ভাষালৈ অনুবাদ কৰি ছপাই উলিয়াইছিল ৷ কলিকতা আৰু ইয়াৰ আশে পাশে কেইবাখনো স্কুল স্থাপন কৰিছিল। চাৰ্চ মিছনেৰী সমিতিয়ে (Church Missionary Society) বর্ধমান আৰু ইয়াৰ ওচৰে-পাজৰে কিছুমান স্কুল স্থাপন কৰিছিল। ইয়াৰোপৰি ডেভিদ হেয়াৰে (David Hare) কলিকতাত এখন মাতৃভাষাৰ স্কুল আৰু এখন ইংৰাজী স্কুল স্থাপন কৰিছিল ১৮০৮ চনত। ‘শ্ৰীৰামপুৰ ত্রয়ী’য়ে “Addresses to Hindus and Mohammedans” নামৰ এখন পুস্তিকা প্রকাশ কৰে। এই পুস্তিকাৰ বক্তব্যই ভাৰতীয় মানুহৰ ধৰ্মীয় চেতনাত আঘাত কৰা কাৰণে ইষ্টইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ অধিকৃত অঞ্চলত ইয়াৰ প্ৰচাৰ বন্ধ কৰি দিছিল। কোম্পানীয়ে আকৌ ইয়াতকৈও কঠোৰ ব্যৱস্থা হাতত ল’ব খুজিছিল আৰু সেইবাবে মিছনেৰীসকলৰ ছপাশাল কলিকতালৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল যাতে ই কোম্পানীৰ উপযুক্ত নিয়ন্ত্রণত থাকে। এই নির্দেশে কার্যাৱলীত প্ৰচণ্ড আঘাত কৰিলেহেঁতেন, পিছে এইক্ষেত্ৰত ডেনিছ ‘শ্ৰীৰামপুৰ ত্ৰয়ী’ৰ গৱৰ্ণৰৰ হস্তক্ষেপত এই নির্দেশ উঠাই লোৱা হয়। কিন্তু মিছনেৰীসকলৰ সকলো ছপাকাম কোম্পানীৰ বিষয়াৰ দ্বাৰা পৰিদৰ্শিত হ’ব লাগিব বুলি জন্য এটা নির্দেশ দিয়ে। এই নির্দেশে মিছনেৰীসকলৰ শৈক্ষিক কার্যাৱলীত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল যদিও এতিয়াৰে পৰা তেওঁলোক ধৰ্মান্তকৰণত অধিক সাৱধান হ’ল।

১২। ভাৰতবৰ্ষত মিছনেৰী শিক্ষাৰ কেন্দ্ৰসমূহৰ বিষয়ে চমুকৈ লিখা।  

(Write briefly about Centres of Missionary education in India.) 

উত্তৰঃ ১৬ শতিকাৰ আৰম্ভণিৰে পৰা বিভিন্ন ইউৰোপীয় বেপাৰী কোম্পানী ভাৰতলৈ আহে। এইসকলৰ ভিতৰত ক্ৰমে পৰ্টুগীজ, উলন্দাজ, ইংৰাজ, ডেনিচ আৰু ফৰাচীসকল বিশেষ উল্লেখযোগ্য। তেওঁলোকৰ মিছনেৰীসকলে দক্ষিণ উপকূলৰ বিভিন্ন অঞ্চলত ধৰ্মপ্ৰচাৰ আৰু শিক্ষা বিকাশৰ কাম কৰে। বেহা-বেপাৰ, প্ৰশাসন আৰু শিক্ষা বিকাশৰ কেন্দ্ৰস্বৰূপে এই অঞ্চলবোৰক তিনিটা প্রধান কেন্দ্ৰত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে মাদ্রাজ, কলিকতা আৰু বম্বে ৷ তলত এই কেন্দ্ৰ তিনিটাত মিছনেৰীসকলৰ শৈক্ষিক ক্রিয়া-কলাপৰ এটি চমু বিৱৰণ দাঙি ধৰা হ’ল—

(ক) মাদ্রাজ (Madras): ভাৰতৰ মিছনেৰীসকলৰ শিক্ষা আৰু ধৰ্মমূলক ক্রিয়া-কলাপৰ প্ৰথম আৰু প্ৰধান কেন্দ্ৰ হৈছে মাদ্ৰাজ। ১৭ শতিকাৰ প্ৰথম দশকতেই ডেনিচ মিছনেৰীসকলে মাদ্ৰাজ, টাঞ্জোৰ, ত্ৰিচিন্নাপল্লী, তিনাভেলি আদিত ঘাটি স্থাপন কৰে। তেওঁলোকৰ বিখ্যাত মিছনেৰী জিগেন বাগ, প্লুটম্ব আৰু স্কোৱাৰ্জে ধৰ্ম আৰু ভাষা-সংস্কৃতিৰ বিকাশত বিশেষ বৰঙণি যোগায়৷ তেওঁলোকে চেৰিটি স্কুল স্থাপনৰ উপৰি শিক্ষক-প্রশিক্ষণ কেন্দ্র স্থাপন কৰে। মাদ্ৰাজ অঞ্চলত ডেনিচ আৰু ইংৰাজ মিছনেৰীসকলে ধৰ্ম আৰু শিক্ষা বিকাশৰ দিশত সহযোগিতাৰে কাম কৰে। ১৬৯৮ চনত ব্ৰিটিছ মিছন চছাইটি, খ্ৰীষ্টীয় জ্ঞান বিকাশ সাধিনী সমাজ (Society for the promotion of Christian knowledge or S. P.CK) ৱেলচ্ মিছনেৰী চছাইটি আদি গঠিত হয়। এই সমাজবোৰে মাদ্ৰাজ অঞ্চলত বহুতো চেৰিটি স্কুল স্থাপন কৰি বিনামূলীয়া শিক্ষা দানৰ ব্যৱস্থা কৰে। মাদ্ৰাজৰ সকলোতকৈ পুৰণি চেইণ্ট মেৰী চেৰিটি স্কুল ৰেভাৰেণ্ড ষ্টিভেনচন নামে এজন ইংৰাজ ধর্ম যাজকে ১৭১৫ চনতেই স্থাপন কৰে। ইয়াৰ পৰিচালনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সময়ে সময়ে আর্থিক সাহায্য দিয়ে। 

১৭৮৭ চনত মাদ্ৰাজত গভৰ্ণৰৰ পত্নী লেডী কেম্পবেলৰ নামত এখন মহিলা অনাথ শিশুৰ আশ্ৰয় গৃহ (Female Orphan asylum) স্থাপন কৰা হয়। একে বছৰতে ইংৰাজ মিছনেৰা ৰেভাৰেণ্ড ড° এনদ্ৰ বেলে মাদ্রাজত ২১টা শিশুৰে ল’ৰাৰ অনাথ শিশুৰ এখন আশ্ৰয় গৃহ স্থাপন কৰে। ১৮২২ চনত মিলিটেৰীসকলৰ এজন ধর্মযাজকে ইউৰোপীয়সকলৰ দান-বৰঙণিৰে মাদ্ৰাজত ‘Sunday School’ বা ‘দেওবৰীয়া স্কুল’ স্থাপন কৰিছিল।

(খ) কলিকতা (Calcutta): ১৭৫৭ চনত পলাচী যুদ্ধৰ পিচত বংগদেশ ইংৰাজ শাসনৰ অধীনলৈ যায় যদিও তেওঁলোকে শিক্ষাৰ দায়িত্ব প্ৰত্যক্ষভাৱে গ্ৰহণ কৰা নাছিল। সেইবাবে শিক্ষা বিকাশৰ দায়িত্ব বেচৰকাৰী কৰ্তৃপক্ষই গ্ৰহণ কৰিছিল। এইক্ষেত্ৰত ১৭৮৯ চনৰ পৰা মিছনেৰীসকলে শিক্ষামূলক ক্ৰিয়া লৈছিল। এই চনতেই ‘কেলকেটা ফ্রি স্কুল চছাইটি’ গঠন হয় আৰু এই সংগঠনে ইউৰোপীয়সকলৰ ল’ৰা-ছোৱালীৰ বাবে স্কুল স্থাপন কৰিছিল ৷ পিছলৈ ভাৰতীয়সকলৰ বাবেও সংগঠনটোৱে স্কুল স্থাপন কৰিছিল। এই প্ৰসংগত উল্লেখযোগ্য যে মাদ্ৰাজ অঞ্চলৰ দৰে বংগ দেশত মিছনেৰীসকলে চৰকাৰৰ প্ৰতিকূল মনোভাবৰ বাবে অবাধে শৈক্ষিক ক্রিয়াকলাপ কৰিব পৰা নাছিল। কোম্পানীৰ লগত মিছনেৰীসকলে এইক্ষেত্ৰত এক প্ৰকাৰ সংগ্ৰাম কৰিব লগা হৈছিল। 

