Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু

Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু Solutions for All Subject, You can practice these here.

বতৰ আৰু জলবায়ু

অধ্যায় -১

প্ৰশ্নৱালী

১। বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা।

উত্তৰঃ বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। 

জলবায়ু বুলিলে কোনো এখন ঠাইত দীর্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজোৱা হয়। অৰ্থাৎ বতৰৰ উপাদান, যেনে— উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ পৰিৱৰ্তন কম দূৰত্বৰ ব্যৱধানতে সংঘটিত হয়।

বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য হৈছে—

(i) বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজাই।

আনহাতে, জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজা যায়।

(ii) বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়।

আনহাতে, জলবায়ু বুলিলে অৰ্থ্যত জলবায়ুৰ ধাৰণাতো একোটা বৃহত অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়।

২। বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ’ল—

(i) উত্তাপ।

 (ii) চাপ।

(iii) আৰ্দ্ৰতা।

(iv) বতাহ। 

(v) অধঃক্ষেপ ।

৩। বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানসমূহ হৈছে—

(i) উত্তাপ: সূর্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। সূর্যৰ পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে বাটতে বায়ুমণ্ডলে কিছু তাপ শোষণ কৰে আৰু অৱশিষ্ট তাপ শক্তিখিনি ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠত পৰি তাপশক্তি প্রতিফলিত হয় আৰু পোনপ্ৰথমে এই প্রতিফলিত তাপখিনি ভূপৃষ্ঠৰ লগতে লাগি থকা ট্ৰপ’স্ফিয়েৰৰ বায়ুৱে শোষণ কৰে। ফলত নিম্নস্তৰৰ বায়ুৰাশি ক্ৰমাৎ উত্তপ্ত হৈ পৰে। তাপ পালে বায়ু প্ৰসাৰিত হৈ পাতল হয় আৰু তেতিয়া এই পাতল বায়ু উর্ধগামী হয়। উর্ধগামী হোৱা বায়ুৰ খালি ঠাই পূৰাবলৈ চৌদিশৰ পৰা তুলনামূলকভাৱে চেঁচা বায়ু প্রবাহিত হ’বলৈ ধৰে। এনেকৈয়ে বায়ুমণ্ডলত তাপৰ তাৰতম্য ঘটি বায়ুৰ উচ্চ চাপ অথবা নিম্ন চাপৰ সৃষ্টি হয় আৰু ফলত বায়ুপ্রবাহৰো সৃষ্টি হয়।

(ii) বায়ু চাপ: বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে। বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য দুটা কাৰণ সংঘটিত হয়। যেনে—

 (ক) বায়ু উষ্ণতা।

(খ) পৃথিৱী পৃষ্ঠৰ উচ্চতা।

(iii) আর্দ্রতা: বায়ুৰ আর্দ্রতা বুলিলে সাধাৰণতে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজা যায়। বায়ুৰ উত্তাপৰ ওপৰতে বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা নিৰ্ভৰ কৰে। উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা অধিক আৰু ঠাণ্ডা বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম হয়। বায়ুৰ আৰ্দ্ৰতাৰ কাৰণে বতৰ আৰু জলবায়ুৰ প্ৰকৃতিৰ তাৰতম্য ঘটে।

(iv) বতাহ: বায়ুমণ্ডলত উত্তাপৰ সমবিতৰণ নোহোৱা বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটে। সেয়ে ভূপৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইত বায়ুৰ উচ্চচাপৰ সৃষ্টি হয়। বায়ুৱে উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে আৰু এই গতিয়েই হৈছে বতাহ। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়। উচ্চচাপ আৰু নিম্নচাপ কেন্দ্ৰৰ মাজত দূৰত্ব কম হ’লে বতাহৰ গতিবেগ বৃদ্ধি পায় আৰু দূৰত্ব অধিক হ’লে বতাহৰ গতি কম হয়।

(v) অধঃক্ষেপ: বায়ুমণ্ডলত উত্তাপৰ কম-বেছিৰ ভিত্তিত ভিন্ন প্রকাৰৰ অধঃক্ষেপৰ সৃষ্টি হয়। যেনে নিয়ৰ, হিম, কুঁৱলি, তুষাৰ কণা, বৃষ্টি, তুষাৰ পাত, বৰষুণ আদি। অধঃক্ষেপৰ ভিতৰত বতাহে প্ৰধানকৈ বতৰ আৰু জলবায়ুৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়।

৪। উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা।

উত্তৰঃ উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান।

এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে।

বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৰ্ৱতন হোৱা দেখা যায়। বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয়। সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে।

বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুয়ে প্ৰয়োগ কৰা বল। বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইয়াৰ চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। 

বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায়। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে—  চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা।

৫। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা। 

উত্তৰঃ বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণত ভূ-পৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয়। বায়ুয়ে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়।

৬। বতাহ কিয় বলে? 

