অসমৰ কুটীৰ-শিল্প ৰচনা | Essay of Cottage Art in Assam

অসমৰ কুটীৰ-শিল্প ৰচনা | Cottage Art in Assam Essay Class 3 to 12 in Assamese, অসমৰ কুটীৰ-শিল্প ৰচনা Class 8 | অসমৰ কুটীৰ-শিল্প ৰচনা Class 9 | অসমৰ কুটীৰ-শিল্প ৰচনা Class 10 | অসমৰ কুটীৰ-শিল্প ৰচনা Class 11 | অসমৰ কুটীৰ-শিল্প ৰচনা Class 12 to each Syllabus wise provided in the list of SEBA / AHSEC can be of great value to excel in the examination.

Join Telegram channel

অসমৰ কুটীৰ-শিল্প ৰচনা

ৰচনা

“গা ধুই উঠিয়ে মাকক সুধিলে

আই কি সাজ সলাব পায়

ছাঁতে শুকোৱা মুঠিতে লুকোৱা

সেই সাজ সলাব পায়।”

আৰম্ভণি – প্ৰকৃতিৰ নুমলী জীয়াৰী অসমী আইক স্রষ্টাই সৃষ্টি-কৌশলৰ সকলাে মহিমাৰে মনােহৰা, মনােৰমাকৈ সৃষ্টি কৰিয়েই এৰা নাই, অসমীক প্ৰকৃতিৰ বুকুৰ সকলাে সম্ভাৰেৰে ঐশ্বর্যশালী কৰিও সৃষ্টি কৰিছিল। সেয়েহে ৰামায়ণ-মহাভাৰতৰ যুগৰপৰাই অসম-কামৰূপ ঐশ্বর্য আৰু কলা-সংস্কৃতিৰ অক্ষয় ভাণ্ডাৰৰূপে পৰিগণিত হৈ আহিছে। শিল্পকলাৰ ক্ষেত্ৰতাে অসমৰ খ্যাতি এসময়ত ৰৈ-বৈ গৈছিল। কিন্তু কালৰ কুটিল গতিত আজি অসম ভাৰতৰ ভিতৰতে আটাইতকৈ পিছপৰা ৰাজ্য।

কুটীৰ শিল্প – অতুল ঐশ্বর্য বিভূতিৰ বাবে যেনেকৈ অসম সােণৰ অসম বুলি খ্যাত হৈছিল, সেইদৰে কুটীৰ শিল্পৰ বাবেও অসমৰ নাম সদৌ ভাৰততে ৰজৰ্জনাই গৈছিল। কুটীৰশিল্পতত অসমে এদনীয়া আসন দখল কৰিবলৈ সমৰ্থ হৈছিল। এৰী,মুগা, পাট, কপাহী আদি বয়ন শিল্প, কঁহ-পিতলৰ নানাবিধ বাচন তৈয়াৰী শিল্প, কাঠ-শিল্প, বেত, বাঁহৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, হাতীৰ্দাত শিল্প, সােণ ৰূপৰ অলংকাৰ শিল্প, লােহা-শিল্প, পাটী-শিল্প, স্থপতি, ভাস্কর্য-শিল্প আদি এশ এবুৰি কুটীৰ-শিল্প অসমৰ বুকুত গজগজীয়া হৈ আছিল আৰু অসমক স্বাৱলম্বী কৰি তােলাৰ লগতে স্বয়ং-সম্পূর্ণ কৰি তুলিছিল। আৱহমান কালৰেপৰাই বয়ন শিল্পত অসম ভাৰত বিখ্যাত আছিল।

অসমৰ পাট-মুগাৰ ছাঁ-তে শুকোৱা মুঠিতে লুকোৱা সাজে এসময়ত দিল্লী-আগ্রাৰ মােগল হেৰেমসমূহত আলােড়ন সৃষ্টি কৰিছিল। বৰপেটা অঞ্চলৰ পাটৰ কাপােৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত বৈকুণ্ঠৰ পট ফুলন সর্বজনবিদিত এক গৌৰৱময় অধ্যায়। অসমীয়া ছােৱালীয়ে কাপােৰ ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা আছিল; তেনে ছােৱালীয়ে গ্রুপৰী নাম পাইছিল; অসমৰ জীয়াৰী-বােৱাৰীসকলােটি বয়ন-শিল্পত এনে কাজী আছিল যে ৰাতিৰ ভিতৰতে কপাহ নেওঠি, সূতা কাটি কাপােৰ বৈ উলিয়াই পিছদিনা পুৱা গৃহস্থক, পাে-নাতিক সেই কাপােৰ পিন্ধাই যুদ্ধক্ষেত্ৰলৈ সাজু কৰি পঠাইছিল।

