Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয়

Join Telegram channel

Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয়, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয় Question Answer can be of great value to excel in the examination.

Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয়

Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয় Notes cover all the exercise questions in UGC Syllabus. Economic Sociology Unit 4 অর্থনৈতিক সমাজতত্ত্বৰ সমসাময়িক বিষয় The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(ট) সামৰিক প্ৰযুক্তিৰ বিকাশঃ বিশ্বায়নৰ ফলশ্ৰুতি হিচাপে ৰাষ্ট্ৰবিলাকৰ মাজত সামৰিক প্ৰযুক্তিৰ ক্ৰমাৎ বৃদ্ধিয়েও জাতীয় ৰাষ্ট্ৰবিলাকৰ সামৰিক সামৰ্থ্যৰ বহু মাত্ৰাই সংকুচিত কৰি তুলিছে।

এনেদৰে পৰ্যালোচনা কৰি চালে দেখা যায় যে, উপৰিউক্ত পৰিস্থিতিসমূহৰ পৰিপ্ৰেক্ষিতত বিশ্বায়নে ৰাষ্ট্ৰীয় সার্বভৌমত্ব বহু পৰিমাণে সংকুচিত কৰি তুলিছে। কিন্তু এই যুক্তিটো সম্পূৰ্ণৰূপে শুদ্ধ বুলি মানি ল’ব নোৱাৰি। অভিজ্ঞতাৰ পৰা এইটো প্ৰতীয়মান হয় যে বর্তমান গোলকীয় অৰ্থনৈতিক সংকটকালীন পৰিস্থিতিৰ সময়ত ৰাষ্ট্ৰ যন্ত্ৰই অধিক শক্তিশালী নায়ক হিচাপে ভূমিকা পালন কৰি আহিছে আৰু নিজৰ সৰ্বোচ্চ কৰ্তৃত্বক পুনৰ দৃঢ় কৰি তুলিবলৈ সক্ষম হৈছে। তদুপৰি এনে সংকটকালীন পৰিস্থিতি সংশ্লিষ্ট ৰাষ্ট্ৰৰ বিত্তীয় অনুষ্ঠানসমূহক ৰাষ্ট্ৰখনৰ চৰকাৰেই সাহাৰ্য্যমূলক ঋণ পেকেজ (Bailout Package) প্রদান কৰে। গতিকে ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে সাম্প্রতিক সময়ত বিশ্বায়নৰ প্ৰভাৱৰ ফলত ৰাষ্ট্ৰৰ গুৰুত্ব কোনো কাৰণতে হ্ৰাস হোৱা পৰিলক্ষিত নহয়, বৰং পূৰ্বৰ তুলনাত কিছু সুকীয়া ভূমিকাত অৱতীৰ্ণ হৈছে।

৪। বিশ্বায়নৰ সকাৰাত্মক প্ৰভাৱসমূহ আলোচনা কৰা। (Discuss the positive Impact of globalization.) 

উত্তৰঃ সামগ্ৰিকভাৱে বিশ্বায়নৰ সকাৰাত্মক প্ৰভাৱ সম্পর্কে নিম্নোক্ত যুক্তিসমূহ অৱতাৰণা কৰিব পাৰি—

(ক) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে লাভজনকঃ বিশ্বায়নে বহু উন্নয়নশীল ৰাষ্ট্ৰৰ দৰিদ্ৰতা নিৰ্মূল কৰি ৰাষ্ট্ৰবিলাকৰ ঘৰুৱা অৰ্থনীতিৰ সৱলীকৰণৰ ক্ষেত্ৰত অৱদান যোগাইছে। দুখীয়া ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতিৰ লগত উন্নত ৰাষ্ট্ৰবোৰৰ অৰ্থনীতিৰ একীভূতকৰণে দুখীয়া ৰাষ্ট্ৰবিলাক জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীত কৰাৰ সুযোগ প্ৰদান কৰিছে। চীন, ভাৰতবৰ্ষ, মেস্কিকো আৰু হাংগেৰী আদি বহুবিলাক ৰাষ্ট্ৰই যাতে নিজা নিজা জনমূৰি আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে বিশ্ব বজাৰৰ পৰা যাৱতীয় সুবিধা লাভ কৰিব পৰাকৈ বিশ্ব বজাৰৰ নীতি-নিৰ্দেশনাৰ লগত সামঞ্জস্য ৰাখি ৰাষ্ট্ৰীয় নীতি, আঁচনি আৰু সংগঠন আদি প্ৰস্তুত কৰি লৈছে।

(খ) বৈদেশিক মূলধনৰ সোতঃ বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকৰ পৰা অনুন্নত ৰাষ্ট্ৰবিলাকলৈ বৈদেশিক প্রত্যক্ষ বিনিয়োগ (FDI)-ৰ ৰূপত বৈদেশিক মূলধনৰ নিয়মিত যোগানক উৎসাহিত কৰে। মূলধনৰ বিনিয়োগৰ ফলস্বৰূপে উন্নত ৰাষ্ট্ৰবিলাকে লাভান্বিত হোৱাৰ সমান্তৰালভাৱে অনুন্নত ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত উৎপাদনমুখী কার্যকলাপত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ উৎপাদনৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হয়, যি ৰাষ্ট্ৰখনৰ জনমূৰি আয় বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে।

(গ) জ্ঞানৰ সম্প্ৰসাৰণঃ বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰবিলাকে বৰ্ধিত জ্ঞানৰ জৰিয়তে অধিক প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ বাবে এক নতুন সক্ষমতা প্ৰদান কৰিছে। এই জ্ঞানৰ বিস্ফোৰণে কাৰিকৰী আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত আন্তঃক্ৰিয়া আৰু প্ৰতিযোগিতা প্ৰকৃতিৰ পৰিৱৰ্তন কৰি উৎপাদনী দক্ষতা বৃদ্ধিত অৰিহণা যোগাইছে।

(ঘ) উপভোক্তাসকলৰ বাবে উপভোগ্যঃ বিশ্বায়নে উপভোক্তাসকলক উপভোগৰ বাবে বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰীৰ যোগান সহজলভ্য কৰি তুলিছে। জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিব পৰাকৈ উন্নত মানদণ্ডৰ দ্ৰব্য সামগ্ৰীৰ অতি নূন্যতম দৰত প্ৰাচুৰ্য্য সহজ হৈ পৰিছে। তদুপৰি ৰাষ্ট্ৰ ভৌগোলিক সীমাৰেখাৰ বাহিৰৰ পৰা দ্রব্য সামগ্ৰীৰ মুক্ত আদান-প্রদানে ইবিলাকৰ মূল্য অধিক প্ৰতিযোগিতামুখী কৰি তোলাৰ লগতে উপভোক্তাসকলক নিজৰ পছন্দ অনুসৰি বহু বিকল্পৰ মাজৰ পৰা বাছনি কৰি লোৱাৰ সুযোগ প্ৰদান কৰিছে।

(ঙ) বহু ৰাষ্ট্ৰীয় নিগমসমূহৰ অংশগ্রহণঃ বিশ্বায়নৰ ফলত বহুৰাষ্ট্ৰীয় নিগমসমূহ (MNC) ৰ অংশ গ্ৰহণেৰে উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ বৃদ্ধি তথা উন্নীত কৰাটো সম্ভৱপৰ হৈ উঠিছে। এই বহুজাতিক প্রতিষ্ঠানসমূহৰ দ্বাৰা প্ৰতিষ্ঠিত উদ্যোগ, কল-কাৰখানাসমূহত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন কর্ম সংস্থাপনৰ বাট মুকলি হৈছে। এই বহুজাতিক প্রতিষ্ঠানসমূহে উৎপাদন ব্যবস্থাত নতুন নতুন প্রযুক্তিবিদ্যাৰ প্ৰয়োগৰ সূচনা কৰিছে। ইয়াৰ উপৰি গৱেষণা আৰু উন্নয়নমূলক কাৰ্যসূচীতো এই MNC বিলাকে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। উন্নত ৰাষ্ট্ৰসমূহৰ পৰা উন্নয়নশীল ৰাষ্ট্ৰবিলাকলৈ নতুন কাৰিকৰী আৰু প্ৰযুক্তিগত কৌশলবিলাকৰ স্থানান্তৰিত কৰাৰ লগতো এই বহু ৰাষ্ট্ৰীয় নিগমবিলাক জড়িত। ইয়াৰ জৰিয়তে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহ অধিক পৰিমাণে উপকৃত হৈছে।

(চ) আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু বাণিজ্যঃ বিশ্বায়নে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু বাণিজ্যৰ বিকাশৰ পথ প্ৰশস্ত কৰি তুলিছে। ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত প্রতিযোগিতামূলক বজাৰৰ আবিৰ্ভাৱ হৈছে। ৰাষ্ট্ৰবিলাকে নিজা অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত উদাৰ নীতি গ্ৰহণ কৰিছে। তদুপৰি বিশ্বায়নৰ ফলতেই ৰাষ্ট্ৰবিলাকে অধিক বজাৰ দখলৰ হকে গুণগত দ্রব্য সামগ্রী উৎপাদন কৰিবলৈ আগ্রহী হোৱা পৰিলক্ষিত হৈছে।

(ছ) শান্তিৰ বাতাৱৰণ অক্ষুণ্ণ ৰখাঃ বিশ্বায়নৰ বাবে সমগ্ৰ বিশ্বতে শান্তিৰ বাতাবৰণ বজাই ৰখাটো সম্ভৱপৰ হৈ উঠিছে। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ মাজৰ বিভিন্ন ধৰণৰ বিবাদবিলাক শান্তিপূর্ণ উপায়েৰে মীমাংসা কৰাৰ প্ৰয়াস চলাইছে আৰু ইয়াৰ ফলত বিভিন্ন ৰাষ্ট্ৰবিলাকৰ মাজত সংঘাতৰ সম্ভাৱনা খীণ হৈ পৰিছে।

(জ) জাতীয়তাবাদ, সাম্রাজ্যবাদ, উপনিৱেশবাদৰ ধাৰণা অপ্ৰাসংগিকঃ বিশ্বায়নৰ আন এক নকাৰাত্মক প্ৰভাৱ হ’ল যে একমাত্র গোলকীয় অনুভূতিৰ কাৰণেই জাতীয়বাদ, সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশকতাবাদৰ ধাৰণাসমূহ অপ্রাসংগিক তথা অফলৱৰ্তী হৈ পৰিছে। বিশ্বায়নৰ ফলস্বৰূপে সমগ্ৰ পৃথিৱীখন এখন গোলকীয় গাঁৱলৈ পৰিণত হৈছে। সকলো ৰাষ্ট্ৰৰ সার্বভৌম ক্ষমতা সমান বুলি বিবেচনা কৰাৰ মূলতেই হৈছে বিশ্বায়নৰ ইতিবাচক প্ৰভাৱ।

৫। বিশ্বায়নৰ নকৰাত্মক প্রভাৱ সম্পর্কে আলোচনা কৰা। (Discuss the Negative impact of globalization.) 

