Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ

Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ and select needs one.

Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ Solutions for All Subject, You can practice these here…

(৩) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল ?

উত্তৰঃ- পূৰ্ণানন্দৰ স্বেচ্ছাছৰী , দাম্ভিক স্বাভাৱৰ লোক আছিল । বুঢ়াগোহাঁইৰ বিৰুদ্ধে কমলেশ্বৰ সিংহৰ শাসনকালত ষড়যন্ত্ৰৰ সৃষ্টি হৈছিল । এই ষড়যন্ত্ৰবোৰৰ ফলত দেশৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল বা।

              ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত চন্দ্ৰকান্ত সিংহ নামে কণমানি ল’ ৰা এজনক আহোম ৰাজপাটত বহুৱায় । কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতত পুতলা হিচাপেহে কাম কৰিছিল । তেওঁ দেশ শাসনৰ একো ভূ পোৱা নাছিল । পূৰ্ণানন্দৰ স্বেচ্ছাছৰী শাসনে দেশত বিদ্ৰোহৰ অগ্নি জ্বালাইছিল ।

পানীমুৱা নামৰ এজন বিদ্রোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল । সেইবাবে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ বোলা হয় । পূৰ্ণানন্দই কঠোৰ শাস্তি দি নৃশংসভাৱে বিদ্ৰোহ দমন কৰিছিল । তৎস্বত্তেও কিন্তু পূৰ্ণানন্দৰো দৌৰাত্ম্যৰ শেষ হোৱা নাছিল , নাইবা তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক বিৰোধীতাৰে অন্ত পৰা নাছিল ।

কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত সৎৰাম চাৰিঙীয়া ফুকনে পূৰ্ণানন্দৰ বিৰুদ্ধে বিদ্রোহৰ চেষ্টা কৰিছিল । এইবাৰৰ বিদ্রোহতো পূৰ্ণানন্দই ষড়যন্ত্ৰাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । সৎৰাম ৰজা চন্দ্ৰকান্ত সিংহৰ বাল্য বন্ধু হোৱাৰ বাবে তেওঁক প্ৰাণে নামাৰি নামৰূপ হাবিলৈ নির্বাসিত কৰা হৈছিল । নামৰূপত তেওঁ নগা আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল ।

সেই বিদ্ৰোহত বাদনচন্দ্ৰ বৰফুকন জড়িত আছিল বুলি পূৰ্ণানন্দই তেওঁক ধৰিবলৈ চিপাহী – চাউদাং পঠিয়াওঁতে তেওঁ আগতিয়াকৈ জানিব পাৰি তেওঁ ব্ৰিটিছ শাসনাধীন বংগদেশৰ ৰংপুৰলৈ গৈ তাতে ডেভিড স্কটক সাক্ষাৎ কৰে । মদনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ৰজা চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ সমর্থনতব্ৰিটিছক সামৰিক সাহায্যৰ আবেদন কৰে ।

এনেদৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ শ্বেচ্চাচাৰী কাৰ্যৰ ফলত মানসকলৰ অসম আক্ৰমণৰ পথ ৰচনা হৈছিল ।

(৪) বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃমানসকলে বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত  অসম আক্ৰমণ কৰাৰ কৰণবোৰ

         (১) কমলেশ্বৰ সিংহৰ শাসনকালতে মুৱামৰীয়া সকলে আন কিছুমান জনজাতীয় গোষ্ঠীৰ সহায়ত পুনৰ বিদ্ৰোহ আৰম্ভ কৰে । ফলত অসমৰ পৰিস্থিতি পুনৰ অশান্ত হৈ পৰাৰ সুযোগ লৈ মানসকলে অসমলৈ মান সেনা প্ৰেৰণ কৰে ।

বিদেশী শক্তিৰ এনে হস্তক্ষেপৰ ফলত দেশৰ পৰিস্থিতি অধিক শোচনীয় হৈ উঠাৰ সম্ভাৱনালৈ লক্ষ্য কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মজাৰ ভূ – মণ্ডলক স্বতন্ত্ৰভাৱে শাসন কৰিবলৈ মুৱামৰীয়া মৰণসকলক এৰি দিয়ে । শাসনব্যৱস্থাৰ এনে বিভাজনৰ ফলত ৰাজ  শাসন ব্যৱস্থা অতি দুৰ্বল হৈ পৰে ।

