বিকাশৰ ধাৰণা আৰু প্ৰকৃতি – Concept and Nature of Development

বিকাশৰ ধাৰণা আৰু প্ৰকৃতি – Concept and Nature of Development are the Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for বিকাশৰ ধাৰণা আৰু প্ৰকৃতি – Concept and Nature of Development.

বিকাশৰ ধাৰণা আৰু প্ৰকৃতি – Concept and Nature of Development

Join Telegram channel

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET বিকাশৰ ধাৰণা আৰু প্ৰকৃতি – Concept and Nature of Development for All notes, You can practice these here.

বিকাশৰ ধাৰণা আৰু প্ৰকৃতি

CHILD DEVELOPMENT AND PEDAGOGY

বিকাশৰ ধাৰণা আৰু প্ৰকৃতি (Concept and Nature of Development ):- বিকাশ হৈছে এক সামগ্ৰিক বিধৰ অৱস্থা, যি মানুহৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ দিশ সানৰি লয়। ই হৈছে জীৱৰ জৈৱিক অস্তিত্বৰ ওপৰত পৰা পৰিৱেশৰ অনুকূল-প্রতিকূল প্রভাৱৰ পৰিণতি। মন কবিবলগীয়া ‘বৃদ্ধি’ (growth) আৰু ‘বিকাশ’ৰ (Development) অৰ্থ একে নহয়। ‘বৃদ্ধি’ শব্দই আমাৰ দৈহিক আৰু আৱয়বিক বিকাশকহে বুজায়। দেহৰ বা শৰীৰৰ আকাৰ-আকৃতি, ওজন, উচ্চতা আৰু দেহ-কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকেই ‘বৃদ্ধি’ শব্দৰদ্বাৰা বুজোৱা হয়। আনহাতে ‘বিকাশ’ শব্দৰ অৰ্থ বৃদ্ধিতকৈ বহল। জীৱৰ দৈহিক বৃদ্ধিত পৰিৱেশৰ এক সামূহিক আৰু গুণগত প্রভাৱ পৰে। যাৰ ফলত জীৱৰ দেহ মানসিক বিকাশ সন্তৱ হয়। 

বিকাশৰ প্ৰধান বৈশিষ্ট্যসমূহ এনেধৰণৰ–

  • জীৱই পৰিৱেশত কৰা ক্ৰিয়া-প্রতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। 
  • বিকাশৰ গতি অবিচ্ছিন্ন আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। 
  • দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱর্তনবোৰৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয়। 
  • বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ ভেদৰ প্ৰশ্নও জড়িত হৈ থাকে। 
  • ছোৱালীৰ বিকাশৰ গতি ল’ৰাতকৈ প্রায় ডেৰ বছৰ আগুৱাই যায়। আৱেগ-অনুভুতিৰ ক্ষেত্রতো এনে প্ৰভেদ পৰিলক্ষিত হয়। 

বিকাশক প্রভাৱিত কৰা দিশসমূহ :- জৈৱিক, মানসিক আৰু পৰিবেশীয় প্রভাৱ ( Factors influencing Development Biological heredity, Psychological and Environmental factors ) :- শিশুৰ বিকাশক বিভিন্ন দিশে প্রভাৱিত কৰে। ইয়াৰ ভিতৰত জৈৱিক, মানসিক আৰু পৰিৱেশীয় প্রভাৱ উল্লেখযোগ্য। ব্যক্তিয়ে দৈহিক আৰু জৈৱিক অস্তিত্বৰে জন্মগ্ৰহণ কৰে। আমাৰ সহজাত জৈৱিক ক্ষমতাৰ ওপৰত পৰিৱেশে পেলোৱা প্রভাৱৰ ফলস্বৰূপেই বিকাশ সাধিত হয়। শিশুৰ দৈহিক বিকাশৰ গতি সকলো সময়তে সমৰূপত দেখিবলৈ পোৱা নাযায়। বিকাশৰ কোনো কোনো পৰ্যায়ত এই গতি দৰ্শনীয়ভাৱে মহ্থৰ আৰু আন কোনো পৰ্যায়ত দ্ৰুত গতিৰ হৈ উঠিব পাৰে। জন্মৰ প্রথম বছৰটোৱেই হৈছে ব্যক্তিৰ সৰ্বাধিক দ্রুতভাৱে দৈহিক বিকাশৰ সময়। কিন্তু পৰৱৰ্তী কালত ইয়াৰ দ্রুততা পৰিলক্ষিত নহয়। 

