Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ and select needs one.

Join Telegram channel

Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ Solutions for All Subject, You can practice these here…


(গ) বায়ুৰ তাপ , ভূ – পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক

 উত্তৰঃ- বায়ুৰ তাপ , ভূ – পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক :- বায়ুমণ্ডলৰ তাপ , ভূ – পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ মাজত এক নিবিড় সম্পৰ্ক আছে । বায়ুমণ্ডলত তাপ কমিলে চাপ বাঢ়ে । আনহাতে তাপ বাঢ়িলে চাপ কমে । পৃথিৱীৰ যিবোৰ অঞ্চলত তাপৰ মাত্ৰা অধিক, তাত নিম্নচাপৰ সৃষ্টি হয় আৰু যিবোৰ অঞ্চলত শীতৰ প্ৰভাৱ বেছি তাত উচ্চ চাপৰ সৃষ্টি হয় ।

তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ ওপৰত বিভিন্ন চাপ মণ্ডলৰ সৃষ্টি হৈছে । উচ্চতাৰ লগত বায়ুৰ চাপৰ সম্পৰ্ক আছে । উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায় । উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ ঘনত্বও কমি যায় । উচ্চতাৰ লগত বায়ুমণ্ডলৰ তাপৰ সম্পৰ্কও আছে ।

সেয়েহে ট্রেপ’স্ফিয়েৰ স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কামে , ট্রেপ’স্ফিয়েৰ স্তৰত উচ্চতা বাঢ়িলে তাপ বাঢ়ে , মেছ’স্ফিয়েৰ স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কমে আৰু থাৰ্ম’স্ফিয়েৰ স্তৰত উচ্চতা বঢ়াৰ লগে লগে তাপৰ মাত্ৰাও অধিক পৰিমানে বাঢ়ি যায় ।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়

  উত্তৰঃ- মেৰুদেশীয় উচ্চচাপ বলয় : পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত মেৰু অঞ্চল বৰফেৰে আবৃত হৈ থাকে আৰু ইয়াত অতিপাত ঠাণ্ডা অনুভৱ হয় । ইয়াৰ বায়ু অতিশয় শীতল । অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে । সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকে । ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে । সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চ চাপ বলয় বা মণ্ডল বোলা হয় ।

(ঙ) বায়ুপ্ৰবাহ তন্ত্ৰ

উত্তৰঃ-বায়ুপ্ৰবাহ তন্ত্ৰ : বায়ুৱে যেতিয়া ভূ – পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্ৰবাহ বোলে । বায়ুৰ গতি সদায় অনুভূমিক । বায়ু যেতিয়া ঊৰ্ধবগামী হয় তেতিয়া বায়ু উল্লম্বিক দিশত গতি কৰে ।

দৰাচলতে বায়ুপ্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়া – কলপাৰ এটা অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ , আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে । সেয়ে বহল অৰ্থত ইয়াক বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয় । অৰ্থাৎ বায়ুপ্ৰবাহ তন্ত্ৰ বুলি ক’লে পৃথিৱীৰ উপৰিভাগৰ সৃষ্টি হোৱা সকলো ধৰণৰ বায়ুপ্ৰবাহকে বুজায় ।

(চ) তাপনতি

উত্তৰঃ- তাপনতি : ভূ – পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে । ইয়াকে তাপনতি শক্তি বোলা হয় । আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে তাপনতি বোলে । গতিকে তাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত ।

কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্ৰাস পায় ।আকৌ বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে , সেয়ে দুখন ঠাইৰ মাজত থকা তাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে । যি দিশত চাপ হ্ৰাস পায় , সেই দিশতেই তাপনতিৰ জোখ লোৱা হয় । এখন অঞ্চলৰ তাপনতি  অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে সহজে জানিব পাৰি ।

এখন অঞ্চলৰ তাপনতিৰ মান বেছি হ’লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে । বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা প্ৰায় একেবাৰে দেখা নাযায় ।

