Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ

Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ and select need one.

Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ Solutions for All Subject, You can practice these here…

প্রশ্ন ৩। ৰচনাধর্মী প্রশ্ন

(ক) ৰুছ বিপ্লৱৰ আগতে ৰুছিয়াৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ এটি সংক্ষিপ্ত বিৱৰণ দিয়া। 

উত্তৰ :- ১৫৪৭ চনত মস্কোৰ ৰাজকুমাৰ আইভান চতুর্থই জাৰ বা সম্রাট

পদত অধিস্থিত হোৱাৰ পূৰ্বে ৰাছিয়াত দাসপ্রথা-নিৰ্ভৰ সৰু সৰু চহৰ কিছুমান গঢ়ি উঠিছিল আৰু ভূ-স্বামী বা অভিজাতসকল সেই চহৰবিলাক স্বাধীনভাৱে শাসন কৰিছিল। চতুর্থ আইভানে ভূ-স্বামী আৰু অভিজাতসকলক দমন কৰি ঐক্যৱদ্ধ ৰাছিয়া এখন সৃষ্টি কৰিছিল যদিও এই প্রচেষ্টা দীর্ঘস্থায়ী নহ’ল। অষ্টাদশ শতিকাত শক্তিশালী জাৰ পিটাৰৰ সবল নেতৃত্বত পুনৰ এখন ঐক্যবদ্ধ ৰাছিয়া গঢ়ি উঠিছিল। ইয়াৰ পিছত কেইবাগৰাকীও জাৰৰ নেতৃত্বত ৰাছিয়াত শক্তিশালী ৰাজতন্ত্রই বিকাশ লাভ কৰিছিল। কিন্তু যেতিয়াই ৰাজশাসনত শিথিলতা আহিছিল, তেতিয়াই শোষণ-দমনৰ নীতিৰে ভূ-স্বামী আৰু অভিজাতসকলে মূৰ দাঙি উঠিছিল। এইবোৰে দেশখনৰ ঐক্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। সেইবাবেই জাৰসকলে স্বেচ্ছাচাৰী আৰু কঠোৰ ৰূপ ল’বলৈ বাধ্য হৈছিল আৰু এই স্বেচ্ছাচাৰিতাই কেতিয়াবা এনে ৰূপ লৈছিল যে জনসাধাৰণৰ জীৱন-নির্বাহো বাৰুকৈয়ে ক্ষতিগ্রস্থ হৈছিল। 

ৰাছিয়াৰ জনসাধাৰণে বিপ্লৱৰ পথ বাচি লোৱাৰ এয়াও এটা প্রধান কাৰণ।ৰাছিয়াৰ জনসাধাৰণ বিপ্লৱমুখী হোৱাৰ ক্ষেত্ৰত কেনে ধৰণৰ ৰাজনৈতিক পৰিৱেশ দায়ী, সেই বিষয়ে আলোচনা কৰা হ’ল 

প্রথম কথা হ’ল, জাৰসকল আছিল একনায়কত্ববাদী।এওঁলোকৰ নিয়ন্ত্রণত থকা একোখন চিনেটে এওঁলোকক ৰাজকার্যত সহায় কৰিছিল৷ দ্বিতীয়তে, জাৰৰ সমৰ্থন লাভ কৰা এচাম ভূ-স্বামী আৰু অভিজাতে সমগ্ৰ ৰাছিয়াতে কৃষকসকলৰ ওপৰত প্ৰচণ্ড সামন্ততান্ত্রিক শোষণ চলাইছিল। 

আকৌ, ঊনবিংশ শতিকাৰ শেষফালে ৰাছিয়াত কল-কাৰখানাৰ বিকাশ ঘটিছিল। জাৰসকলে ইয়াৰ শ্রমিকসকলৰ অৱস্থাৰ প্রতি অকণো গুৰুত্ব দিয়া নাছিল; বৰং কাৰখানাৰ মালিকসকলৰ অধিক লাভৰ প্ৰতিহে গুৰুত্ব দিছিল। তৃতীয়তে, ফৰাচী বিপ্লৱৰ পাছত ইউৰোপত যি ৰাজনৈতিক পৰিৱৰ্তন আহিছিল, সেই পৰিৱৰ্তনৰ সুফল ৰাছিয়াৰ জনসাধাৰণে লাভ কৰা নাছিল ; কিয়নো জাৰসকল ৰক্ষণশীল স্বভাৱৰ আছিল ৷ চতুৰ্থতে, ৰাছিয়া এখন বহুজাতিক দেশ। এই দেশ বহু জনগোষ্ঠী আৰু বহু সাংস্কৃতিক গোষ্ঠীৰ মিলনভূমি। কিন্তু জাৰসকলে এই বিবিধতা আৰু বৈশিষ্ট্যৰ মর্যাদা অস্বীকাৰ কৰি জোৰ-জুলুমেৰে আটাইকে ৰুছ জাতিৰ লগত চামিল কৰিছিল। ইয়ে বহু জাতিৰ মর্যাদা ক্ষুণ্ণ কৰি ক্ষোভৰ সৃষ্টি কৰিছিল।

