Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government | বিকেন্দ্রীকৰণ আৰু স্থানীয় চৰকাৰ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Question Answer can be of great value to excel in the examination.

Join Telegram channel

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

4. What do you mean by people’s participation. Discuss its various types and means. 

Ans: জনঅংশগ্রহণৰ অৰ্থ (Meaning of People’s Participation)

এখন গণতান্ত্রিক শাসন ব্যৱস্থা প্ৰৱৰ্তিত থকা দেশত প্ৰশাসনীয় তথা উন্নয়নমূলক কার্যকলাপত জনসাধাৰণৰ সক্রিয় অংশগ্রহণ আৰু সহযোগিতা প্রশাসনৰ সফলতাৰ অন্যতম প্রয়োজনীয় চর্ত। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমুখী আঁচনিসমূহৰ অগ্ৰাধিকাৰ ভিত্তিক আঁচনি প্রস্তুকৰণ, সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়া আৰু গ্ৰামোন্নয়নমুখী আঁচনিবিলাকৰ সফল কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত জনগণৰ অংশগ্ৰহণ অত্যন্ত প্রয়োজনীয়।

জনঅংশগ্ৰহণৰ অৰ্থটো বিভিন্ন দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিব পাৰি। সাধাৰণ অৰ্থত জনঅংশগ্ৰহণৰ অৰ্থ হৈছে এক প্ৰক্ৰিয়া

যাৰ জৰিয়তে জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ডত প্ৰভাৱ পেলোৱা বিভিন্ন আর্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কার্যকলাপত জনসাধাৰণক জড়িত কৰা হয়।

জনঅংশগ্রহণ বুলিলে এখন সমাজৰ সদস্যসকলে স্বইচ্ছাৰে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কার্যকলাপ সমূহৰ নানান দিশ আৰু প্ৰক্ৰিয়াত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহযোগ কৰাকে সূচায়।

জনঅংশগ্ৰহণৰ সম্পর্কে বিভিন্নজনে ভিন্ন প্রকৃতিৰ সংজ্ঞা আগবঢ়াইছে।

Aneeta Benning ৰ মতে, জনঅংশগ্রহণ বুলিলে কোনো এক বৃহৎ অঞ্চল বা কোনো এক সম্প্রদায়ত সংঘটিত কার্যকলাপত জনসাধাৰণ জড়িত হোৱাৰ প্ৰক্ৰিয়াকেই বুজায়। এই অংশগ্রহণ সক্রিয় বা নিষ্ক্রিয় দুয়োটা ৰূপতে হ’ব পাৰে।

Stassen-ৰ ভাষাত প্রশাসনিক কাৰ্যসূচীত নাগৰিকসকলৰ একপ্ৰকাৰৰ হস্তক্ষেপকৰণেই হৈছে জনঅংশগ্রহণ। সাধাৰণতে জনঅংশগ্ৰহণৰ ধাৰণাতো সংকীর্ণ আৰু ব্যাপক এই দুয়ো অৰ্থত ব্যৱহৃত কৰা হয়। সংকীৰ্ণ অৰ্থত জনঅংশগ্রহণে চৰকাৰী অনুষ্ঠান বা পৰিচালনা গোটৰ সদস্য নোহোৱাকৈয়ে প্ৰশাসনীয় কার্যকলাপত নাগৰিকসকল জড়িত হোৱাক বুজায়। অর্থাৎ সংকীর্ণ অৰ্থত অংশগ্রহণে পৰোক্ষ জনঅংশগ্রহণক সূচায়। ইয়াৰ পৰিৱৰ্তে বহল অৰ্থত চৰকাৰী বিভিন্ন উন্নয়নমূলক কার্যকলাপসমূহত প্ৰত্যক্ষ আৰু স্বেচ্ছাকৃতভাৱে নাগৰিকসকলে অংশগ্ৰহণ কৰাকে জনঅংশগ্রহণ বুলি কোৱা হয়। অর্থাৎ ব্যাপক অর্থত সামূহিক জীৱন-নিৰ্বাহৰ আর্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ সকলো কার্যব্যৱস্থাই জনঅংশগ্রহণৰ অন্তৰ্ভুক্ত। 

জনসাধাৰণৰ অংশগ্ৰহণৰ ধাৰণাতো প্রধানত: চাৰিটা দিশৰ পৰা অনুধাৱন কৰিব পাৰি—

(ক) সিদ্ধান্ত গ্রহণত অংশগ্রহণ।

(খ) কার্যকৰীকৰণত অংশগ্রহণ।

(গ) উন্নয়নমূলক আঁচনিসমূহৰ তদাৰকমূলক আৰু মুল্যায়নমূলক কার্যত অংশগ্রহণ।

(ঘ) উন্নয়নৰ সফল বিলাক বিতৰণ কৰি উপভোগ কৰাৰ ক্ষেত্ৰত অংশগ্রহণ।

জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰকাৰ (Types of People’s Participation)

জনঅংশগ্রহণ প্ৰধানকৈ তিনি প্ৰকাৰৰ—

(ক) ৰাজনৈতিক অংশগ্রহণ (Political Participation).

(খ) প্রশাসনত অংশগ্রহণ (Participation in Administration).

(গ) সামাজিক অংশগ্রহণ (Social participation).

(ক) ৰাজনৈতিক অংশগ্রহণ (Political Participation):

ৰাজনৈতিক অংশগ্রহণে সাধাৰণতে কিছুমান স্বেচ্ছাকৃত কাৰ্যসূচীক বুজায় যাৰ সহায়ত এখন সমাজৰ সভ্য হিচাপে সদস্যসকলে চৰকাৰৰ বিভিন্ন স্তৰৰ শাসকসকল বাছনিকৰণৰ কাৰ্যত অংশগ্রহণ কৰে আৰু যাৰ জৰিয়তে চৰকাৰৰ ৰাজহুৱা নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্রত্যক্ষ আৰু পৰোক্ষভাৱে সহায়-সহযোগিতা আগবঢ়ায়। সমাজৰ ৰাজনৈতিক পদ্ধতিৰ ওপৰত নাগৰিকৰ এই ৰাজনৈতিক অংশগ্রহণ নির্ভশীল। এই প্ৰকাৰৰ অংশগ্ৰহণৰ মাত্ৰা গণতন্ত্রত অধিক প্রবল হোৱা দেখা যায়।

(খ) ৰাজনৈতিক অংশগ্রহণ (Participation in Administration): 

প্রশাসনত নাগৰিকৰ অংশগ্ৰহণ বুলিলে সাধাৰণতে চৰকাৰৰ নীতি নিৰ্ধাৰণ কাৰ্য, কাৰ্যকৰীকৰণত অংশগ্রহণ, আঁচনি আৰু প্রকল্পবিলাকৰ ৰূপায়ণত জনসাধাৰণৰ অংশগ্ৰহণ বুজায়। বৰ্তমানৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত স্থানীয় শাসিত সংস্থাবিলাকৰ কার্যকলাপত জনগণে সক্রিয় অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। ভাৰতীয় সংবিধানৰ ৭৩নং সংশোধনী আইন গৃহীত হোৱাৰ পাছৰে পৰাই মহিলাসকলে অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকসকলে, দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে প্রশাসনীয় কার্যত অংশগ্ৰহণৰ সুবিধা পাইছে।

(গ) সামাজিক অংশগ্রহণ (Social Participation): সামাজিক অংশগ্রহণৰ অৱধাৰণাতো সাধাৰণতে ব্যাপক অৰ্থত ব্যৱহাৰ কৰা হয়। সামাজিক অংশগ্রহণ সমাজৰ আর্থিক উন্নয়ন, সামাজিক ন্যায়, ৰাষ্ট্ৰীয় স্বার্থ আদি সামাজিক প্রমূল্যবোধৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা নাগৰিকসকলৰ পাৰস্পৰিক বুজা-পৰা, দায়বদ্ধতা আদিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। এই সামাজিক অংশগ্ৰহণৰ অন্যতম প্রদান উপায় হ’ল সামাজিক প্রতিবাদ। ই এক কৌশল যাৰ জৰিয়তে সামাজিক কার্যকলাপত অংশগ্ৰহণৰ সহায়ক হয়।

প্রশাসনত জনঅংশগ্ৰহণৰ আৰ্হি বা নিৰ্ধাৰক (Means / modes of People’s Participation) 

