Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Notes | ভাৰতৰ সংবিধানৰ ৰচনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Question Answer can be of great value to excel in the examination.

Join Telegram channel

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Short Question Answer

১। সংবিধানৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ১। সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা।

২। সংবিধানে চৰকাৰৰ কাৰ্য নিয়ন্ত্রক আৰু নিৰ্ধাৰক। সকলো আইনগত আৰু আইন বৰ্হিভূত নীতি-নিয়মক বুজায়।

৩। সংবিধান লিখিত বা অ-লিখিত হ’ব পাৰে গাঁথনি। 

৪। কোনো দেশৰ সংবিধান হ’ল সেই দেশৰ মৌলিক গাঁথনি।

৫। সংবিধান সদায় পৰিৱৰ্তনশীল। ইয়াক সম্পূর্ণভাৱে বা আংশিকভাৱে পৰিৱর্তন বা সংশোধন কৰিব পাৰি।

৬।সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত পাৰস্পৰিক সম্পর্ক নিৰ্ধাৰণ কৰে।  

২। গণতান্ত্রিক উত্তৰণৰ আধাৰ হিচাপে সংবিধানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সংবিধানে গণতান্ত্রিক আৰু শান্তিপূর্ণ উপায়েৰে সমাজ উত্তৰণৰ ব্যৱস্থা কৰিছে। ভাৰতীয় সংবিধানৰ চতুর্থ অধ্যায়ত ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিসমূহ সন্নিবিষ্ট হৈছে। এই নীতিৰ জৰিয়তে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত এখন কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰিছে। সংবিধানৰ এই নীতি নিৰ্দেশনাৰ আধাৰতেই চৰকাৰে দুৰ্গত লোকসকলৰ কল্যাণৰ বাবে বহুবোৰ নীতি ঘোষণা কৰিছে। সংবিধানৰ এই নীতি নির্দেশনাৰ আধাৰতেই চৰকাৰে দুৰ্গত লোকসকলৰ কল্যাণৰ বাবে বহুবোৰ নীতি তথা কাৰ্যসূচী প্রণয়ন কৰি আহিছে। এনে নীতিৰ মূল কথা হ’ল সমাজত থকা বৈষম্য দূৰ কৰা। এনে প্রচেষ্টাই সমাজৰ শান্তিপূর্ণ উত্তৰণত অৰিহণা যোগাব পাৰে। সংবিধানে আমাক আত্মশাসনৰো সুবিধা প্রদান কৰিছে। আধুনিক ভাৰত নিৰ্মাতা জৱাহৰলাল নেহৰুৰ বাবে এই দুয়োটা কথাই আছিল অত্যন্ত গুৰুত্বপূর্ণ। নেহৰুৱে স্পষ্টকৈ কৈছিল যে ভাৰতীয় জনসাধাৰণে নিজা সংবিধান সভাৰ জৰিয়তে সংবিধান প্রণয়নৰ যি দাবী তুলিছিল তাৰ মাজেৰে ভাৰতীয় জনসাধাৰণৰ আত্মশাসনৰ সমূহীয়া আকাংক্ষা প্রতিফলিত হৈছিল।

৩। ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ (১) দীর্ঘতম সংবিধান: ভাৰতীয় সংবিধান বৰ দীঘল। আৰম্ভণিতে ইয়াত ৪৪৮ টা অনুচ্ছেদ, ২০ টা অধ্যায় আৰু ১২ টা অনুসূচী আছিল। কিন্তু বৰ্তমানলৈকে ভাৰতৰ সংবিধান বহুবাৰ সংশোধন কৰা হ’ল। ফলত সংবিধানৰ আকাৰ বাঢ়ি গৈ আছে।

(২) সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক প্রজাতন্ত্র: এই সংবিধানে ভাৰতক এখন সার্বভৌম সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য হিচাপে আখ্যা দিছে।

(৩) একক নাগৰিকত্ব: ভাৰতীয় সংবিধানে ভাৰতবাসীৰ বাবে একক নাগৰিকত্বৰ ব্যৱস্থা কৰিছে।

(৪) আংশিকভাবে নমনীয় আৰু আংশিকভাবে কঠিন সংবিধান: ভাৰতীয় সংবিধান নমনীয়ও নহয় আৰু কঠিনো নহয়। ইয়াক নমনীয় আৰু কঠিন সংবিধানৰ এক সংমিশ্ৰণ বুলি ক’ব পাৰি। ইয়াত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ ক্ষমতা, ন্যায়ালয় আদি বিষয়ত সংবিধান সংশোধন কৰা কঠিন। কিন্তু কোনো ৰাজ্যৰ নাম পৰিৱৰ্তন কৰা বা সীমাৰ পৰিৱৰ্তন কৰা, এখন ভাঙি দুখন ৰাজ্য গঠন কৰা আদি বিষয়ত সংশোধন কৰা অতি সহজ।

(৫) সংসদীয় গণতন্ত্র: ভাৰতৰ শাসনৰ মূলতে ৰাষ্ট্ৰপতি আছে যদিও ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাহে আছে।

(৬) জনজাতিৰ বিশেষ সুবিধা: ভাৰতীয় সংবিধানত অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

৪। ভাৰতীয় সংবিধানৰ চাৰিটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।

উত্তৰঃ (১) সংবিধানৰ প্ৰাধান্যতা: যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে সংবিধানৰ ‘মূল গাঠনিৰ বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত বেছি প্রাধান্য দিয়া হৈছে। ই ভাৰতীয় সংবিধানৰ এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য।

(২) এক নাগৰিকত্ব: যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। কিন্তু ভাৰতত এক নাগৰিকত্বৰহে ব্যৱস্থা আছে। ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতীয় নাগৰিক।

(৩) ৰাজ্যপালৰ নিযুক্তি: যুক্তৰাষ্ট্ৰীয় বিধানমতে ৰাজ্যৰ মুৰব্বী ৰাজ্যপাল গৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নির্বাচিত কৰিব লাগে। কিন্তু ভাৰতত সেই নীতি প্রযোজ্য নহয়। ভাৰতৰ অংগ ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ইও ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য।

(৪) অংগৰাজ্যবোৰৰ মর্যাদা: এখন যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবোৰে যি মর্যাদা ভোগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভোগ কৰা নাই। যুক্তৰাষ্ট্ৰ অংগ ৰাজ্যসমূহৰ নিজা সংবিধান থাকে। ভাৰতৰ অংগৰাজ্যবোৰৰ নিজা সংবিধান নাই। সমগ্ৰ ৰাজ্যৰ বাবে মাত্র এখন সংবিধান আছে।

