শিশু বিকাশৰ দিশসমূহ – Dimensions of Child Development

শিশু বিকাশৰ দিশসমূহ: শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক – Dimensions of child Development Physical, Cognitive, Emotional, Social and Moral are the Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for শিশু বিকাশৰ দিশসমূহ: শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক – Dimensions of child Development Physical, Cognitive, Emotional, Social and Moral.

শিশু বিকাশৰ দিশসমূহ – Dimensions of Child Development

Join Telegram channel

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET শিশু বিকাশৰ দিশসমূহ: শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক – Dimensions of child Development Physical, Cognitive, Emotional, Social and Moral for All notes, You can practice these here.

শিশু বিকাশৰ দিশসমূহ

CHILD DEVELOPMENT AND PEDAGOGY

শিশু বিকাশৰ দিশসমূহ: শাৰীৰিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক – Dimensions of child Development physical, Cognitive, Emotional, Social and Moral

শিশুৰ শাৰীৰিক অথবা দৈহিক বিকাশ (Physical Development of This) :- শিশুৰ দৈহিক বিকাশ বুলিলে তাৰ দৈহিক বর্ধনৰ ওপৰত পৰিবেশৰ পৰিৱৰ্তনীয় প্ৰভাৱৰ কথাকেই বুজোৱা হয়। শিশুৰ দৈহিক বিকাশৰ কালছোৱাত কেতবোৰ জৈৱিক বংশগতি পৰিৱেশৰ যোগেদি সামানাভাৱে পৰিৱৰ্তনীয় আৰু কেতবোৰ বংশগতি সমূলি পৰিৱৰ্তনীয় নহয়। জন্মৰ প্ৰথম বছৰটোৱেই হৈছে ব্যক্তিৰ সৰ্বাধিক দ্ৰুতভাৱে দৈহিক বিকাশৰ সময়। পৈণতা প্ৰাপ্তিৰ পৰ্যায়লৈকে বিকাশৰ গতি অব্যাহত থাকে যদিও প্রথম বছৰৰ সমানে পৰৱৰ্তী কালত ইয়াৰ দ্ৰুততা পৰিলক্ষিত নহয়। 

শিশুৰ মানসিক বিকাশ (Cognitive Development of Child) :- শিশুৰ মানসিক অথবা বৌদ্ধিক বিকাশ হৈছে এক ক্ৰমাগত বিকাশ প্রক্ৰিয়া । জন্মৰ পিছৰ পৰা ব্যক্তিৰ বয়:প্ৰাপ্তলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। মানসিক শক্তিসমূহ স্বাভাৱিকতেই এটা আনটোৰ লগত জড়িত আৰু সম্বন্ধযুক্ত। সেইবাবে এই শক্তিসমূহ বিকাশৰ বেলিকাও এটা আনটোৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল হয়। শিশুৰ মানসিক জীৱনৰ কেতবোৰ প্ৰধান বৈশিষ্ট্য হৈছে– প্ৰবৃত্তিমূলক আচৰণ, আত্মকেন্দ্ৰিকতা, সৰ্বপ্ৰাণদিতা, কম্পনাপ্রৱণতা, ক্ৰীড়া প্ৰৱণতা, অনুকৰণপ্ৰিয়তা, পৰনিৰ্ভৰশীলতা, কৌতূহলপৰায়ণতা ইত্যাদি । 

শিশুৰ আৱেগিক বিকাশ (Emotional Development of Child) :- আৱেগ হৈছে অনুভূতিৰ তীব্ৰতাৰ ফলত দেহ-মনত দেখা দিয়া অস্বাভাৱিক পৰিৱৰ্তন। নিচেই চালুকীয়া অৱস্থাত শিশুৰ আৱেগৰ অভিজ্ঞতা তাৰ দৈহিক সুখ-দুখৰ মাজতেই বিশেষভাৱে সীমিত থাকে। বয়সৰ লগে লগে আবেগৰ প্ৰকাশ সামান্যভাৱে লক্ষ্য প্ৰণোদিত হ’বলৈ আৰম্ভ কৰে। লাহে লাহে সি মাকৰ উপস্থিতিত আনন্দ আৰু অচিনাকি লোকৰ উপস্থিতিত কান্দোনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শিশুৰ আৱেগ সাধাৰনতে অস্থায়ী । ইয়াৰ উপৰি শিশুৰ আৱেগ স্বাভাবিকতেই নিয়ন্ত্ৰণহীন আৰু শিক্ষাবিহীন এক দৈহিক উত্তেজ্জনামূলক প্রতিক্ৰিয়া—য’ত ভয়, ক্ৰোধ বা ভালপোৱা অনুভূতিৰ কোনো স্পষ্টতা নাথাকে। 

