Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam চাওতালসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান and select needs one.

Class 9 Boichitramoi Assam চাওতালসকল – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

[ ( ছ ) চাওতালসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে  ‘চাওতাল’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে ? 

উত্তৰঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে  ‘চাওতাল’ সংস্কৃত “ সামন্তৰাল ” শব্দৰ পৰা উৎপত্তি হৈছে ।

প্রশ্ন ২। চাওতাল সকলৰ প্রধান জীৱিকা কি ? 

উত্তৰঃ চাওতাল সকলৰ প্রধান জীৱিকা হ’ল-কৃষি ।

প্রশ্ন ৩। ‘মােড়ে হােড়ৰ ’ ( পাঁচজনৰ ) প্রধানজনক কি বুলি কোৱা হয় ? 

উত্তৰঃ মােড়ে হােড়ৰ প্ৰধান জনক ‘ গাঁওবুঢ়া ’ বা  ‘মাঝহি’ বুলি কোৱা হয় ।

প্রশ্ন ৪। চাওতাল সকলৰ উপাধি বা গােত্র কেইটা আৰু কি কি ? 

উত্তৰঃ চাওতাল সকলৰ উপাধি বা গােত্র বাৰটা ; এই কেইটা হ’ল মুমু্, হেম্ভ্ৰম, কিস্কু , বেছৰা , চৰেণ , বাস্কে , হামদাঃ , মার্ডি , চেঁড়ে , পাউৰীয়া আৰু বেদেয়া । ইয়াৰ উপৰি প্রতিটো গােত্ৰৰে উপগােত্র যেনে মুমুৰ উপগােত্ৰৰ ঠাকুৰ , কিস্কুৰ উপগোত্ৰৰ ৰাজাপ আদি । 

প্রশ্ন ৫। চাওতাল সকলৰ কলা – কৃষ্টিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ চাওতাল সকলৰ প্রধান উৎসৱ হ’ল বাহা আৰু চহৰাই । নৃত্য – গীত সমূহৰ ভিতৰত দং নৃত্য , সংগীত , লাংগঁড়ে , নৃত্য , লাংগঁড়ে গীত , চহৰাই , বাহাগীত আদি । 

নৃত্য – গীতত ব্যৱহাৰ কৰা বাদ্যসমূহ হ’ল— তামাক , তুমদাঃ , কৰতাল , ঢােল আদি । 

বিবাহ উৎসৱত কাঁহৰ পাত্র — থাল , বাটি লােটা ব্যৱহাৰ কৰে । 

প্রশ্ন ৬। চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা । 

উত্তৰঃ চাওতাল সকলৰ সামাজিক জীৱন – প্রক্রিয়া অতি সুকীয়া । তেওঁলােকে গাঁও পাতি বাস কৰে । গাঁৱৰ জনসাধাৰণক প্রণালীবদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ দায়িত্ব অর্পণ কৰে । সেই পাঁচজনক ‘ মােড়ে হােড় ’ কোৱা হয় । মােড়ে হােড়ৰ প্ৰধানজনক গাঁওবুঢ়া বা ‘মাঝহি ’ বুলি কোৱা হয় । গাঁৱত কিবা বিশৃঙ্খলতা হ’লে গাঁৱত ‘মাঝাহি’ৰ ওচৰত অভিযােগ দাখিল কৰা হয় । সেই অভিযােগৰ ভিত্তিত মাঝাহিজনে পাঁচজনৰ এজন ‘গডে’ক গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব দিয়ে । তেনে প্রক্রিয়াৰে সমাজৰ যিকোনাে সমস্যাৰ সমাধান কৰা হয় । 

প্রশ্ন ৭ শব্দার্থ 

উত্তৰঃ    সিন্দুৰ খাণ্ডি — হালধি সনা সাজ – পাৰ । 

           টটড়বা – টুপী ।

           হােৰঃ বান্দে – সাজ – পাৰ । 

           মাঝহি – গাওবুঢ়া ।

           পাড়হাণ্ড – লুংগী । 

প্রশ্ন ৮। চমুটোকা লিখা । 

( ক ) বিনােডিক্ট হেশ্রম ( খ ) বদন হাসদা ( গ ) মিথিয়াছ টুডু ( ঘ ) ৰাহেল কিস্কু । 

( ক ) বেনেডিক্ট হেশ্রম :