১৭৯৩ চনত বেপ্তিষ্ট মিছনেৰী চছাইটিৰ এজন প্রতিনিধি উইলিয়াম কেৰীয়ে (William Carey) কলিকতাত শিক্ষামূলক ক্ৰিয়া কৰিছিল যদিও অসুবিধাৰ সন্মুখীন হৈ মালডা চহৰলৈ যায়। তাত তেওঁ এখন স্কুল স্থাপন কৰে আৰু অৱসৰ সময়ত বাইবেল গ্ৰন্থ বংগ ভাষালৈ অনুবাদ কৰে। ১৭৯৯ চনত উইলিয়াম ৱাৰ্ড (William Ward) আৰু জছোৱা মাৰ্চমেন (Joshua Marshman) নামে আন দুজন মিছনেৰী তেওঁৰ লগ লাগে। কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকক শিক্ষামুলক ক্ৰিয়াৰ অনুমতি নিদিয়াৰ বাবে তেওঁলোকে তাৰ ১৫ মাইল নিলগত শ্ৰীৰামপুৰ নামৰ ঠাইত কেন্দ্ৰ স্থাপন কৰে। উল্লেখযোগ্য যে কেৰী আছিল এজন ধর্মযাজক, ৱাৰ্ড আছিল এজন মুদ্ৰক আৰু মাৰ্চমেন আছিল এজন শিক্ষক। তেওঁলোক তিনিওজনকে শ্ৰীৰামপুৰ ত্ৰয়ী (Serampore Trio) নামে জনা যায়। তেওঁলোকে একেলগে প্রায় ৪০ বছৰ কাল বংগদেশৰ শিক্ষা আৰু সংস্কৃতিমূলক ক্ৰিয়াত লিপ্ত আছিল। ১৮১৮ চনত শ্ৰীৰামপুৰ অঞ্চলত তেওঁলোকে এখন কলেজ স্থাপন কৰে আৰু কলিকতাৰ আশে পাশে কেইবাখনো স্কুল স্থাপন কৰে।

কলিকতাত আন কেতবোৰ মিছনেৰী সংস্থায়ো শিক্ষা বিকাশৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই সমূহৰ ভিতৰত লণ্ডন মিছনেৰী চছাইটি, চাৰ্চ মিছনেৰী চছাইটি আদি উল্লেখযোগ্য। এই সংস্থাসমূহে ল’ৰা-ছোৱালীৰ বাবে ইংৰাজী ভাষা আৰু দেশীয় ভাষাৰ বহুতো স্কুল স্থাপন কৰি বংগ দেশৰ শিক্ষা বিকাশত বৰঙণি আগবঢ়াইছিল।

(গ) বম্বে (Bombay): মাদ্ৰাজ আৰু বংগদেশ অঞ্চল তুলনাত পশ্চিমৰ বন্ধে অঞ্চলত মিছনেৰীসকলৰ শৈক্ষিক ক্রিয়া-কলাপ যথেষ্ট সীমাবদ্ধ আছিল। পটুগীজসকলে আন আন ইউৰোপীয় সকলতকৈ বহু পূর্বে এই অঞ্চললৈ আহি তেওঁলোকৰ ঘাটি স্থাপন কৰি শিক্ষা বিকাশৰ কামত হাত দিছিল। ১৬ আৰু ১৭ শতিকাতেই পৰ্টুগীজসকলৰ লগত অহা ৰোমান থেলিক মিছনেৰীসকলে বম্বেৰ উপকূলীয় অঞ্চলবোৰত ধৰ্ম প্ৰচাৰ আৰু শিক্ষা প্ৰচাৰত হাত দিছিল। তেওঁলোকে এই অঞ্চলত স্কুল-কলেজ আদি স্থাপন কৰিছিল। তেওঁলোকৰ বিখ্যাত মিছনেৰী চেইণ্ট জেভিয়াৰে (St. Xavier) বম্বেৰ ওচৰত বান্দ্ৰাত ১৬২০ চনত চেইণ্ট এনি বিশ্ববিদ্যালয় স্থাপন কৰিছিল। উল্লেখযোগ্য যে ১৫৮০ চনতেই এই অঞ্চলৰ ছাওল (Chaul) নামৰ ঠাইত জেচুইট কলেজ স্থাপন কৰা হৈছিল য’ত ৩০০ তকৈও অধিক ছাত্ৰই ইয়াত অধ্যয়ন কৰিছিল। কিন্তু ১৭৩৯ চনত মাৰাঠাসকলে পৰ্টুগীজসকলক যুদ্ধত পৰাস্ত কৰি বম্বেৰ পৰা খেদি পঠায়। ইয়াৰ ফলত তেওঁলোকৰ স্কুল-কলেজবোৰো বন্ধ হৈ পৰে।

ইয়াৰ পৰৱৰ্তী কালত ১৭১৯ চনত এগৰাকী ধর্মযাজক ৰিচাৰ্ড কবে (Richard Cobbe) বম্বেত প্ৰটেষ্টাণ্টসকলৰ ল’ৰা-ছোৱালীৰ বাবে এখন স্কুল স্থাপন কৰিছিল। এই স্কুল এটা দুৰ্গৰ ভিতৰত পৰিচালনা কৰা হৈছিল। সৰ্বসাধাৰণ লোকৰ দান-বৰঙণিৰে ১৮০৭ চনলৈকে ইয়াক পৰিচালনা কৰা হোৱা বাবে ইয়াক চেৰিটি স্কুল নামে জনা গৈছিল। ১৮২৫ চনত চৰকাৰে ইয়াক দুৰ্গৰ পৰা স্থানান্তৰ কৰে। ১৮১৫ চনত আমেৰিকান মিছনেৰীসকল বম্বেলৈ আহি ল’ৰা-ছোৱালীৰ স্কুল স্থাপন কৰিছিল। ১৮২৬ চনৰ ভিতৰত ছোৱালীৰ বাবে ৯ খন স্কুল স্থাপন কৰা হৈছিল। চাৰ্ছ মিছনেৰী চছাইটিয়েও ল’ৰা-ছোৱালীৰ বাবে পৃথক স্কুল স্থাপন কৰি শিক্ষা কার্য পৰিচালনা কৰিছিল। তেওঁলোকৰ ভিতৰত স্কটিচ মিছনেৰী চছাইটি, ফ্রেঞ্চ মিছনেৰী চছাইটি, বম্বে চছাইটি আদি উল্লেখযোগ্য। এই বিভিন্ন মিছনেৰী অনুষ্ঠানবোৰে নিজ নিজ ভাবে শিক্ষা পৰিচালনা কৰি বম্বে অঞ্চলৰ লোকৰ শিক্ষাৰ অৱস্থা উন্নত কৰি তুলিছিল ।

১৩। অসমত মিছনেৰীসকলৰ শৈক্ষিক ক্রিয়া-কলাপৰ বিষয়ে আলোচনা কৰা ।

(Discuss the educational activities of the Missionaries in Assam.) 

উত্তৰঃ অসম হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিগ্ৰহণ কৰা ভাৰতৰ শেষ ৰাজ্য। ১৮২৬ চনত ব্ৰহ্মদেশৰ মানসেনা আৰু ইংৰাজসকলৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজ শাসনৰ অধীনলৈ আহে। ১৮৭৪ চনলৈকে অসমক বংগদেশৰ এক অংশ স্বৰূপে কোম্পানীয়ে ইয়াৰ প্ৰশাসন চলায়। কলিকতাত অসম প্ৰশাসনৰ মুখ্য কাৰ্যালয় স্থাপন কৰি গভৰ্ণৰ জেনেৰেলৰ এজেন্ট বা প্রতিনিধি স্বৰূপে ডেভিদ স্কট্ (David Scot) চাহাব অসমলৈ আহে। অৱশ্যে এই ইংৰাজ প্ৰশাসনৰ পূৰ্বেই খ্ৰীষ্টীয়ান মিছনেৰী সকলো অসমৰ ধৰ্মীয় আৰু শৈক্ষিক ক্রিয়া-কলাপত লিপ্ত হৈছিল। এইসকলৰ ভিতৰত কলিকতাৰ শ্ৰীৰামপুৰ ত্রয়ীৰ নাম বিশেষ উল্লেখযোগ্য।

১৮৩৬ চনত আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকলে ড° নাথন ব্রাউন (Dr. Nathan Brown) আৰু অলিভাৰ টি, কাৰ্টাৰৰ (Oliver T. Carter) নেতৃত্বত অসমলৈ আহে। তেওঁলোকে সুদূৰ উত্তৰ-পূব অঞ্চলৰ শদিয়াত কেন্দ্ৰ স্থাপন কৰে। তেওঁলোকৰ লগত ছপা যন্ত্ৰও আনিছিল। সেই অঞ্চলত স্কুল স্থাপন কৰি শিক্ষা আৰু ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। তেওঁলোকে স্থানীয় ভাষাত পাঠ্যপুথি ৰচনা কৰে আৰু প্ৰকাশ কৰে। কিন্তু সেই অঞ্চলৰ;খামথি আৰু চিংফৌ লোক সকলৰ মাজত ১৮৩৯ চনত বিদ্রোহে দেখা দিয়া বাবে তেওঁলোকে দক্ষিণৰ জয়পুৰ অঞ্চললৈ কেন্দ্ৰ স্থানান্তৰ কৰে। পৰৱৰ্তী কালত শিৱসাগৰ, নগাঁও, তেজপুৰ আৰু গুৱাহাটীলৈকো ক্রিয়া সম্প্ৰসাৰণ কৰে। ১৮৪৫ চনত তেওঁলোকে গুৱাহাটীত বেপ্তিষ্ট চাৰ্ছ স্থাপন কৰে। তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ লোকসকলক শিক্ষা-দীক্ষাৰে খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰিবলৈ চেষ্টা কৰে। 

