Class 8 Assamese Chapter 7 বস্তু বিজ্ঞান অধ্যয়ন

Class 8 Assamese Chapter 7 বস্তু বিজ্ঞান অধ্যয়ন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 7 বস্তু বিজ্ঞান অধ্যয়ন – সমাধান and select needs one.

Class 8 Assamese Chapter 7 বস্তু বিজ্ঞান অধ্যয়ন  – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 7 বস্তু বিজ্ঞান অধ্যয়ন – সমাধান Solutions for All Subject, You can practice these here…

প্রশ্ন ১০। চমুটোকা লিখা 

 ( ক ) ৰেডিঅ 

 ( অনাতাঁৰ ) 

( খ ) গ্রামােফোন 

 ( গ ) ইণ্টাৰনেট 

( ঘ ) দূৰভাষ ( টেলিফোন ) 

 ( ঙ ) অণুবীক্ষণ । 

( ক ) ৰেডিঅ ’ ( অনাতাঁৰ )

উত্তৰঃ ১৮৯৫ চনত ইটালী দেশৰ বিজ্ঞানী কাউন্ট গুগিয়েল্মো মার্কনিয়ে ৰেডিঅ ’ বা অনাৰ্তাৰ যন্ত্র আৱিষ্কাৰ কৰিছিল । দূৰদৰ্শন আৱিষ্কাৰৰ পূর্বে ৰেডিঅ’ই মানুহক দেশ – বিদেশৰ বতৰা দিছিল । মনােৰঞ্জন আৰু জ্ঞান লাভৰ বাবে গীত – মাত , নাট , কাহিনী , ইতিহাস আদি পৃথিৱীৰ সকলাে ঠাইতে পৰিৱেশন কৰিছিল ৷

দেশৰ সংকট কালত , যুদ্ধ – বিগ্রহৰ সময়ত ৰেডিঅ’ই বাতৰি যােগান আৰু ল’বলগীয়া সতর্কতাৰ জাননী দিছিল । আজিও ৰেডিঅ’ৰ জনপ্রিয়তা কমি যােৱা নাই । দূৰদৰ্শনে ঢুকি নােপােৱা ঠাই আৰু কর্মব্যস্ত মানুহক ৰেডিঅ’ই আজিও বা-বাতৰি যােগােৱাৰ উপৰি মনােৰঞ্জন দি আছে ।

 ( খ ) গ্রামােফোন

উত্তৰঃ ১৮৮৭ চনত ইমিল বার্লিনাৰ নামৰ আমেৰিকান বিজ্ঞানী এজনে গ্রামােফোন আৱিষ্কাৰ কৰিছিল । এসময়ত মনােৰঞ্জনৰ বাবে গীত – মাত পৰিৱেশনৰ ক্ষেত্ৰত গ্রামােফোনেই জনপ্রিয় আহিলা আছিল । ৰেডিঅ’ বা দূৰদৰ্শনৰ প্ৰচলনে গ্রামােফোনৰ চাহিদা কমাইছে যদিও ইয়াৰ ব্যৱহাৰ লুপ্ত হােৱা নাই । 

( গ ) ইন্টাৰনেট

উত্তৰঃ ইণ্টাৰনেট আধুনিক বিজ্ঞানৰ এক চাঞ্চল্যকৰ আৱিষ্কাৰ । ১৯৬৯ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে বাহিৰৰ কোনাে শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে সৈন্যবাহিনীক সষ্টম  কৰাৰ বাবে কম্পিউটাৰৰ যােগে জাননী দিয়াৰ প্রচেষ্টা চলাই ইণ্টাৰনেটৰ  প্ৰচলন কৰিছিল।ইন্টাৰনেটৰ উপকাৰিতাৰ কথা জনাৰ পিছত সমগ্র পৃথিৱীতে ইয়াৰ দ্রুত প্রসাৰ ঘটিছিল ।