শিশুৰ সামাজিক বিকাশ (Social Development of Child) :- শিশুৰ সামাজিক বিকাশ তাৰ দৈহিক শ্ৰয়োজনবোৰৰ পূৰণৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰে। মানৱ শিশু দীৰ্ঘদনৰ বাবে আনৰ শুপৰত নিৰ্ভৰশীল হ’ব লগা অৱস্থাতেই প্ৰকৃতপক্ষে তাৰ সামাজিক বিকাশৰ ভেটি স্থাপন কৰে। জন্মৰ পিছত অধিক সময়ৰ বাবে লাভ কৰা এই দৈহিক সংস্প্শই শিশুৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াত প্ৰাথমিকভাৱে এটা সামাজিক ৰূপ দান কৰে। গতিকে, শিশুৰ দৈহিক, সামাজিক আৰু আৱেগিক বিকাশৰ পৰা পৃথকভাৱে তাৰ সামাজিক বিকাশৰ কথা আলোচনা কৰিব নোৱাৰি। সেয়েহে সামাজিক বিকাশৰ আলোচনা কালত আমি সকলো সময়তেই শিশুৰ দৈহিক, মানসিক আৰু আৱেগিক বিকাশৰ প্ৰতি চকু ৰাখিব লাগে। 

শিশুৰ নৈতিক বিকাশ (Moral Development of Child) :- শিশুৰ মনৰ নৈতিকতাৰ অনুভূতি আৰু ইয়াৰ ক্ৰমবিকাশ প্রক্রিয়া এক আকৰ্ষণীয় অধ্যয়নৰ বিষয়। চালুকীয়া শিশুৰ মনত  নৈতিকতাৰ‘অনুভূতি সমূলি নাথাকে। কিন্তু বিকাশৰ পৰৱৰ্তী কালত শিশুৰ নৈতিক আচৰণৰ ক্ৰমবিকাশ লাভ হৈ উঠি প্রাপ্তবয়স্কসকলৰ নৈতিক বিচাৰবিবেচনাৰ মানদণ্ড লাভ কৰিবলৈ শিশুৱে এক সূদীৰ্ঘ পথৰ অভিজ্ঞতা লাভ কৰিব লাগে। বয়স্কসকলৰ হকা-বাধা অথবা আবধাদান কাৰ্যই শিশুক নৈতিক আচৰণৰ দিগদৰ্শন কৰে। শিশুৰ নৈতিক চেতনা বিকাশৰ লগত তাৰ বিবেকৰ বিচাৰশক্তি, ধৰ্মীয় চেতনা, সৌন্দৰ্য অনুভূতি অনুশাসনীয়তাৰ মনোভাৱ আৰু মূল্যবোধ ভাব ক্ষমতা বিকাশৰ বিশেষ সম্বন্ধ আছে। 

আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকালৰ সময়ছোৱাত ভাষা বিকাশ (Development of language during early childhood and later childhood) :- চালুকীয়া অৱস্থাৰ পৰাই শিশুৰ মুখত কেতবোৰ নিৰৰ্থক ধ্বনি উচ্চাৰিত হ’বলৈ ধৰে। পাছলৈ এনেবোৰ উচ্চাৰণেই অৰ্থপূৰ্ণভাৱে একো-একোটা শব্দত পৰিণত হয়গৈ। প্ৰায় এবছৰ বয়সৰ পাছৰপৰাই শিশুৰ মুখত এনে দুই-এটা শব্দ শুনিবলৈ পোৱা যায়। এনে ভাষা বিকাশৰ লগে লগে শিশুৱে তাৰ পৰিবেশৰ লগত অধিকভাৱে সমাযোজন লাভ কৰি মানসিক বিকাশ সাধন কৰে। ভাষা বিকাশে শিশুৰ বৌদ্ধিক বিকাশৰ পথো মুকলি কৰে।  