৫। প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিব পাৰিছেনে ? মন্তব্য দিয়া।

উত্তৰঃ সাধাৰণতে প্রত্যেকখন লিখিত সংবিধানৰ আৰম্ভণিতে সংবিধানৰ আদৰ্শ, ৰাষ্ট্ৰৰ বুনিয়াদী নীতি আৰু দেশৰ শাসন ব্যৱস্থাৰ স্বৰূপটো প্ৰকাশ কৰি যি পাতনি লিপিবদ্ধ কৰা হয় তাক প্রস্তাবনা বোলা হয়। দেশ এখনে অনুসৰণ কৰিবলগীয়া নীতি সমূহ প্ৰস্তাৱনাত উল্লেখ থাকে। বর্তমান সকলো সংবিধানতে এক প্রস্তাবনা সংযোজন কৰা দেখা যায়। ভাৰতৰ সংবিধানৰো এটা প্রস্তাবনা আছে। এই প্রস্তাৱনাটোৰেই ভাৰতীয় সংবিধানখন আৰম্ভ হৈছে। প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিছে। প্ৰস্তাৱনাত ভাৰতবৰ্ষক সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই আদর্শকেইটা ভাৰতীয় সংবিধানৰ ভেঁটি। প্রস্তাৱনাত ভাৰতীয় নাগৰিকৰ চিন্তা, ভাৱ-প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতাৰ কথা উল্লেখ আছে। প্রস্তাবনাত প্রত্যেক ব্যক্তিৰ বাবে ৰাজনৈতিক, সামাজিক ন্যায় আৰু সমতা প্রতিষ্ঠাৰ আদৰ্শ সন্নিবিষ্ট কৰা আছে। এইদৰে দেখা যায় যে প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিব পাৰিছে।

৬। ভাৰতক কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ বোলা হয়। এই উক্তিৰ সমর্থনত যুক্তি দিয়া।

উত্তৰঃ (১) সকলো ধৰ্মক সমান মর্যাদা দিয়া হয়। 

(২) যিকোনো ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বাধা-আৰোপ কৰা নহয়।

(৩) ধৰ্মৰ অধিকাৰক মৌলিক মর্যাদা দিয়া হৈছে।

৭। সংবিধান এখন জীবন্ত দলিল হয়নে ?

উত্তৰঃ সংবিধান হ’ল ৰাষ্ট্ৰৰ মৌলিক আৰু সর্বোচ্চ আইনস্বৰূপ। সংবিধান পৰিৱৰ্তনীয় আৰু ক্রমবর্ধনশীল। সময়ৰ গতিৰ লগত খাপ খুৱাই সংবিধানবোৰ পৰিৱৰ্তন কৰা হয়। সংবিধানৰ কোনো অপ্রয়োজনীয় অংশ বাদ দিয়া হ’লেও নতুন কথা সংযোজনৰ ফলত ইয়াৰ কলেবৰ বৃদ্ধি হৈ থাকে। সংবিধান এখন ৰচনা কৰোঁতে ভালেমান আসোঁৱাহ ৰৈ যাব পাৰে। কেতিয়াবা বিশেষ পৰিস্থিতিৰ বাবে সংবিধানত সন্নিৱিষ্ট কৰিবলগীয়া কিছুমান অংশ বাদ দিবলগীয়া হ’ব পাৰে। আকৌ কেতিয়াবা সংবিধানত লিপিবদ্ধ থকা কিছু অংশ সময়ৰ পৰিৱৰ্তনৰ ফলত বাদ দিবলগীয়া হয়। উদাহৰণস্বৰূপে, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ ঘটোৱাহৈছে। নাইবা কোনো অংশ নতুনকৈ সংযোজন কৰাৰ আৱশ্যক হ’ব পাৰে। নাইবা কোনো অংশৰ সম্ভাৱা পৰিৱৰ্তনৰ আৱশ্যক হ’ব পাৰে। প্ৰতিখন ৰাষ্ট্ৰৰ সংবিধানৰ ক্ষেত্ৰত এনে ধৰণৰ পৰিৱৰ্তন সাধিত হৈ থকা দেখা যায়। সংবিধান যিহেতুকে জীৱিত বস্তুৰ নিচিনা পৰিবৰ্তনশীল আৰু ক্রমবর্ধমান । সেইবাবে সংবিধান এখনক জীৱন্ত দলিল বোলা হয়।

৮। ভাৰতীয় সংবিধান সংশোধন পদ্ধতি আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধান সংশোধনী পদ্ধতি ৩৬০ নং অনুচ্ছেদত উল্লেখ কৰা আছে। ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুযায়ী সংবিধান সংশোধন পদ্ধতিক তিনিটা ভাগত ভগোৱা হৈছে।

প্রথম পদ্ধতি: ভাৰতৰ সংসদে সংবিধানৰ বহুবিলাক বিষয় সাধাৰণ আইন প্রণয়ন পদ্ধতিতে সংশোধন কৰিব পাৰে। এই পদ্ধতি অনুসৰি সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ সমর্থনত কিছুমান বিষয় সংশোধন কৰা হয়।

দ্বিতীয় পদ্ধতি: ভাৰতীয় সংবিধানৰ কিছুমান বিষয় বা অনুচ্ছেদ সংশোধনৰ ক্ষেত্ৰত দৃঢ় বা অনমনীয় পদ্ধতিৰ ব্যৱস্থা আছে। এই পদ্ধতি অনুসৰি সংবিধান সংশোধন কৰিবলৈ হ’লে সংসদৰ প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশ উপস্থিত আৰু ভোট প্রদানকাৰী সদস্যসকলৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভোটৰ প্ৰয়োজন আৰু ৰাজ্যিক বিধানমণ্ডল সমূহৰ কমেও আধা সংখ্যক বা ততোধিক সমর্থনৰ প্ৰয়োজন।

তৃতীয় পদ্ধতি: এই পদ্ধতি অনুসৰি সংবিধানৰ কিছুমান বিষয় সংসদৰ প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশ আৰু উপস্থিত আৰু ভোট প্রদানকাৰী সদস্যৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভোটক সংশোধন কৰিব পাৰি। এই বিষয়সমূহৰ কিছুমান হ’ল মৌলিক অধিকাৰ, নির্দেশাত্মক নীতি ইত্যাদি।