        (২) চিংফৌ আৰু খামতিসকলে মুৱামৰীয়া বিদ্ৰোহীৰ লগ হৈ আহোম ৰাজ্য আক্ৰমণ কৰাত বুঢ়াগোহাঁয়ে কুটনৈতিক কৌশল গ্ৰহণ কৰে । ইয়াৰ অংশ হিচাপে চিংফৌ নেতা বিচানাঙলৈ ৰঙ্গিলী নামৰ এ গৰাকী আহোম গাভৰু আগবঢ়াই সদ্ভাৱ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। 

পিছে বিচনাকে  ৰঙ্গিলীক নিজে নাৰাখি মান ৰজা বদৌপায়াক উপহাৰ হিচাপে দিয়ে । পিছত ৰঙ্গিলীয়েই বদনক পূৰ্ণানন্দৰ বিৰুদ্ধে কাম কৰিবলৈ উদগতি দিছিল ।

          (৩) সেই সময়ৰ কামৰূপৰ ৰজা হৰদও আৰু তেওঁৰ ভায়েক বীৰদও চৌধুৰীয়ে বংগদেশৰ বৰকান্দাজ সেনাৰ সহায়লৈ পুনৰ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিয়ে । এই বিদ্রোহৰ বাবে নামনি অসমৰ শাসক বদনচন্দ্ৰ বৰফুকনক দায়ী বুলি তেওঁৰ ঠাইত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কলীয়া ভোমোৰাক নামনি অসমৰ বৰফুকন পাতে । এনেবোৰ কথাই পূৰ্ণানন্দৰ প্রতি বদনক অসন্তুষ্ট কৰি তুলিছিল ।

          (৪) প্ৰকৃততে বদনচন্দ্ৰ বৰফুকন আৰু আন বহুতো বিষয়াই পূৰ্ণানন্দৰ ক্ষমতা বৃদ্ধিত বিৰোধী হৈছিল । সেয়ে তেওঁৰ বিৰুদ্ধে কিছুমান ষড়যন্ত্ৰ ৰচনা কৰিছিল ।

           এই ষড়যন্ত্ৰসমূহ দমন কৰে যদিও দেশৰ প্ৰশাসনীয় ব্যৱস্থা অতি দুৰ্বল হৈ পৰিছিল । বদনে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মানৰজাক পূৰ্ণানন্দ বিৰুদ্ধে সামৰিক সাহাৰ্য চন্দ্ৰৰ পেহীয়েক আছিল । তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল ।শেষত এই সুযোগতে মানসকলে বদনচন্দ্ৰ বৰফুকনৰ আমন্ত্ৰণ গাইনা লৈ অসম আক্ৰমণ কৰে ।

(৫) বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ – চন্দ্ৰকান্ত সিংহই মানৰ নিৰ্দেশ অৱমাননা কৰি উভতি নহাত মানসকলে ১৮২১ চনত যোগেশ্বৰ সিংহ নামৰ কোঁৱৰক ৰজা পাতিলে । যোগেশ্বৰ সিংহক নামতহে ৰজা ৰাখি ৰাজকার্য পৰিচালনা কৰিলে মান সেনাই । যোগেশ্বৰ সিংহই ১৮২৫ চনলৈকে ৰাজত্ব কৰে যদিও এই কালছোৱাত মান সেনাপতিসকলেই সৰ্বেসৰ্বা আছিল ।

এইদৰে মান সেনা স্বদেশলৈ ঘূৰি নগৈ অসমৰ শাসনত হস্তক্ষেপ কৰিবলৈ ধৰে । মানসকলে নামনিত গুৱাহাটী দখল কৰি অসমৰ পৰা পলাই গৈ ইংৰাজৰ অধীন বঙ্গদেশৰ আশ্ৰয় লোৱা অসমৰ ডা – ডাঙৰীয়া , ভগা ৰজা চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহক গতাই দিবলৈ ইংৰাজক দাবী জনালে ।

