Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ

Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ Question Answer can be of great value to excel in the examination.

Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ

Join Telegram channel

Economic Geography Unit 4 দ্বিতীয়ক ক্রিয়াকলাপ Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

27. ভাৰতত কপাহী বয়ন উদ্যোগৰ বিকাশ সম্পর্কে চমুকৈ বৰ্ণনা কৰা। (Briefly describe the development of cotton weaving industry in India.)

উত্তৰঃ প্ৰাক্-স্বাধীনতাকালত ভাৰতৰ প্ৰায় সকলোবোৰ কপাহ কল মুম্বাই আৰু আহমেদাবাদ চহৰত কেন্দ্ৰীভূত আছিল। শোলাপুৰ, নাগপুৰ, আকোলা, বুঢ়ানপুৰ, সাতাৰা প্রভৃতি সেই সময়ৰ ভাৰতত কপাহৰ উৎপাদনস্থলীসমূহৰ কিছুমান উপকেন্দ্ৰ আৰু পূব ভাৰতৰ সৰ্ববৃহৎ চহৰ কলকতাৰ ওচৰে-পাজৰেও কিছুসংখ্যক কপাহ কল প্রতিষ্ঠা হৈছিল। তাৰ বাহিৰে দেশৰ বাকী অঞ্চলত তেতিয়া কাপোৰৰ কল নাছিল বুলিবই পাৰি। ১৯৫০-৫১ চনত অর্থাৎ, আধুনিক ভাৰতৰ ভেটি প্ৰতিষ্ঠাৰ সময়ত দেশত মুঠতে ৪২১৫ টা যন্ত্রচালিত কাপোৰৰ শাল আছিল। ইয়াৰে ৩৪০১ টা, অর্থাৎ ৮১ শতাংশ শালৰ অৱস্থান আছিল মুম্বাই, আহমেদাবাদ, নাগপুৰ আৰু আকোলা চহৰত। ১৮৫৪ চনত মুম্বাই চহৰত ভাৰতৰ প্ৰথমটো যন্ত্রচালিত কাপোৰৰ কল প্রতিষ্ঠা হয়। 

২০০৩-০৪ চনৰ পৰিসংখ্যা অনুক্ৰমে বর্তমান ভাৰতত এহেজাৰ ছশৰো অধিক কাপোৰৰ শালত বছৰি ২৭,৯৪৫ নিযুত বর্গমিটাৰ কাপোৰ তৈয়াৰ কৰা হয়। এই কলসমূহত ৫৮ নিযুত কৰ্মচাৰী নিযুক্ত হৈ আছে। দেশত উৎপাদিত মুঠ কপাহৰ ৬৩ শতাংশ এই কলসমূহে কেঁচামাল হিচাবে ব্যৱহাৰ কৰে। সেইদৰে, এই কলসমূহত উৎপাদিত কাপোৰৰ একাংশ ৰপ্তানি কৰি ২০০৩-০৪ চনত ভাৰতে অৰ্জন কৰা বৈদেশিক মুদ্ৰাৰ মূল্য আছিল ৫৫,০০৪ কোটি টকা, অর্থাৎ দেশৰ মুঠ ৰপ্তানি দ্রৱ্যজাত অৰ্জনৰ ১৮.৮৬ শতাংশ। গতিকে এই বয়ন শিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অর্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্ৰমাটোও ওতঃপ্রোতভাৱে জড়িত হৈ আছে।

28. কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবোৰৰ শ্ৰেণী বিভাজন কৰা। (Classify industries on the basis of raw materials.) 

উত্তৰঃ কেঁচামালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক প্ৰধানকৈ পাঁচটা ভাগত বিভক্ত কৰা হৈছে।

সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল— 

(ক) কৃষিভিত্তিক উদ্যোগঃ কৃষিজাত উৎপাদিত দ্ৰৱ্যৰ পৰিশোধন, অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু ডাঙৰ সকলো উদ্যোগ এই শ্ৰেণীৰ অন্তর্ভুক্ত। এনে উদ্যোগসমূহ চহৰ আৰু গাওঁ অঞ্চলত প্ৰায় সমানে সিঁচৰিত হৈ থাকে। অধিকাংশ কৃষি ভিত্তিক উদ্যোগেই খাদ্য প্ৰস্তুতকৰণৰ লগত জড়িত। উদাহৰণস্বৰূপে, ধানকল অথবা আটা প্ৰস্তুত কৰা কলসমূহকে ধৰি চেনী, খোৱাতেল, বিস্কুট, চাহ, কফি প্রভৃতি বিভিন্ন উদ্যোগৰ কথা ক’ব পাৰি। কপাহী বয়ন উদ্যোগ, ৰবৰ, মৰাপাট উদ্যোগ প্রভৃতি কিছুমান কৃষি ভিত্তিক উদ্যোগে অন্যান্য প্রয়োজনীয় দ্রৱ্য উৎপাদন কৰে।

(খ) খনিজ ভিত্তিক উদ্যোগঃ খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্ৰৱ্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগসমূহ এইটো শ্ৰেণীত পৰে। লৌহ আকৰ অথবা ইয়াৰ পৰা প্ৰস্তুত কৰা তীখাক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগক লৌহবর্গীয় খনিজ উদ্যোগ বোলে। তাম, এলুমিনিয়াম, দস্তা, সীহ, টিন প্রভৃতি আনবোৰ ধাতৱ খনিজ ব্যৱহাৰকাৰী উদ্যোগক অনা লৌহবর্গীয় ধাতৱ খনিজ উদ্যোগ বোলে। অভ্ৰ, মাৰ্বল, পাথৰ, প্ৰেফাইট, কয়লা, চীনামাটি প্ৰভৃতি খনিৰ পৰা আহৰণ কৰা অধাতৱ মৌল অথবা যৌগক কেঁচামাল হিচাপে গ্ৰহণ কৰা উদ্যোগসমূহক ধাতৱ খনিজ উদ্যোগৰ শাৰীত ধৰা হয়।

(গ) ৰাসায়নিক উদ্যোগঃ বিভিন্ন কেঁচামাল ৰাসায়নিক কৌশলেৰে পৰিশোধন আৰু ৰূপান্তৰণ কৰি অধিক মূল্যৱান দ্রৱ্য সম্ভাৰ প্ৰস্তুত কৰা উদ্যোগসমূহেই ৰাসায়নিক উদ্যোগ। কেঁচামাল, শক্তি অথবা শ্ৰমিকৰ তুলনাত এনেবোৰ উদ্যোগৰ প্ৰধান চালিকা শক্তি হৈছে নিত্য নতুন গৱেষণাকর্মৰ ফচল শেহতীয়া জ্ঞান বিজ্ঞান।

(ঘ) বনজ উদ্যোগঃ বিভিন্ন বনজ উৎসৰ পৰা সংগৃহীত দ্ৰৱ্যৰ পৰিশোধন, ৰূপায়ণ আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি গঢ় লোৱা উদ্যোগসমূহক সাধাৰণ অৰ্থত বনজ উদ্যোগ বুলি কোৱা হয়। কাঠৰ সা-সৰঞ্জাম প্ৰস্তুতকৰণ, কাগজ উদ্যোগ প্রভৃতি বনজ উদ্যোগৰ উদাহৰণ।

(ঙ) পশুজ উদ্যোগঃ নির্বাচিত পোহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা চৰ্ম, ঊন, মাংস, দুগ্ধ প্ৰভৃতি দ্ৰৱ্যসমূহ আৰু ইয়াৰ লগতে হাতীৰ দাঁত প্ৰভৃতি দ্ৰৱ্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি গঢ়ি উঠা উদ্যোগসমূহেই পশুজ উদ্যোগৰ প্ৰকৃত পৰিসৰ। এনে উদ্যোগত উৎপাদিত দুগ্ধ আৰু মাংস খাদ্য প্ৰস্তুতকৰণৰ ভিতৰত ধৰা হয়। আনহাতে, ঊন হৈছে বয়ন উদ্যোগৰ অংশ বিশেষ। পশুৰ ছাল পৰিশোধন কৰাৰ পাছত ইয়াত জোতা, বেগ, চর্মবস্ত্র, বাদ্যযন্ত্র নির্মাণ প্রভৃতি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

29. পৃথিৱীৰ লো-তীখা উদ্যোগ সম্পর্কে এটি টোকা লিখা। (Write a short note about the world’s iron and steel industry.)

উত্তৰঃ আজিৰ এই যান্ত্ৰিক যুগত লো-তীখা উদ্যোগ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ । যন্ত্রপাতি, কল কাৰখানা, ঘৰ-দুৱাৰ, দলং, গাড়ী, ঘৰুৱা সামগ্ৰী আদি সকলোতে লো-তীখা ব্যৱহাৰ কৰা হয়। এই শিল্প এখন দেশৰ উন্নতি আৰু সভ্যতাৰ মাপকাঠি। 

আকৰিক লো আৰু চূণশিল এই উদ্যোগৰ প্ৰধান কেঁচামাল আৰু কয়লা ইয়াৰ প্ৰধান শক্তিব উৎস।

তলত পৃথিৱীৰ প্ৰধান লো-তীখা উৎপাদনকাৰী দেশসমূহৰ বিষয়ে বৰ্ণনা কৰা হ’লঃ 

ৰাছিয়া পৃথিৱীৰ সৰ্বাধিক লো-তীখা উৎপাদনকাৰী দেশ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এই দেশত লো-তীখা উদ্যোগৰ সম্প্ৰসাৰণ দ্রুত গতিত হৈছে। ইউক্রেইন আৰু ডনেটজ উপত্যকাৰ আশে-পাশে থকা ডনেৎস্ক, মেকিভ্কা, ক্রামাৰ্টস্ক, ভৰছিলভ্গ্ৰেডত লো-তীখা উদ্যোগবোৰ গঢ়ি উঠিছে। মস্কো অঞ্চলত তুলা, লিপেৎস্ক আৰু গৰ্কী প্রধান লো-তীখা কেন্দ্র। এইবোৰ কেন্দ্ৰত ডনেৎজ উপত্যকাৰ কয়লা, স্থানীয় আকৰিক লোৰ লগতে ইউক্রেইন আৰু ইউৰাইল অঞ্চলৰ আকৰিক লো ব্যৱহৃত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ দ্বিতীয় প্রধান লো-তীখা উৎপাদনকাৰী দেশ। ইয়াত সৰ্বপ্ৰথমে আটলান্টিক মহাসাগৰীয় উপকূলৰ মেৰিলেণ্ড আৰু পেনচিলভেনিয়াত এই শিল্পৰ আৰম্ভণি হয়। পিটছবার্গ অঞ্চল লো-তীখাৰ প্ৰধান কেন্দ্ৰ। চুপিৰিয়ৰ হ্ৰদ অঞ্চলৰ মেচাবি পাহাৰৰ লো-খনিৰ পৰা আহৰণ কৰা আকৰিক লোৰে এই অঞ্চলৰ লো-তীখা উদ্যোগসমূহ পৰিচালিত হয়। ইৰি হ্ৰদৰ পাৰত বাফেল’ ক্লিভলেণ্ড, মিচিগান হ্ৰদৰ দক্ষিণ পাৰত চিকাগো, গেৰি, চেন্টলুইচ আৰু চুপিৰিয়ৰ হ্ৰদৰ কাষত থকা ডুলুথ প্রধান লো- তীখাৰ কেন্দ্ৰ। কেঁচামালৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে এই অঞ্চলত যুক্তৰাষ্ট্ৰৰ শতকৰা ৩৪ ভাগ লো উৎপাদিত হয়।