ভাৰতীয় সংবিধানে সংশোধনৰ প্ৰস্তাৱ কেৱল কেন্দ্রীয় সংসদে উত্থাপন কৰিব পাৰে। ৰাজ্যসমূহৰ এই ক্ষমতা নাই। যিকোনো সংবিধান সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতিৰ প্রয়োজন। ৰাষ্ট্রপতিৰ স্বাক্ষৰ লাভ কৰাৰ পিছত  সংবিধান সংশোধনী কাৰ্যকৰী হয়।

৯। ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ। ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধান সম্পূর্ণ নমনীয় নহয়, অনমনীয় ও নহয়। অর্থাৎ ভাৰতীয় সংবিধান পদ্ধতি অতি সহজ বা সম্পূর্ণ জটিল নহয়। সংবিধানৰ কিছু সংখ্যক অনুচ্ছেদ সাধাৰণ আইন। প্রণয়ন পদ্ধতিৰে সংশোধন কৰিব পাৰি। আনহাতে, কিছুসংখ্যক অনুচ্ছেদ সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ সমৰ্থনত সংশোধন কৰিব পাৰি। তদুপৰি কিছুসংখ্যক অনুচ্ছেদ সংশোধন কৰিবলৈ হলে সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ সমর্থনৰ উপৰিও ৰাজ্য বিধান সভ্য সমূহৰ কমেও আধাসংখ্যাৰ সন্মতিৰৰ প্রয়োজন হয়। গতিকে ক’ব পাৰি যে ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

১০। নমনীয় সংবিধানৰ ওপৰত টোকা লিখা।

উত্তৰঃ সাধাৰণ আইনে প্রণয়ন পদ্ধতিৰে যি বিধান সংশোধন কৰিব পাৰি তাক নমনীয় সংবিধান বোলে। সংবিধানে জনসাধাৰণৰ আশা-আকাক্ষ্যা পুৰণ কৰিব পাৰে। কাৰণ এনে সংবিধানৰ সাল-সলনি বা সংশোধন কৰি জনসাধাৰণৰ স্বাধী পূৰণ কৰিব পাৰি। প্রত্যেক দেশতেই কেতিয়াবা কেতিয়াবা বিশেষ কোনো পৰিস্থিতি বা সাকেটজনক পৰিস্থিতিৰ সৃষ্টি হলে, সংবিধান সংশোধনৰ আৱশ্যকতা আহি পৰে। নমনীয় সংবিধানে এনে বৰণৰ পৰিস্থিতিৰ মুখামুখি হোৱাত সহায় কৰে।

১১।  অনমনীয় সংবিধানৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ যি সংবিধান সহজে সংশোধন বা সলনি কৰিব নোৱাৰি। তাক সংশোধন কৰিবলৈ এক জটিল প্রক্রিয়া অৱলম্বন কৰা হয়, তাকে অনমনীয় সংবিধান বোলে। অনমনীয় সংবিধানৰ স্থায়িত্ব আছে। অনমনীয় সংবিধান সহজে সংশোধন কৰিব নোৱাৰি। এই সংবিধানৰ ভৱিষ্যত শাসকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এই সংবিধান অত্যাবশ্যকীয়। অনমনীয় সংবিধানে অংগৰাজ্য সমূহৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰে।

১২। ভাৰতীয় সংবিধান সংশোধন প্রক্রিয়াৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (১) সংবিধান সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতিৰ সম্মতিৰ প্ৰয়োজন৷

(২) ৰাজ্যিক বিধানমণ্ডলসমূহৰ সংশোধনী প্রস্তাব উত্থাপনৰ অধিকাৰ নাই। 

(৩) ভাৰতীয় সংবিধানৰ সংশোধন পদ্ধতি নমনীয়তা আৰু অনমনীয়তাৰ সংমিশ্রণ।

১৩। অনমনীয় সংবিধানৰ দুটা অসুবিধা লিখা।

উত্তৰঃ (ক) অনমনীয় সংবিধান সংশোধন পদ্ধতি জটিল হোৱা বাবে সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।

(খ) জৰুৰী অৱস্থাৰ সন্মুখীন হ’বৰ বাবে অনমনীয় সংবিধান অনুকূল নহয়।

১৪। সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰ ভাৰতীয় সংবিধান সভা গঠনৰ পৰামৰ্শ প্ৰথমে ভাৰতৰ এজন মহান নেতা মানবেন্দ্রনাথ ৰায়ে আগবঢ়াইছিল। ১৯৩৪ চনৰ জাতীয় কংগ্ৰেছৰ অধিবেশনত সংবিধান সভা গঠনৰ প্ৰস্তাৱ গৃহীত হয় যদিও বহুতো কংগ্ৰেছী লোকে সন্মিলনৰ জৰিয়তেহে সংবিধানৰ ৰচনাৰ পোষকতা কৰিছিল। অৱশ্যে তেওঁলোকে ভবা নাছিল যে সংবিধান সভা গঠন হ’ব জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধি আৰু সেই সংবিধান সভাই জনসাধাৰণৰ যথেষ্ট উৎসাহ আৰু বল আহৰণ কৰিব। শেষত জৱাহৰলাল নেহৰুৱেহে সংবিধান সভাৰ প্ৰকৃত ধাৰণাটো ভাৰতীয় জনসাধাৰণ মাজত অধিক জনপ্রিয় কৰি তোলে। শেষত, কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি ১৯৪৬ চনত যিখন সংবিধান সভাৰ আঁচনি প্রস্তুত তকৰা হ’ল তালৈ প্ৰদেশবোৰৰ পৰা ২৯৬ জন আৰু দেশীয় বাজাবোৰৰ পৰা ১০ জন মুঠ ৩৮৯ জন সদস্যৰ ব্যৱস্থা কৰা হ’ল। ১৯৪৬ চনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছত সেই চনৰে ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথম অধিবেশন দিল্লীত অনুষ্ঠিত হয়।

