Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য | অসমীয়া Class 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য | অসমীয়া Class 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য can be of great value to excel in the examination.

Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese পাঠ-9 ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য – সমাধান for All Subject, You can practice these here.

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। ভাৰতৰ বৈচিত্র্যলৈ আঞ্চ লিক, ভাষিক ধর্মীয় আৰু সাংস্কৃতিক পার্থক্যই কেনে অবদান যোগাইছে দুশ শব্দৰ ভিতৰত লিখা।

উত্তৰঃ ভাৰতত কেইবাখনো ৰাজ্য আছে! এই ৰাজ্যবোৰত বাস কৰা প্ৰতিজন লোকৰে আঞ্চ লিক ভাষা সংস্কৃতিৰ পাৰ্থক্য আছে। উদাহৰণ স্বৰূপে এজন অসমীয়া আৰু এজন বিহাৰীৰ মাজত অথবা এজন, মহাৰাষ্ট্ৰীয় আৰু এজন কেৰেলাৰ মানুহৰ মাজত যথেষ্ট পার্থক্য আছে। অসমীয়া জনৰ আহাৰ-নীতিৰ লগত বিহাৰীজন আৰু মহাৰাষ্ট্ৰীয় জনৰ লগত কেৰেলাৰ মানুহৰ আচাৰ-নীতি নিমিলে। প্রত্যেকৰে একোটা আঞ্চ লিক নিজস্বতা আছে। তথাপি তেওঁলোকে নিজকে ভাৰতীয় বুলিহে পৰিচয় দিয়ে। ইয়াৰ কাৰণ তেওঁলোকৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ আছে।

ভাষাৰ ক্ষেত্ৰতো ভাৰতীয় মানুহৰ পাৰ্থক্য আছে। অসমীয়াই অসমীয়া, বঙালীয়ে বঙালী আদি ভাষাত হে কথা কয় । ভাৰতত বৰ্তমানে স্বীকৃত পোন্ধৰটা ভাষা আৰু এশৰো অধিক উপভাষা আছে। নিজৰ নিজৰ ঠাইত সকলোৱে নিজ নিজ ভাষাকেই কয় বা শিকে। তেলেগু ভাষাত কোৱা কথা অসমীয়াই নুবুজে৷ সেইদৰে বঙালী ভাষাৰ কথাও তামিল সকলে নুবুজে। তথাপি আমি ভাৰতীয়। কাৰণ প্ৰাচীন সংস্কৃত সাহিত্য বা সংস্কৃত ভাষাই আমাক একেলগ কৰি ৰাখিছে৷ দুখৰ কথা এই ভাষাটোক চৰকাৰে আওহেলা কৰিছে।

ধৰ্ম ক্ষেত্ৰতো আমাৰ অমিল আছে। ভাৰতত হিন্দু, ইছলাম, বৌদ্ধ, শিখ, খ্ৰীষ্টান আদি নানা ধৰ্মৰ লোকে বাস কৰে। প্ৰতিটো ধৰ্মৰ নীতি-নিয়মৰ পাৰ্থক্য আছে। তথাপি আমি সকলোৱে নিজকে ভাৰতীয় বুলিয়েই পৰিচয় দিও। কাৰণ আমি প্রাচীন কালত মহাপুৰুষ সকলৰ ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈ ধৰ্মৰ সংকীৰ্ণতা বাদক পাহৰি পেলাওঁ।

আঞ্চলিক, ভাষিক, ধৰ্মীয় আৰু সাংস্কৃতিক সংমিশ্ৰণত ভাৰতীয় সংস্কৃতি গঢ়ি উঠিছে। নানা বিধ সাহিত, সংগীত, চিত্রকলা, স্থাপত্য, ভাস্কর্য সকলোতে ভাৰতীয় সংমিশ্রিত সাংস্কৃতিক প্রকাশ কৰা হৈছে। ইয়াৰ ফলত প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ দোলেৰে বান্ধি ৰাখিছে। যুগে যুগে স্বকীয় সংস্কৃতি লগত লৈ অহা সকলো লোকেই নিজক পাহৰি আঞ্চ লিকতাক পাহৰি ভাৰতীয় হৈ পৰিছে।

প্রশ্ন ২। ভাৰতৰ অধিবাসীসকলক কোন্ কোন্ ভাগত ভগাব পাৰি?

