Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government | বিকেন্দ্রীকৰণ আৰু স্থানীয় চৰকাৰ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Question Answer can be of great value to excel in the examination.

Join Telegram channel

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

11. গুৱাহাটী পৌৰ নিগমৰ গঠন, কার্যাৱল, ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা?

উত্তৰঃ গুৱাহাটী পৌৰ নিগম: (Guwahati Municipal Corporation) অসমৰ একমাত্ৰ চহৰ অঞ্চলৰ পৌৰ নিগম হ’ল গুৱাহাটী পৌৰ নিগম। ১৯৬৯ চনৰ গুৱাহাটী পেৰ নিগম আইন। অনুসৰি ১৯৭৪ চনত গুৱাহাটী পৌৰ নিগম গঠন কৰা হয়।

গঠন (Formation):

১। ১৯৬৯ চনৰ গুৱাহাটী পৌৰ নিগম আইন অনুসৰি গুৱাহাটাৰ মহানগৰী হিচাপে ঘোষণা কৰা হৈছে। এই আইন অনুসৰি গুৱাহাটী পৌৰ নিগমৰ এলেকা নিৰ্ধাৰণ ক্ষমতা ৰাজ্যিক চৰকাৰ থাকিব।

২। ১৯৬৯ চনৰ আইন অনুসৰি গুহাটী পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা হ’ব ৬০ জন। মহানগৰত বাস কৰা প্ৰতি ৭৫০০ জন নাগৰিকৰ মাজৰপৰা এজনকৈ প্ৰতিনিধি সৰ্বজনীন ভোটাধিকাৰৰ দ্বাৰা নিৰ্বাচিত হ’ব। এই প্রতিনিধিসকলক কাউন্সিলৰ (Councillor) হিচাপে জনা যায়।

৩। প্রতিনিধি নিৰ্বাচনৰ সুবিধার্থে প্রতি ৭৫০০ নাগৰিক থকা অঞ্চলক লৈ মহানগৰীখন কিছুমান খণ্ড বা ৱাৰ্ড (Ward) ত বিভক্ত কৰা হৈছে। প্ৰতি খণ্ড বা ৱাৰ্ডৰপৰা একোজনকৈ প্রতিনিধি নির্বাচন কৰা হ’ব।

৪। যদি কোনো ৱাৰ্ডৰ মুঠ জনসংখ্যাৰ পাঁচ শতাংশ বা ততোধিক অনুসূচিত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ লোক হয় আৰু যদি

উক্ত সম্প্ৰদায়ৰ লোক নিৰ্বাচিত নহয় তেন্তে এনে সম্প্ৰদায়ৰ একোজনকৈ সদস্য নিগমলৈ মনোনীত হ’ব।

৫। পৌৰ নিগমৰ মুঠ সদস্যৰ এক-তৃতীয়াংশ মহিলা সদস্যৰ বাবে সংৰক্ষিত হ’ব।

৬। নিগমৰ সদস্যসকল মহানগৰীৰ বাসিন্দাসকলে সৰ্বজনীন প্রাপ্ৰবয়স্ক ভোটাধিকাৰৰ জৰিয়তে প্রত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰিব।

পৌৰ নিগমৰ মেয়ৰ:

গুৱাহাটী পৌৰ নিগমৰ প্ৰধানজনক মেয়ৰ বা নগৰাধ্যক্ষ বোলা হয়। পৌৰ নিগমৰ নিৰ্বাচনৰ পিছত অনুষ্ঠিত প্রথম বৈঠকত সদস্যসকলৰ মাজৰপৰা এজন মেয়ৰ (Mayor) আৰু এজন উপমেয়ৰ বা ডেপুটি মেয়ৰ (Deputy Mayor) নিৰ্বাচন কৰা হয়। নিগমৰ সকলো সভা মেয়ৰৰ সভাপতিত্বত হয়। তেওঁ নিগমৰ সভাৰ কাৰ্যসূচী আগবঢ়াই নিব লাগে। সভাৰ শৃংখলাৱদ্ধতা আৰু নিয়মানুৱৰ্তিতা ৰক্ষা কৰাৰ দায়িত্ব মেয়ৰৰ ওপৰত থাকে। নিগমৰ সকলোবোৰ কাম-কাজৰ ওপৰত মেয়ৰে চকু দিব লাগে। মেয়ৰে জানিবলৈ বিচৰা সকলো কথা প্রধান কার্যবাহী বিষয়াই তেওঁক জনাব লাগে। চৰকাৰৰ লগত সকলো কথা যোগাযোগ কেৱল মেয়ৰে কৰিব পাৰে।

মেয়ৰ বা ডেপুটি মেয়ৰ আৰু কাউন্সিলৰসকলে কোনো ধৰণৰ বেতন, ভট্টা আদি নাপায়। কিন্তু নিগমৰ সভাত যোগ দিয়াৰ বাবে তেওঁলোকক ভ্ৰমণ বানচ, ভাট্টা আদি দিয়া হয়। বর্তমান প্রতিজন কাউন্সিলৰে মাহিলী ৩০০০.০০, মেয়ৰে ৪০০০০ আৰু ডেপুটি মেয়ৰে ৩৫০০,০০ টকাকৈ ভাট্টা পায়।

মেয়ৰৰ কাৰ্যকাল এবছৰ অৱশ্যে এবছৰৰ আগতে তেওঁ পদত্যাগ কৰিব পাৰে মেয়ৰৰ পদ খালী হ’লে ডেপুটি মেয়ৰে নতুন মেয়ৰ নিযুক্তি নিদিয়া পর্যন্ত মেয়ৰৰ কাম চলায়।

নিগমৰ কাৰ্যকাল (Tenure of Corporation):

নিগমৰ কাৰ্যকাল পাঁচ বছৰ চৰকাৰে অৱশ্যে জাননী যোগে নিগমৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰিব পাৰে। কোনো সদস্যই নিজ কার্যকাল শেষ হোৱাৰ আগতে পদত্যাগ কৰিব পাৰে।

ষ্টেণ্ডিং বা স্থায়ী কমিটি (Standing Committee): 

গুৱাহাটী পৌৰনিগমৰ কাৰ্যসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে পাঁচখন স্থায়ী বা ষ্টেণ্ডিং কমিটি আছে। এই কমিটিকেইখন হ’ল―

১ । স্থায়ী বিত্ত কমিটি (Standing Finance Committee).

২। জনসেৱা কমিটি (Public Works Committee).

৩। জনস্বাস্থ্য সুৰক্ষা আৰু পানী যোগান সমিতি (Public Health, Conservancy and Water Supply Committee).

৪। আবেদন কমিটি (Appeals Committee).

৫। বজাৰ আৰু বাণিজ্য কমিটি (Market and Trade Committee).

ওপৰত উল্লেখ কৰা নিগমৰ কমিটিসমূহৰ সদস্যসকলক নিগমৰ সদস্য বা কাউন্সিলসৰসকলৰ মাজৰপৰা নিৰ্বাচিত কৰা হয়। প্ৰতিখন কমিটিৰ একোজনকৈ সভাপতি থাকে।

পৌৰ নিগমৰ আয়ৰ উৎস: 

গুৱাহাটী পৌৰ নিগমে বিভিন্ন উৎসৰপৰা ইয়াৰ পুঁজি গঠন কৰে। নিগমৰ আয়ৰ উৎসসমূহ 

হ’ল―

১। নিগমৰ অন্তৰ্গত মাটি, ঘৰ,দোকান, হাট-বজাৰ, ৰিক্সা, ঠেলা, যান-বাহন আৰু অন্যান্য সম্পত্তিৰ ওপৰত ধার্য কৰা কৰ।

২। ব্যৱসায়-বাণিজ্য কৰা লোকসকলৰ পৰা পোৱা কৰ।

৩। চৰকাৰৰপৰা পোৱা দান, সাহায্য আৰু ঋণ।

৪। জীৱ-জন্তুৰ লাইচেন্স আদিৰপৰা পোৱা কৰ।

৫। পানী যোগানৰ পৰা পোৱা কৰ ইত্যাদি।

কমিছনাৰ বা আয়ুক্ত (Commissioner):

নিগমৰ কামবিলাক চোৱা-চিতা কৰিবৰ বাবে চৰকাৰৰ দ্বাৰা নিযুক্ত এজন কমিছনাৰ বা আয়ুক্ত আছে। তেওঁ এজন স্থায়ী বিষয়া আৰু নিগমৰ সকলো সভাত তেওঁ উপস্থিত থাকিব পাৰে। কিন্তু তেওঁৰ ভোটাধিকাৰ নাই।

আয়ুক্তক সহায় কৰিবৰ বাবে স্বাস্থ্য বিষয়া, ৰাজহ বিষয়া আছে। আয়ুক্তই নিগমৰ কাম-কাজৰ ওফৰত বার্ষিক প্রতিবেদন যুগুতাই চৰকাৰক জনাব লাগে।

পৌৰ নিগমৰ ক্ষমতা আৰু কাৰ্য (Powers and Functions of Guwahati Municipal Corporation):

১৯৬৯ চনৰ গুৱাহাটী পৌৰ নিগমৰ আইন অনুসৰি গুৱাহাটী পৌৰ নিগমে তলত উল্লেখ কৰা ক্ষমতাসমূহ ভোগ কৰে—

(ক) সাংগঠনিক ক্ষমতা (Organizational Powers) 

১। নিগম গঠন কৰিবৰ বাবে সম্পত্তি আৰু ধাৰ লোৱাৰ অধিকাৰ ।

২। নিগমৰ নিজৰ মেয়ৰ আৰু উপমেয়ৰ নিৰ্বাচনৰ ক্ষমতা।

৩। নিগমৰ অন্যান্য বিষয়া নিযুক্তি (কমিছনাৰৰ বাহিৰে) আৰু বেতন, বানচ আদি নিৰ্ধাৰণ আৰু কৰ্মচাৰী বৰ্খাস্ত আৰু পদোন্নতি দিয়াৰ ব্যৱস্থা গ্ৰহণ।

৪। প্রয়োজনীয় বিধি-উপবিধি প্রণয়ন।

৫। নিগমৰ প্ৰয়োজনীয় কমিটি গঠন কৰি কমিটিবোৰক কিছু দায়িত্ব অর্পণ ইত্যাদি।

(খ) স্বাস্থ্য ৰক্ষামূলক কার্য:

১। জনস্বাস্থ্য ৰক্ষাৰ বাবে চিকিৎসালয় স্থাপন আৰু পৰিচালনা কৰা।

২। সংক্রামক ৰোধ আৰু মাৰাত্মক ব্যাধি ৰোধ কৰিবৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ।

৩। বিশুদ্ধ খোৱা পানী যোগান।

৪। নলা-নর্দমা পৰিষ্কাৰ আৰু বীজাণুনাশক ওষুধ ছটিয়াই স্বাস্থ্যকৰ পৰিৱেশ গঢ়া।

৫। নগৰৰ হাট-বজাৰ, কছাইশাল চাফ-চিকুণ কৰি ৰখা।

৬। ভেজাল বস্তু বিক্ৰী বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰা।

৭। ৰাজহুৱা টয়লেট আদি নিৰ্মাণ কৰি সেইবোৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চকু ৰখা।