উত্তৰঃ অধ্যাপক জয়ন্তনুজ বন্দোপাধ্যায় (Jayantanuja Bandopadhayay)-ৰ মতে বিশ্বায়নৰ নকৰাত্মক প্ৰভাৱ সম্পর্কে নিম্নোক্তসমূহ উত্থাপন কৰিব পাৰি।

(ক) ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত কু-প্ৰভাৱঃ বহু চিন্তাবিদে মত পোষণ কৰিছে যে বিশ্বায়নে ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ ওপৰত অশুভ প্রভাৱ পেলায়। সার্বভৌমত্বৰ একাত্মকবাদী তত্ত্বটিৰ সমৰ্থকসকলে ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি অবিভাজ্য বুলি যুক্তি দর্শাইছিল। কিন্তু বিশ্বায়ন নীতিৰ পৰিপ্ৰেক্ষিতত সাৰ্বভৌমত্বৰ এই দিশটো বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্বায়নৰ বাবে কোনো ৰাষ্ট্ৰই নিৰংকুশ সার্বভৌমত্বৰ দাবী কৰিব নোৱাৰে।

(খ) পুঁজিবাদী অর্থনীতিৰ পুনৰুত্থানঃ বিশ্বায়নে পুঁজিবাদী অর্থনৈতিক গাঁথনিৰ পুনৰুত্থানৰ জৰিয়তে জাতীয় ৰাষ্ট্ৰবিলাকৰ মাজত আৰু ৰাষ্ট্ৰ এখনৰ ভিতৰতো ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি কৰাত অৰিহণা যোগাইছে। বিশ্বায়নৰ যি অৰ্থনৈতিক মুনাফা সেয়া ধনী ৰাষ্ট্ৰবিলাকেহে উপভোগ কৰিছে। দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকে বিশ্বায়নৰ অৰ্থনৈতিক সুফল লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। বিশ্ব বেংকেও এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে যে বিশ্বায়নে এফালে ধনী আৰু দুখীয়া ৰাষ্ট্ৰবিলাকৰ মাজত আৰু আনফালে জাতীয় সমাজৰ ভিতৰতে বিভিন্ন শ্রেণীৰ জনসাধাৰণৰ মাজত অৰ্থনৈতিক ব্যৱধানৰ মাত্ৰা বৃদ্ধি কৰিছে।

(গ) শোষণৰ আহিলা হিচাপে বিশ্বায়নঃ বিশ্বায়ন প্ৰক্ৰিয়াৰ জৰিয়তে পৃথিৱীৰ উন্নত ধনী ৰাষ্ট্ৰবিলাকে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকলৈ অৰ্থনৈতিক সাহায্য প্ৰদান কৰাৰ জৰিয়তে উন্নত ৰাষ্ট্ৰবিলাকে দুর্বল ৰাষ্ট্ৰবিলাকৰ ওপৰত নিজৰ ভেটি সবল ৰূপত প্রতিষ্ঠা কৰে আৰু উন্নয়নশীল ৰাষ্ট্ৰবিলাকক শোষণ কৰাৰ পথ প্রশস্ত কৰে। এনেদৰে বিশ্বায়নে অৰ্থনৈতিক দিশৰ পৰা বিভাজিত পৃথিৱীত “উদাৰনৈতিক ধনতন্ত্র”-ৰ ঘোষণা কৰে।

(ঘ) গোলকীয় অস্ত্র-শস্ত্ৰৰ বজাৰৰ সম্প্ৰসাৰণঃ বিশ্বায়নৰ প্ৰক্ৰিয়াবোৰে গোলকীয় অস্ত্ৰ-শস্ত্ৰৰ বজাৰৰ সম্প্ৰসাৰণ ঘটোৱাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজত অস্ত্ৰ-শস্ত্ৰৰ বৃদ্ধি প্রতিযোগিতাক উচটনি দিছে। এই ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বৃদ্ধিৰ বাবে কৰা প্ৰতিযোগিতাই বহু উন্নয়নশীল ৰাষ্ট্ৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক বিঘ্নিত কৰি তুলিছে।

(ঙ) আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ওপৰত ধনী ৰাষ্ট্ৰবিলাকৰ আধিপত্য বিস্তাৰঃ বিশ্বায়নৰ ফলত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকো বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্বায়নৰ ফলত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাক আৰু ইবিলাকৰ কাৰ্য পদ্ধতিসমূহৰ ওপৰত উন্নত ধনী ৰাষ্ট্ৰবিলাক (আমেৰিকা)ৰ আধিপত্য বিস্তাৰক পুনৰুজ্জীৱিত কৰি তুলিছে। তুলনামূলকভাৱে উন্নত ধনী সদস্য ৰাষ্ট্ৰবিলাকে নিজা নিজা স্বাৰ্থ সুৰক্ষিত তথা পূৰণ কৰিবৰ কাৰণে এই আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকে ব্যৱহাৰ কৰিব পাৰে। উন্নত ৰাষ্ট্ৰবিলাকৰ এনে কাৰ্যকলাপে বিশ্বৰ আন আন ৰাষ্ট্ৰবিলাকক বিপথে পৰিচালিত কৰাৰ আশংকা থাকে।

(চ) ৰাষ্ট্ৰৰ অৰ্থনৈতিক সার্বভৌমত্বৰ ওপৰত কু-প্ৰভাৱঃ বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক সার্বভৌমত্বৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰই বেংকৰ বিধি-বিধান উলংঘন কৰা কাৰ্যৰ বৈধতা বিচাৰ কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা বাণিজ্যিক আৰু ব্যৱসায়িক চুক্তি বা চমুকৈ GATT-ৰ ওচৰত অৰ্পণ কৰিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ধনী ৰাষ্ট্ৰবিলাকৰ তুলনাত ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু দুখীয়া ৰাষ্ট্ৰবিলাকহে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা মাত্রাধিক।

৬। বিশ্বায়নৰ ৰাজনৈতিক ফলশ্রুতি সম্পর্কে লিখা। (Write about the political consequences of globalization.)

উত্তৰঃ বিশ্বায়নৰ ধাৰণাটো ৰাজনৈতিক কার্যকলাপৰ লগত জড়িত আৰু বিশ্ব ৰাজনীতিত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়। ৰাষ্ট্ৰৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিশ্বায়নে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্ৰভাৱ সম্পৰ্কে বিভিন্ন বিতৰ্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি। বিশ্বায়নে জাতীয় ৰাষ্ট্ৰবিলাকৰ ক্ষমতা সংকুচিত কৰিছে। বিশ্বায়নৰ যুগত ৰাষ্ট্ৰৰ কাৰ্যাৱলী কেইটামান ঐচ্ছিক কাৰ্য, যেনে – আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াতেই সীমাৱদ্ধ। আনকথাত ক’ব পাৰি যে পূৰ্বৰ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা বৰ্তমান সীমিত ৰাষ্ট্ৰলৈ পৰ্যবেসিত হৈছে। 

আনহাতে অর্থনৈতিক আৰু সামাজিক তথা জনকল্যাণকামী কাৰ্যাৱলীসমূহ সম্পাদন কৰাৰ কাৰণে অনা চৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু অন্যান্য আনুষংগিক আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ নীতিৰ কাৰ্যকৰীকৰণৰ ফলস্বৰূপে জাতীয় ৰাষ্ট্ৰসমূহ বিশেষকৈ তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাক উপায়ান্তৰ হৈ পৰিছে। সমাজবাদী ব্যৱস্থাৰ অৱসান ঘটাৰ ফলত সমগ্ৰ বিশ্ব মার্কিন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰোক্ষ নিয়ন্ত্রণাধীন হৈ পৰাত জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। অর্থনৈতিক নিয়ন্ত্ৰণৰ সুযোগত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক কার্যকলাপত আমেৰিকাৰ নিয়ন্ত্ৰণ স্পষ্ট হৈ পৰিছে। উদাহৰণস্বৰূপে পূব এছিয়াৰ ৰাষ্ট্ৰবিলাকত সাম্প্রতিক কালত সংঘটিত ঘটনাৱলীৰ বিষয়ে উল্লেখ কৰিব পাৰোঁ। লিবিয়াত মোৱাস্মাৰ গাড্ডাফীৰ নেতৃত্বাধীন একনায়কত্ববাদৰ অৱসান, তুর্কী, ছিৰিয়া, ইয়েমেন, গ্ৰীছ আদি ৰাষ্ট্ৰত আভ্যন্তৰীণ গৃহযুদ্ধ বিশ্বায়নৰ ৰাজনৈতিক ফলশ্ৰুতি বুলি অভিহিত কৰা যায়। এই ৰাষ্ট্ৰবিলাকক শাসক গোষ্ঠীৰ বিৰুদ্ধে একগোট কৰিবলৈ ইণ্টাৰনেটসমূহে এক মুখ্য ভূমিকা লৈছে বুলি ক’ব পাৰোঁ।

আনহাতে কিছুমান বিশেষজ্ঞৰ মতে বিশ্বায়নে জাতীয় ৰাষ্ট্ৰবিলাকৰ কাৰ্যৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত ৰাষ্ট্ৰীয় চৰকাৰে জনগণৰ আশা-আকাংক্ষা, অভাৱ অভিযোগ আদিৰ বিষয়ে অৱগত হৈ তাক পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। তদুপৰি উন্নত ৰাষ্ট্ৰবিলাকৰ লগত সংগতি ৰাখি উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জনগণৰ “জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে ভিন্ন ভিন্ন আঁচনি ৰাষ্ট্ৰীয় চৰকাৰে গ্ৰহণ কৰা দেখা যায়। গতিকে বিশ্বায়নে ধনী আৰু দুখীয়া দেশসমূহৰ মাজত থকা প্ৰভেদসমূহ ক্ৰমান্বয়ে হ্রাস কৰিছে। ব্যক্তিগতকৰণ, মুক্ত বাণিজ্য আৰু নিঃজাতীয়কৰণৰ দৰে বিশ্বায়নৰ বৈশিষ্ট্যসমূহে ৰাষ্ট্ৰ অৰ্থনৈতিক নীতি নিৰ্দ্ধাৰণৰ ক্ষমতা অৱক্ষয় হোৱাত অৰিহণা যোগাইছে। যদিওবা সাৰ্বভৌমত্বৰ অৱক্ষয় হৈছে, তথাপি বাণিজ্যৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰ আৱশ্যকতা নুই কৰিব নোৱাৰি। ৰাষ্ট্ৰই অবিৰতভাৱে অপৰিহাৰ্য কাৰ্যসমূহ, যেনে- আইন শৃংখলা ৰক্ষা কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা আদি দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰি আহিছে। গতিকে ৰাজনৈতিক ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱক লৈ মত পার্থক্য থাকিলেও এই প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত ৰাষ্ট্ৰৰ কাৰ্যৰ পৰিসৰ বৃদ্ধি পাইছে আৰু প্ৰতিখন ৰাষ্ট্ৰই দ্ৰুত গতিত আধুনিকতাৰ দিশে অগ্ৰসৰ হৈছে। অনুৰূপ ধৰণে ৰাষ্ট্ৰবিলাকৰ কাৰ্যদক্ষতাত তুলনামূলকভাৱে বৃদ্ধি পাইছে।

৭। বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা বাধাসমূহ আলোচনা কৰা। (Discuss about the resistance to globalization.) 

উত্তৰঃ বিশ্বায়ন এক বিবাদমান আৰু বহুচৰ্চিত বিষয়। বিশ্বায়ন বিষয়টিক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বজুৰি এক শক্তিশালী সমালোচনাৰ সূচনা হৈছে। বহুতে বিশ্বায়নৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে বহুতো চিন্তাবিদে ইয়াৰ বিৰুদ্ধে যুক্তি উত্থাপন কৰিছে। বাওঁপন্থীসকলে যুক্তি দর্শাইছে যে, সমসাময়িক বিশ্বায়নে মুক্ত বজাৰ অৰ্থ ব্যৱস্থাৰ লগতে এক বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্ৰতিনিধিত্ব কৰে যিয়ে ধনীসকলক অধিক ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে। দুখীয়াসকলৰ স্বাৰ্থৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহ বিফলতাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিশ্বায়নৰ সমালোচকসকলৰ ভিতৰত ৰাজনৈতিক সোঁপন্থীসকলে বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ ঋণাত্মক ফলাফল সম্পর্কে উদ্বিগ্নতা প্ৰকাশ কৰিছে। ৰাজনৈতিক ক্ষেত্ৰত বিশ্বায়ন ব্যৱস্থাই জাতি ৰাষ্ট্ৰৰ সামৰ্থ আৰু সাৰ্বভৌমত্বৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। অর্থনৈতিক প্ৰেক্ষাপটত ৰাষ্ট্ৰবিলাকৰ মাজৰ মুক্ত বাণিজ্যৰ প্ৰসাৰে অনুন্নত তথা উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ থলুৱা শিল্পৰাজিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰাৰ লগতে ধনী আৰু দুখীয়া ৰাষ্ট্ৰৰ মাজৰ ব্যৱধান অধিক প্রকট কৰি তুলিছে। অনুৰূপ ধৰণে সাংস্কৃতি ক্ষেত্ৰখনতো জাতীয় ৰাষ্ট্ৰসমূহৰ পৰম্পৰাগত থলুৱা সংস্কৃতিৰ প্ৰতি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে, সেয়েহে সমালোচকসকলে মত পোষণ কৰিছে যে, পশ্চিমীয়া সংস্কৃতিৰ ধ্যান-ধাৰণা অনুকৰণ কৰাৰ ফলশ্ৰুতিত ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জনগণে ক্রমান্বয়ে নিজস্ব ধ্যান-ধাৰণা, প্ৰমূল্যৰাজি পৰিহাৰ কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে বিশ্বায়নৰ এনে ধৰণৰ নকাৰাত্মক প্রভাৱসমূহৰ বিৰুদ্ধে বহুবোৰ প্ৰতিৰোধমূলক ধ্যান-ধাৰণা গঢ়ি উঠা পৰিলক্ষিত হৈছে।