(খ) ১৯০৫ চনৰ চনৰ পৰা বলছেভিক বিপ্লৱলৈকে ৰুছিয়াৰ আভ্যন্তৰীণ অৱস্থা বর্ণনা কৰা।

উত্তৰ :- ১৯০৫ চনৰ পৰা বলছেভিক বিপ্লৱলৈকে অর্থাৎ ১৯১৭ চনলৈকে কছিয়ান আভ্যন্তৰীণ অৱস্থাত অস্থিৰতাই বিৰাজ কৰিছিল। বিপ্লৱীসকলে জাৰৰ অবাধ স্বৈৰতান্ত্রিক শাসন ব্যৱস্থাক নিয়মতান্ত্রিক শৃংখলাৰে আৱদ্ধ কৰিব বিচাৰিছিল আৰু সম্রাটেও তাত সন্মতি দিছিল। কিন্তু পাছলৈতে নিয়মতান্ত্রিক বিপ্লৱীসকলৰ মাজত মনোমালিন্য অহাত ঝছিয়াত পূৰ্বৰ স্বেচ্ছাচাৰী শাসন আৰ হয়। নিয়মতান্ত্রিক নেতাসকল ব্যর্থ হোৱাত সন্ত্রাসবাদী বলছেভিক নেতাসকলে এই আন্দোলনৰ গুৰি ধৰে। সেই সময়ত আৰম্ভ হোৱা প্রথম বিশ্বযুদ্ধত ৰাছিয়াৰ সৈন্যবাহিনীৰ বিপৰ্যয় হোৱাত ১৯১৭ চনত সংঘটিত হোৱা অক্টোবৰ বিপ্লৱৰ জৰিয়তে দ্বিতীয় নিকোলাছক সিংহাসনৰ পৰা আঁতৰাই বলছেভিকসকলে ক্ষমত দখল কৰে। 

দ্বিতীয় নিকোলাছৰ ৰাজত্বকালত ১৯০৪-০৫ চনত জাপানৰ সৈতে ৰাছিয়াৰ যুদ্ধ আৰম্ভ হৈছিল আৰু এই যুদ্ধত ৰুছিয়াৰ অভাৱনীয় পৰাজয় ঘটিছিল। দেশৰ জনসাধাৰণে ৰজাৰ স্বৈৰাচাৰী আৰু অকৰ্মণ্য শাসন ব্যৱস্থাকে এই পৰাজয়ৰ কাৰণ বুলি ভাবি ৰজাৰ বিৰুদ্ধে দেশজুৰি ব্যাপক আন্দোলন আৰম্ভ কৰিছিল ৷ জনসাধাৰণে বিভিন্ন ৰাজনৈতিক দলৰ জৰিয়তে ব্যক্তি স্বাধীনতা, সম্পত্তি ভোগ খেলৰ স্বাধীনতা, মতামত প্রকাশ আৰু বাতৰি কাকতৰ স্বাধীনতা আদি বিভিন্ন দ্বাবী সম্বলিত এখন ১১ দফীয়া দাবী চৰকাৰৰ ওচৰত প্ৰেৰণ কৰে আৰু এই দাবীৰ ভিত্তিত তীব্র আন্দোলন গঢ়ি তুলিছিল।

১৯০৫ চনত ব্যাপক ধর্মঘট আৰম্ভ হয় আৰু এগৰাকী ধর্মযাজকৰ নেতৃত্বত পেট্ৰোগ্ৰাডত ধৰ্মঘটকাৰী শ্রমিকৰ শোভাযাত্রাকাৰী দল এটাৰ ওপৰত সেনাই গুলী চলাই বহুতো শ্রমিক নিহত কৰে। ইয়াৰ পৰিণতিস্বৰূপে সমগ্ৰ ঝছিয়াত বিপ্লৱাত্মক হিংস্র আন্দোলন আৰম্ভ হয়। বিপ্লৱীসকলে জমিদাৰ শ্ৰেণীৰ সা সম্পত্তি, ঘৰ-দুৱাৰ আদি ধ্বংস কৰে আৰু চৰকাৰী কৰ্মচাৰী, পুলিচ, গুপ্তচৰ আদিক হত্যা কৰে। সন্ত্রাসবাদীসকলৰ আন্দোলন গাঢ় হোৱাত জাৰ নিকোলাছে জাতীয় সভা আহ্বানৰ দাবী মানি ল’বলৈ বাধ্য হয় আৰু ডুমা (Duma) আহ্বান কৰি বুলি ঘিন শাসনতন্ত্র (Bulyghin Constitution) প্রস্তুত কৰিলে। আন্দোলনকাৰীসকলে এই সংবিধান অগ্রাহ্য কৰি ব্যাপক বাজনৈতিক ধর্মঘট আৰম্ভ কৰিলে আৰু ইয়াৰ ফলত নিকোলাছে ১৯০৫ চনৰ ৩০ অক্টোবৰত এটি ঘোষণাৰ যোগেদি ডুম৷ক সম্পূর্ণ আইন প্রণয়ন ক্ষমতা দিয়াৰ লগতে কৃষক শ্রমিক আদি সকলো ৰুছিয়াবাসীক ভোটাধিকাৰ দিয়ে।

