ছাত্রসমাজৰ শৃংখলাবােধ ৰচনা | Discipline of the Student Community Essay in Assamese

ছাত্রসমাজৰ শৃংখলাবােধ ৰচনা | Discipline of the Student Community Essay in Assamese

Join Telegram channel

বর্তমান গােটেই বিশ্বতেই শৃংখলাবােধৰ কথা মানুহে বাৰুকৈ উপলব্ধি কৰিব ধৰিছে। শৃংখলাৰ অভাৱত আজি গােটেই বিশ্ব থৰহৰি কম্পমান। পাৰিবাৰিক জীৱন, সমাজ জীৱন, ৰাষ্ট্ৰীয় জীৱন- সকলােতে কেৱল শৃংখলাবােধৰ অভাৱ। শৃংখলাৰ অভাৱত মানৱ জীৱন অস্থিৰ হৈ উঠিছে। আজি বিশ্বৰ বিভিন্ন দেশৰ ছাত্রসমাজৰ মাজতাে শৃংখলাবােধ অভাৱ পৰিলক্ষিত হৈছে।

ছাত্রসমাজৰ শৃংখলাবােধ ৰচনা | Discipline of the Student Community Essay in Assamese

ছাত্রসমাজৰ শৃংখলাবােধ ৰচনা | Discipline of the Student Community Essay in Assamese

আমাৰ চকুৰ আগতে প্রাকৃতিক জগতৰ নিয়ম-শৃংখলাৰ দৃষ্টান্ত অনেক আছে। তাৰ পৰাও আমি শৃংখলাবােধৰ জ্ঞান পাব পাৰাে এই বিশ্ব ব্রহ্মাণ্ডৰ অণু-পৰমাণুৰপৰা বিশাল গ্রহ-নক্ষত্র পর্যন্ত সকলাে বিলাক এক স্বাভাৱিক নিয়ম-শৃংখলাৰ অধীন। ৰাতিপুৱা পূব দিশত সূর্য উদয় হয় আৰু পশ্চিম দিশত সন্ধ্যা কালত ই অস্ত যায়, ই ধৰা বন্ধা নিয়ম। আকাশত মেঘ উঠিলে বৰষুণ দিয়ে। শীতকাল আহিলে গছৰ পাত সৰে। বসন্তৰ আগমনত গছত কুঁহিপাত মেলে । খৰালিৰ নদীৰ শুকান বুকু বাৰিষাৰ পানীৰে ফেনে-ফুটুকাৰে উপচি পৰি প্ৰবল সোঁতেৰে সাগৰলৈ ধাৱিত হয়। এইবােৰ নিয়ম-শৃংখলাৰেই নিদর্শন। মানৱ জীৱনতাে নিয়ম শৃংখলাৰ অতিকে প্রয়ােজন। শৃংখলাবােধে মানুহৰ মনত এটা প্রবল সাংস্কৃতিক শক্তিৰ সৃষ্টি কৰে।

শৃংখলাবােধৰ প্রয়ােজনীয়তা

প্রকৃতি ৰাজ্যৰ শৃংখলা মানুহৰ দেহ-মনলৈও অনিবার্য ক্রমবিৱৰ্তন আনে। কোনাে মানুহে জীৱনত সেই নিয়ম-শৃঙ্খলা অস্বীকাৰ কৰিব নােৱাৰে। মানৱ জীৱনৰ প্ৰথম স্তৰ হৈছে শৈশৱ কাল। এই শৈশৱৰ দোকমােকালিতে নিয়মানুশীলন, শৃংখলাবােধৰ শিক্ষা গ্রহণ কৰিব নােৱাৰিলে সময়ত জীৱনৰ উদ্দেশ্যই বিফল হৈ পৰে। এই মানৱ জীৱনত সুন্দৰৰ ফুল ফুলাবলৈ হ’লে শৃংখলাবােধ নিতান্ত প্রয়ােজনীয়। দুর্লভ মানৱ জীৱন কেৱল বিশৃংখল অথবা অপচয়ৰ বাবে নহয়। নিয়মানুৱৰ্তিত আৰু শৃংখলাবােধেৰেহে মানুহে জীৱনত মহৎ উদ্দেশ্য সাধন কৰিব পাৰে।

Read Also: দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | The Impact of Science on Everyday Life Essay in Assamese

