Class 9 Assamese Chapter 15 চোৰধৰা | অসমীয়া Class 9 চোৰধৰা

Class 9 Assamese Chapter 15 চোৰধৰা | অসমীয়া Class 9 চোৰধৰা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 9 Assamese Chapter 15 চোৰধৰা can be of great value to excel in the examination.

Class 9 Assamese Chapter 15 চোৰধৰা

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 15 চোৰধৰা – সমাধান for All Subject, You can practice these here…

চোৰধৰা

         – শ্ৰী শ্ৰী মাধৱদেৱ

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

অতি চমু উত্তৰ দিয়াঃ

(ক) মহাপুৰুষ মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত।

(খ) মাধৱদেৱে কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ ওচৰত।

(গ) মাধৱদেৱ কি ধৰ্মৰ অন্যতম গুৰি ধৰোঁতা আছিল?

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্মৰ।

(ঘ) বৰপেটা সত্ৰখনি কোনে স্থাপন কৰিছিল?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে।

(ঙ) মাধৱদেৱৰ সাহিত্য কৰ্মৰ অমৰ-স্তস্ত কি?

উত্তৰঃ নামঘোষা।

(চ) মাধৱদেৱৰ মহাপ্রয়াণ ক’ত ঘটিছিল?

উত্তৰঃ কোচবেহাৰৰ ভেলাদুৱাৰত।

(ছ) ‘নামঘোষা’ত কিমানটা ঘোষা আছে?

উত্তৰঃ এহাজাৰটা।

(জ) ‘নামঘোষা’ৰ আন এটি নাম কি?

উত্তৰঃ ‘হেজাৰী ঘোষা’।

(ঝ) মাধৱদেৱ বিৰচিত এখনি নাটৰ নাম লিখা।

উত্তৰঃ ‘অর্জুন ভঞ্জন’।

(ঞ) ‘অর্জুন ভঞ্জন’ নাটখনিৰ আন এটা নাম কি?

উত্তৰঃ ‘দধিমথন’।

১/ চমু প্ৰশ্নৰ উত্তৰ :

() কইনা বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ কইনা বুলি শিশু কৃষ্ণৰ  কথা কোৱা হৈছে ।

() লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত মাখন  সানি দিছিল ।

() মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- নামঘোষা ।

/ চমু প্ৰশ্ন উত্তৰ:

 () ‘ওহিবান্দীসৱক থানে আৱৰ আৱব নাহিআৱব নাহি বুলি কাক কোনে কৈছিল?

উত্তৰঃ ‘ওহি- বান্দীসৱক থানে আৱৰ আৱব নাহি’ আৱব নাহি বুলি যশোদাই শিশু কৃষ্ণক কৈছিল ।

() হে মাই যশোদা,তোহে তাপ তেজহযশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় বলগা হৈছিল?

উত্তৰঃ শিশু কৃষ্ণক ক’তো বিচাৰি নাপাই যশোদা বাউলি হৈ পৰিল । বহুত দেৰিলৈকে কৃষ্ণ ঘৰলৈ ঘূৰি নহাত যশোদাৰ মন চিন্তিত হৈ পৰিল । সেয়েহে বাটে বাটে তেওঁ কৃষ্ণক বিচাৰি ফুৰিছিল । গোপীয়ে কৃষ্ণই গোৱালী পাৰাত মাখন খাই গোপীৰ লগত কৰা চতুৰী দেখি আহিছিল সেয়েহে তেওঁ যশোদাক মনৰ তাপ গুচাবলৈ কৈছিল ।

() শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?

উত্তৰঃ গোপীৰ ঘৰত সোমাই  শ্ৰীকৃষ্ণই লৱণু চুৰ কৰি থাকোতেই গোপীয়ে তেওঁক হাতে- নাতে ধৰি তাৰ  মুখত  লৱণু সানি দিছিল ।

/ দীঘল প্ৰশ্নোত্তৰ:

() ‘ইহা শুনি চিন্তাশোক তেজীয়ে পৰম হৰষিত ভেল কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল?

উত্তৰঃ মাতৃ যশোদাই গোপীৰ মুখত কৃষ্ণই গোৱালীৰ পাৰাত কৰা চাতুৰীৰ কথা শুনি হৰষিত হৈছে ।

         পুৱাতে ওলাই গৈ বহুত সময়লৈকে কৃষ্ণ ঘৰলৈ ঘূৰি নহাত যশোদা চিন্তাত কাতৰ হৈ বাটে বাটে কৃষ্ণক গ’ল । বাটতে বুঢ়ী গোপী এগৰাকীয়ে যশোদাক চিন্তা এৰিবলৈ কৈ গোৱালী পাৰত কৃষ্ণই গোপীৰ লগত কৰা ধেমালিৰ কথা ক’লে । কৃষ্ণই গোপীৰ ঘৰত মাখন খাই ধৰা পৰাত ওলোটা গোপীক চোৰ সজালে ।

নিজৰ হাতৰ মাখন গোপীৰ মুখত সানি দি পাৰাৰ গোপীসকলৰ ওচৰত গোপীয়েই মাখন চোৰ কৰাৰ প্ৰমাণ দিলে ।কৃষ্ণক কথাৰে বলে নোৱাৰি আঁতৰি যাব খোজা গোপীসকলক আচলত ধৰি টানি কৃষ্ণই মাখন খুজিবলৈ ধৰিলে ।

গোপীসকলেও কৃষ্ণক নাচিবলৈ দিলে । নাচি নাচি কৃষ্ণই গোপীসকলকো আনন্দ দিলে আৰু নিজেও আনন্দ মনে মাখন খালে । এইদৰে কৃষ্ণৰ বাতৰি দি গোপীৰে পৰম কৃপালোঁ কৃষ্ণৰ গুণ বৰ্ণনা কৰিবলৈ ধৰিলে । গোপীয়ে সেই কথাবোৰ শুনি যশোদাই হৰষিত হৈছিল ।

() মাক যশোদাই কণাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে স্নেহ প্ৰকাশ কৰিছিল?

উত্তৰঃ যশোদাই কৃষ্ণক লগ পাই তেওঁ কোলাত তুলি ল’লে । কৃষ্ণইও মাকৰ কোলাত উঠি গোপীসকলৰ বিৰুদ্ধে লগাবলৈ ধৰিলে । তেতিয়া যশোদাই ঢাণ্ডী দাসীৰো দাসী বুলি গালি পাৰি ক’লে যে তেওঁলোকে বালক কৃষ্ণক চোৰ বুলি কলংক কৰিছে । ছি: তেওঁলোকৰ মুখত ছাই পৰক ।

তাৰ পিছত যশোদাই কৃষ্ণক কবিলৈ ধৰিলে যে তেওঁ আৰু বান্ধি গোৱালিবিলাকৰ ঠাইত যাতে নাযায় । যশোদাৰ ঘৰত দধি,দুগ্ধ,লৱণু কৃষ্ণই ইমান খাব খোজে সিমান যশোদাই দিব পাৰে । তেওঁ কৃষ্ণৰ সকলো বিপদ মূৰ পাতি ল’ব । কৃষ্ণ তেওঁৰ কৌটি পুৰুষৰ দেৱৰো পৰম দেৱতা,মাথাৰ মুকুট,ডিঙিৰ সাতসৰি,বুকুৰ শীতল চন্দন ।

এইদৰে বিভিন্ন কথা কৈ নিজৰ আচলেৰে কৃষ্ণৰ গাৰ ধূলি জোকাৰি,বুকুত বান্ধি কোলাত লৈ মুখত চুমা খাই পৰম আনন্দেৰে ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাই পঞ্চামৃত ভোজন কৰালে । সুগন্ধি চন্দন,দিব্য বস্ত্ৰ অলংকাৰেৰে ভূষিত কৰাই,কৃষ্ণৰ সুন্দৰ মুখখনি চাই মুক্তিতকৈও অধিক আনন্দ লাভ কৰি পৰম সন্তোষেৰে থাকিল ।