এনে কাপােৰক কৱচ বােলা হৈছিল; এই কৱচ যাৰ গাত থাকিব তেওঁ অজেয়, অপৰাজেয়। অসমীয়া শিপিনীয়ে কাপােত তােলা ভমকা-ফুলীয়া ফুল চানেকি দেখি এসময়ত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, “অসমীয়া শিপিনীয়ে কাপােৰত পৰীৰ সাধু ৰচনা কৰে।” অসমীয়া পাট, মেজাংকৰী, কিংখাপে ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ জীয়াৰী-বােৱাৰীসকলক চমক লগাইছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্রেছ মহাসভাৰ মণ্ডপ নগাঁও জিলাৰ ৰহা, বাৰপূজীয়া মৰিগাঁও আদি অঞ্চলত তৈয়াৰ হােৱা কপাহী কাপােৰেৰে এনে মনােমােহাকৈ সজোৱা হৈছিল যে সমগ্ৰ ভাৰতৰ নেতাসকলে অসমীয়া শিপিনীৰ বয়ন-নৈপুণ্য দেখি চমৎকৃত হৈ ভূয়সী প্রশংসা কৰিছিল।

কাঁহ-পিতলৰ শিল্পৰ বাবেও অসম এসময়ত ভাৰতবিখ্যাত আছিল। ৰহাৰ কঁহৰ বাচনৰ খ্যাতি সমগ্র অসমতে ৰৈ-বৈ গৈছিল। হাজো, সৰ্থেবাৰী অঞ্চলে আজিও অতীতৰ ঐতিহ্য কিছু পৰিমাণে ৰক্ষা কৰি অসমৰ নাম জিলিকাই ৰাখিছে। বিভিন্ন ধৰণৰ কাহ-পিতলৰ বাচন-বৰ্তন, শৰাই আদি আজিও সন্মানৰ সামগ্ৰী হিচাপে পৰিগণিত হৈ আছে।

কাঠশিল্পও অসমীয়া জাতিৰ গৌৰৱৰ বাহন। নানাবিধ, আসনকসন আদিৰ বাহিৰেও অসমীয়া শিল্পীয়ে তৈয়াৰ কৰা বেদীৰ সিংহাসন, বিষ্ণুমূর্তি অন্যান্য মূর্তি, নানাবিধ মুখা, অন্যান্য আত্বাবপত্র আদিৰ যথেষ্ট সমাদৰ সমাজত আছে।।

বাঁহ-বেতৰ আবাব-পত্র, নিত্য-নৈমিত্তিক ব্যৱহাৰৰ পাচি, খৰাহী, উলা, চালনী, মাছ-মৰা সঁজুলি জাকৈ, পল, জুলুকি, ঠোহা, দলঙা, দিঙৰী আদি অসমীয়া সমাজত এতিয়াও বহুলভাৱে প্রচলিত আছে। আজিকালি বাঁহ-বেতৰ চকী, টেবুল আদিও সমাজৰ আদৰৰ বস্তু। এসময়ত ফুলামকৈ তৈয়াৰ কৰা সৰুদৈয়া, বৰদৈয়া জাপিৰ অতি আদৰ আছিল আৰু অভিজাত শ্ৰেণীৰ মহিলাসকলেও অলৈ-তলৈ গ’লে এই জাপি সন্মানেৰে ব্যৱহাৰ কৰিছিল। আজিকালি অৱশ্যে এই দুইবিধ জাপি তােৰণ আৰু চ’ৰাঘৰৰ সাজ-সজ্জাৰ আহিলাতহে পৰিণত হৈছে। তথাপি বাঁহৰ জাপিৰ ব্যৱহাৰ খেতিয়ক সমাজত এতিয়াও চলি আছে।