উত্তৰঃ বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায় ঠিক তেনেদৰে বায়ুৱেত্ত উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহ বলে।

৭। অধঃক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা।

উত্তৰঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্রক্রিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মাধ্যাকর্ষণ বলৰ প্রভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয়। 

ভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ হ’ল— নিয়ৰ, হিম, ঘনকুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা-বৃষ্টি, তুষাৰপাত, বৰষুণ, কিনকিনিয়া বৰষুণ।

৮। বতৰ আৰু জলবায়ু নির্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হৈছে—

(i) অক্ষাংশ।

(ii) উচ্চতা।

(iii) সমুদ্ৰৰ সান্নিধ্য।

(iv) সমুদ্ৰ সোঁত।

(v) পৰ্বত-পাহাৰৰ অৱস্থান।

(vi) বায়ুপ্ৰবাহ।

(vii) ভূমিৰ প্ৰকৃতি।

(viii) ভূমিৰ ঢাল।

(ix) উদ্ভিদ।

৯। বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ কাৰকসমূহ হ’ল—

(i) অক্ষাংশ: জলবায়ু নির্ধাৰণৰ অন্যতম প্রধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্রাস-বৃদ্ধি হয়। সূর্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্রতা বাঢ়ে। বিষুৱীয় অঞ্চলত অধিক উষ্ণ জলবায়ু, মধ্য অক্ষাংশ অঞ্চলত নাতিশীতোষ্ণ জলবায়ু আৰু মেৰু অঞ্চলত শীতল জলবায়ু বিৰাজ কৰা দেখা যায়।

(ii) উচ্চতা: ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাবে প্রতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্রায় ৬.৫° চেন্টিগ্রেড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হ’লেও অধিক উচ্চাত অৱস্থিত ঠাইৰ জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হ’লেও উচ্চ পার্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সেয়েহে, এলাহাবাদ আৰু শ্বিলং প্রায় একে অক্ষাংশত অৱস্থিত হ’লেও শ্বিলঙৰ উচ্চতা বেছি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল।

(iii) সমুদ্ৰৰ সান্নিধ্য: সমুদ্ৰৰ কাষৰ স্থানসমূহৰ জলবায়ু বেছি গৰম বা ঠাণ্ডা যেন নালাগে বাবে তেনে ঠাইত জাৰ-জহৰ তাৰতম্য কম হয়। গ্রীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ অধিক হোৱা বাবে সমুদ্ৰৰপৰা শীতল বতাহ প্রবাহিত হয় আৰু শীতকালত স্থলভাগৰ বায়ু শীতল হ’লে সমুদ্ৰৰপৰা অহা গৰম বায়ুৱে স্থলভাগৰ উষ্ণতা বৃদ্ধিত সহায় কৰে। সমুদ্ৰৰ সান্নিধ্যত সামুদ্রিক জলবায়ু বিৰাজ কৰা ঠাইবোৰত সমভাবাপন্ন জলবায়ু পোৱা যায়।

(iv) সমুদ্র সোঁত: সমুদ্ৰৰ সোঁতৰ প্রভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্রিত হয়। কিছুমান সমুদ্র সোঁত গৰম আৰু কিছুমান চেঁচা হয়। উপকূলৰ যিবোৰ ঠাইৰ কাষেদি গৰম সামুদ্রিক সোঁত বৈ যায়, সেই ঠাইবিলাকৰ বায়ুৰ উত্তাপ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উপকূলৰ যিবোৰ ঠাইৰ কাষেদি চেঁচা সামুদ্রিক সোঁত প্রবাহিত হয়, সেইবোৰ ঠাইৰ বায়ু ঠাণ্ডা হৈ পৰে। এইদৰে গৰম আৰু চেঁচা সমুদ্ৰৰ সোঁতৰ প্ৰভাৱত উপকূল অঞ্চলত গৰম অথবা ঠাণ্ডা জলবায়ুৱে বিৰাজ কৰে।

(v) পৰ্বত-পাহাৰৰ অৱস্থান: পর্বত-পাহাৰৰ অৱস্থানৰ বাবে বায়ু প্রবাহত বাধা জন্মে। পর্বত-পাহাৰে বায়ুপ্রবাহক বাধা দিয়া বাবে পৰ্বতৰ নামনি ভাগত আৰু পার্বত্য অঞ্চলত জলবায়ুৰ পাৰ্থক্য পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ উত্তৰ সীমাত অৱস্থিত হিমালয় পর্বত-মালাই জলীয় বাষ্পপূর্ণ দক্ষিণ-পশ্চিম মৌচুমী বায়ুক বাধা দিয়াৰ ফলশ্রুতিতেই গংগা-ব্রহ্মপুত্র উপত্যকাত মৌচুমী ঋতুত প্ৰচুৰ বৰষুণ হোৱা দেখা যায়। কিন্তু হিমালয়ৰ সিপাৰে উত্তৰ দিশৰ তিব্বতত বৰষুণ প্রায় নহয়।

(vi) বায়ুপ্রবাহ: বায়ুপ্রবাহে কোনো এখন ঠাইৰ জলবায়ু নির্ধাৰণত এক গুৰুত্বপূর্ণ ভূমিকা লয়। ভিন্ন প্ৰকাৰৰ বতাহৰ বাবে ঠাইবিলাক গৰম, শীতল, সেমেকা বা খৰাং হয়। সাধাৰণতে বিষুবীয় অঞ্চলৰ পৰা প্রবাহিত হোৱা বায়ু গৰম হয় আৰু মেৰু অঞ্চলৰ পৰা প্ৰবাহিত হোৱা বতাহ শীতল হয়। বতাহৰ দিশৰ ওপৰতো এখন ঠাইৰ জলবায়ু, নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, দক্ষিণ-পশ্চিম মৌচুমী বতাহে বংগোপসাগৰৰ ওপৰেদি প্রবাহিত হওঁতে লগত অধিক জলীয় বাষ্প কঢ়িয়াই আনে বাবে অসম আৰু মেঘালয়ত অধিক পৰিমাণৰ বৃষ্টিপাত হয়।

