Class 8 Assamese Chapter 1 নিয়ম Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Class 8 Assamese Chapter 1 নিয়ৰ – সমাধান and select needs one.
Class 8 Assamese Chapter 1 নিয়ৰ
Also, you can read the Class 8 Assamese Question Answer Chapter 1 notebook online in these sections Solutions by Expert Teachers as per SEBA (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 1 নিয়ৰ – সমাধান Solutions for All Subject, You can practice these here…
নিয়ৰ
চন্দ্ৰকুমাৰ আগৰৱালা
প্রশ্ন ১। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা ৷
উত্তৰঃ ( কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িব আৰু আবৃত্তি কৰিব লাগিলে অতি মনোযােগেৰে শব্দবােৰ চাই শুদ্ধ উচ্চাৰণেৰে শব্দ কৰি পঢ়িবলৈ চেষ্টা কৰিবা । )
প্রশ্ন ২। উত্তৰ দিয়া –
( ক ) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে ?
উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে ।
( খ ) নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে ?
উত্তৰঃ নিয়ৰক কবিয়ে নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে ।
( গ ) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে ?
উত্তৰঃ নিয়ৰে হিয়াত নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি হােৱাৰ কথা কৈছে ।
( ঘ ) ফুলনিত , কি ছিগি ৰৈ গল ?
উত্তৰঃ ফুলনিত নিশা নচা কোনােবা নাচনীৰ মন ছিগি ৰৈ গ’ল বুলি কৈছে ।
( ঙ ) কবিয়ে কি সৰি থকাৰ কথা কৈছে ?
উত্তৰঃ কবিয়ে সৰগত টোপনি যােৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকা বুলি কৈছে ।
প্রশ্ন ৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা ।
উত্তৰঃ ফটিক পানীৰে ধােৱা নিয়ৰ কনাবােৰ ৰাতিপুৱা ফুলৰ পাহি , গছ বনৰ পাছত ওলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবোৰহে তাত সৰি পৰি আছে । কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনােবা হাঁহি হাঁহি নাচি থক নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী ।
সেই চকুপানী অথবা মুকুতা মণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পােহৰত জিলিকি উঠিছে । কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবােৰলৈৰ লাগি চাই থাকোঁতেই এজাক বতাহে আহি ফুলৰ পাহিবােৰ জোকাৰি পেলাই নাইকিয়া কৰিলে ।
প্রশ্ন ৪। শব্দ সম্ভাৰ আৰু অর্থ ।
উত্তৰঃ ফটিক – অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ ।
শােভে – জেউতি চৰায় ।
হেঙুলি – ৰঙচুৱা , ৰঙা – হালধীয়া- বৰণৰ ।
নিজম – নিস্তব্ধতা , নিটাল , সাৰি – শব্দ নােহােৱা ।
নিচুক – কন্দন এৰা ।
বিষম – সমান নােহােৱা , বেয়া ,
