Class 8 Assamese Chapter 13 হোমি জাহাংগীৰ ভাবা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese Chapter 13 হোমি জাহাংগীৰ ভাবা – সমাধান and select needs one.
Class 8 Assamese Chapter 13 হোমি জাহাংগীৰ ভাবা – সমাধান
Also, you can read Class 8 Assamese Question Answer Chapter 13 notes book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese পাঠ-13 হোমি জাহাংগীৰ ভাবা – সমাধান Solutions for All Subject, You can practice these here…
হোমি জাহাংগীৰ ভাবা
প্রশ্ন ১। চমু উত্তৰ দিয়া
( ক ) টোপনি পাতল ল’ৰাজনৰ নাম কি ?
উত্তৰঃ টোপনি পাতল ল’ৰাজনৰ নাম হােমি জাহাংগীৰ ভাবা ।
( খ ) ল’ৰাজনৰ টোপনি পাতল হােৱাৰ কাৰণ কি আছিল ?
উত্তৰ ল’ৰাজনৰ টোপনি পাতল হােৱাৰ কাৰণ আছিল ল’ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তি প্রবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থাকে ।
( গ ) চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল’ৰাজনৰ বাবে কেনে ব্যৱস্থা ল’লে ?
উত্তৰঃ চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক – দেউতাকে ল’ৰাজনৰ মনােযােগ বিজ্ঞানৰ প্রতি আকর্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে । সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ – পত্ৰৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি ল’ৰাজনক পঢ়া – শুনাৰ সকলাে সা – সুবিধা প্রদান কৰিলে ।
( ঘ ) হােমি জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল ?
উত্তৰঃ হােমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্রাংকন প্রতিও ৰুচি আছিল ।
( ঙ ) হােমি জাংহাগীৰ ভাবা লণ্ডনলৈ কিয় কৈছিল ?
উত্তৰঃ জাংহাগীৰ ভাবা লণ্ডনলৈ ইঞ্জিনীয়াৰিং পঢ়িবলৈ গৈছিল ।
( চ ) ‘দোৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্রতিষ্ঠা কৰে ?
উত্তৰঃ ‘দোৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত তেখেতে ‘ টাটা ইন্সটিটিউত অৱ ফাণ্ডামেণ্টেল ৰিছার্চ ‘ প্রতিষ্ঠা কৰে ।
( ছ ) স্বাধীনতাৰ পাছত তেখেত কি আয়ােগৰ মুৰবী হিচাপে নিযুক্ত হৈছিল ?
উত্তৰঃ স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়ােগৰ মুৰী হিচাপে নিযুক্ত হৈছিল ।
( জ ) তেখেতৰ প্রতি শ্রদ্ধা জনাই কি অনুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল ?
উত্তৰঃ মৃত্যুৰ পিছত তেখেতৰ প্রতি শ্রদ্ধা জনাই মুম্বাই ( বম্বে ) ত ‘ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্র’ প্রতিষ্ঠা কৰা হৈছিল ।
প্রশ্ন ২। লাহে লাহে কিতাপবােৰ ল’ৰাজনৰ সংগী হৈ পৰিল ।
‘ ইয়াত লৰাজন বুলি কাৰ কথা কোৱা হৈছে ? কিতাপবােৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল ? বুজাই লিখা ।
উত্তৰঃ ইয়াত ল’ৰাজন’বুলি হােমি জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে । চিকিৎসক কথা শুনি মাক – দেউতাকে ল’ৰা হােমি জাহাংগীৰ ভাবাৰ মনােযােগ বিজ্ঞানৰ প্ৰতি আকর্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে আৰু সেই উদ্দেশ্যেই তেখেতসকলে বিজ্ঞানৰ কিতাপ – পত্ৰৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি ভাবাক পঢ়া – শুনাৰ সকলাে সা – সুবিধা প্রদান কৰিলে ।
শিশু হােমি জাহাংগীৰ ভাবাই এই কিতাপ পত্ৰবােৰৰ স্যৱহাৰৰ কৰিবলৈ ল’লে আৰু লাহে লাহে কিতাপবােৰ হােমিৰ সংগী হৈ পৰিল ; অর্থাৎ তেখেত কিতাপ পত্ৰবােৰৰ লগত একাত্ম হৈ পৰিল ।
প্রশ্ন ৩। হােমি জাহাংগীৰ ভাবাৰ সপোন কি আছিল ? এই সপােন কিয় ফলৱতী নহ’ল ?