(ছ) বাণিজ্য বতাহ

 উত্তৰঃ-বাণিজ্য বতাহ : ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশেপাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বোলে । কোৰিওলিচ বলৰ বাবে বাণিজ্য বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে ।

সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ- পূব বাণিজ্য বতাহ বোলে । ক্ৰান্তীয় অঞ্চলৰ এই উত্তৰ -পূব আৰু দক্ষিণ – পূব বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ এক বিভাজকৰ সৃষ্টি কৰে । ইয়াকে আন্তঃৰাষ্ট্ৰীয় অভিসাৰী মণ্ডল বোলে । এই অঞ্চলৰ বায়ুপ্ৰবাহ তেনেই দুৰ্বল আৰু মন্থৰ বাবে ইয়াক শান্ত বলয় বা নিৰ্বাত বুলি কোৱা হয় ।

 () অশ্ব অক্ষাংশ

উত্তৰঃ-অশ্ব অক্ষাংশ : উপক্ৰান্তীয় উচ্চচাপবলয়ৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছোৱা বতাহ বলে তাত এটা মন্থৰ বায়ুপ্ৰবাহৰ শান্তবলয় আছে । পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ ৩০° ৰ পৰা ৩৫° অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অশ্ব – অক্ষাংশ বোলা হয় । 

উদাহৰণস্বৰূপে মধ্যযুগত ইউৰোপীয় নাৱিকসকলে উপক্ৰান্তীয় অঞ্চলত বতাহৰ চলাচল প্ৰায় নথকাৰ বাবে জাহাজ চলাবলৈ তেওঁলোকৰ যথেষ্ঠ অসুবিধা হৈছিল । ফলত নাৱিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘূৰাবিলাককে সাগৰৰ পানীত পেলাই দিছিল । এইবাবেই উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চ চাপ বলয়ক অশ্ব অক্ষাংশ বুলি জনা যায় ।

  () গর্জনমুখৰ চল্লিশ

 উত্তৰঃ-গর্জনমুখৰ চল্লিশ : পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত বিশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যধিক হয় । সেয়ে মহাসাগৰীয় নাৱিকসকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলক গর্জনমুখৰ চল্লিশ বুলি কোৱা হয় ।

  () প্ৰতীপ ঘূৰ্ণীবাতাহ

 উত্তৰঃ- প্ৰতীপ ঘূৰ্ণীবাতাহ : যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবাতাহ বোলা হয় ।  বতৰ বিজ্ঞানী ছাৰ ফ্ৰেঞ্চিচ গেল্টনে পোন প্ৰথমে ১৮৬১ চনত এই ‘Anticyclone’ (প্ৰতীপ ঘূৰ্ণীবাতাহ) শব্দটো ব্যৱহাৰ কৰিছিল ।

কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত  ঘূৰ্ণীবাতাহৰ তুলনাত প্ৰতীপ ঘূৰ্ণীবাতাহৰ ভূমিকা তেনেই নগণ্য । প্ৰতীপ ঘূৰ্ণীবাতাহৰ চাপ কেন্দ্ৰত সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্ৰ বোলে । এই উচ্চ চাপ কেন্দ্ৰ চক্ৰাকাৰে নহৈ কিছু দীঘলীয়া হ’লে ইয়াক ” উধান ” বোলা হয় । 

পৃথিৱীৰ আয়াতনৰ বাবে উত্তৰ গোলাৰ্ধত প্ৰতীপ ঘূৰ্ণীবাতাহৰ বতাহ উচ্চ চাপ কেন্দ্ৰৰ চাৰিওফালে ঘড়ীৰ কাটাৰ দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাটাৰ বিপৰীত দিশত বলে ।  প্ৰতীপ ঘূৰ্ণীবাতাহ দুই প্ৰকাৰৰ –