গ্রেটব্ৰিটেইনৰ নৰ্থহাম্বাৰলেণ্ড আৰু ডাৰহামত লো-তীখা উৎপাদন যথেষ্ট পৰিমাণে হয়। ডাৰহামৰ কয়লা, মধ্য অংশৰ আকৰিক লো আৰু পেনাইন পৰ্বতৰ চূণশিল এই তিনিটা ওচৰা-ওচৰিকৈ পোৱা যায় বাবে পৰিবহণ ব্যয় কম হয়। গ্রেটব্ৰিটেইনৰ ব্লেককান্ট্রি অঞ্চলৰ বার্মিংহাম, ক’ভেন্ট্ৰি, ভাডলে, ৰেডডিছ আদি প্রধান লো-তীখা কেন্দ্র।

ইউৰোপৰ জাৰ্মানী আন এখন লো-তীখা উৎপাদনকাৰী দেশ। এই দেশৰ ৰাইনৰ উপনদী ৰুঢ় নৈৰ উপত্যকা পৃথিৱীৰ এক শ্ৰেষ্ঠ তীখা উৎপাদনকাৰী অঞ্চল। ৰুঢ় নৈৰ দুয়োপাৰে প্রায় ৮০ কিল’মিটাৰ ঠাই জুৰি ইচেন দুচেলডর্ফ। বচাম, ডৰ্টমুণ্ড, চলিনগেন, ক্ৰেফেল্ড, ডুইচবার্গ আদি প্ৰধান লো-তীখা কেন্দ্ৰবোৰ বিস্তৃত হৈ আছে। ৰুঢ় উপত্যকাত উচ্চ মান বিশিষ্ট কয়লাৰ খনি আছে, তদুপৰি জল পৰিবহণৰ আৰু ৰেল পৰিবহণৰ সুবিধায়ো এই উদ্যোগৰ অগ্ৰগতিত অৰিহণা যোগাইছে।

চীন দেশত প্ৰচুৰ আকৰিক লো আৰু কয়লাৰ খনি আছে। আনপিন অঞ্চল, ছানছিৰ ইয়াংছুৱান, ইয়াংছি উপত্যকাৰ হাস্কাও ইউহান, পিকিঙৰ, টাইখুৱান চীনৰ প্ৰধান লো-তীখা কেন্দ্র।

জাপানৰ নিজা কয়লা নাই আৰু আকৰিক লোৰ পৰিমাণ কম বাবে ব্রাজিল, ভাৰত, ফিলিপাইন, মাঞ্চুৰিয়া আদিৰ পৰা আকৰিক লো আৰু চীন, কোৰিয়া, অষ্ট্ৰেলিয়া আদিৰ পৰা কয়লা আমদানি কৰি এই দেশে লো-তীখা উদ্যোগ স্থাপন কৰিছে। ইয়াৰ উত্তৰ কিউছুৰ য়াৱাটাত স্থাপিত লোৰ কাৰখানা প্রসিদ্ধ। ইয়াক প্ৰাচ্যৰ পিটছবাৰ্গ বুলিও কোৱা হয়।

ভাৰতবৰ্ষত লো-তীখা উদ্যোগৰ বাবে কেঁচা সামগ্ৰী আকৰিক লো যথেষ্ট পৰিমাণে পোৱা যায়। কয়লা, চূণশিল, ডল’মাইট, মেংগানিজ আদি লো-তীখা উদ্যোগৰ বাবে লাগতিয়াল সামগ্ৰীৰ উৎপাদনত ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল যদিও লো-তীখা উৎপাদনত বিশেষ আগবাঢ়িব পৰা নাই। ভাৰতৰ পূব উপকূলীয় অৱস্থানসহ দাক্ষিণাত্য মালভূমি অঞ্চলত সৰ্বমুঠ ১০ টা লো-তীখা উদ্যোগৰ প্ৰধান গোট সিঁচৰিত অৱস্থাত পোৱা যায়। জামছেদপুৰ, দুর্গাপুৰ, ৰুৰকেল্লা, ভিলাই, বোকাৰো আদি প্রধান লো-তীখা কেন্দ্ৰ।

30. বেছিভাগ ৰাষ্ট্ৰতে সৰহসংখ্যক উচ্চ প্ৰযুক্তিৰ উদ্যোগেই প্রধান মহানগৰীয়া কেন্দ্ৰস্থলৰ উপকণ্ঠ অঞ্চলত স্থাপন কৰা হয় কিয়? (Why are so many high-tech industries in most states located in the suburbs of this major metropolitan area?) 

উত্তৰঃ উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ চৌহদত বহুস্তৰীয় ঘন ফেক্টৰী, গুদান ঘৰ অথবা পৰিচালনা কক্ষৰ ঠুহা মৰা পৰিৱেশৰ সলনি সেৰেঙা আৰু পৰিপাটিকৈ সজোৱা অত্যাধুনিক আৰ্হিৰ প্রয়োগশালা, কার্যালয় আৰু উৎপাদন গোটসমূহৰ নিৰিবিলি পৰিৱেশ এটাহে পোৱা যায়। এনেবোৰ চৌহদৰ ভিতৰত খান পানৰ আটকধুনীয়া ব্যৱস্থাৰ লগতে দুই একোখন উদ্যান গঢ় লোৱাও দেখা যায়। তদুপৰি বহুতো উদ্যোগৰ উৎপাদন গোটসমূহত পোৱা উষ্ণ, ঈষৎ আলোকিত শ্বাসৰুদ্ধ আৱহাৱাৰ সলনি উচ্চ প্রযুক্তি উদ্যোগৰ প্ৰায় সকলোবোৰ ভৱনেই বাতানুকূলিত হয়।

আত্মনিৰ্ভৰশীল পৰিসৰত গঢ়ি উঠা বিশেষীকৃত দ্রৱ্য উৎপাদনকাৰী এই উদ্যোগসমূহে একোটা বৃহৎ এলেকাজুৰি বিস্তৃত হৈ থকা দেখা যায়। সেইবাবেই এই উদ্যোগসমূহ প্ৰধান চহৰসমূহৰ কেন্দ্ৰস্থলৰ বিপৰীতে উপকণ্ঠ অঞ্চলত গঢ়ি উঠা দেখা যায়।

31. অত্যাধুনিক নির্মাণ উদ্যোগৰ বৈশিষ্ট্যসমূহৰ এটা টোকা লিখা। (Write a note of the features of the sophisticated construction industry.)

উত্তৰঃ (ক) বিশিষ্ট নৈপুণ্যৰ প্ৰয়োগঃ আধুনিক যুগৰ বৃহৎ উদ্যোগসমূহত উৎপাদিত দ্ৰৱ্যৰ বিভিন্ন অংশসমূহ উদ্যোগটোৰ বিভিন্ন গোটত পৃথকভাৱে প্ৰস্থ কৰা হয়। তাৰ পিছত অন্য এটা গোটত এনেবোৰ অংশক সুসংঘবদ্ধ কৰি একোটা শ্ৰেণীৰ পৰিসজ্জিত দ্ৰৱ্য প্ৰস্তুত কৰা হয়। 

(খ) যান্ত্ৰিকীকৰণঃ আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী, শ্রমিকসকলে উৎপাদিত দ্ৰৱ্যৰ পৰিমাণ অথবা গুণগত মানৱ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায়। উৎপাদন গোটৰ লগত কম্পিউটাৰৰ সহায়ত সচৰাচৰ এই কাম সমাধা কৰা হয়। 

(গ) কাৰিকৰী নতুনত্বঃ আধুনিক যুগৰ বৃহৎ উদ্যোগত উৎপাদনৰ মানদণ্ড ক্ৰমে উন্নত কৰি নিয়াৰ লগতে উৎপাদন ব্যয় পার্যমানে হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্য অহৰহভাৱে এলানি গৱেষণা কার্য অব্যাহত ৰখা হয় ।

(ঘ) বহুস্তৰীয় সাংগঠনিক সংৰচনাঃ আধুনিক কলাৰ উদ্যোগসমূহৰ বেছিভাগ কামেই জনবল অথবা পেশী বলৰ পৰিৱৰ্তে যান্ত্ৰিক বলৰ দ্বাৰা পৰিচালিত। তদুপৰি অতিমাত্রা শ্রম বিভাজন ভিত্তিক শ্ৰমৰ বিশেষীকৰণ, কাৰ্যৰ সহায়ত এনেবোৰ উদ্যোগত তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত সীমিত খৰচত অধিক পৰিমাণৰ উৎপাদন সম্ভৱ হয়। এনে উদ্যোগৰ প্রতিষ্ঠা আৰু পৰিচালনা কার্যত বৃহৎ পৰিমাণৰ যান্ত্ৰিক আৰু অৰ্থকাৰী মূলধনৰ বিনিযোগ অপৰিহাৰ্য।

(ছ) বিষম ভৌগোলিক বিস্তাৰঃ পৃথিৱীৰ প্ৰায়বোৰ বৃহৎ উদ্যোগৰ ক্ষেত্ৰসমূহ মুঠ স্থলভাগৰ মাত্ৰ দহ শতাংশ এলেকাতে সীমাৱদ্ধ হৈ আছে। বাস্তৱ ক্ষেত্ৰত পৃথিৱীৰ এনেবোৰ বৃহৎ ঔদ্যোগিক প্রকল্প ৰাজনৈতিক তথা অর্থনৈতিকভাৱে শীর্ষ স্থানীয় ৰাষ্ট্ৰসমূহতে সীমাবদ্ধ বুলিব পাৰি। ইয়াৰ কাৰণ—

(i) বজাৰৰ সান্নিধ্যঃ উপযুক্ত পৰিসৰৰ বজাৰৰ অবিহনে বৃহৎ উদ্যোগ এটাৰ পক্ষে বৃহৎ পৰিমাণৰ উৎপাদনৰ ব্যয়বহুল প্ৰক্ৰিয়া এটা চলাই ৰখা কোনোপধ্যে সম্ভৱ নহয়। সেয়েহে উদ্যোগ ক্ষেত্ৰৰ লগত পোনপটীয়া সম্পর্ক থকা একোখন বজাৰেহে বৃহৎ উদ্যোগ একোটাৰ প্ৰতিষ্ঠা আৰু কৰ্ম-সম্পাদনত সৰ্বাধিক প্রভাৱ পেলায়। 

(ii) কেঁচামালৰ সান্নিধ্যঃ বৃহৎ উদ্যোগ একোটাত ব্যৱহৃতে কেঁচামালসমূহ কম দামী হোৱাৰ উপৰি এনেবোৰ কেঁচামাল সহজ আৰু নিয়মীয়াভাৱে উৎস অৱস্থানৰ পৰা উদ্যোগ ক্ষেত্রলৈ পৰিবহণক্ষম হ’লেহে উদ্যোগটো কাৰ্যক্ৰম হৈ থাকিব পাৰে।

(iii) শ্ৰমিকৰ যোগানঃ বহু সময়ত উপযুক্ত জোখৰ শ্ৰমিকৰ যোগান উদ্যোগ প্ৰতিষ্ঠাৰ সহায়ক হৈ উঠে। উদ্যোগৰ ধৰণ- কৰণ অনুসৰি কিছুমান ক্ষেত্রত উচ্চ প্রশিক্ষিত কমসংখ্যক কৰ্মী আৰু আন কিছুক্ষেত্ৰত বৃহৎসংখ্যক নিম্ন প্রশিক্ষিত সস্তীয়া শ্ৰমিকৰ প্রয়োজন হয়।

(iv) শক্তিৰ উৎসঃ লো-তীখা, এলুমিনিয়াম প্রভৃতি ধাতুভিত্তিক গুৰু উদ্যোগসমূহত সকলোধৰণৰ কাম-কাজত বৃহৎ পৰিমাণৰ শক্তিৰ সহায়তহে পৰিচালনা কৰিব পাৰি। সেয়েহে শক্তি সম্পদৰ উল্লেখযোগ্য উৎসৰ পৰা নীতিদূৰৰ অৱস্থানতহে এনে উদ্যোগ গঢ় লৈ উঠে।