ভাষা বিষয়ক

/ আধুনিক ৰূপ

উত্তৰঃ       

তেজহ       –     ত্যাগ

তোহাৰি     –     তোমাৰ

হামু           –     মই

থিক          –     আছে

মাখিয়ে      –     সানি

উনিকৰ     –     এওঁৰ

ফিৰত       –      গুৰি-ফুৰা

গাৰি         –      গালি

/ বিপৰীত শব্দ

উত্তৰঃ        

চোৰ        –       সাধু

উত্তৰ      –        প্ৰশ্ন

কাতৰ     –        অকাতৰ

পূণ্য        –        পাপ

শোক      –        আনন্দ

হৰ্ষ         –        বিষাদ

শীতল    –         উষ্ম

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

প্রশ্ন ১। মাধৱদেৱৰ চোৰধৰা নাটক নহয়, এখন ঝুমুৰাহে। ঝুমুৰা মানে কি? চোৰধৰা নাটৰ ওপৰত বিশ্লেষণ কৰা।

উত্তৰঃ সংগীত-প্রধান নাটবোৰকেই ঝুমুৰা বোলা হয়। বৈষ্ণৱ যুগত বহুতো মানুহৰ মন আকৰ্ষণৰ বাবে ভালেমান সংগীত-প্রধান নাটক ৰচিত হৈছিল। সংগীতে মানুহৰ মন সহজে আকৰ্ষণ কৰে। অসমীয়া সমাজত বৰ্তমানতো ঝুমুৰা নৃত্য প্রচলিত আছে। এই নৃত্যসমূহ চাহ-বাগিচাৰ বনুৱা সকলৰ মাজত চলে। শঙ্কৰদেৱে নাট ৰচনা কৰাৰ সময়ত মিথিলাৰ পৰা এই ঝুমুৰাৰ প্ৰচলন আনিছিল। সেই কাৰণে শঙ্কৰদেৱ আৰু মাধৱদেৱে সাহিত্যসমূহ ৰচনা কৰিছিল এই মৈথেলি বা ব্রজ়াবুলি ভাষাত হে।

প্রশ্ন ২। “চোৰধৰা’ত নাট্যকাৰ মাধৱদেৱে যশোদাৰ চৰিত্ৰৰ মাজেৰে অসমীয়া সমাজৰ নাৰী চৰিত্ৰ অঙ্কন কৰিছে”—আলোচনা কৰা।

উত্তৰঃ চোৰধৰা নাটৰ যশোদা এগৰাকী মৰমীয়াল মাতৃ। শ্রীকৃষ্ণ তেওঁৰ পুত্ৰ । বহু সময় ধৰি পুত্ৰৰ মুখ নেদেখি সকলো মাতৃ ব্যাকুল হৈ পৰাৰ নিচিনা যশোদাহ ব্যাকুল হৈ পৰিছিল। অন্যান্য মাতৃৰ দৰে তেওঁ পুত্ৰক বিচাৰি মনৰ শোক প্ৰকাশ কৰিছে। শোকবিহবলা হৈ তেওঁ সকলোকে সুধি ফুৰিছে। শেষত গোৱালীৰ মুখত পুত্ৰৰ বাতৰি পাই গোৱালী পাৰালৈ বিচাৰি গৈছে। কৃষ্ণক বিচাৰি পোৱাৰ পিছত আকোৱালি কোলাত তুলি লৈ গাৰ ধূলি জোকাৰি মৰম কৰিছে। ঘৰলৈ নি গাধুৱায় কাপোৰ পিন্ধায় মাতৃসুলভ মৰমেৰে গাখীৰ খুৱাইছে। পুত্ৰৰ প্ৰতি এনে কাৰ্য সকলো মাতৃয়ে কৰে। অসমীয়া সমাজৰ আন নাৰীয়েও এনে কাৰ্য কৰে৷ আন আন মাতৃসকলে পুত্রক সমৰ্থন কৰাৰ নিচিনা যশোদাইও শ্ৰীকৃষ্ণৰে কথা বিশ্বাস কৰি গোৱালী সকলক গালি পাৰিছে। এনেবোৰ বৰ্ণনাৰে মাধৱদেৱে যশোদাক অসমীয়া সমাজৰ এজনী মৰমীয়াল মাতৃৰূপে অঙ্কিত কৰিছে।

প্রশ্ন ৩। মাধৱদেৱৰ চোৰধৰা নাটত কৃষ্ণ চৰিত্ৰ দুমুখীয়া—আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱে তেওঁৰ ৰচনাত এফালে শ্রীকৃষ্ণক সাধাৰণ মানৱ আৰু আনফালে পৰম ব্ৰহ্ম এই দুই ৰূপত বৰ্ণনা কৰিছে। পৰম ব্ৰহ্ম বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ। তথাপি তেওঁ সাধাৰণ মানুহ বা মানৱ শিশু। তেওঁৰ কাৰ্যবোৰো সাধাৰণ শিশুৰ দৰে। উচ্চ-নীচ ভাব নথকা পৱিত্ৰ মনৰ অথচ চতুৰ শ্ৰীকৃষ্ণ, তেওঁ গোৱালীসকলৰ ঘৰত মাখন চুৰ কৰিছে, গোৱালীসকলৰ লগত কাজিয়া কৰিছে কিন্তু ক্ষণেক পিছতে আন শিশুৰ দৰে সন্তুষ্ট হৈ লৱনু হাত পাতি লৈ খাইছে আৰু গোৱালীসকলৰ মাজতেই নাচিছে। নিজৰ ঘৰত অপর্যাপ্ত লৱণু থকা সত্ত্বেও গোৱালীসকলৰ ঘৰত লৱণু চুৰ কৰিছে। এনে কাৰ্য প্ৰায়বোৰ শিশুৰ চৰিত্ৰত প্রকাশ পায়। আনফালে মাক যশোদাই পুত্রক বিচাৰি পায় ঘৰলৈ অনাত পুত্রস্নেহত পৰম আনন্দ অনুভৱ কৰিছে। অলপতে খং আৰু অলপতে সন্তুষ্ট এই দুই ধৰণৰ চৰিত্ৰ কৃষ্ণ চৰিত্ৰৰ মাজেৰে মাধৱদেৱে প্ৰকাশ কৰিছে।

প্রশ্ন ৪। ‘হে কানাই, তোহে হামাক ছাড়হ। তোমাক হাম লৱনু দেৱব”।—কোনে কিয় কানাইক লৱণু দিব খুজিছে?

উত্তৰঃ এদিনাখন কৃষ্ণই গোৱালীঘৰত সোমাই লৱনু চুৰ কৰি খাইছিল৷ গোৱালীৰ হাতত কৃষ্ণ ধৰা পৰাত গোৱালীয়ে কৃষ্ণক চোৰ বুলি কয়। তেতিয়া কৃষ্ণই চতুৰালী কৰি গোৱালীৰ মুখত লৱনু ঘহি দি গোৱালীকে চোৰ বুলি কয়। আনকি গোৱালীৰ আঁচল ধৰি টানি আনি আন গোৱালীসকলক দেখুৱাই দিয়ে। কৃষ্ণ নিজে চোৰ নহয়, গোৱালীহে চোৰ এই কথা প্ৰমাণ কৰি দিয়ে। কৃষ্ণৰ কথাত গোৱালীয়ে লাজ পালে আৰু কৃষ্ণক শেষত অনুৰোধ কৰিলে যে তেওঁক এৰি দিব লাগে। লাগিলে কৃষ্ণক আৰু লৱণু দিব।

প্রশ্ন ৫। “আহে ঢাণ্ডি, হামু কৈছে চোৰ” —কোনে কাক কি প্রসঙ্গত কৈছিল?