(ক) উপক্ৰান্তীয় উষ্ণ প্ৰতীপ ঘূৰ্ণীবাতাহ 

(খ) উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবাতাহ ।

 ( ) জেট প্ৰবাহ

উত্তৰঃ-  জেট প্ৰবাহ : ক্ৰান্তীয় অঞ্চলৰ উচ্চস্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয় । ইয়াকে জেট প্ৰবাহ বোলা হয় । এই জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিবৰ্তন ঘটায় । এই প্ৰবাহৰ গতিবেগ ঘণ্টাত ৬৪০ কিলোমিটাৰ পৰ্যন্ত হয় ।

 (ঠ) সমচাপ ৰেখা

সমচাপ ৰেখা : পৃথিৱীৰ উপৰিভাগত থকা সমান চাপবিশিষ্ট ঠাইবোৰ সংযোগ কৰিলে যি ৰেখা পোৱা যায় তাকে সমচাপ ৰেখা বোলে । সমচাপ ৰেখাবোৰ মিলিবাৰত প্ৰকাশ কৰা হয় । যিবোৰ ঠাইৰ চাপনতিৰ মান একেবাৰে কম হ’লে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয় । বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা প্ৰায় একেবাৰেই দেখা নাযায় ।

() ক্ৰান্তীয় ঘূৰ্ণীবতাহ

 উত্তৰঃ-ক্ৰান্তীয় ঘূৰৰ্ণীবতাহ :  ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চ চাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰুপ লয়, তাকে ক্ৰান্তীয় ঘূৰৰ্ণীবতাহ বোলা হয় । পৃথিৱীৰ অবৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰৰ্ণীবতাহ ঘড়ীৰ কাটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাটাৰ দিশত বলে ।

ক্ৰান্তীয় ঘূৰৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ ৰ পৰা ২৮০. মি. হয় । একো একোটা বৃত্তাকাৰ ঘূৰৰ্ণীবতাহৰ ব্যাস কেই কিলোমিটাৰ মানৰ কেবাশ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে । ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণৰূপে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয় ।

একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰৰ্ণীবতাহৰ পৰা বহু উচ্চ  পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ , ধ্বংসকাৰী আৰু ক্ষতিকাৰক হয় । এইবোৰ ধুমুহা বহু অঞ্চল ধৰি আৰু বহু সময় ব্যাপি সক্ৰিয় হৈ থাকে । উত্তৰ আমেৰিকাৰ দক্ষিণ – পূব অংশ , জাপানৰ পূব উপকূল , ভাৰতবৰ্ষৰ পূব উপকূল অঞ্চলত এনে ক্ৰান্তীয় ঘূৰ্ণীবাতাহৰ ফলত প্ৰায় প্ৰতি বছৰে ধন – জনৰ বহুতো ক্ষতি হয় ।

ক্ৰান্তীয় অঞ্চলৰ ঘূৰ্ণীবাতাহ বিভিন্ন নামেৰে পৰিচিত হাৰিকেন , ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লোন , অসমত বৰদৈভিলা আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ – পশ্চিম উপকূলত উইলী – উইলী বুলি কোৱা হয় ।

(২৫) পাৰ্থক্য লিখা :

(ক) আনুভূমিক প্ৰবাহ আৰু উল্লম্বিক প্ৰবাহ

 উত্তৰঃ- আনুভূমিক প্ৰবাহ আৰু উল্লম্বিক প্ৰবাহৰ মাজত পাৰ্থক্য হ’ল –

        (১) আনুভূমিক বতাহ ভূ- পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে আনহাতে উল্লম্বিক বতাহ ভূ-পৃষ্ঠৰ উল্লম্বিকভাৱে গতি কৰে ।

          (২) আনুভূমিক প্ৰবাহৰ গুৰুত্ব বেছি; উল্লম্বিক বতাহৰ গুৰুত্ব কম ।

          (৩) আনুভূতিক উচ্চচাপ অঞ্চলৰ পৰা আনুভূমিক প্ৰৱাহ নিম্নচাপলৈ বলে, উল্লম্বিক প্ৰবাহ নিম্নচাপৰ পৰা উচ্চচাপ অঞ্চললৈ বলে ।