৮। ৰোগী অনা-নিয়াৰ বাবে যান-বাহনৰ (এম্বুলেন্স) ব্যৱস্থা ৰখা।

৯। শিশু আৰু মাতৃ মংগলৰ বাবে সেৱা আগবঢ়োৱা। 

(গ) জনকল্যাণমুখী কার্যাবলী (Public Welfare Works)

১। যাতায়াতৰ সুবিধাৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা।

২। হাট-বজাৰ, ৰাষ্টা, দলং, শশ্মানঘাট আদি নির্মাণ আৰু উন্নয়ন কৰা আৰু এইবোৰৰ যত্ন লোৱা।

৩। ৰাজহুৱা মাটি অধিগ্ৰহণ কৰি খেল পথাৰ, উদ্যান, আমোদ ভৱন, জিৰণিঘৰ নিৰ্মাণ কৰা।

(ঘ) নিৰাপত্তামূলক কার্যাবলী

১। অগ্নিনির্বাপক বাহিনী সাজু কৰি ৰখা।

২। দুর্ঘটনা ৰোধ কৰিবৰ বাবে বাট-পথ, দলং আদিৰ উন্নয়ন

৩। নিগমৰ নিৰাপত্তাৰ বাবে নৈশ চকীদাৰ নিযুক্তি আৰু তদাৰক কৰা।

৪। প্রাকৃতিক দুর্যোগত বিপগ্রস্ত লোকক উদ্ধাৰ আৰু সহায় কৰা ইত্যাদি।

গুৱাহাটী পৌৰ নিগমৰ ওপৰত উল্লেখ কৰা কাৰ্যসমূহ প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—

(ক) বাধ্যতামূলক কার্য।আৰু 

(খ) ইচ্ছাভিত্তিক। 

(ক) বাধ্যতামূলক: নিগমে কিছুমান কাম কৰিবলৈ বাধ্য। যেনে– নলা-নর্দমা, ৰাজহুৱা স্নানাগাৰ, প্ৰস্ৰাৱাগাৰ নিৰ্মাণ আৰু পৰিষ্কাৰ কৰি ৰখা, পানীৰ যোগান ধৰা, বাট-পথ পৰিষ্কাৰ কৰি ৰখা, মৰাশ সংস্কাৰৰ বাবে শ্মশান নিৰ্মাণ কৰা, জন্ম-মৃত্যুৰ হিচাপ ৰখা, চিতা-বেজিৰ ব্যৱস্থা কৰা, চিকিৎসালয়, মাতৃ আৰু শিশুৰ মংগল কেন্দ্ৰ স্থাপন কৰা, বাট-পথ আৰু দলং নিৰ্মাণ কৰা, নিগমৰ কাৰ্যালয়, পুৰণি স্মৃতি ৰক্ষা কৰা, নিগমৰ কৰ্মচাৰীৰ থকা ঘৰৰ ব্যৱস্থা কৰা, ৰোগীক অনা-নিয়াৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা, জনসাধাৰণৰ বাবে উদ্যান, খেলপথাৰৰ ব্যৱস্থা কৰা, অগ্নিনির্বাপকৰ ব্যৱস্থা কৰা, ৰাষ্টা-ঘাত আদি আন ঠাইত পোহৰৰ ব্যৱস্থা কৰা আদি

(খ) ইচ্ছামূলক কার্য: নিগমৰ কিছুমান ইচ্ছামূলক বা স্ব-ইচ্ছাৰে কৰিব পৰা কাম আছে। এই কামবিলাক কৰিবলৈ নিগম বাধ্য নহয় বা বাধ্য কৰাব নোৱাৰে। নিগমৰ ইচ্ছাৰ ওপৰত এনে কামবিলাক কৰা বা নকৰাটো নিৰ্ভৰ কৰে। কেতবোৰ এনে ইচ্ছামূলক কাম তলত উল্লেখ কৰা হ’ল—

মেলা, প্ৰদৰ্শনী, সাঁতোৰা পুখুৰী, থিয়েটাৰ, চিনেমা, পুথিভঁৰাল, শিক্ষানুষ্ঠান আদিৰ ব্যৱস্থা কৰা নিগমৰ ইচ্ছামূলক কাম। শৰীৰ চৰ্চা, খেলপথাৰ, গছ-গছনি ৰোৱা আৰু সংৰক্ষণ কৰা, মাটি আৰু ঘৰ জৰীপ কৰা, বিবাহ পঞ্জীয়ন কৰা, লোকপিয়ল কৰা, বিশুদ্ধ গাখীৰ যোগান, ৰোগী আৰু অনাথ শিশুৰ কল্যাণৰ বাবে অনুষ্ঠান স্থাপন কৰা,গৃহ নির্মাণ, যান-বাহন ক্রয়, পশু চিকিৎসালয় স্থাপন, শ্রমিক কল্যাণ কেন্দ্র স্থাপন, স্নান গৃহ নিৰ্মাণ, খোৱা পানীৰ যোগান, প্রেক্ষাগৃহ আৰু ভোজনালয় স্থাপন, হাট-বজাৰ, দোকান স্থাপন, গুদাম, ঘৰ বন্ধা শ্ৰমিকৰ প্ৰতি সহায় আগবঢ়োৱা আদি বহুতো ইচ্ছামূলক কার্য নিগমে কৰিব পাৰে।

গুৱাহাটী পৌৰ নিগম এক স্বতন্ত্র অনুষ্ঠান (Autonomous Body)। কিন্তু ই স্বতন্ত্র হলেও স্বেচ্ছাচাৰী হ’ব নোৱাৰে। কাৰণ ১৯৬৯ চনৰ গৌৰ আইন অনুসৰি গুৱাহাটী পৌৰ নিগম অসীম ক্ষমতাৰ অধিকাৰী নহয়। অসম চৰকাৰৰ ই নিয়ন্ত্রণাধীন অসম চৰকাৰে ইয়াৰ ক্ষমতা আৰু কাৰ্যৰ ওপৰত প্ৰয়োজন হ’লে হস্তক্ষেপ কৰিব। পাৰে। ইয়াৰ উপৰি চৰকাৰে পৌৰ নিগম ভংগ কৰি দিব পাৰে। 

12. পৌৰসভাৰ গঠন আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা?

উত্তৰঃ অসমত গুৱাহাটী মহানগৰীৰ বাহিৰে সকলো নগৰতে পৌৰসভা আছে। ১৯৫৬ চনৰ অসম পৌৰসভা আইন অনুসৰি অসমৰ সকলো চহৰত পৌৰসভা গঠন কৰা হৈছে।

পৌৰসভাৰ গঠন প্রণালী (Composition of Municipal Board):

১৯৫৬ চনৰ অসম পৌৰসভা আইনৰ ৪নং ধাৰাৰ পৰা ৯নং ধাৰালৈকে পৌৰসভাৰ গঠন প্ৰক্ৰিয়াৰ সম্পর্কে উল্লেখ আছে।

১। এই আইন অনুসৰি এখন চহৰ বা নগৰত পৌৰসভা গঠন কৰিবলৈ হ’লে নগৰখনৰ ন্যূনতম জনসংখ্যা ১০,০০০ হ’ব লাগিব। অৱশ্যে জনসংখ্যাৰ উচ্চসীমা সম্পৰ্কত আইনখনত উল্লেখ নাই।

২। এই আইন অনুসৰি পৌৰসভাৰ সদস্যৰ সংখ্যা ন্যূনতম ১০ জন আৰু উচ্চতম ৩০ জন ধার্য কৰা ৰহৈছে। সভাৰ সদস্যসকলক ৱাৰ্ড কমিছনাৰ বোলা হয়।

৩। সদস্যসকলক নগৰৰ উপযুক্ত বাসিন্দাৰ দ্বাৰা প্ৰত্যক্ষ ভোটৰদ্বাৰা নিৰ্বাচন কৰা হয়।

৪। মুঠ নির্বাচিত সদস্যৰ এক তৃতীয়াংশ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত। ইয়াৰ উপৰি মহিলাৰ বাবেও ৩০

শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

৫। অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা (ST, SC & OBC) শ্ৰেণীৰ সদস্য নির্বাচিত নহলে চৰকাৰে দুজন সদস্য মনোনীত কৰিব পাৰে।

৬। পৌৰসভাৰ এজন আয়ুক্ত থাকে ব দুজন সদস্য মনোনীত কৰিব পাৰে।

৭। পৌৰসভাৰ এজ সভাপতি আৰু এজন উপসভাপতি থাকে। তেওঁলোকে সভাৰ প্ৰথম বৈঠকত নির্বাচিত সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়। এওঁলোকৰ কাৰ্যালয় চাৰি বছৰ।

৮। সভাই কিছুমান বিশেষ কামৰ বাবে কিছুমান কমিটি গঠন কৰিব পাৰে।

কার্যকাল (Terms of Office):

১৯৫৬ চনৰ অসম পৌৰসভা আইন অনুসৰি ইয়াৰ কাৰ্যকাল আছিল ৪ বছৰ। ১৯৯৪ চনৰ পৌৰসভা সংশোধনী আইন অনুসৰি

পৌৰসভাৰ কাৰ্যকাল ৫ বছৰলৈ বৃদ্ধি কৰা হৈছে।

পৌৰসভাৰ সদস্য নির্বাচন প্রক্রিয়া:

নির্বাচন সুবিধাৰ বাবে পৌৰসভাৰ এলেকাক কেইটামান ভাগত ভাগ কৰা হয়। এই ভাগবিলাকক ৱাৰ্ড বৌলা হয়। প্রতি বাৰ্ডৰপৰা

একোজনকৈ সদস্য ৱাৰ্ডৰ বাসিন্দাসকলৰ দ্বাৰা সৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত গোপন ভোটৰ দ্বাৰা নিৰ্বাচন কৰা হয়। এই নির্বাচন জিলা নির্বাচনী আযুক্তৰ দ্বাৰা পৰিচালনা কৰা হয়। সদস্যসকলক ৱাৰ্ড কমিচনাৰ বোলা হয়।

পৌৰসভাৰ সদস্যৰ অৰ্হতা (Qualifications of Members):

১। পৌৰসভাৰ সদস্য নির্বাচিত বা মনোনীত হ’বলৈ হ’লে প্ৰাৰ্থীজনৰ ন্যূনতম বয়স ২১ বছৰ হ’ব লাগিব। 

২। তেওঁ বা তেওঁলোক সেই নগৰৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

৩। তেওঁ পৌৰসভাৰ কৰ পৰিশোধ কৰিব লাগিব।

৪। তেওঁৰ বাসগৃহ পৌৰসভাৰ পঞ্জীয়নভুক্ত হ’ব লাগিব। 

৫। অর্হতা সম্পর্কত কোনো মতানৈক্য সৃষ্টি হ’লে জিলা ন্যায়াধীশে সেই মতানৈক্য মীমাংসা কৰিব পাৰিব। 