মিছনেৰীসকলৰ মহিলা শাখাই অসমৰ স্ত্ৰী শিক্ষাৰ বিকাশৰ বাবে ‘জানানা স্কুল’ নামৰ এবিধ স্কুল স্থাপন আৰু পৰিচালনা কৰে । সম্ভ্রান্ত পৰিয়ালৰ ৰক্ষণশীল মনৰ ছোৱালীসকলক ঘৰৰ পৰা আনি শিক্ষা দিবলৈ সক্ষম হৈছিল যদিও পিছলৈ ই উপযুক্ত সহাৰি লাভ কৰিব নোৱাৰিলে। উপস্থিতিৰ সংখ্যাৰ অভাৱত অৱশেষত ইয়াক বন্ধ কৰি দিব লগা হয়। অসম উপত্যকাত মিছনেৰীসকলে আৰু শিক্ষা বিস্তাৰত বিশেষ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰা বাবে দক্ষিণৰ পাহাৰীয়া অঞ্চললৈ তেওঁলোকে গতি কৰে। ১৮৪১ চনত ৱেলচ্ প্ৰেচবিটেৰিয়ান মিছন (Welsh presbyterian) অসমলৈ আহে আৰু তেওঁলোকে মুখ্য কেন্দ্ৰ শ্বিলঙত স্থাপন কৰে। খাছীয়া আৰু জয়ন্তীয়াসকলৰ ল’ৰা আৰু ছোৱালীৰ শিক্ষাৰ বাবে তেওঁলোকে এই অঞ্চলত স্কুল স্থাপন কৰে। ৱেলচ্ মিছনেৰীসকলৰ বাবেই অসমৰ পাহাৰীয়া অঞ্চলত শিক্ষিতৰ হাৰ ভৈয়াম অঞ্চলতকৈ অধিক বৃদ্ধি হৈ উঠে। তেওঁলোকে চুৰমা উপত্যকা আৰু লুচাই পাহাৰতো কেন্দ্ৰ স্থাপন কৰে। উল্লেখযোগ্য যে ১৮৫৪ চনৰ ছাৰ্লচ উডৰ বিখ্যাত শিক্ষা প্রতিবেদনতো এই মিছনেৰীসকলৰ শিক্ষা কাৰ্যৰ প্রশংসা কৰা হৈছে আৰু চৰকাৰৰ সমৰ্থন লাভৰ বাবে অনুমোদন কৰা হৈছে। ১৯ শতিকাৰ শেষৰ ফালে চাৰ্ছ মিছনেৰী চছাইটি (Church Missionary Society) অসমলৈ আহে। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দৰং জিলাত কেন্দ্ৰ স্থাপন কৰে। এই অঞ্চলৰ কছাৰী লোকসকলৰ মাজত তেওঁলোকে ধৰ্ম আৰু শিক্ষা বিকাশৰ কাম হাতত লয়।

১৪। অসমৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি মিছনেৰীসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰা 

(Discuss the Missionary Contribution towards Assamese language and literature.)

উত্তৰঃ অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি খ্ৰীষ্টীয়ান মিছনেৰীসকলৰ ঐতিহাসিক অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনীয় বিষয়াসকল বংগদেশৰ পৰা অসমলৈ আহোঁতে তেওঁলোকে কোম্পানীৰ কেতবোৰ বংগভাষী কৰ্মচাৰী লোক অসমত কাম-কাজ চলাবলৈ লগত লৈ আহে। এই কৰ্মচাৰীসকলে দুর্ভাগ্য ক্ৰমে ইংৰাজ শাসকসকলক অসমীয়া ভাষা আৰু সাহিত্য সম্বন্ধে ভুল ধাৰণা দিবলৈ চেষ্টা কৰে। তেওঁলোকে কোম্পানীৰ বিষয়াসকলক ধাৰণা দিয়ে যে অসমীয়া ভাষা প্রকৃত অৰ্থত এক দোৱানহে মাথোন, যি বংগ ভাষাৰ পৰা উৎপত্তি হৈছে। সেইবাবে অসমত বংগ ভাষাহে শিক্ষাৰ মাধ্যম হ’ব লাগে। সেই অনুক্ৰমে ইংৰাজ শাসকসকলে ভুল ধাৰণাৰ বশবর্তী হৈ ১৮৩৬ চনত বংগ ভাষা অসমৰ শিক্ষা মাধ্যম আৰু চৰকাৰী ভাষা স্বৰূপে প্ৰচলন কৰে। কিন্তু খ্ৰীষ্টীয়ান মিছনেৰীসকলে ইংৰাজ প্রশাসকসকলৰ এই ভুল সংশোধন কৰে। আমেৰিকান মিছনেৰীসকলে অসমৰ গাঁও আৰু ভিতৰুৱা অঞ্চলবোৰত প্ৰৱেশ কৰি অসমীয়া ভাষাৰ স্বৰূপ আৰু ইয়াৰ ব্যাপকতা জানি উঠে। সেইবাবে এই ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ইংৰাজসকলক পতিয়ন নিয়াবলৈ সক্ষম হয়। এই প্ৰসংগত আনন্দৰাম ঢেকিয়াল ফুকনৰ লগতে ৰেভাৰেণ্ড ব্ৰনচন (Reverend Bronson) আৰু মিলচ্ (Mills) আদিৰ ভূমিকা উল্লেখযোগ্য। তেওঁলোকে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে অশেষ চেষ্টা কৰে। ইয়াৰ ফলত ১৮৭৩ চনত অসমীয়া ভাষা আৰু শিক্ষা প্ৰশাসনৰ মাধ্যম স্বৰূপে পুনৰ প্ৰৱৰ্তন কৰা হয়। অসমীয়া ভাষা-সংস্কৃতিৰ বিলুপ্তিৰ এক নিশ্চিত অৱস্থাৰ পৰা মিছনেৰীসকলে ৰক্ষা কৰে ৷

মিছনেৰীসকলে অসমীয়া ভাষা সাহিত্যৰ কেৱল অস্তিত্ব ৰক্ষাই নহয়, বিকাশ সাধনৰো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে। শ্ৰীৰামপুৰৰ মিছনেৰীসকলে ইংৰাজসকল অসমলৈ অহাৰ পূৰ্বেই ১৮১৩ চনত নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ আত্মাৰাম শৰ্মা নামৰ এজন অসমীয়া পণ্ডিতৰ সহযোগত ‘বাইবেল’ গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰে। এইখনেই হৈছে অসমীয়া ভাষাৰ প্ৰথম মুদ্ৰিত আৰু প্ৰকাশিত গ্রন্থ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম ৰবীনচনে (William Robinson) ১৮৩৯ চনত প্ৰথম অসমীয়া ব্যাকৰণ Grammar of the Assamese language’ প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে অসমীয়া বুৰঞ্জীবিদ কাশীৰাম তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’ ১৮৪৪ চনত মিছন প্ৰেছৰ পৰা ছপা হৈ ওলায়। শিৱসাগৰৰ পৰা আমেৰিকান বেপ্তিষ্ট মিছনেৰী ড°নাথন ব্ৰাউনে ১৮৪৬ চনত প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুনোদয়’ প্ৰকাশ কৰি উলিয়াই অসমৰ সংবাদ জগতৰ ইতিহাস ৰচনা কৰে।

অসমৰ ভাষা-সাহিত্যৰ বিখ্যাত গৱেষক ড° মহেশ্বৰ নেওগে এই প্ৰসংগত মন্তব্য কৰি কয়, “এই কাকতেই অসমীয়া পাঠকৰ মানসিক দিগন্ত প্ৰসাৰিত কৰি দিলে আৰু আমাৰ সামাজিক ৰাজনৈতিক জীৱনৰ বহুতো ঘটনাৰ সাক্ষী হৈ ৰ’ল।” ১৮৬৭ চনত আমেৰিকান বেপ্তিষ্ট মিছনেৰী ড° মাইলচ ব্ৰনচনে (Dr. Miles Bronson) শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া আৰু ইংৰাজী শব্দকোষ “Dictionary in Assamese and English” সংকলন কৰি উলিয়ায় ৷ ইয়াত প্ৰায় ১৪ হেজাৰ শব্দ আছিল। অসমীয়া ভাষাৰ প্ৰথম উপন্যাস “কামিনি কাস্ত” ১৮৭৭ চনত জি. এচ. গুর্ণী (G. S. Gurney) চাহাবে প্ৰকাশ কৰি উলিয়ায়। মিছনেৰীসকলেই ইংৰাজী-সাহিত্যৰ বিখ্যাত গ্রন্থ “Pilgrim’s Progress” অসমীয়া ভাষালৈ অনুবাদ কৰি উলিয়ায়। ইয়াৰ উপৰি সেই সময়ৰ অসমীয়া সাহিত্য সংগ্ৰামী আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুনাভিৰাম বৰুৱা আদিক তেওঁলোকেই ভাষাজননীক সেৱা কৰিবৰ বাবে প্ৰেৰণা যোগায়।

অসমীয়া এটা স্বতন্ত্র ভাষা স্বৰূপে ইয়াৰ স্থিতি আৰু বিস্তৃতিৰ বাবে প্ৰয়োজন হোৱা সকলো উপাদানকেই এই মিছনেৰীসকলে দি গৈছে। এই অৱদান অসমীয়া জাতিৰ বাবে ঐতিহাসিক আৰ ঐতিহ্যপূৰ্ণ আৰু ভৱিষ্যতৰ বাবে প্ৰেৰণাদায়ক হৈ থাকিব। মিছনেৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰত আশানুৰূপ সফলতা লাভ কৰিব নোৱাৰিলে যদিও সাহিত্য সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ দিশত তেওঁলোকৰ অৱদান অনন্য আৰু চিৰ স্মৰণীয় হৈ ৰ’ব।

১৫। নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ৰ ওপৰত এটি টোকা লিখা।

Write short notes on ‘Downward Filtration Theory’.) 

