Constitutional Government and Democracy in India Unit 2 Organs of Government – I

Constitutional Government and Democracy in India Unit 2 Organs of Government – I Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 2 Organs of Government – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 2 Organs of Government – I Question Answer can be of great value to excel in the examination.

Join Telegram channel

Constitutional Government and Democracy in India Unit 2 Organs of Government – I

Constitutional Government and Democracy in India Unit 2 Organs of Government – I Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 2 Organs of Government – I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Q. Discuss the functions of the Prime Minister of India. Do you prefer to remark parliamentary democracy as prime Ministerial democracy? Give your answer with proper arguments.

Ans:  ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রীৰ বিভিন্ন প্রকাৰৰ ক্ষমতা আৰু কাৰ্য আছে। চৰকাৰৰ প্ৰধান মুৰব্বীৰূপে প্রধানমন্ত্রীয়ে গুৰুত্বপূৰ্ণ ক্ষমতা আৰু কার্য প্রয়োগ আৰু সম্পাদন কৰিব লাগে। যথা—

(ক) প্রধানমন্ত্রীয়েই ৰাষ্ট্ৰৰ নেতা। আন্তজার্তিক মঞ্চত প্রধানমন্ত্রীয়ে নিজ দেশক প্রতিনিধিত্ব কৰিব লাগে। প্রধানমন্ত্রীৰ ব্যক্তিত্বৰ ওপৰত বিশ্ব দৰবাৰত নিজ দেশৰ উজ্জ্বল ভাবমূর্তি প্রকাশ পায়। বিশ্বশান্তি, সহযোগিতা, আন্তজার্তিক বুজাপৰা সৃষ্টিত প্রধানমন্ত্রীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আন্তৰ্জাতিক পৰ্যায়ত দেশৰ ভাৱমূর্তি উজ্জ্বল কৰিবলৈ প্ৰধানমন্ত্রীয়ে যেনেকৈ কাম কৰিব পাৰে তেনেকৈ ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰাত প্ৰধানমন্ত্ৰীয়ে উপযুক্ত কার্য সম্পাদন কৰিব লাগে। জাতীয় সংকটৰ সময়ত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰৰ নেতাৰূপে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

(খ) প্রধানমন্ত্রী দেশৰ কাৰ্যপালিকাৰ প্ৰকৃত মুৰব্বী। ৰাষ্ট্ৰপতি সাংবিধানিক মুৰব্বীহে। দেশৰ প্রশাসন কার্য প্রধানমন্ত্রী আৰু মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে পৰিচালনা কৰে। প্রশাসন কাৰ্য চলাবৰ বাবে প্ৰয়োজন হোৱা দেশৰ সকলোবোৰ উচ্চস্তৰৰ পদবীসমূহ প্রধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। দেশৰ প্ৰশাসন কাৰ্যৰ সকলো দিশতে প্রধানমন্ত্রীৰ নিয়ন্ত্রণ বিৰাজমান। ভাৰতৰ প্রধানমন্ত্রীজনে ব্ৰিটিছ প্রধানমন্ত্ৰীজনৰ সমান ক্ষমতা উপভোগ কৰে।

(গ) প্রধানমন্ত্রীয়ে মন্ত্রপৰিষদ গঠন কৰে আৰু ইয়াৰ আকৃতি স্থিৰ কৰে। প্রধানমন্ত্রীয়ে যোগ্যতা, জ্যেষ্ঠতা আৰু দলীয় আনুগত্যৰ ভিত্তিত মন্ত্ৰীসভাৰ সদস্যসকলক নিযুক্তি দিয়ে। অৱশ্যে মন্ত্রীসভাক প্রধানমন্ত্রীয়ে স্থান দিওঁতে বিভিন্ন বাধ্যবাধকতা থাকে। নেহৰুৰ মন্ত্রীসভাৰ সদস্যসকলক স্থান দিওঁতে তেওঁ চৰ্দাৰ পেটেলৰ লগত আলোচনা কৰিছিল। ভাৰতৰ বিভিন্ন অঞ্চল আৰু পিছপৰা সম্প্ৰদায়ৰ জন-প্রতিনিধিক মন্ত্রীসভাত স্থান দিয়ে। প্রধানমন্ত্রীয়ে ইচ্ছা কৰিলে সংসদ সদস্য নোহোৱাকৈ কোনো লোকক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব পাৰে। তিনি প্ৰকাৰৰ মন্ত্ৰীৰ সংখ্যা কিমান হ’ব সেই সিদ্ধান্ত প্রধানমন্ত্রীয়ে নিজেই কৰে। মন্ত্রীসকল বিভিন্ন প্রশাসনীয় দপ্তৰৰ পৰিচালনা দায়িত্বত থাকে। প্রধানমন্ত্ৰীৰ সন্তুষ্টিৰ ওপৰত মন্ত্ৰীসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে।