প্রশাসনত জনঅংশগ্ৰহণৰ উপায় প্ৰধানকৈ চাৰি ধৰণৰ—

(ক) সিদ্ধান্ত গ্রহণত অংশগ্রহণ (Participation in Decision Making):

প্রশাসনীয় সিদ্ধান্ত গ্রহণ আৰু আঁচনি প্ৰস্তুতকৰণত গ্রামীণ জনসাধাৰণৰ অংশগ্ৰহণ গ্রামোন্নয়নৰ অন্যতম পূর্বচৰ্ত। সংবিধানৰ ৭৩নং সংশোধনী গৃহীত হোৱাৰ পাছৰ পৰা সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত স্থানীয় জনগণৰ অংশগ্ৰহণ তথা সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাইছে। সাধাৰণতে প্রধান চাৰিটা বিষয় ক্ৰমে সমস্যা বাছনিকৰণ, সমস্যা সমাধানৰ প্ৰস্তাৱ গ্ৰহণ, অগ্ৰাধিকাৰ নিৰূপণ কৰা আৰু প্রকল্প ৰূপায়ণ কৰা বিষয়ত কৰ্তৃত্ব প্ৰয়োগ কৰিবলৈ জনসাধাৰণে আগবাঢ়ি আহিলেহে সিদ্ধান্ত গ্রহণত জনসাধাৰণৰ অংশগ্ৰহণ হোৱা বুলিব পাৰি।

(খ) প্রকল্প ৰূপায়ণত জনঅংশগ্রহণ (Participation in Implementation of Projects):

গ্রামীণ অঞ্চলৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা উন্নয়নমুখী আঁচনি তথা প্রকল্পবিলাকৰ সফল কার্যকৰীকৰণত গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰীসকলৰ অংশগ্ৰহণ প্ৰশাসনৰ জনঅংশগ্ৰহণৰ অন্যতম নিৰ্ধাৰক। অৱশ্যে এইক্ষেত্ৰত গ্রামাঞ্চলৰ জনগণে বিভিন্ন আঁচনিবিলাক জানিবলৈ আগ্রহী হ’লে আঁচনিসমূহ কিমানদূৰ অগ্রগতি লাভ কৰিছে তথা আঁচনিসমূহ ৰূপায়ণৰ বাবে কিমান পৰিমাণৰ পুঁজি ধার্য কৰা হৈছিল আৰু সেই পৰিমাণ ব্যয় কৰা হৈছেনে নাই আদিৰ বিষয়ে নানান তথ্য জনগণে লাভ অধিকাৰ সাব্যস্ত কৰিব পাৰিলেহে আঁচনি কাৰ্যকৰীকৰণৰ জনগণৰ অংশগ্ৰহণ অধিক ফলপ্রসূ হয়।

(গ) আঁচনিৰ তদাৰকীকৰণ আৰু মূল্যায়নমূলক কামত অংশগ্রহণ (Participation in Monitoring and Evaluation of Plans):

গ্রামীণ জনগণৰ প্রশাসনৰ অংশগ্ৰহণৰ আন এক নিৰ্ধাৰক হৈছে আঁচনি, প্রকল্পসমূহৰ কাৰ্যকৰীকৰণক পর্যবেক্ষণ, তদাৰকীকৰণ আৰু মূল্যায়নকৰণ। সাধাৰণতে আঁচনি এখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আঁচনিখন কেনেদৰে কাৰ্যকৰী কৰা হৈছে, আঁচনি অনুসৰি কাৰ্যকৰী কৰা হৈছেনে নাই, নিৰ্ধাৰিত হিতাধিকাৰীসকল উপকৃত হৈছেনে নাই এই সকলোবিলাক বিষয় জড়িত থাকে। আঁচনিৰ কার্যকৰীকৰণৰ লগতে জনগণে আঁচনিৰ তদাৰকীকৰণ তথা মূল্যায়ন কার্যতো অংশগ্রহণ কৰিব লাগে। বর্তমান ভাৰতৰ সংবিধানৰ ৭৩নং আৰু ৭৪ নং সংশোধনী অধিনিয়মৰ জৰিয়তে স্বায়ত্ত শাসিত সংস্থাবিলাকৰ কাৰ্য ব্যৱস্থাত জনসাধাৰণে তদাৰক কৰাৰ লগতে মূল্যায়ন কৰাৰ ক্ষমতা লাভ কৰিছে। তদাৰক কমিটী, মূল্যায়ন সমিতি গঠন কৰা, সামাজিক পৰীক্ষা সমিতি গঠন কৰাৰ জৰিয়তে জনগণে তদাৰকী ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে।

(ঘ) বিকাশৰ সুফল ভাগ বিতৰণৰ ক্ষেত্ৰত অংশগ্রহণ (Participation in Sharing):

গ্রামীণ জনসাধাৰণৰ উন্নয়নমূলক কার্যত অংশগ্ৰহণৰ অন্যতম প্রধান নিৰ্ধাৰক হ’ল— বিকাশ তথা উন্নয়নৰ সুফল ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত অংশগ্রহণ। সাধাৰণতে চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ পৰা জনসাধাৰণে লাভান্বিত হ’লৈহে সমাজৰ বিশেষকৈ দুৰ্বল সম্প্ৰদায়ৰ জনসাধাৰণে স্ব-ইচ্ছাৰে আৰু অংশগ্ৰহণৰ বাবে আগ্রহী হয়। এইক্ষেত্ৰত বলবন্ত ৰায় মেহতা সমিতিৰ প্রতিবেদনত উল্লেখিত মন্তব্য প্রণিধানযোগ্য। স্থানীয় স্বাৰ্থ ৰক্ষাৰ খাতিৰত, স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় জনগণৰ অংশগ্ৰহণৰ প্ৰয়োজন আৰু ইয়াৰ সপক্ষে পুঁজি ব্যয় কৰাৰ নিশ্চয়তা প্ৰদান কৰাৰ কাৰ্য যেতিয়ালৈকে সম্ভৱ নহয়, যেতিয়ালৈকে স্থানীয় প্রশাসনক উপযুক্ত ক্ষমতা আৰু পুঁজিৰ যোগান ধৰিব পৰা এক প্রতিনিধিত্বমূলক গণতান্ত্রিক অনুষ্ঠানৰূপে গঢ়ি তোলা নহয়, তেতিয়ালৈকে স্থানীয় এলেকাৰ উন্নতিৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ সহায়-সহযোগিতা আশা কৰিব নোৱাৰি।

5. Examine the problems of people’s participation in rural development. Suggest measures for increasing participation of the people in rural development administration.

Ans:প্রশাসনত জনঅংশগ্ৰহণৰ প্ৰধান সমস্যা (Problems of People’s Participation in Administration)

জনঅংশগ্ৰহণৰ সমস্যা ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত দেখা দিয়া সমস্যাবিলাকৰ ভিতৰত অন্যতম প্ৰশাসনৰ জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত কিছুমান সমস্যাই হেঙাৰৰূপে দেখা দিয়ে। 

এই সমস্যাবিলাক তলত উল্লেখ কৰা ধৰণৰ—

(ক) নিৰক্ষৰতা আৰু অজ্ঞতা (Illiteracy and Ignorance):

প্রশাসনত জনঅংশগ্রহণ আৰু সহযোগিতা অভাৱৰ প্ৰধান কাৰণ হৈছে জনসাধাৰণৰ নিৰক্ষৰতা আৰু অজ্ঞতা। ভাৰতৰ দৰে

উন্নয়নশীল দেশত প্ৰায়সংখ্যক লোকেই নিৰক্ষৰ হোৱা দেখা যায়। নিৰক্ষৰতাৰ লগতে তেওঁলোক সমান্তৰালভাৱে অজ্ঞ। প্রশাসনত এনে নিৰক্ষৰ আৰু অজ্ঞলোকৰ পৰা অংশগ্রহণ আশা কৰিব নোৱাৰি। জনগণৰ অধিকাংশই আঁচনিবিলাকৰ কথা নাজানে। একমাত্ৰ নিৰক্ষৰ আৰু অজ্ঞ হোৱাৰ বাবেই তেওঁলোকে নিজৰ অধিকাৰ আৰু ক্ষমতা সাব্যস্ত কৰিবলৈ সক্ষম নহয়। অৱশ্যে শিক্ষাৰ প্ৰসাৰ আৰু জনজাগৰণৰ জৰিয়তে প্ৰশাসনৰ জনঅংশগ্রহণ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।