সমাজ-জীৱনত শৃংখলাবােধ

জীৱনৰ প্ৰতিটো কর্ম অনুশীলনৰ লগে লগে থাকে নিয়ম বা ক্রম। এই নিয়ম-শৃংখলাই জীৱনৰ ছন্দ। ছন্দ সুৰময়। সেই সুৰতেই ধ্বনিত হয় জীৱন-সাফল্যৰ সুৱদি গীত। মানুহ সমাজ প্রিয় জীৱ। শৈশৱৰপৰাই মানুহে সমাজৰ সংগ লাভ বিচাৰে, ফলত মানুহে সামাজিক দায়িত্বও মূৰ পাতি ল’ব লগা হৈ পৰে। সমাজখন সুন্দৰভাৱে সুশৃংখলভাৱে পৰিচালিত হােৱাৰ বাবে কিছুমান নিয়ম-নীতি থাকে। সমাজৰ দায়িত্বত থাকি যদি প্রতিজন মানুহে নিজৰ নিজৰ ইচ্ছানুসৰি কাম কৰিবলৈ বিচাৰে, তেতিয়া সমাজৰ সমস্ত কাম বিশৃংখল অৱস্থাত পৰি ছাৰখাৰ হৈ যায়। এনেদৰে সমাজ-জীৱনত সংঘৰ্ষৰ সৃষ্টি হয়। অবিৰত অবিশ্রান্ত সংঘর্ষই পাৰিবাৰিক জীৱন, সমাজ-জীৱন, জাতীয় জীৱন তথা মানব-জীৱনৰ অস্তিত্বও বিপন্ন কৰিব পাৰে। কেতিয়াবা যদি সৌৰজগতত নিয়মৰ সামান্যতমাে ব্যতিক্রম হয়, তেতিয়া গােটেই ব্রহ্মাণ্ডতে সাংঘাতিক বিপর্যয় ঘটিব পাৰে। তেনেদৰে সমাজত নিয়ম শৃংখলাৰ ব্যতিক্রম ঘটিলে গােটেই মানৱ সমাজো ধ্বংসৰ গৰাহত পৰিব পাৰে। সেইবাবে ছাত্রসমাজে ছাত্রজীবনতে শৃংখলাবােধৰ অনুশীলন কৰা প্রয়ােজন।

শৃংখলাবােধ উন্নতিৰ কাৰণ

শৃংখলাবােধ ব্যক্তি, সমাজ, জাতি অথবা দেশৰ উন্নতিৰ কাৰণ। মানৱ সভ্যতাৰ বিকাশৰ মূলতাে মানুহৰ সুশৃংখল আৰু সুসংহত কর্মোদ্যম নিহিত থাকে। শৃংখলা নাথাকিলে কোনাে কারাে সুখ নাই, আনন্দ নাই, কল্যাণ নাই আৰু শান্তিও নাই। সেই অশান্ত, নিৰানন্দময়, দুর্যোগপূর্ণ বিশৃংখল, অৰাজকতাত মানৱজীৱন উপস্থিত হয় অন্তিম লগ্নত। শৃংখলাবদ্ধ, নিয়মানুবর্তী সুসংহত এটি সৰু সৈন্যদলেও বিশাল পৰাক্ৰমী নিয়ম-শৃংখলাবিহীন সৈন্যদলক পৰাজয় কৰি সন্মান কঢ়িয়াই অনা দৃষ্টান্ত বিশ্ব ইতিহাসত অনেক পােৱা যায়। সেইবাবে পৰাজয় বা ধ্বংসৰ গ্লানিৰপৰা মুক্ত হবলৈ হ’লে, সৰুৰেপৰা মানুহে শৃংখলাবােধৰ অনুশীলন কৰা আৱশ্যক।

শৃংখলাবােধ অনুশীলনৰ সময়

জীৱনৰ শিকিবলগীয়া সমস্ত কামৰ বাবে উপযুক্ত সময় হৈছে ছাত্ৰ অৱস্থা। ছাত্রজীৱনেই শৃংখলাবােধ, নিয়মানুবর্তিতা আৰু কৰ্তব্যপৰায়ণতা অনুশীলনৰ উপযুক্ত সময়। এই কোমল মানৱ-মাটিডৰাত শৃংখলাবােধ আৰু নিয়মানুৱর্তিতাৰ শইচ ছটিয়াব পাৰিলে পিছলৈ তাতেই অমৃত ফল ধৰিব। সেয়ে ভাৰতবৰ্ষত বৈদিক যুগৰপৰা ছাত্র-সমাজৰ মাজত কঠোৰ ব্রহ্মচর্য পালনৰ দৃঢ় নির্দেশ দিয়া হৈছিল। গুৰুসকলৰ এই নির্দেশ মানি শিষ্যসকলে জীৱনৰ বাবে আৱশ্যকীয় বিধি-শিক্ষা গ্রহণ কৰিব লগা হৈছিল। শৃংখলানুশীলন আৰু নিয়মানুবর্তিতা সকলাে দেশৰ ছাত্রসমাজে অনুশীলন কৰিবলগীয়া বিষয়।