(ঘ) শাসন কার্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্রধানমন্ত্রীয়ে মন্ত্ৰীসকলৰ ভিতৰত বিভিন্ন দপ্তৰ বিতৰণ কৰিব পাৰে, দপ্তৰৰ সালসলনি কৰিব পাৰে, নতুনকৈ কোনো মন্ত্ৰীক নিযুক্তি দিব পাৰে বা পুৰণি মন্ত্ৰীক বাদ দিব পাৰে। দপ্তৰ বিতৰণৰ দায়িত্ব প্রধানমন্ত্ৰীৰ স্বেচ্ছাধীন। ইয়াৰ বিৰুদ্ধে কোনেও প্রশ্ন উত্থাপন কৰিব নোৱাৰে। মন্ত্রীসভাৰ লগত কোনো মন্ত্ৰীৰ মনোমালিন্য হলে প্রধানমন্ত্রীয়ে সেই মন্ত্ৰীজনক অপসাৰণ কৰিব পাৰে। মন্ত্রীসকল যিহেতু লোকসভাৰ কাৰ্যকাল প্রধানমন্ত্ৰীৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে।

(ঙ) প্রধানমন্ত্রী কেবিনেটৰ সভাপতি। কেবিনেটৰ সভাত প্রধানমন্ত্রীয়ে সভাপতিত্ব কৰে। সভাপতিৰূপে তেওঁ কেবিনেট সদস্যসকলৰ পৰা বিশেষ আনুগত্য আদায় কৰিব পাৰে। সংখ্যা গৰিষ্ঠ সদস্যৰ মতৰ ভিত্তিত কেবিনেট সভাত দেশৰ প্ৰশাসনৰ বৈদেশিক নীতি বিষয়ক নীতিসমূহ গ্ৰহণ কৰা হয়। নীতি নিৰ্ধাৰণৰ বিষয়ত প্রধানমন্ত্রীৰ মুখ্য ভূমিকা থাকে। বিভিন্ন দপ্তৰৰ মাজত মতবিৰোধ হ’লে বা দুজন মন্ত্ৰীৰ মাজত মতবিৰোধ হ’লে প্রধানমন্ত্ৰীয়ে মধ্যস্থতাকাৰীৰূপে বিবাদ মীমাংসা কৰিব লাগে।

প্রধানমন্ত্রীয়ে কেবিনেট সভাৰ কাৰ্যসূচী তৈয়াৰ কৰে। কেবিনেটত আলোচ্য বিষয়সমূহ প্রধানমন্ত্রীয়ে গ্ৰহণ নকৰিবও পাৰে। সংখ্যাগৰিষ্ঠ দলৰ প্ৰধানমন্ত্রীয়ে সিদ্ধান্ত গ্রহণত অন্যান্য মন্ত্ৰীসকলৰ সমর্থন আদায় কৰিব পাৰে। কিন্তু সংযুক্ত চৰকাৰত প্ৰধানমন্ত্ৰীয়ে কিছু বাধ্য-বাধকতা মানি চলিবলগীয় হয়। এনে মন্ত্রীসভাত প্রধানমন্ত্ৰীৰ ক্ষমতা যথেষ্ট সীমিত হয়।

(চ) প্রধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু মন্ত্রীসভাৰ মাজত যোগসূত্র। ৭৮ নং অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰীয়ে মন্ত্রীপৰিষদত গ্ৰহণ কৰা সকলো সিদ্ধান্ত ৰাষ্ট্ৰপতিক জনাব লাগে। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে কেন্দ্ৰৰ প্ৰশসান সম্পৰ্কীয় তথা প্রধানমন্ত্রীয়ে জনাব লাগে। ৰাষ্ট্ৰপতি পদৰ প্রার্থী নির্বাচন কৰোঁতে প্রধানমন্ত্রীয়ে বিশেষ প্রভাব বিস্তাৰ কৰে। সেইবাবে বহু ক্ষেত্ৰত দেখা যায় যে ৰাষ্ট্রপতিজনে প্রধানমন্ত্ৰীৰ পৰামৰ্শমতেহে কাম কৰে। কিন্তু ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ আৰু সঞ্জীৱ ৰেড্ডিয়ে প্রধানমন্ত্ৰীৰ অনুগত হোৱা নাছিল। প্রধানমন্ত্রীয়ে কার্য পৰিচালনাত বাধাৰ সন্মুখীন হৈছিল। প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিক প্রধানমন্ত্ৰীৰ মানুহ হিচাপে ব্যৱহাৰ কৰিছিল। জৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে বাধ্য কৰিছিল।