১৯৯৯ চনত বিশ্ববাণিজ্য কেন্দ্ৰ বা চমুকৈ WTO-ৰ চিটলত অনুষ্ঠিত মন্ত্ৰীস্তৰীয় সন্মিলনত অর্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰসমূহে ব্যৱসায়ৰ ক্ষেত্ৰত অন্যায় নীতি অনুসৰণ কৰা বুলি দোষাৰোপ কৰি ৰাষ্ট্ৰসমূহক প্ৰতিবাদ জনোৱা হৈছিল। উক্ত সভাত উন্নয়নশীল বা অনুন্নত ৰাষ্ট্ৰসমূহৰ স্বাৰ্থক ক্ৰমবিকাশশীল আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাত যথোচিত গুৰুত্ব দিয়া হোৱা নাই বুলিও যুক্তি প্ৰদৰ্শন কৰা হৈছিল।

বিশ্বায়নৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা আন এক বিশ্ব মঞ্চ হৈছে বিশ্ব সামাজিক ফ’ৰাম। মানৱ অধিকাৰ সুৰক্ষা কৰ্মী, পৰিৱেশ সুৰক্ষা কৰ্মী, বিভিন্ন শ্রমিক, যুৱ প্ৰজন্ম আৰু মহিলা কৰ্মী এই সকলো শ্ৰেণীৰ মানুহে সংঘবদ্ধভাৱে বিশ্ব সামাজিক ফৰামৰ জৰিয়তে নব্য উদাৰতাবাদী বিশ্বায়নৰ বিৰুদ্ধে প্ৰতিবাদী জোৱাৰ গঢ়ি তুলিছে। বিশ্ব সামাজিক ফৰামৰ প্ৰথমখন সন্মিলন ব্রাজিলৰ পৰ্ট এলেগ্ৰ চহৰত ২০০১ চনত অনুষ্ঠিত হৈছিল। ২০০৪ চনত ভাৰতৰ মুম্বাইত ইয়াৰ চতুৰ্থখন সন্মিলন অনুষ্ঠিত হৈছিল। ফৰামৰ সপ্তমখন সন্মিলন অনুষ্ঠিত হৈছিল ২০০৭ চনৰ জানুৱাৰী মাহত কেনিয়াৰ নাইৰবি চহৰত।

বিশ্বায়নৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গঢ়ি উঠা প্ৰতিৰোধসমূহৰ উপৰি বিভিন্ন দেশতো ব্যাপক প্ৰতিৰোধ গঢ়ি তোলা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহ অগ্ৰসৰ হোৱা পৰিলক্ষিত হয়। লেটিন আমেৰিকা বলিভিয়া, ভেনিজুৱেলা আৰু আর্জেন্টিনাকে কেন্দ্ৰ কৰি বিশ্বায়ন প্ৰক্ৰিয়াৰ প্ৰতিৰোধ কৰি গঢ়ি তোলা আন্দোলনৰ মাজেদি নতুনকৈ ক্ষমতাত অধিষ্ঠিত হোৱা চৰকাৰসমূহেও বিশ্বায়ন প্ৰক্ৰিয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হয়। কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্রোৰে বিশ্বায়ন প্রক্রিয়াটোক নব্য উদাৰ সাম্ৰাজ্যবাদ হিচাপে অভিহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় বনুৱা সংস্থাৰ ভূতপূর্ব সঞ্চালক প্রধান Juan Somavia ৰ মতে, “বিশ্বায়ন বৰ্তমানৰ ৰূপত বিশ্বত বেছিদিন স্থায়ী নহয়।” বিশ্বায়নৰ বিৰোধিতা কৰি তেওঁ একপক্ষীয়ভাৱে কৈছে যে, সকলোৰে ক্ষেত্ৰত একে আকাৰৰ পশ্চিমীয়া বিধানে সকলোকে বিৰক্ত কৰি তুলিছে। সেয়েহে তেওঁ মত পোষণ কৰে যে এনে ধৰণৰ পশ্চিমীয়া কেন্দ্রিক বিধানমূলক বিশ্বায়নে উন্নয়নশীল ৰাষ্ট্ৰসমূহকে ধৰি সকলো ৰাষ্ট্ৰৰ কাৰণে ৰাজনৈতিক আৰু সামাজিকভাবে গ্রহণযোগ্য হোৱাকৈ এক বিশ্বশৃংখলা প্ৰদান কৰাত ব্যৰ্থ হৈছে।

৮। অর্থনৈতিক বিকাশৰ মূল কাৰকসমূহ কি কি? (What are the key factors of economic development?) 

উত্তৰঃ অৰ্থনৈতিক বিকাশক ঘাইকৈ দুটা কাৰকে প্ৰভাৱ কৰে— অর্থনৈতিক আৰু অনাঅৰ্থনৈতিক কাৰক সমূহঃ

(ক) প্রাকৃতিক সম্পদঃ প্রাকৃতিক সম্পদে এখন দেশৰ বিকাশত মুখ্য ভূমিকা গ্ৰহণ কৰে। সম্পদ সমূহৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ ওপৰত ভিত্তি কৰি অৰ্থনৈতিক বিকাশৰ ধাৰণাটো নিৰূপণ কৰা হয়।

(খ) মূলধন গঠনঃ মূলধন গঠন অৰ্থনৈতিক বিকাশৰ আন এটা প্ৰধান কাৰক। মূলধন গঠনে উৎপাদন ক্ষমতা বঢ়োৱাৰ লগতে সক্রিয় চাহিদা (Effective demand) বৃদ্ধিটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মূলধনত কৰা বিনিয়োগ নিয়োগ বৃদ্ধিৰ অন্যতম কাৰণ।

(গ) প্ৰযুক্তিবিদ্যাৰ গতিঃ প্ৰযুক্তিবিদ্যা অবিহনে বিকাশৰ উচ্চহাৰ সম্ভৱ নহয়। প্ৰযুক্তিবিদ্যা কেইবাপ্ৰকাৰৰো হ’ব পাৰে। যেনেঃ উৎপাদন পদ্ধতিৰ পৰিৱৰ্তন, গৱেষণাৰ লগত জড়িত প্ৰযুক্তিবিদ্যা, উপাদানৰ উৎপাদনশীলতাৰ পৰিৱৰ্তন আদি। অৱশ্যে আধুনিক প্রযুক্তবিদ্যা হৈছে মূলধনগত। অন্যহাতে অনুন্নত দেশসমূহে ঘাইকৈ শ্ৰমগত প্ৰযুক্তিবিদ্যাৰ ওপৰতহে নিৰ্ভৰশীল।

(ঘ) গাঁঠনিগত পৰিৱৰ্তনঃ গাঁঠনিগত পৰিৱৰ্তন হৈছে দেশএখনৰ মূল আভ্যন্তৰীণ গাঁঠনিৰ সলনি। উদাহৰণস্বৰূপেঃ কৃষি প্রধান দেশ এখনে উদ্যোগ প্ৰধান দেশ এখনলৈ পৰিৱৰ্তিত হ’ব পাৰে। এনে পৰিৱৰ্তনে চাহিদা, নিয়োগ, আয়স্তৰ আদিৰ পৰিৱৰ্তন ঘটায়। কিন্তু গাঁঠনিগত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিলক্ষিত হয়।

অনাঅৰ্থনৈতিক কাৰকসমূহঃ

(ক) সামাজিক কাৰকঃ আধুনিক অর্থনৈতিক বিকাশত সামাজিক কাৰকৰ ভূমিকা উল্লেখযোগ্য। সামাজিক বিশ্বাস যেনে ধৰ্মীয় ৰীতি-নীতি, ধর্মীয় বিশ্বাস, মূল্যবোধ আদিয়ে অর্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোনো কোনো ক্ষেত্ৰত সামাজিক পৰিৱৰ্তন অর্থনৈতিক বিকাশৰ মূল ভেঁটি স্বৰূপ হৈ পৰে।

(খ) মানৱ সম্পদঃ মানৱ সম্পদ বুলিলে সাধাৰণতে কৰ্মক্ষম, শিক্ষিত সকলো মানুহকে বুজা যায়। মানৱ সম্পদ বৃদ্ধিৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ ধাৰণাটো জড়িত। কিন্তু মানৱ সম্পদৰ মূলভেঁটি হৈছে শিক্ষা আৰু স্বাস্থ্য। মানৱ সম্পদৰ অবিহনে অৰ্থনৈতিক বিকাশৰ ধাৰণাটো প্ৰায় অসম্ভৱ। অন্যহাতে জনসংখ্যাৰ বিস্ফোৰণে মানৱ সম্পদ গঠনত বাধা জন্মায়।

(গ) ৰাজনৈতিক কাৰকঃ ৰাজনৈতিক কাৰকৰ ভিতৰত ৰাজনৈতিক স্থিৰতা, ৰাজনৈতিক নীতি নিৰ্দেশনা, বহিঃৰাজ্যৰ লগত শান্তি আলোচনা আদি প্ৰধান। এখন দেশৰ চৰকাৰৰ নীতি নিৰ্দেশনাৰ ওপৰত দেশখনৰ বিকাশ বহুখিনি নিৰ্ভৰ কৰে। কোনো কোনো ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্ৰণৰ বিপৰীতে অর্থনৈতিক স্বাধীনতা দেশৰ বিকাশৰ মূল কাৰক। অন্যহাতে দুৰ্বল ৰাজনীতিয়ে অর্থনৈতিক বিকাশত বিৰূপ প্ৰভাৱ পেলায়। প্ৰতিৰক্ষা, সামাজিক সুৰক্ষা, ন্যায়, অধিকাৰ আদিয়ে বিকাশৰ ভেঁটিতো সৱল কৰে।

৯। অর্থনৈতিক উন্নয়নত কি কি ধৰণৰ পৰিৱৰ্তন পৰিলক্ষিত হয়। চমুকৈ লিখা। (What kind of changes are observed in economic development? Write briefly?)

উত্তৰঃ বিগত প্রায় পঞ্চাশ বছৰত অৰ্থনীতিৰ উন্নয়নৰ কেতবোৰ পৰিৱৰ্তন পৰিলক্ষিত হয়। তলত সেই পৰিৱৰ্তন সমূহ চমুকৈ আলোচনা কৰা হ’ল।

(ক) পঞ্চাশৰ দশকত উন্নয়নক সাধাৰণতে ৰাষ্ট্ৰীয় আয় বা জনমূৰি আয়ৰ বৃদ্ধিৰ পৰিমাপ কৰা হৈছিল। ঠিক তেনেদৰে সংযুক্ত ৰাষ্ট্ৰই (United Nations) অনুন্নত অৰ্থনীতিৰ কাৰণে প্রায় ৫ শতাংশ ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰ হাৰ নিৰ্ণয় কৰি দিছিল। সেই বৰ্ধিত হাৰ লাভ কৰিবলৈ হ’লে অনুন্নত অৰ্থনীতিৰ ঔদ্যোগিক বিকাশ স্তৰৰ ওপৰত ভিত্তি কৰিছিল। পঞ্চাশৰ দশকৰ এই উন্নয়নৰ ধাৰণাটো পিছত নার্ক্সৰ (Nurkse) দৰিদ্ৰতাৰ পাকচক্ৰ’ ত প্রতিফলিত হয়। যিকি নহওক সত্তৰ দশকৰ পিছৰ পৰা ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰ পৰিৱৰ্তে উন্নয়ন পদ্ধতিৰ মানদণ্ডৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিছে।

(খ) নিয়োগ সৃষ্টিঃ পঞ্চাশ আৰু ষাঠিৰ দশকত অনুন্নত অৰ্থনীতিৰ ঔদ্যোগিক বিকাশ হৈছিল যদিও নিবনুৱা সমস্যাটো ৰোধ কৰিব পৰা নাছিল। কিন্তু আৰ্থাৰ লুইচে ১৯৫৪ চনত তেখেতৰ তত্ত্বৰ জৰিয়তে কেনেদৰে নিৱনুৱা সমস্যা সমাধান আৰু অৰ্থনীতিৰ উন্নয়ন সাধিব পাৰি তাকে বৰ্ণনা কৰিছে। তাৰ পিছৰ দশকৰ পৰাই আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু অৰ্থনীতি সমূহৰ এটা মূল লক্ষ্য হ’ল নিয়োগ ব্যৱস্থা। কিন্তু পিছৰ পৰ্যায়ত নিয়োগ ব্যৱস্থাৰ উন্নতি হৈছিল যদিও সংখ্যাগত নিয়োগতকৈ গুণগত নিয়োগৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে।