এইদৰে বহু ঘাত-প্রতিঘাতৰ মাজেৰে ভাৰতবাসীৰ বহু আকাংক্ষিত সংবিধান সভা গঠন হয়। এই সংবিধান সভাই স্বাধীনভাৱে ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। ১৯৪৬ চনত সংবিধান সভা গঠিত হয় আৰু এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। সংবিধান সভাৰ প্রথম অধিবেশন ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰ তাৰিখলৈ চলিছিল। এই প্রথম অধিবেশনতে পণ্ডিতজৱাহৰলাল নেহৰুৱে সভাৰ মূল লক্ষ্যসমূহ এটা প্রস্তাব আকাৰে দাঙি ধৰে। এই প্রস্তাবকে সংবিধান সভাৰ “লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ” বোলা হয়। প্রস্তাব দাঙি ধৰি তেওঁ কয় যে ভাৰতক এখন স্বাধীন, সার্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাই সংবিধান সভাৰ মূল লক্ষ্য। সংবিধান। সভাৰ দ্বিতীয় অধিবেশন ১৯৪৭ চনৰ ২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ চলিছিল। এই অধিবেশনত “লক্ষ্য নিৰ্ধাৰণমূলক প্রস্তাব”টোৰ ওপৰত বিশদ আলোচনা কৰা হয় আৰু পিছত এই প্ৰস্তাৱৰ ভিত্তিত ভাৰতৰ স্বাধীনতাৰ চনদ সর্বসম্মতিক্রমে গৃহীত হয়। ভাৰতৰ স্বাধীনতাৰ চনদত সংবিধান সভাব মূল লক্ষ্যসমূহ ব্যক্ত কৰা হয়। যেনে

প্রথমতে, সংবিধান সভাই ভাৰতক এখন স্বাধীন সার্বভৌম গণৰাজ্যত পৰিণত কৰাৰ কাৰণে বদ্ধ পৰিকৰ আৰু এই স্বাধীন, সার্বভৌম ভাৰতৰ শাসন পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে সংবিধান ৰচনা কৰিবলৈ দৃঢ়প্রতিজ্ঞ।

দ্বিতীয়তে, ভাৰতৰ লগত যোগদান কৰিবলৈ ইচ্ছুক দেশীয় ৰাজ্য আৰু বৃটিছ অধিকৃত অঞ্চলসমূহক লৈ গঠিত স্বাধীন সার্বভৌম ভাৰতক “ৰাজ্যসমূহৰ সংঘ” বা “ইউনিয়ন” বুলি কোৱা হয়।

তৃতীয়তে, স্বাধীন ভাৰতত যোগদানকাৰী বিভিন্ন প্ৰদেশ আৰু দেশীয় ৰাজ্যই আসন নিয়ন্ত্রণ লাভ কৰি আৰু অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকিব।

চতুৰ্থতে, চনদত এই কথাও ঘোষণা কৰা হয় যে স্বাধীন সার্বভৌম ভাৰতৰ সৰ্বোচ্চ ক্ষমতাৰ উৎস হ’ব জনসাধাৰণ।

পঞ্চমতে, ভাৰতীয় গণতন্ত্রত জাতি-ধর্ম নির্বিশেষে সকলোৱে সামাজিক আৰু অর্থনৈতিক দিশত নায্য অধিকাৰ লাভ কৰিব।

ষষ্ঠতে, স্বাধীন সার্বভৌম গণতান্ত্রিক গণৰাজ্য ভাৰতৰ সংখ্যালঘু আৰু অনুন্নত সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ বাবে যথেষ্ট ব্যবস্থ গ্ৰহণ কৰা হ’ব।

সপ্তমতে, স্বাধীন ভাৰতে বিশ্ব শান্তি ৰক্ষা আৰু বিশ্ব মানব জাতিৰ কল্যাণৰ হকে সর্বতোপ্ৰকাৰে চেষ্টা কৰিব।

ইয়াৰ দ্বিতীয় অধিবেশনৰ কালছোৱাত সংবিধান সভাই চাৰিখ কমিটি গঠন কৰে। সংবিধান সভাৰ তৃতীয় অধিবেশন ১৯৪৭ চনৰ ২২ এপ্রিলৰ পৰা ২ মেলৈকে চলিছিল। সভাৰ চতুৰ্থ অধিবেশন ১৯৪৭ চনৰ ১৪ জুলাই তাৰিখৰ পৰা আৰম্ভ হয়। পঞ্চম অধিবেশন ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে আৰম্ভ হয়। ১৯৪৭ চনৰ স্বাধীনতা আইনে দুখন দেশৰ বাবে দুখন সংবিধান সভাৰ প্ৰস্তাৱ কৰিলে। স্বাধীনতা লাভৰ পাছত এই সংবিধান সভাকেই ভাৰতৰ বাবে স্বীকৃতি দিয়া হ’ল আৰু ভাৰতৰ এই সংবিধান। সভা সার্বভৌম অনুষ্ঠান বুলি পৰিগণিত হ’ল।

১৫ । ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা।

উত্তৰঃ ১। ভাৰত শাসন আইন : পৰাধীন ভাৰতৰ শাসনকার্য পৰিচালনাৰ বাবে বৃটিছ সংসদে কেইবাখনো আইন গৃহীত কৰিছিল। এই বিষয়ত ১৯০৯, ১৯১৯ আৰু ১৯৩৫ চনৰ আইন বিশেষভাৱে উল্লেখযোগ্য। এই আইনবোৰৰ ভিতৰত ১৯৩৫ চনৰ আইনক ভাৰতৰ সংবিধানক ভেঁটি বুলি ক’ব পাৰি।

২। বৃটেইনৰ শাসনব্যৱস্থা: আমাৰ দেশৰ সংবিধানে কেন্দ্র আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থ কৰিছে।

ভাৰতীয় সংসদীয় শাসনব্যৱস্থা বৃটিছ সংবিধানৰ প্ৰত্যক্ষ অৱদান বুলি ক’ব পাৰি। 

৩। ন্যায়িক সমীক্ষা: ভাৰতৰ সংবিধানে ন্যায়পালিকাক স্বতন্ত্রতা প্ৰদান কৰিছে। গতিকে ন্যায়িক সমীক্ষাক আমাৰ সংবিধানৰ অন্যতম উৎস বুলি ক’ব পাৰি।

৪। আইন আৰু অধ্যাদেশ: ভাৰতৰ সংসদে সময়ে সময়ে গ্রহণ কৰা কিছুমান আইনক সংবিধানৰ উৎস বুলি গণ্য কৰিব পাৰি।

৫। সংবিধান সংশোধন: ১৯৫০ চনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানখন এতিয়ালৈ বহুবাৰ সংশোধন কৰা হৈছে। এই বিষয়ত ৪২ তম আৰু ৪৩ তম সংশোধনীৰ কথা বিশেষভাৱে উল্লেখযোগ্য। সেয়ে এই সংশোধনীসমূহক ভাৰতীয় সংবিধানৰ উৎস বুলি কোৱা হয়।

৬। সমালোচকৰ মন্তব্য: সাংবিধানিক বিশেষজ্ঞসকলে সংবিধানৰ বিষয়ে আগবঢ়োৱা মতামত আমাৰ দেশৰ সংবিধান ৰচনা কৰোঁতে বহু পৰিমাণে বিবেচনা কৰা হৈছে।