ইণ্টাৰনেটৰ যােগে মানুহে লাগতিয়াল যিকোনাে তথ্য উলিয়াই ল’ব পাৰে । সেইবােৰ কাৰণতে মাত্র চাৰি বছৰ ভিতৰত ইণ্টাৰনেটে পৃথিৱীৰ জনপ্রিয়তা লাভ কৰি সম্প্ৰসাৰিত হৈছিল । এতিয়াৰ পৰা ৩০ বছৰ আগতে আৱিষ্কাৰ হােৱা ইণ্টাৰনেট বর্তমান মানৱ সভ্যতাৰ অপৰিহাৰ্য হৈ পৰিছে । 

( ঘ ) দূৰভাষ ( টেলিফোন )

উত্তৰঃ ১৮৭৬ চনত স্কটলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ গ্রাহামবেলে দূৰভাষ বা টেলিফোন আৱিষ্কাৰ কৰিছিল । দূৰ সংযােগ দ্রুততৰ কৰি দূৰভাষে মানৱ জাতিৰ অশেষ উপকাৰ সাধন কৰিছে । টেলিফোনৰ দ্বাৰা পৃথিৱীৰ যিকোনাে দূৰত্বত থকা জনৰ সৈতে সংযােগ স্থাপন কৰি কথা বতৰা পাতিব পাৰি ।

নিমিষতে খা – খবৰ আদান – প্রদানৰ সুবিধা দি দূৰভাষ বা টেলিফোনে মানুহৰ উদ্বিগ্নতা নােহােৱা কৰিছে । 

( ঙ ) অণুবীক্ষণ

উত্তৰঃ তেনেই সৰু বা ক্ষুদ্রাকৃতিৰ , খালী চকুৰে মনিব নােৱৰা বস্তুকো অণুবীক্ষণৰ সহায়ত বৃহৎ আকাৰত চাব পাৰি । ৰােগৰ বীজাণু ধৰা পেলােৱাত চিকিৎসা বিজ্ঞানীসকলক অণুবীক্ষণে সহায় কৰাৰ ফলত ৰােগ নিৰাময়ৰ বাবে ঔষধ – পাতি আৱিষ্কাৰ কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰাত সহজ হৈছে । 

ঘ- প্রকল্প

 প্রশ্ন ১১। তলত উল্লেখ কৰা বিষয়বস্তুৰ তর্ক প্রতিযােগিতা এখন  পাতা ।

 ( ক ) বিজ্ঞানৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অভিশাপ ।

 ( খ ) মােবাইল ফোনে যুৱ প্ৰজন্মৰ ওপৰত কু – প্রভাৱ পেলাইছে । 

এই প্রতিযােগিতাত তােমাৰ মতে সপক্ষে আৰু বিপক্ষে দিব পৰাকৈ  যুক্তিবােৰ লিখা ।

( ক )সদনত উত্থাপিত বিষয়বস্তুৰ সপক্ষে যুক্তিসমূহ

উত্তৰঃ মাননীয় অধ্যক্ষ মহােদয় , মাননীয় বিচাৰকমণ্ডলী আৰু মাননীয় সদনৰ সমর্থন আশা কৰি বিষয়বস্তুৰ সপক্ষে আমাৰ যুক্তিসমূহ উত্থাপন কৰিছে ।

 ( ১ ) মাননীয় অধ্যক্ষ মহােদয় , আমি সকলােৱে জানাে যে বিজ্ঞানৰ আৱিষ্কাৰে আমাক বহুতাে সুবিধা দিছে । লগে লগে আমি এই কথাও অস্বীকাৰ কৰিব নােৱাৰোঁ যে বিজ্ঞানে আমাৰ অর্থাৎ মানুহৰ কর্মশক্তি অভাৱনীয়ভাৱে হ্ৰাস কৰিছে । বিজ্ঞানে মানুহক ক্রমে এলহুয়া আৰু সােৰােপা , কর্ম বিমুখ কৰি তুলিছে ।