(খ) বায়ুপ্ৰবাহ আৰু বায়ুৰাশ

  উত্তৰঃ- (১) বায়ুপ্ৰবাহ হ’ল বায়ুৱে গতি কৰা অৱস্থা; বায়ুৰাশি হ’ল উত্তাপ, আৰ্দ্ৰতা আদি গুণ সম্পন্ন একোটা বৃহৎ আকাৰৰ বায়ুপুঞ্জ ।

                 (২) বায়ুপ্ৰবাহ স্থিৰ অৱস্থাত থাকে; বেছি বায়ুৰাশি স্থিৰ অৱস্থাত নাথাকে ।

                 (৩) বায়ু প্ৰহাৰ ভাগ দুটা আনহাতে বায়ুৰাশিৰ ভাগ চাৰিটা ।

(গ) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবাতাহ

উত্তৰঃ- ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবাতাহ :

            (১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত সৃষ্টি হয় আনহাতে বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবাতাহ নাতিশিতোষ্ণ অঞ্চলত সৃষ্টি হয় ।

               (২) ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ১২০ – ২৮০ কি. মি. পৰ্যন্ত হয়; আনহাতে বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবাতাহৰ গতিবেগ ৩০০ – ১৫০০ কি. মি. ৰ ভিতৰত হয় ।

              (৩) এই বতাহ সাগৰীয় পৰিৱেশ প্ৰভাৱত কেৱল গ্ৰীষ্ম কালতে সৃষ্টি হয় আনহাতে ক্ৰান্তীয় ঘূৰ্ণীবাতাহ বছৰৰ যিকোনো সময়তে সৃষ্টি হ’ব পাৰে ।

(ঘ) জলবতাহ আৰু স্থলবতাহ

 উত্তৰঃ- জলবতাহ আৰু স্থলবতাহৰ পাৰ্থক্য হ’ল –

            (১) জলবতাহ দিনৰ ভাগত বলে আনহাতে স্থলবতাহ ৰাতিৰ ভাগত বলে ।

             (২) জলবতাহ জলভাগৰ পৰা বলে আনহাতে স্থলবতাহ স্থলভাগৰ পৰা জলভাগলৈ বলে ।

             (৩) ৰাতি জলভাগৰ উষ্ণতা বেছি হয় কিন্তু দিনত স্থলভাগৰ উষ্ণতা বেছি হয় ।

(ঙ) পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ

 উত্তৰঃ- পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহৰ পাৰ্থক্য হ’ল –

           (১) পাৰ্বত্য বতাহ পৰ্বতৰ ঢালেদি ভৈয়ামলৈ গতি কৰে আনহাতে ভৈয়ামৰ বতাহ ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি গতি কৰা।

           (২) পাৰ্বত্য বতাহ নিম্নগামী হয় কিন্তু ভৈয়ামৰ বতাহ ঊধৰ্বমুখী হয়।

           (৩) পাৰ্বত্য পাহাৰ ৰাতিৰ ভাগত বলে কিন্তু ভৈয়ামৰ বতাহ দিনৰ ভাগত বলে

(চ) ঘূৰ্ণীবাতাহ আৰু প্ৰতীপ ঘূৰ্ণীবাতাহ

উত্তৰঃ- ঘূৰ্ণীবাতাহ আৰু প্ৰতীপ ঘূৰ্ণীবাতাহৰ মাজত পাৰ্থক্য হ’ল –

          (১) ঘূৰ্ণীবাতাহ নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগত চক্ৰাকাৰে গতি লয় ; উচ্চচাপত কেন্দ্ৰ কৰি তীব্ৰ বেগত চক্ৰাকাৰে গতি লয় প্ৰতীপ ঘূৰ্ণীবাতাহে ।

           (২) ঘূৰ্ণীবাতাহক নিম্নচাপ কেন্দ্ৰ বতাহ বুলি কোৱা হয় আনহাতে উচ্চচাপ কেন্দ্ৰ ভূমি বতাহক প্ৰতীপ ঘূৰ্ণীবাতাহ  বোলে ।