ইংৰাজ কোম্পানীৰ চৰকাৰে এই দাবী প্ৰত্যাখান কৰাত দুয়োপক্ষৰ মাজত ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছিল ।

(৬) মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা ।

উত্তৰঃমানৰ অসম আক্ৰমণৰ কাৰণসমূহ তলত আলোচনা কৰা   –

         (ক) বাদনচন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ড: – বদনচন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ডই মানৰ অসম আক্ৰমণৰ মূল আৰু প্ৰধান কাৰণ । বাদনচন্দ্ৰ মন্ত্ৰী বৰফুকন হোৱাৰ কেইমাহ মানৰ পিছতে তেওঁৰ বিৰুদ্ধে এটি গভীৰ ষড়যন্ত্ৰ চলিছিল । এই ষড়যন্ত্ৰৰ মূলতে আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই তথা ৰুচিনাথ বুঢ়াগোহাঁইৰ পৰিয়াল । এওঁলোকৰ প্ৰৰোচনাতে ভাৰতীয় আততায়ী ৰূপসিং চুবেদাৰ আৰু ৰহমান খা জামাদাৰে বাদনচন্দ্ৰক প্ৰাত:স্নান কৰি থকা অৱস্থাতে হত্যা কৰে ।

         (খ) চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত: বাদনচন্দ্ৰৰ হত্যাৰ লগে লগে গুৱাহাটীত বাঁহৰ পাতি থকা ৰুচিনাথ বুঢ়াগোহাঁয়ে নিজ স্বাৰ্থ পূৰনাৰ্থে গুৱাহাটীৰ কেইজনমান স্থানীয় লোক আৰু ভেৰুণীয়া  হিন্দুস্তানী সৈনিক গোট খোৱাই এটি সেনাবাহিনী গঠন কৰি পুৰন্দৰক লগত লৈ  জুৰহাটলৈ আহি চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত কৰি ৰুচিনাথে ১০ বছৰীয়া পুৰন্দৰ সিংহক ৰজা পাতি জিন ৰাজ্যৰ শাসনভাৰ লয় । এইটোৱেই আছিল মানৰ আক্ৰমণৰ দ্বিতীয় কাৰণ ।

         ( গ ) মান ৰজাৰ অসন্তুষ্টি: – মান ৰজাই বদনচন্দ্ৰৰ মৃত্যু আৰু চন্দ্ৰকান্ত সিংহাসনচ্যুতিৰ কথা জানিব পাৰি । অসন্তুষ্ট হৈ অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয় । সেই মৰ্মে মান ৰজাই আলুমিংগিৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ পঠাইছিল । মানৰ এই আক্ৰমণ আৰম্ভ হৈছিল ১৮১৯ চনত ।

           (ঘ) মানৰ অসম আক্ৰমণ :- ১৮১৯ চনত মান সকলে পোন প্ৰথমে অসম আক্ৰমণ কৰে । মানে অসম অধিকাৰ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি পুনৰ চন্দ্ৰকান্ত সিংহক সিংহাসনত বহুয়ালে । বাদনে এজন পুতেকক বৰফুকন আৰু পাতাল বৰুৱাক বৰবৰুৱা পাতিলে । মানৰ অধীনত তেওঁ প্ৰায় দুবছৰ আঠমাহ ৰাজত্ব কৰে । পিছত তেওঁ মানৰ অধীনতা স্বীকাৰ কৰিবলৈ টান পাই কোম্পানীৰ ৰাজ্যলৈ পলাই যায় । ইয়াৰ পিছত মানসকলে ১৮২১ চনত যোগেশ্বৰ সিংহক ৰজা পাতে ।

(৭) মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা ।

উত্তৰ:-মানৰ অসম আক্ৰমণৰ পৰিণতি সমূহত

         (১) মানৰ অসম আক্রমনে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল ।

        (২) আহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ’লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল ।