মানুহে আজি সামান্য কষ্ট কৰিও কোনাে কাম কৰিব নোখােজে । উদাহৰণস্বৰূপে আজিৰ মানুহে খােজ কঢ়া , হাতেৰে একলম লিখা , কোৰ মৰা , হাল বােৱা , কাপােৰ বােৱা আদি কাম কৰিব নিবিচাৰে । ২০০ মিটাৰ দূৰ যােৱাৰ বাবেও মানুহে যান বা বিচাৰে । হাতেৰে লিখাৰ এলাহত ফটোষ্টেট বা টাইপ কৰি লয় ।

শাৰীৰিক পৰিশ্রমবিমুখ হােৱাৰ বাবে মানুহে নানান বেমাৰ – আজাৰত ভােগে । এইবােৰ কাৰণতে বিজ্ঞানৰ আৱিষ্কাৰ  মানৱ সভ্যতাৰ অভিশাপ বুলি মই বিশ্বাস কৰোঁ । 

( ২ ) কেতবােৰ বৈজ্ঞানিক আৱিষ্কাৰে মানুহক সুখ – সুবিধা দিয়াৰ প্রলােভনেৰে প্রলােভিত কৰি যথেষ্ট অনিষ্টসাধনহে কৰিছে ; যেনে— কম সময়ৰ ভিতৰত যাতায়াত কৰাৰ বাবে বে’ল – মটৰ – উৰাজাহাজ আদিৰ আৱিষ্কাৰেৰে প্রলােভিত কৰি মানুহক খৰচান্ত কৰিছে আৰু আনহাতে মানুহক সাধাৰণ পৰিশ্ৰমখিনিও কৰাৰ অসমর্থ কৰিছে ।

আকৌ বিবিধ কল কাৰখানা আৱিষ্কাৰ কৰি খাদ্য সামগ্রী আৰু নিত্য ব্যৱহার্য সামগ্রী প্রস্তুত কৰি মানুহক সুখ – সুবিধা – আৰাম দিয়াৰ অচিলা লৈ মানুহে তর্কি নােৱৰাকৈ অনিষ্টকৰিছে । প্রস্তুত খাদ্য সামগ্রীবজাৰত কিনিব । পােৱাৰ বাবে সামান্য পৰিশ্ৰমফেৰা কৰিও মানুহে খাদ্য সামগ্রী প্রস্তুত বা তৈয়াৰ কৰি নাখায় ।

ইয়াৰ দ্বাৰা মানুহৰ অৰ্থৰ ক্ষতি হৈছে আৰু কাৰ্যকুশলতা নিঃশেষ হৈছে । তাতােকৈ ডাঙৰ কথা কল – কাৰখানা আৰু যন্ত্রপাতি , যান-বাহন আদিৰ পৰা নিৰ্গত ধোঁৱা আৰু আবর্জনাই পৰিৱেশ দুষিত কৰি মানুহক নানান ৰােগত আক্রান্ত কৰিছে । বিজ্ঞানৰ ফলত হােৱা এনে অন্যায়বােৰৰ বাবেই বিজ্ঞানৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অভিশাপ বােলা হৈছে ।

 ( ৩ ) বিজ্ঞানে আৱিষ্কাৰ কৰা বিবিধ যান-বাহন , কল – কাৰখানা আদিয়ে কেৱল যে মানুহৰেই অনিষ্ট কৰিছে এনে নহয় , বৰং প্রকৃতি ৰাজ্যৰো অনিষ্ট কৰিছে , প্রকৃতিকো ব্যাধিগ্রস্ত কৰি মানুহৰ জীৱন ধাৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

কল – কাৰখানাৰ পৰা নিৰ্গত হােৱা দূষিত ধোৱাই বায়ুমণ্ডলৰ অ’জন স্তৰ ধ্বংস কৰি পেলােৱাৰ ফলত প্রকৃতিয়ে ভাৰসাম্য তথা নিয়ন্ত্রণ হেৰুৱাই পেলাইছে । ইয়াৰ ফলত প্রাকৃতিক পৰিৱেশনষ্ট হৈছে । গতিকেই বিজ্ঞানৰ আৱিষ্কাৰ মানৱ জাতিৰ অভিশাপৰ বাহিৰে একো নহয় ।