উত্তৰঃ হােমি জাহাংগীৰ ভাবাৰ সপোন আছিল পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত – জিলিকা দেশত পৰিণত কৰাৰ । তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল । কিন্তু তেখেতৰ এই সপােন বাস্তৱত পৰিণত হােৱাৰ আগতেই এক বিমান দুর্ঘটনাত তেখেতৰ মৃত্যু হােৱাত সেই সপোন ফলৱতী নহ’ল ।
প্রশ্ন ৪। ‘হােমি জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল ’ — এই কথা পাঠটোত কেনেদৰে প্রতিফলিত হৈছে লিখা ।
উত্তৰঃ হােমি জাহাংগীৰ ভাবাই নিজদেশ ভাৰতবৰ্ষক ভাল পাইছিল । সেই কাৰণেই তেখেতে বিদেশত থাকি সুখেৰে দিন কটাব পাৰিলেহেঁতেন যদিও বিদেশত নাথাকি দেশৰ প্ৰতি থকা ভাল পােৱা তথা কর্তব্য আৰু দায়বদ্ধতাৰ বাবেই তেখেতে ১৯৪০ চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে । তেতিয়াৰে পৰাই এই বিজ্ঞানীজনে ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে অহােপুৰুষাৰ্থ কৰিছিল ।
তেখেতে ‘ ডােৰাবজী টাটা ট্রাষ্ট’ৰ সহায়ত ভাৰতত টাটা ইন্সষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছার্ড ’ প্রতিষ্ঠা কৰিছিল । আনকি তেখেতে পাৰমাণবিক শক্তিৰ ক্ষেত্ৰত ভাৰতত এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ ৰঙীণ সপােন দেখিছিল ।
তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল । কিন্তু এটা বিমান দুর্ঘটনাত হঠাতে তেখেতৰ মৃত্যু হােৱাত সেই সপােন বাস্তৱত পৰিণত কৰিব নােৱাৰিলে । ‘জানাে আহা’ আৰু কাৰক বিভক্তি সম্পর্কীয় কথাখিনি পাঠত বুজাই লিখা আছে । মনােযােগেৰে পঢ়ি মনত ৰাখা ।
প্রশ্ন ৫। ‘হােমি জাহাংগীৰ ‘ভাবা’ পাঠটোত থকা বিভক্তিযুক্ত শব্দবােৰ বাছি উলিয়াই লিখা ।
উত্তৰঃ কালত , শিশুসকলৰ , স্বভাৱৰ , এজনক , মাক – দেউতাক হৈছিল , চিকিৎসক দ্বাৰা , ল’ৰাজনৰ , নাছিল , কৰিবলৈ , তেখেতসকলে , কিতাপ – পত্রেৰে , শিশুজনক , কৰিলে , শিশুটিয়ে , কিতাপ পত্ৰবােৰ , পৃথিৱীত , পৰিয়ালত , আছিল , তেখেতে , লণ্ডনলৈ , বিশ্ববিদ্যালয়ত , পাইছিল , অধ্যয়নত , ডিৰাকক , তথ্য , জগতৰ , ভাবাই , বিদেশত — ইত্যাদি ।
প্রশ্ন ৬। নিম্ন লিখিত শব্দকেইটাৰ পৰা বিভক্তিবােৰ বাছি উলিয়াই সেইবােৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা ।
তেখেতে , শিশুজনক , কিতাপ পত্ৰৰে , ভাৰতলৈ ; চিকিৎসকৰ , শৈশৱ কালত ।
উত্তৰঃ তেখেতে = তেখেত + এ – ১ মা বিভক্তি – কর্তাকাৰক ।
শিশুজনক = শিশুজন + ক – ২ য়া বিভক্তি কর্মকাৰক ।
কিতাপ – পত্ৰৰে = কিতাপপত্র + ৰে’- ৩ য়া বিভক্তি -কৰণ কাৰক ।
ভাৰতলৈ = ভাৰত + লৈ – ৪ র্থী বিভক্তি – সম্প্রদান কাৰক ।
