Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Notes | ভাৰতৰ সংবিধানৰ ৰচনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Question Answer can be of great value to excel in the examination.

Join Telegram channel

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২২। ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ? (Basic Features of Indian Constitution)

উত্তৰঃ ৰাষ্ট্ৰ এখনৰ নিজস্ব সংবিধানৰ মাধ্যমেৰে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ আদৰ্শ আৰু লক্ষ্যসমূহ প্রতিফলিত হয়। দেশ এখনৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাবলী সংবিধানৰ জৰিয়তেই প্রকাশ পায়। সেইবাবে সংবিধানক ৰাষ্ট্ৰৰ দাপোণ বোলা হয়। প্রত্যেক ৰাষ্ট্ৰৰ সংবিধান প্রণেতাসকলৰ আদৰ্শ আৰু নীতিসমূহ ভিন ভিন হোৱা বাবে এখন দেশৰ সংবিধানৰ লগত আন এখন দেশৰ সংবিধানৰ অমিল হোৱা দেখা যায়। প্রত্যেকখন ৰাষ্ট্ৰৰ সংবিধানৰ নিজস্ব বৈশিষ্ট্য থাকে।

ভাৰতবৰ্ষৰ সংবিধানৰ বৈশিষ্ট্যসমূহ:

১। লিখিত সংবিধান (Written Constitution): ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান আৰু ইয়াক দলিল আকাৰত পোৱা যায়। ডাঃ বি আৰ আম্বেদকাৰক সভাপতি হিচাপে লৈ সাতজনীয়া খচৰা সমিতি এখনে ভাৰতীয় সংবিধানৰ খচৰা প্রস্তুত কৰিছিল। ইয়াৰ খচৰাখন পিছত সংবিধান সভাই ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰিছিল। আৰু নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। ভাৰতীয় সংবিধানখন লিখিত, কিন্তু ইয়াত অলিখিত উপাদান একেবাৰে নাই বুলি ক’ব নোৱাৰি। সংবিধানত লিপিবদ্ধ নথকা ভালেমান প্রথাগত নীতি (Convention) ভাৰতৰ শাসন ব্যৱস্থাত প্রয়োগ হোৱা দেখা যায়।

২। দীর্ঘতম সংবিধান ( Lengthiest Constitution): ভাৰতৰ সংবিধানখন বিশ্বৰ আটাইবোৰ সংবিধানৰ ভিতৰত দীর্ঘতম লিখিত সংবিধান। মূল সংবিধানত ২২ টা অধ্যায়, ৩৫৯ টা অনুচ্ছেদ আৰু ৮ টা অনুসূচী সন্নিবিষ্ট কৰা আছিল। ২০০৬ চনলৈকে অনুচ্ছেদ ক্রমিক নম্বৰৰ সালসলনি হোৱা নাই যদিও বিভিন্ন সংশোধনৰ ফলশ্রুতিত কেতবোৰ অনুচ্ছেদৰ লগত ক, খ, গ আদি সংযোজিত হোৱাত সৰ্বমুঠ অনুচ্ছেদৰ সংখ্যা ৪৪৩ আৰু অনুসূচীৰ সংখ্যা ১২ টালৈ বৃদ্ধি হৈছে।

সংবিধান প্রণেতাসকলে সংবিধানখন যাতে বুজাত অসুবিধা নহয়, তাৰ বাবে কিছুমান অনুচ্ছেদৰ ব্যাখ্যাৰ লগত উদাহৰণ সন্নিবিষ্ট কৰাৰ ফলত ইয়াৰ কলেবৰ যথেষ্ট দীঘলীয়া হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ ক্ষমতা বিভাজন বিশদভাবে বর্ণনা কৰাৰ বাবে ইয়াৰ দৈৰ্ঘ্যও বৃদ্ধি পাইছে। সংবিধানৰ মৌলিক অধিকাৰ, নির্দেশাত্মক নীতি, ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা, নাগৰিকতা, অনুসূচিত জাতি, অনুসূচিত জনজাতি আদি বিভিন্ন বিষয়ৰ সম্বন্ধে বিশদভাবে বর্ণনা কৰাৰ ফলশ্ৰুতিত সংবিধানখনৰ কলেবৰ অতিশয় দীঘলীয়া হৈছে।

৩। প্ৰস্তাৱনাৰ অন্তর্ভুক্তি (Incorporation of Preamble): ভাৰতীয় সংবিধানৰ আৰম্ভণিত এটা প্রস্তাবনা সংযোজন কৰা

আছে। প্রস্তাবনাটো হ’ল সংবিধানৰ আত্মা আৰু চাবিকাঠি। ইয়াৰ – যোগেদি আমাৰ সংবিধানৰ মৌলিক নীতি আৰু আদৰ্শবোৰ প্ৰকাশ পাইছে। প্রস্তাবনা সংবিধানৰ অংশ হয় নে নহয়, এই বিওষয়ত প্রশ্নৰ অৱতাৰণা হৈছিল। কিন্তু এই বিতর্কৰ অবসান ঘটে কেশবানন্দ গোচৰৰ ৰায়দানৰ জৰিয়তে। কেশবানন্দ গোচৰৰ ৰায়দানত প্ৰভাৱনাক সংবিধানৰ মূল অংশ বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে।

৪। সংবিধানৰ শ্রেষ্ঠতা (Supremacy of the Constitution): ভাৰতীয় সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল সংবিধানৰ শ্ৰেষ্ঠতা। ভাৰতত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে – প্রশাসনিক, বিধায়িনী আৰু ন্যায়িক ক্ষমতাবোৰ সংবিধানৰ পৰা আহৰণ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰ সংবিধানৰ অধীনস্থ আৰু সংবিধানৰ দ্বাৰা নিয়ন্ত্রিত। কেন্দ্ৰীয় সংসদ নাইবা ৰাজ্যিক বিধানমণ্ডলসমূহে সংবিধানক উপেক্ষা কৰি কোনো আইন ৰচনা কৰিলে ন্যায়ালয়ে তেনে আইন অ-সাংবিধানিক বুলি ঘোষণা কৰি নাকচ কৰি দিয়ে। অর্থাৎ সংবিধানৰ শ্ৰেষ্ঠতা সকলো স্তৰত মানি লোৱা হৈছে।

৫। সার্বভৌম, গণতান্ত্রিক, গণৰাজ্য (Sovereign, Democracy, Republic): ভাৰতবৰ্ষক সার্বভৌম, গণতান্ত্রিক, গণৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস ভাৰতীয় সংবিধানৰ আন এক মন কৰিবলগীয়া বৈশিষ্ট্য। এই শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত বর্ণিত আছে। সার্বভৌম শব্দৰ দ্বাৰা আভ্যন্তৰীণ আৰু বাহ্যিক দিশত ভাৰতৰ পূৰ্ণ স্বতন্ত্ৰতাৰ বিষয়ে ইংগিত দিয়া হৈছে। স্বাধীনতা লাভৰ পিছত ভাৰতবৰ্ষই পৃথিৱীৰ অন্যান্য স্বাধীন সমূহ সমমর্যাদা লাভ কৰিছে।

ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্ৰৰূপে প্রতিষ্ঠা কৰা হৈছে। ভাৰতবৰ্ষত সকলো ক্ষমতাৰ উৎস হ’ল জনসাধাৰণ। কেন্দ্রীয় সংসদৰ সদস্যসকল আৰু ৰাজ্যিক বিধানসভাৰ সদস্যসকল নির্দিষ্ট সময়ৰ বাবে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় আৰু তেওঁলোকে চৰকাৰ গঠন কৰে। অর্থাৎ গণতান্ত্রিক ব্যৱস্থাৰ জৰিয়তে ভাৰতবৰ্ষত চৰকাৰ গঠনৰ ব্যৱস্থা কৰা হৈছে।

প্রস্তাবনাত লিপিবদ্ধ থকা গণৰাজ্য শব্দৰ জৰিয়তে ভাৰতত বংশানুক্রমিক ৰাষ্ট্ৰপ্ৰধানৰ পৰিবৰ্তে নির্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত ৰাষ্ট্রপ্রধানৰ ব্যৱস্থা কৰা হৈছে। ভাৰতবৰ্ষত ৰাষ্ট্রপতিজন নির্দিষ্ট সময়ৰ বাবে নিৰ্বাচনৰ জৰিয়তে ক্ষমতাত অধিষ্ঠিত কৰা হয়।