 ( ৪ ) ৰে’ল – মটৰ – উৰাজাহাজ , জাহাজ আদি যানবাহন মানুহৰ মৃত্যুদূতস্বৰূপ হৈ পৰিছে । প্রতিদিনে সংঘটিত কোনাে নহয় কোনােবিধ যান-বাহন দুর্ঘটনাত পতিত হৈ লাখ লাখ মানুহে প্রাণ হেৰুৱাইছে । অনিশ্চিতভাৱে নিমিষতে হাজাৰ হাজাৰ , লাখ লাখ মানুহৰ অমূল্য  জীৱন ধ্বংস কৰা বিজ্ঞানৰ আৱিষ্কাৰ মানৱ জাতিৰ অভিশাপ বুলি কোনে ক’ব নোখােজে বাৰু ? 

      সেইবাবে অধ্যক্ষ মহোদয়, উত্থাপিত যুক্তিসমূহেৰে মই সকলোৰে সমৰ্থন আশা কৰি মই মোৰ বক্তব্য সমৰিছোঁ ।

 সদনত উত্থাপিত বিষয়বস্তুৰ বিপক্ষে যুক্তিসমূহ :- মাননীয় অধ্যক্ষ মহােদয় , মাননীয় বিচাৰকমণ্ডলী আৰু মাননীয় সদনৰ সমর্থন আশা কৰি সদনত উত্থাপিত বিষয়বস্তুৰ বিপক্ষে আমাৰ যুক্তিসমূহ উত্থাপন কৰিছে । 

( ১ ) মাননীয় অধ্যক্ষ মহােদয় , মােৰ আগৰ বক্তাজনে নিজে বিজ্ঞানৰ আৱিষ্কাৰৰ সা সুবিধাৰ মাজত থাকিও বিজ্ঞানৰ উপকাৰসমূহ ইচ্ছাকৃতভাৱে অস্বীকাৰ কৰি বিজ্ঞানে মানুহৰ কর্মশক্তি হ্রাস কৰা আৰু মানুহক এলে কৰা বুলি হাঁহি উঠা তৰল যুক্তি প্রদর্শন কৰি সদনক বিভ্রান্ত কৰিব বিচাৰিছে ।

বিজ্ঞানৰ বিবিধ আৱিষ্কাৰে মানুহৰ জীৱন – যাপন আৰামদায়ক আৰু সুখকৰ কৰি তােলাৰ বাবে পুৰণি কালৰ শিক্ষাৰ প্ৰসাৰ নােহােৱা দিনৰ মানুহৰ দৰে হাড়ভঙা পৰিশ্ৰম কৰিব লগা হৈছে । সেইদৰে পৰিশ্ৰম কৰি খােজ কাঢ়ি এক ঘণ্টাত অতিক্রম কৰিব পৰা দূৰত্ব যানবাহনেৰে দহ মিনিটত অতিক্ৰম কৰি পৰিশ্ৰম লাঘৱ কৰিছে ।

হাতেৰে লিখি অধিক সময় নকটাই নিমিষতে ফটোষ্টেট কৰি বা কম সময়ত টাইপ কৰি ল’ব পাৰিছে । এইদৰে বৈজ্ঞানিক আৱিষ্কাৰসমূহে মানুহৰ সুখ – সুবিধা বঢ়াইছে । তেনেস্থলত বিজ্ঞানৰ আৱিষ্কাৰসমূহ মানৱ জাতিৰ অভিশাপ বুলি ক’লে মিছাৰ আশ্রয় লােৱা হ’ব । আচলতে বৈজ্ঞানিক আৱিষ্কাৰ মানৱ জাতিৰ বাবে আশীর্বাদহে । 