পৌৰপতি:

পৌৰসভাৰ নিৰ্বাচনৰ পিছত অনুষ্ঠিত প্রথম বৈঠকত সদস্যসকলে তেওঁলোকৰ মাজৰপৰা এজন পৌৰপতি (Chairman) আৰু উপ-পৌৰপতি নির্বাচন কৰে। পৌৰপতিয়ে পৌৰসভাৰ বৈঠকত সভাপতিত্ব কৰে আৰু সভাৰ কাম পৰিচালনা কৰে।

পৌৰপতিৰ কাৰ্যকাল চাৰি বছৰ। কিন্তু বিশেষ পৰিস্থিতিত কাৰ্যকাল আৰু এবছৰলৈ বৃদ্ধি কৰিব পাৰে। পৌৰসভাৰ বিভিন্ন কামবিলাক পৰিচালনা কৰিবৰ বাবে কেইখনমান কমিটি থাকে।

পৌৰপতিক যদিও ১৯৫৬ চনৰ আইন অনুসৰি বহুতো ক্ষমতা দিয়া হৈছে কিন্তু সেই ক্ষমতা অসীম নহয়। তেওঁ কাৰ্য আৰু ক্ষমতা চৰকাৰে ইচ্ছা কৰিলে বঢ়াব বা কমাবও পাৰে। সভাপতিজন তেওঁৰ কাৰ্যৰ বাবে চৰকাৰৰ ওচৰত দায়বদ্ধ থাকিব লাগে।

পৌৰসভাৰ ক্ষমতা আৰু কাৰ্য Powers and Function of Municipal Board: 

(ক) ক্ষমতা: ১৯৫৬ চনৰ অসম পৌৰসভা আইনে অসমৰ পৌৰসভাসমূহক তলত ক্ষমতাসমূহ প্ৰদান কৰিছে।

১। নির্বাচন ক্ষমতা: পৌৰসভাৰ নিৰ্বাচনৰ পিছৰ প্ৰথম অধিৱেশনত সদস্যসকলে তেওঁলোকৰ নিজৰ ভিতৰৰে এজনক সভাপতি আৰু এজনক উপ-সভাপতি নির্বাচন কৰে। 

২। ঋণ লোৱা বা দিয়া ক্ষমতা, বাজেট প্রস্তুতি, কৰ আৰোপ আৰু সংগ্ৰহ কৰাৰ ক্ষমতা আছে।

৩। পৌৰসভাৰ কৰ্মচাৰী নিয়োগ, কমিটি গঠন,বাষ্টা, দলং, পুখুৰী,গছ আদি সম্পত্তি সংৰক্ষণ, কোনো ব্যক্তি বা বাক্তিসমষ্টিৰ লগত চুক্তি কৰা আদি।

৪। পৌৰ সভাই নিজৰ উপ-বিধি তৈয়াৰ কৰাৰ ক্ষমতা আছে।

৫। কোনো ৰাষ্টী বা পথ আৱশ্যক অনুসৰি বন্ধ বা খুলি দিব পাৰে।

৬। পৌৰসভাৰ কৰ্মচাৰীৰ বেতন, বানচ, ভাট্টা আদিৰ ব্যৱস্থা কৰিব পাৰে।

(খ) কার্যাৱলী : পৌৰসভাৰ কাৰ্যাৱলীসমূহ প্রধানত: তিনিটা ভাগত ভাগ কৰা হয়—

(১) আৱশ্যকীয় কার্য। 

(২) ইচ্ছাকৃত (optional) কাৰ্য।আৰু 

(৩) অর্পিত (delegates) কার্য।

১। আৱশ্যকীয় কার্যসমূহ: খাল-নদমা চাফ-চিকুণকৈ ৰখা, দলং, পুল, পথ আদি নিৰ্মাণ কৰা, জিৰণি ঘৰ, খেলপথাৰ আদিৰ ব্যৱস্থা কৰা বজাৰ নিৰ্মাণ আৰু পৰিচালনা, পানী যোগান, বিজুলী যোগান আদিৰ ব্যৱস্থা কৰা, শ্মশান ঘাট স্থাপন কৰা, পৌৰসভাৰ এলেকাৰ আৱৰ্জনা দূৰ কৰি স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলা, পৌৰসভাৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া, সংক্রামক ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা। কৰা, মাতৃ আৰু শিশুৰ কল্যাণ কেন্দ্র স্থাপন কৰা, জন্ম-মৃত্যুৰ হিচাপ আদি ৰখা কাৰ্যসমূহ পৌরসভাই কৰিবলৈ বাধ্য ।

২। ইচ্ছাধীন কার্য: পৌৰসভাই নিজ এলেকাৰ ভিতৰত কিছুমান কাম নিজ ইচ্ছানুসৰি কৰিব পাৰে। এনে কাম কৰিবলৈ পৌৰসভা বাধ্য নহয় বা পৌৰসভাক বাধ্য কৰাব নোৱাৰে। স্বাস্থায় কেন্দ্র, দৰৱখানা, স্বাস্থ্য নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা আদি কামবোৰ ইচ্ছাধীন কার্য।

ডাষ্টবিন, পানী জমা নহ’বৰ বাবে নলা-নর্দমা খন্দাৰ ব্যৱস্থা কৰা, পানী যোগানৰ ব্যৱস্থা কৰা, প্রাথমিক পৰ্যায়ৰপৰা উচ্চ পৰ্যায়লৈ ল’ৰা-ছোৱালীৰ শিক্ষাৰ ব্যৱস্থা কৰা, অঞ্চলটোৰ জন্ম মৃত্যুৰ হিচাপ ৰখা, খেলপথাৰ, পার্ক, জিৰণি চ’ৰা নিৰ্মাণ কৰা আৰু ৰাষ্টাত বিজুলী যোগান ধৰা, শ্রমিক কল্যাণ কেন্দ্র স্থাপন আদি বিভিন্ন কার্য কৰিব লাগে।

৩। অর্পিত কাৰ্য: ৰাজ্য চৰকাৰে কিছুমান কাম পৌৰসভাক কৰিবলৈ দায়িত্ব অর্পণ কৰিব পাৰে। এনে কামক অর্পিত কার্য বোলা হয়।

13. সংবিধানৰ দ্বাদশ অনুসূচীৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ সংবিধানৰ ১৯৯২ চনৰ ৭৪ তম সংশোধন অনুসৰি সংবিধানৰ দ্বাদশ অনুসূচীত মুঠ ১৮ টা বিষয় নতুনকৈ সংযোজন কৰা হয়। এই ১৮ টা বিষয় তলত উল্লেখ কৰা হ’ল—

১। চহৰৰ পৰিকল্পনা।

২। ভূমি ব্যৱহাৰ আৰু গৃহনির্মাণ কাৰ্যৰ নিয়ন্ত্রণ।

৩। সামাজিক আৰু অর্থনৈতিক উন্নয়নৰ পৰিকল্পনা।

৪। বাট-পথ, দলং নির্মাণ।

৫। ঘৰুৱা, উদ্যোগ আৰু ব্যৱসায়িক উদ্দেশ্যত পানী যোগান,কৰা।

৬। জনস্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, জাবৰ-জোঁথৰ আদি পৰিষ্কাৰ কৰা।

৭। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰা, চহৰ অঞ্চলত বনাঞ্চল ৰক্ষা কৰা।

৮। অগ্নিনির্বাপক সেৱাৰ ব্যৱস্থা কৰা।

৯। চহৰৰ শাৰীৰিকভাৱে দুৰ্বল আৰু পিছপৰা লোকসকলৰ স্বাৰ্থৰ সুৰক্ষা দিয়া।

১০। অপৰিষ্কাৰ ঠাইবিলাক পৰিষ্কাৰ কৰি উন্নয়ন কৰা।

১১। চহৰ অঞ্চলৰ লোকৰ মজৰপৰা দৰিদ্ৰতা দূৰ কৰা। 

১২। জিমখানা, খেলপথাৰ, উদ্যান বাগিছা আদিৰ ব্যৱস্থা কৰা।

১৩। শিক্ষা-সংস্কৃতি উন্নয়নৰ ব্যৱস্থা কৰা।

১৪। ৰাজহুৱা শ্মশান আৰু কবৰস্থানৰ উন্নয়ন সাধন কৰা।

১৫। গৰু-ম’হৰ ফাটেক বনোৱা আৰু জীৱ-জন্তুক নিষ্ঠুৰতাৰ পৰা ৰক্ষা কৰা।

১৬। জন্ম-মৃত্যুৰ হিচাপ ৰখা।

১৭। ৰাষ্টা, উদ্যান, বাছ আস্থান আদিত বিজুলী যোগান ধৰি জনসাধাৰণক সুবিধা প্ৰদান কৰা।

১৮। কচাইখানা আৰু চামৰা প্ৰস্তুত কৰা।

14. নগৰ সমিতিৰ গঠন, ক্ষমতা আৰু কার্যাবলী ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫৬ চনৰ অসম পৌৰ আইনৰ অধীনত ১০ হেজাৰৰ কম জনবসতি থকা নগৰ বা চহৰত একোখনকৈ নগৰ সমিতি গঠন হ’ব। নগৰ সমিতিৰ সদস্য সংখ্যা সর্বনিম্ন ৭ (সাত) জন আৰু সর্বোচ্চ সদস্য সংখ্যা ২০ জনতকৈ অধিক হ’ব নোৱাৰিব। ইয়াৰ কার্যকাল চাৰি বছৰ। সদস্যসকলৰ নিৰ্বাচন প্রক্রিয়া পৌৰসভাৰ দৰে একেই। সমিতিৰ এজন সভাপতি আৰু এজন উপসভাপতি থাকে। এওঁবিলাকক সদস্যসকলৰ মাজৰপৰা নিৰ্বাচন কৰা হয়।

১৯৫৬ চনৰ আইন অনুসৰি নগৰ সমিতিৰ ক্ষমতা আৰু কাৰ্য পৌৰসভাৰ দৰে একেই।

আয়োগ গঠনঃ (Formation of Commission):

১৯৯৪ চনৰ অসম নগৰীয়া স্বায়ত্তশাসন অনুসৰি কেইখনমান আয়োগ বা কমিটি গঠনৰ ব্যৱস্থা কৰা হৈছে। সেয়া হ’ল—