১৯০৬ চনৰ ১০ মে তাৰিখে জাতীয় সভা ডুমাৰ অধিবেশন বহে আৰু এই অধিবেশনত প্রতিনিধিসকলৰ মত পার্থক্যৰ ফলত সৃষ্টি হোৱা দুৰ্বলতা লক্ষ্য কৰি সম্রাটে এক ঘোষণাৰ জৰিয়তে পৰৰাষ্ট্রনীতি, সামৰিক বাহিনী সংক্রান্ত বিষয়া ডুমাৰ অধিকাৰ বহির্ভূত কৰে আৰু জাৰ আৰু ডুমাৰ মাজত চলি থকা বিবাদৰ বাবে সম্রাটে ডুমা ভাঙি দিয়ে। একেদৰে দ্বিতীয় ডুমাৰ কাৰ্যব্যৱস্থাত সন্টুষ্ট নহৈ নিকোলাছে ডুমা ভাঙি দিয়ে। আকৌ চতুর্থ ডুমাৰ নিৰ্বাচনত প্রতিক্রিয়াশীলসকলে এক গৰিষ্ঠ ‘প্রোগ্রেছিভ ব্লক’ নামে এটা নতুন দলৰ সৃষ্টি কৰি আন্দোলন অধিক তীব্রতৰ সংখ্যক আসন দখল কৰি ক্ষমতাশালী হোরাত ১৯১৬ চনত কবে। ১৯১৪ চনত আৰম্ভ হোৱা প্ৰথম বিশ্বযুদ্ধত ঝছিয়াৰ শোচনীয় পৰাজয় হয় আৰু এই যুদ্ধত প্রায় ১ লাখ ৫০ হাজাৰ সৈন্য বন্দী হয়। 

ইয়াৰ ফলত দেশৰ সকলো জনসাধাৰণ জাৰতন্ত্ৰৰ বিৰুদ্ধে উত্ৰাৱল হৈ উঠে। জাৰতন্ত্র নিশ্চিত পতনলৈ লক্ষ্য কৰি ১৯১৭ চনৰ ১২ মার্চ তাৰিখে সেনা আব শ্ৰমিকসকল লগ হৈ ছোভিয়েট নামেৰে বিপ্লৱী প্রতিষ্ঠান স্থাপন কৰিলে। ১৯১৭ চনৰ ১৫ মাৰ্চত জাৰ দ্বিতীয় নিকোলাছক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ’ল আৰু তেওঁক সপৰিয়ালে বন্দী কৰি মৃত্যুদণ্ড দিয়া হ’ল। তেতিয়াৰ পৰা ৰছিয়া ৰোমানভ বংশৰ জাৰতন্ত্ৰৰ অন্ত পৰিল আৰু ৰুছিয়া এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰৰূে চিহ্নিত হ’ল।

এনেদৰে ১৯০৫ চনৰ পৰা বলছেভিক বিপ্লৱলৈকে কছিয়াৰ জাৰ ৰাজজ্ঞ আৰু শ্ৰমিকসকলৰ মাজত বিভিন্ন সময়ত বিভিন্ন বিদ্রোহে গা কৰি উঠিছিল।

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

(গ) ১৯১৭ চনত ৰুছ-বিপ্লৱৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰ :- ১৯১৭ চনত সংঘটিত হোৱা ৰুছ-বিপ্লৱৰ মূল কাৰণসমূহ তল বৰ্ণনা কৰা হ’ল—

(i) ফৰাছী বিপ্লৱ :- ফৰাছী বিপ্লৱৰ প্ৰভাৱ হৈছে ৰুছ-বিপ্লৱৰ অন্যতম কাৰণ। ৰুছিয়াই পশ্চিমীয়া ইউৰোপীয় সভ্যতা-সংস্কৃতিৰ পৰা আঁতৰত থকা বাবে আধুনিক ভাবধাৰাৰ সৈতে পৰিচিত হোৱা নাছিল। ফৰাছী বিপ্লৱৰ সময়ত ঝছ সেনা কৰ্মচাৰীয়ে ফ্ৰান্সৰ উদাৰনৈতিক ভাবধাৰাৰ সৈতে পৰিচিত হয় আৰু ব্যক্তি স্বাধীনতা, গণতান্ত্রিক শাসন, সামাজিক সমতা, ন্যায়বিচাৰ আদি আদর্শসমূহে কছ সেনাসকলক প্রভাৱিত কৰে। ৰুছ সেনাসকলে ফ্রান্সত দেখা আদর্শসমূহ ঝছিয়াত কাৰ্যকৰী কৰিব বিচাৰিছিল কিন্তু ব্যৰ্থ হৈছিল৷ 

(ii) ৰুছিয়াৰ মধ্যযুগীয়া স্বৈৰাতান্ত্রিক শাসন :- ৰুছ বিপ্লৱৰ মূল কাৰণ আছিল। কছিয়াত ৰজাৰ ইচ্ছাই আছিল দেশৰ আইন আৰ, সম্রাটসকলে তেওঁলোকৰ স্বেচ্ছাচাৰিতা অক্ষুণ্ণ ৰাখিবলৈ গুপ্তচৰ, বাতৰিকাকতৰ কণ্ঠৰোং নির্বাসন, শিক্ষা-ব্যৱস্থা নিয়ন্ত্ৰণ আদি উপায়সমূহ গ্ৰহণ কৰিছিল । জাৰৰ স্বেচ্ছাচাৰৰ একনিষ্ঠ সমর্থক আৰু সহযোগী অভিজাত শ্রেণী তথা উচ্চবৰ্গৰ যাজক শ্রেণ হোৱা বাবে দুখীয়া কৃষক শ্রেণীতো শাসক পক্ষৰ সকলোধৰণৰ শোষণৰ বলি হৈছিল। এই কাৰ্যৰ পৰিণতিস্বৰূগে বিপ্লৱৰ সূত্ৰপাত হৈছিল।

(iii) দুৰ্নীতিপৰায়ণ আমোলাতন্ত্র :- দুৰ্নীতিপৰায়ণ আমোলাতন্ত্রই সাধাৰণ জনতাক কৰা নিৰ্যাতনৰ পৰিণতিস্বৰূপে এই বিদ্রোহে মূৰ দাঙি উঠিছিল আৰু তেনে শাসন-ব্যৱস্থাই জাতীয় জীৱন মুমূষ কৰিছিল। ফলস্বৰূপে সাধাৰণ প্ৰজাসকলে ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিপ্লৱ কৰিছিল।

