Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ

Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণআক্ৰমণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.

Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ Solutions for All Subject, You can practice these here.

মানৰ অসম আক্ৰমণ

পাঠ ৪ ( সমাজ বিজ্ঞান )

ADDITIONAL QUESTIONS ANSWERS

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। মানসকল কোন দেশৰ লোক ?

উত্তৰঃ ব্ৰহ্মদেশৰ। 

২। আহোম ৰজা-গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল ? 

উত্তৰঃ কমলেশ্বৰ সিংহ।

৩। চিংফৌ নেতা বিচানাঙে কোন গাভৰুক কোন মান ৰজালৈ উপহাৰ হিচাপে আগবঢ়াইছিল?

উত্তৰঃ ৰঙ্গিলী নামেৰে এগৰাকী আহোম গাভৰুক। 

৪। আহোম ৰজাই কাক প্রতাপবল্লভ উপাধি দিছিল ?

উত্তৰঃ বৰফুকন কলীয়া ভোমোৰাক। 

৫। কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৮১০ চনত।

৬। কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল ?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ।

৭। ৰজা চন্দ্ৰকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল ?

উত্তৰঃ সৰামক।

৮। পূর্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰোনাথে কাক বিয়া কৰাইছিল ? 

উত্তৰঃ বদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুক।

৯। বদন চন্দ্ৰৰ পেহীয়েক কোন আছিল ? 

উত্তৰঃ মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ।

১০। কোন যুদ্ধত পৰাজয়ৰ বাতৰি পায় পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰিছিল ?

উত্তৰঃ ঘিলাধাৰী যুদ্ধত।

অতি চমু উত্তৰৰ প্ৰশ্ন

(১) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল ?

 উত্তৰঃ- ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল ।

(২) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ শত্ৰুতা সৃষ্টি হৈছিল ?

উত্তৰঃ – মান আৰু ইংৰাজ দুয়ো পক্ষ একে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ।

(৩) মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্ৰলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ-  মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্ৰলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম  আছিল  গোবিন্দ চন্দ্ৰ ।

(৪) কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল ?

উত্তৰঃ- ঘিলাধাৰী  যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল  ।

(৫) বৈশালী শুকুং কি ?

উত্তৰঃ- বৈশালী শুকুং হ’ল মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকৰ নাম ।

(৬) বৈশালী মং – ডুন – চুন খাম কি ?

উত্তৰঃ- মানৰ সামৰিক অভিযান সম্পৰ্কে মান লিপিকাৰে লিখা অন্য এটা টোকৰ নাম  হ’ল বৈশালী  মং – ডুন – চুন খাম ।

(৭) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ।

উত্তৰঃ- বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ।

(৮) বদন চন্দ্ৰই কিমান সৈন্য লগত আনিছিল ?

উত্তৰঃ- বদন চন্দ্ৰই প্ৰায় ৬,০০০ মান  সৈন্য লগত আনিছিল ।

(৯) বদন চন্দ্ৰই কিমান সৈন্য লগত আনিছিল ?

উত্তৰঃ – বদন চন্দ্ৰই প্ৰায় ৮,০০০  সৈন্য লগত আনিছিল ।

(১০) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ?

উত্তৰঃ – বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল  ।

(১১) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল ?

উত্তৰঃ – মানৰ আক্ৰমণ হৈছিল –

  • মানৰ প্ৰথম আক্ৰমণ ১৮১৭
  • মানৰ দ্বিতীয় আক্ৰমণ ১৮১৯
  • মানৰ তৃতীয় আক্ৰমণ ১৮২১

প্রশ্ন :- (১২) কোন চনত বাদনচন্দ্ৰক হত্যা কৰা হৈছিল ?

