Class 5 Environment Chapter 9 আমাৰ সামাজিক সমস্যা

Class 5 Environment Chapter 9 আমাৰ সামাজিক সমস্যা, SEBA Chapter 9 আমাৰ সামাজিক সমস্যা Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ সামাজিক সমস্যা

Chapter – 9

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) সামাজিক সমস্যা বুলিলে কি বুজা ?

উত্তৰঃ সমাজত বিভিন্ন কাৰণত কিছুমান কাৰকে এনেদৰে প্ৰভাৱ পেলায় যে আমাৰ সমাজৰ পৰিৱেশ নষ্ট হয় আৰু ইয়ে সমাজত সমস্যাৰ সৃষ্টি কৰে। গতিকে সমাজত বিভিন্ন কাৰকে সৃষ্টি কৰা সমস্যাকেই সাধাৰণ অৰ্থক সামাজিক সমস্যা বুলি ক’ব পাৰি। যেনে— দৰিদ্ৰতা, অন্ধবিশ্বাস, নিৰক্ষৰতা, শিশু শ্রমিক আদি আমাৰ সামাজিক সমস্যা।

(খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয় ? 

উত্তৰঃ সমাজত একতা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্বাস, মিলাপ্রীতি, সহানুভূতি, বন্ধুত্ব আৰু এৰা ধৰা মনোভাৱ আদি গুণৰ প্ৰয়োজন।

(গ) সামাজিক সমস্যাবোৰ কি কি ? 

উত্তৰঃ আমাৰ সমাজত বিভিন্ন সমস্যা আছে। সেইবোৰৰ ভিতৰত অন্ধবিশ্বাস, কু সংস্কাৰ, লিংগ বৈষম্য, দৰিদ্ৰতা, যৌতুক প্রথা, নিৰক্ষৰতা, শিশু শ্রমিক আদি উল্লেখযোগ্য সামাজিক সমস্যা।

(ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায় ?

উত্তৰঃ সামাজিক সমস্যা সৃষ্টিত বিশেষকৈ অন্ধবিশ্বাস, কুসংস্কাৰ, নিৰক্ষৰতা আৰু দৰিদ্ৰতা আদি কাৰকে অৰিহণা যোগাই আহিছে। তদুপৰি মানুহৰ মাজত ভেদাভেদ, উচ্চ-নীচ ভাব, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদিয়ে সামাজিক সমস্যাৰ সৃষ্টিত অৰিহণা যোগায়।

প্রশ্ন ২। খালী ঠাই পূৰ কৰাঃ

(ক) আমি সকলোৱে____ পাতি বাস কৰো।

(খ) —— হ’ল সমাজৰ এক শ্রেণী মানুহৰ এক ভুল ধাৰণা।

(গ) সমস্যা দীর্ঘদিনলৈ বৰ্তি থাকিলে সমাজত _____সৃষ্টি হয়।

(ঘ) ৰাইজৰ সচেতনতা আৰু ____নহ’লে কোনো সমস্যা সমাধান নহয়।

(ঙ) লিখা-পঢ়া নজনা লোককে ____ লোক বোলে।

উত্তৰঃ (ক) আমি সকলোৱে সমাজ পাতি বাস কৰো। 

(খ) অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভুল ধাৰণা। 

(গ) সমস্যা দীর্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়।

(ঘ) ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ’লে কোনো সমস্যা সমাধান নহয়।

(ঙ) লিখা-পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে।

প্রশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ‘খ’ অংশ
অন্ধবিশ্বাসত কোনো
পৰিয়ালৰ আৰ্থিক অনাতনৰ বাবে
অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু-শ্রমিক আদি
মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা
শিশু শ্ৰমিকৰ সৃষ্টি হয়। 
ডাইনী বিশ্বাস।

সামাজিক সমস্যা।

বৈজ্ঞানিক ভিত্তি নাই।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
অন্ধবিশ্বাসত কোনো
পৰিয়ালৰ আৰ্থিক অনাতনৰ বাবে 
অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু-শ্রমিক আদি
মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা
বৈজ্ঞানিক ভিত্তি নাই।
শিশু শ্ৰমিকৰ সৃষ্টি হয়। 

সামাজিক সমস্যা।

ডাইনী বিশ্বাস।

প্রশ্ন ৪। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা—

(ক) গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

(খ) কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।

(গ) লিংগ বৈষম্য হ’ল সমাজৰ এটা সমস্যা। 

(ঘ) নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰে।

(ঙ) টকা-পইচাৰ অভাৱ হ’লে ল’ৰা ছোৱালীবোৰক শ্রমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে।