৬। সমাজবাদী নীতি (Socialist Principles): ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদ’ শব্দটো ১৯৭৬ চনত ৪২ তম সংশোধন অনুসৰি সংযোজন কৰা হয়। সংবিধানখন কার্যকৰী কৰাৰ সময়ত ‘সমাজবাদ’ শব্দটো প্রস্তাবনাত সংযোজিত নাছিল। ভাৰতবৰ্ষত শান্তিপূর্ণভাবে সমাজবাদ প্রতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে। সামাজিক আৰু অৰ্থনৈতিক সমতাৰ জৰিয়তে ন্যায় প্রতিষ্ঠা কৰিব বিচৰা হৈছে। অৱশ্যে সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহত সমাজবাদী নীতিৰ বিষয়ে সন্নিবিষ্ট কৰা হৈছে।

৭। ধর্মনিৰপেক্ষতা (Secularism): ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ আন এটা অন্যতম বৈশিষ্ট্য। ‘ধৰ্মনিৰপেক্ষতা’ শব্দটো প্রথম অৱস্থাত সংবিধানত সন্নিবিষ্ট নাছিল। ১৯৭৬ চনত ৪২ তম সংবিধান সংশোধনৰ জৰিয়তে ‘ধর্মনিৰপেক্ষতা’ শব্দটো সংবিধানত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষত কোনো ধৰ্মক ৰাষ্ট্ৰীয় ধর্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই। ভাৰতীয় নাগৰিকসকলে যিকোনো ধর্ম গ্রহণ, প্ৰচাৰ আৰু উপাসনা কৰিব পাৰে। চৰকাৰৰ মজুৰীপ্রাপ্ত শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা দিয়া নহয় আৰু সকলো ধৰ্মৰ লোকে শিক্ষাগ্রহণ কৰিব পাৰে। চৰকাৰী চাকৰিত নিয়োগৰ ক্ষেত্ৰত নাইবা আন সা-সুবিধাৰ ক্ষেত্ৰত ধৰ্মৰ ভিত্তিত নাগৰিকৰ মাজত বৈষম্যৰ সৃষ্টি কৰা নহয়। ইয়াৰ বাবে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

৮। মৌলিক অধিকাৰৰ অন্তর্ভুক্তি (Incorporation of Fundamental Rights): ভারতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল সংবিধানত সন্নিবিষ্ট থকা মৌলিক অধিকাৰ। গণতান্ত্রিক ৰাষ্ট্ৰৰ নাগৰিকৰ ব্যক্তিত্বৰ বিকাশৰ বাবে অধিকাৰ উপভোগ কৰিবলৈ দিয়াটো নিতান্তই প্রয়োজন। ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অধ্যায়ত নাগৰিকৰ বাবে ৭ বিধ মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছিল। এই মৌলিক অধিকাৰসমূহ হ’ল– (ক) ধর্মীয় অধিকাৰ, (খ) স্বাধীনতাৰ অধিকাৰ, (গ) শোষণৰ বিৰুদ্ধে অধিকাৰ, (ঘ) ধর্মীয় স্বাধীনতাৰ অধিকাৰ, (ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, (চ) সম্পত্তিৰ অধিকাৰ আৰু (ছ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ। কিন্তু ১৯৭৮ চনত ৪৪ তম্ সংবিধান সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা বাতিল কৰাৰ ফলশ্রুতিত বর্তমান মৌলিক অধিকাৰৰ সংখ্যা হ’ল ৬ বিধ।

৯। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভূক্তি (Incorporation of Directive Principle of State Policy): ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানত অন্তর্ভুক্তি এটা মন কৰিবলগীয়া বৈশিষ্ট্য। সংবিধানৰ চতুৰ্থ অধ্যায়ত এই নীতিসমূহৰ বিষয়ে বিশদভাৱে বর্ণিত হৈছে। এনে নীতিসমূহ হ’ল অর্থনৈতিক সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে এই নীতিসমূহ সংবিধানত সংযোজন কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে এই নীতিবোৰ অনুসৰণ কৰি কাৰ্য পৰিচালনা কৰিব পাৰিলে ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত হ’ব। নির্দেশাত্মক নীতিসমূহ ন্যায়ালয়ৰ জৰিয়তে সাব্যস্ত কৰিব পৰা নাযায় যদিও এইবোৰ একেবাৰে মূল্যহীন নহয়।

১০। মৌলিক কৰ্তব্যৰ অন্তভূক্তি (Incorporation of Fundamental Duties): ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হ’ল ৪২ তম সংবিধান সংশোধনৰ দ্বাৰা সংবিধানত সন্নিবিষ্ট কৰা ১০ বিধ মৌলিক কর্তব্য। মৌলিক কর্তব্যসমূহ হ’ল নাগৰিকৰ প্ৰতি দিয়া উপদেশ। এই কর্তব্যসমূহ নাগৰিকে পালন কৰাটো তেওঁলোকৰ নৈতিক দায়িত্ব। মৌলিক কর্তব্যসমূহ আদালতৰ জৰিয়তে বলবৎ কৰা নহয়, নাগৰিকৰ নৈতিক দ্বায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি চলি থাকে। ভাৰতীয় নাগৰিকত মৌলিক কর্তব্যসমূহে তেওঁলোকৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়ে।

১১। সংসদীয় চৰকাৰ (Parliamentary Government): ভাৰতীয় সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল— ভাৰতবৰ্ষত ৰাষ্ট্ৰপ্ৰধান হিচাপে ৰাষ্ট্ৰপতি আছে। কিন্তু ৰাষ্ট্ৰপতি শাসিত চৰকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ভাৰতবৰ্ষত সংসদীয় চৰকাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত সংসদৰ সদস্যসকলৰ দ্বাৰা গঠিত মন্ত্ৰী পৰিষদক প্রকৃত ক্ষমতা অৰ্পণ কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল নামমাত্র কার্যপালিকা। প্রকৃত কাৰ্যপালিকা হ’ল প্রধানমন্ত্ৰীৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰী পৰিষদ। মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ।

১২। যুক্তৰাষ্ট্ৰীয় সংবিধান (Federal Constitution): ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰকৃতি (Nature) হ’ল যুক্তৰাষ্ট্ৰীয়। অৱশ্যে সংবিধানৰ প্ৰণেতাসকলে সংবিধানৰ কোনো অংশত যুক্তৰাষ্ট্ৰীয় (Federal) শব্দ ব্যৱহাৰ কৰা নাই। ইয়াৰ পৰিৱৰ্তে ৰাজ্যসমূহৰ সংঘ ব্যৱহাৰ কৰিছে। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য যেনে— (ক) লিখিত সংবিধান, (খ) দুইধৰণৰ চৰকাৰ (কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ), কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতা বণ্টন, নিৰপেক্ষ ন্যায়ালয় হিচাপে উচ্চতম ন্যায়ালয় আদি আছে। তথাপি ইয়াক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি কোৱা নহয়। কাৰণ ভাৰতবৰ্ষৰ সংবিধানত বহুত একাত্মক বৈশিষ্ট্য সংবিধানত বিদ্যমান। সেইবাবে ইয়াক অৰ্ধযুক্তৰাষ্ট্ৰীয় সংবিধান বুলি অভিহিত কৰা হয়।

১৩। নমনীয়তাৰ আৰু অনমনীয়তাৰ সংমিশ্রণ (Mixture of Flexible and rigid): ভাৰতবৰ্ষৰ সংবিধানখন আংশিক নমনীয় আৰু আংশিক অনমনীয়। সেইবাবে ইয়াত নমনীয়তা আৰু অনমনীয়তাৰ সংমিশ্রণ বোলা হয়। ভাৰতবৰ্ষৰ সংবিধানক তিনিটা পদ্ধতিৰ দ্বাৰা সংশোধন কৰিব পৰা যায়। 