(v) যাতায়াত আৰু যোগাযোগঃ গুৰু উদ্যোগ এটালৈ প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ কেঁচামাল আৰু ইয়াত উৎপাদিত বৃহৎ মাত্ৰাৰ পৰিসজ্জিত সামগ্ৰীসমূহে বজাৰ অভিমুখে সৰবৰাহ কৰাৰ উপৰি উদ্যোগস্থলীলৈ প্ৰয়োজন সাপেক্ষে ভিন্‌ ভিন্‌ স্থানৰ পৰা যন্ত্ৰপাতি, শ্ৰমিক আৰু ইন্ধন সৰবৰাহৰ উদ্দেশ্যে ক্ষিপ্ৰ তথা সুদক্ষ পৰিবহণ ব্যৱস্থা নিতান্ত অপৰিহার্য।

(vi) চৰকাৰী নীতিঃ একোখন ৰাষ্ট্ৰৰ চৰকাৰে ৰাষ্ট্ৰখনৰ সামগ্রিক উন্নয়নৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰত সময়ে সময়ে কিছুমান উদ্যোগ নীতি গ্ৰহণ কৰা দেখা যায়। ইয়াৰ ফলস্বৰূপে কিছুমান অঞ্চলত কিছুমান বিশেষ শ্রেণীভূক্ত উদ্যোগ গঢ় লোৱাত একোলনি সমস্যাৰ সৃষ্টি হয়। 

(vii) ঔদ্যোগিক পুঞ্জীভৱনঃ ভিন্ন লক্ষণৰ ভালেমান উদ্যোগ ওচৰা-ওচৰিকৈ গঢ়ি উঠা অৱস্থানত মূল উদ্যোগ একোটাৰ প্ৰত্যক্ষ অথবা পৰোক্ষ পৃষ্ঠপোষকতাত আন কিছুমান আপেক্ষিক ক্ষুদ্র উদ্যোগ গঢ়ি উঠে।

32. কৃষি-ব্যৱসায় বুলিলে কি বুজা? (What do you mean by agricultural business?) 

উত্তৰঃ কৃষিক যেতিয়া ব্যৱসায় হিচাপে লৈ বিস্তৃত আকাৰত কৰা হয় তেতিয়া তাক কৃষি ব্যৱসায় বোলে। আন উদ্যোগৰ দৰে ইয়াকো উদ্যোগিক ভিত্তিত কৰা হয়। উদাহৰণস্বৰূপে চাহ ৰোপন উদ্যোগ, কফি ৰোপন আদি (এই কৃষি ব্যৱসায়তো বিনিয়োগকাৰীৰে তেওঁলোকৰ মূলধন বিনিয়োগ কৰে, অসংখ্য শ্রমিক জড়িত থাকে আৰু উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ লৈ যোৱা হয়। ইয়াৰ কৃষিক্ষেত্ৰবোৰ আকাৰত ডাঙৰ হোৱাৰ লগতে এইবোৰ যন্ত্রচালিত আৰু উচ্চ গঠন সম্পন্ন হয়।

33. মুক্ত উদ্যোগৰ বিষয়ে এটি ব্যাখ্যামূলক টোকা লিখা। (Write a note on free industry.)

উত্তৰঃ আমি উদ্যোগক বিভিন্ন ধৰণে বিভক্ত কৰিব পাৰো। উদাহৰণস্বৰূপে আকাৰ হিচাপে, ব্যৱহাৰ হোৱা দ্ৰৱ্যৰ ভিত্তিত, উৎপাদনৰ ভিত্তিত, মালিকীস্বত্বৰ ভিত্তিত, কেঁচা সামগ্ৰীৰ ভিত্তিত আদি ধৰণে। তাৰে মাজৰে এটা ভাগ হ’ল মুক্ত উদ্যোগ। যিবোৰ উদ্যোগৰ উৎপাদিত সামগ্ৰীৰ বজাৰ দেশৰ ভিতৰতে সীমাবদ্ধ, তাকে মুক্ত উদ্যোগ বোলে। এই উদ্যোগৰ সামগ্ৰী বিদেশলৈ নাযায় আৰু ইয়াৰ মালিকীস্বত্ত্বও দেশৰ ভিতৰতে থাকে।

34. বিপুল প্রাকৃতিক সম্পদ থকা সত্বেও আফ্ৰিকা ঔদ্যোগিকভাৱে পিছপৰা কিয় ব্যাখ্যা কৰা। (Explain why Africa is lagging behind industrially despite having huge natural resources.)

উত্তৰঃ আমি জানো যে উদ্যোগ এটা স্থাপনৰ বাবে প্ৰাকৃতিক সম্পদৰ লগতে কেইবাটাও কাৰকৰ প্ৰয়োজন হয়। সেইবোৰ হ’ল— বজাৰ, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ উন্নয়ন, শ্রমিক, শক্তি, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, চৰকাৰৰ নীতি আদি। আফ্ৰিকাত বহুতো আপুৰুগীয়া সম্পদ সিংহ, গড়, জেব্রা, নানধৰণৰ উদ্ভিদৰ লগতে সোণ, ৰূপ, দস্তা, তাম, ৰেডিয়াম, ফছফেট আদি পোৱা যায়। কিন্তু ইয়াৰ ভৌগোলিক পৰিৱেশ উদ্যোগ স্থাপনৰ বাবে সুবিধাজনক নহয়। অধিকতৰ অঞ্চল হাবি-বননি, পাহাৰে আৱৰা হোৱা বাবে পৰিবহন আৰু যোগাযোগ ব্যৱস্থা সকলো অঞ্চলতে সুচল নহয়। আফ্রিকা এখন অনুন্নত দেশ হোৱা বাবে দেশখনৰ প্ৰযুক্তিবিদ্যাইও যথেষ্ট উন্নয়ন লাভ কৰিব পৰা নাই। অধিকতৰ অঞ্চল এতিয়াও শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত। প্রাকৃতিক দুর্যোগ, দুর্ভিক্ষৰে দেশখন যথেষ্ট জুৰুলা। এনে সমস্যা সমাধানৰ জৰ্জৰিত হৈ থকা চৰকাৰ এখনৰ বাবে উদ্যোগ স্থাপনৰ চিন্তা বহু নিলগত। বিনিয়োগকাৰীসকলে বিনিয়োগৰ বাবে ইচ্ছুক নহয়। ইয়াৰোপৰি দেশখনৰ জলবায়ু অতি উষ্ণ। এনে জলবায়ুৰ দেশৰ লোকসকল অধিকতৰ ৰোগাকান্ত হোৱা দেখা যায়। এনেবোৰ বহু কাৰণতে আফ্ৰিকাই ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই।

35. পৰিবহনৰ নেটৱৰ্ক আৰু সূচলতাৰ অৰ্থ উদাহৰণসহ দঙি ধৰা। (Write with examples of means of transport network and mobility.) 

উত্তৰঃ পৰিবহন ব্যৱস্থা উন্নয়নৰ লগে লগে বিভিন্ন স্থান কেইবাপ্ৰকাৰে বিভিন্ন স্থানৰ সতে সংযোজিত হয় আৰু ই এখন জালিকাৰ দৰে। ইয়াকে পৰিবহন নেটৱৰ্ক বোলে। যেনে ৰাষ্ট্রীয়, ঘাইপথৰ সতে ৰাজ্যিত পথবোৰ, অন্যান্য গড়কাপ্তানি পথবোৰ সংযোজিত হয়।

পৰিবহনৰ সূচলতা হ’ল যেতিয়া যোগাযোগ ব্যৱস্থাটোত কোনো ধৰণৰ বাধা বিঘিনি নাথাকে, সেই অৱস্থা। উদাহৰণস্বৰূপে যিকোনো বাধা বিঘিনি আতৰ কৰিবলৈ চৰকাৰে বিত্তৰ যোগান ধৰে।

36. দুৰসংযোগ সেৱাৰ বিষয়ে এটা চমু ব্যাখ্যা আগবঢ়োৱা। (Give a brief explanation about telecommunication services.) 

উত্তৰঃ বৰ্তমান আধুনিক যুগৰ উন্নত প্রযুক্তিবিদ্যাৰ এক যোগাযোগ ব্যৱস্থা হ’ল দূৰ সংযোগ। এই ব্যৱস্থা বৈদ্যুতিক প্ৰযুক্তিৰ সতে জড়িত। ইয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে গন্তব্য স্থানলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি আৰু অত্যন্ত নিৰ্ভৰযোগ্য। এই ব্যৱস্থাই ইমান জনপ্রিয়তা লাভ কৰিছে যে টেলিগ্রাম, টেলেক্স আদি পুৰণি ব্যৱস্থাৰ প্ৰতি এক প্ৰত্যাহ্বান ৰূপে চিহ্নিত হৈছে। এই ব্যৱস্থাৰ এক জনপ্ৰিয় প্রথা হ’ল ইন্টাৰনেট ব্যৱস্থা। সাম্প্ৰতিক সময়ৰ ই এক গুৰুত্বপূৰ্ণ সংযোগ ব্যৱস্থাৰূপে সর্বজনবিদিত হৈছে।

37. সবলীকৃত কৰ্মীৰ বিষয়ে এটি টোকা লিখা। (Write a note about the simplified worker.)

উত্তৰঃ যিসকল লোক তথ্যভিত্তিক, গৱেষণা আৰু উন্নয়নৰ বিভিন্ন কাৰ্যত জড়িত, তেওঁলোকক সৱলীকৃত কর্মী বোলে। এওঁলোক চতুৰ্থক বৃত্তিৰ সতে জড়িত লোক। এওঁলোকক তথ্যজ্ঞান ব্যৱসায়ীও বোলে। এনে কৰ্মীয়ে এজন ব্যক্তিৰ বাবে কাৰ্য নকৰে, কোনো সংগঠিত কাৰ্যৰ বাবে কৰ্ম কৰে। এওঁলোকৰ কাৰ্য সৱলীকৃততাৰে সম্পন্ন হয়। পৰ্যটকক বিভিন্ন তথ্য যোগান ধৰাৰ লগতে, পাছুতীয়া কাৰ্য কৰা, পাহাৰীয়া অঞ্চল বা অন্যান্য দুর্ঘটনাগ্রস্থ অঞ্চলত সেৱা আগবঢ়োৱা আদি সৱলীকৃত কৰ্মীৰ কাৰ্য। সেৱাৰ মনোভাৱ এই কাৰ্যৰ প্ৰধান বৈশিষ্ট্য।

38. চাইবাৰ স্পেচ সম্পৰ্কত এটা ব্যাখ্যামূলক টোকা লিখা। (Write a remarkable note about cyberspace.)

উত্তৰঃ শেহতীয়াকৈ যোগাযোগ ব্যৱস্থাত সংযোজিত এটা ব্যৱস্থা হ’ল চাইবাৰ স্পেচ-ইন্টাৰনেট। চাইবাৰ স্পেচ হ’ল বিশ্বজুৰি বৈদ্যুতিকভাৱে কম্পিউটাৰ সংযোজিত স্থান। ই হ’ল কম্পিউটাৰ মাধ্যমত বিভিন্ন ঠাইৰ লগত কৰা যোগাযোগ ব্যৱস্থা যত যোগাযোগকাৰীৰ মাজত সোঁশৰীৰে সম্পর্ক নোহোৱাকৈ ইলেকট্রনিক মাধ্যমৰ জৰিয়তে সুন্দৰ আদান-প্রদান সম্ভৱ। ইন্টাৰনেটৰ ব্যৱহাৰে সাম্প্রতিক সময়ত যথেষ্ট সময় ৰাহি কৰিছে। অর্থনৈতিক আৰু সামাজিক যোগাযোগৰ ব্যৱধান হ্ৰাস কৰিছে। কার্যালয়, শিক্ষানুষ্ঠান, জাহাজ, উৰাজাহাজ, ব্যৱসায়-বাণিজ্য, প্রশাসন সকলোতে ইয়াক সংযোজিত কৰা সম্ভৱ। ই পৃথিৱীখনক এখন গোলকীয় গাওঁলৈ পৰ্যবসিত কৰিছে।

39. কয়লা আৰু পেট্ৰলিয়ামৰ বিতৰণ দেখুওৱা। (Show the difference between coal and petroleum.) 

