বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা – Common Behavioural Problem of Childhood

বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা – Common Behavioural Problem of Childhood is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা – Common Behavioural Problem of Childhood.

বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা – Common Behavioural Problem of Childhood

Join Telegram channel

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা – Common Behavioural Problem of Childhood for All notes, You can practice these here.

বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা

CHILD DEVELOPMENT AND PEDAGOGY

বাল্যকালৰ কেতবোৰ আচৰণজনিত সমস্যা (Common Behavioural Problem of Childhood) :- বাল্যকালৰ সমস্যা জড়িত আচৰণবোৰ অধিক মানসিক জটিলতাপূৰ্ণ আৰু শিশুৰ জীৱনত দীর্ঘম্যাদী প্রভাবযুক্ত হৈ উঠাটো লক্ষ্য কৰিব পাৰি। বাল্যকালৰ কেতবোৰ উল্লেখযোগ্য আচৰণজনিত সমস্যা তলত উল্লেখ কৰা হ’ল–

(ক) খং ভাব দেখুওৱা :- শিশুৰ সচৰাচৰভাৱ দেখুওৱা আচৰণসমূহ হ’ল– অতিপাত চিঞৰা বস্তু দলিওৱা, গুৰিওৱা, মাটিত বাগৰা ইত্যাদি। এনে উগ্র আৰু অনিয়ন্ত্রিত আচৰণবোৰ শিশুৱে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অথবা আনৰ ওপৰত নিয়ন্ত্ৰণৰ ভাৰ প্ৰকাশ কৰিবলৈ প্ৰদৰ্শন কৰিব পাৰে। মাক-দেউতাক আৰু শিক্ষকসকলে শিশুৰ এনে খং ভাব প্রকাশৰ বেলিকা বিশেষ সাবধান হ’ব লাগে। শিশুসকলে কৰা খংৰ সমালোচনা কৰাৰ পৰা অভিভাৱকসকল বিৰত থাকিব লাগে।

(খ) আক্ৰমণাত্মক আচৰণ :- কিছুমান শিশুৱে মনৰ ব্যৰ্থতা প্ৰকাশ কৰিবৰ বাবে আক্রমণাত্মক আচৰণ প্ৰদৰ্শন কৰে। এই সমূহ হৈছে প্ৰহাৰ কৰা, ধ্বংস কৰা, দৈহিকভাৱে যুঁজ কৰা, কামোৰা ইত্যাদি। এনেবিধ আচৰণৰ উপযুক্তভাৱে সমাধান হ’বৰ বাবে শিশু-মনৰ নিৰাপত্তাহীনতা, অপর্যাপ্ততা আৰু অপৰাধপ্ৰৱণতাৰ মনোভাৱ গুচাবলৈ চেষ্টা কৰিব লাগে। শিশুক তাৰ খং ভাব প্রকাশৰ প্ৰয়োজনীয় সুবিধা আৰু উপযুক্ত পৰিস্থিতি প্ৰদান কৰিব লাগে। ইয়াৰ উপৰিও শিশুৱে তাৰ মনৰ অবদমিত আৱেগ অনুভূতিসমূহ প্ৰকাশৰ প্ৰয়োজনীয় পথ সৃষ্টি কৰিব লাগে। ইয়াৰ বাবে খেলা-ধূলা, হাতৰ কাম, বাগান পৰিচালনা কৰা, চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা আদি কাৰ্যৰ সুবিধা প্ৰদান কৰিব লাগে। 

(গ) চুৰ কৰা :- কিছুমান শিশুৰ এটা পৰিচিত আচৰণ হৈছে চুৰ কৰা এনে চৌৰ্য প্ৰবৃত্তিত আইন ভংগকাৰী দোষণীয় প্ৰযুক্তিৰ ভাব প্রথম অৱস্থাত শিশুৰ আচৰণত দেখা পোৱা নাযায়। ক্রমান্বয়ে তাৰ বয়স আৰু অভিজ্ঞতাৰ লগে লগে শিশুৱে ক্ৰমে গৰাকী বা বস্তুৰ মালিকী স্বত্বৰ প্ৰবৃত্তি অনুভৱ কৰিবলৈ ধৰে। ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পার্থক্য অনুভৱ কৰি উঠে। এনে অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ অসুস্থ প্রবৃত্তি জাগি উঠে। ইয়েই হৈছে শিশুৰ চুৰ কৰাৰ মূল কাৰণ।

এনে সমস্যা দূৰ কৰিবৰ বাবে শিক্ষক-অভিভাৱক সকলে শিশুৰ মানসিক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিব লাগে। শিশুৱে যাতে গৃহ আৰু শিক্ষা পৰিৱেশত আৱেগিক নিৰাপত্তা আৰু পর্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিব লাগে।