মাটিও বাচনবর্তন তৈয়াৰ কৰাটোও এক শ্ৰেণীৰ অসমীয়া মানুহৰ ব্যৱসায়। এক শ্রেণীৰ লােকৰ ইও এটা জীৱিকাৰ উপায়। বর্তমানেও অসমৰ বিভিন্ন ঠাইত এই শিল্প বর্তি আছে।

অসমৰ আন এটি অতি আপুৰুগীয়া আৰু গৌৰৱৰঞ্জিত শিল্প হৈছে হাতীদাতৰ শিল্প। এসময়ত অসমত প্ৰচুৰ পৰিমাণে হাতীৰ্দাত পােৱা গৈছিল। অসমীয়া শিল্পীয়ে হাতীর্দাতেৰে নানা কারুকার্যখচিত অলংকাৰ তৈয়াৰ কৰাৰ বাহিৰেও অতিশয় মনােৰম আৰু মসৃণ পাটী তৈয়াৰ কৰিছিল। তেনে পাটী বর্তমান সময়ত দুই-এখন সত্ৰৰ বাহিৰে আৰু ক’তাে পাবলৈ নােহােৱা হৈ আহিছে। বর্তমান অসমৰ কেৱল বৰপেটা অঞ্চলতহে এই শিল্প বর্তি আছে। হ’লেও হাতীদাঁতৰ যােগান কমি যােৱাত এই শিল্প ভীষণ সংকটৰ সন্মুখীন হ’বলগা হৈছে।

সােণ-ৰূপৰ অলংকাৰ তৈয়াৰী শিল্পও অসমৰ এক মূল্যৱান শিল্প। এসময়ত অসমত প্ৰচুৰ পৰিমাণে সােণ পােৱা গৈছিল। সােৱণশিৰি নৈৰ বালিৰপৰাও প্ৰচুৰ পৰিমাণে সােণ আহৰণ কৰা গৈছিল। অসমৰ সােণাৰীৰ কাৰুকার্যখচিত সােণৰূপৰ অলংকাৰ অতি আদৰৰ বস্তু আছিল। জোনবিৰি, ঢােলবিৰি, কেৰু, জাংফাই, গেজেৰা, থুৰীয়া অসমীয়াৰ বৰ আদৰৰ অলংকাৰ।

লােহাৰে তৈয়াৰী কটাৰী, যাঠি আদি নানাবিধ ব্যৱহার্য বস্তু, হিলৈ, বতােপ, হেংদান আদি নানাবিধ । যুদ্ধৰ সঁজুলি অসমীয়া শিল্পীয়ে অসমতে আহৰণ কৰা লােৰে তৈয়াৰ কৰি লৈছিল। শুনা মতে অসমৰ কোনাে কোনাে অঞ্চলত পােৱা বিশেষ এবিধ মাটিৰপৰা নানা প্রক্রিয়াৰে লাে তৈয়াৰ কৰা হৈছিল। কিন্তু ক’ত, কেনেভাৱে তৈয়াৰ কৰা হৈছিল তাৰ সম্ভেদ বর্তমান পােৱা নাযায়।

পাটী-দৈৰে পাৰ্টী তৈয়াৰ কৰাটোও অসমৰ এক শ্ৰেণীৰ লােকৰ ব্যৱসায়। কঠ, পাটী আদি অসমৰ বিভিন্ন ঠাইত তৈয়াৰ হয়।

অসমৰ পুৰণি মঠ-মন্দিৰ, দৌল-দেৱালয়বােৰ অসমৰ এবিধ বিশেষ ধৰণে তৈয়াৰী ইটাৰে সজোৱা হৈছিল, মাটিমাহ, বৰা চাউল, বৰালি মাছ, কণী আদি বস্তু মাটিৰ লগত মিহলাই তৈয়াৰ কৰা ইটা শিলৰ তুল্য। জয়দৌল, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতলঘৰ আৰু অসমৰ বিভিন্ন ঠাইত থকা দৌল-দেৱালয়বােৰ এই ইটাৰে তৈয়াৰ কৰা হৈছিল। কিন্তু কালৰ কুটিল গতিত পর্যাপ্ত পৰিমাণৰ সামগ্ৰীৰ অভাৱত, তদুপৰি কাৰিকৰ নােহােৱা হৈ যােৱাৰ বাবে এই শিল্প লুপ্ত হৈ গৈছে।