(ক) নমনীয় পদ্ধতি।

(খ) নমনীয় আৰু অনমনীয় মিশ্রণ।আৰু 

(গ) অনমনীয় পদ্ধতি।

সংবিধানৰ কিছুমান অনুচ্ছেন সাধাৰণ আইন প্রণয়ন প্রক্রিয়া জৰিয়তে কেন্দ্রীয় সংসদৰ দুয়ো সদনত সাধাৰণ সংখ্যাগৰিষ্ঠতা সমর্থনত সংশোধন কৰিব পাৰি। এনেক্ষেত্রত সংবিধানখনও নমনীয় বুলি কোৱা হয়। আনহাতে কিছুমান অনুচ্ছেদ সংশোধনক ক্ষেত্ৰত কেন্দ্রীয় সংসদৰ দুয়ো নত মুঠ সদস্য সংখ্যাৰ আধাতকৈ বেছি উপস্থিত থকা সদস্যৰ দুই-তৃতীয়াংশ সমৰ্পনৰ প্রয়োজন হয়। এনেক্ষেত্ৰত ইয়াক নমনীয়তা আৰু অনমনীয়তাৰ সংমিশ্রণ সোনা হয়। আকৌ কেতবোধ অনুচ্ছেদ সংশোধনৰ ক্ষেত্ৰত দ্বিতীয় পদ্ধতি অনুসৰণ কৰাৰ উপৰিও অন্ততঃ আধ্যসংখ্যক বালিক বিধান ল অনুমোদন প্রয়োজন। এই ক্ষেত্ৰত ইয়াক অনমনীয় বুলি কোৱা হয়।

১৪। একক নাগৰিকত্ব (Single Citizenship): ভাৰতবৰ্ষৰ সংবিধানৰ আন এটা বৈশিষ্ট্য হ’ল একক নাগৰিকত্ব। মার্কিন যুক্তৰাষ্ট্র, দুইজাৰলেণ্ড আদিৰ পৰা ভাৰতত দ্বৈত নাগৰিকতুন ব্যবস্থা সংবিধানত নাই। ভাৰতবর্ষ বিভিন্ন জাতি, উপজাতি, কর্ম, ভাষা আদিৰ লোকৰ বাসস্থান। গতিকে বিভিন্নতাৰ মাজত একতাৰ ডোলেৰে বান্ধি ৰখাৰ লক্ষ্যৰে সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ পৰিবৰ্তে একক নাগৰিকল্পৰ ব্যৱস্থা কৰিছে। ভাৰতত জন্মলাভ কৰা সকলো লোক ভাৰতীয় নাগৰিক। জন্মলাভ কৰা ৰাজ্যখনৰ বাবে তেওঁলোকে পৃথক নাগৰিকত্ব ল’ব নালাগে।

১৫। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ (Universal Adult Franchise): ভাৰতবৰ্ষৰ সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল সার্বজনীন প্রাপ্ত বয়স্ক ভোটাধিকাৰ। ভাৰতবৰ্ষত- মতা তিৰোতা, শিক্ষিত-অশিক্ষিত সকলো ভাৰতীয় নাগৰিকে ১৮ বছৰ বয়স প্রাপ্ত হলে জাতি, ধর্ম, বর্ণ নির্বিশেষে নির্বাচনত ভোট দান কৰিব পাৰে।

১৬। জৰুৰীকালীন অৱস্থা (Emergency Provision): ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ পৰিস্থিতিত প্রয়োগ কৰিব পৰা জৰুৰীকালীন ক্ষমতা ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য। তেওঁ সংবিধানৰ ৩৫২ নং, ৩৫৬ নং আৰু ৩৬০ নং অনুচ্ছেদ অনুসৰি জৰুৰীকালীন ক্ষমতা প্রয়োগ কৰিব পাৰে। মন্ত্ৰী পৰিষদৰ লিখিত অনুৰোধ মর্মে তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। আৰু পাছত সংসদৰ দ্বাৰা অনুমোদন কৰি ল’ব লাগে।

১৭। স্বাধীন ন্যায়পালিকা (Independent Judiciary): ভাৰতবৰ্ষৰ প্ৰকৃতি (Nature) যুক্তৰাষ্ট্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা কৃতকার্যতাৰ বাবে স্বাধীন ন্যায়পালিকাৰ অতিশয় প্রয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতীয় সংবিধানৰ উচ্চতম ন্যায়ালয় প্রতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত হোৱা বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ক প্রদান হৈছে।

১৮। ন্যায়িক সমীক্ষা (Judicial Review): ভাৰতীয় সংবিধানৰ আন অতিশয় গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল সংবিধানে উচ্চতম ন্যায়ালয়ৰ ওপৰত অৰ্পণ কৰা ন্যায়িক সমীক্ষাৰ ক্ষমতা। কেন্দ্ৰীয় সংসদ নাইবা ৰাজ্যিক বিধানমণ্ডলসমূহে নিজৰ ক্ষেত্ৰাধিকাৰ অতিক্ৰম কৰি আইন প্রণয়ন কৰিলে ন্যায়পালিকাই তেনে আইন অ-সাংবিধানিক বুলি ঘোষণা কৰি নাকচ কৰিব পাৰি। 

২৩। ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰৰ বিষয়ে বহলাই আলোচনা কৰা ? (Federal features of the Indian Constitution)

উত্তৰঃ ভাৰতীয় সংবিধানৰ কোনো অংশত যুক্তৰাষ্ট্ৰ বুলি উল্লেখ নাই যদিও ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বৈশিষ্ট্য বিদ্যমান। ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্রীয় শাসিত অঞ্চল লৈ গঠিত। ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল

১। লিখিত সংবিধান (Written Constitution): যুক্তৰাষ্ট্ৰৰ বাবে আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ’ল এখন লিখিত সংবিধান। কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে ভাৰতবৰ্ষৰো এখন লিখিত। সংবিধান আছে। ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰাৰ সময়ত ২২ টা অধ্যায়, ৩৯৫ টা অনুচ্ছেদ আৰু ৮ টা অনুসূচী আছিল। ভাৰতৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা। ভাৰতীয় সংবিধানখন প্রায় ৯০০০ শব্দৰে লিখা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ লিখিত সংবিধান। ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ সম্পৰ্কৰ বিষয়ে সুস্পষ্টভাৱে বর্ণিত আছে।

২। দুই তৰপীয়া চৰকাৰ (Two sets of Government): যুক্তৰাষ্ট্ৰৰ বাবে আন এটা প্রয়োজনীয় বৈশিষ্ট্য হ’ল দুই তৰপীয়া চৰকাৰ। ভাৰতীয় সংবিধানে দ্বৈত শাসনতন্ত্র (Dual Polity) প্রবন কৰিছে। ভাৰতত এখন কেন্দ্রীয় চৰকাৰ আৰু ২৮ খন ৰাজ্যিক চৰকাৰ আছে। ভাৰতবৰ্ষৰ ৰাজ্যবোৰ সংবিধানৰ দ্বাৰা সৃষ্টি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰক সৃষ্টি কৰা নাই। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক পোনপটীয়াভাৱে বিলোপ সাধন কৰিব নোৱাৰি।

৩। ক্ষমতাৰ বিভাজন (Division of Powers): আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন যুক্তৰাষ্ট্ৰৰ আন এটা প্রধান বৈশিষ্ট্য। ভাৰতীয় সংবিধানে তিনিখন সুচীৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্যক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰি দিছে। 

এই সূচী তিনিখন হ’ল– 

(ক) কেন্দ্রীয় সূচী (Union List)

(খ) ৰাজ্যিক সূচী (State List)

(গ) সমবর্তী সূচী (Concurrent List) 

বর্তমান কেন্দ্রীয় সূচীত ৯৮ টা (পূৰ্বতে ৯৭ টা), ৰাজ্যিক সূচীত ৬১ টা(পূৰ্বতে ৬৬ টা) আৰু সমৱৰ্তী সূচীত ৫২ টা (পূৰ্বতে ৪৭ টা) বিষয় অন্তর্ভুক্ত কৰা আছে। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সূচীভুক্ত বিষয়ত, ৰাজ্যিক চৰকাৰে ৰাজ্যিক সূচীভুক্ত বিষয়ত আৰু সমৱৰ্তী সুচীভুক্ত বিষয়ৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰক আইন ৰচনা কৰাৰ ক্ষমতা দিয়া হৈছে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল যে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ বিভাজন পৰিৱৰ্তন কৰিবলৈ হ’লে সংবিধান সংশোধন কৰিব লাগে, ইয়াৰ বাবে অধিক সংখ্যক ৰাজ্যিক বিধানমণ্ডলে সন্মতি প্রদান কৰিব লাগে। এক কেন্দ্ৰীয় ৰাষ্ট্ৰৰ দৰে কেন্দ্ৰীয় বিধানমণ্ডলে অকলে ক্ষমতাৰ বিভাজন পৰিৱৰ্তন কৰিব নোৱাৰে।