(গ) আয় বৈষম্যতাঃ আয় বৈষম্যতা আৰু অৰ্থনৈতিক উন্নয়ন সম্পৰ্কটো কুজনেটৰ (Kuznet) তত্ত্বৰ পৰা স্পষ্ট হয়। তেখেতৰ মতে উন্নয়নৰ প্ৰাকস্তৰত আয় বৈষম্যতা যথেষ্ট বেছি হৈ থাকে, আনহাতে উন্নয়নৰ লগে ইয়াৰ প্ৰসাৰ কমি আহে। তেখেতে আঙুলিয়াই দিছে যে আয় বৈষ্যমতাৰ কাৰণেই ঊনবিংশ শতিকাত ইংলেণ্ড আৰু পশ্চিম ইউৰোপ আৰু বিংশ শতিকাৰ আদিতে জাপানত অৰ্থনৈতিক বিকাশ হৈছিল। বৰ্তমান সময়ও আয় বৈষম্যতাৰ সুবিধাজনক তথ্য লাভ কৰা নাযায়, যদিও অর্থনীতিবিদ সকলে ইয়াক অর্থনৈতিক বিকাশৰ সূচাংক হিচাপে ব্যৱহাৰ কৰি আহিছে।

(ঘ) গঠনগত পৰিৱৰ্তনঃ আশীৰ দশকৰ প্ৰাকক্ষণত বর্ধিত তেলৰ দাম, উন্নত দেশৰ নিম্ন বিকাশৰ হাৰ আদিয়ে কেতবোৰ গঠনত পৰিৱৰ্তনত অৰিহণা যোগাইছে। উদাহৰণস্বৰূপে, IMF বা বিশ্ববেংকে লোৱা কেতবোৰ অৰ্থনৈতিক সুস্থিৰতাৰ পৰিমাপ হ’লে মুদ্রাস্ফীতি ৰোধ, ৰাজহুৱা ব্যয় হ্ৰাস, সুতৰ হাৰ বৃদ্ধি আদি। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যে এনেবোৰ পৰিমাপে অৰ্থনৈতিক বৃদ্ধিৰ গতি প্ৰখৰ কৰিব পৰা নাই। গতিকে অনুন্নত অর্থনীতিসমূহে নিজে নিজে কেত দীৰ্ঘম্যাদী আঁচনিৰ প্ৰয়োগ কৰিলে। তেনেবোৰ হ’ল শিথিলকৰণ, ব্যক্তিগতকৰণ আদি।

(ঙ) বহনক্ষম উন্নয়নঃ ১৯৮৭ চনত বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগে উন্নয়ন এক নতুন ধাৰণা ‘বহনক্ষম উন্নয়ন’ ৰ মত পোষণ কৰিছে। ঠিক তেনেদৰে ১৯৯৯-২০০০ চনত বিশ্ব উন্নয়ন সমীক্ষাই জনসাধাৰণ আৰু উন্নয়নৰ নীতিসমূহ বহনক্ষম হোৱাৰ সপক্ষে মত পোষণ কৰিছে। ভৱিষ্যত প্রজন্মত কোনো আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ উন্নয়নেই হ’ল বহনক্ষম উন্নয়নৰ মূলনীতি।

১০। অৰ্থনৈতিক উন্নয়নৰ বাধ্যবাধকতা সমূহ আলোচনা কৰা। (Discuss the obligations of economic development?) 

উত্তৰঃ অনুন্নত অর্থনীতি সমূহৰ বৈশিষ্ট্য সমূহ যদিও এখনৰ লগত আন এখনৰ পৰা পৃথক তথাপিতো কেতবোৰ উমৈহতীয়া বৈশিষ্ট্য আছে। এখন দুখীয়া দেশ কিয় দুখীয়া হয় তাৰ কাৰণবোৰ ফঁহিয়াইচালে দেখা যায় যে অনুন্নত বা দুখীয়া দেশত কেতবোৰ কাৰক ওতঃপ্রোতভাৱে জড়িত আৰু এনেবোৰ কাৰকেই হ’ল দেশ এখনৰ উন্নয়নৰ মূল বাধ্যবাধকতা। এনে কাৰকসমূহ তলত আলোচনা কৰা হ’ল।

(ক) দৰিদ্ৰতাৰ পাকচক্রঃ দৰিদ্ৰতাৰ পাকচক্ৰত কেতবোৰ কাৰকে চক্ৰাকাৰে ইটোয়ে আনটোৰ লগত জড়িতহৈ থাকে উদাহৰণস্বৰূপে, অনুন্নত অৰ্থনীতিৰ দৰিদ্ৰতাৰ পাকচক্ৰটো মূলধন অভাৱ, বজাৰৰ অপূৰ্ণতা আৰু পিছপৰা অৰ্থনীতিৰ পৰা ঘাইকৈ শিপায়। কিন্তু দৰিদ্ৰতাৰ পাকচক্ৰটো চাহিদা আৰু যোগান দুয়োটা দিশৰ পৰা সুচল।

তলৰ চিত্ৰত দুয়োবিধ পাকচক্ৰ দেখুওৱা হ’ল—

তৃতীয় দৰিদ্ৰতাৰ পাকচক্ৰৰ ধাৰণাটো অনুন্নত প্ৰাকৃতিক সম্পদৰ লগত জড়িত। প্রাকৃতিক সম্পদৰ উন্নয়ন জনসাধাৰণৰ উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। যদি জনসাধাৰণ পিছপৰা আৰু অশিক্ষিত হয় তেন্তে প্রাকৃতিক সম্পদ সমূহ অব্যবহৃত হৈ ৰয়। এই পৰিঘটনাটো তলৰ চিত্ৰত দেখওৱা হৈছে।

(খ) মূলধন গঠনৰ নিম্নহাৰঃ অৰ্থনৈতিক অনগ্ৰসৰতাৰ আন এটা মূল কাৰক হৈছে মূলধন গঠনৰ নিম্নহাৰ। মূলধনৰ অভাৱক কাৰণেই অর্থনীতি এখনৰ উৎপাদনশীলতা কম হয়। গতিকে মুঠ জাতীয় উৎপাদনৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। নিম্ন জাতীয় আয়ে সঞ্চয় আৰু বিনিয়োগৰ ওপৰত প্ৰভাৱ পেলায়। নিম্ন বিনিয়োগে আকৌ মূলধন গঠনত বাধা দিয়ে।

(গ) আর্থ-সাংস্কৃতিক বাধ্যবাধকতাঃ নার্ক্সৰ মতে অৰ্থনীতিৰ উন্নয়নৰ আন এটা কাৰক হ’ল আৰ্থ-সামাজিক। মূলধন হ’ল উন্নয়নৰ কাৰণে প্ৰয়োজনীয় কিন্তু পর্যাপ্ত নহয়। ইউ এনৰ এটা সমীক্ষাৰ মতে অৰ্থনীতিত কেতবোৰ সামাজিক বাধকতা থাকে যিবোৰ উন্নয়ন স্থবিৰ কৰে।

(ঘ) কৃষিজাত বাধ্যবাধকতাঃ অনুন্নত অৰ্থনীতিৰ বেছিভাগেই কৃষিৰ লগত জড়িত। মুঠ আয়ৰ সিংহ ভাগ কৃষিখণ্ডৰ পৰা পোৱা যায়। কিন্তু তেনেবোৰ অৰ্থনীতিত কৃষিখণ্ডটো ঘাইকৈ সমাজ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হয়। গতিকে আধুনিক কৃষি পদ্ধতি ব্যৱহাৰৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। অন্যহাতে, কৃষিজাত সামগ্ৰীসমূহ উৎপাদনত যথেষ্ট শ্ৰম আৰু সময়ৰ প্ৰয়োজন। গতিকে কৃষিজাত সামগ্ৰী সমূহে অৰ্থনীতিত বর্ধিত চাহিদা পূৰণ কৰিব নোৱাৰাৰ উপৰিও বৈদেশিক লেনদেনৰ ক্ষেত্ৰত বাধাই দেখা দিয়ে।

(ঙ) মানৱ সম্পদৰ বাধ্যবাধকতাঃ অনুন্নত মানৱ সম্পদ হৈছে অর্থনৈতিক অনগ্ৰসৰতাৰ আন এক কাৰক। পর্যাপ্ত জ্ঞান আৰু অৰ্হতা অবিহনে উৎপাদনশীনতাৰ বৃদ্ধি হ’ব নোৱাৰে। ইয়াৰ উপৰিও উৎপাদনৰ (শ্রমিক) অচলাচলতা (factor immobility), সীমিত বিশেষীকৰণ আদিয়েও উৎপাদনশীলতা যথেষ্ট প্রভাৱ পেলায়।

(চ) বৈদেশিক লেনদেন বাধ্যবাধকতাঃ অর্থনীতিবিদ প্রেব্ৰিচ (Prebisch), চিন্‌গাৰ (Singer), মিৰডেল (Myrdal) আদিৰ মতে বৈদেশিক লেনদেনৰ অসমতা হৈছে অৰ্থনৈতিক অনগ্ৰসৰতাৰ মূল কাৰক। অনুন্নত দেশসমূহে সাধাৰণতে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি কৰে আৰু মূলধন জাতীয় সামগ্ৰীৰ আমদানি কৰে। তেনেক্ষেত্ৰত লেনদেনৰ তাৰতম্য দেখা যায়। আনহাতে ৰপ্তানিৰ ওপৰত বেছি নিৰ্ভৰশীল দেশে আন্তঃৰাষ্ট্ৰীয় উত্থান-পাতনৰ লগত মোকাবিলা কৰিব লগা হয়। মন্দাৱস্থাৰ সময়ত এনে লেনদেনৰ পৰা পোৱা উপার্জন কমি আছে।

১১। আদাম স্মিথৰ অৰ্থনৈতিক বিকশৰ তত্ত্বটো চমুকৈ লিখা। (Write briefly about Adam Smith’s theory of economic development?)

উত্তৰঃ অৰ্থবিজ্ঞান ক্ষেত্ৰলৈ আদাম স্মিথৰ এটা উল্লেখযোগ্য বৰঙণি হৈছে ক্ৰমবৰ্ধমান প্রতিদান। এই ক্ৰমবৰ্ধমান প্ৰতিদানৰ ধাৰণাটো শ্ৰমৰ বিভাজনৰ ওপৰত নিৰ্ভৰশীল। তেখেতে কৈছে যে শ্রম বিভাজন হৈছে সামাজিক অৰ্থনীতিৰ এক প্রক্রিয়া যিয়ে স্বয়ংক্রিয়ভাৱে অর্থনৈতিক প্রগতিত প্রভাৱ পেলায়।

আদাম স্মিথে এই ক্রমবর্ধমান প্ৰতিদানৰ ওপৰত নিৰ্ভৰ কৰিয়েই অৰ্থনৈতিক বিকাশৰ সৰল ধাৰণাটো ব্যাখ্যা কৰিছে। সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু জীৱন ধাৰণৰ মানদণ্ড ঘাইকৈ বিনিয়োগ আৰু মূলধন গঠনৰ ওপৰত নিৰ্ভৰ কৰে। বিনিয়োগ, অন্যহাতে, উদ্যোগ আৰু কৃষিখণ্ডৰ সঞ্চয়ৰ ওপৰত নিৰ্ভৰশীল এই সঞ্চয় দুয়োটা খণ্ডতে শ্ৰমৰ বিশেষীকৰণৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু শ্ৰমৰ বিভাজন সাধাৰণতে বজাৰৰ প্ৰসাৰ বা আকাৰৰ দ্বাৰা সীমিত হয়। এই বজাৰৰ প্ৰসাৰ আকৌ শ্ৰমৰ বিভাজনৰ ওপৰত নিৰ্ভৰশীল।

ক্রমবর্ধমান প্রতিদান হ’ল শ্ৰমিকৰ বৰ্ধিত উৎপাদনশীলতা আৰু যিয়ে জনমূৰি আয় আৰু নিয়োগ বৃদ্ধিত সহায় কৰে। আদাম স্মিথে ক্ৰমবৰ্ধমান প্ৰতিদানৰ তিনিটা প্ৰধান উৎসৰ কথা উল্লেখ কৰিছে। প্ৰথমটো হ’ল কৰ্মৰ অভিজ্ঞতাৰ পৰা পোৱা দক্ষতা (কৰ্মৰ যোগেদি শিক্ষা), দ্বিতীয়টো হ’ল সময়ৰ ৰাহি আৰু তৃতীয়টো হ’ল বৃহৎ সংখ্যক যন্ত্ৰপাতিৰ উদ্ভাৱন। এই তিনিওটা উৎস শ্রম বিভাজনৰ লগত জড়িত। গতিকে শ্ৰমৰ বিভাজনে মূলধন গঠনত সহায় কৰে।