চিকিৎসকৰ = চিকিৎসক + অৰ – ৬ ষ্ঠী বিভক্তি – অপাদান কাৰক ।
শৈশৱ কালত = শৈশৱ কাল + ত – ৭ মী বিভক্তি- অধিকৰণ কাৰক ।
Sl. No. | Contents |
পাঠ – 1 | নিয়ম |
পাঠ – 2 | যুগমীয়া শৰাইঘাট |
পাঠ – 3 | এন্ ফ্ৰাঙ্কৰ ডায়েৰী |
পাঠ – 4 | জাগা জননীৰ সন্তান |
পাঠ – 5 | ভক্তপ্ৰাণ প্রহ্লাদ |
পাঠ – 6 | প্ৰগতিৰ সোণালী বাট |
পাঠ – 7 | বস্তু বিজ্ঞান অধ্যয়ন |
পাঠ – 8 | শ্ৰীশ্ৰী শংকৰদেৱ |
পাঠ – 9 | ভয় |
পাঠ – 10 | পৰীক্ষিতৰ ব্ৰহ্মশাপ |
পাঠ – 11 | অতীতক নাযাবা পাহৰি |
পাঠ – 12 | সুখ |
পাঠ – 13 | হোমি জাহাংগীৰ ভাবা |
পাঠ – 14 | সংস্কৃতি আৰু আমাৰ জীৱন |
পাঠ – 15 | শিশুলীলা |
প্রশ্ন ৭ তলৰ বাক্যবােৰত আঁচটনা পদ বিলাকৰ বিভক্তি নির্ণয় কৰা আৰু কাৰকৰ নাম লিখা ।
( ক ) বেলি ডুবিলত আমি খেল সামৰিলোঁ ।
উত্তৰঃ ডুবিলত ৭ মী বিভক্তি – অধিকৰণ কাৰক ।
( খ ) ৰামে কিতাপ পঢ়িছে ।
উত্তৰঃ কিতাপ – ২ য়া ‘ অক ’ বিভক্তি লুপ্ত হৈ আছে – কর্মকাৰক ।
( গ ) দুখীয়াৰ প্রতি দয়ালু হ’বা ।
উত্তৰঃ দুখীয়াৰ- ৬ ষ্ঠী বিভক্তি অপাদান কাৰক ।
( ঘ ) এইখন মােৰ দেশ ।
উত্তৰঃ মােৰ ৬ ষ্ঠী বিভক্তি – অপাদান কাৰক ।
( ঙ ) আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই ।
উত্তৰঃ পৰীক্ষালৈ- ৪ থী বিভক্তি সম্প্রদান কাৰক ।
( চ ) যঁতৰেৰে সূতা কাটিব পাৰি ।
উত্তৰঃ যঁতৰেৰে – ৩ য়া বিভক্তি- কৰণ কাৰক ।
( ছ ) শিক্ষাগুৰুক ভক্তি কৰিব লাগে ।
উত্তৰঃ শিক্ষাগুৰুক – ৪থী বিভক্তি – সম্প্রদান কাৰক ।
( জ ) ডাৱৰীয়া বতৰত হিমালয় পর্বত নেদেখি ।
উত্তৰঃ হিমালয় পর্বত- ২ য়া ‘অক ‘ বিভক্তি লুপ্ত হৈ আছে— কর্ম কাৰক ।
( ক ) কোনাে মানুহক হিংসা নকৰিবা ।
উত্তৰঃ মানুহক ২ য় বিভক্তি -কর্মকাৰক ।
প্রশ্ন ৮। আঁচটনা শব্দবােৰত বিপৰীত অর্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা ।
উত্তৰঃ ( ক ) সফল মাতৃ – বিফল মাতৃ ।
( খ ) তীক্ষ্ণ বুদ্ধি – ভােটা বুদ্ধি ।
( গ ) কোনাে বিসংগতি – কােনাে সংগতি ।
( ঘ ) পাঠ অন্তর্ভুক্ত – পাঠ বহির্ভূত ।
( ঙ) তেখেতৰ মৃত্যু হৈছিল— তেখেতৰ জন্ম হৈছিল ।
( চ ) বুদ্ধি পাইছিল — হ্রাস পাইছিল ।
প্রশ্ন ৯। বাক্য ৰচনা কৰা
অৱদান , ধাউতি , জাকত জিলিকা ,আশ্বাস, গৱেষণা , সিদ্ধান্ত
উত্তৰঃ অৱদান :- বিজ্ঞান জগতত হােমি জাহাংগীৰ ভাবাৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব ।
ধাউতি :- হােমি জাহাংগীৰ ভাবাৰ চিত্রাংকণ বিষয়টোত বৰ ধাউতি আছিল ।
জাকত জিলিকা :- পাৰমাণৱিক শক্তিত ভাৰতক জাকত জিলিকা কৰিবলৈ হােমি জাহাংগীৰ ভাবাই সপােন দেখিছিল ।
আশ্বস :- মানুহজনে দুখীয়া ছাত্ৰজনক সহায় কৰাৰ আশ্বাস দিলে ।