১। ৰাজ্যিক বিত্ত আয়োগ।

২ । নির্বাচনী আৰু জিলা পৰিকল্পনা সমিতি।আৰু

৩। মহানগৰ পৰিকল্পনা সমিতি

১। বিত্ত আয়োগ: ১৯৯৪ চনৰ আনি অনুসৰি বিত্ত আয়োগ গঠনৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এনে বিত্ত আয়োগ গঠন কৰিব। আয়োগৰ এজন সভাপতি আৰু দুজন সদস্যক চৰকাৰে মনোনীত কৰিব। তেওঁলোক চৰকাৰৰ ওচৰত দায়বদ্ধ। পাঁচ বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ আগতে কোনো সদস্যক মুখ্য সচিবলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সদস্য পদৰপৰা পদত্যাগ কৰিব পাৰে। খালী হোৱা পদৰ সদস্যক নতুনকৈ ৰাজ্যপালে নিযুক্তি দিব।

ক্ষমতা: বিত্ত আয়োগে তলত উল্লেখ কৰা কাৰ্যসমূহ পালন কৰাৰ ক্ষমতা আছে –

১। সংশ্লিষ্ট কোনো বিষয়াৰপৰা বা কর্তৃপক্ষৰপৰা আৱশ্যকীয় নথি-পত্ৰ বিচাৰিব পাৰিব।

২। কোনো ব্যক্তিক সাক্ষী দিবলৈ আমন্ত্ৰণ কৰিব পাৰিব।

৩। আন প্রয়োজনীয় ক্ষমতা ভোগ কৰিব পাৰিব। 

কাৰ্যাৱলী: বিত্ত আয়োগৰ প্ৰধান কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল—

১। ৰাজ্য চৰকাৰে বান্ধি দিয়া বিভিন্ন কৰ, মাচুল, শুল্ক আদি সংগ্ৰহ কৰি ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসনসমূহৰ মাজত বিতৰণ কৰা হয়।

২। নগৰপালিকা আৰু পঞ্চায়তসমূহে সংগ্ৰহ আৰু বিনিয়োগ কৰিব পৰা কৰ, শুল্ক মাচুল আদি নির্দিষ্ট কৰি দিয়া।

৩। নগৰীয়া স্বায়ত্তশাসন আৰু পঞ্চায়তবোৰৰ চৰকাৰী অনুদান নিৰ্ধাৰণ কৰা।

৪। স্বায়ত্তশাসনসমূহে নিজৰ নিজৰ বিভিন্ন অৱস্থা উন্নয়ন কৰিবৰ বাবে ল’বলগীয়া ব্যৱস্থা আদিৰ ওপৰত পৰামৰ্শ আগবঢ়োৱা। 

৫। স্বায়ত্তশাসনসমূহৰ বিত্তীয় অৱস্থা উন্নয়নৰ বাবে ৰাজ্যপালে আগবঢ়োৱা বিষয়সমূহৰ ওপৰত পৰামৰ্শ আগবঢ়োৱা ।

২। জিলা পৰিকল্পনা সমিতি (District Planning Committee)

অসম পঞ্চায়ত আইনে প্রতি জিলাতে একোখনকৈ জিলা পৰিকল্পনা সমিতি গঠনৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থা অনুসৰি অসমৰ জিলা পৰিকল্পনা সমিতি গঠন আৰু কার্যাৱলী তলত আলোচনা কৰা হ’ল—

গঠন (Formation):

১। জিলা পৰিকল্পনা সমিতি মুঠ সদস্যৰ এক-চতুর্থাংশ সদস্য পঞ্চায়তৰ নিৰ্বাচিত সদস্যৰ মাজৰপৰা আৰু নগৰপালিকাৰ পৰা নির্বাচিত হ’ব।

২। জিলাখনক বা জিলাখনৰ কোনো অংশক প্রতিনিধিত্ব কৰা লোকসভাব নির্বাচিত সদস্য বা সদস্যসকল ইয়াৰ সদস্য হ’ব। ৩। জিলাখনৰ বিভিন্ন সমষ্টিৰপৰা নিৰ্বাচিত বিধান সভাৰ সদস্যসকল।

৪। জিলা পৰিষদ, টাউন কমিটি আৰু পৌৰসভাৰ সভাপতিসকল আৰু পৌৰনিগমত থকা জিলাৰ পৌৰপতিজন ইয়াৰ পদেন সদস্য।

৫। জিলা পৰিকল্পনা সমিতিৰ মুঠ ক্ষয়, অংশ সদস্য জিলা পৰিষদ, পৌৰনিগম, পৌৰসভা, টাউন কমিটিৰ সদস্যসকলৰ মাজৰপৰা নিৰ্বাচন কৰা হয়।

৬। জিলা উপায়ুক্তজন জিলা পৰিকল্পনা সমিতিৰি পদেন সদস্য। কিন্তু ১৯৯৭ চনৰ সংশোধনী অনুসৰি জিলাৰ দায়িত্বত থকা মন্ত্রীজন জিলা পৰিকল্পনা সমিতিৰ সভাপতি হ’ব আৰু জিলা পৰিষদৰ সভাপতিজন পৰিকল্পনা সমিতিৰ উপ-সভাপতি হ’ব।

কার্যাবলী (Function):

জিলা পৰিকল্পনা সমিতিৰ প্ৰধান কাৰ্য হ’ল জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে আঁচনি প্রস্তুত কৰা। এনে আঁচনি প্ৰস্তুত কৰিবলৈ যাওঁতে তলৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগে।

১। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, টাউন কমিটি, পৌৰসভা আৰু পৌৰ নিগমে প্রস্তুত কৰা ব্যক্তিগত আঁচনিসমূহ চালি-জাৰি চাই তাৰ ওপৰত এক সমূহীয়া আঁচনি প্রস্তুত কৰা।

২। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু টাউন সমিতিসমূহৰ উমৈহতীয়া স্বার্থজড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব প্রদান কৰা।

৩। অর্থনৈতিক আৰু আন আন পাবলগীয়া সম্পদসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পৰিকল্পনা কৰা।

জিলা পৰিকল্পনা সমিতিয়ে প্ৰণয়ন কৰা আঁচনি সভাপতিয়ে ৰাজ্য চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগে।

৩। মহানগৰ পৰিকল্পনা সমিতি।

১৯৯৪ চনৰ সংশোধনী আইন অনুসৰি প্ৰতিখন মহানগৰৰ সামগ্রিক উন্নয়নৰ বাবে একোখনকৈ মহানগৰ পৰিকল্পনা সমিতি গঠনৰ ব্যৱস্থা কৰে। এনে সমিতি অসম চৰকাৰে ৰাজ্যিক বিধানমণ্ডলত আইন প্রণয়ন কৰি গঠন কৰিব পাৰে।

১৯৯৪ চনৰ সংশোধনী আইনে অসম চৰকাৰক তলৰ কামখিনি কৰাৰ ক্ষমতা প্রদান কৰে—

১। মহানগৰী পৰিকল্পনা সমিতি গঠন।

২। এই কমিটিৰ সদস্য ভৰ্তিৰ পদ্ধতি নিৰ্ধাৰণ।

৩। কমিটিক নিৰ্ধাৰণ কৰি দিয়া। কাম-কাজ সম্পন্ন কৰাৰ বাবে আবশ্যকীয় হ’লে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু তেনে সংগঠন তথা প্ৰতিষ্ঠানৰ প্রতিনিধিকো অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা। 

৪। পৌৰসভাৰ নিৰ্বাচিত প্রতিনিধিৰ দ্বাৰাই দুই-তিনিজন প্রতিনিধি সমিতিলৈ নিৰ্বাচন কৰা।

৫। মহানগৰৰ বাবে নিৰ্ধাৰণ কৰা কামৰ পৰিকল্পনা তথা সমন্বয় ৰক্ষা কৰা।

কাম-কাজৰ খচৰা প্ৰস্তুত:

প্ৰতিখন মহানগৰ পৰিকল্পনা সমিতিয়ে তলত উল্লেখ কৰা কাৰ্যখিনি কৰিব।

১। মহানগৰ অঞ্চলৰ অন্তৰ্গত পৌৰসভা আৰু পঞ্চায়তসমূহৰ পৰিকল্পনা যুগুত কৰা।

২। কমিটিৰ দ্বাৰা পৌৰসভা তথা পঞ্চায়তসমূহৰ উমৈহতীয়া স্বাৰ্থসমূহৰ ক্ষেত্ৰত সমতা ৰক্ষাৰ প্ৰচেষ্টা, চলোৱা।

৩। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্য পূৰণত গুৰুত্ব দিব।

৪। মহানগৰ অঞ্চলসমূহত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে পুঁজি অথবা অন্যান্য সম্পদ বিনিয়োগ কৰাৰ পৰিসৰ তথা পদ্ধতিও ই নিৰূপণ কৰিব।

৫। প্ৰতিখন কমিটিৰ অধ্যক্ষগৰাকীয়ে উন্নয়নী পৰিকল্পনা ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিব। 

15. ৭৪ তম সংবিধান সংশোধনী আইনৰ প্ৰধান ব্যৱস্থাৱলী কি কি? ব্যাখ্যা কৰা? Provisions or Characteristics of 74 Constitutional Amendment Act

উত্তৰঃ ৭৪ তম সংবিধান সংশোধনী আইনৰ ব্যবস্থাৱলী বা বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –

(১) তিনি তৰপীয়া নগৰপালিকাৰ ব্যৱস্থা: প্রত্যেক ৰাজ্যত তিনি তৰপীয়া নগৰপালিকাৰ ব্যৱস্থা থাকিব―

(ক) নগৰ পঞ্চায়ত: কোনো গ্রামাঞ্চল যেতিয়া নগৰ অঞ্চললৈ পৰিৱৰ্তিত হয় তেনে নগৰত নগৰ পঞ্চায়ত (অসমত নগৰ সমিতি বুলি জনা যায়) গঠন কৰিব পাৰে। ইয়াৰ সদস্য সংখ্যা ৰাজ্য চৰকাৰে ঠিৰাং কৰিব।

(খ) পৌৰ পৰিষদ: পৌৰ পৰিষদক পৌৰ সভা, পৌৰ সমিতি আদি নামেৰেও জনা যায়। সৰু নগৰ অঞ্চলত পৌৰ পৰিষদ গঠন কৰা হয়। চৰকাৰে বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি পৌৰ পৰিষদ গঠন কৰে। তাৰ ভিতৰত জনসংখ্যা, অঞ্চলৰ আকাৰ, আয়ৰ উৎস, নগৰৰ উন্নয়নৰ পৰিৱেশ ইত্যাদি উল্লেখযোগ্য। ইয়াৰ সদস্য ৰাজ্য চৰকাৰে নিৰ্ণয় কৰিব। ইয়াৰ ন্যূমতম সদস্য ৫ জন হ’ব লাগে।

