Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government | বিকেন্দ্রীকৰণ আৰু স্থানীয় চৰকাৰ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Question Answer can be of great value to excel in the examination.

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government

Join Telegram channel

Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 5 Decentralization And Local Government provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

বিকেন্দ্রীকৰণ আৰু স্থানীয় চৰকাৰ

POLITICAL SCIENCE

CONSTITUTIONAL GOVERNMENT AND DEMOCRACY IN INDIA

ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ

  • Panchayati Raj, Municipalities
  • পঞ্চায়তীৰাজ, পৌৰ প্ৰশাসন
  • 73th and 74th Amendments And 11th, 12th Schedule of the Constitution
  • ৭৩ তম আৰু ৭৪ তম সংবিধান সংশোধন সংবিধানৰ একাদশ আৰু দ্বাদশ অনুসূচী

1. “India lives in villages of villages perish, India will perish it will no longer be India”. Who said this?

Ans: মহাত্মা গান্ধীয়ে কৈছিল।

2. Community development programme was launched in the year………

Ans : সামূহিক উন্নয়ন আঁচনিখন ১৯৫২ চনত প্ৰৱর্তন কৰা হৈছিল।

3. Balwant Rai Mehta Committee was appointed in the year…..

Ans: ১৯৫৭ চনত।

4. Any two recommendation of Balwant Rai Mehta Committee…..

Ans: (ক) তিনি খলপীয়া পঞ্চায়ত ব্যৱস্থা। 

(খ) গ্রামোন্নয়নমুখী আঁচনিৰ অগ্রাধিকাৰ।

5. Ashok Mehta Committee was appointed in the year.

Ans: ১৯৭৭ চনত।

6. Two suggestions of Ashok Mehta Committee.

Ans: (ক) দুখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা।

(খ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকত ৰাজনৈতিক দলবিলাকৰ সক্রিয় অংশগ্রহণ। 

7. 73rd amendment to the constitution of India was passed in the year….

Ans: ১৯৯২।

8. Two any objectives of 73rd amendment act.

Ans: (ক) গ্রামীণ এলেকাৰ জনসাধাৰণলৈ অধিক ক্ষমতা হস্তান্তৰ কৰাৰ জৰিয়তে তেওঁলোকৰ নিজৰ ভাগ্য নিজে নির্ণয় কৰাৰ সুবিধা প্রদান কৰা।

(খ) জনঅংশগ্রহণেৰে সকলো ধৰণৰ উন্নয়নমুখী কার্যকলাপৰ সম্পাদন বিকেন্দ্রীভূত কৰি তোলা।

9. Mention any two provisions of the 73rd amendment act. 1992.

Ans: (ক) তিনি তৰপীয়া গাঁৱলীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা।

(খ) গাঁও পঞ্চায়তৰ সভাপতিৰ প্রত্যক্ষ নির্বাচন।

10. What do you mean by Gram Sabha? 

Ans: গ্রাম্য সভা হৈছে— গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাত ইতিমধ্যে পঞ্জীভূত হোৱা ভোটাধিকাৰ থকা ৰাইজৰ গ্রামা সংসদ/আইনসভা।

11. Two any drawbacks of 73rd constitutional amendment act.

Ans: (ক) আইনখনৰ জৰিয়তে নিচেই সামান্য পৰিমাণৰহে ক্ষমতা, কর্তব্য আৰু সম্পদ পঞ্চায়ত বিলাকলৈ স্বায়ত্ত শাসনৰ গোট হিচাপে অৰ্পণ কৰিছে। এই কাৰ্য আইনখনে ৰাজ্যিক বিধান মণ্ডললৈ ন্যস্ত কৰিছে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হয় যে ৰাজ্য চৰকাৰবিলাকে নিজৰ ক্ষমতা আনৰ হাতলৈ হস্তান্তৰ কৰাত মুঠেই আগ্রহী নহয়।

(খ) পঞ্চায়তসমূহৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰৰ ক্ষেত্ৰত মৌনতা অৱলম্বন সংশোধনী আইনখনৰ অন্যতম প্রধান ত্রুটি। 

12. What do you mean by Democratic Decentralisation ?

Ans: গণতান্ত্রিক বিকেন্দ্রীকৰণ বুলিলে স্থানীয় জনসাধাৰণৰ ওচৰত দায়বদ্ধশীল থকা তথা সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ আৰু স্বতন্ত্রতা থকা স্থানীয় কর্তৃপক্ষলৈ অর্থপূর্ণভাৱে কৰ্তৃত্ব আৰু দায়িত্ব প্রদান কৰাক বুজায়।

13. Give any two features of Democratic decentrall sation.

Ans: (ক) কেন্দ্রীয় কর্তৃপক্ষই স্থানীয় কর্তৃপক্ষলৈ পর্যায়ক্রমে নীতি নিৰ্ধাৰণ, সিদ্ধান্ত গ্রহণৰ কৰ্তৃত্ব প্রদান কৰা।

(খ) স্থানীয় জনসাধাৰণৰ স্থানীয় কার্যকলাপত সক্রিয় অংশগ্রহণ তথা সহায়-সহযোগিতা গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ অন্যতম বৈশিষ্ট্য।

14. Mention any two subjects included in the 11th schedule of the conviction of India ?

Ans : (ক) কৃষি আৰু কৃষি সম্প্রসাৰণ। 

(খ) দৰিদ্ৰতা দূৰীকৰণৰ আঁচনি।

15. Give any drawbacks of Indian panchayati raj system.

Ans: (ক) বিত্তীয় স্বায়ত্ততাৰ অভাৱ।

(খ) জনসাধাৰণৰ সক্রিয় অংশগ্ৰহণৰ অভাৱ।

16. What do you mean by participation.

Ans: অংশগ্ৰহণৰ অৰ্থ হ’ল এক প্রক্রিয়া, যি জনগণক বিভিন্ন আর্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক স্বার্থ জড়িত কার্যকলাপৰ লগত জড়িত কৰাৰ দ্বাৰা জীৱন-নিৰ্বাহৰ মানদণ্ড উন্নীতকৰণত প্রভাৱ বিস্তাৰ কৰে।

17. Give two suggestions for increasing peoples participation.

Ans: (ক) জনসচেতনতা বৃদ্ধি।

(খ) শিক্ষাৰ প্ৰসাৰ সাধন।

Short Question Answer

Write short notes on the following within 150 words (for 4 marks):

1. ministration. Means of peoples participation in administration.

Ans: প্রশাসনত জনঅংশগ্ৰহণৰ আৰ্হি বা নিৰ্ধাৰক (Means/modes of People’s Participation) 

প্রশাসনত জনঅংশগ্ৰহণৰ উপায় প্ৰধানকৈ চাৰি ধৰণৰ―

(ক) সিদ্ধান্ত গ্রহণত অংশগ্ৰহণ।

(Participation in Decision Making): প্রশাসনীয় সিদ্ধান্ত গ্রহণ আৰু আঁচনি প্রস্তুতকৰণত গ্রামীণ জনসাধাৰণৰ অংশগ্ৰহণ গ্রামোন্নয়নৰ অন্যতম পূৰ্বচৰ্ত। সংবিধানৰ ৭৩নং সংশোধনী গৃহীত হোৱাৰ পাছৰ পৰা সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত স্থানীয় জনগণৰ অংশগ্ৰহণ তথা সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাইছে। সাধাৰণতে প্রধান চাৰিটা বিষয় ক্ৰমে সমস্যা বাছনিকৰণ, সমস্যা সমধানৰ প্ৰস্তাৱ গ্রহণ, অগ্রাধিকাৰ নিৰূপণ কৰা আৰু প্রকল্প ৰূপায়ণ কৰা বিষয়ত কৰ্তৃত্ব প্ৰয়োগ কৰিবলৈ জনসাধাৰণে আগবাঢ়ি আহিলেহে সিদ্ধান্ত গ্ৰহণত জনসাধাৰণৰ অংশগ্ৰহণ হোৱা বুলিব পাৰি।

(খ) প্রকল্প ৰূপায়ণত জনঅংশগ্রহণ।

(Participation in Implementation of Projects):

গ্রামীণ অঞ্চলৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা উন্নয়নমুখী আঁচনি তথা প্রকল্পবিলাকৰ সফল কার্যকৰীকৰণত গ্রাম্য দৰিদ্র হিতাধিকাৰীসকলৰ অংশগ্রহণ প্রশাসনৰ জনঅংশগ্রহণৰ অন্যতম নিৰ্ধাৰক। অৱশ্যে এইক্ষেত্ৰত গ্রামাঞ্চলৰ জনগণে বিভিন্ন আঁচনিবিলাক জানিবলৈ আগ্রহী হ’লে আঁচনিসমূহ কিমানদূৰ অগ্রগতি লাভ কৰিছে তথা আঁচনিসমূহ ৰূপায়ণৰ বাবে কিমান পৰিমাণৰ পুঁজি ধার্য কৰা হৈছিল আৰু সেই পৰিমাণ ব্যয় কৰা হৈছেনে নাই আদিৰ বিষয়ে নানান তথ্য জনগণে লাভ অধিকাৰ সাব্যস্ত কৰিব পাৰিলেহে আঁচনি কাৰ্যকৰীকৰণৰ জনগণৰ অংশগ্ৰহণ অধিক ফলপ্রসূ হয়।