(ঘ) বাক্ অস্বাভাৱিকতা :- শিশুৰ ভাষা বিকাশৰ সমস্যাৰ ভিতৰত বাক্ অস্বাভাৱিকতা এটা প্রধান সমস্যা। শিশুৰ এই বাক্-অস্বাভাৱিকতাৰ ভিতৰত বাক্‌ স্খলন আৰু বাক্‌ অক্ষমতা বিশেষভাৱে আমাৰ চকুত পৰে। বাক-স্থলনৰ বেলিকা শিশুৱে কেতবোৰ শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰিব নোৱাৰি তাক বাৰে বাৰে চেষ্টা কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। যেনে-দ-দ-দ দমন, ক-ক-ক কলম ইত্যাদি। আনহাতে বাক্ অক্ষমতা হৈছে একো একোটা শব্দ সমূলি উচ্চাৰণ কৰিব নোৱাৰা অৱস্থা। এনে অৱস্থাত শিশুৰ আবেগৰ দুৰৱস্থাৰ সৃষ্টি হয়। 

এনে সমস্যা আঁতৰাবৰ বাবে এক সুস্থ আৱেগিক পৰিৱেশ সৃষ্টি কৰি তোলা প্রয়োজন। এনে পৰিৱেশত শিশুৱে নিৰাপত্তা, আৰু সন্মান আৰু স্বাধীনতা অনুভৱ কৰিব পাৰিব লাগে।

কাৰণ (Causes) :- শিশুৰ আচৰণ অসুস্থ আৰু অস্বাভাৱিক কৰি তোলাত বিভিন্ন কাৰণ জড়িত হৈ থাকিব পাৰে। ইয়াৰ ভিতৰত বংশগত কাৰণ আৰু পৰিৱেশীয় কাৰণেই প্রধান। শিশুৰ জন্মগতভাৱে লাভ কৰা হীন বুদ্ধিৰ অৱস্থাই তাৰ শিক্ষা আহৰণত অনগ্ৰসৰতাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে জন্মগত বুদ্ধিহীনতাই শিশুৰ মনত ব্যৰ্থতা, অনগ্ৰসৰতা, হীনমন্যতা, পলায়ন আৰু প্ৰত্যাহাৰ প্ৰবৃত্তি আদি কেতবোৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰিব পাৰে।

আনহাতে, শিশুৰ দেহ মানসিক বিকাশত পৰিৱেশে এক সামগ্রিক প্ৰভাৱ পেলায়। সুস্থ পৰিৱেশে শিশুৰ বিকাশ স্বাভাৱিক কৰি তোলে। গৃহ পৰিৱেশৰ আৱেগিক পৰিস্থিতি, অনুশাসন ব্যৱস্থা, আর্থ-সামাজিক আৰু সাংস্কৃতিক প্রভাৱ আদিয়ে শিশুক সুস্থ-অসুস্থভাৱে প্রভাৱিত কৰি তোলে। মাক-দেউতাকৰ মৰম-আদৰ-যতুৰ পৰা বঞ্চিত হোৱা শিশুৱে অসামাজিক আৰু অপৰাধ প্ৰৱণতাৰ অসুস্থ ক্ৰিয়া আচৰণ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি পৰিয়ালত নিৰাপত্তাৰ অভাৱ, আত্ম সম্মানহীনতা, মাক-দেউতাকৰ মাজত দ্বন্দ্ব আৰু অসুস্থ সম্বন্ধ, অর্থনৈতিক দৰিদ্র্যতাৰ অৱস্থা আদিয়ে শিশু আচৰণ সমস্যাজড়িত কৰি তুলিব পাৰে।

সমস্যা আৰু সমাধানৰ উপায় (Remedies of the Problem) :-

(ক) মাক-দেউতাকে শিশুক তাৰ গৃহ পৰিৱেশত মৰম-চেনেহ অকুণ্ঠভাৱে প্ৰদান কৰিব লাগে আৰু শিশুৰ লগত ঘনিষ্ঠ দৈহিক সংস্পর্শ আৰু সান্নিধ্য ৰক্ষা কৰি চলিব লাগে। 

(খ) মাক-দেউতাকে শিশুৰ দৈহিক প্রয়োজনসমূহ যেনে-খোৱা-পিন্ধা আদিৰ প্রতি সদায় সতর্ক দৃষ্টি ৰখাটো অতি প্রয়োজনীয় কথা। 

(গ) মাক-দেউতাকে গৃহ পৰিৱেশত শিশুক উন্নত এক বৈষয়িক পৰিৱেশ প্রদান কৰিব লাগে, যাতে শিশুৱে তাৰ সুস্থ সঞ্চালনমূলক বিকাশ সাধন কৰিব পাৰে।

(ঘ) স্কুলত এক শিক্ষা পৰিৱেশ গঢ় দি তুলিব লাগে য’ত শিশুৱে এক বহুল পৰিসৰত খেলা-ধুলাৰ সা-সুবিধা লাভ কৰিব পাৰে।

(ঙ) শিক্ষক আৰু অভিভাৱকসকলে লক্ষ্য ৰাখিব লাগে যাতে শিশুৱে নিজ পৰিৱেশত পর্যাপ্ততা আৰু আৱেগিক নিৰাপত্তা অনুভৱ কৰি উঠিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top