মনোবিজ্ঞানীসকলে শৈশৱ কালৰ দ্বিতীয়াৰ্ধ অৰ্থাৎ ৫ বছৰৰ পৰা ৭ বছৰলৈ আগতীয়া বাল্যকাল আৰু ৮ বছৰৰ পৰা ১২ বছৰলৈ শেহতীয়া বাল্যকাল বুলি মত পোষণ কৰে। এই সময়ছোৱা শিক্ষা আহৰণৰ উপযুক্ত সময়। শৈশৱ কালত জ্ঞানেন্দ্ৰিয়সমূহৰ সংবেদনাত্মক বিকাশ আৰু ভাষাৰ বিকাশ সাধন হোৱা হেতুকে পাঁচ-ছয় বছৰ বয়সত শিশুৱে আনুষ্ঠানিকভাবে শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিবলৈ মানসিক উপযুক্ত আহৰণ কৰে। এই সময়ছোৱাত কিছু কথা ভবা-চিন্তা কৰা, পাঠ্যপুথিৰ নানাবিধ কাৰ্যত মনোযোগ দিয়া, তাৰ কিছু কথা স্মৃতিযোগে নিজৰ মনত ধৰি ৰখা ইত্যাদি মানসিক ক্ৰিয়াসমূহ তাৰ সাধ্য অনুযায়ী সি কৰিব পাৰে। 

ব্যক্তি বিভিন্নতা (Individual differences) :- ব্যক্তি বিভিন্নতা হৈছে, পৃথিৱীত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই এজন আনজনৰ পৰা  পৃথক। এই বিভিন্নতা আমি সকলো দিশতে দেখা পাওঁ। যেনে শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি ক্ষেত্ৰত ব্যক্তি বিশেষে পাৰ্থক্য 

পৰিলক্ষিত হয়। সেয়ে শিক্ষাৰ মূল লক্ষ্য হৈছে শিশুৰ অন্তনিহিত শক্তিসমূহৰ বিকাশ সাধন কৰা। সেয়েহে ব্যক্তিৰ নিজ নিজ মনো-দৈহিক ক্ষমতা আৰু অৱস্থাৰ বুজ লোৱা আৰু সেই অনুপাতে শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত মনোবিজ্ঞানীসকলে বৰ্তমান গুৰুত্ব আৰোপ কৰা দেখা যায়। 

ইয়াৰ বাবে ব্যক্তি-স্বাধীনতা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় কথা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই বিশেষভাৱে ব্যক্তি বিভিন্নতাৰ ওপৰত গুৰুত্ব দিছে। ব্যক্তি বিভিন্নতাৰ কাৰণ বংশগত আৰু পৰিবেশজনিত দুয়োটাই হ’ব পাৰে। 

মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা ব্যক্তি বিভিন্নতাৰ যথেষ্ট গুৰুত্ব আছে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি তথা যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে শিক্ষা প্ৰদান কৰা উচিত। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ অন্তৰনিহিত শক্তিৰ বিকাশ সাধন সন্তৱ হয়। সেয়েহে প্ৰত্যেকজন শিক্ষকৰে ব্যক্তি বিভিন্নতাৰ ধাৰণা স্পষ্ট হ’ব লাগে। ইয়াৰ বাবে শিক্ষকসকলে নিজৰ শিক্ষণ পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰচিৰ ওপৰত লক্ষ্য ৰাখি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও পাঠ্যক্ৰম গতিশীল হোৱা উচিত। ইয়াত বিভাজিত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিলে যথেষ্ট সুবিধা হয়। 

