Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ

Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ and select needs one.

Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Class 9 Social পাঠ-3 মোৱামৰীয়া গণ বিদ্ৰোহ – সমাধান Solutions for All Subject, You can practice these here…

চমুটোকা লিখা

() মায়ামৰা সত্ৰ

উত্তৰঃ- মায়ামৰা সত্ৰ :- ‘ মায়ামৰা ‘ হৈছে এখন বৈষ্ণৱ সত্ৰ । এই সত্ৰ কাল সংহতিৰ অন্তৰ্ভূক্ত । মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল । অৱশ্যে অসমৰ অন্যান্য বহুতো জনজাতি যেনে চুতীয়া , কছাৰী , আহোম কৈবৰ্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ঠ জনপ্ৰিয়তা অর্জন কৰিছিল ।

এই জনপ্ৰিতাৰ আঁৰত থকা এটা বিশেষ কাৰণ হৈছে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদাইভুক্ত । তথা কথিত সমাজ ব্যৱস্থাত এই জনজাতীয়সকলক হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল । বৰ্ণ হিন্দু পৰিচালিত সমাজত তেওঁলোকৰ স্থান আছিল অতি নিম্নস্তৰত ।

গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যদা পাইছিল । যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল । তেওঁ লোকৰ অকৃত্ৰিম গুৰুভক্তিয়ে তথা বৰ্ধিত শিষ্যৰ সংখ্যাই মোৱামৰীয়া সত্ৰৰ লগতে ই ইয়াৰ মহন্তসকলৰো শক্তিৰ উত্থানত যথেষ্ট অৰিহনা যোগাইছিল ।

() পূৰ্ণানন্দ বুঢ়াগোহাঁইঞি

উত্তৰঃ-  পূৰ্ণানন্দ বুঢ়াগোহাঁইঞি :-  গৌৰীনাথৰ ৰাজত্বকালত পুনৰ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়তে ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিনিষ্ঠ হয় । এই সময়ছোৱা আছিল অতি সংকটময় ।

কাৰণ মোৱামৰীয়া বিদ্ৰোহ আৰু ইয়াৰ পিছত সংঘঠিত হোৱা মানৰ আক্রমনে অসমৰ অৱস্থা সংকটাপন্ন কৰি তুলিছিল । ইয়াৰ বিপৰীতে পূৰ্ণানন্দই অতি ধৈৰ্যৰে দেশ সেৱাৰ কামত ব্ৰতী হৈছিল । সুদীৰ্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক’ব পৰা নাছিল ।

           তেওঁ কাৰ্যভাৰ গ্রহণ কৰিয়েই ৰজা গৌৰীনাথ সিংহক মুৱামৰীয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিপৰীতে কৌশলে বশ কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়ায় । ফলত মুৱামৰীয়া বিদ্ৰোহৰ প্ৰকোপ দুগুণ বৃদ্ধি পায় ।

গৌৰীনাথ সিংহৰ পলায়নৰ পিছত পূৰ্ণানন্দই অকলে আৰু অতি সাহসেৰে মুৱামৰীয়াসকলৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল । কেপ্তেইন উৱেলছৰ আগমনৰ পিছত পূৰ্ণানন্দৰ সহযোগতহে ইংৰাজসকলে মুৱামৰীয়াসকলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল ।

         মুৱামৰীয়া বিদ্ৰোহৰ পিছত অসমত মানৰ আক্ৰমণ সংঘটিত হয় ।  কোৱা হয় যে বদনচন্দ্ৰ বৰফুকনৰ আৰু পূৰ্ণানন্দ বৰগোহাঁইৰ ব্যক্তিগত শত্ৰুতাৰ ফলতেই অসমলৈ মানসকলৰ আক্ৰমণ সংঘটিত হৈছিল । ১৮১৭ চনত মানসকলে প্ৰথমবাৰ   অসম আক্ৰমণৰ খবৰ পোৱাৰ পিছতে পূৰ্ণানন্দৰ মৃত্যু হয় ।

