মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

Join Telegram channel

মানুহৰ কামনাৰ অন্ত নাই। অনন্ত কামনাই মানুহক চিৰদিনৰ কর্মচঞ্চল কৰি ৰাখিছে। মানুহে নােপােৱাটো পাবলৈ, নেদেখাটো চাবলৈ সদায় ব্যর্থ। তাৰ ফলত মানুহে প্ৰকৃতিৰ বুকুৰ সৰ্বস্ব উদঘাটন কৰি আৰু প্ৰতিটো উপকৰণ আহৰণ কৰি, সুখ-সমৃদ্ধি বৃদ্ধি কৰাৰ লগতে প্ৰকৃতিৰ বুকুত মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে। আজিৰ যুগত প্রকৃতিয়ে বুকু উদঙাই  চিৰসঞ্চিত সম্পদবােৰ আহৰণ কৰি পৃথিৱী বিনন্দীয়া কৰি তুলিবলৈ মানুহক অহর্নিশে আহ্বান জনাইছে। সেই আহ্বানৰ প্রতি সঁহাৰি জনাই যি জাতিয়ে যিমান পৰিমাণে প্রকৃতিক অধ্যয়ন কৰি, প্ৰকৃতিৰ বুকু খুলি চাবলৈ প্ৰয়াস কৰিছে সেই জাতিয়ে সিমানেই দ্রুততাৰে অগ্ৰগতিৰ পথত আগবাঢ়ি বিশ্ব দৰবাৰত গৌৰৱৰ ধ্বজা উৰুৱাই নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিব পাৰিছে।

যিদিনা গেলিলিওৱে সূর্ষ স্থিৰ আৰু গ্রহ-উপগ্রহবােৰেহে তাৰ চাৰিওফালে পৰিভ্রমণ কৰে বুলি প্রমাণ কৰি দেখুৱাইছিল সেইদিনা মানুহে তেওঁক নাস্তিক, ধর্মদ্রোহী বুলি কাৰাগাৰত বন্দী কৰি থৈছিল। জজ ষ্টিফেচনে ৰেলগাড়ী চলাই দেখুৱাওঁতে তাক ভূত-প্রেতৰ লীলা বুলি বিদ্রুপ কৰিছিল; আজি সেই মানুহেই বিজ্ঞানক সাবটি লৈ মহাবিশ্ব পাৰি দি বিজয় ঘােষণা কৰিছে। বিজ্ঞানৰ জয়গুণ গাইছে।

মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা

অৱদান

জুই আৰু লাে আৱিষ্কাৰ হােৱাৰ দিন ধৰি বিজ্ঞানে জগতত নিজৰ স্থান প্রতিষ্ঠা কৰি লৈছে। লগে লগে বাষ্পৰ অসীম শক্তিৰ প্ৰভাৱ মানুহৰ বােধগম্য হােৱাত বিবিধ আৱিষ্কাৰৰ পথ সুগম হল। ভাপ ইঞ্জিন আৱিষ্কাৰ হােৱাৰ পাছৰেপৰা ৰেলগাড়ী প্রচলন হৈ দীঘলীয়া পথবােৰ চমু কৰি তুলিলে। নানা সম্ভাৰ, সামগ্রী এঠাইৰপৰা অ” ঠাইলৈ নিয়াত সহজ হ’ল। পেট্রল আৱিষ্কাৰ হােৱাৰ পাছত পেট্রল ইঞ্জিন ওলাল, আৰামত দ্রুতবেগেৰে অলৈ-তলৈ যাত্রা সুগম হৈ পৰিল। ডিজেল ইঞ্জিনাে ওলাল। তাৰ ফলত গধুৰ বােজাবােৰ ৰেলপথ নথকা ঠাইলৈকো কম খৰচতে অনা-নিয়াৰ সুচল হ’ল। যাতায়াত এই সুচলে মানুহক আদিম যুগৰ হাবিৰ মাজৰ সুৰীয়া ভয়াৱহ বাটৰপৰা আনি শিলগুটি দিয়া মুকলি বাটলৈ আনিলে; তাৰ পাছতাে পিচ দিয়া নিমজ ৰাস্তালৈ উলিয়াই আনি দূৰ-দূৰণিৰ ঠাইৰ লগত সহজ সংযােগ ঘটাই দিলে। বেপাৰ বাণিজ্যত প্রভূত সুফল আগবঢ়ালে ৰপ্তানি-আমদানিৰ সৃষ্টি কৰি নিজ নিজ দেশৰ চাহিদা পূৰণৰ লগতে বৈদেশিক বাণিজ্যৰ সৃষ্টি কৰি আর্থিক উন্নয়নত ইন্ধন যােগালে। আকাশীযানৰ আৱিষ্কাৰে যাতায়াত আৰু দ্রুত আৰু সহজসাধ্য কৰি তুলিলে।