আগ্ৰহ (Interest) :- ‘আগ্ৰহ’ৰ অৰ্থই কোনো বিষয়ৰ লগত ব্যক্তি‘জড়িত থকা’ বা ‘সম্বন্ধ থকা’কথাকে বুজায় ৷ গতিকে যি বস্তু বা বিষয়ে ব্যক্তিমনৰ লগত একাত্মিক সম্বন্ধ গঢ়ি তোলে, সিয়েই তেওঁৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠে। আনহাতে যি ব্যক্তিৰ মন স্পৰ্শ কৰিব নোৱাৰে, তেনে বস্তু বা বিষয়েই হয় আগ্রহবিহীন। গতিকে ইয়াৰ পৰা ক’ব পাৰি যে আগ্ৰহ হৈছে মনৰ এক অন্তনিহিত অৱস্থা । ব্যক্তিমনৰ এই অন্তৰ্নিহিত আগ্ৰহৰ কেতবোৰ উৎস জন্মলব্ধভাৱে পোৱা হয়। প্ৰবৃত্তি, আৱেগ, অনুভূতি, কামনা, প্ৰেৰণা আদি সহজাত জৈৱিক প্রৱণতাসমূহ এই প্রসংগত উল্লেখযোগ্য ৷ এই মানসিক অৱস্থাবোৰেই মানুহৰ মনত আগ্ৰহৰ জন্ম দিয়ে। 

অভ্যাস (Habit) :- পুনৰাবৃত্তিৰ ফলত যিকোনো কামৰ সম্পাদন ঐচ্ছিক পৰ্যায়ৰ পৰা নিশ্চেষ্ট পৰ্যায়লৈ পৰিণত কৰাকেই অভ্যাস গঠন বুলি কোৱা হয়। স্বাভাৱিকতে, অভ্যাস হৈছে অনুশীলনৰ ফল।প্রথমে যি কাম কৰিবৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন হয়,অভ্যাস গঠন হোৱাৰ পাছত সেই কাম বিনা আয়াসতে যান্ত্ৰিকভাৱে কৰিব পৰা হয়। অভ্যাস হৈছে এজন ব্যক্তিৰ শিক্ষা আৰু অভিজ্ঞতাৰ স্থায়ী অৱস্থা ।অভ্যাসৰদ্বাৰা সকলোবোৰ দৈহিক কামৰেই কঠিনতা দূৰ হয়। কোনো কাম আৰম্ভ কৰাৰ সময়ত সচৰাচৰ দৈহিকভাৱে কামৰ কঠিনতা অনুভৱ কৰা হয়। সেইবাবে তেনে কামত হাত দিবলৈ প্ৰথম অৱস্থাত দৈহিক সতৰ্কতাৰ উপৰিও মনোযোগ, মনোবল তথা ঐচ্ছিক ক্ৰিয়া ইত্যাদিৰ প্ৰয়োজন হয়। কিন্তু এনে দেহ মানসিক প্ৰস্তুতিৰে তাক বাৰে বাৰে কৰাৰ ফলত পূৰ্বৰ কঠিনতা ক্ৰমে কমি আহিবলৈ ধৰে। এই পুনৰাবৃত্তিয়ে কামটো শেষলৈ সহজ আৰু চমু কৰি পেলায় এনে সহজ ক্ৰিয়া পদ্ধতিৰ এক স্থায়ী মনোদৈহিক অৱস্থাই হৈছে অভ্যাস। অভ্যাস দৈহিক আৰু মানসিক দুয়োবিধ ক্ৰিয়াৰপৰাই গঠন হ’ব পাৰে কিন্তু মনোবিজ্ঞানত ব্যক্তিৰ দৈহিকভাৱে ক্ৰিয়াৰ স্থায়ী অৱস্থাপ্ৰাপ্ত হোৱাকহে অভ্যাস বুলি কোৱা হয়।

অভ্যাসৰ বৈশিষ্ট্য (Characteristics of Habit) :-

(ক) অভ্যাসত পৰিণত হ’লে যি কোনো কামৰ সম্পাদন নিখুঁত হয়। 

(খ) অভ্যাসত পৰিণত হোৱা যিকোনো কামৰ সম্পাদনত চিন্তাশক্তি, মনোযোগ, ইচ্ছাশক্তি আদি উচ্চ মানসিক প্ৰক্ৰিয়াসমূহৰ প্রয়োগ প্ৰায় নোহোৱা হয়গৈ। 