(খ) দৰিদ্ৰতা (Poverty):

গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া অন্য এক সমস্যা হৈছে গ্রামীণ জনসাধাৰণৰ দৰিদ্ৰতা। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বর্তমানেও ভাৰতৰ শতকৰা ৩৫ জন লোকে বসবাস কৰে। দৰিদ্ৰতাৰ বাবেই এনে দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে জীৱন-ধাৰণৰ ন্যূনতম প্রয়োজনখিনি পূৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন প্রশাসনীয় কার্যত অংশগ্ৰহণ কৰিব নোৱাৰে। দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে সামাজিকভাৱে সংগঠিত হ’লে বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিলেও বিভিন্ন কাৰণত তেওঁলোকে প্ৰশাসনীয় কার্যকলাপত অংশগ্ৰহণ কৰিবলৈ মুঠেই আগ্রহী নহয়। বর্তমান অৱশ্যে (NREGA) এনৰেগা আঁচনিৰ অধীনত দৰিদ্ৰ জনসাধাৰণক চৰকাৰী আঁচনিৰ অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে।

(গ) প্রশাসন সম্পৰ্কে যথোপযুক্ত জ্ঞানৰ অভাৱ (Lack of Knowledge in Administration):

অজ্ঞতাৰে পৰিপুষ্ট গ্রামীণ জনসাধাৰণৰ উপযুক্ত প্ৰশাসনীয় জ্ঞানৰ অভাৱ হয়। প্রশাসন কেনেদৰে পৰিচালিত হয়, প্রশাসনৰ পৰা তেওঁলোকৰ প্ৰাপ্যখিনিৰ বিষয়ে সৰহসংখ্যক জনসাধাৰণে নাজানে। গতিকে প্রশাসনীয় জ্ঞানৰ অভাৱ থকা জনসাধাৰণৰ পৰা চৰকাৰৰ প্ৰশাসনীয় কার্যকলাপৰ অংশগ্ৰহণ তথা সহযোগিতা আশা কৰিব নোৱাৰি।

(ঘ) জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাৰ অভাৱ (Lack of Political Awareness):

নিৰক্ষৰ আৰু অজ্ঞ লোকসকলৰ ৰাজনৈতিকভাৱে সচেতন নহয়। ৰাজনৈতিক সচেতনতাৰ অবিহনে জনসাধাৰণৰ প্ৰশাসনত ৰাজনৈতিক অংশগ্রহণ সম্ভৱপৰ হৈ নুঠে। চৰকাৰৰ কাৰ্যকলাপত জনগণৰ মতামতৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজি উঠি তেওঁলোকে ৰাজনৈতিকভাৱে সংগঠিত হ’লৈহে ৰাজনৈতিক কার্যকলাপত অংশগ্ৰহণ কৰিব পাৰিব। যাৰ অভাৱৰ বাবেই গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণ সম্ভৱ হৈ উঠা নাই। কিয়নো ৰাজনৈতিক সজাগতা আৰু সচেতনতা ৰাজনৈতিক অংশগ্ৰহণৰ পূৰ্ব চৰ্ত।

(ঙ) আমোলা বিষয়াসকলে সাধাৰণ জনগণৰ প্ৰতি গ্ৰহণ কৰা উদাসীন দৃষ্টিভংগী (Unhelpful Attitude of the Bureaucrats): 

চৰকাৰী আমোলা বিষয়াসকলে সাধাৰণ শ্রেণীৰ জনগণৰ প্ৰতি গ্ৰহণ কৰা অৱহেলিত তথা অসহায় দৃষ্টিভংগীৰ বাবেও প্ৰশাসনৰ জনঅংশগ্ৰহণৰ সমস্যাই দেখা দিয়ে। চৰকাৰ প্ৰণোদিত বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমোলা বিষয়াসকলে সাধাৰণ নাগৰিকসকলৰ লগত সহযোগিতা নকৰে। চৰকাৰী বিষয়াসকলে সাধাৰণ ৰাইজৰ তুলনাত নিজকে উচ্চ পৰ্যায়ৰ বুলি গণ্য কৰে যাৰ কাৰণে জনসাধাৰণে প্ৰশাসনৰ ওপৰত নিজৰ বিশ্বাস আৰু আস্থা হেৰুৱাই পেলাইছে।

(চ) নাগৰিকক প্ৰশাসনৰ পৰা বিচ্ছিন্নকৰণ (Alienation of the People from Administration): 

নাগৰিকৰ প্ৰশাসনত জড়িতকৰণৰ ক্ষেত্ৰত দেখা দিয়া ই এক গুৰুত্বপূর্ণ সমস্যা। প্রশাসনৰ পৰা যিহেতু গ্রামীণ দৰিদ্ৰ জনসাধাৰণে কল্যাণমূলক সেৱা আশা কৰিব নোৱাৰে। গতিকে নাগৰিকে প্রশাসন ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱায়। জনসাধাৰণৰ অভাৱ অভিযোগবিলাকৰ প্ৰতি অৱহেলা কৰিলে জনসাধাৰণে নিজকে প্ৰশাসনৰ পৰা নিসংগ কৰাৰ এক দৃষ্টিভংগী গ্ৰহণ কৰে।

গ্রামোন্নয়ন প্রশাসনত জনঅংশগ্রহণ বৃদ্ধিৰ বাবে পৰামৰ্শবলী 

(Suggestions for Increasing Peoples Participa tion in Rural Development Administration)

গ্রামোন্নয়নৰ প্ৰশাসন ব্যৱস্থাত জনঅংশগ্রহণ বৃদ্ধিৰ বাবে নিম্নোক্ত পৰামৰ্শৱলী আগবঢ়োৱা হ’ল—

(ক) জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি: গ্রাম্য জনগণৰ কল্যাণৰ হকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু প্ৰকল্পবিলাকৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তুলিব লাগিব আৰু এই উদ্দেশ্যে সজাগতা শিবিৰ কৰ্মশালা আদি সঘনে চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰিব লাগে।

(খ) গ্রামোন্নয়ন কর্তৃপক্ষ আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক তথা সহযোগিতা বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে। জনগণে যাতে প্রশাসনীয় পৰিকল্পনা, আঁচনিবিলাকৰ সফল ৰূপায়ণত অংশগ্রহণ যাতে কৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিব লাগে।

(গ) গ্ৰাম্য এলেকাৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিক কোনো আঁচনি ৰূপায়ণ কৰাৰ পূর্বে গ্রামোন্নয়ন কর্তৃপক্ষই স্থানীয় জনসাধাৰণৰ লগত আলোচনা কৰিব লাগে আৰু উক্ত সময়ৰ ভিত্তিত আঁচনিৰ মডেল প্রস্তুত কৰি কার্যকৰী কৰিব লাগে।

(ঘ) সংবাদ মাধ্যমবিলাকৰ সবল ভূমিকা: গ্রামোন্নয়নৰ প্রশাসনত বর্ধিত জনঅংশগ্ৰহণৰ ক্ষেত্ৰত সংবাদ মাধ্যমবিলাকেও এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিব লাগে। গ্রাম্য ৰাইজক চৰকাৰ প্রণোদিত আঁচনিবিলাকৰ বিষয়ে দৈনিক বাতৰি কাকত, মাহেকীয়া, পষেকীয়া, সাপ্তাহিক, আলোচনী আদিত নানা ধৰণৰ প্ৰবন্ধ, লেখনি আদি প্ৰকাশ কৰি, দূৰদৰ্শন, অনাতাঁৰ কেন্দ্ৰ আদিৰো ইবিলাক প্ৰকাশ কৰি জনগণক সচেতন কৰি তুলিব লাগে।

(ঙ) বেচৰকাৰী সংস্থাবিলাকৰ ভূমিকা: প্রশাসনত জনঅংশগ্রহণ বৃদ্ধিৰ বাবে বেচৰকাৰী সংস্থাবিলাকেও এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগে। ভাৰতত এই উদ্দেশ্যে ভালেমান বেচৰকাৰী সংস্থা গঢ়ি উঠিছে। এই সংস্থাসমূহে চৰকাৰৰ বিভিন্ন আঁচনি, প্রকল্পবিলাকৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।

(চ) আঁচনিবিলাকৰ হিতাধিকাৰীসকলক প্রয়োজনীয় প্রশিক্ষণ প্রদান কৰি উপযুক্ত প্রশিক্ষণপ্রাপ্ত কৰি তুলিব লাগে। যাতে ইয়াৰ জৰিয়তে বিভিন্ন আঁচনিৰ আধাৰত হিতাধিকাৰীসকলক প্ৰদান কৰা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰাত সহায়ক হয়।

ওপৰৰ আলোচনাৰ অন্তত: ক’ব পাৰি যে গ্রামোন্নয়ননৰ প্রশাসনত নাগৰিকৰ অংশগ্রহণ তথা সহযোগিতা নিতান্তই আৱশ্যকীয়। কিন্তু উল্লেখনীয় যে এই অংশগ্রহণ বাধ্যবাধকতাৰে প্ৰয়োগ কৰিব নোৱাৰি প্ৰশাসনত স্বেচ্ছাকৃত জনঅংশগ্রহণে উন্নত মানদণ্ডৰ সুফল আহৰণত সহায় কৰে। সেয়ে কোৱা হয় যে Equal share of benefit of development is possible through equal participation both by the rich and by the poor.