মানুহে কম সময়তে পৃথিবীৰ ইমূৰ-সিমূৰৰ লগত যােগাযােগ ৰক্ষা কৰিব পৰা হ’ল। পৃথিৱীখন ঠেক আৰু ক্ষুদ্র কৰি তুলিলে আকাশীযানে। আমি পুৱাৰ আহাৰ ভাৰতত খাই দুপৰীয়াৰ আহাৰ ইউৰােপৰ কোনাে ঠাইত খাব পৰা হ’লাে কাকত আৰু ছপাশাল আৱিষ্কাৰ হােৱাৰপৰা মানুহে অকল যে বিদ্যা-শিক্ষা কৰি গুণী-জ্ঞানী হ’ব পাৰিছে, এনে নহয়, গ্ৰন্থৰ বুকুত জ্ঞান সঞ্চিত কৰি জন্ম-জন্মান্তৰলৈ, পুৰুষৰপৰা পুৰুষলৈ হস্তান্তৰিত কৰিবলৈ সক্ষম হলাে। বাতৰি, আলােচনীৰ যােগেদি বিশ্বৰ দৈনন্দিন বা বাতৰি ঘৰতে বহি জানি লৈ এফালে জ্ঞানৰ পৰিসৰ বৃদ্ধি পৰিব পৰা হ’লাে, আনহাতেদি-জগতৰ বিভিন্ন সংস্কৃতি আৰু সভ্যতাৰ সংস্পর্শ লাভ কৰি মহান বিশ্বসংস্কৃতি আৰু সভ্যতা গঢ়ি তুলিবলৈ, বিশ্ব-মানৱক ভ্রাতৃ বুলি আঁকোৱালি ল’বলৈ আগবাঢ়ি যাবলৈ সমৰ্থ হ’লোঁ।

বিজুলী শক্তিৰ আৱিষ্কাৰে যান্ত্রিক জগতত নৱ উন্মেষৰ সৃষ্টি কৰি, বৃহৎ উদ্যোগ গঢ়ি তুলি নিতে নৱ উৎপাদনেৰে সভ্যতাক ক্ষিপ্র গতিৰে আগুৱাই লৈ গৈছে। বিজুলী বস্তিৰে দিন-ৰাতি একাকাৰ কৰি অবাৰিতভাৱে কাম কৰি যাবলৈ মানুহক সহায় কৰিছে। শীতল উত্তাপৰ উম লৈ, গৰমত শান্তিৰ বা-ছাটি লৈ আৰামেৰে কৰ্ম কৰিবলৈ বিজুলী পাংখা, শীততাপ নিয়ন্ত্রিত কৰা যন্ত্রই আমাক উদ্যম আৰু প্ৰেৰণা যােগাইছে দেহৰ ক্লান্তি দূৰ কৰাত সহায় কৰিছে।

