Constitutional Government and Democracy in India Unit 4 Federalism

Constitutional Government and Democracy in India Unit 4 Federalism Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 4 Federalism Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 4 Federalism Question Answer can be of great value to excel in the examination.

Join Telegram channel

Constitutional Government and Democracy in India Unit 4 Federalism

Constitutional Government and Democracy in India Unit 4 Federalism Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 4 Federalism provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৭. Recommendation of Sarkaria Commission.

Ans: ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্র আৰু ৰাজ্যসমূহৰ মাজত এক সুস্থ আৰু সৌহাদ্যপূর্ণ সম্পর্ক বৰ্তাই ৰাখিবৰ কাৰণে আৰু কেতবোৰ বাস্তব অভিজ্ঞতাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে সমিতি আৰু কেতবোৰ আয়োগ গঠন কৰি দিছে। আৰু সিবোৰৰ পৰামৰ্শাৱলীৰ ভিত্তিত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সমিতি আৰু আয়োগসমূহৰ ভিতৰত শেহতীয়া আয়োগখন হৈছে পুনছ আয়োগ। পুনছি আয়োগৰ পূৰ্বে ১৯৬৬ চনত ভাৰতৰ প্রশাসনীয় সংস্কাৰ আয়োগে ছিলভাদ সমিতি গঠন কৰি দিছিল। ১৯৬৯ চনত তামিলনাডুৰ চৰকাৰে ৰাজা মান্নাৰৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছিল।

১৯৮৩ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জিত সিং চৰকাৰিয়াৰ দিশ পৰ্যালোচনা কৰি চোৱাৰ বাবে দায়িত্ব অর্পণ কৰিছিল। এই আয়োগকে চাৰকাৰিয়া আয়োগ নামেৰে জনা যায়। এই আয়োগৰ সদস্যসকল আছিল। ক্রমে―

আৰ এচ. চাৰকাৰিয়া- সভাপতি অধ্যক্ষ।

বি. চি বর্মন- কেবিনেট সচিব।

এচ. আৰ. সেন – সদস্য সচিব।

ৰাম সুব্রমনিয়ম- সদস্য সচিব।

এই আয়োগে ১৯৮৮ চনত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। চাৰকাৰিয়া আয়োগৰ পৰামৰ্শাৱলীসমূহ আছিল। 

ক্রমে―

(ক) আয়োগে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ পোষকতা কৰিছিল।

(খ) কেন্দ্ৰীয় চৰকাৰৰ যি বিত্তীয় ক্ষমতা আৰু ৰাজ্যবিলাকলৈ সশস্ত্র বাহিনী প্ৰেৰণ কৰাৰ ক্ষমতা আছিল আয়োগে তাৰ বিৰোধিতা কৰা নাছিল। কিন্তু আয়োগে পৰামর্শ আগবঢ়াই ছিল যে ৰাজ্যবিলাকলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী প্ৰেৰণ কৰোতে সংশ্লিষ্ট ৰাজ্য চৰকাৰখনৰ আগতীয়া অনুমোদন ল’ব লাগে।

(গ) চাৰকাৰিয়া আয়োগে পৰামৰ্শ আগবঢ়াইছিল যে সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ (ৰাজ্যিক জৰুৰী অৱস্থা) অপপ্রয়োগ হ’ব নেলাগে। কেন্দ্রীয় সংসদৰ বিনা অনুমোদনত ৰাজ্যিক বিধানমণ্ড ভংগ হ’ব নেলাগে।

(ঘ) কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ, মুখ্যমন্ত্ৰীৰ কাম-কাজৰ অনুসন্ধান কৰিবৰ কাৰণে জধেমধে অনুসন্ধান আয়োগ গঠন কৰিব নেলাগে। ৰাজ্যিক বিধানমণ্ডলেহে ৰাজ্যিক চৰকাৰৰ কাম-কাজ অনুসন্ধান কৰিব লাগে।

(ঙ) আয়োগে কৃষি, শিক্ষা, চিকিৎসা, অভিযান্ত্রিক আদি সেৱাক সৰ্বভাৰতীয় সেৱা কৰাৰ পোষকতা কৰিছিল। 

(চ) দূৰদৰ্শন, অনাতাঁৰ কেন্দ্ৰ আদিক অধিক স্বায়ত্ত শাসন প্ৰদান কৰাৰ পৰামৰ্শ আগবঢ়াইছিল চাৰকাৰিয়া আয়োগে।

৮। ভাৰতীয় কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত সৃষ্টি হোৱা বিৰোধৰ চাৰিটা কাৰণ। 

উত্তৰঃ ভাৰতীয় কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত সৃষ্টি হোৱা বিৰোধৰ চাৰিটা কাৰণ হৈছে—

(ক) আইন শৃংখলা: আইন-শৃংখলা বিষয়টোক লৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত সৃষ্টি হয়। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ আইন-শৃংখলা ব্যৱস্থাত হস্তক্ষেপ কৰাত ৰাজ্য চৰকাৰৰ আপত্তি থাকে। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। কিন্তু কেন্দ্ৰ চৰকাৰে এই বিষয়ত অযথা হস্তক্ষেপ কৰা বুলি ৰাজ্যসমূহে সদায়ে অভিযোগ কৰি আহিছে। উপযুক্ত সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ সামৰিক অর্ধসামৰিক বাহিনী প্ৰেৰণৰ অনুৰোধ ৰক্ষা নকৰে বুলি প্রায়ে অভিযোগ উত্থাপন কৰে। আকৌ কেন্দ্ৰীয় চৰকাৰে এইবোৰ বিষয়ত বিফল হ’লে ৰাজ্য চৰকাৰক দোষাৰোপ কৰে।

