Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ

Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ and select need one.

Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ Solutions for All Subject, You can practice these here…

প্রশ্ন ৩। বচনাধর্মী প্রশ্ন

(ক) ১৮৫৭ চনৰ বিদ্ৰোহক স্বাধীনতা যুদ্ধ বুলি ক’ব পাৰিনে তোমাৰ নিজৰ মতামত ব্যক্ত কৰা।

উত্তৰ :-  ১৮৫৭ চনৰ বিদ্রোহ ভাৰতীয়সকলৰ বিদ্রোহ ইতিহাসৰ এক প্রসিদ্ধ ঘটনা। ভাৰতীয় লোকসকলে ব্ৰিটিছ শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্রধাৰণ কৰি এওঁলোকৰ ভেটি কঁপাই তুলিছিল। সেইবাবে এই বিদ্ৰোহক স্বাধীনতা যুদ্ধৰ আৰম্ভণি বুলি ক’ব পাৰি।

পাশ্চাত্যৰপৰা ভাৰতলৈ আহিবপৰা পোনপটীয়া জলপথ আৱিষ্কাৰৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ ইংৰাজ বণিকসকলে বেপাৰ-বাণিজ্য কৰিবলৈ ভাৰতলৈ আহে। ভাৰতীয় ৰজাসকলৰ মাজত মিত্ৰতা নথকাৰ সুযোগলৈ বণিকসকলে ইয়াত উপনিবেশিক সাম্রাজ্য স্থাপন কৰিবলৈ মন মেলে। সেই উদ্দেশ্যে ১৭৫৭ চনত বংগৰ নৱাব চিৰাজ-উদ-দৌলাৰ লগত পলাশীৰ যুদ্ধত প্রবৃত্ত হয়। যুদ্ধত চিৰাজ-উদ-দৌলা পৰাজিত হয় আৰু ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য প্রতিষ্ঠা হয়। লাহে লাহে সমগ্ৰ ভাৰততে ব্ৰিটিছ সাম্রাজ্য প্রতিষ্ঠা হ’ল। প্রথম অৱস্থাত তেওঁলোকৰ কাৰ্যকলাপ চকুত পৰা ধৰণৰ নাছিল যদিও ঊনবিংশ শতিকাৰ দ্বিতীয় দহক মানৰপৰা তেওঁলোকে ভাৰতৰ শাসনৰ ক্ষেত্ৰত নিজৰ কৰ্তৃত্ব স্থাপনৰ প্ৰচেষ্টা চলায়। পোন প্রথমে গৱৰ্ণৰ জেনেবেল লর্ড হেষ্টিংছে মোগল সম্রাটৰ সৈতে একে মর্যাদা দাবী কৰে। সেই দাবী গ্ৰহণীয় নহ’ল যদিও ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ ইংৰাজসকলে অধিক শক্তি সঞ্চয় কৰিলে। ১৮৩৫ খ্ৰীঃত কোম্পানীৰ মুদ্ৰাৰপৰা মোগল সম্রাটৰ নামটো বাদ দিয়া হ’ল আৰু ভাৰতত পাৰ্টী ভাষাৰ সলনি ইংৰাজী ভাষাৰ প্ৰচলন কৰা হ’ল। লৰ্ড ডেলহাউছিৰ সময়ৰপৰা ভাৰতৰ পৰিস্থিতি অধিক জটিল হৈ পৰে। ভাৰতৰ প্রকৃত শাসক যে ইংৰাজসকল সেই বিষয়ে লোকসকল জ্ঞাত হৈ পৰিল আৰু তাৰ ফলস্বৰূপে ১৮৫৭ চনত ভাৰতৰ সকলো ঠাইতে বিদ্রোহে গা কৰি উঠিল। গতিকে ১৮৫৭ চনৰ এই বিদ্রোহক ভাৰতৰ স্বাধীনতা যুদ্ধৰ সূত্ৰপাত হোৱা বুলি ক’ব পাৰি।

(খ) ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ কাৰণসমূহ চমুকৈ বৰ্ণনা কৰা। 

উত্তৰ :- ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়৷ এই বিদ্ৰোহৰ কাৰণবোৰ চাৰিটা ভাগত ভাগ কৰিব পাৰি ; যেনে—ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, ধৰ্মীয় আৰু সামৰিক৷