উত্তৰঃ ভৌগোলিক অৱস্থানৰ জৰিয়তে ভাৰতীয় লোকক কেবাটাও ভাগত ভগাব পাৰি। তাৰ ভিতৰত প্ৰথমে উত্তৰ ভাৰতৰ বাসীন্দা সকলক উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতৰ বাসীন্দাক দক্ষিণ ভাৰতীয় বোলা হয়। আনহাতে পার্বত্য অঞ্চলত বাস কৰা সকলক পৰ্বতীয়া জাতি বোলা হয়। এই বাসীন্দা সকলৰ আকৃতি, প্রকৃতি সকলোতে একোটা পার্থক্য আছে। সেইদৰে পোছাক পাতি, আচাৰ নীতি, আৰু খোৱা বোৱা আদিতো পার্থক্য আছে। সাহিত্য সংস্কৃতিতে ইয়াৰ পাৰ্থক্য ধৰা পৰে।

ধর্মীয় দৃষ্টিৰে ভাৰতৰ অধিবাসী সকলক হিন্দু, মুছলমান, খ্রীষ্টান, বৌদ্ধ, শিখ, জৈন আদি ভাগত ভগাব পাৰি। ধৰ্মৰ ক্ষেত্ৰত প্ৰতিটো ধৰ্মৰেই নিয়ম নীতি পালনত পার্থক্য আছে। ধর্মীয় অনুষ্ঠান বোৰতো পার্থক্য আছে। পোছাক পাতি বা খাদ্য খানাতো ধর্মীয় প্রভাৱ আছে।

আদিম অধিবাসী সকলক বিচাৰ কৰিলে আমি ভাৰতীয় লোকক তিনিটা ভাগত ভগাব পাৰোঁ। সেয়া হৈছে আৰ্য, দ্ৰাবিড় আৰু অনাৰ্য। উত্তৰ ভাৰত আৰু সমগ্ৰ ভাৰততে বাস কৰা ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্র আদি আৰ্যসকলৰ বংশধৰ। আনহাতে দক্ষিণ ভাৰতত বাস কৰা তামিল, তেলেগু, কন্নাড় আদি লোকসকল প্রাচীন দ্রাবিড় জাতিৰ বংশধৰ। মধ্য ভাৰত, বিহাৰ আৰু উড়িষ্যাত বাস কৰা কোল, মুণ্ডা, চাওঁতাল আদি লোকসকল প্রাচীন অনার্য জাতিৰ বংশধৰ। এই সকলোবোৰ জাতি প্রাচীন ৰীতি নীতিৰ প্রভাবৰ পৰা একেবাৰে মুক্ত নহয়৷ ভাৰতীয় লোকৰ এনে বৈচিত্র্যতাৰ বাবে ভিনকৈ ভিনকৈ ভাগ নকৰি কেৱল উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় বুলি দুটা ভাগে ভাগোৱাই ভাল।

প্রশ্ন ৩। অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ বংশধৰ সকল কোন কোন?

উত্তৰঃ দ্রাবিড় সকলক অষ্ট্ৰিক গোষ্ঠীৰ বংশধৰ বুলি কোৱা হয়। ভাৰতত বাস কৰা পৰ্বতীয়া জাতি উপজাতি আৰু কোল, চাওঁতাল ভীল আদিকো অষ্ট্রিক গোষ্ঠীৰেই বংশধৰ বোলে।

উত্তৰ ভাৰতৰ পৰ্বতীয়া মানুহবোৰ মংগোলীয় গোষ্ঠীৰ লোক। এওঁলোকৰ গাৰ বৰণ পীত, দাড়ি, গোঁফ কম, চকু চুটি, নাক বহল নহয়।

প্রশ্ন ৪। আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।

উত্তৰঃ আৰ্যসকল অহাৰ পাছত ভাৰতলৈ শক বিলাক আহে। শক-বিলাক এটা যাযাবৰী বা অঘৰী জাতি। আগতে তেওঁলোকৰ কোনো নিজস্ব দেশ বা ঠাই নাছিল। ভাৰতত প্ৰবেশ কৰি তেওঁলোকে আৰ্যসকলক অনুকৰণ কৰে। পোনতে অক্ষু নদীৰ পাৰত বসবাস কৰে। পাছত ইউচি জাতিৰ আক্ৰমণ প্রতিহত কৰিব নোৱাৰি ভাৰতত প্ৰবেশ কৰে।