উত্তৰঃ কয়লাঃ সমগ্ৰ পৃথিৱীত আনুমানিক ৫০০৮.৬ বিলিয়ণ মেট্রিকট’ন কয়লা জমা আছে। ইয়াৰে উত্তৰ আমেৰিকাত ৩৮.২ শতাংশ, এছিয়াত ৪৬ শতাংশ, ইউৰোপত ১৪.১ শতাংশ, আফ্ৰিকাত ৪.৪ শতাংশ, অষ্ট্ৰেলিয়াত ১.১ শতাংশ আৰু দক্ষিণ আৰু মধ্য আমেৰিকাত ০.২ শতাংশ কয়লাক্ষেত্র আছে।

আমেৰিকাঃ আমেৰিকাত কয়লা বিস্তৃতভাৱে সিচঁৰিত হৈ আছে। দেশৰ গুৰুত্বপূৰ্ণ কয়লাক্ষেত্রসমূহ হ’ল, উত্তৰ এপালেছিয়ান কয়লাক্ষেত্র, মধ্য এপালেছিয়ান ক্ষেত্র, দক্ষিণ এপালেছিয়ান ক্ষেত্র আদি।

দেশৰ ৭৫ শতাংশ কয়লা আহে উত্তৰ, মধ্য আৰু দক্ষিণ এপালেছিয়ান ক্ষেত্ৰৰ পৰা। এনথ্ৰাচাইট কয়লা পেনছিলভিনেয়া আৰু পশ্চিম ভিৰ্জিনিয়াত পোৱা যায়। ২০০৬ চনত আমেৰিকাই ১০০২.৩ মিলিয়ণ মেট্রিক টন কয়লা উৎপাদন কৰে ।

ৰাছিয়াঃ ইয়াত পৃথিৱীৰ মুঠ সংৰক্ষিত কয়লাৰ ২৪ শতাংশ আছে। ৰাছিয়াৰ কয়লাসমূহ ৮৫ শতাংশই বিটুমিনাচ কয়লা। ইয়াৰ এনথ্ৰাচাইট সংৰক্ষিত কয়লা পৃথিৱীৰ ভিতৰতে সর্ব্বোচ্চ। দেশৰ মুঠ উৎপাদনৰ প্ৰায় ৩০ শতাংশ যোগান ধৰে ডোনেট্জ কয়লা ক্ষেত্ৰই। দেশখনৰ আন চান গুৰুত্বপূৰ্ণ কয়লাক্ষেত্ৰবোৰ হ’ল মস্কো-টুলা কয়লাক্ষেত্ৰ, পশ্চিম চাইবেৰিয়াৰ কুজনেটস্ক, পেচোৰা কয়লাক্ষেত্ৰ, উৰাল আৰু বাৰাগাণ্ডা কয়লাক্ষেত্র। ২০০৬ চনত মুঠ উৎপাদিত কয়লাৰ পৰিমাণ আছিল ১৯২.১ মিলিয়ন মেট্রিক টন।

চীনতঃ চীনত পৃথিৱীৰ মুঠ সংৰক্ষিত কয়লাৰ ২০ শতাংশ আছে। এক নির্দিষ্ট অঞ্চলতে চীনদেশৰ কয়লাবোৰ সঞ্চিত হৈ আছে। প্রধানত চাংসি আৰু চেনচাইড দেশখনৰ কয়লা ক্ষেত্র আছে। এই অঞ্চলৰ কয়লাবোৰ এনথ্ৰচইট আৰু বিটুমিনাচ প্ৰকৃতিৰ। চীন পৃথিৱীৰ সর্বাধিক কয়লা উৎপাদনকাৰী দেশ। ২০০৬-০৭ চনত এই উৎপাদন আছিল ১৭১২.৮ মিলিয়ন মেট্রিক টন।

ব্ৰিটেইনঃ ব্ৰিটেইন কয়লা ক্ষেত্ৰবোৰ হ’ল—

(ক) স্ক’টিছ নিম্নভূমি।

(খ) নৰডামবাৰলেণ্ড-ডুৰহাম।

(গ) যকশ্বায়ৰ।

(ঘ) নটিংহাম-ডাৰবে।

(ঙ) দক্ষিণ ৱালছ।

(চ) লেনশ্বায়াৰ।

(ছ) কাম্বাৰলেণ্ড আদি।

দেশখনত আনুমানিক ১৭২.২ বিলিয়ন মেট্রিক টন কয়লা সংৰক্ষিত আছে। এই পৰিমাণ পৃথিৱীৰ মুঠ সংৰক্ষিত কয়লাৰ ৩.৪ শতাংশ।

জাপানঃ জাপানৰ মুঠ সংৰক্ষিত কয়লাৰ পৰিমাণ ১৬.৭ বিলিয়ন মেট্রিক টন। দেশখনৰ খনিবোৰ কিউবিউ দ্বীপত অৱস্থিত। কিউবিউ ক্ষেত্ৰই দেশৰ মুঠ উৎপাদনৰ ৫০ শতাংশ কয়লা যোগান ধৰে।

ভাৰতঃ ভূ-তাত্ত্বিক আৰু ভৌগোলিক উভয় ক্ষেত্ৰত ভাৰতত কয়লাৰ বিতৰণ অসমান। ভাৰতত গংণ্ডোৱানা আৰু টাৰছিয়াৰি দুই ধৰণৰ কয়লা পোৱা যায়। পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশত গংণ্ডোৱানা কয়লা আৰু অসম, নাগালেণ্ড, ৰাজস্থান আদিত টাৰচিয়াৰি কয়লা পোৱা যায়। ভাৰতত মুঠ সংৰক্ষিত কয়লাৰ পৰিমাণ ২০৮ বিলিয়ন টন যদিও ৭১ বিলিয়ন টন কয়লাহে ভাল গুণাগুণ সম্পন্ন। দেশৰ প্ৰধান কয়লাক্ষেত্ৰবোৰ হ’ল পশ্চিমবংগৰ ৰাণীগঞ্জ, বিহাৰৰ ঝাৰিয়া, মধ্য প্ৰদেশৰ সুহাগপুৰ আৰু পিনচ্‌ উপত্যকা।

পেট্রলিয়ামঃ পৃথিৱীত ১৩,৪৭৯ মিলিয়ন মেট্রিক টন খাৰুৱা তেল সংৰক্ষিত হৈ আছে। ৬০ শতাংশ খাৰুৱাতেল চৌদি আৰৱ, কুৱেইট, ইৰান, ইৰাক আদি মধ্যপ্রাচ্যৰ দেশত জমা হৈ আছে। অৱশ্যে পৃথিৱীত প্ৰায়বোৰ দেশতে কম-বেছি পৰিমাণে পেট্রলিয়াম পোৱা যায়।.

ৰাছিয়াঃ অবিভক্ত ছোভিয়েট ৰাছিয়া পৃথিৱীৰ শীৰ্ষস্থানীয় তেল উৎপাদনকাৰী দেশ আছিল।প্রধান তেলক্ষেত্ৰবোৰ হ’ল বকো ক্ষেত্র, ভল্গা উপত্যকা, ওব উপত্যকা আদি। প্রধান তেলক্ষেত্ৰবোৰ কেপচিয়ান সাগৰৰ চাৰিওফালে অৱস্থিত।

আমেৰিকাঃ খনিজ তেল উৎপাদনত দীর্ঘসময় জুৰি আমেৰিকাই আগশাৰীৰ স্থান দখল কৰি আহিছে। পৃথিৱীৰ প্ৰথম তেল খনন আৰম্ভ হৈছিল ১৮৫৯ চনত পেনছিলভেনিয়াৰ টিটুছভিলত। পিছলৈ ই সকলো ঠাইলৈ প্ৰসাৰিত হ’ল।

আমেৰিকাৰ প্ৰধান পেট্রোলিয়াম উৎপাদনকাৰী অঞ্চলসমূহ হ’লঃ

(i) মধ্য দেশীয় অঞ্চলঃ উত্তৰ টেক্সাছ, অক্লাহামা, কেনচাচ।

(ii) উপসাগৰীয় অঞ্চলঃ দক্ষিণ টেক্সাছ, লুইচিয়না আৰু আৰকেছাছ।

(iii) ৰকি অঞ্চলঃ উইমিং, কলৰেডো আৰু মন্টানা।

(iv) কেলিফর্ণিয়াঃ কেলিফর্ণিয়া।

(v) এপালেছিয়ান অঞ্চলঃ পেনচিলভিনিয়া, অহিঅ’ আৰু কেনটাকি।

মধ্যপ্রাচ্যঃ মধ্যপ্রাচ্যৰ দেশ ইৰাক, ইৰাণ, চৌডি আৰৱ, বাহৰেইন আৰু কুৱেইট খনিজ তেল সম্পদত চহকী। এই দেশকেইখনত পৃথিৱীৰ মুঠ সংৰক্ষিত খনিজ তেলৰ ৬০ শতাংশ (Crude oil) খনিজ তেল সংৰক্ষিত আছে। উল্লেখনীয় যে অঞ্চলটোৰ অধিকতম সংখ্যক তেলক্ষেত্র পাৰচিয়ান উপসাগৰৰ চাৰিওফালে অৱস্থিত। মধ্যপ্রাচ্যক পৃথিৱীৰ খাৰুৱা তেলৰ ভঁৰাল বুলি কোৱা হয়। মুঠ সংৰক্ষিত খাৰুৱা তেলৰ পৰিমাণ ৬৫০০ মিলিয়ন মেট্রিক টন বুলি অনুমান কৰা হয়। ইৰাকৰ কিৰকুক তেলক্ষেত্ৰ পৃথিৱীৰ ভিতৰতে এখন বৃহৎ তেলক্ষেত্র।

ভেনেজুৱেলাঃ ভেনেজুৱেলা প্রধান তেলক্ষেত্ৰবোৰ মাৰাচাইবো হ্রদ অঞ্চল আৰু অ’ৰিনবেণ হ্রদ অঞ্চলত অৱস্থিত। দেশখনত পৃথিৱীৰ মুঠ সংৰক্ষিত তেলৰ ১০ শতাংশ জমা হৈ আছে। 

চীনঃ চীন পৃথিৱীৰ ভিতৰতে এখন তেল উৎপাদনকাৰী প্ৰধান তেলক্ষেত্ৰবোৰ হ’ল কাৰামাই (Karamai), লাংঘু (Langhu), নানচুং (Nanchung ), য়ুমেন (Yuman), আৰু টাচিং

(Taching), চীনে ২০০৭ চনত ১৫৮ মিলিয়ন মেট্রিক টন তেল উৎপাদন কৰিছিল।

ভাৰতঃ ভাৰতৰ প্ৰধান তেলখনিবোৰ অসম, গুজৰাট আৰু মহাৰাষ্ট্ৰত বিস্তৃত হৈ আছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাতে তেলক্ষেত্ৰবোৰ সিঁচৰিত হৈ আছে। বৰাক উপত্যকাৰ প্ৰধান তেলক্ষেত্ৰবোৰ হ’ল বদৰপুৰ, মচিমপুৰ, পাঠাৰিয়া। অৱশ্যে এই তেলক্ষেত্রবোৰৰ তেলৰ মানদণ্ড নিম্ন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান তেলক্ষেত্রসমূহ হ’ল ডিগবৈ, নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, হুগ্ৰীজান আদি। গুজৰাটৰ লুনেজ, কালুল আৰু বোম্বে হাই (Bombay high) উল্লেখযোগ্য তৈলক্ষেত্র।

40. ভাৰতৰ প্ৰধান কয়লাখনি এলেকা তিনিটাৰ চমু পৰিচয় দিয়া। (Briefly introduce the three writings of the major coal miners of India.)