           (৩) বহি:ক্ৰান্তীয় আৰু ক্ৰান্তীয় দুয়ো অঞ্চলতে ঘূৰ্ণীবাতাহ বলে আনহাতে উষ্ণ উপক্ৰান্তীয় আৰু উষ্ণ উচ্চ অক্ষাংশৰ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবাতাহ বলে ।

(ছ) শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰ ।

    উত্তৰঃ- শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰৰ মাজত থকা পাৰ্থক্য হ’ল –

          (১) শীতল বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণবায়ুৰাশিক স্থানান্তৰ কৰে আনহাতে উষ্ণ বাতাগ্ৰত উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰৱাহিত হৈ স্থানান্তৰ কৰে ।

           (২) শীতল বাতাগ্ৰ অতি ঠাণ্ডা কিন্তু উষ্ণ বাতাগ্ৰ অতি গৰম ।

           (৩) শীতল বাতাগ্ৰ শীতল বায়ুৰাশিয়েদি প্ৰবাহিত হয় ; উষ্ণ বাতাগ্ৰ উষ্ণ বায়ুৰাশিয়েদি প্ৰবাহিত ।

(জ) ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰ ।

 উত্তৰঃ- ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল –

         (১) ট্রপ’স্ফিয়েৰ পৃথিৱীৰ একেবাৰে গাতে লাগি থকা স্তৰ ; ষ্ট্ৰেট’স্ফিয়েৰ ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰতে থকা স্তৰ ।

           (২) ট্রপ’স্ফিয়েৰৰ গড় উচ্চতা ১০ কিলোমিটাৰ .; ষ্ট্ৰেট’স্ফিয়েৰৰ গড় উচ্চতা ৫০ কিলোমিটাৰ ।

           (৩) ট্রপ’স্ফিয়েৰৰ ঊৰ্ধবসীমাটোক ট্ৰপ’পজ বোলে ; ষ্ট্ৰেট’স্ফিয়েৰৰ ঊৰ্ধবসীমাটোক ষ্ট্ৰেট’পজ বোলে ।

(২৬) শুদ্ধ উত্তৰ বাছি উলিওৱা:

() জন গেছৰ স্তৰটো অৱস্থিত ?

  1. ট্রপ’স্ফিয়েৰ  
  2. ষ্ট্ৰেট’স্ফিয়েৰ
  3. মেছ’স্ফিয়েৰ
  4. থাৰ্ম”স্ফিয়েৰ

উত্তৰঃ- (২) ষ্ট্ৰেট’স্ফিয়েৰ ।

() বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ?

  1. ২০.৯৪%   
  2. ২৯.০১% 
  3. ৩২.৪৭%    
  4. ৭৮.০৮%

উত্তৰঃ- (১) ২০.৯৪% 

() বায়ুপ্ৰবাহৰ মূল কাৰণটো কি ?

  1. আৰ্দ্ৰতাৰ তাৰতম্য 
  2. চাপৰ তাৰতম্য
  3. মাধ্যাকৰ্ষণ শক্তি
  4. অপকেন্দ্ৰীক বল

 উত্তৰঃ-  (২) চাপৰ তাৰতম্য ।

() বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো

  1. উইণ্ড ভেন 
  2. এনিম’মিটা
  3. বিউফ’ৰ্ট  স্কেল 
  4. হাইড্ৰমিটাৰ মম 

উত্তৰঃ- (২)  এনিম’মিটাৰ ।

() বতাহৰ গতিবেগৰ এককটো

  1. নট
  2. মিলিবাৰ
  3. শতাংশ
  4. ডিগ্ৰী

উত্তৰঃ- (১) নট ।

() মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত ?

  1. স্থানীয় বতাহ
  2. প্ৰাথমিক বতাহ
  3. গৌণ বতাহ
  4. নিয়মিত বতাহ

উত্তৰঃ- (৩) গৌণ বতাহ ।

() প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো কি ?

  1. চাইক্ল’ন
  2. হাৰিকেন
  3. উইলী উইলী
  4. টাইফুন

উত্তৰঃ-   (২) হাৰিকেন ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

4 thoughts on “Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top