তাৰ পাছত ইউচি জাতিৰ লোকসকলৰ এটা শাখা কুষাণ জাতি নাম লৈ ভাৰতত প্ৰবেশ কৰে। আদিতে এওঁলোকেও যাযাবৰী জীৱন যাপন কৰিছিল। তাৰ পাছত সেই অভ্যাস এৰি ঘৰ গৃহস্থী কৰি বসবাস কৰে। এই জাতিটো পাঁচটা শাখাত বিভক্ত হৈছিল। তাৰ ভিতৰত কুষাণ বংশটোৱেই আছিল শ্রেষ্ঠ। এওঁলোকে ভাৰতত আহি বহুকাল ৰাজত্ব কৰিছিল। কণিষ্ক আছিল এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁৰ এটি প্রতিমূর্তিও পোৱা গৈছে।

প্রশ্ন ৫। ভাৰতীয় ঐক্য সাধনত সংস্কৃত ভাষা আৰু সুকুমাৰ কলাই কিদৰে সমল যোগাইছে?

উত্তৰঃ ভাৰতত বিভিন্ন জাতিয়ে বাস কৰি আছে আৰু প্ৰতিটো জাতিৰে একোটা নিজস্ব ভাষা আছে। কিন্তু প্রাচীন কালত ভাৰতীয়ৰ উমৈহতীয়া ভাষা বা শিক্ষাৰ মাধ্যম ৰূপে সং ভাষাই হে প্রচলিত আছিল। গতিকে সেই সময়ত অৰ্থাৎ বৈদিক যুগত ৰচিত বেদ উপনিষদ, গীতা ভাগৱত, ৰামায়ণ, মহাভাৰত, আদি গ্ৰন্থবোৰো সংস্কৃত ভাষাতেই ৰচিত হোৱা। এই গ্ৰন্থবোৰে প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰ৷ আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়ি তোলাত সহায় কৰিছিল। উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজতো সংস্কৃত ভাষাৰে ৰচিত গ্ৰন্থসমূহে ঐক্য আৰু সম্প্ৰীতি ৰক্ষা কৰাত সহায় কৰিছে। ভাৰতত বাস কৰা প্ৰায় সকলো জাতিৰে ভাষাৰ মূল সংস্কৃত ভাষা হোৱা বাবে ভাৰতীয় জাতিৰ ঐক্য বেছি কটকটিয়া হৈছে। কিন্তু আচৰিত কথা সেই সংস্কৃত ভাষাক চৰকাৰে অলাগতীয়াল বুলি কৈছে।

ভাৰতীয় সংগীত, চিত্রকলা, ভাস্কর্য স্থাপত্যত ভাৰতৰ প্ৰতিচ্ছবি প্রস্ফুটিত হৈছে। প্ৰাচীন কালৰে পৰা এই সুকুমাৰ কলাৰ মাধ্যমেদি ভাৰতীয় জাতিটোৰ চিত্ৰ অংকিত কৰা সকলো লোকে আঞ্চলিক মনোভাৱক ত্যাগ কৰিব পাৰিছে। তাৰ ফলতেই আজি বৃহৎ ভাৰতীয় জাতি গঢ়ি উঠিছে।

প্রশ্ন ৬। ভাৰতীয় ঐক্য সাধনত সাংস্কৃতিক সাদৃশ্যৰ বৰঙনি কি?

উত্তৰঃ ভাৰতীয় সমাজত নানা জাতি উপজাতি আছে। এই সকলো জাতি উপজাতিৰে একোটা নিজস্ব ভাষা, ধর্ম, সংস্কৃতি আছে। আচাৰ নীতিতো বহুতো পার্থক্য আছে। কিন্তু কোনেও একেবাৰে নিজস্বতাক ধৰি ৰাখিব পৰা নাই। প্রাচীন কালৰে পৰা পুৰুষানুক্রমে চলি থকা ভাৰতীয় সাংস্কৃতিক প্রবাহত সকলো লোক ভাৰতীয় হৈ পৰিছে। বর্তমানতো ভাষাগত, ধর্মগত বা অঞ্চ লগত পার্থক্য আছে। তথাপি ভাৰতীয়ৰ মাজত সামূহিক ভাবে সাংস্কৃতিক মিল আছে। সেই কাৰণে সি ভাৰতীয় খ্ৰীষ্টানেই হওক বা মুছলমানেই হওক অথবা হিন্দুৱেই হওক বিদেশলৈ গ’লে তেওঁৰ প্ৰথম পৰিচয় হ’ব ভাৰতীয়। তাৰ পিছত হে আঞ্চ লিকতাৰ পৰিচয় হয়। গতিকে এই সাংস্কৃতিক মিলটোৱে ভাৰতীয়ৰ ঐক্য সাধনত বৰঙনি যোগাই আহিছে।