উত্তৰঃ বেনেডিক্ট হেশ্রম :- কালৰ গতিত বেনেডিক্ট হেম্ভ্ৰমৰ  কায়িক মৃত্যু হলেও , চাওতালি ভাষা সাহিত্যলৈ আগবঢ়োৱা অতুলনীয় অৱদানে তেওঁক সমাজত অমৰ কৰি ৰাখিছে । তেওঁৰ পিতৃৰ নাম ডাটু লক্ষণ হেম আৰু মাতৃৰ নাম ৰাণী চৰেন । তেওঁলােকৰ একমাত্ৰ লৰা সন্তান বেনেডিক্ট হেম্ভ্ৰমৰ জন্ম ১৯৬৭ চনৰ ১৮ অক্টোবৰত , কোকৰাঝাৰ জিলাৰ গােসাইগাঁও মহকুমাৰ অন্তৰ্গত পলাশগুৰি ( জিয়াডাঙ্গা ) গাঁৱত হৈছিল । 

তেওঁ প্রাথমিক শিক্ষা গাঁৱৰ প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি ১৯৯৩ চনত কটন কলেজৰ পৰা সুখ্যাতিৰে উদ্ভিদবিজ্ঞানত এম . এছ . ছি ডিগ্রী লাভ কৰে । নামনি অসমত চাওতাল জনগােষ্ঠীৰ পৰা এম . এছ . ছি . অর্জন কৰা প্রথম ব্যক্তি তেৱেই আছিল । 

তেওঁ গােসাইগাঁও বি . এড কলেজৰ পৰা বি..এড . ডিগ্রী লাভ কৰি গ্রাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যােগদান কৰে । তেওঁৰ চাকৰি – জীৱনকালতে চাওতালি ভাষা আৰু সাহিত্য গৱষেণা কেন্দ্ৰৰ সভাপতিৰ দায়িত্ব লাভ কৰে । তেওঁৰ নেতৃত্বত স্বর্গীয় লুবীন্দ্রনাথ চৰেন আৰু শ্ৰীসুবােধ বাস্কেৰ কঠোৰ পৰিশ্ৰমৰ ফলত চাওতালি পাঠ্যপুথি অসম চৰকাৰে বিনামূলীয়াকৈ যােগান ধৰা আৰম্ভ কৰে । চাওতালি সাহিত্যত কেইবাটাও কবিতা , প্ৰৱন্ধ আদি লিখাৰ উপৰিও অসমত তেৱেঁই প্রথমে চাওতালি ব্যাকৰণ প্রস্তুত কৰি উলিয়াই চাওতালি ভাষা – সাহিত্যক সমৃদ্ধ কৰে ।

( খ ) বদন হাসদা :

উত্তৰঃ বদন হাসদা :- কোকৰাঝাৰ জিলাৰ খাপৰগাঁৱত ১৯৫৭ চনত বদন হাসদাৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম মাঝি হাসদা আৰু মাতৃৰ নাম চলমা বেছৰা আছিল । 

বদন হাসদা কোকৰাঝাৰ কলেজত আই.এ. লৈকে পঢ়ি স্বজনগােষ্ঠীটোক শিক্ষা – দীক্ষা , সামাজিক , অর্থনৈতিক দিশত স্বাৱলম্বী কৰি তুলিবলৈ উঠিপৰি লাগে আৰু তেওঁৰ নেতৃত্বত ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্র সন্থা গঠিত হয় । সেই একে উদ্দেশ্য লৈ তেওঁৰ নেতৃত্বত ১৯৮৬ চনত আদিবাসী সেৱা সমিতিও গঠিত হয় আৰু তেওঁ সুদীর্ঘ পােন্ধৰ বছৰ কাল আদিবাসী সেৱা সমিতিৰ কেন্দ্রীয় কমিটিৰ সভাপতি পদত অধিষ্ঠিত হৈ থাকে । তেওঁ অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল । 

