দুই ৰাজ পুত্ৰ | Dui Rajputra

দুই ৰাজ পুত্ৰ – ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, Dui Rajputra In Assamese Story, দুই ৰাজ পুত্ৰ কাহিনী, দুই ৰাজ পুত্ৰ গল্প, দুই ৰাজ পুত্ৰ সাধু, দুই ৰাজ পুত্ৰ Golpo, দুই ৰাজ পুত্ৰ Hadhu,

Join Telegram channel

লক্ষ্মীনাথ বেজবৰুৱা

এক ৰজাৰ দুজনী ঘৈণীয়েক আছিল । বৰজনীৰ দুটা লৰা । সৰু জনীৰ লৰা ছোৱালী একো নাছিল । লৰা দুটা উপজাৰ কিছু দিনৰ পিছত বৰ কুঁৱৰী মৰিলত সিহঁতক ডাঙৰ দীঘল কৰাৰ ভাৰ সৰু কুঁৱৰীৰ গাত পৰিল । সৰু কুঁৱৰীয়ে লৰা দুটাক তুলি তালি ডাঙৰ দীঘল কৰিছিল যদিও পেটে সমন্বিতে সিহঁতক তেওঁ দেখিব নোৱাৰিছিল । সেইদেখি সদায় সিহঁতৰ দায় জগৰৰ কথা বাপেকক লগাই আছিল ।

এদিন ৰজাই পহু মাৰিবলৈ গল । লৰা দুটিয়ে সেই কথা শুনি “দেউতাই পহু মাৰিবলৈ গৈছে , খাম ঔ খাম ” – বুলি দেও দি নাচি ফুৰিছিল । কিন্তু দুৰ্কপালৰ গুণে ৰজাই সেইদিনা এটাও পহু মাৰিব নোৱাৰিলে । ৰজাই উভতি আহি সেই কথা ঘৈণীয়েকৰ আগত কলত , ঘৈণীয়েকে কলে , “নেপাবতো আপোনাৰ যিহে খকুৱা লৰা , আপুনি যোৱাৰেপৰা সিহঁতে ‘খাম ঔ! খাম ঔ’ কৰি আছে ! এনেকুৱা আপদীয়া লৰাক খেদাই দিয়াহে উচিত।” পহু নেপাই আৰু উৰেদিনটোৰ পৰিশ্ৰমৰ ভাগৰত ৰজাৰ মনটো বেয়া লাগি আছিল ; সেই বাবে অনেক বেয়া বেয়াকৈ ঘৈণীয়েকে লৰা দুটাৰ বিৰুদ্ধে লগালত ৰজাই খপ কৰে কলে , “দিম কাইলৈ সিহঁতক খেদাই ।” বাপেকৰ মুখৰ এই কথাষাৰ সৰু লৰাটিয়ে কেনেবাকৈ শুনি তাৰ মনত বৰ বিৰক্তি লাগিল । সি ৰাতিয়েই তাৰ ককায়েকক কলে , “ককাইদেউ , দেউতাই মাহীৰ কথা শুনি কাইলৈ আমাক ঘৰৰপৰা খেদাই দিব খুজিছে । আমি যেন ইয়াত কিবা কেলেহুৱা চপনিয়াহে মই কওঁ , আমি ইয়াত আৰু থকাটো উচিত নহয় ; আমাক খেদোৱাৰ আগতেই আমি গুচি যাওঁগৈ অহা ।” ভায়েকৰ কথাতে ককায়েকে হয় দিলত দুয়ো সেই ৰাতিয়েই পলাই গুচি যোৱাকে থিৰ কৰি , ঘোঁৰাশালৰপৰা দুটা ঘোঁৰা লৈ আৰু হাতত দুখন তৰোৱাল লৈ ওলাই গল ।

দুই ৰাজ পুত্ৰ - Dui Rajputra In Assamese Story

সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে এঠাইত ৰাতি পুৱাল । ভায়েকে ককায়েকক কলে , “ককাইদেউ মোৰ বৰ পিয়াহ লাগিছে , ইয়াত কৰবাত পানী পায় নে চোৱাচোন । পিয়াহত মোৰ অণ্ঠ কণ্ঠ শুকাই নিছে ; এটোপা পানী নাখালে মই আৰু যাবই নোৱাৰো ।” ককায়েকে গছ এজোপাৰ ওপৰত উঠি চাৰিওফাকে চাই অলপ দূৰত এখন নৈ দেখা পালে । তেতিয়া সি গছৰপৰা নামি আহি , ভায়েকক তাতে থাকিবলৈ কৈ পানী আনিবলৈ গল ।