দুষ্ট , অসৎ ।
প্রশ্ন ৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছেসাঁচি ,
কোন কাহানিৰ সপােন দেখিছে
কোনে হাঁহিছিল নাচি ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ প্রতিমাৰ খনিকৰ ’ চন্দ্র কুমাৰ আগৰৱালা ৰচিত ‘ নিয়ৰ’ কবিতাটিৰ অন্তর্গত ।
ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কথাবােৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনােৰম কল্পনা এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ পাইছে ।
ফটিক পানীত ধােৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পােহৰত সেমেকি পৰা চকু পানীৰ লগত তুলনা কৰিছে ।
আনহাতে নিজম আকাশৰ হিয়াত সাঁচি হােৱা কান্দোন ভাবৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনােবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মনিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে । কোনােবাই কাহানিবাই দেখা সপােনৰ ই যেন অভিব্যক্তি ।
প্রশ্ন ৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবােৰ লিখা ।
উত্তৰঃ
ধােৱা – যােৱা ,
সাঁচি – নাচি ,
মণি – কণি , পানী ,
ভাহি – পাহি ।
প্রশ্ন ৭৷ উল্লিখিত শব্দবােৰৰ সমার্থক শব্দ লিখা ।
টোপনি , বেলি , পানী , ফুল , নিশা , সপােন , আকাশ , চকু ।
উত্তৰঃ
টোপনি — নিদ্রা , ঘুমতি ।
বেলি — ৰবি , তপন , সূর্য ।
পানী ― জল , নীৰ সলীল ।
ফুল ― কুসুম ।
নিশা ― ৰাতি , নিশি ।
সপােন ― কল্পনা ।
আকাশ ― মহাশূন্য
চকু ― নয়ন , আখি ।
প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা ।
ছিগা , সৰগ , পুৱা , দিন , নিজম , হাঁহি ।
উত্তৰঃ
ছিগা ― নিছিগা ।
হৰগ ― নৰগ
পুৱা ― সন্ধিয়া ।
নিজম ― হুলস্থূলীয়া ।
হাঁহি ― কান্দোন ।
প্রশ্ন ৯। বাক্য ৰচনা কৰা ।
মুকুতা , পাহি , শােভে , নিচুক , ফুলজুপি , ফটিক ।
উত্তৰঃ মুকুতা ― ৰাতিপুৱা নিয়ৰ কণাবােৰ মুকুতা মণি যেন দেখি ।
পাহি ― ফুলকলিৰ পাহিবােৰ মেলখালে বৰ ধুনীয়া দেখি ।
শােভে — ৰাতিপুৱা নিয়ৰ কণাই ফুলজুপিৰ শােভা বঢ়ায় ।
নিচুক — নিজম আকাশৰ নিচুক কথাটি কোনােবা নাচনীয়ে সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে ।
ফুলজুপি ― ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে ।
ফটিক — নিয়ৰ কণাবােৰ ফটিক পানীৰে ধােৱা মুকুতা মণিৰ দৰে সুন্দৰ ।
Sl. No. | Contents |
পাঠ – 1 | নিয়ম |
পাঠ – 2 | যুগমীয়া শৰাইঘাট |
পাঠ – 3 | এন্ ফ্ৰাঙ্কৰ ডায়েৰী |
পাঠ – 4 | জাগা জননীৰ সন্তান |
পাঠ – 5 | ভক্তপ্ৰাণ প্রহ্লাদ |
পাঠ – 6 | প্ৰগতিৰ সোণালী বাট |
পাঠ – 7 | বস্তু বিজ্ঞান অধ্যয়ন |
পাঠ – 8 | শ্ৰীশ্ৰী শংকৰদেৱ |
পাঠ – 9 | ভয় |
পাঠ – 10 | পৰীক্ষিতৰ ব্ৰহ্মশাপ |
পাঠ – 11 | অতীতক নাযাবা পাহৰি |