উত্তৰঃ শ্রীকৃষ্ণই গোৱালীৰ ঘৰত লৱনু চোৰ কৰিবলৈ সোমাই। এনে সময়তে গোৱালীয়ে আহি কৃষ্ণক চোৰ ধৰা পেলায়। গোৱালীয়ে পাৰাৰ সকলো গোৱালীক মতাই আনি কৃষ্ণক চোৰ বুলি দেখুৱাই দিয়ে। সেই বিপদৰ পৰা হাত সাৰিবৰ বাবে কৃষ্ণই নিজহাতে লৱনু আনি গোৱালীৰ মুখত ঘহি দিয়ে আৰু পাৰাৰ গোৱালীসকলক প্ৰমাণ কৰি দেখুৱাই যে গোৱালীয়ে নিজে লৱনু খাই মিছাতে কৃষ্ণক চোৰ ধৰিছে। সেয়েহে কৃষ্ণই গোৱালীক কৈছে যে, “হে লুধুমী—মই কেনেকৈ চোৰ—তেওঁৰ মুখেই সাক্ষী।”

প্রশ্ন ৬। “ছিঃ তোহাৰি মুখে ছাৰ পৰোক”—এই উক্তিটো কোনে কাক কিয় কৈছিল?

উত্তৰঃ যশোদাই গোৱালী এজনীক এইষাৰ কথাটো কৈছিল। লৱনু চোৰ কৰা বুলি গোৱালীয়ে কৃষ্ণক বদনাম দিছিল। শ্রীকৃষ্ণই লৱনু চোৰ কৰা বদনামৰ বিৰুদ্ধে যশোদাই গোৱালী জনীক এইদৰে গালি পাৰিছে। শ্ৰীকৃষ্ণই মাক যশোদাৰ, আগত কান্দি কান্দি কৈছিল যে গোৱালীয়ে কৃষ্ণক মিছাতে লৱনু চোৰ বদনাম দিছে। পুত্ৰৰ কথা বিশ্বাস কৰি মাক যশোদাই “ছিঃ.তোৰ মুখত ছাৰ পৰোক,” বুলি গোৱালীক গালি পাৰিছে।

প্রশ্ন ৭। চোৰধৰা নাটত মাধৱদেৱে শ্ৰীকৃষ্ণৰ চৰিত্ৰটো কেনেদৰে প্ৰকাশ কৰিছে আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱে চোৰধৰা নাটত শ্ৰীকৃষ্ণক মানৱশিশু ৰূপে চিত্ৰিত কৰিছে যদিও শ্ৰীকৃষ্ণৰ মাহাত্ম্যক আৰু চল চাতুৰীও প্ৰকাশ কৰিছে। মাধৱদেৱে শ্ৰীকৃষ্ণৰ শিশুকালটোহে বেছি গুৰুত্ব দিছে। শ্রীকৃষ্ণ সাধাৰণ মানৱ-শিশু, গোৱালীনী যশোদাৰ পুত্ৰ। সাধাৰণ মানৱ-শিশুৰ নিচিনা গোৱালীনীৰ ঘৰত সোমাই মাখন চুৰ কৰি খাইছে, ধৰাও পৰিছে, কিন্তু গোৱালীনী নিজে চোৰ বুলি প্ৰমাণিত হ’ল। নাট্যকাৰে প্ৰকৃততে শ্ৰীকৃষ্ণৰ টেঙুৰালি আৰু মাহাত্ম্যকহে প্ৰকাশ কৰিছে।

প্রশ্ন ৮। ‘চোৰধৰা’ৰ ৰচয়িতা মাধৱদেৱৰ বিষয়ে লিখি তেওঁ ৰচনা কৰা তিনিখন পুথিৰ নাম লিখা।

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ জন্ম খ্রীঃ ১৪৮৯ চনত লক্ষ্মীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত। তেওঁৰ পিতাকৰ নাম লামৰ্শা বা গোবিন্দ গিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। নানা দুঃখকষ্টৰ মাজেৰে তেওঁৰ শৈশবকাল পাৰ হৈছিল। কিছুদিন হৰিসিংহ বৰা বা ঘাঘৰ মাজীৰ ঘৰত আশ্ৰয় লৈছিল। বাণ্ডুকাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱে সংস্কৃত পঢ়ে। অৱশেষত তেওঁ শঙ্কৰদেৱৰ ওচৰত শৰণ লয়।

মাধৱদেৱ শঙ্কৰদেৱৰ প্ৰিয় শিষ্য আৰু অনুগত ভক্ত আছিল। শঙ্কৰদেৱৰ তিৰোধানৰ পিছত ধৰ্মাধিকাৰৰ গধূৰ দায়িত্ব মাধৱদেৱৰ ওপৰত পৰে। সুন্দৰী-দিয়াত থাকি তেওঁ ধর্মাধিকাৰৰ গুৰু পদবী বহন কৰে আৰু এই সময়তেই মাধৱদেৱে বৰপেটা সত্ৰ নিৰ্মাণ কৰে। ৰাজনিগ্রহ ভোগ কৰি তেওঁ কোচবিহাৰলৈ পলাই যায়। ৰজা লক্ষ্মীনাৰায়ণে মাধৱদেৱক আদৰ-সাদৰ কৰি ভেলামধুপুৰ সত্ৰত থাকিবলৈ দিয়ে। এই সত্ৰতেই খ্ৰীঃ ১৫৯৬ চনত ১০৭ বছৰ বয়সত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে।

মাধৱদেৱ একাধাৰে কবি, নাট্যকাৰ, সংগীতজ্ঞ, গায়ক, ধৰ্মপ্ৰচাৰক আৰু শাস্ত্রবেত্তা আছিল। তেওঁ পদ-পুথি, নাটক, বৰগীত, ভটিমা আদি ৰচনা কৰে।

মাধৱদেৱে ৰচনা কৰা প্ৰধান তিনিখন পুথি—

(ক) নামঘোষা। 

(খ) অর্জুনভঞ্জন নাট। আৰু 

(গ) ভক্তিৰত্নাবলী।

প্রশ্ন ৯। (ক) ‘চোৰধৰা’ কি ? 

(খ) ইয়াৰ ৰচয়িতা কোন? 

(গ) ‘চোৰধৰা’ নাট নে ঝুমুৰা? 

(ঘ) ‘চোৰধৰা’ৰ কাহিনী ভাগ চমুকৈ তোমাৰ ভাষাত লিখা।

উত্তৰঃ (ক) চোৰধৰা এখন ঝুমুৰা।

(খ) ‘চোৰধৰা’ৰ ৰচয়িতা মহাপুৰুষ মাধৱদেৱে।

(গ) চোৰধৰা নাট নহয়, ঝুমুৰাহে।

(ঘ) ‘চোৰধৰা’ ঝুমুৰাৰ কাহিনীভাগ চমুকৈ তলত দিয়া হ’ল- এদিনাখন এগৰাকী গোপীৰ ঘৰত কোন মানুহ দুনুহ নোহোৱা দেখি লৱনু চুৰ কৰিবলৈ বালগোপাল গোপীৰ ঘৰত সোমাল, এনেতে গোপী আহি পালে। গোৱালীয়ে কৃষ্ণক লৱনু চুৰ কৰি খাই থকা দেখা পাই দুয়োখন হাত মেলি দুৱাৰ বন্ধ কৰি কলে যে, লৱনু-চুৰ কৃষ্ণ হাতে হাতে ধৰা পৰিছে। অকলশৰে গোৱালীয়ে চিঞৰি চিঞৰি মাতিলে। চুবুৰীৰ গোৱালীসকল আহিল। চতুৰ-শিৰোমণি কৃষ্ণই গোৱালীহঁতক বুদ্ধি কৰি ৰাজপথলৈ আনিলে আৰু উপস্থিত বিপদৰ পৰা গা সাৰিবৰ বাবে লগৰীয়া গৰখীয়াহঁতক মাতিলে। গৰখীয়াসকল তৎক্ষণাৎ কৃষ্ণৰ ওচৰলৈ আহিল। গোপবালকসকলে গোৱালীহঁতক কলে যে সিহঁতে গোপীহঁতক সুদাই নেৰে যিহেতু সিহঁতে কৃষ্ণক মিছাকৈয়ে অপযশ দিছে। কৃষ্ণয়ো সাহ পাই কলে যে, ৰাজপথত খেলিথকা অৱস্থাতেই গোৱালীহঁতে মিছাকৈয়ে তেওঁক কলঙ্ক দিছে। গোৱালীহঁতক কৃষ্ণই ভয় দেখুৱাই কলে যে, তেওঁ গোৱালীহঁতৰ কথা মাক যশোদাক কৈ দিব।