(vii) ভূমিৰ প্ৰকৃতি: ভূমিৰ প্ৰকৃতিয়েও কোনো এখন ঠাইৰ জলবায়ু নির্ধাৰণত বিশেষ ভূমিকা পালন কৰে। শিলাময় তথা বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু তাপ বিকিৰণ, কৰি সোনকালে চেঁচাও

হয়। মৰুভূমি অঞ্চলত দিনৰ ভাগত উত্তাপ যথেষ্ট বেছি হয় আৰু নিশা অধিক ঠাণ্ডা অনুভূত হয়। গছ-গছনিৰে ভৰা মাটি সেমেকা হোৱা বাবে উত্তাপ কম হয় আৰু উদ্ভিদৰ আৱৰণ নথকা মাটি শুকান হোৱা বাবে উত্তাপ অধিক হয়।

(viii) ভূমিৰ ঢাল: বতৰ আৰু জলবায়ুৰ কাৰক হিচাবে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হ’লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। আনহাতে, যি ভূমিভাগৰ ঢাল সূর্যব কিবণৰ বিপৰীতমুখী হয়, তেনে ভূমিভাগত সূৰ্যৰকিৰণ বেঁকা হৈ পৰে আৰু ফলত উত্তাপ কম হয়। সাধাৰণতে, উত্তৰ গোলার্ধত দক্ষিণমুখী ঢালত আৰু দক্ষিণ গোলার্ধত উত্তৰমুখী ঢালত অধিক উত্তাপ অনুভূত হয়। এনে কাৰণতে হিমালয় আৰু আল্পচ্ পৰ্বতৰ উত্তৰমুখী ঢালৰ তুলনাত দক্ষিণমুখী ঢালত উত্তাপ বেছি। উত্তাপৰ তাৰতম্যৰ উপৰিও ভূমিৰ ঢালে বৃষ্টিপাতৰ বিতৰণৰ ক্ষেত্ৰতো তাৰতম্য ঘটায়। কিয়নো জলীয়বাষ্পপূৰ্ণ বায়ুৰ গতিৰ দিশে মুখ কৰি থকা ভূমিৰ ঢালত বৃষ্টিপাত হয় আৰু ইয়াৰ বিপৰীত দিশৰ ভূমিৰ ঢালত অনাবৃষ্টি হয়। বৃষ্টিপাতৰ বিতৰণৰ এনে তাৰতম্যৰ বাবে জলবায়ুৰো তাৰতম্য ঘটে।

(ix) উদ্ভিদ: উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্রভাৱ পেলায়। উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্রক্রিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। পৃথিৱীৰ বিভিন্ন ঠাইত দেখা গৈছে যে, গছ-গছনি ধ্বংস হোৱাৰ বাবে সেইবোৰ ঠাইত বৃষ্টিপাত কমি গৈছে আৰু ফলস্বৰূপে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে।

১০। জলবায়ুৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ জলবায়ুৰ প্ৰকাৰবোৰ হ’ল—

(i) বিষুৱীয় জলবায়ু।

(ii) মৌচুমী জলবায়ু।

(iii) ছাভানা জলবায়ু। 

(iv) উষ্ণ মৰু জলবায়ু।

(v) নাতিশীতোষ্ণ মৰু জলবায়ু।

(vi) ভূমধ্য- সাগৰীয় জলবায়ু।

(vii) নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু।

(viii) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু।

(ix) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু।

(x) পূৰ্ব উপকূলীয় আৰ্দ্ৰ জলবায়ু।

(xi) উপ- মেৰুদেশীয় জলবায়ু।

(xii) তুন্দ্ৰা জলবায়ু।

১১। জলবায়ুৰ প্ৰকাৰবোৰৰ বিষয়ে চিত্রসহ আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ বিষুৱীয় অঞ্চলৰ পৰা আৰম্ভ কৰি মৰু অঞ্চল পর্যন্ত কেইবা প্ৰকাৰৰ জলবায়ু পৰিলক্ষিত হয়। 

জলবায়ুৰ এই প্ৰকাৰবোৰ হৈছে— 

(ক) বিষুৱীয় জলবায়ু।

(খ) মৌচুমী জলবায়ু। 

(গ) ছাভানা জলবায়ু। 

(ঘ) উষ্ণ মৰু জলবায়ু। 

(ঙ) নাতিশীতোষ্ণ মৰু জলবায়ু। 

(চ) ভূমধ্যসাগৰীয় জলবায়ু।

(ছ) নাতিশীতোষ্ণ আর্দ্র জলবায়ু। 

(জ) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু। 

(ঝ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু। 

(ঞ) পূব উপকূলীয় আর্দ্র জলবায়ু। 

(ট) উপ-মেৰুদেশীয় (টাইগা) জলবায়ু। আৰু 

(ঠ) তুন্দ্রা জলবায়ু।

(ক) বিষুৱীয় জলবায়ু: বিষুৱীয় জলবায়ু সাধাৰণতে উষ্ণ আৰু আর্দ্র প্ৰকৃতিৰ। এই জলবায়ু বিষুৱৰেখাৰ পৰা ১০° উঃ আৰু দঃ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰে। এই অঞ্চলত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে বাবে ইয়াত উষ্ণতা বেছি হয়। অধিক উষ্ণতাৰ বাবে বায়ু পাতল হৈ ওপৰলৈ গতি কৰে আৰু ফলত বায়ুৰ চাপৰ নিম্ন হৈ সঘনে পৰিচলন প্ৰক্ৰিয়াৰে বৰষুণ হৈ থাকে। জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হৈছে অধিক উষ্ণতা আৰু প্ৰচুৰ বৰষুণ হয়। সেয়েহে বিষুৱীয় অঞ্চলত প্ৰকৃততে ঋতু পৰিৱৰ্তন নহয় বুলিব পাৰি।  অধিক উত্তাপ আৰু আর্দ্রতাৰ বাবে বিষুৱীয় জলবায়ু অঞ্চল জনবসতিৰ বাবে উপযোগী নহয়।