(খ) কেন্দ্ৰৰ ক্ষমতা বৃদ্ধি: অৱশিষ্ট ক্ষমতাসমূহ ৰাজ্য চৰকাৰৰ হাতত নথকাটো কেন্দ্ৰ-ৰাজ্য সংঘাতৰ আন এটা কাৰণ। আমেৰিকা ভাৰতৰ দৰে এখন যুক্তৰাষ্ট্ৰ। কিন্তু আমেৰিকাত অৱশিষ্ট ক্ষমতাসমূহৰ ওপৰত ৰাজ্য চৰকাৰসমূহৰহে কৰ্তৃত্ব আছে। তেনেদৰে ভাৰতবৰ্ষতো ৰাজ্যিক চৰকাৰসমূহৰ হাতত অৱশিষ্ট ক্ষমতা প্রদান কৰাটো ৰাজ্য চৰকাৰৰ প্ৰধান দাবী।

(গ) স্পষ্ট ক্ষমতা বিভাজনৰ অভাৱ: স্পষ্ট আৰু প্ৰকৃত অৰ্থত ক্ষমতাৰ বিভাজন নোহোৱাটো কেন্দ্ৰ-ৰাজ্য সংঘাতৰ অন্যতম কাৰণ। বহুতো ৰাজ্যই ক্ষমতা বিকেন্দ্রীকৰণ হোৱাটো বিচাৰে। সংবিধান প্রণেতাসকলে এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ সপক্ষে মত পোষণ কৰাটো বহুত ৰাজ্যই দোষাৰোপ কৰে। পশ্চিমবংগৰ দৰে ৰাজ্যৰ চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাটো বিচাৰে। প্ৰকৃত অৰ্থত আৰু স্পষ্ট ৰূপত ক্ষমতাৰ বিতৰণ হ’লে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, শক্তিশালী ৰাজ্যিক চৰকাৰ একেলগে সহযোগিতাৰ যোগেদি কার্য সম্পাদন কৰিব পাৰে বুলি এনে ৰাজ্যসমূহৰ ধাৰণা।

(ঘ) ৰাষ্ট্ৰীয় আয়ৰ অসমান বিতৰণ: জাতীয় আয়ৰ প্ৰাপ্য অংশ নোপোৱাটো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰসমূহৰ প্রধান অভিযোগ। ৰাজ্য চৰকাৰসমূহে প্ৰায়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰসমূহে অধিক মাত্ৰাত উন্নয়নমূলক কাম-কাজ কৰিবলগীয়া হোৱা সত্ত্বেও সংবিধানে ৰাজ্যবিলাকৰ তুলনাত কেন্দ্ৰকহে অধিক আয়ৰ সুবিধা দিছে। ইয়াৰ উপৰি ২৯৯ অনুচ্ছেদত উল্লেখ থকা কেন্দ্ৰীয় চৰকাৰে কৰ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰৰ মাজত বিতৰণ ব্যৱস্থা বাতিল কৰাটো ৰাজ্যিক চৰকাৰৰ প্রধান অভিযোগ।

৮। ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ মাজৰ বিধায়িনী সম্পর্ক বিষয়ে আলোচনা কৰা? (Legislative Relation between Centre and State) 

উত্তৰঃ ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজৰ বিধায়িনী বা আইন প্রণয়নৰ ক্ষমতা বিভাজন

এনেদৰে কৰা হৈছে– 

(১) কেন্দ্রীয় সুচী বা সংঘসূচী। 

(২) ৰাজ্যিক সূচী।আৰু 

(৩) সমবর্তী বা উমৈহতীয়া সূচী।

(১) কেন্দ্রীয় সূচী বা সংঘ সূচী: কেন্দ্রীয় সূচীত উল্লেখ থকা বিষয়সমূহৰ ওপৰত কেন্দ্ৰৰ সংসদে আইন প্রণয়ন কৰিব পাৰে। এই সূচীত ৯৭ টা বিষয় আছিল। একমাত্র কেজীয় সংসদে আইন প্রণয়ন কৰিব পৰা এই সূচীত ভাৰতবৰ্ষৰ ৰাষ্টীয় স্বার্থ জড়িত অতি গুৰুত্বপূর্ণ বিষয়সমূহ অন্তর্ভুক্ত কৰা হৈছে। বর্তমান এই সূচীত ৯৮ টা বিষয় আছে। এই সূচীত থকা গুরুত্বপূর্ণ বিষয়সমূহৰ ভিতৰত প্ৰধান বিষয়বোৰ হৈছে– প্ৰতিৰক্ষা অস্ত-শস্ত্র, বৈদেশিক সম্পর্ক, বৈদেশিক বণিজ্য, ৰে’ল ব্যৱস্থা, জাতীয় পথ, বিমান পথ, জীৱন-বীমা, বোক ইত্যাদি।