(গ) অভ্যাসত পৰিণত হোৱা কাম কৰোঁতে দৈহিক শক্তিৰ ব্যৱহাৰ নিম্নতম পৰিমাণত হয়। 

(ঘ) যিকোনো কাৰ্য অভ্যাসত পৰিণত হ’লে তাক সহজে পৰিত্যাগ কৰা টান। 

(৬) অভ্যাসে মানুহৰ বুদ্ধি-বৃত্তি, যুক্তি ক্ষমতা, কল্পনা শক্তি, সৃজনী শক্তি, চিন্তাশক্তি আদি বিকাশ হোৱাত সহায় নকৰে। 

সম্ভাৱনা (Aptitude) :- এজন ব্যক্তিৰ বিভিন্ন কাৰ্য কৰাৰ ক্ষমতা বেলেগ হয়। সাধাৰণতে কোনো এক বিশেষ কাৰ্য, বিষয় বা বৃত্তি আয়ত্ত কৰিবৰ বাবে থকা প্রৱল স্বাভাৱিক ক্ষমতাকে সন্তাৱনা বুলি কোৱা হয়। অৰ্থাৎ সম্ভাৱনা এবিধ জন্মগত সামৰ্থ্য। মনোবিদসকলৰ মতে, বিশেষ ধৰণৰ মানসিক সংগঠনে বিভিন্ন মানুহক বিভিন্ন কাৰ্যত পাৰদৰ্শী কৰি তোলে। এই বিশেষ ধৰণৰ মানসিক সংগঠনকে সম্ভাৱনা বা প্রতিভা বা বিশেষ ক্ষমতা কোৱা হয়। 

শিক্ষাৰ্থীয়ে জীৱনত উপযুক্ত পাঠ্যক্ৰম বাছি লওঁতে বা সেইদৰে কৰ্মজীৱনত জীৱিকাৰ পথ বাছি লওঁতে প্রতোক ব্যক্তিয়েই নিজৰ বিভিন্ন বিষয়ৰ প্ৰতি থকা প্ৰৱণতা সম্পৰ্কে সচেতন হ’ব লাগে। প্রৱণতা নথকা এটা পথ বাছিলৈ পাছত অসুখী আৰু অকৃতকাৰ্য হোৱাৰ সম্তাৱনাই সৰহ। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ক্ষমতাৰ প্রয়োজন। মটৰ গাড়ী মেৰামতি কৰা মিস্ত্ৰী এজনৰ যান্ত্ৰিক সামৰ্থ্য থকা প্রয়োজন। তেওঁৰ কাৰণে বাক শক্তিৰ বিশেষ প্রয়োজন নাই। আনহাতে, উকীল এজনৰ কাৰণে প্ৰথৰ বাক শক্তিৰ প্ৰয়োজন, যান্ত্ৰিক সামৰ্থ্যই তেওঁৰ বৃত্তিত বিশেষ সহায়তা নকৰে। সেইদৰে হিচাপ পত্ৰ ৰখা এজন কৰ্মচাৰী সংখ্যাৰ লেনদেনৰ ক্ষেত্রত পাকৈত হেৱা প্রয়োজন। সেয়েহে সকলো ব্যক্তিৰে প্ৰৱণতা পৰিমাপ কৰা প্রয়োজন। মনোবিদসকলে উপযুক্তভাৱে প্ৰৱণতা জুখিব পৰা অভীক্ষা তৈয়াৰ কৰিবৰ বাবে বিভিন্ন কামৰ প্ৰয়োজনীয় ক্ষমতা খুটি-নাটি মাৰি বিশ্লেষণ কৰি বুজিবলৈ চেষ্টা কৰে। ইয়াকে বৃত্তি বিশ্লেষণ বোলে। শিক্ষাৰ ক্ষেত্রত প্রৱণতাৰ ভূমিকা গুৰুত্বপূৰ্ণ।ছাত্ৰ-ছাত্ৰীৰ সহজাত আৰু আৰ্জিত প্রৱণতাৰ ওপৰত তেওঁলোকৰ ভৱিষ্যতৰ কৃতকাৰ্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে প্রৱণতাৰ পৰিমাপণ বিদ্যালয়ৰ কাৰণে এক অতি প্রয়োজনীয় দায়িত্ব। 