পাঠ – 12 | সুখ |
পাঠ – 13 | হোমি জাহাংগীৰ ভাবা |
পাঠ – 14 | সংস্কৃতি আৰু আমাৰ জীৱন |
পাঠ – 15 | শিশুলীলা |
প্রশ্ন ১০। ( ক ) নিয়ৰ’কবিতাটিত থকা তত্সম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা ।
উত্তৰঃ তত্সম শব্দ :- আকাশ,বায়ু
তদ্ভৱ শব্দ :- মুকুতা , ফটিক , নিশা , সৰগ , সপােন , নাচ , শােভা বায়ু পাহি ।
( খ ) তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ তৎসম শব্দ :- আকাশ , বংশ , বর্ণ , দীর্ঘ , জীৱন , চন্দ্র , সূর্য , নদী , কৃষ্টি , লতা , ধন , ফল ইত্যাদি ।
তদ্ভৱ শব্দ :- হাত , কাণ , হাতী , আজি , ওঁঠ , সাপ , গাঁত , দাঁত , কাম ইত্যাদি ।
প্রশ্ন ১১। দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা ।
উত্তৰঃ শিক্ষা সম্বন্ধীয় :- স্কেল , পেঞ্চিল , পেন , ব্রেকবাের্ড , চকপেঞ্চিল , ৰবৰ , হেণ্ডেল ইত্যাদি ।
খেল সম্বন্ধীয় :- ক্রিকেট , ফুটবল , ভলীবল , বাস্কেট বল , টেনিচ , বেডমিণ্টন ইত্যাদি ।
যানবাহন সম্বন্ধীয় :- স্কুটাৰ , বাইক , মটৰ – গাড়ী , বাছ ,বাইচাইকেল , এৰােপ্লেন , অটোভান , ৰিক্সা ইত্যাদি ।
পােছাক – পাতি সম্বন্ধীয় :- ফ্রক , ব্লাউজ , চেমিজ , লংপেণ্ট , হাফপেন্ট , ছার্ট , কোট ইত্যাদি ।
আচ-বাব সম্বন্ধীয় :- টেবুল , চেয়াৰ , ফেন , টুল , আলমিৰা , ফ্রীজ , মিচেফ ইত্যাদি ।
বাচন – বৰ্তন সম্বন্ধীয় :- কাপ – প্লেট , ডিছ কুকাৰ ইত্যাদি ।
প্রশ্ন ১২। এটা শব্দত প্ৰকাশ কৰা :
( ক ) যি আনৰ উন্নতি দেখিব নােৱাৰে ।
উত্তৰঃ পৰশ্রীকাতৰ ।
( খ ) একে মাকৰ সন্তান ।
উত্তৰঃ সহােদৰ ।
( গ ) যাৰ ঘৰ – বাৰী-নাই ।
উত্তৰঃ অঘৰী ।
( ঘ ) যি ভাল – বেয়া বিচাৰ কৰিব নােৱাৰে
উত্তৰঃ অবিবেচক ।
(ঙ) যি আগেয়ে হোৱা নাই
উত্তৰঃ অদ্ভূতপূৰ্ব ।
প্রশ্ন ১৩ নিয়ৰ কবিতাটিত পােৱা তৰা , আকাশ , পানী , কথা , হিয়া , সপােন , চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবােৰেৰে বাক্য ৰচনা কৰা ।
উত্তৰঃ তৰা-নৰা – ( বৰকৈ বেগাই ) :- বাঘৰ কথা শুনি সি ভয়তে তৰা-নৰা চিঙি দৌৰি ঘৰলৈ গ’ল ।
আকাশত চাংপতা – ( অস্বাভাৱিক কল্পনা , অলীক কল্পনা ) :- যি কাম কৰাটো সম্ভৱ নহয় তাৰ কাৰণে আকাশত চাং পতাৰ প্ৰয়ােজন নাই ।
পানীৰ তলৰ কাঁইট – ( নেদেখা বিপদ , অজান শত্রু ) :- পানীৰ তলৰ কাঁইটৰ দৰে মানুহৰ জীৱনত অনেক নেদেখা বিপদ বা শত্রু থাকে ।
কথা চহকী – ( বেছিকৈ কথা কোৱা লােক ) :- কথা চহকী মানুহৰ অন্তৰত একো কথা লুকাই নাথাকে ।
হিয়াৰ আমঠু – ( অতি মৰমৰ ) :- আইতাকৰ কাৰণে নাতি – নাতিনী হিয়াৰ আমঠু স্বৰূপ ।
অলীক সপােন – ( মিছা কল্পনা , অমূলক কল্পনা ) :- অসম্ভৱ বস্তুৰ কাৰণে অলীক কল্পনা কৰি লাভ নাই ।
চকু চৰহা – ( আনৰ ভাল দেখিব নােৱাৰা ) :- চকু চৰহা মানুহে আনৰ উন্নতি হােৱা দেখিব নােৱাৰে ।