অসমৰ পর্বতে কন্দৰে গুহাই-গহূৰে থকা নানা শিলা খােদিত মূর্তি আদি অসমৰ শিল্পীয়েই তৈয়াৰ কৰিছিল। এই শিল্পৰ নিদর্শনাে সমগ্ৰ অসম বিয়পি আছে। কিন্তু দুখৰ বিষয়, অসমত বর্তমান যুগত ভাস্কৰৰ অভাৱ পৰিলক্ষিত হৈছে।

অৱনতিৰ কাৰণ – অসমত ইমানবােৰ কুটীৰশিল্প থকা সত্ত্বেও আজি অসম আর্থিক অনাটনত জর্জৰিত; তদুপৰি উদ্যোগত অতিশয় পিছপৰা। ইয়াৰ মূল কাৰণ, বর্তমান সময়ত কেঁচাসামগ্ৰীৰ যথেষ্ট অভাৱ পৰিলক্ষিত হৈছে। দ্বিতীয়তে বৈজ্ঞানিক যুগৰ বৃহৎ উদ্যোগৰ বৃহৎ পৰিমাণৰ উৎপাদনৰ সৈতে, ক্ষুদ্র উদ্যোগসমূহে ফেৰ মাৰি চলিব নােৱাৰে। তৃতীয়তে বৃহৎ উদ্যোগৰ জাকজমকীয়া বস্তুৰ প্রতি মানুহৰ এটা বাহ্যিক আকর্ষণ আহি পাৰিছে; যাৰ ফলত কুটীৰ-শিল্পসমূহলৈ মানুহৰ শ্ৰদ্ধা কমি গৈছে। কুটীৰ-শিল্পত পৰিশ্ৰম বেছি অথচ উৎপাদন কম হয়; ফলত মূল্য বেছি হয়। গতিকে যান্ত্রিক উৎপাদনৰ তুলনাত অধিক মূল্যৰ বস্তুৰ প্ৰতি, মানুহৰ স্বাভাৱিক অৱহেলা আহি পৰিছে।

আনহাতেদি বিদেশী, সস্তীয়া আৰু বিজতৰীয়া সভ্যতাৰ প্রতি মানুহ আকৃষ্ট হােৱাৰ ফলত এই বহুমূলীয়া, গৌৰৱপূৰ্ণ শিল্পৰ প্রতি মানুহ আওকণীয়া হৈছে: চাকৰিৰ মনােবৃত্তি গঢ়ি উঠাৰ ফলত শিল্পসমূহৰ চৰ্চা ক্রমে কমি গৈছে আৰু সেয়েহে উপযুক্ত কাৰিকৰ আৰু প্ৰশিক্ষণৰ অভাৱত, উপযুক্ত মানদণ্ডৰ সামগ্রী তৈয়াৰ বাধাপ্রাপ্ত হৈছে লগতে চাহিদা অনুপাতে উৎপাদন নহয়। এইবােৰ কাৰণতে, তদুপৰি প্ৰকৃতাৰ্থত বহু সময়ত চৰকাৰী আৰু বেচৰকাৰী উপযুক্ত পৃষ্ঠপােষকতাৰ অভাৱতেই এই কুটীৰ শিল্প-উদ্যোগসমূহে বিলুপ্তিৰ ক্ষণ গণিব লগা হৈছে।

তথাপিও অসমীয়া শিল্পীসকলে এই শিল্পসমূহ জীয়াই ৰাখিবৰ কাৰণে যি প্রচেষ্টা চলাই আহিছে, সি উচ্চ প্রশংসনীয়। শুৱালকুছি অঞ্চলত এতিয়াও পাট-মুগাৰ কাপােৰ, নগাঁৱৰ বিভিন্ন ঠাইত এৰী, কপাহী কাপােৰ সূতাৰ উৎপাদন, বৰপেটা অঞ্চলত হাতীদাতৰ অলংকাৰৰ উৎপাদন আৰু অন্যান্য ঠাইত কম-বেছি পৰিমাণে অন্যান্য শিল্প-সামগ্ৰীৰ উৎপাদনৰ আৰু এই শিল্পসমূহ সংৰক্ষণৰ আৰু পৰিবৰ্দ্ধনৰ যি প্রচেষ্টা চলি আছে, সি প্রশংসাৰ মােগ্য। হাজো-সৰ্থেবাৰী অঞ্চলৰ কঁহ-পিতলৰ সামগ্ৰীৰ চাহিদা আজিও কমা নাই আৰু নকমেও; কিন্তু কাৰিকৰসকলৰ মূলধনৰাে অভাৱ; কেঁচাসামগ্ৰীৰৰ অভাৱ; তাৰ ফলত কাৰিকৰসকলে পৰিশ্ৰম অনুযায়ী মজুৰী নাপায়। লাভৰ অধিকাংশ যায় মহাজনসকললৈ।