ইয়াৰ উপৰিও তিনিখন সূচীত অন্তর্ভুক্ত নোহোৱা বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় আইনসভাই আইন প্রণয়ন কৰিব পাৰে। এই অন্তর্ভূক্ত নোহোৱা বিষয়বোৰৰ ওপৰত ক্ষমতা প্রয়োগ কৰাটো অৱশিষ্ট ক্ষমতা বোলা হয়। ভাৰতৰ কেন্দ্রীয় সংসদে এই অবশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

(২) ৰাজ্যিক সূচী: ৰাজ্যিক সূচীত সংবিধান গ্ৰহণ কৰাৰ সময়ত ৬৬ টা বিষয় সন্নিবিষ্ট কৰা হৈছিল। ৰাজ্যিক সূচীত থকা বিষয়বোৰৰ ওপৰত মাত্ৰ ৰাজ্যিক আইন পালিকাইহে আইন প্রণয়ন কৰিব পাৰে। ৰাজ্যিক সূচীত থকা প্রধান বিষয়বোৰ হৈছে ৰাজ্যৰ আইন-শৃংখলী, আৰক্ষী, কৃষি, ভূমি ব্যৱস্থা, বনজ সম্পদ, ভূমি ৰাজহ, মীন, পশু পালন, কাৰাগাৰ, সমবায়, কুটীৰ উদ্যোগ ইত্যাদি।

(৩) সমৱৰ্তী বা উমৈহতীয়া: সংবিধান গ্ৰহণ কৰাৰ সময়ত সমৱৰ্তী সূচীত ৪৭ টা বিষয় সন্নিবিষ্ট কৰা হৈছিল। বৰ্তমান ইয়াৰ সংখ্যা ৫২টা। সমৱৰ্তী সূচীৰ প্ৰধান বিষয়বোৰ হৈছে আন্তঃৰাজ্যিক ব্যৱসায়-বাণিজ্য, ছপাশাল আৰু সংবাদ পত্র, শ্রমিক কল্যাণ, বনুৱা প্রশিক্ষণ, অর্থনৈতিক আৰু সামাজিক পৰিকল্পনা, বিবাহ আৰু বিবাহবিচ্ছেদ ইত্যাদি।

সমৱৰ্তী সূচীত উল্লেখিত বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়ে আইন প্রণয়ন কৰিব পাৰে। কিন্তু একেটা সময়তে আইন প্রণয়ন কৰিলে কেন্দ্ৰীয় আইনহে কাৰ্যকৰী হয়। 

এনেদৰে কেন্দ্ৰীয় আইনসভা আৰু ৰাজ্যিক আইন সভাৰ মাজত বিধায়িনী ক্ষমতা ভাগ কৰা হৈছে— 

আইন প্রণয়নত কেন্দ্ৰৰ প্ৰাধান্যতা: বিশ্লেষণ কৰি চালে দেখা যায় যে আইন প্রণয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য অধিক। এইবিষয়ে তলত আলোচনা কৰা হ’ল—

(১) সংবিধানৰ ২৪৯ নত অনুচ্ছেদ অনুসৰি যদি ৰাজ্যসভাৰ উপস্থিত আৰু ভোটদানকাৰী সদস্যৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰৰ স্বাৰ্থক ৰাজ্যিক তালিকাৰ কোনো এক বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰাতো প্রয়োজনীয় বুলি প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া সংসদে সেই বিষয়টোৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

(২) জৰুৰী অৱস্থা চলি থকাৰ সময়ত ৰাজ্য বিধান সভা নিষ্ক্রিয় কৰি অন্তৰ্ভুক্ত বিষয়বিলাকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে আইন প্রণয়ন কৰিব পাৰে। সাংবিধানিক সংকট সৃষ্টি হ’লেও ৰাষ্ট্ৰপতিয়ে আইন প্ৰণয়নৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিব পাৰে।

(৩) ৰাজ্যিক বিধানসভাই গ্ৰহণ কৰা যিকোনো বিল ৰাজ্যপালৰ স্বাক্ষৰৰ বাবে পঠাব লাগে। ৰাজাপালে যিকোনো বিলত স্বাক্ষৰ নকৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠাব পাৰে। ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষেহে তেনে বিল আইনত পৰিণত হ’ব পাৰে।

(৪) ২৫২ নংঅনুচ্ছেদ অনুসৰি সমূহীয়া স্বাৰ্থৰ খাতিৰত যদি দুখন বা ততোধিক ৰাজ্যই কোনো বিষয়ৰ ওপৰত একেধৰণৰ আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে প্রস্তাৱ গ্ৰহণ কৰি ৰাজ্যিক বিষয়ৰ ওপৰত সংসদক আইন প্রণয়ন কৰিবলৈ আহ্বান জনাব পাৰে।

(৫) সংবিধানৰ ২৫৩ নং অনুচ্ছেদ মতে বিদেশৰ লগত হোৱা চুক্তি বা সন্ধি সমগ্ৰ ভাৰতত বা ভাৰতৰ যিকোনো অংশত কার্যকৰী। কৰিবলৈ সংসদে নির্দেশ দিব পাৰে।

(৬) ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে। ৰাজ্যপালে স্ব-বিচাৰৰ ক্ষমতা প্রয়োগ কৰাৰ সময়ত ৰাষ্ট্ৰপতিৰ ওচৰত জগৰীয়া। বহু সময়ত ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে আইন প্রণয়নত হস্তক্ষেপ কৰে।