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং ধাৰাত উল্লেখ থকা এক লাখ টকা খৰছ কৰাৰ দায়িত্ব, শিক্ষাদানৰ মাধ্যম, শিক্ষাদানৰ পদ্ধতি, শিক্ষাদানৰ উদ্দেশ্যক লৈ প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীৰ মাজত তুমুল বিবাদ সৃষ্টি হৈছিল। এই বিবাদ মীমাংসাৰ বাবে লৰ্ড মেকলেই ১৮৩৪ চনৰ ১০ জুনত ভাৰতত পদাপর্ণ কৰে। ভাৰতীয়সকলক কিদৰে শিক্ষা দিয়া হ’ব সেই সম্বন্ধে মেকলেই নীতি নিৰ্ধাৰণ কৰে। ভাৰত এখন বিশাল দেশ হোৱা হেতুকে ইয়াৰ সকলো শিশুকে সমানে শিক্ষা দিব নোৱাৰি। তেওঁ মত প্ৰকাশ কৰে যে প্রাথমিক স্কুলৰ ১. শিক্ষাৰ যোগেদি জনসাধাৰণক শিক্ষা দিয়াতকৈ উচ্চ শিক্ষানুষ্ঠানৰ যোগেদি দেশৰ উচ্চ শ্ৰেণীৰ ভাৰতীয় লোকক শিক্ষা দিয়াটো অধিক উপযুক্ত ব্যৱস্থা হ’ব। শিক্ষা বিস্তাৰৰ পদ্ধতি সম্পৰ্কত মেকলেৰ মত হ’ল ভাৰতবৰ্ষত এনে এচাম লোক সৃষ্টি কৰিব লাগিব যিসকল ব্ৰিটিছ শাসক আৰু লাখ লাখ প্ৰজাৰ মধ্যস্থতাকাৰীৰূপে অৱতীৰ্ণ হ’ব।

এইসকল ভাৰতীয় তেজ মঙহৰ হ’ব কিন্তু তেওঁলোকৰ ৰুচি, মতামত নৈতিকতা আৰু বৌদ্ধিক ক্ষেত্ৰত ইংৰাজৰ লেখিয়া হ’ব। এইসকল লোকেই শিক্ষিত হৈ পশ্চিমীয়া সাহিত্যৰ দ্বাৰা নিজৰ উপভাষাসমূহ চহকী কৰি তেওঁলোকৰ বৃহত্তৰ জনগণক শিক্ষা দিয়া দায়িত্ব বহন কৰিব পাৰিব। মেকলে শিক্ষাদানৰ এই পদ্ধতিটোক ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ (Downward Filtration Theory) বুলি জনা যায়৷ পৰিশ্ৰাৱণৰ অৰ্থ হ’ল শোধন হোৱা। শোধনপাত্ৰত পানী যেনেকৈ ওপৰৰ পৰা তললৈ নিগৰি শেষত আটাইখিনি পানীয়েই শোধন হয়, ঠিক সেইদৰে মেকলেৰ এই শিক্ষা পদ্ধতিত শিক্ষাও ওপৰ শ্ৰেণীৰ পৰা তলৰ শ্ৰেণী লোকলৈ নিগৰি পৰিব আৰু এইদৰে এদিন ভাৰতৰ সকলো লোকেই শিক্ষিত হ’ব।

১৬। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ গুৰুত্ব আলোচনা কৰা।

(Discuss the importance of Charter Act 1813.)

উত্তৰঃ ১৫৯৯ চনত ইংলণ্ডৰ এদল ব্যৱসায়ীয়ে ৰাণী এলিজাবেথৰ (Queen Elizabeth) ওচৰত ভাৰতত বেহা-বেপাৰ কৰিব বাবে অনুজ্ঞা পত্র (Charter or licence) বিচাৰি আবেদন কৰে। মহাৰাণী এলিজাবেথে ব্যৱসায়ী দল (ইষ্ট ইণ্ডিয়া কোম্পানী)ক অনুজ্ঞা পত্ৰ প্ৰদান কৰে আৰু প্ৰতি ২০ বছৰৰ মুৰে মুৰে ইয়াৰ নবীকৰণৰ নিয়ম বান্ধি দিয়ে। প্রথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় লোকৰ শিক্ষাৰ দায়িত্ব ল’ব খোজা নাছিল, কিন্তু ১৮১৩ চনত কোম্পানীৰ চনদ নবীকৰণৰ সময়ত ৪৩ নং ধাৰাত শিক্ষা বিষয়ক এটা দফা লিপিবদ্ধ কৰা হয়। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত কোৱা হয় যে কোম্পানীৰ মিলিটেৰী,নাগৰিকসকল, ব্যৱসায় বাণিজ্য প্রতিষ্ঠান আৰু অন্যান্য দিশৰ ধাৰৰ সুদ পৰিশোধৰ বাবে হোৱা খৰচ বহন কৰি উঠি ৰাহি হোৱা ধনৰ পৰা বছৰি কমেও এক লাখ টকা আছুতীয়াকৈ ৰখা হ’ব। এই টকা ব্ৰিটিছ অধিকৃত ভাৰতীয় অঞ্চলত সাহিত্যৰ পুনৰজীৱন আৰু উন্নতি সাধনৰ কাৰণে, পণ্ডিতসকলক উৎসাহিত কৰিবৰ বাবে আৰু বিজ্ঞান বিষয়ক জ্ঞানৰ আৰম্ভণি আৰু বিকাশৰ কাৰণে খৰচ কৰিব লাগিব।

১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং ধাৰাত উল্লেখ থকা কথাখিনিৰ পৰা এই স্পষ্ট যে ইয়ে ভাৰতত শিক্ষামূলক প্ৰথম চৰকাৰী পদক্ষেপ। এই আইনখনৰ ফলতেই ভাৰতৰ শিক্ষা ব্যৱস্থাই এক স্পষ্ট আধাৰ বা ভেটি লাভ কৰাটো পৰিলক্ষিত হ’ল আৰু মিছনেৰীসকলে ধৰ্মপ্ৰচাৰ আৰু শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত ভালেখিনি স্বাধীনতা লাভ কৰিছিল। আইনখনৰ গুৰুত্বপূৰ্ণ দিশসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) ১৮১৩ চনৰ ৪৩ নং ধাৰাটো হৈছে ভাৰতীয় শিক্ষাৰ দিশত ইংৰাজ সাংসদসকলৰ প্ৰথম আৰু বলিষ্ঠ পদক্ষেপ। তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতীয় শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি উঠে আৰু আইনৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে।

(খ) ভাৰতীয় শিক্ষাৰ দুৰৱস্থা গুচাৱৰ বাবে যে চৰকাৰী অৰ্থ-সাহায্যৰ প্ৰয়োজন এই কথাৰ অনুভৱ এই আইনত স্পষ্ট হৈ উঠে।

(গ) ভাৰতত কোম্পানীয়ে বেপাৰ-বাণিজ্য আৰু ৰাজহ আদি সংগ্ৰহ কৰি পোৱা ধনৰ লাভাংশ কেৱল ইংৰাজসকলৰ বাবেই নহয়, ভাৰতীয়লোকসকলৰ বাবেও, তাক সদ ব্যৱহাৰ কৰিব লাগে, এই উপলব্ধি গঢ়ি উঠা দেখা যায়।

(ঘ) ভাৰতীয়সকলৰ শিক্ষা বিকাশৰ দায়িত্ব গ্ৰহণ কৰাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক আইন সংগত অধিকাৰ, দায়িত্ব আৰু কৰ্তব্য, এই কথা স্পষ্ট কৰি তোলা হয়। 

(ঙ) প্ৰাচ্য সাহিত্য-সংস্কৃতিৰ পুৰ্নৰ জাগৰণ আৰু বিকাশ কৰা আৰু পাশ্চাত্য জ্ঞানবিজ্ঞানেৰে শিক্ষিত শ্ৰেণী ভাৰতীয়সকলক প্ৰভাৱিত কৰি তোলা, এই দুয়োটা উদ্দেশ্য আইনখনত অন্তৰ্ভুক্ত কৰা হয়।

(চ)  ভাৰতত পাশ্চাত্য শিক্ষা আৰু জ্ঞান-বিজ্ঞানৰ প্ৰয়োগ ইয়াৰ যোগেদি আইন সংগত কৰি তোলা হয়। পৰৱৰ্তী কালত মেকলেৰ প্ৰতিবেদনে ইয়াক সুনিশ্চিত কৰি তোলে৷ এনেবোৰ কথাৰ বিবেচনাই ১৮১৩ চনৰ চাৰ্টাৰ আইন ভাৰতীয় শিক্ষাৰ বাবে ঐতিহ্যপূৰ্ণ আৰু ঐতিহাসিক কৰি তুলিছে।

১৭। ১৮১৩ চনৰ চাৰ্টাৰ আইন ৪৩ নং দফাটোৰ ভাৰতীয় শিক্ষাৰ পৰৱৰ্তী সময়ৰ বিকাশত কি প্ৰভাৱ পৰিছিল?