(গ) আঁচনিৰ তদাৰকীকৰণ আৰু মূল্যায়নমূলক কামত অংশগ্রহণ:

(Participation in Monitoring and Evaluation of Plans): গ্রামীণ জনগণৰ প্ৰশাসনৰ অংশগ্ৰহণৰ আন এক নিৰ্ধাৰক হৈছে আঁচনি, প্রকল্পসমূহৰ কাৰ্যকৰীকৰণক পর্যবেক্ষণ, তদাৰকীকৰণ আৰু মূল্যায়নকৰণ। সাধাৰণতে আঁচনি এখন কার্যকৰীকৰণৰ ক্ষেত্ৰত আঁচনিখন কেনেদৰে কাৰ্যকৰী কৰা হৈছে, আঁচনি অনুসৰি কাৰ্যকৰী কৰা হৈছেনে নাই, নিৰ্ধাৰিত হিতাধিকাৰীসকল উপকৃত হৈছেনে নাই এই সকলোবিলাক বিষয় জড়িত থাকে। আঁচনিৰ কাৰ্যকৰীকৰণৰ লগতে জনগণে আঁচনিৰ তদাৰকীকৰণ তথা মূল্যায়ন কার্যতো অংশগ্রহণ কৰিব লাগে। বর্তমান ভাৰতৰ সংবিধানৰ ৭৩নং আৰু ৭৪নং সংশোধনী অধিনিয়মৰ জৰিয়তে স্বায়ত্ত শাসিত সংস্থাবিলাকৰ কাৰ্য ব্যৱস্থাত জনসাধাৰণে তদাৰক কৰাৰ লগতে মূল্যায়ন কৰাৰ ক্ষমতা লাভ কৰিছে। তদাৰক কমিটী, মূল্যায়ন সমিতি গঠন কৰা, সামাজিক পৰীক্ষা সমিতি গঠন কৰাৰ জৰিয়তে জনগণে তদাৰকী ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰে।

(ঘ) বিকাশৰ সুফল ভাগ বিতৰণৰ ক্ষেত্ৰত অংশগ্রহণ।

(Participation in Sharing): গ্রামীণ জনসাধাৰণৰ উন্নয়নমূলক কার্যত অংশগ্ৰহণৰ অন্যতম প্রধান নিৰ্ধাৰক হ’ল— বিকাশ তথা উন্নয়নৰ সুফল ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত অংশগ্রহণ। সাধাৰণতে চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিবিলাকৰ পৰা জনসাধাৰণে লাভান্বিত হ’লেহে সমাজৰ বিশেষকৈ দুৰ্বল সম্প্ৰদায়ৰ জনসাধাৰণে স্ব-ইচ্ছাৰে আৰু অংশগ্ৰহণৰ বাবে আগ্রহী হয়। এইক্ষেত্ৰত বলবন্ত ৰায় মেহতা সমিতিৰ প্রতিবেদনত উল্লেখিত মন্তব্য প্রণিধানযোগ্য। স্থানীয় স্বাৰ্থ ৰক্ষাৰ খাতিৰত, স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় জনগণৰ অংশগ্ৰহণৰ প্ৰয়োজন আৰু ইয়াৰ সপক্ষে পুঁজি ব্যয় কৰাৰ নিশ্চয়তা প্ৰদান কৰাৰ কাৰ্য যেতিয়ালৈকে সম্ভৱ নহয়, যেতিয়ালৈকে স্থানীয় প্রশাসনক উপযুক্ত ক্ষমতা আৰু পুঁজিৰ যোগান ধৰিব পৰা এক প্রতিনিধিত্বমূলক গণতান্ত্রিক অনুষ্ঠানৰূপে গঢ়ি তোলা নহয়, তেতিয়ালৈকে স্থানীয় এলেকাৰ উন্নতিৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ সহায়-সহযোগিতা আশা কৰিব নোৱাৰি।

2. গুৱাহাটী পৌৰ নিগমৰ ক্ষমতাসমূহ ব্যাখ্যা কৰা? (Powers of Guwahati Municipal Corporation) 

উত্তৰঃ ১৯৬৯ চনৰ গুৱাহাটী পৌৰ নিগমৰ আইন অনুসৰি গুৱাহাটী পৌৰ নিগমে তলত উল্লেখ কৰা ক্ষমতাসমূহ ভোগ কৰে—

(ক) সাংগঠনিক ক্ষমতা (Organizational Powers)

১। নিগম গঠন কৰিবৰ বাবে সম্পত্তি আৰু ধাৰ লোৱাৰ অধিকাৰ । 

২। নিগমৰ নিজৰ মেয়ৰ আৰু উপমেয়ৰ নিৰ্বাচনৰ ক্ষমতা।

৩। নিগমৰ অন্যান্য বিষয়া নিযুক্তি (কমিছনাৰৰ বাহিৰে) আৰু বেতন, বানচ আদি নিৰ্ধাৰণ আৰু কৰ্মচাৰী বৰ্খাস্ত আৰু পদোন্নতি দিয়াৰ ব্যৱস্থা গ্রহণ।

৪। প্রয়োজনীয় বিধি-উপবিধি প্রণয়ন।

৫। নিগমৰ প্ৰয়োজনীয় কমিটি গঠন কৰি কমিটিবোৰক কিছু দায়িত্ব অর্পণ ইত্যাদি।

(খ) স্বাস্থ্য ৰক্ষামূলক কার্য:

১। জনস্বাস্থ্য ৰক্ষাৰ বাবে চিকিৎসালয় স্থাপন আৰু পৰিচালনা কৰা।

২। সংক্রামক ৰোধ আৰু মাৰাত্মক ব্যাধি ৰোধ কৰিবৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ।

৩। বিশুদ্ধ খোৱা পানী যোগান।

৪। নলা-নর্দমা পৰিষ্কাৰ আৰু বীজাণুনাশক ঔষধ ছটিয়াই স্বাস্থ্যকৰ পৰিৱেশ গঢ়া।

৫। নগৰৰ হাট-বজাৰ, কছাইশাল চাফ-চিকুণ কৰি ৰখা। 

৬। ভেজাল বস্তু বিক্ৰী বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰা।

৭। ৰাজহুৱা টয়লেট আদি নিৰ্মাণ কৰি সেইবোৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চকু ৰখা।

৮। ৰোগী অনা-নিয়াৰ বাবে যান-বাহনৰ (এম্বুলেন্স) ব্যৱস্থা ৰখা।

৯। শিশু আৰু মাতৃ মংগলৰ বাবে সেৱা আগবঢ়োৱা ।

(গ) জনকল্যাণমুখী কার্যাৱলী (Public Welfare Works) 

১। যাতায়াতৰ সুবিধাৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা।

২। হাট-বজাৰ, ৰাষ্টা, দলং, শশ্মানঘাট আদি নির্মাণ আৰু উন্নয়ন কৰা আৰু এইবোৰৰ যত্ন লোৱা।

৩। ৰাজহুৱা মাটি অধিগ্ৰহণ কৰি খেল পথাৰ, উদ্যান, আমোদ ভবন, জিৰণিঘৰ নিৰ্মাণ কৰা।

(ঘ) নিৰাপত্তামূলক কার্যাৱলী

১। অগ্নিনির্বাপক বাহিনী সাজু কৰি ৰখা।

২। দুর্ঘটনা ৰোধ কৰিবৰ বাবে বাট-পথ, দলং আদিৰ উন্নয়ন কৰা

৩। নিগমৰ নিৰাপত্তাৰ বাবে নৈশ চকীদাৰ নিযুক্তি আৰু তদাৰক কৰা।

৪। প্রাকৃতিক দুর্যোগত বিপগ্রস্ত লোকক উদ্ধাৰ আৰু সহায় কৰা ইত্যাদি।

3. গুৱাহাটী পৌৰ নিগমৰ যিকোনো দুটা কার্য উল্লেখ কৰা?