(১) ৰাজনৈতিক কাৰণ :- লৰ্ড ডেলহাউদিয়ে অনুসৰণ কৰা স্বত্ব-বিলোপ নীতিয়েই এই বিদ্ৰোহৰ প্ৰধান ৰাজনৈতিক কাৰণ৷ স্বত্ব-বিলোপ নীতি অৱলম্বন কৰি তেওঁ চাতৰা, ঝান্সি, নাগপুৰ, বুন্দেলখণ্ড, চম্বলপুৰ আদি ৰাজ্য ব্ৰিটিছ সাম্রাজ্যৰ ভিতৰুৱা কৰিছিল। ডেলহাউছিৰ এই নীতিয়ে ৰাজ্য হেৰুৱা ৰজাসকলক অসন্তুষ্ট কৰিছিল। ইয়াৰ ফলস্বৰূপে ইংৰাজ শাসনৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছিল।

(২) অর্থনৈতিক কাৰণ :- ৰজা আৰু জমিদাৰৰ তলত থকা ৰাজ্যবোৰক ইংৰাজ সাম্ৰাজ্যত চামিল কৰাত এই ৰজা আৰু জমিদাৰসকল অর্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। বিদ্ৰোহ আৰম্ভ হোৱাৰ পাঁচ বছৰ আগতে ডেলহাউছিয়ে নিয়োগ কৰা ইমান কমিছনে দাক্ষিণাত্যত প্রায় কুৰি হেজাৰ জমিদাৰী বাজেয়াপ্ত কৰিছিল। ফলত তেওঁলোকৰ মাজত অসন্তুষ্টি দেখা দিছিল।

(৩) সামাজিক কাৰণ :- ইংৰাজী শিক্ষাৰ প্ৰচলন, ৰেল আৰু টেলিগ্রাফ প্ৰচলন, সতীদাহ আৰু শিশুবধ প্রথা তুলি দিয়া কাম, বিধৱা-বিবাহ প্রচলন আৰু বাল্যবিধৱা বন্ধ কৰাৰ চেষ্টা মিছনাৰীসকলৰ কাৰ্যকলাপ আদিয়ে নৈষ্ঠিক মানুহৰ মনত কিছুমানৰ একুৱা ভাৱৰ সৃষ্টি কৰিছিল যে ইংৰাজসকলে ভাৰতীয়সকলৰ যুগমীয়া সমাজ-সংস্কৃতি নাশ কৰি সকলো ভাৰতীয়কে খ্ৰীষ্টান কৰাৰ চেষ্টা কৰিছে। ফলত এইবোৰে কামে সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

(৪) ধর্মীয় আৰু সামৰিক কাৰণ :-

(ক) চিপাহীসকলক চৰকাৰে ঘনাই বিদেশৰ যুদ্ধত নিয়োগ কৰিছিল। এই কামত চিপাহীসকল অসন্তুষ্ট হৈ পৰিছিল।

(খ) বংগদেশত থকা চিপাহীসকলৰ মাজত ক্ৰমান্বয়ে শৃঙ্খলা নাইকীয়া হৈ গৈছিল। ৭০ বছৰীয়া লোককো বয়সৰ প্ৰতি লক্ষ্য নাৰাখি সেনাবাহিনীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। এনেবোৰ কাম চিপাহীসকলক অসন্তুষ্ট কৰিছিল।

(গ) লৰ্ড কেনিঙৰ শাসনকালত ৰাজ্যৰ ভিতৰে বাহিৰে সকলো ঠাইত যুদ্ধ কৰিবলৈ বাধ্য কৰাৰ কাৰণে এখন আইন প্রণয়ন কৰা হৈছিল। এই আইনে চিপাহীসকলৰ মনত অসন্তুষ্টিৰ মাত্রা বৃদ্ধি কৰিছিল।

(ঘ) এনফিল্ড ৰাইফেলৰ প্ৰৱৰ্তনে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ হৈ উঠিছিল। চিপাহী বিদ্ৰোহৰপৰা কিছুমান উল্লেখযোগ্য পৰিৱৰ্তন হয়—