ককায়েকে গৈ নৈৰ কাষ পাওতেই দেখিলে যে বাটতে শুকুলী হাতী এজনী শুই আছে । সি হাতীজনীক কলে , “হেৰা’ ওঁঠ ! মোক বাট এৰি দি ! মোৰ ভাইটিৰ বৰ পিয়াহ লাগিছে , বেগতে মই পানী এটোপা আনি তাক খাবলৈ দিওঁ ।” শুকুলী হাতীজনীয়ে উত্তৰ দিলে , “কত বাটৰুৱা মানুহ উঠিব নোৱাৰোঁ , মোৰ বৰ ভাগৰ লাগিছে দেখি শুই আছোঁ ।” হাতীৰ কথা শুনি ৰজাৰ বৰটো লৰাই আগ গুৰি নাভাবি হাতীজনী ডেই যাবলৈ বুলি তাইৰ পিঠিত ভৰি দিলতে হাতীজনীয়ে তাক পিঠিত লৈ থিয় হল আৰু লৰি যাবলৈ ধৰিলে । বৰ কোঁৱৰে তাক পিঠিৰপৰা নমাই দিবলৈ হাতীজনীক কলে হে কলে , তথাপি হাতীয়ে ননমাই তাক লৈ গুচি গল । 

সেই দেশৰ ৰজাজন দুদিনমানৰ আগেয়েই হঠাৎ ঢুকাইছিল । ৰজা অপুত্ৰক আছিল দেখি ৰাজপাটত বহিবলৈ কোনো নথকা বাবে পাত্ৰ মন্ত্ৰী সভাসদ সকলে ভাল চাই ৰজাৰ লৰা এজন বিচাৰি চাৰিওফালে মানুহ পঠিয়াইছিল । ৰজাৰ শুকুলী হাতীয়েও ৰজাৰ লৰা বিচাৰি আহি সেইদৰে বাটতে পৰি আছিল । সেইদেখি তাই এই সৰ্ব সুলক্ষণীয়া ৰজাৰ লৰাটি দেখি পিঠিত তুলি লৈ গুচি গল ।

বৰকুঁৱৰে যেতিয়া দেখিলে যে হাতীজনীয়ে তাৰ কাকুতি মিনতি একোলৈকে কাণ নিদি তাক লৈ গৈছে , নিৰূপায় হৈ তাৰ গাৰ চেলেং কাপোৰখন ডুখৰ ডুখৰকৈ ফালি তাৰে একোডুখৰ বাটে বাটে পেলাই যাবলৈ ধৰিলে , যাতে তাৰ ভায়েকে সেই চিনে চিনে গৈ তাৰ ওচৰ ওলাবলৈ পাৰে । 

শুকুলী হাতীয়ে বৰকোঁৱৰক লৈ গৈ ৰাজপাটত তুলি দিলত পাত্ৰ মন্ত্ৰীসকলে তাক ৰজা পাতি সেৱা কৰিলে ।

ইফালে ভায়েকে বাট চাই চাই ককায়েকক নেদেখি ঘোঁৰাত উঠি বিচাৰি আগবাঢ়ি আহি নৈ পালেহি । নৈতে সি পানী খাই পিয়াহ গুচাই লৈ ককায়েকৰ চেলেংৰ টুকুৰাবোৰ দেখি সেই চিনে চিনে গৈ ৰজাৰ নগৰ পালেগৈ ! সি নগৰ সোমালতে ৰজাৰ চহিচে তাক ঘোঁৰাচোৰ বুলি ধৰি ঘূৰাটো কাঢ়ি লৈ , তাক মাৰি কিলাই খেদাই দিলে । সৰু কোঁৱৰে কান্দি কাটি এজনী মালিনীৰ ঘৰত আশ্ৰয় ললেগৈ । মালিনীৰ তালৈ মৰম লাগি খুৱাই বুৱাই তাক ৰাখিলে । 