উত্তৰঃ গুৱাহাটী পৌৰ নিগমৰ ওপৰত উল্লেখ কৰা কাৰ্যসমূহ প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—

(ক) বাধ্যতামূলক কাৰ্য।আৰু 

(খ) ইচ্ছাভিত্তিক।

(ক) বাধ্যতামূলক: নিগমে কিছুমান কাম কৰিবলৈ বাধ্য। যেনে— নলা-নর্দমা, ৰাজহুৱা স্নানাগাৰ, প্ৰস্ৰাৱাগাৰ নিৰ্মাণ আৰু পৰিষ্কাৰ কৰি ৰখা, পানীৰ যোগান ধৰা, বাট-পথ পৰিষ্কাৰ কৰি ৰখা, মৰাশ সৎকাৰৰ বাবে শ্মশান নিৰ্মাণ কৰা, জন্ম-মৃত্যুৰ হিচাপ ৰখা, চিতা-বেজিৰ ব্যৱস্থা কৰা, চিকিৎসালয়, মাতৃ আৰু শিশুৰ মংগল কেন্দ্র স্থাপন কৰা, বাট-পথ আৰু দলং নিৰ্মাণ কৰা, নিগমৰ কাৰ্যালয়, পুৰণি স্মৃতি ৰক্ষা কৰা, নিগমৰ কৰ্মচাৰীৰ থকা ঘৰৰ ব্যৱস্থা কৰা, ৰোগীক অনা-নিয়াৰ বাবে যান-বাহনৰ ব্যৱস্থা কৰা, জনসাধাৰণৰ বাবে উদ্যান, খেলপথাৰৰ ব্যৱস্থা কৰা, অগ্নিনির্বাপকৰ ব্যৱস্থা কৰা, ৰাষ্টা-ঘাত আদি আন ঠাইত পোহৰৰ ব্যৱস্থা কৰা আদি।

(খ) ইচ্ছামূলক কার্য: নিগমৰ কিছুমান ইচ্ছামূলক বা স্ব-ইচ্ছাৰে কৰিব পৰা কাম আছে। এই কামবিলাক কৰিবলৈ নিগম বাধ্য নহয় বা বাধ্য কৰাব নোৱাৰে। নিগমৰ ইচ্ছাৰ ওপৰত এনে কামবিলাক কৰা বা নকৰাটো নিৰ্ভৰ কৰে। কেতবোৰ এনে ইচ্ছামূলক কাম তলত উল্লেখ কৰা হ’ল―

মেলা, প্রদর্শনী, সাঁতোৰা পুখুৰী, থিয়েটাৰ, চিনেমা, পুথিভঁৰাল, শিক্ষানুষ্ঠান আদিৰ ব্যৱস্থা কৰা নিগমৰ ইচ্ছামূলক কাম। শৰীৰ চৰ্চা, খেলপথাৰ, গছ-গছনি ৰোৱা আৰু সংৰক্ষণ কৰা, মাটি আৰু ঘৰ জৰীপ কৰা, বিবাহ পঞ্জীয়ন কৰা, লোকপিয়ল কৰা, বিশুদ্ধ গাখীৰ যোগান, ৰোগী আৰু অনাথ শিশুৰ কল্যাণৰ বাবে অনুষ্ঠান স্থাপন কৰা,গৃহ নির্মাণ, যান-বাহন ক্রয়, পশু চিকিৎসালয় স্থাপন, শ্রমিক কল্যাণ কেন্দ্র স্থাপন, স্নান গৃহ নির্মাণ, খোৱা পানীৰ যোগান, প্রেক্ষাগৃহ আৰু ভোজনালয় স্থাপন, হাট-বজাৰ, দোকান স্থাপন, গুদাম, ঘৰ বন্ধা শ্রমিকৰ প্ৰতি সহায় আগবঢ়োৱা আদি বহুতো ইচ্ছামূলক কার্য নিগমে কৰিব পাৰে।

গুৱাহাটী পৌৰ নিগম এক স্বতন্ত্র অনুষ্ঠান (Autonomous body) । কিন্তু ই স্বতন্ত্ৰ হ’লেও স্বেচ্ছাচাৰী হ’ব নোৱাৰে। কাৰণ ১৯৬৯ চনৰ গৌৰ আইন অনুসৰি গুৱাহাটী পৌৰ নিগম অসীম ক্ষমতাৰ অধিকাৰী নহয় । অসম চৰকাৰৰ ই নিয়ন্ত্রণাধীন অসম চৰকাৰে ইয়াৰ ক্ষমতা আৰু কাৰ্যৰ ওপৰত প্ৰয়োজন হ’লে হস্তক্ষেপ কৰিব পাৰে। ইয়াৰ উপৰি চৰকাৰে পৌৰ নিগম ভংগ কৰি দিব পাৰে।

4. পৌৰসভাৰ প্রধান প্রধান ক্ষমতাসমূহ উল্লেখ কৰা? Powers of Municipal Board

উত্তৰঃ ক্ষমতা: ১৯৫৬ চনৰ অসম পৌৰসভা আইনে অসমৰ পৌৰসভাসমূহক তলত ক্ষমতাসমূহ প্ৰদান কৰিছে।

১। নির্বাচন ক্ষমতা: পৌৰসভাৰ নিৰ্বাচনৰ পিছৰ প্ৰথম অধিৱেশনত সদস্যসকলে তেওঁলোকৰ নিজৰ ভিতৰৰে এজনক সভাপতি আৰু এজনক উপ-সভাপতি নির্বাচন কৰে। 

২। ঋণ লোৱা বা দিয়া ক্ষমতা, বাজেট প্রস্তুতি, কৰ আৰোপ আৰু সংগ্ৰহ কৰাৰ ক্ষমতা আছে।

৩। পৌৰসভাৰ কৰ্মচাৰী নিয়োগ, কমিটি গঠন, ৰাষ্টা, দলং, পুখুৰী,গছ আদি সম্পত্তি সংৰক্ষণ, কোনো ব্যক্তি বা বাক্তিসমষ্টিৰ লগত চুক্তি কৰা আদি।

৪। পৌৰ সভাই নিজৰ উপ-বিধি তৈয়াৰ কৰাৰ ক্ষমতা আছে।

৫। কোনো ৰাষ্ট্ৰ বা পথ আৱশ্যক অনুসৰি বন্ধ বা খুলি দিব পাবে। 

৬। পৌৰসভাৰ কৰ্মচাৰীৰ বেতন, বানচ, ভাট্টা আদিৰ ব্যৱস্থা কৰিব পাৰে।

5. পৌৰসভাৰ প্রধান প্রধান কার্যাৱলীসমূহ কি কি? আলোচনা কৰা? 

উত্তৰঃ পৌৰসভাৰ কাৰ্যাৱলীসমূহ প্রধানত: তিনিটা ভাগত ভাগ কৰা হয়—

(১) আৱশ্যকীয় কার্য। 

(২) ইচ্ছাকৃত (optional) কাৰ্য।আৰু 

(৩) অর্পিত (delegates) কার্য।

১। আৱশ্যকীয় কার্যসমূহ: খাল-নর্দমা চাফ-চিকুণকৈ ৰখা, দলং, পুল, পথ আদি নিৰ্মাণ কৰা, জিৰণি ঘৰ, খেলপথাৰ আদিৰ ব্যৱস্থা কৰা বজাৰ নিৰ্মাণ আৰু পৰিচালনা, পানী যোগান, বিজুলী যোগান আদিৰ ব্যৱস্থা কৰা, শ্মশান ঘাট স্থাপন কৰা, পৌৰসভাৰ এলেকাৰ আৱৰ্জনা দূৰ কৰি স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলা, পৌৰসভাৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া, সংক্রামক ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা কৰা, মাতৃ আৰু শিশুৰ কল্যাণ কেন্দ্র স্থাপন কৰা, জন্ম-মৃত্যুৰ হিচাপ আদি ৰখা কাৰ্যসমূহ পৌৰসভাই কৰিবলৈ বাধ্য ।

২। ইচ্ছাধীন কার্য: পৌৰসভাই নিজ এলেকাৰ ভিতৰত কিছুমান কাম নিজ ইচ্ছানুসৰি কৰিব পাৰে। এনে কাম কৰিবলৈ পৌৰসভা বাধ্য নহয় বা পৌৰসভাক বাধ্য কৰাব নোৱাৰে। স্বাস্থায় কেন্দ্ৰ, দৰৱখানা, স্বাস্থ্য নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা আদি কামবোৰ ইচ্ছাধীন কার্য।

ডাষ্টবিন, পানী জমা নহ’বৰ বাবে নলা-নর্দমা খন্দাৰ ব্যৱস্থা কৰা, পানী যোগানৰ ব্যৱস্থা কৰা, প্রাথমিক পর্যায়ৰপৰা উচ্চ পৰ্যায়লৈ ল’ৰা-ছোৱালীৰ শিক্ষাৰ ব্যৱস্থা কৰা, অঞ্চলটোৰ জন্ম মৃত্যুৰ হিচাপ ৰখা, খেলপথাৰ, পার্ক, জিৰণি চ’ৰা নিৰ্মাণ কৰা আৰু ৰাষ্টাত বিজুলী যোগান ধৰা, শ্রমিক কল্যাণ কেন্দ্র স্থাপন আদি বিভিন্ন কার্য কৰিব লাগে। 

