Class 9 Science MCQ Chapter 12 শব্দ

Class 9 Science MCQ Chapter 12 শব্দ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 12 শব্দ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 12 শব্দ

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 12 শব্দ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 12 শব্দ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শব্দ

Chapter – 12

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো হৈছে—

(a) কাচ।

(b) বায়ু।

(c) পানী।

(d) মাটি।

উত্তৰঃ (b) বায়ু।

2. তলৰ কোনটো শব্দ তৰংগৰ দৈৰ্ঘ্যৰ এচ. আই একক—

(a) m

(b) cm

(c) m³

(d) cm³

উত্তৰঃ (b) cm

3. শব্দ তৰংগ হৈছে এবিধ—

(a) অনুদৈর্ঘ্য তৰংগ।

(b) যান্ত্ৰিক তৰংগ।

(c) চাপ তৰংগ।

(d) (a), (b) আৰু (c) তিনিওটা

উত্তৰঃ (b) যান্ত্ৰিক তৰংগ।

4. শব্দ তৰংগৰ কম্পনাংকৰ এচ. আই একক হ’ল—

(a) মিটাৰ।

(b) চেণ্টিমিটাৰ।

(c) কিলোমিটাৰ।

(d) হার্টজ।

উত্তৰঃ (d) হার্টজ।

5. তৰংগৰ শৃংগক আৰু ভৈয়ামক বোলা হয়—

(a) খাদ আৰু শীৰ্ষ।

(b) শীৰ্ষ আৰু খাদ।

(c) তৰংগৰ দৈৰ্ঘ্য আৰু কম্পনাংক।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) শীৰ্ষ আৰু খাদ।

6. তৰংগৰ অনুক্রমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক বোলা হয়—

(a) কম্পনাংক।

(b) তীব্রতা।

(c) পৰ্য্যায় কাল। 

(d) তৰংগ দৈর্ঘ্য।

উত্তৰঃ (c) পৰ্যায় কাল।

7. আমাৰ মগজুৱে কোনো শব্দৰ কম্পনাংক যিদৰে

বিশ্লেষণ কৰে তাকে _____বোলে।

(a) তীব্রতা।

(b) কোমলতা।

(c) তীক্ষ্ণতা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (c) তীক্ষ্ণতা।

8. শব্দৰ তীব্ৰতা বা কোমলতা নিৰ্ভৰ কৰে____

(a) পোহৰৰ ওপৰত।

(b) তাপৰ ওপৰত।

(c) পোহৰ আৰু তাপ দুয়োটাৰ ওপৰত।

(d) বিস্তাৰৰ ওপৰত।

উত্তৰঃ (d) বিস্তাৰৰ ওপৰত।

9. কেবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক কোৱা হয়—

(a) স্বৰ।

(b) তৰংগ দৈর্ঘ্য।

(c) সুৰ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) সুৰ।

10. কিমান সময়ৰ বাবে মগজুত এটা শব্দ স্থায়ী হয়?

(a) 1S

(b) 0.1S

(c) 1.1S

(d) 0.01S

উত্তৰঃ (b) 0.1 S

11. মানুহৰ শ্ৰাৱ্য সীমাৰ প্ৰসাৰ—

(a) 200Hz – 20.000Hz 

(b) 20Hz – 2000 Hz.

(c) 20Hz – 20,000Hz

(d) 2000Hz – 20,000 Hz. 