ইয়াৰ দিনচেৰেকৰ পিছত , সৰু কোঁৱৰে বাটত ফুৰোতে বামুণৰ গৰখীয়া লৰা এটাই গধূলি অকলে গৰু লৈ অহা দেখি হাতৰ লাখুটিডালেৰে টাঙোন মাৰি গৰখীয়া লৰাটো মাৰি গৰখীয়াৰ কাণৰ কেৰুযোৰ আৰু গাৰ কাপোৰখন সোলোকাই লৈ নিজে পিন্ধি গৰু লৈ বামুণৰ ঘৰ ওলালহি । গধূলি মুনিচুনী বেলিকা সি বামুণৰ ঘৰৰ আগচোতাল পাই মাত লগালে , “আই , মোৰ জ্বৰ উঠিছে , গৰুকেইটা চাওক , মই শুই থাকোঁ ।” – এইবুলি সি ঘৰৰ চুকতে সোমাই শুই থাকিল । বামুণ বামুণীয়ে খাই বৈ শুলত ৰাতি উঠি সি বামুণৰ ঘৰত কত কি কি বস্তু আছিল সোপাকে চাই ললে । সেই দেখি বামুণ বামুণীয়ে তাক আগৰ নিজৰ গৰখীয়া ভাবি যি বস্তুকে আনিবলৈ কয় , যিহকে কৰিবলৈ কয় , তাকে সি আনিব আৰু তাকে কৰিব পৰা হল । সি যিটো বস্তু আনিব নোৱাৰিছিল , সেইটো সি বৰ জ্বৰৰ তাপত পাহৰিলোঁ বুলি কৈ গা সাৰিছিল ; আৰু হোজা বামুণীয়ে সেইদেখি তাক একো সন্দেহ নকৰিছিল । 

এদিন সি নৈত তাৰ গাটো ভালকৈ ঘঁহি পিহি ধুবলৈ বুলি বামুণীক খুজি খাৰণী এটোপা লৈ গৈ গা ধুই আছিল ; এনেতে ওচৰতে ৰজাৰ ঘাটত ৰজাৰ ভনীয়েকেও গা ধোৱাক । সৰু কোঁৱৰে খাৰণী ঘঁহি নৈত গা ধূলত তাৰ গাটোৰ মলি গুচি বৰণ কেঁচা সোণৰ বৰণ যেন হল । ৰজাৰ ভনীয়েকে তাক তেনেকুৱা দেখি ৰজাৰ কোঁৱৰ বুলি চিনি পাই , পানীত বুৰ মাৰি আহি তাৰ কাণৰ কেৰুযোৰ চুৰ কৰি লৈ গল আৰু নিজৰ মনতে তাক স্বামী বুলি ভাবিলে ।

ইয়াৰ পিছত গৰখীয়া সৰু কোঁৱৰ ঘৰলৈ আহিলত , বামুণীয়ে তাৰ কেৰুযোৰ কলৈ গল ” – বুলি তাক সুধিলত , সি “পানীত পৰি হেৰাল” – বুলি কলে । কিছুমান দিনৰ মূৰত ৰজাই ভনীয়েকৰ স্বয়ম্বৰ পাতিলে । বামুনে গৰখীয়াক কলে , “হেৰ আজি ৰজাৰ ভনীয়েকৰ স্বয়ম্বৰ , আহচোন আমিও চাবলৈ যাওঁহক ।” – এই বুলি বামুণ গৰখীয়াৰে সৈতে সেই স্বয়ম্বৰলৈ গল । ৰজাৰ ভনীয়েকে স্বয়ম্বৰ সভালৈ আহিয়েই বামুণৰ গৰখীয়াক দেখি তেওঁ গা ধোওঁতে দেখা লৰাটোৱেই বুলি চিনি পাই তাৰ ডিঙিত মালা দিলে ।

দেশ বিদেশৰ পৰা অহা আনবোৰ ৰাজকোঁৱৰে ৰজাৰ ভনীয়েকৰ পৰা মালা পাবলৈ আশা কৰি মূৰ দুৱাই থাকোতেই গল । ৰজাৰ ভনীয়েকে গৰখীয়া মূৰত মালা দি গৰখীয়াক স্বামী কৰা দেখি সকলোৱে লাজতে তললৈ মূৰ কৰি ৰল । আৰু ৰজাই বৰকৈ অপমান পাই ভনীয়েকক খেদাই দিলে । 