( ২ ) কল – কাৰখানা আৰু যান-বাহন  আদিয়ে পৰিৱেশ দূষিতকৰাৰ কথাও বিজ্ঞানেই আৱিষ্কাৰ কৰিছে আৰু দূষিত পৰিৱেশ দোষমুক্ত কৰাৰপৰামর্শও বিজ্ঞানেই আগবঢ়াইছে । অর্থাৎ অসুবিধাৰ হাত সৰাৰ উপায়ৰাে ব্যৱস্থা কৰিছে । দূষিত পৰিৱেশজনিত কাৰণত হােৱা ৰােগ ব্যাধি নিৰাময়ৰ বাবেও বিজ্ঞানেই চিকিৎসা পদ্ধতিৰাে ব্যৱস্থা কৰিছে ।

এনে ৰােগাক্রান্তসকলে উপযুক্ত সময়ত চিকিৎসাৰ ব্যৱস্থা কৰিলে ৰােগমুক্ত হ’ব পাৰে ; কিন্তু ৰােগীক তুলসীৰ গুৰিলৈ নিয়াৰ সময়ত চিকিৎসা কৰিলে সুফল পােৱা নাযায় । গতিকে এনে ক্ষেত্ৰত কাৰােবাৰ মৃত্যু হােৱা ঘটনালৈ আঙুলিয়াই বিজ্ঞানৰ আৱিষ্কাৰকঅপবাদবি বিচৰাটো মুঠেও যুক্তিসংগত নহয় ।

আধুনিক চিকিৎসা বিজ্ঞানে মানুহ ৰােগ নিৰাময়ৰ ব্যৱস্থাহে কৰিছে । সেই দিশলৈ চাই বিজ্ঞানৰ আৱিষ্কাৰ মানৱ  জাতিৰ বাবে আশীর্বাদ বুলিহে ক’ব লাগিব ।

 ( ৩ ) বিজ্ঞানে আৱিষ্কাৰ কৰা কল – কাৰখানাৰ দূষিত ধোঁৱাই প্রকৃতি ৰাজ্যতাে ব্যাধি বিয়পাই অ’জন স্তৰ ধ্বংস কৰি প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱাইছে বুলি বিজ্ঞানেই আৱিষ্কাৰ কৰিছে আৰু তাৰ প্ৰতিকাৰৰ বাবে গছ – গছনি ৰোপণ কৰি , বনাঞ্চল সংৰক্ষণ কৰি , পুৰণি যানবাহন চলাচল বন্ধ কৰি পৰিৱেশ দোষমুক্ত কৰাৰ পৰামর্শও কেৱল বিজ্ঞানেহে দিব পাৰিছে ।

অর্থাৎ বিজ্ঞানে আৱিষ্কাৰৰ বাবে কিবা অনিষ্ট হ’ব পৰালৈও দৃষ্টিৰাখি সেই অনিষ্ট ৰােধ কৰাৰ দিহাও দিছে । তেনেস্থলত বিজ্ঞানক মানৱ জাতিৰ অভিশাপ বােলাটো অযুক্তিক ।

 ( ৪ ) কোনাে কার্যৰ পৰা হােৱা সুফল আৰু কুফলৰ পৰিমাণ নিৰূপণ কৰাৰ পিছত সেই কার্য ভাল বা বেয়া বুলি স্থিৰ সিদ্ধান্ত ল’ব পাৰি । বিজ্ঞানে আৱিষ্কাৰ কৰা যানবাহনসমূহে সময় আৰু স্থানৰ দূৰত্ব কমাই যাতায়াত সুগম – সুলভ কৰিছে । যান্ত্রিক বিজুতি বশতঃ ক’ৰবাত দুই – এটা দুর্ঘটনা ঘটি মানুহৰ আকস্মিক মৃত্যু ঘটাটো দুর্ভাগ্যজনক যদিও তাক কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ কুফল বুলি ক’ব নােৱাৰি ।