উত্তৰঃ (b) 20Hz – 2000 Hz

12. অৱশব্দৰ কম্পনাংক—

(a) 20Hz তকৈ কম

(b) 200 Hz

(c) 20Hz তকৈ বেছি

(d) 2000Hz

উত্তৰঃ (a) 20Hz তকৈ কম।

13. ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ ব্যৱহাৰ কৰা হয়।

(a) অবশব্দ।

(b) অতি শব্দ।

(c) প্রতিধ্বনি।

(d) অনুৰনন।

উত্তৰঃ (b) অতি শব্দ।

14. অতি শব্দৰ কম্পনাংক–

(a) 2KHz ৰ অধিক।

(b) 0.20 KHz ৰ অধিক।

(c) 2KHz ৰ কম।

(d) 20KHz ৰ অধিক। 

উত্তৰঃ (d) 20KHz ৰ অধিক।

15. এজন মানুহে ওখ টিলা এটাৰ কাষত হাত চাপৰি বজালে আৰু 5S পিছত তাৰ প্ৰতিধ্বনি শুনিবলৈ পালে। যদি শব্দৰ দ্ৰুতি 346ms⁻¹ তেন্তে মানুহজনৰ পৰা টিলাটোৰ দূৰত্ব— 

(a) 8065m 

(b) 8650m

(c) 865 m

(d) 8.65m

উত্তৰঃ (c) 865m

16. স্পষ্ট প্রতিধ্বনি শুনিবলৈ হ’লে শব্দৰ উৎসৰ পৰা প্রতিবন্ধকৰ নূন্যতম দূৰত্ব হ’ব লাগিব— 

(a) 30 m

(b) 172 m

(c) 1.72 m

(d) 17.2m

উত্তৰঃ (d) 17.2 m

17. শব্দৰ উৎস এটাৰ কম্পনাংক 100Hz ই এক মিনিটত সম্পূৰ্ণ কৰা কম্পনৰ সংখ্যা হ’ব—

(a) 60 টা।

(b) 6.0 টা।

(c) 600 টা।

(d) 3600 টা।

উত্তৰঃ (c) 600 টা।

18. শব্দ তৰংগ এটা 300m/s বেগেৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5cm হয়, তেন্তে তৰংগটোৰ কম্পনাংক হ’ব—

(a) 20 Hz

(b) 200 Hz

(c) 2000 Hz

(d) 20.000 Hz

উত্তৰঃ (d) 20.000 Hz 

19. প্রদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440ms⁻¹ আৰু 220Hz হ’লে ইয়াৰ তৰংগ দৈর্ঘ্য হ’ব—

(a) 0.2 m

(b) 2 m

(c) 20 m

(d) 200m

উত্তৰঃ (b) 200m

20. শব্দৰ দ্ৰুতি নিৰ্ভৰ কৰে_____ ৰ ওপৰত।

(a) উষ্ণতা।

(b) মাধ্যমৰ প্ৰকৃতি।

(c) বায়ুৰ আৰ্দ্ৰতা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

অতি চমু প্রশ্ন উত্তৰ:

1. মাধ্যম কাক বোলে?

উত্তৰঃ যি পদার্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন হয় তাক মাধ্যম বোলে।

2. তৰংগ কাক বোলে?

উত্তৰঃ মাধ্যমৰ কণাই সিহঁতৰ নিকটৱৰ্তী কণাবোৰক  লৰচৰ কৰিবলৈ বাধ্য কৰালে মাধ্যমৰ মাজেৰে আন্দোলন এটা সঞ্চালিত হয়। এনে গতিশীল আন্দোলনক তৰংগ বোলে।

3. তৰংগৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ শব্দ এবিধ তৰংগ।

4. শব্দ সঞ্চালিত হ’বলৈ আটাইতকৈ সাধাৰণ মাধ্যমটো কি?

উত্তৰঃ বায়ু।

5. সংকোচন বুলিলে কি বুজা?

উত্তৰঃ সংকোচন হ’ল উচ্চ চাপযুক্ত অঞ্চল।

6. অনুভৱন বুলিলে কি বুজা? 

উত্তৰঃ অনুভৱন হ’ল নিম্নচাপযুক্ত অঞ্চল।

7. শব্দ বিয়পিবলৈ মাধ্যমৰ প্ৰয়োজন কিয়? 

উত্তৰঃ শব্দ এবিধ যান্ত্রিক তৰংগ। তৰংগ বিয়পিবলৈ

মাধ্যমৰ প্ৰয়োজন। সেয়ে শূন্য স্থানৰ মাজেৰে শব্দ বিয়পিব নোৱাৰে।

8. অনুদৈর্ঘ্য তৰংগ কাক বোলে? 