() বৰৰজা ফুলেশ্বৰী

উত্তৰঃ- বৰৰজা ফুলেশ্বৰী :- ৰাণী ফুলেশ্বৰী স্বৰ্গদেউ শিৱসিংহৰ বৰকুঁৱৰী আছিল । তেওঁৰ আগৰ নামটো ফুলমতী আছিল । ৰাণী ফুলেশ্বৰী শাক্ত ধৰ্মী আছিল । স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী ফুলেশ্বৰীয়ে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ সৈতে জড়িত সন্ত –  মহন্ত আৰু ভকতসকলক লঘু – লাঞ্ছনা কৰি অশেষ নিৰ্যাতন দিছিল ।

এই ক্ষেত্ৰত ইন্ধন যোগাইছিল কীৰ্তি চন্দ্ৰ বৰবৰুৱা । শাক্ত ব্ৰাহ্মণ পুৰোহিতসকলে ৰজা শিৱসিংহৰ ছত্রভংগৰ যোগ আছে বুলি কৈ ৰাণী ফুলেশ্বৰীক বৰৰজা পাতিছিল ।

ৰাণীয়ে শক্তি পূজাৰ বিৰোধী বৈষ্ণৱ সত্ৰাধিকাৰ , মহন্ত আৰু ভকতসকলক আৰু লগতে অন্যান্য সত্ৰৰ সত্ৰাধিকাৰসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফুটদিয়াই অশেষ লঘু লাঞ্ছনা কৰিছিল । ৰাণীৰ এনে অশুভ কাৰ্যত সমস্ত প্ৰজাবৰ্গ বিদ্ৰোহী হৈ পৰিছিলজ ।

(সৰ্বানন্দ

উত্তৰঃ – সৰ্বানন্দ :- চুক্লেনফা বা কমলশ্বেৰ সিংহৰ দিনত মোৱামৰীয়াসকলে পুনৰ বেলেগ বেলেগ ঠাইত বিদ্ৰোহ কৰিছিল । ৰংপুৰৰ ৰজা ভৰত সিংহৰ মৃত্যু হোৱাত মোৱামৰীয়াসকলে এইবাৰ চিংফৌমতা সৰ্বানন্দৰ নেতৃত্বত পুনৰ বিদ্ৰোহ আৰম্ভ কৰে । এনে অৱস্থাত পূৰ্ণানন্দ বুঢ়াগোহাঁই বৰ বিপাঙত পৰে ।

পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে বিষয়টো গভীৰভাৱে গ্ৰহণ কৰি যথাসম্ভৱ সোনকালে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল । সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে ‘ বৰসেনাপাতি ‘ নিযুক্তি কৰা হয় ।

চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজত ভূ-খণ্ডত নতুন মটক ৰাজ্য গঠন কৰিলে । সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতী দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে ।

) ৰংপুৰ নগৰ

উত্তৰ:- ৰংপুৰ আহোমৰ ৰাজধানী আছিল । স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত এই ৰাজধানী নগৰ প্ৰতিষ্ঠা কৰে । ৰং পুৰৰ পুৰনি নাম মেটেকা ।স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংগৰ সজাই ৰং-ৰহইচ কৰি নগৰখন লোৱাৰ বাবে নামনিৰ ৰংপুৰৰ নামেৰেই এই নগৰৰ নাম ৰংপুৰ থয় । তেতিয়াৰে পৰা মোৱামৰীয়াসকলৰ বিদ্ৰোহত নগৰ উছন হোৱালৈকে ৰংপুৰ আহোমৰ ৰাজধানী আছিল । বৰ্তমানৰ শিৱসাগৰ নগৰখনেই আছিল পূৰ্বৰ ৰংপুৰ  নগৰ ।

           বৰ্তমান ৰংপুৰৰ পৰিসীমা প্ৰায় ১০ মাইল মান হব । ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল । নগৰৰ দাঁতি কাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল । সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়া সকলৰ সম্পত্তি আছিল । বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল । ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল । সোণ আৰু নিমখহে বেহা -বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল । বস্তুৰ দাম অতিপাত সস্তা আছিল ।