(গ) পৌৰ নিগম: সাধাৰণতে বৃহৎ আকাৰৰ চহৰত পৌৰ নিগম প্রতিষ্ঠা কৰা হয়। দিল্লী, মুম্বাই, কলকতা, অসমৰ গুৱাহাটী আদি চহৰত পৌৰ নিগম আছে। অঞ্চলৰ জনসংখ্যা, জনসংখ্যাৰ বসতিৰ ঘনত্ব, প্ৰশাসনৰ বাবে সম্ভাব্য ৰাজহৰ পৰিমাণ, অকৃষিকাৰ্যত জড়িত জনসংখ্যাৰ শতকৰা হাৰ, অঞ্চলটোৰ অৰ্থনৈতিক গুৰুত্ব তথা অন্য কিছুমান উপাদানৰ ওপৰত ভিত্তি কৰি এই তিনি প্ৰকাৰৰ পৌৰ প্ৰশাসনৰ ঘোষণা ৰাজ্যপালে জাৰি কৰে।

(২) পৌৰ প্ৰশাসনৰ গঠন [Composition Municipalities]

তিনি তৰপীয়া পৌৰ প্ৰশাসনত প্রতিনিধিসকলক প্রত্যক্ষ নিৰ্বাচনৰ দ্বাৰা জনসাধাৰণে সর্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নির্বাচন কৰা হয়।

(ক) নগৰ পঞ্চায়ত (নগৰ সমিতি)ৰ সদস্য সংখ্যা ৯ জনৰপৰা ২০ জনলৈকে হ’ব পাৰে। জনসংখ্যাৰ ওপৰত আৰু চৰকাৰী সিদ্ধান্তৰ ওপৰত সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হয়। অৱশ্যে ভাৰতৰ প্ৰদেশ অনুযায়ী সদস্য সংখ্যা কম বেছি পৰিমাণৰ হ’ব পাৰে। কেৰেলা আৰু তামিলনাডুৰ নগৰ পঞ্চায়তৰ জনসংখ্যা ২০০০০ অধিক হ’ব নালাগে। নগৰ পঞ্চায়তৰ তিনি প্ৰকাৰৰ সদস্য থাকে- 

(১) নির্বাচিত সদস্য। 

(২) মনোনীত সদস্য — অভিজ্ঞ এজন বা দুজন সদস্যক চৰকাৰে মনোনীত কৰিব। 

(৩) নগৰ পঞ্চায়ত এলেকাৰ এম এল এ, এম পি আৰু বিধান পৰিষদৰ সদস্য ইয়াৰ পদেন (Ex Office Member) সদস্য হ’ব পাৰে।

নগৰ পঞ্চায়তৰ সাধাৰণ কার্যকাল ৫ বছৰ। নগৰ পঞ্চায়তৰ এজন সভাপতি বা চেয়াৰমেন আৰু তেওঁক সহায় কৰিবৰ কাৰণে এজন উপ-সভাপতি থাকিব। তেওঁলোকক নিৰ্বাচনৰ পিছৰ প্ৰথম অধিৱেশনত নির্বাচিত সদস্যসকলে নির্বাচিত কৰিব। কিন্তু অন্ধপ্ৰদেশ আৰু তামিলনাডুত তেওঁলোকক জনসাধাৰণে নির্বাচন কৰে। নগৰ পঞ্চায়তৰ এলেকা কেইটামান ৱাৰ্ডত বিভক্ত কৰি প্ৰতি ৱাৰ্ডৰপৰা এজনকৈ সদস্য নির্বাচন কৰা হয়।

(খ) পৌৰ পৰিষদ: সৰু নগৰৰ বাবে পৌৰ পৰিষদৰ ব্যৱস্থা কৰা হৈছে। ইয়াক পৌৰ সভা বুলি জনা যায়। ৭৪ তম সংশোধনী আইনে ইয়াৰ জনসংখ্যা আৰু নিৰ্বাচিত নির্দিষ্ট সদস্য সংখ্যা নিৰ্ধাৰণ কৰি দিয়া নাই। বিভিন্ন উপাদান বিবেচনা কৰি ৰাজ্যিক চৰকাৰে পৌৰ পৰিষদ গঠন কৰে আৰু সদস্য সংখ্যা আৰু জনসংখ্যা নিৰ্ধাৰণ কৰে। পঞ্জাৱত পৌৰ পৰিষদৰ জনসংখ্যা ন্যূনতম পোন্ধৰ হাজাৰ হ’ব লাগে। কিন্তু তামিলনাডুত ত্ৰিছ হাজাৰ হ’ব লাগে। কিন্তু কোনো উদ্যোগিক প্ৰতিষ্ঠানৰ দ্বাৰা নিয়ন্ত্রিত হ’লে তেনে এলেকাত পৌৰ পৰিষদ গঠন কৰা নহয়। ইয়াৰ সদস্যক নিৰ্বাচন কৰা হয়। পৰিষদৰ এলেকা কিছুমান ৱাৰ্ডত বিভক্ত কৰি প্ৰতি ৱাৰ্ডৰপৰা এজন সদস্য স্ব-নির্বাচন কৰা ।

ৰাজ্যসমূহে পৌৰ পৰিষদক তিনি ভাগত বিভক্ত কৰিছে– A, B আৰু C। জনসংখ্যা আৰু আন কিছুমান উপাদানৰ ভিত্তিত এই শ্রেণীকৰণ কৰা হয়। মহাৰাষ্ট্ৰত পৌৰ পৰিষদক তিনি ভাগত ভাগ কৰা হৈছে।

A শ্রেণী – ১ লাখতকৈ অধিক জনসংখ্যা থকা নগৰ।

B শ্রেণী – ছল্লিশ হাজাৰতকৈ অধিক জনসংখ্যা থকা নগৰ।

C শ্রেণী – ছল্লিশ হাজাৰতকৈ কম জনসংখ্যা থকা নগৰ।

পৌৰৰ পৰিষদৰ সদস্যসকলৰ মাজৰপৰা এজন অধ্যক্ষ বা সভাপতি নির্বাচন কৰা হয়। পৰিষদে এজন বা দুজন উপ-সভাপতি নিৰ্বাচিত কৰিব পাৰে। পৌৰ পৰিষদত সভাপতিয়ে সভাপতিত্ব কৰে। তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সভাপতি পৰিষদৰ মূৰবী আৰু তেওঁ প্ৰশাসনৰ প্ৰকৃত কাৰ্যবাহী বিষয়া। পৰিষদৰ কেইবাখনো সমিতি থাকে। সমিতিবোৰে বিভিন্ন কার্য আৰু দায়িত্ব পালন কৰিব লাগে।

ৰাজ্য চৰকাৰে পৰিষদৰ বাবে এজন চৰকাৰী বিষয়াক কাৰ্যবাহী বিষয়াৰূপে নিযুক্তি দিব পাৰে। তেওঁৰ নেতৃত্বতেই প্রশাসন পৰিচালনাৰ দায়িত্ব, কার্যালয় নিয়ন্ত্রণ, বাজেট প্রস্তুতকৰণ, কৰ সংগ্ৰহ কৰা ইত্যাদি কার্য সম্পাদন কৰা হয়। তেওঁৰ অধীনত বিভিন্ন 

কাৰিকৰী বিষয়া আৰু কৰ্মচাৰী থাকে। 

পৌৰ পৰিষদত নিৰ্বাচিত, মনোনীত আৰু পদেন সদস্য― এই তিনি প্ৰকাৰৰ সদস্য থাকে।

পৌৰ পৰিষদৰ বাধ্যতামূলক আৰু স্বেচ্ছাধীন ক্ষমতা আছে। 

(গ) পৌৰ নিগম: পৌৰ নিগম ডাঙৰ চহৰত প্ৰতিষ্ঠা কৰা হয়। ৰাজ্য চৰকাৰে বিভিন্ন উপাদান বিবেচনা কৰি পৌৰ নিগম গঠনৰ কথা বিবেচনা কৰে। ৰাজ্যপালে পৌৰ নিগমৰ এলেকা ঘোষণা কৰিব পাৰে। বিশেষকৈ জনসংখ্যা, বসতি স্থাপনৰ ঘনত্ব, ৰাজহ উপাৰ্জনৰ সম্ভাৱনীয়তা, অকৃষিকার্যত জড়িত লোকৰ সংখ্যা ইত্যাদিৰ ওপৰত ভিত্তি কৰি পৌৰ নিগম গঠন কৰে। ইয়াৰ সদস্য সংখ্যা, নিগম এলেকাৰ জনসংখ্যা কিমান হয় সেইটো প্রদেশভেদে বেলেগ বেলেগ হয়। এখন প্ৰদেশত পৌৰ নিগম গঠন কৰিবলৈ হ’লে প্রাদেশিক বিধানসভাই আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৌৰ নিগম গঠন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদে আইন প্রণয়ন কৰিব লাগিব।

মেয়ৰ পৌৰ নিগমৰ সংবিধানিক মুৰব্বী। পৌৰ নিগম এলেকাৰ জনসাধাৰণে বিভিন্ন ৱাৰ্ডৰপৰা নিগমৰ সদস্যসকলক নির্বাচিত কৰে। এই সদস্যসকলে নিগম পৰিষদ ( Corporation Council) গঠন কৰে। নিগমৰ পৰিষদৰ সদস্য সংখ্যা চহৰ অনুসৰি বেলেগ বেলেগ হয়। মেয়ৰে সভাৰ অধিৱেশনত সভাপতিত্ব কৰে, সভা পৰিচালনা কৰে, সভাৰ পৰম্পৰা ৰক্ষা কৰে। মেয়ৰে প্ৰশাসনৰ ওপৰত সাধাৰণ নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু পশালন পৰিচালনাৰ দায়িত্ব চৰকাৰী বিষয়া কমিচনাৰৰ হাতত অৰ্পণ কৰা হয়। মেয়ৰে কমিচনাৰক নির্দেশ দিব পাৰে আৰু কমিচনাৰৰপৰা প্ৰতিবেদন বিচাৰিব পাৰে। মেয়ৰৰ উপৰি ডেপুটি মেয়ৰৰ ব্যৱস্থা আছে। মেয়ৰৰ কার্যকাল এবছৰ। তেওঁক পৰিষদৰ সদস্যসকলে নির্বাচন কৰে।

পৌৰ নিগমৰ দুটা শাখা আছে— আইন সম্পৰ্কীয় শাখা আৰু কাৰ্যবাহী শাখা। নিগমৰ পৰিষদ, স্থায়ী সমিতি আৰু মেয়ৰক লৈ আইন সম্পর্কীয় শাখা গঠিত। এই শাখাই বিধান সভাৰ দৰে কাৰ্য সম্পাদন কৰে। কমিচনাৰ আৰু কাৰিকৰী বিভাগ, কর্মচাৰীক লৈ কার্যবাহী শাখা গঠিত। নিগমৰ কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ স্থায়ী কমিটি (বিষয় কমিটি) আৰু ৱার্ড কমিটি গঠন করা হয়।

(৩) ক্ষমতার বিকেন্দ্ৰীকৰণ Decentralisation of Power:

পৌৰ প্ৰশাসনৰ কাৰ্যাৱলী সংবিধানৰ দ্বাদশ অনুসূচীত উল্লেখ আছে। দ্বাদশ অনুসূচী অন্য স্থানত আলোচনা কৰা হৈছে। এই অনুসূচীত ১৮ টা বিষয় পৌৰ প্ৰশাসনক অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে পৌৰ প্ৰশাসনক অতিৰিক্ত ক্ষমতা অর্পণ কৰিব পাৰে। বিকেন্দ্ৰীকৰণৰ বাবে চৰকাৰে পৌৰ প্ৰশাসনলৈ পুঁজি, কাৰ্য, কৰ্মচাৰী আৰু স্বতন্ত্ৰতাৰ বিকেন্দ্ৰীকৰণ কৰিছে। কাৰ্যৰ ক্ষমতা বিতৰণ অৰ্থাৎ বিকেন্দ্ৰীকৰণ দ্বাদশ অনুসূচীত দিয়া হৈছে।

(৪) মহিলাৰ প্ৰতিনিধিত্ব Women Representation:

৭৪ তম সংবিধান সংশোধনী আইনে স্থানীয় নগৰাঞ্চলৰ তিনি তৰপীয়া ব্যৱস্থাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। মহিলাসকলৰ বাবে সকলো স্তৰতে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই সংৰক্ষণ নগৰ প্ৰশাসনৰ তিনিটা পৰ্যায়তে প্রযোজ্য হ’ব। ভাৰতত প্রায় ১০০ পৌৰ নিগম, ১৪০০ পৌৰ সভা আৰু ২০০০ নগৰ পঞ্চায়ত আছে। এই অনুষ্ঠানবোৰলৈ প্ৰায় ৩২ লাখ লোক নির্বাচিত হয় প্রতি ৫ বছৰত। ইয়াৰ ভিতৰত ১০ লাখেই হ’ল মহিলা। সদস্যসকলৰ এক-তৃতীয়াংশ আসন সংৰক্ষণ থকাৰ দৰে নগৰ পঞ্চায়ত, পৌৰ সভা আৰু পৌৰ নিগমৰ সভাপতি পদবোৰতো মহিলাৰ আসন তেনেদৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এনে ব্যৱস্থাৰ দ্বাৰা প্রশাসনত মহিলাৰ অংশগ্রহণক নতুন মাত্রা প্ৰদান কৰা হৈছে। ভাৰতত পৌৰ নিগমত বৰ্তমান ৩০ গৰাকীতকৈ অধিক মহিলাই মেয়ৰৰ পদ, পৌৰ সভাত প্রায় ৫০০ মহিলা সভাপতি বা চেয়াৰমেন পদ আৰু প্ৰায় ৬৫০খন নগৰ পঞ্চায়তত মহিলাই সভাপতিৰ পদ অলংকৃত কৰিছে। মহিলাসকলে বর্তমান ৭৪ তম সংবিধান সংশোধনীৰ যোগেদি অধিক ক্ষমতা আৰু প্রশাসনত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে আৰু সিদ্ধান্ত গ্রহণত শক্তিশালী। ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

(৫) অনুসূচিত জাতি,অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ | Reservation of Seats for SC and ST:

৭৪ তম সংবিধান সংশোধনী আইনৰ এটা বিশেষ ব্যৱস্থা বা বৈশিষ্ট্য হৈছে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ কৰাটো বাধ্যতামূলক। লগতে কিছুমান প্ৰদেশত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ জনসংখ্যাৰ ভিতৰত ১৬.২ শতাংশ অনুসূচিত জাতি আৰু ৮.২ শতাংশ অনুসূচিত জনজাতিৰ লোক আছে। এই দুই সম্প্ৰদায়ৰ পৰা ভাৰতৰ গ্ৰাম্য অঞ্চলৰ স্বায়ত্বশাসন আৰু নগৰাঞ্চলৰ পৌৰ প্ৰশাসনলৈ ৬.৬ লাখ প্রতিনিধি নির্বাচিত হৈ আহে। গতিকে এনে গ্রাম্য আৰু নগৰীয়া স্বায়ত্বশাসন অধিক প্রতিনিধিত্বমূলক আৰু গণতান্ত্ৰিক হৈ পৰিছে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যাৰ হাৰ অনুসৰি নগৰাঞ্চলৰ পৌৰ প্ৰশাসনত তেওঁলোকৰ সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হয়। এই দুই জনগোষ্ঠীৰ পৰা যিমান সংখ্যক প্রতিনিধি নির্বাচিত হৈ আহে সেই অনুসৰি পৌৰ প্ৰশাসনীয় অনুষ্ঠানত তেওঁলোকৰ আসন নিৰ্ধাৰণ কৰা হয়।

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰি ৰখা আসনৰ কমেও এক-তৃতীয়াংশ আসন অনুসূচিত জাতি আৰু জনজাতিৰ মহিলাৰ বাবে আসন সংৰক্ষণ কৰিব লাগিব।

নগৰ পঞ্চায়তৰ, পৌৰ সভা আৰু পৌৰ নিগমৰ সভাপতি, চেয়াৰমেন আৰু মেয়ৰৰ পদৱীত অনুসূচিত জাতি আৰু জনজাতিৰ মহিলাৰ বাবে কিমান আসন সংৰক্ষণ কৰিব সেইটো ৰাজ্যৰ বিধান সভাই আইনৰ যোগেদি ঠিৰাং কৰিব।

সংশোধনী আইনে অন্যান্য পিছপৰা শ্রেণী লোকৰ বাবে আসন সংৰক্ষণ কৰাত বিধান সভাক কোনো বাধা আৰোপ কৰা নাই। সেইবাবে কিছুমান প্ৰদেশৰ পৌৰ প্ৰশাসনত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

(৬) ৭৪ তম সংশোধনী আইনে বিত্ত আয়োগৰ ব্যৱস্থা কৰিছে  Provision for Finance Commission:

সংবিধানৰ ২৪৩ (১) অনুচ্ছেদ অনুসৰি প্ৰতিষ্ঠা কৰা বিত্ত আয়োগে পৌৰ প্ৰশাসনৰ বিত্তীয় অৱস্থা পৰীক্ষা কৰি ৰাজ্যপাললৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। বিত্ত আয়োগে পৌৰ প্ৰশাসনে সংগ্ৰহ কৰিব লগা কৰ, শুল্ক, ফিজৰ নিৰ্ধাৰণ কৰিব। ৰাজ্য চৰকাৰৰ নিধিৰপৰা পৌৰ প্ৰশাসনক দিব লগা অনুদানৰ পৰিমাণ আয়োগে নিৰ্ধাৰণ কৰিব। ৰাজ্য চৰকাৰ আৰু পৌৰ প্ৰশাসনৰ মাজত সংগৃহিত কৰ, শুল্কৰ আৰু ফিজৰ বিতৰণৰ ব্যৱস্থা কৰিব আৰু পৌৰ প্ৰশাসনৰ বিভাগীয় অৱস্থা টনকিয়াল কৰিব পৰা ব্যৱস্থাৰ পৰামর্শ দিব।

প্রত্যেক ৰাজ্যতে জিলা পৰ্যায়ত জিলা পৰিকল্পনা কমিটি গঠন কৰা হ’ব। এই কমিটিয়ে নগৰ পঞ্চায়ত, পৌৰ সভাই ৰস্তুত কৰা আঁচনিৰ ভিত্তিত জিলা পর্যায়ত উন্নয়ন আঁচনিৰ খচৰা প্ৰস্তুত কৰিব। ডাঙৰ মহানগৰৰ বাবে নগৰীয়া পৰিকল্পনা কমিটি গঠন কৰি উন্নয়ন আঁচনিৰ খচৰা প্ৰস্তুত কৰিব।

পৌৰ প্ৰশাসনৰ বিত্তীয় দিশৰ কাম-কাজ পৰিচালনা কৰিবৰ কাৰণে গঠন কৰা বিত্তীয় আয়োগৰ গঠনৰ বাবে ৰাজ্য চৰকাৰে আইন প্রণয়ন কৰিব। আয়োগৰ সদস্যসকলৰ নিযুক্তিৰ বাবে অৱশ্যকীয় অৰ্হতা, বাছনি প্রক্রিয়া, আয়োগৰ ওপৰত ন্যস্ত কৰিব লগা ক্ষমতার বিষয়ে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আয়োগে বিত্তীয় ব্যৱস্থা উন্নতিৰ বাবে, বিত্তীয় প্রশাসনৰ বাবে পৰামৰ্শ আগবঢ়াব। আয়োগৰ পৰামৰ্শৱলী আৰু ইয়াৰ ওপৰত লোৱা ব্যৱস্থাৱলী সম্পর্কে ৰাজ্যপালে বিধান সভাৰ ওচৰত প্রতিবেদন দাখিল কৰিব।

নীতি নিৰ্ধাৰণ কৰিবলৈ, বিত্তীয় প্রশাসন শক্তিশালী কৰিবলৈ পৌৰ আৰু জিলা পৰিকল্পনা কমিটি গঠন কৰা হয়।

(৭) নির্বাচনী আয়োগ Election Commission:

সংবিধান সংশোধনী আইনৰ অন্যতম ব্যৱস্থা বা বৈশিষ্ট্য হৈছে নির্বাচনী আয়োগ গঠন। পৌৰ প্ৰশাসনৰ তিনি তৰপীয়া ব্যৱস্থাৰ প্রতিনিধিসকলৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে ভোটাৰ তালিকা প্রস্তুতকৰণ, নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ, মনোনয়ন পত্র গ্রহণ, প্ৰাৰ্থীৰ তালিকা প্রস্তুতকৰণ, নিৰ্বাচনৰ ফলাফল ঘোষণা, নির্বাচন সুকলমে অনুষ্ঠিত কৰিবৰ বাবে নির্বাচনী বিষয়া নিযুক্তি, মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব নির্বাচনী আয়োগৰ হাতত ন্যস্ত থাকে। এই কার্য সমাধানৰ বাবে এক নির্বাচনী আয়োগ ৰাজ্যপালে গঠন কবি দিয়ে। আয়োগৰ আয়ুক্ত গৰাকীৰ অধীনত ৰাজ্যিক নির্বাচনী আয়োগে উপযুক্ত সময়ত পৌৰ প্ৰশাসনৰ প্ৰতিনিধি নিৰ্বাচনৰ কাম পৰিচালনা কৰিব। ৰাজ্যিক নির্বাচনী আয়োগে নিজৰ দায়িত্ব সম্পাদন কৰোঁতে অতিৰিক্ত বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজনবোধ কৰিলে ৰাজ্যপালক অনুৰোধ জনাব পাৰে। ৰাজ্যপালে তেনে বিষয়া কৰ্মচৰীক নির্বাচন আয়োগৰ অধীনত কাম কৰিবলৈ আদেশ দিব পাৰে।

16. চমুকৈ ৭৪ তম সংবিধান সংশোধনী আইনৰ প্রধান বৈশিষ্ট্যসমূহ কি কি? Salient Features of the Municipalities after 74th Amendment.