গ্রামােফোনৰ আৱিষ্কাৰে সংগীতৰ মধুৰ মাধুৰী উপভােগ কৰাইছে মানুহক; বােলছবিৰ আৱিষ্কাৰে জীৱন-গাথাক বাণীবদ্ধ কৰাৰ লগেত অভিনয়ৰ আস্বাদেৰে মানুহক মানসিক মনােৰঞ্জন কৰাৰ লগতে সংগীতৰ অমিয়া ধাৰাৰে হৃদয়ত প্রশান্তি আনি দিছে। টেলিভিচনে আৰু এখােপ আগুৱাই গৈ বিশ্বৰ বৰেণ্যসকলক তেওঁলােকৰ মহান বাণীৰে সৈতে আমাৰ মুখামুখি কৰি দিয়াৰ উপৰি বিশ্বৰ সুগায়ক-গায়িকা, অভিনেতা, প্রথিতযশা নৃত্য-শিল্পীসকলক আৰু লগতে তেওঁলােকৰ গীত, অভিনয়, নৃত্য আদিক আমাৰ চকুৰ আগতে দাঙি ধৰি উপভােগ কৰাইছে। টেলিভিচন, কিন্তু অনাৰ্তাৰ যন্ত্র বা ৰেডিঅ’ আজি পৃথিৱীত প্রতি চুকে-কোণে সােমাই পৰিছে। পৃথিৱীৰ বা বাতৰি, আলাপ-আলােচনা, মহৎ লােকৰ বাণী, নাট-গীত-মাত আদি লিখা-পঢ়া নজনা লােকেও ঘৰতে বহি থাকি শুনিবলৈ, উপভােগ কৰিব সুবিধা পাইছে।

আজিৰ মানুহে পানীৰ কাৰণে নৈ, বিল, নিজৰাৰ ওপৰত নিৰ্ভৰশীল হ’বৰ প্ৰয়ােজন নাই। গাঁৱে-গাঁৱে চুবুৰিয়ে চুবুৰিয়ে নলী নাদৰ ব্যৱস্থা হৈছে। পাইপৰ যােগেদি পানী যােগানৰ বহুল ব্যৱস্থা নগৰে, চহৰে, আনকি উন্নতিশীল গাঁওবােৰতো হ’ব লাগিছে; এটা টে ঘূৰাই দিয়েই ঘৰৰ ভিতৰতে আমি পৰিষ্কাৰ পানী পাবলৈ সমৰ্থ হৈছাে। আমাৰ খেতিয়কে পানীৰ কাৰণে এতিয়া মৌচুমীৰ মুখলৈ বাট চাই থকাৰ প্ৰয়ােজন নােহােৱা হৈছে; নদীৰপৰা, বিল আদিৰপৰা নলা তৈয়াৰ কৰি পানী কল বই পথাৰলৈ পানী নিয়া হৈছে; জল-বিদ্যুৎ উৎপাদন কৰি, নানা কল কাৰখানা পৰিচালনা কৰি বিভিন্ন উৎপাদন বৃদ্ধি কৰা হৈছে।

টাইপ ৰাইটাৰে অফিচ, কোর্ট, কাছাৰীৰ কাম সহজ কৰি তুলিছে। কম্পিউটাৰৰ সহায়ত সূক্ষ্মাতিসূক্ষ্ম কামাে নির্ভুলভাৱে কৰিব পৰা হৈছে।

চিকিৎসাবিজ্ঞানৰ নৱ নৱ আৱিষ্কাৰে মানুহৰ পৰমায়ু বৃদ্ধি কৰি মৃত্যুৰ হাৰ কমাই পেলাইছে মানুহে মৰণৰ লগতাে সংগ্রাম কৰিবলৈ সমৰ্থ হৈছে। আনকি টেষ্ট টিউবতাে প্রাণৰ সঞ্চাৰ কৰি মানুহে ভগৱানৰ অস্তিত্বক প্রত্যাহান জনাবলৈ সমৰ্থ হৈছে। জিনৰ আৱিষ্কাৰে, হৃৎপিণ্ডৰ সংযােজনেৰে পৃথিৱীত মানুহক দেৱত্ব প্ৰদান কৰিছে বিজ্ঞানে। “ফ্রিজ’ৰ উদ্ভাৱনে কোনাে খাদ্য-সম্ভাৰকে নষ্ট নােহােৱাকৈ বহু দিনলৈ ৰাখিবলৈ সমৰ্থ কৰাইছে; অবতৰতাে নানা ফলমূল, শাক-পাচলি যােগান ধৰিবলৈ সমৰ্থ হৈছে। আজিৰ বিজ্ঞানে সৌৰশক্তি আৰু মহাজগতিক শক্তিক আয়ত্তৰ অধীনলৈ আনি বিশ্বৰ কল্যাণত প্রয়ােগ কৰিব পাৰিছে মহাকাশযানৰ উদ্ভাৱন কৰি গ্রহ-গ্রহান্তৰলৈ পঠাই সেইবােৰৰ বিষয়ে অধ্যয়নত মানুহ ৰত হ’ব পাৰিছে। চন্দ্ৰৰ বুকুত মানুহৰ অৱতৰণ সম্ভৱ কৰি তুলিছে। যন্ত্রপাতিয়ে কাপােৰ কানিকে আৰম্ভ কৰি নানা বিলাসৰ সম্ভাৰেৰে পৃথিৱী উপচাই দি মানুহক আগুৱাই নিছে সভ্যতাৰ বাটেৰে।