(৭) সংবিধানৰ ৩ নং অনুচ্ছেদত ভাৰতৰ যিকোনো ৰাজ্যৰ সীমা পৰিৱৰ্তন, নামাকৰণ, যিকোনো ৰাজ্যৰ অঞ্চল সালসলনি কৰি নতুন ৰাজ্য গঠন কৰাৰ ক্ষমতা সংসদক দিয়া হৈছে। এই বিষয়ত সংসদে ৰাজ্যিক চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব পাৰে। এই বিষয়টোৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত মতবিৰুদ্ধে সৃষ্টি কৰিছে।

(৮) অন্য এক সাংবিধানিক ব্যৱস্থাৰ যোগেদি সংসদে আইন প্রণয়ন কৰি বিধান পৰিষদ থকা যিকোনো এখন ৰাজ্যৰ বিধান পৰিষদৰ বিলোপ সাধন কৰিব পাৰে।

(৯) সমৱৰ্তী বা উমৈহতীয়া সূচীৰ বিষয়বস্তুৰ ওপৰত আইন প্ৰণয়ন কৰাত কেন্দ্ৰীয় চৰকাৰ শক্তিশালী । উমৈহতীয়া সূচীৰ কোনোবা বিষয়ক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মাজত বিবাদ হ’লে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰতকৈ প্ৰাধান্যতা লাভ কৰে। কিন্তু ইয়াৰ এটা ব্যতিক্রম আছে। যদিহে ৰাজ্য চৰকাৰে উমৈহতীয়া বা সমৱৰ্তী সূচীৰ কোনো বিষয়ত আইন প্রণয়ন কৰি ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰে। তেতিয়া এনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে।

(১০) অৱশিষ্ট ক্ষমতাৰ ক্ষেত্ৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্যতা আছে। কেন্দ্ৰীয় সূচীৰ ৯৭ (বৰ্তমান ৯৮) টা বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বিধায়িনী ক্ষমতা থাকে। ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ বিষয়ৰ ওপৰতো কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্যতা থাকে। আকৌ যিবোৰ ক্ষমতা কোনো সূচীত অন্তর্ভুক্ত হোৱা নাই সেই অৱশিষ্ট ক্ষমতাৰ (Residuary power) ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বময় ক্ষমতা থাকে।

(১১) ভাৰতৰ বৰ্তমানৰ ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। এইবোৰ অঞ্চল যিবোৰত নিজৰ বিধান সভা নাই সেইবোৰ অঞ্চলৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে আইন প্রণয়ন কৰিব পাৰে। ক্ষমতা বিভাজনৰ তালিকাত বিস্ততভাৱে উল্লেখ কৰা হৈছে।

৯। ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ মাজৰ প্ৰশাসনীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰা? (Administrative relations between centre and state) 

উত্তৰঃ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ প্ৰশাসনিক এলেকাৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। সংবিধানত (৭৩ অনুচ্ছেদ) উল্লেখ আছে যে, কেন্দ্রীয় আইনপালিকাই যিবোৰ বিষয়ত আইন প্রণয়নৰ ক্ষমতা লাভ কৰিছে সেইবোৰ বিষয়ত প্রশাসনীয় ক্ষমতাও উপভোগ কৰিব। ৰাজ্য চৰকাৰেও নিজৰ এলেকাৰ ভিতৰত প্ৰশাসনীয় ক্ষমতা উপভোগ কৰিব পাৰে। প্রত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰশাসনত হস্তক্ষেপ কৰিব নোৱাৰে। সমগ্ৰ দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা, ৰাষ্ট্ৰীয় একা প্রতিষ্ঠা কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে এনেবোৰ দায়িত্ব পালন কৰোঁতে ৰাজ্যিক চৰকাৰবোৰেও সহায়ৰ হাত আগবঢ়ায়। এনেবোৰ কাৰণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত এক সম্পর্ক গঢ়ি উঠে। ভাৰতৰ সংবিধানৰ ২৫৬ নং অনুচ্ছেদৰ পৰা ২৬৩ অনুচ্ছেদলৈকে লেঠাৰিকৈ কেন্দ্ৰ-ৰাজ্যৰ প্ৰশাসনীয় সম্পৰ্কৰ কথা উল্লেখ আছে।

কেন্দ্ৰ ৰাজ্য প্রশাসনীয় সম্পর্ক তলত আলোচনা কৰা হ’ল— 

(১) ভাৰতৰ সংবিধানত (২৫৬ নং অনুচ্ছেদত) উল্লেখ আছে যে ৰাজ্যিক চৰকাৰে নিজৰ শাসন বিভাগৰ ক্ষমতা প্রয়োগ কৰোঁতে সংসদে প্রণয়ন কৰা আইনৰ লগত সংগতি ৰাখি কার্য সম্পাদন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে প্রয়োজন অনুসৰি সংসদে প্রণয়ন কৰা আইনৰ লগত সংগতি ৰাখি কাম কৰিবলৈ ৰাজ্য চৰকাৰক আদেশ বা নির্দেশ জাৰি কৰিব পাৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইয়াৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। ২৫৬ অনুচ্ছেদ “The executive Power of every state shall be so exercised as to ensure compliance with the laws made by the parliament and any existing laws which apply in that state, “