প্রশ্ন ৭। প্ৰতিটো ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।

উত্তৰঃ (ক) সুকুমাৰ কলা — কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কর্য এই পাঁচটোক একেলগে সুকুমাৰ কলা বোলে। কবিতাৰে মনৰ আবেগ প্রকাশ কৰা হয়। বাদ্যযন্ত্ৰৰ সমন্বয়ত বাজি উঠা সুৰেই সংগীত। সংগীতে মানুহক আনন্দ দান কৰে। চিত্ৰবিদ্যাৰ যোগেদি চিত্ৰকৰে নানা কথাক জীয়াই ৰাখিব পাৰে। মঠ মন্দিৰ স্থাপত্যৰ ফল। শিলত বা মঠ মন্দিৰৰ গাত খোদিত চিত্ৰই হৈছে ভাস্কর্য। সুকুমাৰ কলাই সকলো সময়তো মানুহক শিক্ষা দান কৰে।

(খ) সংগীত — সংগীতে মানুহক দুখ বেজাৰ পাহৰাই দিয়ে। কেইবাবিধো বাদ্যযন্ত্র বজাই তোলা সুৰৰ সূচনাকেই সংগীত বোলে। সংগীতৰ সহায়ত গীত পৰিবেশন কৰে, একোটা পৰিৱেশ সংগীতেই সৃষ্টি কৰে। সুৰৰ কাৰুণ্যতাৰে শ্ৰোতাক কন্দুৱাব পাৰি।

(গ) প্রাগৈতিহাসিক যুগ — যি যুগৰ বিষয়ে ইতিহাসে সমল যোগাব নোৱাৰে অৰ্থাৎ ইতিহাস ৰচনা হোৱাৰ আগৰ কালক প্রাগৈতিহাসিক যুগ বোলা হয়। উদাহৰণ স্বৰূপে আমাৰ দেশত বা শোণিতপুৰত বাণ ৰজাই ৰাজত্ব কৰিছিল। কিন্তু কোন চনৰ পৰা কোন চনলৈ বা কেতিয়া ৰাজত্ব কৰিছিল তাৰ বিষয়ে বুৰঞ্জীয়ে নাজানে। আৰ্যসকল ভাৰতত প্ৰবেশ কৰাও প্রাগৈতিহাসিক ঘটনা।

(ঘ) কুশান — কুশান ইউচি জাতিৰ এটা শাখা। আদিতে এওঁলোক অঘৰী জীৱন যাপন কৰিছিল। তাৰ পিছত আৰ্যসভ্যতাই তেওঁলোকৰ সেই অভ্যাস আঁতৰালে। এই জাতিটো পাঁচ ভাগত ভাগ হৈ তাৰেই কুশান শাখাটো ভাৰতলৈ আহে। কুশান বিলাকেই আছিল ইউচি-ৰ শ্ৰেষ্ঠ ঠাল। এই বংশই ভাৰতত বহুকাল ৰাজত্ব কৰিছিল।

(ব্যাস, বাল্মীকি, বিশ্বামিত্র, শংকৰাচাৰ্যৰ বিষয়ে শব্দাৰ্থ আৰু টোকাত চোৱা।)

(ঙ) মক্কা — আৰব দেশৰ অন্তৰ্গত মক্কা ইচলাম ধৰ্মৰ পবিত্ৰ তীর্থক্ষেত্র। এই মক্কানগৰতে ইচলাম ধর্ম প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হয়। মক্কাত ইচলামৰ পবিত্র কাবা মছজিদ আছে। নানা ঠাইৰ পৰা মুছলমান লোক সকলে মক্কালৈ হজ কৰিবলৈ যায়। মক্কা-দৰ্শন কৰিলে সকলো দোষ নাশ হয়, পাপ ক্ষয় হয় বুলি ইচলাম ধর্মীয় লোকে বিশ্বাস কৰে।

(চ) জেৰুজালেম — প্রাচীন পেলেষ্টাইনৰ ৰাজধানী আছিল জেৰুজালেম। পশ্চিম এচিয়াৰ এখন বিখ্যাত নগৰ। এই নগৰে খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তক যীশুখৃষ্টৰ জন্ম হয়।