উত্তৰঃ (ক) গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সম্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

(খ) কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। 

(গ) লিংগ বৈষম্য হ’ল সমাজৰ এটা সমস্যা।

(ঘ) নিৰক্ষৰতাই সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সৃষ্টিত অৰিহণা যোগায়। 

(ঙ) টকা-পইচাৰ অভাৱ হ’লেও ল’ৰা-ছোৱালীক শ্রমিক হ’বলৈ দিয়া অনুচিত।

প্রশ্ন ৫। চমুটোকা লিখা :

(ক) অন্ধবিশ্বাস

(খ) কু-সংস্কাৰ

(গ) যৌতুক

উত্তৰঃ (ক) অন্ধবিশ্বাস :- অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণী মানুহৰ কিছুমান ভুল ধাৰণা। কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি-জাৰি নোচোৱাকৈয়ে সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয়। আমাৰ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্যতম হ’ল ডাইনী বিশ্বাস। বহুতে নির্দোষী লোকক ডাইনী সজাই নির্যাতন কৰি হত্যা কৰে। অন্ধবিশ্বাসৰ বলি হৈ এনে কাৰ্য কৰে। এনে ধৰণৰ অন্ধবিশ্বাসৰ ফলত সমাজত এক ডাঙৰ সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে অর্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ বা অশিক্ষিত লোকৰ মাজত এনে অন্ধবিশ্বাস দেখা যায়। অন্ধবিশ্বাসে যুক্তিসহকাৰে আৰু বৈজ্ঞানিক চিন্তাধাৰাৰে কথাবোৰ ফঁহিয়াই চোৱাত বাধা দিয়ে। তাৰ ফলত মানুহৰ মগজু আৰু বুদ্ধিৰ বিকাশ নহয়। ইয়ে আমাৰ সমাজত প্ৰগতিত বাধাৰ সৃষ্টি কৰে।

(খ) কু-সংস্কাৰ :- কু-সংস্কাৰ হ’ল.এক প্ৰকাৰ সামাজিক ব্যাধি। বহু ক্ষেত্ৰত কু-সংস্কাৰৰ বৈজ্ঞানিক ভিত্তি নাথাকে। যুক্তিৰ আধাৰত কথাবোৰ বিশ্লেষণ কৰিব নোৱাৰি। সমাজত বিয়পি পৰা কু-সংস্কাৰে সামাজিক প্রগতিত বাধা দিয়ে। কিছুমান কু-সংস্কাৰ যেনে— সাপে খুঁটিলে বেজ মাতি চিকিৎসা কৰা, কোনো বেমাৰ হ’লৈ বেজ মাতি মন্ত্ৰৰ দ্বাৰা জৰা ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি। এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসা নাপাই অনাহকত মৃত্যু মুখত পৰিবলগীয়া হয়। শিক্ষিত সমাজত কু সংস্কাৰে সহজে খোপনি পুতিব নোৱাৰে।

(গ) যৌতুক :- যৌতুক এক সামাজিক ব্যাধি। বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুকেই যৌতুক বোলা হয়। পিতৃ-মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্রয়োজনীয় বয় বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায়। ই এটা সামাজিক প্রথা। অতীতৰ পৰা সমাজত যৌতুক প্রথা চলি আহিছে যদিও ই কোনো সামাজিক সমস্যা হোৱা নাছিল। কিন্তু কেতিয়াবা দৰা ঘৰৰ পৰা অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পিছত ছোৱালীয়ে অশেষ নির্যাতন ভোগ কৰিবলগীয়া হয়। সমাজৰ সকলো লোকেই এই প্ৰথাৰ বিৰূপ ফলৰ প্ৰতি সজাগ হ’ব লাগিব। ছোৱালীয়ে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনির্ভশীল হ’লেও এই প্রথা সমাজৰ পৰা নিৰ্মূল হ’ব।

প্রশ্ন ৬। সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি কি ?