(iv) ৰুছিয়াৰ ভূমি ব্যৱস্থা :- সভ্য জগতৰ বৰ্হিৰ্ভূত আছিল আৰু কৃষকসকলৰ অধিকাংশই ভূমিহীন আছিল। খেতিয়কসকলে সম্রাট, অভিজাত আৰু যাজক শ্ৰেণীৰ অধীনত কৃষিকাৰ্য কৰিছিল আৰু বিনিময় ৰূপে তেওঁলোকে ভূ-স্বামীৰ নিৰ্যাতনৰ বলি হৈছিল। কৃষকসকল ভূমিব্যৱস্থাত মুঠেও সন্টুষ্ট হ’বপৰা নাছিল আৰু তেওঁলোকে কার্লমার্ক্সৰ সাম্যবাদৰ মাজত মুক্তিৰ ৰেঙনি দেখি ৰাজতন্ত্ৰৰ কিদ্ধে প্রতিবাদ কৰিছিল।

(v) শিল্প-বিপ্লৱ :-  শিল্প-বিপ্লৱ হৈছে ঝছ বিপ্লৱৰ আন এক কাৰণ। শিল্প-বিপ্লৱৰ ফলত ৰুছিয়াত অর্থনৈতিক সমৃদ্ধি হৈছিল আৰু শক্তিশালী মধ্যবিত্ত শ্ৰেণীৰ লগতে দুর্দশাগ্রস্ত শ্রমিক শ্রেণীৰ জন্ম হৈছিল। শ্ৰমিকসকলে কার্লমার্ক্সৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিল আৰু বিপ্লৱৰ জৰিয়তে শাসনব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছিল।

(vi) কছ বিপ্লৱত লেখকসকলৰ যথেষ্ট :- কছ বিপ্লৱত লেখকসকলৰ যথেষ্ট ভূমিকা আছিল। বিশিষ্ট লেখক টলষ্টয়, তুর্গেনিভ, দস্তয়েভস্কি, পুস্কিন, গোগোল আদিৰ ৰচনাই জনসাধাৰণৰ নির্যাতন, নিস্পেষণ আৰু দুৰ্নীতি পৰায়ণ শাসনৰ ছৱি দাঙি ধৰিছিল আৰু নিস্পেষিত জনগণক বিপ্লৱমুখী কৰাত অনুপ্ৰেৰণা যোগাইছিল।

(vii) ১৯০৫ চনত জাপানৰ হাতত কছ সৈন্যৰ শোচনীয় পৰাজয়ে ৰাছিয়াৰ বিক্ষুব্ধ জনতাক স্বৈৰতন্ত্র-বিৰোধী আন্দোলন চলাবলৈ সাহস দিছিল।

(viii) ৰুছিয়াত ১৮৮৩ চনত ৰাজনৈতিক দল :- ৰুছিয়াত ১৮৮৩ চনত ৰাজনৈতিক দলৰ প্ৰতিষ্ঠা হোৱাত কেইটামান বাজনৈতিক দল একত্ৰিত হৈ ১৮৯৮ চনত কার্লমার্ক্সৰ সমাজবাদৰ আৰ্হিত ৰুছিয়ান ছোচিয়েলিষ্ট ডেমক্রেটিক লেবাৰ পাৰ্টি গঠন কৰিছিল।এই পাৰ্টিৰ জৰিয়তে কছবাসীয়ে প্রচলিত শাসনতন্ত্ৰৰ পৰিৱৰ্তন বিচাৰিছিল।

(ix) প্রথম বিশ্বযুদ্ধ আছিল কছ বিপ্লৱৰ তৎকালীন কাৰণ :- প্রথম বিশ্বযুদ্ধ আছিল কছ বিপ্লৱৰ তৎকালীন কাৰণ।প্রথম বিশ্বযুদ্ধত ৰাছিয়াই প্রস্তুতিৰ অভাৱ আৰু খাদ্যৰ অভাৱৰ বাবে প্ৰথম বছৰত প্রায় ১০ লাখ সৈন্য হেৰুৱাব লগীয়া হোৱাত সৈন্যসকলে যুদ্ধৰ অবসান বিচাৰিছিল। কিন্তু বলছেভিক দলৰ বাদে আন দলবিলাকে যুদ্ধ বিৰতিৰ আশ্বাস নিদিয়াৰ পৰিণতিতেই বিদ্ৰোহৰ সূত্রপাত হয়।

(x) প্রথম বিশ্বযুদ্ধৰ সময়ত কছদেশীয় চৰকাৰ :- প্রথম বিশ্বযুদ্ধৰ সময়ত কছদেশীয় চৰকাৰে ডেকা লোকসকলক বলপূর্বকভাৱে সৈন্যবাহিনীত নিয়োগ কৰাত কৃষিকার্য তথা শিল্প উদ্যোগৰ যথেষ্ট ক্ষতিসাধন হয়। কৃষিকার্যত খাদ্যৰ উৎপাদন কমি যোৱাত খাদ্যসংকটে দেখা দিয়ে।

ফলস্বৰূপে বিক্ষুব্ধ জনতাই যুদ্ধৰ অবসান, খাদ্য; আভ্যন্তৰীণ শাস্তি আদিৰ দাবীত চৰকাৰ-বিৰোধী শোভাযাত্ৰা উলিয়ায় আৰু তীব্ৰতৰ বিপ্লৱ চলাই নিয়ে। এনেবোৰ কাৰণতেই ৰুছ-বিপ্লৱ সংঘটিত হৈছিল।