গবেষণা :- গৱেষনাৰ জৰিয়তেহে কোনাে বস্তুৰ তথ্য গােৱা যায় ।
সিদ্ধান্ত :- জটিল কথাবােৰেৰে অলােচনা – বিলােচনাৰ মাজেৰে সহজ সিদ্ধান্ত ল’ব পৰা যায় ।
প্রশ্ন ১০। যুক্তাক্ষৰ হুৱাই শব্দবােৰ পূৰ কৰা হৈছে
উত্তৰঃ ক – ক = কণ্টক ।
উপল – = উপলব্দি ।
নি – = নিম্ন ।
বি – ত = বিঘ্নিত ।
বিশেষ – = বিশেষজ্ঞ ।
– – গাৰ = বিজ্ঞানাগাৰ ।
প্রতি – = প্রতিজ্ঞা ।
ম – –ত = মন্ত্রপূত ।
ই – ন = ইঞ্জিন ।
প্রশ্ন ১১। তলৰ শব্দবােৰৰ প্রতিশব্দ লিখা ।
সংগী , তীক্ষ্ণ , প্রধান , গ্রন্থ , কিৰণ , চিকিৎসক ।
উত্তৰঃ সংগী – লগৰীয়া , সহযােগী , সতীর্থ ।
তীক্ষ্ণ – চোকা, প্রখৰ ।
প্রধান – মুখ্য ।
গ্রন্থ – কিতাপ ।
কিৰণ – পােহৰ ।
চিকিৎসক – ডাক্তৰ ।
প্রশ্ন ১২। হােমি জাহাংগীৰ ভাবাৰ মাক – দেউতাকে তেখেতৰ বাবে এটা গ্রন্থাগাৰ ব্যৱস্থা কৰি দিছিল ।
‘ — এনে ধৰণৰ সুবিধা পালে তুমি কোনটো দিশত নিজকে আগবঢ়াই নিবা লিখা ।
উত্তৰঃ হােমি জাহাংগীৰ ভাবাৰ মাক – দেউতাকে তেখেতক যিদৰে এটা গ্রন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল আৰু সেই গ্রন্থাগাৰৰ সদব্যৱহাৰ কৰি তেখেতে যিদৰে ভৱিষ্যৎ জীৱনত এচাম সফল বিজ্ঞানী হােৱাৰ সপােন দেখিছিল , ঠিক তেনেদৰে ময়াে তেনে সুবিধা পালে বিজ্ঞান বিষয়ক কিতাপ পত্র সমূহ বৰ মনােযােগেৰে অধ্যয়ন কৰিম আৰু মােৰ মনত বৈজ্ঞানিক মনােভাৱ গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিম ।
অন্যান্য বিষয়ৰ কিতাপ পঢ়াৰ উপৰিও বৈজ্ঞানিকৰ জীৱনী , বিভিন্ন আৱিষ্কাৰৰ কাহিনী , আধুনিক প্রযুক্তি বিদ্যা , আধুনিক বৈজ্ঞানিক সফলতা আদি বিষয়ৰ কিতাপবােৰ পঢ়ি . সেইবােৰৰ মনত ৰাখিবলগীয়া কথাবোেৰ টুকি ৰাখি বিজ্ঞান শিক্ষাৰ বিষয়ে সকলো কথা জানিবলৈ চেষ্টা কৰিম যাতে ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত মােক ইয়ে আগ্রহ জন্মায় আৰু সহায় কৰে ।
তাৰােপৰি নিজৰ সৎ আৰু প্রকৃত ব্যক্তি হিচাপে গঢ় দিবলৈ মহৎ লােকৰ জীৱনীসমূহাে পঢ়িম । বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈয়াে তেনে ধৰণৰ কিতাপ – পত্রও মনােযােগেৰে পঢ়িম ।
প্রশ্ন ১৩। হােমি জাহাংগীৰ ভাবাই বিজ্ঞান অধ্যয়নৰ জৰিয়তে দেশৰ উন্নতিৰ কথা ভাবিছিল ।’
কিছুমান সৰু সৰু কামৰ জৰিয়তে আমি দেশৰ উন্নতিৰ কথা ভাবিব পাৰোঁ । আমাৰ বাট – পথ পৰিষ্কাৰ – পৰিচ্ছন্নকৈ ৰখা , ৰাজহুৱা সম্পত্তিৰ যত্ন লােৱা , প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা আদিও দেশৰ উন্নয়নমূলক কাম ।
– তুমি কেনেধৰণৰ কাম কৰি দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছা ?