৪। স্বাধীন ন্যায়পালিকা (Independent Judiciary): যুক্তৰাষ্ট্ৰৰ বাবে স্বাধীন ন্যায়পালিকা অতি প্রয়োজন। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত নাইবা একাধিক ৰাজ্যিক চৰকাৰৰ মাজত উদ্ভব হোৱা বিবাদ মীমাংসাৰ বাবে এটা স্বাধীন নিরপেক্ষ ন্যায়ালায় অপৰিহাৰ্য। ইয়াৰ উপৰি সংবিধান ব্যবস্থা দিয়াৰ ক্ষেত্ৰত ইয়ান যথেষ্ট গুৰুত্ব আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ সংবিধানত উচ্চতম ন্যায়ালয় প্রতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল সংবিধান অভিভাৱক আৰু চৰম ব্যাখ্যাকর্তা। ইয়াৰ ওপৰত চৰকাৰসমূহৰ মাজত হোৱা বিবাদ-বিচাৰ কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে সংবিধান বহির্ভূত আইন ৰচনা কৰিলে উচ্চতম ন্যায়ালয়ে তেনে আইন। অসাংবিধানিক বুলি ঘোষণা কৰি নাকচ কৰিব পাৰে।

৫। সংবিধানৰ অনমনীয় (Rigidity of the Constitution): যুক্তৰাষ্ট্ৰৰ বাবে সংবিধান অনমনীয় হোৱা প্রয়োজন। ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত বিশেষ সংবিধান সংশোধন পদ্ধতিৰ বিষয়ে বর্ণিত আছে। যুক্তৰাষ্ট্ৰীয় বিষয় সংশোধনৰ ক্ষেত্ৰত অবলম্বন কৰিবলগীয়া কঠোৰ নিয়মাৱলীৰ বিষয়ে ইয়াত উল্লেখ আছে। যুক্তৰাষ্ট্ৰীয় বিষয়ৰ লগত সম্পর্ক থকা অনুচ্ছেদসমূহ সংশোধন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদৰ উদ্ভয় সদনৰ মুঠ সদস্যৰ সবহুসংখ্যক আৰু উপস্থিত সদস্যৰ দুই তৃতীয়াংশৰ দ্বাৰা গৃহীত হোৱা প্রস্তাবত আষাতকৈ অধিক ৰাজ্যিক বিধানমণ্ডলে অনুমোদন জনাব লাগে, ই অতি জটিল পদ্ধতি। ইয়াৰ দ্বাৰা ভাৰতীয় সংবিধানৰ অনমনীয়তা প্রমাণ হয়।

৬। সংবিধানৰ শ্ৰেষ্ঠতা (Supremacy of the

Constitution): যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধানৰ শ্ৰেষ্ঠতা অতি প্রয়োজন। যুক্তৰাষ্ট্ৰই সংবিধানৰ পৰা অস্তিত্ব লাভ কৰে। যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে প্রশাসনিক, বিধায়িনী আৰু ন্যায়িক ক্ষমতাসমূহ সংবিধানৰ পৰা আহৰণ কৰে। উভয় চৰকাৰ সংবিধানৰ অধীনস্থ আৰু সংবিধানৰ দ্বাৰা নিয়ন্ত্রিত। ভাৰতৰ সংবিধানখন সার্বভৌম। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে সংবিধানক উপেক্ষা কৰি কোনো কার্য কৰিব নোৱাৰে। সংবিধআন বহির্ভূত কোনো কাৰ্য চৰকাৰে কৰিলে উচ্চতম ন্যায়ালয়ে তেনে কার্য নাকচ কৰিব পাৰে।

৭। দ্বি-সদনীয় বিধানমণ্ডল (Bicameral Legislature): যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হ’ল দ্বি-সদনযুক্ত বিধানমণ্ডল। ভাৰতীয় সংবিধানে কেন্দ্ৰত দ্বি-সদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিছে। বিধানমণ্ডলৰ উচ্চ সদনক ৰাজ্যসভা আৰু নিম্নসদনক লোকসভা বোলা হয়। ৰাজ্যসভাই অংগ-ৰাজ্যসমূহক প্রতিনিধিত্ব কৰে। ইয়াৰ সদস্যসকলক অংগ-ৰাজ্যৰ বিধানসভাৰ সদস্যসকলে নির্বাচিত কৰে আৰু তেওঁলোকে ৰাজ্যৰ স্বাৰ্থৰ লগত জড়িত বিষয়সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিফলিত কৰে। ভাৰতৰ দ্বি সদনীয় বিধানমণ্ডল ব্যৱস্থাই ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি প্ৰতিফলিত কৰিছে।

ওপৰত উল্লেখিত বৈশিষ্ট্যবোৰৰ পৰা ভাৰতীয় সংবিধানখন যে যুক্তৰাষ্ট্ৰীয় সংবিধান তাক নিশ্চিত কৰিব পৰা যায়। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বণ্টন আৰু দ্বৈত শাসনতন্ত্র ব্যৱস্থাই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি স্বীকৃতি দিয়াত সমল যোগাইছে।

২৪। ভাৰতীয় সংবিধানৰ একাত্মক বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰা (Unitary Features of the Indian Constitution) 

উত্তৰঃ সংবিধানৰ প্ৰণেতাসকলে ভাৰতবৰ্ষৰ সংবিধানখন যুক্তৰাষ্ট্ৰীয় সংবিধান হিচাপে প্রতিষ্ঠা কৰিব বিচাৰিছে যদিও তেওঁলোকে যুক্তৰাষ্ট্ৰীয় সংবিধানৰ সকলোবোৰ বৈশিষ্ট্য সংবিধানখনত সমাবেশ ঘটোৱা নাই। ভাৰতবৰ্ষৰ সংবিধানখনক একাত্মক সংবিধান বুলি বহুত ৰাজনৈতিক পণ্ডিতে মত পোষা কৰিছে। কে পি মুখাৰ্জীৰ মতে ভাৰতবৰ্ষ কোনো পৰিস্থিতিতে যুক্তৰাষ্ট্ৰৰ নহয়। পি টি চেকোৰ মতে ভাৰতত যুক্তৰাষ্ট্ৰৰ গাঁথনিযুক্ত একাত্মক চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছে। ভাৰতবৰ্ষৰ সংবিধানখন গাঁথনিৰ ফালৰ পৰা যুক্তৰাষ্ট্ৰীয় আৰু ব্যৱহাৰিক ফালৰ পৰা ভাৰতৰ সংবিধানৰ একাত্মক বৈশিষ্ট্য আৰু কেন্দ্ৰীয় প্ৰৱণতাৰ বিষয়ে তলত বর্ণনা কৰা হ’ল।

১। শক্তিশালী কেন্দ্ৰীয় চৰকাৰ (A strong Central Government): ভাৰতবৰ্ষৰ সংবিধানত উল্লেখিত ব্যৱস্থাৱলীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক যথেষ্ট শক্তিশালী কৰি ইয়াৰ একাত্মক চৰিত্ৰৰ প্ৰত্যক্ষ প্রমাণ দাঙি ধৰিছে। সংবিধানৰ ক্ষমতা বণ্টন ব্যৱস্থাই ৰাজ্যিক চৰকাৰৰ তুলনাত কেন্দ্ৰীয় চৰকাৰক যথেষ্ট পৰিমাণে শক্তিশালী কৰিছে। ভাৰতবৰ্ষৰ সংবিধানে কেন্দ্ৰীয় চৰকাৰক বেছি। শক্তিশালী কৰি গঢ়ি তোলা বুলি কোৱাৰ কাৰণবোৰ তলত বর্ণনা  কৰা হল―