যশোদাৰ কথা শুনি গোৱালীসকলে ভয় খাই কৃষ্ণক এৰি দিলে। কিন্তু সুবিধা পাই কৃষ্ণই কলে যে গোপীসকলে এৰিলেও তেওঁ কিন্তু গোপীসকলক নেৰে। যদিহে এৰিব লাগে তেন্তে তেওঁক মাখন দিব লাগিব। লৱনু আশাত কৃষ্ণই গোৱালীহঁতৰ মাজত নাচিবলৈ ধৰিলে।

ইফালে কৃষ্ণ হেৰাল বুলি যমুনাৰ পাৰে পাৰে যশোদাই বিচাৰিবলৈ ধৰিলে। এজনী গোপীয়ে বালঁ-গোপালৰ বাতৰি মাতৃ যশোদাক দিলে। গোৱালীপাৰাত যশোদাই, গোৱালীসকলৰ মাজত কৃষ্ণই নাচি থকা দেখা পালে। তেওঁৰ গা জুৰ পৰিল৷ শ্ৰীকৃষ্ণই মাতৃৰ কোলাত উঠি স্তন পান কৰে কান্দি কান্দি গোৱালীহঁতৰ কথা বলে : শ্ৰীকৃষ্ণক লৱনু-চোৰ বুলি অপযশ দিয়া বাবে যশোদাই গোৱালীহঁতক ভালকৈ এজাউৰি গালি পাৰি খেদি দিলে। ভবিষ্যতলৈ গোৱালীপাৰালৈ আহিবলৈ যশোদাই কৃষ্ণক নিষেধ কৰিলে।

প্রশ্ন ১০। (ক) যশোদা কোন? 

(খ) যশোদাই কৃষ্ণক ক’ত বিচাৰিছিল?

(গ) কৃষ্ণৰ বাতৰি যশোদাক কোনে দিলে?

উত্তৰঃ (ক) যশোদা গোকুলৰ ৰজা নন্দৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালিকা মাতৃ।

(খ) যশোদাই শ্রীকৃষ্ণক যমুনাৰ পাৰে পাৰে বিচাৰি ফুৰিছিল।

(গ) এজনী গোপীয়ে কৃষ্ণৰ বাতৰি যশোদাক দিছিল।

প্রশ্ন ১১। যমুনা পাৰে পাৰে যশোদাই কৃষ্ণক বিচাৰি ফুৰা অৱস্থাত গোপীজনীয়ে যশোদাক কি কি কৈছিল?

উত্তৰঃ যমুনাৰ পাৰে পাৰে যশোদাই কৃষ্ণক বিচাৰি ফুৰোতে এগৰাকী গোপীয়ে তেওঁক লগ পাই এইদৰে কৈছিল-

যশোদাই শোক-তাপ কৰিব নালাগে। কিয়নো গোপীয়ে যশোদাৰ পুত্ৰ কৃষ্ণক দেখিছে। লৱনু চুৰ কৰিবৰ বাবে বাল-গোপালে এগৰাকী গোপীৰ ঘৰত প্ৰবেশ কৰিলে। গোৱালীয়ে কৃষ্ণক লৱনু-চোৰ ধৰিলে। তেতিয়া শ্রীকৃষ্ণই গোপীক কলে যে তেওঁ চোৰ নহয়। অন্য গৰখীয়াসকলৰ লগত তেওঁ ৰাজপথত খেলি আছে। গোৱালীয়ে নিজেই নিজৰ ঘৰৰ গাখীৰ খাই কৃষ্ণক চোৰ বুলিছে। কৃষ্ণৰ কথা শুনি গোপীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতি আনি সাক্ষী কৰিলে। তেতিয়া কৃষ্ণই নিজৰ হাতত থকা লৱনু গোপীৰ মুখত সানি দি কলে, “গোপীসকল চোৱা, সাক্ষীত কোনো প্রয়োজন নেই। এওঁৰ মুখেই সাক্ষী।”

কৃষ্ণৰ কথা শুনি গোপীয়ে বৰ লাজ পালে। কৃষ্ণক কথাৰে বলে নোৱাৰি গোপীসকলে পৰাজয় মানিবলৈ বাধ্য হল।

কৃষ্ণই গোপীৰ কাপোৰৰ আঁচলত ধৰি টানি আনিলে। গোপীয়ে কাতৰভাৱে কৃষ্ণক কলে – “হে কানাই, তুমি মোক এৰা। তোমাক মই লৱনু দিম।”

গোপীসকলৰ কথা শুনি কৃষ্ণই তেওঁৰ আঁচলখন এৰি দিলে। গোপীয়ে কৃষ্ণক লৱনু দিলে। কৃষ্ণই লৱনু খাই বাই আনন্দ মনে নাচিবলৈ ধৰিলে।

যমুনাৰ পাৰত লগ পোৱা গোপীজনী যশোদাক কলে- “হে আই যশোদা! তুমিনো কি পুণ্য কৰি শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে পালা? শ্রীকৃষ্ণই সমগ্র গোকুলবাসীকে আনন্দ দিছে। এতিয়া তোমাৰ কৃষ্ণই অনেক চৌৰচাতুৰী কৰি গোপীসকলক পৰাজয় কৰি নানা কৌতুক-নৃত্য কৰি আছে। গতিকে, হে আই। তুমি চিন্তা শোক এৰা।”

প্রশ্ন ১২। কি যুক্তিৰে কৃষ্ণই নিজকে লৱনু চোৰ নহয় বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছিল?

উত্তৰঃ গোপীয়ে কৃষ্ণক লৱনু-চোৰ ধৰাত কৃষ্ণই ক’লে যে, তেওঁ কেতিয়াও চোৰ নহয়। আন আন গৰখীয়া ল’ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছে। গোপীয়ে নিজেই নিজৰ দধি খাই কৃষ্ণক-চোৰ অপযশ দিছে।

সাক্ষ্যদানৰ বাবে গোপীজনীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতিলে। তেতিয়া কৃষ্ণই নিজৰ হাতৰ লৱনু গোপীৰ মুখত সানি দি কলে যে, সাক্ষীৰ কোনো প্রয়োজন নাই গোপীৰ মুখেই সাক্ষী।

কৃষ্ণৰ যুক্তিত গোপীয়ে পৰাজয় মানিলে।

প্রশ্ন ১৩। “যশোদাৰ চৰিত্ৰৰ মাজেৰে, এজনী সাধাৰণ গাওঁলীয়া তিৰোতাৰ চৰিত্ৰ ফুটি ওলাইছে”—বুজাই লিখা।