(ঘ) বিপ্লৱৰ আৰম্ভনিতে গঠিত অস্থায়ী চৰকাৰৰ কাৰ্যকালৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰ :- ১৯১৭ চনত সংঘটিত হোৱা মাৰ্চৰ বিপ্লৱে ৰুছ জাৰতন্ত্রৰ পতন ঘটাইছিল যদিও দেশৰ শাসন-ব্যৱস্থা জনসাধাৰণৰ হাতলৈ অহা নাছিল। ১৯১৭ চনৰ ১৫ মাৰ্চত জাৰ নিকোলাছৰ পদত্যাগৰ পাছতেই ডুমাই পেট্রোগ্ৰাডৰ ছোভিয়েটৰ সৈতে আলোচনা কৰি এখন অস্থায়ী চৰকাৰ গঠন কৰিছিল৷ চৰকাৰৰ সদস্যসকলক ডুমাৰ প্ৰতিনিধিসকলৰ পৰা লোৱা হৈছিল কিন্তু ছোভিয়েটৰ হাতত প্রকৃত ক্ষমতা ন্যস্ত আছিল। অস্থায়ী চৰকাৰখনৰ প্ৰধানমন্ত্ৰী আছিল প্রিন্স জর্জ ল্বব (Prince Gearge Lvov), বৈদেশিক মন্ত্রী আছিল মিণ্ড্যকভ, যুদ্ধমন্ত্রী আছিল গুচকভ আৰু চৰকাৰখনৰ আইন মন্ত্রী আছিল আলেকজেণ্ডাৰ কেবেনস্কি (Alexandar Kerensky) |

অস্থায়ী চৰকাৰ গঠন কৰিয়েই তেওঁলোকে সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত গঠন কৰা সংবিধান সভাই ভবিষ্যৎ চৰকাৰৰ কৰ্ম নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগতে সংগঠনৰ স্বাধীনতা, বাতৰি কাকত আৰু মুকলিকৈ মত প্ৰকাশৰ স্বাধীনতা তথা ধর্মীয় স্বাধীনতা প্ৰদানৰ ঘোষণা চৰকাৰে কৰিছিল। চৰকাৰে ফিনলেণ্ড আৰু পোলেণ্ডৰ স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নতুন উদ্যমেৰে যুদ্ধ চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অস্থায়ী চৰকাৰৰ সদস্যসকলে দেশ গঠনৰ কাৰ্যসূচীত একমত হ’ব নোৱাৰাৰ বাবে ১৯১৭ চনৰ এপ্ৰিল মাহত বিদেশমন্ত্ৰী আৰু যুদ্ধমন্ত্ৰীয়ে পদত্যাগ কৰে। দেশৰ বিভিন্ন ঠাইত শ্রমিক আৰু কৃষকৰ অসংখ্য ছোভিয়েট গঠিত হৈ দেশত আমূল সংস্কাৰৰ দাবী কৰিলে। দেশত শান্তি, খাদ্য আৰু মাটিৰ দাবীত জনতা পুনৰ উত্ৰাৱল হোৱাত অস্থায়ী চৰকাৰ বিমোৰত পৰি উপায়হীন হৈ ১৯১৭ চনৰ আগষ্ট মাহত প্রধান মন্ত্রী প্রিন্স ল্ববে পদত্যাগ কৰিলে। তাৰ পাছত মেনছেভিক দলৰ নেতা আলেকজেণ্ডাৰ কেৰেনস্কি প্রধানমন্ত্ৰী হ’ল।

১৯১৭ চনত বহা ৰুছ ছোভিয়েট কংগ্ৰেছৰ জৰিয়তে ঝছ ছোভিয়েটবোৰ একত্ৰিত হ’ল আৰু লেনিনে এই সংগঠনটোৰ গুৰি ধৰিলে। লেনিনে ছোভিয়েটৰ নেতৃত্ব গ্ৰহণ কৰি সকলো ক্ষমতা ছোভিয়েটৰ হস্তগত হ’ব লাগে বুলি ঘোষণা কৰিলে। আনফালে ট্রাটাস্কি নামে আন এগৰাকী বিপ্লৱী নেতাই বলছেভিক সকলৰ নেতৃত্বত প্রলেটেৰিয়টৰ একনায়কত্ব প্রতিষ্ঠিত হ’ব লাগে বুলি ঘোষণা কৰাত সৈনিকসকল বলছেভিক দলৰ সমৰ্থকত পৰিণত হ’ল।

এনেদৰে অস্থায়ী চৰকাৰে কাৰ্যকাল চলাই বলছেভিকসকলক সন্মত কৰাব পৰা নাছিল। বলছেভিকসকলে অস্থায়ী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰকাৰ্য চলাই ছিল আৰু চৰকাৰী সেনা পক্ষ বলছেভিকৰ লগ লগাত তেওঁলোকে অস্থায়ী চৰকাৰৰ কার্যালয় “শীত প্রাসাদ” অবৰোধ কৰিছিল আৰু সকলো মন্ত্ৰীক বন্দী কৰিছিল। এনে অৱস্থাত ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে অস্থায়ী চৰকাৰৰ পতন হৈছিল আৰু লেনিনে বলছেভিক দলৰ নেতৃত্বত ৰুছিয়াত চৰকাৰ গঠন কৰিছিল।