উত্তৰঃ সংকোচন আৰু অনুভৱনৰ দ্বাৰা সৃষ্টি হোৱা তৰংগক অনুদৈর্ঘ্য তৰংগ বোলে।

9. অনুদৈর্ঘ্য তৰংগৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ শব্দ তৰংগ।

10. অনুপ্রস্থ তৰংগ কাক বোলে?

উত্তৰঃ মাধ্যমৰ কণাসমূহ সাম্য অৱস্থানত থাকি তল___ ওপৰ কৰে তেনে তৰংগক অনুপ্রস্থ তৰংগ বোলে। 

11. অনুপ্রস্থ তৰংগৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ পোহৰ এবিধ অনুপ্রস্থ তৰংগ কিন্তু ই যান্ত্রিক তৰংগ নহয়।

12. শব্দ তৰংগৰ বৈশিষ্ট্য বর্ণনা কৰিবলৈ কোনকেইটা বিষয়ৰ ওপৰত আলোচনাৰ প্রয়োজন?

উত্তৰঃ কম্পনাংক, বিস্তাৰ আৰু দ্ৰুতি। 

13. তৰংগদৈর্ঘ্য কাক বোলে?

উত্তৰঃ দুটা অনুক্রমিক শীর্ষ নাইবা দুটা অনুক্রমিক খাদৰ মাজৰ দূৰত্বক তৰংগদৈর্ঘ্য বোলে।

14. তৰংগদৈর্ঘ্য কি প্ৰতীকৰ দ্বাৰা সূচিত কৰা হয়?

উত্তৰঃ লেমডা।

15. তৰংগদৈৰ্ঘ্যৰ S.I. একক কি?

উত্তৰঃ মিটাৰ। 

16. পৰ্যায়কাল কাক বোলে?

উত্তৰঃ দুটা অনুক্রমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে।

17. পৰ্য্যায়কালক কি আখৰৰ দ্বাৰা সূচিত কৰা হয়।

উত্তৰঃ T

18. পৰ্যায়কালৰ S.I. একক কি?

উত্তৰঃ ছেকেণ্ড।

19. কম্পনাংক কাক বোলে?

উত্তৰঃ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাক কম্পনাংক বোলে।

20. কম্পনাংক কি প্রতীকৰ দ্বাৰা সূচিত কৰা হয়?

উত্তৰঃ v (নিউ)।

21. কম্পনাংকৰ SI একক কি?

উত্তৰঃ  হার্জ।

22. পর্যায়কাল (T) আৰু কম্পনাংক (v )ৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ v = 1 / T

23. তীক্ষ্ণতা বুলিলে কি বুজা?

উত্তৰঃ মগজুৱে কোনো শব্দৰ কম্পনাংক যিদৰে বিশ্লেষণ কৰে তাকই তীক্ষ্ণতা বোলে।

24. তৰংগৰ বিস্তাৰ কাক বোলে?

উত্তৰঃ গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সর্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে।

25. স্বৰ কাক বোলে?

উত্তৰঃ এটা কম্পনাংকৰ শব্দক স্বৰ বোলে।

26. সুৰ কাক বোলে?

উত্তৰঃ কেইবাটাও কম্পনাংক সংমিশ্রণত সৃষ্টি হোৱা শব্দক সুৰ বোলে।

27. সুৰ আৰু কোলাহলৰ পাৰ্থক্য লিখা। 

উত্তৰঃ সুৰ শ্ৰুতিমধুৰ হয় আৰু কোলাহল শ্রুতিকটু হয়।

28. সংগীত কি?

উত্তৰঃ সংগীত শ্ৰুতিমধুৰ আৰু উচ্চগুণসম্পন্ন শব্দ।

29. দ্রুতি v তৰংগদৈর্ঘ্য λ আৰু কম্পনাংকৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ v = λv

30. শব্দ তৰংগৰ প্ৰাৱল্য কাক বোলে?