(খ) মৌচুমী জলবায়ু: মৌচুমী জলবায়ু ১০° উঃ আৰু ৪০° উঃ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলার্ধৰ অঞ্চল বিশেষে বিৰাজ কৰে। মৌচুমী জলবায়ুৰ প্রভাৱত গ্রীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হোৱা পৰিলক্ষিত হয়। গ্রীষ্মকালত সাধাৰণতে ২৭° ৰ পৰা ৩২° চেন্টিগ্রেড পর্যন্ত উত্তাপৰ তাৰতম্য ঘটে। 

(গ) ছাভানা জলবায়ু: ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্রধানকৈ ছুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্রাজিলৰ দক্ষিণাংশ, আর্জেন্টিনা, ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে— ২৭°-২৮° চেন্টিগ্রেড আৰু শীতকালৰ উত্তাপ হৈছে ১০°ৰ পৰা ১৫° চেন্টিগ্রেড। বার্ষিক গড় হিচাপত ২৫ৰ পৰা ৪০ছে.মি. বৰষুণ হয় আৰু বৰষুণ সাধাৰণতে গ্ৰীষ্মকালৰ শেষভাগত হোৱা দেখা যায়।

বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত ছাভানা জলবায়ু অঞ্চলত গছ-গছনিৰ পৰিৱৰ্তে ওখ ঘাঁহ আৰু জোপোহা উদ্ভিদ বেছিকৈ গজে।

(ঘ) উষ্ণ মৰু জলবায়ু: উষ্ণ মৰু জলবায়ু সচৰাচৰ উষ্ণ মরুভূমি অঞ্চলত বিবাজ কৰে। এই অঞ্চলত গ্ৰীষ্মকালৰ গড় উত্তাপ ৩০° চেন্টিগ্রেডৰ অধিক হয় আৰু শীতকালত গড় উত্তাপ কেবল ১০° চেন্টিগ্রেড। এই জলবায়ুৰ এটা মূল বৈশিষ্ট্য হৈছে উষ্ণ ধূলি বতাহ আৰু বার্ষিক বৃষ্টিপাত গড়ে ১০ ছেন্টিমিটাৰতকৈ কম হয়। ক্রান্তীয় অঞ্চলৰ মৰুভূমিবিলাকত এই জলবায়ু পোৱা যায়। এই জলবায়ু অঞ্চলবোৰত অধিক গৰম আৰু কম বৰষুণ হোৱা বাবে উদ্ভিদৰ বৃদ্ধি কম হয়।

(ঙ) নাতিশীতোষ্ণ মৰু জলবায়ু: নাতিশীতোষ্ণ মৰু জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণে ৩০°ৰ পৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায়। এই জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত বাৰ্ষিক গড় বৰষুণ ১০ ছে. মিটাৰৰো কম। গ্রীষ্মকালত গড় উত্তাপ ৩০° ৰ পৰা ৪২° চেন্টিগ্রেড আৰু শীতকালৰ উত্তাপ নিম্নগামী হৈ ০° চেন্টিগ্রেডৰো কম হোৱা দেখা যায়। সেয়েহে শীতকালত বৰফ সঘনে পৰে। নাতিশীতোষ্ণ মৰু জলবায়ু বিৰাজ কৰা অঞ্চলবোৰ হৈছে গোবি মৰুভূমি, তাৰিম, টাৰফান,

টুর্কমেন আৰু ইৰাণৰ কিছু অংশ, উত্তৰ আমেৰিকাৰ ইদাহু, উটাহ আৰু নেভাদা আৰু দক্ষিণ আমেৰিকাৰ পাটাগনিয়া মৰু অঞ্চল।

(চ) ভূমধ্যসাগৰীয় জলবায়ু: বিষুবৰ উত্তৰ আৰু দক্ষিণৰ ৩০°-ৰপৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূলস্থ অঞ্চলবোৰত পৰিলক্ষিত হয়। এই জলবায়ুত উত্তাপ কম হয়। গ্রীষ্মকালত এই উত্তাপ হৈছে ২১°-ৰপৰা ২৭° চেন্টিগ্রেড আৰু শীতকালত গড় উত্তাপ হৈছে ১০০-ৰপৰা ১৩° চেন্টিগ্রেড। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পর্ণপাতী উদ্ভিদ পোৱা যায় আৰু ফলমূলৰ উৎপাদনৰ বাবে এই জলবায়ু অধিক উপযোগী হয়।

(ছ) নাতিশীতোষ্ণ আর্দ্র জলবায়ু: এই জলবায়ু মহাদেশসমূহৰ পূব উপকূলৰ ২৫° আৰু ৪০° অক্ষাংশৰ মাজৰ অঞ্চলবোৰত অনুভূত হয়। এই জলবায়ুক চীনদেশীয় জলবায়ু বুলিও জনা যায়। এনে জলবায়ুৰ অধীনৰ অঞ্চলবোৰত বাৰ্ষিক গড় বৰষুণ ৬০ ৰ পৰা ১০০ ছে.মিটাৰ হয়। গ্রীষ্মকালত গড় উত্তাপৰ পৰিসৰ হৈছে ২১°ৰ পৰা ২৭° চেন্টিগ্রেড আৰু শীতকালত উত্তাপৰ পৰিসৰ হৈছে ১০°ৰ পৰা ১৩° চেন্টিগ্রেড। শীতকালত কেতিয়াবা বৰফ পৰে। বৰষুণ বিশেষকৈ গ্রীষ্মকালত হয়। উদ্ভিদৰ ভিতৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদেই প্রধান।