শ্ৰমৰ বিভাজন বজাৰ প্ৰসাৰৰ দ্বাৰা প্ৰভাৱিত আৰু বজাৰৰ আকাৰ আংশিকভাৱে বেহা-বেপাৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল। গতিকে আদাম স্মিথে চৰকাৰৰ কোনো হস্তক্ষেপ নথকা অৰ্থনীতিৰ মত পোষণ কৰিছে। তেখেতৰ মতে সামগ্ৰীসমূহ ঔদ্যোগ আৰু কৃষিখণ্ডৰ মাজত মুক্তভাৱে বিনিময় কৰাৰ সুবিধা থাকিব লাগে। কিন্তু ঔদ্যোগিক সামগ্ৰীৰ চাহিদা বৈদেশিক খণ্ডৰ পৰাও হ’ব পাৰে, সেয়েহে আদাম স্মিথে উন্নয়নৰ পথত ৰপ্তানিৰ ভূমিকাও উল্লেখ কৰিছে।

স্মিথৰ উন্নয়ন তত্ত্বটো বৰ্ধিত লাভৰ বাবে হোৱা মূলধন গঠনৰ ওপৰত ভিত্তি কৰিছে আৰু এই বর্ধিত লাভেই বিনিয়োগৰ ক্ষেত্ৰত উদ্‌গনি যোগায়। যি ধাৰণা আন সকলোবোৰ সংস্থাপিত (Classical) অর্থনীতিবিদৰ ক্ষেত্ৰতো একেই। কিন্তু স্মিথৰ ধাৰণাটো হ’ল উন্নয়নৰ গতিত লাভৰ হাৰ কেনেকুৱা হ’ব। অন্যহাতে, তেখেতৰ মতে মূলধনৰ পৰিমাণ বাঢ়ি গ’লে ঔদ্যোগপতি সকলৰ মাজৰ প্ৰতিযোগিতাই লাভৰ হাৰ কম কৰিব। বিপৰীত ক্ৰমে নতুন বিনিয়োগ সুবিধাই প্ৰতিদানৰ হাৰ বঢ়াব। গতিকে উন্নয়ন পদ্ধতিত প্ৰতিদানৰ হাৰ নিৰ্ভৰ কৰিব বিনিয়োগৰ প্ৰকৃতিৰ ওপৰত। কিন্তু যদি কোনো সময়ত স্থিতীয় অৱস্থাৰ (Stationary state) প্ৰৱণতাই দেখা দিয়ে তেন্তে প্রতিদানৰ হাৰ শূন্য হ’ব আৰু তেতিয়াই নতুন বিনিয়োগৰ কোনো উৎসাহ নাথাকিব। গতিকে ই উন্নয়নত বাধা প্ৰদান কৰিব। ইয়াৰ বিপৰীতে অন্যবিলাক সংস্থাপিত তত্ত্ব যেনে মালথাছ, ৰিকার্ডো, মার্ক্স আদিৰ ক্ষেত্ৰতো ক্রমহ্রাসমান লাভৰ প্ৰতিদান এটা অবিচ্ছেদ্য ধাৰণা।

১২। ৰিকাৰ্ডোৰ তত্ত্বটো চমুকৈ আলোচনা কৰা। (Write about the theory of the Ricardo?) 

উত্তৰঃ ৰিকাৰ্ডো আছিল এজন সংস্থাপিত অর্থনীতিবিদৰ প্ৰতিদ্বন্দী। তেখেতে নিজৰ গ্ৰন্থ “Principles of Political Economy and Taxation” ত কেনেকৈ কেপিটেলিষ্ট অর্থনীতিয়ে স্থিতীয় অৱস্থালৈ আহে তাক বৰ্ণনা কৰিছে। স্মিথৰ দৰে ৰিকাৰ্ডোৰ মতেও উন্নয়ন হ’ল মূলধন গঠনৰ এক প্ৰভাৱ আৰু মূলধন গঠন নিৰ্ভৰ কৰে লাভৰ পুনৰ বিনিয়োগৰ ওপৰত। তেখেতৰ মতে অস্তিত্ব মজুৰি (Subsistence wage) আৰু ভূমিস্বত্বাধিকাৰীৰ মাজত লাভৰ পৰিমাণ নিহিত থাকে যি খাদ্য বস্তুৰ বৰ্ধিত দাম আৰু ভূমিৰ ক্রমহ্রাসমান প্রতিদানৰ লগে লগে বৃদ্ধি পায়। ৰিকাৰ্ডোৰ মতে অর্থনীতিখন এখন ডাঙৰ প্ৰতিষ্ঠানৰ নিচিনা য’ত খাদ্য বস্তু প্ৰস্তুত হয় আৰু তাৰ এটা স্থিৰ অংশ উপভোগত ব্যৱহাৰ হয়। গতিকে খাদ্য বস্তুক হিচাপৰ একক হিচাপে ব্যৱহাৰ কৰিব পাৰি। তলৰ চিত্ৰত ইয়াক বিশদভাৱে বুজোৱা হৈছে।

‘L’ পৰিমাণৰ শ্ৰমিক নিয়োগৰ লগে লগে মুঠ উৎপাদন হ’ব ORZL। খাজনা হ’ব PRZY শ্ৰমিকৰ গড় আৰু প্ৰান্তিক উৎপাদনৰ মাজৰ পাৰ্থক্য। OWXL হ’ল মজুৰি আৰু লাভ হ’ল

খাজনা আৰু মজুৰিৰ মাজত পাৰ্থক্য WPYX। মুঠ উৎপাদন বঢ়াৰ লগে লগে শ্ৰমিকৰ প্ৰান্তিক উৎপাদন অস্তিত্ব মজুৰিলৈ (L) হ্ৰাস পাব আৰু লাভ পৰিমাণ নোহোৱা হ’ব। ভাৰসাম্য অৱস্থাত কৃষি আৰু উদ্যোগ খণ্ডৰ লাভ সমান হ’ব। যেতিয়া কৃষিখণ্ডৰ লাভ কমিব তেতিয়াই মূলধন উদ্যোগ খণ্ডলৈ স্থানান্তৰ হ’ব। এনে ক্ষেত্ৰতো বৰ্ধিত মজুৰিৰ বাবে লাভৰ পৰিমাণ আগ্রাসন হ’ব।

ৰিকাৰ্ডোৰ মতে সক্ৰিয় চাহিদাৰ কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে। কিন্তু যেতিয়া লাভৰ পৰিমাণ শূন্য হ’ব তেতিয়া কোনো ধৰণৰ মূলধন গঠন নহ’ব আৰু অৰ্থনীতিয়ে স্থিতীয় অৱস্থালৈ গতি কৰিব। যিহেতু ৰিকাৰ্ডোৰ তত্ত্বত মূলধন গঠনে কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছে, গতিকে মূলধন গঠনৰ প্ৰতিৰোধী যিকোনো কাৰকেই অর্থনৈতিক প্রগতিত বাধা দিব। কিন্তু ৰিকাৰ্ডোয়ে সকলোবোৰ শুক্লৰ (tax) বিৰোধিতা কৰিছে। কিন্তু উৎপাদিত সামগ্ৰী আৰু আমদানি কৰৰ সপক্ষে তেখেতে মত পোষণ কৰিছে। অন্যহাতে তেখেতে কৈছে যে সস্তীয়া খাদ্য সামগ্ৰীৰ আমদানিয়ে স্থিতীয় অৱস্থাটোক প্ৰতিবন্ধক লগাব পাৰে যদিহে ই সামগ্ৰীকৃত মজুৰিৰ হাৰ কমাব পাৰে।

সেয়েহে, বর্তমান সময়ত কেতবোৰ দেশৰ চৰকাৰে খাদ্য সামগ্ৰীৰ দামটো কৃত্ৰিমভাৱে কমাই ৰাখে যাতে সামগ্ৰীকৃত মজুৰিৰ হাৰ কম হয়। কিন্তু এনেকুৱা অৱস্থাৰ দ্বাৰা কৃষিখণ্ডত উৎপাদন নিৰুৎসাহে দেখা দিয়াৰ সম্ভাৱনা থাকে।

১৩। সন্তুলিত বিকাশ তত্ত্ব বহলাই আলোচনা কৰা ৷ (Discussed in detail about balanced development theory discussed in detail?)

উত্তৰঃ অর্থনীতি উন্নয়নৰ আন এটা কৌশল হ’ল সন্তুলিত আৰু অসন্তুলিত বিকাশ। নুন্যতম ভাৰসাম্য অৱস্থাৰ পৰা হাত সাৰিবলৈ হ’লে অর্থনীতিবিদ সকলে স্থূল ক্রিয়া (Big Push)ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেখেতসকলৰ ধাৰণা যে এনে ধৰণৰ স্থূল ক্রিয়াই অর্থনীতি এখনত বৃহৎ মাত্ৰাত উৎপাদন সম্ভৱ কৰিব আৰু অর্থনীতিখনক নূন্যতম ভাৰসম্য অৱস্থাৰ পৰা ৰক্ষা কৰিব। এনে ধৰণৰ স্থূল ক্ৰিয়াৰ পৰা উদ্ভৱ হোৱা ধাৰণা হ’ল সন্তুলিত বিকাশ।

সন্তুলিত বিকাশৰ ধাৰণাটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু মূল ধাৰণাটো হৈছে সন্তুলিত বিকাশৰ কাৰণে অধিকমাত্ৰাত বিনিয়োগ কৰিব লাগিব যাতে বিকাশৰ পথত চাহিদা আৰু যোগানজনিত সকলোবোৰ অভাৱ পূৰণ কৰিব পাৰি। যোগান দিশৰ পৰা এনে বিনিয়োগ গুৰুত্বপূৰ্ণ কিয়নো বিভিন্ন কার্যকলাপত হোৱা বিনিয়োগে অধিকমাত্ৰাত বাহ্যিকতা প্ৰদান কৰি বিকাশৰ দিশ সূচল কৰে। আনহাতে চাহিদাৰ দিশৰ পৰা চালে দেখা যায় যে এনে ধৰণৰ বিনিয়োগে বজাৰৰ প্ৰসাৰ আৰু লাভাংশৰ ওপৰত প্ৰভাৱ পেলাই অর্থনৈতিক কাম কাজ সূচল কৰে। অন্যকথাত ক’বলৈ হ’লে ব্যক্তিগত আৰু সামাজিক প্ৰতিদানৰ পাৰ্থক্য নোহোৱা কৰিবলৈ হ’লে অর্থনৈতিক কাম-কাজ বৃহৎ মাত্ৰাত প্ৰসাৰ কৰিব লাগিব।

এই ধাৰণাটো পিছৰ পৰ্যায়ত সম্প্ৰসাৰিত কৰি তত্ত্বটোয়ে অর্থনৈতিক উন্নয়নৰ দিশ আৰু বিনিয়োগৰ স্বৰূপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে অর্থনীতি এখনৰ বিভিন্ন খণ্ডক সন্তুলিত কৰিব পাৰি। কিন্তু এইটোৱে সকলো খণ্ডতে উৎপাদনৰ পৰিমাণ সমানে হোৱাটো নুবুজায়। ইয়াৰ অৰ্থ এইটোৱে যে চাহিদাৰ স্থিতিস্থাপকতাৰ ওপৰত নিৰ্ভৰ কৰি সামগ্ৰীৰ যোগান ধৰা।

গতিকে সন্তুলিত বিকাশৰ অনুভূমিক আৰু উলম্ব দুয়োটা সত্তা আছে। এহাতে ইয়াৰ যোগান আৰু চাহিদাৰ পৰিপূৰকতা আৰু অন্যহাতে বিভিন্ন খণ্ডৰ মাজত হোৱা সন্তুলন। সেয়েহে সন্তুলিত বিকাশৰ দুটা সদৃশ্য অৱস্থা হৈছে – উন্নয়নৰ দিশ আৰু বিনিয়োগৰ স্বৰূপ। নার্ক্সৰ (Nurkse – 1953) সন্তুলিত বিকাশৰ তত্ত্বটোয়ে দুয়োটা দিশ সামৰি লৈছে, অন্যহাতে ৰজেনষ্টেইন-ৰ’ডানৰ (Rosenstein 1943 Roldan) ব্যাখ্যাই অকল চাহিদা আৰু যোগানৰ পৰিপূৰকতাৰ ওপৰত পৃষ্ঠপোষকতা কৰিছে।