১৬। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ ১। প্রস্তাবনা: প্রস্তাৱনা মূল সংবিধানৰ অংশ নহয়। এই প্রস্তাৱনাত সংবিধানৰ মূল উদ্দেশ্যসমূহ ব্যক্ত কৰা হৈছে।

২। দীর্ঘতম সংবিধান: ভাৰতবৰ্ষৰ সংবিধান বৰ দীঘল। ইয়াত ৪৪৩ টা অনুচ্ছেদ, ২০ টা অধ্যায় আৰু ১২ টা অনুসূচী আছে।

৩। লিখিত সংবিধান: ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। আমাৰ সংবিধান লিখিত সংবিধান হ’লেও ইংলেণ্ডত

প্রচলন থকা কিছুমান প্রথাগত নীতি আমাৰ দেশতো মানি চলা হয়।

৪। সংবিধানৰ প্রাধান্য: সংবিধানৰ প্ৰাধান্য ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। সংবিধানেই সমুদায় ৰাষ্ট্ৰীয় ক্ষমতা আৰু নাগৰিক অধিকাৰৰ উৎস।

৫। গণতান্ত্রিক সংবিধান: আমাৰ সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য এই যে এইখন এখন গণতান্ত্রিক সংবিধান। 

৬। একক নাগৰিকত্বৰ ব্যৱস্থা: ভাৰতবৰ্ষৰ সংবিধানেভাৰতবৰ্ষত একক-নাগৰিকত্বৰ ব্যৱস্থা কৰিছে। 

১৭। ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।

উত্তৰঃ ১। ক্ষমতা বিভাজন: ফেডাৰেল চৰকাৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ক্ষমতা বিভাজন। ভাৰতীয় সংবিধানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰিবৰ কাৰণে তিনিখন তালিকা সন্নিৱিষ্ট কৰা হৈছে। কেন্দ্রীয় তালিকা, উমৈহতীয়া তালিকা আৰু ৰাজ্যিক তালিকা।

২। দৃঢ় সংবিধান: ভাৰতীয় সংবিধানৰ ফেডাৰেল বুলি কোৱাৰ আন এটা কাৰণ হ’ল যে এই সংবিধান লিখিত আৰু দৃঢ়।

৩। দ্বৈত চৰকাৰ: আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে দ্বৈত চৰকাৰৰ ব্যৱস্থা। ভাৰতত সমগ্ৰ দেশখনৰ প্ৰশাসনৰ কার্য পৰিচালনা কৰিবৰ কাৰণে কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যবিলাকৰ কাৰণে পৃথক ৰাজ্য চৰকাৰৰ ব্যৱস্থা কৰা আছে।

৪। দ্বিসদনযুক্ত আইনসভা: যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আন এটা বৈশিষ্ট্য হৈছে দ্বি-সদনযুক্ত আইন সভাৰ ব্যৱস্থা। ভাৰতীয় সংবিধানে ভাৰতীয় সংসদক দ্বি-সদনযুক্ত কৰিছে।

৫। সাংবিধানিক আইন: ভাৰতৰ সংবিধান দেশৰ আইন হিচাপে স্বীকৃতি দিয়া হৈছে। কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে কোনো আইন প্রণয়ন কৰিলে ই সংবিধান সম্মত হ’ব লাগে।

৬। উচ্চতম ন্যায়ালয়: ভাৰতীয় সংবিধানখন ফেডাৰেচন বুলি কোৱাৰ আন এটা যুক্তি হ’ল যে উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা। ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংবিধানৰ অভিভাৱক হিচাপে কাম কৰাৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত উত্থাপিত গোচৰ নিষ্পত্তি কৰে।

১৮। ভাৰতীয় সংবিধানৰ যিকোনো দুটা অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য লিখা।

উত্তৰঃ ১। এক নাগৰিকত্ব: যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিক সকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই।

২। অংগৰাজ্যৰ মৰ্যাদাৰ অসমতা: এখন যুক্তৰাষ্ট্ৰ অংগ ৰাজ্যবোৰে যি মর্যাদা ভোগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভোগ কৰা নাই।

৩। ৰাজ্যপালক নিযুক্তি: যুক্তৰাষ্ট্ৰীয় বিধানমতে ৰাজ্যৰ মূৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰিব লাগে। কিন্তু ভাৰতত সেই নীতি প্রযোজ্য নহয়।

৪। মিশ্র সংবিধান: সাধাৰণতে যুক্তৰাষ্ট্ৰীয় সংবিধান দৃঢ় বা অ-নমনীয়। কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানৰ সংশোধন পদ্ধতি দৃঢ় নহয়।

৫। জৰুৰীকালীন ক্ষমতা: ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা জৰুৰীকালীন ক্ষমতাৰ প্ৰয়োগে ভাৰত যুক্তৰাষ্ট্ৰক এখন একাত্ম ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰে।

৬। কেন্দ্রীভূত ন্যায়িক ব্যৱস্থা: ভাৰতৰ ন্যায়িক ব্যৱস্থাত কেন্দ্রীয়কৰণ নীতি গ্রহণ কৰা হৈছে। সেয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাত একাত্মক বৈশিষ্ট্য প্রতিফলিত হৈছে।

১৯। সংবিধান সংশোধনৰ প্ৰয়োজনীয়তা আছে নে ? ব্যাখ্যা কৰা ? (Necessity of Amendment of the Constitution) 

উত্তৰঃ সংবিধান এখনত ৰাষ্ট্ৰৰ মৌলিক নীতিবোৰ লিপিবদ্ধ থাকে। সংবিধানৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ আদৰ্শ আৰু লক্ষ্য বাস্তৱত রূপ দিয়া হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সংবিধানেই হৈছে সর্বোচ্চ আইন। যুক্তৰাজ্যিক ব্যৱস্থাত সংবিধানৰ গুৰুত্ব আৰু অধিক। এখন ৰাষ্ট্ৰৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আদি দিশসমূহ আৰু ইয়াৰ লক্ষ্যসমূহ সংবিধানত প্রকাশ পায়। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এখন ৰাষ্ট্ৰৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আদি দিশসমূহৰ পৰিৱর্তন সাধন হয়। এনে পৰিৱৰ্তনৰ লগত সংগতি ৰাখিবলৈ হ’লে সংবিধানৰ কিছু পৰিৱৰ্তন বা সংশোধন সাধন হয়। এনে পৰিৱর্তনৰ লগত সংগতি ৰাখিবলৈ হ’লে সংবিধানৰ কিছু পৰিৱৰ্তন বা সংশোধনৰ আৱশ্যক হয়। সংবিধান সংশোধনৰ বাবে ব্যৱস্থা থাকিলে প্রগতিশীল পৰিৱৰ্তনৰ লগত খাপ খুৱাই ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বিভিন্ন পৰিৱৰ্তনৰ লগত সংগতি ৰাখিবৰ বাবেই সংবিধান সংশোধনৰ প্রয়োজন হয়।