প্রশ্ন ৮। ভাৰতৰ আদিমবাসীসকলৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ ভাৰতৰ আদিম অধিবাসী লোকসকল আছিল অনার্য। এই সকললোকে ঘৰ দুৱাৰ নিৰ্মাণ কৰিব নাজানিছিল। গছৰ ধোন্দ বা পৰ্বতৰ গুহাৰ ভিতৰত বাস কৰিছিল। কাপোৰৰ ব্যৱহাৰ নাজানি গছৰ বাকলি আদি পৰিধান কৰিছিল। জুইৰ ব্যৱহাৰ নজনা বাবে জন্তুৰ কেঁচা মঙহ খাইছিল। জন্তু চিকাৰ কৰা আৰু তাৰ মাংহ খোৱাই আছিল একমাত্র বৃত্তি।

প্রশ্ন ৯। আদিম অধিবাসীসকলৰ বংশধৰ কোন আৰু ক’ত আছে?

উত্তৰঃ কোল, মুণ্ডা, চাওতাল, ভীল আদি জাতিৰ লোক সকল ভাৰতৰ আদিম অধিবাসী সকলৰ বংশধৰ। ভাৰতৰ অন্যান্য ৰাজ্যতো তেওঁলোক আছে। কিন্তু জনসংখ্যা তেনেই তাকৰ।

প্রশ্ন ১০। ভাৰতৰ ভৌগোলিক বৈচিত্র্য কি?

উত্তৰঃ ভাৰতত পৰ্বত, পাহাৰ, সাগৰ, সমভূমি, মালভূমি, মৰুভূমি, দ্বীপ, হ্রদ, জলপ্রপাত আদি সকলো আছে। শীতৰ প্ৰকোপ যেনে গৰমৰ প্ৰচণ্ড উত্তাপো তেনে অসহনীয়। মৌচুমীৰ প্ৰভাৱ এফালে পৰিলে আনফালে আকৌ শুকান বতাহ বলে। এয়েই ভাৰতৰ ভৌগোলিক বৈচিত্র্য।

প্রশ্ন ১১। দ্রাবিড়বিলাক আদিতে কত আছিল? তেওঁলোক দক্ষিণ ভাৰতলৈ যাব লগা হ’ল কিয়?

উত্তৰঃ দ্ৰাবিড়বিলাক ভাৰতত প্ৰবেশ কৰি প্ৰথমে উত্তৰ ভাৰততে বসবাস কৰিছিল। পিছত যেতিয়া আৰ্যসকল ভাৰতলৈ আহিল তেতিয়া আৰ্যসকলে তেওঁলোকক দক্ষিণ ভাৰতলৈ খেদি পঠালে।

প্রশ্ন ১২। ভাৰতলৈ আৰ্যসকলৰ আগমন আৰু বসবাস সম্পর্কে কি জানা লিখা।

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চাৰিহাজাৰ মান বছৰৰ আগতে আৰ্যসকল ভাৰতৰ উত্তৰ পশ্চিম ফালে দি সোমায়। তেওঁলোকে ৰণ কৰি দ্ৰাবিড় সকলক দক্ষিণ ভাৰতলৈ খেদি পঠায় আৰু প্ৰথমে পঞ্জাৱত বসবাস কৰে। তাৰ পাছত সমগ্ৰ উত্তৰ আৰু পূৱ ভাৰতত বিয়পি পৰে।

প্রশ্ন ১৩। পর্তুগীজ, ফৰাচী আৰু ইংৰাজ বিলাক ভাৰতলৈ কিয় আহিছিল?

উত্তৰঃ পর্তুগীজ, ফৰাচী আৰু ইংৰেজসকল ভাৰতলৈ আহে বেপাৰ কৰাৰ উদ্দেশ্যে। প্রথমে এই তিনিওটা জাতি কুঠি স্থাপন কৰি বেপাৰ কৰিছিল। তাৰ পিছত দুৰ্বল ৰাজ্যবোৰ জয় কৰি শাসন কৰিবলৈ ধৰিলে। এই তিনিওটা জাতিৰ ভিতৰতে ইংৰাজ বিলাক আছিল বেছি শক্তিশালী। তেওঁলোকে পর্তুগীজ আৰু ফৰাচী সকলক পৰাস্ত কৰি প্ৰায় দুশ বছৰ কাল ভাৰতত ৰাজত্ব কৰে।