যি কি ন’হওক, প্ৰথমতে চাহিদাৰ দিশৰ পৰা চোৱা যাওক। যদি বহুকেইটা কাম-কাজ একেলগে আৰম্ভ কৰা হয় তেন্তে বিভিন্ন কাম-কাজে বিভিন্ন উৎপাদিত সামগ্ৰীৰ প্ৰতি চাহিদা যোগাব কিন্তু বিভিন্ন উৎপাদিত সামগ্ৰীৰ প্ৰতি চাহিদা যোগাব কিন্তু যদিহে তেনেবোৰ অধিক মাত্ৰাত কৰা হয়। উদাহৰণস্বৰূপে যাতায়ত ব্যৱস্থাৰ উন্নতিয়ে বজাৰৰ প্ৰসাৰ আৰু যোগাযোগৰ ক্ষেত্ৰত আমূল প্রভাৱ পেলায়। গতিকে বৃহৎ মাত্ৰাৰ উন্নয়ন আচঁনি সমূহ এটা আনটোৰ পৰিপূৰক।

অন্যহাতে যোগানৰ দিশৰ পৰা চালে দেখা যায় যে উৎপাদন প্রক্রিয়াত যদি বৃহৎ মাত্ৰাৰ বাহ্যিকতা থাকে তেন্তে ই সামাজিক আৰু ব্যক্তিগত প্ৰতিদানৰ মাজত পাৰ্থক্য আনিব। এই পাৰ্থক্য নোহোৱা কৰিবলৈ হ’লে সমুদায় কাৰ্যকলাপত যথেষ্ট পৰিমাণৰ বিনিয়োগ ঘটাব লাগিব।

সন্তুলিত বিকাশৰ দ্বিতীয়টো সত্তা হ’ল বিকাশৰ নধদিশ আৰু বিনিয়োগৰ প্ৰকৃতি। বিকাশৰ এই সত্তাটোয়ে অৰ্থনীতিত থকা বিভিন্ন খণ্ডৰ মাজত সন্তুলনৰ পৃষ্ঠপোষকতা কৰে যাতে প্ৰত্যেকটো খণ্ডৰ বিকাশৰ প্ৰতিবন্ধকসমূহ নোহোৱা হৈ পৰে। এই প্ৰথাটোৰ মূল পৃষ্ঠপোষক আছিল নার্ক্সৰ (Nurkse) আৰু আৰ্থাৰ লুইচ (Arthur Leuris)। দুয়োজন অর্থনীতিবিদে অর্থনৈতিক বিকাশৰ কাৰণে উদ্যোগ আৰু কৃষিখণ্ডৰ সন্তুলন ওপৰত গুৰুত্ব আৰোপ কৰে।

১৪। ৰ’ষ্টঅ’ৰ (Rostow’s) বিকাশৰ বিভিন্ন স্তৰসমূহ বহলাই আলোচনা কৰা। (Discuss in detail the different stages of Rostow’s development?)

উত্তৰঃ ৰ’ষ্টঅ’ৰ The stages of Economic Growth (1960) প্রকাশ হোৱাৰ লগে লগে বিকাশ প্ৰক্ৰিয়াৰ স্তৰীকৃত অধ্যয়নৰ এক নতুন ৰূপৰ সূচনা কৰে। লগে লগে মার্ক্সবাদৰ তত্ত্ব সমূহৰ এক বিকল্প ধাৰণাই পাতনি মেলে। ৰ’ষ্টঅ’ই তেখেতৰ গ্ৰন্থখনত উন্নয়ন আৰু বিকাশৰ এক সংক্ষিপ্ত বিৱৰণ আগবঢ়ায়।

ৰষ্টঅ’ৰ লিখনিৰ মূল ব্যাখ্যা আছিল উন্নয়ন আৰু বিকাশৰ পদ্ধতিক বাস্তৱিকতাৰ কেইটামান স্তৰৰ ভাগ কৰিব পাৰি। তেখেতে এনে পাঁচটা স্তৰৰ কথা বৰ্ণনা কৰিছে। সেইকেইটা হ’ল — আওপুৰণি (Traditional), ৰূপান্তৰণ (Transitional), নিবদ্ধ (Take off) পৰিপক্ক (Maturity) আৰু বৃহৎ মাত্ৰাৰ উপভোগ (High mass consumption)

ৰ’ষ্টঅ’ৰ ধাৰণাত আওপুৰণি সমাজব্যৱস্থা হ’ল প্ৰাক-নিউটনৰ যুগ। উদাহৰণস্বৰূপে চীনা সাম্রাজ্য (Dynasties of China), মধ্য প্ৰাচ্যৰ সভ্যতা (Civilization of Middle East) আদি। আওপুৰণি সমাজৰ সেয়েহে উৎপাদন ক্ষমতা এক নিৰ্দিষ্ট সীমাৰ ভিতৰত আবদ্ধ আছিল কিয়নো তেতিয়া বৈজ্ঞানিক সা-সৰঞ্জামৰ ব্যৱহাৰ সীমিত আছিল। গতিকে তেনে সমাজ ব্যৱস্থাত যথেষ্ট পৰিমাণৰ কৰ্মশক্তি আছিল যদিও তাৰে বেছিভাগ হ’ল অস্তিত্ব স্তৰ। সমাজ ব্যৱস্থাৰো তেনে কোনো আমূল পৰিৱৰ্তন হোৱা নাছিল। কিন্তু কোনো কোনো ক্ষেত্ৰত অর্থনৈতিক বা ৰাজনৈতিক ভাৱে কৃষিপদ্ধতিৰ সামান্য ৰূপান্তৰ হ’বলৈ ধৰে। আন কিছুমান ক্ষেত্ৰত সামাজিক মূলধন গঠনৰ উপৰিও ঔদ্যোগৰ সূচনা আৰম্ভ হ’বলৈ ধৰে। কিন্তু সকলোবোৰ পৰিৱৰ্তনেই আছিল মৌলিক বা আদিপৰ্যায়ৰ।

ৰ’ষ্টঅ’ৰ মতে ৰূপান্তৰণ স্তৰৰ মূল চৰ্ত হ’ল উদ্যোগ বা মূলধন গঠন প্ৰক্ৰিয়াত অতি কমেও ১০ শতাংশ ৰাষ্ট্ৰীয় আয় বিনিয়োগ হ’ব লাগিব যাতে বিকাশ প্ৰক্ৰিয়াটো স্বয়ংক্রিয় হয়। এনে বিনিয়োগৰ মূল উদ্দেশ্য আছিল সমাজৰ আন্তঃগাথনি নিৰ্মাণ। এই ক্ষেত্ৰত বিনিয়োগ অনুপাত বৃদ্ধি ঘাইকৈ উৎপাদনকাৰী, অৰ্থনৈতিক ব্যৱস্থাৰে কাৰ্যকলাপ কৰিবলৈ মানুহৰ আগ্ৰহ আদিৰ ওপৰত নিৰ্ভৰ কৰিছিল।

সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ হ’লে উদ্যোগ সমাজত এক ধৰণৰ অগ্ৰণী মানুহৰ অৱিৰ্ভাৱ হৈছিল। এই অগ্রণীচামে কৃষি পদ্ধতিৰ উদ্বৃত্তখিনি কৌশলেৰে ঔদ্যোগৰ বিনেয়োগলৈ ৰূপান্তৰ কৰিছিল এনে ৰূপান্তৰণ স্তৰৰ সময় নিৰ্ভৰ কৰিছিল অগ্ৰণীচামৰ কৰ্মৰ পাৰদৰ্শিতাৰ ওপৰত।

তাৰ পিছতেই আহিল নিবদ্ধ স্তৰ। কোনো কোনো ক্ষেত্ৰত নিবদ্ধ স্তৰক ৰূপান্তৰিত স্তৰৰ পৰা পৃথক কৰাটো কঠিন। নিবন্ধ স্তৰ হ’ল এটা হ্ৰস্বকালীন স্তৰ য’ত বিকাশ প্ৰক্ৰিয়া স্বয়ংক্রিয় হয়। এনে স্তৰত বিনিয়োগৰ হাৰ ২০ শতাংশতকৈ বেছি হয় যাতে ই ভৱিষ্যতৰ সঞ্চয় আৰু বিনিয়োগৰ কাৰণে জনমূৰি আয়ৰ বৃদ্ধি ঘটাব পাৰে।

পিছৰ পৰ্যায়ত কেতবোৰ গুৰুত্বপূৰ্ণ ৰপ্তানিকৃত উদ্যোগৰ সংখ্যা বৃদ্ধিয়ে কিছু কিছু মূলধন আমদানিৰ ক্ষেত্ৰত অৰিহনা যোগায়। নিবদ্ধ স্তৰতেই আভ্যন্তৰিণ যোগাযোগ, বজাৰ ব্যৱস্থা আৰু ৰপ্তানিৰ প্ৰসাৰ আৰু কেতবোৰ মৌলিক উদ্যোগৰ বিকাশে দেখা দিয়ে। ৰ’ষ্টঅ’ৰ মতে নিবদ্ধ স্তৰত যি কোনো ঔদ্যোগেই অগ্রণী ভূমিকা গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণবোৰ হ’লঃ 

(ক) উৎপাদিত সামগ্রী সমূহৰ কাৰণে খৰতকীয়া বজাৰৰ প্ৰসাৰ। 

(খ) অগ্রণী খণ্ড সমূহে প্ৰসাৰণত মুখ্য ভূমিকা গ্ৰহণ কৰে।

(গ) অগ্ৰণী খণ্ড সমূহত ক্রমাগত ভাৱে হোৱা উৎপাদন ফলনৰ সংযোজন।

ইয়াৰ পিছৰ স্তৰটোয়েই হ’ল পৰিপক্ক স্তৰ য’ত ৰ’ষ্টঅ’ই বৰ্ণনা কৰাৰ দৰে উৎপাদন স্থানত অধিক মাত্ৰাত আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ হয়। পৰিপক্ক স্তৰত নতুন অগ্ৰণী খণ্ডৰ দ্বাৰা পুৰণি কার্যকলাপ প্রতিস্থাপিত হয়। তীখা উদ্যোগৰ বিকাশ ৰ’ষ্টঅ’ৰ মতে পৰিপক্ক স্তৰৰ এক সংকেত।

গঠনমূলক পৰিৱৰ্তনৰ লগত খাপ খোৱাকৈ সমাজৰ আন আন পৰিৱৰ্তন হয়, যেনে কর্মশক্তিৰ বিতৰণ, বৰ্ধিত নগৰীয়া জনসংখ্যা। এইটো স্তৰতেই মৌলিক ৰাজনৈতিক সিদ্ধান্ত- সমূহ লোৱা হয়। যেনে সমাজে বৃহৎ মাত্ৰাত উপভোগ কৰিব নে কল্যাণ অর্থনীতি নিৰ্মাণ কৰিব। এইক্ষেত্ৰত দুয়োবিধ সম্ভাৱনীয়তাৰ মাজত লোৱা সিদ্ধান্ত দেশ সাপেক্ষে বেলেগ বেলেগ। অৱশ্যে অৱশেষত প্রত্যেকখন দেশেই বৃহৎ মাত্ৰাৰ উপভোগৰ স্তৰত প্ৰবেশ কৰে।

বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও ৰ’ষ্টঅ’ৰ তত্ত্বটোৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা আছে। বিকাশ পদ্ধতিৰ কেতবোৰ প্ৰধান বৈশিষ্ট্য এই তত্ত্বটোয়ে বহন কৰিছে। বিকাশৰ আদি অৱস্থাত কৃষিখণ্ডৰ গুৰুত্ব যথেষ্ট বেছি। ইয়াৰ লগতে আন্তঃগাঁথনি আৰু ৰাজনৈতিক সুস্থিৰতা নিবদ্ধ স্তৰৰ বাবে প্ৰয়োজনীয়। বিনিয়োগৰ ভূমিকা তত্ত্বটোয়ে উল্লেখ কৰি কৈছে যে বিনিয়োগৰ এটা নূন্যতম হাৰেহে জনমূৰি আয়ৰ বৃদ্ধি ঘটাব পাৰে। ঔদ্যোগিক বিকাশ অর্থনৈতিক বিকাশৰ এক মৌলিক প্রয়োজনীয়তা। তত্ত্বটোয়ে অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতিৰ পৰা ঔদ্যোগিক অর্থনীতিলৈ হোৱা ৰূপান্তৰণৰ ভূমিকা উল্লেখ কৰিছে।

১৫। স্বাস্থ্য, পৰিপুষ্টি আৰু উন্নয়ৰ মাজৰ সম্পৰ্ক বহলাই আলোচনা কৰা। (Discuss in detail the relationship between health, nutrition and development?)