6. Examine the role of PRI in rural development. 

Or

Critically examine the role of PRI in rural development.

Ans: গ্রামোন্নয়নত পঞ্চায়তীৰাজ অনুষ্ঠানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ (অপৰিসীম)। ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশৰ সৰহসংখ্যক লোকে গাঁও অঞ্চলত বাস কৰে। গতিকে গ্রামীণ এলেকাৰ সামগ্রিক উন্নতিৰ অবিহনে দেশে প্রকৃততে কেতিয়াও সমৃদ্ধি লাভ কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ দৰে বিশাল, জনবহুল আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত দেশৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে পঞ্চায়তীৰাজ অনুষ্ঠানৰ ব্যৱস্থা কৰা হয়। পঞ্চায়তীৰাজ ব্যৱস্থাই গণতান্ত্রিকভাবে স্থানীয় পর্যায়ত নির্বাচিত প্রতিনিধিয়ে শাসন কৰাকে বুজায়। বর্তমানে, ৰাজ্য চৰকাৰে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক নিজে নিজক শাসন কৰা সুবিধা দিয়াটোকেই পঞ্চায়তীৰাজ ব্যৱস্থা বুলি কোৱা হয়।

তলত গ্রামোন্নয়নত পঞ্চায়তসমূহে গ্ৰহণ কৰা ভূমিকাসমূহ বহলাই তলত আলোচনা কৰা হ’ল―

(ক) স্থানীয় সমস্যা নির্বাচন (Selection of Local Problems):

পঞ্চায়তীৰাজ অনুষ্ঠানবোৰে নিজ নিজ অঞ্চলৰ সমস্যাসমূহ নির্বাচন কৰি সমাধান কৰে। বৃহৎ জনসংখ্যা আৰু মাটিকালিৰ ৰাষ্ট্ৰখনৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰসমূহে প্রত্যেকটো অঞ্চলৰ সমস্যাসমূহ বিচাৰ কৰি সকলোবোৰ সমস্যা সমাধান কৰাতো সম্ভৱপৰ নহয়। গতিকে পঞ্চায়তসমূহে নিজ নিজ অঞ্চলত প্রয়োজন হোৱা সমস্যাসমূহ নির্বাচন কৰি বিভাগীয় কর্তৃপক্ষ বা নিজে সমাধানৰ ব্যৱস্থা হাতত ল’ব পাৰে।

(খ) প্রকৃত গণতান্ত্রিক অনুষ্ঠান গঢ়াত পঞ্চায়তীৰাজ অনুষ্ঠানৰ ভূমিকা: পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে গণতন্ত্রক অধিক গণতান্ত্রিক কৰি তোলাত সহায় কৰে। এই অনুষ্ঠানবোৰে জনসজাগতা আৰু সচেতনতা বৃদ্ধি কৰাত গুৰুত্বপূর্ণ ভূমিকা বহন কৰি আহিছে। বর্তমান সাংবিধানিক স্বীকৃতি পোৱাৰ পিছত গ্রামাঞ্চলৰ তৃণমূল পর্যায়ৰ লোকসকলে গাঁও সভাত আলাপ আলোচনা কৰি, আঁচনি প্রস্তুত কৰি, আঁচনি ৰূপায়ণত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। প্ৰশাসনত জনসাধাৰণক অংশগ্ৰহণ কৰিবলৈ দিয়াৰ বাবে জনসাধাৰণে মুক্তভাৱে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। গতিকে বর্তমান পঞ্চায়তীৰাজ ব্যৱস্থাই গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। 

(গ) হিতাধিকাৰী নির্বাচন (Selection of Beneficiary):

গ্রামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰসমূহে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিবোৰে সামৰি লোৱা হিতাধিকাৰীসকলক চিনাক্ত কৰি দিয়াতো পঞ্চায়তসমূহৰ আন এটা গুৰুত্বপূর্ণ কাম। প্রকৃত আৰু উপযুক্ত হিতাধিকাৰী নির্বাচন কৰি পঞ্চায়তসমূহে আঁচনিখন সফল ৰূপায়ণ কৰাত সহায় কৰাৰ উপৰিও সমাজৰ দুখীয়া আৰু পিছপৰা লোকসকলৰ কল্যাণ সাধন কৰিব পাৰে।

(ঘ) আঁচনি প্ৰস্তুত কৰা, তদাৰক কৰাৰ ক্ষমতা বৃদ্ধিত পঞ্চায়তৰ ভূমিকা: পঞ্চায়ত ৰাজ ব্যৱস্থাৰ অধীনত গ্ৰাম্য জনসাধাৰণে নিজ নিজ অঞ্চলৰ সমস্যাসমূহ বাচি লৈ অগ্ৰাধিকাৰ ভিত্তিত আঁচনি প্রস্তুত কৰিব পাৰে। জনসাধাৰণে নিজ নিজ অঞ্চলৰ প্রধান প্রধান সমস্যাসমূহ বাচি লৈ অগ্ৰাধিকাৰ ভিত্তিত বিশেষজ্ঞৰ সহায় লৈ আঁচনি প্রস্তুত কৰিব পাৰে। প্রকল্প নিৰ্ধাৰণ কৰিব পাৰে, প্রকল্প ৰূপায়ণৰ বাবে চৰকাৰে যি আর্থিক সাহায্য দিয়ে, ৰূপায়ণকাৰী সংস্থাৰ লগ লাগি পঞ্চায়তীৰাজ অনুষ্ঠানে সাহায্যৰ ধন প্রকল্প অনুযায়ী খৰচ কৰা হৈছেনে নাই তাৰ অগ্ৰগতিৰ খতিয়ান ল’ব পাৰে লগতে কাৰ্য ৰূপায়ণত তদাৰক কৰিব পাৰে।

(ঙ) জনসাধাৰণৰ সক্রিয় অংশগ্রহণত ভূমিকা: পঞ্চায়তীৰাজ অনুষ্ঠানবোৰত জনসাধাৰণৰ সক্রিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ দ্বাৰা অংশগ্ৰহণকাৰী গণতন্ত্রক (Participatory Democracy) অধিক শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি জনসাধাৰণক অধিক ক্ষমতাৰ অধিকাৰী কৰি তোলা হৈছে। এনে অনুষ্ঠানবোৰক নাগৰিকৰ গণতান্ত্রিক বুনিয়াদ গঢ়ি তোলাৰ মাধ্যমৰূপে গঢ় দিবলৈ বিচৰা হৈছে। ৭৩নং সংবিধান সংশোধনৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত প্ৰণয়ন কৰা আইনে পঞ্চায়তীৰাজ অনুষ্ঠানক গণতান্ত্রিক শিক্ষা প্রদানৰ কেন্দ্ৰৰূপেও গঢ় দিবলৈ বিচাৰিছে। গাঁও সভা অনুষ্ঠিত কৰি জনসাধাৰণে সক্রিয় অংশগ্ৰহণ কৰাত বৰ্তমান সুবিধা পাইছে।