(What impact did the ‘educational clause’ of Charter Act 1813 have on the Subsequent development of Indian education?) 

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোৰ ফলত ভাৰতীয় শিক্ষা ব্যৱস্থাত এক বিশেষ পৰিবৰ্তন, সংঘটিত হৈছিল। এই আইনখনৰ ফলস্বৰূপে ভাৰতীয় শিক্ষা ব্যৱস্থাই এক সুস্পষ্ট ভেটি লাভ কৰিবলৈ সক্ষম হৈছিল। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ শিক্ষামূলক ৪৩ নং দফাটোৰ অন্তৰ্ভুক্ত কৰাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় শিক্ষা বিকাশৰ অৰ্থনৈতিক দায়িত্ব গ্ৰহণ কৰিবলৈ বাধ্য হয়। ১৮১৩ চনৰ আইনখনৰ নীতি নিৰ্দেশনাৰ অস্পষ্টতাৰ বাবে প্ৰাচ্য-পাশ্চাত্য বিবাদৰ সৃষ্টি হৈছিল আৰু তাৰ সমাধানৰ বাবে লৰ্ড মেকলেই ভাৰতলৈ আহিছিল। তেওঁৰ প্ৰতিবেদনে এই বিবাদ মীমাংসা কৰিছিল আৰু ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী মনোভাব জাগ্রত কৰিছিল। ইয়াৰ ফলস্বৰূপে ইংৰাজসকলে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

সদৌ শেষত ক’ৱ পাৰি যে ১৮১৩ চনৰ চাৰ্টাৰ আইনখনে পৰৱৰ্তী সময়ত সৃষ্টি কৰা ঘটনা প্রবাহে ভাৰতৰ সামাজিক, ৰাজনৈতিক, শৈক্ষিক তথা প্ৰশাসনীয় দিশত নতুন যুগৰ সূচনা কৰে৷ চাৰ্টাৰ আইনখনে সমসাময়িক সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত কিছু বিৰূপ মনোভাবৰ সৃষ্টি কৰিলেও, এই আইনখনৰ ফলতেই ভাৰতীয় লোকে জাতীয়বাদী আন্দোলন গঢ়ি তুলি ইংৰাজসকলৰ পৰা শাসনৰ বাঘজৰী কাঢ়ি ল’বলৈ সক্ষম হৈছিল। সেয়েহে এই আইনখনৰ ফল ভাৰতৰ শিক্ষা ইতিহাসৰ ক্ষেত্ৰত ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ বুলি অভিহিত কৰিব লাগিব।

১৮। প্রাচ্য-পাশ্চাত্য বিবাদৰ মূল বিষয় কি আছিল? এই বিবাদ কেনেকৈ সমাপ্ত হ’ল? ভাৰতবৰ্ষৰ পৰৱৰ্তী শিক্ষা বিকাশত ইয়াৰ প্ৰভাৱ কেনে আছিল?

(What were the major issues leading Orientalist- anglicist Controversy? How did the conflict end? What were its effects on the subsequent development of education in India?) 

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনত শিক্ষা বিষয়ক ৪৩ নং ধাৰাটোৰ অন্তৰ্ভুক্তিৰ বাবে আশা কৰা হৈছিল যে চৰকাৰী প্ৰচেষ্টাত ভাৰতত শিক্ষাৰ দ্ৰুত প্ৰসাৰ ঘটিব, লগতে আৰু আশা কৰা হৈছিল যে চৰকাৰে সৰ্বভাৰতীয় শিক্ষা নীতি স্থিৰ কৰি শিক্ষা ব্যৱস্থাৰ নিয়ন্ত্ৰণ আৰু পুনৰ গঠন আৰম্ভ কৰিব। কিন্তু ১৯ শতিকাৰ আৰম্ভণিলৈকে শিক্ষাৰ এক সুনিৰ্দিষ্ট নীতিৰে নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা নহ’ল। ১৮১৩ চনৰ চাৰ্টাৰ আইনত উল্লেখ কৰা একলাখ টকা নীতিবিহীনভাৱে শিক্ষা কার্যত খৰচ কৰাৰ কাৰণে আৰু আইনখনত থকা পৰামৰ্শৰ অস্পষ্টতাৰ কাৰণে এক তুমুল মতভেদৰ সৃষ্টি হ’ল। জেনেৰেল কমিটি অৱ পাব্লিক ইঞ্চট্ৰাকচনৰ সদস্যসকলৰ ভিতৰত ইংৰাজী সাহিত্য আৰু পশ্চিমীয়া বিজ্ঞানৰ সমৰ্থকসকলৰ ইংৰাজ দল’ বা ‘Anglicist party’ আৰু ভাৰতীয় ভাষা সাহিত্য, বিজ্ঞানৰ সমৰ্থকসকল ‘প্রাচ্যদল’ বা ‘Orientalist party’ বুলি আখ্যা দিয়া হয়। এই দুয়োদলৰ মাজত থকা মতভেদৰ কাৰণে সৃষ্টি হোৱা বাকবিতণ্ডাক প্রাচ্য-পাশ্চাত্য বাকবিতণ্ডা (Orientalist-Anglicist controversy) বুলি কোৱা হয়। 

শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ দায়িত্ব, শিক্ষাৰ মাধ্যম আৰু ভাৰতৰ শিক্ষা বিস্তাৰৰ পদ্ধতি কেনে হ’ব লাগিব, এইবোৰ কথালৈয়ে ঘাইকৈ প্ৰাচ্য-পাশ্চাত্য শিক্ষাৰ সমৰ্থনকাৰী দল দুটাৰ মাজত মতভেদৰ সৃষ্টি হৈছিল।

এই মুখ্য দিশকেইটাৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ’ল—

(ক) শিক্ষাৰ উদ্দেশ্যঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং দফাটোত শিক্ষাত সাহিত্যৰ পুনৰ জীৱন আৰু উন্নতিৰ (Revival and improvement of literature) কথা কওঁতে ভাৰতীয় সাহিত্য নে পশ্চিমীয়া সাহিত্যৰ কথা কৈাৱা হৈছে তাৰ স্পষ্ট উল্লেখ নাছিল। সেইদৰে বিজ্ঞান শিক্ষাৰ প্ৰৱৰ্তন আৰু উন্নয়ন (Introduction and promotion of knowledge of Sciences) বোলোতে ভাৰতীয় বিজ্ঞান নে পশ্চিমীয়া বিজ্ঞান তাৰো কোনো স্পষ্ট নির্দেশ নাছিল। সেয়েহে এইক্ষেত্ৰত দুটা পৰস্পৰ বিৰোধী দলৰ সৃষ্টি হোৱাটো পৰিলক্ষিত

(খ) শিক্ষাৰ দায়িত্বঃ কোম্পানীৰ স্থাপনৰ অনেক আগৰ পৰাই মিছনেৰীসকলে ভাৰতৰ শিক্ষাৰ উন্নতি আৰু প্ৰসাৰৰ কাম কৰিছিল বাবে চাৰ্টাৰ আইনৰ দ্বাৰা ধাৰ্য কৰা এক লাখ টকা, তেওঁলোকৰ প্ৰাপ্য বুলি আশা কৰিছিল। আনহাতে ভাৰতীয়সকলৰ ফালৰ পৰাও শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে নিজে খৰচ কৰিব পৰাকৈ এটা দাবী, ক্ষীণকৈ হ’লেও আছিল। আকৌ কোম্পানীৰে নিজৰ টকাৰ ওপৰত নিজৰহে অধিকাৰ আছে আনৰ নাই, এনেকৈ কোম্পানীৰ দাবীৰ সৈতে, শিক্ষাৰ দায়িত্বৰ ক্ষেত্ৰত সৰ্বমুঠ তিনিটা ভিন্ন মতামত পৰিলক্ষিত হৈছিল।

(গ) শিক্ষাৰ মাধ্যমঃ শিক্ষা বিতৰণৰ মাধ্যম ভাৰতত কি হোৱা উচিত, এই সম্পৰ্কত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। ইংৰাজ দলে, ইংৰাজী ভাষা শিক্ষাৰ মাধ্যম হোৱাটো বিচাৰিছিল, কিয়নো ই এটা উন্নত ভাষা হোৱাৰ উপৰি বিজ্ঞানে শিক্ষা বিতৰণৰ কাৰণে প্ৰয়োজনীয় শব্দাৱলী এই ভাষাত আছে বুলি তেওঁলোকে মন্তব্য কৰিছিল।

ভাৰতীয় দলৰ হৈ প্ৰাচীন পন্থী হিন্দু পণ্ডিত আৰু মৌলবাদীসকলৰ মতে প্রাধান্য লাভ কৰিছিল। এইলোকৰ মতে ভাৰতত শিক্ষাৰ মাধ্যম সংস্কৃত আৰু আৰবী ভাষা হ’ব লাগে। আনটো দল ভাৰতীয়ই কিন্তু তেওঁলোকৰ মতে যিহেতু সংস্কৃত বা আৰৱী কথোপকথনৰ ভায়া নহয় ৷ সেয়েহে আধুনিক ভাৰতীয় ভাষাহে (MIL) শিক্ষাৰ মাধ্যম হ’ব লাগে। এইদৰে শিক্ষাৰ মাধ্যম সম্বন্ধে আমি তিনিটা ভিন্ন ধৰণৰ মতামত দেখিবলৈ পাওঁ।