উত্তৰঃ যশোদা হ’ল ভগবানৰূপী শিশু কৃষ্ণৰ পালিত মাতৃ। মাতৃ হৈ শিশুৰ ভালাবি কৰাটো অতি প্রয়োজন। সেয়েহে যশোদাৰ ক্ষেত্ৰতো সেইটোৱেই হৈছিল। সাধাৰণ তিৰোতাসকলে যিদৰে নিজৰ ল’ৰাটো অলপ আঁতৰিলেই বিচাৰ লয় আৰু আনে নিজৰ ল’ৰাৰ ওপৰত অত্যাচাৰ চলাব পাৰে বুলি সন্দেহৰ চকুৰে চায়, সেই দৰে কৃষ্ণই গোৱালী সকলৰ ওচৰত নৃত্য কৰি থকা শুনি যশোদাও দৌৰি গৈছিল ৷ কৃষ্ণৰ নৃত্যত গোপীসকলে অতি আনন্দ পাইছিল। যশোদাও নিজৰ পুতেকৰ নৃত্য সুন্দৰ হোৱা জানি গৌৰব বোধ কৰিছিল, যিটো নেকি সাধাৰণ তিৰোতাসকলেও কৰে। নিজ পুতেকৰ ভাল কাৰ্যত গৌৰৱবোধ কৰাটো আৰু দুখত কন্দাটো সকলো তিৰোতাৰ ধৰ্ম। সেইদৰে যশোদাও গৌৰৱবোধ কৰিছিল।

মাতৃসকলে সাধাৰণতে নিজ ল’ৰা-ছোৱালীৰ কথা বিশ্বাস কৰে আৰু সিহঁতৰ কথা মতে মাক-বাপেকে কাজিয়া কৰাও দেখা যায়। যশোদাও কৃষ্ণক চোৰধৰা বাবে গোৱালীসকলক সাধাৰণ গাৱঁলীয়া তিৰোতাৰ দৰে গালি শপনি দিয়ে। গতিকে দেখা যায় যে যশোদাৰ চৰিত্ৰটোও এজনী সাধাৰণ তিৰোতাৰ চৰিত্ৰতকৈ বেলেগ নহয়।

প্রশ্ন ১৪।‘চোৰধৰা’ পাঠটিত কাক চোৰ বুলি কোৱা হৈছে? তেওঁ ক’ত চোৰ কৰিছিল? ফলাফল কি হ’ল বর্ণনা কৰা।

উত্তৰঃ ‘চোৰধৰা’ পাঠটিত শ্ৰীকৃষ্ণক চোৰ বুলি কোৱা হৈছে। শ্রীকৃষ্ণই শিশুকালতে এদিন গোৱালী পাৰাৰ গোপীৰ ঘৰত লৱনু চোৰ কৰি ধৰা পৰে।

কিন্তু বুধিয়ক কৃষ্ণই পাছত নিজকে চোৰ নহয় বুলি প্ৰমাণ কৰিলে৷ সেয়েহে গোপীয়ে যেতিয়া গোৱালী পাৰাৰ সমস্ত গোপীকে মাতি আনিলে তেতিয়া কৃষ্ণই নিজ হাতৰ লৱনু খনি গোপীৰ মুখত ঘহি দি ওলোটাই গোপীক চোৰ সজালে। সেয়েহে কৃষ্ণই কৈছে, “আহে গোপীসৱ দেখু দেখু, আৱৰ সাখীত ক’মন প্রয়োজন? উনিকৰ মুখহি সাখী।”

প্রশ্ন ১৫। কৃষ্ণই ক’ত কেনেকৈ কি চুৰ কৰিছিল? ইয়াৰ ফলাফল কি হ’ল বুজাই লিখা।

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ বাল্যকালৰ কাৰ্যাৱলীৰ কথাকে কোৱা হৈছে। কৃষ্ণই এদিন গোৱালীপাৰাত এজনীৰ ঘৰত সোমায় লৱনু চোৰকৈ খাইছিল।

লৱনু চোৰ কৰা দেখি গোপীয়ে কৃষ্ণক ধৰিলে। কিন্তু চতুৰ কৃষ্ণই ওলোটাই গোপীকে ধমক দিয়ে আৰু কয় যে তেওঁ ক’ত চোৰ কৰিছে? গোপীয়ে নিজে মাখন খাইছে। এইবুলি কৃষ্ণই হাহাকাৰ লগাই দি গোৱালীপাৰাৰ গোপীসকলক সাক্ষী দিয়ে। আনহাতে কৃষ্ণই নিজে হাতত লৱনু লৈ গোপীৰ মুখত ঘহি দিয়ে আৰু সকলোকে কয় যে গোপীয়েহে নিজে মাখন খাইছে। কাৰণ তেওঁৰ মুখেই সাক্ষী। মুখত মাখন লাগি আছে।

কৃষ্ণৰ এই চাতুৰীত গোপীয়ে বৰ লাজ পায়। শেষত গোপীয়ে কৃষ্ণক অনুৰোধ জনাই যে, “হে কানাই, তোহো হামাক ছাড়হ। তোহাক হামু লৱনু দেৱব।” গোপীৰ এনে কাতৰ অনুৰোধ আৰু প্ৰতিশ্ৰুতিত কৃষ্ণই গোপীক এৰি দিয়ে। শেষত কৃষ্ণই ‘গোপীৰপৰা পুনৰ লৱনু খাই গোৱালীপাৰাত নৃত্য কৰি কটায়।

কৃষ্ণৰ এই কাৰ্যৰ কথা যশোদাই শুনি গোৱালী পাৰালৈ লৰি আহে আৰু আথে বেথে কৃষ্ণক কোলাত তুলি লৈ ঘৰলৈ আনে। আনহাতে যশোদায়ো গোৱালীসকলক নানা ধৰণে তিৰস্কাৰ কৰে।

প্রশ্ন ১৬। “হে কানাই, তোহো হামাক ছাড়হ। তোহাক হামু লৱনু দেৱব।” —ইয়াত কানাই কোন? কোনে কিয় কানাইক ছাড়িবলৈ অনুৰোধ কৰিছে আৰু লৱনু দিব খুজিছে? বুজাই লিখা।

উত্তৰঃ ইয়াত কৃষ্ণকেই কানাই বুলি সম্বোধন কৰা হৈছে; কানাই শ্ৰীকৃষ্ণৰেই বহুত নামৰ ভিতৰত এটা নাম! গোৱালীপাৰাৰ গোপীয়ে তাইক ছাড়ি দিবলৈ। কৃষ্ণক অনুৰোধ জনাইছে আৰু লৱনু দিবও খুজিছে।

এদিনাখন কৃষ্ণই গোৱালীপাৰাত গোপীৰ ঘৰত সোমাই লৱনু চুৰ কৰি খাইছিল৷ শেষত গোপীৰ হাতত ধৰা পৰে। কিন্তু চতুৰ কৃষ্ণই নিজক চোৰ নহয় বুলি প্ৰমাণ কৰিবৰ বাবে নিজ হাতে মাখন আনি গোপীৰ মুখত ঘহি দিয়ে। আনকি ‘গোপীৰ চাদৰত ধৰি টানি আনি আনসকল গোপীক দেখুৱাই যে তেওঁ মাখন (লৱনু) চোৰ কৰা নাই। গোপীয়ে নিজেই খাইছে। সেয়েহে ইয়াত কৈছে যে ‘উনিকৰ মুখেহি সাখী’।

কৃষ্ণৰ কাৰ্যত গোপীয়ে বৰ লাজ পালে আৰু শেষত কৃষ্ণক অনুৰোধ জনালে, ‘হে কৃষ্ণ মোক এৰি দিয়া : তোমাক আৰু লৱনু দিম।’ এইদৰে কৃষ্ণই গোপীৰ ঘৰত লৱনু খাই পুনৰ নৃত্য কৰিবলৈ ধৰিলে।

প্রশ্ন ১৭। “আহে ঢাণ্ডি, হামু কৈছে চোৰ্?”—কোনে কাক কি প্রসঙ্গত ঢাণ্ডি কৈছিল, বহলাই লিখা।