(চ) বিকেন্দ্ৰীকৰণ ব্যৱস্থাত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভূমিকা: ভাৰতৰ সংবিধানে বর্তমান পঞ্চায়তীৰাজ আইনৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ নির্দেশ দিছে। অৱশ্যে ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ পঞ্চায়তৰ কাৰ্যাৱলী আৰু ক্ষমতা নিৰ্ধাৰণ কৰিব পাৰে। অৱশ্যে ৰাজ্য চৰকাৰে সংবিধানৰ মূল লক্ষ্য পৰিৱৰ্তন কৰিব নোৱাৰে। সংবিধান অনুসৰি পঞ্চায়তে গ্রাম্য জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰিব, পঞ্চায়তে আঁচনি অনুসৰি বিভিন্ন প্রকল্প ৰূপায়ণ কৰিব। পঞ্চায়ত ব্যৱস্থাত প্রকৃত স্বায়ত্ত শাসিত বিকেন্দ্রীকৃত অনুষ্ঠান হ’ব। বিকেন্দ্ৰীকৰণ বুলিলে চৰকাৰে স্থানীয় অনুষ্ঠানলৈ ক্ষমতা, স্বাধীনতা, পুঁজি, কাম আৰু কৰ্মচাৰীৰ সঠিক হস্তান্তৰ কৰাটোকে বুজায়। ইয়াৰ যোগেদি গ্রাম্য অনুষ্ঠানক গুরুত্বপূর্ণ ভূমিকা পালন কৰিবলৈ সুবিধা দিয়া হয়। স্থানীয় প্রশাসনে স্থানীয় লোকৰ অভাৱ পূৰণৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ জানে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ যোগান দিব পাৰে।

(ছ) আন্তঃগাঁথনি উন্নয়নত পঞ্চায়তীৰাজৰ ভূমি: পঞ্চায়তীৰাজ অনুষ্ঠানবোৰে স্থানীয় আন্তঃগাঁথনি উন্নয়নৰ বাবে (যেনে— ৰাস্তা-ঘাট, পৰিবহণ আৰু যোগাযোগৰ সুবিধা, পানীযোগান, বিদ্যুৎ যোগান আদিৰ কাম-কাজ) প্রয়োজনীয় কাম কাজ অধিক দক্ষতাৰে কৰিব পাৰে। পঞ্চায়তীৰাজ অনুষ্ঠানবোৰে মাটিৰ সদ্ব্যৱহাৰ, জলসিঞ্চন, পশুপালন, মীন পালন, কুটীৰ উদ্যোগ, ঘৰুৱা উদ্যোগ, কৃষিজাত সামগ্ৰী, পৰিৱেশ সুৰক্ষা, ৰাজহুৱা কাম ইত্যাদি বিষয়ত মূল্যবান অৱদান যোগাব পাৰে। গ্রাম্য জনসাধাৰণৰ স্বাৰ্থ জড়িত বিষয়বোৰ গ্ৰাম্য জনসাধাৰণে জানে বাবে বিকেন্দ্ৰীকৰণ ব্যৱস্থাই অধিক ক্ষিপ্ৰ আৰু কাৰ্যদক্ষতাৰে কাৰ্য সম্পাদন কৰাত সহায় কৰে।

(জ) স্বাস্থ্য সজাগতা দিশত পঞ্চায়তীৰাজৰ ভূমিকা: পঞ্চায়তীৰাজ ব্যৱস্থাই গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ মাজত সু স্বাস্থ্যৰ বাবে সঠিক সাংগঠনিক সমর্থন প্রদান কৰিব পাৰে। পঞ্চায়তে স্বাস্থ্য শিবিৰ সংগঠিত কৰিব পাৰে, স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰিব পাৰে। বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰিব পাৰে। বৰ্তমান বহু অঞ্চলত ১০৮ মৃত্যুঞ্জয় গাড়ীৰ যোগেদি হঠাৎ চিকিৎসা কেন্দ্ৰলৈ আকস্মিক দুর্ঘটনাত পতিত লোকক, ৰোগীক নি সেৱা কৰাৰ ব্যৱস্থা কৰা হৈছে। বিনামূলীয়া টীকাকৰণ, পলিঅ’ৰ ঔষধ যোগান দিয়া, বিভিন্ন ৰোগৰ সপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণৰ ব্যৱস্থা কৰি স্বাস্থ্যৰ বিষয়ত জনজাগৰণৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে পঞ্চায়তীৰাজ ব্যৱস্থাই স্বাস্থ্য ৰক্ষা, স্বাস্থ্য সজাগতা বৃদ্ধিত অৱদান যোগাব পাৰে।

(ঝ) দুর্নীতি নিবাৰণত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভূমিকা: দুর্নীতি নিবাৰণ কৰা, পঞ্চায়তীৰাজ ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকা। চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিবোৰ বহু সময়ত বিত্তীয় বেমেজালি বা পুঁজিৰ অপব্যৱহাৰৰ বাবে বিফল হ’ব লগা বিষয়টো সকলোৰে জ্ঞাত। বিভিন্ন সময়ত চৰকাৰী ধন যিসকলৰ উদ্দেশ্যত খৰচ কৰা হয় তেওঁলোকৰ ওচৰ নাপায়গৈ। সুবিধাবাদী এক শ্রেণী আমোলা বিষয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে বহু তদন্ত চলিয়েই আছে। ৭৩নং সংবিধান সংশোধনীয়ে পঞ্চায়তবিলাকক কামৰ আঁচনি প্রস্তুত কৰা, কামৰ তদাৰক কৰা, মূল্যায়ন কৰাৰ ক্ষমতা প্ৰদান কৰিছে। DRDA আৰু উন্নয়ন খণ্ডবোৰ বৰ্তমান পঞ্চায়তৰ অধীন কৰা হৈছে। এনেদৰে গ্ৰামোন্নয়নৰ ধনৰ অসৎ ব্যৱহাৰ ৰোধ কৰাত পঞ্চায়তে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

(ঞ) দৰিদ্ৰতা দূৰীকৰণ (Poverty Alleviation): দৰিদ্ৰতা প্ৰগতিৰ বৃহৎ অন্তৰায়। পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহে দৰিদ্ৰতা দূৰীকৰণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে পঞ্চায়ত প্রতিষ্ঠানসমূহে উপযুক্ত আৰু প্রয়োজন সাপেক্ষে আঁচনি গ্ৰহণ কৰি বিভাগীয় কর্তৃপক্ষৰ যোগেদি সম্পাদন কৰিব পাৰে। চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বাবে উপযুক্ত হিতাধিকাৰী নিৰ্বাচন কৰি তেওঁলোকক আবাসগৃহ, ভূমি আবণ্টন, কর্মসংস্থাপন, কম মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰিব পাৰে। এই প্রতিষ্ঠানসমূহে দৰিদ্ৰলোকৰ তালিকা প্রস্তুত কৰি পর্যায়ক্রমে তেওঁলোকক মৌলিক প্রয়োজনসমূহ যোগান ধৰিব পাৰিলে দৰিদ্ৰতা নির্মূল কৰিব পৰা যাব।

(ট) সামাজিক ন্যায় প্রতিষ্ঠা (Ensuring Social Justice): সমাজ বা ৰাষ্ট্ৰৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে সামাজিক ন্যায় প্রতিষ্ঠা কৰাটো অত্যন্ত প্রয়োজন। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ মূল আধাৰ হ’ল আমাৰ মাজত থকা অসমতাসমূহ দূৰ কৰি সমতা স্থাপন কৰা। দুৰ্বল শ্ৰেণীৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ আঁচনি, ‘সামাজিক সবলীকৰণৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰি সজাগতা বৃদ্ধি তথা কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মান্ধতাৰ পৰা মুক্ত হ’বলৈ শিক্ষাৰ বিস্তাৰ কৰাটো যদি পঞ্চায়তসমূহে দায়িত্বসহকাৰে পালন কৰে তেতিয়া সামাজিক ন্যায় প্রতিষ্ঠা কৰা হ’ব।

বর্তমান পঞ্চায়তীৰাজ অনুষ্ঠানে অধিক দক্ষতাৰে কাৰ্যসম্পাদন কৰাত কিছুমান অসুবিধাৰ সন্মুখীন হ’ব লগা হ’ল। এই আঁসোৱাহসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল―

(ক) আইনগত কাঠামোৰ অভাৱ।

(খ) বিত্তীয় স্বায়ত্ততাৰ সমস্যা। 

(গ) প্রশাসনিক দুর্বলতা।

(ঘ) ৰাজনৈতিক সদ ইচ্ছাৰ অভাৱ।

(ঙ) পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ কাৰ্যসূচীৰ স্থানীয় ৰাইজৰ অংশগ্ৰহণ তথা সহায়-সহযোগিতাৰ অভাৱ এই সংস্থাবিলাকে সুচাৰুৰূপে প্রশাসন পৰিচালনা কৰিব নোৱাৰাৰ অন্যতম কাৰণ।

পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকে প্রশাসন পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে নিম্নলিখিত পৰামর্শসমূহ আগবঢ়োৱা হ’ল―

(ক) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ অধিক কার্যদক্ষতা বৃদ্ধিৰ বাবে এই অনুষ্ঠানবিলাকক ৰাজ্যিক চৰকাৰে এক বুজন পৰিমাণৰ অৰ্থ সাহায্য যোগান ধৰা প্রয়োজন।

(খ) স্বায়ত্ত শাসিত সংস্থাবিলাকৰ কৰ্তৃপক্ষ আৰু স্থানীয় বাসিন্দাসকলৰ মাজত এক মধুৰ সম্পৰ্কৰ আৱশ্যক। 

(গ) স্থানীয় শাসিত সংস্থাবিলাকে গ্রাম্য বাসিন্দাসকলৰ উন্নয়নৰ হকে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ সফল কার্যকৰীকৰণৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ তথা সহযোগিতা সুনিশ্চিত কৰিব লাগে। 

(ঘ) পুঁজিৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন উন্নয়নমূলক শিতানত কৰা খৰচৰ উপযুক্ত অনুসন্ধান কৰিবৰ বাবে অনুসন্ধান সমিতি গঠনৰ ব্যৱস্থা কৰিব লাগে।

গতিকে ওপৰৰ আলোচনাৰ পৰা ক’ব পাৰি যে গ্রামোন্নয়নৰ প্রশাসনত স্থানীয় শাসিত সংস্থাসমূহ এক বিশেষ ভূমিকা পালন কৰিছে। গ্রামীণ সম্প্ৰদায়ৰ লোকসকলক গতিশীলতা প্ৰদান কৰাৰ লগতে স্বার্থন্বেষী গোটসমূহ বাচি উলিওৱা আৰু তেওঁলোকক দায়িত্বশীল, প্রগতিশীল গোট হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ প্ৰয়োজনীয়তা আছে। সেয়েহে পঞ্চায়তীৰাজ ব্যৱস্থা স্বনিৰ্ভৰশীলতা, গণতান্ত্রিক সিদ্ধান্ত গ্রহণ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু জনসাধাৰণৰ প্ৰতি চৰকাৰী বিষয়াৰ দায়িত্বশীলতা মনোভাবৰ লক্ষ্যৰ লগত জড়িত এক ভাবাদর্শগত নীতি বুলি অভিহিত কৰিব পাৰি।

7. বিকেন্দ্ৰীকৰণৰ প্ৰসংগত বলৱন্ত ৰায় অশোক মেহতা কমিটিৰ পৰামৰ্শাৱলী আলোচনা কৰা?

উত্তৰঃ ৰায় মেহতা সমিতিয়ে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ভিত্তিত গঠন কৰা পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বাহিৰে ভাৰতৰ বাকীবোৰ ৰাজ্যত সফল হ’ব পৰা নাছিল। এই সম্পৰ্কত ১৯৭৮ চনত ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ অনুষ্ঠানৰ প্রতিবেদনত এই বুলি দুখ প্ৰকাশ কৰিছিল যে The activities of Panchayati Raj Institution were meagre, their resources base weak and the overall attention given to them niggardly.” পঞ্চায়তীৰাজ অনুষ্ঠানবোৰৰ কাৰ্যকলাপ হৈছিল।

সেয়েহে ভাৰতৰ জনতা চৰকাৰে ১৯৭৭ চনৰ ডিচেম্ব মাহত অশোক মেহতাৰ নেতৃত্বত পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ কার্যকাৰিতাৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে সিবিলাকৰ উন্নতি সাধনৰ অর্থে প্রয়োজনীয় পৰামর্শ আগবঢ়াবৰ বাবে এখন কমিটি গঠন কবি দিয়ে। এই অশোক মেহতা কমিটিয়ে স্থানীয় প্রশাসন ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰে। অশোক মেহতা কমিটিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত আগবঢ়োৱা পৰামৰ্শাবলী চমুকৈ তলত উল্লেখ কৰা হ’ল :

(১) দুখলপীয়া পঞ্চায়তীৰাজ ব্যবস্থা: অশোক মেহতা কমিটিয়ে পূৰ্বৰ তিনিতৰপীয়া পঞ্চায়তীৰাজ অনুষ্ঠানৰ পৰিৱৰ্তে দুতৰপীয়া পঞ্চায়তীৰাজ অনুষ্ঠানৰ পোষকতা কৰে। একেবাৰে নিম্নস্তৰত মণ্ডল পঞ্চায়ত আৰু স্থানীয় চৰকাৰৰ শীৰ্ষত জিলা পৰিষদ। কমিটিয়ে পরামর্শ দিছিল ৰাজ্যকি চৰকাৰৰ পিছত বিকেন্দ্ৰীকৰণৰ প্ৰথম বিন্দু হ’ব জিলা পর্যায়ত। তাৰ পিছতে মণ্ডল পঞ্চায়ত।

মণ্ডল পঞ্চায়ত: সাধাৰণতে ১৫০০০ ৰ পৰা ২০০০০ জন সংখ্যাৰ বসতপূির্ণ এলেকাত মণ্ডল পঞ্চায়ত গঠন কৰিব লাগে। কৃষ্ণকসকলৰ মাজৰ পৰা প্ৰতিনিধিসকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে নির্বাচন কৰিব। মহিলাসকলৰ দুগৰাকী প্রতিনিধি থাকিব। অনুসুচীত জাতি আৰু অনুসূচীত জনজাতিৰ জনংখ্যাৰ অনুসৰি আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব। মণ্ডল পঞ্চায়তৰ সভাপতিজনক নসাধাৰণে প্রত্যক্ষভাৱে নির্বাচিত কৰিব। এখন মণ্ডল পঞ্চায়তে কেন্দ্ৰীয় গাঁও আৰু পশ্চাদভূমিৰ মাজত যোগসূত্র স্থাপন কৰিব পাৰে।

জিলা পৰিষদ: জিলা পৰিষদ জিলা পৰিষদ হ’ল স্থানীয় প্রশাসনৰ শীৰ্ষস্তৰৰ সংগঠন। এই জিলা পৰিষদ পঞ্চায়তৰ সভাপতিসকল, বৃহৎ পৌৰ নিগমৰ মনোনীত সদস্যসকলৰ সীমামুৰীয়া নির্বাচনী ৱাৰ্ডৰ লগতে জিলা কো-অপাৰেটিভ ফেডাৰেচন, দুগৰাকী মহিলা, এজন গ্রাম্য উন্নয়নত বিশেষ জ্ঞান থকা বক্তি আৰু এজন শিক্ষা বৃত্তিত জড়িত থকা ব্যক্তিক লোৱা হ’ব। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ জন সংখ্যাৰ অনুপাতে আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব। জিলা পৰিষদ এলেকাৰ সকলো বিধান সভাব আৰু সাংসদ ইয়াৰ পদেন সদস্য। সদসাসকলৰ মাজৰ পৰা এজন সভাপতি নির্বাচন কৰি লোৱা হ’ব।

(১) মণ্ডল পঞ্চায়ত আৰু জিলা পৰিষদ উভয়ৰে কাৰ্যকলাপ ৪ বছৰ হ’ব লাগে বুলি পৰামৰ্শ দিয়া হৈছিল।

(২) অশোক মেহতা কমিটিয়ে মণ্ডলপঞ্চায়ত আৰু জিলা পৰিষদ উভয় পর্যায়তে সমিতি গঠনৰ ব্যৱস্থা উৎসাহিত কৰিছিল। 

(৩) অশোকমেহতা সমিতিয়ে পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকত ৰাজনৈতিক দলবিলাকৰ সক্রিয় অংশ গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছিল।

(৪) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ স্বতন্ত্রতা ৰক্ষাৰ লগতে ইবিলাকৰ নিৰ্বাচন সুচাৰুৰূপে আৰু সময়মতে অনুষ্ঠিত কৰিবৰ বাবে সমিতিয়ে ৰাজ্যিক নির্বাচনী আয়োগৰ দ্বাৰা পঞ্চায়তীৰাজ অনুষ্ঠান বিলাকৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল।