উত্তৰঃ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীম। আমি সকলোৱে মিলি এক গোট হৈ হিংসা, দ্বেষ, ভেদা-ভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰো। সমাজত একতা আৰু সংহতি অব্যাহত থাকিলে সমাজৰ ক্ষতি কৰিব পৰা কাৰকসমূহে সক্ৰিয় হৈ উঠিব নোৱাৰে, ফলত সমাজত সমস্যাও কমি থাকে। সমাজত একতা অব্যাহত থাকিলে ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি উদ্ভৱ হোৱা সমস্যাৰ সমাধান উলিয়াব পাৰে। অৰ্থাৎ বাইজে একগোট হৈ কাম কৰিলে সমাজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰি। এইবিধ মানৱীয় গুণৰ অভাৱতেই বহুতো সমস্যাৰ সৃষ্টি হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। সমাজ বুলিলে কি বুজা ? 

উত্তৰঃ সমাজ বুলিলে এনে এটা জনসমষ্টিক বুজায় য’ত প্ৰতিজন মানুহে এজনে আনজনৰ লগত পাৰস্পৰিক আদান-প্রদান, মিলাপ্ৰীতি, নিয়ম-শৃংখলাৰ মাজেদি সকলো ব্যক্তিৰ উন্নতিৰ হকে নিজ নিজ কর্তব্য আৰু দায়িত্ব পালন কৰি যায়।

প্রশ্ন ২। সামাজিক প্রথা কাক বোলে ?

উত্তৰঃ ব্যক্তিগত আৰু সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত নিয়াৰিকৈ কাম কৰি যাবলৈ কিছুমান নীতি-নিয়ম যুগ যুগ ধৰি চলি আছে। সময় আৰু পৰিৱেশ সাপেক্ষে এইবোৰ পৰিৱৰ্তনশীল। এইবোৰ নীতি-নিয়মকেই সামাজিক প্রথা বোলে। যেনে— বিবাহ প্রথা, মৃতকৰ সৎকাৰ প্ৰথা, উৎসৱ পালন কৰা প্ৰথা আদি উল্লেখযোগ্য

প্রশ্ন ৩। অসমৰ কোন অঞ্চলত ডাইনী হত্যার ঘটনা বেছি ? 

উত্তৰঃ অসমৰ চাহ বাগিচা অঞ্চল আৰু জনজাতীয় অঞ্চলত ডাইনী হত্যার ঘটনা অধিক।

প্রশ্ন ৪। বৰ্তমান ল’ৰা-ছোৱালী উভয়কে সমানে শিক্ষা লাভৰ অধিকাৰ দিয়া শিক্ষা বিষয়ক আইনখনৰ নাম কি ? 

উত্তৰঃ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯। 

প্রশ্ন ৫। চমুটোকা লিখাঃ

(ক) লিংগ বৈষম্য 

(খ) শিশু শ্রমিক

উত্তৰঃ (ক) লিংগ বৈষম্য :- লিংগ বৈষম্য মানে ল’ৰা-ছোৱালীৰ মাজত ভেদবাব ৰথা। কেতিয়াবা দেখা যায় যে অভিভাৱকে ছোৱালজনীক ঘৰুৱা কামত লগায় আৰু ল’ৰাটোক বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়ায়। এইদৰে ভেদভাব ৰাখি ল’ৰা-ছোৱালীক সমান সুবিধা দিয়া নহয়। অৱশ্যে আজিকালি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা মৌলিক অধিকাৰ হোৱা হেতুকে ল’ৰা-ছোৱালী সকলোৱে সমান সুবিধা পাবলৈ সক্ষম হৈছে। আগৰ দিনত ল’ৰা-ছোৱালীৰ মাজত সমাজত কিছু ভিন্নতা আছিল যদিও বৰ্তমান ল’ৰা ছোৱালীৰ মাজৰ বৈষম্যবোৰ কমি আহিছে। শিক্ষা, চাকৰি আদিত ল’ৰা-ছোৱালীৰ সম অধিকাৰ আছে। ইয়াৰ উপৰি আমাৰ দেশত ৰাজনীতি, সমাজনীতি আদি সকলো ক্ষেত্ৰত পুৰুষৰ লগতে মহিলাকো সম অধিকাৰ দিয়া হৈছে।