(১) প্ৰথমতে, এই বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষত কোম্পানীৰ শাসনৰ সমাপ্তি ঘটে আৰু ভাৰতবৰ্ষৰ শাসনভাৰ ইংৰাজ চৰকাৰৰ হাতলৈ যায়।

(২) সেই সময়ৰপৰা ইংৰাজ চৰকাৰে তেওঁলোকৰ সম্প্ৰসাৰণমূলক নীতি বন্ধ কৰে।

 (৩) ইয়াৰ ফলত কোম্পানীৰ দিনত থকা কেন্দ্ৰীয়কৰণ নীতিৰ পৰিৱৰ্তে শাসনক্ষেত্ৰত বিকেন্দ্ৰীকৰণ কৰা হয়।

 (৪) চিপাহী বিদ্ৰোহৰ ফলত ভাৰতীয় আৰু ইংৰাজৰ মাজত সন্দেহৰ বীজ। ৰোপিত হয় আৰু উভয়ে উভয়ক ভয়ৰ চকুৰে চাবলৈ আৰম্ভ কৰে।

(৫) এই বিদ্ৰোহৰ ফলত ভাৰতীয় ৰাজনীতিত চৰমপন্থী ভাৱধাৰাৰ সূত্ৰপাত হয়।

(গ) সাতাৱন চনৰ বিদ্রোহত বেগম হজৰত মহল আৰু ৰাণী লক্ষ্মীবাঈয়ে কি ভূমিকা গ্ৰহণ কৰিছিল, সেই বিষয়ে আলোচনা কৰা।

উত্তৰ :- সাতাৱন চনৰ বিদ্ৰোহত বেগম হজৰত মহল আৰু ৰাণী লক্ষ্মীবাঈয়ে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল। বেগম হজৰত মহল অযোধ্যাৰ নৱাব ৱাজিদ আলীৰ পত্নী আছিল। হজৰত মহলে নিজৰ নুমলীয়া পুতেক ব্ৰিজছ কাদিৰক নৱাব হিচাপে প্রতিষ্ঠা কৰি তেওঁৰ হৈ ৰাজকার্য পৰিচালনা কৰিবলৈ ধৰে। ইতিমধ্যে অযোধ্যাৰ ৰাজধানী লক্ষ্ণৌ বিদ্ৰোহৰ ঘাটিৰূপে পৰিগণিত হয়। লক্ষ্ণৌৰ পাছত অযোধ্যাৰ এক ব্যাপক অঞ্চলত অশান্তিৰ সৃষ্টি হয়। ইতিমধ্যে ইউৰোপীয় লোকসকলে নিৰাপত্তাৰ বাবে লক্ষ্ণৌ বেচিডেন্সিত আশ্রয় লবলগীয়া হয়। বেগম হজৰত মহলে ইংৰাজৰ হাতৰপৰা ৰেচিডেন্সি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি বিফল হয়। এই ক্ষেত্ৰত ফৈজাবাদৰ মৌলৱী আহমদ উল্লাশ্বাহে বেগমলৈ সহায়ৰ হাত আগবঢ়ায়। 

লক্ষ্ণৌ পতনৰ পাছত বেগম হজৰত মহল আৰু মৌলবী গৰাকীয়ে অত তত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি পৰাজিত হয়। ১৮৫৮ চনৰ জুন মাহত মৌলবী গৰাকীৰ মৃত্যু হোৱাত বেগম হজৰত মহল অকলশৰীয়া হৈ পৰে। অৱশেষত হজৰত মহলে উপায়হীন হৈ নেপালত আশ্রয় লবলগাত পৰে। মধ্য ভাৰতৰ আন এগৰাকী বিদ্ৰোহী নেত্ৰী হৈছে ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

এই ঝালীৰ ৰজা গংগাধৰ ৰাওৰ বিধৱা পত্নী আছিল। স্বামীৰ মৃত্যুৰ পাছত লর্ড ডেলহাউছিয়ে তেওঁৰ তোলনীয়া পুতেকৰ অধিকাৰ অস্বীকাৰ কৰি ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যত চামিল কৰে। এই কথাত অসন্তুষ্ট হৈ ৰাণীয়ে বিদ্রোহ আৰম্ভ কৰে। ৰাণীৰ বিদ্রোহী মনোভাৱৰ বিষয়ে জানিব পাৰি ব্ৰিটিছ সেনাপতি ছাৰ হিউৰ’জে ১৮৫৭ চনৰ মার্চ মাহত ঝান্সীৰ দুৰ্গ অৱৰোধ কৰে। ৰাণীয়ে দুৰ্গ ৰক্ষা কৰা অসম্ভৱ বুলি জানিব পাৰি কেইজনমান সহচৰৰ সৈতে কল্পিলৈ