উদাহৰণস্বৰূপে ভাৰতৰ ৰজা মহাৰজাসকলক মাননি দিয়া (ৰাজন্যবর্গৰ মাননি) ব্যৱস্থা ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা হৈছিল। কিন্তু সমাজবাদী আদৰ্শ গ্ৰহণৰ পথত সংবিধানৰ এনে ব্যৱস্থাই বাধাৰ সৃষ্টি কৰিছিল। সেই কাৰণে ভাৰতৰ সংবিধানৰ সংশোধনৰ প্ৰয়োজন হৈছিল। সংবিধানৰ ২৬ নং সংশোধনৰ যোগেদি (১৯৭১ চন) ৰাজন্যবৰ্গৰ মাননি বাতিল কৰি ভূমি অধিকাৰৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰিব লগা হৈছিল। এনেদৰে দেখা যায় যে পৰিস্থিতি, সময় আৰু প্রয়োজন অনুসৰি সংবিধান সংশোধনৰ প্ৰয়োজন থাকে। সংবিধান সংশোধন কৰাৰ ব্যৱস্থা নাথাকিলে এখন ৰাষ্ট্ৰৰ প্ৰগতিৰ পৰিৱৰ্তে অধোগতিহে হ’ব। এনে অৱস্থাত জনসাধাৰণে পৰিৱৰ্তন অনাত বিফল হৈ আন্দোলন বা বিপ্লৱৰ পথ গ্রহণ কৰিব পাৰে। এনেবোৰ কাৰণত সংবিধান সংশোধনৰ প্ৰয়োজন হয়। সংবিধান সংশোধনৰ প্রয়োজনীয়তা সম্পর্কে এসময়ৰ ভাৰতৰ আইনমন্ত্রী এইছ আৰ গোখলেই কৈছিল— “সংবিধান এখন জীৱন্ত অৱস্থাত থাকিবলৈ বিকশিত হ’বই লাগিব। বিকাশৰ বাধাসমূহ আঁতৰাই নেপেলালে। সংবিধানখনে দুর্যোগ ভুগিব লাগিব।”

সংবিধান সংশোধনৰ প্ৰয়োজনীয়তাৰ আন এটা কাৰণ হ’ল বর্তমান সমাজৰ পৰিৱৰ্তন দ্রুত গতিত হ’বলৈ ধৰিছে। উন্নয়নশীল দেশসমূহত সমাজৰ পৰিৱৰ্তন সোনকালে হয়। সেই কাৰণে ভাৰতৰ দৰে উন্নয়নশীল দেশত সঘনে সমাজ পৰিৱৰ্তন হ’বলৈ ধৰিছে। এনে পৰিৱৰ্তনৰ লগত ৰাষ্ট্ৰৰ নীতিসমূহ খাপ থোৱাকৈ নল’লে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক বিকাশত বাধাৰ সৃষ্টি হ’ব।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে সামাজিক জীৱন-যাপন পদ্ধতিৰ আমূল পরিবর্তন সাধন কৰিছে। মানুহৰ আশা-আকাংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। মানুহৰ নতুন আকাংখ্যা, নতুন প্ৰজন্মৰ আশা-আকাংখ্যাক বাস্তৱত ৰূপ দিবৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন আহি পৰিছে।

এনেবোৰ দিশ বিবেচনা কৰিয়েই সংশোধনৰ ব্যৱস্থা কৰাটো নিতান্তই প্রয়োজন হয়। সংবিধান সংশোধনৰ সাধাৰণতে দুটা পদ্ধতি আছে— দৃঢ় বা অনমনীয় আৰু নমনীয়। যিবিলাক ৰাষ্ট্ৰত সংবিধান সংশোধন কৰিবলৈ বিশেষ পদ্ধতি গ্রহণ কৰিব লগা হয়, সংবিধান সংশোধনৰ প্ৰক্ৰিয়া জটিল সেই ৰাষ্ট্ৰৰ সংবিধানক দৃঢ় বা অনমনীয় সংবিধান বুলি কোৱা হয়। যেনে— আমেৰিকাৰ সংবিধান। আকৌ যিবিলাক দেশত সংবিধান সংশোধন কৰিবলৈ বিশেষ পদ্ধতিৰ প্রয়োজন নহয় আৰু সাধাৰণ আইন প্রণয়ন পদ্ধতিৰে সংবিধান সংশোধন কৰিব পাৰি, তেনে দেশৰ সংবিধানক নমনীয় সংবিধান বোলা হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান নমনীয়, অৱশ্যে যুক্তৰাষ্ট্ৰ এখনৰ সংবিধান দৃঢ় হোৱটো বাঞ্ছনীয়। কিন্তু ভাৰতৰ সংবিধান সংশোধনী পদ্ধতি দৃঢ় হোৱাটো উচিত নে অনুচিত এই বিষয়ত বিভিন্ন পণ্ডিতৰ মাজত মতানৈক্য থকা দেখা যায়। আল্লাদি কৃষ্ণস্বামী আয়াৰ, এন গোপালস্বামী আয়েংগাৰ, কে টি চাহ, ড কে এম পান্নিকৰ আদিৰ মতে, সংবিধান সংশোধনী প্রক্রিয়া দৃঢ় হোৱা উচিত। 

আনহাতেদি পণ্ডিত নেহৰু, এইচ ভি কামাথ, ড° পি এচ দেশমুখ, মহাবীৰ ত্যাগী আদিয়ে ভাৰতৰ সংবিধান সংশোধন প্রক্রিয়া নমনীয় হোৱাৰ সপক্ষে মত প্ৰকাশ কৰিছিল। মতানৈক্য হ’লেও কিন্তু ভাৰতৰ সংবিধান প্রণেতাসকলে আমেৰিকাৰ দৰে অতি দৃঢ় সংবিধানৰ পোষকতা কৰা নাছিল।