(ছ) প্রধানমন্ত্রী দলৰ নেতা। সংখ্যাগৰিষ্ঠ হৈ থকাৰ সময়ত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰীসকলে প্রায় বাধাহীনভালে সিদ্ধান্ত গ্রহণ কৰিছিল। নেহৰু, ইন্দিৰা গান্ধী প্রধানমন্ত্রী হৈ থকা কালত প্রধানমন্ত্রীয়ে দলৰ ভিতৰত ক্ষমতা প্রয়োগ কৰিব পাৰিছিল আৰু দলীয় আনুগত্য লাভ কৰিছিল। কিন্তু সংযুক্ত চৰকাৰ গঠন কৰি মোৰাৰজী দেশাই আৰু প্ৰধানমন্ত্রী বাজপেয়ীয়ে মিত্রদলবোৰৰ হেঁচাৰ সম্মুখীন হৈ কার্য সম্পাদন কৰিব লগা হৈছিল।

(জ) বৈদেশিক ক্ষমতা: প্রধানমন্ত্রীয়ে বৈদেশিক মন্ত্রীত্বৰ দায়িত্ব নাথাকিলেও বৈদেশিক সম্পৰ্ক ৰক্ষাত তেওঁ গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। চাৰ্ক, কমনৱেলথ কনফাৰেন্স আদি কৰি অন্যান্য আন্ত-ৰাষ্ট্ৰীয় সন্মিলনবিলাকত প্রধানমন্ত্রীয়ে অন্যান্য দেশৰ প্রতিনিধিৰ লগত আলাপ-আলোচনাৰ যোগেদি বিশ্ব ৰাজনীতিৰ সমস্যাসমূহ সমাধানৰ বাবে বিশেষ ভূমিকা পালন কৰিব পাৰে। এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীসকল, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

(ঝ) সংসদৰ লগত প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক: প্রধানমন্ত্ৰীজন সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা। এই অর্থত প্রধানমন্ত্রীজন সংসদৰো নেতা। সংসদৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীয়ে মন্ত্রীসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ সংসদত ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে সংসদত বিভিন্ন প্রশ্নৰ উত্তৰ দিবলগীয়া হয়। জাতীয় বা আন্তর্জাতিক সমস্যাবিলাকৰ বিষয়ে সংসদে প্রধানমন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰে।

(ঞ) অর্থনৈতিক আঁচনিত ভূমিকা: সকলো অর্থনৈতিক আঁচনি উন্নয়নশীল আঁচনিৰ আঁৰত থকা প্ৰধান শক্তিসম্পন্ন পদবীটো হ’ল প্রধানমন্ত্রী। প্রধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ পদেন সভাপতি। প্রধানমন্ত্রী নেহৰুৱে পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰিছিল আৰু বহুতো বহুমুখী আঁচনি গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰৰ বিত্তীয় আৰু অৰ্থনৈতিক বিষয়ত প্রধানমন্ত্রীয়ে পরোক্ষভাবেও শক্তিশালী ভূমিকা গ্ৰহণ কৰে।

২। ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমর্যাদাৰ বিষয়ে আলোচনা কৰা? (Constitutional position of the President)

উত্তৰঃ সংবিধান গ্ৰহণ কৰাৰ দিনৰে পৰা ৰাষ্ট্ৰপতিৰ পদমর্যাদা সম্পৰ্কত মতভেদ চলি আহিছে। কিছুমানে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা অপৰিসীম বুলি মত প্রকাশ কৰে। তেওঁলোকৰ মতে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিয়েই শক্তিশালী ভূমিকা পালন কৰিব পাৰে। আন এচাম পণ্ডিতৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতি সাংবিধানিক মূৰব্বীহে। পদমর্যাদাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ পদটো আলঙ্কাৰিক মাথোন ৰাষ্ট্ৰপতি ৰাষ্ট্ৰ ঐক্য আৰু সংহতিৰ প্ৰতীকহে মাথোন। গতিকে ৰাষ্ট্ৰপতিৰ পদমর্যাদাৰ সম্পৰ্কত দুটা মতবাদ আছে বুলি ক’ব পাৰি।

ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু পদমর্যাদা অধিক বুলি মত পোষণ কৰা সকলে ক’ব খোজে যে সংবিধানৰ ৫৩ নং অনুচ্ছেদৰদ্বাৰা কেন্দ্ৰৰ সকলো প্ৰশাসনীয় ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে এই ক্ষমতা নিজে বা তেওঁৰ অধীনস্থ বিষয়াৰ দ্বাৰা প্ৰয়োগ কৰিব পাৰে। মন্ত্রীপৰিষদে গ্ৰহণ কৰা কোনো সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিয়ে ঘূৰাই পঠাব পাৰে। সংবিধানৰ ১১১ নং অনুচ্ছেদ অনুসৰি সংসদত গৃহীত এখন বিল গ্ৰহণ নকৰি ৰাষ্ট্ৰপতিয়ে ঘুৰাই পঠিয়াব পাৰে।

যদি কোনো ৰাজনৈতিক দলে সংসদত চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়া প্রধানমন্ত্ৰীৰ নিৰ্বাচনত ৰাষ্ট্ৰপতিয়ে নিজৰ বিচাৰ-বিবেচনাৰে কাম কৰিব পাৰে। সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দলে কেতিয়াবা নেতা নির্বাচনত অপাৰগ

হ’লেও ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতা প্রয়োগ কৰিব পাৰে। প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত জটিল পৰিস্থিতিত ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙে নিজৰ বিচাৰ-বিবেচনাৰে ৰাজীৱ গান্ধীক | প্রধানমন্ত্ৰীৰূপে নিযুক্তি দিছিল।

বিভিন্ন ৰাজ্যত ৰাজ্যিক চৰকাৰ ভংগ কৰি দিবলৈ ৰাজ্যপালে প্রতিবেদন প্ৰেৰণ কৰে। কেন্দ্ৰীয় চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰি অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠায়। ১৯৯৭ চনত উত্তৰ প্ৰদেশ চৰকাৰ ভংগ কৰিবলৈ অনুমোদন বিচাৰি পঠিওৱা পৰামৰ্শ ৰাষ্ট্ৰপতি কে, আৰ, নাৰায়ণনে পুনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাক ঘূৰাই দিছিল। ফলস্বৰূপে চৰকাৰ ভংগ কৰা নহ’ল। এনে উদাহৰণ আৰু আছে। গতিকে দেখা যায় ৰাষ্ট্রপতি কেৱল সাংবিধানিক মূৰৰীয়েই নহয়, তেওঁ অপৰিসীম ক্ষমতাৰ অধিকাৰী।

কিছুমান পণ্ডিতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু পদমর্যাদা ভাৰতৰ সংসদীয় চৰকাৰৰ পটভূমিত বিচাৰ কৰিব খোজে। তেওঁলোকৰ মতে সংসদীয় ব্যৱস্থাত ৰাষ্ট্ৰৰ মুৰববীজনৰ ক্ষমতা আৰু পদমর্যাদা আলঙ্কাৰিক মাথোন। ইংলেণ্ডত সংসদীয় চৰকাৰ প্রচলন থকাৰ বাবে ইংলেণ্ডৰ ৰাণীয়ে নামতহে শাসন কৰে, প্ৰকৃততে শাসন নকৰে। “She reigns but does not govern” —ইয়াৰ অৰ্থ হ’ল ৰাণীয়ে ৰাজত্বহে কৰে, কিন্তু শাসন নকৰে। একেদৰে ভাৰতৰ ৰাষ্ট্ৰপতি সাংবিধানিক মুৰব্বীহে। তেওঁ শাসন নকৰে, শাসনৰ প্ৰকৃত ক্ষমতা মন্ত্ৰী পৰিষদৰ হাততহে থাকে।