() পৰ্বতীয়া গোঁসাই

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল । পিছলৈ পুত্র শিৱ  সিঙহহৈ তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নিলাচল পাহাৰত স্থাপন কৰিছিল । তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষ সকলক ‘পৰ্বতীয়া’ গোঁসাই নামেৰে জনা যায় ।

() ভৰত সিংহ

উত্তৰ:- ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল । তেওঁ এজন মোৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল । ১৮০১ চনত তেওঁৰ নেতৃত্বত এ এদল মোৱামৰীয়া চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰিছিল । তেওঁলোকে বিদ্ৰোহ কৰা ঠাইখন হ’ল বেংমৰা । মোৱামাৰীয়া বিদ্ৰোহীসকলে  ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল । ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল ।

() কাড়ী পাইক আৰু চমূৱা পাইক

উত্তৰ:- পাইক প্ৰথা আহোম ৰাষ্ট্ৰযন্ত্ৰৰ অৰ্থনৈতিক শোষণৰ এটা ব্যৱস্থা আছিল ।পাইকৰ অন্তৰ্ভুক্ত কিছুমান লোকে এই ব্যৱস্থাৰ কষ্টৰ পৰা ৰেহাই পাবলৈ বিচাৰিছিল। অষ্টবিংশ শতিকাৰ আদি

 ভাগৰে পৰা ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল। ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্য কাড়ী পাইকতকৈ মৰ্যাদাৰ ফালৰপৰাও সমাজৰ উচ্চ শ্ৰেণীৰ বুলি পৰিগণিত হৈছিল।

চহকী পৰিয়ালৰ লোকে ধন ধনবিত ৰজা ঘৰত জমা দি কাড়ী পইকৰ পৰা চমুৱা শাৰীলৈ উঠিছিল।   কড়ী পইকৰ পৰা একাংশ চমুৱালৈ উন্নীত হোৱাৰ ফলত কড়ী শ্ৰেণী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি হৈ তেওঁলোকৰ মাজত ক্ষোভ জন্ম দিছিল।পাইক সকলৰ বৰ্ধিত ক্ষোভ মোৱামৰিয়া বিদ্ৰোহৰ এটা প্ৰধান কাৰক হৈ পৰিছিল।

() ওৱেলছ আৰু গৌৰীনাথ হিংসৰ মাজত বাণিজ্য চুক্তি

উত্তৰঃ- ওৱেলছ আৰু গৌৰীনাথ হিংসৰ মাজত বাণিজ্য চুক্তি :- আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল । ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিমতে ,

      (১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হ’ল ।

      (2) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ কৰা সামগ্ৰীৰ ওপৰতো  সমপৰিমানৰ অৰ্থাৎ  ১০ %  কৰ ধার্য কৰা হ’ল ।

      (৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব ।

      (৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুক্ল চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ল ।

      (৫) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰিয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা – বেপাৰ কৰিব নোৱাৰিব ।

             এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মুৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল । সকলো কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছয়টা নতুন কোম্পানী ফৌজ পাঠাবলৈ অনুৰোধ কৰিছিল । গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে পৰিস্থিতিৰ গুৰুত্ব বুজি ওৱেলছৰ পত্ৰৰ সহাঁৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল ।

             ইয়াতে আমি জানি থোৱা ভাল হ’ব যে ইমানদিনে অৰ্থাৎ ১৭৮৬ চনৰ পৰাই বুঢ়াগোহাঁইঞি পূৰ্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে যোৰহাটৰ বাহিৰতে মোৱামৰীয়াসকলৰ গতিৰোধ কৰি আছিল । এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন ব্ৰিটিছ ফৌজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিলে । ১৭৯৪ চনৰ ২১ মাৰ্চৰ দিনা গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

4 thoughts on “Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top