বৰ্তমানৰ পৃথিৱীখনত জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে । অর্থনীতিবিদ মালথাছে কৈছিল যে মানুহে জনসংখ্যা নিয়ন্ত্রণ নকৰিলে প্রকৃতিয়ে নিজে ব্যৱস্থা গ্ৰহণ কৰিব । গতিকে সাম্প্রতিক কালত সংঘটিত দুর্ঘটনাবােৰ প্রকৃতিৰ জনসংখ্যা নিয়ন্ত্রণ ব্যৱস্থা মাথােন । 

( খ ) মােবাইল ফোনে যুৱ প্ৰজন্মৰ ওপৰত কু – প্রভাৱ পেলাইছে । 

উত্তৰঃ সদনত উত্থাপিত বিষয়ৰ সপক্ষে আমাৰ যুক্তিসমূহ :- মাননীয় অধ্যক্ষ মহােদয় আৰু মাননীয় সদন , উত্থাপিত বিষয়বস্তুৰ সপক্ষে আমাৰ যুক্তিসমূহ আপােনালােক সমর্থন আশা কৰি উত্থাপন কৰিছে— 

( ১ ) দূৰস্থজনৰ বা বাতৰি লােৱা , প্রয়ােজনীয় কথা বতৰা পতা আদি কামত সহায় কৰি মােবাইল ফোনে মানুহৰ মনৰ উদ্বিগ্নতা , অশান্তি দূৰ কৰিছে । কিন্তু আমাৰ যুৱ – প্ৰজন্ম অর্থাৎ ডেকা – গাভৰুসকল মােবাইল ফোনৰ এই সুবিধা গ্রহণ কৰি’কুপ্রভাৱগ্রস্তও হােৱা দেখা গৈছে । মােবাইল ফোনৰ সুযােগ লৈ তেওঁলােক অভিভাৱকৰ অজানিতে – অলক্ষিতে অসামাজিক কাম – কাজত লিপ্ত হৈ নিজৰ ক্ষতি সাধন কৰিছে । 

( ২ ) আচলতে জৰুৰী বা অতি প্রয়ােজনীয় কথা বতৰাখিনি চমুকৈ জনা বা জনােৱাৰ বাবেহে মােবাইল ফোন ব্যৱহাৰ হ’ব লাগিছিল । কিন্তু আমাৰ যুৱ – প্ৰজন্মই সৰু – সুৰা অপ্রয়ােজনীয় কামতাে হকে – বিহকে মােবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ লৈছে ।

ইয়াৰ দ্বাৰা তেওঁলােক অসচেতনভাৱে দুই ধৰণে ক্ষতিগ্রস্ত হৈছে — এফালে ফোনৰ বিল বঢ়াই অভিভাৱকক আর্থিকভাৱে ক্ষতিগ্রস্ত কৰিছে আনহাতে অলাগতিয়াল কথা পাতি অসামাজিক কথা পাতি নিজৰ অমূল্য সময় অপব্যয় কৰিছে।ব্যতিক্রম দুই – একৰ বাহিৰে সৰহসংখ্যক ক্ষেত্ৰতে এই কথা প্রযােজ্য । 

( ৩ ) অভিভাৱক বা বয়স্কজনৰ সন্মুখত মুকলিভাৱে পাতিব নােৱৰা কথা ডেকা গাভৰুসকলে মােবাইল ফোনেৰে পতাৰ সুবিধা হৈছে । এই সুবিধা গ্রহণ কৰি ডেকা গাভৰুসকল গােপন মিলা – মিছাতপ্রবৃত্ত হৈছে । গতিকে মােবাইল ফোনে যুৱ – প্ৰজন্মক আওবাটে পৰিচালিত কৰি সমাজ জীৱনৰ অহিত সাধন কৰিছে । 

           সেইবাবে অধ্যক্ষ মহোদয়, উত্থাপিত যুক্তিসমূহেৰে মই সকলোৰে সমৰ্থন আশা কৰি মই মোৰ বক্তব্য সমৰিছোঁ ।