৩। অর্পিত কাৰ্য: ৰাজ্য চৰকাৰে কিছুমান কাম পৌৰসভাক কৰিবলৈ দায়িত্ব অর্পণ কৰিব পাৰে। এনে কামক অর্পিত কার্য বোলা হয়।

6. Major problems of peoples participation in administration.

Ans: প্রশাসনত জনঅংশগ্রহণ প্রধান সমস্যা (Problems of People’s Participation in Administration) 

জনঅংশগ্ৰহণৰ সমস্যা ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত দেখা দিয়া সমস্যাবিলাকৰ ভিতৰত অন্যতম প্ৰশাসনৰ জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত কিছুমান সমস্যাই হেঙাৰৰূপে দেখা দিয়ে। এই সমস্যাবিলাক তলত উল্লেখ কৰা ধৰণৰ―

(ক) নিৰক্ষৰতা আৰু অজ্ঞতা 

(Illiteracy and Ignorance)

প্রশাসনত জনঅংশগ্রহণ আৰু সহযোগিতা অভাৱৰ প্রধান কাৰণ হৈছে জনসাধাৰণৰ নিৰক্ষৰতা আৰু অজ্ঞতা। ভাৰতৰ দৰে উন্নয়নশীল দেশত প্ৰায়সংখ্যক লোকেই নিৰক্ষৰ হোৱা দেখা যায়। নিৰক্ষৰতাৰ লগতে তেওঁলোক সমান্তৰালভাৱে অজ্ঞ। প্রশাসনত এনে নিৰক্ষৰ আৰু অজ্ঞলোকৰ অংশগ্রহণ আশা কৰিব নোৱাৰি।

(ক) দৰিদ্ৰতা

(Poverty): গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া অন্য এক সমস্যা হৈছে গ্রামীণ জনসাধাৰণৰ দৰিদ্ৰতা। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বৰ্তমানেও ভাৰতত শতকৰা ৩৫ জন লোকে বসবাস কৰে। দৰিদ্ৰতাৰ বাবেই এনে দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে জীৱন-ধাৰণৰ ন্যূনতম প্রয়োজনখিনি পূৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন প্রশাসনীয় কার্যত অংশগ্ৰহণ কৰিব নোৱাৰে।

(খ) প্রশাসন সম্পর্কে যথোপযুক্ত জ্ঞানৰ অভাৱ

(Lack of Knowledge in Administration): অজ্ঞতাৰে পৰিপুষ্ট গ্রামীণ জনসাধাৰণৰ উপযুক্ত প্ৰশাসনীয় জ্ঞানৰ অভাৱ হয়। প্রশাসন কেনেদৰে পৰিচালিত হয়, প্ৰশাসনৰ পৰা তেওঁলোকৰ প্ৰাপ্যখিনিৰ বিষয়ে সৰহসংখ্যক জনসাধাৰণে নাজানে। গতিকে প্ৰশাসনীয় জ্ঞানৰ অভাৱ থকা জনসাধাৰণৰ পৰা চৰকাৰৰ প্ৰশাসনীয় কার্যকলাপৰ অংশগ্রহণ তথা সহযোগিতা আশা কৰিব নোৱাৰি।

(ঘ) জনসাধাৰণৰ ৰাজনৈতিক সচেতনতাৰ অভাৱ

(Lack of Political Awareness): নিৰক্ষৰ আৰু অজ্ঞ লোকসকলৰ ৰাজনৈতিকভাৱে সচেতন নহয়।। ৰাজনৈতিক সচেতনতাৰ অবিহনে জনসাধাৰণৰ প্ৰশাসনত ৰাজনৈতিক অংশগ্রহণ সম্ভৱপৰ হৈ নুঠে। চৰকাৰৰ কাৰ্যকলাপত জনগণৰ মতামতৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজি উঠি তেওঁলোকে ৰাজনৈতিকভাৱে সংগঠিত হ’লেহে ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ কৰিব পাৰিব। যাৰ অভাৱৰ বাবেই গ্রামোন্নয়নৰ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণ সম্ভৱ হৈ উঠা নাই। কিয়নো ৰাজনৈতিক সজাগতা আৰু সচেতনতা ৰাজনৈতিক অংশগ্ৰহণৰ পূৰ্ব চৰ্ত। 

7. পৌৰসভাৰ সদস্যসকলৰ অৰ্হতা কি কি? (Qualifications of Members):

উত্তৰঃ ১। পৌৰসভাৰ সদস্য নির্বাচিত বা মনোনীত হ’বলৈ হ’লে প্ৰাৰ্থীজনৰ ন্যূনতম বয়স ২১ বছৰ হ’ব লাগিব।

২। তেওঁ বা তেওঁলোক সেই নগৰৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

৩। তেওঁ পৌৰসভাৰ কৰ পৰিশোধ কৰিব লাগিব।

৪। তেওঁৰ বাসগৃহ পৌৰসভাৰ পঞ্জীয়নভুক্ত হ’ব লাগিব।

৫। অর্হতা সম্পৰ্কত কোনো মতানৈক্য সৃষ্টি হ’লে জিলা ন্যায়াধীশে সেই মতানৈক্য মীমাংসা কৰিব পাৰিব।

8. গণতান্ত্রিক বিকেন্দ্রীকৰণৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ (ক) কেন্দ্ৰীয় কর্তৃপক্ষই স্থানীয় কর্তৃপক্ষলৈ নীতি নিৰ্ধাৰণৰ সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰিব লাগিব।

(খ) আঞ্চলিক সমস্যাবোৰ স্থানীয় পৰ্যায়ত চিনাক্ত কৰি সমাধানৰ প্ৰচেষ্টা কৰিব লাগিব।

(গ) কেন্দ্ৰীয় কর্তৃপক্ষই স্থানীয় কর্তৃপক্ষলৈ কাম, কৰ্মচাৰী,ক্ষমতা, পুঁজি হস্তান্তৰ কৰিব লাগিব।

(ঘ) আঁচনি প্রস্তুত কৰা, ৰূপায়ণ কৰা, তদাৰক কৰাৰ কৰ্তৃত্ব স্থানীয় প্রশাসনৰ থাকিব লাগিব।

Essay type question

1. Write a note on the concept of democratic decentralisation and its operationalisation in India. 

Ans: গণতান্ত্রিক বিকেন্দ্রীকৰণৰ অৱধাৰণা:

ভাৰতৰ গ্ৰামোন্নয়নৰ প্ৰশাসনৰ লগত জড়িত বিভিন্ন অৱধাৰণাসমূহৰ ভিতৰত গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ অৱধাৰণাতো অন্যতম। সাধাৰণতে গণতান্ত্রিক বিকেন্দ্ৰীকৰণ বুলিলে সম্পূর্ণ ৰাজনৈতিক অধিকাৰ আৰু স্বাধীনতা থকা স্থানীয় নাগৰিকৰ ওচৰত দায়বদ্ধশীল স্থানীয় কর্তৃপক্ষলৈ অর্থপূর্ণ ক্ষমতা আৰু কৰ্তৃত্ব হস্তান্তৰকৰণক বুজায়। এনে অর্থত গণতান্ত্রিক বিকেন্দ্ৰীকৰণ হৈছে এনে এক প্রক্রিয়া যাৰ জৰিয়তে কেন্দ্রীয়ভাৱে নীতি নির্ধাৰণ কৰা, আঁচনি ৰূপায়িত কৰাৰ পৰিৱৰ্তে এনে কাৰ্য আৰু ক্ষমতা তৃণমূল পর্যায়লৈ হস্তান্তৰিত কৰা হয়। গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ মূল উদ্দেশ্য হৈছে স্থানীয় স্বায়ত্ত শাসিত গোটৰ জৰিয়তে গ্ৰাম্য জনসাধাৰণৰ অৰ্থনৈতিক প্রগতি আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ বৈশিষ্ট্যসমূহ:

(ক) কেন্দ্রীয় কর্তৃপক্ষই স্থানীয় কর্তৃপক্ষলৈ নীতি নিৰ্ধাৰণৰ সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰিব লাগিব।

(খ) আঞ্চলিক সমস্যাবোৰ স্থানীয় পৰ্যায়ত চিনাক্ত কৰি সমাধানৰ প্ৰচেষ্টা কৰিব লাগিব। 

(গ) কেন্দ্ৰীয় কর্তৃপক্ষই স্থানীয় কর্তৃপক্ষলৈ কাম, কৰ্মচাৰী,ক্ষমতা, পুঁজি হস্তান্তৰ কৰিব লাগিব।