উত্তৰঃ ভাৰত পৃথিৱীৰ অন্যতম উল্লেখযোগ্য কয়লা উৎপাদনকাৰী দেশ। ভূতাত্ত্বিক প্রকাশভংগীত দামুদা অৱনতি, মহানদী অৱনতি আৰু গোদাৱৰী অৱনতি নামেৰে চিহ্নিত আৰু আজিৰ ভৌগোলিক লেখেৰে দামোদৰ মহানদী আৰু গোদাবৰী অৱবাহিকাকেন্দ্ৰিক তিনিটা অঞ্চলক দেশৰ উৎকৃষ্ট কয়লা ভাণ্ডাৰ বুলি কোৱা হয়। 

পশ্চিমবংগ আৰু ঝাৰখণ্ডক সামৰি লোৱা দামোদৰ অৱবাহিকা কয়লা খনি অঞ্চলৰ প্ৰধান খনিসমূহ ৰাণীগঞ্জ, ঝাড়িয়া, গিৰিদীহ, চন্দ্ৰপুৰা আৰু বোকাৰো ইত্যাদি ঠাইসমূহত ওচৰা-ওচৰিকৈ সিঁচৰিত হৈ আছে।

মহানদী আৰু সোণ নদীৰ অৱবাহিকাই আকৌ উৰিষ্যা, ছত্তীশগড় আৰু মধ্য প্ৰদেশৰ কয়লা খনিসমূহক সামৰি লৈছে। এই বলয়টোৰ দক্ষিণ পূব প্ৰান্তত উৰিষ্যা ৰাজ্যৰ তালচৰ আৰু ৰামপুৰ কয়লাখনি অৱস্থিত। তাৰ পৰাই ক্ৰমে উত্তৰ পশ্চিম দিশত একাদিক্ৰমে ছত্তীশগড়ৰ কোৰবা আৰু মোহ পানী, মধ্যপ্ৰদেশৰ উমেড়িয়া আৰু চিংগাৰৌলীৰ কয়লা খনিসমূহ পোৱা যায়। 

দেশৰ তৃতীয় প্ৰখন কয়লাখনি অঞ্চল গোদাবৰী আৱবাহিকাৰ অন্তৰ্গত অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ খনিসমূহ অবস্থিত। এই বলয়টোত কয়লাখনিৰ ভিতৰত অন্ধ্ৰৰ চিংগাৰেনি, পেণ্ডুড় আৰু ৰামগুণ্ডম আৰু ইফালে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ, ৱাৰ্ধা, কাম্পটি, বান্দেৰ প্রভৃতি উল্লেখযোগ্য।

41. কপাহক কি কি ভাগত ভগাব পাৰি? কপাহ খেতিৰ বাবে কেনে পৰিৱেশৰ প্ৰয়োজন? পৃথিৱীৰ প্ৰধান কপাহ বলয়সমূহ দেশবিলাক কি কি? (Cotton can be divided into how many parts? What kind of environment is required for cotton cultivation? Write about the major cotton producing regions of the world.)

উত্তৰঃ কপাহৰ আঁহৰ দৈৰ্ঘতাৰ ভিত্তিত কপাহক তিনি ভাগত বিভক্ত কৰিব পাৰি—

(ক) দীর্ঘতন্তু কপাহ (Long staple cotton): যিবোৰ কপাহৰ আহবোৰ 1½ ইঞ্চিতকৈ অধিক সেইবোৰক দীর্ঘতত্ত্ব কলাহ বোলে। 

(খ) মধ্যতন্তু কপাহ (Medium staple cotton): যিবোৰ কপাহৰ আঁহবোৰৰ দৈৰ্ঘতা 1 ইঞ্চিৰ পৰা 1½  ইঞ্চিৰ ভিতৰত সেইবোৰক মধ্যতন্তু কপাহ বোলে।

(গ) হ্ৰসতন্তু কপাহ (Short staple cotton): যিবোৰ কপাহৰ আঁহ 1 ইঞ্চিতকৈ কম তাক হ্রসতন্তু কপাহ বোলে।

কপাহ খেতিৰ বাবে চূণ, পটাছ, মেগনেছিয়াম, নাইট্ৰ’জেন আদি সাৰযুক্ত ক’লামাটি উপযোগী। কপাহ গছৰ বাবে প্ৰচুৰ উত্তাপ (২০° ছে. – ২৫°ছে.) আৰু মজলীয়া ধৰণৰ বৃষ্টিপাতৰ প্ৰয়োজন । বীজ সিচাঁৰ সময়ত আৰু চপোৱাৰ সময়ত বতৰ ফৰকাল হোৱা দৰকাৰ। কপাহ খেতিৰ বাবে কম পৰিমাণৰ বনুৱাৰ প্ৰয়োজন । কপাহ উৎপাদনকাৰী অঞ্চলসমূহ ৩০° দ. ৰ পৰা ৪০° উ. অক্ষাংশৰ মজত অৱস্থিত। সমুদ্ৰ বতাহ খেতিৰ বাবে বৰ উপযোগী।

পৃথিৱীৰ প্ৰধান কপাহ উৎপাদনকাৰী অঞ্চলসমূহ হ’ল আমেৰিকা, ৰাছিয়াৰ পূব অংশ, ভাৰত, পাকিস্তান, চীন, ব্রাজিল আদি। আমেৰিকাৰ প্ৰধান কপাহ বলয় টেনিচি, মিছিছিপি আৰু আৰকানছাচ নদীৰ উপত্যকা সামৰি ৬.৩ নিযুত হেক্টৰ অঞ্চল আৱৰি আছে। ৰাছিয়াৰ পূব অংশৰ প্ৰধানকৈ উজবেকিস্তান, ভুর্কমেন আৰু আজেৰবিজান অঞ্চলত কপাহ খেতি কৰা হয়। উত্তৰ চীনৰ গ্ৰেইট সমভূমিৰ লগতে হোৱাংহো আৰু য়াটছি উপত্যকাত কপাহ খেতি কৰা হয়। ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎকৃষ্ট মানৰ কপাহৰ খেতি কৰা হয়। ভাৰতৰ দক্ষিণাত্য মালভূমি অঞ্চলত কাপহ খেতি ভাল হয়।

তলত পৃথিৱীৰ প্ৰধান কপাহ বলয়সমূহ দেখুওৱা হ’ল–

(১) আমেৰিকাৰ কপাহ বলয় (২) ইউৰোপীয়ান আৰু এছিয় ৰুচিয়া (৩) ভাৰতৰ দাক্ষিণাত্য মালভূমি আৰু গংগা উপত্যকা (৪) মধ্য আৰু উত্তৰ চীন(৫) ইজিপ্তৰ নীল উপত্যকা (৬) উত্তৰ-পূব ব্রাজিলৰ মধ্য মালভূমি আৰু উপকূল অঞ্চল (৭) পাকিস্তান নিম্ন সিন্ধু উপত্যকা আৰু পঞ্জাৱ (৮)পূব আফ্ৰিকাৰ উচ্চভূমি (১) মেক্সিকোৰ উত্তৰ অৱবাহিকা (১০) তুর্কী (১১) আৰ্জেন্টিনাৰ চায়েও (১২) উপকূলীয় পেৰুৰ মৰু উপত্যকা (১৩) কেলিফর্ণিয়াৰ বহৎ উপত্যকা।

42. সৌৰ শক্তি কেনেদৰে সংগ্ৰহণ কৰা হয়? এই শক্তি কি কি কামত ব্যৱহাৰ কৰিব পাৰি? (How solar energy is collected? How can we use this energy for?)

উত্তৰঃ আপতিত সৌৰ কিৰণ আলোক ভল্টীয় কোষ অর্থাৎ পোহৰ শক্তিক বিজুলী শক্তিলৈ ৰূপান্তৰক্ষম যন্ত্ৰত সংগ্ৰহ কৰা শক্তিক সৌৰশক্তি বোলে। সৌৰ উত্তাপন প্ৰযুক্তিৰ সহায়তো সৌৰশক্তি আহৰণ কৰা হয়।

উত্তাপক সৰঞ্জাম, নির্জলক আৰু ৰন্ধন প্ৰকৰণৰ সৰঞ্জামসমূহত সৌৰশক্তিৰ ব্যৱহাৰ অধিক লাভজনক। বর্তমান ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰদীপণ কার্যত এই শক্তিবিধৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দেশৰ ৰেল ষ্টেচনসমূহৰ উপৰিও বৃষ্টিমুখৰ অথবা মেঘাচ্ছন্ন এলেকাবোৰৰ সলনি গুজৰাট আৰু ৰাজস্থানৰ মেঘযুক্ত আকাশৰ পৰিৱেশত সৌৰশক্তিৰ প্ৰয়োগ অধিক সুফলদায়ক।

43. কাৰিকৰী উদ্যোগৰ সংজ্ঞা দিয়া। (Define technical industry.) 

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পাদক পৰিশোধন, ৰূপান্তৰণ, সংযোজন ইত্যাদি কৰাৰ পিছতহে উদ্দেশ্য পূৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। যথেষ্ট পৰিমাণৰ দক্ষতা, যন্ত্রপাতি অথবা সা-সৰঞ্জাম আৰু ধন খৰচ কৰিহে প্ৰাকৃতিক সম্পদক আমাৰ গ্ৰহণযোগ্য সম্পদৰ শাৰীলৈ তুলিব পাৰি। যন্ত্ৰ অৰ্থাৎ কাৰিকৰী কৌশল তথা সুসংগত দক্ষতাৰ সংযোগত তুলনামূলকভাৱে কম মূল্যৰ প্ৰাকৃতিক সম্পদ অথবা আন যিকোনো দ্রৱ্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি অধিক মূল্যবান সম্পদ প্ৰস্তুত কৰাৰ সামগ্রিক ব্যৱস্থাপনাসমূহক কাৰিকৰী উদ্যোগ বুলিব পাৰি।

44. লো-তীখা উদ্যোগক কি কাৰণে বুনিয়াদী উদ্যোগ বোলা হয়? (why iron and steel industry is called basic industry?) 

উত্তৰঃ ভাৰতত লো-তীখা উদ্যোগক সকলো ধৰণৰ ঔদ্যোগিক কাম-কাজৰ অৱস্থাপক স্বৰূপ আধাৰ বা বুনিয়াদী পৰ্যায়ৰ উদ্যোগ হিচাপে গণ্য কৰা হয়। বর্তমান সময়ত মানুহে সকলো ধৰণৰ ধাতুৰ ভিতৰত লোহাৰা সা- সজুঁলি বেছি পৰিমাণে ব্যৱহাৰ কৰে। অধিকাংশ যন্ত্রপাতি তথা নিত্য-প্রয়োজনীয় আহিলা-পাতি প্রস্তুত কৰোঁতে অথবা বিভিন্ন নির্মাণ কার্যত লোহাৰ ব্যৱহাৰ তুলনামুলকভাৱে অন্য ধাতুতকৈ অধিক। ১৮৩০ চনতে মাদ্রাছ প্ৰেচিডেন্সীৰ প্ৰট’নভা নামৰ ঠাইত দেশৰ প্ৰথমটো দো-তীখা উদ্যোগ স্থাপিত হয়।

45. চালেম আৰু ভদ্ৰাৱতীত অৱস্থিত তীখা কাৰখানা দুটাৰ বৈশিষ্ট্য কি? (What are the names of the two steel factories located at Salem and Bhadravati?)