(ঙ) বলছেভিক বিপ্লৱৰ ফলাফলসমূহ বর্ণনা কৰা। 

উত্তৰ :- ১৯১৭ চনৰ মহা ৰুছ বিপ্লৱৰ প্ৰত্যক্ষ ফলাফলে ৰাছিয়াৰ লগতে সমগ্র পৃথিৱীতে নতুন অধ্যায়ৰ সুচনা কৰিলে।

(ক) ৰাজনৈতিক ফলাফল :- ১৯১৭ চনৰ সফলতাৰ পাছত ১৯১৮ চনত এখন নতুন সংবিধান ৰচনা কৰি আগৰ ‘কমিচাৰৰ কাউন্সিল’ৰ ঠাইত ছোভিয়েট বিপাব্লিক প্রতিষ্ঠা কৰা হ’ল। নতুন চৰকাৰে সমাজতন্ত্র প্রতিষ্ঠা কৰিলে।

বহুতো বিদেশী শক্তিৰ সমাজতন্ত্র বিৰোধী ষড়যন্ত্ৰৰ মাজত জনতাৰ সহযোগত দেশত গৃহযুদ্ধৰ সমাপ্তি ঘটিল। জমিদাৰী প্ৰথা বিলোপ কৰা হ’ল। কল-কাৰখানা, ৰেলসেৱা, বেঙ্ক, বাণিজ্য আদি জাতীয়কৰণ কৰা হ’ল।

(খ) সামাজিক ফলাফল :- সমাজতান্ত্রিক বিপ্লৱে ৰাছিয়াত এখন শোষণযুক্ত সমাজ গঢ়ি তুলিলে। সংখ্যাগৰিষ্ঠ জনগণৰ আৰ্থিক স্বাধীনতাৰ মাজেৰে জনতাৰ অভাৱ, দুর্ভিক্ষ সকলো আঁতৰি গ’ল। কৃষকসকলে ১৫ কোটি হেক্টৰতকৈও অধিক নিষ্কৰ মাটি পালে। উদ্যোগ প্ৰতিষ্ঠানৰ জাতীয়কৰণৰ যোগেদি শ্ৰমিকসকলেও শোষণৰ পৰা মুক্তি লাভ কৰিলে। শ্রমিকৰ মজুৰী আৰু কামৰ সময় বাঁধি দিয়া হ’ল। শিক্ষা ব্যৱস্থাই ধর্মীয় প্রভাৱৰ পৰা মুক্তি পালে।

(গ) অর্থনৈতিক ফলাফল :- গৃহযুদ্ধৰ সময়ত ৰুছ দেশৰ জাতীয় আয় আশা কৰা মতে নাবাঢ়িল। বিদেশী শত্ৰুৱেও পাৰে মানে লুট কৰিলে। ১৯২০ চনৰ খৰাং বতৰেও ৰুছ অৰ্থনীতিত মাধমাৰ শোধালে।

ফলত লেনিনে কৰ নীতি সলনি কৰিলে। এতিয়া কৃষকে খাদ্য-বস্তুৰ সলনি কৰ দিলেই হ’ল। অতিৰিক্ত খাদ্যশস্যসমূহ কৃষক বজাৰত মুকলিকৈ বিক্ৰী কৰাৰ সুবিধা পালে। ফলত খেতিৰ প্ৰতি কৃষকৰ আগ্রহ বাঢ়িল। ইফালে সৰ-সৰা ব্যক্তিগত উদ্যোগ খোলাৰো অনুমতি দিয়া হ’ল। চহৰৰ খাদ্যৰ যোগান বৃদ্ধি পালে। ফলত শ্রমিকসকলে দুগুণ উৎসাহেৰে কাম কৰিবলৈ ধৰিলে। নতুন ব্যৱস্থাৰ ফলত দুই-এক সৰু-সুৰা উদ্যোগপতিৰ আবিৰ্ভাৱ হ’ল যদিও ই ছোভিয়েট ৰাছিয়াৰ মূল ভাৱাদৰ্শত কোনো আঘাত হানিব নোৱাৰিলে। কাৰণ ইতিমধ্যে জাতীয়কৰণৰ যোগেদি বৃহৎ উদ্যোগ কাৰখানা আৰু খেতি-মাটি ৰাজহুৱা কৰা হৈছিল। কালক্ৰমত ৰাছিয়া এখন সুস্থিৰ ধনী দেশত পৰিণত হ’ল।

(চ) বলছেভিক বিপ্লৱত লেনিনৰ ভূমিকাৰ বিৱৰণ দিয়া। 

উত্তৰ :- লেনিন আছিল বলছেভিক বিপ্লৱৰ প্ৰধান গুৰি ধৰোতা্।ছাত্ৰ অৱস্থাৰ পৰাই লেনিনে মার্ক্সবাদী আদৰ্শৰ প্ৰতি আকর্ষিত হয়। ১৯১৭ চনত লেনিনে চুইজাৰলেণ্ডৰ পৰা নিজ দেশলৈ উভতি আহে আৰু নৱেম্বৰ মাহত বলছেভিক বিপ্লৱত অংশগ্ৰহণ কৰি তেওঁ জাৰ্মানীৰ সৈতে যুদ্ধ বন্ধ কৰে আৰু ১৯১৮ চনত স্থায়ী সন্ধিত চহী কৰে।