(ঘ) শিক্ষা বিস্তাৰৰ পদ্ধতিঃ ভাৰতত শিক্ষা বিস্তাৰৰ কাৰণে কেনে পদ্ধতি অৱলম্বন কৰিব লাগিব, এইলৈ দুটা পৰস্পৰ বিৰোধীমতৰ মাজত বিতৰ্ক চলিছিল। এটা দলৰ মতে মুষ্টিমেয় কিছু সংখ্যক লোকক শিক্ষা প্ৰদান কৰি, তাৰ পৰা তলৰ চামলৈ নিগৰিত হ’ব। এইক্ষেত্ৰত তেওঁলোকে ভাৰতীয় শিক্ষাত নিম্নগামী পৰিশ্ৰাৱণ নীতি (Downward Filtration theory) প্রয়োগ কৰাটো উপযুক্ত বুলি বিবেচনা কৰিছিল। ইয়াৰ বিপৰীতে আনটো দলে সৰ্বসাধাৰণৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছিল। কেৱল উচ্চ শ্ৰেণীৰ লোকৰ কাৰণে শিক্ষাৰ ব্যৱস্থা কৰিলে শিক্ষা বিষয়টো সৰ্বদাই তেওঁলোকৰ একচেতীয়া (Monopoly) অধিকাৰ হৈ থাকিব আৰু সৰ্বসাধাৰণে কাহানিও শিক্ষাৰ পোহৰ নাপাব।

ওপৰত আলোচনা কৰা বিতর্কমূলক দিশসমূহৰ পৰা এইটো স্পষ্টভাৱে ক’ব পাৰি যে প্রাচ্যপাশ্চাত্য বিবাদে শিক্ষাৰ বিভিন্ন দিশত এক বিশেষ ধৰণৰ জটিলতাৰ সৃষ্টি কৰিছিল যাৰ বাবে চৰকাৰেও প্ৰস্তাৱিত একলাখ টকা খৰচৰ পৰা বিৰত থাকিব পাৰিছিল। এই প্রাচ্যপাশ্চাত্য বিবাদৰ মীমাংসাৰ বাবে ১৮৩৪ চনৰ মাজভাগত ‘জেনেৰেল কমিটি অৱ পাৱলিক ইষ্ণষ্ট্ৰাকচনৰ’ সভাপতি ৰূপে লৰ্ড মেকলে আমাৰ দেশলৈ আহে। ১৮৩৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে প্রাচ্যবাদীসকলৰ মতৰ বিৰুদ্ধে তেখেতৰ দ্বাৰা তৈয়াৰ কৰা বিখ্যাত মাইনুটত নিজস্ব মতামত সম্বলিত কৰি প্ৰাচ্য-পাশ্চাত্য বিবাদৰ এটা মীমাংসা কৰে। মেক’লৰ এই মাইনুট বা প্রতিবেদনে ভাৰতীয় শিক্ষা ইতিহাসৰ পৰৱৰ্তী কালৰ গতি নিৰ্ধাৰণ কৰে। তলত এই প্রতিবেদনৰ কেতবোৰ মূল সিদ্ধান্তৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ’ল— ভাঁৰতত শিক্ষাৰ মাধ্যম আৰু শিক্ষা বিস্তাৰ পদ্ধতিৰ বিষয়ে ক’বলৈ গৈ মেক’লে চাহাবে লিখিছিল যে ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ৰ ভাৰতত প্ৰধান কার্য হিচাপে বর্তমান কালত চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ ৰাখিব পৰাকৈ এচাম লোক গঢ়ি তুলিব লাগিব। 

এইচাম লোক ৰুচি-অভিৰুচি, মতামত, নৈতিকতা আৰু বুদ্ধিত ইংৰাজৰ দৰে হ’ব, কেৱল তেজ আৰু বৰণতহে তেওঁলোক ভাৰতীয় হৈ থাকিব। চামলোকৰ হাততে তেওঁলোকৰ দোৱানসমূহৰ পশ্চিমীয়া সাহিত্যৰ জ্ঞানৰ আধাৰত উন্নতি সাধন কৰি, তাৰ মাধ্যমেৰে বাকীলোকসকলৰ শিক্ষাৰ দায়িত্ব আৰোপ কৰিব লাগিব। এদিন ভাৰতীয়সকলে এনেদৰে উন্নতি সাধন কৰি লোৱা ভাষাৰ মাধ্যমেৰে অধ্যয়ন কৰি পশ্চিমৰ শিক্ষানুষ্ঠানত নামভৰ্তি হ’বলৈ আহিব। সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ দিন হ’ব। ভাৰতীয় লোকসকলৰ ইংৰাজীৰ প্ৰতি থকা বিদ্বেষভাৱ আৰু ভাৰতীয় সংস্কাৰৰ প্ৰসংগত মেক’লে চাহাবে ভাৰতৰ পৌৰাণিক আৰু আধুনিক ভাষাসমূহৰ সমালোচনা কৰি কৈছিল যে “ভাৰতীয় ভাষাৰ সমগ্ৰ কিতাপতকৈ ইংৰাজী ভাষাৰ মাত্ৰ কেইখনমান ভাল কিতাপ অধিক মূল্যবান।” ইংৰাজী সাহিত্য আৰু ভাষা, জ্ঞান-বিজ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। এনে কাৰণতেই ভাৰতত ইংৰাজী ভাষাৰ প্ৰচলন হ’ব লাগে আৰু ভাৰতীয় স্বদেশী বিদ্যালয়বোৰ বন্ধ কৰিব লাগে।

মুছলমান মৌলবী আৰু হিন্দু পণ্ডিতসকলৰ আৰৱী আৰু সংস্কৃত প্ৰীতিক ব্যংগ কৰি মেক’লে চাহাবে মাইনুটত লিখিছিল যে “ইংৰাজী ভাষাৰে জিভাই জুতি নাপাৱ পাৰে কিন্তু স্বাস্থ্যৰ পক্ষে উপকাৰী হ’ব।”

ওপৰত উল্লেখ কৰা শক্তিশালী যুক্তি প্ৰদৰ্শনেৰে লৰ্ড মেক’লেই প্রাচ্য-পাশ্চাত্য বিবাদৰ বিতর্কমূলক দিশ কেইটাৰ সিদ্ধান্ত গ্ৰহণ কৰি তৈয়াৰ কৰা প্ৰতিবেদনখন সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকৰ হাতত তুলি দিছিল। তাৰ পিছৰ পৰা ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গতিত এক নতুন পৰিৱৰ্তনৰ আৰম্ভণি হয়।

১৯। ভাৰতীয় শিক্ষাৰ প্ৰতি মেকলেৰ প্ৰধান অৱদানসমূহ আলোচনা কৰা। 

(Discuss the main Contributions of Lord Macaulay to Indian education.)

উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষা ইতিহাসত লৰ্ড মেক’লেই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ নিস্পত্তিকৰণত তেওঁ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে বিভিন্ন চিন্তাবিদসকলে তেওঁক নানাভাৱে বৰ্ণনা কৰে। কোনো কোনোৱে মত প্ৰকাশ কৰে যে ভাৰতবৰ্ষৰ প্ৰগতিৰ পথত তেওঁ হৈছে পোহৰ বিলাওতা (Torch bearer in the path of M progress)। আকৌ কোনো কোনোৱে মত প্ৰকাশ কৰে যে ভাৰতৰ জাতীয়তাবাদী আন্দোলন গঢ় দি তুলি মেক’লেই ইংৰাজ শাসনৰ পতন মাতি আনিলে। ভাৰতীয় শিক্ষাৰ কেতবোৰ জটিল সমস্যাৰো সৃষ্টিকৰ্তা হৈছে লৰ্ড মেক’লেই। সি যি কি নহওক, নিৰপেক্ষভাৱে বিচাৰ কৰিলে দেখা যায় যে আধুনিক ভাৰতৰ শিক্ষা বিকাশ আৰু সামাজিক অগ্ৰগতিৰ দিশত তেওঁৰ এক বিশেষ অৱদান আছে। বহুতেই ক’ব খোজে যে মেক’লে ভাৰতীয়সকলৰ ওপৰত বলপূৰ্বকভাৱে ইংৰাজী ভাষা জাপি দিছিল। কিন্তু প্রকৃতপক্ষে ক’বলৈ হ’লে ভাৰতীয় শিক্ষিত শ্ৰেণীলোকৰ মনত ইংৰাজী ভাষা সাহিত্যৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ পূৰ্বৰে পৰা আছিল ৷ ৰাজা ৰামমোহন ৰায়ৰ দৰে শিক্ষিত ভাৰতীয়লোকে সেই সময়ত ইংৰাজী ভাষা সাহিত্যৰ সপক্ষে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।

ভাৰতীয়সকলেই সেই সময়ত অনুভৱ কৰিছিল যে দেশৰ পৌৰাণিক সংস্কৃত আৰু আৰবী ভাষাই সমাজৰ আশানুৰূপ পৰিৱৰ্তন, বিকাশ সাধন আৰু আধুনিকৰণ কৰি তুলিব নোৱাৰে। আধুনিক জ্ঞান-বিজ্ঞানৰ পোহৰ লাভ কৰিবৰ বাবে ইংৰাজী ভাষা সাহিত্যহে প্রয়োজন। 