উত্তৰঃ বর্তমান ভাৰতত আঠটা প্ৰতিষ্ঠানৰ অন্তৰ্গত সৰ্বমুঠ দহটা লো-তীখা উৎপাদন কেন্দ্র আছে। সেইবোৰৰ ভিতৰত চালেম আৰু ভদ্ৰাৱতীত অৱস্থিত লো-তীখা কাৰখানা দুটা বিশেষ বৈশিষ্ট্যপূর্ণ। তামিলনাডুৰ চালেম আৰু কৰ্ণাটকৰ ভদ্ৰাৱতী লো-তীখা কাৰখানাৰ অৱস্থান কয়লাখনিৰ ভালেখিনি নিলগত হোৱা বাবে এই দুয়োটা প্রতিষ্ঠানেই কয়লাৰ বিকল্প হিচাপে জলবিদ্যুৎ শক্তি ব্যৱহাৰ কৰে। শক্তি সম্পদৰ সীমাবদ্ধতাৰ কাৰণে এই দুয়োটা প্রতিষ্ঠানেই গধুৰ সামগ্ৰী প্ৰস্তুতৰ সলনি কম ওজন অথচ অধিক মূল্যৰ নিদাগ তীখাৰ সৰঞ্জাম প্রস্তুত কৰে। এই প্রতিষ্ঠান দুটাৰ মুঠ বার্ষিক উৎপাদন সেয়েহে ১.৭০ লাখ টন মাত্র।

46. “জামছেদপুৰ চহৰক ভাৰতৰ আদৰ্শ তীখা নগৰী বোলা হয়।” – উক্তিটোৰ তাৎপৰ্য বিচাৰ কৰা। (Judge the significance of the statement “Jamshedpur is called the ideal steel city of India”) 

উত্তৰঃ কলকাতাৰ পৰা ২৫০ কিঃমিঃ পশ্চিমে ঝাৰখণ্ডৰ সুৱৰ্ণৰেখা নদীৰ তীৰৰ জামছেদপুৰ নগৰৰ টাটা আইৰণ এণ্ড ষ্টীল কোং লো-তীখা প্রতিষ্ঠান অৱস্থিত। জামছেদপুৰ বা টাটা নগৰ ভাৰতৰ ভিতৰতেই লো-তীখা উদ্যোগ প্ৰতিষ্ঠানৰ সৰ্বোত্তম অৱস্থান। এই উদ্যোগকেন্দ্ৰটোৱে ইয়াৰ প্ৰয়োজনীয় কেঁচামাল আৰু শ্ৰমিকৰ যোগান সুনিশ্চিত কৰাৰ উপৰিও উৎপাদিত সামগ্ৰীসমূহ বিভিন্ন অঞ্চলত বজাৰলৈ সৰবৰাহ কৰাৰ বেলিকা দেশৰ আন যিকোনো তীখা উৎপাদন কেন্দ্ৰৰ তুলনাত সর্বোত্তম পৰিবহন সুবিধা লাভ কৰি আহিছে। সেয়েহে জামছেদপুৰ চহৰক ভাৰতৰ আদৰ্শ তীখা নগৰী (Ideal Steel City) বোলা হয়। এই প্ৰকল্পত বছৰি প্ৰায় ২০ লাখ টন লো তীখা উৎপাদন কৰা হয়। এই লো তীখা উৎপাদনকে আশ্রয় কৰি জামছেদপুৰ চহৰখন বহুমুখী উদ্যোগ, বাণিজ্য আনকি কাৰিকৰী শিক্ষাৰো কেন্দ্ৰস্থল হৈ পৰিছে।

47. বিশাখাপট্টনম তীখা প্ৰকল্পৰ অৱস্থানিক গুৰুত্ব পৰ্যালোচনা কৰা। (Review the positional importance of the Visakhapatnam Steel Project?)

উত্তৰঃ ৰাষ্ট্ৰীয় ইস্পাত নিগম নামৰ আন এক ৰাজহুৱা খণ্ডৰ উদ্যোগত ১৯৮২ চনত বিশাখাপট্টনম বন্দৰৰ ওচৰত দেশৰ উপকূলীয় অৱস্থানৰ প্ৰথমটো লো-তীখা উদ্যোগৰ ভেঁটি প্ৰতিষ্ঠা কৰা হয়। দেশৰ ভিতৰতে অত্যাধুনিক বুলি ভাবিব পৰা এইটো গতিৰ উদ্যোগ প্ৰকল্পত ১৯৯১-৯২ চনৰ পৰা এৰাধৰাকৈ আৰু ১৯৯৩-৯৪ চনৰ পৰা নিয়মীয়া উৎপাদন আৰম্ভ হয়। ঘাইকৈ বিদেশৰ বজাৰ দখল কৰাৰ উদ্দেশ্যে প্রতিষ্ঠা কৰা এই প্রকল্পই ১৯৯৫-৯৬ চনত ১০ লাখ টনৰো অধিক তীখা ৰপ্তানি কৰে ।

48. ভাৰতৰ লো-তীখা উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ অৱস্থানিক বিতৰণ আৰু উৎপাদন পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। (Briefly describe the positional distribution and production range of iron and steel manufacturing companies in India.) 

উত্তৰঃ ভাৰতৰ লো-তীখা উৎপাদন প্রতিষ্ঠানসমূহৰ অৱস্থানিক বিতৰণ আৰু পৰিসৰ সম্পৰ্কে এটি চমু আভাষ দাঙি ধৰা হ’ল—

(ক) ইণ্ডিয়ান আইৰণ এণ্ড ষ্টীল কোম্পানীঃ বেচৰকাৰী খণ্ডত ১৮৬৪ চনত প্ৰতিষ্ঠিত কুলটি, ১৯০৮ চনত প্রতিষ্ঠিত হীৰাপুৰ আৰু ১৯৩৭ চনত প্ৰতিষ্ঠিত বার্ণাপুৰ তীখা কাৰখানাকেইটা একত্ৰিত কৰি ১৯৭২ চনত এই কোম্পানীটো পুনৰ গঢ় দিয়া হয়। এই গোট তিনিটাৰ ভিতৰত হীৰাপুৰত কেঁচা লোহা, কুলটীত তীখা আৰু বাৰ্ণপুৰ গোটত তীখাৰ পাত নিৰ্মাণ কৰা হয়। ৰাণীগঞ্জৰ কয়লা, দামোদৰ নদীৰ পানী আৰু ঝাৰখণ্ডৰ লৌহ আকৰ এই প্ৰতিষ্ঠানৰ প্ৰধান কেঁচামাল। এই উদ্যোগত বছৰি ১০ লাখ টনতকৈও অধিক লো-তীখা উৎপাদন কৰা হয়। কলিকতা চহৰৰ পৰা ২০০ কিঃমিঃ দূৰত্বত ৰেল পৰিবহণৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱা বাবে এই তীখা প্রতিষ্ঠানটোৱে বজাৰ আৰু আদৰ্শ যাতায়াত সুবিধা লাভ কৰে।

(খ) টাটা আইৰণ এণ্ড ষ্টীল কোম্পানীঃ কলকতা মহানগৰীৰ ২৫০ কিঃমিঃ পশ্চিমে ঝাৰখণ্ডৰ সুবৰ্ণৰেখা নদীৰ তীৰৰ জামছেদপুৰ নগৰত এই লো-তীখা প্ৰতিষ্ঠান অৱস্থিত। ১৯০১ চনত উদ্যোগপতি জামছেদজী টাটাৰ উদ্যোত আৰম্ভ হোৱা এই উদ্যোগ প্ৰতিষ্ঠানটোত ১৯০৭ চনৰ পৰা লো-তীখাৰ উৎপাদন আৰম্ভ হয়। এই প্ৰকল্পত বছৰি প্ৰায় ২০ লাখ টন লো-তীখা উৎপাদন কৰা হয় ।

(গ) বিশ্বেশ্বৰায় লো-তীখা কাৰখানাঃ কৰ্ণাটকৰ ভদ্রাৱতীত ১৯২০ চনত প্রতিষ্ঠিত মহীশূৰ ষ্টীল ওৱৰ্কচ নামৰ প্ৰতিষ্ঠানটো ১৯৬২ চনত ৰাজ্য চৰকাৰৰ হাতলৈ অহৰা পিছত এই নামেৰে পৰিচিত হয়। আকৰিক লো, মেংগানিজ, ডল’মাইট আৰু চূণশিলৰ খনিসমূহ এই তীখা- কাৰখানাৰ পৰা ৫০ কিল’মিটাৰ দূৰত্বৰ ভিতৰতে অৱস্থিত হোৱা স্বত্ত্বেও ঘাইকৈ কয়লাৰ অভাৱৰ কাৰণেই এই প্ৰকল্পৰ কলেবৰ নিচেই ক্ষুদ্ৰ আৰু ইয়াৰ বাৰ্ষিক উৎপাদন মাত্র ১.৩৮ লাখ টন।

(ঘ) হিন্দুস্থান ষ্টীল লিমিটেডঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ কালত দেশত তীখাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰৰ উদ্যোগত হিন্দুস্থান ষ্টীল লিমিটেড নামৰ চৰকাৰী খণ্ডত লো-তীখা উৎপাদনৰ প্ৰথমটো প্ৰতিষ্ঠান গঢ় লয়। এই প্রতিষ্ঠানটোৱে প্ৰতিটো গোটৰে ১০ লাখ টনকৈ সৰ্বমুঠ ৩০ লাখ টন লো-তীখা উৎপাদনৰ ক্ষমতাবিশিষ্ট ছত্তীছগড়ৰ ভিলাই, উৰিষ্যাৰ ৰুৰকেল্লা আৰু পশ্চিমবংগৰ দূৰ্গাপুৰত তিনিটা তীখা কাৰখানা স্থাপন কৰে। এই তিনিওটা কাৰখানাতে ১৯৫৯ চনৰ পৰা উৎপাদনৰ আৰম্ভ হয়।

প্রতিষ্ঠাকালত ভিলাই তীখা কাৰখানাৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১০ লাখ টনহে আছিল যদিও সম্প্রতি এই ক্ষমতা ৫২ লাখ টনলৈ বৃদ্ধি কৰা হৈছে। ১৯৯৬-৯৭ চনত এই উৎপাদন গোটটোৱে ৪২ লাখ টন কেঁচা তীখা, ৩৮.৩২ লাখ টন বিক্ৰীযোগ্য তীখা আৰু ২.৪৩ লাখ টন কেঁচা লো উৎপাদন কৰে। সেইদৰে, ৰুৰকেল্লা তীখা কাৰখানাই বছৰি ১২ লাখ টন বিক্রীযোগ্য তীখা উৎপাদন কৰে। এই তীখা কাৰখানাটোক ভাৰতৰ অন্যতম অত্যাধুনিক প্রযুক্তি চালিত উৎপাদন গোট বুলিব পাৰি। দুৰ্গাপুৰ তীখা কাৰখানাৰ বাৰ্ষিক উৎপাদন ক্ষমতাও ৩২ লাখ টন।

(ঙ) বোকাৰো তীখা প্ৰকল্পঃ ১৯৬৪ চনত ৰাছিয়াৰ সহযোগত ঝাৰখণ্ডৰ বোকাৰোত ১০ লাখ টন উৎপাদন ক্ষমতাৰ চৰকাৰী খণ্ডত তীখা-কাৰখানা এটা স্থাপন কৰা হয়। ১৯৭২ চনৰ পৰা এই কাৰখানাত উৎপাদন আৰম্ভ হয়। বৰ্তমান এই কাৰখানাৰ সম্প্ৰসাৰিত উৎপাদন ক্ষমতা ৪০ লাখ টন যদিও এই ক্ষমতা ১০০ লাখ টনলৈ পুনৰ বৃদ্ধি কৰি ইয়াক দেশৰ সৰ্ববৃহৎ তীখা প্ৰকল্পৰূপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া সম্প্ৰতি আগবঢ়াই থকা হৈছে।

(চ) চালেম তীখা প্রকল্পঃ তামিলনাডুৰ চালেমত প্রতিষ্ঠিত এই তীখা উদ্যোগত ১৯৮২ চনৰ পৰা নিদাগ তীখাৰ উৎপাদন আৰম্ভ হয়। প্রতিষ্ঠাকালত এই উদ্যোগৰ উৎপাদন ক্ষমতা আছিল ৩২ হাজাৰ টন। ১৯৯৫-৯৬ চনৰ পাছত এই ক্ষমতা ৮০ হাজাৰ টনলৈ বৃদ্ধি কৰা হয়।

(ছ) বিশাখাপট্টনম তীখা প্রকল্পঃ ৰাষ্ট্ৰীয় ইস্পাত নিগম নামৰ আন এক ৰাজহুৱাখণ্ডৰ উদ্যোগত ১৯৮২ চনত বিশাখাপট্টনম বন্দৰৰ ওচৰত দেশৰ উপকূলীয় অৱস্থানৰ প্ৰথমটো লো-তীখা উদ্যোগৰ ভেটি প্রতিষ্ঠা কৰা হয়। ঘাইকৈ বিদেশৰ বজাৰ দখল কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা কৰা এই প্রকল্পই ১৯৯৫-৯৬ চনতে ১০ লাখ টনৰো অধিক তীখা ৭০২ কোটি টকাৰ বিনিময়ত ৰপ্তানি কৰে। এই প্ৰকল্পৰ উৎপাদন ক্ষমতা ৪০ লাখ টনলৈ বৃদ্ধি পাইছে।

(জ) বিজয়নগৰ তীখা প্রকল্পঃ চেন্নাই আৰু মামাগাঁও বন্দৰ সংযোগী ৰেলপথত কৰ্ণাটকৰ বেল্লাৰি জিলাৰ তুংগভদ্রা জলবিদ্যুৎ প্ৰকল্পৰ ওচৰত বিজয়নগৰ লো-তীখা উৎপাদন কেন্দ্ৰটো প্রতিষ্ঠিত। এই প্ৰকল্পৰ প্ৰাৰম্ভিক উৎপাদন ক্ষমতা ৩০ লাখ টন।

49. উদ্যোগসমূহক কি কি ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি লিখা। (Write down how industries can be classified.) 