ভ্লাডিমিৰ লেনিন আছিল ঝছিয়াৰ ছোভিয়েটবোৰক ঐক্যবদ্ধ কৰা প্ৰধান ব্যক্তি। লেনিনে চুইজাৰলেণ্ডত নিৰ্বাসিত জীৱনৰপৰাই ৰুছিয়াৰ বলছেভিক আন্দোলন চলাই গৈছিল। মাৰ্চ মাহত হোৱা বিপ্লৱৰ সুযোগ লৈ জাৰ্মানীৰ সহায়ত লেনিনে ছদ্মবেশে ছুইডেন আৰু ফিনলেণ্ড হৈ পেট্রোগ্ৰাডত উপস্থিত হয় আৰু. ছোভিয়েটৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে কেৰেনস্কিৰ চৰকাৰ পতন হোৱাৰ লগে লগে পেট্রোগ্রাড ছোভিয়েটে ক্ষমতা দখল কৰি চৰকাৰলৈ ৰূপান্তৰিত হয়। লেনিনৰ নেতৃত্বত চৰকাৰ গঠন হোৱাত তেওঁ নতুন মন্ত্ৰীসকলৰ চেয়াৰমেন বা প্রধানমন্ত্রীৰূপে দায়িত্ব গ্ৰহণ কৰে।

লেনিনে বলছেভিক চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰি মাৰ্ক্সীয় নীতিৰ আক্ষৰিক প্ৰয়োগৰ চেষ্টা চলায়। তেওঁ সকলো ব্যক্তিগত সম্পত্তি চৰকাৰৰ আয়ত্বলৈ আনি খেতিয়কক প্রয়োজনৰ জোখাৰে খেতি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। খেতিয়কসকলে উদ্বৃত্ত উত্পাদন চৰকাৰক সোধাবলগীয়াটো বাধ্যতামূলক কৰিছিল আৰু সকলো লোকে শ্ৰম কৰাটো বাধ্যতামূলক কৰাত দেশত কৃষি উৎপাদন তথা ব্যৱসায়-বাণিজ্যত বিৰূপ প্ৰভাৱ পৰিছিল। এনে অৱস্থাৰ ওৰ পেলাবলৈ লেনিনে নতুন অর্থনৈতিক নীতি প্ৰৱৰ্তন কৰিছিল আৰু আভ্যন্তৰীণ ক্ষেত্ৰত সাম্যবাদীদলৰ কৰ্তৃত্ব সুপ্রতিষ্ঠিত কৰিছিল। লেনিনে দেশব উন্নতিৰ অৰ্থে চূড়ান্ত ক্ষতি স্বীকাৰ কৰিও জাৰ্মানীৰ সৈতে ব্ৰেষ্ট-লিটভস্ক চুক্তি কৰিছিল আৰু দেশত শান্তি স্থাপন কৰিছিল।

বলছেভিক বিপ্লৱক সফল কৰাৰ অৰ্থে লেনিনে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু কেইবাবাৰো নিৰ্বাসিত হ’বলগীয়া হৈছিল। সেয়ে লেনিনক বলছেভিক বিপ্লৱৰ জনক আৰু নতুন ৰুছিয়াৰ সৃষ্টিকর্তা বোলা হয়।

(ছ) কার্লমার্ক্সৰ জীৱন আৰু মতবাদৰ চমু আলোচনা কৰা।

উত্তৰ :- ১৮১৮ চনত জার্মানীৰ এক মধ্যবিত্ত পৰিয়ালত কার্লমার্ক্সৰ জন্ম হয়। তেওঁ জাৰ্মানীৰ বন আৰু বার্লিন বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে আৰু শিক্ষা লাভৰ পাছত তেওঁ সমাজতন্ত্ৰী হৈ উঠে। তেওঁ জাৰ্মানীৰ অভিজাত বংশৰ কন্যা জেনি-ভন-ওয়েষ্টফেলিনক বিয়া কৰাইছিল।

১৮৪২ চনত কাৰ্লমার্ক্সে এখন উগ্রপন্থী বাতৰিকাকত সম্পাদনা কৰিছিল কিন্তু তেওঁৰ মতবাদত প্ৰছিয়ান চৰকাৰে অসন্টুষ্ট হৈ তেওঁক নির্বাসিত কৰিছিল। তাৰ পাছত তেওঁ ফ্ৰান্সলৈ উভতি আহে আৰু তাৰ সমাজতন্ত্ৰীসকলৰ সৈতে ঘনিষ্ঠভাৱে পৰিচিত হয় আৰু ফ্ৰেডৰিক এংগেলছ নামে এগৰাকী জাৰ্মানীৰ খ্যাতনামা সমাজতন্ত্রীৰ সান্নিধ্য লাভ কৰে। ১৮৪৫ চনত ফৰাছী চৰকাৰে কার্লমার্ক্সক বহিষ্কাৰ কৰাত তেওঁ ব্ৰুছেলছলৈ উভতি আহি তেওঁৰ বিখ্যাত কমিউনিষ্ট মেনিফেষ্টো (Communist Menifesto) নামেৰে ইস্তাহাৰ প্ৰকাশ কৰে। আধুনিক বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মতবাদ সমাজবাদক কার্লমার্শ্বে

সাম্যবাদ (Communism) নামেৰে নামাকৰণ কৰে। ১৮৪৮ চনত তেওঁ জার্মানীলৈ উভতি যায় আৰু তাত সাম্যবাদী আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ পৰিণতিস্বৰূপে জার্মান চৰকাৰে তেওঁক নিৰ্বাসিত কৰে আৰু তেওঁ লণ্ডনলৈ গুছি যায়। জীৱনৰ শেষকাললৈকে কার্লমার্ক্সে লণ্ডনত অতিবাহিত কৰে আৰু তাতে তেওঁৰ শ্ৰেষ্ঠ গ্ৰন্থ ‘ডাছ কেপিটেল’ (Das Capital) প্রকাশিত হয়।