প্রশ্ন ১৪। ‘ৰাজনৈতিক শক্তিলাভ আৰু ধৰ্মীয় কাৰণ হেতু দুটা অঞ্চ লৰ লোক ভাৰতৰ পৰা ফাটি গৈ স্বাধীন ৰাষ্ট্ৰ হিচাবে থাকিল যদিও প্রাচীনভাৰতৰ একতা-উদাৰতাৰ সুৰ আজিও একেদৰেই ধ্বনিত হৈ আছে।’ ইয়াত কোন দুখন স্বাধীন ৰাষ্ট্ৰৰ কথা কোৱা হৈছে?

উত্তৰঃ ইয়াত পাকিস্তান আৰু বাংলাদেশৰ কথা কোৱা হৈছে। মুছলমান ধৰ্মৰ লোক বেছি হোৱা বাবে তেওঁলোকে ভাৰতৰ পৰা বেলেগহৈ দুটা ইচলামী ৰাষ্ট্র গঠন কৰিছে।

প্রশ্ন ১৫। ঋষি মুনি সকলে ভাৰতীয় ঐক্য সাধনত কেনেকৈ সহায় কৰিছে?

উত্তৰঃ প্রাচীন কালত ভাৰতবৰ্ষত বহুতো ঋষি মুনি আছিল। বহুতো ধর্ম প্ৰৱৰ্তক আৰু প্ৰচাৰকো আছিল। সেই সকলে ভাৰতবাসীৰ মাজত ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিক আদৰ্শৰ প্ৰচাৰ কৰিছিল। সেই সকল লোকে নানা আদর্শমূলক, ধর্মমূলক গ্ৰন্থ ৰচনা কৰি সমগ্ৰ ভাৰতবাসীক অনুপ্রাণীত কৰিছিল। ইয়াৰ ফলতে ভাৰতীয় লোকে আঞ্চলিক ভাষা ধর্মক পাহৰি এক ভাৰতীয় হৈ পৰিল।

প্রশ্ন ১৬। ধর্মই ঐক্য স্থাপনত কেনেদৰে সহায় কৰিব পাৰে?

উত্তৰঃ ভাৰতীয় মানুহৰ মাজত আঞ্চ লিক আৰু ভাষাৰ পাৰ্থক্য থাকিলেও ধৰ্মৰ বান্ধোনে ঐক্য সাধন কৰে। উদাহৰণ স্বৰূপে উত্তৰ ভাৰতৰ হিন্দুৰ আচাৰ নীতি, ভাষা দক্ষিণ ভাৰতৰ হিন্দুৰ লগত নিমিলে৷ তথাপি একে হিন্দু ধৰ্ম বুলিয়েই পৰস্পৰৰ মাজত প্ৰীতিভাৱ গঢ়ি উঠিছে।

প্রশ্ন ১৭। বেদ-উপনিষদ, গীতা ভাগৱত, ৰামায়ণ মহাভাৰতে ভাৰতীয় ঐক্য সাধনত কেনেদৰে সহায় কৰিছে?

উত্তৰঃ বেদ উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্রন্থসমূহ অতি উচ্চ-চিন্তাধাৰা আৰু উচ্চ আদৰ্শৰে ভৰা। তাৰোপৰি এই গ্ৰন্থসমূহ আদিতে সংস্কৃত ভাষাত লিখা হোৱাত ভাৰতীয়ৰ ঐক্যসাধনত সহায় কৰিছে।

প্রশ্ন ১৮। ভাৰতবৰ্ষত থকা/বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ নাম (বিভিন্ন ধৰ্মৰ নাম) পাঠটোৰ সহায়ত লিখা।

উত্তৰঃ ভাৰতবৰ্ষত বাসকৰা বিভিন্ন ধৰ্মাৱলম্বী (ধৰ্মৰ) লোকসকলৰ নাম তলত উল্লেখ কৰা হ’ল—

হিন্দু, মুছলমান, খৃষ্টান, মোগল, পাঠান, জৈন, বৌদ্ধ, শিখ আদি বিভিন্ন ধৰ্মৰ লোক ভাৰতবৰ্ষত ঐক্যবদ্ধ ভাৱে এক মহাজাতি হিচাপে প্ৰাচীন কালৰেপৰা বসবাস কৰি আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top