ৰাণী লক্ষ্মীবাঈ

ৰাওনা হয়। কল্পিত তাতীয় টোপী, ৰাও চাহেব আৰু বান্দৰ নৱাৱৰ সৈতে সহযোগ কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধত সন্মিলিত ভাৰতীয় বাহিনী পৰাজিত হয়। ইয়াৰ পিছত পুনৰ সিন্ধিয়াৰ এক বাহিনী হস্তগত কৰি পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়ে। হিউৰ’জৰ সৈতে হোৱা এখন যুদ্ধত ৰাণী আঘাটপ্রাপ্ত হয় আৰু পিছদিনা ফুলবাগৰ এটা নলাত তেওঁৰ মৃতদেহ পোৱা যায়৷ এওঁৰ মৃত্যুত বিদ্ৰোহীসকলৰ মনোবল ভাঙি পৰে। এই বিদ্রোহ নিষ্ফল হয় যদিও ইতিহাসৰ পাতত ৰাণী লক্ষ্মীবাঈৰ নাম চিৰযুগমীয়া হৈ ৰব।

(ঘ) মণিৰাম দেৱানে ১৮৫৭ চনৰ বিদ্ৰোহত অসমত কি ভূমিকা গ্রহণ কৰিছিল, তাৰ এক চমু বিৱৰণ দিয়া।

উত্তৰ :- ১৮৫৭ চনৰ বিদ্ৰোহ অসমলৈ প্ৰসাৰিত কৰাত মুখ্য ভূমিকা পালন কৰা প্ৰধান নেতা আছিল মণিৰাম দেৱান।মণিৰাম দেৱানৰ ঘৰ আছিল শিৱসাগৰৰ চাৰিঙত। দেউতাক ৰামদত্তই আহোম ৰজাৰ আমোলত দোলা কাষৰীয়া বৰুৱাৰ পদ শুৱনি কৰিছিল। অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ কালত মণিৰাম দেৱান প্রথমে আছিল আৰু পাছলৈ যোৰহাটৰ চিৰস্তাদাৰ হৈছিল। ১৮৩৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পতাত মণিৰামে বৰভাণ্ডাৰ বৰুৱা অৰ্থাৎ বিত্তমন্ত্ৰীৰ বাব পাইছিল। তেওঁ পুৰন্দৰ সিংহৰ ৰাজপৰিয়ালৰ উপদেষ্টা স্বৰূপ আছিল।

মণিৰাম দেৱান এজন বিচক্ষণ অসমীয়া লোক আছিল। মণিৰাম দেৱানক ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগভাগৰ এজন আগৰণুৱা বুলি ক’ব পাৰি। তেওঁ দেশৰ বাবে জীৱন আহুতি দিছিল। ১৮৫৩ খ্ৰীষ্টাব্দত কলিকতাৰ সদৰ দেৱানী আদালতৰ বিচাৰক মিঃ মোফাট