উত্তৰঃ চমুকৈ ৭৪ তম সংশোধনী আইনে পৌৰ প্ৰশাসনৰ বিষয়ত বিশেষ পৰিৱৰ্তন সাধন কৰিলে। এই সংশোধনী আইনৰ প্রধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(১) তিনি প্ৰকাৰৰ পৌৰ প্ৰশাসনৰ ব্যৱস্থা—

(ক) নগৰ পঞ্চায়ত (সমিতি)।

(খ) পৌৰ পৰিষদ (সভা)।আৰু

(গ) পৌৰ নিগম।

(২) ৫ বছৰীয়া কার্যকাল আৰু কার্যকলাপৰ ধাৰাবাহিকাত। 

(৩) অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু মহিলাৰ বাবে আসন সংৰক্ষণ।

(৪) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাৰ বাবে বিষয়বাব সংৰক্ষণ।

(৫) স্থানীয় প্রশাসনৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ প্ৰত্যেক প্রদেশত নির্বাচনী আয়োগ গঠন কৰা। 

(৬) স্থানীয় বিত্তীয় ব্যৱস্থা শক্তিশালী কৰিবলৈ বিত্তীয় আয়োগ গঠন কৰা।

(৭) প্রতি ৰাজ্য বা প্ৰদেশত পৌৰ আৰু জিলা পৰিকল্পনা কমিটি গঠন কৰা।

৭৪ তম সংবিধান সংশোধনী আইন গ্ৰহণ কৰাৰ পিছত ভাৰতৰ প্রত্যেক প্রদেশে নিজে নতুন আইন প্রণয়ন বা পুৰণি আইন সংশোধন কৰিব লগা হ’ল। ভাৰতৰ সকলো প্ৰদেশত নগৰৰ স্বায়ত্বশাসনৰ আইন নতুন ৰূপত গ্ৰহণ কৰি ১৯৯৪ চনৰ পৰা কাৰ্যকৰী কৰা হয়।

17. পৌৰ প্ৰশাসনৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কেনেধৰণৰ হোৱা উচিত বহলাই লিখা? Govt. Control over Urban Local Self Government 

উত্তৰঃ ভাৰতৰ ৭৪ তম সংবিধান সংশোধনী আইনে নগৰীয়া প্রশাসনীয় অনুষ্ঠানবোৰক স্বায়ত্বশাসন প্ৰদান কৰি সাংবিধানিক মর্যাদা প্রদান কৰিছে। কিন্তু এই নগৰীয়া প্ৰশাসনীয় অনুষ্ঠানবোৰ চৰকাৰী নিয়ন্ত্ৰণৰপৰা সম্পূৰ্ণ মুক্ত নহয়। পৌৰ আইনে নিৰ্ধাৰিত কৰি দিয়া সীমাৰ ভিতৰত থাকিহে পৌৰ প্ৰশাসনে কার্য সম্পাদন কৰিব পাৰে।

ৰাজ্যিক চৰকাৰে পৌৰ প্ৰশাসনৰ ওপৰত কিছুমান দিশত নিয়ন্ত্রণ কৰিব পাৰে। নিয়ন্ত্রণবোৰ তলত উল্লেখ কৰা হ’ল—

(১) বিধায়িনী নিয়ন্ত্রণ: পৌৰ প্ৰশাসনৰ অনুষ্ঠানবোৰ ৰাজ্যিক চৰকাৰৰ আইনৰ দ্বাৰা গঠন কৰা হয়। সেইবাবে ৰাজ্যিক চৰকাৰে আইন প্রণয়ন কৰি ইয়াৰ গঠন, ক্ষমতা আৰু কাৰ্য পৰিৱৰ্তন সাধন কৰিব পাৰি।

(২) বিত্তীয় নিয়ন্ত্রণ: প্রশাসনে ধন ব্যয় কৰোঁতে সংঘটিত কৰা বিত্তীয় বেমেজালি প্ৰতিৰোধ কৰিবৰ কাৰণে সময়ে সময়ে চৰকাৰে হিচাপ পৰীক্ষা কৰিব পাৰে। বিত্তীয় প্ৰতিষ্ঠানৰপৰা ঋণ গ্ৰহণ কৰিব লগা হ’লে পৌৰ প্ৰশাসনে চৰকাৰৰ অনুমতি ল’ব লাগে।

(৩) চৰকাৰী কৰ্মচাৰীৰ যোগেদি নিয়ন্ত্ৰণ: পৌৰ প্ৰশাসনৰ কাৰ্যপালিকাৰ বিষয়াসকল চৰকাৰী বিষয়া আৰু তেওঁলোকে চৰকাৰৰ হৈ পৌৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰে। আয়ুক্ত আৰু বিষয়াসকল পৌৰ নিগমৰ শক্তিশালী বিষয়া আৰু তেওঁলোকে চৰকাৰৰ হৈ পৌৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰে।

(৪) চৰকাৰী কৰ্মচাৰীৰ যোগেদি নিয়ন্ত্ৰণ: পৌৰ প্ৰশাসনৰ কার্যকাল পাঁচ বছৰ। কিন্তু কোনো পৌৰ অনুষ্ঠানে যেতিয়া নিজৰ দায়িত্ব সুকলমে পালন কৰিব নোৱাৰে বা কার্য সম্পাদনত সঘনে বিফল হয় তেতিয়া নির্দিষ্ট কার্যকালৰ আগতেই চৰকাৰে তেনে পৌৰ অনুষ্ঠান ভংগ কৰি দিব পাৰে।

(৫) প্রশাসনীয় নিয়ন্ত্রণ (Administrative Control): চৰকাৰে প্ৰশাসনীয় কার্যকলাপ বিভিন্ন ধৰণে নিয়ন্ত্রণ কৰিব পাৰে―

(১) পৌৰ প্ৰশাসনীয় অনুষ্ঠানবোৰৰ পৰা চৰকাৰে কোনো তথ্য পাতি, প্রতিবেদন বিচাৰিব পাৰে।

(২) পৌৰ প্ৰশাসনৰ কাৰ্যকলাপ পৰীক্ষা বা পর্যালোচনা কৰিবৰ কাৰণে চৰকাৰে নিজৰ পচন্দৰ বিষয়া নিয়োগ কৰিব পাৰে। 

(৩) পৌৰ প্ৰশাসনে সময়ে সময়ে উপবিধি প্রস্তুত কৰিব পাৰে। এনে উপবিধি অনুমোদনৰ বাবে চৰকাৰৰ অনুমতি ল’ব লাগে।

জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্রদান কৰিবৰ বাবে, তৃণমূল পৰ্যায়ৰ লোকসকলক সিদ্ধান্ত গ্ৰহণৰ সুবিধা দিবৰ বাবে, নিজৰ সমস্যাবিলাক নিজে সমাধান কৰিবলৈ গণতান্ত্রিক অধিকাৰ প্ৰদান কৰিবলৈ গঠন কৰা পৌৰ প্ৰশাসন বা গ্রাম্য অঞ্চলৰ পঞ্চায়তীৰাজ ব্যৱস্থাই সাধাৰণ লোকৰ আৰ্থ সামাজিক প্রগতি সাধন কৰিব বুলি এনে অনুষ্ঠানক শক্তিশালী কৰা হৈছে। ৭৪ তম সংশোধনী আইনৰ এনে উদ্দেশ্যবোৰৰ সফলতাত চৰকাৰৰ নিৰপেক্ষ হস্তক্ষেপ আৰু দিক্‌নিৰ্ণয়ৰ বাবে পৰামৰ্শৰ প্ৰয়োজন হয়।

18. একাদশ অনুসূচীত অন্তর্ভুক্ত হোৱা মূল বিষয়সমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ সংবিধানৰ ৭৩ আৰু ৭৪ তম সংশোধনীৰ যোগেদি ভাৰতৰ স্বায়ত্বশাসনক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰাই গণতান্ত্রিক বিকেন্দ্রীকৰণ ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গণতান্ত্রিক বিকেন্দ্ৰীকৰণ বুলিলে কেন্দ্ৰীয়ভাৱে নীতি নিৰ্ধাৰণ কৰা আৰু আঁচনি প্ৰস্তুত কৰাৰ পৰিৱৰ্তে এনে কাৰ্য আৰু ক্ষমতাক তৃণমূল পর্যায়লৈ হস্তান্তৰ কৰা প্রক্রিয়াক বুজায়। স্বায়ত্বশাসিত অনুষ্ঠানবোৰক অর্থবহ আৰু কার্যক্ষম কৰি তুলিবলৈ অনুষ্ঠানবোৰৰ হাতলৈ কাম, ক্ষমতা, পুঁজি হতান্তৰ কৰিব লাগিব। অর্থাৎবিকেন্দ্রীকৰণৰ ব্যৱস্থা হাতত ল’ব লাগিব স্থানীয় স্বায়ত্বশাসনৰ অৰ্থই হ’ল স্থানীয় লোকসকলৰ প্ৰশাসনত সক্রিয় অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া। গণতান্ত্রিক বিকেন্দ্ৰীকৰণ ব্যৱস্থাইহে গ্ৰাম্য আৰু চহৰ অঞ্চলৰ জনসাধাৰণক নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ, উন্নয়নৰ আঁচনি নিজে প্রস্তুত কৰিবলৈ, তদাৰক আৰু মূল্যায়ন কৰিবলৈ সুবিধা প্রদান কৰে। স্থানীয় স্বায়ত্বশাসিত অনুষ্ঠানবোৰ যথাযোগ্য ক্ষমতা, কাম, পুঁজি আৰু কৰ্মচাৰী হস্তান্তৰ কৰাৰ উদ্দেশ্যেৰে ৭৩ আৰ ৭৪ তম সংবিধান সংশোধন সংসদে গ্ৰহণ কৰিলে। লগে লগে তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা তিনিতৰপীয়া পৌৰ প্ৰশাসন ব্যৱস্থালৈ কিছুমান কাম হস্তান্তৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ল―

সংবিধানৰ একাদশ অনুসুচীৰ যোগেদি ২৯ টা বিষয় গ্রাম্য পঞ্চায়তীৰাজ অনুষ্ঠানলৈ আৰু দ্বাদশ অনুসূচীৰ (যোগেদি ১৮ টা বিষয় পৌ স্বায়ত্বশাসিত অনুষ্ঠানলৈ হস্তান্তৰ কৰা হ’ল।