১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ ক্ষমতা সীমিত কৰা হৈছে। এই সংশোধনী আইনৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে মনত্ৰীপৰিষদৰ পৰামৰ্শ অনুযায়ী কাম কৰিবলৈ বাধ্য । জৰুৰী অবস্থা ঘোষণা কৰিলেও ৰাষ্ট্ৰপতিয়ে নিজ বিচাৰ-বিবেচনাৰে কাম কৰিব নোৱাৰে। প্ৰশাসনৰ সিদ্ধান্তসমূহ মন্ত্রীসভাত গ্ৰহণ কৰা হয়। আইনসমূহ সংসদত গ্ৰহণ কৰা হয়; মাত্র সিদ্ধান্ত আৰু আইনত স্বাক্ষৰ কৰিবৰ বাবেহে ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠোৱা হয়। ৰাষ্ট্ৰপত্তি দেশৰ সামৰিক বাহিনীৰ সর্বাধিনায়ক। কিন্তু প্রতিৰক্ষা বিভাগ, নীতি আৰু নিযুক্তিবোৰ মন্ত্ৰী পৰিষদৰ দ্বাৰ গৃহীত হয়। সংবিধান অনুসৰি কাম নকৰিলে সংসদে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগৰ প্রস্তাৱ গ্ৰহণ কৰিব পাৰে। এনে দিশবোৰ লক্ষ্য কৰিলে দেখা যায় যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা সীমিত। আমেৰিকাৰ ৰাষ্ট্ৰপতি দৰে ভাৰতৰ ৰাষ্ট্ৰপতিব পদমর্যাদা একে নহয়। 

ভাৰতৰ ৰাষ্ট্ৰপতিক কেৱল ৰবৰৰ ষ্টাম্প Rubber Stamp বুলিও আখ্যা দিব নোৱাৰি বৰ্তমান ভাৰতৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিত, ওলোমা সংসদৰ পৰিস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিজৰ বিচাৰ- বিবেচনাৰে কিছুমান কাম কৰিব পাৰে। সেইবাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা এনে পৰিৱেশত বৃদ্ধি পাইছে। অৱশ্যে ৰাষ্ট্ৰপতিৰ পদমর্যাদা সেই পদৰ অলংকৃত কৰা ব্যক্তিজনৰ ব্যক্তিত্বৰ ওপৰতো নিৰ্ভৰ এজন মেধাসম্পন্ন, ব্যক্তিত্বসম্পন্ন ৰাষ্ট্ৰপতিৰ পদমর্যাদা অন্য এজনতকৈ অধিক হ’ব পাৰে। এজন ব্যক্তিত্বসম্পন্ন ৰাষ্ট্ৰপতিয়ে গুৰুত্বপূর্ণ বিষয়ত আইন প্রণয়ন কৰিবলৈ সংসদলৈ বাণী পঠাব পাৰে। এনে বাণী সাধাৰণতে সংসদে গুৰুত্ব দিয়ে। মন্ত্রীসভাৰ সদস্যসকলক বাষ্ট্রপতিয়ে উৎসাহ, পৰামৰ্শ আৰু প্ৰয়োজন সাপেক্ষে সাৱধান কৰি দিব পাৰে। ব্যক্তিত্বসম্পন্ন এজন বাষ্টপতিৰ এনে কাৰ্যব্যৱস্থাই মন্ত্রীসভাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

৩। ৰাষ্ট্ৰপতিৰ লগত সংসদৰ লগত থকা সম্পৰ্ক বিচাৰ কৰা? (Relationship between the President):

উত্তৰঃ ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি সাংবিধানিক মুৰব্বী। সংসদীয় চৰকাৰত ৰাষ্টপতিৰ লগত সংসদ, মন্ত্রীপৰিষদ আৰু প্ৰধানমন্ত্ৰীৰ নিবিড় সম্পর্ক থাকে।

ৰাষ্ট্ৰপতিৰ লগত সংসদৰ সম্পৰ্ক:

ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগত সংসদৰ ওতপ্রোত সম্পর্ক আছে (অনু. ৭৯)। ৰাষ্ট্ৰপতি ভাৰতৰ সংসদ অবিচ্ছেদ্য অংগ। সংসদৰ লগত ৰাষ্ট্ৰপতিৰ সম্পৰ্ক আলোচনা কৰা হ’ল—