কার্লমার্ক্সৰ সমাজবাদ প্ৰধানকৈ কেইটামান সূত্ৰৰ ওপৰত প্রতিষ্ঠিত। তেওঁ ইতিহাসৰ ব্যাখ্যা কৰি কৈছে যে মানুহৰ জীৱনৰ মূল ভেটি হৈছে অর্থনৈতিক আৰু বিভিন্ন শ্রেণীৰ অৰ্থনৈতিক স্বার্থ আদায়ৰ সংঘাতেই হৈছে ইতিহাস। কার্লমার্ক্সে মত পোষণ কৰিছে যে পুঁজিপতি মালিকশ্রেণী আৰু সৰ্বহাৰা শ্রমিকশ্রেণীৰ মাজত সংঘৰ্ষ অনিবাৰ্য আৰু তাৰ পৰিণতিস্বৰূপে এখন শ্রেণীহীন সমাজ (Classless Society)-ৰ সৃষ্টি অৱশ্যম্ভাবী। মার্ক্সৰ মতে শ্ৰমৰ অনুপাতে অৰ্থৰ বিতৰণ হোৱাটো উচিত। মার্ক্সৰ মতবাদ মতে বিশ্বত শ্রমিক ৰাষ্ট্ৰ স্থাপন হ’ব লাগে।

(জ) কমিউনিষ্ট সংবিধানৰ বৰ্ণনা কৰা৷

উত্তৰ :- কমিউনিষ্ট সংবিধান বলছেভিকসকলে মার্ক্সীয় আৰ্হিত প্ৰস্তুত কৰিছিল। ১৯১৮ চনত অনুষ্ঠিত হোৱা পার্টি কংগ্ৰেছত বলছেভিক নামটোৰ পৰিৱৰ্তে কমিউনিষ্ট শব্দটো প্ৰয়োগ কৰা হয়। চৰকাৰৰ আইন আৰু কাৰ্যপন্থা পার্টিয়ে নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হ’ল কাৰণ তেতিয়াৰ পৰা পাৰ্টিয়ে হৈছে ৰাষ্ট্ৰৰ স্বতাধিকাৰী বা মালিক।

পাৰ্টিৰ একনায়কত্ব হৈছে মার্ক্সৰ নিৰ্দিষ্ট শ্রমিকৰ একনায়কত্ব। কমিউনিষ্ট পাৰ্টিৰ সদস্য পদৰ বাবে মার্ক্স-লেনিনৰ প্ৰতি আকুণ্ঠ সমৰ্থন আৰু নিৰ্ধাৰিত সময়ৰ বাবে ‘শিকাৰ’ হিচাপে দক্ষতাৰ পৰিচয় দিয়াটো বাধ্যতামূলক কৰা হ’ল। কমিউনিষ্ট সংবিধান মতে—প্ৰতিটো কাৰখানা আৰু গাঁৱত পাৰ্টিৰ একো একোটা ‘গোট’ বা ‘চেল’ থাকিব আৰু এই চেলবোৰৰ প্রতিনিধিৰে আঞ্চলিক কমিটি গঠন কৰা হ’ব। 

আকৌ আঞ্চলিক কমিটিবোৰৰ প্রতিনিধিসকলে “সর্বছোভিয়েট ছোভিয়েট ৰিপাব্লিকবোৰৰ ইউনিয়ন” বা চমুকৈ ইউ. এছ. এছ. আৰ (Union of Soviet Socialist Republic or U.S.S.R) গঠন কৰিব আৰু এই কংগ্ৰেছে এটা কেন্দ্রীয় কমিটি (Central Committee) গঠন কৰিব। এই কেন্দ্ৰীয় কমিটিয়েই হৈছে পাৰ্টিৰ বিধানমণ্ডল। কেন্দ্ৰীয় কমিটিত থকা পলিটব্যুৰোটো হৈছে সর্বোচ্চ কাৰ্যপালিকা।পলিটব্যুৰোই বা কাৰ্যপালিকাই দেশৰ চূড়ান্ত ৰাজনৈতিক সিদ্ধান্তবোৰ গ্ৰহণ কৰিব। কছিয়াত কমিউনিষ্ট সংবিধান কাৰ্যকৰী হোৱাৰ পাছৰে পৰা দেশখনে অর্থনৈতিক ক্ষেত্ৰত অগ্রগতি লাভ কৰিলে আৰু জনসাধাৰণে সামূহিকভাবে আর্থিক নিৰাপত্তা লাভ কৰিলে। 

কমিউনিষ্ট সংবিধান মতে ৰুচিয়াৰ প্ৰতিখন চহৰ আৰু জিলাত একোটাকৈ শ্রমিক পৰিষদ বা ছোভিয়েট গঠন কৰা হয় আৰু আঞ্চলিক তথা প্রাদেশিক ছোভিয়েটবোৰৰ প্রতিনিধিবোৰেৰে নিখিল ৰুছ ছোভিয়েট বা কংগ্ৰেছ গঠিত হয় আৰু ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা এই কংগ্ৰেছৰ ওপৰত বয়সৰ ওপৰৰ সকলো নাগৰিককে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হয় আৰু তেতিয়াৰ পৰা ছোভিয়েট ঝছিয়াৰ অন্তৰ্গত সকলো ৰাজ্যতে কমিউনিষ্ট সংবিধান প্ৰৱৰ্তন কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top