(ক) ভাৰতৰ কেন্দ্ৰীয় সংসদে কেন্দ্রীয় সূচীভুক্ত বিষয়বোৰৰ ওপৰত একচেতীয়া আইন প্রণয়নৰ সম্পূৰ্ণ ক্ষমতা পাইছে। এই সূচীত অন্তর্ভুক্ত বিষয়বোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু যথেষ্ট ৰাজহ উপাৰ্জনৰ বিষয়।

(খ) সমবর্তী সূচীভুক্ত বিষয়বোৰৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলক আইন প্রণয়নৰ অধিকাৰ দিয়া হৈছে যদিও কেন্দ্রীয় সংসদে বেছি অগ্ৰাধিকাৰ লাভ কৰিছে। সমৱৰ্তী সূচীভুক্ত একেটা বিষয়ত কেন্দ্ৰীয় সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলে পৰস্পৰবিৰোধী আইন প্রণয়ন কৰিলে কেন্দ্রীয় সংসদে প্রণয়ন কৰা আইন অগ্রাধিকাৰ পায়।

(গ) ভাৰতীয় সংবিধানৰ অবশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা কেন্দ্ৰীয় সংসদৰ ওপৰত ন্যক্ত কৰিছে। সাধাৰণতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা ৰাজ্যিক বিধানমণ্ডলসমূহে ভোগ কৰে।

(ঘ) বিশেষ পৰিস্থিতিত ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত কেন্দ্রীয় সংসদে আইন প্রণয়ন কৰিব পাৰে।

এনে ব্যৱস্থাবোৰৰ জৰিয়তে সংবিধানে কেন্দ্রীয় সংসদক অধিক গুৰুত্ব প্রদান কৰি কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাৰ উপৰি ভাৰতবৰ্ষক একাত্মক ৰাষ্ট্ৰত পৰিণত কৰিব বিচাৰিছে যেন লাগে।

২। সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী (Emergency Provisions of the Constitution): ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্ৰদান কৰি একাত্মক ৰূপ প্রতিফলিত কৰিছে। সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে বাহ্যিক আক্রমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অবস্থা ঘোষণা কৰিলে কেন্দ্রীয় সংসদে ৰাজ্যিক সূচীভুক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্রণয়নৰ অধিকাৰ লাভ কৰে আৰু ভাৰতীয় সংবিধান সম্পূর্ণ একাত্মক সংবিধানত পৰিণত হয়। সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত কোনো বাজাৰ ৰাষ্ট্রপতি শাসন প্রবর্তিত হ’লেও কেন্দ্রীয় সংসদে ৰাজ্যখনৰ আইন প্রণয়নৰ ক্ষমতা লাভ কৰে। সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে আর্থিক জৰুৰী অবস্থা ঘোষণা কৰি আর্থিক দিশত ৰাজ্যসমূহলৈ নির্দেশ পঠিয়াব পাৰে।

৩। একক সংবিধান (Single Constitution): আদর্শ যুক্তৰাষ্ট্ৰত কেন্দ্ৰ আৰু ৰাজ্যিক গোটবোৰৰ পৃথক সংবিধান থাকে। আমেৰিকা আৰু চুইজাৰলেণ্ড যুক্তৰাষ্ট্ৰত ৰাজ্যিক গোটবোৰৰ পৃথক পৃথক সংবিধান থাকে। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্রম পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষৰ জন্ম আৰু কাশ্মীৰৰ বাহিৰে আন ৰাজ্যবোৰৰ পৃথক সংবিধান নাই। একাত্মক ৰাষ্ট্ৰৰ দৰে সমগ্ৰ ভাৰতৰ বাবে মাত্র এখন সংবিধান আছে।

৪। একক নাগৰিকত্ব (Single Citizenship): আদর্শ যুক্তৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য হ’ল যি নাগৰিকত্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰাৰ উপৰি জন্মগ্রহণ কৰা অংগ ৰাজ্যখনৰ নাগৰিকত্ব লাভ কৰে। কিন্তু ভাৰতৰ সংবিধানত এনে ব্যৱস্থা দেখা নাযায়। ভাৰতত দ্বী- নাগৰিকত্বৰ পৰিবর্তে একক নাগৰিকল্পৰ ব্যৱস্থা আছে। ভাৰতীয় নাগৰিকসকলে জন্মগ্রহণ কৰা ৰাজ্যখনৰ বাবে পৃথক নাগৰিকত্ব

ল’ব নালাগে। সংবিধানৰ প্ৰণেতাসকলে একাত্মক ৰাষ্ট্ৰৰ আৰ্হিত এক নাগৰিকত্বৰ নীতি গ্ৰহণ কৰিছে।

৫। ৰাজ্যসভাত ৰাজ্যসমূহৰ সমান প্রতিনিধিত্বৰ অভাৱ (Absence of equal representation of the State’s in the Rajya Sabha): আদর্শ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্রীয় বিধানমণ্ডলৰ দ্বিতীয় সদনত সাধাৰণতে প্ৰতিখন অংগৰাজ্যৰপৰা সমান সংখ্যক প্রতিনিধি নির্বাচন কৰি পঠিওৱাৰ ব্যৱস্থা থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰ চিনেট (দ্বিতীয় সদন)ত ডাঙৰ সৰু প্ৰতিখন কেণ্টন (অংগৰাজ্য)ৰ পৰা দুজনকৈ প্রতিনিধি নির্বাচিত কৰি পঠিয়ায়। কিন্তু ভাৰতবৰ্ষৰ সংসদৰ দ্বিতীয় সদন ৰাজ্যসভাত ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিতহে প্রতিনিধি পঠোৱা হয়। ভাৰতৰ ৰাজ্যবোৰৰ পৰা ৰাজ্যসভাত সমান প্রতিনিধি পঠোৱাৰ ব্যৱস্থা সংবিধানত নাই।

৬। ৰাজ্যসমূহৰ বাবে ৰাজ্যপালৰ নিযুক্তি (Appointment of the Governor for States): ভাৰতৰ ৰাজ্যবোৰৰ সাংবিধানিক মুৰব্বী হ’ল ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলৰ নিযুক্তি দিয়ে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত ৰাজ্যপালসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে। ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাজ্যপালে ৰাজ্যখনৰ শাসন ব্যৱস্থাৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰি থাকিব লাগে। ৰাজ্যপালৰ প্রতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্রবর্তন কৰিব পাৰে আৰু সেই সময়ত তেওঁ ৰাষ্ট্ৰপতিৰ এজেণ্ট হিচাপে ৰাজ্যৰ শাসনযন্ত্ৰ পৰিচালনা কৰে। ৰাজ্যপালে কেতিয়াবা ৰাজ্যিক বিধানমণ্ডলে গ্ৰহণ কৰা বিধেয়ক ৰাষ্ট্ৰপতিৰ সন্মানৰ বাবে সংৰক্ষিত ৰাখিব পাৰে। এনে ব্যৱস্থাৰ সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় বিৰোধী। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজ্যপালসকল ৰাষ্ট্ৰপতি নাইবা কেন্দ্ৰীয় চৰকাৰৰ দূত নহয়। তেওঁলোকক কেণ্টনৰ জনসাধাৰণে নিৰ্বাচিত কৰে। ৰাজাৰ ৰাজ্যপালসকলৰ নিযুক্তি আৰু তেওঁলোকে গ্রহণ কৰা ভূমিকালৈ লক্ষ্য কৰিলে ভাৰতক একাত্মক ৰাষ্ট্ৰৰ বুলি ক’ব পাৰি।

৭। সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহ (Common All India Services): সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহৰ জৰিয়তে বাচনি কৰা ভাৰতীয় প্ৰশাসনীয় সেৱা ভাৰতীয় আৰক্ষী সেৱা আদিৰ লোকসকলক ৰাজাৰ উচ্চস্থানীয় প্রশাসনিক পদবীবোৰত নিয়োগ কৰা ব্যৱস্থাই ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপ ওলাই পৰিছে। তেওঁলোকক কেন্দ্রীয় লোকসেৱা আয়োগে বাছনি কৰে আৰু কেন্দ্রীয় গৃহ মন্ত্রণালয়ে প্রশিক্ষণ দিয়ে, কিন্তু ৰাজ্যসমূহত নিয়োগ কৰা হয়। এনেদৰে নিয়োজিত বিষয়াসকল সাময়িকভাৱে ৰাজ্যিক চৰকাৰৰ নিয়ন্ত্রণাধীন হৈ থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বেছি দায়বদ্ধ হৈ থাকে। সৰ্বভাৰতীয় সেৱাৰ জৰিয়তে নিয়োজিত বিষয়াসকলৰ ৰাজ্যিক প্ৰশাসনত উপস্থিতিয়ে ৰাজ্যৰ ওপৰত কেন্দ্ৰৰ প্রভাব দৃঢ়তৰ কৰি তুলিছে।