বুদ্ধি (Intelligence) :- বুদ্ধি হৈছে ব্যক্তিৰ সহজাত এক বিশিষ্ট্য গুণ বা ক্ষমতা যাৰ যোগেদি পৰিবেশৰ পৰা অভিজ্ঞতা আহৰণ কৰিব আৰু তাৰ উপযুক্ত প্রয়োগ কৰিব পাৰি। ই এনে এবিধ বহল পৰিসৰৰ সাধাৰণ গুণ যি এজন লোকৰ দেহ মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে, ব্যক্তিগত ক্ষমতা বা যোগ্যতা এক বিশিষ্ট ৰূপত গঢ় দি তোলে। ই ব্যক্তি পাৰ্থক্যৰ মূল কাৰণ বা উৎসস্বৰূপ ৷এই গুণ আপেক্ষিকভাৱে স্থায়ী আৰু ই ব্যক্তিৰ সকলোবোৰ দেহ-মানসিক ক্ৰিয়া আচৰণ নিৰ্ধাৰণ, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। সেইবাবে ব্যক্তিয়ে কৰা আচৰণত বুদ্ধি প্ৰতিফলিত হৈ উঠে। 

বুদ্ধিৰ বৈশিষ্ট্য :-

(ক) বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত বা বংশগত স্বাভাৱিক ক্ষমতা যি সচৰাচৰ স্থায়ীভাৱে লাভ কৰা হয়। 

(খ) ব্যক্তিৰ ক্ৰিয়া-আচৰণ, সমস্যা সমাধান আৰু পৰিবেশত কৰা সমাযোজন কাৰ্যৰ যোগে বুদ্ধিৰ প্ৰকাশ লাভ হয়। 

(গ)ব্যক্তিৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। 

(ঘ) শিক্ষা বুদ্ধিৰ ওপৰত নির্ভৰশীল হ’লেও বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। 

(ঙ) ব্যক্তিৰ বিমূৰ্ত চিন্তন ক্ষমতা বুদ্ধিৰ পৰিচালক। 

বুদ্ধিৰ বিভিন্ন তথ্যসমূহ হ’ল :-

(ক) একক বা ৰাজতন্ত্ৰবাদী তত্ব। 

(খ) দ্বি-কাৰক বা সাৰগ্ৰাহী তত্ব।

(গ) সমূহ কাৰক বা অল্প সংখ্যক ৰাজতন্ত্রবাদী তত্ব।

(ঘ) বহুকাৰক বা অৰাজক তত্ব।

(ঙ) পদানুক্ৰম তত্ব।

সৃষ্টিশীলতা (Creativity) :- সাধাৰণতে বাল্য কালত সৃষ্টিশীলতাৰ বিকাশ সাধন হোৱা দেখা যায়। এই স্তৰত ল’ৰা-ছোৱালীয়ে বিভিন্ন ক্ষেত্ৰত নিভাজ মৌলিক প্রতিভাৰ বিকাশ বিভিন্ন কৰ্মৰ মাজেদি কৰা দেখা যায়। এই স্তৰৰ ল’ৰা-ছোৱালীয়ে কোনো বস্তু গঢ়ি, যেনে–কাঠৰ বা মাটিৰ মূৰ্তি, কাগজৰ ফুলপাত কাটি, ছবি আঁকি কিবা এটা নতুন সৃষ্টি কৰাৰ আনন্দত মগ্ন হৈ থকা দেখা যায়। শিশুৰ এনে ধৰণৰ সৃষ্টিশীল প্রতিভাৰ প্রতি বয়োজোষ্ঠসকল সচেতন হোৱা উচিত। এই ক্ষেত্ৰত শিক্ষক বা অভিভাৱকৰ ভূমিকাও নথকা নহয়। তেওঁলোকে শিশুৰ সৃষ্টিশীলতাৰ প্রতি গুৰুত্ব দি অধিক উৎসাহ-উদ্দীপনা যোগোৱা উচিত। শিশুসকলক তেওঁলোকৰ সৃষ্টি প্রতিভাৰ বিকাশৰ বাবে উপযুক্ত পৰিৱেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য তেতিয়াহে ভৱিষ্যতলৈ শিশুৰ মাজত সুপ্ত অৱস্থাত থকা সৃষ্টিশীল প্ৰতিভাৰ বিকাশ সাধন সম্ভৱ হ’ব পাৰে। 