১. সংসদ অধিৱেশন আহ্বান কৰাৰ ক্ষমতা: ৰাষ্ট্ৰপতিয়ে সংসদ অধিৱেশন আহ্বান কৰিব পাৰে। সাধাৰণ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদ আহ্বান কৰিব পাৰে। তেওঁ সংসদৰ বিশেষ অধিৱেশন আৰু যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। কোনো বিলৰ ক্ষেত্ৰত দুয়ো সদনৰ মাজত মতানৈক্য হ’লৈ ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিবেশন আহ্বান কৰিব পাৰে।

২. সংসদ অধিৱেশন স্থগিত ৰখাৰ ক্ষমতা: ৰাষ্ট্ৰপতিয়ে সংসদ অধিৱেশন স্থগিত ৰাখিব পাৰে। প্ৰধানমন্ত্ৰীৰ অনুৰোধক্রমে ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰিব পাৰে। পুনৰ লোকসভা নিৰ্বাচনৰ বাবে নির্দেশ দিব পাৰে।

৩. সংসদলৈ সদস্য মনোনীত কৰাৰ ক্ষমতা: ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ বিশেষ পাৰদর্শিতা থকা সাহিত্য, বিজ্ঞান বিষয়ৰ ১২ জন লোকক মনোনীত কৰিব পাৰে। তেওঁ লৈ দুজন এংলো ইণ্ডিয়ান প্রতিনিধি মনোনীত কৰিব পাৰে।

৪. সংসদত ভাষণ দান কৰ, সংসদলৈ বাণী পঠাবা পৰা ক্ষমতা:  ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিব পাৰে। প্রত্যেক বছৰ প্ৰথম অধিৱেশন আৰম্ভ হ’লে আৰু সাধাৰণ নিৰ্বাচনৰ পিছত প্রথম অধিবেশনত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াটো বাধ্যতামূলক ( ৮৭)। বাজেট অধিৱেশনত তেওঁ ভাষণ দিব লাগে। আইন প্রণয়নৰ বাবে তেওঁ সংসদলৈ বাণী পঠাব পাৰে।

৫. রাষ্ট্রপতিয়ে লোকসভা ভংগ কৰিব পাৰে: লোকসভাত কার্যকাল উকলি গ’লৈ বা লোকসভাত মন্ত্রীসভাই আস্থা হেৰুৱালে ৰাষ্ট্রপতিয়ে লোকসভা ভংগ কৰিব পাৰে।

৬. বিলত সম্মতি দিয়া নিদিয়ার ক্ষমতা: এই বিষয়ত ৰাষ্ট্ৰপজি সংসদৰ লগত সম্পর্ক আছে। সংসদত গৃহীত হোৱা বিলত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ নকৰিব পাৰে আৰু পুনৰ বিবেচনাৰ বাবে সংসদলৈ বিল ঘুৰাই পঠাব পাৰে। অৱশ্যে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিয়ে ঘূৰাই পঠাব নোৱাৰে। অৰ্থ বিলৰ বিষয়ত ৰাষ্ট্ৰপতিয়ে চহী কৰিবলৈ বাধ্য ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ’লেহে বিলসমূহ বিধেয়ক বা আইনব পৰিণত হয়।

৭. সংবিধান সংশোধনী বিল: এনে বিলত ৰাষ্ট্ৰপড়িয়ে স্বাক্ষৰ কৰিবলৈ বাধ্য। কিন্তু কিছুমান বিল, যেনে নতুন ৰাজ্য গঠন, সঞ্চিত নিধিৰ পৰা কৰিবলগীয়া খৰচ, বিত্ত বিল আদিত ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হয়।

ওপৰত উল্লিখিত বিষয়সমূহত ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগত সংসদৰ সম্পর্ক আছে।

৪। ৰাষ্ট্ৰপতিৰ লগত মন্ত্রীসভাৰ সম্পৰ্ক – (Relationship between the President the Council of Ministers)

উত্তৰঃ ৰাষ্ট্ৰপতিৰ লগত মন্ত্রীসভাৰ সম্পৰ্ক

ৰাষ্ট্ৰপতি দেশৰ শাসন বিভাগৰ মুৰব্বী (অনু, ৫৩)। ৭৪ নং অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰপতিক তেওঁৰ কাৰ্যাৱলী পৰিচালনাৰ ক্ষেত্ৰত সহায় আৰু পৰামৰ্শ দিবৰ এখন পৰিষদ থাকিব। গতিকে ৰাষ্ট্ৰপতি আৰু মন্ত্রীসভাৰ ওচৰ সম্পৰ্ক আছে। 