উত্তৰঃ – ১৮১৭ চনত বাদনচন্দ্ৰক হত্যা কৰা হৈছিল ।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(১) ১৮১৬ / ১৮১৭ / ১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ।

উত্তৰঃ -১৮১৭  চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ।

(২) জগন্নাথ ঢেকিয়াল ফুকন / বদন চন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।

উত্তৰঃ- জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।

(৩) বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬ / ১৮১৭ / ১৮১৮ চানৰ আগষ্ট মাহত ।

উত্তৰঃবদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭  চানৰ আগষ্ট মাহত

(৪) ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ / পূৰ্ণানন্দ বুঢ়াগোহাঁই / ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল ।

উত্তৰঃ- ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ  মাতৃ আছিল ।

(৫) ইয়াণ্ডাবু সন্ধি ১৮১৪ / ১৮২৬ / ১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।

উত্তৰঃ – ইয়াণ্ডাবু সন্ধি  ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।

ৰচনা ধৰ্মী প্ৰশ্ন

(১) মণিপুৰ আৰু আৰাকানত মানৰ  ৰাজ্য বিস্তাৰ সম্পৰ্কে চমু কৈ উল্লেখ কৰা ।

উত্তৰঃ –  মানসকলৰ অসম আক্ৰমণ ইতিহাসৰ অতি উল্লেখযোগ্য ঘটনা । তেওঁলোকে ৰাজ্য বিস্তাৰৰ হাবিয়াসেৰে অসম আক্ৰমণ কৰাৰ লগে লগে মণিপুৰ আৰু আৰাকানৰ ওপৰতো হস্তক্ষেপ আৰম্ভ কৰিছিল ।

            ছিংবুছিম নামে মান বজাৰ আমূলত ১৭৬৫ চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰি কেইবাহাজাৰো মণিপুৰী লোকক ব্ৰহ্মদেশলৈ লৈ গৈ মণিপুৰৰ ৰজা জয় সিংহক দেশান্তৰীত কৰিছিল । এই ঘটনাৰ পিছৰে পৰা মান সেনাই বাৰম্বাৰ মণিপুৰ আক্ৰমণ কৰি দেশএখনক জুৰুলা কৰি তুলিছিল ।

এনেদৰে মান সেনাই এৰা ধৰা কৈ ১৭৮২ চনলৈ মণিপুৰৰ ওপৰত আক্ৰমণ চলাই আছিল । ১৭৯৮ চনৰ পৰাহে মণিপুৰে শান্তিত থাকিব পাৰিছিল ।

            আনহাতে ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ অমূলত মান সেনাই আৰাকান জয় কৰি দখল কৰে । আৰাকান দখল কৰাৰ লগে লগে মান সেনাই মাৰদণ্ডই দ্বীপপূজৰ পৰা চট্টগ্রাম হিমন্তৰ লগতে চট্টগ্রাম বন্দৰলৈ বিস্তৃত সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় ।

আৰাকানত থিতাপি লৈ মান ৰজা বিশেষকৈ বদৌপায়া আৰু তেওঁৰ নাতি বাগিদাওৰ ৰাজত্ব কালত তেওঁলোকৰ ৰাজ্য বিস্তাৰৰ নীতি মণিপুৰ আৰু অসমৰ পিনে সম্প্রশাৰীত কৰাত চেষ্টা কৰে ।

(২)  পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা ।

উত্তৰঃ- মুৱামৰীয়া বিদ্ৰোহৰ সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰাৰ বাবে আহোম সাম্ৰাজ্যৰ বাঘজৰীডাল সম্পূৰ্ণৰূপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হস্তগত হৈছিল । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী , দাম্ভিক স্বাভাৰ বাবে তেওঁ জনসাধাৰণৰ মাজত অপ্ৰিয় আছিল ।

           ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল । পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল  আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিয়ে । কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল ।

১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামৰ কণমানি ল’ৰা এজনক আহোম ৰাজপাটত বহুৱাই । এইদৰে পূৰ্ণানন্দৰ স্বেচ্ছাচাৰীতাত একাংশ  বিষয়া আৰু জনসাধাৰণ তেওঁৰ বিৰোধী হৈ উঠিছিল । দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ।

পমুৱা নামৰ এজন লোকে এই বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ বাবে এই বিদ্রোহক পমুয়া বিদ্ৰোহ হিচাপে জনা যায় ।

          পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাছৰীতা , দাম্ভিকতা আৰু কমবয়সীয়া ল’ৰাক ৰজা পাতি তেওঁ নিজে চলোৱা কু – শাসনে প্ৰজাক অতিষ্ঠ কৰি তুলিছিল । আৰু এইদৰেই দেশত ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল ।

See Next Page….

1 thought on “Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top