ভাৰতৰ সংবিধানৰ নমনীয় আৰু দৃঢ় সংবিধানৰ সমন্বয় সাধন কৰা হৈছে। এই বিষয়ত জৱাহৰলাল নেহৰুৰ উক্তি প্রনিধানযোগ্য। নেহৰুৱে কৈছিল— “আমি সংবিধানখনক যিমান পৰা যায় দৃঢ় আৰু স্থায়ী হোৱাটো বিচাৰো। তথাপিও ইয়াৰ নমনীয়তা থকা উচিত। যদি অতি দৃঢ় আৰু স্থায়ী কৰি তোলা হয়, তেন্তে জাতিৰ বিকাশত বাধাৰ সৃষ্টি হ’ব।” ভাৰতীয় সংবিধানত নমনীয়তা আৰু দৃঢ় সংবিধানৰ সংমিশ্রণ দেখা যায়। ভাৰতৰ সংবিধানৰ কিছুমান অনুচ্ছেদ সহজে সংশোধন কৰিব পাৰি। কিন্তু অন্য কিছুমান অনুচ্ছেদ সংশোধনৰ বাবে দৃঢ় পদ্ধতিৰ প্ৰয়োজন হয়।

সংশোধনৰ ইংৰাজী প্রতিশব্দ ‘Amendement’ লেটিন শব্দৰ ‘Emendare’ পৰা আহিছে। ইয়াৰ অৰ্থ বিল এখনৰ ভুল দূৰ কৰা।

২০। ভাৰতৰ সংবিধান সংশোধন পদ্ধতিসমূহ কি কি ? বহলাই লিখা ? (Procedure for the Amendment of Indian Constitution)

উত্তৰঃ ভাৰতৰ সংবিধান এখন লিখিত সংবিধান। প্রথমে এই সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় আৰু ৯ টা

অনুসূচী আছিল। কিন্তু সময়ৰ লগে লগে ইয়াৰ কিছুমান অনুচ্ছেদ সংশোধন কৰা হৈছে। সংশোধনৰ ফলত কিছুমান নতুন অনুচ্ছেদ সংযোজন কৰা হৈছে আৰু কিছুমান অনুচ্ছেদ উঠাই দিয়া হৈছে।

ভাৰতবৰ্ষৰ সংবিধানৰ সংশোধন পদ্ধতি বিশ্লেষণ কৰিলে দেখা যায় যে তিনিটা পদ্ধতিৰে ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰিব পাৰি। এই তিনিটা পদ্ধতি বা উপায় হ’ল―

১। সংবিধান সংশোধনৰ নমনীয় পদ্ধতি। (উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা)।

২। সংবিধান সংশোধনৰ মিশ্র পদ্ধতি। (সংসদৰ দুই-তৃতীয়াংশ সদস্যৰ দ্বাৰা)।

৩। সংবিধান সংশোধনৰ জটিল পদ্ধতি। (সংসদৰ দুই তৃতীয়াংশ সদস্যৰ দ্বাৰা প্ৰস্তাৱ আৰু আধা ৰাজ্যৰ দ্বাৰা অনুমোদন)।        

সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত সংবিধান সংশোধন পদ্ধতিৰ বিষয়ে উল্লেখ আছে। তলত ভাৰতৰ সংবিধান সংশোধনৰ পদ্ধতিকেইটা আলোচনা কৰা হ’ল―

১। নমনীয় পদ্ধতি: সংবিধান সংশোধনৰ এই নমনীয় পদ্ধতিত সংসদৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি। সংবিধানৰ বহু অনুচ্ছেদ সাধাৰণ আইন প্রণয়ন কৰাৰ পদ্ধতিৰে সংশোধন কৰিব পাৰি। সংসদৰ যিকোনো এখন সদনতে সংবিধান সংশোধনীৰ বিল উত্থাপন কৰিব পাৰি। লোকসভাত যদি সংবিধান সংশোধনী বিল উত্থাপন কৰা হয়, তেন্তে প্রথমে লোকসভাত উপস্থিত তথ্য ভোটদান কৰা সদস্যৰ সৰহসংখ্যকে বিলখনত সম্মতি জানালে বিলখন গ্ৰহণ কৰা হ’ল বুলি ধৰি লোৱা হয়। তাৰ পিছত দ্বিতীয় সদনতো বিলখন একে প্ৰক্ৰিয়াৰে গৃহীত হ’লে সেই বিলক ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে পঠোৱা হয়। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত বিলখন আইনত পৰিণত হয়। এনেদৰে সংবিধানৰ কিছুমান অনুচ্ছেদত সাল-সলনি বা সংশোধন কৰা হয়।

এই পদ্ধতিৰ অধীনত সংশোধন কৰিব লগা সংবিধানৰ বিষয়সমূহ হৈছে—

১। নতুন ৰাজ্যৰ সৃষ্টি আৰু পুৰণি ৰাজ্যৰ সীমা বা নাম পৰিৱৰ্তন (২, ৩ আৰু ৪ নং অনুচ্ছেদ)।

২। ৰাজ্যৰ উচ্চ সদন সৃষ্টি বা বিলোপ (১৬৯ নং অনুচ্ছেদ)।

৩। সংসদৰ সদস্যসকলৰ বিশেষাধিকাৰ (১০৫ নং অনুচ্ছেদ)।

৪। সংসদ সদস্যৰ দৰমহা আৰু ভাট্টা (১০৬ নং অনুচ্ছেদ)।

৫। উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ এলেকা সম্প্ৰসাৰণ (১৩৫ নং অনুচ্ছেদ)

৬। চৰকাৰী ভাষা (৩৪৮ নং অনুচ্ছেদ)।

৭। কেন্দ্রীয় শাসিত অঞ্চলৰ বাবে আইন প্রণয়ন।

৮। ভাৰতীয় নাগৰিকৰ যোগ্যতা নির্ণয়। (অনুচ্ছেদ ৫ ৰ পৰা ১১ লৈ)।

৯। দেশৰ নিৰ্বাচন (৩২৭ নং অনুচ্ছেদ)। ১০। অনুসূচীত জাতি-জনজাতি অঞ্চলৰ প্ৰশাসন।

১১। ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা নিযুক্তি নিৰূপণ ইত্যাদি।

১২। সমষ্টি পুনৰ নিৰ্ধাৰণ।

১৩। সংসদৰ থূল সম্পৰ্কীয়।

১৪। লোকসভাৰ বিধি সম্পর্কীয়। 

১৫। ৰাজ্যৰ উচ্চ সদন গঠন বা ভঙ্গ কৰা বিষয়।ইংলেণ্ডত এনে পদ্ধতিৰে সংবিধান সংশোধন কৰা হয়। 