গৰখীয়া লৰা ঘৈণীয়েকৰে সৈতে হাবিৰ ফালে গুচি গৈ হাবিতে ঘৰ এটা সাজি থাকিল । ইফালে ককায়েকে ৰজাই ভায়েকৰ শোকত পাটিৰপৰা উঠিবই নোৱাৰা হল । তেওঁৰ ভায়েকটি অৰ্থাৎ সৰু কোঁৱৰ দেখিবলৈ হৰিণা পহুটি যেন আছিল । আৰু ভনীয়েকেও ( যাক গৰখীয়াই লৈ গল ) দেখিবলৈ এজনী হৰিণা পহু যেন আছিল । সেইদেখি তেওঁ এহাল হৰিণা পহু চাই থাকি মন জুৰাবলৈ ইচ্ছা কৰি পহু এহাল ধৰি আনিবলৈ হাবিলৈ মানুহ পঠিয়ালে । সেই মানুহৰে এযোৰ এদিন সৰু কোঁৱৰ তেওঁৰ ঘৈণীয়েকেৰে সৈতে থকা হাবিত উলালগৈ । তেওঁলোকে কৰ মানুহ কিয় হাবিলৈ আহিছে বুলি সৰু কোঁৱৰে পহু বিচৰা মানুহবোৰক সুধিলত কলে যে আমাৰ ৰজাৰ বৰ নৰীয়া । সেই দেখি তেওঁ হৰিণা পহু চাবৰ মন কৰি এহাল হৰিণা পহু বিচাৰি লৈ যাবলৈ আমাক হাবিলৈ পঠিয়াইছে । সৰু কোঁৱৰৰ ঘৈণীয়েকে তেওঁৰ গিৰিয়েকৰ পৰা ককায়েক ভায়েকৰ আঁতি গুৰি আৰু পিছৰ সকলো বৃত্তান্ত শুনি থৈছিল । সেইদেখি তেওঁ ৰজাকে গিৰিয়েকৰ সেই হেৰুৱা ককায়েক বুলি বুজিছিল । এতিয়া সুধিধা বুজি তেওঁ সেই মানুহবোৰক কলে , “তোমালোকে কাইলৈ পুৱাই ইয়ালৈ আহিবা , আমাৰ এহাল হৰিণা পহু আছে , আমি তাকে দিম । এই কথা শুনি মানুহবোৰ উভতি গল । ৰাতি পুৱালত মানুহবোৰ আহি তেওঁলোকক হৰিণা পহু পুঁজিলত , তেওঁ সিহঁতক কলে , “তোমালোক আগবঢ়া আমি এতিয়া তোমালোকৰ পিছে পিছে হৰিণা পহু লৈ যাব লাগিচোঁ ।”

সৰু কোঁৱৰৰ ঘৈণীয়েকে ভেশচন কৰি আৰু গিৰিয়েকক মূৰে গাঁয়ে কাপোৰ দি ঢাকি লৈ ৰজাৰ ঘৰ ওলালগৈ । তেওঁ গৈয়েই ৰজাৰ ওচৰ পাই ৰজাক কলে , “মই হৰিণা পহু আহিছোঁ , এটা ঘৰৰ ভিতৰত এখন আৰ কাপোৰৰ ভিতৰত আশাচেৰেক কথা কৈ স্বৰ্গদেৱৰ আগত পহু উলিয়াই দিম ।” – এই পুলি কলত ৰজাই সেইদৰেই দিহা কৰাই দিয়ালে । ইয়াৰ পিছত সৰু কোঁৱৰৰ ঘৈণীয়েকে আৰ কাপোৰৰ ভিতৰত সোমাই চাকিটোক সম্বোধন কৰি কবলৈ ধৰিলে – “শুনিছা বন্তি ! – আই আছিল পাটমাদৈ , বোপাই আছিল ৰজা ! পাটৰ কাপোৰ ঘিণত নিপিন্ধিলোঁ , এতিয়া হলোঁহি প্ৰজা । এক এনেকৈ কুটিল মাহীয়ে এনেকৈ দিলে খেদি ।