ব্যক্তিত্ব (Personality) :- ‘ব্যক্তিত্বৰ ইৰোজী প্রতিশব্দ ‘Personality’ লেটিন ভাষাৰ ‘Persona’ নামৰ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে “ভাৱৰীয়াৰ মুখা” ৷ ৰোমানসকলে নাটকৰ চৰিত্ৰত ভাও দিওঁতে কেতবোৰ মুখা ব্যৱহাৰ কৰিছিল। সেইবাবে নটকৰ ভাৱৰীয়াসকলে মুখাৰ সহায়েৰে বচন উচ্চাৰণ কৰা কাৰ্যক ‘Personare’ আৰু ‘Persona’ বুলি কোৱা হৈছিল৷ ইয়াৰ ক্রমাগত প্রয়োগৰ ফলম্বৰূপে ভাৱৰীয়াজনৰ চৰিত্র প্রকাশ কৰিবলৈ ‘Persona’ শব্দৰ ব্যৱহাৰ হয়। অৱশেষত নাটকৰ পৰিৱৰ্তে ব্যক্তিৰ বাস্তৱ জীৱনত দেখা পোৱা আচৰণসমূহৰ বৈশিষ্ট্যকেই ব্যক্তিত্ব বোলে। 

মনোবিজ্ঞানী আলপৰ্টৰ মতে “সামাজিক উদ্দীপনাসমূহৰ প্রতি ব্যক্তিৰ বৈশিষ্ট্যপূৰ্ণ প্রতিক্ৰিয়া আৰু পৰিবেশৰ সামাজিক গাঁথনিৰ প্রতি তেওঁ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব। কিম্বল য়ঙে মত প্রকাশ কৰে যে ব্যক্তিত্ব হৈছে ব্যক্তিৰ কেতবোৰ সংগঠিত ভাব, মনোবৃত্তি সংলক্ষণ, মূল্যবোধ আৰু অভ্যাস, যাক তেওঁ আনৰ লগত তথা নিজৰ লগতো আদান-প্ৰদানত এক ভূমিকা আৰু সংস্থিতি স্বৰূপে গঢ় দি তোলে। 

ব্যক্তিত্বৰ বৈশিষ্ট্য :-

(ক) ব্যক্তিয়ে নিজকে পৰিবেশৰ লগত কৰা সমাযোজনতেই ব্যক্তিত্ব প্রকাশ পায়। 

(খ) সমাজৰ মাধ্যমেৰেই বাক্তিত্বই প্রকাশ লাভ কৰে। সমাজৰ বিভিন্ন লোকে এজন লোকৰ ব্যক্তিত্বৰ গুণৰাশি বৰ্ণনা তথা মূল্যায়ন কৰে। 

(গ) ব্যক্তিৰ দৈহিক আৰু মানসিক ক্রিয়াৰ সংযোগত ব্যত্তিত্বই প্রকাশ পায়। 

(ঘ) সমাজ বা জাতি একোটাৰ নিজস্ব বৈশিষ্ট্যৰ দ্বাৰাও ব্যক্তিত্ব প্রভাৱিত হয়। সমাজৰ ধৰ্মীয় পৰিবেশ, কৃষ্টি, সভ্যতা, ৰীতি-নীতি আদিয়ে এজন লোকৰ ব্যক্তিত্ব এক বিশেষ ৰূপত গঢ় দি তোলে। 

(ঙ) ব্যক্তিত্ব হৈছে এজন লোকৰ সমগ্ৰ দেহ-মনৰ ঐক্য, সামঞ্জস্য আৰু সুসংগঠনৰ প্রতীক। 

ব্যক্তিত্বৰ প্রধান তত্ত্বসমূহ :- 

(ক) শ্ৰেণীকৰণ তত্ত্ব।

(খ) সংলক্ষণ তত্ত্ব।

(গ) গেছেলৰ বৰ্ণনামূলক তত্ত্ব। 

(ঘ) ফ্ৰয়েডৰ তত্ত্ব।

(ঙ) মাৰেৰ তত্ব I

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top