সদনত উত্থাপিত বিষয়বস্তুৰ বিপক্ষে আমাৰ যুক্তিসমূহ :- মাননীয় অধ্যক্ষ মহােদয় , মাননীয় সদন , সদনত উত্থাপিত বিষয়বস্তুৰ বিপক্ষে আমি যুক্তি প্রদর্শন কৰিব বিচাৰিছোঁ । আশাকৰো আমাৰ যুক্তি আপােনালােকৰ সমর্থনযােগ্য হ’ব ।

 ( ১ ) মাননীয় অধ্যক্ষ মহােদয় , মােবাইল ফোনে আমাৰ যুৱ – প্ৰজন্মক কু – প্রভাৱত পেলােৱা বুলি ওপৰােক্ত বক্তাজনে প্রদর্শন কৰা যুক্তিসমূহ তৰল আৰু ভিত্তিহীন বুলি মই ভাবো । কিয়নাে মােবাইল ফোনে যুৱক – যুৱতীসকলক কু – প্রভাৱত পেলােৱা নাই বৰং কু – প্রভাৱৰ পৰা মুক্ত হৈ থাকিবৰ বাবে সততে অভিভাৱকৰ সৈতে যােগাযােগ ৰক্ষা কৰাৰ সুবিধা দি উভয়কে দুঃশ্চিন্তা আৰু মানসিক উদ্বিগ্নতামুক্ত কৰি ৰাখিছে ।

যুৱক – যুৱতীসকল কোনাে অসুবিধাৰ সন্মুখীন হলে মােবাইল ফোনেৰে অভিভাৱক অথবা নিৰ্ভৰযােগ্য ব্যক্তিৰ লগত , পুলিচ প্রশাসনৰ লগত যােগাযােগ কৰি সুৰক্ষিত হােৱাৰ সুবিধাহে দিছে । 

 ( ২ ) ফোন , মােবাইল ফোন আদি নথকা দিনত দূৰস্থ ঠাইলৈ খবৰ বতৰা প্ৰেৰণ কৰাটো কষ্টকৰ আৰু দীঘলীয়া সময় ব্যয়ৰ সমস্যা আছিল । মােবাইল ফোনে সেই কষ্ট আৰু দীঘলীয়া সময় ব্যয়ৰ পৰা ৰক্ষা কৰি মানুহৰ অশেষ উপকাৰ কৰিছে । তেনেক্ষেত্ৰত মােবাইল ফোনে যুৱ – প্ৰজন্মক কু – প্রভাৱত পেলােৱা বুলি ভাবিবই নোৱাৰি ।

 ৩ ) আমাৰ সমাজৰ ৰীতি মতে ডেকা – গাভৰুসকলে মনে বিচৰা বহু কথাই মাক দেউতাক বা অভিভাৱকৰ আগত খােলাখুলিভাৱে পাতিব নােৱাৰে । ডেকা – গাভৰুসকলে মনে বিচৰা ধৰণে সংগী – সংগিনী সন্ধান কৰাৰ ক্ষেত্ৰত মােবাইল ফোনে সহায় কৰিছে । পৰিৱর্তিত সমাজ ব্যৱস্থাত ডেকা – গাভৰুসকলৰ এনে সন্ধানী মনােভাব মােবাইল ফোনৰ কু – প্রভাৱ বুলি ভাবিব নােৱাৰি ।

প্রশ্ন ১২। পাঠৰ আলমত বিজ্ঞান চর্চাৰ ফলত আৱিষ্কৃত সামগ্রীসমূহ তালিকাভুক্ত কৰি সেইবােৰ কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল উল্লেখ কৰা ৷