Read Also: টেলিভিচন ৰচনা | Television Essay in Assamese

সভ্যতাৰ বাটত সহায়

মুঠতে মানুহৰ উন্নয়নৰ প্রতি পদক্ষেপতে বিজ্ঞানে অৰিহণা যােগাই মানুহক সভ্যতাৰ বাটত আগবঢ়াই লৈ গৈছে। আজিৰ মানৱে সর্বতােমুখী উন্নতি সাধন কৰি আধুনিক সভ্যতা গঢ়ি তুলিছে বিজ্ঞানৰ প্ৰভাৱত। মানৱ জীৱনৰ প্ৰতি পদক্ষেপতে প্রতিকূল পৰিস্থিতিয়ে মানুহৰ শকতিক প্ৰত্যাহ্বান জনাই আহিছে। প্রতিকূল পৰিৱেশৰ লগত মানুহে সদায় সংগ্রাম কৰি আহিবলগা হৈছে। গতিকে মানুহৰ উন্নতিৰ ইতিহাস সংগ্ৰামৰ ইতিহাস। সংগ্রামেই জীৱন। বিজ্ঞানে সেই সংগ্রাম ৰথৰ সাৰথি হৈ পথৰ নির্দেশ দি জয়যাত্ৰাৰ বাটত মানুহক ইন্ধন যােগাইছে। সেয়েহে কুৰি শতিকাত বিজ্ঞানেই সভ্যতাৰ পথপ্ৰদৰ্শকৰূপে অভিহিত হৈছে।

বিজ্ঞানে এইদৰে অলেখ অৱদানেৰে মানুহক সভ্যতাৰ বাটত আগুৱাই নিয়া সত্ত্বেও আজিৰ সুসভ্য মানুহে এটা কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে বিজ্ঞানে মানুহক সভ্যতাৰ বাটত আগুৱাই নি নি এনে স্তৰত উপনীত কৰাইছে, যৰপৰা মানুহে শক্তি পৰীক্ষাৰ এক শীতল যুদ্ধত অৱতীৰ্ণ হৈছে। প্রতিযােগিতা চলিছে আণৱিক শক্তি কোন কিমান চহকী তাক প্রতিপন্ন কৰাৰ। দ্বিতীয় মহাসমৰৰ ভয়াৱহ ধ্বংসলীলাই তাৰ চূড়ান্ত নিদর্শন। দ্বিতীয় মহাসমৰে নাগাচাকি আৰু হিৰােচিমাত ধ্বংসৰ যি তাণ্ডৱলীলা চলালে তাৰ স্মৃতি মানুহে পাহৰিব পৰা নাই। আইকমেনৰ নেতৃত্বত জার্মানীত মানুহ নিধনৰ যি মহাযজ্ঞ চলিল; তাৰ ধোৱা, ছাইৰ আজিও অন্ত পৰা নাই।

