Class 8 Assamese Chapter 15 শিশুলীলা

Class 8 Assamese Chapter 15 শিশুলীলা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 15 শিশুলীলা – সমাধান and select needs one.

Class 8 Assamese Chapter 15 শিশুলীলা – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 15 শিশুলীলা – সমাধান Solutions for All Subject, You can practice these here…


প্রশ্ন ১০। প্রশ্নবােধক বাক্যলৈ নিয়া ।

 ( ক ) তেওঁলােক বাছেৰে স্কুললৈ যায় । 

উত্তৰঃ  বাছেৰে কোন স্কুললৈ যায় ? 

( খ ) আমি বল খেলি আছোঁ। 

উত্তৰঃ আমি কি খেলি আছোঁ ?

 ( গ ) জ্বৰ উঠা বাবে বিমল স্কুললৈ যােৱা নাই ।

উত্তৰঃ  কিয় বিমল স্কুললৈ যােৱা নাই ?

 ( ঘ ) ৰতন দিল্লীলৈ গ’ল ।

উত্তৰঃ কোন দিল্লীলৈ গ’ল ? 

( ঙ ) মই চাৰি বজাত ঘৰ পামহি ।

উত্তৰঃ  মই কেইবজাত ঘৰ পামহি ? 

( চ ) সি গান গাই আছে ।

উত্তৰঃ  কোনে গান গাই আছে ? 

প্রশ্ন ১১। খাইলন্ত , দেখ , মাতন্ত , চান্ত আদি শব্দ কেইটাই একো একোটা কাম কৰা বুজাইছে ।

ইতিমধ্যে তােমালােকে কোনাে কাম কৰা , হােৱা বা নােহােৱা থকা বা নথকা আদি পদক ক্রিয়াপদ বুলি জানিছা । পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদ কেইটা বাছি উলিয়াই লিখা । 

উত্তৰঃ  কৰন্ত , গৈয়া , দিলেক , খাইলন্ত , শুনিয়া , ধৰিলা , চান্ত , গৈল , লাগয় , শোধন্তু , মাতন্ত , বাইলন্ত, দেখন্ত ইত্যাদি ।

 প্রশ্ন ১২। তলত একেটা শব্দৰে ভিন্ ভিন্ অর্থ দিয়া আছে । অর্থ প্রকাশ হােৱাকৈ শব্দবােৰেৰে  বাক্য সাজা –

দল – ১। লদা , দলি । 

২। সমূহ , জাক । 

বাদী -১। ফাকি , মিছা ভাও 

২। কওঁতা , প্রকাশ কৰোঁতা , গুচৰীয়া । 

ঘাটি – ১। দায় , জগৰ , মিছা , অপৰাধ ।

২। পহৰাৰ ঠাই ,আড্ডা , চকি ।

 উত্তৰঃ     দলঃ ( লদা , দলি ) :- শিশু কৃষ্ণই মাটি একদল খালে বুলি গােপ – শিশু বােৰে যশােদাক গােচৰ দিছিল ।

( সমূহ , জাক ) :- বনৰীয়া হাতীৰ দলটোৱে খেতি – বাতি খাই নষ্ট কৰিলে ।

ঘাটি :   ( দায় , জগৰ , মিছা , অপৰাধ ) :-  মিছা কথাত ঘাটি খাব লাগে ।

বাদী : ( ফাকি , মিছা ভাও ) :- বাদী কথা কওঁতাৰ মন সদায় দুৰ্বল ।

( কওঁতা , প্রকাশ কৰোতা , গুচৰীয়া ) :- বাদীয়ে গােচৰ তৰিছে ।

 প্রশ্ন ১৩। শ্রীকৃষ্টই শিশুকালত কৰা  চল চাতুৰিৰ বিষয়ে শিক্ষকক নাইবা  অভিভাৱকক  সুধি নিজৰ কথাৰে বৰ্ণনা কৰা । 

উত্তৰঃ শ্ৰীকৃষ্ণই শিশুকালত অনেক চল – চাতুৰীৰ কথা শুনিবলৈ আৰু পঢ়িবলৈ পাওঁ । তাৰে দুটিমান তলত উল্লেখ হল— 

      শিশুকালত এদিন গােপশিশুসকলক লগত লৈ গোৱালপৰাত গৈ চুৰি কৰি দধি খাওঁতে ধৰা পৰিল । গােৱালীয়ে হাতে লােটে ধৰাত কৃষ্ণই বুদ্ধি কৰি চোৰ ধৰা গােৱালীৰ মুখত দধি সানি দি ‘মই দধি খােৱা নাই , এই গােপিনীয়েহে দধি খাইছে , মুখত লাগি থকা দধিয়েই তাৰ সাক্ষী বুলি কোৱাত গােপিনীয়ে বৰ লাজ পালে আৰু কৃষ্ণক বলে নােৱাৰি যাবলৈ এৰি দিলে ।