এক এনেকৈ ৰাতিয়েই হালিয়ে ঘোঁৰাত আহিলোঁ উঠি ।।

এক এনেকৈ বাটত আহোঁতে ভাইৰ পিয়াহ লাগিলে ।

পানী বিচাৰি আহোঁতে ককাইক ভুৱা দি শুকুলী নিলে ।।

এক এনেকৈ ওৰে বাটটোৱে কঁকায়ে চেলেং ফালে ।

এক এনেকৈ চিনে চিনে আহি ভায়েকে ওচৰ পালে ।।

এক এনেকৈ ঘোঁৰা চহিচে ঘোঁৰা চোৰ বুলি ধৰি ।

এক এনেকৈ মাৰি কিলাই ঘোঁৰাটো ললে কাঢ়ি ।।

একে এনেকৈ বামুণৰ ঘৰত গৰুৰ গৰখীয়া হলা ।

এক এনেকৈ স্বয়ম্বৰ পাতি ডিঙিত পালে মালা ।।

এক এনেকৈ হৰিণা বুলি টেকেলাই আনিছে ধৰি ।।”

সৰু কোঁৱৰৰ ঘৈণীয়েকে বিনাই বিনাই এইখিনি গালতে ৰজাই একে চাৱেই উঠি আৰ কাপোৰৰ ভিতৰত সোমাল আৰু ভায়েকক দেখি চিনি পাই ডিঙিত গবা মাৰি ধৰিলে । ভনীয়েককো ৰজাই চিনি পাই ডিঙিত ধৰি হুকহুক কৰি কান্দিবলৈ ধৰিলে । তেতিয়াই ৰজাৰ নৰীয়া ভাল হল । ৰজাই তেতিয়া নগৰত ঢোল পিটাই শুনাই দিলে যে আজিৰপৰা কোনো মানুহে বিদেশী মানুহক ৰজাৰ ৰচৰলৈ ননাকৈ নামাৰিব , নিকিলাব । ভায়েকক কিলাই যি চহিচটোৱে  ঘোঁৰাটো কাঢ়ি লৈ গৈছিল তাক ধৰাই আনি চমটাৰে কোবাবলৈ আজ্ঞা দিলে আৰু ভায়েকক উঠি ৰজা পাতি তেওঁ বহি ৰজা হল । ভনীয়েককো বৰ মৰম কৰি নিজৰ দোষৰ ক্ষমা মাগিলে ।

ইয়াৰ পিছত দুই ভায়েকে বাপেকৰে সৈতে দেখা কৰিবলৈ বাপেকৰ ৰাজ্য লৈ গল । পুতেকহঁত ৰজা হৈ মহাপয়োভৰেৰে আহিছে শুনি বাপেকে বৰ ৰং পাই সিহঁতক  সাদৰি নি ঘৰত সোমালে । মাহীয়েকেও বাহিৰে দেখুৱাই সিহঁতক তেতিয়া মৰম কৰিবলৈ ধৰিলে । 

গধূলি ৰজাই পুতেকহঁতেৰে সৈতে ভাত খাবলৈ বহিল । কিন্তু বৰটো লৰাই বুজিছিল , যে যদিও মাহীয়েকে তেওঁলোকক মুখেৰে মৰম কৰি আদৰ দেখুৱাইছে , আচলতে মাহীয়েকৰ বুকুত সাতকুৰা জুই জ্বলিছে । গতিকে মাহীয়েকে তেওঁলোকৰ অনিষ্ট কৰিবলৈ খুব যত্ন কৰিব । সেইদেখি ককায়েকে ভাত খাবলৈ যোৱাৰ আগতে ভায়েকক মনে মনে কলে , “মই নকলে তুমি ভাতৰ গৰাহ মুখত নুতুলিবা ।” ভাতৰ পাতত দুই ভায়েকে হাত দি বহি থকা দেখি বাপেকে তেওঁলোকক সুধিলে , “কি হল ? ভাত নাখাৱহক কিয় ।” বৰ কোঁৱৰে কলে , “দেউতা আমি ভাত খাব নোৱাৰো , ভাতত বিষ দিয়া আছে ।” ৰজাই সেইটো ভয় মিছা বুলি উৰাই দিলত , ককায়েকে তাৰে এগৰাহ ভাত ওচৰতে থকা মেকুৰীজনীক খাবলৈ দিলত , মেকুৰীজনীয়ে ভাত গৰাহ খাই থিতাতে মৰি থাকিল । বাপেকে তেতিয়া কুঁৱৰীক কাটিবলৈ হুকুম দিলে ।

ইয়াৰ পিছত কিছুমান দিন বাপেকৰ ৰাজ্যতে দুই কোঁৱৰে মহাসুখে খাই বৈ থাকি নিজৰ ৰাজ্যলৈ উভতি আহি ৰাজ্য পালন কৰিবলৈ ধৰিলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top