(২) কেন্দ্ৰ চৰকাৰে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি ৰাজ্য চৰকাৰক নিয়ন্ত্রণ কৰিব পাৰে। যদি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি কাৰ্য-সম্পাদন নকৰে তেতিয়া ৰাষ্ট্ৰপতিয়ে ৩৫৬ অনুচ্ছেদ মতে ৰাজ্য চৰকাৰে সংবিধান অনুযায়ী কার্য সম্পাদন কৰিবলৈ অপাৰগ বুলি ৰাষ্ট্ৰপতিক জনাব পাৰে। এই ক্ষেত্ৰত সেই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন (Presidents rule) প্রৱৰ্তন কৰিব পাৰে। এনেদৰে ৰাষ্ট্ৰপতিয়ে ৰাজ্য চৰকাৰৰ সকলো বা কোনো কার্য নিজৰ হাতলৈ আনিব পাৰে।

(৩) আন্তঃৰাজ্যিক সমিতি (Inter-state committee): ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আন্তঃৰাজ্যিক সমিতি গঠন কৰিবলৈ সংবিধানে ৰাষ্ট্ৰপতিক ক্ষমতা প্ৰদান কৰিছে। যদি ৰাষ্ট্ৰপতিয়ে আন্তঃৰাজ্যিক সমিতি গঠন কৰিলে ৰাজহুৱা স্বাৰ্থ পূৰণৰ বাবে সুবিধাজনক হ’ব বুলি বিবেচনা কৰে তেতিয়া (২৬৩ অনুচ্ছেদ অনুসৰি) এনে সমিতি গঠন কৰি কামৰ দায়িত্ব দিব পাৰে। এনে কামবোৰ হ’ল―

(ক) ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদৰ অনুসন্ধান আৰু পৰামৰ্শ দান।

(খ) কিছুমান ৰাজ্যৰ মাজত বা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত উমৈহতীয়া স্বার্থ থাকিলে তেনে বিষয়ত আলোচনা আৰু অনুসন্ধানৰ বাবে সমিতি গঠন কৰিব পাৰে।

(গ) নীতি আৰু কাৰ্যৰ বিষয়ত ৰাজ্যবোৰৰ মাজত সমন্বয় সাধন কৰিবৰ বাবে প্ৰয়োজনীয় সংগঠন, নির্দিষ্ট কাৰ্যসহ আন্তঃৰাজ্যিক সমিতি গঠন কৰিব পাৰে।

আন্তঃৰাজ্যিক সমিতি বা আয়োগ গঠন কৰি ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদৰ তদন্ত কৰিবৰ কাৰণে আৰু প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয়।

(৪) ৰাজহুৱা আইন পালনৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চকাৰৰ মাজত সমন্বয় স্থাপনৰ বিষয়ে সংবিধানত ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ ৰাজহুৱা আইন আৰু ন্যায়ালয়ৰ ৰায় সৰ্বভাৰতীয় পর্যায়ত সকলোৱে স্বীকৃতি দিব লাগিব বা মানি চলিব লাগিব। ভাৰতৰ যিকোনো দেৱানী আদালতে দিয়া ৰায় ভাৰতৰ সীমাৰেখাৰ ভিতৰত সকলোতে একেদৰে কাৰ্যকৰী হ’ব। এইচ এম চাৰভাইৰ মতে “Itis obviously to prevent the states of federation from treating each other as foreign states by virtue of their independence in their own respective spheres ” আমেৰিকাৰ প্ৰতি ৰাজ্যৰ সুকীয়া সংবিধান আছে। ভাৰতত একমাত্র সংবিধানে কেন্দ্র আৰু ৰাজ্য উভয় চৰকাৰৰ বিষয়ত একে ব্যবস্থা বাহাল ৰাখিব লগা হয়।

(৫) কেন্দ্ৰীয় চৰকাৰৰ অনুদান (Grants-in-aid) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিত্তীয় বিষয়ত পুঁজি বিতৰণৰ কিছুমান ব্যৱস্থা আছে। তথাপিও ভাৰত ৰাজ্য চৰকাৰৰ হাতত স্বতন্ত্র পুঁজি নথকাৰ বাবে বহু সময়ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজ্য চৰকাৰে পুঁজিৰ বাবে নিৰ্ভৰ কৰিব লগা হয়। নিজৰ আঁচনিবোৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় সাহাৰ্য বিচাৰিব লগা হোৱাত ৰাজ্য চৰকাৰবোৰে কেন্দ্ৰীয় চৰকাৰৰ কিছুমান চৰ্ত পূৰণ কৰিব লগা হয়। এনে কাৰ্যই ৰাজ্য চৰকাৰৰ স্বায়ত্ত্বতাত বাধা প্রদান কৰে। কেন্দ্ৰ-ৰাজ্যৰ মাজত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সমন্বয় সাধনৰ বাবে সংবিধানত আন্তঃৰাজ্যিক বাণিজ্যিক আয়োগ গঠনৰ ব্যৱস্থা আছে।

