Class 9 Assamese MCQ Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ

Class 9 Assamese MCQ Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ

Join Telegram channel

SEBA Class 9 Assamese MCQ Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

Chapter – 8

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিত লেখক কোন?

উত্তৰঃ জয়ন্ত মাধৱ বৰা।

২। জয়ন্ত মাধৱ বৰাই কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ পদার্থ বিজ্ঞানত।

৩। কোনখন উপন্যাসৰ বাবে জাদৱ মহন্তই অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘অমৃত’।

৪। কিমান চনত জাদৱ মহন্তই বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰে?

উত্তৰঃ ২০১৯ চনত।

৫। কিমান চনত জাদৱ মহন্তই সাহিত্য অঁকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ ২০১৭ চনত।

৬। কোনখন গল্প-সংকলনৰ বাবে জাদৱ মহন্তই অসম সাহিত্য অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে?

উত্তৰঃ ‘জাকৈয়া ছোৱালী’।

৭। বিজ্ঞান এক ______।

উত্তৰঃ বিজ্ঞান এক সংস্কৃতি।

৮। কলুষিত শব্দৰ অৰ্থ লিখা?

উত্তৰঃ কলংকযুক্ত।

৯। দেহাবয়ব শব্দই কি বুজায়?

উত্তৰঃ দেহৰ গঠন।

১০। মানসিক শব্দৰ অৰ্থ লিখা?

উত্তৰঃ মনৰ প্ৰকৃতি সম্পৰ্কীয়।

১১। ‘অন্ধবিশ্বাস,কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।’ উক্তিটো কাৰ?

উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

১২। অন্ধবিশ্বাস কি?

উত্তৰঃ যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।

১৩। কু-সংস্কাৰ কি?

উত্তৰঃ যিবোৰ নীতি-নিয়ম, ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কু- সংস্কাৰ।

১৪। উৰাবাতৰি কাক বোলে?

উত্তৰঃ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্রণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিতাশূন্য বিৱেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰাবাতৰি।

১৫। ইয়াণ্ডাবু সন্ধি কেতিয়া হয়?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত।

১৬। মিছনেৰী সকল কিয় আহিছিল?

উত্তৰঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ।

১৭। শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকলৰ কি অসুখ হৈছিল?

উত্তৰঃ কলেৰাত।

১৮। বেমাৰ ভাল হ’বৰ বাবে মিছনেৰীসকলে বড়ি খোৱাৰ পৰিৱৰ্তে কি কৰিছিল?

উত্তৰঃ পূজা-পাতল কৰিবলৈ আৰম্ভ কৰিছিল।

১৯। মিছনেৰীসকলৰ পৰা বড়ি খোৱা লোকসকলক কি কৰা হৈছিল?

 উত্তৰঃ জাত গ’ল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল।

২০। সামাজিক ব্যাধি এটা উল্লেখ কৰা?

উত্তৰঃ ‘ডাইনী’।

২১। অসমৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ ৭৩.১৮ শতাংশ।

২২। অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ ৭৮.১৮ শতাংশ।

২৩। অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ ৬৭.২৭ শতাংশ।

২৪। শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্র কি আছিল?

 উত্তৰঃ মানৱতা।

২৫। আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ উল্লেখ কৰা?

উত্তৰঃ অধ্যয়ন বিমুখিতা।

২৬। কোনবোৰ সমাজক পংগু সমাজ বুলি গণ্য কৰা হয়?

উত্তৰঃ ইতিবাচক চিন্তা কৰিব নোৱাৰা সমাজক।

২৭। শিক্ষাৰ এটি অন্যতম অংগ কি?

উত্তৰঃ ভ্রমণ।

২৮। ভ্রমণে মনৰ পৰিধি ———কৰে।

উত্তৰঃ ভ্রমণে মনৰ পৰিধি বহল কৰে।

২৯। কোনখন উপন্যাসৰ বাবে জয়ন্ত মহন্তই চৈয়দ আব্দুল মালিক বঁটা লাভ কৰে?

উত্তৰঃ ‘মৰিয়াহোলা’ উপন্যাসৰ বাবে।

৩০। জয়ন্ত মহন্তই কিমান চনত গিৰিধৰ শৰ্মা বঁটা লাভ কৰে?

উত্তৰঃ ১৯৮৭ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top