সেয়েহে ভাৰতবৰ্ষত ইংৰাজী ভাষা-সাহিত্য আৰু সংস্কৃতিৰ স্থিতি আৰু বিস্তৃতিৰ বাবে কেৱল লৰ্ড মেক’লেক আমি এক পক্ষীয়ভাৱে দোষাৰোপ কৰিব নোৱাৰো। এইক্ষেত্ৰত তেওঁ কেৱল মাথোন দ্ৰুতভাৱে সিদ্ধান্তহে গ্ৰহণ কৰিছিল। তাৰ অন্যথা প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ মীমাংসা কৰিব পৰা নহ’লহেঁতেন।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল যে ভাৰতীয় পৌৰাণিক সাহিত্যৰ ওপৰত কৰা মেক’লেৰ মন্তব্য আৰু শিক্ষা বিকাশৰ ‘নিম্ন পৰিশ্ৰাৱণ নীতি’টো সন্তোষজনক আৰু জনহিতকৰ বুলি ক’ব নোৱাৰি। মেক’লেৰ ভাৰতীয় ভাষা-সংস্কৃতিৰ বিপৰীতমুখী আৰু জনজীৱনৰ প্রতিকূলমুখী শিক্ষানীতি গ্রহণে ইংৰাজসকলৰেই চৰম বিপর্যয় মাতি আনিছিল। দেশীয় লোকসকলৰ মনত এই নীতিয়ে আঘাত দিয়া হেতুকে জাতীয়তাবাদী আন্দোলন গঢ় লৈ উঠিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ইয়াৰেই প্ৰথম অভিব্যক্ত স্বৰূপ বুলি বুৰঞ্জীবিদসকলে অভিহিত কৰিব খোজে । মেক’লৈৰ প্ৰতিবেদনেই প্রাচ্য আৰু পাশ্চাত্য পন্থীৰ মাজত সুদীর্ঘকাল জুৰি চলা বিবাদৰ অন্ত পেলালে আৰু ১৮১৩ চনৰ চাৰ্টাৰ আইনত ধার্য কৰা একলাখ টকা কামত খটুওৱাটো সম্ভৱ হ’ল। মেক’লেই ভাৰতীয়সকলৰ মাজত পশ্চিমীয়া বিজ্ঞান আৰু চিন্তাধাৰাৰ প্ৰসাৰ সাধন কৰিছিল। তেওঁৰ বাবেই ভাৰতীয়সকলে ইংৰাজী শিক্ষা গ্ৰহণ কৰি বিদেশীৰ দাসত্বৰ পৰা মুক্ত হ’বলৈ অনুপ্ৰেৰণা পালে আৰু অৱশেষত স্বাধীনতা সংগ্ৰামত বিজয়ী হৈ স্বাধীন দেশৰ নাগৰিক হিচাপে পৰিগণিত হ’ল। মুঠতে ক’ব পাৰি যে ভাৰতীয় শিক্ষালৈ মেক’লেই যি বৰঙণি আগবঢ়াই থৈ গৈছে, তাৰ বাবে তেওঁ প্ৰশংসা আৰু তিৰস্কাৰ দুয়োটাৰে পাত্ৰ হ’ব লগা হৈছিল।

২০। বেণ্টিংকৰ শিক্ষানীতিৰ বিষয়ে আলোচনা কৰা।

(Discuss Bentinck’s policy of Education.)

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল দখল কৰাৰ পিছত কোম্পানীৰ প্ৰশাসনীয় দায়িত্ব বৃদ্ধি হৈ উঠাৰ লগে লগে ইংলেণ্ডৰ প্ৰশাসনে ভাৰতত প্ৰশাসনীয় নীতিৰো পৰিবৰ্তন সাধন কৰে। সেই অনুক্রমে বম্বে, মাদ্ৰাজ আৰু বংগ অঞ্চলৰ প্ৰধান প্রশাসন কেন্দ্ৰ কলিকতাত স্থাপন কৰা হয় আৰু এজন গৱৰ্ণৰ জেনেৰেল নিযুক্তি দিয়ে। ১৭৭৪ চনৰ পৰা ১৭৮৫ চনলৈ ৱাৰেণ্ট হেষ্টিংচে প্ৰথম গৱৰ্ণৰ জেনেৰেল স্বৰূপে কলিকতাৰ পৰা ইংৰাজৰ প্ৰশাসন চলায়। ইয়াৰ পিচত ক্ৰমে কৰ্নৱালিচ, ৱেলচলি, ডেলহাওচি আদিয়ে প্রশাসন পৰিচালনা কৰে। ১৮২৮ চনত লৰ্ড উলিয়াম বেণ্টিংকে প্রাচ্য-পাশ্চাত্য বিবাদৰ চৰম অৱস্থাতে কোম্পানীৰ প্ৰশাসনীয় মুৰব্বী স্বৰূপে গৱৰ্ণৰ জেনেৰেল হৈ ভাৰতলৈ আহে। বেণ্টিংক এগৰাকী যোগ্য প্রশাসক, সমাজ সংস্কাৰক আৰু শিক্ষানীতিৰ নিৰ্ধাৰক আছিল। তেওঁৰ দিনতে ‘সতীদাহ প্রথা’ বন্ধ কৰা হয়৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেওঁ কিছুমান স্থায়ী আৰু মৌলিক পৰিৱৰ্তন সাধন কৰিব বিচাৰিছিল । শিক্ষাৰ ক্ষেত্ৰত লৰ্ড বেণ্টিংকৰ এটা উল্লেখযোগ্য সংস্কাৰ হৈছে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষাক গ্ৰহণ কৰা যিটোক তেওঁ আৰম্ভণিৰ পৰা সমৰ্থন কৰিছিল। বেণ্টিংকে প্রাচ্য-পাশ্চাত্যৰ বিবাদ নিষ্পত্তিকৰণতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁ লর্ড মেক’লেক ১৮৩৪ চনত জেনেৰেল কমিটি অৱ পাব্লিক ইনষ্ট্রাকচনৰ অধ্যক্ষ পদত নিযুক্তি কৰে। মেক’লেৰ ১৮৩৫ চনৰ শিক্ষা প্রতিবেদনৰ পৰামৰ্শাৱলীও প্ৰকাশ কৰা মনোভাবত তেওঁ সম্পূৰ্ণ একমত। কেৱল একমত প্ৰকাশ কৰাই নহয়, কোম্পানীৰ মুখ্য প্রশাসক স্বৰূপে পাশ্চাত্য শিক্ষাৰ সমৰ্থনত তেওঁ চৰকাৰৰ শিক্ষানীতিও ১৮৩৫ চনৰ ৭ মাৰ্চত ঘোষণা কৰে। বেণ্টিংকৰ শিক্ষানীতিৰ মূল প্ৰস্তাৱ কেইটা তলত উল্লেখ কৰা হ’ল—

প্রথম প্রস্তাৰঃ ভাৰতীয় লোকসকলৰ মাজত ইউৰোপীয় সাহিত্য আৰু বিজ্ঞান চৰ্চাৰ সকলোধৰণৰ ব্যৱস্থা কৰা, চৰকাৰী নীতিৰ উদ্দেশ্য হ’ব শিক্ষাৰ বাবে ধার্য কৰা অৰ্থ কেৱল ইংৰাজী শিক্ষাৰ বাবে ব্যয় কৰা হ’ব।

দ্বিতীয় প্রস্তাবঃ যেতিয়ালৈকে ভাৰতীয়সকল প্রাচ্যবিদ্যাৰ প্ৰতি অনুৰক্ত হৈ থাকিব তেতিয়ালৈকে প্ৰাচ্য বিদ্যাৰ অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া নহয় যদিও এই অনুষ্ঠানসমূহৰ কাৰণে কোনো অর্থ ব্যয় কৰা নহ’ব।

তৃতীয় প্ৰস্তাৱঃ জেনেৰেল কমিটি অৱ পাব্লিক ইনষ্ট্রাকচনে প্রাচ্য ভাষাৰ কিতাপ ছপা কৰোতে যি বিপুল অর্থ ব্যয় কৰিছে তাক বন্ধ কৰা হ’ব।

চতুৰ্থ প্ৰস্তাৱঃ এনে শিক্ষাৰ সংস্কাৰৰ ফলত জেনেৰেল কমিটিৰ হাতত যি অৰ্থ জমা হ’ব সেই অৰ্থ ইংৰাজী ভাষাৰ মাধ্যমেৰে ইউৰোপীয় সাহিত্য আৰু জ্ঞান বিজ্ঞানৰ হৈ বিনিয়োগ হ’ব।

এই প্ৰস্তাৱসমূহ জেনেৰেল কমিটিলৈ পঠোৱা হ’ল। লর্ড উইলিয়াম বেণ্টিংকৰ প্ৰস্তাৱৰ ভিত্তিত মুখ্য নগৰসমূহত চৰকাৰী ‘জিলা স্কুল’সমূহ গঢ় লৈ উঠিল। এই স্কুলবোৰত ইংৰাজীৰ মাধ্যমেৰে পাশ্চাত্য সাহিত্য আৰু বিজ্ঞানৰ শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্গত হ’ল। বেণ্টিংকে এই নতুন শিক্ষা ব্যৱস্থাত ধৰ্মনিৰপেক্ষতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। নতুন ব্যৱস্থা মতে ১৮৩৬ চনত হুগলীত আৰু ১৮৪০ চনত ঢাকাত কলেজ প্রতিষ্ঠা কৰা হয়, কলিকতাৰ হিন্দু কলেজ চৰকাৰে নিজৰ হাতলৈ নিয়ে, ইয়েই বৰ্তমানৰ প্ৰেছিডেন্সী কলেজ।

বেণ্টিংকে যদিও ইংৰাজী ভাষাকেই শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল আৰু প্ৰাচ্য ভাষাৰ কিতাপ প্ৰকাশ বন্ধ কৰিছিল, তথাপি প্ৰাচ্য শিক্ষাৰ অনুষ্ঠানসমূহো আগৰ দৰেই চলাই ৰাখিছিল আৰু শিক্ষক তথা ছাত্ৰসকলেও পূৰ্বৰ দৰেই বৃত্তি লাভ কৰিছিল।

২১। লর্ড মেকলেৰ মাইনুটৰ বিষয়ে আলোচনা কৰা।

(Discuss Lord Macaulay’s Minute.)