(জ) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু: বিষুৱৰ উত্তৰ আৰু দক্ষিণে ১৫° ৰ পৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশবোৰৰ মধ্য ভাগত এই জলবায়ু পোৱা যায়। অতি কম পৰিমাণৰ বৰষুণ আৰু গ্ৰীষ্মকালৰ অধিক উত্তাপৰ বাবে এই অঞ্চলবোৰত বিস্তৃতভাৱে ঘাঁহ গজে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেইৰী, ৰাছিয়াৰ ষ্টেপছ, অষ্ট্ৰেলিয়াৰ ডাউনচ্ আৰু দক্ষিণ আফ্রিকাৰ ভেলড্ আৰু আর্জেন্টিনাৰ পম্পাছ পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চলৰ উল্লেখযোগ্য তৃণভূমি। এই অঞ্চলৰ জলবায়ুত গ্রীষ্মকালত গড় উত্তাপ ১৫° ৰ পৰা ২০° চেন্টিগ্রেড আৰু শীতকালত উত্তাপ ০° চেন্টিগ্রেডতকৈয়ো নিম্নগামী হয়। বৰষুণ সাধাৰণতে গ্ৰীষ্মকালত হয় আৰু গড় বার্ষিক বৰষুণৰ পৰিমাণ ২৫ ৰ পৰা ৫০ ছে. মিটাৰ পর্যন্ত হয়। বিস্তৃত ঘাঁহনি বা তৃণভূমি অঞ্চলত বিৰাজ কৰে বাবে এই জলবায়ুক নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু বুলি কোৱা হয়।

(ঝ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু: পৃথিৱীৰ মহাদেশবোৰৰ পশ্চিমাংশত প্রায় ৪০° উত্তৰ বা দক্ষিণ আৰু ৬০° উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰত অনুভূত হয়। এই জলবায়ুত গ্রীষ্মকালৰ গড় উত্তাপ হৈছে ১৫°-ৰপৰা ১৮° চেণ্টিগ্রেড আৰু শীতকালৰ উত্তাপ হৈছে ৫°-ৰপৰা ১০° চেণ্টিগ্রেড। এই জলবায়ু সাগৰীয় প্ৰভাৱৰ বাবে তুলনামূলকভাৱে মৃদুভাবাপন্ন হয়, আৰু কোনো কোনো ঠাইত বছবি গড়ে ৫০০ ছেণ্টিমিটাৰতকৈও বেছি বৰষুণ হয়।

(ঞ) পূব উপকূলীয় আর্দ্র জলবায়ু: মহাদেশবোৰৰ পূব উপকুলত ৫০°-ৰপৰা ৬০° অক্ষাংশৰ ভিতৰত বিৰাজ কৰা পৰিলক্ষিত হয়। এই জলবায়ু অঞ্চলত গ্রীষ্মকালত ১৫-ৰপৰা ২০° চেণ্টিগ্রেড আৰু শীতকালত ৬°–৭° চেন্টিগ্রেড উত্তাপ অনুভূত হয়। এই জলবায়ু অঞ্চলত বার্ষিক গড় বৰষুণৰ পৰিমাণ হৈছে প্রায় ১০০ ছেণ্টিমিটাৰ।

(ট) উপমেৰুদেশীয় বা টাইগা জলবায়ু: পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজত উপমেক অঞ্চলসমূহত বিৰাজ কৰে। এই জলবায়ুৰ অন্তর্গত অঞ্চলসমূহত গ্রীষ্মকালত উত্তাপ ১০°-ৰপৰা ৩০° চেণ্টিগ্রেড পর্যন্ত হয় আৰু শীতকালত এই উত্তাপ ২.৫° চেণ্টিগ্রেডতকৈও কম হয়। এই অঞ্চলত বছৰি গড় হিচাপত ২৫-ৰপৰা ৩০ ছেঃমিঃৰ ভিতৰত বৰষুণ হয়। এই জলবায়ুত সৰলবর্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে বাবে চাইবেৰিয়াত এই উদ্ভিদক টাইগা নামে জনা যায়।

(ঠ) তুন্দ্ৰা জলবায়ু: বিৰাজ কৰে সুমেৰু আৰু কুমেক বৃত্তৰ অন্তৰ্গত অঞ্চলসমূহত। এই জলবায়ু অঞ্চলত ছমাহ অতি ক্ষীণ সূৰ্যৰ কিৰণ পৰে আৰু বাকী ছমাহ ৰাতি হয়। এই অঞ্চলত গ্রীষ্মকালত গড় উত্তাপ মাত্র ১০° চেণ্টিগ্রেড পর্যন্ত হয় আৰু শীতকালত এই উত্তাপ শূন্য ডিগ্রী চেণ্টিগ্রেডতকৈও কম হয়। এই জলবায়ু অঞ্চলৰ ভূপৃষ্ঠভাগ বছৰৰ প্ৰায় ৯ মাহ কাল বৰফেৰে আবৰি থাকে আৰু সেয়ে ইয়াত জনবসতি অতি পাতল হয়।