উত্তৰঃ যন্ত্ৰশিল্পৰ নিৰ্মাণ কাৰ্যই মানুহৰ প্ৰযুক্তিত যথেষ্ট পৰিৱৰ্তন আনিছে। যন্ত্রশিল্পত বৃহৎ বৃহৎ কাৰখানাত যন্ত্রপাতি ব্যৱহাৰ কৰি শ্ৰমিকৰ সহায়ত বজাৰ বিক্ৰীৰ উদ্দেশ্য প্ৰথমতে উৎপাদিত কৃষিজ, বনজ আদি দ্রৱ্যাদিৰ পৰিৱৰ্তন ঘটাই মানুহৰ ব্যৱহাৰযোগ্য নানা সামগ্রী তৈয়াৰ কৰা হয়। তাকে নির্মাণ শিল্প বোলা হয়। বর্তমান পৃথিৱীত নানা প্ৰকাৰৰ উদ্যোগ আছে।

আকাৰ আৰু উৎপাদনৰ প্ৰকৃতি অনুসৰি উদ্যোগক।

(ক) গুৰু উদ্যোগঃ যিবোৰ উদ্যোগত যথেষ্ট সংখ্যক কেঁচামাল ব্যৱহাৰ হয়, সেইবোৰক গুৰু উদ্যোগ বোলে । এনে উদ্যোগৰ প্ৰতিপোষক (Subidiary) হিচাপে বহু অনান্য উদ্যোগ গঢ়ি উঠে। লো-তীখা উদ্যোগ, ৰেলৰ ইঞ্জিন নিৰ্মাণ উদ্যোগ আদি গুৰু উদ্যোগৰ উদাহৰণ। এনে উদ্যোগত বৃহৎ সংখ্যক বনুৱা আৰু যথেষ্ট পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয়।

(খ) লঘু উদ্যোগঃ আপেক্ষিকভাৱে কম কেঁচামাল ব্যৱহৃত উদ্যোগক লঘু উদ্যোগ বোলে। এনে উদ্যোগবোৰত প্ৰধানকৈ মানুহে নিত্য ব্যৱহার্য সামগ্ৰীসমূহ তৈয়াৰ কৰা হয়। যেনে– বয়ন উদ্যোগ, চেনি উদ্যোগ, ইলেকট্রনিক উদ্যোগ আদি লঘু উদ্যোগৰ উদাহৰণ। 

উৎপাদনৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক তলত দিয়া ধৰণেও বিভাজন কৰিব পাৰি—

(ক) মূল উদ্যোগঃ যিবোৰ উদ্যোগক কেন্দ্ৰ কৰি তাৰ সমান্তৰালকৈ অইন উদ্যোগ গঢ়ি উঠে তাকে মূল উদ্যোগ বোলে। এনে উদ্যোগে অইন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে। লো-তীখা উদ্যোগ এবিধ মূল উদ্যোগ। কাৰণ ইয়াৰ উৎপাদিত সামগ্ৰীবোৰ অইন দ্রৱ্য উৎপাদন কৰিবলৈ ব্যৱহৃত হয়। যেনে নির্মাণ উদ্যোগত বিভিন্ন যন্ত্রপাতি নির্মিত হয় আৰু এই যন্ত্ৰবোৰ অন্যান্য সামগ্রী উৎপাদন কৰিবলৈ ব্যৱহাৰ হয়।

(খ) গৌণ শিল্প (Non-basic Industry): মূল উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠা উদ্যোগবোৰক গৌণ উদ্যোগ বোলে। যেনে— যন্ত্রপাতি উদ্যোগবোৰ লো-তীখা উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠে।

(গ) নিত্য ব্যৱহাৰ্য সামগ্রী শিল্প (Consumer good Industry): যিবোৰ উদ্যোগত অস্তিম ব্যৱহাৰৰ বাবে দ্রৱ্য উৎপাদন কৰা হয়, তাক নিত্য ব্যৱহার্য সামগ্রী উদ্যোগ বোলে। যেনে— খাদ্য উৎপাদনকাৰী উদ্যোগ, চাহ উদ্যোগ, ৰেডিঅ’উদ্যোগ আদি।

বর্তমান যন্ত্ৰপাতিৰ বাবে ব্যৱহাৰ হোৱা মূলধনৰ ওপৰত ভিত্তি কৰি উদ্যোগক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি — 

(ক) বৃহৎ উদ্যোগঃ বিনিয়োগৰ পৰিমান ১০ কোটিৰ অধিক হ’লে তেনে উদ্যোগক বৃহৎ উদ্যোগ বোলে।

(খ) মজলীয়া উদ্যোগঃ যিবোৰ উদ্যোগত বিনিয়োগৰ পৰিমাণ ১ কোটিৰ পৰা ১০ কোটিৰ ভিতৰত তেনে উদ্যোগক মজলীয়া উদ্যোগ বোলে। 

(গ) লঘু উদ্যোগ (Small Industry): যিবোৰ উদ্যোগত বিনিয়োগৰ পৰিমাণ ২৫ লাখৰ পৰা ১ কোটিৰ ভিতৰত সেইবোৰ লঘু উদ্যোগ। 

(ঘ) ক্ষুদ্র উদ্যোগঃ ২৫ লাখতকৈ কম মূলধন বিনিয়োগ হোৱা উদ্যোগবোৰ ক্ষুদ্ৰ উদ্যোগ।

(ঙ) কুটিৰ শিল্পঃ অতি কম মূলধনেৰে চলি থকা উদ্যোগবোৰক কুটিৰ শিল্প বোলে। এনে উদ্যোগত শ্ৰমিকৰ পৰিমাণো যথেষ্ট কম।

কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগক তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি—

(ক) কৃষিভিত্তিক উদ্যোগঃ কুঁহিয়াৰ, কপাহ, মৰাপাট, চাহ উদ্যোগ। 

(খ) অৰণ্যভিত্তিক উদ্যোগঃ কাগজ, প্লাইউদ, ৰেয়ন উদ্যোগ।

(গ) ৰাসায়নিক উদ্যোগঃ যিকোনো ৰাসায়নিক দ্রৱ্য উৎপাদনকাৰী উদ্যোগ।

(ঘ) তীখা উদ্যোগঃ লো- তীখা উদ্যোগ, যন্ত্রপাতি নির্মাণ উদ্যোগ।

(ঙ) অতীখা উদ্যোগ (Non Ferrous Industry): কপাৰ, এলুমিনিয়াম উদ্যোগ ৷ 

এনেধৰণে বিভিন্ন প্ৰকাৰে উদ্যোগক শ্ৰেণীবিভাজন কৰিব পাৰি।

50. লো-তীখা উদ্যোগ স্থাপনত কি কি কাৰকে প্ৰভাৱ পেলায়? লো- তীখা উদ্যোগৰ বিতৰণ আৰু উৎপাদনৰ বিষয়ে লিখা। (What are the factors influencing the establishment of iron and steel industry? Write about the distribution and production of iron and steel industry.)

উত্তৰঃ আধুনিক শিল্প জগতৰ মেৰুদণ্ড স্বৰূপ হ’ল লো-তীখা উদ্যোগ। বর্তমান যুগৰ লো- তীখাৰ চাহিদালৈ লক্ষ্য কৰি কব পাৰি যে বৰ্তমান যুগটোক লো-তীখাৰ যুগ। এই উদ্যোগৰ স্থাপনত প্ৰভাৱিত কৰা বিভিন্ন কাৰকবোৰ হ’ল—

(ক) কেঁচামালৰ প্ৰাচুৰ্যতাঃ প্রয়োজনীয় কেঁচামালৰ উপস্থিতিৰ বাবে কোনো এটা অঞ্চলত লো-তীখা উদ্যোগ গঢ়ি উঠে। লো-তীখা উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামালবোৰ হ’ল আকৰিক লো, কয়লা, লাইমষ্ট ‘ন, মেংগানিজ, ড’লমাইট, চিলিকন আদি। কেঁচামালৰ প্ৰাচুৰ্যতাই উৎপাদন ব্যয় কম কৰে। দুই টন কয়লা আৰু এক টন আকৰিক লোৰ সংমিশ্ৰণত আধা টন তীখা উৎপাদন হয়। লো-তীখা উদ্যোগৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কেঁচাসামগ্ৰী হ’ল কয়লা আৰু আকৰিক লো। সেয়ে লো-তীখা উদ্যোগবোৰ কয়লাক্ষেত্ৰৰ আশে পাশে অৱস্থিত। উদাহৰণস্বৰূপে– আমেৰিকাৰ পিটছবাৰ্গৰ লো-তীখা কেন্দ্ৰবোৰ কয়লাক্ষেত্ৰৰ ওচৰত অৱস্থিত।

(খ) শক্তিঃ উদ্যোগ স্থাপনত প্ৰভাৱিত কৰা আন এটা গুৰুত্বপূৰ্ণ কাৰক হ’ল শক্তি। অধিকতৰ লো-তীখা উদ্যোগ শক্তি উৎসৰ আশে-পাশে অৱস্থিত। সেয়ে ভাৰতৰ অধিকতৰ লো-তীখা উদ্যোগ নদী আৰু শক্তি প্ৰকল্পৰ আশে-পাশে অৱস্থিত ৷

(গ) পানীৰ প্ৰাচুৰ্যতাঃ লো-তীখা উদ্যোগৰ উৎপাদন কার্য সুচাৰুৰূপে পৰিচালনা হোৱাত প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে সুৱৰ্ণৰেখা নদীৰ পৰা জামছেদপুৰ তীখা প্ৰকল্পলৈ যথেষ্ট পানীৰ যোগান ধৰা হয়।

(ঘ) বজাৰঃ সাধাৰণতে জলবহুল অঞ্চলত লো-তীখা উদ্যোগ স্থাপন হয়। সহযোগী উদ্যোগবোৰক সহায় কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ বাবে বজাৰৰ প্ৰয়োজন। বজাৰৰ ওচৰত স্থাপন হোৱা উদ্যোগসমূহৰ পৰিবহন ব্যয় কম হয়।