(৬) কেন্দ্ৰীয় চৰকাৰে চৰকাৰী সম্পদ আৰু সম্পত্তিৰ সুৰক্ষা দিব পাৰে। সাম্প্রদায়িক সংঘর্ষ, গোষ্ঠী সংঘাত বা অন্যান্য বিভিন্ন সংঘাতময় কার্যকলাপৰ বাবে বহু সময়ত ৰাজ্য চৰকাৰে শান্তি-শৃংখলা ৰক্ষাৰ বাবে কেন্দ্ৰীয় অর্ধ সামৰিক বাহিনী বিচাৰিব পাৰে। এনে ক্ষেত্ৰত কেন্দ্ৰীয় বাহিনীক ৰাজ্যিক অসামৰিক প্রশাসনে সহায় কৰিব লাগে। কেতিয়াবা ৰাজ্যিক চৰকাৰে নিবিচাৰিলেও কেন্দ্ৰীয় চৰকাৰে আইন শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অৰ্ধ সামৰিক বাহিনী ৰাজ্যলৈ পঠিয়াই। এনে ক্ষেত্ৰত উভয় চৰকাৰৰ মাজত বিবাদৰ সৃষ্টি হয়। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ লগত এই বিষয়ত আগতীয়া আলোচনা মর্মে সিদ্ধান্ত গ্ৰহণ কৰি সহযোগিতা ৰক্ষা কৰা হয়।

(৭) ৩৫৫ অনুচ্ছেদ অনুসৰি বহিঃআক্ৰমণ, আভ্যন্তৰীণ অশান্তিৰ পৰা ৰক্ষা, ৰাজ্যিক চৰকাৰসমূহে সংবিধান অনুসৰি কাৰ্য পৰিচালনা কৰিছেনে নাই তাক নিশ্চিত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ আছে।

(৮) শাসনৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিৰ্দেশ জাৰি কৰাৰ আটাইতকৈ উপযুক্ত সময় হৈছে জৰুৰী অৱস্থা ঘোষণাৰ কালছোৱা জৰুৰী অৱস্থাৰ কালছোৱাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ দিব পাৰে। সংসদে আনকি ৰাজ্যিক সূচীত থকা বিষয়ৰ ওপৰতো আইন প্রণয়ন কৰিব পাৰে। ৰাজ্য চৰকাৰে কেনেকৈ প্রশাসন পৰিচালনা কৰিব সেই বিষয়ে সংসদে নির্দেশ দিব পাৰে।

(৯) সংসদৰে আন্তঃৰাজ্যিক নদীসমূহৰ পানী ভাগ বিতৰণ আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ মাজত দেখা দিয়া মনোমালিন্য দূৰ কৰাত বিশেষ ভূমিকা লব পাৰে। সংবিধানে এই বিষয়ত আইন প্রণয়ন কৰি নদীৰ পানী বিতৰণৰ বিবাদ মীমাংসা কৰিবলৈ সংসদক ক্ষমতা দিছে।

(১০) আন্তঃৰাজ্যিক বিষয়বিলাকৰ অনুসন্ধানৰ বাবে আৰু সমূহীয়া স্বার্থ জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰি আঁচনি গ্ৰহণৰ বাবে অনুমোদন জনাবলৈ ৰাষ্ট্ৰপতিয়ে আন্তঃৰাজ্যিক পৰিষদ গঠন কৰিব পাৰে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সামূহিক বিকাশৰ বাবে উত্তৰ-পূব পৰিষদ গঠন কৰা হৈছে।

(১১) মুখ্যমন্ত্রী বা অন্যান্য মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ বিচাৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে তদত্ত আয়োগ গঠন কৰিব পাৰে। ১৯৬৩ চনত পঞ্জাৱৰ মুখ্যমন্ত্রী প্রকাশ সিং বাদল, তামিলনাডুৰ মুখ্যমন্ত্ৰী কৰুণানিধি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী বংশীলালৰ বিৰুদ্ধে তদন্ত আয়োগ গঠন কৰা হৈছিল।

১০। ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ বিত্তীয় সম্পর্ক বিষয়ে আলোচনা কৰা? (Financial relation between Centre and States) 

উত্তৰঃ কেন্দ্ৰ-ৰাজ্যৰ বিত্তীয় সম্পৰ্কৰ বিষয়টো এটা প্রধান সমস্যা। ১৯৩৫ চনৰ আইনত কেন্দ্ৰ ৰাজ্যৰ মাজত বিত্তীয় বিষয়ত বহুল ব্যৱস্থা কৰা হোৱা নাছিল। ভাৰতৰ সংবিধান প্রণেতাসকলে কেন্দ্ৰ-ৰাজ্যৰ মাজত বিত্তীয় সমস্যা সৃষ্টি নহ’বৰ বাবে ব্যৱস্থা কৰি থৈ গৈছে। সংবিধানৰ ২৬২-৩০০ অনুচ্ছেদলৈকে কেন্দ্ৰ-ৰাজ্যৰ মাজত ৰাজহ বিতৰণৰ বহল ব্যৱস্থা আছে। কিন্তু কেন্দ্ৰ-ৰাজ্যৰ বিত্তীয় সম্পৰ্কত কেতিয়াবা একে কামকে দুয়োটাই কৰাৰ বাবে জটিলতা সৃষ্টি হয়।      কিছুমান বিষয়ত কেন্দ্রীয় চৰকাৰে কৰ ধার্য কৰে আৰু ৰাজ্য চৰকাৰক বিতৰণ কৰে। তেনে কৰা হ’ল ―