শৃংখলাবােধ প্রকৃতপক্ষে জীৱন-গঠনৰ বােধন মন্ত্র। কিন্তু অর্থহীন নিয়ম-শৃংখলাৰ কবলত পৰি যাতে ছাত্র জীৱন অথলে নাযায়, তাৰ প্ৰতিও ছাত্রসমাজ সাৱধান থকা উচিত।

বর্তমানৰ ছাত্র উচ্ছঙ্খলতাৰ কাৰণ

এতিয়া প্রায় সকলাে মানুহকে এটা কথাই উদ্বিগ্ন কৰি তুলিছে; সি হৈছে ছাত্রসমাজৰ শৃংখলাবােধৰ অভাৱ আৰু যুৱক-সমাজৰ উজ্জ্বলতা বৃদ্ধি। এতিয়া যেন ছাত্ৰ-ছাত্ৰী আৰু যুৱক সমাজ হতাশা আৰু অনিশ্চয়তাত ভুগিছে। তেওঁলােকে যেন আজি তেওঁলােকৰ দুর্লভ জীৱনৰ প্ৰতি উদাসীন হৈ জীৱনৰ মহৎ উদ্দেশ্য সাধনৰ প্রতি বিতশ্রদ্ধ হৈ উদ্ধৃঙ্খলভাৱে জীৱন কটাব খােজে। ছাত্র-সমাজৰ উছুঙ্খলতাৰ স্বাক্ষৰ হাটে-ঘাটে, বাটে-পথে, স্কুলে-কলেজে, পৰীক্ষা গৃহে আৰু উৎসৱে-পার্বণে বিৰাজমান। বর্তমান স্বাধীন চৰকাৰেও দেশত নিছাযুক্ত দ্রব্য, মােবাইলৰ ইণ্টাৰনেটৰ অপব্যৱহাৰ তথা সস্তীয়া কথা ছবি প্রচলন কৰিছে। ইয়াৰ কু-প্রভাৱে ছাত্ৰ-ছাত্ৰীসকলক উচ্ছংখলতাৰ শিক্ষাহে দিছ। এই দিশত অকল ছাত্র-সমাজক তিৰস্কৰ কৰিলেই নহয়, দেশৰ কল্যাণকামী চৰকাৰে সমাজৰ অহিতকাৰী ৰাগিয়াল দ্রব্যাদিৰ লগতে কথাছবিসমূহাে বিলুপ্ত কৰাৰ ব্যৱস্থা ল’ব লাগে। দেশত সুশৃংখল আৰু শক্তিমান যুৱ-সমাজ তথা ছাত্রসমাজ গঢ়িব নােৱাৰিলে দেশৰ ভৱিষ্যত অন্ধকাৰ। এই সম্বন্ধে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্রী, সমাজ আৰু চৰকাৰৰ দায়িত্বও নােহােৱা নহয়।

Read Also: Class 9 Science Solution

সামৰণি

ছাত্রসমাজ পিতৃ-মাতৃ, সমাজ তথা দেশৰ আশা-আকাংক্ষাৰ স্থল। দেশ উন্নতিৰ ভৱিষ্যত। ছাত্র-ঘত্ৰীসকলে মনত ৰখা উচিত যে এই সময়েই তেওঁলােকৰ জীৱন গঠনৰ উৎকৃষ্ট সময়। শৃংখলাবােধ তেওঁলােকৰ আকাংক্ষিত গৌৰৱময় মহান জীৱনৰ সুদৃঢ় সাৰথি। ছাত্র সমাজে বৰ্তমানৰ নৈৰাশ্যবােধ অথবা ৰুচি বিকৃতি পৰিহাৰ কৰি অচিৰে পৱিত্ৰ মনেৰেনতুন আশা আৰু সু-আদৰ্শৰ সূর্যোদয় ঘটাব পাৰিলেহে নতুন দিনৰ- নতুন জীৱনৰ জয়ধ্বনি শুনিবলৈ পাব। আমাৰ ছাত্রসমাজে শৃংখলাবােধৰ মহান আদর্শেৰে জীৱন গঢ়ি জীৱনৰ সার্থকতা উপলব্ধি কৰি দেশ-সমাজ গঢ়াৰ কামত প্রবৃত্ত হওক; তাতেই আছে পৰম সুখ, পৰম আনন্দ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top