মিলচ্ চাহাব অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে অসমত ইংৰাজ শাসনৰ কুফলবিলাকৰ বিৱৰণ দি অসমৰ শাসনভাৰ পুনৰ এজন আহোম কোঁৱৰক দিবলৈ আবেদন কৰিছিল। আবেদনত তেওঁ নিজস্ব অভাৱ-অভিযোগ আৰু যু’বৰাজ কন্দৰ্পেশ্বৰ সিংহৰ স্বপক্ষে সহানুভূতি বিচাৰিছিল ; কিন্তু মিলচ চাহাবে মণিৰাম দেৱানৰ আবেদনত কোনো গুৰুত্ব নিদিলে। তেতিয়া মণিৰাম দেৱানে ইষ্ট-ইণ্ডিয়া কোম্পানী কর্তৃপক্ষক লগ ধৰিবলৈ কলিকতালৈ যায়। মণিৰাম দেৱানৰ সেই চেষ্টাও বিফল হয়। সেই সময়তে ভাৰতত ১৮৫৭ খ্ৰীষ্টাব্দত চিপাহী বিদ্রোহ আৰম্ভ হয়। বিদ্রোহীসকলে মোগল ৰাজবংশৰ দ্বিতীয় বাহাদুৰ চাহক ভাৰতৰ সম্রাট স্বীকাৰ কৰা বুলি জানি মণিৰামে অসমত তেনে। বিদ্ৰোহ কৰিবলৈ ঠিক কৰে। তেওঁৰ উদ্দেশ্য আছিল ইংৰাজক খেদি কন্দর্পেৰ্শ্বব সিংহক অসমৰ ৰজা পাতে। কলিকতাৰপৰা গোপনে গুচি আহি যোৰহাটত থকা কন্দপেশ্বৰ সিংহ আৰু কেইবাজনো নির্দিষ্ট ব্যক্তিৰ লগত যোগাযোগ কৰে। সেইসময়ত উজনি অসমত থকা চিপাহীবিলাকৰ মাজতে বিদ্ৰোহৰ ভাৱ জাগি উঠিছিল।

চিপাহীবিলাকৰ লগত কেইজনমান ব্যাক্তিয়ে কথা-বতৰা চলাই একেলগে বিদ্ৰোহ কৰি কন্দপেশ্বৰক ৰজা পাতিবলৈ পৰিকল্পনা কৰিছিল। পিয়লী বৰুৱা, মড়ঙ্গী খোৱা গোহাঁই, মায়াৰাম নাজিৰ, দুৰ্তিৰাম বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, ছে ফমুদ আলি আৰু মণিৰাম দেৱানে কলিকতাৰপৰা পঠোৱা মধু মল্লিক আদিয়ে কন্দপেশ্বৰ সিংহৰ ঘৰত গোপনে আলোচনা কৰিছিল। 

মণিৰামে যথাসময়ত তেওঁলোকৰ লগত যোগ দি আঁচনি কাৰ্যকৰী কৰাৰ কথা আছিল; কিন্তু এই ষড়যন্ত্ৰৰ কথা প্ৰচাৰ হৈ পৰাত শিৱসাগৰ জিলাৰ গৰাকী, কেপ্তেইন হলৰইড চাহাবে কন্দৰ্পেশ্বৰক বন্দী কৰে আৰু বিদ্ৰোহৰ লগত জড়িত আন ব্যক্তিসকলক আটক কৰে। কেইজনমান বিদ্রোহী চিপাহী বন্দী হয়। মণিৰামক বন্দী কৰি কলিকতাৰ আলিপুৰ জেইলত থয়। কন্দপেশ্বৰক বন্দী কৰি সেই জেইলতে ৰাখিছিল। তাৰ পিছত বিচাৰৰ বাবে মণিৰামক কলিকতাৰপৰা যোৰহাটলৈ অনা হৈছিল৷ হলৰইড চাহাবৰ বিশেষ আদালতত বিচাৰ কৰি মণিৰাম আৰু পিয়লিক ফাচীৰ হুকুম দিয়া হয় আৰু আন আন বিদ্রোহীবোৰক দ্বীপান্তৰৰ হুকুম দিয়া হয়। ১৮৫৮ খ্ৰীষ্টাব্দত ২৬ ফেব্ৰুৱাৰী তাৰিখে মণিৰাম আৰু পিয়লিক যোৰহাটত ফাঁচী দিয়া হৈছিল।

(ঙ) ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰ :- চিপাহী বিদ্ৰোহৰ বিফলতাৰ কাৰণ বহুত, তাৰ ভিতৰত তলত দিয়াবোৰ উল্লেখযোগ্য—

(১) বিদ্ৰোহীসকলৰ কোনো সমূহীয়া উদ্দেশ্য নাছিল। ফলত তেওঁলোক একগোট হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিব পৰা নাছিল।