উত্তৰঃ শ্ৰীকৃষ্ণই গোৱালীৰ ঘৰত সোমাই মাখন চোৰ কৰি খায় আৰু ধৰাও পৰে। চোৰ ধৰা পৰাত গোৱালীয়ে গোৱালীপাৰাত সমস্ত গোৱালীকে মাতি আনে। পাৰাৰ গোৱালীক মতাত কৃষ্ণই নিজহাতে লৱনু আনি গোপীৰ মুখত লৱনু ঘহি দিয়ে আৰু পাৰাৰ গোৱালীসকলক প্ৰমাণ কৰি দেখুৱাই যে গোৱালীয়ে নিজে লৱনু খাই মিছাতে কৃষ্ণক চোৰ ধৰিছে। সেয়েহে কৃষ্ণই গোৱালীক ‘ঢাণ্ডি’ বুলি তিৰস্কাৰ কৰি কৈছে যে, “আহে গোপীসৱ দেখু দেখু, আৱৰ সাখীত ক’মন প্রয়োজন? উনিকৰ মুখহি সাখী।”

এই কথা শুনি গোপীজনী লাজ পায় । আৰু কৃষ্ণৰ এনেকথা শুনি আটাইসকল গোপী আঁতৰিবলৈ ধৰিলে। তেতিয়া কৃষ্ণই গোপীৰ চাদৰৰ লোচত ধৰি টানি আনিবলৈ বিচৰাত গোপীয়ে কাতৰ হৈ কৃষ্ণক কয় যে, “তোহাক হামু লৱনু দেৱব”। এই কথা শুনি কৃষ্ণই গোপীক এৰি দিলে, আৰু গোপীয়ে কৃষ্ণক লৱনু খাবলৈ দিলে।

এই সমস্ত কথা পাৰাৰ গোৱালীয়ে আহি কৃষ্ণৰ মাক যশোদাৰ আগত গোচৰ দিয়ে। সেয়েহে কৃষ্ণই গোপীক কৈছিল যে, “আহে ঢাণ্ডি হামু কৈছে চোৰ।”

প্রশ্ন ১৮। “আহে ঢাণ্ডি গোৱালীসৱ, দাসীক দাসী, তোহোঁসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলিয়ে কলঙ্ক কৰসি।”

—কোনে কাক কি প্রসঙ্গত কথাষাৰ কৈছিল বুজাই লিখা।

উত্তৰঃ গোৱালীপাৰত কৃষ্ণই কৰা সমস্ত কাৰ্যৰ কথা শুনি যশোদা নিজেই পুতেকৰ মৰমতে গোৱালীপাৰালৈ গ’ল। গোৱালীপাৰাত গৈ পুতেকৰ নৃত্য দেখি যশোদা আনন্দিত হ’ল আৰু কৃষ্ণক আনি কোলাত তুলি লৈ স্তন্যপান কৰালে। মাকৰ কোলা পাই শিশু কৃষ্ণই গোৱালীসকলৰ গাত দোষ দি সমস্ত কথা কলে। পুতেকক চোৰধৰা বুলি জানিব পাৰি যশোদাই গোৱালীসকলক নানা ধৰণে তিৰস্কাৰ কৰিলে; আৰু তেওঁৰ ল’ৰাক মিছাতে চোৰ বুলি কলঙ্ক দিয়াৰ কথা কলে। সেয়েহে যশোদাই কৈছিল—আহি ঢাণ্ডি, গোৱালীসৱ, দাসীক দাসী, তোহোসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলি কলঙ্ক কৰসি?’

প্রশ্ন ১৯। গোপীয়ে কৃষ্ণক লৱনু-চোৰ ধৰাত কৃষ্ণই গোপীক কি কি কৈছিল?

উত্তৰঃ গোপায়ে কৃষ্ণক লৱনু-চোৰ ধৰাত কৃষ্ণই, গোপীক এনেদৰে কৈছিল – “হৈ লুধুমী গোৱালী, মই চোৰ কেনেকৈ? আন আন লগৰীয়া গৰখীয়াৰ লগত মই ৰাজপথত ঘূৰি ফুৰি আছোঁ। তুমি নিজেই নিজস্ব ঘৰৰ দধি খাই এতিয়া মোক চোৰ বুলিছা।”

প্রশ্ন ২০। (ক) কানাই কোন? 

(খ) কানাহৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম কি কি?

(গ) তেওঁৰ পালিত পিতৃ-মাতৃৰ নাম কি?

উত্তৰঃ (ক) কৃষ্ণকেই কানাই বোলে।

(খ) কানাইৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম বসুদেৱ আৰু দৈৱকী।

(গ) কানাইৰ পালিত পিতৃ-মাতৃৰ নাম ক্ৰমে নন্দ আৰু যশোদা।

প্রশ্ন ২১। (ক) পুত্র কৃষ্ণৰ বিৰহত শোক তাপ জৰ্জৰিত যশোদাক পুত্র কৃষ্ণৰ সন্ধান কোনে দিছিল?

(খ) যশোদাৰ শোক-তাপ কেনেকৈ গুচিল?

উত্তৰঃ (ক) পুত্ৰ কৃষ্ণৰ বিৰহত শোক-তাপ জৰ্জৰিত যশোদাক পুত্র কৃষ্ণৰ সন্ধান এগৰাকী গোপীয়ে যমুনাৰ পাৰত দিছিল।

(খ) গোপীৰ মুখত পুত্ৰ-কৃষ্ণৰ কুশল-বাৰ্তা শুনাৰ পিছত যশোদাৰ শোক-তাপ গুচিল।

প্রশ্ন ২২। মাতৃ যশোদাৰ কোলাত উঠি কৃষ্ণই কি কৰিছিল আৰু মাকক কি কি কৈছিল?

উত্তৰঃ কৃষ্ণই মাতৃ যশোদাৰ কোলাত উঠি স্তন পান কৰি কৰি মাতৃ যশোদাৰ মুখলৈ চাই চাই, কান্দি কান্দি গোপীয়ে কেনেকৈ তেওঁক লৱনু চোৰ অপযশ দিছে ইত্যাদি কথা মাকক লগালে।

প্রশ্ন ২৩। যশোদাই গোপীসকলক কিদৰে খেদিলে?

উত্তৰঃ যশোদাই গোপী সকলক ‘ঠেঙ্গনা দি’ অর্থাৎ গালি পাৰি খেদিলে।

প্রশ্ন ২৪। সূত্ৰধাৰৰ (নাট্যকাৰৰ) উক্তিৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমাৰ আভাস দিয়া।

উত্তৰঃ শ্রীকৃষ্ণ স্বয়ং ঈশ্বৰ। তেওঁ কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ। তেওঁৰ জন্ম নাই, মৃত্যু নাই৷ তেওঁৰ নাই আদি, নাই অন্ত। তেওঁ আপ্তকাম। তেওঁ মায়াধীশ। তেওঁ অজ। তথাপি তেওঁ দুষ্টক দমন আৰু শিষ্টক পালন কৰিবলৈ ভক্তজনৰ তুষ্টিৰ বাবে, ভক্তক ৰক্ষা কৰিবৰ বাবে আৰু লীলা প্ৰদৰ্শনৰ বাবে মনুষ্যৰূপে অৱতাৰ গ্ৰহণ কৰে। পৰম ভক্ত নন্দ আৰু ভক্তা যশোদাৰ মনোবাঞ্ছা পূৰণৰ বাবেই নন্দৰ গৃহত ব্যক্ত হৈ নানান বিনোদ-লীলা কৰিছে । কৃষ্ণৰ লীলামালা শ্ৰবণ-কীৰ্ত্তন কৰি মানুহে সংসাৰৰ নিকাৰৰ পৰা উদ্ধাৰ লাভ কৰিব পাৰে।

প্রশ্ন ২৫। “আহে মাই যশোদে, তোহো কি পুণ্য কয় শ্রীকৃষ্ণক পুত্র পাৱল।”

—যশোদা কোন আৰু কি পুণ্যৰ কথা কৈছে?