(ঠ) পার্বত্য জলবায়ু: পার্বত্য জলবায়ু পৃথিৱীৰ বিভিন্ন অঞ্চলৰ উচ্চ পর্বত-পাহাৰবিলাকত অনুভূত হয়। পার্বত্য জলবায়ু উচ্চতাভিত্তিক আৰু উচ্চতাভেদে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্বত-পাহাৰত জলবায়ুৰ পৰিৱর্তন ঘটে। পার্বত্য জলবায়ুক অক্ষাংশৰ ভিত্তিত শ্রেণীভূক্ত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে হিমালয়, আল্পচ, ৰকি, এণ্ডিচ আদি পার্বত্য অঞ্চলসমূহত এক সুকীয়া জলবায়ু অনুভূত হয়। পার্বত্য জলবায়ু অঞ্চলত উচ্চতাভেদে উত্তাপ আৰু বৰষুণৰ পৰিমাণৰ তাৰতম্য ঘটা পৰিলক্ষিত হয়।

১২। চমুটোকা লিখা:

(ক) আপেক্ষিক আর্দ্রতা

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে— চৰম আর্দ্রতা আৰু আপেক্ষিক আর্দ্রতা। কোনো নির্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আর্দ্রতা বোলে। প্রতি ঘন মিটাৰ আয়নতৰ বায়ুত যিমান ওজনৰ জলীয়বাষ্প থাকে, সেই ওজনক গ্রাম হিচাপত জোখ লৈ চৰম আর্দ্রতা প্রকাশ কৰা হয়। গতিকে চৰম আৰ্দ্ৰতাৰ জোখ গ্রাম হিচাবে প্রকাশ কৰা হয়। আনহাতে, আপেক্ষিক আর্দ্রতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয়। কোনো নির্দিষ্ট উষ্ণতাত নির্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ’বলৈ প্রয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আর্দ্রতা বোলে।

(খ) বায়ুমণ্ডলীয় চাপ

উত্তৰঃ বায়ুমণ্ডলৰ চাপ মানে হৈছে প্রতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়োগ কৰা বল। দৰাচলতে, সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়। সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্রতি বর্গ ছেন্টিমিটাৰত প্রায় এক কিলোগ্রাম। বেৰোমিটাৰৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়। যেনে— 

(i) বায়ুৰ উষ্ণতা।

(ii) পৃথিৱী পৃষ্ঠৰ উচ্চতা।

(গ) চাপ-বলয়

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ-বলয় চিনাক্ত কৰা হৈছে। যেনে—

(i) নিৰক্ষীয় নিম্ন চাপ বলয়।

(ii) উপ-ক্ৰান্তীয় উচ্চ চাপ বলয়।

(iii) উপ মেৰুদেশীয় নিম্ন চাপ বলয়।

(iv) মেৰুদেশীয় উচ্চ চাপ বলয়।

এই উচ্চ আৰু নিম্ন চাপ বলয়কেইটাৰ মাজত ভূপৃষ্ঠত অবিৰতভাৱে বতাহ বলিব লাগিছে। 

(ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত

উত্তৰঃ ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত হয়। যেনে— পৰিচলন বৃষ্টি, শৈল‍্যোৎক্ষেপ বৃষ্টি, ঘূর্ণী বৃষ্টি, অক্ষীয় বৃষ্টি আৰু অৰণ্য বৃষ্টি।

(ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্রভাৱ

উত্তৰঃ জলবায়ু নির্ধাৰণৰ অন্যতম প্রধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্রাস-বৃদ্ধি হয়। সূর্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্রতা বাঢ়ে। ইয়াৰ বিপৰীতে বেঁকা বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্রতা কম হয় অর্থাৎ উত্তাপ কমে। বিষুৱ ৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ কিৰণ ক্রমে বেঁকা হৈ পৰে। তাৰোপৰি বেঁকা হৈ পৰা সূৰ্যৰ কিৰণে বায়ুৰ মাজেদি অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় বাবেই ইয়াৰ উত্তাপ কম হয়। সেয়েহে বিষুৱ ৰেখাৰ (০°) পৰা উত্তৰ মেৰু (৯০° উঃ) আৰু দক্ষিণ মেৰুৰ (৯০°দঃ) ফালে ক্রমে অক্ষাংশ বাঢ়ি যোৱাৰ বাবে উত্তাপৰ মাত্রা কমি যায়। 

(চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ

উত্তৰঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্রত্যক্ষ প্রভাৱ পেলায়। উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্রক্রিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। পৃথিৱীৰ বিভিন্ন ঠাইত দেখা গৈছে যে, গছ-গছনি ধ্বংস হোৱাৰ বাবে সেইবোৰ ঠাইত বৃষ্টিপাত কমি গৈছে আৰু ফলস্বৰূপে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে।

(ছ) মৌচুমী জলবায়ু

উত্তৰঃ মৌচুমী জলবায়ু ১০° উঃ আৰু ৪০° উঃ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলার্ধৰ অঞ্চল বিশেষে বিৰাজ কৰে। উত্তৰ গোলাৰ্ধৰ বিশেষকৈ ভাৰতবৰ্ষ, বাংলাদেশ,