        (৩) আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল, তেওঁৰলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল  সকলোকিনি প্ৰায় শেষ হৈ আহিছিল । সিংহাসন প্ৰাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম  ৰাজতন্ত্ৰক দূৰ্বল কৰি পেলাইছিল । উপায় নাইকিয়া হৈ চন্দ্ৰ কান্ত সিংহ বংগদেশৰ ব্ৰিটিছ সামৰাজ্যলৈ পলাই গৈছিল ।

পুৰন্দৰ  সিংহয়ো ব্ৰিটিছ ৰাজ্যত আশ্ৰয় লৈ আছিল । দেশৰ ডা – ডাঙৰীয়া সকলে দেশৰখা কৰাত সহায় কৰিব নোৱাৰিলে । মানৰ আক্ৰমনে কোৱলী যোৱা শাসন ব্যৱস্থা নিঃশেষ কৰি পেলালে

        (৪) মানৰ আক্রমনে অসমৰ অৰ্থনৈতিক অৱস্থা মষিমূৰ কৰিছিল । উৎপন্ন বস্তুৰ পৰিমাণ বিষণভাৱে কমি গৈছিল । সদাগৰ বেপাৰীসকলে বেপাৰ – বাণিজ্য বন্দ কৰিছিল । বহুতো প্ৰজাই প্ৰাণৰ ভয়ত ঘৰ – বাৰী এৰি পাহাৰে – পৰ্বতে আশ্ৰয় লৈছিল বাবে গাওঁবোৰত জনসংখ্যা কমি গৈছিল । ইয়াৰ ফলত গাওঁ উছন হয় আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল

       (৫) সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপ । মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছ সকলক অসমলৈ আগমনৰ সুযোগ দিছিল মানসকলে ইতিমধ্যে আৰাকান , মণিপুৰ আৰু কাছাৰ জয় কৰিছিল । মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবেই ১৮২৪- ১৮২৬ চনত প্ৰথম ইংগ বাৰ্মা যুদ্ধ সংঘটিত হৈছিল ।

       (৬) এই ইঙ্গ বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত ইয়াণ্ডাবুৰ সন্ধিৰ দ্বাৰা । এই চুক্তিৰ পিছত মানসকলক অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চাকৰৰ অধীনলৈ যায় ।

(৮) কোনটো বিদ্রোহক ‘পানীমূৱা বিদ্ৰোহ’ বুলি কোৱা হয় ?

নাইবা

পানীমূৱা বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ:- ক্ষমতা লাভৰ এবছৰৰ ভিতৰত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল ।পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সাংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম  বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল ।কোমল  বয়সীয়া ৰজাজনে বুঢ়াগোহাইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল ।

১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই  চন্দ্ৰকান্ত সিংহ নামে কণমানি ল’ৰা এজনক আহোম ৰাজপাটত বহুৱায় । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল । ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল ।

দেশৰ ভালেমান মুখীয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত  এটা বিদ্ৰোহ সংগঠিত কৰিছিল ।পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ।সেইবাবে এই বিদ্রোহ পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

(৯) ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা ।

উত্তৰঃ- ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা ।

         (১) মানসকলৰ ১৮১৭ চনত সামৰিক অভিযান মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা ।

         (২) মানে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰা সময়তে দেশৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই বিশেষকৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দৌৰাত্ম আৰু স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে মানৰ এই হস্তক্ষেপ সংঘটিত হৈছিল বুলিব পাৰি । এই ঘটনাৰ বাবে আপাতত : বদনচন্দ্ৰ বৰফুকনক দায়ী কৰা হয় যদিও প্ৰধানK দোষী আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই ।

(১০) প্ৰথম ইংগ -বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল ? এই যুদ্ধখন ক’ত সংঘটিত হৈছিল ?