উত্তৰঃ ইয়াত যশোদা হ’ল নন্দৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ মাতৃ। মাধৱদেৱে যশোদাক কৈছে যে কি পুণ্যৰ ফলত যশোদাই কৃষ্ণক পুত্ৰ হিচাপে পাইছে? শ্রীকৃষ্ণ সাধাৰণ মানৱ শিশু, যশোদাৰ পুত্ৰ । সাধাৰণ ল’ৰাৰ নিচিনা লগৰীয়াৰ সৈতে উমলিছে— ধৰাও পৰিছে। কিন্তু গোৱালীয়ে তেওঁক চোৰ বুলি প্রমাণিত কৰিব নোৱাৰিলে। শ্রীকৃষ্ণই চল-চাতুৰীৰে গোৱালীকহে চোৰ বুলি প্রমাণিত কৰিছে। শ্ৰীকৃষ্ণৰ এনেকুৱা মাহাত্ম্য প্রকাশ পোৱাত যশোদাক মাধৱদেৱে কি পুণ্যৰ ফলত এনেকুৱা পুত্ৰ পোৱা বুলি কৈছে।

সপ্রসঙ্গ ব্যাখ্যা

(ক) “আহে গোপীসৱ…..মুখহি সাখী।”

উত্তৰঃ উক্ত ৰচনাফাকি আমাৰ পাঠ্যপুথিৰ ‘চোৰধৰা’ নামৰ পাঠটিৰ-পৰা তুলি দিয়া হৈছে। ইয়াত মহাপুৰুষ মাধৱদেৱে শ্ৰীকৃষ্ণৰ চল-চাতুৰিৰ কথাকে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে।

শ্রীকৃষ্ণই এদিন গোৱালীপাৰাত গোপীৰ ঘৰত লৱনু চোৰ কৰি ধৰা পৰে। কিন্তু নিজ চলনাৰে কৃষ্ণই নিজকে চোৰ নহয় বুলি প্ৰমাণ কৰে। সেয়েহে মাখন চোৰ কৰি খাই অৱস্থাতে গোপীৰ হাতত কৃষ্ণ ধৰা পৰে। কিন্তু আনৰ ঘৰত মাখন চোৰকৈ খাই গৃহস্থকেই (গোপীক) ওলোটাই ধমক দিয়ে। শেষত কৃষ্ণই নিজ হাতে গোপীৰ মুখত মাখন সানি দিয়ে আৰু ওলোটাই গোৱালীপাৰাৰ গোপীসকলক মাতি কয় যে আৰুনো সাক্ষীৰ কি প্রয়োজন। গোপীৰ মুখেই সাক্ষী। মাখন নিজে খাইছে বাবেহে মুখত লাগি আছে।

(খ) “হে কানাই, ………. হামু লৱনু দেৱব।”

উত্তৰঃ উক্ত ৰচনাফাকি আমাৰ পাঠ্যপুথিৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘চোৰধৰা’ নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে।

উক্ত ৰচনাফাঁকিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মহিমা স্বীকাৰ কৰা দেখুৱাইছে। কৃষ্ণই গোপীৰ ঘৰত লৱনু চোৰ কৰি ধৰা পৰে। কিন্তু মহিমাময়ী কৃষ্ণই নিজকে চোৰ নহয় বুলি প্ৰমাণ কৰে। সেয়েহে গোপীয়ে কৃষ্ণক চোৰ ধৰাত কৃষ্ণই নিজক বচাবৰ বাবে নিজ হাতে লৱনু আনি গোপীৰ মুখত ঘহি দি নিজেই গোৱালীপাৰাৰ গোপীসকলক মাতে। কৃষ্ণৰ এই কাৰ্যত গোপীয়ে লাজ পায় আৰু কৃষ্ণক কাতৰকৈ অনুৰোধ কৰে যে, তেওঁক হেনো এৰি-দিব লাগে। কৃষ্ণক আৰু লৱনু দিব। এই দৰে কৃষ্ণই নিজ মহিমাৰে লৱনু খায়।

(গ) “আহে মাই যশোদে……চিন্তা শোক ছাড়হ।”

উত্তৰঃ উক্ত ৰচনাফাকি আমাৰ পাঠ্যপুথিৰ ‘চোৰধৰা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই পাঠটিৰ ৰচক হ’ল মহাপুৰুষ মাধৱদেৱ।

ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ বাৎসল্য কাৰ্যাৱলীৰ এটি বর্ণনা দাঙি ধৰা হৈছে। বালক কৃষ্ণই নিজ ঘৰৰ মাখন নাখাই গোৱালীপাৰাত গৈ গোৱালীৰ ঘৰত সোমাই মাখন চোৰ কৰি খায়। কিন্তু মাখন চোৰকৰি গোৱালীৰ হাতত ধৰা পৰি নিজে যে চোৰ নহয় তাকে প্রমাণ কৰি দিয়ে। শেষত ওলোটাই গোৱালীকে চোৰ ধৰে । লাজ পায় গোৱালীয়ে কৃষ্ণক লৱনু খাবলৈ দিয়ে। লৱনু খাবলৈ পাই কৃষ্ণই গোপী সকলৰ ওচৰত নৃত্য কৰে। কৃষ্ণৰ নৃত্যতে গোৱালীপাৰাৰ সকলোৱে ভোল যায়। আনকি এজনী গোৱালী আহি কৃষ্ণৰ মাক যশোদাৰ ওচৰত কৃষ্ণৰ মহিমা তথা নৃত্য কৰি যে সকলোকে মুগ্ধ কৰিলে তাকে কলে৷ লগতে গোৱালীয়ে কলে যে, “হেৰা যশোদা, আপুনি বহুত পুণ্যৰ ফলতহে কৃষ্ণক পুত্ৰ হিচাপে পাইছে। গতিকে আপুনি সকলো দুখ-শোক ত্যাগ কৰক।” এই কথা শুনি যশোদা গোৱালীপাৰালৈ গৈ কৃষ্ণই নৃত্য কৰি থকা দেখি নিজকে ধন্য মানিলে।

(ঘ) “হে মাই গোৱালী, কোন ঠামে হামাৰ বালক থিক। তথি হামাক নিয়া যাব।”

উত্তৰঃ উক্ত ৰচনাফাঁকি আমাৰ পাঠ্যপুথিৰ মাধৱদেৱ বিৰচিত ‘চোৰধৰা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াৰ মাজত শ্ৰীকৃষ্ণৰ বাৎসল্য মহিমাৰ কথাকে প্ৰকাশ কৰিছে। সেয়েহে কৃষ্ণই ঘৰত লৱনু আদি সকলোবোৰ এৰি গোৱালীৰ ঘৰত গৈ লৱনু চোৰ কৰি খায়। কিন্তু গোৱালীৰ হাতত ধৰা পৰিও তেওঁ নিজকে চোৰ নহয় বুলি প্ৰমাণকৰে আৰু ওলোটাই গোৱালীকহে চোৰ ধৰে। শেষত গোৱালীয়ে কাতৰ অনুৰোধ কৰি আৰু লৱনু দিম বুলি কয়। লৱনু খাই কৃষ্ণই গোপীসকলৰ ওচৰত নৃত্য কৰিবলৈ লয়। কৃষ্ণৰ নৃত্যই সকলোকে মোহিত কৰি পেলালে। এইফালে গোৱালীপাৰাৰ গোপী এজনী আহি কৃষ্ণৰ মাক যশোদাৰ আগত কৃষ্ণৰ নৃত্যৰ কথা কয় আৰু এনেহেন পুত্ৰৰ মাতৃ হোৱাটো যশোদাৰ অতি সৌভাগ্য বুলি কয়। পুতেকে কৰা এনেকুৱা নৃত্যৰ কথা শুনি যশোদা স্থিৰ থাকিব নোৱাৰি গোপীক কলে যে ‘কৃষ্ণ ক’ত আছে তালৈ মোক লৈ বলা।”