৮। কেন্দ্ৰৰ বিত্তীয় শ্রেষ্ঠত্ব (Financial Superiority of the Centre): ভাৰতৰ অংগৰাজ্যবোৰৰ কেন্দ্ৰৰ ওপৰত বিত্তীয় নিৰ্ভৰশীলতা ভাৰতীয় সংবিধানৰ আন এটা একাত্মক বৈশিষ্ট্য। সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় সম্পৰ্কৰ বিষয়ে বিষদভাবে আলোচনা কৰা আছে। কিন্তু সংবিধানে বিত্তীয় ক্ষেত্ৰত ৰাজ্যতকৈ কেন্দ্ৰক অগ্রাধিকাৰ দিছে। ৰাজ্যবোৰে অনুদান, ঋণ আদিৰ বাবে প্রায় কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ দ্বাৰা কেন্দ্ৰই সদায় ৰাজ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে সুযোগ পায়। বৰ্তমান ৰাজ্যবোৰে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ ফলস্বৰূপে বিত্তীয় অনুদানৰ বাবে বেছিকৈ কেন্দ্ৰৰ ওচৰ চাপিবলগীয়া হয় আৰু সেই অনুপাতে কেন্দ্ৰৰ নিয়ন্ত্ৰণ ৰাজ্যবোৰৰ ওপৰত বৃদ্ধি পাইছে।

৯। অখণ্ড ন্যায়পালিকা ব্যবস্থা (Integrated Judicial System): ভাৰতৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে অখণ্ড ন্যায়পালিকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। উচ্চতম ন্যায়ালয়ক শীর্ষত উচ্চ ন্যায়ালয়ক মধ্যবর্তী স্থানত আৰু নিম্ন আদালতক তলত স্থান দি অধিক্রম পদ্ধতিৰে ভাৰতীয় ন্যায়িক ব্যবস্থা সংবিধানে কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতৰ আটাইবোৰ ন্যায়ালয়ে কার্য পালন কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে সমগ্র দেশৰ উচ্চ ন্যায়ালয়ৰ মোকদমাৰ ৰায়ৰ বিৰুদ্ধে আপীল বিচাৰ কৰিব পাৰে। এনে ধৰণৰ ন্যায়িক ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিপন্থী। আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত ন্যায়পালিকাৰ ব্যৱস্থা আছে। অংগ-ৰাজ্যৰ ন্যায়ালয়ৰসমূহে নিজস্ব আইনৰ অধীনত আৰু ফেডাৰেল ন্যায়ালয়ে ফেডাৰেল আইনৰ অধীনত মোকর্দমা নিষ্পত্তি কৰে। কিন্তু ভাৰতৰ ৰাজ্যিক ন্যায়ালয়ৰ নিজস্ব ন্যায়িক ব্যবস্থা। নাই। এনে ধৰণৰ ন্যায়িক ব্যবস্থা একাত্মক সংবিধানৰ ন্যায়িক ব্যৱস্থাৰ অনুৰূপ।

১০। ৰাজ্যবোৰৰ ওপৰত কিছুমান বিশেষ কেন্দ্ৰৰ নিয়ন্ত্রণ (Control of the Union over States in Certain matters: কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰি ৰাজ্যবোৰৰ নিয়ন্ত্ৰণ কৰিব পাৰে। এনে নিৰ্দেশবোৰ হ’ল―

(ক) ৰাজ্যিক কাৰ্যবাহী ক্ষমতা ব্যৱহাৰ কৰোতে যাতে কেন্দ্ৰীয চৰকাৰৰ কাৰ্যবাহী ক্ষমতা প্রয়োগত বাধাগ্রস্ত নহয় তাৰ বাবে কেন্দ্রীয় চৰকালে ৰাজ্যসমূহক নির্দেশ দিব পাৰে।

(খ) কেন্দ্ৰীয় সংসদে ৰাজ্যিক কার্যবাহী ক্ষমতা ব্যৱহাৰৰ ক্ষেত্ৰত প্রণয়ন কৰা আইন মানি চলিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ নির্দেশ দিব পাৰে।

(গ) জাতীয় আৰু সামৰিক স্বাৰ্থত প্রয়োজন হ’লে পৰিবহণৰ। উন্নতিৰ বাবে পথ নিৰ্মাণ আৰু মেৰামতিৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক দিব পাৰে।

(ঘ) ৰাজাৰ ভিতৰত ৰে’লসেৱাৰ নিৰাপত্তাৰ ব্যৱস্থা ল’বৰ বাবে ৰাজ্যিক চৰকাৰক নির্দেশ দিব পাৰে।

(ঙ) জৰুৰী অৱস্থাৰ সময়ত ৰাজ্যৰ কাৰ্যবাহী ক্ষমতা ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে কেন্দ্রীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নির্দেশ দিব পাবে।

কেন্দ্ৰীয় চৰকাৰৰ এনেধৰণৰ নিৰ্দেশনালৈ লক্ষ্য কৰিলে ভাৰতক এখন একাত্মক ৰাষ্ট্ৰ বুলি কোৱাৰ যথেষ্ট থল আছে।

১১। সংবিধানৰ বেছিভাগ অনুচ্ছেদ কেন্দ্রীয় সংসদে অকলে সংশোধন কৰিব পাৰে (Most of the Articles of the Constitution can be amended by the Union Parliament alone): ভাৰতীয় সংবিধানৰ সৰহ সংখ্যক অনুচ্ছেদ কেন্দ্রীয় সংসদে অকলে সংশোধন কৰিব পাৰে। সংবিধানৰ মাত্ৰ ৩৬৮ 

(২) নং অনুচ্ছেদত উল্লেখিত কিছুমান বিষয় সংশোধনীৰ ক্ষেত্ৰত মুঠ ৰাজ্যিক বিধানসভাৰ আধা সংখ্যকৰ অনুমোদন প্রয়োজন হয়। সংবিধান সংশোধনৰ ক্ষেত্ৰত সংবিধানে ৰাজ্যক নগণ্য আৰু কেন্দ্রীয় সংসদক অধিক ক্ষমতা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাত সহায় কৰিছে।

১২। কেন্দ্রীয় সংসদে ৰাজ্যসমূহৰ সীমা পৰিৱৰ্তন কৰিব পাৰে (The Union Parliament can change the boundaries of the state): সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি কেন্দ্রীয় সংসদে ৰাজ্যসমূহৰ বিনা সম্মতিত ৰাজাৰ সীমা পৰিৱৰ্তন কৰিব পাৰে। ১৯৫৬ চনত কেন্দ্রীয় সংসদে ৰাজ্যিক পুনৰগঠন আইন অনুসৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজাবোৰৰ সীমাৰ পৰিৱৰ্তন কৰিছিল। ভাৰতৰ সংবিধানে কেন্দ্রীয় সংসদৰ ওপৰত নতুন ৰাজ্যৰ গঠন, ৰাজ্যৰ নামৰ সলনিকৰণ, লীমাৰ পৰিৱৰ্তন আৰু নিৰ্ধাৰণ ক্ষমতা, নাস্ত কৰিছে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত অংগৰাজ্যৰ সন্মতি নোহোৱাকৈ কেন্দ্রীয় সংসদে (কংগ্ৰেছ) অকলে অংগৰাজ্যবোৰৰ সীমাৰ কোনোধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপ আৰু কেন্দ্রৰ প্রবণতা পৰিলক্ষিত হৈছে।