উত্তৰঃ- ১৮২৪ – ১৮২৫ চনত প্রথম ইংগ – বৰ্মা যুদ্ধ সংঘটিত হৈছিল ।

       (১) ব্ৰহ্মপুত্ৰ উপত্যকা তথা আহোম ৰাজ্য (২) কাছাৰ

      (৩)  মণিপুৰ আৰু

      (৪)ব্ৰহ্মদেশত ।

   চাৰিখন ৰণাংগত সংঘটিত হৈছিল । ১৮২৬ চনত ইংগ বৰ্মা যুদ্ধ সমাপ্ত হৈছিল।

(১১) ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা ।  

উত্তৰ:-   ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা হ’ল –

       (১) মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণৰ বাবদ কোম্পানীক এক কোটি টকা পৰিশোধ কৰিব লাগিব।

       (২) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব ।

      (৩) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে  কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।

      (৪) মানসকলে  মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত ল’য়।

      (৫) আভাত এজন ব্ৰিটিছ ৰেচিডেন্ট থাকিব ।মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমতি দিছিল ।

               এইদৰে ইয়াণ্ডাবু সন্দিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূল গৈছিল । ইয়াণ্ডাবু সন্দিয়ে অসমত মানৰ দিনৰ অন্ত পেলাই ।এই সন্দিৰ পিছত ইষ্ট -ইণ্ডিয়া কোম্পানীয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলিছিল ।

(১২) ইয়াণ্ডাবু সন্দিৰ চৰ্তসমূহ  কি কি আছিল ?

উত্তৰঃ- ইয়াণ্ডাবু সন্দিৰ চৰ্তসমূহ আছিল :

        ১/ মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানীক এখন কোটি টকা পৰিশোধ কৰিব লাগিব ।

        ২/ আৰাকান আৰু তেনাছেৰিম প্ৰৱেশ ব্ৰিটিছৰ হাতলৈ যাব ।

        ৩/ অসম , কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।

        ৪/ মানসকলে  মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত ল’য়।

        ৫/ আভাত এজন ব্ৰিটিছ ৰেচিডেন্ট থাকিব ।মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমতি দিছিল ।

           এইদৰে ইয়াণ্ডাবু সন্দিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূল গৈছিল । ইয়াণ্ডাবু সন্দিয়ে অসমত মানৰ দিনৰ অন্ত পেলাই ।এই সন্দিৰ পিছত ইষ্ট -ইণ্ডিয়া কোম্পানীয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলিছিল ।

চমুটোকা লিখা

(১) বদৌপায়া

উত্তৰঃ- বদৌপায়া :- বদৌপায়া ব্ৰহ্মদেশৰ ৰজা আছিল । পূৰ্ণানন্দ বৰগোঁহাইক এসেকা দিয়াৰ বাবে বাদনচন্দ্ৰ বৰফুকনে মান ৰজা বদৌপায়াক আহোম ৰজাৰ বিৰুদ্ধে সামৰিক অভিযানৰ অনুৰোধ জনাইছিল ।

শেষত বদনৰ অনুৰোধ ৰক্ষা কৰি বদৌপায়াই আঠ হাজাৰ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা আঠ হেজাৰ মুঠ ১৬ ,০০০ সৈন্য লৈ পাটকাই পথেদি অসমত সোমাইছিল । ঘিলাধাৰী ঘাটত হোৱা যুদ্ধত মান সেনাৰ হাতত পূৰ্ণানন্দৰ সৈন্য পৰাজয় হয় ।

(২) ঘিলাধাৰীৰ যুদ্ধ 

উত্তৰঃ – ঘিলাধাৰীৰ যুদ্ধ: – পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদন বৰফুকনে ব্ৰহ্মদেশৰ ৰজা বদৌপায়ক সাক্ষাৎ কৰি সহায় বিচাৰিলে । বদনে বদৌপায়াৰ সহায়ত ৮০০০ মান সৈন্য আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা আঠ হেজাৰ মুঠ ১৬,০০০ হেজাৰ সৈন্য লৈ পাটকাই পথেদি অসমত সোমাইছিল ।

মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণনান্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত সৈন্য বাহিনী প্ৰেৰণ কৰিছিল । ১৮৭০ চনত ঘিলাধাৰী ঘাটত হোৱা যুদ্ধত মান সেনাৰ হাতত পূৰ্ণানন্দৰ সৈন্যৰ পৰাজয় হয় । এই যুদ্ধত অসমীয়া সেনাৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণনান্দ বুঢ়াগোহাঁয়ে মৃত্যু বৰণ কৰে।