(ঘ) আঁচনি প্রস্তুত কৰা, ৰূপায়ণ কৰা, তদাৰক কৰাৰ কর্তৃত্ব স্থানীয় প্রশাসনৰ থাকিব লাগিব।

(ঙ) স্থানীয় প্রশাসনক সংবিধানিক স্বীকৃতি প্রদান কৰিব লাগিব।

(চ) কেন্দ্রীয় কর্তৃপক্ষই স্থানীয় প্রশাসনৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰিব।

(ছ) স্থানীয় জনসাধাৰণৰ সক্রিয় সহযোগিতা বিকেন্দ্ৰীকৰণৰ এক প্রধান বৈশিষ্ট্য। 

(জ) হিতাধিকাৰী নির্বাচন, দৰিদ্র সীমাৰেখাৰ তলৰ লোকসকলৰ বাছনি কৰা কাৰ্যত স্থানীয় প্রশাসনৰহে কৰ্তৃত্ব থাকিব।

(ঝ) আঁচনি ৰূপায়ণ, তদাৰক কৰা, মূল্যায়ণ কৰাৰ কাৰ্যত স্থানীয় প্রশাসনৰ দায়িত্ব থাকিব।

(ঞ) চৰকাৰী আমোলাসকলৰ পৰিৱর্তে নির্বাচিত প্রতিনিধিৰ হাতত ক্ষমতা থাকিব। আমোলা বিষয়াসকলে সমন্বয়কৰ ভূমিকাহে পালন কৰিব।

ভাৰতবৰ্ষত গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ কাৰ্যকাৰিতা (Operationalisation of Democratic Decentralisation in India)

ভাৰতৰ সংবিধানৰ যুগান্তকাৰী ৭৩তম সংশোধনীয়ে স্থানীয় স্বায়ত্ত শাসনক সাংবিধানিক স্বীকৃতি প্রদান কৰি বিকেন্দ্রীকৰণ ব্যৱস্থাক অধিক গুৰুত্ব দিছে। ১৯৫৭ চনতেই বলবন্ত ৰায় মেহতা কমিটীয়ে ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্রৱৰ্তন আৰু বিকেন্দ্রীকৰণৰ সপক্ষে এনেদৰে কৈছিল— “যেতিয়ালৈকে আমি স্থানীয় লোকৰ প্ৰয়োজন আৰু ইচ্ছাৰ সপক্ষে ধন খৰচ কৰাৰ নিশ্চয়তা প্রদান কৰিব নোৱাৰোঁ, যেতিয়ালৈকে স্থানীয় প্রশাসনক যথাযোগ্য ক্ষমতা আৰু বিত্তৰ যোগান দিব পৰা এক প্রতিনিধিত্বমূলক আৰু গণতান্ত্রিক অনুষ্ঠান গঢ়ি তুলিব নোৱাৰো তেতিয়ালৈকে আমি স্থানীয় অঞ্চলৰ উন্নতিৰ বাবে স্থানীয় লোকৰ সহযোগিতা আশা কৰিব নোৱাৰোঁ। 

প্রাক-স্বাধীনতা কালতেই মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ গৰিষ্ঠসংখ্যক লোকে বসবাস কৰা গ্রামাঞ্চলৰ উন্নতিৰ বাবে গ্ৰাম্য স্বৰাজৰ ধাৰণা আগবঢ়াইছিল। গান্ধীজীয়ে নেহেৰুলৈ লিখা এখন চিঠিত লিখিছিল— “মোৰ আদৰ্শ গাঁৱে বুদ্ধিদীপ্ত মানৱ জাতিক অন্তর্ভুক্ত কৰে। তেওঁলোকে জন্তুৰ দৰে লেতেৰা আৰু অন্ধকাৰ পৰিৱেশত জীয়াই নাথাকিব।” নেহেৰুৱেই মেহতা কমিটী গঠন কৰি স্থানীয় শাসনৰ অধ্যয়ন হোৱাতো বিচাৰিছিল। মেহতা কমিটী গঠনৰ পিছত চান্থানাম কমিটী ১৯৬৩, অশোক মেহতা কমিটী ১৯৭৮, বাও কমিটী ১৯৮৫, চিংভি কমিটী ১৯৮৬ আদিয়ে স্থানীয় প্রশাসনক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। অৱশেষত প্রধানমন্ত্রী নৰসিংহ ৰাও চৰকাৰে সংবিধান সংশোধনৰ দ্বাৰা স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাক আইনগত স্বীকৃতি প্রদান কৰিলে।

গণতান্ত্রিক বিকেন্দ্ৰীকৰণে পঞ্চায়তীৰাজ আইনৰ অধীনত কেইটামান বিষয় হস্তান্তৰকৰণক বুজায়। এই বিষয়কেইটা বুজিবলৈ হ’লে চমুকৈ ইংৰাজীত F⁵ বুলিও ক’ব পাৰো। ইয়াৰ অৰ্থ হৈছে―

(ক) পুঁজি বিকেন্দ্রীকৰণ (Decentralisation fund).

(খ) কামৰ বিকেন্দ্রীকৰণ (Decentralisation of function). 

(গ) কৰ্মচাৰী বিভাগৰ বিকেন্দ্রীকৰণ (Decentralisation of functionaries).

(ঘ) স্বতন্ত্রতাৰ বিকেন্দ্ৰীকৰণ (Decentralisation of freedom).

(ঙ) মৈত্রী বিকেন্দ্ৰীকৰণ (Decentralisation friendship / fraternity).

(ক) পুঁজি বিকেন্দ্ৰীকৰণ (Decentralisation fund):

গ্রামাঞ্চলৰ জনসাধাৰণৰ উন্নয়নমূলক কামৰ বাবে স্থানীয় স্বায়ত্ত শাসিত গোটসমূহলৈ চৰকাৰে পুঁজি হস্তান্তৰ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন আঁচনিৰ বাবে পুঁজি যোগান ধৰিব লাগে। ৰাজ্যিক বাজেটত সুকীয়া সুকীয়াকৈ এনে স্বায়ত্ত শাসিত গোটবোৰলৈ পুঁজি আবণ্টন আৰু পুঁজিৰ পৰিমাণ নির্দিষ্ট কৰি দেখুৱাব পাৰিলে অধিক সুবিধাজনক হয়।

(খ) কামৰ বিকেন্দ্ৰীকৰণ (Decentralisation of function):

বিকেন্দ্রীকৰণ বুলিলে কামৰ হস্তান্তৰকৰণ বুজায়। নতুন পঞ্চায়তীৰাজ ব্যৱস্থা অনুসৰি সংবিধানৰ একাদশ সূচীৰ ২৯টা কাম স্থানীয় স্বায়ত্ত শাসিত গোটলৈ হস্তান্তৰ কৰা হৈছে– কৃষি, ভূমি, উন্নয়ন, শিক্ষা, স্বাস্থ্য, পশুপালন, ক্ষুদ্র জলসিঞ্চন, মীন পালন, দুর্বল শ্ৰেণীৰ কল্যাণ ইত্যাদি বিষয়সমূহ। শিক্ষাৰ ক্ষেত্ৰত অসমত মাধ্যমিক স্তবলৈকে স্থানীয় প্রশাসনক দায়িত্ব দিয়া হৈছে। কিছুমান প্রদেশত উচ্চতৰ মাধ্যমিক পর্যায়লৈকে আৰু সমগ্ৰ দৰিদ্ৰতা দূৰীকৰণ, সামাজিক কল্যাণৰ কাম স্থানীয় প্রশাসনক দিয়া হৈছে। বর্তমান ২৯টা বিষয় পর্যায়লৈ হস্তান্তৰ কৰা হৈছে। এই বিষয়সমূহ হৈছে – কৃষি আৰু কৃষি সম্প্ৰসাৰণ, ভূমি উন্নয়ন, ভূমি সংস্কাৰ আৰু ভূমি সংৰক্ষণ, ক্ষুদ্র জলসিঞ্চন, পানীযোগান আৰু জলচ্ছেদ উন্নয়ন, পশুপালন, দুগ্ধ পাম আৰু কুকুৰা পালন, মীন পালন, সামাজিক বনানিকৰণ আৰু পাম বনানিকৰণ, ক্ষুদ্র বনজ উৎপাদন, খাদ্য প্রক্রিয়াকৰণ উদ্যোগকে ধৰি ক্ষুদ্র উদ্যোগ, খাদী, গ্ৰাম্য আৰু কুটীৰ শিল্প, গ্ৰাম্য গৃহ নির্মাণ, খোৱাপানী, ইন্ধন আৰু পশুৰ খাদ্য, পথ, পকী পুল বা নলা, নাও আৰু জল পৰিবহণ, বিজুলী সৰবৰাহকে ধৰি গ্ৰাম্য বৈদ্যুতিকৰণ, অপৰম্পৰাগত শক্তিৰ উৎসসমূহ, দৰিদ্ৰতা দূৰীকৰণ আঁচনি, প্রাথমিক আৰু মাধ্যমিক শিক্ষাকে ধৰি শিক্ষা, কাৰিকৰী প্রশিক্ষণ আৰু বৃত্তিমূলক শিক্ষা, প্রাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা, পুথিভঁড়াল, সাংস্কৃতিক কার্যাবলী, হাট-বজাৰ আৰু মেলা, স্বাস্থ্য আৰু স্বাস্থ্য প্রণালী, পৰিয়াল কল্যাণ, মহিলা আৰু শিশু উন্নয়ন, শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্রস্তসকলৰ কল্যাণকে ধৰি সমাজ কল্যাণ, দুর্বল শ্ৰেণীৰ কল্যাণ সাধন, ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু সামূহিক সম্পদৰাজিৰ সংৰক্ষণ।