উন্নয়নৰ উপায় আৰু মন্তব্য – বিজ্ঞানে যিমানেই উন্নতি সাধন নকৰক লাগিলে আৰু যিমানেই বৈজ্ঞানিক কৌশলেৰে নিত্য নতুন চকচকীয়া সামগ্রী, আচবাবপত্র উদ্ভাৱন নকৰক লাগিলে পৃথিৱীত যেতিয়ালৈকে দৰিদ্র শ্ৰেণীৰ লােক থাকিব, তেতিয়ালৈকে কুটীৰশিল্পও বৰ্তি থাকিব। কিন্তু তাৰ কাৰণে, তদুপৰি এই কুটীৰশিল্পসমূহৰ উন্নয়নৰ কাৰণে সামূহিক প্রচেষ্টাৰ নিতান্তই প্রয়ােজন হৈছে। যিহেতু অসমীয়া জাতি আর্থিক দিশত অনগ্ৰসৰ, কাৰিকৰী দিশত বহু পৰিমাণে অনুন্নত- গতিকে বহল ভিত্তিত এই শিল্পসমূহৰ উৎপাদনৰ কাৰণে চৰকাৰী সাহায্য আৰু পৃষ্ঠপােষকতাৰ একান্ত আৱশ্যক। কম সময়ত, কম পৰিশ্ৰম আৰু কম খৰচত কি উপায়েৰে অধিক উৎপাদনক্ষম কৰি তুলিব পৰা যায় তাৰ কাৰণে গৱেষণাৰাে প্রয়ােজন।

কাৰিকৰ তথা শিল্পীসকলকো যাতে অধিক কার্যক্ষম আৰু দক্ষ কৰি তুলিব পৰা যায়, তাৰ বাবে প্ৰশিক্ষণৰৰ ব্যৱস্থাৰ আৱশ্যক। ইয়াৰ বাবে চৰকাৰী পৃষ্ঠপােষকতা অত্যাৱশ্যকীয়। বর্তমান সময়ত বহুতাে শিক্ষিত যুৱক নিবনুৱা হৈ আছে তেওঁলােককো একোটা বৃত্তি দিয়াৰ ব্যৱস্থা কৰি এই উদ্যোগসমূহৰ প্রশিক্ষণ দিয়াই, সেই বৃত্তিত আত্মনিয়ােগ কৰিবৰ সুবিধাৰ কাৰণে চৰকাৰী সাহায্য, ঋণ আদিৰ ব্যৱস্থা কৰিব লাগে। লগে লগে পর্যাপ্ত পৰিমাণে কেঁচা-সামগ্রী যাতে যােগান ধৰিব পৰা যায়, তাৰ কাৰণেও চৰকাৰী ব্যৱস্থা হাতত লােৱা উচিত। সর্বতােপৰি জাতীয় চেতনা জগাই তুলি, জাতীয় ঐতিহ্যৰ প্ৰতি আগ্রহশীল কৰি তুলি শিক্ষিত যুৱকসকলক শিল্পপ্রাণ কৰি তােলাৰ জাতীয় ব্যৱস্থা হ’ব লাগে। তাকে কৰিব পাৰিলে জাতীয় কুটীৰ-শিল্পসমুহৰৰ উন্নতি হৰ আৰু নিবনুৱা সমস্যা সমাধানৰ পথে প্রশস্ত হ’ব।

1 thought on “অসমৰ কুটীৰ-শিল্প ৰচনা | Essay of Cottage Art in Assam”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top