দক্ষিণ-পূব এছিয়া, দক্ষিণ-চীন, দক্ষিণ জাপান, উত্তৰ-পূব আফ্রিকা, মেক্সিকো আৰু ফ্ল’ৰিভাত এই জলবায়ু অনুভূত হয়। দক্ষিণ গোলার্ধত অষ্ট্ৰেলিয়া আৰু মালাগাচিৰ উত্তৰ অংশত এই জলবায়ু পোৱা যায়। মৌচুমী জলবায়ুৰ প্রভাৱত গ্রীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হোৱা পৰিলক্ষিত হয়। গ্রীষ্মকালত সাধাৰণতে ২৭° ৰ পৰা ৩২° চেন্টিগ্রেড পর্যন্ত উত্তাপৰ তাৰতম্য ঘটে। এই জলবায়ু বিৰাজ কৰা যিবোৰ অঞ্চলত বছৰি গড়ে ২০০ ছে.মি.ৰ অধিক বৰষুণ হয়, সেইবিলাক অঞ্চলত চিৰসেউজীয়া উদ্ভিদ গজে আৰু যিবোৰ ঠাইত ১০০ ৰ পৰা ২০০ ছে.মি. বৰষুণ হয় সেইবোৰ ঠাইত পর্ণপাতী উদ্ভিদ পোৱা যায়। আনহাতে, কম বৰষুণ হোৱা ঠাইবোৰত ঘাঁহ আৰু জোপোহা উদ্ভিদ গজে।

(জ) টাইগা জলবায়ু

উত্তৰঃ টাইগা জলবায়ু পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজৰ উপ মেৰু অঞ্চলবোৰত এই জলবায়ু বিৰাজ কৰে। গ্রীষ্মকালত এই জলবায়ুৰ অন্তৰ্গত অঞ্চলসমূহত উত্তাপ ১০°ৰ পৰা ৩০° চেন্টিগ্রেডৰ ভিতৰ আৰু শীতকালত উত্তাপ সাধাৰণতে ২.৫° চেন্টিগ্রেডৰো কম হয়। কিছুমান ঠাইত উত্তাপ প্রায়ে ০° চেন্টিগ্রেডৰ তলত থাকে। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই ‘ভাৰখয়নক্স’ এই জলবায়ুৰ অন্তৰ্গত। কিছুমান অঞ্চলত গ্রীষ্মকালত সামান্য বৰষুণ হয় যদিও শীতকালত অৱশ্যে প্ৰচুৰ তুষাৰপাত হয়। বছৰি গড় হিচাপত ২৫ৰ পৰা ৩০ছে. মিটাৰৰ ভিতৰত বৰষুণ হয়। এই জলবায়ুত সৰলবর্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে। এই সৰলবর্গীয় উদ্ভিদক চাইবেৰিয়াত ‘টাইগা’ বুলি জনা যায়। সেয়েহে উপমেৰু দেশীয় জলবায়ুক টাইগা জলবায়ু বুলিও কোৱা হয়।

(ঝ) ভূমধ্যসাগৰীয় জলবায়ু

উত্তৰঃ ভূমধ্যসাগৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণব ৩০°ৰ পৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলসমূহত দেখা যায়। উত্তৰ গোলার্ধত এই জলবায়ু ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াত অনুভূত হয় আৰু দক্ষিণ গোলার্ধত চিলেন উপকূলত, আফ্ৰিকাৰ দক্ষিণ উপকূলত আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূলত। ভূমধ্যসাগৰীয় জলবায়ুত উত্তাপ কম। গ্রীষ্মকালত গড় উত্তাপ ২১°ৰ পৰা ২৭° চেন্টিগ্রেড আৰু শীতকালত গড় উত্তাপ হৈছে ১০° ৰ পৰা ১৩° চেন্টিগ্রেড। প্রধানতঃ ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলত এই জলবায়ু বিৰাজ কৰে বাবে এই জলবায়ুক ভূমধ্যসাগৰীয় জলবায়ু বোলা হয়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পর্ণপাতী উদ্ভিদ দেখা যায়। আনহাতে, ফল-মূলৰ খেতিৰ বাবে এই জলবায়ু উপযোগী আৰু সেয়েহে ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলবোৰত যথেষ্ট পৰিমাণে ফল-মূলৰ উৎপাদন হয়।

(ঞ) ছাভানা জলবায়ু

উত্তৰঃ ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্রধানকৈ ছুডান, মধ্য ভাৰত, আফ্রিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্রাজিলৰ দক্ষিণাংশ, আর্জেন্টিনা, ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে— ২৭°-২৮° চেন্টিগ্রেড আৰু শীতকালৰ উত্তাপ হৈছে ১০° ৰ পৰা ১৫° চেন্টিগ্রেড। বার্ষিক গড় হিচাপত

২৫ ৰ পৰা ৪০ ছে.মি. বৰষুণ হয় আৰু বৰষুণ সাধাৰণতে গ্ৰীষ্মকালৰ শেষভাগত হোৱা দেখা যায়।

বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত ছাভানা জলবায়ু অঞ্চলত গছ-গছনিৰ পৰিৱৰ্তে ওখ ঘাঁহ আৰু জোপোহা উদ্ভিদ বেছিকৈ গজে। এনেকুৱা বিস্তৃত ঘাঁহনি অঞ্চলবোৰক আফ্রিকাত ছাভানা আৰু ব্রাজিলত কেম্প’চ বুলি জনা যায়। ঘাঁহনি অঞ্চলবোৰত পশুপালন এক প্রধান জীৱিকা হিচাবে গঢ় লৈ উঠিছে। তুলনামূলকভাৱে বেছি বৰষুণ হোৱা অঞ্চলবোৰত অৱশ্যে কৃষিকার্যও কৰা হয়।