ৰাষ্ট্ৰপতি আৰু মন্ত্রীসভাৰ সম্পৰ্ক এনেধৰণৰ—

১. ৬৪৪ তম্ সংবিধান সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভাৰ দ্বাৰা প্ৰেৰিত পৰামৰ্শ পুনৰ বিবেচনাৰ বাবে পঠাব পাৰে। অৱশ্যে পুনৰ বিবেচনাৰ পিছত সভাই যিদৰে পৰামৰ্শ নপঠাওক কিয় ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিবলৈ বাধ্য।

২. মন্ত্রীসভা গঠনৰ বিষয়ত ৰাষ্ট্ৰপতিয়ে ক্ষমতা প্রয়োগ কৰে। যদি কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেন্তে ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভবা গঠন কৰিবলৈ সৰ্বাধিক সংখ্যক আসন লাভ কৰা দলৰ নেতাক আহ্বান কৰিব পাৰে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভাৰ অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে আৰু শপত বাক্য পাঠ কৰোৱায় । ৰাষ্ট্ৰপতিৰ আস্থা লাভ কৰালৈকে মন্ত্রীসকলে পদত অধিষ্ঠিত হৈ থাকে।

৩. অন্যান্য নিযুক্তি বিষয়ত: ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি আৰু অন্যান্য বিচাৰপতিসকলক, ৰাজ্যৰ ৰাজ্যপালসমূহক, লোকসেৱা আয়োগৰ সভাপতি আৰু সদস্যসকলক, এটর্নী জেনেৰেল, ৰাষ্ট্রদূতসকলক নিযুক্তি দিওঁতে মন্ত্রীসভাৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

৪. প্ৰশীসনৰ বিষয়ত ৰাষ্ট্ৰপতি দেশৰ প্ৰশাসনৰ মুৰব্বী। শাসনযন্ত্র ৰাষ্ট্ৰপতিৰ নামত চলে। কিন্তু প্রকৃততে প্রশাসন বিভাগীয় মন্ত্ৰীসকলৰ দ্বাৰাহে পৰিচালিত হয়। মন্ত্রীসভাৰ দ্বাৰা গৃহীত নীতিসমূহ ৰাষ্ট্ৰপতিৰ নামত জাৰি কৰা হয়।

৫. কেন্দ্রীয় শাসিত অঞ্চলৰ শাসন ৰাষ্ট্ৰপতিৰ নামত চলে। ৰাষ্ট্ৰপতিয়ে প্রশাসক নিযুক্তি দি কেন্দ্রীয় শাসিত অঞ্চলৰ শাসন পৰিচালনা কৰে। এই অঞ্চলবোৰৰ শান্তি আৰু সমৃদ্ধিৰ বাবে নিয়ম কানুন ৰচনা কৰিব পাৰে।

৬. সমন্বয় ৰক্ষা কৰাত ৰাষ্ট্ৰপতিৰ ভূমিকা আছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত বিবাদ সৃষ্টি হ’লে ৰাষ্ট্ৰপতিয়ে মীমাংস বা সমন্বয় সাধন কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা ল’ব পাৰে। আন্তঃৰাজ্যিক বিবাদ মীমাংসাৰ বাবে ৰাষ্ট্ৰপঠিয়ে আন্তঃৰাজ্যিক পৰিষদ গঠন কৰিব পাৰে। কিছুমান বিষয়ত ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভাৰ পৰামৰ্শ নোলোৱকৈ কাম কৰিব পাৰে।

৫। ৰাষ্ট্ৰপতিৰ লগত প্রধানমন্ত্রীর সম্পর্ক:(Relationship between the President and the Prime Minister)

উত্তৰঃ ৰাষ্ট্ৰপতিৰ লগত প্রধানমন্ত্ৰীৰ সম্পৰ্ক:

ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীৰ ওচৰ সম্পৰ্ক আছে। এই সম্পর্কে তলত আলোচনা কৰা হ’ল।

১. প্রধানমন্ত্ৰীৰ নিযুক্তি:  ৰাষ্ট্ৰপতিয়ে সাধাৰণ নিৰ্বাচনৰ পিছত সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্রধানমন্ত্রীৰূপে নিযুক্তি দিয়ে। কিন্তু কেতিয়াবা ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতা প্রয়োগ কৰি প্ৰধানমন্ত্রী নিযুক্তি দিব পাৰে। মোৰাৰজী দেশাইৰ পদত্যাগৰ পিছত ৰাষ্টপতিয়ে চৰণ সিঙক প্রধানমন্ত্রীৰূপে নিযুক্তি দিছিল।