(৩) ইয়াণ্ডাবু সন্ধি

উত্তৰঃ- ইয়াণ্ডাবু সন্ধি :- প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধ ( ১৮২৪-২৫ ) চাৰিখন ৰণাংগনত সংঘটিত হৈছিল –  (১) ব্ৰহ্মপুত্ৰ উপত্যকা তথা আহোম ৰাজ্য , (২) কাছাৰ , (৩) মণিপুৰ  আৰু (৪) ব্ৰহ্মদেশত । অসমত ইংৰাজৰ হাতত পৰাজিত হৈ ১৮২৫ চনত উজনি অসম ত্যাগ কৰিলে ।

আটাইকেইটা  ৰণাংগনত পৰাজিত হৈ ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী চৰকাৰৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধি পত্ৰত স্বাক্ষৰ কৰে । এয়ে আছিল উল্লেখযোগ্য ইয়াণ্ডাবু সন্ধি (১৮২৬) ।

       ইয়াণ্ডাবু সন্দিৰ চৰ্তসমূহ আছিল :

          ১/ মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানীক এখন কোটি টকা পৰিশোধ কৰিব লাগিব ।

         ২/ আৰাকান আৰু তেনাছেৰিম প্ৰৱেশ ব্ৰিটিছৰ হাতলৈ যাব ।

         ৩/ অসম , কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।

         ৪/ মানসকলে  মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত ল’য়।

         ৫/ আভাত এজন ব্ৰিটিছ ৰেচিডেন্ট থাকিব ।মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমতি দিছিল ।

               এইদৰে ইয়াণ্ডাবু সন্দিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূল গৈছিল । ইয়াণ্ডাবু সন্দিয়ে অসমত মানৰ দিনৰ অন্ত পেলাই ।এই সন্দিৰ পিছত ইষ্ট -ইণ্ডিয়া কোম্পানীয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলিছিল ।

(৪) লুকু ডেকাফুকন

উত্তৰঃ- লুকু ডেকাফুকন :- লুকু ডেকা ফুকন ৬০০ বছৰীয়া আহোম ৰাজত্ব শেষ স্বাধীন ৰজা চন্দ্ৰকান্ত সিংহৰ এগৰাকী বিশ্বাসী বিষয়া আছিল । জন্মসুত্ৰে লুকু ডেকা ফুকন ডাঙৰীয়া আছিল । আহোমসকলৰ এটা সাধাৰণ ফৈদ লুখৰাসন বংশৰ ল’ৰা । এটা নিন্ম শ্রেণীৰ লোকে হ’লেও লুকু ডেকা ফুকনৰ মনত দেশপ্ৰেমৰ ভাৱ চিৰ – প্ৰৱাহিত হৈ আছিল ।

দেশৰ প্ৰতি থাকিবলগীয়া দায়িত্ব আৰু কৰ্তব্য। তেওঁৰ অন্তৰত বিৰাজ কৰিছিল । সেই বাবেই তেখেতে নিজৰ জীৱনক তুচ্ছ কৰি হ’লেও দেশ আৰু দেশৰ সন্মান ৰক্ষা কৰিবলৈ যত্নপৰ হৈছিল । ডেকা ফুকন ডাঙৰীয়া যে এগৰাকী স্বাৰ্থহীন প্ৰকৃত দেশপ্ৰেমিক আছিল  এই কথা সহজে অনুমেয় । তেওঁৰ স্বাৰ্থহীন ত্যাগে তেখেতৰ দেশপ্ৰেমৰ অন্যতম নিদৰ্শন ।

দেশক ভাল পাবলৈ , দেশক ৰক্ষা কৰিবলৈ উচ্চ – নীচৰ দৰে সামাজিক বান্ধোনবোৰৰ যে কোনো বিচাৰ – বিবেচনা নাথাকে , তাৰেই প্ৰমাণ লুকু ডেকা ফুকন । দেশমাতৃক বিদ্রোহীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ অহোপুৰুষাৰ্থ কৰিছিল আৰু শত্ৰুৰ হাতত বন্দী হৈ প্ৰাণ আহুতি দিবলগীয়া হৈছিল ।