(৫) এই কমিটিখনৰ মতে, ৰাজ্য চৰকাৰে পঞ্চায়তীৰাজ অনুষ্ঠান বিলাকৰ কাৰ্য্যবিলাকৰ ওপৰত ততোধিক হস্তক্ষেপ কৰা উচিত নহয়। ইয়াৰোপৰি যদি কোনো পঞ্চায়ত অনুষ্ঠানক নাকচ কৰা হয় তেন্তে পিছৰ ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুস্থিত কৰিব লাগে।

(৬) কমিটিয়ে পৰামৰ্শ দিছিল যে জিলা পৰ্যায়ত আঁচনিবিলাক প্রস্তুতকৰণৰ বাবে বৃত্তিগতভাৱে (Professionally Fit) উপযুক্ত এটি দল জিলা পর্যায়ত থাকিব লাগে।

(৭) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ কৰ আৰোপ কৰাৰ ক্ষমতা থাকিব আৰু সেই কৰৰ পৰা পঞ্চায়তীৰাজ পুঁজি ৰাজ্য চৰকাৰৰ পৰা আনি বৃদ্ধি কৰিব পৰা হ’ব। এই কমিটিয়ে জীৱিকা কৰ,আমোদ প্রমোদৰ কৰ আৰু কিছুমান বিশেষ ভূমি আৰু গৃহ কৰ ধার্য কৰাৰ উদ্দেশ্যত সংবিধানৰ সংশোধন বিচাৰে।

(৮) মেহতা সমিটিয়ে জনসাধাৰণৰ আর্থ-সামাজিক স্বার্থ সুৰক্ষাৰ বাবে গোট গঠনৰ ওপৰত গুৰুত্ব দিছিল। প্রত্যেক জিলা পৰিষদত সামাজিক ন্যায় কমিটি গঠন কৰি এই গোটবোৰৰ কল্যাণৰ বাবে আগ্রহী কৰি তুলিবলৈ পৰামৰ্শ দিছিল।

(৯) সর্বশেষত এই প্রতিবেদনে পঞ্চায়তী ৰাজ অনুষ্ঠানবিলাকক সাংবিধানিক মর্যাদা (constitutional mandate) দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল।

এনেদৰে অশোক মেহতাৰ প্ৰতিবেদনে বলৱন্ত ৰায় মেহতা কমিটিৰ প্ৰতিবেদনক পুনৰুজ্জীবিত কৰি তোলে। বলৱন্ত ৰায় মেহতা আৰু অশোক মেহতাই স্বায়ত্ব শাসন ব্যৱস্থাত দুটা সৱল ভেঁটি নিৰ্মাণ কৰিছিল। এই প্রতিবেদন দুখনৰ সম্পৰ্কত J.C. Johari 4 Sq afiat carey – The Mehta’s constitute the two landmarks in the history of local self government in our country.Though each has its distinctive conceptual framework work of analysis and examination. (যদিও প্রত্যেকৰ ব্যাখ্যা আৰু পৰীক্ষা-নিৰীক্ষাৰ নিজস্ব নিৰ্দিষ্ট মতাদর্শগত কাঠামোৰ আছে “আমাৰ দেশৰ স্থানীয় স্বায়ত্বশাসনৰ ইতিহাসত দুয়ো মেহতাই দুটা ভেঁটি নির্মাণ কৰি গৈছে।) 

8. ভাৰতৰ পৌৰ নিগমৰ গঠন আৰু কাৰ্যাবলী ব্যাখ্যা কৰা?

উত্তৰঃ ভাৰতৰ ডাঙৰ চহৰত পৌৰ নিগম গঠন কৰা ব্যৱস্থা কৰা হৈছিল। সদস্যসকলৰ মাজৰপৰা এজন মেয়ৰ আৰু এজন ডেপুটী মেয়ৰ নিৰ্বাচন কৰা হয়। পৌৰ নিগমৰ এলেকা কিছুমান এলেকাত বিভক্ত কৰি প্ৰত্যেক এলেকাৰপৰা এজন সদস্য নির্বাচন কৰা হয়। চৰকাৰে এজন কার্যপালিকা বিষয়া নিযুক্তি দিয়ে।

ভাৰতৰ মাদ্রাজ, বোম্বে আৰু কলিকতাত পৌৰনিগম অতি পুৰণি৷ ১৯৭৪ চনত ভাৰতত ৩৪ খন পৌৰ নিগম আছিল। বোম্ফে পৌৰ নিগমক নতুন ৰূপত আইন প্রণয়ন কৰি ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু আন পৌৰ নিগমৰ বাটকটীয়াৰূপে গ্ৰহণ কৰা হৈছে।

পৌৰ নিগমৰ মেয়ৰৰ উপৰি স্থায়ী কমিটি আৰু পৌৰ আয়ুক্তই কার্য সম্পাদনত সহায় কৰে। কাৰ্যপালিকাৰ ক্ষমতা পৌৰ আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়। তেওঁক ৰাজ্য চৰকাৰে প্ৰশাসনীয় সেৱাৰ বিষয়াৰপৰা নিযুক্তি দিয়ে। স্থায়ী কমিটিয়ে বিভাগীয় বিষয়ত বিশেষকৈ কৰ নিৰ্ধাৰণ, সংগ্ৰহ কৰা, বাজেট প্রস্তুত কৰা, চুক্তি অনুমোদন কৰা, বিধি প্ৰস্তুত কৰা, হিচাপ পৰীক্ষা কৰা ইত্যাদি কাৰ্য সম্পাদন কৰে। চিকিৎসালয় প্রতিষ্ঠা কৰা, শিক্ষা সম্প্ৰসাৰণ কৰা,পৰিবহণৰ ব্যৱস্থা কৰা, পানী যোগান, বিদ্যুৎ যোগান আদি বিষয় চোৱাচিতা কৰিবলৈ বিভিন্ন সমিতি আৰু উপ-সমিতি থাকে।

ৰাজ্য চৰকাৰে নিজ ৰাজ্যত আইন প্রণয়ন কৰি পৌৰ নিগম গঠন কৰে। সেইকাৰণে ৰাজ্যভেদে ইয়াৰ গঠন আৰু কাৰ্য পৰিসৰ বেলেগ বেলেগ হয়। সাধাৰণতে পৌৰ নিগমৰ সাধাৰণ পৰিষদে স্থায়ী কমিটিয়ে আৰু পৌৰ আয়ুক্ত বা কাৰ্য পালিকা বিষয়াৰ দ্বাৰা বিভিন্ন কার্য সম্পাদন কৰা হয়।

পৌৰ নিগমৰ কাৰ্য: (Functions of Municipal Corporation):

পৌৰ নিগমে ডাঙৰ চহৰ এখনৰ সামগ্ৰিক বিকাশৰ বাবে, ইয়াৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে, উন্নয়নমূলক আঁচনি কাৰ্যকৰী কৰিবৰ বাবে বিভিন্ন কার্য সম্পাদন কৰিব লাগে। পৌৰ নিগমৰ প্ৰধান কাৰ্যবোৰ হৈছে―

ৰাজহুৱা নিৰাপত্তা, শিক্ষা, বাাা-ঘাট নির্মাণ, নলা-নর্দমা চাফা কৰা, মহামাৰী ৰোগৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰা, পানী যোগানৰ ব্যৱস্থা করা, বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা, নগৰ পৰিষ্কাৰ কৰাঁ, অনাময় ব্যৱস্থা কৰা, ৰাজহুৱা উদ্যান প্রতিষ্ঠা, পকী পথা নির্মাণ কৰা, দলং নিৰ্মাণ, নগৰৰ সৌন্দর্যবর্ধন কৰ, খেলপথাৰ আৰু আমোদৰ ব্যবস্থা কৰা, বজাৰ ব্যৱস্থা কৰা আৰু বিক্ৰী কেন্দ্র স্থাপন কৰা, ভূমি সংৰক্ষণ, গৃহ নির্মাণৰ অনুমতি প্রদান ইত্যাদি বিভিন্ন কাৰ্য পৌৰ নিগমে সম্পাদন কৰিব লাগে। ১৯৮৫ চনত ভাৰতৰ ৭৩ খন পৌৰ নিগম আছিল। পৌৰ নিগমৰ কাৰ্য সম্পাদনত সহায় কৰিবৰ কাৰণে বিভিন্ন বিশেষজ্ঞ আৰু কাৰিকৰী জ্ঞান থকা বিষয়াক নিযুক্তি দিয়া হয় ।

পৌৰ নিগমৰ কাৰ্যবোৰ আইনপালিকা আৰু কাৰ্যপালিকা— এই দুই ভাগত ভাগ কৰা হয়। আকৌ সম্পাদন কৰা কাৰ্যবোৰ দুভাগত বিভক্ত কৰিব পাৰি— বাধ্যতামূলক কাৰ্য আৰু ইচ্ছাধীন কাৰ্য। বর্তমান বৰ্ধিত নগৰীকৰণ, উদ্যোগীকৰণ আৰু বাণিজিকীকৰণৰ ফলস্বৰূপে পৌৰ নিগমৰ কাৰ্যৰ পৰিধি ব্যাপক হৈ পৰিছে। 

9. পৌৰ সভাৰ গঠন আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা?