২. প্রধানমন্ত্রী ৰাষ্ট্রপতি আৰু মন্ত্রীসভাৰ মাজৰ যোগসূত্র: প্রধানমন্ত্রীয়ে প্রশাসন সম্পৰ্কীয় সকলো বিষয়ৰ সিদ্ধান্ত আৰু আইন সম্পৰ্কীয় প্রস্তাৱৰ বিষয়ে ৰাষ্ট্রপতিক জনাব লাগে। ৰাষ্ট্ৰপতিয়ে তেনে সিদ্ধান্ত আৰু প্রভাব সম্পর্কে জানিবলৈ বিচাৰিলে প্রধানমন্ত্রীয়ে জনোৱাটো সাংবিধানিক কর্তব্য।

৩. প্রধানমন্ত্রী, জনসাধাৰণ আৰু ৰাষ্ট্ৰপতিৰ মাজৰ যোগসূত্র: জনসাধাৰণৰ ইচ্ছা, অভিমত প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক জনায় । প্রতিনিধিসকলৰ যোগেদি বিধানমণ্ডলত প্রকাশ ঘটে। এই বিষয়ত প্রধান মন্ত্রীয়ে ৰাষ্ট্রপতিক জনগণৰ আশা-আকাংক্ষা অৱগত কৰাব লাগে।

৪. প্ৰশাসনৰ মুৰব্বী: ৰাষ্ট্ৰপতি প্ৰশাসনৰ সাংবিধানিক মুৰব্বী। প্রধানমন্ত্ৰী প্ৰশাসনৰ প্ৰকৃত মুৰব্বী। গতিকে দুয়োজন মূৰব্বীৰ মাজত এক অবিচ্ছেদ্য সম্পর্ক আছে। মুৰব্বী হিচাপে দুয়োটা দ্বাৰা পদবীধাৰীয়ে প্রশাসন সম্পর্কে জ্ঞাত হ’ব লাগে। প্ৰশাসনৰ সকলো কাম-কাজ প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রীসভাৰ দ্বাৰা সম্পাদিত হয়। আৰু ৰাষ্ট্ৰপতিৰ নামত প্রশাসন যন্ত্র চলে।

৫. আন্তঃৰাষ্ট্ৰীয় সন্ধিচুক্তি ৰাষ্ট্ৰ ৰাষ্ট্ৰপতিৰ নামত সম্পাদিত হয়: আন্তঃৰাষ্ট্ৰীয় বিষয়ত ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষত প্রতিনিধিত্ব কৰে। কিন্তু এই সন্ধি বা চুক্তিৰ বিষয়ত নীতিসমূহ প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রীপৰিষদতহে গ্ৰহণ কৰা হয়।

৬. সামৰিক ক্ষমতা: ৰাষ্ট্ৰপতি দেশৰ সামৰিক বাহিনীৰ সর্বাধিনায়ক। দেশৰ সামৰিক বাহিনী ৰাষ্ট্ৰপতিৰ নিৰ্দেশত পৰিচালিত হয়। যুদ্ধ, শান্তি আদি বিষয়ত ৰাষ্ট্ৰপতিৰ ক্ষমতা আছে। কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধ ঘোষণা আৰু শান্তি প্রতিষ্ঠা আদি বিষয়ত সদায় মন্ত্রীসভা আৰু আইনপালিকাৰ অনুমোদন ল’ব লাগে।

ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ। গণতান্ত্রিক দেশৰ সাংবিধানিক মুৰব্বীৰূপে ৰাষ্ট্ৰপতিয়ে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত সংসদৰ লগত মন্ত্রীসভাৰ লগত ওতঃপ্রোত সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজন হয়। সেইবাবে সাধাৰণ অৱস্থাত ৰাষ্ট্ৰপতিয়ে মন্ত্রীসভা আৰু সংসদৰ ওচৰত দায়বদ্ধ হৈ কাৰ্য পৰিচালনা কৰিব লাগে। সংকট অবস্থাত অৱশ্যে ৰাষ্ট্ৰপতিয়ে নিজ ক্ষমতাৰ প্ৰয়োগ কৰাৰ ক্ষমতা আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top