(৫) দোৱনীয়া

উত্তৰঃ – দোৱনীয়া : – ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে এই সময়চোৱাক মানৰ দিন বুলি কোৱা হয় । মানৰ সেনাৰ লুটপাত , কটা – মৰা , পাশৱিক অত্যাচাৰৰ  কোবত টিকিব নোৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে – দিপাঙে জাবলগা হৈছিল ।

ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বোলে । মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বহুতো ধনবান অসমীয়া লোকে মানৰ ভেশচন ধৰি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল । তেওঁলোককে দোৱনীয়া বা ছদ্মবেশি মান বোলা হয় ।

(৬) পুৰন্দৰ সিংহ

উত্তৰ:- পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল । ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক আঁতৰাই ১০ বছৰীয়া পুৰন্দৰ কিংহক ৰজা পাতে । ১৮১৯ চনত অসম আক্ৰমণ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰে ।

(৭) গোবিন্দচন্দ্ৰ

উত্তৰঃ- গোবিন্দচন্দ্ৰ :- গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল । ভায়েক কৃষ্ণচন্দ্ৰৰ পিছত তেওঁ কাছাৰৰ ৰজা হয় । তেওঁৰ শাসন কালত মণিপুৰৰ বিদ্ৰোহী ৰজা মাৰ্জিত সিঙে কাছাৰৰ সমতলভূমি দখল কৰে । পিছত মাৰ্জিত সিঙে আন দুজন ভায়েক সুৰজিৎ সিং আৰু গম্ভীৰ সিঙৰ সহায়ত গোটেই কাছাৰখন দখল কৰে ।

তেতিয়া বাধ্য হৈ গোবিন্দ চন্দ্ৰই চিলেটলৈ পলাই যায়  আৰু তাত থকা ইংৰাজৰ সহায় – ভিক্ষা বিচাৰে । কিন্তু ইংৰাজে তেওঁৰ অনুৰোধ অগ্ৰাহ্য কৰে । ফলত গোবিন্দ চন্দ্ৰই দক্ষ ৰজাৰ শৰণাপন্ন হ’ল । দক্ষ ৰজাই তেওঁক সহায়ৰ প্ৰতিশ্ৰুতি দি কাছাৰ দখল কৰে ।

মানসকলৰ এনে কাৰ্যত ইংৰাজসকলে মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । ইংৰাজ সৈন্যৰ হাতত মানৰ পৰাজয় ঘটে । পিছত ইংৰাজৰ সহায়ত গোবিন্দ চন্দ্ৰ পুনৰ কাছাৰৰ দক্ষিণ অংশত ৰজা হয় ।

        গোবিন্দ চন্দ্ৰই কাছাৰৰ শেষ ৰজা আছিল । তেঁও সংস্কৃত ভাষাৰ এজন সু – পণ্ডিত আছিল । তেওঁ ৰচনা কৰা দুখন পুথি হ’ল ‘ গোবিন্দ কীৰ্তন ‘ আৰু  ‘ মহাৰাজেৰ লীলামৃত ” । তেওঁৰ পুথি দুখনৰ পৰাই তেওঁৰ পাণ্ডিত্যৰ কথা জানিব পাৰি ।

(৮) দামান গগৈ

উত্তৰঃ- দামান গগৈ:- দামান গগৈ আহোম সেনাপতি আছিল । তেওঁৰ আহোমসকলৰ এজন দায়িত্বশীল সামৰিক বিষয়া আছিল । তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থক আছিল । মানসকলক ভেটা দিয়াৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈৰ নেতৃত্বত মানসকলৰ বিৰুদ্ধে এটি আহোম সৈন্য দল প্ৰেৰণ কৰে । কিন্তু দামান গগৈ নেতৃত্বাধীন আহোম বাহিনী মান সৈন্যৰ হাতত ঘিলাধাৰী নামে ঠাইত হোৱা যুদ্ধত পৰাজিত হয় ।