উত্তৰঃ পৌৰ নিগমৰ পিছতেই নগৰ স্বায়ত্বশাসনৰ আন এটা সংগঠন হৈছে পৌৰ সভা। অৱশ্যে পৌৰ সভাৰ উপৰি জাননী জাৰি কৰা সমিতি কিছুমান নগৰত ব্যৱস্থা কৰা হৈছিল । জাননী জাৰি কৰা অঞ্চল অৱশ্যে নতুনকৈ নগৰলৈ ৰূপান্তৰ হৈছে বুলি চৰকাৰে জাননী জাৰি কৰা হ’ব লাগিব। এনেবোৰ বিষয়ত ৰাজ্যিক বিধান সভাই ব্যৱস্থা গ্রহণ কৰে।

পৌৰ সভাৰ এলেকা কিছুমন ৱাৰ্ডত ভাগ কৰা হয়। প্রতি ৱাৰ্ডৰপৰা এজনকৈ প্ৰতিনিধি স্থানীয় ভোটাৰসকলে নির্বাচন কৰে। তেওঁলোকক বাৰ্ড কমিচনাৰ বোলা হয়। ইয়াৰ সদস্য সংখ্যা, নির্বাচনী বিধি এইবোৰ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব। নিৰ্বাচনৰ পিছত প্ৰথম সভাত সদস্যসকলে তেওঁলোকৰ মাজৰপাৰ এজন চেয়াৰমেন আৰু এজন ভাইচ চেয়াৰমেন নির্বাচন কৰিব। চেয়াৰমেনে বা সভাপতিয়ে পৌৰ সভাৰ সভাত সভাপতিত্ব কৰিব। কার্য সম্পাদন কৰিবৰ কাৰণে বিভিন্ন সমিতি গঠন কৰি বিভিন্ন দায়িত্ব প্রদান কৰা হয়।

পৌৰ সভাৰ প্ৰধান প্ৰশাসনীয় বিষয়া হৈছে কাৰ্যবাহী বিষয়া বা সচিব। তেওঁক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে। কাৰ্যবাহী বিষয়াজনৰ উপৰি অন্যান্য কিছুমান বিষয়া নিযুক্তি দিয়া হয়। শিক্ষা বিষয়া, স্বাস্থ্য বিষয়া, ইঞ্জিনিয়াৰ আদি বিশেষজ্ঞ লোকক নিযুক্তি দিয়া হয়।

লগতে কিছুমান সহকাৰী বিষয়াক নিযুক্তি দিয়া হয়।

পৌৰ সভাৰ কাৰ্যাৱলী: 

Functions:

পৌৰ সভাই নগৰ অঞ্চলৰ জনসাধাৰণৰ সমস্যাৱলী সমাধানৰ বাবে, উন্নয়নমূলক কাৰ্য, সম্প্ৰাসৰণ কাৰ্য, স্বাস্থ্য, শিক্ষা বিষয়ক কাৰ্য আৰু কল্যাণকামী কার্য সম্পাদন কৰিব লাগে। এনে কাৰ্যবোৰক দুভাগত বিভক্ত কৰিব পাৰি—

(১) বাধ্যতামূলক কাৰ্য।আৰু 

(২) স্বেচ্ছাধীন কার্য

পৌৰ সভাৰ প্ৰধান কার্যাবলী তলত উল্লেখ কৰা হ’ল— 

(১) ৰাজহুৱা পথ, ৰাষ্টা, লেন, পানী যোৱা নলা, দলং, বজাৰ নিৰ্মাণ আৰু পৰিচালনা ।

(২) গৃহ নির্মাণ, ৰাস্তা-ঘাট নির্মাণ, ৰাজহুৱা স্থান বা পথৰ বাধা আঁতৰ কৰা, বিপদজনক নিৰ্মাণ বা গৃহ বন্ধ কৰা বা ভাঙি দিয়া। 

(৩) ৰাষ্টা-ঘাট পৰিষ্কাৰ কৰা, ৰাজহুৱা চাফ চিকুনতা, অনাময় ব্যৱস্থা কৰা, নলা-নর্দমা পৰিষ্কাৰ কৰা।

(৪) খানা, পানীয় আৰু মাদক দ্রব্য বিক্ৰীৰ নিয়ন্ত্ৰণ কৰা, কচাইখানা নিয়ন্ত্ৰণ কৰা, হাট-বজাৰ আৰু সামগ্রী বিক্রী নিয়ন্ত্রণ কৰা আৰু লাইচেন্স প্ৰদান কৰা।

(৫) স্বাস্থ্য ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, মহামাৰী ৰোগ নিয়ন্ত্ৰণকৰা, জনস্বাস্থ্যৰ সুবিধা প্ৰদান কৰা, গেলা-পঁচা বস্তু চাফা কৰা।

(৬) বিভিন্ন টীকাকৰণ ব্যৱস্থা গ্ৰহণ কৰা, অস্বাস্থ্যকৰ পৰিৱেশ ধ্বংস কৰা, শ্মশানৰ ব্যৱস্থা কৰা।

(৭) ৰাজহুৱা চিকিৎসালয় প্রতিষ্ঠা কৰা।

(৮) প্রাথমিক শিক্ষা সম্প্ৰসাৰণ কৰা।

(৯) জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰা।

স্বেচ্ছাধীন কার্য কিছুমান হ’ল―

নতুন ৰাষ্টা-ঘাট নির্মাণ কৰা, উদ্যান বা পাৰ্কৰ ব্যৱস্থা কৰা, ৰাজহুৱা ঘাট আৰু স্নানাগাৰ স্থাপন কৰা, পুথিভঁৰাল প্রতিষ্ঠা কৰা, বিশ্রাম ঘৰ প্ৰতিষ্ঠা কৰা, মিউজিয়াম প্রতিষ্ঠা কৰা, নিৰাশ্রয় শিশু গৃহ স্থাপন কৰা, উচ্চ শিক্ষা প্রতিষ্ঠান গঢ়ি তোলা ইত্যাদি। 

10. পৌৰসভাৰ উপাৰ্জনৰ উৎসসমূহ কি কি?

উত্তৰঃ পৌৰ সভাই দুটা উৎসৰপৰা উপাৰ্জন কৰিব পাৰে-

(১) নিজস্ব কৰ সংগ্ৰহ।আৰু 

(২) চৰকাৰী অনুদান বা ঋণ।

পৌৰ নিগমৰ নিজস্ব উপাৰ্জনৰ উৎসসমূহ 

হ’ল—

(১) মাটি আৰু ঘৰৰ ওপৰত কৰ। 

(২) বাসিন্দাসকলৰ সম্পত্তি কৰ।

(৩) পানী, বিদ্যুৎ আৰু আৱৰ্জনা নিষ্কাষণৰ কৰ।

(৪) সামগ্ৰীৰ ওপৰত কৰ।

(৫) যান-বাহনৰ ওপৰত কৰ।

(৬) জীৱ-জন্তুৱে টনা গাড়ীৰ ওপৰত কৰ।

(৭) ব্যৱসায়-বাণিজ্যৰ ওপৰত কৰ সংগ্ৰহ ।

(৮) হাঁট-বজাৰৰ ওপৰত লগোৱা কৰ।

এইবোৰৰ উপৰি পৌৰ সভাই চৰকাৰৰপৰ। বিভিন্ন আঁচনিৰ শিতানত অনুদান লাভ কৰে। ঋণ হিচাপেও পৌৰ সভাই নিজৰ আয় বৃদ্ধি কৰি উন্নয়নমূলক কাম কৰিব

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top