কৃষ্ণই কিন্তু দধি খাবলৈ নিদিলে নাযাওঁ বুলি কোৱাত গােপিনীয়ে কলে নাচিলেহে দধি দিম বুলি । কৃষ্ণই দধি খাই নাচি থকা অৱস্থাতেই মাক যশােদাই কৃষ্ণক বিচাৰি তালৈ আহিল । গােপিনীসকলে মিছাতে কৃষ্ণক দধি চোৰ ধৰা বুলি কৃষ্ণই মাক যশােদাৰ আগত লগালে ।

‘মােৰ ঘৰত দধি উভয় নদী , খাওঁতা নাই , মােৰ পুত্ৰই দধি চুৰ কৰি খাব ? ’ এনেকৈ গােৱালীসকলক গালি দি কৃষ্ণক লৈ ঘৰলৈ আহিল । 

       গােৱালীপাৰাত গৈ গৰুৰ দামুৰীবােৰ এৰি দি ঘৰৰ ভিতৰত ভাণ্ডৰ পৰা হাত সুমুৱাই দধি খাবলৈ ধৰোতে কৃষ্ণ ধৰা পৰিল । তেতিয়া কৃষ্ণক ক’লে গােহালীত কিয় সােমাইছিলি ? কৃষ্ণই ক’লে— মােৰ দামুৰী এটা হেৰাইছে তাকে চাবলৈ সােমাইছিলাে ।

গােৱালীয়ে ক’লে— শুই থকা কেচুৱাটোক কিয় জগালি ? কৃষ্ণই ক’লে— দামুৰীটোৰ কথা সি কিবা জানে নেকি তাকে সুধিবলৈ জগালাে ৷ গােৱালীয়ে সুধিলে— দধিৰ ভাণ্ডত হাত কিয় সুমুৱাইছিল ? কৃষ্ণই উত্তৰ দিলে – ভাণ্ডটোৰ পিপৰা গুচাবলৈ হাত দিছিলে । 

               কৃষ্ণৰ কথাত বলে নােৱাৰি গােপিনীয়ে যাবলৈ এৰি দিলে । এনেকুৱা শিশুকৃষ্ণৰ অর্জুন ভঞ্জন , পুতনা ৰাক্ষসী বধ , বকাসুৰ বধ , কালিয় দমন আদি অনেক চল চাতুৰীৰ আমােদজনক কাহিনী আছে । 

প্রশ্ন ১৪। শিশু কৃষ্ণই মাটি খােৱা বুলি বলভদ্র প্রমুখ্যে গােপবালকসকলে যশােদাক গােচৰ দিছে ।

বালক কৃষ্ণই মাটি খােৱাৰ দৰে সাধাৰণ ল’ৰা – ছােৱালীয়েও শিশু অবস্থাত বিভিন্ন নকৰিবলগীয়া কাম কৰে । তেনেকুৱা কিছুমান কামৰ বিষয়ে লিখা । 

উত্তৰঃ শিশু কৃষ্ণই সৰু কালতে মাটি খােৱাৰ দৰে কিছুমান নকৰিবলগীয়া কাম কৰিছিল । সাধাৰণ শিশু সকলওে তেনেদৰে অনেক নকৰিবলগীয়া কাম কৰে । তাৰে দুটিমানৰ উদাহৰণ দিয়া হল– শিশুৱে যি কোনাে বস্তুকে মুখত দিব বিচাৰে । সিহঁতে কি মুখত দিব পাৰি , কি নােৱাৰি একো নাজানে । সেয়ে সমূহত দেখা বস্তুকে থপিয়াই আনি মুখত দিয়ে ।

আঠুকাঢ়ি ফুৰিব পৰা হ’লে মাটি , হাঁহ – পাৰ কুকুৰা আদিৰ বিষ্ঠা , কেৰেলুৱা আদি নানা বস্তু দেখিলেই হাতেৰে তুলি আনি মুখত দিয়ে । জ্বলি থকা চাকি , লেম , আঙঠা আদিতাে থপিয়াই ধৰিবলৈ চায় । গােটা বস্তু মুখত , কাণত , নাকত ভৰাবলৈ চায়।ওখ ঠাই , যেনে শােৱা বিচনা চকী আদিৰপৰা থিয়ই নামিবলৈ বিচাৰে ।

এইবােৰ কাৰণত অনেক বেমাৰ – আজাৰ হােৱাৰ উপৰিও অঘটন , দুর্ঘটনা আদি হােৱাও দেখা যায় । সেইকাৰণে সিহঁতে বুজা হৈ নুঠা পর্যন্ত অতি সাৱধানেৰে আৰু যত্নেৰে লগত থাকি প্রতিপাল কৰিব লাগে । 

প্রশ্ন ১৫। তলৰ কথাখিনিত যতি চিহ্ন , প্রয়ােজন সাপেক্ষে উদ্ধৃতি চিন বহুৱাই পুনৰ লিখা ।