(১) কৃষি সম্পত্তিৰ বাহিৰে সম্পত্তিউত্তৰাধিকাৰীৰ ওপৰত লগোৱা কৰ।

(২) কৃষিৰ বাহিৰে অন্য সম্পত্তিৰ ওপৰত লগোৱা কৰ। 

(৩) ৰে’ল, বিমান আৰু স্থলপথেদি কঢ়িওৱা বস্তু আৰু যাত্তীৰ ওপৰত লগোৱা কৰ।

(৪) ৰে’লৰ ভাড়া আৰু মালৰ ওপৰত লগোৱা কৰ।

(৫) বাতৰি কাকত আৰু বিজ্ঞাপন বেচা-কিনাৰ ওপৰত কৰ। 

(৬) আন্তঃৰাজ্যিক বাণিজ্যিক কৰ।

(৭) Stock Exchange-ৰ ওপৰত লগোৱা কৰ।

(৮) কৃষি আয়কৰৰ বাদে অন্যান্য আয় কৰৰ ওপৰত লগোৱা কৰ।

কেন্দ্ৰীয় চৰকাৰে ধার্য কৰা কৰৰ উপৰিও অতিৰিক্ত কৰ ধাৰ্য কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ বা সঞ্চিত নিধিৰ স্বাৰ্থত এনে কৰ আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰে ধপাত, মৰাপাট, কপাহ আদিৰ ওপৰত আবকাৰী কৰ, নিগম কৰ লগাব পাৰে। কেন্দ্ৰীয় চৰকাৰে মৰাপাট আৰু ইয়াৰ পৰা তৈয়াৰী বস্তুৰ ওপৰত লগোৱা ৰপ্তানী কৰৰ কিছু অংশ অসম, বিহাৰ, উৰিশ্যা আদি প্ৰদেশক অনুদান হিচাপে দিব লাগে (অনুচ্ছেদ ২৭৩)।

কিছুমান বিষয়ত ৰাজ্যিক চৰকাৰে নিজাকৈ সংগ্ৰহ কৰি ব্যৱহাৰ কৰিব পাৰে। এনে কৰ হ’ল— মাটিৰ খাজনা, দলিলৰ ওপৰত লগোৱা কৰ, খেতিৰ মাটিৰ ওপৰত লগোৱা আয়কৰ, জলপথ-স্থলপথেদি চলোৱা যান-বাহনৰ ওপৰত লগোৱা কৰ, মাটি আৰু ঘৰৰ কৰ, ব্যৱসায় কৰ, আবকাৰী কৰ, প্রসাধন সামগ্ৰীৰ ওপৰত লগোৱা কৰ আদি ৰাজ্য চৰকাৰে আৰোপ কৰিব পাৰে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক অনুদান বিতৰণ কৰিব লাগে। বহুতো ৰাজ্যৰ নিজস্ব সম্পদ আছে কিন্তু সম্পদৰ পৰা হোৱা আয় পর্যাপ্ত নহয়। সেইবাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক অনুদান বিতৰণ কৰিব লাগে। কিন্তু কিছুমান চর্ত সাপেক্ষেহে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক অনুদান দিয়ে।

ভাৰতৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ মূৰে মূৰে বিত্তীয় আয়োগ গঠন কৰিব লাগে। আয়োগে ৰাষ্ট্ৰপতিৰ কিছুমান বিষয়ত অনুমোদন দিয়াতো কর্তব্য।

যেনে—

(১) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত আয়ৰ বিতৰণৰ বিষয়ত আৰু কিছুমান ৰাজ্যৰ মাজত আয়ৰ অংশ বিতৰণত।

(২) অনুদান বিতৰণৰ মূল নীতি নিৰ্ধাৰণত।আৰু

(৩) সুস্থ বিত্তীয় বাতাবৰণ ৰক্ষাৰ বাবে ৰাষ্ট্ৰপতিয়ে দিয়া পৰামৰ্শৰ ভিত্তিত নীতি নিৰ্ধাৰণ কৰাৰ বিষয়ত আয়োগে অনুমোদন দিব লাগে। পৰিকল্পনা আয়োগে দিয়া অনুমোদন কার্যকৰী কৰিবৰ বাবেও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক অনুমোদন দিব লাগে। 

কেন্দ্ৰীয় চৰকাৰে কিছুমান উৎপাদনমুখী আঁচনি কাৰ্যকৰী কৰিবৰ কাৰণে ৰাজ্য চৰকাৰসমূহক ঋণ দিব পাৰে।

হিচাপ পৰীক্ষাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত বিত্তীয় সম্পর্ক থাকে। কেন্দ্ৰীয় মহালেখা পৰীক্ষকক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তেওঁ ৰাজ্য চৰকাৰসমূহৰ হিচাপ ৰীক্ষা কৰিব লাগে আৰু আৱশ্যকীয় নির্দেশ দিব পাৰে। ৰাজ্য চৰকাৰে ব্যয় কৰা ধন ন্যায়সংগতভাৱে ব্যৱহৃত হৈছেনে নাই এইবিষয়ে ‘কেগে’ প্রতিবেদন দিব লাগে।

বিত্তীয় জৰুৰী অৱস্থা ঘোষণাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ ওপৰত বিত্তীয় নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে। এনে অৱস্থাত ৰাজ্যসমূহৰ বিত্তীয় বিধেয়ক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠাব লাগে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক নির্দেশ দিব পাৰে আৰু ৰাজ্যিক চৰকাৰৰ বিষয়াসকলৰ দৰমহা, ভাট্টা হাস কৰিব পাৰে।