উত্তৰঃ প্ৰতি ছেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দ তৰংগ বোলে।

31. 0°C উষ্ণতাত বায়ুত শব্দৰ শ্ৰুতি কিমান?

উত্তৰঃ 331 ms⁻¹

32. 22°C উষ্ণতাত বায়ুত শব্দৰ দ্ৰুতি কিমান?

উত্তৰঃ 344 ms⁻¹

33. পানীত শব্দৰ (25° C) দ্রুতি কিমান? 

উত্তৰঃ 1531 ms⁻¹

34. শাব্দিক বিষ্ফোৰণ কাক বোলে?

উত্তৰঃ প্রঘাতী তৰংগই ক্ষণিকৰ বাবে এটা সুতীৱ শব্দৰ সৃষ্টি কৰে, ইয়াকে শাব্দিক বিষ্ফোৰণ বোলে।

35. অতিশাব্দিক দ্রুতি কাক বোলে?

উত্তৰঃ শব্দৰ সাধাৰণ দ্ৰুতিতকৈ বস্তু এটাৰ দ্ৰুতি বেছি হ’লে অতিশাব্দিক দ্ৰুতিৰে গতি কৰা বুলি কোৱা হয়।

36. প্রতিধ্বনী কাক বোলে?

উত্তৰঃ শব্দ এটা সৃষ্টি হোৱাৰ পিছত আকৌ শব্দটো শুনা যোৱাকে প্রতিধ্বনী বোলে।

37. আমাৰ মগজুত শব্দৰ অনুভূতি কিমান সময়লৈকে স্থায়ী হয়?

উত্তৰঃ 0.1 S

38. স্পষ্ট প্রতিধ্বনী পাবলৈ শব্দৰ উৎসৰ পৰা প্রতিবন্ধকৰ দূৰত্ব (নুন্যতম) কিমান হ’ব লাগিব।

উত্তৰঃ 17.2 মিটাৰ (22°C উষ্ণতাত)। উষ্ণতা সলনি

হ’লে এই মান সলনি হ’ব পাৰে।

39. শব্দৰ পুনঃ পুনঃ প্ৰতিফলনৰ ব্যাৱহাৰ হোৱা এবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ মেগাফুল।

40. হৃৎপিণ্ড আৰু হাওঁফাওঁৰ শব্দ শুনিবলৈ ব্যৱহাৰ কৰা সঁজুলি বিধৰ নাম কি?

উত্তৰঃ ষ্টেথ’স্কপ।

41. মানুহৰ শ্ৰাৱ্য সীমাৰ পৰিসৰ লিখা।

উত্তৰঃ 20 হাৰ্জৰ পৰা 20,000 হাৰ্জৰ ভিতৰত।

42. অৱশব্দ কাক বোলে? 

উত্তৰঃ 20 হাৰ্জৰ তলৰ কম্পনাংকৰ শব্দক অৱশব্দ বোলে।

43. অতিশব্দ কাক বোলে?

উত্তৰঃ 20,000 হাৰ্জৰ অধিক কম্পনাংকৰ শব্দক অতিশব্দ‌ বোলে।

44. অৱশব্দৰ সৃষ্টি কৰিব পৰা প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ তিমিমাছ আৰু হাতী।

45. অতিশব্দ সৃষ্টি কৰিব পৰা প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ ডলফিন‚ বাদুলী‚ শিহু আদিয়ে। 

46. অতিশব্দৰ প্ৰয়োগ এটা লিখা।

উত্তৰঃ চিকিৎসা বিজ্ঞানত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়।

47. কানৰ কৰ্ণপালি কাক বোলে?

উত্তৰঃ কাণৰ বাহ্যিক অংশক কর্ণপালি বোলে। 

48. মধ্যকৰ্ণত থকা তিনিবিধ হাড়ৰ নাম লিখা।

উত্তৰঃ হাতুৰি‚ নিয়াৰি আৰু ৰিকাপি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top