(ট) তুন্দ্রা জলবায়ু

উত্তৰঃ তুন্দ্ৰা জলবায়ু বিৰাজ কৰে সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলসমূহত। এই জলবায়ু অঞ্চলত ছমাহ অতি ক্ষীণ সূৰ্যৰ কিৰণ পৰে আৰু বাকী ছমাহ ৰাতি হয়। এই অঞ্চলত গ্রীষ্মকালত গড় উত্তাপ মাত্র ১০° চেন্টিগ্রেড পর্যন্ত হয় আৰু শীতকালত এই উত্তাপ শূন্য ডিগ্রী চেন্টিগ্রেডতকৈও কম হয়। এই জলবায়ু অঞ্চলৰ ভূপৃষ্ঠভাগ বছৰৰ প্ৰায় ৯ মাহ কাল বৰফেৰে আবৰি থাকে আৰু সেয়ে ইয়াত জনবসতি অতি পাতল হয়।

(ঠ) পার্বত্য জলবায়ু

উত্তৰঃ পার্বত্য জলবায়ু: পার্বত্য জলবায়ু পৃথিৱীৰ বিভিন্ন অঞ্চলৰ উচ্চ পর্বত-পাহাৰবিলাকত অনুভূত হয়। পার্বত্য জলবায়ু উচ্চতাভিত্তিক আৰু উচ্চতাভেদে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্বত-পাহাৰত জলবায়ুৰ পৰিৱৰ্তন ঘটে। পার্বত্য-জলবায়ুক অক্ষাংশৰ ভিত্তিত শ্রেণীভূক্ত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে হিমালয়, আল্পচ, ৰকি, এণ্ডিচ আদি পার্বত্য অঞ্চলসমূহত এক সুকীয়া জলবায়ু অনুভূত হয়। পার্বত্য জলবায়ু অঞ্চলত উচ্চতাভেদে উত্তাপ আৰু বৰষুণৰ পৰিমাণৰ তাৰতম্য ঘটা পৰিলক্ষিত হয়।

১৩। চমুকৈ উত্তৰ দিয়া:

(ক) বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে?

উত্তৰঃ বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিল’মিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে।

(খ) ত্রুটি-হাৰ কি?

উত্তৰঃ উচ্চতা অনুসৰি বায়ুমণ্ডলৰ মাজেৰে বায়ুৰ উত্তাপ হ্রাস হোৱা হাৰকেই ত্রুটি-হাৰ বুলি জনা যায়।

(গ) সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান?

উত্তৰঃ সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্ৰতি বৰ্গ ছেণ্টিমিটাৰত প্ৰায় এক কিলোগ্ৰাম।

(ঘ) বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা?

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায়।

(ঙ) সংপৃক্ত বায়ু কাক বোলে?

উত্তৰঃ কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয়বাষ্প ধাৰণ কৰিব পাৰে, ঠিক সিমানখিনি জলীয়বাষ্পই যদি বায়ুখিনিত থাকে, তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে।

(চ) বিষুবীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান?

উত্তৰঃ বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি বিষুৱৰেখাৰ পৰা ১০° উত্তৰ আৰু দক্ষিণ অক্ষৰেখা।

(ছ) কেম্প’চ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত?

উত্তৰঃ কেম্প’চ ঘাঁহনি অঞ্চল ছাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত।

(জ) নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা।

উত্তৰঃ নাতিশীতোষ্ণ মেৰু জলবায়ু অঞ্চলৰ বিস্তৃতি বিষুৱৰ উত্তৰ আৰু দক্ষিণে ৩০°- ৰপৰা ৪০° অক্ষাংশৰ মাজভাগ।

(ঝ) চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয়।

উত্তৰঃ চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয়।

(ঞ) অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ অনিয়মিত বতাহৰ এটা উদাহৰণ হ’ল- ধুমুহা বতাহ।

(ট) উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি?

উত্তৰঃ উষ্ণ বায়ুৰাশিৰ জলীয়বাষ্প ধাৰণ ক্ষমতা বেছি হয় কাৰণ উষ্ণ বায়ুৰাশি পাতল আৰু আৰ্দ্ৰ হয়। আৰ্দ্ৰ আৰু পাতল বায়ুৱে অধিক পৰিমাণে জলীয়বাষ্প ধাৰণ কৰিব পাৰে।

(ঠ) বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি?

উত্তৰঃ বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ বেছি হয় কাৰণ নিম্নভাগত বায়ুভাগৰ জলীয়বাষ্প ধাৰণৰ ক্ষমতা কম থাকে আৰু এনে বায়ু শুকান হয়। শুকান বায়ুৰ চাপ অধিক হয়। বায়ুমণ্ডলৰ গভীৰতা বৃদ্ধি পালে বায়ুৰ ভৰ বৃদ্ধি পায় আৰু ভৰ বৃদ্ধি হ’লে বায়ুৰ চাপ বেছি হয়।

১৪। তোমাৰ বিদ্যালয়ত থকা বেৰ’মিটাৰটোৰ এটা চিত্র আঁকি ইয়াৰ বিভিন্ন অংশবোৰৰ নাম লিখি চিহ্নিত কৰা। লগতে শিক্ষকৰ সহায়ত এসপ্তাহৰ বেৰ’মিটাৰৰ চাপৰ তথ্য লৈ এটা লেখচিত্র অংকন কৰিবা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

১৫। ৰেডিঅ’ত বা টেলিভিচনত দিয়া বতৰৰ আগজাননীৰ তথ্য লিখি ৰাখা আৰু পিছদিনা সেই তথ্যৰ কিমান পৰিৱৰ্তন হ’ল নিৰ্ণয় কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

2 thoughts on “Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top