(ঙ) পৰিবহনঃ লো-তীখা উদ্যোগক উন্নয়নত সহায় কৰা এটা প্ৰধান কাৰক হ’ল পৰিবহন ব্যৱস্থা সুচল আৰু কম ব্যয়বহুল তেনে ঠাইত লো-তীখা উদ্যোগ স্থাপিত হয়। এইবোৰৰ উপৰিও লো-তীখা উদ্যোগৰ বাবে বনুৱা, মূলধন আদিকাৰকৰ প্ৰভাৱো গুৰুত্বপূর্ণ।

বিতৰণঃ

ৰাছিয়াঃ পূৰ্বৰ ৰাছিয়াই সৰ্বাধিক লো-তীখা উৎপাদন কৰে। ৰাছিয়াৰ প্ৰধান লো-তীখা উদ্যোগবোৰ তিনিটা প্ৰধান অঞ্চলত অৱস্থিত– ইউক্রেইন, মস্কো আৰু উৰাল অঞ্চলত। ইউক্ৰেইনৰ অঞ্চলৰ উদ্যোগসমূহলৈ ডনেট্‌জ উপত্যকাৰ পৰা কয়লা আহে। এই অঞ্চলৰ প্ৰধান উদ্যোগবোৰ ক্ৰিভয় ৰ’গ, জাপ’ৰোহে, মাকেয়ুকা আদি অঞ্চলত অৱস্থিত।

ঢুলা, লিপটেচ্‌ক, ভ্যাকচা আদি মস্কো অঞ্চলৰ প্ৰধান লো-তীখা উদ্যোগ। মেগনিট’গর্চ, নিজনি টাগিল আদি উৰাল অঞ্চলৰ লো-তীখা কেন্দ্ৰ ।

আমেৰিকাঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক লো-তীখা উৎপাদনকাৰী দেশ। আমেৰিকাৰ উত্তৰ-পূৱ অংশত অধিকতৰ লো-তীখা উদ্যোগ থুপীকৃত হৈ আছে। পিট্‌চবার্গ জিলা আৰু ছোট লেক অঞ্চলত অধিকতৰ লো-তীখা উদ্যোগ আছে। লেক অঞ্চলৰ প্ৰধান লো-তীখা উদ্যোগবোৰ চিকাগো, গেৰী, দুলথ, ব্লেভলেণ্ডত অৱস্থিত। মধ্য আমেৰিকাৰ বল’বেগে আৰু কেলিফর্ণিয়াত কেবাটাও লো-তীখা উদ্যোগ আছে।

জাপানঃ জাপান লো- তীখা উৎপাদনত শীর্ষস্থানীয় এখন দেশ। জাপানে এই উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামালৰ ৯০ শতাংশই আমদানি কৰে। জাপানৰ অধিকতৰ লো-তীখা উদ্যোগ উপকূলৰ কাষৰীয়া অঞ্চলত অৱস্থিত। লো-তীখা উৎপাদনৰ প্ৰধান কেন্দ্রবোৰ হ’ল যাৱাটা, টবাটা আৰু ককু’ৰা। এইবোৰ কিউবিউ, কাৱাচিকি, য়ক’হামা আকাৰত অৱস্থিত। এই উদ্যোগসমূহ দেশখনৰ জাহাজ নির্মাণ উদ্যোগসমূহৰ বৃহৎ চাহিদাৰ ভিত্তিত গঢ়ি উঠিছে। ইয়াৰোপৰি বৃটেইন, ফ্রান্স, কানাডা, চীন আৰু ভাৰত আদি দেশতো লো-তীখা উদ্যোগ আছে।

উৎপাদনঃ ১৯৯৯ চনত পৃথিৱীৰ মুঠ তীখা উৎপাদন আছিল ৭৮৪ মিলিয়ন মেট্রিক টন আছিল। চীনে সর্বাধিক ১২৩ ট’ন মিলিয়ন মেট্রিক ট’ন তীখা উৎপাদন কৰিছিল।

51. পৃথিৱীৰ কপাহী বয়ন উদ্যোগৰ বিকাশ আৰু বিতৰণৰ বিষয়ে লিখা। (Write about the development and distribution of world’s cotton weaving industry?)

উত্তৰঃ কপাহী কাপোৰ তৈয়াৰ পৃথিৱীৰ এক পুৰণি উদ্যোগ। এই উদ্যোগৰ বিকাশ ভাৰতত হৈছিল বুলি অনুমান কৰা হয়। ভাৰতৰ প্ৰথম কপাহী কল ১৮১৮ চনত স্থাপন হৈছিল। কিন্তু দীর্ঘসময় ধৰি ই চলি থকা নাছিল। কাৰণ কেঁচা কপাহৰ অভাৱ। ভাৰতত প্ৰকৃততে কপাহী বয়ন আৰম্ভ হয় ১৮৫৪ চনৰ পৰা। সূতাকটা যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছৰ পৰা কপাহী বয়ন শিল্পই দ্ৰুতগতিত প্ৰসাৰ লাভ কৰে। এই আৱিস্কাৰে ইউৰোপৰ বহু দেশ আৰু গ্রেট বৃটেইনলৈ এই শিল্প সম্প্ৰসাৰিত কৰে। বৰ্তমান সময়ত ৰাছিয়া, চীন, ইজিপ্ত, মেস্কিকো, ব্রাজিল, তুর্কী আদি বিভিন্ন দেশত কপাহী বয়ন শিল্পই স্থিতি লাভ কৰিছে। 

বিতৰণঃ

ব্ৰিটেইনঃ কপাহী বয়ন শিল্পৰ আগৰনুৱা এখন দেশ হ’ল বৃটেইন। প্রথম বিশ্বযুদ্ধৰ আগলৈ দেশখনে মুঠ কপাহ উৎপাদনৰ ৬০ শতাংশই উৎপাদন কৰিছিল। বৰ্তমান ই কপাহ অইন দেশৰ পৰা আমদানি কৰে । ব্ৰিটেইনৰ বয়ন উদ্যোগবোৰ লংকাশ্বামাৰ জিলাত থূপ খাই আছে। মানচেষ্টাৰ কপাহী বয়ন উদ্যোগৰ প্ৰধান কেন্দ্ৰ। ইয়াৰ আশে-পাশে বহু সংখ্যক কপাহী বয়ন উদ্যোগ আছে। এই অঞ্চলটো জলপৰিবহনৰ দ্বাৰা লিভাৰপুলৰ মতে সংযোক্ত হৈ আছে। গ্লাছগ’ কপাহী বয়ন উদ্যোগৰ আন এক কেন্দ্ৰস্থল।

আমেৰিকাঃ আমেৰিকা কপাহী বস্ত্ৰ শিল্পত আগস্থানীয় দেশ। বৃটেইনক অতিক্রমি এই উদ্যোগত আমেৰিকাই শীর্ষস্থান লাভ কৰিছে। দেশখনৰ বয়ন উদ্যোগবোৰ দুটা প্ৰধান অঞ্চলত সিঁচৰিত হৈ আছে– নিউ ইংলেণ্ড অঞ্চল আৰু দক্ষিণ-পূৱ অঞ্চল। উত্তৰ কেৰোলিনা, দক্ষিণ কেৰোলিনা, জার্জিয়া, আলাবামা আৰু টেনিচি আদিত উদ্যোগবোৰ গঢ়ি উঠিছে। যুক্তৰাষ্ট্ৰৰ মুঠ কপাহী বয়নৰ চাৰি-তৃতীয়াংশই এই অঞ্চলটোৰ পৰা আহে। যুক্তৰাষ্ট্ৰত কপাহী বয়ন উদ্যোগৰ দ্ৰুত উন্নয়নৰ কাৰণ হ’ল উৎকৃষ্ট কপাহৰ উৎপাদন, সহজলভ্য শক্তি সম্পদ, উন্নত প্রযুক্তিবিদ্যা, পৰিবহনৰ সুব্যৱস্থা আদি।

ৰাছিয়াঃ মধ্য এছীয় দেশসমূহত কপাহৰ উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ কপাহী বয়নৰ উৎপাদন বাঢ়িছে। আগতে ৰাছিয়াৰ কপাহী বয়ন উদ্যোগবোৰ মস্কো অঞ্চলত ঘূপীকৃত হৈ আছিল। বৰ্তমান টাছখণ্ড, ফাৰঘানা, আজাৰবাইজান, বাৰ্ণাউল আদিত নতুন প্রযুক্তিৰে কপাহী বয়ন উদ্যোগ স্থাপন হৈছে।

জাপানঃ জাপানে অধিকাংশ কেঁচা কপাহ বিদেশৰ পৰা আমদানি কৰে যদিও কপাহী বয়ন উদ্যোগত ই গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। জাপানৰ কপাহী বয়ন উদ্যোগবোৰ ওচাকা, ট’কিঅ’-য়ক’হামা আৰু নগায়াৰ চাৰিওপিনে সিঁচৰিত হৈ আছে। জাপানক প্ৰাচ্যৰ মানচেষ্টাৰ বোলা হয়।

ভাৰতঃ বোম্বাই হ’ল ভাৰতৰ আটাইতকৈ পুৰণি আৰু বৃহৎ বস্ত্ৰ শিল্প কেন্দ্ৰ। কেঁচামাল প্ৰাচুৰ্যতা, সুচল জল পৰিবহন ব্যৱস্থা আৰু কপাহ উপযোগী জলবায়ুৱে মুম্বাইৰ চাৰিওপিনে কপাহী বয়ন উদ্যোগ গঢ়ি উঠাত যথেষ্ট সহায় কৰিছে। বৰ্তমান মুম্বাইত ৫৫ তকৈ অধিক কপাহী কল আছে।

ভাৰতৰ দ্বিতীয় কপাহ উৎপাদনকাৰী অঞ্চল হ’ল আহমেদাবাদ। আহমেদাবাদত ১৮৫৯ চনত প্রথম কপাহী কল স্থাপন হয়। গুজৰাটত বর্তমান ৬৬ তকৈ অধিক কপাহ কল আছে। উত্তৰ ভাৰতৰ দিল্লী, কাণপুৰ, আদি অঞ্চলটো কপাহী বয়ন উদ্যোগ গঢ়ি উঠিছে।

52. দ্বিতীয়ক খণ্ডৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা। (Discuss the important character of the secondary activity.)

উত্তৰঃ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা বেছিভাগ সম্পদেই আহৰণ কৰা অৱস্থাতে ব্যৱহাৰ কৰিব নোৱাৰি। সেয়েহে দ্বিতীয়ক খণ্ডৰ কাৰ্যত এনেদৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্ৰৱ্যসমূহ পৰিশোধন, ৰূপান্তৰণ আৰু ৰূপায়ণৰ যোগেদি মানুহৰ অভাৱ পূৰণৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তোলে। উদাহৰণস্বৰূপে, আকৰিক লো এবিধ প্রাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা প্ৰাথমিক খণ্ডত উৎপাদিত সম্পদ। কিন্তু এই আকৰিক লো পোনপটীয়াকৈ আমাৰ বিশেষ কামত নালাগে। এই যৌগত (Fe2O3) নিহিত অক্সিজেন আৰু অন্যান্য উপাদানসমূহ পৰিশোধন কৰাৰ পাছত এনে পৰিশোধিত লোহাৰৰ লগত কার্বন, নিকেল প্রভৃতি সংযোগ কৰি ইয়াক তীখালৈ ৰূপান্তৰিত কৰা হয়। তাৰ পাছত এই তীখাৰ পৰা আমাৰ ব্যৱহাৰযোগ্য বিভিন্ন সা-সৰঞ্জাম প্ৰস্তুত কৰা হয়। দ্বিতীয়ক খণ্ডৰ কাৰ্য হৈছে শিল্পোদ্যোগ, শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ। দ্বিতীয়ক খণ্ডৰ কাৰ্যত মূল পদার্থ বা দ্ৰৱ্যৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবোৰৰ মূল্যমান বৃদ্ধি পায়। ইয়াত সাধাৰণতে নিম্নমানবিশিষ্ট সম্পদক প্রযুক্তি কৌশল প্রয়োগ কৰি উচ্চ মানৰ সম্পদলৈ ৰূপান্তৰিত কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top