(২) চিপাহীসকলে আধুনিক বিজ্ঞানৰ ওপৰত অলপো গুৰুত্ব আৰোপ কৰা নাছিল ; কিন্তু ইংৰাজসকলে ডাক-তাৰ আদিৰ সুবিধা গ্ৰহণ কৰিছিল। এইবোৰ বিভাগ তেওঁলোকৰ নিয়ন্ত্ৰিত থকাৰ ফলত তেওঁলোক বিভিন্ন ঠাইৰ পৰিস্থিতি অধ্যয়ন কৰি দৰকাৰ অনুযায়ী ব্যৱস্থা ল’ব পাৰিছিল। তাৰ ফলত চিপাহীবোৰক পৰাজয় কৰা সহজ হৈ পৰিছিল।

(৩) ইংৰাজে কিছুমান সামন্ত নেতাৰ সহায় পাইছিল। গতিকে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহৈছিল।

(৪) চিপাহী বিদ্রোহ সমগ্ৰ ভাৰতবৰ্ষ জুৰি হোৱা নাছিল, সেইবাবে ইংৰাজসকলে বিদ্ৰোহৰ ক্ষেত্ৰবোৰত দৰকাৰমতে মনোযোগ দিব পাৰিছিল৷ 

(৫) বিদ্রোহীসকলে সমূহ ভাৰতীয় লোকৰপৰা সহায় সহযোগিতা পোৱা নাছিল। আনকি বহুতে ইংৰাজকহে সমৰ্থন কৰিছিল। 

(৬) বিদ্রোহীসকলক উপযুক্ত নেতৃত্ব দিব পৰা লোক সেই সময়ত নাছিল। ঝান্সিৰ ৰাণী লক্ষ্মীবাঈৰ বাহিৰে আনবোৰ নেতাৰ ইংৰাজৰ লগত যুদ্ধ কৰিব পৰা যোগ্যতা নাছিল।

(৭) কেনিঙৰ সৈমান কৰোৱা নীতিৰ ফলত অনেক চিপাহী তেতিয়া ইংৰাজৰ প্রতি আনুগত্য প্ৰকাশ কৰি আছিল। এইবোৰ কাৰণতে চিপাহী বিদ্রোহ বিফল হৈছিল।

(চ) ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ প্রথম স্বাধীনতা আন্দোলন বুলি ভাবানে ? তোমাৰ নিজৰ যুক্তি আগবঢ়োৱা।

উত্তৰ :- ১৮৫৭ চনৰ বিদ্ৰোহক কোনোৱে ‘চিপাহী বিদ্রোহ’, কোনোৱে ‘গণ অভ্যুত্থান’ নাম দিছে। এয়া যিয়েই নহওক ১৭৫৭ চনৰ পলাশীৰ যুদ্ধত নৱাব চিৰাজ-উদ-দৌলাক পৰাজিত কৰি ইংৰাজে ভাৰতত যি ৰাজত্বৰ খোপনি পুতিছিল তাৰ ঠিক এশ বছৰৰ পিছৰ বিদ্ৰোহ্ এটাই ব্ৰিটিছ চৰকাৰক কঁপাই তুলিছিল। কেবাটাও কাৰণত ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ প্রথম স্বাধীনতা আন্দোলন বা প্রথম জাতীয় বিপ্লৱ বুলি অভিহিত কৰিব পৰা যায়- 

(ক) চিপাহী বিদ্ৰোহত চিপাহীসকলৰ লগত লক্ষ্মীবাঈ, নানা চাহেব, তান্তিয়া টোপী, বাহাদুৰ শ্বাহৰ দৰে ৰাজপৰিয়ালৰ লোকেও যোগদান কৰিছিল। 

(খ) সমগ্ৰ ভাৰতবৰ্ষতে ক্রমান্বয়ে বিদ্রোহে গা কৰি উঠিছিল। আনকি অসমকো এই বিদ্রোহে চুইছিল। 

(গ) চিপাহী বিদ্রোহত হিন্দু-মুছলমান উভয়ে সমানে যোগ দিছিল; অর্থাৎ কোনো সাম্প্রদায়িক পৰিসীমাৰ মাজত ই আবদ্ধ নাছিল। 

(ঘ) কৃষক, বনুৱা আদিৰ দৰে লোকেও বিদ্রোহত হাত উজান দিছিল। 

(ঙ) সুসংহত নেতৃত্ব আৰু আদৰ্শৰ অভাৱত বিদ্রোহ বিফল হ’লেও সকলোৱে সকলো ঠাইতে ইংৰাজ শাসনব অৱসান বিচাৰিছিল। 