উত্তৰঃ ১৮৩৪ চনৰ মাজ ভাগত লৰ্ড মেক’লে ভাৰতলৈ আহে। তেওঁ আছিল ভাৰতীয় ভাষা সাহিত্যৰ অভিজ্ঞতা নথকাকৈ ভাৰতলৈ অহা ইংৰাজ প্রশাসক, ইংৰাজী ভাষা-সাহিত্যত পাণ্ডিত্য থকাৰ উপৰি তেওঁ আছিল এজন চতুৰ আইনজ্ঞ আৰু তাৰ্কিক। তেওঁৰ যোগ্যতাৰ বাবে লর্ড বেণ্টিংকে মেক’লেক জেনেৰেল কমিটি অৱ পাব্লিক ইনষ্ট্রাকচনৰ অধ্যক্ষ পদ প্ৰদান কৰে। প্ৰথমে কমিটিৰ অধ্যক্ষ স্বৰূপে প্ৰাচ্য-পাশ্চাত্য বিবাদৰ কোনো পক্ষ তেওঁ লোৱা নাছিল। কাৰণ তেওঁ জানিছিল যে এই বিবাদ নিষ্পত্তি কৰিবৰ বাবে অৱশেষত বিষয়টো তেওঁৰ হাততেই আহি পৰিব। সেই অনুক্রমে এই দায়িত্ব গ্ৰহণ কৰি ১৮৩৫ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁ বিখ্যাত প্রতিবেদন প্রস্তুত কৰি উলিয়ায় আৰু চৰকাৰৰ হাতত দাখিল কৰে। মেক’লৈৰ এই প্রতিবেদনে ভাৰতীয় শিক্ষা-ইতিহাসৰ পৰৱৰ্তী কালৰ গতি নির্ণয় কৰে। এই প্রতিবেদনৰ কেতবোৰ মূল সিদ্ধান্ত তলত উল্লেখ কৰা হ’ল—

(ক) ইংৰাজী সাহিত্য সম্বন্ধে (On English literature): তেওঁ সিদ্ধান্ত গ্ৰহণ কৰা প্রথম কথাটো হৈছে চাৰ্টাৰ আইনৰ ৪৩ নং বিভাগটোত উল্লেখ কৰা ‘literature’ৰ সম্বন্ধে যুক্তি প্ৰদৰ্শন কৰি তেওঁ কয় যে এই ‘সাহিত্য’ হৈছে ইংৰাজী সাহিত্য আৰু “Learned natives of India”ৰ অৰ্থ হৈছে সেইসকল ভাৰতীয় যি ইউৰোপৰ ল’কৰ (Locke) দৰ্শন আৰু মিলটনৰ (Milton) কবিতা জানে। ভাৰতত সাহিত্য আৰু বিজ্ঞানৰ বিকাশ কেৱল এই ইংৰাজী ভাষাৰেহে সম্ভৱ হ’ব পাৰে।

(খ) প্রাচ্য ভাষা-সাহিত্য সম্বন্ধে (On-Oriental literature): মেক’লেই প্রাচ্য ভাষাসাহিত্য অধ্যয়নৰ বিৰোধিতা কৰিছিল। এই সাহিত্য আৰু ইয়াৰ অধ্যয়নৰ অনুষ্ঠানসমূহ বন্ধ কৰাৰো তেওঁ পৰামৰ্শ দিছিল। তেওঁ মত প্ৰকাশ কৰিছিল যে প্রাচ্য ভাষাৰ শিক্ষানুষ্ঠানবোৰে কোনো উদ্দেশ্য সাধন কৰিব পৰা নাই। চৰকাৰে পুৰণি সাহিত্যৰ গ্ৰন্থসমূহ প্ৰকাশ কৰি যি খৰচ বহন কৰিব লগা হৈছে তাকো বন্ধ কৰিব লাগে। এই ধন ইয়াৰ পিছৰে পৰা কেৱল ইংৰাজী সাহিত্যৰ বাবেহে খৰচ কৰিব লাগে। তেওঁ আৰু পৰামৰ্শ দিছিল যে হিন্দু আৰু মুছলমানসকলৰ আইনৰ সাৰমৰ্মসমূহ চৰকাৰে ইংৰাজী ভাষালৈ তৰ্জমা কৰিব লাগে ৷

(গ) শিক্ষাদানৰ মাধ্যম সম্বন্ধে (On medium of instruction): সাহিত্য সম্বন্ধে তেওঁৰ মনোভাব স্পষ্ট কৰি তোলাৰ পিছত শিক্ষাদানৰ মাধ্যম সম্বন্ধে তেওঁ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। যুক্তি প্ৰদৰ্শন কৰি তেওঁ ভাৰতীয় প্ৰাচীন সাহিত্যতকৈ ইংৰাজী সাহিত্যৰ কার্যকাৰিতা আৰু গ্ৰহণযোগ্যতা প্রতিপন্ন কৰে। তেওঁ কয় যে যিসকলে ইংৰাজী ভাষা জানে তেওঁলোকে পৃথিৱীৰ জ্ঞানী দেশসমূহে আগবঢ়োৱা ব্যাপক পৰিসৰৰ বৌদ্ধিক সম্পদ লাভ কৰি উঠিব পাৰে। শিক্ষিত ভাৰতীয়সকলেও এই ভাষা বিচৰে, কাৰণ ইয়াৰ প্ৰকাশিত গ্রন্থ হাজাৰ হাজাৰ বিক্ৰী হৈ প্ৰচুৰ লাভ কৰিব পৰা হৈছে। তেওঁ আৰু কয় যে ইংৰাজী ভাষা হৈছে শাসকসকলৰ আৰু শিক্ষিত ভাৰতীয়সকলৰ ভাষা। ই দেশৰ বেপাৰ- বাণিজ্যৰো মাধ্যম। সেয়েহে এই ভাষা শিক্ষাৰ মাধ্যম হোৱাৰ শক্তিশালী ভিত্তি আছে। মেক’লেই এক কৰ্তৃত্বশীল দায়িত্বৰ মনোভাবেৰে কয় যে ভাৰতীয়সকলৰ বাবে যি মুখৰচক তাক দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপযুক্ত তাৰ শিক্ষা দিয়াটোহে ইংৰাজসকলৰ কৰ্তব্য।

(ঘ) শিক্ষাদান পদ্ধতি সম্বন্ধে (On method of education): ভাৰতীয়সকলক কিদৰে শিক্ষা দিয়া হ’ব সেই সম্বন্ধেও মেকলেই নীতি নিৰ্ধাৰণ কৰে। ভাৰত এখন বিশাল দেশ হোৱা হেতুকে ইয়াৰ সকলো শিশুকে সমানে শিক্ষা দিব নোৱাৰি। সেয়েহে তেওঁ মত প্ৰকাশ কৰে যে প্রাথমিক স্কুলৰ যোগেদি জনসাধাৰণক শিক্ষা দিয়াতকৈ উচ্চ শিক্ষানুষ্ঠানৰ যোগেদি দেশৰ উচ্চ শ্ৰেণী:ভাৰতীয় লোকক শিক্ষা দিয়াটো অধিক উপযুক্ত ব্যৱস্থা হ’ব। এনে এক শ্রেণীলোকক শিক্ষা দিয়া উচিত যিসকলে শাসক বৰ্গ আৰু সৰ্বসাধাৰণ লোকৰ মাজত মধ্যস্থতাকাৰী স্বৰূপে কাম কৰিব পাৰে। এই শ্রেণীলোকৰ তেজ আৰু গাৰ বৰণ ভাৰতীয়, কিন্তু তেওঁলোকৰ আগ্ৰহ-অভিৰুচি আৰু বুদ্ধি বৃত্তি হ’ব ইউৰোপীয়। হিমালয় পৰ্বতৰ পৰা পানী নিগৰি পৰি নদী উপত্যকাইদি বৈ গৈ যিদৰে ভাৰত মহাসাগৰত পৰে সেইদৰে এইসকল লোক শিক্ষিত হৈ উঠি সৰ্বসাধাৰণ লোকক শিক্ষিত কৰি তুলিব। ই হৈছে শিক্ষাৰ নিম্ন পৰিশ্ৰাৱণ নীতি (Downward Filtration Theory)।

ওপৰত উল্লেখ কৰা শক্তিশালী যুক্তি প্ৰদৰ্শনেৰে লৰ্ড মেক’লেই ভাৰতীয় শিক্ষাৰ বিতর্কমূলক `দিশ কেইটাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ এই শিক্ষা প্রতিবেদন ভাৰতীয় শিক্ষাৰ ‘মাইলৰ খুটি’,‘দিগ দৰ্শনকাৰী’,‘ঐতিহাসিক’ আদি বিভিন্ন শব্দেৰে বৰ্ণনা কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top