Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ

Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6th Science Unit 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ and select needs one.

Join Telegram channel

SEBA Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ Solutions for All Subject, You can practice these here…

জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ

পাঠ: ৯

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১) বসতিস্থল কি ?

উত্তৰঃ – প্ৰাণী বসবাস কৰা স্থানকে বসতিস্থল বোলা হয় । জীৱই বসতিস্থলত আহাৰ , পানী , বায়ু , আশ্ৰয়স্থল আৰু অন্যান্য প্ৰয়োজনীয় বস্তু হিচাপে ।

প্ৰশ্ন : –  ২)  মৰুভূমিত কেকটাছ কেনেদৰে অভিযোজন কৰে ?

উত্তৰঃ – কেকটাছৰ পাত নথকা বাবে প্ৰচ্ছেদন নহয় । কাণ্ডত সালোক সংশ্লেষণ ঘটে আৰু ই পানী জমা কৰি ৰাখে । কেকটাছৰ শিপা পানী শোষণ কৰাৰ বাবে বহু তললৈ যায় । এনেদৰে মৰুভূমিত কেকটাছ জীয়াই থাকে । 

প্ৰশ্ন : –  ৩)  তলৰ খালী ঠাইবোৰ পূৰ কৰা :

ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক ― বোলে ।

উত্তৰঃ – যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক অভিযোজন বোলে ।

খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক ― আবাসস্থলী বোলে ।

উত্তৰঃ –  উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক স্থলজ আবাসস্থলী বোলে ।

গ) পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক ― আবাসস্থলী বোলে ।

উত্তৰঃ – পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক জলজ আবাসস্থলী বোলে ।

ঘ) মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ ― কাষৰ ।

উত্তৰঃ – মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ বায়বীয় কাষৰ ।

ঙ) চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক ― বোলে ।

উত্তৰঃ – চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক উদ্দীপনা বোলে ।

প্ৰশ্ন : –  ৪)  তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ ?

নাঙল , কাঠফুলা , চিলাই মেচিন , ৰেডিঅ’ , নাও , পানী মেটেকা , কেঁচু ।

উত্তৰঃ – জড় : নাঙল , চিলাই মেচিন , ৰেডিঅ’ , নাও ।

প্ৰশ্ন : –  ৫)  জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা এবিধ জড় পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ – ডাৱৰ । ডাৱৰ বৃদ্ধি হয় আৰু ই লৰচৰ কৰে ।

প্ৰশ্ন : –  ৬) তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱিত আছিল ?

মাখন , চামৰা , মাটি , ঊণ , বৈদ্যুতিক বালব , ৰন্ধন তেল , নিমখ , আপেল , ৰবৰ ।

উত্তৰঃ – মাখন , চামৰা , ঊণ , ৰন্ধন তেল , আপেল আৰু ৰবৰ এটা সময়ত জীৱিত বস্তুৰ অংশ আছিল ।

প্ৰশ্ন : –  ৭)  জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ তালিকা ভূক্ত কৰা ।

উত্তৰঃ – জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ হৈছে ―১) বৃদ্ধি          ২) চলন              ৩) প্ৰজনন  ৪) শ্বসন  ৫) প্ৰতিক্ৰিয়া শীল  ৬) মলত্যাগ ।

প্ৰশ্ন : –  ৮)  তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্রয়োজনীয় কিয় ব্যাখ্যা কৰা ।

উত্তৰঃ – তৃণভূমিত গছ – গছনিৰ সংখ্যা তাকৰ হোৱাৰ বাবে প্ৰাণীয়ে লুকাব নোৱাৰে । যেতিয়া শত্ৰুৱে আক্ৰমণ কৰে সেই সময়ত দ্ৰুততৰে দৌৰিব লগীয়া হয় । যদি প্ৰাণীবোৰে দৌৰিব নোৱাৰে তেন্তে সিহঁতৰ মৃত্যু আহে । সেয়ে তৃণভূমিত বাস কৰা প্ৰাণীবিলাকৰ বাবে গতি অতি প্ৰয়োজনীয় হয় ।

Sl. No.Contents
Chapter 1খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter 2খাদ্যৰ উপাদান
Chapter 3আঁহৰ পৰা কাপোৰলৈ
Chapter 4পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter 5দ্ৰৱ্যৰ পৃথকীকৰণ
Chapter 6আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Chapter 7উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8দেহৰ চলন
Chapter 9জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ
Chapter 10গতি আৰু দূৰত্বৰ জোখ – মাপ
Chapter 11পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12বিদ্যুৎ আৰু বৰ্তনী
Chapter 13চুম্বকৰ লগত খেলো আহাঁ
Chapter 14পানী
Chapter 15আমাৰ চৌপাশৰ বায়ু
Chapter 16আৱৰ্জনা নিষ্কাষন

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising