Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট

Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট – সমাধান and select needs one.

Join Telegram channel

SEBA Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট  – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট – সমাধান Solutions for All Subject, You can practice these here…

প্রশ্ন ১১। পাঠত থকা বা নথকা অসমৰ দুর্যোগবােৰ প্রাকৃতিক আৰু কৃত্রিম এই দুই ভাগত বিভক্ত কৰা ।

লগতে সেইবােৰৰ কাৰণ উল্লেখ কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱা । 

উত্তৰঃ  ‘যুগমীয়া শৰাইঘাট’ পাঠত উল্লেখ থকা বা নথকা অসমৰ দুর্যোগবােৰক প্রাকৃতিক দুর্যোগ আৰু কৃত্রিম দুর্যোগ , এই দুই ভাগত বিভক্ত কৰি সেইবােৰৰ কাৰণ আৰু সমাধানৰ পৰামর্শ তলত দিয়া , ধৰণে আগবঢ়োৱা হ’ল—

( ক ) প্রাকৃতিক দুর্যোগ :-

অতি বৃষ্টি , অনাবৃষ্টি , বানপানী , গৰাখহনীয়া , ধুমুহা , শিলাবৃষ্টি , ভূমিস্খলন  ভূমিকম্প , নদীৰ গতিপথ , পৰিৱৰ্তন , শস্য ধ্বংসকাৰী পােক – পৰুৱাৰ উৎপাত , ছুনামি আদিয়েই প্ৰাকৃতিক দুৰ্যোগ ।

        এইবােৰৰ সমাধান কল্পে চৰকাৰী আৰু ৰাজহুৱাভাৱে কিছু যত্ন লােৱা হৈছে যদিও দুই এটা দুর্যোগ সমাধানত সামান্যহে সফলকাম হৈছে বুলিব পাৰি । সম্পূর্ণভাৱে এই দুর্যোগসমূহ নির্মূল কৰিব পৰা নাযায় । মাত্র কিছু সাৱধানতা অৱলম্বন কৰিলে বা সুচিন্তিত আৰু পৰিকল্পিতভাৱে আঁচনি গ্ৰহণ কৰিলে ক্ষয় – ক্ষতিৰ পৰা কিছু হাত সাৰিব পৰা যায় ।

অতি বৃষ্টিৰ ফলত জমা হৈ থকা পানী নৈ বিল খাল আদিলৈ বােৱাই উলিয়াই নিবৰ বাবে নলা , খাল আদিৰ ব্যৱস্থা কৰিলে ইয়াৰ অনিষ্টৰ পৰা কিছু ৰক্ষা পাব পৰা যায় । অনাবৃষ্টি বা খৰাং বতৰৰ বাবে নদী , বিল , খালৰ পৰা , দমকল আদি বহুৱাই তাৰ পৰা পানী উলিয়াই দোং , নলা আদিৰ ব্যৱস্থাৰে পানী বােৱাই আনি খৰাং পীড়িত ৰাইজক কিছু সকাহ দিব পৰা যায় ।

শিলাবৃষ্টি , ভূমিকম্প , ছুনামি , ধুমুহা আদিক বাধা দিব নােৱাৰি ; কিন্তু এইবােৰৰ বাবে আগতীয়াকৈ সততে সাৱধান হৈ থাকিলে ক্ষয় – ক্ষতিৰ পৰা কিছু ৰক্ষা পাব পাৰি । গৰাখহনীয়া , ভূমিস্খলন আদিৰ ক্ষেত্ৰতাে সুপৰিকল্পতিভাৱে আঁচনি গ্ৰহণ কৰিলে ইয়াক কিছু পৰিমাণে হলেও প্রতিশােধ কৰিব পাৰি।নদীৰ গতি পৰিৱর্তনৰ ক্ষেত্ৰতাে এই পৰিকল্পনাৰ প্রয়ােজন । নদী আদিত বান্ধ ; মথাউৰি আদি নির্মাণ কৰি বানপানীৰ উৎপাত কিছু লাঘৱ কৰিব পাৰি । 

( খ ) কৃত্রিম দুর্যোগ :- 

অত্যধিক বৰষুণ তথা কম বৰষুণৰ ফলতাে নগৰ – চহৰ অঞ্চলত পানী ওলাই যােৱা নলা – নর্দমাবােৰ জাবৰ – জোথৰ , পলিথিন আদিৰে পােতখাই থকাত পানী ওলাই যাব নােৱাৰাত কৃত্রিম বানপানীৰ সৃষ্টি হয় । ইয়াৰ উপৰি পানী ওলাই গৈ জমা হ’ব পৰা অঞ্চলবােৰ পুতি ঘৰ , উদ্যোগ আদি নির্মাণ কৰিবলৈ লােৱাৰ ফলতো এনে কৃত্রিম বানপানীৰ সৃষ্টি হয় ।

জধে – মধে পাহাৰৰ মাটি কাটি অনাৰ ফলতাে ভূমিস্খলন হৈ মানুহৰ মৃত্যু পর্যন্ত হয় । কল কাৰখানাৰ ধোঁৱাই পৰিৱেশ কলুষিত কৰি কৃত্রিম দুর্যোগৰ সৃষ্টি কৰে । অত্যধিক গাড়ী – মটৰ আহ – যাহত , ধূলিৰে , আনহাতে গাড়ী – মটৰৰ শব্দ , উদ্যোগ আদিৰ শব্দয়াে পৰিৱেশত কৃত্রিম দুর্যোগৰ সৃষ্টি কৰে ।

খনি আদিতাে আকস্মিকভাৱে প্ৰায়ে কৃত্রিম দুর্যোগৰ সৃষ্টি কৰি প্রাণ হানি হয় । মানুহে হাবি – জংঘল , গছ – গছনি কোনাে চিন্তা নকৰাকৈ কাটি খাস্তাং কৰাৰ ফলতাে অনেক কৃত্রিম দুর্যোগৰ সৃষ্টি হয় । 

       এনেবোৰ কৃত্রিম দুর্যোগ প্রকৃততে মানুহৰ দ্বাৰাই সৃষ্টি হয় । সকলাে শ্ৰেণীৰ মানুহ সৎ আৰু সজাগ হ’লে , সুচিন্তিত আৰু সুপৰিকল্পিতভাৱে কামবােৰ কৰিলে এই কৃত্রিম দুর্যোগসমূহ নিৰাময় কৰিব পাৰি । পানী ওলাই যােৱা নলা – নর্দমাবােবত জাবৰ – জোথৰ , পলিথিন আদি নেপেলাই পৰিষ্কাৰ কৰি ৰাখিব লাগে ।

পানী ওলাই গৈ জমা হ’ব পৰা দ অঞ্চলবােৰ জধে মধে পুতি পেলাব নালাগে । বাসস্থানৰ পৰা উদ্যোগবােৰ দূৰত পাতিব লাগে । জধে – মধে হাবি জংগল , গছ – গছনি কটাত বাধা আৰােপ কৰিব লাগে । তেতিয়া হ’লে বনৰীয়া জীৱ জন্তুৱে আহি মানুহক অনিষ্ট কৰিব নােৱাৰে ৷ মুঠতে সকলাে ক্ষেত্রতে মানুহ সচেতন হ’লেই এই কৃত্রিম দুর্যোগসমূহৰ সৃষ্টি নহয় । 

প্রশ্ন ১২। জাতীয় বীৰ লাচিতৰ স্মৃতি ৰক্ষার্থে চৰকাৰী আৰু বেচৰকাৰীভাৱে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা ।

( স্মৃতি চিহ্ন , দিৱস উদ্যাপন , বঁটা প্ৰৱর্তন , ডাকটিকট আদি ) ।

 উত্তৰঃ  জাতীয় বীৰ লাচিতৰ স্মৃতি ৰক্ষার্থে অসম চৰকাৰে জালুকবাৰী চাৰি আলিৰ ওচৰত হাতত হেংদান লৈ দেশৰক্ষাৰ বাবে সাজু হৈ থকা বীৰ বেশত বীৰ জনাৰ এটা প্রতিমূর্তি কেইগৰাকীমান সেনাৰে সৈতে নির্মাণ কৰি ৰাখিছে । আনহাতে ২৪ নৱেম্বৰটি ‘লাচিত দিৱস’ হিচাপে চৰকাৰীভাৱে উদযাপন কৰি আহিছে । বীৰজনাৰ স্মৃতিত চৰকাৰে বঁটা আৰু ডাক টিকটৰাে প্ৰচলন কৰিছে

 । 

          ইয়াৰ উপৰি বেচৰকাৰীভাৱে সংঘ , পুথিভঁৰাল , অনুষ্ঠান আদিত লাচিত দিৱস পালন কৰি বীৰজনাৰ প্রতি শ্রদ্ধা জনােৱাৰ লগতে সোঁৱৰণ কৰি আহিছে ।

 প্রশ্ন ১৩ শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্রতিমূর্তি আছে । সেই বীৰ দুজন কোন কোন ? তেওঁলােকৰ বীৰত্বৰ কাহিনী লিখা । 

উত্তৰঃ  শৰাইঘাট দলঙৰ উত্তৰ মূৰত থকা বীৰজনাৰ প্রতিমূর্তি হৈছে মহাৰাজ নৰনাৰায়ণৰ ভায়েক সেনাপতি শুক্ৰধ্বজ বা চিলাৰায়ৰ আৰু দক্ষিণ মূৰত থকা প্রতিমূর্তিটো হৈছে বীৰ সেনাপতি লাচিত বৰফুকনৰ । এই দুয়ােগৰাকী বীৰৰ বীৰত্বৰ কাহিনী চমুকৈ তলত বর্ণনা কৰা হ’ল । 

      ( ক ) শুক্ৰধ্বজ বা চিলাৰায় :-

কোচ ৰজা বিশ্বসিংহৰ ওঠৰজন পুতেকৰ ভিতৰত বিশ্বসিংহই মল্লদেৱক ৰজা আৰু শুক্ৰধ্বজক সেনাপতি পতাৰ ইচ্ছা প্রকাশ কৰিছিল । সেইমর্মে বিশ্বসিংহৰ মৃত্যুৰ পিছত মল্লদেৱে নৰনাৰায়ণ নাম লৈ সিংহাসনত বহে আৰু শুক্লধ্বজে চিলাৰায় নাম লৈ কোচ ৰজাৰ সেনাপতি হয় । 

           সেনাপতি চিলাৰায় চিলাৰ দৰে প্রগতিৰে প্রতিপক্ষৰ ওপৰত জঁপিয়াই পৰিব পৰা দক্ষতাৰ বাবেই তেওঁ চিলাৰায় নামেৰেই প্রখ্যাত হৈ পৰে । মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালত কোচ আৰু আহােমৰ মাজত কেইবাখনাে ৰণ হৈছিল ।

১৫৬২ খ্রীষ্টাব্দৰ শেষৰখন ৰণত চিলাৰায়ে ষাঠি হাজাৰ সৈন্য লৈ জল – স্থল উভয় পথেৰে আক্ৰমণ কৰি আহােমসকলক পৰাস্ত কৰি পাছত মণিপুৰ , জয়ন্তীয়া , ত্ৰিপুৰা , ছিলেট , খৈৰাম আদি ৰাজ্যৰ ৰজাসকলে বিনাযুদ্ধে কোচ বজাৰ বশ্যতা স্বীকাৰ কৰি কৰতলতীয়া ৰাজ্য হৈছিল ৷

কেতিয়াও কোনাে যুদ্ধত পৰাস্ত নােহােৱা বীৰ সেনাপতি চিলাৰায় ১৫৬৮ খ্রীষ্টাব্দত গৌড়ৰ নবাব ছুলেমান কৰণিৰ হাতত বন্দী হৈছিল । বংগৰ সেনাপতি হিন্দুবিদ্বেষী কালাপাহাৰে সেই সময়তে হাজো , কামাখ্যা আদিৰ হিন্দুৰ মন্দিৰ ধ্বংস কৰিছিল ।

           বীৰ চিলাৰায় গৌড় ৰাজ্যত বন্দী হৈ থকা সময়তে গৌড় ৰাজমাতাক সাপে দংশন কৰাত চিলাৰায়ে চিকিৎসা কৰি আৰােগ্য কৰাইছিল । সেই সুবাদতে গৌড় ৰাজে চিলাৰায়ক মুক্তি দিছিল । ইয়াৰ পিছত ১৫৭৫ খ্রীষ্টাব্দত দিল্লীৰ বাদচাহ আকবৰে গৌড় আক্রমণ  কৰাত নৰনাৰায়ণে সহায় কৰিছিল । সেই যুদ্ধৰ সময়তে বসন্ত ৰােগত আক্ৰান্ত হৈ সেনাপতি বীৰ চিলাৰায়ৰ মৃত্যু হয় ।

 ( খ ) বীৰ লাচিত বৰফুকন :-

সাধাৰণ বনুৱাৰ পৰা নিজ কর্মদক্ষতাৰ গুণত ৰাজকৰ্মচাৰী মর্যাদা লাভ কৰা মােমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিল বীৰ লাচিত বৰফুকম । আহােম ৰাজ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত গুৱাহাটীত বৰফুকন আছিল বীৰ লাচিত ।

সেই সময়তে দিল্লীৰ মােগল সম্রাট ঔৰংজেৱে অসমৰ ৰজা ৰামসিংহক সেনাপতি পাতি অসংখ্য সৈন্যেৰে অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় । ৰামসিংহই সগৌৰৱে আহি লাচিত বৰষুণলৈ কটকীৰ হাতে আফুগুটিৰ টোপােলা পঠিয়াই নিজৰ সৈন্য সামন্তৰ সংখ্যা আৰু বল বিক্ৰমৰ কথা বুজাই লাচিতক ভয় খুৱাবলৈ চেষ্টা কৰিছিল ।

তাৰ উত্তৰত সেনাপতি লাচিত বৰফুকনে এচুঙা বালি পঠিয়াই নিজৰ অগণন আৰু অক্ষয় – অজেয় অসমীয়া সৈন্যৰ সম্ভেদ দি কটকীৰ মুখে ৰামসিংহলৈ বতৰা দিছিল যে আফুগুটি পতাত পিহিলে পানী হৈ যায় কিন্তু বালিচাহিৰ দৰে অসমীয়া সৈন্যৰ একো ক্ষয় – ক্ষতি নহয় ।

           লাচিতৰ উত্তৰ পাই কথাৰে লাচিতক নােৱাৰি আৰু পলম নকৰি নৌবাহিনী লৈ ব্রহ্মপুত্রেৰে উজাই আহি গুৱাহাটী আক্রমণ কৰিবলৈ চেষ্টা কৰিলে । তেতিয়া লাচিত নৰিয়াত পৰি আছিল ।

কিন্তু দেশৰ প্ৰতি থকা অকৃত্রিম শ্রদ্ধা – ভালপােৱাৰ কাৰণেই জ্বৰৰ গাৰেই নাৱৰ বুকুত জঁপিয়াই উঠি অসমীয়া সেনাসকলক আহ্বান জনাই যে যুঁজত তেওঁ মৰিলে চিলা পৰ্বতৰ ওচৰত কিনি থােৱা মাটিত তেওঁৰ শটো পুতিব আৰু যদিহে মােগলে তেওঁক ধৰি নিয়ে তেনেহ’লে অসমীয়া সৈন্যসকল সুখেৰে ঘৰলৈ উভতি যাব ।

বীৰ লাচিতৰ মুখৰ এই বাক্যই অসমীয়া সৈন্যৰ গাত দুগুণে বল বঢ়ালে আৰু মােগল সেনাক কচুকটা দি কাটি পৰাস্ত কৰিলে । পৰাজিত হৈ ৰামসিংহই অসম এৰি যােৱাৰ সময়ত আশ্চর্যবােধ কৰি সেনাপতি বীৰ লাচিতক আৰু অসমীয়া সৈন্যক মুক্তকণ্ঠে উচ্চ প্রশংসা কৰি গৈছিল।

ইয়াৰ আগতেও মােগলে অসম আক্ৰমণ কৰা সময়ত মােগলক বাধা দিবলৈ ৰাতিটোৰ ভিতৰতে গড় এটি নির্মাণৰ দায়িত্ব লাচিতে মােমায়েকৰ ওপৰত ন্যস্ত কৰিছিল ; কিন্তু নির্মাণ কার্যত সামান্য অৱহেলা কৰাৰ কাৰণেই লাচিতে একে ঘাপেই মােমায়েকক কাটি দুডােখৰ কৰিছিল ।

ফলত ভয়তে বনুৱাসকলে মৰাে-জীউ সাে – অধিকৈ কাম কৰি ৰাতিটোৰ ভিতৰতে গড় বান্ধি সম্পূর্ণ কৰিছিল আৰু মােগলক বাধা দিব পাৰিছিল । ঘাইকৈ শৰাইঘাটৰ যুদ্ধই বীৰ লাচিতক অমৰ কৰি ৰাখিছে ।

 প্রশ্ন ১৪। বীৰ লাচিত ’ আৰু বীৰ চিলাৰায়ক লৈ ৰচনা কৰা নাট সংগ্রহ কৰি অভিনয় কৰিবলৈ যত্ন কৰা । 

উত্তৰঃ শিক্ষক – শিক্ষয়িত্ৰীসকলৰ সহযােগত তেনে নাট সংগ্রহ কৰি অভিনয় কৰিবলৈ চেষ্টা কৰা । অভিনয় এটা কলা বা আর্ট , – এনে , কথা মনত ৰাখি অভিনয় কৰিলে , শাৰীৰিক , উপকাৰ হােৱাৰ লগতে মানসিক আনন্দ আৰু তৃপ্তিও পােৱা যায় ।

 প্রশ্ন ১৫ ) চমু উত্তৰ দিয়া । 

( ক ) “ চিলাৰায় দিৱস ’ কোন তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ “ চিলাৰায় দিৱস ’ প্ৰতি বছৰে ২৪ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় ।

 ( খ ) “ লাচিত দিৱস ’ কোন তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ   “ লাচিত দিৱস ’ প্ৰতি বছৰে ২৪ নৱেম্বৰ তাৰিখে পালন কৰা  হয় । 

( গ ) ‘চুকাফা দিৱস ’ ( অসম দিৱস ) কেতিয়া পালন কৰা হয় ? 

উত্তৰঃ ‘চুকাফা দিৱস ’ প্ৰতি বছৰে ২ ডিচেম্বৰ তাৰিখে ( অসম দিৱস ) পালন কৰা হয় ।

 প্রশ্ন ১৬। ৰচনা লিখা ?

 ( ক ) অসমৰ প্ৰাকৃতিক দুর্যোগ

উত্তৰঃ কেতিয়াবা কেতিয়াবা প্রকৃতিজগতৰ চিৰাচৰিতভাৱে চলি অহা কার্যসমূহৰ হীন – দেৰি বা ব্যতিক্রম ঘটি মানুহকে প্রমুখ্য কৰি জীৱ – জন্তুসমূহৰ জীৱন বিপন্ন কৰি তােলে , —মানুহৰ ব্যক্তিগত তথা জাতীয় সা – সম্পত্তি ধ্বংস কৰে , যাতায়াত ব্যৱস্থা ধ্বংস কৰে , খেতি – পথাৰ উছন্ন কৰে । মানুহ বা জীৱ – জন্তুৰ বাবে অহা এনে দুর্বিসহ দুর্দিনবােৰকে দুর্যোগ বােলে ৷ এই দুর্যোগবােৰ প্ৰকৃতিৰ দ্বাৰা সংঘটিত বাবে ইয়াক প্রাকৃতিক দুর্যোগ বুলি কোৱা হয় । 

          সেউজীয়া শুৱনি গছ – লতা , পর্বত – পাহাৰ , ভৈয়াম – নদ – নদীয়ে অসমৰ প্রাকৃতিক সৌন্দর্য চহকী কৰি ৰাখিছে । প্রকৃতিয়ে সুন্দৰ কৰা দেশখনক প্রকৃতিয়েই দুর্যোগপূর্ণ কৰিছে । অসমৰ বানপানীৰ দুর্যোগ সূর্যোদয়ৰ দৰে ধুৰূপ । প্রতি বছৰে বানপানীয়ে অসমৰ মানুহৰ ঘৰ দুৱাৰ , ৰাস্তা – ঘাট , খেতিপথাৰ উছন কৰাৰ উপৰি মানুহকে ধৰি বহুতাে জীৱ – জন্তুৰ প্রাণ নাশ কৰে ।

বানপানীৰ বাহিৰেও অসমে ভুগিব লগা আন প্রাকৃতিক দুর্যোগবােৰ হৈছে , শিলাবৃষ্টি , অনাবৃষ্টি , অতিবৃষ্টি , ভূমিকম্প , ধুমুহা , গৰাখহনীয়া , পাহাৰীয়া ঠাইত ভূমিস্বলন , নৈৰ গতিপথৰ পৰিৱৰ্তন ইত্যাদি । সময়ে সময়ে এই দুর্যোগবােৰেও অসমখনক ক্ষতিগ্রস্ত কৰি থাকে । নদী মাতৃকা ৰাজ্য হােৱা বাবেই বানপানী অসমৰ জ্বলন্ত সমস্যা ।

অসমৰ সাে-মাজেৰে পূবৰ পৰা পশ্চিমলৈ প্রবাহিত হােৱা বিশাল ব্রহ্মপুত্র নদ প্রবাহিত বংগােপসাগৰত মিলিত হৈছে । দুয়াে পাৰৰ পৰা বৈ অহা সৰু-বৰ অসংখ্য নদী ব্ৰহ্মপুত্ৰত পৰিছেহি । বাৰিষাৰ ধাৰাসাৰ বৰষুণে সকলাে নদ – নদীৰ অতিৰিক্ত পানী চাৰিওফালে বাগৰি গৈ বানপানীৰ সৃষ্টি কৰি মানুহকে ধৰি জীৱ – জন্তুৰ অথন্তৰ ঘটায় ।

ৰাস্তাঘাট , খেতিপথাৰ , ঘৰ – বাৰী আদিৰ ভীষণ ক্ষতি কৰাৰ উপৰিও মানুহ আৰু জীৱ – জন্তুৰ প্ৰাণ নাশ কৰে । আনহাতে বানপানী শুকাই যােৱাৰ পিছত অনেক মাৰি – মৰকেও দেখা দিয়ে । ইয়াৰ পৰিত্ৰাণ বিচাৰি তথা বানপানী প্রতিবােধৰ কাৰণে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ বহু পৰিমাণৰ ধন ভগন কৰিব লগা হয় । 

             ফেনেফোটোকাৰে বৈ অহা নদীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰে আৰু কেতিয়াবা নদীয়ে সোঁতৰ পৰিৱৰ্তন ঘটে । ইয়াৰ বাবেও চৰকাৰে মথাউৰি বন্ধা , বান্ধ বন্ধা , খহনীয়া প্ৰতিৰােধ কৰা আদি অনেক কাম কৰিব লগা হৈছে যদিও ইয়াক সম্পূর্ণৰূপে নির্মূল কৰিব পৰা নাই । বানপানীৰ ফলতেই শৰণাৰ্থীৰ সমস্যায়য়া দেখা দিয়ে ।

             অসমৰ আন প্রাকৃতিক দুর্যোগসমূহেও অসমত বাৰুকৈয়ে ক্ষতি সাধন কৰি আহিছে । অনাবৃষ্টি , ভূঁইকপ , ভূমিস্খলন আদিৰ প্ৰভাৱ অসমত সততে দেখা যায় । অনাবৃষ্টিৰ ফলত হ’ব পৰা দুর্যোগৰ কাৰণে কৃত্রিমভাৱে পানীৰ যােগান ধৰাৰ ব্যৱস্থা কৰা হয় যদিও সিয়াে সম্পূর্ণ ফলৱতী হৈছে বুলি ক’ব নােৱাৰি ।

ভুইকঁপৰ সময়ত আগতীয়াকৈ , পিছলৈ বা সেইসময়ত কেনেদৰে সাৱধানতা ল’ব লাগে তাৰাে শিক্ষা জনসাধাৰণক দিয়াৰ ব্যৱস্থা কৰি অহা হৈছে । অৱশ্যে বিধ্বংসী ধুমুহা বা বৰর্ভুইকঁপৰ পৰা হাত সৰাৰ উপায় নাই । 

            অসমৰ এই প্রাকৃতিক দুর্যোগসমূহৰ পৰা কিছু সতর্ক হ’লে ৰক্ষা পাব পাৰি যদিও কিছুমান দুর্যোগে এতিয়াও দুর্ভোগ ভােগাই আছে ।

 ( খ ) শৰাইঘাটৰ যুদ্ধ 

উত্তৰঃ  মােগল সম্রাট ঔৰংজেৱৰ সেনাপতি মিৰজুমলাই দখল কৰি থৈ যােৱা গুৱাহাটীখন অসমে পুনৰ নিজৰ দখললৈ অনাৰ খবৰ পাই অম্বৰৰ ৰজা ৰামসিংহক সেনাপতি পাতি অসংখ্য সৈন্য সামন্তৰে মােগল সম্রাটে পুনৰ অসম আক্ৰমণ কৰিবলৈ পঠিয়ালে ।

প্রথমে ৰামসিংহই হাজোৰ ওচৰত বাহৰ পাতি বৰফুকনলৈ আগৰ মিত্ৰতা সুঁৱৰি গুৱাহাটী এৰি দিবলৈ কটকীৰ জৰিয়তে কৈ পঠিয়ালে । বৰফুকনে ৰামসিংহৰ এই কথাত মাস্তি নােহােৱাত ৰামসিংহই পুনৰ কটকীৰ হাতত আফুগুটিৰ টোপােলা এটা দি বীৰ সেনাপতি লাচিতলৈ কৈ পঠালে যে টোপােলাত থকা অসংখ্য আফুগুটিৰ দৰেই অসংখ্য তেওঁৰ সৈন্য বাহিনী।

ইয়াৰ দ্বাৰা ৰামসিংহক ভয় খুৱাব বিচাৰিছিল । ৰামসিংহৰ এই কাৰ্যৰ প্ৰত্যুত্তৰত সেনাপতি লাচিতে কটকীৰ হাতত এচুঙা বালি দি কৈ পঠালে যে পটাত পিহিলে আফুগুটি পানী হৈ যােৱাৰ দৰে তেওঁৰ অসংখ্য সৈন্য অসমীয়া সেনাৰ হাত নিপাত হ’ব ; কিন্তু বালি চুঙাৰ দৰে অসমীয়া সৈন্যৰ লক্ষণ আৰু ইয়াৰ সংখ্যা মুঠেও নুটুটিব ।

              বীৰ লাচিতক কথাৰে বলে নােৱাৰি ৰাম সিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটী দখল কৰা চেষ্টা কৰিলে । মােগলৰ এই আক্রমণ প্রতিহত কৰিবৰ বাবে সেনাপতি বীৰ লাচিতে জ্বৰৰ গাৰেই যুঁজিবলৈ মৰণপণ কৰি নাৱত উঠি অসমীয়া সৈন্যবােক এনেদৰে আহ্বান জনালে যে তেওঁ যুঁজিহে মৰিব ।

এই যুঁজত তেওঁ মৰিলে চিলা পৰ্বতৰ ওপৰত কিনি হােৱা এড়ােখৰ মাটিতে তেওঁৰ শটো পুতি থ’ব । আৰু যদি বঙালে তেওঁক বন্দী কৰি ধৰি লৈ যায় , অসমীয়া সৈন্যবােৰ সুখেৰে ঘৰলৈ ওভতি যাব । বীৰ লাচিতৰ এনে মৃত্যুপণৰ কথা শুনি মােগলৰ হেঁচাত পিছুৱাই অহা অসমীয়া সৈন্যৰ গালৈ তেজ আহিল আৰু সকলাে অসমীয়া সেনাই বীৰ লাচিতৰ আগ হৈ মােগলৰ সেনাৰ লগত যুঁজি মােগল সেনাক কচুকটা দিলে । মােগল সেনাৰ তেজেৰে লুইতৰ পানী ৰঙা হ’ল ।

            মােগল সেনাপতি ৰামসিংহ অসমীয়া সেনাৰ আগত তিষ্ঠিব নােৱাৰি পিছ হুহকি গ’ল । মােগল সেনাপতি ৰামসিংহ সমূলঞ্চে হাৰি অসম এৰি যােৱাৰ সময়তে কৈ গ’ল— ‘ ধন্য ৰাজা , ধন্য মন্ত্রী , ধন্য সেনাপতি , ধন্য সেনা । অকল এজন মানুহে সকলাে সৈন্য চলায় , ই কি আচৰিত !  মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈয়াে একোতে সুবিধা নাপাওঁ ।’

            শৰাইঘাটৰ এই যুদ্ধই আছিল মােগলৰ লগত অসমীয়া সেনাৰ শেষ যুদ্ধ । এই যুদ্ধই বীৰ সেনাপতি লাচিত বৰফুকনক অমৰ কৰি ৰখাৰ লগতে অসমীয়া সেনাৰ বীৰত্ব আৰু সাহসৰ কথা যুগমীয়া কৰি ৰাখিছে । 

প্রশ্ন ১৭। চমু টোকা লিখা ?

 ( ক ) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ । 

( খ ) লাচিত বৰফুকন

 ( গ ) ৰামসিংহ 

( ক ) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ :-

উত্তৰঃ আহােম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চুপুংমুং বা চক্ৰধ্বজ সিংহ আহােমৰ সিংহাসনত বহে । এওঁ এজন স্বাধীনতাপ্রিয় লােক আছিল । তেওঁ ৰজা হৈয়েই মােগলক অসমৰ পৰা খেদি পঠাবলৈ মন কৰে আৰু সেই উদ্দেশ্যে তেওঁ সৈন্য গােটালে । তেওঁ ৰাজ্য সুৰক্ষিত কৰিবলৈ ঠায়ে ঠায়ে গড় বান্ধিলে আৰু মােগলক কৰ দিয়াটো বন্ধ কৰি দিলে । 

            ইফালে গুৱাহাটীৰ মােগলৰ শাসনকর্তা ছৈয়দ ফিৰােজ খাই চক্ৰধ্বজ সিংহলৈ মােগলক দিব লগা কৰ পৰিশােধ কৰিবলৈ তাগিদা দিলে । কিন্তু চক্ৰধ্বজ সিংহই মােগলক দিব লগা কৰ নিদিওঁ বুলি ক’লে আৰু যুদ্ধ কৰিবলৈ প্রস্তুত হয় । তেওঁ লাচিত নামৰ বীৰ এজনক সেনাপতি পাতি গুৱাহাটী আৰু কামৰূপ ল’বলৈ পঠিয়াই দিলে ।

লাচিতৰ হাতত মােগলৰ শােচনীয় পৰাজয় হয় আৰু ৰামসিংহৰ নেতৃত্বত অহা মােগলৰ সৈন্যই শেষবাৰ অসমীয়া সেনাৰ লগত যুঁজি পৰাজয় বৰণ কৰি চিৰদিনলৈ অসম এৰি গুচি যায় । আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত এয়া আছিল অসমৰ বাবে গৌৰৱপূর্ণ ইতিহাস ।

 ( খ ) লাচিত বৰফুকন 

উত্তৰঃ  অসম গৌৰৱ বীৰ লাচিত বৰফুকন আছিল মােমাই আমুলী বৰবৰুৱাৰ পুত্র । সাহস আৰু বিচক্ষণতাৰ বাবে লাচিত বৰফুকনক আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই তেওঁৰ সেনাবাহিনী সেনাপতি পাতিছিল । চক্ৰধ্বজ সিংহ ৰাজপাটত বহিয়েই বীৰ লাচিতক সেনাপতি পাতি মােগলৰ দখলত থকা গুৱাহাটী উদ্ধাৰ কৰিবলৈ পঠিয়ায় ।

তেওঁ গুৱাহাটীত থকা মােগল শাসনকর্তা ছৈয়দ ফিৰােজখাঁক পৰাস্ত কৰি গুৱাহাটী নিজৰ হাতলৈ আনে । এই খবৰ পাই মােগল সম্রাট ঔৰংজেৱে অম্বৰৰাজ ৰামসিংহক সেনাপতি পাতি তেওঁৰ অধীনত বিপুল সৈন্যবাহিনী অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় । 

             ৰামসিংহই অসম আক্ৰমণ কৰিবলৈ আহি আহােম সেনাপতি বীৰ লাচিত বৰফুকনক কথাৰে ভুলাবলৈ আৰু ভয় খুৱাবলৈ চেষ্টা কৰিছিল যদিও লাচিতৰ বাকপটুতা আৰু বিচক্ষণতাত হাৰ মানি পানীপথেৰে যুঁজ কৰি গুৱাহাটী দখল কৰিবলৈ চেষ্টা কৰিছিল ।

বীৰ লাচিতে নৰীয়া গাৰেই নাৱত উঠি যুজ কৰিবলৈ ওলােৱাত অসমীয়া সেনাই মােগল সেনাৰ ওপৰত উবুৰি খাই পৰি মােগল সেনাক কচুকটা দিলে । ৰামসিংহ বীৰ লাচিতৰ বীৰত্বত তিষ্ঠিব নােৱাৰি চিৰদিনৰ কাৰণে অসম আক্ৰমণৰ আশা এৰি গুচি যায় ।

বীৰ লাচিতৰ অসীম বীৰত্ব আৰু অসমীয়া সেনাৰ অসীম সাহস দেখি তবধ মানি মােগল সেনাপতি ৰামসিংহই অসম এৰি যাবৰ সক্ষম হৈছিল— “ ধন্য ৰাজা , ধন্য মন্ত্রী , ধন্য সেনাপতি , ধন্য সেনা । অকল এজন মানুহে যুদ্ধ কৰে , সৈন্য চলায় , ই কি আচৰিত কথা । মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈয়াে একোতে সুবিধা নাপাওঁ । ”

            মহান দেশ প্রেমিক বীৰ লাচিত ব্ৰফুকনে মােগলৰ আক্ৰমণক ভেটা দিবলৈ এৰাতিৰ ভিততে এটা গড় নির্মাণৰ দায়িত্ব নিজৰ মােমায়েকৰ ওপৰত ন্যস্ত কৰিছিল , কিন্তু সেই কামত মােমায়েকৰ অৱহেলা দেখি খঙতে লাচিতে মােমায়েকক একে ঘাপে কাটিছিল বুলি খ্যাতি আছে ।

লাচিতৰ এই কার্যত ভয় খাই বনুৱাসকলে দেহেকেহে কাম কৰি ৰাতিৰ ভিতৰতে গড় নির্মাণৰ কাম শেষ কৰিছিল ৷ ফলত মােগল সৈন্যই অসম আক্ৰমণ কৰিব নােৱাৰিলে । মহাবীৰ লাচিতৰ দেশপ্ৰেমৰ এনে অনেক কাহিনী বুৰঞ্জীত লিখা আছে ।

 ( গ ) ৰামসিংহ 

উত্তৰঃ ৰামসিংহ আছিল অম্বৰৰ ৰাজপুত ৰজা জয়সিংহৰ পুত্ৰ । তেওঁ মােগলৰ কতলীয়া ৰজা আছিল । অসম আক্ৰমণলৈ অহা মােগল সৈন্যৰে চৰম বিপর্যয় আৰু গুৱাহাটী আহােমে দখল কৰাৰ কথা শুনি মােগল সম্রাট ঔৰংজেৱে অসমক এশিকনি দিয়াৰ উদ্দেশ্যেৰে ৰামসিংহক প্রধান সেনাপতি পাতি অসংখ্য সৈন্যৰ অসম আক্রমণ কবিলৈ পঠিয়ালে ।

ৰামসিংহই প্রথমে কটকীৰ জৰিয়তে আহােম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ বিভিন্ন কথাৰে ভুলাবলৈ আৰু ভয় খুৱাবলৈ চেষ্টা কৰিছিল যদিও লাচিতৰ বিচক্ষণতাত সেইবােৰ অথলে গ’ল ৷

অৱশেষত ৰামসিংহই পানীপথেৰে আহি গুৱাহাটী দখল কৰিবলৈ চেষ্টা কৰিছিল যদিও সেনাপতি বীৰ লাচিতৰ পৰিচালনাত আগবঢ়া অসমীয়া সেনাৰ আগত অকণাে তিষ্ঠিব নােৱাৰি শােচনীয় পৰাজয় বৰণ কৰি অসম আক্ৰমণৰ আশা চিৰদিনৰ কাৰণে ত্যাগ কৰি গুচি গ’ল । 

            ৰামসিংহ আছিল মহাজ্ঞানী আৰু গুণীৰ গুণ বুজিব পৰা লােক । শত্রু হলেও গুণীৰ গুণৰ প্রশংসা তেওঁ কৰি নিজৰ মহানুভৱতাৰ কথা প্রকাশ কৰিব পাৰিছিল । উদাহৰণস্বৰূপে তেওঁ লাচিতৰ হাতত শােচনীয় পৰাজয় বৰণ কৰি দিল্লীলৈ উভতি যােৱাৰ সময়ত এনেদৰে কৈছিল— “ ধন্য ৰাজা , ধন্য মন্ত্রী , ধন্য সেনাপতি , ধন্য সেনা ।

অকল এজন মানুহেই সকলাে সৈন্য চলায় , ই কি আচৰিত । মই হেন ৰামসিংহই নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ ।

প্রকল্প 

প্রশ্ন ১৮। দেশপ্রেমমূলক গীত এটি সংগ্রহ কৰি গীতটোৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ  দেশপ্রেমমূলক গীত এটি হ’ল আমাৰ পাঠ্যপুথিত থকা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান ’ গীতটি । গীতটি তলত উল্লেখ কৰা হ’ল— 