উত্তৰঃ স্বাস্থ্য আৰু পুৰিপুষ্টি হ’ল উন্নত আৰু অনুন্নত দেশসমূহৰ মাজত থকা উন্নয়নৰ পাৰ্থক্যৰ আন এটা পৰিমাপ। সাধাৰণতে অনুন্নত দেশসমূহত মানুহৰ স্বাস্থ্য আৰু পৰিপুষ্টি যথেষ্ট পুতৌ লগা। স্বাস্থ্য আৰু পৰিপুষ্টি ইটোয়ে সিটোয়ে ওতঃ প্ৰোতঃ ভাৱে জড়িত। ভাল স্বাস্থ্য হ’বলৈ হ’লে পৰিপুষ্টি লাগিব আৰু পৰিপুষ্টিৰ বাবে সুষম আহাৰৰ প্ৰয়োজন।

কিন্তু খাদ্যভ্যাস আৰু নিম্ন আয় স্তৰৰ মাজৰ সম্পৰ্ক হ’ল দুমুখীয়া। এফালে নিম্ন আয় স্তৰে অপুষ্টিকৰ অৱস্থাৰ সৃষ্টি কৰে আৰু আনফালে অপুষ্টিকৰ অৱস্থা হ’ল নিম্ন আয় স্তৰৰ প্ৰধান কাৰণ। অপুষ্টিকৰ অৱস্থা জুখিব পৰা কৌশল বা সূচকবোৰ সাধাৰণতে পৰিপুষ্টিয় উপাদান বা

খাদ্য শৃংখলৰ লগত জড়িত। অৱশ্যে দুয়োবিধে শ্রমিকৰ উৎপাদনশীলতাৰ ওপৰত প্ৰভাৱ পেলায়। কেলৰিৰ অভাৱহীনতাই দেহৰ ওজন কমোৱা, ভাগৰুৱা আদিবোৰ উপসৰ্গৰ সৃষ্টি কৰে। গতিকে উচিত মাত্ৰাত কেলৰি পাবলৈ হ’ল উন্নত খাদ্যভ্যাসৰ দৰকাৰ আৰু তেতিয়াই মানুহৰ পৰিপুষ্টি লাভ হয়।

শাৰিৰীক সক্ষমতা আৰু পৰিপুষ্টিৰ মাজৰ সম্পৰ্ক চাবলৈ হ’লে পৰিপুষ্টিক আমি কাম কৰাৰ সামৰ্থৰে জুখিব লাগিব। দৈনিক প্রয়োজনীয় কাম-কাজৰ বাবে যি নূন্যতম শক্তিৰ আৱশ্যক তাক সঠিক ভাৱে আহৰণ কৰাটোয়েই হ’ল পৰিপুষ্টি। তলৰ চিত্ৰত মানৱ দেহে কৰা শক্তিৰ আহৰণ আৰু উৎপাদনশীলতা সম্পর্ক দেখুওৱা হ’ল।

ৰেখাডালৰ ঢালটোৱে ইয়াকে বুজাইছে যে উৎপাদনশীলতা শক্তি আহৰণৰ লগত সমহাৰত বৃদ্ধি নাপায়। বিশ্ব বেংকৰ এটা সমীক্ষাৰপৰা পোৱা গৈছে যে প্ৰায় জাতীয় আয়ৰ ৫ শতাংশ পৰিমাণ ব্যয় অনুন্নত দেশসমূহে পৰিপুষ্টিহীনতাৰ ববে বহন কৰিবলগীয়া হয়।

কিন্তু জীয়াই থাকিবলৈ আৰু ভাল স্বাস্থ্যৰ অধিকাৰী হ’বলৈ পৰিপুষ্টিৰ লগতে সংক্ৰামক আৰু বেমাৰৰ পৰাও মুক্ত হ’ব লাগিব। এই দুয়োটা ক্ষেত্ৰত কৰা বিনিয়োগে অধিক মাত্ৰাত প্রতিদান আগবঢ়ায়। মানুহৰ প্ৰাণনাশী তেনে দুবিধ বেমাৰ হ’ল যক্ষ্মা আৰু মেলেৰিয়া। দুয়োবিধেই বর্তমান সময়ত প্ৰতিৰোধ কৰিব পৰা বিধৰ। কিন্তু বর্তমান সময়ত আন এবিধ মাৰাত্মক বেমাৰ হ’ল এইড্‌ছ যিয়ে উন্নয়নশীল দেশসমূহত ভয়াবহৰূপে দেখা দিছে।

যি কি নহওঁক এনে ধৰণৰ সমস্যাৰ পৰা দেশ এখনৰ উন্নয়নৰ হাৰ স্থবিৰ হোৱাৰ উপৰিও এনে সমস্যা সমূহ সমাধান ক্ষেত্ৰত দেশেই এক বুজন পৰিমাণৰ বিনিয়োগ কৰিবলগীয়া হয়। গতিকে কুস্বাস্থ্য আৰু অপৰিপুষ্টিয়ে উৎপাদনশীলতা হ্ৰাস কৰাই নহয় জাতীয় উৎপাদনৰ এক বৃহৎ অংশ বিনিয়োগ কৰায়।

১৬। উন্নয়নত কৃষিৰ ভূমিকা বর্ণনা কৰা। (Describe the role of agriculture in development?)

উত্তৰঃ কৃষিখণ্ড হৈছে উন্নয়নৰ প্ৰাকক্ষণত উন্নয়নৰ বাবে নিতান্ত প্রয়োজনীয় এক আহিলা। কিয়নো জীয়াই থাকিবলৈ লগা নূন্যতম পৰিমাণতকৈ অধিক খাদ্য বস্তুৰ উৎপাদন ন’হলে অৰ্থনীতিৰ আন খণ্ডৰ বিকাশ সম্ভৱ নহয়। এনে ক্ষেত্ৰত কোনো ধৰণৰ উদ্ভুত বনুৱা, সঞ্চয় আৰু খাদ্য বস্তু নাথাকিব যিয়ে অন্য কার্যপলাপত সহায় কৰে।

বর্তমান সময়তো কিছুমান উন্নয়নশীল দেশত কৃষিখণ্ড অত্যন্ত পিছপৰা। দৰিদ্ৰতা হৈছে কম উৎপাদনশীলতাৰ এক প্ৰধান কাৰণ যিয়ে সামগ্রিক উন্নয়নত বাধা দিয়ে। যি কি নহওঁক কৃষিখণ্ডই উন্নয়নত উল্লেখযোগ্য ভূমিকা আগবঢ়ায়।

উন্নয়নত কৃষিখণ্ডৰ ভূমিকা সমূহ তলত আলোচনা কৰা হ’ল—

(ক) উৎপন্ন বা উৎপাদন বৰঙণিঃ কৃষিখণ্ডৰ উৎপাদন বৰঙণিৰ পৰা ইয়াকে বুজা যায় যে কৃষিখণ্ডই আন কার্যকলাপত সহায় হোৱাকৈ প্ৰয়োজনীয় খাদ্য বস্তুৰ যোগান ধৰিব লাগিব। ইয়াকে কৰিবলৈ হ’লে কৃষিখণ্ডত নূন্যতম জীয়াই থাকিবলৈ হোৱা প্ৰয়োজনতকৈ অধিক খাদ্যবস্তুৰ উৎপাদন কৰিব লাগিব। অর্থনীতি এখনত আন খণ্ড সমূহৰ বিকাশ হ’বলৈ হ’লে তাক নিয়োজিত শ্রমিকক খাদ্যৰ যোগান ধৰিব লাগিব আৰু সেই খাদ্য কৃষিখণ্ডৰ পৰা পোৱা যায়। এই খিনিতে উল্লেখযোগ্য যে ৰ’ষ্টঅ’ৰ বিকাশৰ তৃতীয় স্তৰটো কৃষি বিপ্লৱৰ লগত জড়িত।

মুঠ কৃষিজাত সামগ্ৰী আৰু জীয়াই থাকিবলৈ লগা নূন্যতম সামগ্ৰীৰ পাৰ্থক্যই হ’ল বিক্ৰীজাত উদ্ভুত বৃদ্ধি হোৱাটো প্ৰয়োজনীয় আৰু ই সম্ভৱ হয় একমাত্ৰ শ্ৰমিকৰ বৰ্ধিত উৎপাদনশীলতাৰ পৰাহে।

বিক্ৰীজাত উদ্ভুতৰ ধাৰণাটো উন্নয়নৰ অসংস্থাপিত তত্ত্বৰ এক প্ৰধান বিষয় বস্তু। কিয়নো এনে উদ্ভুতৰ বৃদ্ধি অবিহনে খাদ্য বস্তুৰ চাহিদা বঢ়াৰ লগে লগে ইয়াৰ দামো বাঢ়িব। গতিকে উদ্যোগখণ্ডৰ শ্রমিকক বৰ্দ্ধিত মজুৰি প্ৰদান কৰিব লাগিব যিয়ে লাভৰ পৰিমাণ হ্ৰাস কৰি উন্নয়নত বাধাৰ সৃষ্টি কৰিব।

(খ) উপাদান বৰঙণিঃ কৃষিৰ উপাদান বৰঙণিৰ দুটা দিশ আছে— শ্ৰমিকৰ যোগান আৰু মূলধনৰ যোগান। উদ্যোগ বা আন কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় শ্রমিক কৃষিখণ্ডৰ পৰা আহে কিন্তু এই প্ৰক্ৰিয়াটো অকল বর্ধিত কৃষিখণ্ডৰ উৎপাদনশীলতাৰ বাবেহে সম্ভৱ উদ্ভুত্ব বনুৱাৰ (ছদ্মৱেশী নিবনুৱা) সংখ্যাই উন্নয়ন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্যোগখণ্ডত শ্ৰমিকৰ নিম্ন ব্যয়ে উদ্যোগখণ্ডৰ বিকাশত সহায় কৰে কিন্তু ই কৃষি খণ্ডই কি হাৰত শ্ৰমিকৰ যোগন ধৰিব তাৰ ওপৰত নিৰ্ভৰ কৰে।

দ্বিতীয়তে, কৃষিখণ্ড হৈছে ঔদ্যোগিক বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্চয় আৰু মূলধন গঠনৰ প্রধান উৎস। এনে সঞ্চয় ইচ্ছা বা অনিচ্ছাকৃত হ’ব পাৰে। ইচ্ছাকৃত সঞ্চয়ৰ উদাহৰণ হ’ল ধনী বা চহকী ভূমিৰ স্বত্বধিকাৰীৰ উদ্যোগিত বিনিয়োগ, যি প্ৰথাৰে ব্ৰিটেইনৰ উদ্যোগক বিপ্লৱৰ সূচনা হৈছিল।

অনিচ্ছাকৃত সঞ্চৰ উদাহৰণ হ’ল চৰকাৰে কৃষিখণ্ডৰ ওপৰত কৰা বাধ্যতামূলক কৰ ব্যৱস্থা। এটা উল্লেখযোগ্য কৃষি কৰ সংগ্ৰহৰ উদাহৰণ হ’ল বজাৰ সমিতিৰ মূল্য বা দৰ নীতি য’ত চৰকাৰে কৃষকৰ পৰা কম মূল্যত খাদ্যসামগ্ৰী ক্ৰয় কৰি বেছি মূল্যত বজাৰত বিক্ৰী কৰে।

উন্নয়নশীল দেশসমূহত সাধাৰণতে কৃষিজাত সামগ্ৰীৰ দাম কম কৰাৰ দুটা কাৰণ আছে— কম দামে উদ্যোগ খণ্ডৰ বিকাশ কৰে আৰু কৃষকসকলক বেছিকৈ উৎপাদন কৰিবলৈ বাধ্য কৰায় কিয়নো বেছি দামত কৃষকে কম উৎপাদন কৰিব।

(গ) বজাৰ বৰঙণিঃ কৃষিজাত সামগ্ৰীৰ চাহিদাই উদ্যোগৰ সামগ্ৰীৰ চাহিদাৰ সৃষ্টি কৰে। উদ্যোগৰ বিকাশ হ’ব লাগিলে ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব লাগিব। উন্নয়নৰ আৰম্ভণি প্ৰক্ৰিয়াত কৃষিখণ্ডই হৈছে উদ্যোগজাত সমগ্ৰীৰ বজাৰৰ মূল উৎস। গতিকে কৃষিজাত আৰু উদ্যোগখণ্ডৰ বিকাশ এটা আনটোৰ পৰিপূৰক। অন্য কথাত ক’ব পাৰি যে উদ্যোগখণ্ডৰ দ্রুত বিকাশৰ বাবে কৃষিখণ্ডৰ দ্ৰুত বিকাশ হ’ব লাগিব, অতিকমেও ক্ৰয় ক্ষমতাৰ হিচাপত।