(ঙ) “আহে ঢাণ্ডি, গোৱালীসৱ দাসীক দাসী……কলঙ্ক কৰসি।”

উত্তৰঃ ওপৰত উল্লেখিত ৰচনাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘চোৰধৰা’ নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে।

ইয়াৰ মাজেৰে ৰচক মহাপুৰুষ মাধৱদেৱে ভগবান শ্রীকৃষ্ণৰ বাল্যকালৰ কাৰ্যাৱলীৰ এটি বর্ণনা দাঙি ধৰিছে। ভগবান শ্রীকৃষ্ণই নন্দৰজাৰ ঘৰত লালিত পালিত হৈয়ো গোৱালীসকলৰ ঘৰত গৈ লৱনু চোৰ কৰি ধৰা পৰে। কিন্তু নিজৰ চল-চাতুৰীৰে তেওঁ যে চোৰ নহয় তাকে প্রমাণ কৰে আৰু ওলোটাই গোপীকে চোৰ ধৰে। শেষত লৱনুৰ লোভত গোৱালীপাৰাত নৃত্য কৰে। এই সমস্ত কথা জানিব পাৰি মাক যশোদাই গোৱালীসকলক গালি পাৰে আৰু তেওঁৰ ল’ৰাক মিছা কলঙ্ক দিয়া বুলি কয়।

(চ) আহে ঢাণ্ডি হামু কৈছে চোৰ?

উত্তৰঃ উক্ত ৰচনাফাঁকি প্রাচীন সাহিত্য চয়নৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘চোৰধৰা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াৰ মাজেৰে মাধৱদেৱ শ্ৰীকৃষ্ণৰ বাল্য কাৰ্যৰ এটি আভাস দাঙি ধৰিছে। শিশু কৃষ্ণই গোৱালীপাৰাত গৈ গোৱালীৰ ঘৰত সোমাই লৱনু চোৰ কৰি খাই গোৱালীৰ হাতত ধৰা পৰে। চতুৰ শ্ৰীকৃষ্ণই বিপদৰ পৰা হাত সৰাৰ কাৰণে নিজ হাতে লৱনু আনি গোৱালীৰ মুখত ঘহি দিয়ে। শ্ৰীকৃষ্ণই যে নিজে চোৰ কৰা নাই, গতিকে তেওঁ কেনেকৈ চোৰ হব এই কথা ধমক দি গোৱালীক কৈছিল।

(ছ) গোপী কাতৰ কয় বোলত. …. হামাক ছাড়হ।

উত্তৰঃ উক্ত ৰচনাফাঁকি প্রাচীন সাহিত্য চয়নৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত “চোৰধৰা” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত ৰচনাফাঁকিৰ মাজেৰে শ্ৰীকৃষ্ণৰ চতুৰালী প্ৰকাশ পাইছে। গোৱালীৰ ঘৰত সোমাই লৱনু চোৰ কৰি খাবলৈ যোৱাত কৃষ্ণ গোৱালীৰ হাতত ধৰা পৰে। চতুৰ কৃষ্ণই নিজে বিপদৰ পৰা হাত সাৰিবৰ কাৰণে নিজ হাতে লৱনু আনি গোৱালীৰ মুখত ঘহি দিয়ে। কৃষ্ণ নিজে চোৰ নহয় গোৱালীহে চোৰ এই কথা আন গোৱালীক প্ৰমাণ কৰি দেখুৱাই। তেতিয়া গোৱালীয়ে লাজ পায় আৰু তেওঁক এৰি দিবলৈ কৃষ্ণক অনুৰোধ কৰে। এই দৰে কৃষ্ণই চতুৰালী কৰি গোৱালীৰ ঘৰত লৱনু খায়।

(জ) হে বাপু কৃষ্ণ….আৱৰ নাহি আৱব।

উত্তৰঃ উক্ত ৰচনাফাঁকি প্রাচীন সাহিত্য-চয়নৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত “চোৰধৰা” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। মাতৃ যশোদাই একমাত্র পুত্র কৃষ্ণক কেনেমতে শাসন কৰিছে তাক এই কথাৰ মাজেৰে উল্লেখ কৰিছে। গোৱালীয়ে কৃষ্ণক লৱনু চোৰ কলঙ্ক দিয়াৰ বাবে যশোদাই গোৱালী সকলক গালি পাৰিছে। আৰু পুত্ৰ কৃষ্ণকো শাসনৰ সুৰত কৈছে যেন কৃষ্ণই এই দাসী স্বৰূপা গোৱালীহঁতৰ পাৰালৈ কেতিয়াও নাহে।

প্রশ্ন ২৩। খালা ঠাহ পূৰ কৰা-

(ক) হে মাই যশোদে তোহো ………..তেজহ। (তাপ)

(খ) বালক সমে ………….. …………. ফিৰত। (ৰাজ মাৰগে)

(গ) ………….. মুখহি সাক্ষী। (উনিকৰ)

(ঘ) তোহাক হামু ………….. দেৱব। (লৱনু)

(ঙ) ইহা জানি হে মাই ……….. ছাড়হ। (চিন্তা-শোক)

(চ) তথি ……….. নিয়া যাৱ। (হামাক)

(ছ) ছিঃ তোহাৰি মুখে …………..পৰোক। (ছাৰ)

(জ) আপুন পুত্ৰক …………..যশোদাৰ সৱ শৰীৰ…………….। (দেখিয়ে, জুড়াৱল)

(ঝ) হে বাপু কৃষ্ণ, ওহি …………. থানে আৱৰ নাহি ………….। (বান্দীসৱক, আৱব)

(ঞ) হামাৰ ঘৰে দধি দুগ্ধ লৱনু ………… …………? (ক পুছত)

প্রশ্ন ২৪। বিপৰীত শব্দ লিখা—

উত্তৰঃ গোপ—গোপী।

তোহে—হামু।

হৰষিত– বিষণ্ণ। 

শোক—আনন্দ।

প্রশ্ন ২৫। খালি ঠাই পূৰ কৰা—

(ক) হে কানাই ………….. হামাক ছাড়হ। গোপী লৱনু …………..দেলহ।

উত্তৰঃ হে কানাই, তোহে হামাক ছাড়হ। গোপী লৱনু কৃষ্ণক দেলহ।

(খ) আহে মাই যশোদা, তোহো কি …………… কয় শ্রীকৃষ্ণক ……………..পাৱল।

উত্তৰঃ আহে মাই যশোদা, তোহো কি পুণ্য কয় শ্রীকৃষ্ণ পুত্ৰ পাৱল।

(গ) হে মাই ……………, কোন ঠামে হামাৰ থিক। তথি নিয়া……….……. যাৱ ৷

উত্তৰঃ হে মাই গোৱাৰী, কোন ঠামে হামাৰ বালক থিক। তথি হামাক নিয়া যাৱ।

প্রশ্ন ২৬। বাক্য ৰচনা কৰা।

বিদ্যাশিক্ষা, কীৰ্তিস্তম্ভ, বিচাৰি বিচাৰি, লৱনু, দাসীক দাসী, আঞ্চোৰ।

উত্তৰঃ বিদ্যাশিক্ষা— সি-সৰুৰেপৰা গুৱাহাটীত থাকি বিদ্যাশিক্ষা আৰম্ভ কৰিছিল।

কীর্তিস্তম্ভ— ‘নামঘোষা’ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ।

বিচাৰি বিচাৰি— যশোদাই কৃষ্ণক বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছিল।

লৱনু — শ্ৰীকৃষ্ণই গোপীৰ ঘৰত লৱনু চোৰ কৰি খাইছিল।

দাসীক দাসী— যশোদাই গোৱালীসকলক দাসীক-দাসী বুলি গালি পাৰিছিল।

আঞ্চোৰ— যশোদাই নিজৰ আঞ্চোৰেৰে কৃষ্ণৰ ধূলি জোকাৰি দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top