             জাগা জননীৰ সন্তান 

             জাগা শক্তিমান জাগা মুক্তিপ্রাণ । 

             মৃত্যু গছকি আনা জয় জিনি 

             কৰি দুর্জয় অভিযান । 

             কর্মহীনতা কাপুৰুষতাই

             তােমাক কৰিলে জয় 

             তুমি দুর্বল ম্রিয়মান 

             তথাপিও নাই ভয় 

             জাগা শক্তিমান জাগা মাতৃপ্রাণ ।

             শক্তি গায়ত্রী মনত পেলােৱা হবা দুর্নিবাৰ

             তেতিয়া তােমাৰ জয় নিনাদত শত্রু

              কম্পমান ।

              অ ’ মােৰ আপােন পাহৰা দুর্মদ বীৰ

              অজেয় নৱ জোৱান । 

              জাগা শক্তিমান জাগা মাতৃপ্রাণ ।

গীতটিৰ বিষয় :- দেশমাতৃৰ আহ্বানত সকলাে শংকা , মৃত্যু ভয় আঁতৰাই দেশমাতৃৰ সুসন্তানসকল নিজ কর্তব্য পথত আগবাঢ়ি যাব লাগে । দেশ , স্বজাতিৰ উন্নতি তথা ৰক্ষাৰ ক্ষেত্ৰত কর্মহীনতা অথবা কাপুৰুষতাৰ কোনাে স্থান নাই । দেশৰ প্ৰতি অপৰিসীম ভালপােৱাই দেশমাতৃৰ সন্তানসকলক শক্তিশালী কৰি তােলে ।

নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ , মাতৃভূমিৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনাে ক্ষেত্রতে পৰাজয় স্বীকাৰ নকৰা নৱ – জোৱানসকল দেশৰ ভৱিষ্যৎ সুৰক্ষাৰ প্ৰহৰী , তেওঁলােক অজেয় । সেইকাৰণেই তেওঁলােক মাতৃভূমিৰ প্ৰতি শক্তিমান হৈ জাগি উঠিব লাগে । 

প্রশ্ন ১৯। বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেধৰণৰ দায়িত্ব  পালন কৰিবা সেই বিষয়ে লিখা ।

উত্তৰঃ বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্রতি মােৰ এনে দায়িত্ব পালনৰ কথা মনলৈ আহিছে যে মই মহাবীৰ লাচিত দেশৰ এজন অজেয় নৱ – জোৱান । লাচিতে নৰীয়া গাৰেই মৃত্যুকো নেওচি প্ৰৱল প্রতাপী অসংখ্য মােগল সেনাৰ লগত যুঁজি চিৰদিনৰ কাৰণে অসমৰ পৰা মােগলক খেদিব পাৰিলে যেতিয়া তেওঁৰ বংশধৰ হৈ আমি নােৱাৰিম কিয় ।

লাচিতৰ তেজ আমাৰ গাত আছে । সেই কাৰণেই দেশ – স্বজাতিক ৰক্ষাৰ হেতু , মাতৃভূমিৰ আমি মাতৃপ্রাণ , আমি অজেয় নৱ – জোৱান , মৃত্যুভয়ে আমাক কেতিয়াও টলাব নােৱাৰে । স্বদেশৰ কাৰণে আমি সকলাে ত্যাগ কৰিম । 

প্রশ্ন ২০। ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ এখন চার্ট প্রস্তুত কৰা ৷

উত্তৰঃ ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ কেইজনমান হ’ল— মহাত্মা গান্ধী , পণ্ডিত জৱাহৰলাল নেহৰু , মতিলাল নেহৰু , চৰ্দাৰ বল্লভভাই পেটেল , বিজয় লক্ষ্মী পণ্ডিত , সৰােজিনী নাইডু , ৰাজেন্দ্র প্রসাদ , লােকপ্রিয় গােপীনাথ বৰদলৈ , দেশভক্ত তৰুণৰাম ফুকন , কর্মবীৰ নবীন চন্দ্ৰ  বৰদলৈ , অম্বিকাগিৰি ৰায় চৌধুৰী , ছহিদ কনকলতা , ভােগেশ্বৰী , মনবৰ নাথ , মদন উত , কুশল কোৱৰ , মণিৰাম দেৱান , বিষ্ণুৰাভা , জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদি ।

অতিৰিক্ত প্ৰশ্নোত্তৰ

চমু উত্তৰ দিয়া:

প্রশ্ন ১। (ক) ‘যুগমীয়া শৰাইঘাট’ পাঠটি ডঃ সূর্য কুমাৰ ভূঞাই ১৯৫৬ চনত এখনি মেলাত দিয়া সভাপতিৰ ভাষণৰ সংক্ষিপ্ত ৰূপ। মেলাখনিৰ নাম কি?

উত্তৰঃ মেলাখনিৰ নাম আছিল ‘লাচিত মেলা’। 

(খ) কোন মোগল সেনাপতিয়ে গুৱাহাটী মোগলৰ অধীন কৰিছিল?

উত্তৰঃ মোগল সেনাপতি মীৰজুমলাই গুৱাহাটী দখল কৰি মোগলৰ অধীন কৰিছিল?

(গ) মীৰজুমলা কোন?

উত্তৰঃ মীৰজুমলা মোগল সেনাপতি আছিল। তেওঁ অসম আক্ৰমণ কৰিবলৈ আহি গুৱাহাটী দখল কৰিছিল।

(ঘ) ৰাজপুত ৰজা ৰামসিংহক অসম মাৰিবৰ কাৰণে কোনে পঠাইছিল?

উত্তৰঃ মোগল সম্রাট ঔরংজেবে।

(ঙ) ৰামসিংহই কটকী পঠাই লাচিতক কি কৈছিল? 

উত্তৰঃ ‘ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো? এই এটোপোলা আফুগুটি পঠিয়ালো, ইয়াত যিমান গুটি, আমাৰ সৈন্যৰ সংখ্যাও সিমান।’ — এই বুলি ৰামসিংহই কটকী পঠাই লাচিতক কৈছিল।

6 thoughts on “Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট”

  1. Thank you very much DEV☺️
    I really like your notes 👍🙏
    It’s very helpful for me
    Thank you very much ☺️🙏

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top