১৩। উমৈহতীয়া নির্বাচন আয়োগ (Common Election Commission): কেন্দ্রীয় সংসদ আৰু ৰাজ্যিক বিধানমণ্ডল আদিৰ নির্বাচন পৰিচালনাৰ বাবে সংবিধানত পৃথক নির্বাচন আয়োগৰ ব্যৱস্থা তাই। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী নির্বাচন আয়োগৰ মুখ্য নির্বাচনী বিষয়াগৰাকী নিযুক্তি দিয়ে। কেন্দ্রীয় সংসদ আৰু ৰাজ্যক বিধানমণ্ডলৰ সাধাৰণ নির্বাচন, মধ্যবর্তীকালীন নির্বাচন, উপ-নির্বাচন, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নির্বাচন আদি নির্বাচন আয়োগে পৰিচালনা কৰে। কেন্দ্রীয় সংসদে নির্বাচন সংক্রান্ত বিধি ৰচনা কৰিব পাৰে। এই আয়োগ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা সম্পূর্ণ মুক্ত নহয়।

১৪। বিলগ্ন হোৱাৰ অধিকাৰ অনুপস্থিতি (Absence of right to Secede): যুক্তৰাষ্ট্ৰীয় সংবিধান কিছুমানত অংগ-ৰাজ্যক বিলগ্ন হোৱাৰ অধিকাৰ প্ৰদান কৰা দেখা যায়। তদানীন্তন কছ সাধাৰণতন্ত্রব সংবিধানত অংগৰাজাৰ বিলগ্ন হোৱাৰ অধিকাৰ থকা হেতুকে কিছুমান অংগৰাজ্য আঁতৰি গৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰিছে। কিন্তু ভাৰতৰ সংবিধানে অংগৰাজাবোৰক বিলগ্ন হৈ নতুন ৰাষ্ট্ৰ গঠনৰ ক্ষমতা প্রদান কৰা নাই।

১৫। ৰাজ্যসমূহৰ ক্ষেত্ৰাধিকাৰৰ ওপৰত সীমাবদ্ধতা (Limitations upon the Jurisdiction of States): ভাৰতবৰ্ষৰ সংবিধানে ৰাজ্যিক সূচীভুক্ত বিষয়সমূহৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা ৰাজ্যিক বিধানমণ্ডলৰ ওপৰত নাস্ত কৰিছে। কিন্তু এনেবোৰ ক্ষমতাৰ ওপৰত কেতিয়াবা সীমাবদ্ধতা আনি ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপৰ পৰিচয় দিয়া দেখা যায়। উদাহৰণস্বৰূপে―

(ক) ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা গৃহীত বিধেয়ক ৰাজ্যপালে কেতিয়াবা ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সংৰক্ষিত ৰাখিব পাৰে আৰু উপ- ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদনপ্রাপ্ত বিধেয়ক আইনত পৰিণত হোৱাৰ পাছত তেনে আইন কেৱল কেন্দ্রীয় সংসদে সংশোধন কৰিব পাৰে।

(খ) দুখন বা ততোধিক ৰাজ্যিক চৰকাৰৰ অনুৰোধ সাপেক্ষেকেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত প্ৰণয়ন কৰা আইন কেৱল কেন্দ্রীয় সংসদে সংশোধন কৰিব লাগে।

(গ) জৰুৰী অৱস্থাৰ সময়ত কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা লাভ কৰে।

(ঘ) ৰাজ্যসভাই ৰাজ্যিক সূচীভুক্ত কোনো বিষয়ৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰি আইন প্রণয়নৰ অধিকাৰ কেন্দ্ৰীয় সংসদক প্রদান কৰিব লাগে।

১৬। কেন্দ্রীয় নিয়ন্ত্রণাধীন পৰিকল্পনা (Centralised Planning): ভাৰতীয় সংবিধানে কেন্দ্রীয় নিয়ন্ত্রণাধীন অর্থনৈতিক পৰিকল্পনাৰ ব্যৱস্থা কৰিছে। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা ৰচনা কৰিবৰ বাবে পৰিকল্পনা আয়োগ গঠন কৰা হয়। ইয়াৰ মুৰব্বী হ’ল প্রধানমন্ত্রী। দেশৰ পাঁচ বছৰীয়া পৰিকল্পনাৰ বাবে প্রয়োজনীয় ধনৰ যোগান ধৰে কেন্দ্ৰীয় চৰকাৰে। দেশৰ পৰিকল্পনা ৰচনা কৰাত ৰাজ্যসমূহৰ বৰ বেছি হাত নাথাকে। পৰিকল্পনা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিয়ন্ত্রণ কৰিব পাৰে।

১৭। অনুসন্ধান আয়োগ গঠন (Formation of Inquiry Commission): কেন্দ্ৰীয় চৰকাৰে ৰাজাৰ যিকোনো মুখ্যমন্ত্রী নাইবা অন্যান্য মন্ত্রীসকলৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ নাইবা দুর্নীতিৰ অনুসন্ধান কৰিবৰ বাবে অনুসন্ধান আয়োগ গঠন কৰিব পাৰে। এনে ব্যৱস্থা হ’ল ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ একাত্মক চৰিত্ৰ। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক মন্ত্ৰীসকলক নিয়ন্ত্ৰণত ৰাখিব পাৰে।

ভাৰতীয়া সংবিধানৰ ওপৰোক্ত বৈশিষ্ট্যসমূহৰ পৰা দেখা যায়। যে ভাৰতীয় যুক্তৰাষ্ট্ৰত ভালেমান একাত্মক বৈশিষ্ট্য আছে। এনেবোৰ একাত্মক বৈশিষ্টাৰ বাবে ভাৰতবৰ্ষক অৰ্দ্ধযুক্তৰাষ্ট্ৰীয় বুলি কোৱাৰ যথেষ্ট থল আছে আৰু ইয়াৰ বাবে কেন্দ্র-প্ৰৱণতা বৃদ্ধি পাইছে।

২৫। সংবিধানত সন্নিবিষ্ট মৌলিক কর্তব্যসমূহৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ (ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সম্মান প্রদর্শন কৰা। 

(খ) স্বাধীনতা লাভৰ বাবে চলোৱা জাতীয় আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ পোষণ আৰু অনুসৰণ কৰা।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুণ্ণ ৰখা আৰু ৰক্ষা কৰা।

(ঘ) দেশখনক ৰক্ষা কৰা, দেশমাতৃৰ আহ্বান ক্রমে জাতীয় সেৱা আগবঢ়োৱা।

(ঙ) ধর্মীয়, ভাষিক, আঞ্চলিক নাইবা সাম্প্রদায়িক অনৈক্য অতিক্ৰম কৰি সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্বভাৱৰ সৃষ্টি কৰা, নাৰীৰ মর্যাদা হানি কৰা আচৰণ ত্যাগ কৰা।

(চ) আমাৰ মিশ্রিত সংস্কৃতিৰ মূল্যবান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা।

(ছ) হাবি-বননি, হ্রদ, নদ-নদী আৰু বনৰীয়া জীৱ-জন্তুকে আদি কৰি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথ্য জীবিত প্ৰাণীৰ প্রতি দয়া প্ৰদৰ্শন কৰা।

(জ) বৈজ্ঞানিক দৃষ্টিভঙ্গী, মতবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা।

(ঝ) ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকৰ্ষ সাধনৰ বাবে যত্নবান হোৱা; যাতে ৰাষ্ট্ৰই ক্রমবর্ধমানভাৱে প্ৰগতি আৰু সফলতাৰ উচ্চতৰ পৰ্যায়ত আগুৱাই যায়।

(ঞ) অভিভাৱকসকলে তেওঁলোক ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষা গ্ৰহণৰ সুযোগৰ ব্যৱস্থা কৰা।

২৬। মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মৌলিক অধিকাৰক প্ৰধানকৈ দুটা ভাগত বিভক্ত। কৰিব পাৰি। 

(ক) সমতাৰ অধিকাৰ: (অনুচ্ছেদ ১৪-১৮) সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আইনৰ চকুত সমতা আৰু সমসুৰক্ষিত হোৱাকে বুজায়।

(খ) স্বাধীনতাৰ অধিকাৰ: (অনুচ্ছেদ ১৯-২২) স্বাধীনতাৰ অধিকাৰেই হ’ল নাগৰিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ। ব্যক্তি স্বাধীনতাৰ বাহক হিচাপে ১৯ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে দুই প্ৰকাৰৰ স্বাধীনতা অন্তর্ভুক্ত কৰা হৈছে।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ: (অনুচ্ছেদ ২৩-২৪) প্রচলিত সমাজ ব্যৱস্থাৰ পৰা আর্থ সামাজিক বৈষম্য আৰু শোষণ দূৰ কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ সংযোজন কৰা হৈছে।