 মানুহজনে আৰু চাই থাকিব নােৱাৰিলে তেওঁ জমাদাৰজনক কলে চিপাহী কেইজনে চতিটো তুলিব পৰা নাই আপুনি অলপ হাত – উজান দিলেই দেখােন চতিটো ওপৰলৈ উঠে মানুহজনৰ কথাত জমাদাৰ চাহাব খঙে চুলিৰ আগ পালেগৈ তেওঁ হুটা মাতেৰে ক’লে মই হ’লাে বিষয়া এজন জমাদাৰ মােৰ কিবা মান সম্মান নাইনে যে মই চিপাহী । কেইজনৰ লগত চতিটো দাঙিম ইহঁতৰ কাম চাবলৈহে মােক ৰাখিছে ইহঁতৰ লগত কাম কৰিবলৈ ৰখা নাই নহয় । 

উত্তৰঃ  মানুহজনে আৰু চাই থাকিব নােৱাৰিলে । তেওঁ জমাদাৰজনক ক’লে— ‘ চিপাহীকেইজনে চতিটো তুলিব পৰা নাই । আপুনি অলপ হাত উজান দিলেই দেখােন , চতিটো ওপৰলৈ উঠে ।

মানুহজনৰ কথাত জমাদাৰ চাহাবৰ খঙে চুলিৰ আগ পালেগৈ । তেওঁ হুটা মাতেৰে ক’লে— ‘ মই হলাে এজন বিষয়া , এজন জমাদাৰ । মােৰ কিবা মান সন্মান নাইনে যে মই চিপাহীকেইজনৰ লগত চতিটো দাঙিম ? ইহঁতৰ কাম চাবলৈহে মােক ৰাখিছে , ইহঁতৰ লগত কাম কৰিবলৈ ৰখা নাই নহয় ।

প্রশ্ন ১৬। তলত দিয়া ব্ৰজাৱলী ভাষাৰ গদ্যাংশ আধুনিক অসমীয়া ভাষালৈ অনুবাদ কৰা ।

 হে মাই গােৱাৰীতু তােহাে হামু অভাগিনীত কি পুছহ ? অনেক পুণ্য কৰিয়ে দেৱতাৰ বৰে কৃষ্ণক পুত্র পালোঁ । সে প্রাণ পুত্র কৃষ্ণ খেড়ি খেলাইতে বিহানে বজাৱ । বিয়াল ভৈ গেল । এখনাে নাহি পাবলো । সে প্রাণ পুত্রও বিচাৰি নাপাই হামাৰি প্ৰাণ কৈছে  ৰহব ? 

উত্তৰঃ হে মাই গােৱালী ! তই মােক এই অভাগিনীক কি সােধ ? অনেক পুণ্য কৰি দেৱতাৰ বৰত কৃষ্ণক পুত্র পালোঁ । সেই প্রাণ পুত্র কৃষ্ণ খেলা খেলিবলৈ ৰাতিপুৱাই ওলাই গৈছিল । গধুলি হৈ গ’ল । এতিয়াও নাপালোঁ । সেই প্রাণ পুত্রক বিচাৰি নাপাই মােৰ কেনেকৈ প্রাণ বাচি থাকিব ?

 প্রশ্ন ১৭। পাঠত থকা প্রশ্নমতে উল্লেখ কৰা প্রার্থনাটো সুৰ লগাই গাবলৈ চেষ্টা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।

প্রশ্ন ১৮। তুমি ইতিমধ্যে পঢ়ি অহা পাঠৰ পৰা ১০০ টা পুৰণি অসমীয়া শব্দ ( ব্ৰজাৱলী , পুৰণি কথা সাহিত্য) সংগ্রহ কৰি শব্দ-সম্ভাৰৰ ক্ৰমত এখন তালিকা প্রস্তুত কৰা । ) 

উত্তৰঃ পুৰণি অসমীয়া শব্দ – সম্ভাৰৰ তালিকা

  অ :-     ১। অয়ে- হেৰা , হেৰি ।

             ২। অকর্ম – বেয়া কাম । 

             ৩। অগ্র – আগ , মুখৰ ফাল । 

             ৪। অতিৰেক – অতি , বৰ , যথেষ্ট । 

             ৫। অদ্য – বর্তমান , আজি । 

             ৬। অনিত্য – তাস্থায়ী , ক্ষন্তেকীয়া ।

 আঃ        ৭। আৰা- এওঁলােক । 

             ৮। আছন্ত- আছে । 

             ৯। আঙ্ক- এওঁক । 

           ১০। আসি – আহি । 

           ১১। আতি – অধিক ৰূপে , বৰকৈ , অতি ।

           ১২। আইলা – আহিল ।

          ১৩। আউঠ -আঠ , অনন্ত ।

           ১৪। আচাস্ত – স্নান কৰা ।

 ই :-     ১৫। ইঠাৱত -ইয়াত , এই ঠাইত । 

           ১৬। ইন্দ-চন্দ্ৰ,জোন ।

            ১৭। ইহ -এই ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top