১৯৯৬ চনত হােৱা গােষ্ঠীগত সংঘৰ্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্রহণ কৰিছিল । সেই কৰ্মৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্তই তেওঁক শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল । ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হােৱাৰ পাছত কোকৰাঝাৰ জিলা চান্থাল জনগােষ্ঠীৰ পৰা তেওঁ পৰিষদত কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হয় । 

তেওঁ ০১-০৫-২০০৭ তাৰিখে দুর্বৃত্তৰ আক্ৰমণত প্রাণ হেৰুৱায়।তেওঁৰ অৱদান বি.টি.চি.ৰ ইতিহাসত সােণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব ।

( গ ) মিথিয়াছ টুডু :

উত্তৰঃ মিথিয়াছ টুডু :- অসমত চাওতাল জনগােষ্ঠীৰ পৰা ওলাই অহা ভােটাতৰা আছিল মিথিয়াছ টুডু । তেওঁৰ জন্ম ১৯৩০ চনৰ ১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ গােসাইগাঁও মহকুমাৰ চান্থাল কলনীৰ গাঁৱত মাটিয়াজুৰীত হৈছিল । তেওঁৰ পিতৃৰ নাম ৰেভাৰেণ্ড কানহু টুডু আৰু মাতৃৰ নাম মাৰথা মুর্মু আছিল । তেওঁ প্রাথমিক শিক্ষা মাটিয়াজুৰী প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি কটন কলেজৰ পৰা বি.এ. ডিগ্রী লাভ কৰে । পশ্চিমবঙ্গৰ বেৰহামপুৰৰ পৰা বি.টি. ডিগ্রী অর্জন কৰিছিল ।

টুডুৱে ১৯৫৪ চনত গ্রাহামপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক হিচাবে চাকৰি জীৱন আৰম্ভ কৰে । ইয়াৰ পাছত ৰাহেল চৰেনৰ লগত বিবাহ হয় । স্বর্গীয় মিথিয়াছ টুডু ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে গােসাইগাঁও বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নির্বাচিত হয় । তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে । তেওঁ ১৯৭২-১৯৭৮ চন কালছােৱাত অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী আছিল । তেওঁ অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ ৰাজহ মন্ত্রী হৈছিল । ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চনলৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ উপ – সভাপতি আছিল ।

( ঘ ) ৰাহেল কিস্কু :

উত্তৰঃ ৰাহেল কিস্কু :- ৰাহেল কিস্কুৰ কোকৰাঝাৰ জিলাৰ গােসাইগাঁও থানাৰ অন্তৰ্গত বৰচনপুৰ গাঁৱত ১৯২৫ চনত জন্ম হৈছিল । তেওঁৰ দেউতাৰ নাম জহন কিস্কু আৰু মাকৰ নাম লুক্ষী মুর্মু আছিল । 

ৰাহেল কিস্কুৰ সৰু কালৰে পৰা পঢ়া – শুনাৰ প্ৰতি ধাউতি আছিল । স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু লক্ষৌৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৫১ চনত স্নাতক ডিগ্রী লাভ কৰে । ৰাহেল কিস্কুৱে আছিল প্রথম চান্থাল মহিলা স্নাতক । 

ৰাহেল কিস্কু চাকৰিত থকা কালত সমাজৰ দুখীয়া শ্ৰেণীৰ মহিলাসকলৰ আর্থিক উন্নয়নৰ বাবে নিজৰ পুঁজি খটুৱাই চিলাই প্রশিক্ষণ কেন্দ্র খুলি মহিলাসকলক বিনামূলীয়া শিক্ষা প্রদান কৰিছিল । 

তেওঁ সমাজৰ দুনীতি নিবাৰণ , মদৰ প্ৰচলন বন্ধ কৰা , ডাইনী হত্যা বন্ধ কৰা , মহিলাৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে সজাগতা সৃষ্টি কৰিছিল । 

সহশিক্ষয়িত্ৰী হিচাপে ১৯৫২ চনত গ্রাহামপুৰ হাই স্কুলত তেওঁ চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৮০ চনত প্রধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে ।

14 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top