(ঘ) ধর্মীয় স্বাধীনতাৰ অধিকাৰ: (অনুচ্ছেদ ২৫-২৮) ভাৰতীয় সংবিধানে সকলো শ্ৰেণীৰ মানুহৰ বাবে শিক্ষা আৰু।সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰে সেই উদ্দেশ্যে সংবিধানৰ ২৯ আৰু অনুচ্ছেদত শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ সংযোজিত কৰিছে।

(ঙ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ: (অনুচ্ছেদ ৩২) ভাৰতীয় সংবিধানত অন্তর্ভুক্ত হোৱা অধিকাৰ সমূহক অধিক কার্যক্ষম কৰি তুলিবলৈ ভাৰতীয় নাগৰিকৰ বাবে সংবিধানৰ ৩২ অনুচ্ছেদ কিছুমান প্রতিকাৰমূলক ব্যৱস্থা সংযোজিত কৰা হৈছে। ইয়াকে সাংবিধানিক নিৰাময়ৰ অধিকাৰ বোলা হয়।

২৭। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ ১। নিৰ্দেশাত্মক নীতিসমূহ হ’ল ৰাষ্ট্ৰৰ পক্ষে কিছুমান নির্দেশাৱলী। এই নীতিবোৰ সংবিধানত স্বীকৃত যদিও ৰাষ্ট্ৰক এই নীতিবোৰ মানি চলিবলৈ বাধ্য কৰিব নোৱাৰি।

২। নির্দেশাত্মক নীতিসমূহ ন্যায়িক বিচাৰযোগ্য নহয় আৰু এনে নীতিসমূহ বলবৎ কৰাৰ কাৰণে আদালতৰ কাষ চাপিব নোৱাৰি।

৩। নির্দেশাত্মক নীতিসমূহ ইতিবাচক হোৱা হেতুকে এবোৰে ৰাষ্ট্ৰৰ কৰ্ম পৰিধি আৰু ক্ষমতা বৃদ্ধি কৰিছে।

৪। নির্দেশাত্মক নীতিৰ প্ৰধান লক্ষ্য হ’ল কল্যাণকামী ৰাষ্ট্ৰ প্রতিষ্ঠা কৰা।

৫। ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক উন্নয়নৰ কাৰণে নির্দেশাত্মক নীতিসমূহ অপৰিহার্য।

২৮। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ শ্রেণীবিভাগৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ (ক) সমাজবাদী আৰু অৰ্থনৈতিক নীতি: সংবিধানৰ সমাজবাদী আৰু অৰ্থনৈতিক নীতিসমূহৰ প্ৰধান উদ্দেশ্য হ’ল ভাৰতবৰ্ষক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। সংবিধানৰ ৩৮ (১) নং অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰই সামাজিক, আর্থিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠাৰ জৰিয়তে সামাজিক কল্যাণ সাধন, মর্যাদা আৰু সম-সুযোগ সুবিধাৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাব। গতিকে ৰাষ্ট্ৰৰ প্ৰধান লক্ষ্য হ’ল ন্যায়ৰ ওপৰত প্রতিষ্ঠিত এক সামাজিক অৱস্থাৰ প্ৰতিষ্ঠা কৰি জনকল্যাণ সাধন কৰা।

(খ) গান্ধীবাদী নীতি: সংবিধানৰ ৪০, ৪৩, ৪৭ আৰু ৪৮ অনুচ্ছেদত সন্নিৱিষ্ট নীতিসমূহ মহাত্মা গান্ধীয়ে তেওঁৰ জীৱন কালত আদর্শ হিচাপে গ্ৰহণ কৰিছিল। ভাৰতীয় সংবিধান প্রণেতাসকলে মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে তেওঁৰ আদৰ্শ সমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিছিল।

(গ) আন্তঃৰাষ্ট্ৰীয় নীতি: সংবিধানৰ ৫১ নং অনুচ্ছেদত অন্তর্ভুক্ত নীতিসমূহেই মূলতঃ আন্তঃৰাষ্ট্ৰীয় নীতি যিবোৰ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা আদিৰ লগত জড়িত। প্রধান আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ হ’ল―

(i) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰা।

(ii) ৰাষ্ট্ৰসমূহৰ মাজত সৌহার্দ্যপূর্ণ সম্পর্ক বজাই ৰখা কৰা ।

(iii) মধ্যাস্থতাৰে আন্তর্জাতিক বিবাদসমূহ মীমাংসা কৰা ইত্যাদি।

২৯। নির্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ বিষয়ে থকা পার্থক্যসমূহৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ ১। মৌলিক অধিকাৰসমূহ নাগৰিকৰ উদ্দেশ্যে প্রদান কৰা হৈছে। আনহাতে নিৰ্দেশাত্মক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্যে প্রতিষ্ঠা কৰা হৈছে।

২। মৌলিক অধিকাৰসমূহ ব্যক্তিবাদী যিয়ে ব্যক্তিৰ জীৱনত সুখ দিব বিচাৰে। আনহাতে, নির্দেশাত্মক নীতিসমূহ সমাজতান্ত্রিক আৰু এইবোৰে সমাজত সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিব বিচাৰে।

৩। মৌলিক অধিকাৰসমূহ বলবৎযোগ্য। আনহাতে, নির্দেশাত্মক নীতিসমূহ আদালতৰ দ্বাৰা বলবৎযোগ্য নহয়।

৪। মৌলিক অধিকাৰে ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰিব বিচাৰে। ইয়াৰ বিপৰীতে নির্দেশাত্মক নীতিয়ে সামাজিক আৰু অর্থনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰিব বিচাৰে।

৫। কিছুমান মৌলিক অধিকাৰ ইতিবাচক আৰু আন কিছুমান নেতিবাচক। আনহাতে নির্দেশাত্মক নীতিসমূহ ইতিবাচক চৰিত্ৰৰ হয়।

৬।মৌলিক অধিকাৰসমূহ অধিক নির্দিষ্ট আৰু বাস্তব, আনহাতে নির্দেশাত্মক নীতিসমূহ বহল পৰিধিৰ।

৩০। নির্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ বিষয়ে থকা পার্থক্যসমূহৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ ভাৰতবৰ্ষ সংবিধানৰ তৃতীয় অধ্যায়ত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহ অধ্যয়ন কৰিলে উল্লেখ কৰা বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়:

(ক) সংবিধানৰ অপৰিহাৰ্য অংগ: মৌলিক অধিকাৰসমূহ সংবিধানৰ অপৰিহাৰ্য অংগ। এই অধিকাৰসমূহৰ সাধাৰণ আইনপ্ৰণয়ন প্ৰক্ৰিয়াৰ পৰিবৰ্তন নাইবা নোহোৱা কৰিব পৰা নাযায়। মৌলিক অধিকাৰ সংশোধন কৰিবৰ বাবে সংসদে বিশেষ পদ্ধতি অৱলম্বন কৰিব লাগে। এই অধিকাৰবোৰ সংসদে আইন প্রণয়ন কৰিলে ন্যায়ালয়ে তেনে আইনক অসাৱবিধানিক বুলি ঘোষণা কৰি নাকচ কৰিব পাৰে।

(খ) বাদযোগ্য: ভাৰতৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰসমূহ বাদযোগ্য। ব্যক্তি, অনুষ্ঠান নাইবা চৰকাৰৰ কোনো অংগই মৌলিক অধিকাৰৰ ওচৰত হস্তক্ষেপ কৰিব নোৱাৰে।

(গ) চৰম নহয়: মৌলিক অধিকাৰ সীমাহীন নহয়। ৰাষ্ট্ৰই মৌলিক অধিকাৰসমূহৰ উপভোগত ‘যুক্তিসংগত বাধা নিষেধ আৰোপ কৰিব পাৰে।

(ঘ) মৌলিক অধিকাৰসমূহ কেৱল নাগৰিকসকলে ভোগ কৰে: ভাৰতবৰ্ষ সংবিধানত সন্নিবিষ্ট কৰা সকলোবোৰ মৌলিক অধিকাৰ ভাৰতীয় নাগৰিকসকলে জাতি, ধর্ম, বর্ণ, ভাষা, নির্বিশেষে ভোগ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top