(খ) শিশু শ্রমিক :- শিশু শ্রমিকৰ সমস্যাটো আমাৰ দেশৰ এক স্পর্শকাতৰ সমস্যা। পৰিয়ালৰ আৰ্থিক কাম কৰি জীৱিকাৰ উপায় উলিওৱাৰ লগতে নিজৰ পৰিয়ালকো আৰ্থিকভাৱে সহায় কৰে। এই ফুলকুমলীয়া শিশুসকলে ঘাইকৈ ইটা-ভাটা, কয়লা খনি, ৰাস্তা-ঘাটৰ শিল-বালি কঢ়িওৱা কাম, হোটেল ৰেষ্টোৰা ইত্যাদিত শ্রমিক হিচাপে কাম কৰে। ইয়াৰ ফলত তেওঁলোকে শিক্ষা লাভৰ পৰা বঞ্চিত হয়। খেলা-ধূলা কৰি ভাল পোৱা শৈশৱৰ দিনবোৰত তেওঁলোকে কঠোৰ শ্ৰম কৰি জীৱিকা নির্বাহ কৰিবলগীয়া হয়।

বৰ্তমান শিশু শ্ৰমিকৰ বাবে চৰকাৰে ‘শিশু শ্রমিক আইন’ কৰি শিশুক শ্রমিক হিচাপে কামত লগোৱা বন্ধ কৰিছে। তেওঁলোকৰ বাবে বিশেষ বিদ্যালয় প্রতিষ্ঠা কৰিছে।

প্রশ্ন ৬। নিৰক্ষৰতা সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ সাধাৰণতে লিখা-পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে। নিৰক্ষৰতাই মানুহক যুক্তিৰ আধাৰত কোনো কথা বিবেচনা কৰিবলৈ অক্ষম হয়। তেনে লোকে গণতন্ত্ৰৰ সঠিক মোল বুজি নাপায়। বহু ক্ষেত্ৰত নিৰক্ষৰ লোক ঠগ-প্ৰবঞ্চনাৰ বলি হ’ব লগা হয়। দেশত নিৰক্ষৰতাৰ দূৰীকৰণৰ বাবে শিক্ষাৰ অধিকাৰ আইন, ২০০৯, সর্ব শিক্ষা অভিযান মিছনৰ দ্বাৰা ৬-১৪ বছৰীয়া শিশুৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছে। 

প্রশ্ন ৭। বাটৰ নাটকৰ এটি উল্লেখযোগ্য অবদান লিখা।

উত্তৰঃ বাটৰ নাটে জনমত গঠনত সহায় কৰে।

প্রশ্ন ৮। আমাৰ দেশৰ কেইটামান গণ-মাধ্যমৰ নাম লিখা।

উত্তৰঃ দূৰদৰ্শন, ৰেডিঅ’, বাতৰি কাকত, বাটৰ নাট আদি আমাৰ দেশৰ উল্লেখযোগ্য গণ-মাধ্যম।

প্রশ্ন ৯। সামাজিক সমস্যা সমাধানত বৰঙণি যোগাব পৰা দুটা 

অভিকৰণৰ নাম লিখা।

উত্তৰঃ গাঁও পঞ্চায়ত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান।

প্রশ্ন ১০। তলৰ কোনটো সামাজিক সমস্যা নহয় ? 

(ক) দৰিদ্ৰতা 

(খ) মাদক দ্রব্য সেৱন 

(গ) বাল্য বিবাহ 

(ঘ) শিক্ষানুষ্ঠান স্থাপন

উত্তৰঃ (ঘ) শিক্ষানুষ্ঠান স্থাপন।

প্রশ্ন ১১। শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা :

(ক) যাতায়াত অব্যৱস্থা এটা সামাজিক সমস্যা। 

(খ) ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি সমস্যাৰ সমাধান উলিয়াব পাৰে।

(গ) শিক্ষাৰ অধিকাৰ আইন বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ দিহা নাই।

(ঘ) আদৰ্শ গাঁৱৰ মানুহৰ মাজত একতা থাকে।

(ঙ) মানুহে সুস্থ সামাজিক পৰিৱেশ ভাল পায়। 

(চ) মৃতকক সৎকাৰ কৰাটো সামাজিক প্ৰথা নহয়।

(ছ) বিধৱা বিবাহ অনুষ্ঠিত কৰা অনুচিত। 

(জ) বাল্যবিবাহ প্রচলন কৰা উচিত।

(ঝ) অন্ধবিশ্বাস জন্ম দিয়ে শিক্ষাই।

(ঞ) শিক্ষিত সমাজত ডাইনী হত্যাৰ ঘটনা অধিক।

উত্তৰঃ (ক) শুদ্ধ (খ) শুদ্ধ (গ) অশুদ্ধ (ঘ) শুদ্ধ (ঙ) শুদ্ধ (চ) অশুদ্ধ (ছ) অশুদ্ধ (জ) অশুদ্ধ (ঝ) অশুদ্ধ (ঞ) অশুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top