তলত একাদশ অনুসূচীৰ বিষয়সমূহ উল্লেখ কৰা হ’ল—

সংবিধানৰ একাদশ অনুসূচী [11th Schedule of the Constitution] ―

ভাৰতৰ সংবিধানৰ ২৪৩ (জি) অনুচ্ছেদত উল্লেখ থকা একাদশ সূচীৰ বিষয়সমূহ

একাদশ অনুসূচীত অন্তর্ভুক্ত বিষয়সমূহ –

(১) কৃষি আৰু কৃষি সম্প্ৰসাৰণ।

(২) ভূমি উন্নয়ন, ভূমি সংস্কাৰ।

(৩) ক্ষুদ্র জলসিঞ্চন, জল ব্যৱস্থাপনা আৰু জলচ্ছেদ উন্নয়ন।

(৪) পশুপালন, দুগ্ধ আৰু পক্ষী পাম।

(৫) মীন পালন।

(৬) সামাজিক বনানিকৰণ আৰু পাম বনানিকৰণ।

(৭) ক্ষুদ্র বনজ উৎপাদন।

(৮) খাদ্য প্রস্তুতকৰণ উদ্যোগকে ধৰি ক্ষুদ্র উদ্যোগ।

(৯) খাদী, গ্রাম্য আৰু কুটাৰ উদ্যোগ।

(১০) গ্রাম্য গৃহনির্মাণ।

(১১) খোৱা পানী।

(১২) শক্তি আৰু পশুখাদ্য।

(১৩) ৰাষ্টা, পানী যোৱা নলা, দলং, ফেৰী, জলপৰিবহণ আৰু পৰিবহণৰ অন্যান্য মাধ্যম।

(১৪) গ্রাম্য বৈদ্যুতিকৰণ, বিদ্যুৎ বিতৰণ।

(১৫) অপৰম্পৰাগত শক্তিৰ উৎস।

(১৬) দৰিদ্ৰতা দূৰীকৰণ আঁচনি।

(১৭) প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাকে ধৰি শিক্ষা।

(১৮) বাৱহাৰিক প্ৰশিক্ষণ আৰু বৃত্তিমূলক শিক্ষা। 

(১৯) প্রাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা।

(২০) পুথিভঁৰাল।

(২১) সাংস্কৃতিক কার্যকলাপ।

(২২) বজাৰ আৰু ব্যৱসায়িক মেলা।

(২৩) হাস্পাতাল, প্রাথমিক চিকিৎসা কেন্দ্ৰ আৰু চিকিৎসা কেন্দ্ৰকে ধৰি স্বাস্থ্য আৰু স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা।

(২৪) পৰিয়াল কল্যাণ।

(২৫) মহিলা আৰু শিশু কল্যাণ।

(২৬) শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে বাধাগ্রস্ত লোকৰ কল্যাণকে ধৰি সামাজিক কল্যাণ।

(২৭) দুৰ্বল শ্রেণীসমূহৰ বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ।

(২৮) ৰাজহুৱা বিতৰণ ব্যৱস্থা।

(২৯) সামুহিক সম্পদৰ ৰক্ষণাবেক্ষণ।

19. গুৱাহাটী পৌৰ নিগমৰ ক্ষমতা আৰু কার্যাবলী ব্যাখ্যা কৰা? (Powers and Functions of Guwahati Municipal Corporation).

উত্তৰঃ ১৯৬৯ চনৰ গুৱাহাটী পৌৰ নিগমৰ আইন অনুসৰি গুৱাহাটী পৌৰ নিগমে তলত উল্লেখ কৰা ক্ষমতাসমূহ ভোগ কৰে –

(ক) সাংগঠনিক ক্ষমতা (Organizational Powers)

১। নিগম গঠন কৰিবৰ বাবে সম্পত্তি আৰু ধাৰ লোৱাৰ অধিকাৰ ।

২। নিগমৰ নিজৰ মেয়ৰ আৰু উপমেয়ৰ নিৰ্বাচনৰ ক্ষমতা। 

৩। নিগমৰ অন্যান্য বিষয়া নিযুক্তি (কমিছনাৰৰ বাহিৰে) আৰু বেতন, বানচ আদি নিৰ্ধাৰণ আৰু কৰ্মচাৰী বৰ্খাস্ত আৰু পদোন্নতি দিয়াৰ ব্যৱস্থা গ্রহণ।

৪। প্রয়োজনীয় বিধি-উপবিধি প্রণয়ন।

৫। নিগমৰ প্ৰয়োজনীয় কমিটি গঠন কৰি কমিটিবোৰক কিছু দায়িত্ব অর্পণ ইত্যাদি।

(খ) স্বাস্থ্য ৰক্ষামূলক কার্য:

১। জনস্বাস্থ্য ৰক্ষাৰ বাবে চিকিৎসালয় স্থাপন আৰু পৰিচালনা কৰা।।

২। সংক্রামক ৰোধ আৰু মাৰাত্মক ব্যাধি ৰোধ কৰিবৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ।

৩। বিশুদ্ধ খোৱা পানী যোগান।

৪। নলা-নর্দমা পৰিষ্কাৰ আৰু বীজাণুনাশক ওষুধ ছটিয়াইস্বাস্থ্যকৰ পৰিৱেশ গঢ়া। 

৫। নগৰৰ হাট-বজাৰ, কছাইশাল চাফ-চিকুণ কৰি ৰখা।

৬। ভেজাল বস্তু বিক্ৰী বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰা।

৭। ৰাজহুৱা টয়লেট আদি নিৰ্মাণ কৰি সেইবোৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চকু ৰখা৷

৮। ৰোগী অনা-নিয়াৰ বাবে যান-বাহনৰ (এম্বুলেন্স) ব্যৱস্থা ৰখা।

৯। শিশু আৰু মাতৃ মংগলৰ বাবে সেৱা আগবঢ়োৱা । 

(গ) জনকল্যাণমুখী কার্যাবলী (Public Welfare Works)

১। যাতায়াতৰ সুবিধাৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা।

২। হাট-বজাৰ, ৰাষ্টা, দলং, শশ্মানঘাট আদি নির্মাণ আৰু উন্নয়ন কৰা আৰু এইবোৰৰ যত্ন লোৱা।

৩। ৰাজহুৱা মাটি অধিগ্ৰহণ কৰি খেল পথাৰ, উদ্যান, আমোদ ভবন, জিৰণিঘৰ নিৰ্মাণ কৰা।

(ঘ) নিৰাপত্তামূলক কার্যাবলী

১। অগ্নিনির্বাপক বাহিনী সাজু কৰি ৰখা।

২। দুর্ঘটনা ৰোধ কৰিবৰ বাবে বাট-পথ, দলং আদিৰ উন্নয়ন কৰা

৩। নিগমৰ নিৰাপত্তাৰ বাবে নৈশ চকীদাৰ নিযুক্তি আৰু তদাৰক কৰা।

৪। প্রাকৃতিক দুর্যোগত বিপগ্রস্ত লোকক উদ্ধাৰ আৰু সহায় কৰা ইত্যাদি।

গুৱাহাটী পৌৰ নিগমৰ ওপৰত উল্লেখ কৰা কাৰ্যসমূহ প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—

(ক) বাধ্যতামূলক কার্য।আৰু 

(খ) ইচ্ছাভিত্তিক।

(ক) বাধ্যতামূলক: নিগমে কিছুমান কাম কৰিবলৈ বাধ্য। যেনে – নলা-নর্দমা, ৰাজহুৱা স্নানাগাৰ, প্ৰস্ৰাৱাগাৰ নিৰ্মাণ আৰু পৰিষ্কাৰ কৰি ৰখা, পানীৰ যোগান ধৰা, বাট-পথ পৰিষ্কাৰ কৰি ৰখা, মৰাশ সংৎকাৰৰ বাবে শ্মশান নিৰ্মাণ কৰা, জন্ম-মৃত্যুৰ হিচাপ ৰখা, চিতা-বেজিৰ ব্যৱস্থা কৰা, চিকিৎসালয়, মাতৃ আৰু শিশুৰ মংগল কেন্দ্ৰ স্থাপন কৰা, বাট-পথ আৰু দলং নিৰ্মাণ কৰা, নিগমৰ কাৰ্যালয়, পুৰণি স্মৃতি ৰক্ষা কৰা, নিগমৰ কৰ্মচাৰীৰ থকা ঘৰৰ ব্যৱস্থা কৰা, ৰোগীক অনা-নিয়াৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা, জনসাধাৰণৰ বাবে উদ্যান, খেলপথাৰৰ ব্যৱস্থা কৰা, অগ্নিনির্বাপকৰ ব্যৱস্থা কৰা, ৰাষ্টা-ঘাত আদি আন ঠাইত পোহৰৰ ব্যৱস্থা কৰা আদি।

(খ) ইচ্ছামূলক কার্য: নিগমৰ কিছুমান ইচ্ছামূলক বা স্ব-ইচ্ছাৰে কৰিব পৰা কাম আছে। এই কামবিলাক কৰিবলৈ নিগম বাধ্য নহয় বা বাধ্য কৰাব নোৱাৰে। নিগমৰ ইচ্ছাৰ ওপৰত এনে কামবিলাক কৰা বা নকৰাটো নিৰ্ভৰ কৰে। কেতবোৰ এনে ইচ্ছামূলক কাম তলত উল্লেখ কৰা হ’ল—

মেলা, প্ৰদৰ্শনী, সাঁতোৰা পুখুৰী, থিয়েটাৰ, চিনেমা, পুথিভঁৰাল, শিক্ষানুষ্ঠান আদিৰ ব্যৱস্থা কৰা নিগমৰ ইচ্ছামূলক কাম। শৰীৰ চৰ্চা, খেলপথাৰ, গছ-গছনি ৰোৱা আৰু সংৰক্ষণ কৰা, মাটি আৰু ঘৰ জৰীপ কৰা, বিবাহ পঞ্জীয়ন কৰা, লোকপিয়ল কৰা, বিশুদ্ধ গাখীৰ যোগান, ৰোগী আৰু অনাথ শিশুৰ কল্যাণৰ বাবে অনুষ্ঠান স্থাপন কৰা,গৃহ নির্মাণ, যান-বাহন ক্রয়, পশু চিকিৎসালয় স্থাপন, শ্রমিক কল্যাণ কেন্দ্র স্থাপন, স্নান গৃহ নির্মাণ, খোৱা পানীৰ যোগান, প্ৰেক্ষাগৃহ আৰু ভোজনালয় স্থাপন, হাট-বজাৰ, দোকান স্থাপন, গুদাম, ঘৰ বন্ধা শ্রমিকৰ প্ৰতি সহায় আগবঢ়োৱা আদি বহুতো ইচ্ছামূলক কার্য নিগমে কৰিব পাৰে।

গুৱাহাটী পৌৰ নিগম এক স্বতন্ত্র অনুষ্ঠান (Autonomous body) । কিন্তু ই স্বতন্ত্র হ’লেও স্বেচ্ছাচাৰী হ’ব নোৱাৰে। কাৰণ ১৯৬৯ চনৰ গৌৰ আইন অনুসৰি গুৱাহাটী পৌৰ নিগম অসীম ক্ষমতাৰ অধিকাৰী নহয়। অসম চৰকাৰৰ ই নিয়ন্ত্রণাধীন অসম চৰকাৰে ইয়াৰ ক্ষমতা আৰু কাৰ্যৰ ওপৰত প্ৰয়োজন হ’লৈ হস্তক্ষেপ কৰিব পাৰে। ইয়াৰ উপৰি চৰকাৰে পৌৰ নিগম ভংগ কৰি দিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top