(গ) কর্মচাৰী বিভাগৰ বিকেন্দ্ৰীকৰণ (Decentralisation of functionaries):

বিকেন্দ্রীকৰণ ব্যৱস্থাত বাজ্যিক চৰকাৰৰ কিছুমান বিষয়া কৰ্মচাৰী আৰু বিভাগ স্থানীয় প্রশাসনলৈ হস্তান্তৰ কৰিব লাগিব।কার্য সম্পাদনৰ বাবে কৰ্মচাৰী হস্তান্তৰ অপৰিহাৰ্য। অসমত ১৭ বিভাগ আৰু কৰ্মচাৰী স্থানীয় প্রশাসনীয় গোটলৈ হস্তান্তৰ কৰা হৈছে। কৃষি সম্প্ৰসাৰণ বিষয়া, পশু চিকিৎসক, প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক, গ্রাম্য সম্প্ৰসাৰণ বিষয়া, সহকাৰী অভিযন্তা, দুগ্ধ সম্প্ৰসাৰণ বিষয়া, মীন উপ-পৰিদৰ্শক, শিশু কল্যাণ তদাৰক বিষয়া, প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আদি বিষয়া-কৰ্মচাৰী গ্রামোন্নয়নৰ লগত জড়িত থাকিব লাগে। তেনেদৰে জিলা পৰ্যায়ৰ বিষয়াসকল জিলা পৰিষদৰ লগত আন খণ্ড উন্নয়নৰ লগত জড়িত বিষয়াসকল আঞ্চলিক পঞ্চায়তৰ লগত জড়িত থাকিব লাগে।

(ঘ) স্বতন্ত্ৰতাৰ বিকেন্দ্রীকৰণ (Decentralisation of freedom): 

বিকেন্দ্ৰীকৰণ বুলিলে স্থানীয় প্রশাসনীয় গোটলৈ স্বতন্ত্ৰতাৰ হস্তান্তৰ কৰাটো বুজায়। স্থানীয় স্বায়ত্ত শাসিত অনুষ্ঠানে নিজে আঁচনি প্রস্তুত, ৰূপায়ণ, মূল্যায়ন কৰাৰ স্বতন্ত্রতা বা ক্ষমতা থাকিলেহে বিকেন্দ্ৰীকৰণ অৰ্থপূৰ্ণ হ’ব। গাঁও পঞ্চায়তে স্থানীয় প্ৰশাসনৰ নিম্নতম পর্যায়ত এনে ক্ষমতা প্রয়োগ কৰিব লাগে। পঞ্চায়তীৰাজ আইনে গাঁও সভাক এনে ক্ষমতাৰ অধিকাৰী কৰি তুলিছে। আঁচনি প্ৰস্তুতকৰণৰ বিষয়ত গাঁও পঞ্চায়ত আৰু গাঁও সভাৰ গুৰু দায়িত্ব আছে। গাঁও সভাক বিকেন্দ্ৰীকৰণৰ চাবিকাঠি বুলিব পাৰি। গ্রামাঞ্চলৰ জনসাধাৰণেহে প্ৰকৃততে নিজ অঞ্চলৰ সমস্যাবোৰ বুজি পায়। বিকেন্দ্রীকৰণ বুলিলে গ্রামাঞ্চলৰ জনসাধাৰণৰ আঁচনি প্ৰস্তুতকৰণৰ ক্ষমতা থাকিবই লাগিব। তৃণমূল পৰ্যায়ত আঁচনি প্রস্তুতকৰণ, ৰূপায়ণ, তদাৰক আৰু মূল্যায়ণ কৰিবলৈ গ্রামাঞ্চলৰ জনসাধাৰণক পঞ্চায়তীৰাজ আইনে যি বিকেন্দ্রীকৃত ক্ষমতা দিছে তাক বাস্তবায়িত কৰিবলৈ চৰকাৰৰ ইচ্ছাশক্তি থাকিব লাগিব। চৰকাৰে প্ৰণালীবদ্ধ কার্যপন্থা আৰু কৌশল উদ্ভাৱন কৰি জনসাধাৰণৰ এনে ক্ষমতাক কার্যকৰী ৰূপ দিয়াত সহায় কৰিব লাগিব। 

(ঙ) বন্ধুত্ব সুলভ মনোভাবৰ বিকেন্দ্রীকৰণ (Decentralisation of friendship):

জনস্বার্থক প্রাধান্য দি ৰাজনৈতিক দলীয় নেতৃবর্গ, আমোলা বিষয়া তথা অন্যান্য বেচৰকাৰী সংস্থাবিলাকে একভাৱে কাম কৰাৰ যি মানসিকতা সেই মনোভাবৰ হস্তান্তৰকৰণো বিকেন্দ্ৰীকৰণৰ অন্যতম প্রধান চর্ত। নির্বাচিত প্রতিনিধি চৰকাৰী আমোলা বিষয়া, সমাজসেৱক, বেচৰকাৰী সংগঠনৰ সদস্য-সদস্যাসকল বিশেষজ্ঞ গোটৰ সদস্য-সদস্যা সকলোৱে একেলগে গাঁও অঞ্চলৰ জনগণৰ আর্থ-সামাজিক বিকাশৰ বাবে সহযোগিতাৰে কাম কৰাৰ নিতান্তই আবশ্যকতা আছে। প্রকৃতাৰ্থত গ্রামোন্নয়ন ব্যৱস্থাক ফলপ্রসূ কৰি তুলিবৰ কাৰণে গ্রামোন্নয়নৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলে সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তুলিব লাগে।

ভাৰতত গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাক বাস্তবায়িত কৰি তোলাৰ ক্ষেত্ৰত অন্য ৰাজ্যবিলাকৰ তুলনাত কেৰেলা যথেষ্ট পৰিমাণে আগবঢ়া। বিকেন্দ্রীকৰণ ব্যৱস্থা বাস্তবায়িতকৰণ সম্পূৰ্ণৰূপে চৰকাৰ যন্ত্ৰৰ ইচ্ছাশক্তিৰ ওপৰত নিৰ্ভৰশীল। এইক্ষেত্ৰত সাম্প্রতিক সময়ত অসম চৰকাৰেও বিকেন্দ্ৰীকৰণৰ নীতিৰ বাস্তৱায়িতকৰণৰ বাবে যাবতীয় প্রশিক্ষণ ব্যৱস্থা কৰিছে।

2. Examine the Role of Gaon Sabha in rural development. 

Ans: ১৯৯২ চনৰ ৭৩তম সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক এক সাংবিধানিক মর্যাদা প্ৰদান কৰা হয়। এই সংশোধনীয়ে ৰাজ্যসমূহৰ ওচৰত এক নির্দিষ্ট আৰ্হি দাঙি ধৰিছে যাতে ৰাজ্যসমূহে ইয়াৰ গণ্ডীৰ ভিতৰত থাকি পঞ্চায়ত আইন প্রণয়ন কৰিব পাৰে। ৭৩তম সংবিধান সংশোধনীত কিছুমান বাধ্যতামূলক দফা আছে। এনে বাধ্যতামূলক দফাসমূহৰ ভিতৰত অন্যতম হ’ল গ্রামসভা অনুষ্ঠিত কৰাটো।

গ্রামসভা হ’ল প্রাথমিক সদন য’ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত ভোটাৰ ৰাইজ ইয়াৰ সদস্য। দেশে স্বাধীনতা লাভ কৰাৰ পাছৰ পৰাই গ্রাম সভাৰ অস্তিত্ব পৰিলক্ষিত হয় যদিও গ্রামসভাৰ প্রকৃত উদ্দেশ্য সাধনত ইয়াৰ সফলতা সন্তোষজনক নহয়।