(৯) গম্ভীৰ সিং

উত্তৰঃ :- গম্ভীৰ সিং :- গম্ভীৰ সিং মণিপুৰৰ ৰজা আছিল । মণিপুৰৰ ৰজা জসিংহৰ পুত্ৰ আছিল গম্ভীৰ সিং । পতাকৰ মৃত্যুৰ পিছত তেওঁ মণিপুৰৰ ৰজা হয় ।

         জসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ সুৰজিৎ সিং , মাৰ্জিত সিং আৰু গম্ভীৰ সিঙৰ মাজত সিংহাসনক লৈ কাজিয়াৰ সৃষ্টি হয় । গম্ভীৰ সিঙে অতি চল – কৌশলেৰে মণিপুৰৰ সিংহাসন দখল কৰে । কিন্তু কিছুদিনৰ পিছত তেৱোঁ কাছাৰলৈ পলাবলগীয়া হয় । মানসকলে হাইলাকান্দিৰ বাহিৰে সমগ্ৰ দক্ষিণ কাছাৰ দখল কৰি লয় । মানসকলে কাছাৰৰ পিনে অগ্ৰসৰ হৈ গম্ভীৰ সিঙক পুনৰ পৰাজিত কৰি শাসনৰ পৰা বাহিৰ কৰি দিয়ে ।

(১০) হাও বৰা

 উত্তৰঃ – হাও বৰা :- হাও বৰা আহোম ফৈদৰ সেনাপতি আছিল । বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অহা মানসেনাক ভেটা দিবলৈ দামান গগৈৰ লগত হাও বৰাকো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এটি আহোম সৈন্য দলৰ নেতা হিচাপে প্ৰেৰণ কৰিছিল । কিন্তু হাও বৰাই মানসেনাক ভেটা দিবলৈ যাওঁতে ঘিলাধাৰী নামৰ ঠাইত হাও বৰা আৰু আহোম সেনাৰ পৰাজয় ঘটে ।

(১১) আলুমিংগি

উত্তৰঃ – আলুমিংগি:- আলুমিংগি  মান সেনাপতি আছিল । তেওঁৰ নেতৃত্বত ১০,০০০ সৈন্যই অসম আক্ৰমণ কৰিছিল । এই আক্ৰমণৰ ফলত আহোম সেনাৰ পৰাজয় হয় আৰু অসম প্ৰথমবাৰৰ বাবে মনৰ হাতলৈ যায় ।

(১২) ব্ৰজনাথ

উত্তৰঃ – ব্ৰজনাথ :- ব্ৰজনাথ ৰাজেশ্বৰ সিংহৰ আৰু বিজয়া বৰমূৰা  গোঁহাইৰ পুত্ৰ আছিল । ব্ৰজনাথ যাতে ৰজা হ’ব নোৱাৰে তাৰ কাৰণে তেওঁক আগতেই অংগক্ষত কৰা হৈছিল ।

         মানৰ অসম আক্ৰমনৰ সময়ত ব্ৰজনাথ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰ সিংহ ১৮০৯ চনৰ পৰা কোম্পানীৰ ৰাজ্যৰ ঘিলামৰীয়াত আশ্ৰয় লৈ আছিল । তেওঁলোক দুয়োজনে কোম্পানীৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি দিন কটাই আছিল ।

           বদন বৰফুকনৰ হত্যাৰ পিছত ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা নমাই ব্ৰজনাথক আহোমৰ সিংহাসনত অধিষ্ঠিত কৰিব বিচাৰিছিল । এই উদ্দেশ্যৰে তেওঁ এটি সেনাবাহিনীৰ সহায়ত ব্ৰজনাথ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰক লৈ যোৰহাট অভিমুখে যাত্ৰা কৰে ।

কিন্তু ৰুচিনাথ বুঢ়াগোহাঁইৰ আশা পূৰণ ন’হল । কাৰণ আগতেই অংগক্ষত হৈ থকা ব্ৰজনাথ ৰজা হোৱাৰ যোগ্যতা হেৰুৱাইছিল । সেয়েহে ৰুচিনাথে ব্ৰজনাথৰ পুত্ৰ দহ বছাৰীয়া পুৰন্দৰ সিংহক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিয়ে ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

1 thought on “Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top