উত্তৰঃ আমাৰ ৰাজহুৱা তথা ব্যক্তিগত বাট – পথবােৰ আজিৰ শিক্ষিত সমাজতো বৰ দুখ লগাকৈ বেয়া আৰু অপৰিষ্কাৰ । শিক্ষা – দীক্ষাৰে মানুহ যথেষ্ট আগবাঢ়িছে যদিও সামাজিক স্বার্থজড়িত জ্ঞান বহুতৰে কম দেখা যায় । নিজৰ ঘৰৰ সমুখৰ বা নিজে অহা – যােৱা বাট পথবােৰৰ দুৰৱস্থা দেখিও নেদেখা হৈ থাকে ।
খলা বমা হৈ পানী জমা হ’লেও , বােকা পানীৰে কদর্যৰূপ ল’লেও এইবােৰ ভাল কৰিবলৈ বা তাত এচপৰা মাটি দি ঠিক কৰি ল’বলৈ অনেক লােকেই চিন্তা নকৰে । আনকি নিজৰ ঘৰত লেতেৰা জাবৰ – জোথৰ , পলিথিন আদি সাৰি – পুচি আনি বাট – পথতে বা পানী ওলাই যােৱা নর্দমাত পেলাই গােটেইখন অপৰিষ্কাৰ কৰি পেলায় , পৰিৱেশ দুর্গন্ধময় কৰি তােলে ।
ইয়াৰ দ্বাৰা পানী ওলাই যাব নােৱাৰি গােটেইবােৰ গেলি – পচি মহ মাখিৰ উৎপাত বৃদ্ধি কৰে , পৰিবেশে অত্যন্তভাৱে দুর্গন্ধময় হৈ পৰে । ফলত মানুহৰ নানা বেমাৰ – আজাৰ হয় , আনকি বেমাৰ আজাৰত লােকৰ মৃত্যুও হয় । এইবােৰ দেশৰ কাৰণে অতিকৈ ক্ষতিকাৰক ।
এইবােৰ দেখি – শুনি মই ভাবিছাে , উপৰােক্ত পৰিৱেশ বা অৱস্থা যাতে হ’ব নােৱাৰে , তাৰ বাবে বাট – পথবােৰৰ উন্নয়নৰ কাৰণে সেইবােৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ কাৰণে , পানী ওলাই যােৱা নর্দমাত জাবৰ – জোথৰ , পলিথিন আদি নেপেলাবৰ কাৰণে মই সকলাে শ্ৰেণীৰ সমাজক সচেতন কৰি তুলিবলৈ চেষ্টা কৰিম ।
সমাজৰ মাজত , ৰাইজৰ মাজত সজাগতা আনিবলৈ ঠায়ে ঠায়ে সভা – সমিতি পাতি কথাবােৰ বুজাই দিয়াৰ উপৰিও দল সংগঠনৰ সহযােগত , ৰাইজৰ সহযােগত হাতে কামে বাট – পথবােৰ পৰিষ্কাৰ কৰিও দেখুৱাম । এনেদৰে দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছোঁ ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.