ভাৰতবৰ্ষৰ দৰে এখন বিশাল বৈচিত্র্যপূর্ণ দেশত কেৱল পঞ্চায়তৰ জৰিয়তেহে বৈষম্য দূৰ কৰাৰ লগতে দৰিদ্ৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে। অৱশ্যে পূৰ্বৰ পঞ্চায়তবিলাকে তৃণমূল পর্যায়ত সক্ৰিয় গণতন্ত্র প্রতিষ্ঠা কৰাত ইতিমধ্যে বিফল হৈ গৈছে। বর্তমান সময়ত গাঁওসভাৰ জৰিয়তে এনে এখন মঞ্চ তৈয়াৰ কৰিব বিচৰা হৈছে যত গাঁওবাসীয়ে উন্নয়নৰ বিভিন্ন কাম-কাজসমূহ পুংখানুপুংখভাৱে আলোচনা কৰিব পাৰে। এনে আলোচনাৰ জৰিয়তে পৰিকল্পনা যুগুত কৰাৰ লগতে কোনো আঁচনিৰ বাবে হিতাধিকাৰী বাছনি কৰা ইত্যাদি কামসমূহ সম্পাদন কৰা হয়।

দেশৰ গ্ৰাম্য এলেকাৰ উন্নয়ন তথা জনকল্যাণৰ বাবে জনকল্যাণমূলক আঁচনিৰ প্ৰয়োজন। ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব পাৰিলেহে উন্নয়নৰ গতি অধিক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ হ’ব। পঞ্চায়তীৰাজ ব্যৱস্থাক ভাৰতীয় গণতন্ত্ৰৰ আধাৰশিলা গণতন্ত্ৰৰ আধাৰশিলাৰূপে গঢ়ি তুলিবৰ কাৰণে ৰাইজৰ সহযোগিতা লাভ কৰিবলৈ গ্রামসভাই হ’ল একমাত্র অস্ত্র। কিয়নো গ্রামীণ জনসাধাৰণ ৰাজনৈতিক স্বাধীনতা লাভৰ তুলনাত তেওঁলোকৰ আৰ্থ-সামাজিক বিকাশক লৈহে অধিক আগ্রহী আৰু চিন্তিত।

গাঁওসভাৰ লগত জনসাধাৰণ যিহেতু প্রত্যক্ষভাবে জড়িত থাকে। সমূহীয়া কল্যাণমূলক কার্যক্রম কৰাৰ বাবে স্বেচ্ছাসেবী শ্রমিকৰ দল গঠন কৰা আৰু সামগ্রী অথবা নগদ ৰূপত বৰঙণি যোগোৱাৰ ক্ষেত্ৰত গাঁওসভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গাঁও পঞ্চায়তৰ কাম-কাজ, আঁচনি ৰূপায়ণ কৰাৰ কার্যক্রম পর্যবেক্ষণ কৰাৰ উদ্দেশ্যে গাঁও সভাই যিসকল লোক গাঁও পঞ্চায়তৰ সদস্য নহয়, তেনেলোকক লৈ এক বা একাধিক তদাৰক সমিতিও গঠন কৰি দিব পাৰে।

গাঁওবিলাকত আর্থ-সামাজিক অৱস্থা তথা ইয়াৰ আনুষংগিক বিভিন্ন তথ্য সংগ্ৰহৰ এক প্রধান উৎস হ’ল গ্রামীণ জনসাধাৰণৰ জ্ঞান আৰু অভিজ্ঞতা। তেওঁলোকৰ মাজত বিচক্ষণতা আছে, ইতিহাস আছে, সংস্কৃতি আছে। গতিকে তেওঁলোকৰ সঞ্চিত অভিজ্ঞতাৰ ভাগ লোৱাৰ এক মহৎ অনুষ্ঠান হ’ল গ্রামসভা। আনহাতে সভাত উপস্থিত থকা বিভিন্ন কর্তৃপক্ষৰ পৰা তথ্য আহৰণ কৰা অধিকাৰো জনসাধাৰণৰ আছে।

গ্রামসভাই জনকল্যাণমূলক কামত আগভাগ লয় যদিও বিভিন্ন কাৰণত ই নিজৰ উদ্দেশ্যত উপনীত হোৱাত ব্যর্থ হোৱা পৰিলক্ষিত হয়। কেতিয়াবা গাঁও পঞ্চায়তবিলাকে গ্রামসভাৰ বৈঠক আহ্বান কৰাৰ ক্ষেত্ৰত পুলুকা মাৰিব খোজাৰ প্ৰৱণতা পৰিলক্ষিত হয়। তেওঁলোকে বহুল প্ৰচাৰ নকৰাকৈ গ্রামসভাৰ বৈঠক আহ্বান কৰা পৰিলক্ষিত হয়। ফলত থুলৰ অভাৱত সভাখনত স্থগিত ৰাখিব লগা হয়। গাঁও পঞ্চায়তবিলাকে এনে নকৰি গ্রামসভাবিলাকৰ বৈঠক সুবিধাজনক সময়ত অনুষ্ঠিত কৰা উচিত যাতে জনসাধাৰণে সভাত উপস্থিত থাকি সক্রিয় অংশগ্রহণ কৰিব পাৰে।

সাধাৰণতে গ্রামসভাবিলাকৰ বৈঠকত মহিলা উপস্থিত সদায় পাতল হয়। ইয়াৰ ফলত মহিলাসকলৰ সমস্যা তথা তেওঁলোকৰ সম্পৰ্কত তথ্য আহৰণত সমস্যাৰ সৃষ্টি হয়। সেইকাৰণে কিছুমান অঞ্চলত সুকীয়াভাৱে মহিলা গ্রামসভা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে।

পঞ্চায়তীৰাজৰ জৰিয়তে প্ৰশাসনৰ বিকেন্দ্ৰীকৰণ, প্ৰশাসনৰ স্বচ্ছতা, কৰ্তৃপক্ষসমূহৰ দায়বদ্ধতা, পৰিকল্পনাৰ বিকেন্দ্ৰীকৰণ উন্নয়ন আৰু সম্পদ আহৰণ ইত্যাদি সকলো সম্ভৱ হ’ব পাৰে কেৱল গ্ৰাম্যসভাবিলাকৰ আৰ্থিক আৰু অৰ্থবহ বৈঠকবিলাকৰ যোগেদিহে।

প্ৰতিটো কাৰ্যসূচীৰে তিনিটা স্তৰ দেখা যায় পৰিকল্পনা, ৰূপায়ণ, পৰামৰ্শদান তথা মূল্যাংকন। বাস্তৱ ক্ষেত্ৰত ইয়াৰ কার্যকাৰিতা কেৱল গ্রাম সভাৰ যোগেদিহে সম্ভৱ হয়। কাৰণ গ্রামসভাৰ যোগেদি ৰাইজৰ অংশগ্রহণেৰে কৰা পৰিকল্পনা, ৰাইজৰ অংশগ্রহণেৰে কৰা ৰূপায়ণ আৰু ৰাইজৰ অংশগ্রহণেৰে কৰা মূল্যাংকন। ইয়াৰ জৰিয়তে জনসাধাৰণ সক্রিয় সহযোগিতা আশা কৰিব পাৰি।

3. Write an essay on- 73rd Amendment Act 1992.

Ans: ভাৰতবৰ্ষৰ পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক গণতান্ত্রিক আৰু কাৰ্যক্ষম কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিভিন্ন সময়ত কেতবোৰ ব্যৱস্থাৱলী গ্ৰহণ কৰি আহিছে। এই

ব্যৱস্থাৱলীসমূহৰ ভিতৰত সংবিধানৰ ৭৩নং সংশোধনী অধিনিয়ম, ১৯৯২ অত্যধিক গুৰুত্বপূৰ্ণ কিয়নো এই আইনখনৰ জৰিয়তে গ্রাম্য স্থানীয় স্বায়ত্ত শাসিত সংস্থাবিলাকক এক সুকীয়া তথা সাংবিধানিক মর্যাদা প্রদান কৰা হয়।

১৯৯২ চনৰ ৭৩নং সংবিধান সংশোধনী আইন কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।

(ক) গ্রামসভা গঠন:

গ্রাম সভা হৈছে এখন গাঁৱৰ বা পঞ্চায়ত এলেকাৰ সকলো ভোটাৰ ৰাইজ উপস্থিত থকা এখন সভা। নতুন সংশোধনীৰ মতে এতিয়াৰ পৰা প্ৰত্যেক গাঁও পঞ্চায়তে গ্রাম সভা পাতিব লাগিব। গ্রামসভাৰ দ্বাৰা গাঁৱৰ ৰাইজক পঞ্চায়তৰ বিভিন্ন কার্যত পোনপটীয়াকৈ যোগদানৰ ব্যৱস্থা কৰা হৈছে।