(চ) চিপাহী বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষৰ শাসনভাৰ কোম্পানীৰ হাতৰপৰা ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ যায়। ব্ৰিটিছ সংসদে ভাৱিবলৈ বাধ্য হৈছিল যে ইমান বিশাল দেশ এখনৰ কৰ্তৃত্ব এটা বাণিজ্যিক কোম্পানীৰ হাতত এৰি দিব নোৱাৰি। 

(ছ) চিপাহী বিদ্রোহে ভাৰতৰ জনগণক ৰাজনৈতিকভাৱে সচতেন কৰি তুলিলে। ভাৰতত প্রথম জাতীয় চেতনাৰ উদ্রেক ঘটিল। আটায়ে ব্ৰিটিছ শাসন ওফৰাবলৈ এক সমূহীয়া কাৰ্যপস্থা ল’বলৈ আগবাঢ়ি আহিল। এনেবোৰ কাৰণতে চিপাহী বিদ্ৰোহক ভাৰতবৰ্ষৰ প্রথম স্বাধীনতা আন্দোলন নাম দিব পাৰি।

অৱশ্যে, চিপাহী বিদ্রোহ ভাৰতবৰ্ষৰ প্রথম স্বাধীনতা সংগ্রাম হয়নে নহয় এই বিষয়ে বিভিন্ন ঐতিহাসিকসকলৰ মাজত মতভেদ আছে। কিছুমানে ইয়াক ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা আন্দোলন বুলি আখ্যা দিয়ে। আন কিছুমানৰ মতে ই স্বাধীনতা সংগ্রাম নহয়, চিপাহীসকলৰ মাজত হোৱা বিদ্রোহহে। জৱাহৰলাল নেহেৰুৰ মতে, ই হৈছে সামন্ত বিদ্রোহ। চিপাহী বিদ্রোহ সুসংগঠিত জাতীয় আন্দোলন নাছিল। 

গতিকে প্রকৃত অর্থত ইয়াক স্বাধীনতা সংগ্রাম আখ্যা দির নোৱাৰি৷ কিছুমান অসন্তুষ্ট ৰজা-জমিদাৰে এই বিদ্ৰোহৰ সুযোগ লৈ তেওঁলোকৰ হেৰুৱা সন্মান আৰু সম্পদ ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষতে এই বিদ্ৰোহ বিয়পি পৰা নাছিল। আনহাতে সকলোবোৰ ভাৰতীয় লোক, ৰজা আৰু জমিদাৰে এই বিদ্রোহত যোগদান কৰা নাছিল। অধিক সংখ্যক লোক, ৰজা আৰু জমিদাৰে বিদ্রোহীসকলৰ বিৰুদ্ধে ইংৰাজক সহায় কৰিছিল। বিদ্ৰোহীসকলৰ মাজৰ কোনো উমৈহতীয়া উদ্দেশ্যও নাছিল। ভাৰতবৰ্ষৰপৰা ইংৰাজক খেদি পঠিওৱা ওই বিদ্রোহৰ ঘাই উদ্দেশ্য আছিল। গতিকে ইয়াক প্রকৃত স্বাধীনতা সংগ্রাম বা আন্দোলন বুলি আখ্যা দিব নোৱাৰি কিন্তু এই বিদ্ৰোহৰ পিছৰপৰাই স্বাধীনতা আন্দোলন গঢ়ি উঠিছিল।

সেইবাবে বহুতে এই বিদ্ৰোহক স্বাধীনতা আন্দোলনৰ প্ৰথম পর্যায় বুলি ধাৰণা কৰে৷ এই বিদ্ৰোহৰ পিচৰপৰাই ইংৰাজৰ প্ৰতি ভাৰতীয় মানুহৰ বিৰূপ ভাৱৰ সৃষ্টি হয়। ভাৰতৰ প্ৰায় সকলো ঠাইতে চিপাহী বিদ্ৰোহৰপৰাই জন-জাগৰণ আৰু জাতীয় আন্দোলন হয়। সেইবাবে চিপাহী বিদ্রোেহক কিছুমানে স্বাধীনতা সংগ্ৰামৰ আৰম্ভণি বুলি মন্তব্য কৰে।

1 thought on “Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top