আনহাতে শিশুৰ বিকাশত মানসিক দিশটোও বিশেষভাৱে উল্লেখযোগ্য। মানসিক বিকাশ হৈছে এক ক্ৰমাগত বিকাশ প্রক্ৰিয়া। জন্মৰ পিছৰ পৰা ব্যক্তিৰ বয়:প্ৰাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ত মনৰ ভিন ভিন শক্তি আৰু ক্ষমতাসমূহৰ নিজস্ব ৰূপত বিকাশ সাধন হয়। আপেক্ষিকভাৱে সৰল মানসিক শক্তিসমূহ বিকাশৰ প্রথমাৰ্ধত আৰু জটিল শক্তিসমূহ বিকাশৰ দ্বিতীয়াৰ্ধত সক্ৰিয় হৈ উঠা দেখা যায়। ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাৰ মানদণ্ডৰ ওপৰত মানসিক বিকাশৰ গতি আৰু তাৰ গভীৰতা বিশেষভাৱে নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে প্ৰতিটো বিশেষ বিশেষ মানসিক শক্তি ব্যক্তিৰ সাধাৰণ বৌদ্ধিক ক্ষমতাৰ দ্বাৰা প্রভাৱিত হয়। 

শিশুৰ বিকাশত পৰিৱেশৰো যথেষ্ট ভূমিকা আছে। শিশুৱে পৰিৱেশৰ লগত কৰা| ক্ৰিয়া প্রতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ ৷ সুস্থ অনুকূল পৰিবেশে বিকাশৰ গতি প্ৰুততৰ কৰে, আনহাতে ইয়াৰ অভাৱে বিকাশত বাধাৰ সৃষ্টি কৰে। 

শিশু বিকাশৰ ধাৰণাৰ ওপৰত জাঁ পিয়াজে, কাৰ্ল ৰোজাৰ্চ আৰু ষ্টেনলি হ’লে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰিছে। পিয়াজেৰ মতে শিশু এটা শৰীৰ নিৰ্ভৰশীল ব্যক্তি, যাৰ অহৰহ পৰিৱেশৰ সৈতে অভিযোজন ঘটে আৰু পৰিৱেশৰ সৈতে নিজৰ মাজত সু-সামঞ্জস্যপূৰ্বক সম্বন্ধ স্থাপন কৰে। শিশু অতি নমনীয়, নিজকে পৰিবেশৰ সৈতে খাপ খুৱাই ল’বলৈ শিকে আৰু পৰিৱেশৰ প্ৰায়োজনীয়তাত পৰিৱৰ্তন ঘটে। পিয়াজেৰ মতে শিশুৱে অহৰহ আৰু অবিৰাম গতিত নিজৰ দেহ আৰু মনৰ সংগঠনত সক্ৰিয় ভূমিকা লয়। 

শিশুৰ বিকাশৰ স্তৰক বিভিন্নজনে বিভিন্ন ধৰণে নিৰ্ধাৰণ কৰিছে। যেনে–

ৰুছোৰ মতে, বিকাশৰ স্তৰকেইটা তলত দিয়া ধৰণৰ–

ক) জন্মৰ পৰা ৫ বছৰলৈ  ——-    শৈশৱ কাল 

খ) ৫ বছৰৰ পৰা ১২ বছৰলৈ —– বাল্যকাল 

গ) ১২ বছৰৰ পৰা ১৫ বছৰলৈ —- ল’ৰালি বা প্রাক্‌-কৈশোৰ কাল 

ঘ) ১৫ বছৰৰ পৰা ২০ বছৰলৈ —– বয়:প্রাপ্তি বা শেহতীয়া কৈশোৰ 

কাল আনেষ্টি জ’নচৰ মতে, 

ক) জন্মৰ পৰা 4 বছৰলৈ —– শৈশৱ কাল 

খ) ১২ বছৰলৈ  ——  শেহতীয়া বাল্যকাল 

গ) ১৮ বছৰলৈ   ——  কৈশোৰ কাল 

ঘ) ১৮ বছৰৰ পিছত  ——- বয়:প্ৰাপ্তি কাল 

পিয়াজেৰ বিকাশ তত্বৰ চাৰিটা অৱস্থা এনেধৰণৰ–

ক) জন্মৰ খৰা ২ বছৰ —–     ইন্দ্ৰিয় অঙ্গ সঞ্চালনমূলক বিকাশ 

খ) ২ বছৰৰ পৰা ৭ বছৰ —– প্রাকবোধমূলক বিকাশ 

গ) ৭ বছৰৰ পৰা ১২ বহৰ —– মূৰ্ত ক্ৰিয়া সম্পাদন 

ঘ) ১২ বছৰৰ ওপৰৰ  —–  বিধিগত ক্ৰিয়া সম্পাদন 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top