প্রশ্ন ১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি , ভাঙি , ছিগি , ছিঙি বহুৱাই পূৰ কৰা ।
( ক ) মেৰামতি নকৰা বাবে জহি -খহি ঘৰটো ― গল ।
উত্তৰঃ মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল ।
( খ ) ধুমুহাই ঘৰটো ― পেলালে ।
উত্তৰঃ ধুমুহাই ঘৰটো ভাঙি পেলালে ।
( গ ) পুৰণি হােৱা বাবে ৰছীডাল ― থাকিল ।
উত্তৰ পুৰণি হােৱা বাবে ৰছীডাল ছিঙি থাকিল ।
(ঘ) জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল –গ’ল ।
উত্তৰঃ জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল ।
(ঙ) এবছৰ নৌহওঁতেই মাথাউৰিটো ― গ’ল ।
উত্তৰঃ এবছৰ নৌহওঁতেই মাথাউৰিটো ভাঙি থাকিল ।
(চ) বানপানীয়ে মাথাউৰিটো ― পেলালে ।
উত্তৰঃ বানপানীয়ে মাথাউৰিটো ভাঙি পেলালে ।
প্রশ্ন১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা ।
(ক) ৰাতিপুৱা খালী ভৰিৰে নিয়ৰসিক্ত দুৱৰি গছকি পোৱা অনুভূতি
উত্তৰঃ (নিজৰ অনুভূতি) :- ভৰিত ঠাণ্ডা পোৱাৰ উপৰি গা-মূৰতো ঠাণ্ডা পোৱা যায় । গোটেই গাটোতে আৰু মনতো এক আমেজভৰা শিহৰণ অনুভৱ কৰা যায় । নিয়ৰ সিক্ত দুৱৰি গছকিলে স্বাস্থ্যৰ কাৰণে ঘাইকৈ চকুৰ কাৰনে ভাল বুলি কোৱা শুনিছোঁ ।
(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ –
উত্তৰঃ (নিজৰ অনুভূতি) :- ফটিক পানীৰে ধোঁৱা মণি–মুকুতাহে যেন পদুম,কচু বা অন্যান্য গছৰ পাতত ওলমি আছে আৰু পোৱাৰ হেঙুলি পোহৰ পৰি তিৰবিৰাই আছে,এনে অনুভৱ হয় ।
(গ) গছৰ পাতৰ পৰা টোপালটোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ―
উত্তৰঃ (নিজৰ অনুভূতি ) :- গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যেন কোনোৱা সৰগীয় নাচনীৰ গলৰ মালা ছিগি বহুমুলীয়া মণিহে এটি এটিকৈ পৰি আছে । আনহাতে এনেদৰে কল্পনা কৰা যায় যেন কোনোবা ক্ৰন্দনৰত অপেশ্বৰীৰ চকু পানীহে টোপা টোপে পৰি আছে ।
প্ৰশ্ন১৬। সাঁথৰ ভঙা :
(ক) মৌ মাখি নহয় কিন্তু,কৰে গুণ গুণ, বামুণ নহয় কিন্তু,কান্ধত লগুণ
উত্তৰঃ যঁতৰ ।
(খ) ৰজাৰ ঘৰৰ হাতী,ধান খায় পাচি পাচি
উত্তৰঃ ঢেঁকী ।
(গ) ৰজাৰ কাপোৰ তিয়াব পাৰি,শুকুৱাব নোৱাৰি ।
উত্তৰঃ জিভা ।
প্ৰশ্ন১৭। অসমীয়া ভাষাত থকা তৎসম আৰু অৰ্ধতৎসম শব্দৰ এখন তালিকা কৰি শ্ৰেণীকোঠাত ওলোমাই থোৱা ।
উত্তৰঃ শ্ৰেণীকোঠাত ওলোমাই থ’বলগীয়া তালিকাখন হ’ল―
তৎসম শব্দ:- আকাশ,অম্ব,বংশ,বৰ্ণ,হ্ৰস্ব, দীৰ্ঘ,জীৱন,চন্দ্ৰ, সূৰ্য,নদী, কৃষ্টি,লতা,ধন, ফল ইত্যাদি ।
অর্ধতৎসম শব্দ :- ভকতি , মুকুতা , শকতি , চেনেহ , ধৰম , পীৰিতি , শৱদ , শইচ , দর্শন কৰম , চিৰি , উছৱ , সােৱাদ , মিতিৰ , মিছা , সঁচা , থিৰ ইত্যাদি ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
thanks! tommorow is my exam also some of the spellings are wrong please fix it asap