বিজ্ঞানৰ এই দানৱীয় শক্তিয়ে বিশ্বৰ বুকুত সৃষ্টি কৰা ভয়াৱহ ধ্বংসলীলাই আজিৰ মানুহক আতংকিত কৰি তুলিছে। কাৰণ, বিশ্বই আজি জানিছে যে কেইটিমান শক্তিশালী জাতি আজি এনে এক আণবিক শক্তিসম্পন্ন সর্বধ্বংসকাৰী বােমাৰ অধিকাৰী হৈ পৰিছে যাৰ সহায়ত চকুৰ পচাৰতে বিশ্বৰ বিস্তৃত অঞ্চলত প্ৰলয়ৰ সূচনা কৰি দিব পাৰে। আনকি সমগ্র পৃথিৱীকে ধ্বংস কৰি দিব পাৰে। আনহাতেদি যিমানে যানবাহনৰ সংখ্যা বাঢ়িছে, তিমনেই দুর্ঘটনা আদিও বৃদ্ধি হােৱাত হাজাৰ হাজাৰ নিৰপৰাধী লােকে, নিকৰুণভাৱে মৃত্যুবৰণ কৰিবলগা হৈছে। বিজ্ঞানে বিশ্বত ধ্বংসৰ ভয়াৱহতা বৃদ্ধি কৰিছে। ফলস্বৰূপে বিজ্ঞানে মানৱ জীৱনলৈ অগ্রগতিৰ নামত যে কেৱল দুখ, বেথা-বেদনাকেই কঢ়িয়াই আনিছে, এনে নহয় মানুহক প্রবঞ্চনাও কৰিছে।

অপকাৰ

আন এটা দিশলৈ লক্ষ্য কৰিলে আমি দেখি, বিজ্ঞানে মানুহৰ হাতৰ কাম কাঢ়ি লৈ এক শ্রেণীৰ মানুহক কর্মহীন, সংস্থানহীন কৰি তুলি অনাহাৰৰ মুখলৈ ঠেলি দিছে। দৰিদ্ৰবােৰ ক্ৰমাৎ বেছি দৰিদ্ৰ হৈ গৈছে ভিক্ষাৰীত পৰিণত হৈছে। ধনীসকল বেছি ধনী হৈছে পুঁজিপতিসকল কোটিপতি হৈছে, মানুহৰ শান্ত-সুন্দৰ, সনাতন জীৱন-ছন্দ ধৰাৰ বুকুৰপৰা অন্তনিহিত হৈছে, কৃত্রিম সভ্যতাৰ সৃষ্টি হৈছে। মানুহে বিজ্ঞানৰ ঐন্দ্রজালিক প্রভাৱৰপৰা, বিভীষিকাৰপৰা কেতিয়াবা মুক্তি পাবনে?

Read Also: Class 11 Assamese Question Answer

মন্তব্য

বিজ্ঞানৰ বলত শক্তিশালী হৈ যিসকলে আত্মম্ভৰিতাৰ চৰম নিদর্শন দেখুৱাইছে, সেইসকলে। পৰিৱৰ্তন হ’ব লাগিব নৈতিক চৰিত্ৰৰ, পৰিৱৰ্তন হ’ব লাগিব সমাজ ব্যৱস্থাৰ। নৰমেধ যজ্ঞৰ আয়ােজনকাৰী ক্ষমতা প্রয়াসীসকলৰ হাতৰপৰা বিজ্ঞানৰ শক্তি কাঢ়ি আনি শান্তিকামী জনতাৰ হাতত অৰ্পণ কৰিব লাগিব। যিসকলে মানুহক গুলীয়াই আত্ম-তৃপ্তি লাভ কৰে, যিসকলে মানুহ আল্লাদ চাই সন্তুষ্টিৰ হাঁহি মাৰে; তেনে হৃদয়হীন অমানুহৰপৰা বিজ্ঞান কাঢ়ি আনি সর্ব-ধ্বংসী মাৰণাস্ত্র নির্মাণকাৰী বৃত্রাসুৰবােৰৰপৰা আঁজুৰি আনি বিজ্ঞানক শান্তিপ্রিয় মানুহৰ আজ্ঞাবাহী ভৃত্যৰূপে গঢ়ি তুলি কেৱল কল্যাণৰ বাবেই প্রয়ােগ কৰিব লাগিব। সেয়ে নহ’লে এদিন সভ্যতাও বিপন্ন হ’ব আৰু লগতে পৃথিৱীও ধ্বংসৰ কৰালগ্রাসত পৰি চুমাৰ হৈ যাব। বিজ্ঞান ধ্বংসশীল নহৈ মানুহৰ দুখ দাৰিদ্ৰ নিবাৰণৰ আহিলা হওক কামনা সেয়ে।

আমি আশা কৰিছো মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top