২। মিশ্র পদ্ধতি: বিশেষ সংখ্যাগৰিষ্ঠতাৰে ভাৰতৰ সংবিধান সংশোধন কৰিব পাৰি। ভাৰতৰ সংবিধানৰ বেছিভাগ অনুচ্ছেদ সংশোধনৰ বাবে এনে পদ্ধতি গ্রহণ কৰা হয়। এনে সংশোধনী বিধেয়ক গ্ৰহণৰ বাবে প্রত্যেক সদনতে বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্রয়োজন হয়। প্রথমতে সংবিধান সংশোধনৰ বাবে সংসদে মুঠ সদস্যৰ সৰহসংখ্যক প্রস্তাব গ্রহণ কৰিব লাগিব। ইয়াৰ পিছত সদনত উপস্থিত থকা আৰু ভোট দিয়া সদস্যৰ দুই-তৃতীয়াংশই বিধেয়ক বা বিলত সম্মতি জনাব লাগিব। এখন সদনত গৃহীত হোৱাৰ পিছত বিলখন আনটো সদনলৈ বিবেচনাৰ বাবে পঠোৱা হয়। আনটো সদনতো একে পদ্ধতিৰে গৃহীত হ’লে বিলখন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে পঠোৱা হয়। ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই সংবিধান সংশোধন কৰিব পৰা হয়।

যিবোৰ বিষয় সংসদৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা সংশোধন কৰিব পাৰি আৰু যিবিলাক বিষয়ত সংবিধান সংশোধনৰ বাবে ৰাজ্যিক বিধান সভাৰ অনুমোদনৰ প্ৰয়োজন, সেই বিষয়বোৰৰ বাবে অন্যান্য বিষয়বোৰৰ ওপৰত সংবিধান সংশোধন এই প্ৰক্ৰিয়াৰে কৰিব পাৰি।

ভাৰতৰ সংবিধানৰ তৃতীয় আৰু চতুর্থ অধ্যায় অর্থাৎ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতি সম্পৰ্কীয় অনুচ্ছেদবোৰ এই পদ্ধতিৰ সহায়ত সংশোধন কৰিব পাৰি।

৩। দৃঢ় বা অনমনীয় পদ্ধতি: সংবিধানৰ কিছুমান বিষয় সংশোধন কৰা পদ্ধতি জটিল বা দৃঢ়। সংসদৰ যিকোনো সদনতে এনে সংশোধনী বিল উত্থাপন কৰিব পাৰি। সদনৰ মুঠ সদস্যৰ গৰিষ্ঠ সংখ্যক আৰু উপস্থিত থকা আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশই বিধেয়কখন গৃহীত কৰিলে আনটো সদনলৈ পঠোৱা হয়। আনটো সদনেও একে পদ্ধতিৰে বিলখন গৃহীত কৰিলে বিলখন পুনৰ ৰাজ্যবিলাকৰ সন্মতিৰ বাবে পঠোৱা হয়। ৰাজ্যিক বিধানসভা এখনে সংখ্যাগৰিষ্ঠৰ সমৰ্থনত বিলখন গৃহীত কৰিব পাৰে। এনেদৰে ৰাজ্যিক বিধানসভাবোৰৰ আধা বা তাতকৈ অধিক ৰাজ্যৰ বিধান সভাই বিলত অনুমোদন জনালেহে বিলখন ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠোৱা হয়। ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত বিলখন আইনত পৰিণত হয়। এনেদৰে ৰাষ্ট্ৰপতিয়ে এই বিলত স্বাক্ষৰ কৰিবলৈ বাধ্য। গতিকে দেখা যায় এনে পদ্ধতিত কেন্দ্ৰৰ সংসদৰ উপৰিও ৰাজ্যিক বিধান সভাৰ অনুমোদনৰ প্ৰয়োজন হয়। এই পদ্ধতিৰ যোগেদি সংশোধন কৰা বিষয়বোৰ হৈছে―

১। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে গঠিত হোৱা নিৰ্বাচক মণ্ডলী। 

২। ৰাষ্ট্ৰপতিৰ নির্বাচন পদ্ধতি।

৩। কেন্দ্রীয় কাৰ্যপালিকাৰ ক্ষমতা বৃদ্ধি।

৪। ৰাজ্যৰ কাৰ্যপালিকাৰ ক্ষমতা বৃদ্ধি।

৫। উচ্চতম ন্যায়ালয়ৰ স্থাপন আৰু গঠন।

৬৷ কেন্দ্ৰ আৰু ৰাজ্যৰ বিষাধিনী সম্পর্ক।

৮। কেন্দ্রীয় শাসিত অঞ্চলৰ উচ্চ ন্যায়ালায়।

৯। ৰাজবোৰৰ প্রতিনিধি।

১০। সংবিধানৰ সপ্তম অনুসূচী।

২১। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোৰ বিষয়ে লিখা ? (Preamble of Indian Constitution):

উত্তৰঃ প্ৰতিখন দেশৰ সংবিধানৰে নিজস্ব আদৰ্শ আৰু দার্শনিক বৈশিষ্ট্য আছে। ভাৰতবৰ্ষৰ সংবিধানৰো নিজস্ব আদৰ্শ আৰু দৰ্শন আছে। সংবিধানৰ আদৰ্শ আৰু দর্শন নিহিত থকা অংশটোৱেই হ’ল প্রস্তাবনা। ইয়েই হ’ল সংবিধান এখনৰ পাতনি। বিশিষ্ট আইনবিদ ননী পাল্কীবালাৰ মতে, ‘প্রস্তাবনা হ’ল সংবিধানৰ পৰিচয়-পত্র।’ ই সংবিধানৰ অংশ নহয়। ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ সংশোধন কৰা হয়। এই সংশোধন অনুসৰি বৰ্তমান ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো এনে ধৰণৰ – “আমি ভাৰতবাসীৰ সকলো লোকে ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্পবদ্ধ হৈ ভাৰতবৰ্ষৰ সকলো নাগৰিককে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্রকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমর্যাদা আৰু সমান সুযোগ প্রদান কৰিম বুলি আৰু সকলোৰে বাবে ব্যক্তি স্বাধীনতা নিশ্চিত কৰি জাতীয় ঐক্য, সংহতি ৰক্ষা কৰি ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি অর্থাৎ ১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে আমাৰ সংবিধান সভাই লিপিবদ্ধ কৰা এই সংবিধানখন আমি আমাক নিজকে অর্পণ কৰিলো।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top