ভাৰতৰ সংবিধানৰ গাঁথনিটো যুক্তৰাষ্টীয় যদিও কেন্দ্রীয় প্ৰৱণতাহে বিৰাজমান। ভাৰতৰ ৰাজ্যসমূহ বিত্তীয় দিশত স্বাৱলম্বী নহয়- কেন্দ্ৰৰ অনুগ্ৰহৰ প্ৰাৰ্থী হ’ব লগা অৱস্থাহে হয়। কেন্দ্ৰ ৰাজ্য সম্পর্ক উন্নীত কৰিবলৈ ছাৰকাৰিয়া আয়োগ গঠন কৰা হ’ল, কিন্তু চৰকাৰে ইয়াৰ ব্যৱস্থাৱলী গ্ৰহণ কৰা নাই।

১১। কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ সম্পৰ্কৰ ক্ষেত্ৰত পুনছি আয়োগৰ পৰামৰ্শাবলী বিচাৰ কৰা? (Recommendation of Punsi Commission) 

উত্তৰঃ ২০০৭ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ সবেচ্চি ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত মুখ্য ন্যায়াধীশ মদন মোহন পুনছিৰ অধ্যক্ষতাত এই আয়োগখন গঠন কৰি দিয়ে। অলপতে এই আয়োগে প্রতিবেদন দাখিল কৰিছে। পুনছি আয়োগৰ ১৪৫৬ পৃষ্ঠাজোবা প্রতিবেদনত ২০০ টা পৰামৰ্শ আগবঢ়োৱা হৈছে। তাবে কেইটামান গুরুত্বপূর্ণ পৰামর্শ উল্লেখ কৰি দিয়া হৈছে—

(১) সংবিধানৰ ৩৫৫ নং আৰু ৩৫৬ নং ধাৰাৰ সংশোধনী বিচৰ হৈছে যাতে অশান্ত জৰ্জৰিত এলেকাত কেন্দ্রীয় শাসন এক সীমিত সময়ৰ বাবেহে প্ৰৱৰ্তন কৰা হয়। বর্তমান কেন্দ্রীয় শাসন প্রৱর্তনৰ বাবে অধিসূচনা জাৰি কৰাৰ পৰা ৬ মাহ পর্যন্ত এনে শাসন বলবৎ কৰিব পাৰি।

(২) আভ্যক্তৰীণ শৃংখলা ৰজাই ৰাখিবলৈ যুক্তৰাজ্যৰ Homeland security ৰ আৰ্হিত অধিক ক্ষমতাসম্পন্ন গাঁথনি গঢ়ি তুলিব লাগে।

(৩) ৰাষ্ট্ৰীয় সংহতি পৰিষদক অধিক ক্ষমতা প্রদান কৰিব লাগে। 

(৪) সাম্প্রদায়িক সংঘৰ্ষ আৰু অশান্তি দমন কৰিবলৈ ৰাজ্য চৰকাৰৰ অনুমতি নিবিচৰাকৈ কেন্দ্ৰীয় চৰকাৰক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী মোতায়েন কৰাৰ ক্ষমতা দিব লাগে।

(৫) প্রাক-নির্বাচনী মৰ্চাক এক ৰাজনৈতিক দল হিচাপে গণ্য কৰিব লাগে। ওলোমা বিধানসভাৰ ক্ষেত্ৰত প্ৰাক-নির্বাচনী মৰ্চাৰ সবাতোকৈ ডাঙৰ জোঁটৰ নেতাগৰাকীক মন্ত্রীসভা গঠনৰ বাবে প্রথমে আহ্বান জনাব লাগে।

(৬) ৰাজ্যপাল হিচাপে নিযুক্তি পাবলগীয়া ব্যক্তিগৰাকীয়ে নিযুক্তি পোৱাৰ অন্ততঃ দুবছৰৰ পূৰ্বে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰা হ’ব নালাগিব।

(৭) নিজৰ দায়িত্ব পালনত ব্যৰ্থ হ’লে ভাৰতীয় সংসদে যিদৰে ৰাষ্ট্ৰপতিৰ বিচাৰ হাতত ল’ব পাৰে অনুৰূপ ধৰণে ৰাজ্যপালৰ ক্ষেত্ৰতো বিধান সভাক তেনে ক্ষমতা দিব লাগে।

(৮) ৰাজ্যপালৰ নিযুক্তিৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতামত গ্ৰহণ কৰিব লাগে। 

(৯) সংবিধানৰ ১৬৩ (খ) নং ধাৰামতে ৰাজ্যপালৰ কেতবোৰ স্ববিচাৰাধিকাৰ ক্ষমতা আছে। এই ক্ষমতা প্রয়োগ কৰি ৰাজ্যপালগৰাকীয়ে চাৰিমাহৰ ভিতৰত সংশ্লিষ্ট বিষয়টো নিষ্পত্তি কৰিব লাগে। 

(১০) ৰাজ্য চৰকাৰৰ পৰামৰ্শৰ বিৰুদ্ধে গৈ অভিযুক্ত মন্ত্ৰীৰ বিচাৰৰ বাবে ৰাজ্যপালৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা থাকিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top