কৃষিৰ কম দাম উদ্যোগখণ্ডৰ কাৰণে সুবিধাজনক কিয়নো এই ক্ষেত্ৰত উদ্যোগ কম দামত কেঁচা সামগ্ৰী, উপাদান (শ্রমিক) ক্ৰয় কৰিব পাৰে যিয়ে লাভৰ পৰিমাণ বৃদ্ধি কৰে। অন্যহাতে কৃষিৰ কম দাম উদ্যোগখণ্ডৰ কাৰণে ক্ষতিকাৰক কিয়নো এই ক্ষেত্ৰত কৃষিখণ্ডৰ ক্ৰয় ক্ষমতা হোৱা হেতুকে উদ্যোগজাত সামগ্ৰীৰ প্ৰতি চহিদা কম হয়। গতিকে অৰ্থনীতিৰ বিকাশৰ বাবে তুলনামূলকভাৱে এক ভাৰসাম্য দাম সকলো খণ্ডতে থকাটো যথেষ্ট ফলপ্রসূ।

(ঘ) বৈদেশিক বিনিময় বৰঙণিঃ উন্নয়নৰ আৰম্ভণিতে বৈদেশিক বিনিময়ৰ একমাত্ৰ উৎস হৈছে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি। সঞ্চয়ৰ নিচিনাকৈ বৈদেশিক বিনিময়ো একপ্ৰকাৰ সম্পদ। অন্যহাতে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ ফলতহে মূল্যৱান আমদানি কৰাটো সম্ভৱ। কিয়নো উন্নয়নৰ আৰম্ভণিতে ঔদ্যোগিক বিকাশৰ বাবে প্ৰয়োজনীয় মূলধন জাতীয় সামগ্ৰীৰ আমদানিৰ প্রয়োজন।

১৭। বিকাশ প্ৰক্ৰিয়াত কৃষি আৰু উদ্যোগ এটা আনটোৰ পৰিপূৰক। কথাষাৰ ব্যাখ্যা কৰা। (Agriculture and entrepreneurship complement each other in the development process. Explain the word?)

উত্তৰঃ কৃষিখণ্ডই উদ্যোগ খণ্ডলৈ বিক্ৰীসম উদ্ভুতৰ যোগান ধৰি প্ৰয়োজনীয় মূলধন গঠনত সহায় কৰে। উদ্ভুতৰ পৰিমাণ যিমান বেছি হ’ব সিমানে সঞ্চয় আৰু মূলধন গঠন বাঢ়িব। এয়া হৈছে যোগানৰ দিশ। কিন্তু উদ্যোগখণ্ডকো ইয়াৰ উৎপন্নৰ বাবে প্ৰয়োজনীয় বজাৰ লাগিব যি উন্নয়নৰ আৰম্ভণি অৱস্থাত কৃষিখণ্ডই প্ৰদান কৰে। এয়া হৈছে চাহিদাৰ দিশ। কিন্তু যিহেতু কম দাম ঔদ্যোগিক যোগানৰ কাৰণে আৰু বেছি দাম ঔদ্যোগিক চাহিদাৰ কাৰণে সুবিধাজনক গতিকে বিকাশৰ পথ সুচল কৰিবলৈ হ’লে উদ্যোগ আৰু কৃষিখণ্ডৰ তুলনামূলক ভাৰসাম্যতা বজাই ৰাখিব লাগিব।

কৃষিখণ্ডৰ বিকাশ হ’ল ইয়াত হোৱা বিনিয়োগ আৰু বিনিয়োগৰ উৎপাদনশীলতাৰ ফলন। কিমানখিনি বিনিয়োগ কৰিব সেয়া নিৰ্ভৰ কৰিব উদ্যোগ খণ্ডৰ লগত থকা তুলনামূলক দামৰ ওপৰত। গতিকে কৃষিৰ বিকাশৰ হাৰ (gA) আৰু উদ্যোগখণ্ডৰ তুলনামূলক দামৰ সম্পৰ্ক ওলোটা।

উদ্যোগৰ বিকাশৰ হাৰো হ’ল বিনিয়োগ অনুপাত আৰু বিনিয়োগৰ উৎপাদনশীলতাৰ ফলন। কিন্তু এই ক্ষেত্ৰত এক নূন্যতম সীমা (তুলনামূলক দাম) আছে যি সীমা অতিক্ৰম কৰিলে উদ্যোগত বিনিয়োগ অসম্ভৱ। যিমান উদ্যোগৰ তুলনামূলক দাম বৃদ্ধি হ’ব সিমানে উদ্যোগৰ বিনিয়োগৰ পৰিমাণ অধিক হ’ব। গতিকে উদ্যোগৰ তুলনামূলক দাম আৰু ঔদ্যোগিক বিকাশৰ (gA) মাজত এক যোগাত্মক সম্পর্ক আছে।

ধৰাহ’ল চাহিদাৰ আয় স্থিতিস্থাপকতা দুয়োবিধ সামগ্ৰীৰ ক্ষেত্ৰতেই এক সমান। এই ক্ষেত্ৰত য’ত gA আৰু gI য়ে কটাকটি কৰিব তাতেই দুয়োটা খণ্ডই তুলনামূলক ভাৰসাম্যতা পাব।

যদি কৃষি সামগ্ৰীৰ তুলনামূলক দাম কম হয় তেন্তে উদ্যোগৰ বিকাশ চাহিদা বা যোগান কোনোবাটোৰ দ্বাৰা প্ৰতিবন্ধক হ’ব। যদি উদ্যোগৰ তুলনামূলক দাম P1 হয় তেন্তে ঔদ্যোগিক বিকাশ চাহিদাৰ দ্বাৰা প্ৰতিবন্ধক হ’ব কিয়নো কৃষিখণ্ডৰ ক্ৰয় ক্ষমতা কমি যাব। বিপৰীত ক্রমে ঔদ্যোগিক বিকাশ যোগানৰ দ্বাৰা প্ৰতিবন্ধক হ’ব।

ওপৰত আলোচনাটোৰ তাৎপৰ্য এয়ে যে ক্রমহ্রাসমান প্ৰতিদানৰ বাবে কৃষিখণ্ডৰ উৎপাদনশীলতা কমি যাব আৰু ga ৰেখাডাল বাওঁফাললৈ স্থানান্তৰ হ’ব যিয়ে উদ্যোগৰ বিকাশ হ্ৰাস কৰিব। যদি gi ৰেখাডাল তুলনামূলকভাবে একে স্থানতে থাকে (উদ্যোগৰ উৎপাদনশীলতা একে থাকে) তেন্তে ঔদ্যোগিক বিকাশ মূলতঃ কৃষিখণ্ডত ব্যৱহৃত প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

১৮। উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকা বহলাই আলোচনা কৰা। (Discuss in detail the role of the state in development?) 

উত্তৰঃ উন্নয়নত ৰাষ্ট্ৰৰ প্ৰধান ভূমিকা চাৰিটা তলত এই ভূমিকা সমূহ বহলাই আলোচনা কৰা হ’ল— 

ৰাষ্ট্ৰৰ প্ৰথম ভূমিকা হ’ল ৰাজহুৱা দ্ৰব্যৰ যোগান ধৰা। এনেবোৰ দ্ৰব্যৰ কেতবোৰ বৈশিষ্ট্যৰ কাৰণে ইয়াৰ বিনিময়ত কোনো দাম স্থিৰ কৰিব নোৱাৰে গতিকে কোনো ব্যক্তিগত যোগানকাৰীয়ে এনেবোৰ দ্ৰব্যৰ যোগান নধৰে। বৈশিষ্ট্যবোৰ হ’ল এজনৰ উপভোগে আনবিলাকৰ বাবে যোগান হ্ৰাস নকৰে আৰু কোনো লোককে এনে দ্রৱ্য উপভোগৰ পৰা বিৰত ৰাখিব নোৱাৰি। দৰাচলতে কোনো বিশুদ্ধ ৰাজহুৱা দ্ৰব্যই উন্নয়নত সহায় কৰে যেনে প্ৰতিৰক্ষা, নিয়ম কানুন, ৰাস্তাঘাট, বিশুদ্ধ খোলা পানী ইত্যাদি।

দ্বিতীয়তে, ৰাষ্ট্ৰৰ ভূমিকা হ’ল বজাৰ অপূৰ্ণতা ৰোধ কৰা। বজাৰ অপূৰ্ণতাই ঘাইকৈ তিনিটা পৰিঘটনা নিদৰ্শন কৰে।

(ক) বজাৰৰ দৰে সৰ্বোচ্চ আবণ্টনৰ বাবে সঠিক সংকেত বহন নকৰিব পাৰে। কিয়নো বজাৰ দৰে উপাদান ব্যৱহাৰ সুযোগ ব্যয় প্রতিফলিত নকৰিব পাৰে।

(খ) বাহ্যিকতাৰ কাৰণে কোনো কোনো ক্ষেত্ৰত দ্ৰব্যৰ যোগান কম বা বেছি হ’ব পাৰে কিয়নো বজাৰ দৰে বাহ্যিকতাৰ পৰিমাণ প্ৰতিফলিত কৰিব নোৱাৰে। বেছিভাগ আন্তঃগাঁথনি যেনে পৰিবহণ ব্যৱস্থা, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ব্যক্তিগত প্রতিদানতকৈ সামাজিক প্রতিদান বেছি হয়। গতিকে ব্যক্তিগত যোগানকাৰীয়ে এনে সামগ্ৰী কমকৈ যোগান ধৰিব যেতিয়ালৈকে তেওঁলোকক ৰেহাই বা ক্ষতিপূৰ্ণ দিয়া নহয়।

(গ) ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত বজাৰ এখন অসম্পূৰ্ণ হ’ব পাৰে। কিয়নো যোগানকাৰীয়ে এনে ক্ষেত্ৰত মুক্ত সুবিধাবাদীসকলক উপভোগ কাৰ্যৰ পৰা বিৰত ৰাখিব নোৱাৰে। কিন্তু বজাৰ অসম্পূৰ্ণতাৰ কেতবোৰ আন আন কাৰণ থাকিব পাৰে যেনে উচ্চ পৰিবহণ ব্যয় যিয়ে বজাৰ বিকাশত বাধা দিয়ে, লোকচানৰ ক্ষতিপূৰণৰ বাবে ভবিষ্যত বজাৰৰ অভাৱ আদি।

তৃতীয়তে, ৰাষ্ট্ৰৰ ভূমিকা হ’ল পিছপৰা শ্ৰেণীক সুৰক্ষা প্ৰদানৰ লগতে আয় বিতৰণৰ সমতা স্থাপন কৰা। এনে বিতৰণৰ সমতা বিভিন্ন জনসাধাৰণ, বিভিন্ন শ্রেণী বা জাতি বা বিভিন্ন প্ৰজন্মৰ মাজত হ’ব পাৰে। চৰকাৰৰ মূল ভূমিকা হ’ল বৰ্তমান প্ৰজন্মৰ বিতৰণৰ সমতা স্থাপন কৰাৰ লগতে ভৱিষ্যতৰ উপভোগৰ কাৰণে প্ৰয়োজনীয় বিনিয়োগৰ ব্যৱস্থা কৰা।

চতুৰ্থতে, বজাৰ ব্যৱস্থা সুকলমে চলাৰ বাবে প্ৰয়োজনীয় সাংগঠনিক পৰিবেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই ক্ষেত্ৰত বজাৰ ব্যৱস্থা আৰু চৰকাৰৰ হস্তক্ষেপ এটা আনটোৰ পৰিপূৰক। বিশ্ব বেংকৰ তিনিটা প্ৰধান উক্তি এই ক্ষেত্ৰত মন কৰিবলগীয়া —

(ক) সুদক্ষ ৰাষ্ট্ৰৰ অবিহনে উন্নয়ন সম্ভৱ নহয়।

(খ) এখন সুদক্ষ প্রশাসনিক ব্যৱস্থা অর্থনৈতিক প্ৰগতি আৰু সামগ্রিক সুস্থিৰতাৰ কাৰণে অত্যন্ত জৰুৰী। ইয়াৰ লগতে বিকাশিত মানৱ সম্পদ আৰু বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰৰ ভূমিকা সবাতোকৈ বেছি।

(গ) বজাৰ ব্যৱস্থাৰ তুলনামূলক শক্তি বৰ্ধনৰ ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকা গুৰুত্বপূৰ্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top