 উত্তৰঃ 

সামগ্রী আৱিষ্কাৰকআৱিষ্কাৰৰ চন
ৰেডিঅওগ্লিয়েন্নো মার্কনি ( ইটালী )১৮৯৫
ছপাযন্ত্ৰসােহান গুটেনবার্গ ( জার্মানী )১৪৫৬
থার্ম’মিটাৰগেলিলিঅ ‘ গেলিলি ( ইটালী )১৫৯২
টেলিস্কপহানচ লিপিৰছে ( নেদাৰলেণ্ড )১৬০৮
ভাপ ইঞ্জিন
( আধুনিক )
জেমছবাট ( ইংলেণ্ড )১৭৬৯
চিলাইকলটমাছ ছেন্ট ( ইংলেণ্ড )১৭৯০
বাইচাইকেল
( আধুনিক )
মেকমিলান ( স্কটলেণ্ড )১৮৩৯
টেলিগ্রাফছেমুৱেল ফিনলে ব্রীজ মৰ্ছ ( আমেৰিকা )১৮৩৭
টেলিফোনআলেকজেণ্ডাৰ গ্রাহামবেল ( স্কটলেণ্ড )১৮৭৬
ফোনােগ্রাফটমাছ আলভা এডিচন ( আমেৰিকা )১৮৭৭
গ্রামােফোনইমিল বার্লিনাৰ ( আমেৰিকা )১৮৮৭
বিজুলী বাতিটমাচ আলভা এডিচন ( আমেৰিকা )১৮৮৭
টেপ ৰেকৰ্ডাৰভালডেমাৰ পলচন ( ডেনমার্ক )১৮৯৯ 
উৰাজাহাজউইলবাৰ ৰাইট আৰু অৰভিল ৰাইট ( আমেৰিকা )১৯০৩
টেলিভিছনজন লেগি বেয়ার্ড ( স্কটলেণ্ড )১৯২৫
ট্রেনজিষ্টৰজন বার্ডিন , ৱাল্টাৰ ব্ৰাটেইন ( আমেৰিকা )১৯৪৮ 
এক্স-ৰেউইন হেলম বণ্টজেন ( জার্মানী )১৮৯৫
ৰেডিয়ামমেৰী কুৰী , পিয়েৰ কুৰী (ফ্ৰান্স)১৮৯৮

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। ‘বস্তু বিজ্ঞান অধ্যয়ন’ পাঠটো কাৰ ৰচনা?

উত্তৰঃ ‘বস্তু বিজ্ঞান অধ্যয়ন’ পাঠটো সত্যনাথ বৰা ডাঙৰীয়াৰ ৰচনা।

প্রশ্ন ২। বিজ্ঞান চর্চাই মানুহক কি ক্ষমতা দিছে? 

উত্তৰঃ বিজ্ঞান চর্চাই মানুহক প্ৰাকৃতিক ঘটনাৰ কাৰণ নিৰূপণ কৰি বিবিধ বা আৱিষ্কাৰৰ ক্ষমতা দিছে।

প্রশ্ন ৩। শব্দ তত্ত্ব নিৰূপণৰ দ্বাৰা বিজ্ঞানে কি কৰিছে?

উত্তৰঃ শব্দ তত্ত্ব নিৰূপণৰ দ্বাৰা বিজ্ঞানে দূভাষ বা টেলিফোন আবিষ্কাৰ কৰিব পাৰিছে। 

প্রশ্ন ৪। বিজ্ঞানে বায়ু তত্ত্ব নিৰূপণ কৰি কি কৰিব পাৰিছে? 

উত্তৰঃ বিজ্ঞানে বায়ু তত্ত্ব নিৰূপণ কৰি বায়ুক জুলীয়া অৱস্থালৈ পৰিৱৰ্তিত কৰি উৰা জাহাজৰ দৰে যান আৱিষ্কাৰ কৰিব পাৰিছে।

প্রশ্ন ৫। মানৱ জাতিৰ উদ্‌গতি পথৰ ৰাধা বুলি কিহক কোৱা হয়?

উত্তৰঃ মানুহৰ সমাজত প্ৰচলিত কু-সংস্কাৰক মানৱ জাতিৰ উদ্‌গতি পথৰ বাধা বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top