(খ) তিনি তৰপীয়া পঞ্চায়ত গঠন:

বিশ লাখতকৈ অধিক জনসংখ্যা থকা সকলো ৰাজ্যতে তিনি খলপীয়া পঞ্চায়ত গঠন কৰিব লাগিব।

(গ) প্রত্যক্ষ নির্বাচন:

ভাৰতীয় সংবিধানৰ ৭৩নং সংশোধনী মতে পঞ্চায়তৰ প্ৰতিটো স্তৰতে সদস্য সদস্যাসকলক প্রত্যক্ষভাৱে নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰিছে।

(ঘ) আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি নির্বাচন:

আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পোনপটীয়াকৈ নির্বাচিত হোৱা সদস্য, সদস্যাসকলে তেওঁলোকৰ মাজৰ পৰা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ সভাপতি বা সভানেত্রী নির্বাচিত কৰিব।

(ঙ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ:

সংবিধান সংশোধনী অধিনিয়মখনে জনসংখ্যাৰ আনুপাতিক ভিত্তিত অনুসূচিত জাতি আৰু জনজাতিৰ লোকৰ কাৰণে তিনি তৰপীয়া পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই সংৰক্ষিত আসনসমূহৰ ভিতৰত সংশ্লিষ্ট জাতি জনজাতিৰ মহিলাৰ বাবেও এক তৃতীয়াংশ আসন সংৰক্ষণ কৰিব।

(চ) মহিলাৰ বাবে আসন সংৰক্ষণ:

পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ প্ৰতিটো স্তৰত মহিলাৰ বাবে ৩৩শতাংশ আসন সংৰক্ষণ কৰা হ’ব। এই সংৰক্ষণ নীতি অনুসৰি প্ৰতিখন পঞ্চায়ত মুঠ দহটা ৱাৰ্ডৰ তিনিটা মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব। একেদৰে জিলাখনৰ মুঠ গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ প্রতিনিধি আৰু জিলা পৰিষদৰ সদস্যৰ বাবেও ৩০শতাংশ আসন মহিলাৰ কাৰণে সংৰক্ষিত থাকিব। একেদৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতিসকলৰ ক্ষেত্ৰতো এই নীতি প্রযোজ্য হ’ব।

প্রার্থী বয়স:

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰাৰ্থীজনৰ বয়স ২১ বছৰ ধার্য কৰা হৈছে।

(জ) কার্যকাল:

প্রত্যেক পঞ্চায়তৰে কাৰ্যকাল ৫ বছৰ ধার্য কৰা হৈছে। এই কার্যকাল বৃদ্ধি কৰা নহয়। কোনো কাৰণতে পঞ্চায়তৰ ভাগ হলে ছমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰি পঞ্চায়ত গঠন কৰিব লাগে।

(ঝ) পৃথক নির্বাচন আয়োগ আৰু ন্যায়াধীকৰণ গঠন:

সংবিধানৰ ৭৩নং সংশোধনীত উল্লেখিত দুটা প্রধান বাধ্যতামূলক ব্যৱস্থা হৈছে— পঞ্চায়তবিলাকৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাৰ লগতে অন্যান্য নির্বাচন সম্পর্কীয় কাৰ্যসমূহ পৰিচালনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ত পৃথক নির্বাচনী আয়োগ গঠন কৰা আৰু এই নির্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত বিবাদবিলাক নিষ্পত্তিকৰণৰ বাবে পঞ্চায়ত ন্যয়াধীকৰণ গঠনৰ ব্যৱস্থা কৰা হয়।

(ঞ) বিত্ত আয়োগ গঠন:

পঞ্চায়তৰ বিত্তীয় অৱস্থা টনকীয়াল কৰিবৰ বাবে বিভিন্ন দিহা পৰামৰ্শ দিবলৈ ৰাজ্যসমূহে প্রতি পাঁচ বছৰৰ মূৰে মূৰে একোখনকৈ বিত্তীয় আয়োগ গঠন কৰিব। আয়োগে কি কি কৰ পঞ্চায়তে গ্রহণ কৰিব, কি কি কৰৰ অংশ পাব, ৰাজ্যৰ একত্ৰিকৃত পুঁজিৰ পৰা কি ধৰণেৰে অংশ পাব, ৰাজ্যৰ একত্ৰিকৃত পুঁজিৰ পৰা কি ধৰণেৰে অংশ পাব তাৰ বাবে নীতি নির্ধাৰণ কৰিব।

(ট) জিলা পৰিকল্পনা সমিতি:

প্রতিখন জিলাত একোখনকৈ জিলা পৰিকল্পনা সমিতি গঠন কৰাৰ ব্যৱস্থা কৰা হ’ব, যি জিলাখনৰ আগন্তুক বিত্তীয় বছৰৰ বাবে প্রয়োজনীয় পৰিকল্পনা প্রস্তুত কৰাৰ কৰ্তৃত্ব লাভ কৰিব। অৱশ্যে এইক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত গ্ৰহণ কৰা আঁচনিবিলাকৰ ওপৰত গুৰুত্ব দিহে জিলা পৰিকল্পনা সমিতিয়ে প্রকল্প প্রস্তুত কৰিব পাৰিব।

সংবিধানৰ ৭৩নং সংশোধনীৰ সমালোচনা:

ভাৰতৰ সংবিধানৰ ৭৩নং সংশোধনী আইনখনক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে—

(ক) আইনখনৰ জৰিয়তে নিচেই সামান্য পৰিমাণৰহে ক্ষমতা, কর্তব্য আৰু সম্পদ পঞ্চায়তবিলাকলৈ স্বায়ত্ত শাসনৰ গোট হিচাপে অৰ্পণ কৰিছে। এই কাৰ্য আইনখনে ৰাজ্যিক বিধান মণ্ডললৈ ন্যস্ত কৰিছে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হয় যে ৰাজ্য চৰকাৰবিলাকে নিজৰ ক্ষমতা আনৰ হাতলৈ হস্তান্তৰ কৰাত মুঠেই আগ্রহী নহয়।

(খ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ সদস্য আৰু সভাপতিৰ আসন বিশেষ শ্রেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থাই ইবিলাকৰ সুচাৰুৰূপে কার্য পৰিচালনাত বাধাৰ সৃষ্টি কৰিব।

(গ) অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকসকল আৰু মহিলাসকলৰ প্রতিনিধিয়ে প্রতিখন পঞ্চায়ততে সভাপতি আৰু সদস্যপদৰ আসনলৈ ৰটেচনৰ দ্বাৰাহে আহে।

(ঘ) আইনখনে সাংসদসকল, বিধায়কসকল আদি পদেন সদস্যসকলক ভোটাধিকাৰ প্ৰদান কৰিছে।

(ঙ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ সাংগঠনিক দিশটোৰ ক্ষেত্রত আইনখন নমনীয় হোৱা দেখা যায়। বিভিন্ন ৰাজ্যবিলাকত পঞ্চায়তী অনুষ্ঠানবিলাক তিনিতৰপীয়া হ’ব নে দুই তৰপীয়া হ’ব এইটো বিবাদমান বিষয়বস্তু হৈ পৰিছে।

(চ) যদিও আইনখনৰ জৰিয়তে একাদশ অনুসূচিত অন্তর্ভুক্ত সকলো বিষয়ৰ ওপৰত সকলো ক্ষমতা আৰু দায়িত্ব।পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ ওপৰত অৰ্পণ কৰা হৈছে, কিন্তু প্ৰকৃততে ৰাজ্য চৰকাৰে এই ক্ষমতাবিলাক এই স্বায়ত্ত শাসিত গোটবিলাকলৈ অৰ্পণ নকৰে।

বিভিন্ন দৃষ্টিকোণৰ পৰা ৭৩নং সংবিধান সংশোধনক সমালোচনা কৰিলেও ভাৰতৰ গ্ৰামোন্নয়নৰ প্ৰশাসনত ইয়াৰ গুৰুত্ব নুই কৰিব নোৱাৰি। ৭৩নং সংবিদান সংশোধনী অধিনিয়মক বর্তমান ভাৰতৰ পঞ্চায়তীৰাজ অনুষ্ঠানৰ ইতিহাসত এক মেগনকার্টা বুলি অভিহিত কৰিব পাৰি। ভাৰতৰ তৃণমূল স্তৰত ই এক নতুন নেতৃত্বৰ পদ্ধতিৰ পথ সুগম কৰি তুলিলে। নতুন পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভৱিষ্যতৰ দিনবিলাক সম্পূর্ণভাৱে এই জনসাধাৰণৰ নিৰ্বাচনৰ প্ৰতিনিধিৰ ওপৰত বহুলভাৱে নিৰ্ভৰ কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top